Axamiya Sanskritir Adhayan Unit 3 অসমৰ বিভিন্ন জনগোষ্ঠী লোকাচাৰ আৰু লোকবিশ্বাস

Axamiya Sanskritir Adhayan Unit 3 অসমৰ বিভিন্ন জনগোষ্ঠী লোকাচাৰ আৰু লোকবিশ্বাস, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Axamiya Sanskritir Adhayan Unit 3 অসমৰ বিভিন্ন জনগোষ্ঠী লোকাচাৰ আৰু লোকবিশ্বাস Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Axamiya Sanskritir Adhayan Unit 3 অসমৰ বিভিন্ন জনগোষ্ঠী লোকাচাৰ আৰু লোকবিশ্বাস Question Answer can be of great value to excel in the examination.

Axamiya Sanskritir Adhayan Unit 3 অসমৰ বিভিন্ন জনগোষ্ঠী লোকাচাৰ আৰু লোকবিশ্বাস

Join Telegram channel

Axamiya Sanskritir Adhayan Unit 3 অসমৰ বিভিন্ন জনগোষ্ঠী লোকাচাৰ আৰু লোকবিশ্বাস Notes cover all the exercise questions in UGC Syllabus. The Axamiya Sanskritir Adhayan Unit 3 অসমৰ বিভিন্ন জনগোষ্ঠী লোকাচাৰ আৰু লোকবিশ্বাস provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

অসমৰ বিভিন্ন জনগোষ্ঠী লোকাচাৰ আৰু লোকবিশ্বাস

ASSAMESE

অসমীয়া সাংস্কৃতিৰ অধ্যয়ন

১। লোক বিশ্বাস সম্পৰ্কে এটি টোকা যুগুত কৰা ? 

উত্তৰঃ লোক সংস্কৃতিৰ এটা প্ৰধান উপাদান হৈছে ‘লোক বিশ্বাস’। লোক সংস্কৃতি লোক জীৱনৰ হাঁহি, অশ্ৰু, আশা, আকাংক্ষা, ধর্মীয় বিশ্বাস, সংস্কাৰ আদি বিভিন্ন অভিজ্ঞতাৰে পুষ্ঠ। মানুহৰ জানিবৰ বাবে সদায় মনত এটা হাবিয়াস থাকে। এনেদৰে অদৃষ্টক জানিবলৈ মানুহে জ্যোতিষৰ সহায় লয় আৰু নৈসৰ্গিক ঘটনাক অদৃষ্টক আগলি-বতৰা ৰূপে গ্ৰহণ কৰে। এনেদৰে লোকবিশ্বাসৰ জন্ম হৈছে। কিছুমান প্ৰাকৃতিক ঘটনা বা দৈনন্দিন জীৱনত ঘটা সচৰাচৰ ঘটনাবোৰৰ ব্যতিক্ৰম হ’লে মানুহে অদৃষ্টৰ আগলি-বতৰা বুলি গ্ৰহণ কৰে আৰু অমঙ্গল বুলি ধৰি লয়। এনেধৰণৰ ঘটনাবোৰে ভৱিষ্যতৰ মঙ্গল-অমঙ্গল বুলি সূচনা কৰে বুলি মানুহৰ মনত কিছুমান বদ্বমূল ধাৰণা হৈ পৰে। এইবোৰকে ‘লোকবিশ্বাস’ বুলি ধৰা হয়। প্ৰাচীন কালৰে পৰা মানৱ সমাজত লোক বিশ্বাসে গা কৰি উঠিছে। সাধাৰণতে মানব জীৱনৰ জন্ম, মৃত্যু, বিবাহক কেন্দ্ৰ কৰিয়েই অলেখ লোক-বিশ্বাসৰ জন্ম হৈছে। এইকেইটাৰ লগত কিছুমান লোক সংস্কাৰো জড়িত হৈ আছে। মানুহে লোক-বিশ্বাসৰ বশৱতী হৈ জীৱৰ প্ৰতিবিধানৰ বাবে কিছুমান কার্য কৰে। কিছুমান বিশ্বাসৰ ভিত্তি বাহক, কিছুমান বিশ্বাসৰ কোনো ভিত্তি নাথাকে , ভিত্তি নথকা বিশ্বাসসমূহক  ‘লোক সংস্কাৰ’ বুলি ধৰা হয়। 

লোক বিশ্বাসসমূহত মঙ্গল আৰু অমঙ্গল দুয়োটা দিশেই পোৱা যায়। মানৱ সমাজত প্ৰচলিত লোক বিশ্বাসৰ ভিত্তিত গঢ় লৈ উঠা মঙ্গল আৰু অমঙ্গলৰ চিন কেইবাবিধো পোৱা যায়। যেনে– 

১। প্ৰাকৃতিক।

২। জীৱজন্তু সম্পৰ্কীয়।

৩। চৰাই-চিৰিকতি সম্পৰ্কীয়।

৪। গছ-গছনি সম্পৰ্কীয়।

৫। সপোন ইত্যাদি।

প্ৰাকৃতিক লোকবিশ্বাস সমূহ ৰামধেনু, ভূমিকম্প, বিজুলী, ঢেৰেকনি, বৰষুণ আদিৰ পৰা গঢ় লৈ উঠিছে। এইবোৰক অমঙ্গলৰ চিন ধৰা হয়। অৱশ্যে যাত্ৰা কালত চিপচিপীয়া বৰষুণ দিলে বৃষ্টি বুলিহে ধৰা হয়। জীৱ -জন্তু সম্পৰ্কীয় অনেক লোকবিশ্বাস মানৱ সমাজত প্ৰচলিত হৈ আহিছে। শিয়াল, কুকুৰ আদিয়ে চিঞৰিলে অমঙ্গল বুলি ধৰা হয়। যাত্ৰা কালত হাতী দেখিলে মঙ্গল বুলি ধাৰণা কৰে। যাত্ৰা পথত মেকুৰী পাৰ হৈ গ’লে, সাপ পথলিকৈ পৰি থাকিলে অশুভ বুলি ধাৰণা কৰা হয়। চৰাই চিৰিকটি সম্পৰ্কীয় বহু লোক বিশ্বাস গঢ় লৈ উঠিছে। শুগুণ, বগলী, শেন, চিলনী, ফেঁচা আদি ঘৰত পৰিলে গৃহিনীৰ মৃত্যু হৈ বুলি অসমীয়া সমাজত ধাৰণা কৰা হয়। গছ-গছনিক লৈও কিছুমান লোক বিশ্বাসে গা কৰি উঠিছে। ডাল নোহোৱা গছত ডাল ধৰিলে, ফুল নুফুলাকৈ ফল ধৰিলে, আবতৰত ফুল বা ফল লাগিলে; কলগছত পেট ফুটি ডিল ওলালে অসমীয়া সমাজত অমঙ্গল বুলি ধৰা হয়। সপোনৰ লগত জড়িত কিছুমান লোক বিশ্বাস জনসমাজত প্ৰচলিত হৈ আছে। সপোনত দাঁত সৰা দেখিলে আৰু মাংস খোৱা দেখিলে দেখোঁতাজনৰ বাবে অমঙ্গল বুলি ধাৰণা কৰা হয়। সপোনত বগা বস্তু বা বগা মাছ আদি দেখিলে শুভ লক্ষণ বুলি ভবা হয়। এইবোৰৰ উপৰিও মানুহক নিজা ব্যতিক্ৰমৰ পৰাও কিছুমান লোকবিশ্বাসে গা কৰি উঠিছে। আহাৰ গ্ৰহণ কৰাৰ পাছতেই ভোক লাগিলে; টোপনিত দাঁত চোৱালে, গাৰ নোম অঙ্গ-প্রতঙ্গ লৰিলে অশুভ বা অমঙ্গল বুলি ধৰি লোৱা হয়। এনেকুৱা মঙ্গল অমঙ্গলসূচক লোক বিশ্বাসসমূহ মানৱ সমাজত প্ৰচলিত হৈ আহিছে। পৃথিৱীত বিভিন্ন জাতি-উপজাতিৰ মাজত বহুতো লোকবিশ্বাস আছে। এই বিশ্বাসসমূহৰ কিছুমান বিজ্ঞানভিত্তিক কিন্তু কিছুমান বিজ্ঞানভিত্তিক নহয়। 

২।  অসমীয়া লোকবিশ্বাসত মাছ– এই সম্পৰ্কে এটি আলোচনা কৰা ? 

উত্তৰঃ মাছ অসমীয়াৰ প্ৰধান খাদ্য। সেই বাবেই অসমীয়াৰ সাংস্কৃতিক জীৱনৰ লগত মাছ এৰাব নোৱাৰাকৈ সাঙোৰ খাই আছে। মাছ খোৱা আৰু মাছ ধৰা অজস্ৰ জনবিশ্বাস আৰু অনুষ্ঠান অসমত প্ৰচলিত। অসমত সকলোৱে মাছ খায়; ব্ৰাহ্মণ আনকি বৈষ্ণৱসকলেও মাছ খায়। ১৬শ শতিকাত ৰচিত যোগিনীতন্ত্ৰত অসমৰ কোনো শ্ৰেণীৰ মানুহৰ বাবেই মাছ আৰু মাংসৰ ব্যৱহাৰ নিষিদ্ধ নহয় বুলি নিৰ্দেশ আছে। অৱশ্যে কোনো কোনো বিধৰ মাছ খোৱাত নিষেধজ্ঞা নথকা নহয়। উচ্চ শ্ৰেণীৰ হিন্দুৱে মিৰিকা, শিঙি, নেৰীয়া, গৰুৱা আদি মাছ নাখায়। ৱানচোসকলৰ মাজতো গৰুৱা মাছ খোৱা নিষিদ্ধ। তেওঁলোকে এই মাছক যামি বুলি কয়। এই মাছ পূৰ্বতে এজনী ছোৱালী আছিল বুলি তেওঁলোকৰ মাজত বিশ্বাস আছে। চেমা নগাই আকৌ দুবিধ মাছ নাখায়। আখাকি নামৰ এবিধ মাছ ডেকা মানুহে খাব নেপায়। কিম্বদন্তি মতে এই মাছৰ মানুহৰ শৰীৰৰ কোনো অংগৰ পৰা উৎপত্তি হৈছিল। আঝো নামৰ আন এবিধৰ সম্পৰ্কে বিশ্বাস আছে যে এই মাছ খালে মৃত্যু কালত জীয়াতু ভুগিব লাগে। অংগামী নগাৰ মেমি ঠালৰ মহৱা (শিল কঢ়িয়াওঁতা) আৰু আন উচ্চ শ্ৰেণীৰ লোকে কুৰেউ নামৰ সৰু সৰু মাছ নেখায়। মণিপুৰৰ অভিজাত শাৰীৰ মানুহে , বিশেষকৈ, ৰাজ পৰিয়ালৰ কোঁৱৰসকলে , নগাৰিল নামৰ সৰ্পাকৃতিৰ মাছ খাব নেপায়; কিয়নো, জনবিশ্বাস মতে তেওঁলোকৰ আদি পুৰুষজনে কেতিয়াবা কেতিয়াবা সাপৰ ৰূপ লয়। 

খাচীয়াসকলৰো কোনো কোনো ঠালে কোনো কোনো মাছৰ শ্ৰেণীৰ লগত তেওঁলোকৰ গোত্ৰ সম্পৰ্ক আছে বুলি সেই মাছ ব্যৱহাৰ নকৰে। আন এটা বিশ্বাস মতে এবাৰ দুটা ঠালৰ মাজত পাৰিবাৰিক সংঘৰ্ষ হৈছিল আৰু শক্তিশালী দলটোৱে অতি নিষ্ঠুৰভাৱে আনটো দলক পৰাস্ত কৰি গাঁৱৰপৰা খেদি পঠিওৱাত সিহঁতে এখন নৈৰ পাৰত আশ্ৰয় ল’লেগৈ। তাত এটা বিৰাট মাছ বমৰ ফালে অহা দেখি তেওঁলোকে পানীত জঁপিয়াই কোনো প্ৰকাৰে তাক পাৰলৈ তুলিলে; উৰহৰ খং ভগা ঢাৰিত তোলাৰ দৰে সেই শক্তিশালী দলটোক একো কৰিব নোৱাৰি মাছটোক কোবাই কোবাই থেতেলা কৰি প্ৰতিশোধ ল’লে। সেই দিনৰেপৰা এই মাছটোক প্ৰতিশোধ মত্স্য বোলা হ’ল আৰু তেওঁলোকৰ ঠালটোৱে এই মাছ পালেই খোৱাটো নিয়ম হৈ পৰিল। 

মণিপুৰীসকলৰ দৰে খাচীয়াসকলেও বিশ্বাস কৰে যে তেওঁলোকৰ উপাস্য সর্পদেৱতা উ-থে নেও বছৰি অন্ততঃ এবাৰকৈ মানুহৰ তেজেৰে পূজা নেপালে তেওঁক (গৃহ-দেৱতা) অৱহেলা কৰা বুলি বাহিৰা মানুহৰ উপস্থিতিত ঘৰৰ ভিতৰত মাছ ৰূপ ধৰি গৃহস্থক লাজ দিয়ে। উত্তৰ কাছাৰৰ ডিমাছা জাতিৰ ল’ৰা-ছোৱালী নোহোৱা দম্পতীয়ে মুলি লিংগ নামে এটা ধৰ্মানুষ্ঠান পালন কৰে। এই পূজাত বামী (নাদাং), মাগুৰ (নাম্না),বৰালি (নায়েহ) আদি মাছ উচৰ্গা কৰা হয়। এই পূজা পাতিলে তেওঁলোকৰ সন্তান-সন্ততি ওপজে। সেই দেখি তেওঁলোকে এইবোৰ মাছ নাখায়। তেওঁলোকৰ ল’ৰা-ছোৱালীৰ অৱশ্যে সেইবোৰ মাছ খোৱাত কোনো বাধা নাই। কোনো বিশেষ ক্ষেত্ৰত অসমীয়া আৰু জনজাতীয় সকলেও মাছলৈ যোৱাৰ আগতে কিছুমান আচাৰ-অনুষ্ঠান পালন কৰে। চ’ত মাহত ভাল দিন এটা চাই আৰু মাঘ- বিহুৰ উৰুকাৰ দিনা গোটেই ৰাইজে – মুনিহ তিৰোতা, ল’ৰা আটায়ে-আনুষ্ঠানিকভাৱে ওচৰৰ নৈ বা বিলত মাছ মাৰিবলৈ যায়। পানীত নমাৰ আগতে পাৰত জলদেৱতাৰ নামত পূজা-উচৰ্গা কৰে। 

