Axamiya Sanskritir Adhayan Unit 3 অসমৰ বিভিন্ন জনগোষ্ঠী লোকাচাৰ আৰু লোকবিশ্বাস

Axamiya Sanskritir Adhayan Unit 3 অসমৰ বিভিন্ন জনগোষ্ঠী লোকাচাৰ আৰু লোকবিশ্বাস, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Axamiya Sanskritir Adhayan Unit 3 অসমৰ বিভিন্ন জনগোষ্ঠী লোকাচাৰ আৰু লোকবিশ্বাস Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Axamiya Sanskritir Adhayan Unit 3 অসমৰ বিভিন্ন জনগোষ্ঠী লোকাচাৰ আৰু লোকবিশ্বাস Question Answer can be of great value to excel in the examination.

Axamiya Sanskritir Adhayan Unit 3 অসমৰ বিভিন্ন জনগোষ্ঠী লোকাচাৰ আৰু লোকবিশ্বাস

Join Telegram channel

Axamiya Sanskritir Adhayan Unit 3 অসমৰ বিভিন্ন জনগোষ্ঠী লোকাচাৰ আৰু লোকবিশ্বাস Notes cover all the exercise questions in UGC Syllabus. The Axamiya Sanskritir Adhayan Unit 3 অসমৰ বিভিন্ন জনগোষ্ঠী লোকাচাৰ আৰু লোকবিশ্বাস provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

(খ) ভেকুলী বিয়া : 

উত্তৰঃ অসমৰ পৰম্পৰাগত লোক-উৎসৱবোৰৰ ভিতৰত ভেকুলী বিয়া অন্যতম। ক’ত আৰু কেতিয়াৰ পৰা ভেকুলী বিয়া আৰম্ভ হ’ল, সেয়া সঠিককৈ জনা নাযায়। সাধাৰণতে জেঠ, আহাৰ অথবা শাওন মাহত অতিমাত্ৰা অনাবৃষ্টি হৈ খৰাং বতৰ হ’লে বৰষুণৰ কামনাৰেই ভেকুলী বিয়াৰ আয়োজন কৰা হয়। সাধাৰণতে দুখন গাঁৱৰ ৰাইজ একগোট হৈ ভেকুলী বিয়া পাতে। সুবিধা আৰু পৰিৱেশৰ অভাৱ থাকিলে চুবুৰীয়ে চুবুৰীয়ে ভেকুলী বিয়াৰ আয়োজন কৰা দেখা যায়। দুখন গাঁৱৰ মানুহ লগ হৈ পতা ভেকুলী বিয়াত এখন গাঁৱত দৰা আৰু আন এখন গাঁৱত কইনা সজাই লোৱা হয়।

ভেকুলী বিয়াৰ নিৰ্দিষ্ট দিনটো ধার্য কৰাৰ লগে লগে দুয়োখন গাঁৱৰ ডেকা-গাভৰুৱে ভেকুলী বিচৰাৰ কামত লাগি যায়। দুটা ভেকুলী যোগাৰ হ’লেই বিয়াৰ পৰ্ব আৰম্ভ হয়। অসমীয়া সমাজৰ পৰম্পৰাগত বিবাহ পদ্ধতিৰ সকলো নীতি নিয়ম ভেকুলী বিয়াতো মানিবলৈ চেষ্টা কৰা হয়। জোৰণ দিয়া পৰ্বৰেই ভেকুলী বিয়াৰ কাৰ্যসূচী আৰম্ভ হয়। নাৰিকলৰ টুকুৰাৰে কানফুলি, শামুকৰ খোলাৰে নেকলেছ, কাউৰী মণিৰে চেইন, খাৰু, আঁহত গছৰ পাতেৰে মেখেলা-চাদৰ আদি জোৰণ হিচাপে দিয়া হয়। ঠিক তেনেদৰে কইনা ঘৰৰ পৰাও গছৰ পাতেৰে তৈয়াৰ কৰা দৰাৰ সাজ দিয়া হয়। 

পানী তোলা পৰম্পৰা ভেকুলী বিয়াৰ লগত জড়িত। ভগা বাল্টি, টিন আদি বজাই ডেকা-গাভৰুৱে কাষৰ নদী , বিল নাইবা ৰাজহুৱা পুখুৰীৰ পৰা পানী তোলে। তাৰ পিছত কইনা আৰু দৰা দুয়ো ভেকুলিকে দৰা-কইনাৰ সাজেৰে সজায়। সজাই হোৱাৰ পিছত দৰা কইনাৰ ঘৰলৈ যায়। কইনাঘৰৰ চোতালত দৰাক আদৰণি জনোৱা হয়। কইনা ঘৰত দুয়োকে কাঠৰ চালপীৰাত বহুৱাই বিবাহ কার্য আৰম্ভ কৰা হয়। দৰা- কইনাক উপহাৰ দিয়া পৰ্বও তাতেই আৰম্ভ হয়। নাৰিকলৰ টুকুৰা, কলপটুৱাৰ দোং জাতীয় আদি বস্তু উপহাৰ হিচাপে দিয়া হয়। বিয়াৰ অন্তত দৰা আৰু কইনাক কলৰ দোনাৰে সজা দোলত লৈ ঢোল-পেঁপা বজাই দৰা-কইনা দুয়োখন গাঁও ফুৰাই নদীত এৰি দিয়া হয়।

লোকবিশ্বাস অনুসৰি এনেদৰে ভেকুলী বিয়া আয়োজন কৰিলে দেৱতাই বৰষুণ দিয়ে। আৰু মূলতঃ বৰষুণৰ কামনাৰে ভেকুলী বিয়া আয়োজন কৰা হয়। লোকবিশ্বাসত ইন্দ্ৰক মেঘ আৰু বৰষুণৰ দেৱতাৰূপে পূজা কৰা হয়। ইন্দ্ৰক সন্তুষ্ট কৰি বৰষুণৰ কামনাৰেই ভেকুলী বিয়া অনুষ্ঠিত কৰা হয়। লোকবিশ্বাসত বৰষুণ আৰু ভেকুলীৰ সম্বন্ধ অভিন্ন বুলি ভবা হয়।

অসমীয়া সমাজৰ পৰম্পৰাগত বিয়াত গোৱাৰ দৰে ভেকুলী বিয়াতো বিয়ানাম পৰিৱেশন কৰা হয়। এইবোৰে অসমীয়া সমাজৰ লোক-পৰম্পৰাৰ বিভিন্ন দিশ তুলি ধৰে। যথা—

(ক) ভেকুলী নোৱাই, ভেকুলী ধুৱাই

ৰাইজে বেৰি বেৰি চায়

জীবনে -মৰণে দুয়ো এৰা-এৰি নাই।

(খ) আহা হেৰা গুনৱতী হাতে লোৱা ধূপ

আহিছে ভেকোলা আজি সাজে বিষ্ণুৰূপ,

শুনা হেৰা গুনৱতী হাতে লোৱা পাণ

ভেকোলাই আজি ল’ব তোমাক আজি দান।

(ঘ) ৰাম ৰাম, ভেকুলীৰ বিয়ালৈ,

ৰাম ৰাম, আহে ইন্দ্ৰদেৱ

ৰাম ৰাম, বতাহ-বৰষুণত তিতিহে,

ৰাম ৰাম, স্বৰ্গৰ অপেশ্বৰী,

ৰাম ৰাম, নামি আহিছে,

ৰাম ৰাম, ভেকুলীৰ বিয়া শুনিহে।।

ৰাম ৰাম, দেখি মহাদেৱে,

ৰাম ৰাম, ভেকুলীৰ বিয়া,

ৰাম ৰাম, হাঁহে খলে খলি চাইহে।

(ঙ) ভেকুলীৰ বিয়ালৈ 

আহে ইন্দ্ৰদেও

বতাহ বৰষুণত তিতি

সৰগৰ অপেচৰা

নামি আহিছে 

ভেকুলীৰ বিয়া শুনি।

ভেকুলীৰ বিয়ালৈ মহাদেৱে ভুমুকি মাৰি ‘দেখি মহাদেৱে, ভেকুলীৰে বিয়া, হাঁহে খলে খলি চাই’ কথাও নামৰ সুৰত সম্যক চিত্ৰ বিকশি উঠে। সাধাৰণ বিয়াৰ দৰেই ভেকুলী বিয়াত সামাজিক ৰীতি-নীতি পালনৰ লগতে আয়তীসকলে হাস্য বংগ্য ৰসৰ সঞ্চালন কৰি গীত নাম গোৱা পৰিলক্ষিত হয়।

কেঁকোৰা গাঁতত

বিয়াখন পাতিছে

খাবলৈ নাপালো পাণ।

বাঁহৰে আগতে

বগলী পৰিছে

আগে হালি জালি পৰে

বৰষুণৰ লগত

ভেকুলী পৰিছে

চিলাই ধৰি ধৰি গিলে।

খহুলী ভেকুলীৰ বিয়া এ

ৰাইজক পানী কৰি এ

চকুৰে ভেকুলী মাটি কলী ফাপৰি

নেমাতি কেনেকৈ থাকোঁ।

খহুলী ভেকুলীৰ বিয়া এ

ইন্দ্ৰে বৰষুণ দিয়া এ।

 —এইবোৰ মাজেৰে ভেকুলীৰ বিয়াৰ তাৎপৰ্য অনুধাৱন কৰি পাৰি। কল্পনাৰ উৰণ, ভাৰৰ স্ফূৰণ, আৱেগৰ প্ৰত্যুৎপন্নমতিতাৰে গীতৰ বিষয়বস্তু সামৰি নামতীসকলে ভেকুলী ভেকোলাৰ বিয়াখিনি সম্পন্ন কৰি ঢোলে দগৰে বোৱঁতী নৈত নাম গাই গাই উটুৱাই দিয়ে। অসমীয়া কৃষিজীৱী লোকৰ ভেকুলী বিয়াখন যেন গভীৰ বিশ্বাস আৰু আস্থাৰ ভেঁটিত প্ৰতিষ্ঠিত হৈ আছে। ভেকুলী বিয়া আয়োজনৰ লগত কৃষিজীৱী গাঁৱলীয়া সমাজৰ জড়িত থকা বিশ্বাস আৰু আস্থাই চহা লোকৰ লোকমনকেই তুলি ধৰে। আজিৰ তাৰিখত বিজ্ঞানে বৰষুণ হোৱা আৰু নোহোৱাৰ কাৰণ ব্যাখ্যা কৰিলেও ভেকুলী বিয়াক হাস্যকৰ কৰি তোলা নাযায়। বৰঞ্চ ই অসমীয়া লোকজীৱনৰ এচোৱা ৰূপ ধৰি ৰাখিছে।

(গ) তিৱাসকলৰ ‘জোনবিল মেলা’ :

উত্তৰঃ মৰিগাঁও জিলাৰ জাগীৰোড আৰু জাগী ভকত গাঁৱৰ মধ্যস্থানত থকা এখন বিলৰ নাম হ’ল  ‘জোনবিল’। এই বিলৰ পাৰত অনুস্থিত মেলাই হৈছে ‘জোনবিল মেলা’। জোনবিল মেলাই অসমৰ প্ৰাচীন প্ৰথাক প্ৰতিনিধিত্ব কৰে। পাহাৰ আৰু ভৈয়ামত বসবাস কৰা তিৱা লোকসকলে নিজৰ নিজৰ ঠাইত উৎপাদিত দ্ৰৱ্য সামগ্ৰী নিজৰ আৰু আন আন জনগোষ্ঠীবোৰৰ লগত বিনিময় কৰে। জোনবিল মেলাৰ প্ৰধান তাৎপৰ্যটোৱেই হৈছে বিনিময় প্ৰথাৰ মাজেৰে জাতি-জনগোষ্ঠীৰ মাজত সম্প্ৰীতিৰ এনাজৰীডাল দৃঢ় কৰি ৰখা।

জোনবিল মেলাৰ আৰম্ভণি সম্পৰ্কে সঠিক তথ্য পোৱা নাযায়। ঐতিহাসিক গোভাৰাজ্য প্ৰতিষ্ঠাৰ দিনৰে পৰা এই মেলাৰ আৰম্ভণি হয় বুলি গৱেষকসকলে মত পোষণ কৰে। গোভা ৰজাকেই জোনবিল মেলাৰ জন্মদাতা বুলি কোৱা হয়। একাংশ পণ্ডিতৰ মতে, তিৱাসকলৰ গোভা ৰজা জোন সিঙৰ ৰাজ-অভিষেকৰ স্মৃতিৰে বিলখনৰ নাম  ‘জোনবিল’ হৈছে। আৰু তেখেতৰ নামেৰেই  ‘জোনবিল মেলা’ৰ উৎপত্তি হোৱা বুলি কোৱা হয়। জোনবিল মেলাৰ উৎপত্তি সম্পৰ্কত বিভিন্ন জনশ্ৰুতিৰ প্ৰচলন আছে ।” গোভাৰাজ্য প্ৰতিষ্ঠা কৰা ৰজাই এদিন ৰাণীৰ সৈতে বিহাৰ কৰি ঘূৰি ফুৰোঁতে এখন বিলৰ কাষ পাইছিল, বিলৰ ফটফটীয়া পানীত জোনৰ পোহৰ পৰি জিলিকি উঠিছিল। তাকে দেখি ৰজা-ৰাণীৰ মনত আনন্দ লাগিছিল আৰু তেতিয়াই ৰজাই ৰাণীক কৈছিল ‘হেবে ছনাই পিল হঙদ’ অৰ্থাৎ এইখন জোনটোৰ দৰে বিল। তিৱা ভাষাত ‘ছনাই’ মানে হৈছে জোন, এই ছনাই পিলৰ পৰাই কালক্ৰমত এপ্ৰভ্ৰংশ হৈ ছনাই পিল>জনাই পিল>জোনবিল হোৱা বুলি কোৱাৰ থল আছে।” 

কোনো কোনোৰ মতে বিলখনৰ আকৃতি কাচি জোনটোৰ দৰে হোৱাৰ কাৰণেও জোনবিল নামৰ উৎপত্তি হোৱা বুলি কোৱা হয়। আন এক জনশ্ৰুতি অনুসৰি  ‘কিংবদন্তি আৰু ধুৱলী-কুঁৱলী ইতিহাসৰ পৰা দেখা যায় গোভা ৰাজ্যৰ প্ৰতিষ্ঠাতা ৰজাই (খেনোৰ মতে ৰজা পান্টেশ্বৰ) শুক্লপক্ষৰ সুন্দৰ ৰাতি ৰাণীৰ সৈতে বিহাৰ কৰি আহি এখন বিলৰ পাৰত অৱস্থান কৰে। তেতিয়াই বিলৰ ফটফটীয়া জলৰাশিত প্ৰতিবিম্বিত সুন্দৰাকৃতি জোনটি দেখি ৰজা-ৰাণী আনন্দত অধীৰ হৈ পৰে। লগে লগে ৰজাৰ আদেশ মতে তেতিয়াৰ পৰা বিহাৰত ৰজা-ৰাণীক আনন্দ দিওঁতা সেই জোন প্ৰতিবিম্বিত বিলখনৰ নাম হৈ পৰে জোনৰ বিল— জোনবিল। আকৌ তাতে সেই ৰজাৰ আদেশ মৰ্মে অনুষ্ঠিত হ’বলৈ ধৰিলে ৰজা-প্ৰজাৰ মিলনৰ এক অপূৰ্ব উৎসৱ মেলা— যি ক্ৰমে খ্যাত হৈ পৰিল বিখ্যাত ‘জোনবিল মেলা’ তথা ‘জোন-মেলা’ৰূপে।” আন এক প্ৰবাদ অনুসৰি “জোনবিল মেলা গোভা ৰজাৰ ‘নোৱান’ অৰ্থাৎ ‘ন-খোৱা’ উৎসৱৰহে এটি সন্মোহিত ৰূপ। আঘোণ-পুহত খেতি চপোৱাৰ পাছত ন-ধানৰ ভাত খাবলৈ তিৱা ৰাজপৰিয়ালৰ লোকসকলে সুন্দৰ জোনবিলৰ পাৰত মিলিত হৈ তিৱা ধৰ্ম আৰু সাংস্কৃতিক পৰম্পৰাৰ ভেঁটিত নিৰ্দিষ্ট বলি-বিধানেৰে ইষ্ট দেৱতাক পূজা পাতল কৰি তেওঁবিলাকৰ পূৰ্বপুৰুষক বিধিপূৰ্বক ন-ধানৰ অন্ন-ব্যঞ্জন, লাওপানী আদি অৰ্পণ কৰি পাছত সকলোৱে লগ লাগি স্ফূৰ্তি-তামাচাৰে ভোজভাত খায়। পৰৱৰ্তী সময়ত তিৱা গোভা ৰাজৰ এই ন-খোৱা উৎসৱৰ সোঁৱৰণী পৰ্বৰ আধাৰত সৃষ্টি হ’ল জোনবিল মেলা।”

পাহাৰ ভৈয়ামৰ জনগোষ্ঠীয় লোকৰ মধুৰ  সম্পৰ্ক গঢ়া এই জোনবিল মেলাৰ আগমনৰ লগে লগে আজিও নগাঁও-মৰিগাঁওবাসীৰ মন আনন্দিত হয়। মৰিগাঁও জিলাৰ জাগীৰোডৰ সমীপৰ্বতী জোনবিলৰ পাৰতেই মাঘ বিহুৰ সময়ত জোনবিল মেলা উদযাপিত হয়। এই মেলালৈ পাহাৰ-ভৈয়ামৰ তিৱা, খাচী, বড়ো, কছাৰী, কাৰ্বি আদি জনজাতিৰ লোকসকল আহে। জোনবিল মেলাৰ মূল বৈশিষ্ট্যটো হ’ল ভালপোৱা, সমন্বয়-সম্প্ৰীতিৰ এনাজৰীডাল দৃঢ় কৰি ৰখা। পাহাৰৰ জনগোষ্ঠীয় লোকসকলে ভৈয়ামৰ এই জোনবিল মেলাত দ্ৰৱ্য বিনিময় কৰি দুদিন-দুৰাতিৰ পিছত মেলাস্থলীত সাজি লোৱা অস্থায়ী ঘৰবোৰ জ্বলাই দি নিজৰ ঘৰলৈ যায়গৈ। বিনিময়ৰ মাধ্যমেৰে পোৱা বস্তুবোৰ তেওঁলোকে  ‘হোৰা’ত ভৰাই পিঠিত ওলোমাই লৈ যায়। ভৈয়ামৰ পৰা লৈ যোৱা দ্ৰৱ্য-সমগ্ৰীৰেই পাহাৰীয়া লোকসকলে ভোগালী বিহু উদযাপন কৰে। সকলো জাতি-জনগোষ্ঠীৰ লোকে জোনবিল মেলাত সমূহীয়াভাৱে মাছ মৰাৰ পৰম্পৰা আছে। পৰম্পৰা অনুসৰি গোভা ৰজাই জোনবিল মেলাস্থলীতে অস্থায়ী ৰাজদৰবাৰ পাতে। আৰু মেলাৰ শান্তি-শৃংখলা ৰক্ষাৰ ওপৰত গুৰুত্ব দিয়ে। ইয়াৰ দ্বাৰা তিৱা প্ৰশাসন আৰু ৰাজকার্যৰো আভাস পোৱা যায়। এই মেলাত তিৱা সংস্কৃতিৰ গীত-মাত, নৃত্য আদি পৰিৱেশন কৰা হয়।

জোনবিল মেলাত থলুৱা খাদ্যদ্ৰৱ্যৰ আদান প্ৰদান কৰাটো জোনবিল মেলাৰ আন এক বিশেষ বৈশিষ্ট্য। পাহাৰত বসবাস কৰা তিৱাসকলে তেওঁলোকৰ উৎপাদিত খাদ্যশস্য, বিভিন্ন সা-সামগ্ৰী ভৈয়ামৰ তিৱাসকলৰ সৈতে বিনিময় কৰে। ভৈয়ামৰ লোকসকলে সান্দহ, পিঠা, মাছ ইত্যাদিৰ সৈতে পাহাৰৰ পৰা অনা আদা, কচু, হালধি, বাঁহগাজ, জলকীয়া, থেকেৰা, লা, শালধুনা আদি নানা দ্ৰৱ্যৰ আদান প্ৰদান কৰে। তিলপিঠা, সান্দহ, পাতত দিয়া পিঠা, শুকান মাছ, এড়ী চাদৰ, মুগা সূতা, পাটসূতা, কমলা, লাইশাক, দিনদূলি, কলডিল, বিচনাত পাৰিবলৈ আৰু গাত ল’বলৈ বহুবৰ্ণী আনথলা, ৰঙালাও, তিল, পাতত দিয়া পিঠা আদিৰ বিনিময় জোনবিল মেলাত লক্ষ্য কৰা যায়। তিৱা জনগোষ্ঠীৰ বাহিৰেও আন আন জনগোষ্ঠীয় লোকসকলেও দ্ৰৱ্য বিনিময়ত সমানেই অংশ লয়। 

