Axamiya Sanskritir Adhayan Unit 5 অসমৰ স্থাপত্য ভাস্কৰ্য

Axamiya Sanskritir Adhayan Unit 5 অসমৰ স্থাপত্য ভাস্কৰ্য, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Axamiya Sanskritir Adhayan Unit 5 অসমৰ স্থাপত্য ভাস্কৰ্য Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Axamiya Sanskritir Adhayan Unit 5 অসমৰ স্থাপত্য ভাস্কৰ্য Question Answer can be of great value to excel in the examination.

Axamiya Sanskritir Adhayan Unit 5 অসমৰ স্থাপত্য ভাস্কৰ্য

Join Telegram channel

Axamiya Sanskritir Adhayan Unit 5 অসমৰ স্থাপত্য ভাস্কৰ্য Notes cover all the exercise questions in UGC Syllabus. The Axamiya Sanskritir Adhayan Unit 5 অসমৰ স্থাপত্য ভাস্কৰ্য provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

অসমৰ স্থাপত্য ভাস্কৰ্য

ASSAMESE

অসমীয়া সাংস্কৃতিৰ অধ্যয়ন

১। আহোম যুগৰ স্থাপত্য ভাস্কৰ্যৰ বিষয়ে এটি পৰিচয়মূলক টোকা লিখা?

উত্তৰঃ সুদূৰ ত্ৰয়োদশ শতিকাতে আহোমসকলে অসমভূমিত পদাপৰ্ণ কৰি ছশ বছৰ ৰাজত্ব কৰাৰ উপৰিও শিল্প চেতনাৰ পৰিচয় দি থৈ যায়। এই শিল্প চেতনাৰ নিৰ্দশন হিচাপে স্থাপত্য আৰু ভাস্কৰ্যসমূহক উনুকিয়াব পাৰি। আহোম যুগৰ স্থাপত্যৰ চানেকি এতিয়াও বহু অক্ষত অৱস্থাত দেখিবলৈ পোৱা যায়। সেমেকা জলবায়ু, ভূমিকম্প, বানপানী আদিৰ ফলত আহোম যুগৰ অনেক আপুৰুগীয়া সম্পদ হেৰাই গৈছে যদিও ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ, শিলৰ সাঁকো, দ’ল-দেৱালয়, শিঙৰী ঘৰ, হোলোং ঘৰ আদিয়ে এই যুগৰ স্থপতি বিদ্যাৰ নিদৰ্শন দাঙি ধৰে।

আহোমৰ প্ৰথম ৰজা চুকাফাই ১২২৮ খৃ:ত অসমত প্ৰৱেশ কৰি চৰাইদেউত স্থায়ী ৰাজধানী পাতে আৰু প্ৰায় ১৫০ বছৰ আহোম ৰজাৰ ৰাজধানী উক্ত ঠাইত আছিল। এই সময়ছোৱাত চৰাইদেউত বহু মঠ-মন্দিৰ নিৰ্মান কৰাইছিল। ই তামুলী বৰবৰুৱাৰ নেতৃত্বত শলাৰ গড় বন্ধোৱা আৰু বিশ্বনাথৰ দ’ল বন্ধাৰ কথা অসম বুৰঞ্জীয়ে দাঙি ধৰে। স্বৰ্গদেউ ৰুদ্ৰসিংহৰ ৰাজত্বকালৰ পৰা গৌৰীনাথ সিংহৰ ৰাজত্ব কাললৈকে অসমৰ বিভিন্ন ঠাইত দ’ল, দেৱালয়, মন্দিৰ, শিলৰ সাঁকো, ৰাজকাৰেং, ৰংঘৰ, তলাতল ঘৰ, দুলীয়া আৰ্হিৰ পকীঘৰ আদিয়ে এতিয়াও আহোম যুগৰ স্থাপত্যৰ অভিনৱ দাঙি ধৰে। চুহুংমুং দিহিঙীয়া ৰজাৰ ৰাজত্ব কালৰেপৰা অসমত দ’ল নিৰ্মাণ কৰা আৰু পুখুৰী খন্দাৰ কাম আৰম্ভ হয় বুলি বুৰঞ্জীয়ে জানিবলৈ দিয়ে। আনহাতে এইজন ৰজাৰ দিনতে জগন্নাথ ক্ষেত্ৰত পুখুৰী খন্দাৰ কথাও পোৱা যায়।

অসমৰ ভিতৰত শিৱসাগৰত দ’ল দেৱালয় আৰু পুখুৰী আদি বহু পৰিমাণে নিৰ্মাণ কৰা হৈছিল। গদাধৰ সিংহৰ ৰাজত্ব কালত ৰাষ্ট্ৰীয় পথ বৰবৰুৱা আলিৰ কাষত দ’ল আৰু পুখুৰী নিৰ্মাণ কৰিছিল। কিন্তু দ’লটোৰ কোনো চিহ্ন পোৱা নাযায়। ৰুদ্ৰসিংহৰ ৰাজত্ব কালত মাতৃ জয়মতী কুঁৱৰীৰ নাম যুগমীয়া কৰি ৰাখিবৰ কাৰণে জয়সাগৰ পুখুৰী খান্দি তাৰ পাৰত কেশৰায় বিষ্ণুদ’ল (জয়দ’ল), সূৰ্যমন্দিৰ, গণেশমন্দিৰ, ভোগঘৰ, বৈদ্যনাথ শিৱদ’ল আৰু দেৱী দ’ল নিৰ্মাণ কৰে। ১৬২২ শকত এইকেইটা উচৰ্গা কৰি শ্ৰীবিষ্ণু, মূৰ্ত্তি, শ্ৰীকেশবৰাই, শ্ৰীশিৱ, শ্ৰীদুৰ্গা, শ্ৰীগণেশ, শ্ৰীসূৰ্য ইত্যাদি মূৰ্ত্তি সংস্থাপন কৰিলে। ১৬৫৫ শকত শিৱসিংহ ৰজাৰ মৃত্যুৰ পাছত দ্বিতীয় ভাৰ্য্য অম্বিকা কুঁৱৰীয়ে স্বামীৰ নাম যুগমীয়া কৰি ৰাখিবৰ বাবে পূজা-পাতলৰ ব্যৱস্থা কৰোৱায়। আনহাতে সৌন্দৰ্যবৰ্দ্বনৰ বাবেও শিৱদ’লৰ ওপৰত সোণৰ পাতেৰে মেৰোৱা সোণৰ কলচী প্ৰতিষ্ঠা কৰে। ই আহোম যুগৰ ভাস্কৰ্যৰ এক অলঙ্ককৰণৰ। তদুপৰি আহোম ৰজাসকলে গৌৰীসাগৰ আৰু ৰুদ্ৰসাগৰত পুখুৰী খন্দাই তাৰপাৰত শিৱদ’ল, বিষ্ণুদ’ল আৰু দেৱীদ’ল নিৰ্মাণ কৰোৱায়। 

আহোম যুগত ৰাজকীয়বাবে নিৰ্মাণ কৰা দ’ল দেৱালয়সমূহৰ উপৰিও কাৰেংঘৰ আৰু ৰংঘৰ ইটাৰে তৈয়াৰ কৰে। এইবোৰ আহোম যুগৰ এক কলাসুলভ স্থাপত্যৰ নিদৰ্শন। আহোম যুগৰ স্বৰ্গদেউসকলে প্ৰয়োগ কৰা গৃহ নিৰ্মাণ সম্পৰ্কীয় কৌশলৰ কথা ‘চাংৰুং ফুকনৰ বুৰঞ্জী’ৰ জৰিয়তে জানিব পাৰি। এই পুথি বিভিন্ন প্ৰকাৰৰ গৃহনির্মাণ, মঠ মন্দিৰ, দলং, দেৱালয় নিৰ্মাণ, মৈদাম নিৰ্মাণ, আদি পদূলি দলং আদি বন্ধোৱা আৰু পুখুৰী খনন সম্পৰ্কীয় তথ্যৰ প্ৰাথমিক উৎস। বিশেষকৈ অসমৰ সেমেকা জলবায়ু, বানপানী, ভূমিকম্প আদি প্ৰাকৃতিক দুৰ্যোগৰ গৰাহৰ পৰা স্থাপত্য শিল্পসমূহ ৰক্ষা কৰিবলৈ তেওঁলোকে নানা কৌশলেৰে নিৰ্মাণৰ উপকৰণসমূহ প্ৰস্তুত কৰি উলিয়াইছিল। এই পকীঘৰবিলাক স্থায়ী কৰি ৰাখিবলৈ এক প্ৰকাৰৰ কৰাল তৈয়াৰ কৰিছিল। কৰাল তৈয়াৰ কৰা উপকৰণসমূহ হৈছে— চকাচূণ, শিলচূণ, শামুকচূণ, ঘুৰ, মাহ, বৰালি মাছ, তেল ধূনা, হাঁহকণী, বেল, আঠা, গাখীৰ, ইটাগুৰি ইত্যাদি। ইটাৰ আকাৰো তিনিকোণীয়া, এফলীয়া, বিন্ধা থকা, কৰ্দৈ শিৰীয়া, ঘূৰণীয়া আদি বিভিন্ন প্ৰকাৰৰ ডিজাইন দি সজা হৈছিল। এনেবিলাক কাৰুকাৰ্যই আহোম যুগৰ স্থাপত্য আৰু ভাস্কৰ্যৰ স্বকীয়তা প্ৰকাশ কৰিবলৈ যথেষ্ট।

আনহাতে এই যুগত নিৰ্মিত দ’ল দেৱালয় আৰু মন্দিৰৰ মূৰ্ত্তিসমূহ, গছলতা, জীৱজন্তুৰ মূৰ্ত্তি, প্ৰাকৃতিক দৃশ্য, মন্দিৰ আৰু অট্টালিকাসমূহত বাঢ়ৈ আৰু খনিকৰ সকলে খোদিত কৰা চিত্ৰসমূহ আহোমযুগৰ ভাস্কৰ্যৰ নিদৰ্শন। চুহুংমুং দিহিঙীয়া ৰজাৰ ৰাজত্বকালৰে পৰা অসমত দ’ল নিৰ্মাণ আৰু পুখুৰী খন্দাৰ কাম আৰম্ভ হয় বুলি বিৰঞ্জীয়ে জানিবলৈ দিয়ে। শিৱসাগৰ পুখুৰীৰ পাৰত স্থাপিত শিৱদ’ল, জয়সাগৰৰ জয়দ’ল আদিৰ গাত দেৱ-দেৱতাৰ মূৰ্ত্তি প্ৰতিষ্ঠা কৰাৰ উপৰিও নানা ধৰণৰ জীৱ-জন্তুৰ চিত্ৰ আৰু লৌকিক লোকনৃত্য চিত্ৰৰ সহায়ত অঙ্কিত কৰি আহোম যুগৰ ঐক্য সম্প্ৰীতিৰ এক উজ্জ্বল স্বাক্ষৰ বহন কৰি ৰাখিছে। তদুপৰি দ’ল দেৱালয়সমূহৰ গাত অলংকৃত কৰা নাৰী মূৰ্ত্তি সমূহত মধ্যযুগীয় অসমৰ নাৰীৰ সাজ-পাৰ, গহনা-গঠনিৰ এখন পূৰ্ণ চানেকি পোৱা যায়। স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই আহোম যুগৰ অন্যতম খনিকৰ ঘনশ্যাম খনিকৰ কামত সন্তুষ্ট হৈ স্মৃতিৰ নিৰ্মাণ কৰা ঘনশ্যাম দ’লৰ গাত স্থাপিত কৰা পোৰা মাটিৰ ভাস্কৰ্যসমূহে তেওঁলোকৰ শিল্পানুৰাগৰ পৰিচয় দাঙি ধৰে।

২। অসমৰ চিত্ৰকলাৰ উদ্ভৱ আৰু বিকাশৰ সম্পৰ্কে আলোচনা যুগুত কৰা? 

উত্তৰঃ প্ৰাচীন অসমত চিত্ৰকলা কেতিয়াৰ পৰা আৰম্ভ হৈছিল তাৰ নিৰ্ভৰযোগ্য তথ্য পাবলৈ নাই। অসমৰ সেমেকা জলবায়ু আৰু বানপানীয়ে সাঁচিপাত, তুলাপাত, স্থাপত্য শিল্পৰ ওপৰত খোদিত ভাস্কৰ্য চিত্ৰকলা নষ্ট কৰি পেলোৱাৰ বাবেই বোধকৰোঁ সংৰক্ষণ কৰিব পৰা নগ’ল।

অসমৰ সম্প্ৰতি কিছুমান ধ্বংসাৱশেষ উদ্ধাৰ কৰা হৈছে; এইবোৰত খোদিত কৰি থোৱা ভাস্কৰ্যই অসমৰ চিত্ৰকলা নিদৰ্শন দাঙি ধৰে। প্ৰাচীন অসমৰ মঠ-মন্দিৰৰ গাত খোদিত চিত্ৰকলাৰ উপৰিও বস্ত্ৰ, তুলাপাত, সাঁচিপাত আদিত চিত্ৰকলাৰ পৰম্পৰা বৈষ্ণৱ যুগৰ পৰা বৃদ্ধি পাইছে। আনহাতে মধ্যযুগৰ অসমৰ বেছিভাগ সচিত্ৰ পুথি আৰু চিত্ৰ সাঁচিপাতৰ ওপৰত আঁকিছিল। সাধাৰণতে গছৰ বাকলিবোৰ গছৰ পৰা কাটি আনি ৰ’দত এখন এখনকৈ শুকুৱাই লোৱা হয়; তাৰ পাছত সেইবোৰৰ ওপৰত মাটিমাহৰ পৰা তৈয়াৰী আঠা হাতেৰে বা পোৰা ইটাৰে নিমজকৈ মোহাৰি দিয়া হয়। পুনৰ সেইবোৰৰ ওপৰত হেঙুল হাইতাল বুলাই সাঁচিপাতবোৰ চিকচিকিয়া কৰা হয়। এনেদৰে সাঁচিপাতবোৰ লিখা আৰু অঁকাৰ বাবে প্ৰস্তুত কৰা হয়। সেইদৰে তুলাৰ পৰা তৈয়াৰ কৰা তুলাপাতৰ ওপৰত লিখা আৰু চিত্ৰাঙ্গণ কৰা হৈছিল। ভাগৱত পুৰাণৰ চিত্ৰবোৰ এনে তুলাপাতত লিখা হৈছিল। তুলাপাত আৰু সাঁচিপাতত লিখা আৰু চিত্ৰ অঁকাৰ বাবে শিলিখা গুটিৰ পৰা চিয়াহী তৈয়াৰ কৰিছিল। চিত্ৰত ৰং দিবৰ বাবে নীল, হেঙুল, সেন্দুৰ আৰু চাকিৰ কাজল ব্যৱহাৰ কৰিছিল।

প্ৰাচীন অসমত বহুদিনৰ আগৰে পৰা চিত্ৰকলাৰ প্ৰচলন আছিল যদিও প্ৰাক্বৈষ্ণৱ যোগলৈকে স্থাপত্যৰ ওপৰত খোদিত কৰা ভাস্কৰ্যৰ বাহিৰে বস্তু, তুলাপাত, সাঁচিপাতত অংকিত চিত্ৰ উদ্ধাৰ হোৱা নাই। এনেদৰে অংকিত কৰা চিত্ৰৰ নিদৰ্শন যুগৰ পৰাহে পোৱা যায়।