জালত ভালদৰে মাছ পৰিবলৈ সেই পূজাত মন্ত্ৰাদিও উচ্চাৰণ কৰা হয়। মাছক মন্ত্ৰমুগ্ধ কৰা আৰু সৰহকৈ মাছ ধৰিব পৰা বহুতো অসমীয়া মন্ত্ৰ আছে। লোঠা নগাৰ ৰীতি মতে মাছ ধৰিবলৈ যোৱাৰ আগনিশা সহবাস নিষিদ্ধ আৰু পানীত নমাৰ আগতে পুৱা কোনো জন্তু আদিও মাৰিব নেপায়। মাছ মাৰি থাকোতে তিৰোতাৰ উপস্থিতিও নিষেধ। গাঁৱৰ সমূহিকভাৱে হোৱা বলি-উৎসৱৰ সময়ত লাখেৰে পুৰোহিতে মাছ নাখায় আৰু মাৰিবলৈকো নেযায়। জাল মৰা আৰু পানী বিষাক্ত কৰাৰ বাহিৰেও অসমীয়া মানুহে মাছ ধৰাৰ নানা সৰঞ্জাম ব্যৱহাৰ কৰে। চেপা, খোকা, জুলুকি, পল, দলঙা, ডিঙৰা, ভৈৰ, পাউৰী, চৈক আদি সৰ্বসাধাৰণে ব্যৱহাৰ কৰা সঁজুলি। ইয়াৰ বেছিভাগেই বাঁহৰ কাঠি-কামিৰে সজা হয়। মাছ মৰা এই সা-সঁজুলিবোৰৰ লগত বিবিধ বিশ্বাস জড়িত  আছে। শনি বা মংগলবাৰে মকৰাৰ জালত লাগি ধৰা ফৰিং অথবা পোক-পৰুৱা মাছ মৰা জালত গাঁঠি ল’লে অধিক মাছ জালত উঠে বুলি কছাৰীসকলৰ বিশ্বাস। মাছ মাৰিবলৈ যাওঁতে কছাৰীসকলে মাছ মৰা সঁজুলি আনক ছুবলৈ নিদিয়ে; কোনো কোনোৱে মাছ মাৰিবলৈ ওলাওঁতে বাঢ়নীৰে সাতবাৰ নিজৰ জালত কোবায়। 

বিল বা পুখুৰীত নমাৰ আগতে মাছুৱৈয়ে সেই পানীত তিনিবাৰ থুৱায়। জালত প্ৰথম মাছ লগাৰ লগে লগে জালৰ দাহৰী বা মাৰিত তিনিবাৰ কোবায়। সামাজিক ৰীতি-নীতিতো মাছৰ এটা বিশিষ্ট স্থান। অসমীয়াৰ বিয়াৰ জোৰণবা তেল-ভাৰৰ দিনা জোৰণৰ কাপোৰ-কানি, আ-অলংকাৰ, তামোল-পাণ আদিৰ লগতে দৰাঘৰৰ পৰা মাছ এটাও দিব লাগে। শুভ কাৰ্যত মাছক পবিত্ৰ বুলি ভবা হয়। আকৌ বিয়াৰ পাছত আঠমঙলাৰ দিনা বন্ধু -বান্ধৱক মাতি কয়নাঘৰত যি ভোজ দিয়া হয়, তাতো মাছ লাগিবই। মণিপুৰীসকলৰ মাজতো বিয়াৰ পঞ্চম দিনা পতা ভোজত মাছ অপৰিহাৰ্য। এই অনুষ্ঠানৰ নাম মংগানি চকউৰা। যদিহে কেনেবাকৈ মাছ খোৱা নিষিদ্ধ দিনত সেই দিনটো পৰে তেতিয়াহ’লে তাৰ পাছদিনাহে মংগানি চকউৰা পতা হয়। উত্তৰ-কাছাৰৰ ডিমাছা-কছাৰীবিলাকৰ মাজতো এটা লোকাচাৰ পালন কৰা হয়। বিয়াৰ দিনা কইনা ঘৰলৈ যাওঁতে দৰেই কইনাঘৰীয়া মানুহলৈ লাওপানী (জু), মঙহ (মংগ) আৰু মাছ (নো) লৈ যায়। বিয়াৰ পাছদিনা এইবোৰ কইনাৰ অঙহী-বঙহীক খুওৱা হয়। কেঁচা মাছ নাপালে শুকান মাছকে দিয়া হয়। খাছীয়াৰ বিয়াতো মাছৰ ব্যৱহাৰ আছে। তিনি ডোখৰ শুকান মাছ মজিয়াত থৈ তাৰ ওপৰত তিনিবাৰ মদ ঢালি পুৰোহিতে দেৱতা আৰু পূৰ্বপুৰুষৰ আত্মাক বিয়াৰ সাক্ষী হ’বলৈ আহ্বান জনায়। 

ইয়াৰ পিছত মাছ কেইডোখৰ ঘৰৰ চাল বা মাৰলিত আঁৰি থোৱা হয়। ল’ৰা-ছোৱালী নোপোজালৈকে মাছ কেইডোখৰ নমোৱা নহয়। মিৰিবিলাকৰ বিয়া ঠিক কৰোঁতেই মাছ লাগে। এশ-একুৰি বিধৰ মাছ কেঁচাই হওক বা শুকানেই হওক, দৰাই ‘আৰচু আকুন’ পালনত অৰ্থাত্ ছোৱালী খুজিবলৈ যাওঁতে লৈ যাব লাগিব । মাছ নহ’লে বাগদানৰ কোনো মূল্য নাথাকে। মাছৰ সংখ্যা কম হ’লেও কন্যাপক্ষক অৱজ্ঞা কৰা হয়। আকৌ, বিয়াৰ সময়তো সমান আকাৰৰ ষাঠিটা শুকান মাছ দৰাঘৰীয়াই লগত নিব লাগে। সেই মাছ দৰা-কন্যাই একেলগে একেখন কাঁহিতে  ‘নগাচান’  আৰু ‘পিমপ’  ‘আপীৰ’ অৰ্থাত শুকান আৰু বিশেষ ধৰণে ৰন্ধা ভাত খাব লাগে। মিকিৰসকলেও বিয়াৰ সময়ত পূৰ্বপুৰুষৰসকলৰ উদ্দেশ্য শুকান মাছ উচৰ্গা কৰে। 

মণিপুৰীসকলে বিয়াৰ সম্প্ৰদানৰ সময়ত দুটা নগামু নামৰ মাছ পানীত এৰি দিয়ে। সেই মাছ দুটা দৰা আৰু কন্যাৰ প্ৰতীক বুলি ধৰা হয়। এই মাছ দৰাঘৰীয়াই  লগত লৈ গৈ কইনাৰ ঘৰত শ্ৰমাহিকা নামে শ্ৰমাহি দেৱতাৰ উদ্দেশ্য ৰখা কুঠৰী এটাত থৈ দিয়ে। মাছ এৰিবৰ সময় হ’লে দৰাঘৰীয়া দুজনী তিৰোতাই সোঁহাতে থকা মাছটো আৰু আন তিনিজনী তিৰোতাই আনটো মাছ ল’ব। অৰ্থাৎ, দলটোত পাঁচজনী বা তিনিজনী তিৰোতাহে ল’ব লাগে। দুইটা মাছ একে সময়েতে পানীত এৰি দিয়া হয়। এই মাছ দুটাৰ গতিবিধি চাই মানুহে দৰা-কইনাৰ ভৱিষ্যত গণনা কৰে। অসমীয়া বিয়াৰ অন্যান্য মংগলিক অনুষ্ঠানতো উৰ্বৰতাৰ প্ৰতীক স্বৰূপে মাছৰ প্ৰয়োগ আছে।

খেতিত শস্য আৰু ভঁৰালৰ শ্ৰীবৃদ্ধিৰ কাৰণে অসমৰ কোনো অংশত , বিশেষকৈ উজনি অসমৰ আহোমসকলৰ মাজত অনুষ্ঠিত হোৱা লখিমী আদৰা উৎসৱত এই মাছৰ ব্যৱহাৰ দেখা যায়। এই উৎসৱত গোপিনীসকলে নাম গাই বিয়াৰ দৰে পুখুৰী বা বিলৰ পৰা পানীৰ সলনি জাকৈ মাৰি জাৱৰ-জোথৰ , মাছ আদি তুলি আনে। জাকৈত মাছ উঠাটো শুভ লক্ষণ। তাৰ পিছত এই জাৱৰ-জোথৰ আৰু মাছ আদি আনি বেদিত উচৰ্গা কৰে। উৎসৱৰ শেষত এইবোৰ সকলোৱে ভাগ কৰি নি ভঁৰাল আৰু শস্যক্ষেত্ৰত ছটিয়াই দিয়ে। 

মানুহৰ সাংস্কৃতিক জীৱনৰ লগত ঠাইৰ নামৰ যদি কিবা সম্পৰ্ক আছে তেনেহ’লে মাছৰ নামেৰে যোৱা অসমৰ অলেখ গাঁৱৰ নাম এই সম্পৰ্কত বিশেষ অৰ্থপূৰ্ণ।

৩। অসমীয়া লোক বিশ্বাসত জীৱ-জন্তু– এই সম্পৰ্কে এটি ধাৰণা দিয়া ? 

উত্তৰঃ লোক-বিশ্বাস হৈছে পৰম্পৰাগতভাৱে প্ৰচলিত হৈ থকা কিছুমান আচাৰ-আচৰণ আৰু ধ্যান-ধাৰণা। আদিম কালৰে পৰা আমাৰ সমাজত কিছুমান বিশ্বাস চলি আহিছে। ঠিক সেইদৰে, লোক বিশ্বাসত কিছুমান ৰীতি-নীতি আছে। লোক-বিশ্বাসৰ কেনেকৈ সৃষ্টি হ’ল তাক একে আধাৰতে ক’ব পৰা নাযায়। পৰম্পৰাগতভাৱে লোক-জীৱনৰ মাজত যুক্তিহীন আধাৰতে এইবোৰ গঢ় লৈ উঠিছে। লোক-বিশ্বাস সমূহে মানুহৰ অপকাৰ নকৰে। বৰঞ্চ, এজন ব্যক্তিয়ে আচাৰ-ব্যৱহাৰৰ শিক্ষা গ্ৰহণ কৰে জ্যেষ্ঠ ব্যক্তি পৰিয়াল আৰু বাস কৰা সমাজৰ পৰা। লোক-বিশ্বাসৰ বহল পৰিসৰতে অন্ধবিশ্বাসকো সামৰি ল’ব পাৰি। 

লোক-বিশ্বাসক বিভিন্ন ভাগত ভাগ কৰিব পাৰি। সেই ভাগবোৰৰ ভিতৰত জীৱ-জন্তু সম্পৰ্কীয় লোক-বিশ্বাসৰ বিষয়ে তলত চমুকৈ আলোচনা কৰা হ’ল। 

অসমৰ প্ৰত্যেক জনগোষ্ঠীৰ মাজতে জীৱ-জন্তু সম্পৰ্কীয় অলেখ লোক-বিশ্বাস প্ৰচলিত হৈ আছে। এই ধৰণৰ লোক-বিশ্বাস সৃষ্টিৰ মূলতে জীৱ-জন্তুৰ প্ৰতি মানুহৰ স্বাভাৱিক ভয়, জীৱ-জন্তুৰ প্ৰয়োজন আৰু জীৱ-জন্তুৰ প্ৰতি মানুহৰ আকৰ্ষণ। এই তিনিটা কাৰকৰ ভিত্তিতে জীৱ-জন্তুৰ সম্পৰ্কীয় লোক-বিশ্বাস সমূহৰ সৃষ্টি হৈছে। জীৱ-জন্তুবোৰৰ ভিতৰত সাপ, জেঠী, শিয়াল, হাতী, মেকুৰী, বাঘ আদি জীৱ-জন্তুৰ লগত জড়িত বিশ্বাসেই অধিক। সাপক কেন্দ্ৰ কৰি বহুতো প্ৰাচীন উপকথাৰ সৃষ্টি হৈছিল। খাছীয়া সমাজতো বিশ্বাস আছে পৃথিৱীখন উথলেন নামৰ বিৰাট সাপৰ ওপৰত উঠি আছে। উথলেন গা জোকাৰিলে পৃথিৱীত ভূমিকম্প হয়। সাপ গাতত থাকে কাৰণেই পাতালত নাগ ৰাজ্যৰ ধাৰণাৰ সৃষ্টি হৈছিল। সাপৰ বিষ, সাপৰ মোট ঔষধতো কামত আহে। বৃহস্পতিবাৰে সাপ-দংশন কৰিলে কাল বিশ্বাস কৰা হয়। 

ঠিক সেইদৰে, জেঠীয়ে অনেক মংগল -অমংগলৰ সূচনা দিয়ে। কোনো পথত কথা পতাৰ সময়ত জেঠীয়ে টিকটিকালে ‘কথা সত্য’ বুলি বিশ্বাস কৰা হয়। সাপৰ দৰে জেঠীয়েও মোট সলায়। জেঠীৰ মোটক চাল মোহিনী মন্ত্ৰ, সৌভাগ্যৰ মন্ত্ৰ, বেমাৰ-আজাৰ ভাল কৰা মন্ত্ৰত প্ৰয়োগ কৰা হয়। বান্দৰ বধ কৰাটো পাপ বুলি বিশ্বাস কৰা হয়। যাত্ৰাৰ সময়ত মেকুৰী সন্মুখেদি পাৰ হৈ গ’লে বা পথত এফালৰ পৰা আন এফালে পাৰ হ’লে অমংগল বুলি বিশ্বাস আছে। হাতী মংগল -ময়তাৰ চিহ্ন। সপোনত হাতী দেখা মংগল বা সৌভাগ্য বুলি বিশ্বাস কৰা হয়। কোনো কামত যাত্ৰা কৰিলে হাতী বা হাতীৰ গোবৰ দেখা মংগলজনক বুলি বিশ্বাস কৰা হয়। 

কুকুৰৰ ভগৱানৰ অংশ হিচাপে গণ্য কৰা হয়। যমৰ দূত হিচাপে কুকুৰৰ সহান আছে। কুকুৰে ক’ৰবাৰ পৰা আহি গৃহত বাস কৰিলে পৰিয়ালৰ মংগল সূচনা হয়।  কুকুৰে মাটি আঁচুৰিলে ঘৰৰ অমংগল সূচনা হয় বুলি ভাবে। 

মেকুৰীয়ে এনেয়ে মিউ মিউ কৈ চিঞৰিলে ঘৰৰ বাবে অমংগল হয় বুলি ভাবে। মেকুৰী গাড়ীৰ আগেদি পাৰ হৈ গ’লে গাড়ী দুৰ্ঘটনা হয় বুলি ভবা হয়।

গৰুক পবিত্ৰ জীৱ হিচাপে গণ্য কৰা হয়। সেই গৰুৱে অকাৰণতে চিঞৰিলে গৃহস্থৰ বাবে অমংগল সূচনা হয়। গাই গৰুক লক্ষ্মী জ্ঞান কৰা হয়। সমাজত বিভিন্ন কৃতকৰ্মত গৰুৰ গাখীৰ (এৱা), ঘিউ, দৈ আদি প্ৰয়োজনীয়।