পূৰ্বৰ পৰম্পৰা অনুসৰি জোনবিল মেলাত তিৱাসকলৰ গোভা ৰজাই ডা-ডাঙৰীয়াসকলৰ সৈতে অস্থায়ী ৰাজদৰবাৰ পাতে আৰু মেলাথলীৰ পৰা কৰ সংগ্ৰহ কৰে। ৰাজদৰবাৰীলৈ কলতলীয়া খলা, নেলী, কুমৈ, বঘৰা, ডিমৰীয়া, চহকী, তেঁতেলীয়া, দমাল, ঘগুৱা আদিৰ ৰাজসকলৰ লগতে আহোম ৰজাক বিশেষ অতিথি হিচাপে নিমন্ত্ৰণ জনোৱা হয়। জোনবিল মেলাত কুকুৰা যুঁজকে ধৰি বিভিন্ন খেল-ধেমালি আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। তদুপৰি তিৱা সংস্কৃতিৰ কেতবোৰ সম্পদ ৰাজদৰবাৰত প্ৰদৰ্শিত হয়। এই মেলাৰ শেষৰদিনা বিলত সমূহীয়াভাৱে মাছ ধৰা হয়। পূৰ্বতে জোনবিল মেলালৈ ওচৰ-চুবুৰীয়া ৰাজ্যৰ বিভিন্নজন ৰজাৰ আগমন ঘটিছিল। সময়ৰ পৰিবৰ্তনৰ লগে লগে জোনবিল মেলালৈয়ো ভালেমান পৰিৱৰ্তন আহিল। আজিৰ আধুনিক পৃথিৱীখনে তিৱাহকলৰ জীৱন-প্ৰণালী আৰু দৃষ্টিভংগীলৈ অভূতপূৰ্ব পৰিবৰ্তন আনি দিছে। 

আৱেগিকভাৱে কেৱল ঐহিত্য পৰম্পৰাকে ধৰি নাথাকি সময়ৰ লগত খোজ মিলাবলৈ যাওঁতেই জোনবিল মেলাও এক বৃহৎ বাণিজ্যিক মেলালৈ ৰূপান্তৰিত হৈছে। সময়ৰ লগে লগে কিছু কিছু সাংস্কৃতিক পৰিবৰ্তনক অৱশ্যেই মানি তিৱাসকলৰ জোনবিল মেলাৰ লগত সামাজিক, সাংস্কৃতিক, অৰ্থনৈতিক, ৰাজনৈতিক আদি দিশবোৰ জড়িত হৈ আছে। গীত-মাত, নৃত্য-বাদ্য, সাজ-পোচাক আৰু খাদ্যাভ্যাসৰ মাজেৰে নিজৰ পৰিচয় তিৱাসকলে জীয়াই ৰাখিছে। তিৱা সংস্কৃতিৰ ঐতিহ্যক জোনবিল মেলাই সদায়েই কঢ়িয়াই ফুৰিছে। ‘লা-লি-হালালি’ গীতৰ ব্যৱহাৰ জোনবিল মেলাৰ এক মন কৰিবলগীয়া বিশেষত্ব। যথা—

“লালি হিলালি লাই অ’ পিতাদেউ

লালি হিলালি লাই।

হিলালি গীত গাওতে পলুৱাই আনিলে

অজলা লালুঙক পাই।”

১৭২৯ খ্ৰীষ্টাব্দৰ পৰাই মৰিগাঁও জিলাৰ জাগীৰোডৰ ওচৰৰ জোনবিলৰ পাৰত তিনিদিনীয়াকৈ জোনবিল মেলা অনুষ্ঠিত কৰা দেখা যায়। প্ৰাচীন তিৱা ৰাজ্যৰ বৰ্ণাঢ্য সংস্কৃতিৰ উমান এই মেলাৰ মাজেৰে পোৱা যায়। মূলতঃ গোভা ৰজাই কৰতলীয়া প্ৰাচীন সাতোৰজা পাঁচোৰজাৰ পৰা কৰ সংগ্ৰহৰ উদ্দেশ্যেই এই উৎসৱ আৰম্ভণি কৰিছিল বুলিও কোৱা হয়। প্ৰতি বছৰৰ মাঘ বিহুৰ পাছৰটো বৃহস্পতিবাৰৰ পৰা শনিবাৰলৈকে এই জোনবিল মেলা অনুষ্ঠিত কৰি অহা হৈছে। সমন্বয়ৰ অসমীয়া সাংস্কৃতিক ক্ষেত্ৰখনত জোনবিল মেলা বিশেকভাৱে উল্লেখযোগ্য। তিৱা জাতিৰ জাতীয় স্বৰূপ তুলি ধৰা এই জোনবিল মেলা সমন্বয়-সংস্কৃতিৰ এক শক্তিশালী বাৰ্তাবাহী হিচাপে সদায়েই বিবেচিত হৈ ৰ’ব।

(ঘ) মিচিংসকলৰ আলি আয়ে লৃগাং :

উত্তৰঃ অসমীয়া জাতীয় জীৱনত অতুলনীয় বৰঙণি আগবঢ়োৱা এটা জনজাতি হ’ল মিচিংসকল। মিচিংসকলৰ ঐতিহ্যপূৰ্ণ কৃষিভিত্তিক জাতীয় উৎসৱ হ’ল আলি আয়ে লৃগাং। আলি আয়ে লৃগাং মিচিংসকলৰ এক বসন্তকালীন উৎসৱ। ‘আলি’ মানে মাটিৰ তলত হোৱা ফল, ‘আই’ মানে গছৰ গুটি আৰু ‘লৃগাং’ মানে সিঁচিবলৈ আৰম্ভ কৰা অৰ্থাৎ আলি আয়ে লৃগাং মানে শস্য সিঁচিবলৈ আৰম্ভ কৰা দিন বা সময়। প্ৰতিটো বছৰৰ ফাগুন মাহৰ প্ৰথমটো বুধবাৰে এই উৎসৱ পালন কৰা হয়। বুধবাৰটোক তেওঁলোকে অতি শুভবাৰ আৰু লখিমীবাৰ বুলি বিবেচনা কৰে। এই দিনটোৰ পৰাই তেওঁলোকে আহুধানৰ বীজ সিঁচিবলৈ আৰম্ভ কৰে। শস্যৰ অধিক উৎপাদন কামনা কৰিয়েই নৈপৰীয়া মিচিংসকলে এই উৎসৱ পালন কৰে। লৃগাং উৎসৱৰ মূল উৎসই হ’ল অনাগত কৰ্মময় সংগ্ৰামী জীৱনৰ বাবে কৰ্মোদ্যম কৰি তোলে। সেয়ে লৃগাং উৎসৱৰ আৰম্ভণিৰ পৰা সামাজিক ৰীতি-নীতিৰে প্ৰীতিভোজ খাই, নৃত্য-গীত গাই, বিভিন্নজনৰ মাজত ঐক্য আৰু সম্প্ৰীতিৰ সাঁকো গঢ়ি মনবোৰ সতেজ কৰি তুলি কৃষিকৰ্মৰ বাবে নিজকে নিয়োজিত কৰিবলৈ সক্ৰিয় কৰ্মঠ কৰি তোলা হয় প্ৰতিজন ব্যক্তিৰ মন। 

উৎসৱৰ দিনা ভাত , বৰা চাউল আৰু ছাইমদ আগবঢ়াই  ‘দঞি-প:ল’ (সূৰ্য-চন্দ্ৰ) ৰ নাম লৈ স্তুতি গীত আওৰায়। এই স্তুতি গীতেৰে পূৰ্বপুৰুষৰ মৃতআত্মাক সন্তুষ্ট কৰাৰ কামনাৰে গোৱা হয়। লগতে শস্যক্ষেত্ৰত যাতে উৎপাদন ভাল হয় আৰু পৰিয়ালৰ সকলোৰে যাতে কুশল-মঙ্গল হয়, তাৰে কামনাৰেও এই প্ৰাৰ্থনা গোৱা হয়। সেইদিনা বৰা চাউলৰ  ‘পুৰাং’, কৌপাতত বান্ধি সিজোৱা ভাত, মাছ, গাহৰিৰ মাংস আপং আদিৰে ভোজন পৰ্ব কৰা হয়। এই উৎসৱত পৰ: আপং ব্যৱহাৰ কৰা হয়। বীজ সিঁচাৰ আগতে নিৰ্দিষ্ট মাটি টুকুৰা পানী ছটিয়াই শুদ্ধ কৰি লোৱা হয় আৰু তাৰ পিছত টুকুৰাৰ চাৰিওফালে চাৰিজোপা পি : ৰ (মেগেলা) গছ ৰোৱা হয়। পি:ৰ গছৰ পাতৰ ফেৰেঙনিত কপাহ (পি:মূৰ) অলপ অলপ লগোৱা হয়। চহ কৰা মাটি টুকুৰাৰ মাজভাগত পৃপৃলৃলৃ (কণী) এটা পুতি দিয়ে। 

কৌপাতত তিনিভাগ পুৰাং, আদা, ছাইমদ ৰাখি সজোৱা হয়। সৰ্বশেষত বয়োজ্যেষ্ঠজনে হোৰাত কঠীয়া ভৰাই দঞি পলৰ (চন্দ্ৰ-সূৰ্য), বসুমতী আই, বৰুণ দেৱতা, জলদেৱতা, পৱন দেৱতা আৰু উপৰিপুৰুষৰ নাম লৈ মিতদা এখনেৰে মাটিত খুঁচি খুঁচি ধানৰ কঠীয়া ছটিয়াই দিয়ে। তাৰ পিছত বাঁহৰ কামী কেইডালমান ধেনুভিৰীয়া কৰি মাটিত গুঁজি দিয়ে যাতে শীতৰ কুঁৱলীয়ে বীজ গজিব নোৱাৰাকৈ মিচিং ভাষাত  ‘পেনেম’  কৰে। পেনেমৰ অসমীয়া ভাবাৰ্থ— ‘আজি মিচিং সমাজে বসুমতী আইৰ লগতে সূৰ্য-চন্দ্ৰ, জল, পৱন, বৰুণ দেৱতা, পূৰ্বপুৰুষ সকলোলৈকে কৌপাতত ভাত, আদা, কণী, ছাইমদ আদি আগবঢ়োৱা পূজা বা সেৱা আগবৰাইছোঁ। আজিৰ পৰা শস্য সিঁচিবলৈ আৰম্ভ কৰা হৈছে, গতিকে শস্য ভাল কৰি বছৰটো খাবলৈ জোৰকৈ ফচল পাব লাগে। শীতৰ কুঁৱলীয়ে বীজ গজিব নোৱাৰাকৈ ঢাকি নাৰাখিবৰ বাবে সকলোফালে নদন-বদন হ’ব লাগে।’ আলি আয়ে লৃগাং উৎসৱত লৃগগৃদ অৰ্থাৎ প্ৰথম বীজ সিঁচাৰ নিয়ম পালন কৰোঁতে প্ৰধানকৈ লাগতিয়াল বস্তুকেইপদ হ’ল— চাৰিজোপা পি:ৰ (মেগেলা গছ), কে:ছি-কে:ৰ  (আদা), পৃপৃলৃলৃ (কণী), প:ৰ আপং (ছাইমদ),চৃ:পাগ (কপাহ), পুৰাং (কৌপাতত টোপোলা বন্ধা ভাত), কামৰ (কৌপাত), আমলি (কঠীয়া), অগৃন (হোৰা), আচিলৃ-চুৰ (এটেকেলি পানী), তাকু-তা:বাদ (দুই মূৰে জোঙা কৰি পাতলকৈ চচাঁ চাৰিপাত বাঁহৰ কামী ইত্যাদিয়েই প্ৰধান ), মাততৃগ (মিচিং মিতদা)।

আলি আয়ে লৃগাং উৎসৱৰ কৰাৰ পৰম্পৰা আছে। এই নৃত্যক  ‘গুমৰাগ পাকচ’ বোলা হয়। কিছুমান গাঁৱত গাঁৱৰ মুখিয়ালজনৰ ঘৰৰ পৰা বিহু আৰম্ভ হয়। ইয়াৰ ‘নিতম’ (গীত) বোৰক ‘বৃ:ৰগ নি:তম’ বোলা হয়। ইয়াৰ অৰ্থ হ’ল উৎসৱৰ গীত। ডেকা-গাভৰুসকলে পূজাথলীত ‘গুমৰাগ পাকচ’ কৰে। নিশা গাভৰুসকলে বিহু পাতে আৰু তাতে ‘ঐ নি:তম’ বা বিহুগীত গায়।

আলি আয়ে লৃগাং উপলক্ষে বিশ দিনমানৰ আগৰে পৰা মিচিং নাৰীয়ে তৈয়াৰ কৰে প:ৰ (ছাইমদ) আৰু নপপিন আপং। আপোনজন অথবা প্ৰেমিকৰ বাবে নিজ হাতেৰে সপোনৰ ফুল বাছি বৈ দিয়ে মিব’গালুগ (মিচিং চোলা), গনৰ ওগন (মিচিং ধুতী) আৰু দুমৌৰ (গামোচা) আৰু নিজৰ বাবেও বৈ লয় এনে পাটৰ (মেখেলা- চাদৰ), ৰিৱি, ৰুমবুং আদি। দুহাতত জেতুকা বোলায়, গামখাৰু, দুমপুন, খোপাত পিন্ধা বগা সূতাৰে নিজে বনোৱা ফুল, মাদলি, জোনবিৰি aad পিন্ধি গাভৰুবোৰ জাক পাতি ওলাই আহে লৃগাং ছ:মান (ডেকা-গাভৰুৱে নচা নাচ ) কৰিবলৈ। অতীজৰে আলি আয়ে লৃগাঙৰ দিনা ডেকা -গাভৰুৱে নাচক  ‘গুমৰাগ ছ:মান’ বুলি কোৱা হয়। এই গুমৰাগ ছ:মানৰ বাবে নিৰ্দিষ্ট গীত, ঢোল ছেও, পুৰণি বাদ্য লৌ:লা-মাৰবাং (বৰকাঁহ জাতীয় বাদ্য) আদি বাদ্য আছে। গুমৰাগ ছ:মানৰ লৃগাঙৰ দিনা গাঁৱৰ মুখ্য ব্যক্তি গাম বা গাওঁবুঢ়াৰ ঘৰতে ঘাট মাৰে। তাৰ পিছত ক্ৰমে শইকীয়া, বৰা, সাতোলা আদিৰ ঘৰত আৰু পিছত গাঁৱৰ সকলোৰে ঘৰত গুমৰাগ ছ:মান কৰে। অঞ্চলভেদে সপ্তাহজুৰি আন কিছুমান ঠাইত পাঁচ দিন গুমৰাগ ছ:মান কৰে। ছ:মান কৰি পোৱা টকাৰে ডেকা-গাভৰুৱে মুৰংঘৰৰ বাবে যাৱতীয় বয়বস্তু আদি লোৱাৰ উপৰি প্ৰীতিভোজ খায়। লৃগাঙৰ পঞ্চম দিনা লৃ:লেন বা চাপলেন অৰ্থাৎ গেনা ভংগৰ নিয়ম কৰে। 

ঘৰৰ বয়োজ্যেষ্ঠজনে মৌৰম (জুইশাল) সুন্দৰকৈ মচি-কাচি লোৱাৰ পিছত জাকিত প:ৰ আপং অলপ দঞি পলক সাৰোগত কৰি পূৰ্বপুৰুষসকলৰ নামত ঢালি দি গেনা ভাঙে আৰু সকলো ৰাইজৰে মংগল প্ৰাৰ্থনা কৰি লৃগাং পৰ্বৰ সামৰণি মাৰে। মাঘৰ বিহুৰ শস্য চপোৱা আৰু ব’হাগ বিহুৰ শস্য সিঁচা উৎসৱৰ লগত মিচিং সমাজৰ এই আলি-আই লিগাং উৎসৱটিৰ সম্পৰ্ক দেখা যায়। অৱশ্যে লিগাং উৎসৱটিৰ লগত মিচিং লোকসকলৰ জাতীয় জীৱনৰ ধৰ্ম আৰু লোকবিশ্বাসৰ কথাও জড়িত হৈ আছে। মিচিংসকল সাধাৰণতে কৃষিজীৱী লোক। গতিকে কৃষিজীৱী এই মিচিং লোকসকলৰ কৃষি সম্পৰ্কীয় চিন্তা-চৰ্চা, ধ্যান-ধাৰণা, লোক-বিশ্বাস আদিৰ পূৰ্ণ প্ৰকাশ ঘটিছে আলি-আই -লিগাং উৎসৱটিৰ জৰিয়তে। মিচিং সমাজৰ সমাজ জীৱনৰ সুস্পষ্ট ছবি এই উৎসৱটিত পালন কৰা লোকাচাৰসমূহৰ মাজেদি দেখিবলৈ পোৱা যায়। আলি-আই-লৃগাং উৎসৱটিৰ মাজত লুকাই থকা লোকাচাৰবোৰৰ পৰা ইয়াক কঠীয়া বা শস্য সিঁচাৰ পূৰ্ব প্ৰস্তুতিমূলক উৎসৱ যেন ধাৰণা হয়। মূল উৎসৱ আৰম্ভ হোৱাৰ দুই এদিন আগৰেই পৰা মিচিং গাঁৱৰ গঞা ৰাইজে লগ লাগি নদী, বিল আদিত মাছ মাৰে আৰু হাবিত চৰাই-চিৰিকতি, পশু, নল গাহৰি আদি চিকাৰ কৰে। আকৌ নদী, বিল হাবি আদিত পোৱা মাছ, মঙহবোৰ সকলোৱে ভগাই লয়। ইয়াৰ দ্বাৰা তেওঁলোকৰ ভাতৃত্ববোধ আৰু ঐক্য মনৰ উমান পোৱা যায়। আলি-আই-লিগাঙৰ দিনা সেইবোৰ অস্ত্ৰেৰে বাঁহ, বেত, খেৰ আদি কোনো জীয়া বস্তু কাটিব নেপায়। কাটিলে শস্যৰ অমঙ্গল ঘটিব। এয়া মিচিং জনসমাজৰ লোক-বিশ্বাস। 

আলি-আই-লৃগাঙৰ দিনা গাঁৱৰ ৰাইজে প্ৰতি ঘৰলৈ গৈ প্ৰীতি ভোজন কৰে আৰু গৃহস্থৰ মঙ্গল কামনা কৰি আশীৰ্বাদ দিয়ে। ইয়াৰ বাহিৰেও সেইদিনা সমজুৱাই মিলি বিশেষ ভোজ-ভাতৰো আয়োজন কৰে। ভোজভাতৰ বাবে প্ৰস্তুত কৰা খাদ্য সামগ্ৰীসমূহ; যেনে— মাছ, মঙহ , আপং আদিবোৰ প্ৰথমতে তেওঁলোকে তেওঁলোকৰ পূজা ইষ্ট দেৱতা আৰু পূৰ্বপুৰুষৰ স্মৃতিত উছৰ্গা কৰে। এই উছৰ্গা কৰাৰ গুৰিতেই গ’ল পূৰ্বপুৰুষসকলৰ আত্মাই যাতে কেতিয়াও কোনো ক্ষেত্ৰতে মনোকষ্ট নেপায় সদায়ে তেওঁলোকে তেওঁলোকৰ সতি-সন্ততিবোৰৰ মঙ্গল কামনা কৰি থাকে। ইয়াৰ পাছত সকলোৱে লগ লাগি সেইবোৰ আনন্দ মনেৰে ভোজন কৰে। এই বিহুত গাঁৱৰ ল’ৰা বুঢ়াৰ পৰা আৰম্ভ কৰি জীয়ৰী-বোৱাৰী সকলোৱে ঘৰত বিশেষ ভাৱে তৈয়াৰ কৰা ‘গাপা’ আৰু ‘গাৰে’ পোছাক পিন্ধি বিহু নাচে। 

এই নৃত্যৰ লগে লগে তেওঁলোকে গীতো গাই যায়। ইয়াতে উল্লেখযোগ্য যে লিগাঙত গোৱা গীত, নৃত্য, ঢোলৰ চেও আদি মিচিং লোকসকলে তেওঁলোকৰ অন্য উৎসৱ-পাৰ্ৱণ আদিত কেতিয়াও পৰিবেশন নকৰে। এনেদৰে বৃহৎ অসমীয়া জনগোষ্ঠীৰ অংশীদাৰ এই মিচিং লোকসকলে পৰম্পৰাগতভাৱে লোকবিশ্বাসৰ ওপৰত ভিত্তি কৰিয়েই তেওঁলোকৰ প্ৰধান জাতীয় উৎসৱ সদৃশ এই আলি-আই-লিগাং উৎসৱটি প্ৰতি বছৰে অতি উলহ-মালহেৰে পালন কৰি আহিছে। অসমৰ থলুৱা এই জনজাতীয় উৎসৱটিয়ে মিচিং সমাজত প্ৰচলিত হৈ থকা লোকবিশ্বাস, চিন্তা-চৰ্চা, ধ্যান-ধাৰণা আদিৰ সম্যক পৰিচয় দিয়ে। ইয়াৰ বাহিৰেও গঞা ৰাইজৰ একতা, ভাতৃত্ববোধ আৰু সমন্বয় সাধনতো এই উৎসৱটিয়ে বিশেষ ভূমিকা পালন কৰি আহিছে।

(ঙ) মে-দাম-মে-ফি :

উত্তৰঃ অসমৰ অতি মনোৰম উৎসৱ-পাৰ্বনবোৰৰ ভিতৰত বৃহত্তম জনগোষ্ঠী টাই আহোমসকলে পূৰ্বপুৰুষৰ সোঁৱৰণত বছৰেকত পালন কৰা ধর্মীয় উৎসৱ মে-দাম-মে-ফি অন্যতম। টাই বুৰঞ্জীত তথফা পূজাৰ পাছতে মে-দাম-মে-ফিৰ কথা বেছিকৈ উল্লেখ আছে। মে-দাম-মে-ফিৰ মূলতঃ পিতৃ পুৰুষৰ পূজা। খুম লুং আৰু খুন লাই যিহেতু স্বৰ্গৰ ৰজা লেংদনৰ বংশধৰ, সেয়েহে মে-দাম-মে-ফিত তথফা পূজাৰ দৰেই এক সাৰ্বজনীন পূজা।