বৈষ্ণৱ যুগৰ চিত্ৰকলা : মধ্যযুগত অসমৰ বৈষ্ণৱ ধর্মীয় লোকসকলে কেৱল কাব্য, নাটকেই ৰচনা কৰিছিল এনে নহয়। তেওঁলোকে চিত্ৰকলাৰে চর্চা কৰিছিল। বৈষ্ণৱ আন্দোলনৰ মূল নায়ক শংকৰদেৱে কাব্য, নাট, সংগীত ৰচনা কৰাৰ উপৰিও এজন চিত্ৰশিল্পীও আছিল। শংকৰদেৱে প্ৰচলন কৰা এই ধৰ্ম সম্বন্ধীয় চিত্ৰকলাই অসমৰ ‘সত্ৰীয়া চিত্ৰকলা’। গুৰুচৰিতত শংকৰদেৱৰ দুটা ডাঙৰ শিল্পকাৰ্যৰ বিষয়ে পোৱা যায়। এটা হৈছে— চিহ্নযাত্ৰাৰ বাবে সাতখন বৈকুণ্ঠৰ চিত্ৰপট আঁকিছিল। আনটো হৈছে— মহাৰাজ নৰনাৰায়ণক উপহাৰ দিয়া বৃন্দাৱনী বস্ত্ৰখন। শংকৰদেৱে তুলাপাতত হেঙুল হাইতালেৰে হাতী এটাৰ ছবি আঁকি কাঠৰ পাত্ৰ এটাত শুৱাই লৈ নৰনাৰায়ণ ৰজাক উপহাৰ দিছিল। নৰনাৰায়ণ ৰজাক উপশ্ৰেণীসমূহ দিয়া বৃন্দাৱনী বস্ত্ৰত শংকৰদেৱে প্ৰতিখন ছবিৰ তলত একোটা নামাকৰনেৰে ছকুৰি হাত দীঘল কাপোৰ এখনত শ্ৰীকৃষ্ণৰ বৃন্দাৱনী লীলাৰ ছবিবোৰ তাঁতত বৈ উলিয়াইছিল। কিন্তু বৰ্তমান ইয়াৰ নমুনা পাবলৈ নাই। এই যুগৰ সচিত্ৰ পুথিৰ ভিতৰত চিত্ৰ ভাগৱত, লৱ-কুশৰ যুদ্ধ, দৰং ৰাজবংশাৱলী, বনমালীদেৱ ৰচিত কুমাৰ হৰণ, শঙ্খচূড় বধ, গীত গোবিন্দ, ৰামায়ণ, কল্কিপুৰাণ, আনন্দ লহৰী, মুৎস চৰিত, শ্ৰীমদ ভাগৱত, সমুদ্ৰ মন্থন আদি বিশেকভাৱে উল্লেখযোগ্য।

উল্লেখিত ধৰ্মশাস্ত্ৰসমূহৰ চিত্ৰাংকনবোৰক দুটা ভাগত ভগাব পাৰি। ইয়াৰ এটা ভাগ সত্ৰসমূহত অঙ্কন কৰা ধৰ্মগ্ৰন্থৰ চিত্ৰ আৰু আনটো ৰাজকীয় পৃষ্ঠপোষকতাত অঙ্কন কৰা ধৰ্মগ্ৰন্থৰ চিত্ৰ। ৰাজকীয় পৃষ্ঠপোষকতাত কৰা চিত্ৰাংকনবোৰত ধর্মীয় জীৱনৰ উপৰিও সামাজিক জীৱন, যুদ্ধবিষয়ক চিত্ৰও চিত্ৰিত হৈছে।

নগাঁও জিলাৰ বালিসত্ৰত পোৱা শংকৰদেৱৰ দশম স্কন্ধ ভাগৱতৰ চিত্ৰবোৰ  ‘চিত্ৰ ভাগৱত’ত পুনৰ মুদ্ৰিত কৰা হৈছে আৰু সেইখন পুৰণি চিত্ৰ খোদিত ধৰ্মপুথিৰ এটি সুন্দৰ চানেকি। আহোমৰ পুৰণি ৰাজধানী গড়গাঁৱৰ ওচৰৰ কাৰেংঘৰ সত্ৰত শ্ৰীচামদেৱ কায়স্থই ৰচনা কৰা উষা-অনিৰুদ্ধৰ প্ৰেমমূলক কাহিনীৰ  ‘কুমাৰ হৰণ’ৰ চিত্ৰাংকিত হাতে লিখা পুথি এখন সংৰক্ষিত হৈ আছে। তদুপৰি বৰপেটা সত্ৰত সংৰক্ষিত ৰমানন্দ দ্বিজৰ  ‘বনমালিদেৱ চৰিত’ত শংকৰদেৱ, দামোদৰদেৱ, বনমালীদেৱ, চৈতন্যদেৱ, ৰজা চুক্ৰধ্বজ সিংহ আদিৰ চিত্ৰ অৰ্পণ কৰা হৈছে। এই চিত্ৰবোৰৰ প্ৰাথমিক ৰং ৰঙা, নীলা আৰু হালধীয়া এই তিনিটা ৰঙৰ ব্যৱহাৰ আছিল। ইয়াৰ লগত হেঙুল, হাইতাল, নীল, কাজল, হাঁহৰ কণীৰ কুহুম, ঔটেঙা বিজল আৰু তেঁতেলি গুটিৰ আঠা ব্যৱহাৰ কৰিছিল।

আহোম যুগৰ চিত্ৰকলা : সপ্তদশ আৰু অষ্টাদশ শতিকাৰ আহোম আৰু কোচ ৰজাসকলে তেওঁলোকৰ পৃষ্ঠপোষকতাত চিত্ৰকলাৰ চর্চা কৰোৱাইছিল। ফলত চিত্ৰকলাই নতুন প্ৰাণ পাইছিল। সূৰ্যখৰী দৈৱজ্ঞৰ  ‘দৰং ৰাজবংশাৱলী’ কামৰূপৰ কোচৰজাসকলৰ বিষয়ে পদ্যত লিখা পুথি। সুকুমাৰ বৰকাথৰ  ‘হস্তী বিদ্যাৰ্ণৱ’ কবিৰাজ চক্ৰৱৰ্তীৰ  ‘শঙ্খচূড় বধ’,’গীত গোবিন্দ’  আৰু হৰিবৰ বিপ্ৰৰ  ‘লৱ-কুশৰ যুদ্ধ’ আদি পুথিবোৰৰ মনোৰম চিত্ৰাংকন আহোম ৰজাসকলৰ পৃষ্ঠপোষকতাত অংকন কৰা হৈছিল।

প্ৰতাপ সিংহই কলাবিদ্যাৰ উন্নতিকল্পে ভাটি দেশৰ পৰা বহুতো শিল্পী অসমলৈ আনিছিল। তদুপৰি মোগল আৰু ৰাজপুতনাৰ লগত ৰজাৰ কূটনৈতিক সম্পৰ্কৰ ফলতো বহুতো শিল্পী অসমলৈ আহিছিল। ৰজা শিৱসিংহৰ দিনত অকোঁৱা চিত্ৰবোৰত মোগলীয় প্ৰভাৱ স্পষ্টভাৱে দেখা যায়। ‘শঙ্খচূড় পুথি’ত গদাধৰ সিংহৰ ৰাজচ’ৰাৰ চিত্ৰও পোৱা যায়। এই চিত্ৰ ৰজাৰ সাজ-পোছাক, মূৰত মৰা ফাচৌৰ অঙ্কণত মোগলীয় প্ৰভাৱ পৰিলক্ষিত হয়। আহোম যুগৰ চিত্ৰত আৰ্য আৰু অনাৰ্যৰ মিশ্ৰিত এক স্বকীয় মোটিভ প্ৰকাশিত হৈ উঠিছে।

আধুনিক যুগৰ চিত্ৰকলা : আহোম ডা-ডাঙৰীয়াসকলৰ মাজত বৈষ্ণৱ যুগৰ পৰা যি চিত্ৰকলাৰ চর্চা হৈছিল, সেই চিত্ৰকলাৰ চৰ্চাই সম্পুৰ্ণ বিকাশ লাভ কৰি ব্ৰিটিছ যুগ পর্যন্ত বিয়পি আছিল। অৱশ্যে মোৱামৰীয়া বিদ্ৰোহ আৰু মানৰ আক্ৰমণৰ দীঘলীয়া সময়ছোৱাত অসমীয়া সংস্কৃতিৰ প্ৰাচীন স্থাপত্য-ভাস্কৰ্য চিত্ৰকলা বহু পৰিমাণে মৰহি গ’ল। খনিকৰ বাঢ়ৈ, আখৰকটীয়া, গুণাকটীয়া, ৰহণকৰা, শিলাকুটি আদি সাংস্কৃতিক শিল্পৰ লগত জড়িত ব্যক্তি কমি যাবলৈ ধৰিলে। তদুপৰি পাশ্চাত্যৰ শিক্ষা আৰু বংগৰ নৱ জাগৰণে অসমৰ সামাজিক আৰু সাংস্কৃতিক জীৱনত এক নতুন দান দিলে। অসমীয়া মানুহক পোছাক-পৰিচ্ছদ, আচাৰ-ব্যৱহাৰ, খোৱা-বোৱা, ঘৰ-দুৱাৰ, আচ-বাব আদিত পৰিবৰ্তনে দেখা দিয়াৰ লগে লগে চিত্ৰকলাৰো নানা পৰিবৰ্তন ঘটিল। সম্প্ৰীতি অসমৰ প্ৰাচ্য আৰু পাশ্চাত্যৰ সংমিশ্ৰণত এক নতুন ধাৰাৰ প্ৰচলন হ’বলৈ ধৰিলে। ইয়াত ধলুৱা উপকৰণৰ গোন্ধ পাবলৈ নাই।

ব্ৰিটিছসকলৰ অসমলৈ আগমণে আৰু ইয়াৰ পৰৱৰ্তী দৰ্শক কেইটাৰ ঘটনা প্ৰবাহে অসমীয়া জাতিৰ সৃষ্টিশীল মানসিকতাক যথেষ্ট আঘাত সানিলে। দুখনকৈ মহাসমৰ আৰু কেমেৰাৰ আবিস্কাৰৰ লগতে উদ্যোগ মুখীতা, ভাৰতৰ স্বাধীনতা আন্দোলন আদিয়ে ভাৰতবাসীৰ লগতে অসমবাসীকো আচ্ছন্ন কৰি পেলাইছিল। ফলত অসমৰ পূৰ্বৰ চিত্ৰকলাৰ পৰম্পৰা স্তব্ধ হৈ যায়। আহোম যুগত চিত্ৰকলাৰ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা আছিল। ইংৰাজসকল অহাৰ পাছত কলিকতা, মাদ্ৰাছ আদিত আগপিছাকৈ চাৰুকলা শিক্ষাৰ প্ৰতিষ্ঠাসমূহ প্ৰতিষ্ঠা হ’ল। চল্লিশ দশকত অসমৰ কিছুমান যুৱকে কলকাতাত চিত্ৰকলাৰ প্ৰশিক্ষণ লৈ অসমলৈ ঘূৰি আহিল। ১৯৪৭ চনত জীৱেশ্বৰ বৰুৱাৰ প্ৰচেষ্টাত গুৱাহাটী আৰ্ট স্কুল জন্ম হয়। এনেদৰে অসমৰ বিভিন্ন ঠাইত চিত্ৰকলাৰ প্ৰশিক্ষণ কেন্দ্ৰ প্ৰতিষ্ঠাৰ হোৱাৰ ফলত সাম্প্ৰতিক কালত বহুতো চিত্ৰশিল্পীৰ জন্ম হয়। এই শিল্পসকলৰ চিত্ৰকলাৰ বিষয়বস্তুৰ উপস্থাপনে আৰু কৌশলত পাশ্চাত্য মানসিকতা স্বাভাৱিকতে প্ৰতিফলিত হৈছে। অসমীয়া চিত্ৰকলাৰ পৰম্পৰাগত ভাবৰ অভাৱ এওঁলোকৰ চিত্ৰৰাজিত দেখিবলৈ পোৱা যায়। বৰ্তমান অসমীয়া চিত্ৰকলাই গতিশীলতা আৰু প্ৰগতিশীলতাৰ মাজেৰে আগবাঢ়ি গৈ বিশ্বৰ দৰবাৰত আসন লাভ কৰিবলৈ সমৰ্থ হৈছে।

৩। অসমীয়া সমাজ আৰু সংস্কৃতিলৈ মহাপুৰুষ শংকৰদেৱৰ অৱদান সম্পৰ্কে বহলাই লিখা।

উত্তৰঃ ত্ৰয়োদশ শতিকা আৰু পঞ্চদশ শতিকা এই দুটা শতিকা অসমৰ সমাজ-সংস্কৃতি জীৱনৰ দুটা উল্লেখযোগ্য শতিকা। ত্ৰয়োদশ শতিকাত অসমলৈ আহোমসকলৰ প্ৰথমজন ৰজা চুকাফাৰ আগমণ হয় আৰু পঞ্চদশ শতিকাত অসমীয়া ভাষা-ধৰ্ম-সংস্কৃতিৰ গুৰি ধৰোঁতা শংকৰদেৱৰ জন্ম হয়। আহোমসকলে অসমীয়া জাতি গঢ়া প্ৰক্ৰিয়াত ভাগ লোৱাৰ ওপৰতে ৰাজনৈতিক স্বাৰ্থ নিহিত হৈ আছিল। অৱশ্যে জাতিটোৰ সমাজ-সংস্কৃতিৰ বান্ধোন নাথাকিলে ৰাজনৈতিক মেৰপাকেৰে এটা জাতি গঠন কৰিব নোৱাৰে। অসমীয়া সংস্কৃতিৰ বান্ধোন কটকটীয়া  কৰিলে মহাপুৰুষ শংকৰদেৱেহে, আহোমসকলে গঢ়ি দিয়া অসমীয়া সংস্কৃতিৰ ভেঁটিতে শংকৰদেৱে সংস্কৃতিৰ সৌধ ৰচনা কৰিলে। শংকৰদেৱে গঢ়ি থৈ যোৱা সংস্কৃতিয়ে আজিও অসমীয়া সংস্কৃতিৰ ধ্বজা বহন কৰি অসমীয়া জাতিৰ পৰিচয় দি আছে।

কোনো এটা জাতিৰ সংস্কৃতিৰ ভেঁটি টনকিয়াল কৰিবলৈ হ’লে সেই জাতিটোৰ সাহিত্য, সংগীত, নৃত্যচিত্ৰ, স্থাপত্য, ভাস্কৰ্য, ধৰ্ম, সাজপাৰ, লোকবিশ্বাস আদি অন্যান্য আচৰণসমূহ চহকী হৈ উঠিব লাগিব। শংকৰদেৱে এই উদ্দেশ্য আগত ৰাখিয়ে অসমীয়া জাতিটোৰ সাহিত্য, নৃত্য, বাদ্য, ভাস্কৰ্য-স্থাপত্য আদি সুকুমাৰ কলাক চহকী কৰি তোলাৰ লগতে ধৰ্ম, ভাষা, সমাজ-জীৱন সকলোবোৰ দিশলৈকে চকু দিছিল।