বাঘ সম্বন্ধে বহুতো বিশ্বাস প্ৰচলিত । বিশেষকৈ, নগাসকলৰ মাজত ই বেছি বদ্ধমূল । চেমা নগাসকলে বাঘক ‘টোটেম’ বুলি স্বীকাৰ কৰে।   

জীৱ-জন্তুৰ দৰে চৰাই-চিৰিকতিৰ লগত জড়িত হৈ কিছুমান লোক-বিশ্বাস সমাজত চলি আহিছে। চৰাই-চিৰিকতিৰ ভিতৰত কাউৰী, ফেঁচা, মৌমাখি, ম’ৰা, পখিলা, হুদু সম্পৰ্কীয় বিশ্বাসেই অধিক।

কাউৰীৰ মাতত বহুত ধৰণৰ অৰ্থ থাকে। ই মংগল – অমংগলৰ প্ৰসংগ জড়িত হৈ আছে বুলি বিশ্বাস কৰা হয়। চোতালৰ আগত গছৰ ডাল বা আন ঘৰৰ মুধত পৰি কাউৰীয়ে কল-কলালে ঘৰলৈ আলহী আহে বুলি বিশ্বাস কৰা হয় । দুপৰীয়া গহীন সময়ত কাউৰীয়ে ঘৰৰ মুধত পৰি মাতিলে অমংগলৰ আগজাননী বুলি বিশ্বাস কৰা হয়। 

ফেঁচাক কুলক্ষণীয়া চৰাই বুলি গণ্য কৰা হলেও তাৰ বিপৰীতে ফেঁচাক লক্ষ্মীৰ বাহন বুলি মানি অহা হৈছে। নিউ নিউ কৰি মাতিলে কোনো লোকৰ মৃত্যু আহে বুলি ধৰা হয়। ফেঁচাক মঙহ আৰু পাখি মন্ত্ৰ আৰু ঔষধতো প্ৰয়োগ কৰা হয়।

এই চৰাইবোৰৰ উপৰিও পখিলা, মৌমাখি সম্বন্ধীয় বিশ্বাস কিছুমানে পোৱা যায়। গাত পখিলা পৰিলে বিবাহৰ আগজাননী বুলি ধৰা। মৌমাখি আপুনা-আপুনি ঘৰত সোমালে মংগল বুলি ভবা হয়। বৰলে ঘৰত বাহ ল’লে লক্ষ্মী অহা বুলি মনা হয়। কিন্তু, কোদোৱে বাহ ল’লে মৃত্যু ভয় আৰু ৰোগ হয় বুলি বিশ্বাস আছে।

ঘৰচিৰিকাই ঘৰত বাহ সজাতো ভাল, কিন্তু বাহ সাজি যোৱাটো বেয়া বুলি ভাবে। শালিকা চৰাই যোৰ পাতি থকা দেখিলে মনোকামনা পূৰ্ণ হয়, লগতে যিকোনো ফলপ্ৰাপ্তি কামনা কৰিব পাৰি।

ঘৰত বাস কৰা পাৰ চৰাই ঘৰত এৰি গুচি গ’লে পৰিয়ালৰ অমংগল হয়, আৰু সেই পাৰ বেছিকৈ থাকিলে লক্ষ্মীয়ে বাস কৰা বুলি ভাবে।

মকৰা গাত পৰিলে নতুন কাপোৰ পিন্ধাৰ সৌভাগ্য হয় । নাৰীৰ বাওঁ অংগ আৰু পুৰুষৰ সোঁ অংগত মকৰা আৰু জেঠী বগালে সৌভাগ্যৰ চিন বুলি ভাবে। 

এইদৰেই পৰম্পৰাগতভাৱে জীৱ-জন্তু সম্পৰ্কীয় কিছুমান লোকবিশ্বাস আমাৰ জনসমাজৰ প্ৰচলিত হৈ আছে।

প্ৰশ্ন ৪। অসমৰ লোকাচাৰ বা লোকবিশ্বাসক কেইটা ভাগত ভাগ কৰিব পাৰি আৰু কি কি লিখা ? 

উত্তৰঃ নবীন চন্দ্ৰ শৰ্মাই অসমীয়া সমাজত প্ৰচলিত লোক বিশ্বাসসমূহক এনেদৰে ভাগ কৰিছে– 

(ক)  ধর্মীয় লোকবিশ্বাস।

(খ)  জন্তু সম্পৰ্কীয় লোকবিশ্বাস।

(গ)  চৰাই-চিৰিকতি বিষয়ক লোকবিশ্বাস।

(ঘ)  গছ-গছনি, লতা-লতিকা; ফুল-ফল কেন্দ্ৰিক লোকবিশ্বাস।

(ঙ)  অলৌকিক বা স্বৰ্গীয় বস্তু সম্পৰ্কীয় লোকবিশ্বাস।

(চ)   মানৱ শৰীৰ আৰু আচৰণৰ লগত জড়িত লোকবিশ্বাস।

(ছ)   মাহ-বাৰ-তিথি-দিশ সম্বন্ধীয় লোকবিশ্বাস।

(জ)   যাত্ৰা সম্পৰ্কীয় লোকবিশ্বাস।

(ঝ)   খাদ্যসম্বন্ধীয় লোকবিশ্বাস। আৰু

(ঞ)  বিবিধ বা মিশ্ৰিত লোকবিশ্বাস।

 সামগ্ৰিকভাৱে লোকবিশ্বাসক এনেদৰে ভাগ কৰিব পাৰি– 

১। ধৰ্ম সম্বন্ধীয় লোকবিশ্বাস।

২। জন্ম-মৃত্যু-বিবাহ সম্বন্ধীয় লোকবিশ্বাস।

৩। জীৱ-জন্তু সম্বন্ধীয় লোকবিশ্বাস।

৪। বৃক্ষ সম্বন্ধীয় লোকবিশ্বাস।

৫। কৃষিকেন্দ্ৰিক লোকবিশ্বাস।

৬। জ্যোতিষ আধাৰিত লোকবিশ্বাস।

৭। খেল-ধেমালিৰ লগত জড়িত লোকবিশ্বাস।

৮। বিভিন্ন উৎসৱ অনুষ্ঠানৰ লগত জড়িত লোকবিশ্বাস আৰু

৯। বিভিন্ন লোকবিশ্বাস।

১। ধৰ্ম সম্বন্ধীয় লোকবিশ্বাস : অসমৰ লোক-সংস্কৃতিৰ প্ৰধান উপাদানসমূহৰ বিশ্লেষণত পোন-প্ৰথমে বিচাৰ কৰিব লাগিব জনসাধাৰণৰ ধৰ্ম সম্বন্ধীয় বিশ্বাস আৰু ইয়াৰ লগত জড়িত পূজা-পাতল অনুষ্ঠানসমূহ। এইবোৰৰ মূল হ’ল ভূত-প্ৰেত, যখ-যখিনী, পিশাচ আদিৰ লগত জড়িত বিশ্বাস ধৰ্মক কেন্দ্ৰ কৰি জনসাধাৰণৰ মাজত বিবিধ পূজা-পাতলৰ অনুষ্ঠানসমূহ উৎপত্তি হৈছে। এইবোৰৰ ভিতৰত পশু পূজা, সৰ্প পূজা, বৃক্ষ পূজা শীতলা পূজা, আইসবাহ, লখিমী সবাহ, অপেশ্বৰী সবাহ, শিল পূজা, প্ৰকৃতি পূজা আদিৰ নাম ল’ব পাৰি। এই বিভিন্ন পূজা-পাতলৰ অনুষ্ঠানসমূহ ধৰ্ম সম্বন্ধীয় বিশ্বাসৰ ভেটিয়েদি গঢ় লৈ উঠিছে।

 ২। জন্ম-মৃত্যু-বিবাহ সম্বন্ধীয় লোকবিশ্বাস : জন্ম-মৃত্যু-বিবাহ মানৱ জীৱনৰ চিৰন্তৰ ঘটনা। অসমীয়া সমাজত জন্ম-মৃত্যু-বিবাহ সম্বন্ধীয় বিবিধ লোকবিশ্বাস পৰম্পৰাগতভাৱে প্ৰচলিত হৈ আহিছে। উদাহৰণ স্বৰূপে এগৰাকী সন্তানসম্ভৱা নাৰীক জীৱহত্যা কৰিবলৈ দিয়া নহয়। এনে কৰিলে গৰ্ভস্থ সন্তান নষ্ট হয় বুলি বিশ্বাস কৰা হয়। তেনেদৰে অসমীয়া সমাজত মৃতকৰ সৎকাৰ কৰাটো গুৰুত্বপূৰ্ণ কাম। অন্তিম পৰত মৃতকক পাটীত শুৱাই বাহিৰলৈ উলিয়াই অনা হয়। ঘৰৰ ভিতৰত দেহ ত্যাগ কৰিলে ঘৰ অশুচি হয় বুলি বহু ঠাইত বিশ্বাস কৰা হয়।

বিয়া অসমীয়া সমাজৰ এক অন্যতম সামাজিক প্ৰথা । বিয়াৰ সমগ্ৰ নীতি-নিয়মসমূহো বিভিন্ন বিশ্বাসৰ আধাৰতে জনসাধাৰণে পৰম্পৰাগতভাৱে পালন কৰি আহিছে।

৩। জীৱ-জন্তু সম্বন্ধীয় লোকবিশ্বাস : জীৱ-জন্তুক কেন্দ্ৰ কৰিও বহুতো বিশ্বাস লোকসমাজত প্ৰচলিত। মেকুৰীক ভূত-প্ৰেতৰ লগত সম্বন্ধ থকা বুলি ধৰা হয়। কোনো কোনো সময়ত ঘৰৰ মেকুৰীয়ে মেও-মেওকৈ ঘূৰি ফুৰা অমংগলৰ চিন। হাতীক সদায় মংগলৰ চিন বুলি ভবা হয়। চৰাইৰ ভিতৰত বহুতো বিশ্বাসৰ উৎপত্তি কাউৰীৰ পৰাই হৈছে। কাউৰীৰ মাতৰ বহু ধৰণৰ অৰ্থ কৰা হয়। ই অমংগলৰ আগজাননী আৰু আলহী অহাৰ বাতৰিও দিয়ে। তেনেদৰে ঘৰত ফেঁচা সোমালে পৰিয়ালৰ অমংগল হয় ইত্যাদি বিভিন্ন বিশ্বাস জীৱ-জন্তুক কেন্দ্ৰ কৰি গঢ় লৈ উঠিছে।

৪। বৃক্ষ সম্বন্ধীয় লোকবিশ্বাস : সৰু বৰ বিভিন্ন গছ-লতিকাকলৈও অসমীয়া সমাজত বিশ্বাসৰ অন্ত নাই। শিলিখা গছ অসমৰ বৈষ্ণৱসকলৰ পৰম শ্ৰদ্ধাৰ বস্তু। নিমগছৰ পাত ভূত খেদাবলৈ ব্যৱহাৰ কৰা হয়। অসমীয়া খাদ্য তালিকাত কচু, ঢেকীয়া প্ৰধান। বিহলঙনি জৰা ফুকাত লাগে। বিহলঙনিৰে জাৰিলে ভূত-পিশাচ-পলায় আৰু গাৰ বিষ ভাল হয় বুলি বিশ্বাস। সেইদৰে বাঁহ গছত ভূত-পিশাচ থাকে বুলি বিশ্বাস কৰা হয়। আমাৱস্যা, একাদশী আৰু শনিবাৰে বাঁহ কাটিব নাপায় বুলি নিষেধ বচন আছে। এনেদৰে গছ-গছনিকলৈ বিবিধ বিশ্বাস জনসাধাৰণৰ মাজত প্ৰচলিত আছে।

৫। কৃষিকেন্দ্ৰিক লোকবিশ্বাস : অসমীয়া সমাজত কৃষি সম্বন্ধীয় বহুতো লোকবিশ্বাস পোৱা যায়। শস্য যাতে লহপহকৈ বাঢ়ে তাৰ বাবেও বহুতো আচাৰ অনুষ্ঠান পালন কৰা হয়। কঠীয়াৰ বাবে থোৱা ধানৰ মৰণা গৰুৰে মাৰিব নাপায়। হাল বোৱাৰ বাবেও আগতীয়াকৈ তিথি-বাৰ চাই লোৱাটো নিয়ম। ভঁৰালত শস্য সঞ্চয় কৰা সম্বন্ধেও অনেক বিশ্বাস আছে। কোনো কোনো মাহ আৰু দিনত ভঁৰালৰ পৰা ধান উলিয়াব নাপায়। খেতি চপাই আনি প্ৰথম এমুঠি চাউল ৰাইজক লগোৱাটো নিয়ম। সেইবাবে ধান দোৱা শেষ হোৱাৰ পিছত অসমীয়াই ন-খোৱা পাতে। কৃষিৰ সা-সঁজুলি লৈও বহু বিশ্বাস জড়িত।

৬। জ্যোতিষ আধাৰিত লোকবিশ্বাস : লোক জীৱনৰ ভূত-ভবিষ্যৎ চিন্তাৰ লগত জ্যোতিষ আধাৰিত বিশ্বাসবোৰ জড়িত। কোনোৱে মাটিত চিত্ৰ আঁকি মংগল চায়, কোনোৱে কড়ি মাৰে, কোনোৱে ধান, তামোল আৰু কণী প্ৰয়োগ কৰে। বেমাৰ হ’লে, এঠাইলৈ যাত্ৰা কৰিলে, নতুনকৈ ঘৰ সাজিলে, বিয়া-বাৰুৰ দিন ঠিক কৰিলে এতিয়াও মানুহে কাৰ্যৰ শুভাশুভ গণনা কৰে।

বছৰৰ কেতবোৰ দিন মানুহে মংগলজনক আৰু কিছুমান অমংগলজনক বুলি ভাবে। । শনি আৰু মংগলবাৰ অমংগলীয় দিন। জনসাধাৰণৰ ধাৰ্মিক সংস্কৃতিৰ লগত শাও-শপতৰ বিশেষ সম্বন্ধ। শাও-শপতে মন্ত্ৰ দৰে ক্ৰিয়া কৰে বুলি লোক বিশ্বাস। 