টাই আহোমৰ শব্দ মে-দাম-মে-ফিৰ অৰ্থ হ’ল– মে মানে তৰ্পন, দাম মানে মৃতক আৰু ফি মানে দেৱতা। অৰ্থাৎ মৃত হৈ দেৱতাৰ স্থান পোৱা পূৰ্বপুৰুষসকলৰ আশীষ বিচাৰি উদযাপন কৰা স্মৃতি তৰ্পন কৰা অনুষ্ঠান। এনে স্মৰণ কৰা অনুষ্ঠান কেৱল আহোম সকলেই নহয়, সমগ্ৰ টাই জনগোষ্ঠীৰে এক প্ৰাচীন প্ৰথা। অসমত আহোম ৰাজত্বৰ প্ৰতিষ্ঠাপক স্বৰ্গদেউ চাওলুং চুকাফাৰ দিনৰ পৰাই মে-দাম-মে-ফি উদযাপন কৰি অহা হৈছে। চাওলুং চুকাফা অসমত উপস্থিত হোৱাৰ কিছুদিন পাছতেই শুভ দিন আৰু শুভ মুহূৰ্ত নিৰ্ধাৰণ কৰি তিমাপত থাল পাতি বৰগছ আৰু আহতগছৰ তলত প্ৰথমবাৰৰ বাবে পূৰ্বপুৰুষ আৰু স্বৰ্গত থকা দেৱতাৰ আশীৰ্বাদ লৈছিল। এয়াই অসমত প্ৰথম মে-দাম-মে-ফিৰ আৰম্ভ বুলি কব পাৰি। অৱশ্যে আহোম স্বৰ্গদেউসকলে বিভিন্ন মাংগলিক কার্যসূচীতো মে-দাম-মে-ফি উদযাপন কৰিছিল বুলি বুৰঞ্জীয়ে কয়। আহোম বুৰঞ্জীত উল্লেখ আছে যে স্বৰ্গদেউ চুহুংমুঙ ১৫৩৫ খ্ৰীষ্টাব্দত কছাৰী সকলৰ লগত হোৱা ৰণত বিজয়ী হৈ মে-দাম-মে-ফি উদযাপন কৰিছিল। ঠিক তেনেদৰে ১৬০৮ খ্ৰীষ্টাব্দত স্বৰ্গদেউ প্ৰতাপ সিংহই ৰাজ্যৰ মংগলৰ বাবে গড়গাঁৱত মে-দাম-মে-ফি উদযাপন কৰিছিল। মুছলমানে অসম আক্ৰমণ কৰিবৰ সময়ত আহোম সকলে যুদ্ধত বিজয়ী হ’বৰ বাবে স্বৰ্গদেউ চক্ৰধ্বজ সিংহই পূৰ্বপুৰুষ সকলৰ আশীৰ্বাদ বিচাৰি মে-দাম-মে-ফি উদযাপন কৰিছিল। আনহাতে আহোম স্বৰ্গদেউ জয়ধ্বজ সিংহই মে-দাম-মে-ফি অনুষ্ঠিত নকৰাৰ বাবেই হেনো মিৰজুমলাৰ হাতত যুদ্ধত পৰাভূত হৈ ৰাজ্য এৰুৱাব লগা হৈছিল।

সম্পূৰ্ণ ধর্মীয় পৰম্পৰা ৰক্ষা কৰি টাই ভাষাত মন্ত্ৰৰ উচ্চাৰিত ধ্বনিৰে মে-দাম-মে-ফি আয়োজন কৰা হয়। এই উৎসৱ ব্যক্তিগত বা সমূহিকভাৱেও উদযাপন কৰিব পাৰি। ব্যক্তিগত ভাৱে আয়োজন কৰা মে-দাম-মে-ফিত আই লেং দিন, লেংদন আৰু জাচিংফা ফিৰ লগত মাইহাং প্ৰতিষ্ঠা কৰা হয়। পুৰোহিতে মন্ত্ৰ উচ্চাৰণ কৰি আসন গ্ৰহণ কৰে আৰু পৰম্পৰাগত ৰীতি-নীতিৰে মে-দাম-মে-ফি সম্পন্ন কৰে।

আনহাতে সমূহীয়াভাৱে অনুষ্ঠিত মে-দাম-মে-ফিত প্ৰথমতে এডোখৰ ভাল ঠাই বাছি লৈ তাত আঠকোণীয়াকৈ ৰেন চাও (মণ্ডপ) এটা সজা হয়। তাৰ পাছত মাইহাং স্থাপন কৰিবলৈ ভেটি স্থাপন কৰা হয়। এই ভেটিবোৰক তি-ডেন বুলি কোৱা হয়। মে-দাম-মে-ফিত আঠখন মুখ্য মাইহাং প্ৰতিষ্ঠা কৰা হয়। তৰ্পন লাভ কৰা আঠগৰাকী মুখ্য দেৱতা হ’ল : (ক) খাওখাম (জলৰ অধিপতি) (খ) লাংকুৰি (অনন্ত দেৱতা) (ঙ) জান চাইহুং (শুভ দেওসকলৰ গুৰু) (চ) চিত লাম লাম (সাত লক্ষ বজ্ৰ বিজুলীৰ অধিপতি), (ছ) মুট কুম টাই কুম (চন্দ্ৰ-সূৰ্য দেৱতা) আৰু (জ) জাচিংফা (জ্ঞানৰ অধিষ্ঠাত্ৰী দেৱী)।

আহোম ৰাজত্ব সমাপ্তিৰ পাছত মুঠ আশী গৰাকী স্বৰ্গদেউৰ স্মৃতিত চৰাইদেউত পবিত্ৰ স্মৃতি উৎসৱ অথবা মে-দাম-মে-ফি উদযাপন কৰা হৈছিল ফাগুন মাহৰ কৃষ্ণা চতুৰ্থীৰ দিনা এই স্মৃতি তৰ্পন অনুষ্ঠান উদযাপন কৰা হয়। মুৎংৰি মুৎংৰামত প্ৰথম ৰাজ্য প্ৰতিষ্ঠা কৰা খুন লুং আৰু খুন লাইকে ধৰি মুঠ ৪২ খন শৰাই সজোৱাৰ লগতে ৪২ খন গছি বন্তি প্ৰজ্বলন কৰা হয়। ১৯৮০ চনলৈকে স্বৰ্গদেউসকলৰ পূজা হিন্দু নিয়মেৰে কৰা হৈছিল যদিও ১৯৮১ চনৰ পৰা আহোমৰ পৰম্পৰাগত নীতি-ৰীতিৰে উদযাপন কৰা হয়। এই পূজাৰ আগদিনা ফুৰালুং পূজা উদযাপন কৰা হয়।

আহোম ৰাজত্ব চলি থকা সময়ত মে-দাম-মে-ফি উৎসৱ চ’ত মাহত পালন কৰা হৈছিল যদিও বৰ্তমান ৩১ জানুৱাৰীত এই ধর্মীয় উৎসৱ উদযাপন কৰা হয়। অসম চৰকাৰে এই  দিনটোক আঞ্চলিক বিশেষ বন্ধৰ দিন হিচাপে ঘোষণা কৰিছে। মে-দাম-মে-ফি উৎসৱত আহোমসকলৰ বাহিৰেও আন জাতি-জনগোষ্ঠীৰ লোকেও অংশ লৈ ৰীতি-নীতি, সৌন্দৰ্য আদি উপভোগ কৰে। মে-দাম-মে-ফিত স্মৃতি তৰ্পন অনুষ্ঠানৰ পাছত সমূহীয়া ভোজ-ভাতৰ আয়োজন কৰা হয়।অসমৰ বিভিন্ন ঠাইত মে-দাম-মে-ফি উদযাপন কৰা হয় যদিও চৰাইদেউৰ কাৰেংঘৰৰ বাকৰি আৰু লাকুৱাৰ আমলখি দেওশালত বৰ্তমানেও ৰাজকীয় মৰ্যাদাৰে মে-দাম-মে-ফি উদযাপন কৰা হয়।

(চ) মহৰম :

উত্তৰঃ মহৰম মুছলমান সকলৰ এক পবিত্ৰ ধর্মীয় অনুষ্ঠান। ই সকৰুন জীৱন দান আৰু আত্মত্যাগৰ এক মহান স্মৃতিৰে সমুজ্জ্বল। এই পৰ্বৰ দিনাখন সেই সকৰুন কাহিনীৰ কথা মনত পেলাই চকুপানী টোকা হয়।

বছৰৰ আদি মাহ মহৰম মাহ। এই মাহতেই মহাপুৰুষ হজৰত মহম্মদৰ জন্ম হৈছিল। এনে পবিত্ৰ মাহতেই মহৰম পৰ্বও পালন কৰা হয়।

মহৰমৰ কাহিনী : মহৰম হাচান-হোচেনৰ কাহিনী। তেওঁলোক হ’ল হজৰত মহম্মদৰ সৰু ছোৱালী ফাতেমাৰ পুত্ৰ। তেওঁলোকৰ পিতৃ আছিল হজৰত আলী। তেওঁ মুছলমান ধৰ্মৰ সৰ্বোচ্চ খলিফা পদত অধিষ্ঠিত হোৱাত বিচিয়াৰ শাসনকৰ্তা মাবিয়া ঈৰ্ষান্বিত হৈ পৰে। হজৰত আলী গুপ্তঘাতকৰ হাতত মৃত্যুবৰণ কৰাত ডাঙৰ পুতেক হাচানে খলিফা পদ লাভ কৰে। মাবিয়াই মদিনাৰ পদ লাভ কৰিব নোৱাৰি হাচানৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিলে। ইপিনে মাবিয়াৰ পুতেক এজিদেও হাচান-হোচেনক হত্যা কৰি মদিনাৰ পদ লাভ কৰিবৰ কাৰণে ষড়যন্ত্ৰ কৰিলে।  হাচানে বাধ্য হৈ মাবিয়াৰ লগত চুক্তি কৰিলে যে তেওঁ মাবিয়াৰ কাৰণে খলিফা পদ ত্যাগ কৰিব কিন্তু মাবিয়াৰ মৃত্যুৰ পাছত হোচেনে খলিফা পদ লাভ কৰিব। এজিদে হাচানক বিহ খুৱাই হত্যা কৰিলে। ইপিনে মাবিয়াই মৃত্যুৰ সময়ত হোচেনৰ পৰৱৰ্তী এজিদকে খলিফা পদত অধিষ্ঠিত কৰিলে। এই কথাত হোচেন আৰু এজিদৰ মাজত ঘোৰ শত্ৰুতা গঢ় লৈ উঠিল। অৱশেষত দুয়োৰে মাজত যুদ্ধ লাগিল। যুদ্ধত কূটচক্ৰী এজিদক পৰাজিত কৰাটো হোচেনৰ বাবে সম্ভৱ নাছিল। এজিদৰ অত্যাচাৰত অতিষ্ঠ হোৱা কুফাৰ প্ৰজাবোৰে হোচেনৰ সাহায্য বিচাৰিলে এজিদৰ পৰা ৰক্ষা পাবলৈ। হোচন  কুফাবাসীসকলৰ সহায়ত এজিদক পৰাস্ত কৰাৰ আশাৰে কুফালৈ যাত্ৰা কৰিলে। কাৰবালা মৰুৰ মাজেৰে  তেওঁ আগবাঢ়িল শত্ৰুৰ ৰাজধানী অভিমুখে। এজিদে এই কথা জানিব পাৰি ইডফ্ৰেটিচ নদীৰ পাৰ অবৰুদ্ব কৰি পেলালে। তৃষ্ণাত্ হোচেনৰ সৈন্যই এটুপি পানীৰ কাৰণে ছটফটাবলৈ ধৰিলে। ইপিনে উষৰ মৰু, আনপিনে এটুপি পানীৰ অভাৱ। এই দুই বিপদে হোচনৰ সৈন্যৰ মনোবল যেন হৰণ কৰিলে। তেওঁলোক মক্কালৈ উভতি যোৱাৰ কথা ভাবিলে। 

কিন্তু এজিদৰ সৈন্যই তেওঁলোকৰ বাট ভেটি ধৰিলে। উপায় নেপাই হোচেনে অলপীয়া সৈন্যৰেই এজিদৰ সৈন্যৰ লগত যুদ্ধ কৰিলে। তৃষ্ণাৰ্ত সৈন্যই কিমান বাৰু যুদ্ধ কৰিব। হোচেনৰ আত্মীয় -স্বজনসকলে এটি এটিকৈ পানীৰ পিয়াহত প্ৰাণ দিবলগীয়া হ’ল। হোচেনৰ শিশু পুত্ৰই পানীৰ পিয়াহত ছটফটাবলৈ ধৰিলে। হোচেনে মুমূৰ্ষু পুত্ৰক কোলাত তুলি এটুপি পানীৰ কাৰণে হাহাকাৰ কৰিবলৈ ধৰিলে। তেওঁ শত্ৰু সৈন্যৰ ওচৰত ভিক্ষা কৰিলে মাত্ৰ এটুপি পানী। কিন্তু নিষ্ঠুৰ সৈন্যই সেই শিশুৰ বুকুলৈ শৰ নিক্ষেপ কৰি তাক হত্যা কৰিলে। মৃত পুত্ৰক আনি হোচেনে তুলি দিলে পত্নীৰ হাতত । তাৰ পাছত হোচেনৰ কন্যা, পুত্ৰ, স্ত্ৰী এজন এজনকৈ মৃত্যুৰ কোলাত আশ্ৰয় ল’লে। এজিদৰ উন্মত্ত সৈন্যই আহি অৱশেষত হোচেনৰো শীৰচ্ছেদ কৰিলে।

বিশ্বৰ ইতিহাসৰ এই কৰুণ কাহিনীবোৰক স্মৰণ কৰিয়ে মহৰম পৰ্ব পালন কৰা হয়। গতিকে ই আনন্দৰ উৎসৱ নহয়; দুখভৰা এক সজল স্মৃতিৰ প্ৰতি শ্ৰদ্ধাঞ্জলি স্বৰূপ। এই অনুষ্ঠানত ৰং-ৰহইচ কৰাত পৰিৱৰ্তে ক’লা পোছাক পৰিধান কৰি চিয়া মুছলমানসকলে শোভাযাত্ৰা কৰে। হোচেনৰ সমাধিৰ অনুকৰণত সুসজ্জিত তাজিয়া লৈ হাচান-হোচেনৰ নামত কৰুণ আৰ্তনাদ কৰি তেওঁলোকে যাত্ৰা আৰম্ভ কৰে আৰু বাটে বাটে যুদ্ধৰ দৃশ্যৰো আখৰা কৰে। শোক উপশম কৰাৰ বাবে বুকুত ভুকুৱাই কান্দে নাইবা শৰীৰক নিৰ্যাতন দিয়ে।

মহৰমৰ তাৎপৰ্য : মহৰমে গোটেই মানৱ জাতিৰ বিবেকক জগাই তোলা অনুষ্ঠান। অন্যায় আৰু নিষ্ঠুৰতাৰ সন্মুখত এক নিৰীহ প্ৰাণৰ আত্মোউৎসর্গৰ কাহিনীয়ে মানুহক সকচিত কৰি তোলে। গতিকে এই পৰ্বই ধর্মীয় সীমাৰ গণ্ডী পাৰ হৈ বিশ্বৰ মানৱ প্রাণত আদৰ্শৰ প্ৰতি নিষ্ঠা প্ৰগাঢ় কৰি তোলে।

হোচেনৰ জীৱনৰ দুখৰ কাহিনীয়ে অন্তৰৰ সকলো কলুষ-কালিমা নাশ কৰিব পাৰে। মহৰম উৎসৱে তাকেই সম্পন্ন কৰে বাবে ধৰ্মপ্ৰাণ মুছলমানসকলে তাক নিষ্ঠাৰে পালন কৰি আহিছে।

(ছ) ঈদ : ঈদ মুছলমানসকলৰ এটা পবিত্ৰ পৰ্ব। ঈদ শব্দৰ অৰ্থ হ’ল আনন্দ। মুছলমানসকলে ৰমজান মাহত ঈদুলফিতৰ আৰু জেলহজজ  মাহত ঈদুজ্জোহা উৎসৱ পালন কৰে। এই দুয়োটা ঈদেই বিশেষ তাৎপৰ্যপূৰ্ণ।

ঈদুলফিতৰ : ৰমজান মাহৰৰ শেষ সপ্তাহত হজৰত মহম্মদে আল্লাৰ বাণী শুনিবলৈ পাইছিল আৰু বাণীকেই তেওঁ জগতত প্ৰচাৰ কৰিছিল। গতিকে এই মাহটো মুছলমানসকলৰ কাৰণে বৰ পবিত্ৰ। এই মাহটো উপবাসে থাকি তেওঁলোকে এটা জীৱন- যাপন কৰে। বাৰ ঘণ্টা সময় আহাৰ-পানী একো গ্ৰহণ নকৰাকৈ তেওঁলোকে মনক দৃঢ় কৰি তোলে। এই সময়ছোৱাত সকলো ধৰণৰ বেয়া কাম কৰাৰ পৰা তেওঁলোক বিৰত থাকে। বিশেষকৈ চুৰি কৰা, মিছা কথা কোৱা, কাম, ক্ৰোধ, লোভ মোহৰ বংশৱৰ্তী হোৱা আদিৰ পৰা বিৰত থাকে।

মুছলমানসকলে এনেদৰে ৰমজান মাহটো শুচি শুদ্ধ হৈ থাকি চাৱাল মাহৰ নতুন জোনে দেখা দিয়াৰ দিনা ঈদ উৎসৱ পালন কৰে। এই উৎসৱত ফিতৰা অৰ্থাৎ দান দি ঈদ বা আনন্দ কৰা হয় বাবে এই অনুষ্ঠানক ঈদলফিতৰ বোলা হয়। তেওঁলোকে সিদিনা সমূহীয়া নামাজৰ ব্যৱস্থা কৰে। এজন ঈমানে এই নামাজ পৰিচালনা কৰে। তেওঁৰ নেতৃত্বতে সমূহীয়াভাৱে আটায়ে দেশৰ, দহৰ আৰু গোটেই বিশ্বৰ মানুহৰ কল্যাণ কামনা কৰে।

ঈদুজ্জোহা : ঈদুজ্জোহা উৎসৱ জেলহজ্জ মাহৰ দহ তাৰিখে পালন কৰা হয়। আৰবী বছৰৰ এইটো শেষ মাহ। ই ত্যাগৰ এক জ্বলন্ত আদৰ্শৰ স্মৰণীয় উৎসৱ। হজৰত ইব্ৰাহীম আছিল ঈশ্বৰপ্ৰেৰিত দূত। তেওঁ এদিন আল্লাৰ নামত কোৰবাণী কৰিবলৈ আদেশ পালে। তেওঁ ছাগলী এজনী কোৰবাণী কৰিলে। তাৰ পাছত আকৌ তেওঁৰ প্রিয় বস্তু কোৰবাণী কৰাৰ আদেশ পালে। হজৰতে বাছি বাছি এশতা উট কোৰবাণী কৰিলে। সিদিনাখন ৰাতি পুনৰ সেই একে আদেশকে পালে। তেওঁৰ একেবাৰে প্ৰাণৰ প্ৰিয়তম বস্তুহে কোৰবাণী কৰাৰ আদেশ পালে। তেওঁৰ জীৱনৰ আটাইতকৈ প্ৰিয়জন হ’ল তেওঁৰ পুত্ৰ হজৰত ইছমাইল। তেওঁৰ মন দোমোজাত পৰিল। এফালে প্রিয় পুত্ৰক দান কৰা আনফালে স্বপ্নাদেশ পালন। অৱশেষত তেওঁৰ এই সমস্যাৰ কথা পুতেকক বুজাই ক’লে। পুতেকে পিতাকক এই সংকটৰ পৰা ৰক্ষা কৰিবলৈ বিনা দ্বিধাই আগবাঢ়ি আহিল। আল্লাহৰ নামত তেওঁক উছৰ্গা কৰিবলৈ পিতাকক অনুমতি দিলে। অৱশেষত হজৰত ইব্ৰাহীমে আল্লাহ কাৰণে নিজৰ প্ৰণাধিক পুত্ৰক কোৰবাণী কৰিলে। কিন্তু আচৰিত কথা কোৰবাণীৰ অন্তত তেওঁ দেখিলে পুত্ৰৰ সলনি তাত এটা ডুম্বাহে পোৱা গ’ল আৰু দেখা গ’ল পুতেক অক্ষত অৱস্থাতেই আছে।

ঈদুজ্জোহা উৎসৱৰ দিনাখন এই ঘটনাকেই স্মৰণ কৰা হয় আৰু সিদিনাখন আল্লাৰ নামত উট, ডুম্বা আদি কোৰবাণী কৰা হয়। ইয়াৰ উপৰি সিদিনাখন আৰবৰ আৰফা নামৰ পথাৰত বিশ্বৰ মুছলমানসকল মিলিত হয় আৰু সমজুৱাভাৱে নামাজ পঢ়ে। এনেদৰে বিশ্ব ভাতৃত্বৰ ডোলেৰে তেওঁলোক বান্ধ খায়।

ঈদ এক আনন্দ, মিলন, ত্যাগ আৰু বিশ্ব ভাতৃত্বৰ উৎসৱ। পশুবলিৰ যোগেদি ভগৱানক সন্তুষ্ট কৰাৰ যি এক প্ৰাচীন প্ৰথা চলি আহিছিল তাৰ ওপৰতো এই উৎসৱে এক নতুন দৃষ্টিভংগীৰ জন্ম দিয়ে। আল্লাই মানুহৰ পৰা তেজ-মঙহৰ বস্তু নিবিচাৰে। তেওঁ বিচাৰে মাথোন মানুহৰ অকৃত্ৰিম সততা আৰু সাধুতা। আল্লাই আচলতে হজৰতৰ পৰীক্ষা লৈছিল। তেওঁ মানুহৰ কল্যাণকাৰীহে, অনিষ্টকাৰী নহয়। সেয়ে হিংসা, দ্বেষ পৰিহাৰ কৰি প্ৰকৃত ত্যাগৰ আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হ’বলৈয়ে এই উৎসৱে সকীয়াই দিয়ে।