সাহিত্য : প্ৰাক্-শংকৰীযুগত অনেক কবিৰ হাতত অসমীয়া কাব্য সাহিত্যই বিকাশ লাভ কৰিছিল যদিও শংকৰদেৱৰ হাততেই অসমীয়া সাহিত্যত এক দাৰ্শনিক ভিত্তি গঢ় লৈ উঠিছিল। শংকৰদেৱৰ প্ৰতিভাই অসমৰ একশৰণ ভাগৱতী ধৰ্ম অসমবাসীক দিলে এই ধৰ্মৰ পূৰ্বৰ খেলি মেলি দূৰ কৰি ধর্মীয় দৃষ্টিভংগীয়ে অসমৰ মানুহৰ মানসিক শক্তি আৰু মানৱীয় সত্তাৰ বিকাশ সাধনত বাট মুকলি কৰি থৈ গ’ল। ধৰ্মৰ মাজেদি মানুহক পহুত্বৰ শাৰীৰ পৰা দেৱত্বলৈ যোৱাৰ বাট দেখুৱাই দিলে। প্ৰধানকৈ ভাগৱত কেন্দ্ৰী আৰু কৃষ্ণচৰিত প্ৰধান সাহিত্যৰ মাধ্যমত বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ দিহা কৰি শংকৰদেৱে সাহিত্য সৃষ্টি কৰাৰ প্ৰয়াস কৰিছিল। শংকৰদেৱে সংস্কৃতি ভাষাত লিখিত বেদ, উপনিষদ আৰু গীতা আদি অধ্যয়ন কৰি কেৱল পণ্ডিতলোকৰ মাজতে সীমাবদ্ধ নাৰাখি জনসাধাৰণৰ ভাষালৈ ৰূপান্তৰিত কৰি সাধাৰণ মানুহৰ মাজত প্ৰচাৰ কৰিলে। সেয়ে তেওঁ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত বৈষ্ণৱ ধৰ্মৰ আদৰ্শ আৰু দৰ্শন প্ৰচাৰ কৰাৰ উদ্দেশ্য ব্ৰজাৱলী ভাষা গ্ৰহণ কৰিছিল। তদুপৰি গভীৰ দাৰ্শনিক তত্ত্ব সম্বলিত সংস্কৃত শ্লোকবোৰ অসমীয়ালৈ অনুবাদ কৰি ‘ভক্তি প্ৰদীপ’ গ্ৰন্থ ৰচনা কৰে। সাহিত্যৰ আটাইকেইটা দিশতে অৰ্থাৎ কাব্য, পদ, আখ্যান, নাট, গীত আদিত সমানে কৃতিত্ব অর্জন কৰি নানা গ্ৰন্থ ৰচনা কৰে। শংকৰদেৱৰ সাহিত্য কলাৰ প্ৰতি আকৰ্ষণ আৰু আদৰ্শৰ বান্ধোনে অসমীয়া ভাষা-সাহিত্যৰ বিকাশত যথেষ্ট সহায় কৰিলে।

সংগীত, নৃত্য, বাদ্য : অসমৰ সংগীত কলাৰ দিশতো শংকৰী সংস্কৃতিৰ বৰঙণি অসীম। ষোড়শ শতিকাত শংকৰদেৱৰ হাতত যি নৃত্য কলাৰ সৃষ্টি হৈছিল সি ধৰ্মকেন্দ্ৰিক আছিল আৰু শাস্ত্রীয় মৰ্যাদা লাভ কৰিছিল। পূৰ্বৰে পৰা চলি অহা পুৰণি আৰু নতুন সংগীতৰ এই দুয়োটা ধাৰাৰ সংমিশ্ৰণত গঢ় উঠা শংকৰদেৱৰ নৃত্য কলাই শাস্ত্রীয় মৰ্যাদা লাভ কৰিলে আৰু অসমীয়া নৃত্যক জনমুখী কৰি তুলিলে। অসমত প্ৰাচীন কালৰ পৰা  নৃত্যৰ দৰে গীতৰ প্ৰাধান্য আছিল। চৰ্য্যাগীত আৰু অন্যান্য গীতৰ প্ৰচলনৰ উপৰিও শংকৰদেৱে আধ্যাত্মিক ভাৱে পৰিশোধিত গীতৰ প্ৰচলন কৰি অসমীয়া গীতৰ এটা নতুন ধাৰাৰ প্ৰবৰ্তন কৰিলে। সাধাৰণতে গীতৰ ধৰ্ম হৈছে,  মনোৰঞ্জন প্ৰদান কৰা। শংকৰদেৱে সৃষ্টি কৰা গীতে মনোৰঞ্জনতকৈ জনসাধাৰণক এক আধ্যাত্ম তত্ত্বৰ উদেশকহে প্ৰদান কৰিলে। ফলত ‘বৰগীত’ নামৰ উচ্চ  খাপৰ গীতসমূহ সৃষ্টি হৈছিল। এই আধ্যাত্ম শ্ৰেণীৰ গীতসমূহৰ মাজেদি ভগৱত লীলাৰ মনোৰম কাহিনী বৰ্ণিত হৈছে। শংকৰদেৱৰ গীতৰ মাজেদি প্ৰকাশ পোৱা আধ্যাত্ম চিন্তাই অসমীয়া সংগীতক উচ্চ মৰ্যদা দান কৰিলে। আনহাতে জনসাধাৰণৰ মাজত প্ৰচলিত হৈ থকা লোকগীতৰ সমান্তৰালকৈ আন এক শ্ৰেণীৰ গীতৰ জন্ম দিলে। বিশেষকৈ গোপীবিৰহৰ দৰে গীতখিনিৰ জৰিয়তে শংকৰদেৱে অসমীয়া গীতক এক সুকীয়া মৰ্যদা আৰু বৈচিত্ৰ্য প্ৰদান কৰিলে। এই শ্ৰেণীৰ গীত কামগন্ধ যুক্ত হলেও গোপীৰ বিৰহ বিচ্ছেদক আধ্যাত্মিক বিৰহলৈ উত্তৰণ ঘটালে। শংকৰদেৱৰ ৰচিত গীতসমূহ কেৱল সংগীতৰ দিশৰ পৰাই বহুমূলীয়া সম্পদ নহয়, কৃষ্ণৰ ঐশ্বৰিক অভিব্যক্তি আৰু বৈষ্ণৱ আদৰ্শ প্ৰকাশৰ ক্ষেত্ৰতো সহায়ক হৈ পৰিছে।

সংগীত আৰু নৃত্যকলাক প্ৰাণবন্ত কৰি তোলাত বাদ্যযন্ত্ৰৰ অৰিহণাও অনস্বীকাৰ্য । আনহাতে অংকীয়া নাটৰ এক অপৰিহাৰ্য অঙ্গ হৈছে নৃত্য। শংকৰী সংস্কৃতিৰ অমূল্য সম্পদ নৃত্যসমূহক মহেশ্বৰ নেওগে এনেদৰে নামকৰণ কৰিছে— সূত্ৰধাৰী নাচ, গোঁসাই প্ৰৱেশৰ নাচ, গোপী প্ৰৱেশৰ নাচ, ধেমালি চাহিনি নাচ, ৰজাঘৰীয়া নাচ, ঝুমুৰ নাচ, নাদু ভংগী, বেহাৰ নাচ, কৃষ্ণ ভংগী, গোপী নৃত্য, ৰাসৰ নাচ আদি। এই নৃত্যসমূহক প্ৰাণৱন্ত কৰি তুলিবলৈ প্ৰাচীন অসমৰ বাঁহী, পেপা, ঢোল, তাল, বীণ আদি বাদ্যযন্ত্ৰৰ ব্যৱহাৰৰ উপৰিও শংকৰদেৱৰ হাতত নতুন বাদ্যযন্ত্ৰই ব্যাপকতা লাভ কৰিলে। পূৰ্বৰ মন্দিৰা, খুটিতালত মাৰ্গীয় গীত আৰু নৃত্যৰ লগত জড়িত কৰি মৰ্যদা বৃদ্ধি কৰিলে। ভোৰতাল আমদানি কৰিলে। ঢোল, মৃদঙ্গৰ উপৰিও খোল নিৰ্মাণ কৰিলে। আনকি ঢোল, খোল, মৃদঙ্গ নিজ হাতেৰে চোৱা কৰি শ্ৰেণী বৈষম্যহীন সামাজিক আদৰ্শ এটা প্ৰতিষ্ঠা কৰিলে। শংকৰদেৱে নতুন নতুন বাদ্যযন্ত্ৰৰ প্ৰচলন কৰি অসমীয়া সংগীতৰ ধাৰাক এখোজ আগুৱাই নি বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ যত্ন কৰিলে।

স্থাপত্য-ভাস্কৰ্য : শংকৰদেৱৰ হাততে প্ৰাচীন অসমৰ স্থাপত্য-ভাস্কৰ্যই এক নৱৰূপ লাভ কৰিলে। শংকৰী যুগতেই অসমৰ স্থাপত্য-ভাস্কৰ্যই গণতান্ত্ৰিক অধিকাৰ লাভ কৰিছিল। আহোম যুগত অসমৰ স্থাপত্য-ভাস্কৰ্য ৰজা আৰু সামন্তসকলৰ মাজত আবদ্ধ হৈ থকা বাবে যথেষ্ট ব্যয়বহুল আছিল। গতিকে সামন্তযুগত ৰজা বা বিষয়াসকলেহে এনে ব্যয়বহুল স্থাপত্য-ভাস্কৰ্যৰ চর্চা কৰিছিল। সৰ্বসাধাৰণলোকে এই দুয়োটা শিল্প চর্চা কৰা অসম্ভৱ আছিল। কিন্তু শংকৰদেৱে এই দুই শিল্পক ৰাজচ’ৰাৰ পৰা উলিয়াই আনি সৰ্বসাধাৰণ লোকৰ মাজত প্ৰতিষ্ঠা কৰিলে। ফলত সাধাৰণ শ্ৰেণীৰ লোকে স্থাপত্য -ভাস্কৰ্য শিল্পক চর্চা কৰিবলৈ সুবিধা পালে। পূৰ্বৰ শিল আৰু পোৰা মাটিৰে নিৰ্মাণ কৰা কষ্টসাধ্য আৰু ব্যয়বহুল দেৱ-দেৱতাৰ মঠ-মন্দিৰ নিৰ্মাণৰ ঠাইত বাঁহ, বেত কাঠেৰে দেৱ-দেৱতাৰ মন্দিৰ আৰু নামঘৰ সাজিবলৈ ল’লে। বিশেষকৈ অসমৰ গাঁৱে ভূঞে বাঁহ, কাঠ, বেতেৰে নিৰ্মাণ কৰা নামঘৰ প্ৰতিষ্ঠা হ’বলৈ ধৰিলে। ফলত সাধাৰণ মানুহেও ব্যক্তিগত বা ৰাজহুৱাকৈ নামঘৰ সাজি উলিয়াই ভগৱান উপাসনা কৰা ঠাই যাদু এডোখৰ বিচাৰি পালে। শংকৰদেৱৰ সময়তে এনেদৰে স্থাপত্য শিল্পৰ এটা নতুন ধাৰাৰ প্ৰতিষ্ঠা হ’ল।

শংকৰদেৱৰ সময়ত অসমত স্থাপত্য শিল্পৰ দৰে ভাস্কৰ্য শিল্পৰো জনগণৰ সকলোৱে চর্চা কৰিব পৰা কৰিলে। ঈশ্বৰ উপাসনাৰ কাৰণে একোটা নামঘৰ সাজি উলিওৱাৰ পাছত নামঘৰৰ প্ৰয়োজন হোৱা সামগ্ৰী-ঠগী, সিংহাসন, কৰণি, শৰাই আদি সৃষ্টি কৰি ভাস্কৰ্য শিল্পৰ বহল প্ৰচাৰ কৰিলে। এইবোৰ গাঁৱৰ সৰ্বসাধাৰণ লোকৰ হাতত নিৰ্মাণ হ’বলৈ ধৰিলে। আনহাতে ভাওনা অভিনয়ৰ লগত সম্পৰ্কিত বিভিন্ন ধৰণৰ মুখা, ধনু, কাড়, গদা আদি সাজি উলিয়ালে। এনেদৰে শংকৰদেৱৰ সময়ত অসমৰ গাঁৱে ভূঞে স্থাপত্য-ভাস্কৰ্যই গণতান্ত্ৰিক অধিকাৰ লাভ কৰাৰ লগতে অসমীয়া সংস্কৃতিৰ বহল পথাৰখন চহকী কৰি তুলিলে।

চিত্ৰকলা : শংকৰী যুগত অসমৰ জনসাধাৰণৰ মাজত আৰু সত্ৰসমূহত ধর্মীয় চিত্ৰকলাৰ বিকাশ হৈছিল। শংকৰদেৱে একশৰণ বৈষ্ণৱ আদৰ্শ জনসাধাৰণৰ মাজত প্ৰচাৰ আৰু প্ৰতিষ্ঠা কৰিবলৈ যথাসম্ভৱ সকলো মাধ্যম ব্যৱহাৰ কৰিছিল। বিশেষকৈ। সাত বৈকুণ্ঠৰ পট আঁকি  ‘চিহ্নিযাত্ৰা’ ভাওনা কৰিছিল। চিহ্নিযাত্ৰাই যেনেকৈ অসমৰ নাট্য আন্দোলনৰ সূত্ৰপাত কৰিছিল ঠিক তেনেদৰে শংকৰদেৱে চিহ্নিযাত্ৰাৰ মাজেদিয়েই অসমীয়া চিত্ৰকলাৰ বিকাশৰ পথ মুকলি হয়। শংকৰদেৱে তুলাপাতত সাত বৈকুণ্ঠৰ চিত্ৰ অঁকা আৰু চিহ্নযাত্ৰাৰ বাবে অঁকা চিত্ৰ পৰৱৰ্তী কালৰ আৰ্হি আৰু প্ৰেৰণাদায়ক হৈ পৰিল। ইয়াৰ পাছত ‘হস্তী বিদ্যানৱ’,’চিত্ৰ ভাগৱত’  আদি চিত্ৰ শৈলীও চিহ্নযাত্ৰাই প্ৰবৰ্তন কৰা চিত্ৰ কলাকেই বিকশিত অৱস্থা বুলি ক’ব পাৰি।

নৱবৈষ্ণৱ ধৰ্ম : ধর্মীয় বা ধর্মীয় ঐতিহাসিক কেন্দ্ৰ কৰি সংস্কৃতিৰ বিভিন্ন উপাদানসমূহ বিকশিত হৈ উঠে। শংকৰদেৱৰ প্ৰতিবাই অসমত নৱবৈষ্ণৱ আন্দোলনক সফল কৰি তোলাত সহায় কৰিছিল। বিশেষকৈ সংস্কৃতি নাটক আৰু অন্যান্য থলুৱা লোকনাট্য অনুষ্ঠানবোৰৰ পৰা উপাদান সংগ্ৰহ কৰি এইবোৰৰ সমন্বয়ৰ অংকীয়া নাট ৰচনা অভিব্যক্তি প্ৰকাশ কৰি শ্ৰোতা আৰু দৰ্শকৰ কোমল মনত ভক্তিৰ কঠীয়া সিঁচি দিয়া । সূত্ৰধাৰেই হৈছে, অংকীয়া নাটৰ মূল ব্যক্তি। অংকীয়া নাট ৰচনা আৰু অভিনয়ত বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ মূল সুৰ নিহিত হৈ আছে যদিও আনফালে পঞ্চদশ আৰু ষোড়শ শতিকাৰ অসমীয়া সংস্কৃতি চহকী কৰিও তুলিছিল। বিশেষকৈ সত্ৰ-নামঘৰ প্ৰতিষ্ঠা কৰি অসমীয়া সংস্কৃতিক এক বিশালতম ৰূপদান কৰিছিল। তদুপৰি অংকীয়া নাটক কেন্দ্ৰ কৰি খোল, মৃদং, নাচ, গীত, অভিনয় আদি বিভিন্ন অংগৰো বিকশিত হৈছিল।  আনহাতে অংকীয়া ভাওনা জনসাধাৰণৰ আমোদ প্ৰমোদৰ অনুষ্ঠান হিচাপেও পৰিগণিত হৈছিল।