৭। খেল-ধেমালিৰ লগত জড়িত লোকবিশ্বাস : খেল-ধেমালি হিচাপে জনসাধাৰণৰ জীৱন এক অবিচ্ছেদ্য অংগ। প্ৰত্যেক খেলৰে কিছুমান নিয়ম আছে। এই নিয়মবিলাক সৰহভাগেই জনসাধাৰণৰ বিশ্বাসৰ ওপৰত প্ৰতিষ্ঠিত। খেলবিলাক সকলো সময়তে স্ত্ৰী-পুৰুষ নিৰ্বিশেষে সকলো ঠাইতে খেলিব নোৱাৰে। অসমত কড়ি সচৰাচৰ ব’হাগ বিহুত খেলা হয়। কাৰণ উৰ্বৰতাৰ লগত ইয়াৰ সম্বন্ধ। কেতিয়াবা ভৱিষ্যৎ গণনা কৰিবলৈও কড়ি আৰু পাশা খেল হয়। কিছুমান খেল কেৱল ল’ৰা-ছোৱালীহে খেলিব পাৰে ইত্যাদি বহু বিশ্বাস খেল-ধেমালিৰ স’তেও জড়িত হৈ আছে।

৮। বিভিন্ন উৎসৱ অনুষ্ঠানৰ লগত জড়িত লোকবিশ্বাস : অসমীয়া সমাজত প্ৰচলিত উৎসৱ-অনুষ্ঠানবোৰৰ মূলতেও হ’ল বিশ্বাসৰ প্ৰসংগ। গাঁৱলীয়া মানুহৰ ধর্মমূলক আৰু সামাজিক জীৱনৰ লগত এইবোৰ ওতপ্ৰেতভাৱে জড়িত। জাতীয় উৎসৱৰ ভিতৰত বিহুৱেই প্ৰধান। ব’হাগ বিহু, মাঘ বিহু আৰু কাতি বিহু এই তিনিটা বিহু মূলতঃ কৃষি প্ৰধান উৎসৱ। ব’হাগ বিহুত ডেকা-গাভৰুৱে একেলগে কৰা বিহুনৃত্য এফালৰ পৰা-প্ৰেমৰ নৃত্য আৰু আনফালৰ পৰা প্ৰজনন নৃত্যও। কাৰণ ইয়াৰ যোগেদি পথাৰত লহপহকৈ শস্য গজিবৰ বাবে বসুমতীক প্ৰাৰ্থনা জনোৱা হয়। ঠিক তেনেদৰে কাতি বিহুত খেতি-বাতিৰ মংগলৰ কাৰণে বিবিধ বিধি পালন কৰা হয়। মাঘ বিহু খেতি চপোৱাৰ আনন্দ উৎসৱ। এই বিহুত অগ্নিক পূজা কৰা হয়। ইয়াৰ উপৰিও বিভিন্ন পূজা-পাৰ্ৱণ মানুহে গোটেই বছৰ পালন কৰে। তেনেদৰে একাদশী, আঁউসী, পূৰ্ণিমা, চন্দ্ৰগ্ৰহণ, সূৰ্যগ্ৰহণ, সংক্ৰান্তি আদি সাধাৰণতে পালন কৰা পবিত্ৰ দিন।

৯। বিবিধ লোকবিশ্বাস : উল্লেখিত লোকবিশ্বাসবোৰৰ উপৰিও আন বহুতো সৰু বৰ বিশ্বাস অসমীয়া সমাজত প্ৰচলিত। আমাৰ সমাজত মিতিৰ-কুটুম সম্বন্ধে নানা বিশ্বাসৰ প্ৰচলন আছে। মোমাই- ভাগিন সম্বন্ধটো অসমীয়াৰ বৰ আদৰৰ সম্বন্ধ। আন এটা গুৰুত্বপূৰ্ণ সম্বন্ধ হ’ল সখিৰ সম্বন্ধ। সমনীয়াই লগলাগি সখি পতা এটা জনপ্ৰিয় সামাজিক প্ৰথা।

এই প্ৰসংগত নামৰ মহাত্ম্যৰ বিষয়েও উল্লেখ কৰিব পাৰি। সাধাৰণ মানুহে নামৰ যাদুকৰী শক্তিত বিশ্বাস কৰে। অসমীয়া মানুহৰ নাম দুটা। অপ্ৰকাশ্য গোপন নামটো শত্ৰুৰ আগত প্ৰকাশ কৰিলে সেই নামৰ ওপৰত মন্ত্ৰ মাতি শত্ৰুৱে অপকাৰ কৰিব পাৰে বুলি বিশ্বাস কৰি গোপনে ৰখা হয়। পৰিয়ালত কোনো সন্তানৰ মৃত্যু হ’লে পিছৰ সন্তানৰ নাম আকৰ্ষণীয় কৰি নিদিয়ে। কুন্ধচ নামৰ প্ৰতি অপদেৱতাৰ আকৰ্ষণ নেথাকে বুলি মানুহৰ বিশ্বাস ইত্যাদি ভিন ভিন বিশ্বাস পৰম্পৰাগতভাৱে জনসাধাৰণৰ মাজত প্ৰচলিত হৈ আহিছে।

৫। অসমৰ লোকাচাৰ আৰু লোকবিশ্বাসৰ সম্পৰ্কীয় প্ৰবন্ধ এটা যুগুত কৰা ? 

উত্তৰঃ মানুহ সমাজপ্ৰিয় জীৱ। সমাজত থাকি মানুহে ভাল পায় আৰু সমাজতেই ব্যক্তিৰ ব্যক্তিত্বৰ প্ৰকাশ ঘটে। অতি প্ৰাচীন কালৰে পৰাই বিভিন্ন জাতি-জনজাতিয়ে সমাজ পাতি বাস কৰি আহিছে। আৰু সমাজ ব্যৱস্থাত প্ৰচলিত বিশ্বাস, ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ আদি এটা পুৰুষৰ পৰা আন এটা পুৰুষলৈ অলিখিতভাৱে ব্যৱহাৰ হৈ আহিছে এই ৰীতি-নীতিৰ বিৰুদ্ধে গ’লেই সমাজে ব্যক্তিজনক ব্যভিচাৰ বুলি আখ্যা দিয়ে। সমাজ অনুসৰি বিশ্বাস, ৰীতি-নীতি , আচাৰ-ব্যৱহাৰ আদি বেলেগ বেলেগ হয়। 

অসমত অতি প্ৰাচীন কালৰে পৰা কেতবোৰ ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ প্ৰচলন হৈ আহিছে। কৃষি প্ৰধান ৰাজ্য হোৱা বাবে ইয়াৰ সংস্কৃতি বিশ্বাস, ৰীতি-নীতি আদি কৃষিমুখী। 

জন্ম, মৃত্যু আৰু বিবাহ এই তিনিওটা মানৱ জীৱনৰ এৰাব নোৱাৰা ঘটনা। এই তিনিওটাক কেন্দ্ৰ কৰি বহুতো লোক বিশ্বাস সৃষ্টি হৈছে। অসমৰ প্ৰাচীন কালৰ পৰাই পুত্ৰ সন্তান জন্ম হ’লে মাছ দান দিয়া প্ৰথা প্ৰচলন আছে। এসময়ত অসমত মানুহৰ অভাৱ আছিল আৰু সদ্যজাত শিশুৰ প্ৰজনন ক্ষমতা আহৰণ কামনাৰ  কাৰণে মাছ দান দিয়া হৈছিল। নামনি অসমত মাছৰ লগতে এবিধ চাটনি যাক স্থানীয় ভাষাত  ‘জ্বালা টো’ বোলা হয়, বিলোৱা হৈছিল। মাছ মানুহৰ বাবে বৰ সুস্বাদু আৰু পুষ্টিকৰ খাদ্য। আনহাতে মাছৰ পৰাও বহুতো ৰোগ নিৰাময় হয়। সৰু সৰু ল’ৰা-ছোৱালীয়ে বিছনাত প্ৰস্ৰাৱ কৰিলে পাটি সুতুৰা মাছ খোৱালে সেই ৰোগ ভাল হয় বুলি বিশ্বাস কৰা হয়। পুঠি মাছ খালে চকুৰ উজ্জলতা বাঢ়ে। মাগুৰ মাছ খালে দেহত শক্তি বাঢ়ে, তদুপৰি মাগুৰ মাছৰ লগত খৰিচা ৰান্ধি বসন্ত ওলালে শুকানি দিয়ে। গৰৈ মাছ খালে হাঁপানি বা এজমা ৰোগ ভাল হয় বুলি বিশ্বাস আছে। এনেকৈয়ে অসমীয়া সমাজত মাছে বিশেষ স্থান দখল কৰি আহিছে।

সেইদৰে অসমীয়া জনসমাজত কন্যা সন্তান জন্ম হ’লে চাউলৰ সৈতে কুলা-ডলা, চালনি, ওড়াল ঢেঁকী বজোৱা হয় আৰু মিঠাই বিলোৱা হয়।

হিন্দু ধর্মৰ মতে মানুহ মৃত্যু হ’লে মৃতকক সৎকাৰ কৰা হয়। মৃতকৰ প্ৰতি খাদ্য-সম্ভাৰ যাঁচি সকাম-নিয়ম কৰা হয়। পুৰণি কালত বিশ্বাস কৰা হৈছিল যে আত্মা কোনো এক ৰহস্যময় জগতত সজীৱ হৈ থাকে। সেয়েহে কোনো কোনো ঠাইত তিনিদিনৰ দিনা মৰিশালি ভেঁটি থৈ অহাৰ পিছত কাচি বা কটাৰীৰে এটা কণী কটা হয়। যাতে কণীটোৰ জীৱটো লৈ মৃতকে পুনৰ জীৱন লাভ কৰে। হিন্দুধৰ্মত মৃতকৰ প্ৰতি শ্ৰদ্ধা জনাই কৰা শ্ৰাদ্ধত মৃতকে ভাল পোৱা বস্তুৰ সৈতে ফল-মূলকে আদি কৰি এক বিশেষ মিশ্ৰণ তৈয়াৰ কৰা হয় আৰু ইয়াক পিণ্ড বুলি কোৱা হয়। এই পিণ্ড শ্ৰাদ্ধ কৰোঁতে নৈত উটুৱাই দিয়া হয়। কোৱা বাহুল্য যে নৈত পিণ্ড উটুৱাই দিয়াৰ পিছত পিছলৈ এবাৰো ঘূৰি নোচোৱাকৈ আহিব লাগে বুলি এক বিশ্বাস আছে। বিশ্বাস কৰা হয় যে মৃত আত্মাই কাউৰী , কুকুৰ, মাছ  বা আন যিকোনো ৰূপত এই পিণ্ড খায়। লগতে বিশ্বাস কৰা হয় যে এই পিণ্ড নিজ পুত্ৰই দিলেহে আত্মাই গ্ৰহণ কৰে আৰু আত্মাৰ মুক্তি হয়। 

বিবাহৰ ক্ষেত্ৰত উৰ্বৰা ধাৰণাৰ প্ৰভাৱ অতি বেছি। অসমত নোৱাই তোলনী বিবাহৰ প্ৰচলন আছে। নোৱাই তোলনীৰ সহায়ত যিবোৰ আচাৰ-অনুষ্ঠান পতা হয় সকলোতে উৰ্বৰা বিশ্বাস জড়িত হৈ আছে। বহুতো ঠাইত ছোৱালীজনীক বিয়াৰ দৰেই নোৱাই ধুৱাই ভৱিষ্যত দম্পত্য জীৱনৰ অৰ্থে সজাগ কৰি দিয়া হয়। এটা কলপুলি বা তামোল পুলিক দৰা পাতি ছোৱালীজনীক প্ৰতীকৰূপে উলিয়াই দিয়া হয় আৰু কোলাত কইনা’ দি এদিন সন্তানসম্ভৱা হোৱাৰ ইংগিত দিয়ে। মুঠতে নোৱাই তোলনী বিয়া অনুষ্ঠানটোৱেই উৰ্বৰা বিশ্বাসৰ পৰা জন্ম হৈ আগৰ দিনত হৰহীয়াকৈ সন্তান লাভকৰিবলৈ নিচেই কম বয়সতে বিয়া পাতি দিছিল। বিয়া সামাজিক অনুষ্ঠান, দৰা-কইনাৰ মিলনৰ উপৰিও যাতে বংশ বৃদ্ধি হয় তাৰ বাবেও কেতবোৰ লোকবিশ্বাস আছে। জোৰণৰ সময়ত দৰাঘৰৰ পৰা কন্যাঘৰলৈ বাকলি থকা মাছ দিয়া বিশ্বাসটো মাছৰ দৰেই প্ৰজনন ক্ষমতা বৃদ্ধিৰ কামনাৰে চানেকি মাত্ৰ। বিয়াত কলপুলি পোতা, বেইৰ তলত কণী পোতা, দৰা-কন্যাক কণী খাবলৈ দিয়া, আখৈ ছটিওৱা, চাউল ছটিওৱা আদি অনুষ্ঠান উর্বৰা বিশ্বাসৰ প্ৰতীক। বৰ্তমানেও এই বিশ্বাস বা নীতিসমূহ প্ৰচলিত আছে। 

কৃষি কাৰ্যৰ লগতো আমাৰ সমাজত কেতবোৰ বিশ্বাস জড়িত হৈ আছে। অসমীয়া মানুহে ভূঁই ৰুবৰ সময়ত গোছ লওঁতে থুৰীয়া, তামোল, তৰাগছ, কছুগছ, মধুৰীৰ গুটি লগা ডাল, শিলগুটি আদি দিয়ে। ইয়াৰ দ্বাৰা কচুৰ দৰে গজালি বাঢ়িবলৈ আৰু মধুৰীৰ দৰে গুটি হৈ থোক ধৰাৰ কামনা কৰা হয়। বিহু উৎসৱটো কৃষি কাৰ্যৰ লগত জড়িত। খেতি চপাই আনি প্ৰথম এমুঠি চাউল ৰাইজক খুওৱা বা ন-খোৱা প্ৰথা অসমত প্ৰচলন আছে। 

আগৰ দিনত মানুহে বিশ্বাস কৰিছিল যে মৃত্যু দেৱ যমৰাজে যাক ভাল পায় তাক লৈ- যায়। সেয়েহে সেই সময়ত নামবোৰ শুনিবলৈ বেয়া লগা যেনে – হেবাং, পেন্দুৰা, লেৰেলা, মেলেকী, কলী আদি দিয়া হৈছিল। তেওঁলোকে বিশ্বাস কৰিছিল যে এনে নামবোৰ দিলে যমৰাজৰ  মন-পছন্দৰ নহ’ব আৰু যমে তেওঁলোকৰ সন্তানবোৰ নিনিব। ইয়াৰোপৰি ছোৱালী সন্তানৰ কাণ ফুটোৱা প্ৰথা আছে। প্ৰত্যেক মাতৃয়ে মুখ নালাগিব বাবে শিশুক কপালত ডাঙৰকৈ কাজলৰ ফোট দিয়ে। 