(জ) বৰদিন : বৰদিন খ্ৰীষ্টানসকলৰ এটা ধর্মীয় উৎসৱ। যীশুখ্ৰীষ্টৰ জন্ম দিৱস উপলক্ষে প্ৰতি বছৰে ২৫ ডিচেম্বৰ তাৰিখটোত এই উৎসৱ পালন কৰা হয়। যীশুৰ মহান আত্মত্যাগৰ যোগেদি মানৱ জাতিলৈ তেওঁ যি কৰুণা আৰু শান্তিৰ আদৰ্শ দি গ’ল তাৰ বাবেই তেওঁক এনেদৰে স্মৰণ কৰা হয়। খ্ৰীষ্টান ধৰ্মৰ উদাৰতা আৰু সু-সংস্কৃত চেতনাই বিশ্বৰ সভ্যতা আগবাঢ়ি যোৱাত বিশেষ সহায় আগবঢ়াইছে। সেয়ে খ্ৰীষ্টধৰ্মৰ জন্মদাতাজনৰ জন্ম দিৱসটো গোটেই বিশ্ববাসীৰ বাবেই তাৎপৰ্যপূৰ্ণ ।

উৎসৱৰ তাৎপৰ্য : যীশুখ্ৰীষ্ট আছিল ভগৱানৰ পুত্ৰ আৰু মানৱ প্ৰেমৰ বাণী প্ৰচাৰ কৰিবলৈ তেওঁ পৃথিৱীত জন্ম গ্ৰহণ কৰিছিল। ইজৰাইল দেশৰ গেলিল নামৰ ঠাইত মেৰীৰ গৰ্ভত তেওঁ থিতাপি লয়। কুমাৰী মেৰী তেতিয়া জোচেফ নামৰ এজন সৎ লোকৰ লগত বিয়া স্থিৰ হৈ আছিল। জোচেফক এদিন ৰাতি সপোনত ঈশ্বৰে দেখা দি ক’লে যে মেৰীৰ গৰ্ভত এটা সন্তান থিতাপি লৈছে আৰু তেওঁৰ জন্ম হ’লে যীশু নামেৰে যেন অভিহিত কৰে। জোচেফক লগতে মেৰীক বিবাহ কৰিবলৈ তেওঁ আদেশ কৰিলে। ইয়াৰ কিছুদিন পাছত গেলিলি এৰি জুতিয়াৰ বেথেলহমলৈ গ’ল আৰু তাত অতিতিশালাত ঠাই নাপাই এটা ঘোঁৰাশালত আশ্ৰয় ল’ব লগা হ’ল আৰু তাতেই যীশুৰ জন্ম হয়। মাতৃ মেৰিয়ে তেওঁৰ সদ্যোজাত সন্তানটোক ঘোঁৰাৰ দানা খুওৱা চৰিয়া এটাতে শুৱাই থ’লে । এই বাৰ্তা এজন দেৱদূতে কঢ়িয়াই নি ভেৰাৰখীয়াবোৰক দিলেগৈ। সেই দেৱদূতগৰাকীৰ লগত কণ্ঠ মিলাই সকলোৱে গাব ধৰিলে ঈশ্বৰৰ গুণ গান। পৃথিৱীৰ বুকুত ঈশ্বৰৰ শান্তিৰ বাণী এনেদৰে মুখৰ হৈ উঠিল। বৰদিন হ’ল এই দিনবোৰৰে সোঁৱৰণি।

এই দিনটোত জন্ম গ্ৰহণ কৰা ঈশ্বৰৰ পুত্ৰ যীশুই শান্তি আৰু অহিংসাৰ বাণী প্ৰচাৰ কৰি জগতক শুৱনি কৰি তোলে। তেওঁ কাকো ঘিণ কৰিবলৈ হাক দিছিল। কোনোবাই আঘাত কৰিলে তাক মৰমেৰে গ্ৰহণ কৰিছিল। তেওঁৰ মূল বাণী আছিল পাপক ঘিণ কৰিবা কিন্তু পাপীক ঘিণ নকৰিবা। শিষ্যসকলক অসত্য, প্ৰৱঞ্চনা আৰু দুৰ্নীতিৰ পৰা আঁতৰত থাকিবলৈ যীশুৱে সদায় উপদেশ দিছিল।

বৰদিন পালনৰ যোগেদি সেই মহান পুৰুষৰ আদৰ্শবোৰক স্মৰণ কৰা হয় আৰু সেয়ে এই উৎসৱ মানুহৰ মাজত শান্তি-সম্প্ৰীতিৰ সেতু নিৰ্মাণ কৰে বুলিয়ে ইয়াৰ গুৰুত্ব জাতি, বৰ্ণ, ধৰ্ম নিৰ্বিশেষে সকলোৰে মাজত অত্যধিক।

উৎসৱ পালন : শান্তি, আনন্দ, প্ৰেম আৰু বিশ্ব ভাতৃত্বৰ বন্ধনাৰে এই উৎসৱ আৰম্ভ হয়। যীশুৰ মহান ত্যাগৰ কথা এই উৎসৱে সোঁৱৰাই দিয়ে আৰু মানুহে ভাতৃত্বৰ সম্পৰ্কই এই আদৰ্শক ই সজীৱ কৰি তোলে। সেয়ে বৰদিনৰ দিনাখন ইজনে সিজনে প্ৰীতি বিনিময় কৰে । কিছুমান ঠাইত আকৌ দেৱদাৰু গছৰ ডাল এটা কাটি আনি সেই ডালটি সজাই -পৰাই  “বৰদিনৰ গছ” ৰূপে ৰখা হয়। কিছুমান ঠাইত মানুহে আকৌ শান্তিৰ প্ৰতীক স্বৰূপ মিচিলটো নামৰ গছৰ ডাল এটা ঘৰৰ আগত আৰি দিয়ে। ইয়াৰ লগতে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয়। সমূহীয়া সংগীতৰ ব্যৱস্থা কৰা হয়। বিশ্ববাসীৰ উদ্দেশ্যে পোপে তেওঁৰ মহান ধৰ্মৰ বাণী শুনায়।

যীশুখ্ৰীষ্ট ত্যাগ আৰু সহিষ্ণুতাৰ প্ৰতীক। তেওঁ মানুহৰ মুক্তি কামনাৰে জীৱন আহুতি দিবলৈ পৰান্মুখ হোৱা নাছিল। সেইজনা মহাপুৰুষ স্মৃতি সম্বলিত এই উৎসৱ। সেয়ে গোটেই মানৱ জাতিৰ কাৰণে এটা মঙ্গলময় বাৰ্তা বাহক । এই উৎসৱে মানুহক সোঁৱৰাই দিয়ে আনৰ কাৰণে কিবা ভাল কাম কৰিবলৈ আৰু দুখীয়া-নিচলা ৰোগগ্ৰস্ত সকলো মানুহক আপোন কৰি ল’বলৈ। মানুহক সৎ হোৱাৰ প্ৰেৰণা দিয়াত ইয়াৰ বৰঙণি আছে বাবেই অখ্ৰীষ্টীয় লোকসকলেও এই মহান দিনত শুভেচ্ছা বিনিময় কৰে। বৰদিনে ধর্মীয় তাৎপৰ্যৰ লগতে এক সাংস্কৃতিক চেতনাৰেই সকলোকে উদ্বুদ্ধ কৰে ।

প্ৰশ্ন ৪। ব’হাগ বিহু লোকাচাৰ আৰু লোকবিশ্বাসৰ সম্পৰ্কে বহলাই লিখা ?

উত্তৰঃ “বিহু” অসমৰ জাতীয় উৎসৱ। “বিহু” শব্দৰ উৎপত্তি আৰু বিকাশ সম্পৰ্কে বিভিন্ন জনে বিভিন্ন মত আগবঢ়ালেও এটা কথাত একমত প্ৰকাশ কৰি ক’ব পাৰি যে সংস্কৃত  “বিষুৱৎ” শব্দৰ পৰা “বিহু” শব্দৰ উদ্ভৱ হৈছে। বিহু মূলতঃ ঋতুকালীন কৃষিভিত্তিক উৎসৱ। বছৰৰ ভিন ভিন সময়ত ভিন ভিন ঋতুত অসমীয়াই তিনিটা বিহু পালন কৰে। এই তিনিটা হ’ল – ব’হাগ বিহু বা ৰঙালী বিহু, কাতি বিহু বা কঙালী বিহু আৰু মাঘ বিহু বা ভোগালী বিহু। কৃষিৰ আৰম্ভণিতে অৰ্থাৎ চ’ত -ব’হাগ মাহত ৰঙালী বিহু, ৰোৱা ধানে ঠন ধৰি উঠাৰ সময়ত অৰ্থাৎ আহিন-কাতি মাহৰ সংক্ৰান্তিত কাতি বিহু আৰু খেতি চপাই সোণগুটিৰে ভঁৰাল উপচি পৰা সময়ত অৰ্থাৎ পুহ-মাঘৰ সংক্ৰান্তিত মাঘ বিহু পালন কৰা হয়।

ব’হাগ বিহু বা ৰঙালী বিহু তিনিওটা বিহুৰ ভিতৰত প্ৰধান। বসন্ত ঋতুত উদযাপিত এই বিহুত প্ৰকৃতিয়ে বৰণ সলায়। বসন্তৰ আগমনত প্ৰথমজাক বৰষুণ পৰাৰ লগে লগেই বসুমতী ঋতুমতী হয়, গছ-লতিকাত কুঁহিপাত ওলায়, প্ৰকৃতি ফুলে-ফলে জাতিষ্কাৰ হৈ পৰে। প্ৰকৃতিৰ বিনন্দীয়া ৰূপত ডেকা-গাভৰুৰ মনত প্ৰেম-প্ৰীতিৰ ভাব জাগি উঠে; মন কমোৱা তুলাৰ দৰে দুৰ-দিগন্তলৈ উৰা মাৰে। জনবিশ্বাসমতে ডেকা-গাভৰুৱে মুকলি পথাৰত গৈ প্ৰেম-যৌৱনৰ গীতেৰে পুৰুষ স্বৰূপ মেঘক আৰু নাচৰ গিৰিপনিৰে নাৰীস্বৰূপা প্ৰকৃতি (পৃথিৱী) ক উত্তেজিত কৰি বৰষুণৰ দ্বাৰা মিলন ঘটাই বসুমতী শস্যসম্ভৱা হোৱাৰ যি প্ৰক্ৰিয়া তাতেই ৰঙালী বিহুৰ উৎস আৰু তাৎপৰ্য নিহিত হৈ আছে। ব’হাগ বিহুৰ লগত ৰং-তামচা, নৃত্য-গীতৰ লগতে বহুতো ৰীতি-নীতি, লোকাচাৰ আৰু জনবিশ্বাস জড়িত হৈ আছে।

ব’হাগ বিহু বা ৰঙালী বিহু চ’তৰ সংক্ৰান্তিৰ পৰা আৰম্ভ হৈ ব’হাগৰ ছয় দিনলৈ পালন কৰা হয়। চ’তৰ মাজমানৰ পৰাই বিহুৰ প্ৰস্তুতি চলে বাবে ইয়াক চ’তৰ বিহু নামেৰেও জনা যায়। সাতদিনৰ বিহুৰ প্ৰত্যেকৰে সুকীয়া নাম আছে। সেয়া হৈছে- গৰু বিহু, মানুহ বিহু, গোঁসাই বিহু, তাঁতৰ বিহু, নাঙলৰ বিহু, জীয়ৰী বিহু বা চেনেহী বিহু আৰু চেৰা বিহু। এই সাতটা বিহুকে   “সাতবিহু” নামে জনা যায়। আজিকালি অৱশ্যে বিহু সাতদিনহে পালন কৰে, এনে নহয়; গাঁৱে-ভূঞে, নগৰে-চহৰে বিহু গোটেই ব’হাগ মাহ ধৰি চলি থাকে। কেতিয়াবা জেঠমাহ পৰ্যন্ত পাইগৈ। প্ৰথম কেইদিনৰ বাদে বাকী দিনবোৰত বিশেষ নিয়ম-নীতি পালন কৰা নহয়।

ব’হাগ বিহুৰ প্ৰথম দিনটো অৰ্থাৎ চ’তৰ সংক্ৰান্তিৰ দিনা অসমীয়া জনজীৱনৰ কৃষিকৰ্মৰ প্ৰধান সম্বল গৰুৰ নামত উছৰ্গা কৰি  “গৰু বিহু”  হিচাপে পালন কৰা হয়। সেই দিনা গৰুক গো-লক্ষ্মী হিচাপে জ্ঞান কৰি পূজা-অৰ্চনা কৰা হয়। সেইদিনা ৰাতিপুৱাই গৰু-ম’হক পটাত পিহি লোৱা মাহ-হালধিৰে নোৱাই, শিঙত তেল সানি, কপালত ফোঁট দি দীঘলতি আৰু মাখিয়তীৰ ঠাৰিৰে কোবাই ওচৰৰে নৈ, বিল বা পুখুৰীলৈ নি একেলগে হৰিধ্বনি দি সমূহীয়াভাৱে গা-ধুৱায় আৰু লগত  “চাট” (ত্ৰিশূলাকৃতিৰ বাঁহৰ মিহি শলা) ত সী নিয়া লাও, বেঙেনা, কেৰেলা, থেতেৰা, তিয়ঁহ, হালধি (কেঁতুৰি) আদি গালৈ দলিয়াই এইদৰে গোৱা হয়—

“লাউ খা, বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা।

মাৰ সৰু, বাপেৰ সৰু, তই হ’বি বৰ গৰু।।”

এইদৰে কৰিলে গৰুৰ শ্ৰীবৃদ্ধি হয় বুলি বিশ্বাস কৰা হয়। গা ধুওৱাৰ পিছত গৰুবোৰক পথাৰত মুকলিকৈ চৰিবলৈ এৰি দি চাটত থাকি যোৱা অৱশিষ্ট লাউ বেঙেনাৰে চাটবিলাক আনৰ লগত সলনা-সলনি কৰি ঘৰলৈ আনি ঘৰ বা গোহালিৰ চালত গুজি থোৱা হয় আৰু চাটত ৰৈ যোৱা বস্তু দুই এটুকুৰা চোবাই খোৱা হয়। চাটবিলাক আনৰ লগত সলনি কৰিলে অপায়-অমংগল দূৰ হয় চাটৰ বস্তু খালে বেমাৰ-আজাৰ নহয় বুলি বিশ্বাস কৰা হয়। সাধাৰণতে চাট বোৰ দুই, তিনি, চাৰি সিৰীয়াকৈ ত্ৰিশূলাকৃতিত বনোৱা হয়। জনবিশ্বাস মতে দেবাদিদেৱ মহাদেৱৰ সন্তুষ্টিৰ বাবে চাটৰ আকৃতি ত্ৰিশূলাকাৰ কৰা হয়। চাট বিলাক এখন চালনীত এখন আগলি কলপাত পাৰি ঢাকি নিয়া হয় আৰু এডাল পুৰণা পঘা লৈ যোৱা হয়; এই পঘা ডাল গৰু গা ধুওৱাৰ আগতে গৰুৰ তলেদি সৰকাই আনিব লাগে। তেনে কৰিলে গৰুৰ কিবা দোষ থাকিলে দোষমুক্ত হয় বুলি কৃষকসমাজে বিশ্বাস কৰে। 

গধুলি গৰু ঘৰলৈ ঘূৰি অহাৰ সময়ত পদূলিৰ পৰা গোহালিলৈকে খেৰ, তুঁহ, দীঘলতি, মাখিয়তী, বিহলঙনী আৰু মৰলীয়া আদি আন আন বন-শাক জ্বলাই ‘যাগ’ দিয়া হয়। যাগৰ ধোঁৱাই গৰু-ম’হক মহ-ডাহৰ উপদ্ৰৱৰ পৰা ৰক্ষা কৰাৰ উপৰিও অপদেৱতাক খেদি পঠাই বুলি সহজ-সৰল চহালোকে বিশ্বাস কৰে। ঠাই বিশেষে সাপ আদিৰ পৰা ঘৰচীয়া জীৱ-জন্তুক ৰক্ষা কৰিবলৈ সেইদিনা গোহালিৰ চাৰিওফালে নহৰু বটা পানী ছটিওৱা হয়। গৰু গোহালিত সোমালে আদৰ-সাদৰ কৰি মাহ হালধি বটাৰে বা সেন্দুৰেৰে কপালত ফোঁট দি নিমখীয়া পিঠা খাবলৈ দিয়া হয় আৰু ডিঙিত নতুন পঘা দিয়া হয়। পঘাডাল সাধাৰণতে মৰাপাটৰ সলনি তৰাৰে তৈয়াৰ কৰা হয়। 

তৰা বেছি যোগাৰ কৰিব নোৱাৰিলে মৰাপাটৰ লগত অকণমান হ’লেও দিব লাগে। তৰাৰ পঘাত তুলসী-দুবৰী গুজি দিয়া হয়। এনে কৰিলে গৰুৰ বংশ বৃদ্ধি হয় বুলি বিশ্বাস কৰা হয়। তাৰ পিছত মাখিয়তীৰ পাতেৰে গৰু -ম’হক বিচি দি এইদৰে গোৱা হয় – “মাখিয়তীৰ মাখি পাত, মাখি মাৰোঁ জাত জাত।” এনে কৰিলে বছৰটোলৈ মহ-ডাহৰ পৰা হাত সাৰি থাকিব পাৰি। আমাৰ অসমীয়া সমাজত সেইদিনাৰ পৰাহে নতুন বছৰৰ বিচনীৰ বা লোৱা নিয়ম। আগতে ল’লে মুৰঘুৰণি হয় বুলি বিশ্বাস কৰা হয়।

গৰু বিহুৰ দিনাই গধূলি কাম-বন সামৰি জীয়ৰী-বোৱাৰী সকলে হাতত জেতুকা লয়। সাধাৰণতে জেতুকা পাতৰ লগত পাণ, থেকেৰা, ডালিমৰ কোঁহ আদি মিহলাই পটাত পিহি মিহি কৰি দুহাতৰ তলুৱাত, নখত, ভৰিৰ আঙুলিৰ নখত, ফাঁকত ঘঁহা হয়। কোনো কোনোৱে বেছি ৰং ধৰিবৰ বাবে ৰাতিটো হাতত বান্ধি থয়। জেতুকাৰ ৰঙে মানুহৰ চৰ্মৰোগ প্ৰতিৰোধ কৰে।  নাচনীয়ে বিহুত আজিকালি জেতুকা লোৱাটো অপৰিহাৰ্য। বিহুৰ বাহিৰে অন্য সময়তো জেতুকা ল’ব পাৰি। গৰু নোৱাবলৈ তৈয়াৰ কৰা মাহ-হালধিৰ অৱশিষ্ট পানী মিহলাই ঘৰৰ ভেটিৰ চাৰিওফালে ছটিয়াই দিয়া হয়। এইদৰে কৰিলে বছৰটোলৈ সাপ আদি নাহে বুলি জনবিশ্বাস আছে।

গৰু বিহুৰ পাছদিনা অৰ্থাৎ ব’হাগৰ পহিলা তাৰিখে মানুহ বিহু। নামনি অসমত মানুহ বিহুৰ দিনাক “বৰ দোমাহী” বোলে। মানুহ বিহুৰ দিনা সকলোৱে গা-পা ধুই পৰিয়ালৰ সকলো একেলগে হয় আৰু সৰুৱে ডাঙৰক সেৱা কৰে আৰু ডাঙৰে সেইদৰে সৰুক আশীৰ্বাদ দিয়ে। বোৱাৰীয়ে শহুৰ-শাহুক বাটত গামোচা, চেলেং চাদৰ আৰু তামোল-পাণ দি মানধৰি সেৱা কৰে আৰু বিহুৰ জলপান আগবঢ়ায়। তেওঁলোকে আশীৰ্বাদ দিয়াৰ উপৰিও যথসাধ্য উপহাৰ আগবঢ়ায়। বিহুত আত্মীয় স্বজন, বন্ধু-বান্ধৱৰ মাজত আদান-প্ৰদান কৰা প্ৰতিটো উপহাৰকে  “বিহুৱান” বোলা হয় যদিও বিহুৱান বুলিলে ঘাইকৈ গামোচাখনকে বুজায়। আমাৰ অসমীয়া সমাজত গামোচাখনৰ আদৰ আটাইতকৈ বেছি আৰু ইয়াৰ এক সুকীয়া মান-মৰ্য্যদা আছে।  

“অতিকৈ চেনেহৰ ব’হাগৰ বিহুটি” অহাৰ আগতেই অৰ্থাৎ চ’তৰ পৰাই অসমীয়া জীয়ৰী-বোৱাৰীৰ “মৰমৰ  দীঘেদি চেনেহৰ বাণীৰে” চেনেহৰ বিহুৱানখনি বৈ কাটি উলিয়াবলৈ গাত তৎ নাইকিয়া হয়। কিয়নো বিহুৰ পিছত ব’বলৈ থকা কাপোৰ বা বিহুৱান  “বিহুচেৰা” বুলি আখ্যা দিয়া হয় আৰু এই বস্ত্ৰ কোনো পুৰুষক দিব নাপায় বুলি বিশ্বাস কৰা হয়। অসমীয়া সমাজত ব’ব কাটিব নজনা তিৰোতাক অকাজী বা থুপৰী বুলি উপহাস কৰা দেখা যায়। বছৰৰ প্ৰথম দিনটোতে ব্ৰাক্ষ্মণ দৈৱজ্ঞৰ ওচৰত কৰ্মফল গণনা কৰি কিবা দোষ থাকিলে শান্তিৰ ব্যৱস্থা কৰা হয়। পহিলা ব’হাগৰ পৰাই অসমীয়া নতুন বছৰ আৰম্ভ হয়। নতুন বছৰটো যাতে কোনো বিপদ-বিঘিনি নোহোৱাকৈ ধুমুহা-বৰষুণ ব্ৰজপাত আদিৰ পৰা ৰক্ষা পৰি সুকলমে শান্তিৰে কটাব পাৰি তাৰ বাবে নতুন বছৰটোৰ প্ৰথম দিনাই দৈৱজ্ঞৰ হতুৱাই নাহৰ পাতত তলৰ মন্ত্ৰটি (শ্লোকটি) লেখি দুৱাৰ মুখত বা ঘৰৰ ছালৰ পানীপচাত বা মুধচত গুঁজি থোৱাৰ নিয়ম—