সত্ৰ আৰু নামঘৰ : শংকৰী সংস্কৃতিৰ মূল উপাদান দুটা হৈছে— সত্ৰ আৰু নামঘৰ। শংকৰী যুগত বহুতো সত্ৰ আৰু নামঘৰ প্ৰতিষ্ঠা হৈছিল। শংকৰদেৱ আগতেও ভাৰতবৰ্ষৰ অনেক ঠাইত সামাজিক সংগঠনৰ কেন্দ্ৰস্বৰূপ হিচাপে কিছুমান মঠ বা আখৰাসমূহ আছিল। তদুপৰি প্ৰাচীন কালত আশ্ৰম সমূহত ঋষিসকলে শিষ্যসকলক ধৰ্মবিষয়ৰ শিক্ষা আৰু অন্যান্য অনানুষ্ঠানিক শিক্ষা দিছিল। প্ৰাচীন কালৰ মঠ বা আখৰা অনেক  সামাজিক অনুষ্ঠানৰ লগত শংকৰদেৱৰ সত্ৰ অনুষ্ঠানৰ সাদৃশ্য পৰিলক্ষিত হয়। অন্যান্য ধর্মীয় অনুষ্ঠানৰ পৰাও শংকৰদেৱে নামঘৰ আৰু সত্ৰ প্ৰতিষ্ঠা কৰাৰ আৰ্হি ল’ব পাৰে। শংকৰদেৱৰ ধৰ্ম, কলা আৰু সমাজদর্শনৰ আধাৰতেই সত্ৰ ব্যৱস্থাই গা কৰি উঠিছিল। সত্ৰত থকা ভক্তসকলে ব্যক্তিগত সাধনাৰ উপৰিও আধ্যাত্মিক, কলাত্মক আৰু সামাজিক, আৰ্থিক সকলোবিধৰে নিজ নিত্য নৈমিত্তিক কৰি এটা সংগঠনৰ পূৰ্ণ জীৱনচৰ্যৰ আদৰ্শ দাঙি ধৰিছিল। এনে সত্ৰানুষ্ঠানসমূহে অসমৰ সাংস্কৃতিক জীৱনৰ কাৰণে এটা আদৰ্শৰ পৰম্পৰা ৰক্ষা কৰি আহিছে। সত্ৰীয়া পৰিবেশৰ গুৰু আৰু ভক্তসকলৰ জীৱনৰ প্ৰয়োজন স্বৰূপে ত্যাগ আৰু ভোগৰ মাজত থকা বিৰোধ দূৰ কৰি সুসংস্কৃত জীৱন যাপনৰ আদৰ্শ এতিয়াও অসমৰ সত্ৰসমূহত জীয়াই আছে।

শংকৰী সংস্কৃতিৰ আন এটা উপাদান হৈছে— নামঘৰ। সত্ৰসমূহৰ প্ৰধান কাৰ্যালয় নামঘৰ আছিল। বৌদ্ধ বিহাৰবিলাকৰ লগত নামঘৰৰ সাদৃশ্য পৰিলক্ষিত হয় যদিও নামঘৰৰ মূল উদ্দেশ্যৰ লগত বৌদ্ধবিহাৰৰ উদ্দেশ্য একে নহয়। নামঘৰ কেৱল ভগৱানৰ উপাসনা গৃহহে নহয়, ই এক সামাজিক অনুষ্ঠানো। অসমীয়া নাট্য সাহিত্যৰ ইতিহাসটো নামঘৰ কেন্দ্ৰ কৰিয়েই শংকৰদেৱৰ হাতত সম্ভৱ হৈছিল। জনজাতীয় মৰং ঘৰৰ উদ্দেশ্যৰ সৈতে নামঘৰৰ উদ্দেশ্যৰ কিছু সাদৃশ্য আছে বুলিও বিৰিঞ্চি কুমাৰ বৰুৱাই মন্তৱ্য দাঙি ধৰিছে। মৰং ঘৰত সকলো সামূহিক আৰু সামাজিক সমস্যাৰ বিষয়ে মুকলি মুৰীয়াকৈ আলোচনা কৰে, ঠিক তেনেদৰে নামঘৰতো ধর্মীয় উপাসনা কৰাৰ উপৰিও, গাঁৱৰ সমস্যাবিলাকৰ বিষয়ে আলোচনা কৰে। নামঘৰতে বহি গীত, নাট, ভাওনা অভিনয় কৰে। নামঘৰ থলুৱা জীৱনৰ পৰা বুটলি অনা এটি নতুন সাংস্কৃতিক কেন্দ্ৰৰূপে পৰিগণিত হৈছে।

জনসাধাৰণে আনন্দ আৰু ভগৱৎ ভক্তি লাভ কৰিবলৈ শংকৰদেৱে অসমত ভাওনাৰ সৃষ্টি কৰিলে। পঞ্চদশ শতিকাত বিক্ষিপ্ত ধর্মীয় জগতত নৱবৈষ্ণৱ ধৰ্ম প্ৰৱৰ্তন কৰি মহাপুৰুষ শংকৰদেৱে যিদৰে ধৰ্মগুৰু ৰূপে প্ৰতিষ্ঠিত হ’ল, ঠিক তেনেদৰে ভাওনা নামৰ নতুন নাট্যনুষ্ঠান সৃষ্টি কৰি সংস্কৃতিৰ গুৰু হিচাপে চিহ্নিত হ’ল। চিহ্ন যাত্ৰাৰ যোগেদি এই ভাওনা শিল্পৰ প্ৰকাশ ঘটে। সুদীৰ্ঘ বাৰবছৰৰ তীৰ্থ ভ্ৰমণৰ অভিজ্ঞতা, সমাজ সংশোধনৰ প্ৰৱণতা, উচ্চাঙ্গ জীৱন চেতনা আৰু অসাধাৰণ শিল্পী প্ৰতিভাৰ অপূৰ্ব সমন্বয়ত এই চিহ্নযাত্ৰাৰ জন্ম হয়। চিহ্নযাত্ৰাতেই বিভিন্ন চাৰুকলা, যেনে— নৃত্য, গীত, বাদ্য, চিত্ৰ, স্থাপত্য, ভাস্কৰ্য, অভিনয় আদিৰ সমাহাৰ ঘটিছে। অসমীয়া সংস্কৃতিৰ ইতিহাসত ভাওনাৰ অৱদান অতি ব্যাপক আৰু গভীৰ। শংকৰদেৱৰ সৃষ্ট ভাওনা, নৃত্য, গীত, অভিনয় কলাৰ যোগেদি জনসাধাৰণৰ মন আকৰ্ষিত কৰি উচ্চ জীৱন চেতনা শিক্ষা দিলে।

অসমীয়া সংস্কৃতিৰ গঠন প্ৰক্ৰিয়াত নৱবৈষ্ণৱ আন্দোলনৰ ভূমিকা অনস্বীকাৰ্য। নৱবৈষ্ণৱ আন্দোলন সফল কৰি তুলিবলৈ শংকৰদেৱে যিখিনি সৃজনী প্ৰতিভাৰ প্ৰয়োগ কৰিলে, সিয়ে অসমীয়া সাংস্কৃতিক টনকিয়াল কৰি তুলিলে। মহাপুৰুষ শংকৰদেৱে ভালদৰে উপলব্ধি কৰিছিল যে, জনতাৰ মাজত বৈষ্ণৱ ধৰ্ম আৰু নীতি প্ৰচাৰ কৰিবলৈ হ’লে স্বতঃস্ফূৰ্ত মানসিক সম্পদবোৰ উপেক্ষা নকৰি তাকেই সহজ ৰূপদান দি নতুন ৰূপত সজাই জনতাৰ শিক্ষাৰ মাধ্যমৰূপে ব্যৱহাৰ কৰিব লাগিব। শংকৰদেৱে সমাজৰ বৌদ্ধিক বিকাশৰ মাধ্যম আৰু সামাজিক শৃংখল গঠনত সংস্কৃতিক জড়িত কৰি অসমীয়া জাতীয় জীৱনৰ এক স্বৰ্ণময় যুগ ৰচনা কৰিলে। মহাপুৰুষ শংকৰদেৱে এনে ৰুচিবোধ গঢ় দিলে যিটো ৰুচিবোধেৰে সেই সময়ত অসমত বিভিন্ন জনগোষ্ঠীৰ বিচ্ছিন্ন মানসিকতাক বুৰঞ্জীত মহাপুৰুষ মাধৱদেৱৰ নাম যুগ ধৰি অমৰ হৈ ৰ’ব ।

৪। দেওপাহাৰৰ ভাস্কৰ্য সম্পৰ্কে কি জানা লিখা?

উত্তৰঃ ইতিহাসপ্ৰসিদ্ধ দেওপাহাৰৰ মূলতঃ এখন সংৰক্ষিত বনাঞ্চল যদিও ইয়াৰ ঐহিত্য আৰু বিশেষত্ব বহু প্ৰাচীন। প্ৰাচীন অসমৰ এখন অতি উল্লেখযোগ্য ঐতিহ্যক্ষেত্ৰ এই দেওপাহাৰ সম্প্ৰতি গোলাঘাট জিলাৰ নুমলীগড় তিনিআলিৰ পৰা প্ৰায় চাৰে-চাৰি কিলোমিটাৰ দূৰত  ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে অৱস্থিত। জনশ্ৰুতি মতে, এই বিশেষ পাহাৰখনক  ‘জৰাসন্ধ পাহাৰ’ বুলিও জনা যায়। সেই অনুসৰি, একালত মগধৰ ৰজা জৰাসন্ধই শ্ৰীকৃষ্ণৰ সৈতে যুদ্ধ কৰোঁতে এই পাহাৰতেই বাহৰ পাতিছিল। আন এক জনশ্ৰুতি মতে, আহোম ৰাজত্বৰ সন্ধিক্ষণ কালত চুলিকফা তথা ল’ৰজাৰ ভয়ত পলাই ফুৰোঁতে তুংখুঙীয়া ফৈদৰ কোঁৱৰ গদাপাণিয়ে এই পাহাৰতে অপৰূপা, সুশ্ৰী আৰু নৃত্য পটীয়সী নামৰ তিনিগৰাকী অপেশ্বৰীৰ নৃত্য উপভোগ কৰিছিল; যিকেইগৰাকী অপেশ্বৰী নাচি নাচি দেওলগা ধৰণে শূন্যত বিলীন হৈ পৰিছিল। যাৰ ফলত এই পাহাৰটোৰ নাম দেওপাহাৰ বুলি সকলোৱে কৈছিল। 

প্ৰণিধানযোগ্য যে দেওপাহাৰক লৈ প্ৰচলিত এনেবোৰ জনশ্ৰুতিক ভিক্তিহীনভাৱে আমি কেতিয়াও সঁচা বুলি মানি ল’ব নোৱাৰোঁ। যি নহওক, কেতবোৰ আধুনিক পণ্ডিতৰ মতে, একালত এই বসবাস কৰা কাৰ্বি জনজাতিৰ লোকসকলেই সম্ভৱত : এই পাহাৰখনক দেওপাহাৰ নামেৰে নামকৰণ কৰিছিল। কিয়নো, জনজাতীয় ভাষাত ‘দেও’ বা ‘দেৱ’ মানে শিৱক বুজায়। যিহেতু এই পাহাৰত শৈৱ উপাসনাৰ বহু ভগ্নাৱশেষ উদ্ধাৰ কৰা হৈছে, সেয়েহে এই দিশৰ পৰা ইয়াক আমি মানি লোৱাৰ যথেষ্ট থল আছে। অৱশ্যে এটা কথা ঠিক যে দেওপাহাৰক লৈ গৱেষণাত্মক দৃষ্টিভংগীৰে এতিয়াও বহুখিনি কাম কৰিবলৈ বাকী আছে। দেওপাহাৰত উদ্ধাৰ হোৱা ভাস্কৰ্যসমূহত সামাজিক আৰু সাংস্কৃতিক জীৱনৰ চিত্ৰ, গছ-লতা, জীৱ-জন্তুৰ লগতে মানৱৰ ছবিসমূহ জীৱন্ত ৰূপত প্ৰকাশ পাইছে। খনন কাৰ্যত উদ্ধাৰ হোৱা ভাস্কৰ্যসমূহৰ বৈশিষ্ট্য পৰ্যবেক্ষণ কৰি এটা স্পষ্ট ৰূপত প্ৰমাণিত হৈছে যে দেওপাহাৰৰ এই সমগ্ৰ মন্দিৰটো শিলেৰে নিৰ্মাণ কৰা হৈছিল। যিসমূহক বিশেষকৈ গ্ৰেনাইট শিলেৰে নিৰ্মাণ কৰা হৈছিল; আৰু এই শিলসমূহ দেওপাহাৰৰ কাষেদি বৈ যোৱা ৰাংচালি নদীৰ পৰা আহৰণ কৰা হৈছিল বুলি বহু লোকে ক’ব খোজে।

সম্প্ৰতি দেওপাহাৰ প্ৰধান ঐতিহ্যক্ষেত্ৰ হিচাপে চিহ্নিত হোৱাৰ মূলতেই আছে ইয়াৰ সমতলৰ পৰা প্ৰায় ৩০০ মিটাৰ উচ্চতাত থকা এটা প্ৰাচীন মন্দিৰৰ ভগ্নাৱশেষ আৰু অলেখ শৈল ভাস্কৰ্য। এই কথাত এই দেওপাহাৰৰ চৌপাশে সিঁচৰিত হৈ থকা প্ৰাক্ আহোম তথা প্ৰাচীন অসমৰ কাৰুকাৰ্যখচিত ভাস্কৰ্যসমূহেই হৈছে আজিৰ দেওপাহাৰৰ সৌন্দৰ্য তথা ঐতিহাসিক গুৰুত্ব। বহু দিন ধৰি জনচক্ষুৰ আঁৰতে থকা এই ভাস্কৰ্যৰ ভগ্নাৱশেষ পোনপ্ৰথমে ইয়াৰ স্থানীয় লোকসকলে প্ৰত্যক্ষ কৰিছিল। পৰৱৰ্তী সময়ত এই ভাস্কৰ্যৰাজি টামাছ গাৰ্ডথেই নামৰ এজন ইংৰাজ খেতিয়কৰ দৃষ্টিগোচৰ হয়; আৰু ইয়াৰ পিছৰপৰাই এই ক্ষেত্ৰভূমি পণ্ডিত আৰু ঐতিহাসিকসকলৰ গৱেষণাৰ কেন্দ্ৰভূমি হিচাপে পৰিগণিত হয়। ইয়াৰ সমান্তৰালকৈ উদ্ধাৰ হোৱাৰ দিন ধৰি এই পাহাৰ অগণন আধুনিক ভক্তৰ উপাসনা কেন্দ্ৰস্থল হিচাপেও পৰিগণিত হৈ আহিছে। দেওপাহাৰত উপলব্ধ শৈল ভাস্কৰ্যসমূহ কোনে, কেতিয়া, কিয় নিৰ্মাণ কৰিছিল, তাৰ কোনো সঠিক তথ্য আজিকোপতি উদ্ধাৰ কৰিব পৰা হোৱা নাই। কেতবোৰ ঐতিহাসিক আৰু প্ৰত্নতত্ত্ববিদে এইসমূহক ভাৰতবৰ্ষৰ ইতিহাসৰ সোণালী যুগৰ দাবীদাৰ গুপ্তসকলৰ নতুবা পাল বংশীয় ৰজাসকলৰ দিনৰ বুলি কয়। 