সেইদৰে গছ, চৰাই, পখিলা, মেকুৰী, কুকুৰ আদিক লৈও কেতবোৰ বিশ্বাস জড়িত হৈ আছে। লাওগছত চাউল ছটিয়ালে লাও বেছিকৈ লাগে বুলি অসমীয়া সমাজত এটা অতি পুৰণি বিশ্বাস আছে। সেইদৰে অমিতা গছত মতা বুলি ফুল ওলালে কাটি দিয়া হয়। যাৰ ফলত গছজোপাত ফল ধৰে বুলি বিশ্বাস কৰা হয়। এইবোৰ কার্য কিছুমান বিশ্বাস যদিও ইয়াৰ মাজত বৈজ্ঞানিক সত্যতা দেখা যায়। লাও গছত চাউল ছটিয়ালে চাউল খাবলৈ চৰাই আহে আৰু গছত থকা পোক-পৰুৱাবোৰ চাউলৰ লগতে খায়। তেনেকৈ মতা অমিতা ফুল কাটি দিলে গছজোপাত হৰমন সলনি হয় আৰু মাইকী ফুল ফুলে; ফলত ফল ধৰে। ঘৰত ফেঁচা পৰিলে ঘৰৰ মূল মানুহজনৰ অমংগল হয় বুলি বিশ্বাস কৰা হয়। 

সেয়েহে ক’লা পাৰ মাৰি ভকতক ভোজ খুউৱা হয়। অতি ৰাতিপুৱা যুৰীয়া শালিকা চৰাই দেখিলে দিনটোলৈ শুভ হয় বুলি ভবা হয়। কুমাৰী ছোৱালীৰ গাত পখিলা পৰিলে সেই ছোৱালীৰ বিয়া হ’ব বুলি বিশ্বাস কৰা হয়। যাত্ৰাৰ সময়ত ক’লা মেকুৰী বা আন ৰঙৰ মেকুৰী দেখিলে বা বাট কাটিলে যাত্ৰা অমঙ্গল হয় বুলি বিশ্বাস প্ৰচলন আছে। আনকি খেতিৰ সঁজুলি যেনে– কোৰ, দা, কটাৰী আদি দেখিলে যাত্ৰা অশুভ হয় বুলি ভবা হয়; কিন্তু লগে লগে তিনিখোজ পিছুৱাই আহিলে সেই দোষ খণ্ডন হয় বুলি এক বিশ্বাস প্ৰচলন হৈ আহিছে। বৰ্তমানেও ইয়াৰ প্ৰভাৱ দেখা যায়। সেইদৰে মেকুৰী, কুকুৰে চোতালত গাত খান্দিলেও গৃহস্থৰ অমঙ্গল হয় বুলি বিশ্বাস কৰা হয়। ৰোগ নিৰাময় কৰাত ম’ৰা পাখীয়ে যাদুমন্ত্ৰৰ দৰে কৰে বুলি বিশ্বাস কৰা হয়। পখিলা মৃতকৰ আত্মা বুলি নগাসকলে বিশ্বাস কৰে সেয়েহে পখিলা মৰাটো নগাসকলৰ মাজত নিষিদ্ধ। মৌ-মাখি আপোনা-আপুনি খৰ সোমোৱা সৌভাগ্যৰ কথা বুলি বিশ্বাস আছে।

নামনি অসমত ম’হ খেদোৱা উৎসৱ এটা পতা হয়। এই উৎসৱত ঘৰে ঘৰে গৈ ম’হ খেদোৱা গীত গোৱা হয় আৰু লগে লগে টাঙোন মাটিত টুকুৰিওৱা হয়। ইয়াৰ ফলত ম’হৰ উপদ্ৰৱ গৃহস্থৰ ঘৰত আৰু গোহালিত কমে বুলি বিশ্বাস কৰা হয়।

অতি প্ৰাচীন কালত খেতিপথাৰত জলসিঞ্চন ব্যৱস্থা নিৰ্ভৰ কৰিছিল কেৱল বৰষুণৰ ওপৰত। অতীতৰ পৰা মানুহৰ বিশ্বাস যে ভেকুলীয়ে মাতিলে বৰষুণ হয় আৰু এই বিশ্বাস এতিয়াও খেতিয়ক সকলে মানি চলে। এতিয়াও কিছুমান ঠাইত খৰাং পৰিলে সমূহীয়াভাৱে ভেকুলী বিয়া পতা দেখা যায়। ইয়াৰ মূল উদ্দেশ্য হৈছে ভেকুলীৰ বিয়াৰ ফলত সিহঁতৰ পোৱালী হ’ব। ফলত ভেকুলীৰ সংখ্যা বাঢ়িব আৰু ভেকুলী বা পোৱালীবোৰে টোৰ-টোৰাব আৰু বৰষুণ হ’ব। সেইদৰে বাৰিষা বানপানী হ’লে পানী কমিবৰ বাবে এটা মাটিৰ ঘী দিয়া চাকি জ্বলোৱা ইযৰড আৰু এই চাকি গুচি মুকলি আকাশৰ তলত সূৰ্যৰ পিনে মুখ কৰি ৰখা হয়। এইদৰে চাকি জ্বলালে পানী কমে বুলি বিশ্বাস কৰা হয়। ইয়াৰোপৰি জেঠীয়ে টিক-টিকালে তিনিবাৰ টুকুৰীয়া, ৰাতি বৰগছৰ তলেৰে যাব লগা হ’লে জোৰে জোৰে শিৱ শিৱ কোৱা আদি বিশ্বাস চলি আহিছে। ঘৰৰ ভিতৰত সাপ সোমালে অস্তিক, গৰুড় বুলি ক’ব লাগে। এনেদৰে ক’লে সাপ আঁতৰি যায় বুলি বিশ্বাস কৰা হয়।

অসমীয়া গাঁৱলীয়া সমাজত শিশুৰ জন্ম হওঁতে কেতবোৰ বিশেষ ৰীতি মানি চলা হয়। যেনে– শিশুৰ জন্ম হ’লে বগৰী গছৰ কাঁইট দুৱাৰ মুখত দিয়া হয়। বিছনাৰ তলত তাতবোৱা ৰাচ দিয়া হয়। এনে কৰিলে ভূত-প্ৰেতৰ পৰা শিশুটি ৰক্ষা পৰে বুলি বিশ্বাস কৰা হয়।

আমাৰ গাঁৱলীয়া সমাজত বহুতো ওপৰত উল্লেখ কৰা ধৰণৰ বিশ্বাস মানি চলা হয়। জাতিভেদে, ঠাই ভেদে বিশ্বাসসমূহ বিভিন্ন ধৰণৰ। যি কি নহওক এই বিশ্বাসবোৰ প্ৰাচীন কালৰ অশিক্ষিত লোকসকলে মানি চলিছিল আৰু এইবোৰৰ দ্বাৰাই তেওঁলোকৰ জীৱন, স্বাস্থ্য, পৰিবেশ নিয়ন্ত্ৰিত হৈছিল। বৰ্তমান কালতো ইয়াৰ প্ৰভাৱ কিছু পৰিমাণে লক্ষ্য কৰা যায়। এইবোৰৰ কিছুমানৰ বৈজ্ঞানিক সত্যতা আছে যদিও বেছিভাগেই অন্ধবিশ্বাসৰ দ্বাৰা প্ৰভাবৱান্বিত।

৬। লোক বিশ্বাসত সাপ– এই সম্পৰ্কীয় এটি আলোচনা কৰা ? 

উত্তৰঃ ডক্টৰ ভগেলে তেওঁৰ  ‘Indian Serpert Lone’ গ্ৰন্থত অতি পুৰণিকালৰে পৰা ভাৰতত সাপ-পূজাৰ বহুল প্ৰচলনৰ বিষয়ে আলোচনা কৰিছে। অসমতো অসমীয়া আৰু জনজাতীয় লোকসকলে জীৱন্ত সৰ্পৰ প্ৰতীকৰ পূজা কৰে। হিন্দুৱে ম’হ, ছাগলী, পাৰ বলি দি বছৰি মনসা বা বিষহৰিৰ পূজা কৰে। সম্প্ৰতি এই সর্পদেৱীক মূৰ্তি নোহোৱাকৈয়ে ঘট বা সিজু গছক কেন্দ্ৰ কৰি পূজা কৰা হয়। সংক্ৰামক ব্যাধি নাইবা মহামাৰীৰ সময়ত এই মনসা দেৱী বা মাৰ’ই দেৱীক অতি পয়োভৰেৰে এতিয়াও পূজা কৰা হয়। কোনো কোনো উপজাতিয়ে পূৰ্বপুৰুষেই পৰিয়ালৰ মংগলৰ অৰ্থে সাপৰূপে জন্ম লৈ ঘূৰি আহে বুলি বিশ্বাস কৰে; বিশেষকৈ মণিপুৰীসকলৰ মাজত এই বিশ্বাস প্ৰচলিত। তেওঁলোকৰ এজন পূৰ্বপুৰুষ পাখংবা। 

পাখংবাই এতিয়াও মাজে মাজে সাপৰ ৰূপত দেখা দিয়ে বুলি তেওঁলোকৰ অন্ধবিশ্বাস আছে। টি, চি হাৰ্ডচনে ৰজাৰ সিংহাসন আৰোহনৰ প্ৰসংগত ৰজা বহা সিংহাসনৰ তলত এটা খলপাত পাখংবা নামে এটা সৰ্প বাস কৰাৰ উল্লেখ কৰিছে। ৰাজসিংহাসনৰ তলত যিমান দিন পাখংবা থাকিব সিমান দিন ৰজা নিৰাপদে সিংহাসনত উপবিষ্ট থাকিব। এই একে জাতিৰ ভিতৰতে নংশা বা আজগৰৰ শিলামুর্তি হ’ল ৰাজ্যৰ সৌভাগ্যৰ প্ৰতীক। মণিপুৰীসকলৰ পূৰ্বপুৰুষ সৰ্পৰ উৎপত্তি সম্বন্ধে থাডউ-কুকীসকলৰ মাজতো এটা পুৰণি আখ্যান আছে। লেংহোই বা লুংমাইদাং নামৰ এজনী ছোৱালী ওচৰৰে গাঁৱত বাস কৰা এটা ডাঙৰ সাপৰ প্ৰেমত পৰে। তাই পুৰণি কুকীসকলৰ ছোথে জাতিৰ ছোৱালী আছিল। আন মানুহৰ আগত সাপটোৱে সাপ হৈয়েই দেখা দিয়ে; কিন্তু ছোৱালীজনীৰ আগত দেখা দিলে এজন ধুনীয়া ডেকাৰ ৰূপত। 

কালক্ৰমত তাই আন্তঃসত্বা হ’ল, আৰু শেষত তাইৰ এটা ল’ৰা উপজিল। ল’ৰাটো ডাঙৰ হ’ল আৰু মানুহে তাক বাপেক নোহোৱা বুলি কোৱাত লাজ পালে। মাকে ল’ৰাটোক সেই কথালৈ কাণ নিদি সৰ্পৰূপী বাপেকৰ লগত বন্ধুত্ব স্থাপন কৰিবলৈ ক’লে। মাকৰ কথাত ল’ৰাটোৱে সাপটোৰ ওচৰলৈ গৈ তাৰ ডিঙিত ধৰিলগৈ; সাপটোৱেও ল’ৰাটোক তাৰ জীৱনত বহুতো বিস্ময়কৰ ঘটনা ঘটিব বুলি ক’লে । ল’ৰাটোৱে মাকক আহি এই কথা জনালে ; মাকেও নতুন স্থান বিচাৰি নতুন গাঁও স্থাপন কৰিবলৈ  ‘আহটুইচান’ উৎসৱ পালনৰ কাৰণে কিছুমান কণী আগবঢ়ালে। ল’ৰাটোৱে প্ৰথমে লাংথাবল নামে ঠাইত চেষ্টা কৰিলে; কিন্তু তাত কোনো শুভ লক্ষণ নেদেখি উপত্যকাৰ মাজলৈ গৈ তাত ‘আহটুইচান’ উৎসৱ পাতি শুভফল লাভ কৰিলে। সি তাৰ পিছত তাত এখন গাঁও পাতিলে আৰু তাৰেপৰাই মণিপুৰীসকলৰ উৎপত্তি হ’ল। খাচীয়াসকলৰ মাজতো সাপ-পূজাৰ প্ৰচলন আছে।ইয়েই ইউথে্ন পূজা; এই সাপক তুষ্ট কৰিবলৈ নৰবলিৰ প্ৰয়োজন। এই সৰ্পপূজাৰ নিমিত্তে এতিয়াও গোপনে নৰহত্যা অনুষ্ঠিত হয়।

মিলচৰ মতে লোঠা নগাসকলেও তেনেকৈ কুকুৰনেচীয়া বাঘ বা কেতিয়াবা একোটা সাপ পোহে। ৰাভাসকলেও এসময়ত গুহাত বাস কৰা সর্পদেৱতা এজনৰ পূজা কৰিছিল। আৰু বছৰি ল’ৰা নাইবা ছোৱালী বলি দি তাক তুষ্ট কৰিছিল। আও নগাসকলে সাপৰ অনিষ্টকাৰী প্ৰভাৱৰ পৰা ৰক্ষা পৰিবলৈ বছৰি কুকুৰা বলি দি তাক তুষ্ট কৰিছিল। লুচাইসকলে সাপ পূজা নকৰে; কিন্তু তেওঁলোকৰ মাজত ৰুলপুই বা ডাঙৰ সাপৰ বিষয়ে বহুতো কাহিনী আছে। হিন্দুৰ বিশ্বাসমতে পৃথিৱী ধাৰণ কৰি থকা সাপটোৱে গা লৰালেই ভূঁইকপ হয়। এই বিশ্বাসটো ভালেমান পৰ্বতীয়া জাতিৰ পৌৰাণিক কাহিনীতে আছে। লোঠা নগাসকলৰ বিশ্বাস মতে পশ্চিম দিশৰ আকাশ আৰু পৃথিৱী লগ লগা ঠাইতে এটা ডাঙৰ সাপ আছে; এই সাপে শৰীৰ লৰাই ভূমিকম্পৰ সৃষ্টি কৰে।

ডক্টৰ ভেৰিয়াৰ এলউইনে তেখেতৰ ‘Myths of the North East Frontier of India’ পুথিত ছোৱালী আৰু ল’ৰাৰ লগত সাপৰ বিয়া হোৱা সম্পৰ্কে ভালেমান আমোদজনক কাহিনী সংগ্ৰহ কৰিছে। এটা মিনিয়ং কাহিনীত ছোৱালী এজনীৰ গৰ্ভৰপৰা সাপ আৰু সকলো বিষাক্ত কীট-পতংগৰ জন্ম হোৱাৰ বিৱৰণ আছে। চেনদুকপেন কাহিনীত পানীৰ সাপ এটাই নৈৰপৰা ওলাই আহি ধুনীয়া ডেকা এটাৰ ৰূপ ধৰি গাভৰু এজনীক বিয়া কৰাইছিল। সাপটোৱে ৰাতিহে মানুহৰ ৰূপ ধৰে; দিন হ’লেই সাপৰ বেশ ধৰি নিজৰ নৈৰ তলত ঘৰলৈ গুচি যায়। বুগান কাহিনী এটাৰ মতে ছোৱালী এজনীক সাপ এটাই ভাল পাইছিল; শেষত ছোৱালীজনীয়ে সাপটোৰ লগত নৈৰ পানীত বাস কৰিবলৈ ঘৰ এৰি গুচি গ’ল। মিছিমি কাহিনী এটাৰ মতে ডেকা এজনে সৰ্পকন্যা এজনী বিয়া কৰাইছিল। এই সৰ্পকন্যাই তাইৰ সৰ্পদেহা পৰিত্যাগ কৰি স্বামীৰ লগত গাঁৱত বাস কৰিবলৈ গৈছিল। লাখেৰ জাতিৰ উৎপত্তি বিষয়ক তলৰ কাহিনীটো বিশেককৈ পূৰ্ব-পুৰুষ আৰু বিবাহ-বিধিৰ সম্পৰ্কত মন কৰিবলগীয়া। 

অসমৰ প্ৰাচীন ভাস্কৰ্যত উৰ্বতাৰ আৰু যৌন ইংগিতৰ বাবে যোৰ পতা সাপৰ প্ৰতীক ব্যবহাৰ কৰা হৈছিল। আজিকালিও কৃষি আৰু তাঁতশালৰ সঁজুলিত সাপৰ চিত্ৰ কটা দেখা যায়। সাপৰ চানেকি অসমীয়া শিপিনীসকলৰ প্রিয়। জনজাতিসকলেও সাধাৰণতে দা, যাঠি, কটাৰীৰ নালত সাপৰ চিত্ৰ কাটে। 

৭। অসমীয়া লোক বিশ্বাসত তামোল পাণৰ বিষয়ে এটি টোকা যুগুত কৰা ? 