“দেৱ দেৱ মহাদেৱ নীলগ্ৰীৱ জটাধৰ

বাত বৃষ্টি হৰং দেৱ মহাদেৱ নমস্ততে ।।”

গৰু বিহু আৰু মানুহ বিহু দুয়ো দিনাই গা-পা ধুই সৰুৱে ডাঙৰক সেৱা কৰে আৰু ডাঙৰে সৰুক আশীৰ্বাদ কৰা এক সুন্দৰ পৰম্পৰা। বিহু গীতত কৈছে—

“চ’ততে চকৰি ব’হাগত বগৰী

জেঠতে আমনা ধান, 

গৰু বিহুৰ দিনা আশীৰ্বাদ ল’লেহে 

বৈকুণ্ঠত পাবাগৈ স্থান ।”

বিহু কেইদিনত ইজনে সিজনক সেৱা -সৎকাৰ কৰা, মৰম চেনেহৰ আদান- প্ৰদান কৰা, বন্ধু-বান্ধৱ আলহী-অতিথি আহিলে সোধ-পোচ কৰা, চিৰা-পিঠা, দৈ আদিৰে আপ্যায়ন কৰা আমাৰ সমাজত পৰম্পৰাগতভাৱে চলি আহিছে । সাধাৰণতে গৰু বিহু মানুহ বিহু দুয়ো দিনতে দুপৰীয়া গৰম ভাত বনোৱা নহয়। জলপানেৰে চলাই দিয়া হয় নাইবা আগ দিনাৰ পইতা ভাতহে খোৱা হয়। এইদৰে পইতা ভাত খাওঁতে বিচনীৰ বা ল’লে বছৰটোলৈ দেহা জুৰ পৰি থাকে বুলি জনবিশ্বাস আছে। গৰু বিহুৰ দিনাই ৰাতিলৈ এশ এবিধ বন-শাক যোগাৰ কৰি আঞ্জা খোৱাৰ নিয়ম। এশ বছৰ শাকৰে তৈয়াৰী ব্যঞ্জন সকলো ৰোগৰ মহৌষধ। সেইদিনা বিহ খালেও ঔষধৰ কাম কৰে বুলি বিশ্বাস কৰা হয়। এশ এবিধ শাক যোগাৰ কৰিব নোৱাৰিলেও সাতবিধেৰে কাম চলোৱা হয়; ইয়াকে  ‘সাতশাকী’ বোলে। 

ৰঙালী বিহুৰ এইবিলাক ৰীতি-নীতি, পৰম্পৰাৰ উপৰিও এটি উল্লেখযোগ্য অনুষ্ঠান হ’ল হুঁচৰি । হুঁচৰি হ’ল আনন্দৰ গীত আৰু নাচৰ অনুষ্ঠান। ইয়াত গাভৰু বা মহিলাৰ স্থান নাই। সাধাৰণতে ল’ৰা -ডেকা-বুঢ়া সকলো মিলি হুঁচৰি দল গঠন কৰি ঘৰে ঘৰে গৈ ঢোল, তাল, পেঁপা,গগনা, টকা আদি বজাই ঘোষা-পদ, বিহুনাম গাই বিহুনাচ নাচে। এয়ে হুঁচৰি। হুঁচৰিযোৰাত এজন মুখিয়াল মানুহ থাকে। তেওঁক ‘বাৰিক’ বোলে। সাধাৰণতে গৰু বিহুৰ দিনা ৰাতিৰ পৰাই হুঁচৰি গোৱা আৰম্ভ হয়। প্ৰথমে গাঁৱৰ ৰাইজ নামঘৰত গোট খাই তামোল-পাণ আগবঢ়াই হৰিধ্বনি দি ঘোষাপদ জোৰে। তাৰ পিছত প্ৰথমে গাঁৱৰ গাওঁবুঢ়া বা মুখিয়াল মানুহ ঘৰতে হুঁচৰি আৰম্ভ কৰে। ইয়াকে  “হুঁচৰিৰ ঘেতা” মৰা বোলে। বছৰেকৰ মূৰত হুঁচৰিযোৰা আহিলে গৃহস্থই তামোল-পাণৰ শৰাই দি পদূলিৰ পৰাই আগবঢ়াই নিয়াৰ নিয়ম। ৰাইজৰ পদধূলা চোতালত পৰিলে গৃহস্থই ধন্য মানে। হুঁচৰি গোৱা ৰাইজে গৃহস্থৰ চোতালত প্ৰৱেশ কৰি এইদৰে গৃহস্থৰ কুশল কামনা কৰি গায়—

“গোহালিত গৰু—–হৈছে

পুখুৰীত মাছ——হৈছে

বাৰীত তামোল-পাণ—–হৈছে

গৃহস্থৰ কুশলৰ অৰ্থে-হৰিবোল”

এইদৰে জয়ধ্বনি দি চোতালত ঘূৰি ঘূৰি নিৰ্দিষ্ট লয়ত (বিলম্বিত, মধ্য আৰু দ্ৰুত) ঢোল-তাল বজাই ঘোষা পদ গায়। তাৰ পিছত  “লাহৰী” (হাতত ধৰাধৰিকৈ ঘূৰি ঘূৰি কৰি খেলা এটা আনন্দৰ অনুষ্ঠান) খেলে। ইয়াৰ পিছত গৃহস্থৰ অনুমতি সাপেক্ষে প্ৰথমে যোজনা, তাৰ পিছত ঢোল-তাল, গগনা, পেঁপা, আদি বজাই আৰু বিহুনাম গাই নাচি-বাগি ৰং-তামচা কৰে আৰু গৃহস্থইও তামোল-পাণ, গামোচা, চেলেং আৰু যথাসাধ্য অৰিহণা আগবঢ়াই ৰাইজৰ আগত আঁঠুলৈ আশীৰ্বাদ গ্ৰহণ কৰে। ৰাইজেও হিয়া উজাৰি আশীৰ্বাদ দিয়ে। হুঁচৰিৰ বিভিন্ন ধৰণৰ আশীৰ্বাদৰ উপৰিও ৰাইজে গায়–

“এটা বাটিত নহৰু, এটা বাটিত পনৰু এটা বাটিত খুতৰা শাক

মূৰৰ চুলি চিঙি আশীৰ্বাদ কৰিছোঁ গৃহস্থ কুশলে থাক।”

এইদৰে ৰাইজে গৃহস্থৰ ঘৰৰ পৰা বিদায় লয়।

হুঁচৰিৰ উপৰিও ৰঙালী বিহুৰ আন এটা বিশেষ অনুষ্ঠান হ’ল  “মুকলি বিহু” বা “বিহুনাচ”। ইয়াত সাধাৰণতে ডেকা-গাভৰুৱে ভাগ লয়। ইয়াত ঢোল-তাল, পেঁপা, গগনা, সুতুলি, বাঁহী আদি বিভিন্ন বাদ্যযন্ত্ৰৰ উপৰিও বিহুনামৰ পয়োভৰ মন কৰিবলগীয়া। ডেকা-গাভৰুৰ মাজত নামৰ কটা-কটি চলে। এইবোৰ যৌৱনৰ গীত, পীৰিতিৰ গীত; কিছুমান যৌনগন্ধী। হ’লেও এইবোৰত নিৰ্মোহ ধেমালি ফুটি উঠিছে। বিহুগীত বা বিহুনামবোৰ অনাখৰী চহা কৰিব দ্বাৰা ৰচিত আৰু এইবোৰ মৌখিকভাৱে যুগে যুগে চলি আহিছে; কিছুমান একেসুৰ আৰু ঠাচতে নতুনকৈ ৰচিত হ’ব ধৰিছে। অৱশ্যে পৰিবৰ্তনৰ ঢৌত আগৰ নাম আৰু এতিয়াৰ নামৰ মাজত যথেষ্ট পাৰ্থক্য দেখা যায়।

ব’হাগ বিহু ৰং ধেমালিৰ উৎসৱ। হুঁচৰি, বিহুনাচ আৰু বিহুনামৰ উপৰিও ব’হাগ বিহুত নানান খেল ধেমালি কৰা দেখা যায়। তাৰ ভিতৰত কণীযুঁজ আৰু কড়িখেল উল্লেখযোগ্য। এই দুয়োবিধ খেলেই প্ৰজননৰ প্ৰতীক। বছৰৰ আৰম্ভণিতে খেলা কড়িফুটা মানে ধৰণী সোণালী শইচেৰে নদন-বদন হোৱা আৰু নুফুটা মানেই অনাবৃষ্টি, অতিবৃষ্টি, বন্যা আদিয়ে আগুৰি ধৰা। কড়িখেলৰ জিকিলে অবিবাহিতজনৰ বিবাহৰ যোগ মিলে বুলি বিশ্বাস কৰা হয়। আহোম স্বৰ্গদেউ সকলৰ দিনতে এইদুবিধ খেলৰ উপৰিও শেনখেল, ম’হযুজঁ, মাল-যুজঁ, হাতী যুজঁ, কুকুৰা যুঁজ আদি খেলবোৰে জনপ্ৰিয়তা লাভ কৰি ৰজাঘৰীয়া সন্মান আৰু পৃষ্ঠপোষকতা লাভ কৰিবলৈ সক্ষম হৈছিল। ৰংঘৰৰ বাকৰিত এই খেলবোৰ অনুষ্ঠিত হৈছিল আৰু এইবিলাকৰ প্ৰতিযোগিতাও হৈছিল; লগতে ঢুলীয়া-নাচনীৰো প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল।

ব’হাগ বিহুৰ তৃতীয় দিনা গোহাঁই বিহু। সেইদিনা গাঁৱৰ ৰাজহুৱা নামঘৰত সমূহীয়া নাম-প্ৰসংগ হয়। পুৰণি বাদ-বিবাদ থাকিলে তামোল-পাণ শৰাই দি একৰা-একৰি দণ্ড খৰচা লৈ ৰাইজে মিট-মাট কৰি দিয়ে। অসমীয়া জন-জীৱনৰ এবিধ আদৰৰ সম্পদ হ’ল  “তাঁতশাল” । সেয়ে বিহুৰ চতুৰ্থ দিনা “তাঁতৰ বিহু”। পঞ্চম দিনা চহালোকৰ কৃষিকৰ্মৰ মূল সঁজুলি “নাঙলৰ বিহু”। ষষ্ঠ দিনা বিয়া দিয়া জীয়ৰী পিতৃগৃহলৈ আহে, সেয়ে সেইদিনা  “জীয়ৰী বিহু” বা “চেনেহী বিহু”। শেষৰ দিনা “চেৰা বিহু”। এয়ে ব’হাগৰ ‘সাত বিহু’।

চেৰা বিহুৰ পাছত সাধাৰণতে সাত দিনত বা এঘাৰ দিনত বিহু সামৰণি মৰা হয়। অৱশ্যে কিছুমান ডাঙৰ গাঁৱত বেছিঘৰ মানুহ থাকিলে হুঁচৰি সমৰোঁতে দিন লাগে। যেইকি নহওক বিহু সামৰা দিনা ৰাইজে একত্ৰিত হৈ প্ৰথমে গাঁৱৰ নামঘৰত তামোল-পাণ দি সেৱা জনাই ঘোষা-পদ জুৰি গাঁৱৰ পৰা নিলগত থকা বৰগছ বা জৰি গছৰ তললৈ গৈ গছজোপাত এখন গামোচা বান্ধি সেৱা জনাই গছজোপাৰ চাৰিওফালে ঘূৰি ঘূৰি ঘোষা-পদ গায় আৰু একেবাৰে শেষত গায় এনেকৈ—

“হুৰাই ল ধান-খেৰৰ ছাই

অতি চেনেহৰ ৰঙালী বিহুটি 

হাততে মলঙি যায়।”

আৰু কেতিয়াবা গায়-

“বিহুটি নামেৰে তিনিটি আখৰে 

কোনে কাটি গ’লে শিলত

ঘূণেও নধৰে মামৰেও নধৰে

থাকিব আমাৰে প্রাণত”

এইদৰে গাই গছৰ গুৰিতে ঢোলৰ মাৰি বা টকা এটা এৰি থৈ বা ভাঙি থৈ ঘৰলৈ উভতি আহে। এইদৰে বিহু সামৰা বা বিহু উৰুওৱা হয়। বিহু সামৰি উভতি আহোঁতে সাধাৰণতে পিছলৈ উভতি চাব নাপায় বিশ্বাস কৰা হয়।

বিহু অসমীয়া জাতিৰ বাপতিসাহোন। এই বিহু এই বিহু সমন্বয়ৰ প্ৰতীক। বিহুৰ লগত জড়িত  “বিহু নাম’ বা “বিহুগীত”বোৰ অসমীয়া লোক-সাহিত্যৰ অমূল্য সম্পদ। এই বিহু গীতবোৰৰ জৰিয়তে সুজলা সুফলা আই অসমীৰ অপৰূপ প্ৰকৃতিৰ মনোৰম ছবি, অসমীয়া জন-জীৱনৰ আচাৰ-ব্যৱহাৰ, ৰীতি-নীতি, প্ৰেম-প্ৰীতি, হৃদয়ৰ বতৰা, কৃষ্টি-সংস্কৃতি, ৰূপ-ৰস-গন্ধ সকলো সুন্দৰভাৱে ফুটি উঠিছে আৰু পৰম্পৰাগতভাৱে যুগ যুগ ধৰি চলি আহিছে। কিন্তু বৰ্তমানে পৰিবৰ্তনৰ ধামখুমীয়াত পৰি বিহুৰ বহুতো ৰীতি-নীতি, লোকাচাৰ লুপ্তপ্ৰায় হৈ আহিছে; আনকি নগৰমুখী বিহুৱে বিহুৰ প্ৰকৃত ৰূপ হেৰুৱাই পেলাইছে। আগৰ গছতলৰ আৰু চোতালৰ বিহু আহি মঞ্চ পালেহি। লগে লগে বিহুত মান্যজনক সেৱা সৎকাৰ কৰা, শিপিনীয়ে নিজহাতে বোৱা বিহুৱান দিয়া, ঢেঁকীত চিৰা-সান্দহ খুন্দা নিয়মবোৰ লাহে লাহে নাইকিয়া হৈ আহিছে। সময়ৰ পৰিবৰ্তনৰ বিহুও সলনি হ’লেও বসন্ত আহিলে ব’হাগ আহে; ব’হাগ থাকে মানে বিহু থাকিব। বসন্তৰ পৰশত প্ৰকৃতিয়ে ন-ৰূপ গ্ৰহণ কৰিবই; কুলি-কেতেকীৰ সুমধুৰ সুৰত, তগৰফুল, কেতেকীফুল, কপৌফুল ফুলিলে বিহুৰ বতৰা পাই আজিও ডেকা-গাভৰুৰ দেহা সাতখন-আঠখন কৰে, মন পুলকিত হয়। সেয়ে বিহু গীতৰ সুৰতে ক’ব পাৰি—

“বিহু আনন্দীয়া বিহু বিনন্দীয়া

বিহুটি অসমৰ প্ৰাণ;

এনুৱা বিহুটি এৰিব লাগিলে

নাথাকে অসমৰ মান।”

প্ৰশ্ন ৫। অসমীয়া সমাজত প্ৰচলিত নাৰীকেন্দ্ৰিক লোকাচাৰ সমূহৰ বিষয়ে এটি আলোচনা আগবঢ়োৱা?

উত্তৰঃ অসমীয়া সমাজত প্ৰচলিত লোকাচাৰ সমূহ বিশেষকৈ নাৰীকেন্দ্ৰিক হোৱা দেখিবলৈ পোৱা যায়। ইয়াত নাৰীসূলভ সমলৰ প্ৰাধান্য বেছি। নাৰীসকলৰ মাজতেই ইয়াৰ প্ৰচলনো অধিক। অসমীয়া সমাজত অতীতৰে পৰা প্ৰচলিত লোকাচাৰসমূহৰ বিশদ বিৱৰণ দাঙি ধৰিবলৈ প্ৰয়াস কৰা হ’ব।

লোকাচাৰসমূহৰ মাজেৰে একোখন সমাজৰ বিশেষ কিছুমান আচাৰ-ব্যৱহাৰ, ৰীতি-নীতিৰ বিষয়ে জানিব পাৰি। লোকাচাৰ বুলিলে বিশেষকৈ উৎসৱ-অনুষ্ঠান, অৱসৰ বিনোদন, লোক-ঔষধ, লোক-ধৰ্মৰ কথাই সামৰি  লোৱা হয়। অসমীয়া সমাজত প্ৰচলিত নাৰীকেন্দ্ৰিক লোকাচাৰ বুলি ক’লে সাধাৰণতে জন্মকেন্দ্ৰিক লোকাচাৰ, বিবাহকেন্দ্ৰিক লোকাচাৰ, মৃত্যুকেন্দ্ৰিক লোকাচাৰ, উৎসৱ-অনুষ্ঠানকেন্দ্ৰিক লোকাচাৰ আদিৰ কথাই সামৰি লোৱা হয়। এইবোৰৰ উপৰিও দৈনন্দিন জীৱনৰ লগত জড়িত বিভিন্ন ধৰণৰ লোকাচাৰ আদি দেখিবলৈ পোৱা যায়। নাৰীৰ সমগ্ৰ জীৱনেই এটি ৰঙীন সপোনৰ দৰে। সমগ্ৰ জীৱনত এগৰাকী নাৰীয়ে বিভিন্ন ধৰণৰ অৱস্থাৰ সন্মুখীন হয় আৰু বহু ধৰণৰ লোকাচাৰৰ মাজেদি জীৱনটো আনন্দময় আৰু বহুৰঙী কৰি তোলে। প্ৰধানতঃ নাৰীক কেন্দ্ৰ কৰি গঢ়ি উঠা বিভিন্ন লোকাচাৰসমূহৰ বিষয়ে তলত আলোচনা দাঙি ধৰাৰ প্ৰয়াস কৰা হ’ল। 

জন্ম পৃথিৱীৰ এক চিৰন্তন প্ৰক্ৰিয়া। অৱশ্যে চিৰন্তন যদিও ই এক অতি বিস্ময়কৰ ঘটনা। নাৰী এগৰাকীয়ে গৰ্ভধাৰণ কৰাৰ পৰা শিশু এটা জন্ম দিয়ালৈকে এই সময়খিনিত বিভিন্ন ধৰণৰ শাৰীৰিক আৰু মানসিক জটিলতাৰ সন্মুখীন হ’ব লগা হয়। অসমীয়া সমাজত নাৰী এগৰাকীক মাতৃত্বৰ কঠিন পথত আগবাঢ়ি যাবলৈ শাৰীৰিক আৰু মানসিকভাৱে সাজু কৰিবলৈ বিভিন্ন ধৰণৰ লোকাচাৰ পালন কৰা হয়। এই সময়ছোৱাত এগৰাকী নাৰীয়ে বহুতো নীতি-নিয়ম মানি চলিব লগা হয়। গৰ্ভধাৰণৰ কালছোৱাত নাৰী গৰাকীয়ে যিকোনো ধৰণৰ জীৱ হত্যা কৰা নিষেধ। কাৰণ তেনে কৰিলে গৰ্ভস্থ সন্তানৰ অনিষ্ট হ’ব বুলি বিশ্বাস প্ৰচলিত আছে। এটি সুন্দৰ-সুশ্ৰী জন্ম হ’বলৈ গৰ্ভৱতী নাৰীগৰাকীৰ কোঠাত শিশু কৃষ্ণ বা অন্য সুন্দৰ শিশুৰ ছবি আঁৰি থোৱা দেখিবলৈ পোৱা যায়। গৰ্ভধাৰণৰ সময়ছোৱাত নাৰীগৰাকীক বিশেষকৈ যোৰ মাহত নদী পাৰ হ’বলৈ দিয়া নহয়।

অসমীয়া হিন্দু সমাজৰ অতি প্ৰাচীন কালৰে পৰা পৰম্পৰাগতভাৱে প্ৰচলিত হৈ অহা এটি প্ৰথা বা লোকাচাৰ হ’ল— সন্তানসম্ভৱা নাৰীক পাঁচমাহত পঞ্চামৃত খুওৱা। এই অনুষ্ঠানত মাতৃৰ উপস্থিতি নিতান্তই প্ৰয়োজনীয়। হেয়ে পঞ্চামৃত খাবলৈ নাৰীগৰাকী হয় মাকৰ ঘৰলৈ যায়, নহ’লে মাক ছোৱালীৰ ঘৰলৈ আহি এই অনুষ্ঠান সম্পন্ন কৰে।