বহু পণ্ডিতেই আকৌ ইয়াক প্ৰাচীন অসমৰ মূৰ্তি শিল্পৰ এক গুৰুত্বপূৰ্ণ থলী হিচাপেও উল্লেখ কৰিছে। ১৮ শ শতিকাৰ সপ্ত দশকত ইংৰাজ বিষয়া মেজৰ গডুইন অষ্টিনে দেওপাহাৰৰ প্ৰত্নতাত্ত্বিক সমলবোৰৰ এখন প্ৰতিবেদন প্ৰকাশ কৰিছিল। ১৯২৪-২৫ চন মানত টি এন ৰামচন্দনে ভাৰতৰ প্ৰত্নতাত্ত্বিক জৰীপৰ বছেৰেকীয়া প্ৰতিবেদনত দেওপাহাৰৰ শৈল ভাস্কৰ্যৰ অন্য এখন প্ৰতিবেদন দাখিল কৰে। ইয়াৰ পৰিৱৰ্তী সময়ছোৱাত ক্ৰমে প্ৰতাপ চন্দ্ৰ চৌধুৰী, বিৰিঞ্চি কুমাৰ বৰুৱা, ৰবীন দেৱচৌধুৰী, নিশিপদে দেৱচৌধুৰী, হেমেন্দ্ৰ নাথ দত্ত, নিৰোদ বৰুৱা আদি ঐতিহাসিক, গৱেষকসকলে দেওপাহাৰৰ এই ভাস্কৰ্যশৈলীৰ উচ্চ গৱেষণা কৰি নানান তথ্য সদৰি কৰি আহিছে। এই তথ্যসমূহত দেওপাহাৰত আৱিষ্কৃত ভাস্কৰ্যসমূহৰ বহু মিল আছে বুলি কোৱা হৈছে আৰু লগতে এই সমূহ নিৰ্মাণৰ আনুমানিক সময় সপ্তম শতিকাৰ পৰা একাদশ শতিকাৰ ভিতৰত বুলি কোৱা হৈছে। এনেবোৰ তথ্যসূত্ৰৰ পৰা এই কথা নিৰ্ণয় কৰিব পাৰি যে সম্ভৱত; দেওপাহাৰ এই ভাস্কৰ্যশৈলীসমূহ প্ৰাচীন অসমৰ পাল বংশৰ বিখ্যাত ৰজা হর্জৰ বৰ্মন বা তেওঁৰ পৰৱৰ্তী কোনোবা ৰজাইহে নিৰ্মাণ কৰিছিল।

শোহতীয়াকৈ, ৰাজ্য চৰকাৰৰ পুৰাতত্ত্ব বিভাগে দেওপাহাৰখন সজাই-পৰাই ‘দেওপৰ্বত’ প্ৰত্নতাত্ত্বিক উদ্যান’ হিচাপে পৰ্যটকসকলৰ বাবে মুকলি কৰি উলিওৱাৰ ফলত এই পাহাৰ আজি প্ৰচুৰ সম্ভাৱনাৰ থলীলৈ ৰূপান্তৰ হৈছে। সমতলৰ পৰা দেওপাহাৰৰ ভগ্নাৱশেষ থকা ঠাইলৈ উঠি যোৱা দুটা পথ আছে। এই দুয়োটা পথৰ সংগমস্থলত এটা সংগ্ৰহালয় আছে। দেওপাহাৰৰ খনন কাৰ্যত উদ্ধাৰ হোৱা শিলৰ মূৰ্তি, টেৰাকোটাৰ মূৰ্তিবোৰ দর্শনাৰ্থীৰ বাবে এই সংগ্ৰহালায়ত ৰখোৱা হৈছে। ইয়াৰ লগতে মূল মন্দিৰৰ গৰ্ভগৃহলৈ উঠি যোৱা পথটোৰ দুয়োকাষে বিভিন্ন শৈল ভাস্কৰ্যসমূহ সজাই ৰখা আছে। যিসমূহে এই পাহাৰৰ সৌন্দৰ্য উজলাই তুলিছে। এইখিনিতে এটা কথা বিশেকভাৱে মন কৰিবলগীয়া যে দেওপাহাৰত থকা ভাস্কৰ্যশৈলীসমূহ কেইবাটাও দিশৰ পৰা অতি গুৰুত্বপূৰ্ণ। প্ৰথম দিশটো হৈছে, ইয়াৰ ভাস্কৰ্যসমূহত বৈষ্ণৱ, শৈৱ আৰু তান্ত্ৰিক বৌদ্ধধৰ্মৰ কিছু প্ৰভাৱ দেখা যায়। দ্বিতীয়তে, এই ভাস্কৰ্যসমূহত হাতী, পদুম আৰু মানুহৰ আন্তঃসম্পৰ্কৰ সুন্দৰ ছবি পৰিস্ফুট হৈছে। তৃতীয়তে, ইয়াৰ নিৰ্মানশৈলীত শিল্পৰ শুনিপুণতা স্পষ্ট ৰূপত প্ৰকাশ পাইছে আৰু লগতে ইয়াত আঞ্চলিক শিল্প ৫ ৰ বিশেষ প্ৰভাৱ পৰিছিল বুলি ভবাৰো বহু থল আছে।

দেওপাহাৰৰ ভাস্কৰ্যশৈলীত দেওপাহাৰৰ ঐতিহ্য বিৰাজমান। ঐতিহাসিকসকলৰ সূক্ষ্ম অধ্যয়নত পোৱা গৈছে যে দেওপাহাৰত অৱস্থিত মূল মন্দিৰৰ গৰ্ভগৃহৰ চৌপাশে শ শ শিলাখণ্ড তথা স্থাপত্য-ভাস্কৰ্যৰ নিৰ্দশন পোৱা গৈছে। মন্দিৰৰ গৰ্ভগৃহলৈ পশ্চিম দিশত থকা দীঘে-পথালিয়ে প্ৰায় ১২ ফুটৰ এচটা ডাঙৰ শিলত পদুমৰ পৰিচক্ৰ খুব সুন্দৰকৈ খোদিত কৰা আছে, যিটো পদুম চক্ৰক ‘বিশ্ব পদ্ম’ বুলি জনা যায়। এই পদুম চক্ৰৰ সমতলভাগত তিনিটা হাতীযুক্ত ভাস্কৰ্যশৈলী দেখা পোৱা যায়। মন্দিৰৰ পশ্চিমত থকা অন্য এটা দীঘলীয়া শিলাখণ্ডৰ প্ৰথমভাগত এটা সিংহ মূৰ্তি, দ্বিতীয়ভাগত হাতত ধনু লৈ শৰপহু মাৰিবলৈ সাজু হোৱা এক মানৱ মূৰ্তি, তৃতীয়ভাগত মৈথুনৰত এহাল মৃগ আৰু চতুৰ্থভাগত এজন ধ্যানমগ্ন ঋষিৰ মূৰ্তি খোদিত কৰা আছে। আনহাতে, কাষতে থকা অন্য এটা শিলতো এফালে এহাল নৰ-নাৰীয়ে হাতত ধৰাধৰিকৈ মুখামুখিকৈ ৰৈ থকা আৰু আনফালে পদ্মাসনত বহি থকা এগৰাকী নাৰী আৰু কাষত এজন পুৰুষে নাৰীগৰাকীৰ ফালে মুখ কৰি শঙ্খধ্বনি দিয়াৰ ছবি খোদিত কৰা হৈছে। 

মন্দিৰৰ দক্ষিণ দিশত পূৰ্বে উল্লেখ কৰি অহাৰ দৰে দুটা হাতীৰ মুণ্ডযুক্ত ভাস্কৰ্য আছে। এই দিশটোৰ পৰা এটা কথা ভবাৰ থল আছে যে দেওপাহাৰৰ এই মন্দিৰৰ ভাস্কৰ্যশৈলী  ‘গজৰথ শৈলী’ৰ আছিল। গজমুণ্ড মূৰ্তিৰ ঠিক ওপৰতেই এচটা শিলত অতি সুনিপুণ কলা-কৌশলেৰে নিৰ্মিত লক্ষ্মী-বিষ্ণুৰ মূৰ্তি আছে, ইয়াৰ আনটো ফালে অন্য এটা শিলত অস্পষ্ট ৰূপত কোলাত কেঁচুৱা লৈ থকা এটা নাৰী মূৰ্তি দৃষ্টিগোচৰ হৈছে।

দেওপাহাৰৰ ভাস্কৰ্যসমূহৰ ভিতৰত থকা উৰন্ত অপসৰা, বিদ্যাধৰ আৰু কীৰ্তিমুখ হৈছে সকলোতকৈ আকৰ্ষণীয়। উল্লেখ্য যে কীৰ্তিমুখৰ শিল্পৰূপৰ সৈতে প্ৰাচীন ভাৰতৰ ভাৰহুতৰ বৌদ্ধস্তূপৰ তথা প্ৰাচীন ভাৰতীয় শিল্পকলাৰ সাদৃশ্য দেখা পোৱা যায়।  দেখাত চকু টেকেলা, জিভা ওলোৱা এক ভয়ংকৰ মানৱ মূৰ্তি এই কীৰ্তিমুখৰ ভাস্কৰ্যত পৰিস্ফুট। সাধাৰণতে এনে ধৰণৰ ভাস্কৰ্যশৈলী দক্ষিণ-পূব এছিয়াৰ জাভাৰ মন্দিৰসমূহৰ প্ৰৱেশদ্বাৰ ওপৰত খোদিত কৰা থাকে। দেওপাহাৰৰ বাহিৰে অসমৰ প্ৰাচীন কোনো খনন কাৰ্যত এনে মূৰ্তি আজিলৈকে উদ্ধাৰ হোৱা নাই। এইসমূহ মূৰ্তিৰ উপৰি এই দেওপাহাৰৰ অন্য বহুত শিলত কটা মূৰ্তি দেখিবলৈ পোৱা যায়। 

সেইবোৰৰ ভিতৰত ৰাৱণৰদ্বাৰা সীতা হৰণ মূৰ্তি, জটায়ু পক্ষীৰ যুদ্ধ কৰা মূৰ্তি, ৰাম-লক্ষ্মণ আৰু সুগ্ৰীৱৰ মিলনৰ মূৰ্তি আদিয়েই প্ৰধান। তদুপৰি ত্ৰিভংগ নাৰী মূৰ্তি, পদুম পাতত উঠি থকা এটা হাতীৰ মূৰ্তি আৰু ইয়াৰ ওপৰত নৃত্য কৰা দেৱ-দেৱীৰ মূৰ্তি, পদ্মা, দ্বাৰপাল, উৰন্ত, গন্ধৰ্ব, মুৎস্যকন্যা, একাপদ ভংগীত বহি থকা যোগী, মহিষ বাহনত থকা চতুৰ্ভুজৰূপী যমৰ মূৰ্তি, নটৰাজ মূৰ্তি, বৃষভৰ মূৰ্তি, হনুমান আৰু সীতাৰ অশোক বনৰ মূৰ্তি, বিভিন্ন নৃত্য, গীত আৰু বাদ্যত মগ্ন নাৰী-পুৰুষৰ মূৰ্তি, যুদ্ধ-বিগ্ৰহ সম্পৰ্কীয় আদি মূৰ্তিসমূহেই প্ৰধান। দেওপাহাৰৰ কাষতে থকা ‘বাবাথান’ নামৰ শিৱ মন্দিৰটো হৈছে ইয়াৰ অন্য এক বিশেষ আকৰ্ষণ। জানিব পৰা মতে, উনবিংশ শতিকাৰ শেষৰফালে নাৰায়ণ কন্দলি নামৰ এজন ব্ৰাক্ষ্মণে এই থানখন প্ৰতিষ্ঠা কৰিছিল। এই থানত থকা শিৱলিংগক দেওপাহাৰৰ পৰাই আনি প্ৰতিষ্ঠা কৰা হৈছিল। এই থানত দৈনিক শিৱ পূজা চলে, লগতে বছৰি শিৱৰাত্রি আৰু দুৰ্গা পূজা ইয়াত উলহ-মালহেৰে উদযাপন কৰা হয়।

লেখাৰ প্ৰথমতেই উল্লেখ কৰি অহা হৈছে, দেওপাহাৰ হৈছে মূলতঃ এখন সংৰক্ষিত বনাঞ্চল, এই দিশৰ পৰাও দেওপাহাৰৰ গুৰুত্ব যথেষ্ট আছে। ঐতিহাসিক সম্পদসমূহৰ লগতে দেওপাহাৰ বনাঞ্চলত পোৱা প্ৰাকৃতিক সম্পদসমূহেও ইয়াৰ সৌন্দৰ্য বৃদ্ধিত অৰিহণা যোগাইছে। দেওপাহাৰ বনাঞ্চলত পোৱা কেতবোৰ গুৰুত্বপূৰ্ণ বনজ সম্পদ তথা গছ-গছনি হৈছে ভেলৌ, চাম, মেজাংকৰী, বন সুমথিৰা, কাঁক বাঁহ, বজাল বাঁহ, আংগল, সৰ্পসন্ধা, হাতীঢেঁকীয়া আদি। ইয়াৰ অনুৰূপ ধৰণে এই দেওপাহাৰ বনাঞ্চলত হলৌ বান্দৰ, লাজকী বান্দৰ, জহামাল, বনৰৌ, লতামাকৰি, নাহৰফুটুকী, ঢেঁকীয়াপতীয়া, কেঁটেলা পহু, হুদু, গুই, কেঁকো সাপ আদি বন্যপ্ৰাণীসমূহো পোৱা যায়। দেওপাহাৰৰ বিশেষকৈ অন্য এক আকৰ্ষণ হৈছে ইয়াত থকা পখিলা কেন্দ্ৰটো; নুমলীগড় তেল শোধনাগাৰৰ পৃষ্ঠপোষকতাত নিৰ্মিত এই পখিলা কেন্দ্ৰটো এছিয়াৰ ভিতৰতে বৃহত্তম এক পখিলা কেন্দ্ৰ বুলি সৰ্বজনবিদিত। বৰমৌ হৈছে দেওপাহাৰৰ অন্য এক আকৰ্ষণীয় সম্পদ। বিশেষকৈ দুজোপা ভেলেউ গছত প্ৰতি বছৰে অলেখ পৰিভ্ৰমী বৰমৌৱে বাহ লয়। যিখিনি বৰমৌৰ বিষয়ে ইতিমধ্যে ৰুছিয়াৰ মস্কো বিশ্ববিদ্যালয়ৰ উদ্ভিদ বিজ্ঞানী ডঃ মাৰ্জিন ভলদামিৰ চাগিৰিকে গৱেষণা চলাইছিল। লগতে জাৰ্মানীৰ অন্য এটা গৱেষক দলে ইয়াক লৈ এখন তথ্যচিত্ৰও নিৰ্মাণ কৰি উলিয়াইছে। অতবোৰ সম্পদেৰে ভৰপূৰ দেওপাহাৰৰ খ্যাতি সেয়েহে আজি বিশ্ববিয়পা।