উত্তৰঃ তামোল-পাণৰ অসমত বিশেষ প্ৰচলন। ভোজন বিলাসৰ বস্তু হিচাপে প্ৰয়োজন হোৱাৰ বাহিৰেও বিভিন্ন ধৰ্মানুষ্ঠান আৰু ক্ৰিয়া-কাণ্ডতো তামোলৰ প্ৰয়োজন হয়। হিন্দু-সংস্কৃতিত তামোল-পাণৰ ব্যৱহাৰ আৰ্যেতৰ প্ৰভাৱত সোমাইছে বুলি পণ্ডিতসকলে অনুমান কৰে। সংস্কৃত ভাষাত তাম্বুল শব্দটোৰ ব্যৱহাৰ আছে যদিও, ই অৰ্বাচীন। এই প্ৰসংগত তামোল বুজাবলৈ প্ৰয়োগ হোৱা নাগাবল্লী পুগফলম, গুৱাক আদি শব্দও তাৎপৰ্যপূৰ্ণ। এই শব্দসমূহ সম্ভৱত; আৰ্যেতৰ ভাষাভাষীসকলৰ পৰা আহিছে। জ্য পুছিলুস্কিয়ে (Jean Przyluski) মনখেমৰ বুলি ধাতুৰ লগত তম উপসৰ্গ সংযোগ হৈ তাম্বুল শব্দ নিষ্পন্ন হোৱা বুলি মত প্ৰকাশ কৰিছে। পুছিলুস্কিৰ মতে তামোল-পাণৰ লগত জড়িত পোণ, গণ্ডা, কৰি, বিড়া আদি শব্দৰো উৎপত্তি অষ্ট্ৰোএছিয়াটিক মনখেমৰ ভাষাৰপৰা। পেনজাৰে তেওঁৰ  ‘The Romance of Betel-Chewing নামৰ সুদীৰ্ঘ প্ৰবন্ধত তামোল খোৱা প্ৰথা ভাৰতবৰ্ষ, দক্ষিণ তিব্বত, দক্ষিণ চীন, শ্যাম, ইন্দোচীন, মালয়, ইষ্ট-ইণ্ডিয়ান আৰ্কিপেলেণ্ড,মাইক্ৰনেছিয়া আৰু নিউগিনিৰ মাজত সীমাবদ্ধ কৰিছে। লেব্ৰুনাই Journal of Oriental Reasearch Madras অত প্ৰকাশিত প্ৰবন্ধত এই সীমাৰেখা কিছু বহলাই ধৰিছে। তেওঁ কৈছে’, মাদাগাস্কাৰ আৰু জাঞ্জিবাৰৰপৰা এডাল ৰেখা সিন্ধুনদীৰ ওচৰেদি  এছিয়া ছুই যোৱাকৈ টনা হওক। 

তাৰপৰা ৰেখাডাল ইয়াংচি নদীৰ ফালে বঢ়াই দি ফৰ্মোছা আৰু ফিলিপাইনৰ মাজেদি লৈ যোৱা হওক। এই পৰিধিৰ ভিতৰত ব্রহ্মদেশ, শ্যাম আৰু ইণ্ডোচীনকো সামৰি লোৱা হওক। এতিয়া এই দীঘলীয়া সীমাৰ ভিতৰত যিটো অঞ্চল পৰিব, তামোল-পাণ খোৱা লোকৰ অঞ্চল বুলি সম্ভৱত: তাক ধৰিব পাৰি। এই সীমা আৰু বঢ়াই দিব পৰা হয়। মালুকাচ, মেৰিয়ানা দ্বীপপুঞ্জ, কেৰোলিনাচ, চলোমান দ্বীপপুঞ্জ, দিজি, বিছমাক উপদ্বীপ, নিউগিনি আৰু ৰি-ইউনিয়ন দ্বীপপুঞ্জক বৃত্তাকাৰে লৈ ৰেখাটো ভাৰত মহাসাগৰৰ ফালে নি তাৰপৰা টোৰেচ প্ৰণালীৰ মাজেদি টাইমোৰলৈ বঢ়াই দিয়া হওক। তাৰপৰা সুন্দ দ্বীপপুঞ্জৰ দক্ষিণ সীমালৈকে – এই যিটো অঞ্চল হ’ব – তাৰ ল’ৰা-বুঢ়া, পুৰুষ-স্ত্ৰী, ৰজা-প্ৰজা নিৰ্বিশেষে সকলো জাতি আৰু ধৰ্মৰ  মানুহৰ মাজতে তামোল খোৱা অভ্যাসটো ব্যাপকভাৱে প্ৰচলিত। কোনো কোনোৰ মতে তামোল খোৱা প্রথাটো দ্ৰাবিড়ীয় প্ৰথা। কাৰণ Betel (তামোল) শব্দটোৱেই মালায়ালম ভাষাৰ  ‘ৱেটিল্লা’ শব্দৰ পৰা অহা। পশ্চিম উপকূললৈ অহা পৰ্তুগীজ ব্যৱসায়ীসকলে এই দ্ৰাবিড়ীয় শব্দটো সৰ্বত্ৰ প্ৰচাৰ কৰে। Areca (তামোল) শব্দটোৰো উৎপত্তি দাক্ষিণাত্যতে। কানাড়ী ‘অড়িকে’ শব্দৰ পৰা এই শব্দটো আহিছে। মহামহোপাধ্যায় কানেৰ মতে দক্ষিণ ভাৰতৰ তামোলৰ প্ৰৱৰ্তন সম্ভৱত; খ্ৰীষ্টীয় শতিকা আৰম্ভ হোৱাৰ কিছুদিনৰ পূৰ্বে। ইয়াৰ পিছতহে এই প্ৰথা উত্তৰ-ভাৰতলৈ বিয়পে। ঋগ্বেদকে ধৰি প্ৰাচীন সংস্কৃত সাহিত্যৰ ক’তো তামোল খোৱা প্ৰথাৰ বা তাম্বুল শব্দটোৰ উল্লেখ নাই। তামোল খোৱা প্ৰথাৰ উল্লেখ সৰ্বপ্ৰথম পালি সাহিত্যতেই পোৱা যায়। জাতকৰ এটা আখ্যানত বুদ্ধই তামোল খাবলৈ অমান্তি হোৱাৰ উল্লেখ আছে; অৱশ্যে অৱদানশতকে বুদ্ধই তামোল খোৱাৰ ইংগিত দিয়ে। ভোজনৰ পিছত তামোল খোৱাৰ  প্ৰথাৰ স্মৃতিশাস্ত্ৰত আছে। 

বাৎসায়নৰ কামশাস্ত্ৰৰ দাঁত ঘঁহি মুখ ধোঁৱাৰ পিছত তামোল খাই মুখৰ নিশ্বাস সুগন্ধি কৰাৰ নিৰ্দেশ আছে। প্ৰেম-নিবেদনৰ সময়ত প্ৰেমিক-প্ৰেমিকাই পৰস্পৰে পৰস্পৰৰ গাত পাণ আৰু চন্দনৰ প্ৰলেপ ছটিয়াই ইজনৰ মুখৰ তামোল সিজনৰ মুখত দিব লাগে বুলি উপদেশ দিয়া হৈছে (বদনেন তাম্বুনম্)। চৰক, সুশ্ৰুত আদি নিদানকাৰসকলে ঔষধত তামোলৰ গুণাগুণ নিৰ্ণয় কৰি লিখিছে। বৰাহমিহিৰে বৃহৎ-সংহিতাৰ তামোলৰ বিভিন্ন গুণৰ কথা উল্লেখ কৰাৰ উপৰিও মালা অঞ্চলত অৰ্থাৎ মালাৱাৰ উপকূলত ইয়াৰ প্ৰাচুৰ্যৰ বৰ্ণনা কৰিছে। পূজা-উপচাৰৰ অন্যতম উপকৰণস্বৰূপে দশম শতিকাত ৰচিত কালিকা পুৰাণেই সৰ্বপ্ৰথম তামোলক গণ্য কৰিছে (তাম্বুল দক্ষিণা)। অসমৰ তামোল-পাণৰ বাৰীৰ সুখ্যাতি পুৰণি তাম্ৰলিপিতো কৰা হৈছে। বলবৰ্মাৰ শাসনত প্ৰাগজ্যোতিষ নগৰৰ তামোলৰ গছ পাণেৰে বেষ্টিত আৰু কৃষ্ণ অগৰু গছক ইলাচি লতাই মেৰাই ধৰিছিল বুলি বৰ্ণনা আছে। সপ্তম শতিকাৰ আদিত্যসেনৰ অপদলিপিত লৌহিত্যপাৰৰ ৰমণীয় তামোল-পাণৰ বাৰীৰ ছাঁত সিদ্ধসকলে শয়ন কৰা বুলি উল্লেখ আছে। শুৱাক শব্দৰ পৰাই গুৱাহাটীৰ উৎপত্তি বুলি সাধাৰণ বিশ্বাস। তামোল শব্দৰপৰাও অসমৰ ভালেমান ঠায়ৰ নাম হৈছে, যেনে– তামোলবাৰী, তামুলীছিগা। অসমৰ তামোল খোৱা প্ৰথাৰ ব্যাপক প্ৰচলনৰ বিষয়ে যোগিনীতন্ত্ৰৰ শ্লোক এটাৰ পৰাই বুজিব পাৰি। শ্লোকটোত অসমীয়া তিৰোতাই সকলো সময়তে তামোল চোবোৱাৰ উল্লেখ কৰা হৈছে। অসমীয়া পুৰুষ-স্ত্ৰী, ডেকা-বুঢ়া কাৰো কাৰণে তামোল খোৱাত সামাজিক বাধা নিষেধ নাই। আনকি দাঁত নোহোৱা বুঢ়ায়ো খুন্দনাত খুন্দি তামোল খায়। 

আহোম ৰজাৰ দিনত ৰজা আৰু ডা-ডাঙৰীয়া সকলক তামোল-পাণ যতনাবলৈ তামুলী বিষয়া আছিল। সত্ৰসমূহতো গুৱাকটা বাব আছে। মোমাই তামুলী বৰবৰুৱা পদোন্নতিৰ ঘটনাৰ পৰা আহোম ৰজাসকলে তামোল-পাণৰ বাৰী পতাত কিমান গুৰুত্ব আৰু উৎসাহ দিছিল বুজিব পাৰি। বাৰীত তামোল-পাণ ৰোৱা অসমীয়া গাঁৱলীয়া মানুহৰ ধৰা-বন্ধা ৰীতি। অসমীয়া মানুহৰ প্রিয় কথা এফাঁকি মন কৰিবলগীয়া, ‘আগফাল শুৱনি কাকনী তামোল, পাছফাল শুৱনি পাণ’ । তামোল ৰোৱা আৰু তামোলৰ বাৰী পতা সম্বন্ধে ডাক পুৰুষৰ অলেখ অমূল্য বচন আছে। আমাৰ ধৰ্মানুষ্ঠান আৰু সামাজিক উৎসৱত তামোল-পাণ বা গুৱা-পাণে গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি আহিছে। পূজাৰ নৈবদ্যত তামোল-পাণ অপৰিহাৰ্য উপচাৰ। গুৰু-গোসাঁইলৈ বা ৰাইজলৈ তামোলৰ শৰাই আগবঢ়োৱা হয়। উৎসৱ-অনুষ্ঠান অথবা অপায়-অমংগলৰ সময়ত গুৰুঘৰলৈ, নামঘৰলৈ, দেৱতা বা অপদেৱতালৈ গুৱা-পাণ আগবঢ়োৱা হয়। আলহী -অতিথিক সৰ্বপ্ৰথম তামোল-পাণ দি অভ্যৰ্থনা কৰা হয়। তামোলখনৰ যোগেই গুৰুৰ আশীৰ্বাদ লাভ কৰা হয়; তামোলৰ আদান-প্ৰদানত বন্ধুত্ব স্থাপনো হয়। ৰাজহুৱা দায়-জগৰত পৰিলেও তামোল-পাণৰ দণ্ড এভাগ দি দোষ খণ্ডন কৰিব পাৰি। ডেকা-গাভৰুৰ প্ৰেম -নিবেদন, বিবাহ আৰু বিবাহ-বিচ্ছেদৰ ক্ষেত্ৰতো তামোলৰ বৈচিত্ৰ্যপূৰ্ণ ভূমিকা আছে। ডেকা-গাভৰুৱে তামোলৰ বিনিময়ৰে ইজনে সিজনক প্ৰেম নিবেদন কৰাৰ ৰীতি এতিয়াও গাঁৱত আছে। বিহু-গীতত এনে প্ৰেম-প্ৰীতিৰ আৱেগময় চিত্ৰ আছে। 