গৰ্ভাৱস্থাৰ  পাঁচ মাহত শুভ দিনবাৰ এটা চাই মাক আৰু কেইগৰাকীমান আয়তীয়ে এই অনুষ্ঠানৰ আয়োজন কৰে। ইয়াত প্ৰথমে ভগৱানৰ স্তুতি প্ৰাৰ্থনা কৰা হয়। তাৰ পাছত গৰ্ভৱতী নাৰীগৰাকীক এখন বৰপীৰাত বহুৱাই এঁৱাগাখীৰ, দৈ, ঘিউ, মৌ আৰু চেনি-এই পাঁচবিধ বস্তু মিহলাই পায়সৰ লগত পাঁচগৰাকী আয়তীয়ে পাঁচবাৰ খুৱাই। উৰুলি-জোকাৰৰ মাজেৰে এই কার্য সমাপন কৰা হয়। নতুন বস্তু পৰিধান কৰিহে নাৰীগৰাকীয়ে এই অনুষ্ঠানত অংশ গ্ৰহণ কৰে। পঞ্চামৃত খুৱালে জন্ম হ’বলগীয়া সন্তানটি সুস্থ আৰু নিৰোগী হয়। আকৌ সাত মাহত গৰ্ভৱতী তিৰোতাগৰাকীক ভাতপিঠা খুওৱাৰ পৰম্পৰাও বহু অঞ্চলত প্ৰচলিত আছে।

অসমীয়া সমাজত অতীজৰেপৰা প্ৰচলিত কিন্তু বৰ্তমান সময়ত প্ৰায় বিলুপ্ত হ’বলৈ ধৰা এটি লোকাচাৰ হ’ল গৰ্ভৱতী তিৰোতাগৰাকীৰ আঠ মাহত পালন কৰা ‘পোহন বিয়া’  অনুষ্ঠান। এই পোহন বিয়াত হ’ব খোজা পিতৃ-মাতৃক বৰ বিয়াৰ নিচিনাকৈ মাহ-হালধি সানি নোৱাই বেইৰ তলত গা-ধুওৱা হয়। তাৰ পাছত দৰা-কইনাক নতুন বস্ত্ৰ পৰিধান কৰাই ৰভাৰ তললৈ অনা হয়। সাতপুৰুষৰ শ্ৰাদ্বাদি কৰাৰ পিছত হোম পুৰি দৰা-কইনাক আকৌ এবাৰ বিয়া পাতি দিয়া হয়। বহু ধৰণৰ নীতি-নিয়মৰ মাজেৰে এই বিয়া সম্পন্ন কৰা হয়। বিয়াৰ পিছত হ’ব লগা পিতৃ-মাতৃ দুয়ো চাৰিদিনলৈ ব্ৰত পালন কৰে। ব্ৰত পালন কৰা কেইদিন গৰ্ভৱতী তিৰোতাগৰাকীৰ মাতৃ গৃহৰপৰা দিয়া খাদ্য বস্তুহে গ্ৰহণ কৰা হয়। সম্ভাৱ্য মাতৃগৰাকী ব্ৰতৰ থকা কেইদিন এখন গামোচাত কটাৰী এখন, ডালিম, জাইফল আদিৰ এটা টোপোলা কৰি লগত ৰাখিব লাগে বুলি এটা বিশ্বাস প্ৰচলিত আছে।

আকৌ ন মাহত গৰ্ভৱতী মহিলাগৰাকীয়ে ভৰি দিয়াৰ লগে লগে প্ৰসূতি সবাহ পতা হয়। এই অনুষ্ঠানত মাহ-নৈবেদ্য আগবঢ়াই ভগৱানৰ ওচৰত নাৰীগৰাকীৰ সুপ্ৰসৱৰ বাবে আয়তীসকলে প্ৰাৰ্থনা জনায়।

এনেদৰেই বিভিন্ন ধৰণৰ লোকাচাৰৰ মাজেদি এগৰাকী নাৰীক সম্ভাৱ্য মাতৃত্বৰ বাটত আগবাঢ়ি যাবলৈ মানসিকভাৱে সাজু কৰোৱা হয়।

সন্তান এটি জন্ম হোৱাৰ পিছতো বিভিন্ন ধৰণৰ লোকাচাৰ পালন কৰা হয়। অসমীয়া সমাজত ল’ৰা সন্তান জন্ম হ’লে উৰুলি দিয়ে আৰু ছোৱালী সন্তান জন্ম হ’লে বেৰত ঢকিয়াই আৰু ঢেঁকী বিয়া দেখা যায়। ইয়াৰ পাছত বাঁহৰ চেচুৰে কেঁচুৱাৰ নাড়ী কাটি মাকৰ চুলিৰে কেঁচুৱাৰ জিভা পৰিষ্কাৰ কৰাৰ প্ৰথাও দেখিবলৈ পোৱা যায়। প্ৰসূতি নাৰীগৰাকীৰ ওচৰত এঘাৰ দিনলৈকে তুঁহজুই একুৱা জ্বলাই ৰখা হয়। “সন্তান জন্ম হোৱাৰ পাছত লোকৰ যঁতৰৰ বটিয়াডাল মনে মনে চুৰ কৰি আনি মাকৰ গাত দিয়া আৰু মুখ নেলাগিবৰ বাবে সন্তানৰ হাত-ভৰিত ছিগা ‘ব’ সূতা বান্ধি দিয়া নিয়ম” (বৰদলৈ, ১৪)। আকৌ প্ৰসূতি থকা কোঠাৰ দুৱাৰ মুখত তাঁতৰ চিৰি এপাট থোৱা হয় আৰু বগৰীৰ ঠাল ওলমাই দিয়া হয়।

প্ৰসূতি নাৰীগৰাকীক গা-শুকাবৰ বাবে পাতত দিয়া জালুক, নহৰু, নিমখ আৰু শুকান ভাত খাবলৈ দিয়া হয়। তিনি দিনলৈকে এইদৰে খাবলৈ দিয়া হয়। তিনিদিনৰ দিনা কচু জালুকৰ লগত ৰান্ধি খুৱা হয়। উজনি অসমত এই প্ৰথা বিশেকভাৱে প্ৰচলিত। এই ৰান্ধি খুওৱাক জাল দিয়া বুলি কোৱা হয়। ঠাই বিশেষে সেইদিনা ওচৰ- চুবুৰীয়াক মাছ বিলোৱা হয়। নামনি অসমত আকৌ পাঁচদিনৰ দিনা বা এঘাৰ বা এমাহৰ দিনা জলাবটা বিলোৱা প্ৰথাৰ প্ৰচলন আছে।

“সন্তান জন্মৰ ছদিনৰ দিনা বিধাতাপুৰুষে নৱজাতকৰ ভাগ্য নিৰ্ণয় কৰিবলৈ নিশাভাগত আহে বুলি লোকবিশ্বাস আছে।” (ৰাজবংশী (সম্পা), ২৯৯) সেইদিনা প্ৰসূতি গৰাকীৰ কোঠাত গধূলিৰেপৰা জুই ধৰি সৰিয়হ দি ৰখা হয়। মাকগৰাকীয়ে সেইদিনা ৰাতি কেঁচুৱা কোলাত লৈ উজাগৰে থাকিব লাগে আৰু আন মানুহে তাতে কীৰ্তন পঢ়ি থাকে। কোঠাটোৰ ভিতৰত এখন পীৰাত বগা কাগজ এখন আৰু চিয়াঁহীৰ দোৱাতেৰে পাখিকলম এটা থোৱা হয়। লগতে আমডালি থকা লোটা বা ঘট এটা, ভোজনী এটা, দক্ষিণা ইত্যাদি ৰখা হয়। বিধাতাপুৰুষে সেই উকা কাগজখলতে নৱজাতকৰ ভাগ্য লিখি থৈ যায় বুলি বিশ্বাস  এই কাগজখনকে সোঁৱৰণী কৰিবলৈ পণ্ডিতক দিয়া হয়। জন্মৰ এঘাৰ দিনৰদিনা নৱজাতকক সূৰ্য দৰ্শন কৰোৱা হয়। দহ দিনৰ দিনা ঘৰৰ চৰু-হাড়ি, কাপোৰ-কানি সকলো ধুই শুচি হৈ চুৱা খেদা হয়। সূৰ্য দৰ্শনৰ দিনা শিশুটিক গা-পা ধুৱাই মাকে কোলাত লৈ বহিবলৈ আনি আগতে সাজু কৰি ৰখা পীৰা এখনৰ চাৰিওফালে তিনিবাৰ প্ৰদক্ষিণ কৰি সূৰ্যৰ ফালে তিনিবাৰ দাঙি দেখুৱাই পীৰাখনত শুৱাই দিয়ে। 

পীৰাত শুওৱাৰ আগতে চাৰিখন থুৰিওৱা তামোল চাৰিদিশে দূৰলৈ দলিয়াই দিয়া হয়। পীৰাখনৰ ওপৰত আগৰেপৰাই শিলগুটি এটা, পানী এবাটি, চাকি এগছ আৰু খেৰৰ জুমুঠি এটা ৰখা হয়। শিশুটিৰ মংগলৰ বাবে এই প্ৰত্যেকটো বস্তুৰে এটা বিশেষ বিশেষ কার্য সমাপন কৰা হয়। শিলগুটিটো শিশুটোৰ নাড়ীত লাহেকৈ লগাই দিয়া হয়। “এইদৰে তিনিবাৰ কৰাৰ পাছত (এনে কৰিলে নাই শুকাই, পেট শিল খালে শিল হজম হোৱা বুলি বিশ্বাস) কেঁচুৱাটোক পানী বাটিটোৰ ওপৰত পানীত পৰি নমৰিবি’ তই বুলি তিনিবাৰ ঘূৰাই (এই নিয়ম কৰিলে পানীত পৰি ডুবাৰ ভয় নেথাকে বুলি ভাব হয়) জুই লগাই দিয়া খেৰৰ জুমুঠিটোৰ ওপৰতো ‘জুইত পুৰি নমৰিবি’ বুলি তিনিবাৰ ঘূৰাই ‘অগ্নিভয়’ দূৰ কৰা হয়। ইয়াৰ পাছত পীৰাত শুৱাই বগৰী জেং কেঁচুৱাটোৰ ভৰিৰ তলেদি তিনিবাৰ সৰকাই বাটৰ কাঁইট স্বৰূপ আপদ বিঘিনি দূৰ হওক বুলি দলিয়াই দিয়ে। পিছত মাকে আঁঠু লৈ সূৰ্যলৈ চাই সেৱা কৰে।” (বৰদলৈ, ১৭)

সন্তান জন্মৰ এমাহৰ পাছত মাহেকীয়া সকাম পাতি মাকজনী ঘৰুৱা কাম-বন কৰিবলৈ শুচি হয়। অৱশ্যে কোনো কোনো অঞ্চলত ল’ৰা হ’লে একৈশ দিনৰ দিনও সেই অনুষ্ঠান পতাৰ পিছৰপৰাহে ঘৰৰ সকলো মানুহ শুচি হয় বুলি বিশ্বাস কৰা হয়।

অসমীয়া নাৰী সমাজত প্ৰচলিত এটি লোকাচাৰ হ’ল কন্যা ঋতুপ্ৰাপ্তি হ’লে পালন কৰা অনুষ্ঠান তোলনি বিয়া। নাৰী জীৱনৰ এটি বিশেষ অৱস্থা হৈছে ঋতুপ্ৰাপ্তি হোৱা সময়খিনি। এইটো এক বয়:সন্ধিৰ সময়। এই সময়ছোৱাত এজনী ছোৱালীৰ শাৰীৰিক আৰু মানসিক দুয়ো প্ৰকাৰৰ পৰিবৰ্তন হয়। এগৰাকী নাৰীৰ এই পৰিবৰ্তনৰ ক্ষণটো সেয়ে ভালেমান লোকাচাৰ পালন কৰা হয়।

অসমীয়া পৰম্পৰাগত সমাজত ছোৱালী পুষ্পিতা হ’লে প্ৰথম দিনা লঘোণে থাকিব লাগে। বিশেষকৈ পুষ্পিতা হোৱা বেলাটোত একো খাবলৈ দিয়া নহয়। তিনিদিনলৈকে ফলাহাৰ গ্ৰহণ কৰিবলৈ দিয়া হয়। তাৰ পাছত চাৰিদিনৰ দিনা গণকৰদ্বাৰা চোৱাই ঠিক কৰা সময়ত গা ধুৱাই পিঠাগুৰি খাবলৈ দিয়া হয়। পুষ্পিতা হোৱা কেইদিন ছোৱালীজনীক চন্দ্ৰ, সূৰ্য আৰু পুৰুষৰ মুখ চাবলৈ দিয়া নহয়। এটা আছুতীয়া কোঠাত ধানখেৰৰ বিচনা কৰি তাতে থাকিবলৈ দিয়া হয়। শোৱাপাটীৰ পূব দিশত এটা দুণৰিত চাউল, তামোল-পাণ আদিৰ লগতে মিঠাতেলৰ চাকি জ্বলাই থৈ দিয়া হয়। তাৰ কাষতে এটা ঘটত আমদালি আৰু এঁৱা সূতা মেৰিয়াই থোৱা হয়। ছোৱালীজনীৰ হাতত এটা কনাই দিয়া হয়। এই কানাইটো সন্তানৰ প্ৰতীক বুলি বিশ্বাস প্ৰচলন আছে।

তিনিদিনৰ দিনা আখৈ ভজা ৰীতি এটি কোনো কোনো অঞ্চলত প্ৰচলন আছে। সেইদিনা নিশা ছোৱালীজনীৰ সধৱা মাক, খুড়ীয়েকে বা আন কোনো এগৰাকীয়ে ছোৱালীজনীৰ নামত খোলা পাতি আখৈ ভাজে। যদি ভজা আখৈবোৰ গোটা গোটা হয় তেতিয়া ছোৱালীজনীৰ ভৱিষ্যতে ল’ৰা হয় আৰু আখৈখিনি যদি পাহ মেলি উঠে তেতিয়া ছোৱালী হয় বুলি বিশ্বাস কৰা হয়। আকৌ যদি আখৈখিনি নুফুটে তেতিয়া অশুভ বুলি গণ্য কৰা হয়। কাৰণ তেনে হ’লে ভৱিষ্যতে সন্তান নহয় বুলি ভবা হয়।

“নামনি অসমত চাৰিদিনৰ দিনা আৰু উজনি অসমত সাতদিনৰ দিনা ছোৱালীক গা-ধুওৱা হয়।” (দাস (সম্পা), ১৭৭) গা-ধুৱাওতে নোৱাবলৈ বাৰীৰ পিছফালে পূবমুৱাকৈ এখন বেই সাজি বেইৰ কাষত কলপুলি ৰোৱা হয়। এই কলপুলিটো ছোৱালীজনীৰ ভৱিষ্যতৰ স্বামীৰ প্ৰতীক বুলি ধাৰণা কৰা হয়। মাহ-হালধিৰে ছোৱালীজনী নোৱাই -ধুৱাই নতুন বস্ত্ৰ পৰিধান কৰাই ছোৱালীজনীক সূৰ্যলৈ চাবলৈ দিয়া হয় আৰু লগতে ফল লাগি থকা যিকোনো গছলৈ চাবলৈ দিয়ে। ইয়াৰ পাছত গণকৰ হতুৱাই ছোৱালীজনীৰ শুদ্ধি কৰোৱা হয়। সাত দিনৰ দিনাই বহুতে তোলনি বিয়া অনুষ্ঠানৰ আয়োজন কৰে। কোনো কোনোৱে আকৌ সাত দিনতে বিয়া নুঠাই পিছতো এই লোকাচাৰ সম্পন্ন কৰা দেখা যায়। তোলনি বিয়াৰ দিনা আয়তীসকলে ৰভাৰ তলত চাৰিটা কলপুলি পুতি মৰল সাজে। ঘটত আমডালি দি গোসাঁইৰ ছবি এই মৰলৰ লগতে ৰখা হয়। এই দিনাও কন্যাজনীক মাহ-হালধিৰে নোৱাই-ধুৱাই সজাই-পৰাই সমাজৰ আগলৈ উলিয়াই আৰু আঁঠু লোৱায়। তাৰ পাছত আমসাৰ দি ছোৱালীজনীৰ কোঁচত কনাই দিয়া হয়। 

এই কনাইটো আকৌ মাক আৰু অন্যান্য আয়তীসকলে আঙুঠি, টকা আদি দি এবাৰ নিজৰ কোঁচলৈ আকৌ ছোৱালীজনীৰ কোঁচলৈ এনেদৰে তিনিবাৰ অনা-নিয়া কৰে। তাৰ পিছত আয়তীসকলে ইজনী সিজনীয়ে ৰং-ধেমালি কৰে। শেষত ছোৱালীজনীয়ে সৰু ল’ৰা বা ছোৱালী তিনিটাক কোলাত লৈ মিঠাই খুৱায় আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায়। এইদৰেই নানা লোকাচাৰৰ মাজেৰে এই অনুষ্ঠানৰ সামৰণি পৰে। “ইয়াৰ পিছৰপৰা প্ৰতিমাহে ঋতুমতী হোৱাৰ প্ৰথম দুদিন ছোৱালীজনীয়ে আচুতীয়াকৈ খায়, শোৱে, কোনো বস্তু স্পৰ্শ নকৰে আৰু ৰন্ধা-বঢ়া, গোঁসাই সেৱা আদিৰ পৰা আঁতৰি থাকে। তৃতীয় দিনা ভালদৰে গা-মূৰ ধুই শুদ্ধ হয়।” (ৰাজবংশী (সম্পা.), ৩০২)।

অসমীয়া সমাজত বিবাহ এক মাংগলিক অনুষ্ঠান। হিন্দু ধৰ্ম মতে বিবাহ মানৱ জীৱনৰ এক গুৰুত্বপূৰ্ণ অংগ। এই বিবাহক কেন্দ্ৰ কৰি অসমীয়া সমাজত বিয়াৰ ভালেমান লোকাচাৰ পালন কৰা হয়। অসমীয়া সমাজত বিয়াৰ আগদিনা জোৰণ পতা হয়। জোৰণৰ দিনা চাই দিয়া শুভ ক্ষণ অনুসৰি দৰা ঘৰৰপৰা দৰাৰ মাকে অন্যান্য আয়তী আৰু জেষ্ঠজনৰ লগত কইনাক জোৰণ পিন্ধাবলৈ আহে। জোৰণত কইনাৰ বাবে ভালেমান সামগ্ৰী অনা হয়। কইনাই পৰিধান কৰিবলৈ বস্ত্ৰ, আ-অলংকাৰ, সেন্দুৰ,  আর্চি-ফণী, সুগন্ধি তেলৰ বটল, নানা প্ৰসাধনৰ দ্ৰৱ্য জোৰণত প্ৰদান কৰা হয়। ইয়াৰ লগতে জোৰণৰ অন্যান্য মাংগলিক অনুষ্ঠানৰ বাবে আঢ়ৈ চাউল আৰু তামোল-পাণ ভৰাই ওপৰত আমডালি আৰু বাহিৰত এঁৱা সূতা মেৰিয়াই অনা ঘট, কেঁচা তামোলৰ থোক, এযোৰ নাৰিকল, দৈসহ সৰু সৰু দুটা ঘট, মাহ-হালধি আৰু গাঁঠিয়নৰ টোপোলা, মিঠাই, মাছ আৰু তামোল-পাণ জোৰণৰ লগত দৰাঘৰীয়াই লৈ আনে। লগতে কইনাৰ মাকৰ বাবে এসাজ কাপোৰ আৰু  ‘পেট পোৰা ভাৰ’  লগত অনা হয়।

দৰাঘৰৰ মানুহে জোৰণলৈ আহি কইনাঘৰৰ পদূলি মুখ পোৱাৰ পিছতে কইনাৰ মাকে দৰাৰ মাকৰ লগত শৰাই সালসলনি কৰি তেওঁলোকক আদৰি নি ৰঙাতলীয়া মড়লৰ কাষত বহুৱায়। দৰাঘৰৰ পৰা অনা পাটীত দলিচা পাৰি কইনাক আনি বহুওৱা হয় তাতে কইনাক তামোল-কটাৰী এযোৰ দিয়াৰ পাছত তাৰে তামোলটো কইনাৰ শিৰত দি তাৰ ওপৰত জোৰণৰ বাবে নিয়া আঙুঠিটো থৈ তিনিবাৰ সুগন্ধী তেল দিয়ে আৰু আঙুঠিটোৰে কইনাৰ শিৰত সেন্দুৰ পিন্ধাই দিয়া হয়। দৰাৰ মাকেই এই কামখিনি সম্পাদন কৰে। ইয়াৰ পাছত দৰাঘৰৰ পৰা অনা অন্যান্য সামগ্ৰী যেনে— কাপোৰ, আ-অলংকাৰ আদি কইনাক পিন্ধোৱা হয়। এইসমূহ কার্য শেষ হোৱাৰ পাছত কইনাই ভগৱানলৈ সেৱা জনায় তাৰ লগতে দৰাঘৰৰ পৰা অহা লোকসকলক মান ধৰি সেৱা কৰে। দৰাঘৰৰ পৰা নিয়া এযোৰ তামোল-কটাৰী, ধৰমৰ ঘট এটা, মাছৰ আধা, এটা নাৰিকল আদি কইনাক চুই দিয়াৰ পাছত দৰাঘৰলৈ অনাৰ নিয়ম। ইয়াৰ পিছত দৰাঘৰৰ মানুহে জোৰণ কাৰ্য সম্পাদন কৰি ভাত-পানী বা জা-জলপান খাই বিদায় লয়। দৰাঘৰীয়া মানুহৰ হাততে কইনাঘৰৰ পৰা দৰালৈ বুলি দৰা বৰণৰ সাজ আৰু নোৱনি কাপোৰ দিয়া হয়।

জোৰণৰ পিছত পালন কৰা এটি লোকাচাৰ হ’ল অধিবাস। অধিবাস শেষ হোৱাৰ পিছত মড়লৰ কাষত কইনাক  বহুওৱা হয় আৰু তাতে শিলৰ পটা এখনত কইনাক ধৰি সাতগৰাকী আয়তীয়ে উৰুলি জোকাৰ দি আৰু নাম গাই গাঁঠিয়ন খুন্দে। গাঁঠিয়ন খুন্দা হৈ যোৱাৰ পাছত কইনাৰ মূৰত ইয়াক তেলত ডুবাই দুবৰিৰ আগেৰে অলপ অলপকৈ দিয়া হয়। তাৰ পাছত ঘৰৰে কোনোবা এজনে কইনাক  ‘হবিষাণ্ণ’ খুৱাই দিয়ে আৰু সেয়া সমাপন হোৱাৰ পিছত কইনাৰ মোমায়েকে কইনাক দাঙি ভিতৰলৈ লৈ যায়।