৫। চমু টোকা লিখা।

(ক) আহোম যুগৰ স্থাপত্য-ভাস্কৰ্য।

উত্তৰঃ আহোম যুগৰ স্থাপত্য-ভাস্কৰ্যৰ চানেকি অসমীয়া সংস্কৃতিৰ এক গৌৰৱপূৰ্ণ অধ্যায় আহোম যুগৰ স্থাপত্য আছিল উচ্চ পৰ্যায়ৰ। সেমেকা জলবায়ু, ভূমিকম্প, বানপানী আদিত বহু সম্পদ কালৰ বুকুত ধ্বংসপ্ৰাপ্ত হৈছে যদিও আহোম যুগত নিৰ্মিত শিৱসাগৰৰ ৰংঘৰ, তলাতলঘৰ, জয়সাগৰৰ বিভিন্ন ঠাইত সাজি উলিওৱা দ’ল-দেৱালয়, শিলৰ সাঁকো, গড় আদিয়ে স্থপতি বিদ্যাৰ নিৰ্দশন দাঙি ধৰে। আহোম ৰজাসকলে প্ৰথমতে চাংঘৰ সাজিছিল যদিও পাছলৈ কাৰেং, পাটঘৰ, শিঙৰীঘৰ, আদি দুমহলীয়া চাংঘৰ সাজিছিল। পকীঘৰ নিৰ্মাণ কৰিবলৈ শিল, ইটা, কৰাল ব্যৱহাৰ কৰিছিল। চূণ, মিঠাতেল, ধূনা, গুৰ, মাছ, কণী, মাহ আদি নিৰ্দিষ্ট পৰিমাণত মিহলাই কৰাল তৈয়াৰ কৰিছিল আৰু এই কৰাল দ’ল-দেৱালয়, ৰাজ অট্টালিকা নিৰ্মাণ কৰাত ব্যৱহাৰ কৰিছিল। আহোম যুগৰ মৈদামবোৰো স্থপতি বিদ্যাৰ এক নিৰ্দশন। আহোম যুগত সৰু নৈ জান-জুৰিৰ ওপৰত ভালেমান শিলৰ সাঁকো নিৰ্মাণ কৰিছিল। এইবোৰৰ ভিতৰত ডিমৌ, নামদাং, ধোতৰ আলি, হাঁহচৰাৰ শিলৰ সাঁকো উল্লেখযোগ্য। এইবোৰ আহোম যুগৰ স্থপাতি বিদ্যাৰ নিৰ্দশন বুলিব পাৰি।

আহোম যুগত স্থপতি বিদ্যাৰ উপৰিও কিছুমান ভাস্কৰ্যৰ নিৰ্দশন পোৱা যায়। এই যুগত নিৰ্মিত দ’ল-দেৱালয় আৰু মন্দিৰৰ মূৰ্তিসমূহ, গছ-লতা, জীৱজন্তুৰ মূৰ্ত্তি, প্ৰাকৃতিক দৃশ্য, মন্দিৰ অট্টালিকাসমূহত বাঢ়ৈ আৰু খনিকৰসকলে খোদিতকৰা চিত্ৰসমূহ ভাস্কৰ্যৰ নিৰ্দশন। শিৱসাগৰৰ পুখুৰীৰ পাৰত অৱস্থিত শিৱ দ’ল, দেৱীদ’ল আৰু বিষ্ণুদ’লৰ গাত খোদিত কৰা দেৱ-দেৱতাৰ মূৰ্ত্তি, জয়সাগৰৰ জয়দ’ল আদিৰ গাত প্ৰতিষ্ঠা কৰা দেৱ-দেৱতাৰ মূৰ্ত্তি, শাস্ত্রীয় কোনো কাহিনীৰ ধর্মীয় দৃশ্য, জীৱ-জন্তু, গছ-লতা, ফুল-পাত আদিৰ ছবি এই যুগৰ ভাস্কৰ্য নিৰ্দশন। আহোম যুগত জয়সাগৰৰ জয়দ’লৰ ভাস্কৰ্য নিৰ্দশন উচ্চ খাপৰ আছিল। তদুপৰি গৌৰীসাগৰৰ দ’লৰ বেৰ আৰু জয়দ’লৰ ভাস্কৰ্য উচ্চখাপৰ আৰু সৌন্দৰ্যমণ্ডিত। কাঠেৰে নিৰ্মিত পাটঘৰ, হোলোংঘৰ, শিঙৰীঘৰ, কাৰেং, বাটচ’ৰা, বৰঘৰ আদি চটি, খুটা, দুনাৰ আদিত নানা তৰহৰ ফুল পাত খোদিত কৰা কাৰ্যই সুন্দৰ কাৰু কাৰ্যৰ নিৰ্দশন দাঙি ধৰে। হাঁহচৰাৰ শিল সাঁকোৰ ভগ্নাৱশেষত পলপাত মিহিকৈ কটা আছে, ইও আহোম যুগৰ ভাস্কৰ্যৰ নিৰ্দশন। তদুপৰি আহোম যুগত খাট, পালেং চালপীৰা, নৰপীৰা, তামুলি পীৰা, সিংহাসন, মুখা, মূৰ্তি, শৰাই পেড়া আদিত কুন্দত কাটি নানা ধৰণৰ চানেকিৰ সাজি উলিওৱাৰ উপৰিও ৰং লগাই জাকত জিলিকা কৰি তুলিছিল। এইবোৰেও আহোম যুগৰ ভাস্কৰ্যৰ নিৰ্দশন দাঙি ধৰে।

আহোম যুগতে ৰজাঘৰীয়া পৃষ্ঠপোষকতাত গঢ়ি উঠা সংস্কৃতি আৰু জনসাধাৰণৰ মাজত প্ৰচলিত সংস্কৃতিৰ সমন্বয়ৰ অসমীয়া সংস্কৃতি চহকী হৈ উঠিল। আহোম যুগৰ মানুহক কষ্ট-সহিষ্ণুতা আৰু উদাৰ নীতিৰ বাবে অসমীয়া সংস্কৃতিৰ সকলো দিশতে নতুন সম্পদ আহৰণৰ সুযোগ ঘটিছিল। ফলস্বৰূপে এই যুগৰ অসমীয়া সংস্কৃতি সু-সমৃদ্ধ হৈ উঠিছিল। প্ৰকৃততে এই যুগটো সমন্বয়ৰ মাজেদি গঢ় লৈ উঠা অসমীয়া জাতি সংস্কৃতিৰ প্ৰতিষ্ঠাৰ যুগ।

(খ) অসমৰ পুৰণি স্থাপত্য।

উত্তৰঃ পুৰণি অসম বা প্ৰাগজ্যোতিষত গুপ্ত যুগৰেপৰা অগণন মঠ-মন্দিৰ, দুৰ্গ আৰু অট্টালিকা নিৰ্মাণ কৰাৰ প্ৰমাণ পোৱা যায়— বিদেশী পৰ্যটকৰ টোকাত, তাম্ৰশাসন আৰু ধৰ্মীয় গ্ৰন্থত। পিছে সেমেকা জলবায়ু আৰু প্ৰবল ভূমিকম্পই এই ভূখণ্ডৰ কোনো এটা মঠ-মন্দিৰকে সম্পূৰ্ণৰূপে অক্ষত অৱস্থাত থাকিবলৈ দিয়া নাই। তথাপি বিভিন্ন স্থানত থকা ধ্বংসাৱশেষৰ পৰা পুৰণি অসমৰ স্থাপত্য-কলাৰ বিষয়ে এটা থুল-মূল ধাৰণা কৰি ল’ব পাৰি। অসমৰ সবাতোকৈ প্ৰাচীন মন্দিৰৰ ধ্বংসাৱশেষটোউদ্ধাৰ হৈছে— শোণিতপুৰ জিলাৰ দ-পৰ্বতীয়াত। মন্দিৰটোৰ ভেটি, শিলৰ চৌকাঠ আৰু কেইটামান স্তম্ভ এতিয়াও আছে। চৌকাঠৰ ভাস্কৰ্যসমূহ গুপ্ত শৈলীৰ ভাস্কৰ্যৰ বিতোপন নিৰ্দশন। শিল আৰু ইটা উভয়কে মন্দিৰটোত প্ৰয়োগ কৰাটো উল্লেখযোগ্য। এই মন্দিৰটো তিনিটা ভাগত বিভাজিত—-গৰ্ভগৃহ, মণ্ডপ আৰু মুখমণ্ডপ। গৰ্ভগৃহৰ চাৰিওফালে এটি প্ৰদক্ষিণ পথ আৰু গৰ্ভগৃহৰপৰা পানী ওলাই যোৱা শৈলনলী এটি এতিয়াও বৰ্তমান। 

তেজপুৰৰ ঘৰপোৰা চুবুৰীতো দুটা শৈলমন্দিৰৰ ধ্বংসাৱশেষ আছে। তাৰে এটাৰ দ্বাৰ-শিৰপট্টিত আছে পাঁচটা মন্দিৰৰ শিখৰ দেশৰ অনুপম ৰূপ। মন্দিৰটোৰ দ্বাৰ শিলালীত এজোপা গছৰ অলংকৰণ কলাসন্মত। ইয়াৰ মন্দিৰৰ দ্বাৰশাখাৰ নিম্নঅংশটো দ-পৰ্বতীয়াৰ দৰে গংগা আৰু যমুনাৰ দ্বিভংগিম ঠামৰ আৱাহনী ভংগীৰ মূৰ্তি খোদিত কৰা। তেজপুৰ-বামুণী পাহাৰত একেলগে আছিল সাতোটা মন্দিৰ। মাজৰ মন্দিৰটো আছিল সবাতোকৈ ডাঙৰ। ইয়াৰো দ্বাৰ শিৰপট্টিত পঞ্চমন্দিৰ-শিখৰ উদ্গত হোৱা দেখা যায়। কোলপার্কতো এনেদৰে মন্দিৰ উদ্গত হোৱা দ্বাৰ-শিৰপট্টি সুৰক্ষিত হৈছে। নগাঁও জিলাৰ ডবকাৰ ওচৰৰ মিকিৰ আটিত নটা মন্দিৰৰ স্তপীকৃত ৰূপ দেখিবলৈ পোৱা যায়। তিনিশাৰীত সম্পূৰ্ণ হোৱা এই মন্দিৰ কেইটাৰ মাজৰ মন্দিৰটো তেজপুৰৰ দৰে আছিল সবাতোকৈ ডাঙৰ। হাওড়াঘাটৰ নিকটৱৰ্তী মৌদংগাতো (দেৱস্থান) নটা মন্দিৰৰ ভেটি পোৱা গৈছে। গোঁসাই জুৰি, ৰাজবাৰী (যোগিজান) আদিতো নটা মন্দিৰৰ থুপ একেলগে থকা বুলি ডঃ নিশিপদ চৌধুৰীয়ে সাব্যস্ত কৰিছে। অৱশ্যে শিঙৰিৰ মন্দিৰ ভগা গাঁৱত সাতোটাহে মন্দিৰৰ ধ্বংসাৱশেষ আছে। শিঙৰি, বামুণী পাহাৰ প্ৰভৃতিৰ ধ্বংসাৱশেষত গৰ্ভগৃহ আৰু মণ্ডপ সংলগ্ন অন্তৰালৰ অৱস্থিতি মন কৰিবলগীয়া। অভয়াপুৰীৰ কমতেশ্বৰী মন্দিৰ আৰু চোমৰা শালীৰ দেৱীমন্দিৰৰ ধ্বংসাৱশেষত আকৌ মূল মন্দিৰটো মাজতে ৰাখি তাৰ চাৰিকোণে চাৰিটা সৰু মন্দিৰ স্থাপনা কৰা দেখা যায়। কামৰূপৰ শুৱালকুছিৰ সিদ্ধেশ্বৰী মন্দিৰটো প্ৰাক্-আহোম যুগৰ মন্দিৰ ৰূপে সাব্যস্ত কৰিছে। মন্দিৰটো সজা হৈছিল ঘাইকৈ ইটাৰে। প্ৰাক্ আহোম যোগীয় মন্দিৰবোৰৰ নিম্নাংশৰ নিৰ্মাণ শৈলী এনেধৰণৰ—

(ক) মন্দিৰলৈ সোমাই যোৱা প্ৰৱেশ তোৰণ।

(খ) মণ্ডপ বা নাট মন্দিৰ।

(গ) গো-পুৰম বা প্ৰৱেশ গৃহ। আৰু

(ঘ) গৰ্ভগৃহ।

গৰ্ভগৃহত উপাস্য দেৱতাৰ বিগ্ৰহ সংস্থাপিত হয়। গৰ্ভগৃহৰ অধিষ্ঠানবোৰ চাৰিচুকীয়া আছিল। চাৰিচুকীয়া গৰ্ভগৃহৰ বিমান আছিল চতু:ৰথ যুক্ত। পিছলৈ সৌন্দৰ্য বৰ্ধনৰ বাবে সিবোৰ সপ্তৰথ বা তাতকৈ অধিক ৰথযুক্ত কৰা দেখা যায়। বিমানৰ মানুহৰ দেহৰ সৈতে তুলনা কৰে। যেনে— পাদ, জংঘা, স্কন্ধ আৰু শিৰ বা শিখৰ। মন্দিৰৰ শিখৰৰ স্থান বিশিষ্ট। শিখৰ অনুযায়ী মন্দিৰবোৰক বেলেগ বেলেগ নাম দিয়া হৈছে। যেনে—

(ক) নাগৰ— ইয়াৰ ভেটি চাৰিচুকীয়া। শিখৰ এঢলীয়া হৈ য’ত মিলে তাতেই থাকে আমলক। তাৰ ওপৰত উপাস্য দেৱতা অনুযায়ী ত্ৰিশূল, চক্ৰ আদি।

(খ) বেশৰ— দক্ষিণ বিন্ধ্যৰ আকৃতিৰ। ভেটি ঘূৰণীয়া, কক্ষাকৃতিৰ।

(গ) দ্ৰাবিড়— দক্ষিণ ভাৰতীয় ৰীতিৰ। গম্বুজ ছয় বা আঠচুকীয়া। কেতিয়াবা পিৰামিডাকৃতিৰ।

অসমৰ অধিংশ মন্দিৰেই উত্তৰ ভাৰতীয় নাগৰ পদ্ধতিৰ।  দুই এটা মন্দিৰত বেশৰাকৃতিৰ গম্বুজেও স্থান পাইছিল। সিদ্ধেশ্বৰী মন্দিৰৰ শিখৰে তাৰ প্ৰমাণ। সেই মন্দিৰৰ শিখৰত আমলক নাই। এক কথাত, পুৰণি অসমৰ স্থাপত্য কলা সৰ্বভাৰতীয় নাগৰ-বেশৰ পদ্ধতিত গঢ় লৈ উঠা।