কিনো তামোলখনি          দিলা মোৰ মইনা

অতি চেনেহৰে খালো।

 সেই নো তামোলখনি       খাবৰেপৰা

তোমাৰ লগত চিনাকি হ’লো।

বিবাহৰ নিমন্ত্ৰণ কার্যতো তামোল-পাণৰ প্ৰয়োজন। তামোল-পাণ থুৰিওৱা আদি কাৰ্যৰ মাজেদি তিৰোতাৰ কলাসুলভ মনৰ পৰিচয় পোৱা যায়। বিয়াৰ ভালেমান ক্ৰিয়াকাৰ্যত তামোলৰ ব্যৱহাৰ মন কৰিবলগীয়া। বিয়াৰ কেইদিনা দৰা-কন্যাই এযোৰ পাণ-তামোল আৰু এখন কটাৰী লগত ৰাখিব লাগে। বিবাহ অনুষ্ঠান শেষ হ’লে দৰা-কন্যাই এই তামোল-কটাৰী সলনা-সলনি কৰে। দৈয়ন দিওঁতেও পাণৰ প্ৰয়োজন। বিয়াৰ দিনা পুৱা ছোৱালীক শোৱা-কোঠাৰ দুৱাৰদলিত পিৰা এখন পাৰি বহুওৱা হয়। কন্যাৰ মাক বা আন কোনো সম্বন্ধীয় তিৰোতাই দুখন হাতত দুখন পাণ লৈ কন্যাৰ সমুখত আঁঠু কাঢ়ে; পাণ দুখন দৈ-“গাখীৰত জুবুৰিয়াই কন্যাৰ গাল, বাহু, ভৰিত সানি দিয়ে। কোনো কোনো অঞ্চলত বিবাহৰ সপ্তপদী গমনত দৰা-কন্যাই সাতখিলা পাণ গচকাৰ বিধি। অসমৰ কোনো কোনো অঞ্চলত ‘পাণ-ছিঙা’ প্ৰথাৰে বিবাহ-বিচ্ছেদ হয়। আহোমৰ চকলং বিবাহ-পদ্ধতিতো তামোল-পাণৰ প্ৰয়োজনৰ বিষয়ে বুৰঞ্জীত আছে- ‘সোণৰ বাটি এটা ভৰাই দৈ, আঁৱা গাখীৰ, মৌ, চেনী, ঘিউ মিহলোৱা পঞ্চামৃত অবাটি আনি ৰজাৰ ওচৰত দিব। তাৰপৰা আংগুলি লগাই আনি মুখলৈ টোঁৱাই সুংগি পেলাই খৰিকা লৈ মুখে পানী লৈ তামোল চোবাব। এইদৰে পুনঃ পুনঃ একৈশ বেলি পঞ্চামৃত সুংগি ২১ ডাল খৰিকা, ২১ চলু পানী , ২১ খন থুৰীয়া তামোল চোবাই পেলাব পায়’। (দেওধাই অসম বুৰঞ্জী, ১৩৫)। 

তামোল-পাণে সামাজিক প্ৰধান্যও নিৰ্ণয় কৰে। উচ্চকুলৰ লোকে জাত যোৱাৰ ভয়ত নীহকুলীয়া লোকৰ হাতৰ কটা তামোল নাখায়। 

বিহু নামত আছে– 

তোমাৰ কটা তামোল        নেখাওঁ ঐ লাহৰী

আমাৰে মৰিব কুল।

তামোল খোৱা নোখোৱা বিধি-নিষেধক কেন্দ্ৰ কৰি তামোল-নোখোৱা বৈষ্ণৱ সম্প্ৰদায় এটাৰো উদ্ভৱ হৈছে। তামোল-পাণ গাঁৱলীয়া দৰৱ-জাতিৰ অন্যতম উপাদান। অসমীয়া নিদান মতে তামোল খালে পেটৰ অসুখ, দাঁতৰ ৰোগ আৰু বিষ ভাল হয়। গৰু-ম’হৰ বেমাৰত তামোলৰ পিক ব্যৱহাৰ কৰা হয়। তামোল-পাণৰ অলৌকিক শক্তিত বিশ্বাস কৰি ইয়াক মন্ত্ৰত ব্যৱহাৰ কৰা হয়। কামৰত্ন: তন্ত্ৰত তামোল-পাণ সম্পৰ্কীয় বহু মন্ত্ৰ আছে।

অসমৰ দৰে ভাৰতৰ অন্য প্ৰদেশত কোমল তামোল অথবা পনিয়লী তামোল অথবা কেঁচা তামোল খোৱাৰ প্ৰথা নাই। তামোল গাঁতত পুতি ভৱিষ্যতলৈ সঁচাৰ নিয়মটোও অসমীয়াৰ নিজা। অসমত কোমল তামোলৰ প্ৰচলনৰ বিষয়ে ভাস্কৰবৰ্মাই হৰ্ষবৰ্ধনলৈ হৰিৎ বৰ্ণৰ কেঁচা তামোলৰ ঠোক উপহাৰ দিয়া কথাৰ পৰাই বুজিব পাৰি। গুৰু-ঘৰলৈ ঠোক-তামোল আগবঢ়োৱা প্ৰথা আজিও আমাৰ দেশত প্ৰচলিত। মুছলমান ঐতিহাসিকেও অসমীয়া মানুহে কেঁচা তামোল খোৱা প্ৰথালৈ লক্ষ্য কৰি গৈছে।

৮। ধৰ্ম সম্বন্ধীয় লোকবিশ্বাস সমূহৰ ভিতৰত কি কি পৰে ? আলোচনা কৰা ? 

উত্তৰঃ ধৰ্ম সম্বন্ধীয় লোকবিশ্বাস সমূহৰ ভিতৰত পশু পূজা , সৰ্প পূজা, বৃক্ষ পূজা শীতলা পূজা, আই সবাহ, লখিমী সবাহ, অপেশ্বৰী সবাহ, শিল পূজা, প্ৰকৃতি পূজা আদি পৰে। 

(ক) সৰ্পপূজা : সাপ সৰ্বত্ব আৰু সৰ্বজন পৰিচিত প্ৰাণী। ইয়াক কেন্দ্ৰ কৰি বিভিন্ন জনগোষ্ঠীৰ মাজত বিভিন্ন বিশ্বাস প্ৰচলিত হৈছে। সাধাৰণতে জনজাতীয় লোকসকলে জীৱন্ত সৰ্পৰ প্ৰতীকৰ পূজা কৰে, কোনো কোনো উপজাতিয়ে পূৰ্বপুৰুষৰ পৰিয়াল মঙ্গলৰক অৰ্থে সাপ ৰূপে জন্ম লৈ ঘূৰি আহে বুলি বিশ্বাস কৰে। বিশেষকৈ মণিপুৰীসকলৰ মাজত এই বিশ্বাস প্ৰচলিত। মণিপুৰীসকলৰ পূৰ্বপুৰুষসকলৰ সৰ্পৰ পৰা উৎপত্তি সম্বন্ধে থাডউ কুকিসকলৰ মাজত এটা পুৰণি আখ্যান আছে। খাটাসকলৰ মাজতো সৰ্প পূজাৰ প্ৰচলন আছে। ইয়েই ইউ থ্রেন পূজা। এই পূজাত সাপক তুষ্ট কৰিবলৈ নৰবলিৰ প্ৰয়োজন। এই সৰ্প হত্যাৰ নিমিত্তে এতিয়াও গোপনে নৰ হত্যা হয়। হিন্দু বিশ্বাস পৃথিৱী ধাৰণ কৰি সাপটোৱে গা লৰালেই ভূমিকম্প হয়। লোঠা নগাসকলৰ বিশ্বাস মতে পশ্চিম দিশত আকাশ আৰু পৃথিৱী লগ লগা ঠাইতে এটা ডাঙৰ সাপ আছে। এই সাপেই শৰীৰ লৰালেই ভূঁইকম্প হয়। অসমীয়া মানুহৰ বিশ্বাস আছে পানী, ধানৰ ভঁৰাল আৰু ধন-সম্পত্তি থকা ঠাইত সাপ বাস কৰে আৰু তাৰ ৰখীয়া হৈ থাকে। বহুতে জনগোষ্ঠীয়ে সাপক জল দেৱতা বুলিও ভাবে। ডঃ সুকুমাৰ সেনে জ্বল পূজা, গছ পূজা আৰু স্তম্ভ পূজা আদিৰ লগত মনসা বা সাপৰ সম্বন্ধ আছে বুলি মন্তব্য কৰিছে। অসমীয়া মানুহৰ বিশ্বাস আছে যে সাপ বিশেষকৈ ফেঁটী সাপ ধানৰ ভঁৰালৰ ৰখীয়া হৈ থাকে। ই থাকিলে ভঁৰালৰ উন্নতি হয়। নামঘৰত থকা ফেঁটী সাপবোৰ হেনো শংকৰদেৱক ছাঁ দিছিল (চৰিত পুথিৰ মতে)। সেই কাৰণে বৈষ্ণৱ সকলৰ মাজত ফেঁটী সাপ মৰাটো নিষিদ্ধ। 

অসমীয়া সাধুকথাত সাপৰ মূৰত উজ্জ্বল মণি থকা আৰু সেই মণিটো মানুহে পাবলৈ ইচ্ছা কৰাৰ নানান কাহিনী আছে। সাপে খুটি মৰা মানুহক দুৰ্ভগীয়া বুলি গণ্য কৰা হয় আৰু সেইকাৰণে সেই শ-টোক নূপুৰি পুতি পেলোৱা হয়।

সাপ দেখাটো মংগল-অমংগলৰ চিন বুলি বিশ্বাস কৰে। অসমীয়া মানুহে যোৰ পতা সাপ দেখিলে প্ৰণয় আৰু কাজিয়াৰ বিষয়ত মঙ্গলজনক বুলি কয়। সেই যোৰ পতা সাপক কাপোৰ এখন দিয়া হয়। কাপোৰখন ল’লে যুদ্ধত নাইবা প্ৰণয়ত কৃতকাৰ্য হয় বুলি বিশ্বাস কৰা হয়। সপোনত সাপ দেখিলে বন্ধুৰ মনোমালিন্যৰ পূর্বাভাষ বুলি বিশ্বাস আছে। অসমীয়া মন্ত্ৰ পুথিত সৰ্প দৰ্শনৰ প্ৰতিষেধক অলেখ মন্ত্ৰ আৰু ভালেমান সাপৰ কাহিনী আছে। সর্পদেৱী মনসাৰ মূৰ্ত্তি আৰু সৰ্পৰ প্ৰতীক পুৰণি অসমীয়া শিল্প কালতো দেখিবলৈ পোৱা যায়। অসমৰ প্ৰাচীন ভাস্কৰ্যতো উৰ্বতাৰ আৰু যৌন ইঙ্গিতৰ বাবে যোৰ পতা সাপৰ প্ৰতীক ব্যৱহাৰ কৰা হৈছিল। সাপৰ চানেকী অসমীয়া শিপিনীসকলৰ প্রিয়। 

(খ) বৃক্ষ পূজা : মানৱ সভ্যতাৰ উষা লগ্নৰে পৰা বৃক্ষ পূজাৰ প্ৰচলন চমকপ্ৰদ। মহেঞ্জদাৰো আৰু হৰপ্পাত প্ৰাপ্ত শিল-মোহৰে প্ৰমাণ কৰে যে প্ৰাক্ আৰ্য ভাৰতভূমিত বৃক্ষ পূজাই খোপনি পুতিছিল। বৃক্ষ পূজাৰ ভিতৰত তুলসী পূজাৰ কথা জয়জয়তে উল্লেখ কৰিব পাৰি। নৃত্যস্নানৰ পিছত তুলসীৰ গুৰিত পানী দিয়াটো পুণ্যৰ কাম। তুলসীৰ গুৰিত সদায় সন্ধিয়া চাকি জ্বলোৱা হয়। আন সময়ত নহ’লেও আহিন-কাতিৰ সংক্ৰান্তিৰ দিনা ভেটি কৰি তাত তুলসী পুলি ৰুই চাকি জ্বলাব লাগে। 

সমস্ত কাতি মাহটোতে এনেকৈ চাকি জ্বলোৱা প্ৰয়োজন। বটবৃক্ষত লক্ষ্মী দেৱীৰ নিবাস জ্ঞান কৰি তাৰ তলত বহুতে পূজা পাতে। শাৰদীয় দুৰ্গা পূজাত নৱবিধ বৃক্ষলৈ পূজা-অৰ্চনা আগবঢ়োৱা হয়। সেয়া হ’ল – কলগছ, কচু, হৰিদ্ৰা, জয়ন্তী, বেল, অশ্বখ, শ্ৰীবিষ্ণুৰ অধিষ্ঠিন। সেইবাবে এই গছৰ চাৰিওফালে ওখলৈ বেদী সজাই তাৰ গুৰিত পানী ঢালি-পূজা কৰা প্ৰয়োজন। যিকোনো পূজাৰ জল-পূৰ্ণ ঘটৰ মুখত পঞ্চ পল্লৱ দিয়াটো নিয়ম।এই পঞ্চ পল্লৱ হ’ল– আঁহত, আম, বট, জৰী আৰু যজ্ঞ ডিমৰু। পূজাৰ ঘটৰ মুখত গোটা নাৰিকল আৰু সিন্দূৰৰ ফোট দিয়া আমৰ ডালি নহ’লেই নহয়। 

বেলগছ শিৱৰ  অধিষ্ঠান। শাণ্ডিল্য গোত্ৰৰ ব্ৰাহ্মণে বেলগছক ইষ্ট দেৱতাৰূপে পূজা কৰে। বড়োসকলৰ মাজত সিজু পূজা বহুলভাৱে প্ৰচলিত। পুত্ৰহীন কোনো কোনো ব্ৰাহ্মণে আঁহত গছক পুত্ৰৰূপে প্ৰতিষ্ঠা কৰি লগুণ পিন্ধোৱা দেখা যায়। শংকৰ শিলিখা অসমীয়া বৈষ্ণৱ ভক্তৰ শ্ৰদ্ধাৰ বস্তু। বিয়া, পূজা আদিত শিলিখাৰ প্ৰয়োজন। কালিকা পূজাত নিমগছ লাগে। দাক্ষিণাত্যত নিম গছৰ পূজা অৰ্চনা আজিও অব্যাহত। অসমত বৰুণ গছকো পূজা কৰা হয়। ভূত-প্ৰেতৰ পৰা হাত সাৰিবলৈ বৰুণৰ খুটী নহ’লেই নহয়। বিহলঙনিৰে জাৰিলে ভূত-প্ৰেত আঁতৰে-গাৰ বিষ নাইকিয়া হৈ পৰে। শাওৰা গছত বনলক্ষ্মীয়ে বাস কৰে বুলি এটি লোকবিশ্বাস বৰ্তমান। কোনো কোনো ঠাইৰ অনা-অসমীয়া তিৰোতাই চিৰা ভজা, ভীম কল আৰু হাঁহ কণীৰে শাওৰা গছৰ তলত দেৱী গৰাকীক পূজা দিয়ে। চাহ বাগিচাৰ বনুৱাসকলে যি কৰম পূজা কৰে এক প্ৰকাৰৰ বৃক্ষ পূজাই। কৰম (চিকা মৰলীয়া) গছৰ ডাল এটি শোভাযাত্ৰা কৰি ৰাজহুৱা ঠাইত প্ৰতিষ্ঠা কৰি নৃত্য-গীতেৰে গোটেই নিশা সেই ডালটিক পূজা আগবঢ়ায়।