বিয়াৰ দিনা পালন কৰা এটি বিশেষ সামাজিক আচাৰ হ’ল দৈয়ন দিয়া। সেই দিনা কাহিলি পুৱাতে কইনা ঘৰত দৈয়ন দিয়াৰ উখল-মাখল আৰম্ভ হয়। শোৱাকোঠাৰ দুৱাৰ মুখতে পীৰা এখন পাৰি কোনোবা এগৰাকীয়ে কইনাক দাং-কোলা কৰি আনি তাতে বহুৱাই দিয়ে। পৰ্দাৰ সিপাৰৰ পৰা আগদিনা ৰাতিয়েই দৈয়ন দিবৰ বাবে যতনাই থোৱা দৈৰ কাঁহীখনত আগ-গুৰি নকটা পাণ কেইখিলামান জুবুৰিয়াই কইনাৰ মাক বা খুৰীয়েকে কইনাৰ মুখৰ পৰা ভৰিলৈকে উৰুলি দি দি তিনিবাৰ সানি দিয়ে। ইয়াৰ লগে লগে আন আন আয়তীসকলেও উৰুলি জোকাৰ দি পৰিৱেশটো পবিত্ৰ কৰি তোলে।ইয়াৰ পাছত দিনৰ ভাগত নপুৰুষৰ শ্ৰাদ্ধ পতা হয়। শ্ৰাদ্ধৰ পাছত কইনাক সজাই-পৰাই  নিমন্ত্ৰিত সকলো অতিথিকে সম্ভাষণ জনাবৰ বাবে ৰভাৰ তললৈ উলিয়াই অনা হয়। 

ইফালে ৰাতি হোৱাৰ লগে লগে শুভ ক্ষণ চাই দৰা বিবাহৰ বাবে অন্যান্যসকলৰ লগত কইনাৰ পদূলিত আহি উপস্থিত হয়। কন্যাদাতা গৈ দৰাক আদৰি আনি পদূলিত তোৰণ বনাই থোৱা কলপুলিৰ তলত যুগুতাই ৰখা পীৰাত তোলেহি। তাতে কইনাৰ সৰু ভনীয়েকে দৰাৰ ভৰি ধুৱাই গামোচাৰে মচি দিয়ে। কইনাৰ আত্মীয়-স্বজনে দৰাক তাতে আদৰ যাচে। শেষত কইনাৰ মাকে বিচনীৰে বিচি দৰাক ৰভাৰ তললৈ আদৰি আনি হোমৰ গুৰিত বহুৱায়। হোমৰ গুৰিত  বিবাহ কার্য আৰম্ভ হোৱাৰ পিছত দৰাঘৰীয়া তামোল-পাণৰ শৰাই দি কইনাক খুজিলেহে কইনাক উলিয়াই দিয়া হয়। হোমৰ গুৰিলৈ অনাৰ আগত কইনাক নোৱাই-ধুৱাই সজাই-পৰাই তোলা হয়। হোমৰ গুৰিত পুৰোহিতৰ মন্ত্ৰোচাৰণৰ লগে লগে মালা প্ৰদান, লগুণ গাঁঠি বন্ধন, আখৈ দিয়া আদি কার্য পালন কৰাৰ পাছত বিবাহ অনুষ্ঠানৰ অন্ত পৰে। কিন্তু তাৰ পাছতো আৰু ভালেমান লোকাচাৰ পালন কৰা হয়। অসমীয়া সমাজত কইনাৰ মাকে বিয়া নাচায়, কিন্তু বিয়া হৈ যোৱাৰ পিছত দৰা-কইনা দুয়োকে লগুণ গাঁঠি বন্ধা অৱস্থাতে ভিতৰলৈ মাতি নি ‘আমসাৰ’ দিয়ে। ইয়াৰ পিছত দৰা-কইনা দুয়োকে এখন ঠালত ৰখা পায়সৰ বাটি দুটা খুন্দা নোখোৱাকৈ সাল-সলনি কৰিবলৈ দিয়া হয়। খুন্দা খালে ভৱিষ্যতে দুয়োৰে মাজত কাজিয়া লাগে বুলি বিশ্বাস। তাৰ পাছত কইনা উলিয়াই দিয়াৰ সময়। ঘৰৰ লখিমী যাতে পৰৰ ঘৰলৈ গুচি নাযায় তাৰ বাবে ছোৱালীজনীৰ হাতত চাউল দি সেইখিনি পিছলৈ চাটিমাৰি দিবলৈ দিয়া হয়। 

মাকে পুনৰ দৰা-কইনাক দুৱাৰমুখত দুয়োহাতেৰে আগছি ধৰে আৰু কইনাই মাকৰ দুয়োহাতৰ তলেদি একোবাৰকৈ ওলোৱাৰ দৰে কৰি তৃতীয় বাৰত সোঁহাতৰ তলেদি বাহিৰলৈ ওলাই যায়। ঘৰ এখনৰ মৰমৰ জীয়ৰী চিৰদিনৰ বাবে পৰৰ ঘৰৰ বোৱাৰী হৈ গুচি যায়। দৰাঘৰত গৈ উপস্থিত হোৱাৰ পিছত দৰাৰ মাকে কইনাক আদৰি আনে। তাৰ পাছত দৰা-কইনা দুয়োকে বহুৱাই কিছুমান ৰং-ধেমালি কৰা হয়। আঙুঠি লুকুওৱা, ঢেঁকী দিয়া আদি ধেমালি কৰা হয়। কোনো অঞ্চলত এই অনুষ্ঠানবোৰ পালন কৰাৰ পাছত কইনাক আকৌ মাকৰ ঘৰলৈ ওভতাই অনা হয়। অৱশ্যে কোনো কোনো ঠাইত কইনাক ওভতাই অনা নহয়। আকৌ খোৱা-খুবীৰ দিনা দৰাঘৰৰ পৰা আয়তী আহি কইনাক লৈ যায়। এই দিনটোৰপৰাহে  নানা লোকাচাৰ পালন কৰি দৰা-কইনাই যুগ্ম জীৱন আৰম্ভ কৰে। বিয়াৰ আঠ দিনৰ দিনা দৰাক শহুৰেকৰ ঘৰত খাবলৈ নিমন্ত্ৰণ জনোৱা হয়। এই অনুষ্ঠানক কোৱা হয় আঠমঙলা। দৰা-কইনা দুয়ো এইদিনা কইনাৰ ঘৰলৈ ভাত খাবলৈ গৈ দিনটো থাকি উভতি আহে। আঠমঙলাৰ পাছতে অসমীয়া বিবাহ অনুষ্ঠান পালন কৰিবলগীয়া লোকাচাৰ সমূহৰ সামৰণি পৰে।

মানুহৰ জীৱনৰ এক স্বাভাৱিক ঘটনা হ’ল মৃত্যু। জন্ম যেনেদৰে স্বাভাৱিক, তেনেদৰে মৃত্যুয় চিৰসত্য। হ’লেও মানুহৰ মৃত্যুৰ প্ৰতি ভয় চিৰন্তন। হিন্দু ধৰ্মৰ মানুহে বিশ্বাস কৰে যে আত্মাৰ মৰণ নাই। আত্মা অমৰ; মানৱ দেহৰ মৃত্যু হ’লেও ইয়াত থকা আত্মাৰ মৰণ নহয়। ই মানুহে পুৰণি কাপোৰ সলোৱাৰ দৰে এটা দেহ ত্যাগ কৰি অনন্তধামলৈ গতি কৰে আৰু পুনৰ জনমৰ বাবে প্ৰতীক্ষা কৰে। সেয়েহে মৃতকৰ আত্মাৰ শান্তিৰ বাবে নানা লোকাচাৰ পালন কৰা হয়। অসমীয়া সমাজত মৃত্যুৰ পাছত মৃতকক বগা কাপোৰেৰে ঢাকি দাহ কৰিবৰ বাবে চাঙীত উঠাই শ্মশানলৈ নিয়া হয়। বিশেষ কাৰণ নাথাকিলে তিৰোতা মানুহ শ্মশানলৈ নাযায়। মৃতকক ঘৰৰ পৰা উলিয়াই লৈ যোৱাৰ পিছত ঘৰে-ঘৰোৱাহে গা-পা ধুই পেলায়। অসমীয়া সমাজত স্বামীৰ মৃত্যু হ’লে পত্নী গৰাকীয়ে চিৰদিনৰ বাবে শিৰৰ সেন্দুৰ মচি পেলায়। অলংকাৰ পৰিধান পৰিহাৰ কৰে আৰু ৰঙীন কাপোৰৰ সলনি বগা কাপোৰহে ব্যৱহাৰ কৰিবলৈ লয়। কোনো কোনো সম্প্ৰদায়ৰ বিধৱা তিৰোতাই আমিষ আহাৰো পৰিত্যাগ কৰে। অৱশ্যে বৰ্তমান সময়ত এই নিয়মসমূহৰ কঠোৰতা বহু পৰিমাণে শিথিল হৈছে।

অসমীয়া সমাজত ওপৰত উল্লেখ কৰা লোকাচাৰসমূহৰ উপৰিও আৰু নানা উৎসৱ-অনুষ্ঠানৰ লগত জড়িত স্ত্ৰী লোকাচাৰ দেখিবলৈ পোৱা যায়। অসমৰ জাতীয় উৎসৱ বিহুক কেন্দ্ৰ কৰিও ভালেমান লোকাচাৰ গঢ় লৈ উঠিছে। এনে নাৰীকেন্দ্ৰিক লোকাচাৰৰ এটা হ’ল বিহুত প্রিয়জনক নিজে হাতে বোৱা বিহুৱান উপহাৰ দিয়া। সাতশাকী খোৱাটোও এক পুৰণি লোকাচাৰ। এশ এবিধ শাকৰ এই ব্যঞ্জন আচলতে এক প্ৰকাৰৰ মহৌষধ। ইয়াৰ উপৰিও বিহু বুলি ক’লেই পিঠা-পনা, জা-জলপান আদি প্ৰস্তুত কৰাটোও এক প্ৰকাৰৰ লোকাচাৰ। কাতি বিহুত পথাৰত চাকি লখিমীক আৰাধনা কৰা হয়।

অসমীয়া সমাজত পালন কৰা এক বিশেষ অনুষ্ঠান হ’ল জন্মাষ্টমী। আৰাধ্য দেৱতা কৃষ্ণৰ জন্মৰ দিনটোৰ সোৱৰণত এই অনুষ্ঠান পতা হয়। এই অনুষ্ঠানত নাৰীসকলে গীত-পদ গাই ৰং-ৰহইচ কৰে। ইও এক লৌকিক আচাৰ সমৃদ্ধ অনুষ্ঠান।

আন এক তিৰোতাসকলে অনুষ্ঠিত কৰা পূজা হৈছে পশ্চিম গোৱালপাৰা জিলাত প্ৰচলিত হুদুম পূজা। আগতে জীৱন্ত হুদু চৰাই এটা ধৰি আনি খুটিত বান্ধি থৈ এই পূজা অনুষ্ঠিত কৰা হৈছিল। বৰ্তমান সময়ত অৱশ্যে কলপুলি হুদুমৰ খুটি হিচাপে গণ্য কৰি ৰোৱা হয়। ই সম্পূৰ্ন স্ত্ৰীলোকাচাৰ কেন্দ্ৰিক অনুষ্ঠান। এই পূজাত পুৰোহিতৰ স্থান নাই। চকুত কাপোৰ বান্ধি মাত্ৰ ঢাকুৱায় ঢাক বজাই থাকে। নাৰীসকলে ৰাতি লৌকিক আচাৰ অনুসৰি পূজা সম্পন্ন কৰি হুদুম খুটিৰ চাৰিওফালে বিবস্ত্ৰা হৈ ঘূৰি ঘূৰি অশ্লীলতাপূৰ্ণ নৃত্য-গীত কৰে। এই পূজা বৰষুণ কামনা কৰি পতা হয় আৰু লোকবিশ্বাস অনুসৰি পূজা সম্পন্ন হোৱাৰ পাছত বৰষুণ হোৱাটো অনিবাৰ্য।

ইয়াৰ উপৰিও বসন্ত ওলালে আই সবাহ পাতি এই ৰোগৰ গৰাকী আইসকলক স্তুতি কৰাৰ লোকাচাৰ অসমত অতীজৰেপৰা চলি আহিছে। অপেশ্বৰী সবাহো অসমীয়া সমাজত প্ৰচলিত এটি নাৰীজনিত লোকাচাৰ কেন্দ্ৰিক অনুষ্ঠান। চ’ত মাহত বৰদৈচিলাক সন্তুষ্ট কৰিবলৈ চোতালত পীৰা পাৰি দাপোন আৰু কাকৈ থৈ সেৱা জনোৱা হয়। তেনে কৰিলে প্ৰবল বতাহ-বৰষুণ সাম কাটে বুলি ভবা হয়। এনেদৰেই বিভিন্ন দেৱ-দেৱীলৈ শ্ৰদ্ধা-ভক্তিৰ অঞ্জলি যাঁচি পূজা কৰাৰ লোকাচাৰ অতীজৰে পৰা অসমীয়া সমাজত প্ৰচলন আছে।

অসমীয়া সমাজত নাৰীকেন্দ্ৰিক লোকাচাৰ সমূহে এক বিস্তৃত ক্ষেত্ৰ সামৰি আছে। এই আলোচনাত আগবঢ়োৱা লোকাচাৰ সমূহৰ উপৰিও আৰু বহুতো লোকাচাৰ আমাৰ সমাজত প্ৰচলন হৈ আছে। তিৰোতাসকলৰ মাজতেই এই লোকাচাৰসমূহ পালন কৰা প্ৰৱণতা অধিক। দৈনন্দিন জীৱনতো বহুতো লোকাচাৰ পালন কৰা হয়। স্বামীয়ে পত্নীৰ শুদা কপাল চাব নাপায় কাৰণে পত্নীয়ে সদায় স্বামীৰ আগত ফোঁট লৈ থকা, বাহী গাৰে ৰান্ধনী ঘৰ আৰু গোঁসাই ঘৰত নোসোমোৱা, মুখ লগাৰ পৰা বচাবলৈ শিশুক ক’ৰবালৈ লৈ যোৱাৰ আগত সূৰ্যলৈ চাই সেৱা কৰি মুখৰ থু অকণ পেলাই ভৰিৰ বুঢ়া আঙুলিৰে লিপি তাৰে ফোঁট দিয়া, নাৰীয়ে মুৰেদি মেখেলা নিপিন্ধা, মানীজন অহা যোৱা কৰা বাটত মেখেলা আদি কাপোৰ নেমেলা ইত্যাদি লোকাচাৰ বৰ্তমানেও আমাৰ সমাজত দৈনন্দিন প্ৰচলন হৈ আছে। অৱশ্যে সময়ৰ পৰিবৰ্তনৰ লগে লগে এই লোকাচাৰ সমূহৰ ব্যৱহাৰ বহু পৰিমাণে কমি আহিছে। লোকাচাৰ সমূহ অসমীয়া সংস্কৃতিৰ এক অমূল্য সম্পদ। এইসমূহৰ মাজেদি অসমীয়া সমাজ-সংস্কৃতিৰ বিশেষ চিত্ৰ সুন্দৰ ৰূপত ফুটি উঠে ।

প্ৰশ্ন ৬। আহোমসকলৰ বিবাহ পদ্ধতি চকলংৰ বিষয়ে আলোচনা কৰা ?

উত্তৰঃ টাই ভাষাত চকলং মানে বিয়া। এই বিয়া আহোমসকলৰ বৈশিষ্ট্যপূৰ্ণ বৈবাহিক প্ৰথা য’ত আহোম পুৰোহিত, শাস্ত্ৰ আৰু টাই ভাষাৰ মাধ্যমেৰে অনুষ্ঠিত হয়। বিয়াৰ আগতেই আগৰ দিনকেইটাত কেইবাটাও অনুষ্ঠান পাৰ হৈ যায়। এইক্ষেত্ৰত দৰাঘৰতকৈ  কইনাঘৰৰ মানুহক অধিক মান কৰা হয় আৰু দৰাঘৰৰ মানুহহে কইনা খোজা-বঢ়া বিষয়ত আগ-ভাগ লয়।

কাৰোবাৰ ঘৰত চকুত লগা ছোৱালী দেখিলে বা কোনোবাই যোৰ মিলাই ছোৱালী দেখুৱালে কইনা ঘৰৰ মানুহক খা-খবৰ দি নিৰ্ধাৰিত দিনত সোধনী ভাৰ পেলায়। কইনাঘৰলৈ যাওঁতে দৰাঘৰীয়া মানুহে হাঁহ-পাৰ, তামোল-পাণ, চাউল-পাতি, জা-জলপানৰ ভাৰ এখন লৈ যায়। ইয়াকে ‘সোধনী ভাৰ’ বোলে। উচিত মান-সত্কাৰ কৰাৰ পাছত সকলোৰে আগত ছোৱালী খোজা -বঢ়া কৰা হয়। কইনা ঘৰৰ মানুহে মাননি লৈ ল’ৰাৰ বংশ-মৰ্য্যাদা আদিত কোনো আসোঁৱাহ নাপালে এটা নিৰ্ধাৰিত দিনত ল’ৰাৰ ঘৰ চাবলৈ কথা দিয়ে। সেই মৰ্মে কইনাঘৰৰ জনদিয়েক মানুহ গৈ দৰাৰ ঘৰ-দুৱাৰ চাই আহেগৈ। সেইদিনা দৰাঘৰীয়া মানুহে কইনাঘৰীয়া মানুহক হাঁহ-পাৰ মাৰি মাছে-মঙহেৰে সোধ-পোচ কৰে। ইয়াকে  ‘ঘৰ চাৱনি’ বোলা হয়। ঘৰ চাৱনি খোৱাৰ দিনাই বিয়া বন্দোবস্ত খাটাং কৰা হয়। সাধাৰণতে দৰা-কইনাৰ বংশ-মৰ্য্যাদা আদি বিচাৰ কৰাৰ উপৰি সোধন-পোছন, মান-সত্কাৰ, জা-জলপান, সম্বন্ধ বিচাৰ আদিও তন্ন তন্নকৈ চায়। সোধনী ভাৰ পেলোৱাৰ পিছত ঘৰ-চাৱনি খাই উভয় ঘৰৰে বুজাবুজিৰ মাজত এটা দিন স্থিৰ কৰা হয়। 

এইদৰে দিন স্থিৰ হ’লে বিয়াৰ আগদিনা, বিয়াৰ দিনা কইনাই পিন্ধিবলৈ এযোৰ উত্কৃষ্ট পোছাক আৰু লগতে যাৱতীয় সমলেৰে আ-অলংকাৰ দিয়ে। জোৰণ দিয়া পদ্ধতিটো বৌদিক পদ্ধতিৰ বিয়াৰ লগত মিলি আছে যদিও টাই ভাষাৰে মন্ত্ৰ উচ্চাৰণ কৰা হয়। যেনে-“অ’ ফ্ৰা’ ম’ -ফুক চকলং চি-চিম হাউতেম”–– অৰ্থাত হে পৰমেশ্বৰ, কাইলৈ হ’ব খোজা বিয়াৰ মংগল সাধন কৰা’। জোৰণৰ পৰা কইনা সম্প্ৰদানলৈকে টেকেলি দিয়া, দেওবান কৰা, মূৰত তেল দিয়া, গাঁঠিয়ন খুন্দা, ৰিকখন কৰা, আপতাঙ কৰা, দৈয়ন দিয়া আদি ভালেমান অনুষ্ঠান পাৰ হৈ যাব লাগে। টেকেলি দিয়া, গাঁঠিয়ন খুন্দা, দিয়ন দিয়া আদি বৈদিক পদ্ধতিৰ সৈতে মিলে; কিন্তু বাকীকেইটা অনুষ্ঠান সম্পূৰ্ণ সুকীয়া আৰু আহোম পদ্ধতিৰ মতে হয়। বিয়াৰ আগদিনা আহোম দেৱতা লাংকুৰি, জান-চাই-হুং,লা-ৰেং,লেংডন আৰু জাছিংফাক পূজা কৰিব লাগে। তাকে দেওবান কৰা বোলে। দেওবান কৰিবলৈ দৰাঘৰৰপৰা কইনাঘৰলৈ সাতোটা কলপটুৱাৰ টোপোলাত কটা তামোল পঠিয়াই দিয়ে। 