(গ) টেৰকটা ভাস্কৰ্য। 

উত্তৰঃ কেঁচা ইটা বা মৃৎ ফলকত বিভিন্ন মূৰ্তি কাটি তাক জুইত ৰঙাকৈ পুৰি যি শিল্পৰ সৃষ্টি কৰা হয়, সেয়ে টেৰাকটা বা মৃণ্ময় ভাস্কৰ্য গুৱাহাটী ন-নাথ, থান, মৰনৈ , বাঘাপাৰা প্ৰভৃতি স্থানত উদ্ধাৰ হৈছে। কুণ্ডিল নগৰত প্ৰাপ্ত টেৰাকটা ফলকসমূহত স্থানীয় ছাপ স্পষ্ট। চৰাই-চিৰিকটি, দেৱ-মানৱ আৰু বিভিন্ন অলংকৰণ ইয়াৰ বিষয়-বস্তু। টেৰাকটা বিশেষজ্ঞ ডঃ চি. চি. দাশগুপ্তই ভাৰতীয় মৃণ্ময় ভাস্কৰ্যৰাজিক যি সাতোটা ভিন্ন স্কুলৰ অন্তৰ্ভুক্ত কৰিছে (অৰিজিন এণ্ড ইভোলুশ্বন অব ইণ্ডিয়ান ক্লে স্কাবচাৰ) তাৰ ভিতৰত তেজপুৰত পোৱা মাটিৰ ভাস্কৰ্যই এটি বিশিষ্ট শৈলীৰ প্ৰতিনিধিত্ব কৰিব পৰাটো গৌৰৱৰ। মানৱ-দেহৰ অৱয়বৰ স্বাভাৱিকতা আৰু বহাৰ মনোৰম ভংগি দ-পৰ্বতীয়াত উদ্ধাৰ হোৱা মূৰ্তি দুটাৰ লক্ষণীয় কথা। মূৰ্তি যুগলৰ শিৰোচ্ছেদ হোৱাত সিদুটিৰ চিনাক্ত কৰণত কিছু অসুবিধা হৈছে যদি বহাৰ ভংগীলৈ চাই তাক বৌদ্ধমূৰ্তি বুলিবৰ মন যায়। গোৱালপাৰাৰ ডেকধোৱা পাহাৰত উদ্ধাৰ হোৱা অৰ্ধভগ্ন দেৱীৰ মূৰ্তি খোদিত ভাস্কৰ্যটি গঠনৰ ফালৰ পৰা অনুপম। কৃষ্ণাইত উদ্ধাৰ হোৱা মৃণ্ময় ফলকখনিত মূৰ্তি আৰু লতাৰ অলংকৰণ চকুত লগা। মৰনৈত উদ্ধাৰ হোৱা টেৰাকটা ফলকৰ এখনিত আছে— গছত উঠি বান্দৰে কল খাই থকাৰ চলমান ছবি। 

আন এখনিত দামৰিয়ে মাকক পি থকা দৃশ্যটো বেচ জীৱন্ত। কোনো কোনোৱে ইবোৰত মোগল টেৰাকটাৰ প্ৰভাৱ লক্ষ্য কৰিছে। বাঘপাৰাৰপৰা সংগ্ৰহ কৰি অসম ৰাজ্যিক সংগ্ৰহালয়ত সুৰক্ষা দিয়া কিছু সংখ্যক টেৰাকটা ফলকৰ এখনত আছে— কংসই দৈৱকী পুত্ৰক নিধন কৰা দৃশ্য। আন এখনিত চতুৰ্ভুজ বিষ্ণুৰ মূৰ্তি। গৰুৰ এশাৰী পোৱালী, অশ্বাৰোহী সৈন্য, পদুমনিৰ মাজে মাজে চৰি ফুৰা এশাৰী ৰাজহাঁহ, সৈন্যই বৰটোপ চলোৱা প্ৰভৃতি ইয়াত উদ্ধাৰ হোৱা আণ মৃণ্ময় ফলকৰ বিষয়-বস্তু। অসম ৰাজ্যিক সংগ্ৰহালয়ত সংৰক্ষিত এখন টেৰাকটা ফলকত উদ্গত হৈছে— হাতী আৰু ঘোঁৰাত উঠি বননিৰ মাজে মাজে বাঘ চিকাৰ কৰাৰ গতিশীল চিত্ৰ। ইয়াত মোগল যুগৰ প্ৰভাৱ স্পষ্ট। আহোম যুগৰ টেৰাকটা ভাস্কৰ্যৰ ভিতৰত জয়সাগৰ পুখুৰী পাৰত থকা ঘনশ্যাম দ’লটোৰ ভাস্কৰ্যসমূহৰ নাম সৰ্বাগ্ৰে উল্লেখনীয়। ইয়াৰ এখনি ফলকত কিছুমান বান্দৰে গছত উঠি খেলি থকা দৃশ্য বেচ জীৱন্ত। আন এখনি ফলকত কেইজনমান নগা লোকে নগা ছোৱালীৰে সৈতে পিঠিত বেতৰ হোৰা লৈ আগবাঢ়ি যোৱা চলমান চিত্ৰ উদ্গত হৈছে। জয়দৌলত চিকাৰীয়ে হৰিণ চিকাৰ কৰা, হাতী আৰু বাঘৰ যুজঁ, অপৰাধীক চাউদাঙে বধ্যভূমিলৈ নিয়া প্ৰভৃতি বিষয়ৰ ফলক দেখা যায়। জয়সাগৰৰপৰা সংগ্ৰহ কৰা কেইটামান বিষ্ণুৰ অৱতাৰ খোদিত ফলক ৰাজ্যিক সংগ্ৰহালয়ত স্থান পাইছে। 

দুটা ফলকত আছে যথাক্ৰমে মহিষমর্দিনী আৰু বেনুগোপালৰ মূৰ্তি। এখন ফলকত দেখা যায় ৰজাৰ ওচৰলৈ লৈ যোৱা দৃশ্য। এই ফলকটোত মোগল প্ৰভাৱ স্পষ্ট। জামুগুৰিৰ নন্দীকেশ্বৰ দেৱালয়ত উদ্ধাৰ হোৱা মহিষমর্দিনীৰ মূৰ্তিটো দেখাত সুন্দৰ। শিৱসাগৰৰ জগদ্ধাত্ৰী দ’লৰ বেৰত প্ৰাপ্ত সাতোটা ঘোঁৰাৰে টনা ৰথৰ ওপৰত বহি থকা সূৰ্যৰ টেৰাকটা মূৰ্তিটো সৌন্দৰ্যৰ ফালৰপৰা অনুপম। উত্তৰ গুৱাহাটীৰ দিহিংগিয়া সত্ৰত উৰি যোৱা ভংগীত খোদিত উৰণীয়া সিংহৰ টেৰাকটা খনিৰ সৌন্দৰ্য আজিও অম্লান। চমৰীয়াৰ দ’লটোত কিছু সংখ্যক টেৰাকটা ভাস্কৰ্য আজিও বিদ্যমান। কামাখ্যাৰ মন্দিৰ বিশেষতো ভালেসংখ্যক পোৰামাটিৰ ভাস্কৰ্য দেখিবলৈ পোৱা যায়। সিবোৰত বংগীয় প্ৰভাৱ পৰিছে।  এনেদৰে দেখা যায় যে প্ৰাক্-আহোম যুগৰেপৰা আহোম ৰাজত্বৰ অন্তিম তৰংগলৈকে অসমত টেৰাকটা ভাস্কৰ্যৰ অনুশীলন চলিছিল আৰু তাৰে দুই-এটাত অনামী শিল্পীৰ কুশলহস্তৰ পৰিচয় প্ৰেজ্জ্বল।

৬। স্থাপত্যবিদ হিচাপে শংকৰদেৱৰ ভূমিকা বিচাৰ কৰা?

উত্তৰঃ এটা জাতিৰ স্থাপত্য আৰু ভাস্কৰ্য শিল্পই জাতিটোৰ সাংস্কৃতিক ৰুচিবোধৰ স্বাক্ষৰ বহন কৰে। প্ৰকৃতাৰ্থত শিল্পকলা মানুহৰ জীয়াই থকাৰ এবিধ আহিলা বা সঁজুলি বুলি ক’ব পাৰি। ই মানৱ অস্তিত্বৰ অন্যতম অপৰিহাৰ্য প্ৰয়োজন। নীলমণি ফুকনৰ ভাষাত  ‘প্ৰকৃতিয়ে সজ সঁজুলি এৰি নিজাকৈ সঁজুলি সাজিবলৈ লোৱাৰ দিনাই নহ’লেও, লাহে লাহে মানুহেই উন্মোচিত কৰিলে মানুহৰ ভাৱনাৰ কল্পনাৰ এখন অন্তহীন জগত; ৰূপ, ৰেখা, ছন্দ, বৰ্ণ, পোহৰ আৰু কাম বাসনাই মানুহক শিল্পী ৰূপে গঢ়ি তুলিলে।

মহাপুৰুষ শংকৰদেৱ হ’ল অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰ প্ৰথমগৰাকী প্ৰৱক্তা। তেওঁৰ প্ৰচেষ্টাত অসমীয়া সংস্কৃতিয়ে স্বচ্ছতাৰে গতিশীলতা লাভ কৰিলে। অসমৰ স্থাপত্য-ভাস্কৰ্য শিল্পৰ ইতিহাস বহু পুৰণি। শংকৰদেৱৰ হাতত এই শিল্পই নব্যৰূপ ধাৰণ কৰিলে। প্ৰাচীন কালৰে পৰা প্ৰচলিত পৰম্পৰা অনুসৰি এই শিল্পবোৰ আছিল মূলতঃ ৰজাঘৰীয়া সম্পদ। শংকৰদেৱে এই শিল্প কলাক ৰজা আৰু বিত্তবান শ্ৰেণীৰ উপৰিও সমাজৰ সকলো শ্ৰেণীয়ে চর্চা কৰিব পৰা ৰূপ দিলে। তদুপৰি অসমত পূৰ্বৰে পৰা চলি অহা জনজাতীয় শিল্পকলাক বৈষ্ণৱ ধৰ্মৰ আবেগ আৰু ভক্তিৰসৰ আদৰ্শৰে সিক্ত কৰি তাক ন-কৈ সজালে। শংকৰদেৱৰ সামগ্ৰিক আদর্শটোৱেই আছিল সকলো শ্ৰেণীৰ মানুহৰ বাবে গ্রহণযোগ্য আদৰ্শ। অসমত শিল্পচর্চা আৰু প্ৰচাৰৰ ক্ষেত্ৰত গুৰুজনাই প্ৰতিষ্ঠা কৰি যোৱা সত্ৰ প্ৰতিষ্ঠানৰ ভূমিকা উল্লেখযোগ্য।

অসমত সামাজিক সংগঠনৰ দিশত সত্ৰ আৰু নামঘৰৰ অনেক অৰিহণা আছে। ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে আগত ৰাখি শংকৰদেৱে সত্ৰ নামঘৰ প্ৰতিষ্ঠা কৰি অসমীয়া সমাজ সুসংগঠিত কৰিলে। শংকৰী সংস্কৃতিৰ কেন্দ্ৰস্থল নামঘৰ গুৰুজনাৰ অভিনৱ উদ্ভাৱন। সত্ৰ ব্যৱস্থাত প্ৰাচীন ভাৰতীয় আশ্ৰম আৰু বৌদ্ধ বিহাৰৰ আদৰ্শ থাকিব পাৰে। ভাৰত ভ্ৰমণ কালত দৰ্শন ঘটা বিভিন্ন ঠাইৰ ধর্মীয় প্রতিষ্ঠানৰ আৰ্হিৰ সৈতে হয়তো শংকৰদেৱে নিজৰ আদৰ্শৰ সংযোগ ঘটাই ইয়াৰ আৰ্হি নিৰ্মাণ কৰিছিল। জাতীয় সংস্কৃতিৰ গঢ় লোৱাৰ ক্ষেত্ৰত দুটা সুস্থ বাতাবৰণ আৰু মানসিক বান্ধোনৰ প্ৰয়োজন। শংকৰদেৱে তেওঁৰ আধ্যাত্মিক চিন্তাৰ জৰিয়তে প্ৰাচীন অসমীয়া সমাজৰ অনেক ৰোগ নিৰাময় কৰি সত্ৰ-নামঘৰৰ বেদীতে এটা সুস্থ সামাজিক জীৱনৰ ভেটি গঢ়িলে। 

তৎকালীন ভাৰতীয় সমাজৰ ৰাজকীয় পৃষ্ঠপোষকতাত চলা মন্দিৰবোৰতকৈ সত্ৰ ব্যৱস্থা অধিক সমাজমুখী আছিল। সত্ৰাধিকাৰগৰাকীয়েই এই ব্যৱস্থাৰ মুখিয়াল ব্যক্তি হ’লেও সমূহীয়া প্ৰচেষ্টাৰ মাজেৰেহে সত্ৰ প্ৰতিষ্ঠান পৰিচালিত হয়। সত্ৰ ব্যৱস্থাই অৱশ্যে শংকৰদেৱৰ সময়তে পূৰ্ণ বিকাশ লাভ কৰিছিলনে নাই সেই বিষয়ে সঠিককৈ জনা নাযায় যদিও শংকৰদেৱৰ ধৰ্ম আৰু সমাজদর্শনৰ আধাৰত ই গঢ় লৈ উঠিছিল বুলি নিশ্চিতভাৱে কব পাৰি। শংকৰদেৱে পাটবাউসী সত্ৰত দামোদৰদেৱক কামৰূপ অঞ্চলৰ ধৰ্মগুৰু পাতি নিজে কোচবিহাৰলৈ যোৱাৰ কথা জনা যায়।  অৱশ্যে পাছলৈ কোনো কোনো ঠাইত গুৰুসকলৰ ধৰ্মপ্ৰচাৰ বন্ধ হোৱাৰ ফলত বা আন আন কাৰণত সত্ৰ ব্যৱস্থা লোপ পালে যদিও উজনিত এই ব্যৱস্থা পৰম্পৰা সূচক হৈ পৰিল। সত্ৰ প্ৰতিষ্ঠানবোৰে অসমৰ সাংস্কৃতিক জীৱনৰ কাৰণে এটা আদৰ্শৰ পৰম্পৰা ৰক্ষা কৰি আহিছে। অৱশ্যে বৰ্তমান সময়ৰ আৰ্থসামাজিক জীৱন পদ্ধতিৰ লগত এই সত্ৰীয়া ব্যৱস্থা খাপ খুৱাই চলাব পৰাটো সম্ভৱ নহয় অথবা পুৰণি সত্ৰ ব্যৱস্থা অবিকৃত ৰূপত ৰক্ষা কৰাটোও সম্ভৱ নহয়। ইয়াৰ মাজতো জীৱনৰ বাবে প্ৰয়োজনীয় শান্তি লাভৰ উপায়স্বৰূপে সীমিত পৰিসৰৰ মাজতো সত্ৰবোৰে এতিয়াও সুসংস্কৃত জীৱন যাপনৰ আদৰ্শ দেখুৱাব পাৰে।

সত্ৰবোৰৰ কেন্দ্ৰ হ’ল নামঘৰ। একোখন গাঁৱৰ বাবে নামঘৰটোৱেই সামাজিক, সাংস্কৃতিক চৈত্যনৰ কেন্দ্ৰস্বৰূপ। জনজাতীয় মৰঙৰ লেখীয়াকৈ নামঘৰ হ’ল গোষ্ঠী-চেতনা আৰু শিল্প বস্তুৰ এটা অভিব্যক্তি। আজিও প্ৰায়বোৰ গাঁৱতেই একোটা নামঘৰ আছে আৰু সত্ৰৰ নামঘৰৰ আৰ্হিতেই এই নামঘৰবোৰে পৰিচালিত হয়। নামঘৰতেই সকলোৱে মিলিজুলি নানা ধৰণৰ সাংস্কৃতিক কার্য সম্পাদন কৰে। শংকৰদেৱৰ সময়ত সজা নামঘৰৰ আৰ্হিত আজি পাবলৈ নাই যদিও প্ৰচলিত পৰম্পৰাই তৎকালীন সময়ৰ নামঘৰৰ এটা ধাৰণা আমাক দিয়ে। দৈত্তাৰী ঠাকুৰৰ চৰিতত মাধৱদেৱে বৰপেটাত এটি নামঘৰ সজাই তাত ভাওনা যাত্ৰা কৰাৰ কথাৰ উল্লেখ পোৱা যায়।  সত্ৰ আৰু গাঁৱৰ পুৰণি নামঘৰবোৰৰ বহুততে আজিও পুৰণি পৰম্পৰাৰ পৰিচয় বৰ্তমাণ। নামঘৰৰ মূল গৃহৰ পশ্চিম অংশ অৰ্ধবৃত্তকাৰ টুপভঙা আৰু দুয়োফালে দুখন বাৰাণ্ডা থাকে। পৃথক মণিকূট শংকৰদেৱৰ সময়তে সজা হৈছিল নে নাই সঠিককৈ কবলৈ টান। অৱশ্যেসকলো সত্তৰ নামঘৰত মণিকূট দেখিবলৈ পোৱা নাযায়।

অসমৰ বৌদ্ধিক আৰু কলাত্মক বিকাশৰ ক্ষেত্ৰত নামঘৰৰ যথেষ্ট অৱদান আছে। শংকৰদেৱ প্ৰৱৰ্তিত বৈষ্ণৱ ধৰ্মৰ প্ৰাণকেন্দ্ৰ হ’ল নামঘৰ। জ্যোতিপ্ৰসাদ আগৰৱালাই বৰ্তমান সময়ৰ বিশ্ব-স্থাপত্যৰ অলংকাৰ বৰ্জিত সৰলতা ৰৈখিক সৌন্দৰ্যৰ আদৰ্শৰ প্ৰথম সংস্কৰণটি এই নামঘৰতে দেখা পোৱা যায় বুলি কৈ গৈছে। শংকৰদেৱে অসমৰ স্থাপত্য-ভাস্কৰ্য শিল্প কলাক সৰ্বসাধাৰণ মানুহৰ ওচৰ চপাই আনিলে। পূৰ্বৰ শিল, পোৰামাটিৰ স্থাপত্যৰ ঠাইত বাঁহ-কাঠেৰে নামঘৰ সাজি তেওঁ অসমৰ স্থাপত্য শিল্পৰ নতুন ধাৰা প্ৰৱৰ্তন কৰিলে। নামঘৰত প্ৰয়োজন হোৱা সিংহাসন, গজা, ঠগা, চিত্ৰ বিচিত্ৰ কাৰুকাৰ্যৰ ঢৰা, কৰণি, শৰাই, মুখা, নেগেৰা, খোল আদিৰ সৃষ্টিয়ে ভাস্কৰ্য শিল্পৰ ক্ষেত্ৰত এটা নতুন সমীকৰণ ৰচনা কৰিলে। ভক্তিৰ মাহাত্ম্য প্ৰচাৰৰ হেতু শংকৰদেৱে নাট ৰচিলে সম্প্ৰসাৰণত বিশেকভাৱে সহায় কৰিলে। শংকৰদেৱৰ সাংস্কৃতিক পৰম্পৰাত সাহিত্য আৰু শিল্প একেলগে চলে। সত্ৰৰ কোনোবা আতৈয়ে যদি দুৱাৰত লতাফুল কাটে, গুৰুৱে তাকে পদত বান্ধি ঈশ্বৰৰ গুণ বৰ্ণায়। এনে দৃষ্টান্ত বিৰল। ভক্তি মাৰ্গত বাহ্যিকতা সদায় বৰ্জিত। গতিকে ইয়াৰ শিল্পবস্তুৰ ৰূপো পৰিশীলিত। সত্ৰত ব্যৱহাৰ কৰা বা সত্ৰত নিৰ্মাণ কৰি উলিওৱা হস্তশিল্পবোৰৰ প্ৰতিবিধতেই পৰিমাৰ্জিত সৰলতা বিদ্যমান। সত্ৰৰ ভকত-বৈষ্ণৱসকলে হাততে পোৱা নানাবিধ সামগ্ৰীৰে নিজৰ ব্যৱহার্য সামগ্রী প্ৰস্তুত কৰি লয়। সত্ৰৰ এই কৰ্ম-সংস্কৃতি আদৰ্শৰ বিষয়।

সত্ৰত নিৰ্মিত হস্তশিল্পবোৰ তৈয়াৰ কৰা সামগ্ৰী, তাৰ প্ৰায়োগিক দিশ আদিলৈ লক্ষ্য ৰাখি এটা নিৰ্দিষ্ট ক্ৰমত তালিকাভুক্ত কৰিব পাৰি—

সিংহাসন, গৰুড়াসন, মথুৰাসন, ঠগা, গছা, সহস্ৰ বন্তি গছা আদিৰ উপৰিও গৰুড়, হনুমান, নাৰদ, জয়-বিজয় আদিৰ কাঠত কটা মূৰ্তি, নামঘৰৰ বোৰৰ জালীকটা খিৰিকী, ফুলকটা চতি, মাৰলি, বেৰত কটা পুৰাণ-ৰামায়ণ-মহাভাৰতৰ আখ্যান-উপখ্যানৰ দৃশ্য।

নামঘৰৰ খুটা, বাটচ’ৰা, সিংহদুৱাৰ আদি।

কঠ, ঢৰা, পীৰা, পাটীঢৰা, পেৰা আদি।

পাচি-খৰাহি, দা-কটাৰীৰ সুদৃশ্য নল, কাঠৰ চৰিয়া, হেতা, খুন্দনা, উৰাল-মাৰি, কৰিয়া, জাপি, লাঠি আদি।

খোল, দবা, মৃদংগ আদি।

ভাওনাৰ পোছাক, মুকুট, গদা, ধনু, চো-মুখা, আ-অলংকাৰ আদি; শংকৰদেৱৰ নেতৃত্বত আৰম্ভ হোৱা অসমৰ বৈষ্ণৱ আন্দোলন তৎকালীন সময়ৰ পৰিপ্ৰেক্ষিতত এটা প্ৰগতিশীল শক্তি আছিল। তেওঁ প্ৰৱৰ্তন আৰু প্ৰচাৰ কৰা নৱ বৈষ্ণৱ ধৰ্ম আৰু বৈষ্ণৱ জীৱন দৰ্শনে অসমৰ সামাজিক সাংস্কৃতিক জীৱনত অভিনৱ স্পন্দন তুলিবলৈ সমৰ্থ হোৱাৰ লগতে সৃজনশীল শক্তি আৰু সুকুমাৰবোধৰ সঞ্চাৰ কৰিলে। এনেকৈয়ে সেই ধর্মীয় পৰম্পৰাই হৈ পৰিল শিল্পকলাৰ প্ৰধান প্ৰেৰণা বা উপজীৱ্য। সত্ৰৰ বৈষ্ণৱ-ভকতসকলৰ দৈনন্দিন কামকাজৰ মাজতে আজৰি সময়ত সাধাৰণ শিল্পচর্চা চলে। সংগীত, নৃত্য, নাট, বাদ্য আদিৰ চৰ্চাৰ লগতে ব্যৱহার্য শিল্পবস্তু তেওঁলোকে নিৰ্মাণ কৰে। এই চৰ্চাত খৰখেদা নাইবা বাণিজ্যিক লেনদেনৰ তাগিদা নাই। ধীৰে-সুস্থিৰে আৰু সাধাৰণ আহিলা-পাতিৰে এই সমগ্ৰীবোৰ তৈয়াৰ কৰা হয়। প্ৰয়োজন সাপেক্ষে সাধাৰণ যন্ত্ৰৰো সহাউ লোৱা হয়। ‘কুন্দ’ এনে এটা সাধাৰণ যন্ত্ৰ। ইয়াৰ সহায়ত চালপীৰা, তামুলীপীৰা, বিচনীৰ নাল আদি কুন্দাই লোৱা হ্য। কুন্দত কটা সমগ্ৰীবোৰ হেঙুল, হাইতাল আদিৰে ৰং চৰোৱা হয়।

সেই ৰঙৰ ওপৰত লা চৰাই ৰং স্থায়ী কৰা হয়। ঘূৰণীয়া বস্তুবোৰত লা জপি বেত এডালেৰে হেঁচি ধৰিউ কুন্দত ঘূৰোৱা হয়। ঘঁহনি লাগি লা গৰম হৈ কাঠৰ সমগ্ৰীবোৰত লগোৱা ৰঙৰ সৈতে লিপিত খাই ধৰে। ইয়াৰ ফলত ৰং উজ্জ্বল আৰু স্থায়ী হয়। কাঠৰ শৰাই, পুথি থোৱা পেৰা, ঠগা, তামুলীপীৰা-চালপীৰাৰ খুৰা, সিংহাসনৰ গজহস্তী, মৈৰা, খুটা-চতি, বেতৰ নালৰ বিচনী, লাঠি আদি সামগ্ৰী লা চৰাই সুন্দৰ কৰা হয়।

নামঘৰৰ সিংহাসন হ’ল তিনি বা পাঁচ বা সাতখলপীয়া হস্তীযুক্ত সিংহমূৰ্তি থকা থাপনাৰ আসন। ই ৰাজ হিংসাহনতকৈ বেলেগ। সিংহাসন সৰহভাগেই কাঠৰ আৰু ই অসমীয়া কাঠশিল্পৰ অনুপম সম্পদ। সাতখলপীয়া সিংহাসনত মুঠতে ২৮ টা হাতী আৰু ২৮ টা সিংহ থাকে। সিংহাসনত থকা মূৰ্তিৰ সৈতে পুৰীৰ জগন্নাথ মন্দিৰৰ সিংহ মূৰ্তিৰ সাদৃশ্য আছে। সিংহাসনৰ বাহিৰেও বিষ্ণু, নাৰদ, বলোভদ্ৰ আদিৰ মূৰ্তি খোদিত খুটা, কাৰুকাৰ্য খচিত ফুল-তেঁতেলী কটা জালীকটা, চৌকাঠ, দুৱাৰ আদি নামঘৰৰ প্ৰত্যেকবিধ সমগ্ৰীয়েই সত্ৰীয়া শিল্পবস্তুৰ উজ্জ্বল নিদৰ্শন।

উজনিৰ কোনো কোনো সত্ৰত বাঁহৰ কাঠীৰ চো-মুখা তৈয়াৰ কৰা হয়। এই মুখা পৃথিৱীৰ আন আন ঠাইৰ মুখাতকৈ বেলেগ। এই মুখাবোৰ চকুত লগাকৈ ডাঙৰ। বাঁহৰ সৰু সৰু কাঠীৰে মুখাৰ মূল সজাটো তৈয়াৰ কৰি তাৰ ওপৰত মাটিৰ লেও দি কাপোৰ মেৰিয়াই ৰ’দত শুকুৱাবলৈ দিয়া হয়। শুকালে তাত চকু, মুখ, নাক, কাণ আদিৰ সাঁচ দি আকৈ শুকুৱা হয়। ইয়াৰ পাছত খৰিমাটিৰে (চকমাটি) বগা আৱৰণ দি তাৰ ওপৰত আৱশ্যকীয় ৰঙেৰে বোলাই লোৱা হয়। চকু, জিভা, চুলি আদিত প্ৰয়োজন অনুসাৰে ভিন ভিন ৰং সলোৱা হয়। এনেদৰেই চো-মুখা সাজু হৈ উঠে। মাজুলীৰ চামগুৰি সত্ৰৰ বৃহত আকাৰৰ মুখাবোৰ, ৰাজ্যিক সংগ্ৰাহলায়ত থকা নিদৰ্শন। এই মুখাবোৰৰ আকৃতি বৃহত। ইয়াৰ বাহিৰেও তেজপুৰৰ দ-পৰ্বতীয়াৰ বৰালিমৰা সত্ৰৰ মুখত সোঁ হাত থৈ বহি থকা মূৰ্তিটো, নগাঁওঅৰ শলগুৰি সত্ৰৰ দুৱাৰৰ মূৰ্তি,।  সুন্দৰীদিয়া সত্ৰৰ কাঠত কটা ভাস্কৰ্য আদিৰ কথাও প্ৰসংগক্ৰমে এইখিনিতে উনুকিয়াব পাৰি।

সংগীত আৰু নৃত্যকলাৰ সৈতে সংগত খোঅল নিৰ্মাণ কৰি শংকৰদেৱে বাদ্যযন্ত্ৰৰ মৰ্যদা বৃদ্ধি কৰিলে। প্ৰমোদ কুমাৰ বৰুৱাই খোলৰ নিৰ্মাণ সমোপর্কত এনেদৰে কৈছে— “মহাপুৰুষৰ ধৰ্মকেন্দ্ৰিক সংস্কৃতিৰ সম্প্ৰসাৰণৰ লগে লগে তাল আৰু খোলৰ নিৰ্মাণ কার্য জনসমজত শিল্পচৰ্চাৰ বাতাবৰণ এটাও গঢ়ি তোলে। খোলৰ নিৰ্মাণৰ লগে লগে পৰম্পৰাগতভাৱে ঢোল, মৃদংগ চোৱা মুচিয়াৰ শ্ৰেণীটোৰ প্ৰতি থকা সমাজৰ দৃষ্টি ভংগীৰ ওপৰতো এক কঠিন আঘাত হনা হ’ল। কাৰণ শংকৰদেৱে খোল, মৃদংগ চোৱাৰ কামো নিজ হাতেৰেই কৰি শ্ৰেণীবৈষম্যহীন সামাজিক আদৰ্শ এটা প্ৰতিষ্ঠা কৰিলে।”

নামঘৰত অনুষ্ঠিত হোৱা নাম-কীৰ্ত্তন, ভাওনা-সবাহত বহা আসন হ’ল কঠ বা ঢাৰি। কুহিলা, গোগলা, মুথা আদিৰে কঠ তৈয়াৰ কৰা হয়। কলথৰুৱাৰেও কঠ উলিওৱা ঢাৰিবোৰত সুন্দৰকৈ বাও বান্ধি নিখুঁত কৰি লোৱা হয়। সত্ৰৰ ভকতসকলৰ সৰল জীৱন-চৰ্যাৰ মাজত বিলাসী অসমৰ স্থান নাই। তেওঁলোকৰ প্ৰয়োজনীয় আসন সহজলভ্য সামগ্ৰীৰে তৈয়াৰী এনে ঢৰি-কঠ।

শংকৰদেৱৰ শিল্পকৰ্মৰ গণতান্ত্ৰিকতাই অসমীয়া সংস্কৃতিৰ পথাৰখন বহল আৰু ব্যাপক কৰি তুলিলে। তেওঁৰ দ্বাৰা প্ৰচাৰিত আধ্যাত্মিক সংস্কৃতি প্ৰধান আদৰ্শৰ নীতি উদাৰ হোৱা বাবে আৰু ইয়াৰ শিল্প মূল্যৰ বাবেই এই আদৰ্শই সকলো শ্ৰেণীৰ লোককে আকৰ্ষণ কৰিছিল। অসমীয়া জাতিৰ আত্মপ্ৰত্যয় আৰু সাংস্কৃতিক ৰুচিবোধ শংকৰদেৱৰ অৱদান। তেওঁ ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে আগত ৰাখিয়েই সত্ৰ-নামঘৰ প্ৰতিষ্ঠা কৰি গীত-নাট বাদ্যৰ লগতে শিল্পচৰ্চাৰ অভ্যাসো মানুহৰ মাজত গঢ়ি তুলিছিল। কিন্তু ইয়াৰ আৰত লুকাই আছিল অসমীয়া সংস্কাৰৰ মহত উদ্দেশ্য। অসমীয়া সাংস্কৃতিক সৰল ৰূপত গঢ়ি, সাংস্কৃতিক সমাজৰ বৌদ্ধিক বিকাশৰ মাধ্যম ৰূপ লৈ আৰু সামাজিক শৃংখলা ৰক্ষাৰ ক্ষেত্ৰত ইয়াক জড়িত কৰি মহাপুৰুষজনাই অসমীয়া জাতীয় জীৱনৰ সোণালী অধ্যায়ৰ সূচনা কৰিলে ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top