তাৰ উপৰি ১২ টা চাউল, লাও আৰু বাৰখন থুৰীয়া তামোল দি পুৰিহিতক উপাসনা কৰে। দেওবান কৰাৰ পিছত ৰভাত বহুৱাই মূৰত তেল দিয়া হয়। দেওবানৰ আগদিনা আহোম পুৰোহিতে এখন জাকৈ, তামোল-পাণ, কণী আৰু চাউল লৈ এখন নৈ, বিল বা পুখুৰীত খাওখাম দেৱতাক পূজা কৰে। পূজাৰ অন্তত তিনি খেও জাকৈ মাৰে। মাছ উঠিলে সেই মাছ আনি দৰা-কইনাক ৰান্ধি নামমাত্ৰ খুৱায়। তাকে ৰিকখন কৰা বা আয়ুতোলা বোলে। এইদৰে সকলো বিপদ-আপদৰ পৰা ৰক্ষা পাবলৈ সৰ্বৌষধি মিশ্ৰিত পানীকটা মন্ত্ৰেৰে জৰা পানীৰে গা-ধুৱায়। গা-ধুৱাওতে পানীত বজ্রকুঠাৰ, বজ্রশিল, বাঘদাঁত, বৰাগাহৰিৰ দাঁত, বানহুং, বান-কা-লুক,পানী কাঁইট, গৰুকণীয়া, তিনিমুৰীয়া, কেচুমতা, ক’লীয়া হালধি, সোণবৰীয়াল, তাংলতি, ছিংকৰা ফুল, উধান মাটি আৰু অষ্ট ধাতু, হৰিণাৰ শিং আৰু যুঁজত ভগা ম’হৰ শিং মিহলাই দিয়ে। পানী কাটি গা ধুৱাওঁতে এখন চালনিৰ ওপৰত উঠি এটা সৰু কুকুৰা পোৱালি ভৰিৰে গৰকি ধৰি ডালে-পাতে ভৰপূৰ হৈ থকা গছ এজোপালৈ চাই মূৰত পানী ঢালি। চকলং কৰিবলৈ তিনিদিন, পাঁচদিন, সাতদিন বা ন-দিনৰ আগৰ পৰা পানী তুলি নোৱাই-ধুৱায়। আগৰ দিনত দৰাঘৰৰ পৰা কইনাঘৰে ধন লোৱাৰ নিয়ম আছিল; কিন্তু চকলং কৰিবলৈ হ’লে দৰাঘৰৰ পৰা কোনো ধন-বস্তু গা-ধন হিচাপে নলৈছিল। 

চকলং বা সম্প্ৰদানৰ সময়ত কইনাৰ লগত যৌতুক হিচাপে দিব খোজা বস্তু-বাহানি ৰভাৰ তলত সজাই থোৱা হয়। চকলং কৰিবলৈ সাতোটা বৰণেৰে এখন মড়ল সাজে । মড়লৰ এশ এটা ভাগ কৰে। এশ এটা ভাগত এশ এটা চাকি লগায়। সেই চাকিপূৰ্ণ মড়লৰ সন্মুখত বহি দৰা-কইনাই দাম্পত্য জীৱনৰ মন্ত্ৰ আৰু সংকল্প গ্ৰহণ কৰে। চকলং কৰিবলৈ এশ এপাহ ফুল থকা দুধাৰ মালা, তিনিখন থুৰীয়া তামোল, এখন গামোচা, এটা চাউল থকা দুণৰি,দুখন মাইহাঙত আখৈ-পৰমান্ন আৰু পঞ্চামৃত, দুযোৰ লোটা-চৰিয়া, তিনিডাল খৰিকা আৰু হেংদান লাগে। এই চকলং বিয়াৰ ক্ষেত্ৰত ৰজাঘৰৰ সাধাৰণ চকলং সম্প্ৰদায় হয়; বিয়াৰ তিনিদিনৰ দিনা কইনাঘৰৰ মানুহ দৰাঘৰলৈ যায় আৰু পাঁচদিনৰ দিনা দৰা-কইনা দুয়ো কইনাৰ মাকৰ ঘৰলৈ যায়। ইয়াকে ‘ঘৰ উঠিবলৈ যোৱা’ বুলি কয়। ঠিক সেইদৰে ন-দিন বা এঘাৰ দিনত পুনৰ কইনাঘৰৰ আৰু দৰাঘৰৰ মানুহ অহা-যোৱা কৰে। তাকে  ‘দোনাবলৈ যোৱা’ বোলে। তলত চকলঙৰ পদ্ধতিসমূহ ক্ৰমান্বয়ে বৰ্ণনা কৰা হ’ল—-

জোৰোণ পিন্ধোৱা : দৰাঘৰৰ পৰা কইনাক পিন্ধাবলৈ কাপোৰ আৰু সাধ্য অনুসৰি কিছু অলংকাৰ, টেকেলি পঠায়। দৰাৰ মাক বা অন্য কোনো সম্বন্ধীয় মাইকী মানুহ কইনাৰ ঘৰলৈ যায়। টেকেলি এটা মড়লৰ মাজত ৰাখি এগছ চাকি জ্বলাই ঈশ্বৰক আৰাধনা কৰে। লগতে আহোম মন্ত্ৰ উচ্চাৰণ  “অ’ ফ্ৰা, ম’ ফুক চকলঙ চিচিম হেউতিম”—– (হে পৰমেশ্বৰ, কাইলৈৰ বিবাহ মংল কৰা) এই বুলি কৈ ফুল, তিল, চাউলৰ মড়লৰ মাজত থকা চাকি লৈ লগে লগে সেৱা কৰিব। তাৰ পাছত দৰাঘৰৰ মানুহ কইনাঘৰ পালেগৈ কইনাক সমাজৰ মাজত বহুৱাই জোৰণত দিয়া কাপোৰ আৰু অলংকাৰ আদি পিন্ধাই উৰুলি নাম গায়। কইনাৰ আগত বাওঁহাতে কইনাৰ ঘৰলৈ নিয়া টেকেলি আৰু সোঁহাতে দৰাৰ টেকেলি ৰাখে। কইনাই দৰাৰ টেকেলিৰ পৰা মাহ-হালধিৰ বাটি উলিয়াই পুনৰ বাটিটো টেকেলিত ভৰাই থয়। জলপান আদি খোৱাৰ পাছত দৰাৰ টেকেলি দৰাৰ ঘৰলৈ ওলটাই আনে আৰু সেই টেকেলিৰে পানী তোলা আৰু নোওৱা কাম কৰা হয়।

টেকেলি দিয়া নাম : দৰাঘৰত দৰা আৰু কইনা ঘৰলৈ দুটা আঁক থকা টেকেলি লৈ ইয়াৰ ডিঙিত এখন এখন গামোচা মেৰাই দৰালৈ সজোৱা টেকেলিটোত এধাৰ মণি ৰখা হয়। কইনাৰটোত  মণিৰ আৱশ্যক নাই। দুয়োটা টেকেলিতে সৰু বাটি দুটাত মাহ-হালধি বাটি লয়। বিয়া ন-দিনীয়া হ’লে ন আঙুল, সাত দিনীয়া হ’লে সাত আঙুল, তিনি দিনীয়া হ’লে তিনি আঙুল কৰি হালধি ল’ব। লগতে মাটিমাহ দুই তোলা আৰু আৰৈ চাউলৰ গুৰি দুই তোলা বাটি দুই তোলা তেলৰ লগত মিহলি কৰাৰ নিয়ম। 

নোওৱাৰ নিয়ম : নদিনীয়া, সাতদিনীয়া, পাঁচদিনীয়া, আৰু তিনিদিনীয়া হ’লে উক্ত মাহ-হালধি বটা ন, সাত, পাঁচ আৰু তিনিভাগ কৰি লৈ একো একো ভাগ প্ৰত্যেক দিনাই নতুনকৈ বাটি লৈ নোওৱা কাৰ্য্য কৰি আৰু সেই টেকেলিৰে পানী তুলি আনে। সেই বাটিটোৰ এভাগ মাহ-হালধিকে সাতভাগ কৰি লৈ প্ৰথম ভাগ মুখত, দ্বিতীয় ভাগ বাহুত, তৃতীয় ভাগ হাতত, চতুৰ্থ ভাগ কঁকালত, পঞ্চমভাগ উৰুত, ষষ্ঠ ভাগ জানুত আৰু সপ্তম ভাগ ভৰিত সানি টেকেলিৰে তুলি অনা পানী প্ৰথমে ঢালি তাৰ পাছত অন্য কলহৰ পানী ঢালে। নোওৱাৰ বাহনৰ পৰা দৰা বা কইনা নামি অহা মাত্ৰকে বাহন ভাঙি পেলোৱা হয়। নোওৱা টেকেলি-দুণৰি মড়লৰ মাজত থয়। প্ৰত্যেক দিনেই নোৱায় ।

জ্ঞাতি ভোজ : বিয়াৰ দুই-এদিনৰ আগত দৰা আৰু কইনাৰ ঘৰত ন-পুৰুষৰ উদ্দেশ্যে জ্ঞাতি ভোজ এটি দিয়া হয়।

দেওবান : বিয়াৰ আগদিনা দৰা আৰু কইনাৰ ঘৰত দেওবান কৰে। আহোমৰ ইষ্ট দেৱতা লাংকুৰি, জানছাইহুং, লাৰেং, লেংডন আৰু জাছিংফা এই সকলক তামোল-পাণৰ শৰাই দি আৰাধনা কৰা হয়। দ্ৰৱ্যসমূহ দৰাঘৰৰ পৰা কইনাঘৰলৈ সাতটা কলপটুৱাৰ পেৰাত আগ-গুৰি কটা তামোল ভৰাই পঠায়। সেই দ্ৰব্যৰে কইনাঘৰত দেওবান কৰে। তদুপৰি বাৰটা কণী, চাউল, ৰহি, ছিংকৰা ফুলৰ যুকিওৱা তামোল বাৰখনেৰে পুৰোহিতে মন্ত্ৰৰ দ্বাৰা উপাসনা কৰে। তাৰ পিছতে একে শাৰীতে ঘৰৰ মৃতকৰ কাৰণেও এখন শৰাই দিয়া হয়। ভকত আৰু আইসকলকো একোখনকৈ দিয়ে।

মূৰত তেল দিয়া : দেওবান কৰাৰ পিছত মূৰত তেল দিয়ে।

ৰিকখন বা আয়ুতোলা : দেওবান কৰাৰ আগদিনা  ‘আয়ুতোলা’ কৰিব লাগে। নিয়ম অনুসৰি দুজন বা তিনিজন পুৰোহিতে এখন জাকৈ লৈ নৈ, বিল বা পুখুৰী আদিত তামোল-পাণ, কণী, চাউল লৈ খাওখাম জলদেৱতাৰ পূজা কৰিব লাগে। পাছত খাওখাম বৰুণ দেৱতাক চিন্তা কৰি জাকৈ তিনি খেও মাৰি তাত যি মাছ উঠে পাছদিনা কাউৰী মাটিত নৌপৰোঁতেই দোকমুকালিতে সেই মাছ ৰান্ধি দৰা বা কইনাক নামমাত্ৰ খুওৱা হয়। এইদৰে পৰমায়ু তুলি মংগল কামনা কৰি ৰিকখন বা আয়ুতোলা কৰে।

আপতাং : আয়ুতোলাৰ পিছতে  ‘আপতাং’ পানীকটা মন্ত্ৰেৰে সৰ্ব ঔষধি লৈ দৰা বা কইনাই গা ধুব । ধুওঁতে এখন চালনীৰ ওপৰত উঠি লৈ এটা সৰু কুকুৰা পোৱালি গচকি লয়। এজোপা ডালে-পাতে ভৰপূৰ হৈ থকা বৃক্ষলৈ চাই ঈশ্বৰৰ নাম লৈ সেই পানী মূৰত ঢালে। ধোৱাৰ শেষত  গাত থকা বস্ত্ৰ খহাই নতুন বস্ত্ৰ পিন্ধে। হাতত কাঁচি লৈ হুহকি ঈশ্বৰৰ নাম লৈ তিনিটা আঁক মাৰি গুচি আহে। আহোঁতে কয়,  “আজিৰে পৰা কোনো বিপদ-আপদ এই আঁক পাৰ হৈ মোৰ গালৈ নাহিবা”। তাৰ পাছত সাত বা নজন ভকতক জলপান খুৱাই দৰা বা কইনাক সেৱা কৰোৱাই আশীৰ্বাদ দিয়ে।

গাঁঠিয়ন খুন্দা : বিয়াৰ আগদিনা মাজৰাতি মাক, বায়েক ইত্যাদিয়ে গাঁঠিয়ন খুন্দি দৰা বা কইনাক ফোট দিয়ে।

দৈয়ন : বিয়াৰ দিনা দৰা-কইনাই মাকে বা সম্বন্ধীয় মাইকী মানুহে দুহাতে দুখিলা পাণ লৈ গাখীৰত জুবুৰিয়াই দৰা-কইনাৰ গালত তিনিবাৰ লগায়। আয়তীসকলে প্ৰত্যেকবাৰতে উৰুলি আৰু দৈয়নৰ নাম গায়।

দৰাৰ কইনা ঘৰলৈ যাত্ৰা : নোওৱাৰ পিছত দৰাই সাজ-পাৰ পিন্ধি পিতৃ-মাতৃ সকলোকে সেৱা কৰি কইনাৰ ঘৰলৈ যাত্ৰা কৰে। দৰা পদূলিমুখ আহি পোৱা মাত্ৰকে কইনাঘৰীয়া তিৰোতাই সুৱাগুৰি তোলে। পুনৰ দৈয়ন দিয়া হয়। তিৰোতাসকলে উৰুলিৰ লগতে দৰাৰ গাত চাউল আৰু ফুল ছটিয়ায়। দৰাক আদৰি আনি সমাজত পূব মুৱাকৈ বহুৱাব। তাৰ পাছত কইনাক সমাজলৈ উলিয়াই আনিব।

সম্প্ৰদান : দৰাৰ বাওঁফালে আসন পাৰি কইনাক বহুৱায়। আয়তীসকলে উৰুলিৰ লগতে চাউল আৰু ফুল ছটিয়ায়। এখন তামৰ থালিত মড়ল সাজি তাতে এগছি ঘিউৰ চাকি জ্বলায়। তাত দৰা-কইনা উভয়ে এজন এজনকৈ ছিংকৰা ফুল, তংলতি , চাউল, তিলৰ অঞ্জলিৰে ঈশ্বৰক প্ৰাৰ্থনা কৰি মন্ত্ৰ মাতে। ইয়াৰ পাছত কইনাদাতাই দৰাক বস্ত্ৰ আৰু অলংকাৰৰ সৈতে আঙুঠি পিন্ধাই বৰণ কৰিব।কইনাৰ সোঁহাতৰ বুঢ়া আঙুলি দৰাৰ সোঁহাতৰ বুঢ়া আঙুলিৰ ওপৰত ধৰি কইনাদাতাই ক’ব—- “বাননাই লুকচাউকাউ নাঙচাউকাউ আকাউ লানচাউকাউ চাউফুৰামাই খাংনা বাইছি হাঙ মাউ খা-য়াউ মউ কুমৌ ঈনু আউতা”। (আজি মোৰ জীক, মোৰ ভনীক, মোৰ বাইক, পেহীক, নাতিনীক পৰমেশ্বৰক আগত ৰাখি তোমাক দান কৰিলোঁ । তুমি সদায় মৰমেৰে ৰাখিবা।) দৰাই ক’ব— “খংলু মাউচাউ কাও দি দি ছি হাপ আউজাউ (আপোনাৰ দান মই সাদৰে গ্ৰহণ কৰিলোঁ)। কাও হাংলুকচাউ লাঙচাউ, পিচাই, আকাউ, লানচাউ, মাউচাউ দি দি ছি তিৰাই জাউ” (মই আপোনাৰ জীক, ভনীয়েকক, বায়েকক, পেহীয়েকক, নাতিনীয়েকক সাদৰে ৰাখিম)। তেতিয়াই কইনাই ১০১ পাহ ফুলৰ মালা লৈ দৰাক বৰণ কৰিব আৰু দৰায়ো ১০১ পাহ ফুলৰ মালা লৈ কইনাৰ ডিঙিত পিন্ধাব। উভয়েৰে মূৰত বিয়াঘৰৰ সকলোৱে আশীৰ্বাদ দিয়ে। চকলঙৰ উপৰোক্ত কৰ্ম শেষ হোৱাৰ পিছত দৰা-কইনাক চকলঙৰ মড়লৰ ওচৰলৈ নিয়ে। মড়লত দৰা-কইনা সোঁহাতে দৰাক আৰু বাওঁহাতে কইনাক পূবমুৱাকৈ বহুৱায়। ইতিপূৰ্বেই মড়লৰ ১০১ গছি চাকি, ধূপ-ধূনা জ্বলোৱা হয়। দৰা-কইনা উভয়ে হাতত ফুল লৈ মড়ললৈ সেৱা জনাই  “ফ্ৰা তাৰা আলং”— জ্যোতিময় পূৰ্ণব্রক্ষক  আৰাধনা কৰে। উপস্থিত ভকতসকলে দুয়োকে আশীৰ্বাদ দি শিৰত ফুল, চাউল ছটিয়ায়। দৰা-কইনাৰ ঈশ্বৰক প্ৰাৰ্থনা কৰে আৰু পুৰোহিতে উপদেশ মন্ত্ৰ পঢ়ে।

পুৰোহিতৰ কাৰ্য্য : প্ৰাৰ্থনা আৰু উপদেশ হৈ যোৱাৰ পিছত পুৰোহিতে এজোলা কপাহ লৈ সাজৰ চাকিত পুৰি ছাই কৰি তাৰে দৰা আৰু কইনাক কপালত ফোট দিয়ে। বুজনি দিওঁতে এখন পাতৰ ৰুমালত এটোপোলা কড়ি বান্ধি লৈ কাণৰ ওচৰত জোকাৰি বুজনি দিয়ে।

অস্ত্ৰ প্ৰদান : উপদেশ হৈ যোৱাৰ পিছত কইনাই শৰাইত থোৱা হেংদান দৰালৈ আগবঢ়াই ক’ব—এই অস্ত্ৰেৰে নিজৰ দেশ, নিজকে ভাৰ্য্যা-পুত্ৰ আৰু ঐশ্বৰ্য্য ৰক্ষা কৰিবলৈ সমৰ্থ হওক । দৰাই অস্ত্ৰ গ্ৰহন কৰি ক’ব—-দুষ্টক দমন, আৰু সন্তক পালন, ৰাজ্য আৰু ধৰ্ম ৰক্ষা কৰিবৰ কাৰণে এই হেংদান লৈ প্ৰতিজ্ঞা কৰিলোঁ”। আয়তীসকলে ফুল ছটিয়াই উৰুলি ধ্বনি দিয়ে ।

বস্ত্ৰ প্ৰদান : কইনাই এখনি বস্ত্ৰ লৈ দৰালো আগবঢ়াই কয়,   “হে বঙহৰদেও, এই বস্ত্ৰ কৱচৰূপে পৰিধান কৰি অজেয় হোৱা”। দৰাই বস্ত্ৰ গ্ৰহণ কৰি কয়— “এই বস্ত্ৰেৰে টঙালি বান্ধি শত্ৰুক জয় কৰিবৰ কাৰণে দৃঢ় প্ৰতিজ্ঞা কৰিলোঁ।

আঙঠি সলনি : দৰাই নিজৰ হাতত আঙঠি এটা দুৰণিত থকা চাউলৰ মাজত লুকুৱাই থৈ কয়—মোৰ আন্তৰিক প্ৰীতি উপহাৰ ইয়াতে থৈছোঁ, বিচাৰি লোৱা। কইনাই আঙঠি বিচাৰি উলিয়াই পিন্ধিব লাগে আৰু “সাদৰে গ্ৰহণ কৰিলোঁ” বুলি ক’ব লাগে। এইদৰে কইনাও নিজৰ আঙঠি চাউলৰ মাজত লুকুৱায় আৰু দৰাই বিচাৰি পিন্ধিব লাগে।

পঞ্চামৃত ভোজন : কইনাই নিজৰ সন্মুখত থকা মাইহাঙৰ পৰা আখৈ, পিঠা, পৰমান্ন, পঞ্চামৃত অলপ অলপকৈ হাতেৰে দৰাৰ মুখত দিয়ে। প্ৰত্যেকবাৰেই দৰাই লোটাৰ পানীৰে মুখ ধুই দাঁত খৰকিয়াব লাগে। এইদৰে প্ৰতিবাৰ মুখ ধোৱাৰ পাছত কইনাই দৰাৰ মুখত একোখন থুৰীয়া তামোল যাচে। কইনাৰ কৰ্তব্য শেষ হ’লে দৰায়ো কইনাক তিনিবাৰ পঞ্চামৃত খুৱায় আৰু কইনায়ো সেইদৰে মুখ ধুই খৰিকা লয় আৰু থুৰীয়া তামোল গ্ৰহণ কৰে।

কটাৰী সলোৱা : দৰা-কইনা উভয়েই কটাৰী আৰু তামোল সলায়।

কড়ি বা পাশা খেল : দৰা-কইনাই কড়ি বা পাশা খেল খেলে। এইবিলাক কাম হৈ যোৱাৰ পিছত দৰা-কইনা দুয়োয়ে লগ্ন গাঁঠি সোলোকায়। 

বিয়াত বুৰঞ্জী : বুৰঞ্জী কোৱা নিয়ম বিয়াত অতীজৰে পৰা প্ৰচলিত। এই কামত কইনাপক্ষৰ সাত পুৰুষৰ পৰা বুৰঞ্জী আৰু বংশাৱলী কোৱাকুই কৰাৰ নিয়ম আছে।

পঞ্চদেৱতাৰ শৰাই : ছোৱালী গৈ যেতিয়া দৰাৰ শোৱা কোঠা পায় তেতিয়া পঞ্চদেৱতা লাংকুৰি, লাৰেং, জনছাইহং, লেংডন আৰু জাছিংফালৈ তামোল-পাণৰ শৰাই দি চাকি জ্বলায়।

আহোম সকলৰ লগত নিচেই কমসংখ্যক তিৰোতা মানুহ আহিছিল গতিকে থলুৱা মানুহৰ তিৰোতা গ্ৰহণ কৰাতো স্বাভাৱিক আছিল। কোনো কোনো ক্ষেত্ৰত থলুৱা লোকাচাৰ মতেও কইনা গ্ৰহণ কৰাতো আচৰিত নহয়, তথাপি পৰিবৰ্তনৰ বোৱঁতী সুঁতিৰ থিয় গৰাত থাকিও আহোমসকলে নিজৰ সুকীয়া বৈশিষ্ট্য চকলং প্ৰথা আজিও জীয়াই ৰাখিছে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top