অৰ্জুন গছৰ ঔষধি গুণ বৰ্তমান। সেইবাবেই বোধহয় এইবিধ গছক পুৰণি কালৰে পৰা হেজাৰ জনে শ্ৰদ্ধাৰ্ণ আগবঢ়াই আহিছে। নাহৰ গছেও অসমীয়া মানুহৰ পৰা শ্ৰদ্ধা- ভক্তি পাই আহিছে। বজ্ৰভয় নিবাৰণাৰ্থে বহাগ বিহুত নাহৰৰ পাতত ‘দেৱ দেৱ মহাদেৱ নীলগ্ৰীব জটাধৰ’ মন্ত্ৰ লিখি চালৰ পানীপতাত খুচি থোৱাই তাৰ প্ৰমাণ। গোৱালপাৰা জিলাৰ বাঁহ-পূজা, কামৰূপৰ ভঠেলি, পাউৰাতোলা। প্ৰভৃতি উৎসৱ বাঁহ -পূজাৱেই লৌকিক ৰুপ বুলিব পাৰি। অসমত প্ৰচলিত গছ বিয়াকো এক প্ৰকাৰৰ বৃক্ষ পূজা বোলাত আপত্তি নাই। অসমৰ বিভিন্ন জনজাতিৰ মাজতো গছ পূজাৰ প্ৰচলন আছে।

(গ) আইসবাহ : সৰলচিতীয়া অসমীয়া ধৰ্মপ্ৰাণা নাৰীৰ ভক্তি বিগলিত অন্তৰৰ পৰা নিগৰি ওলোৱা, অসমীয়া লোক সাহিত্যৰ অন্যতম ঠাল আইসবাহবোৰৰ মাজেৰে তেওঁলোকৰ নাৰীসূলভ সৰল বিশ্বাস আৰু প্ৰগাঢ় ভক্তিৰ পৰিচয় পোৱা যায়। আইসবাহবোৰৰ অধিষ্ঠাত্ৰী দেৱী অম্বিকা চিণ্ডিকা ভৱানী কালিকা’ বা শীতলা হ’লেও এই আটাইবোৰ নামে একোটাই মাত্ৰ অৰ্থ সূচনা কৰে- সেয়া হ’ল দেৱী পাৰ্বতী। সেইবাবে পাৰ্বতীকে আইসবাহবোৰৰ অধিষ্ঠাত্ৰী দেৱী বুলি ক’ব পাৰি। 

গাঁৱত যেতিয়া বসন্ত ৰোগে বা অইন কোনো ৰোগে দেখা দিয়েহি তেতিয়া শীতলা দেৱীক মাতৃজ্ঞান কৰি অতি আপোনজন বুলি ভাবি একান্ত শ্রদ্ধা আৰু ভক্তি সহকাৰে নামবোৰৰ দ্বাৰা আহ্বান কৰা হয়। বসন্ত ৰোগে ভুমুকি মৰা গাঁও বা ৰোগীৰ ঘৰত আগলতি পাত বা নতুন কাপোৰেৰে ঢাকি কাঠৰ পীৰাৰ ওপৰত আঢ়ৈ চাউল আৰু বগা ফুল দি এখনি আসন আৰু আগত ধূপ-ধূনা নৈৱেদ্যদি তিৰোতাবোৰে ভক্তিভাৱে ৰোগী বা ৰাইজৰ মঙ্গলৰ স্তুতি-“মিনতি কৰে -আইকে প্ৰণাম কৰোঁ, দুই চৰণে ধৰোঁ। আইৰ চৰণত ভক্তি কৰি, সুখ সাগৰক তাৰো।’ কিন্তু আইসকলে ভাগৱতীক পাৰ্থিৱ যি বস্তুকেই উপচাৰ ৰূপে আগবঢ়াই সন্তুষ্ট কৰিব খোজে সেই বস্তুৱেই কিবা কাৰণে অপবিত্র, সেই কাৰণে পুৱা-গধূলি নাম পূজাৰে পুজিবলৈ দেৱীৰ ওচৰত আকুলি জনাইছে – “যেই বস্তু দিওঁ মাতৃ সেই বস্তু চুৱা। আপোনাৰ নামে মাতৃ আপুনি সন্তোষ হোৱা।।”

আইসবাহবোৰৰ পৰা আইসৌসিনীৰ ন ভনী বা বাৰ ভনীৰ কথা জনা যায় যদিও (সিপাৰে কোন যায় এ যাতেৰী লোক । নভনী বাৰ ভনীৰ নামক যাওঁ পাৰ কৰা মোক এ) আন কিছুমান নামত আকৌ শীতলা দেৱীৰ সাতভনীৰ কথাহে পোৱা যায়  (উজাই আহিলে আইৰে সাতোভনী)। 

আইসবাহবোৰৰ মাজেদি অসমীয়া সমাজ জীৱনৰ ঘৰুৱা চিত্ৰ প্ৰকাশ পোৱাৰ লগতে অসমীয়া জাতীয় বৈশিষ্ট্যও সুন্দৰকৈ ফুটি উঠিছে। ওচৰত থকা নদী, কপাহী কাপোৰ আদিৰ লগত অসমীয়া নাৰীৰ সম্বন্ধ আছে। সেয়েহে আইসবাহৰ মাজেদি বিৰিঙি উঠিছে কপাহী গামোচাৰ কথা আইৰ পাৱ মচা কপাহী গামোচা’ আৰু চিনাকি নদীৰ চিনাকি ঘটিৰবৰ্ণনা  ‘পিছলাৰ ঘাটতে আয়ে পানী তোলে, তামৰে কলসী লৈ।

আইসবাহবোৰ মূলত ভক্তিমূলক প্ৰশস্তি গীত হ’লেও ই একেবাৰে সাহিত্যক গুণ বিবৰ্জিত ৰচনা নহয়। গীতবোৰৰ মাজত থকা কল্পনাৰ বৈচিত্ৰ্য, ভাষাৰ লালিত্য আৰু প্ৰকাশভংগীৰ স্বচ্ছতাই ইয়াৰ সাহিত্যিক সৌন্দৰ্য বহুপৰিমাণে বঢ়াই তুলিছে। সেয়েহে অনুভৱৰ আন্তৰিকতা বুলিও দাবী কৰিব পাৰে।

(ঘ) লখিমী সবাহ : অসমীয়া মানুহৰ সংস্কৃতি আৰু বিশ্বাসৰ মধুৰ সমন্বয়ৰ সৃষ্টি হোৱা আন এটি অনুষ্ঠান হ’ল লখিমী সবাহ। হিন্দু ধর্মৰ পৰম্পৰাগত বিশ্বাস ধন আৰু ঐশ্বৰ্যৰ অধিকাৰিণী দেৱী গৰাকী আৰু লখিমী সবাহ অনুষ্ঠানৰ দেৱী গৰাকী একে শক্তিৰ অধিকাৰিণী লক্ষ্মী বা লখিমী বুলি জনা যায়। কিন্তু এটা কথা মন কৰিবলগীয়া যে লখিমী সবাহ অনুষ্ঠানৰ দেৱী গৰাকীক সেই অনুষ্ঠানৰ আচাৰ-নীতি, গীত-পদ আদিৰ দ্বাৰা এখন কৃষিজীৱী সমাজৰ দেৱী বুলিহে ধাৰণা কৰিব পাৰি। লখিমী সবাহ অনুষ্ঠানৰ বাবে নিৰ্দিষ্ট কোনো তিথি বা সময় নাই। সাধাৰণতে ব’হাগ- জেঠ মাহত খেতি আৰম্ভ কৰাৰ আগতে, নাইবা প্ৰথম খেতি চপোৱাৰ দিনা আৰু ঠাই পাইছে কেতিয়াবা খেতিৰ অনিষ্টকাৰী পোক-পৰুৱা আঁতৰাবলৈ এই অনুষ্ঠান পতা হয়। অৱশ্যে অসমৰ উজনি অঞ্চলতহে এই উৎসৱৰ প্ৰাদুৰ্ভাৱ বেছি। খৰালি মাহকেইটাত লক্ষ্মীদেৱীয়ে পথাৰত নাথাকি নৈত বা পানীত আশ্রয় লৈ বুলি এটি জনবিশ্বাস আছে। গতিকে এই উৎসৱৰ দিনা নৈৰ পৰা কুঁৱাৰপৰা পানী তুলি আনি লক্ষ্মী দেৱীৰ ঘটত স্থাপন কৰা হয়। খেতি চপোৱাৰ দিনা এই উৎসৱ পাতিলে প্ৰথম ধানৰ কাচিখন লগাবৰ দিনাই তিনি গোছা ধান কাটি আনি আগলি কলপাতত দি তামোল-পাণ, ধূপ-দীপ, নৈবেদ্য আদিৰে সেৱা জনাই আই লক্ষ্মী জ্ঞান কৰি নিকা ভঁৰালৰ স্থাপন কৰা হয়।

উজনি অসমত প্ৰচলিত এই লখিমী সবাহ অনুষ্ঠান হিন্দু আদৰ্শ আৰু আহোমসকলৰ লোকাচাৰৰ সংমিশ্ৰণত সৃষ্টি হোৱা যেন লাগে।এই উৎসৱত খাওখাম নামৰ আহোম দেৱতা এগৰাকীৰ উল্লেখে এই কথাক পতিয়ন নিয়ায়। কৃষিৰ লগত জড়িত এই উৎসৱটোৰ বৈশিষ্ট্য আমাৰ লোক-সংস্কৃতিৰ ইতিহাসত বিশেকভাৱে উল্লেখযোগ্য।

(ঙ) অপেশ্বৰী সবাহ : অজান কাৰণত বা কোনো ৰোগ -ব্যাধিৰ লক্ষণ নেদেখাকৈ সৰু ল’ৰা ছোৱালীৰ শৰীৰ শুকাই খীনাই গ’লে  ‘অপেশ্বৰীৰ দোষ’ লগা বুলি বিশ্বাস কৰা হয়। এই গৰাকী অপেশ্বৰা বা অপেশ্বৰী (অপ্সৰা/অপ্সৰী) ৰ নাম ‘শুকানী  অপেশ্বৰীই পোৱা’ কথাষাৰ গালি-শপনিতো ব্যৱহাৰ হোৱা শুনা যায়। এগৰাকী কিশোৰী উপযুক্ত বয়সত পুষ্পিতা নহ’লেও ‘অপেশ্বৰীৰ দোষ লগা’ বুলি ভাবি লোৱা হয়। জন বিশ্বাসমতে আকাশেদি উৰি যোৱা অপেশ্বৰীৰ ছাঁত কেনেবাকৈ ভৰি পৰিলে এনে দোষ লাগে। ইয়াৰ নিৰাময়ৰ বাবে কোনো এটা দেওবাৰে চোতালৰ মূৰত ফুলেৰে মড়ল সাজি ধূপ-ধূনা, শৰাই,বন্তি দি অপেশ্বৰা সবাহ পতা নিয়ম। অপেশ্বৰীক সন্তুষ্ট কৰিবলৈ তাত যিবোৰ গীত-পদ সুৰ ধৰি গোৱা হয় তাকেই অপেশ্বৰা সবাহৰ গীত বোলে। স্ততি প্ৰাৰ্থনামূলক এই গীতবোৰৰ সাংগীতিক আৰু কাব্যিক সৌন্দৰ্য অতি মনোৰম। উদাহৰণ– 

‘ফুলেৰে আসনে ফুলৰ বসনে এ আই

ৰভাতল আমোল মোলাই।

আই অপেশ্বৰী ফুলাম পাখিমেলি 

দেও দি পূজালৈ যায়।” 

‘সোণৰৈ অযুৰি ধুপে অপেশ্বৰী এ

ৰূপৰে অযুৰি থুপ।

আই অপেশ্বৰী তুতি কৈ মাতিছো

নামতে হৈবা সন্তোষ।।

(চ) শিলপূজা : শিল সম্বন্ধে বহুতো পুৰণি উপাখ্যান আৰু কিম্বদন্তী প্ৰচলিত। শিল দেৱতা আৰু-অপদেৱতাৰ বাসস্থান বুলিও ভবা হয়। অপ্সৰী আৰু মানুহ গোট মাৰি শিল হোৱা অনেক কাহিনী পুৰণি সাহিত্যত পোৱা যায়। এই কাহিনীবোৰৰ ভিতৰত বিখ্যাত কাহিনী হ’ল গৌতমৰ পত্নী আহল্যাৰ সম্বন্ধে। শ্ৰীশৈলধৰ ৰাজখোৱাই তেখেতৰ মনোৰম কবিতা এটিত ফুলৰা আৰু চাতলা দুজনী গাভৰু দুটি সৰু সৰু পাহাৰত পৰিণত হোৱাৰ কাহিনী বৰ্ণাইছে। মৃতকৰ পোতা ঠাইৰ ওপৰত জনজাতীয় লোকসকলে থিয় শিল পোতে। অসমীয়া বিবাহ, মৃত্যু আৰু শপত খোৱা অনুষ্ঠানত শিলৰ ব্যৱহাৰ আছে। অসমৰ শিলপূজা বিষয়ক ধৰ্ম সম্বন্ধীয় আৰু সামাজিক ভালেমান আছে। অসমৰ  শিলপূজা বিষয়ক ধৰ্ম সম্বন্ধীয় আৰু সামাজিক ভালেমান তথ্য -পাতি উদ্ধাৰ হ’বলৈ বাট চাই আছে।

(ছ) প্ৰকৃতি পূজা : প্ৰকৃতি বিভিন্ন ৰূপৰ সৌন্দৰ্য আৰু আশ্চৰ্য ক্ৰিয়া-কলাপত অভিভূত আৰু মুগ্ধ হৈ আদিম অৱস্থাৰ পৰা মানুহে এইবোৰক পূজা কৰি আহিছে। ঋকবেদৰ প্ৰায়বোৰ মন্ত্ৰই প্ৰকৃতিৰ স্তৱ। চন্দ্ৰ, সূৰ্য, গ্ৰহ, নক্ষত্ৰ, তৰা (পপীয়া তৰা) মেঘ, ৰামধনু, বতাহ, ধুমুহা (বৰদৈচিলা), ভূমিকম্প অতিবৃষ্টি, অনাবৃষ্টিৰ লগত অজস্ৰ পূজা-পাতল অলেখ বন্দনা গীতেৰে আমাৰ লোক-সাহিত্য সমৃদ্ধ। ওপৰত উল্লেখ কৰা প্ৰকৃতি পূজাৰ ভিতৰত অগ্নিপূজা প্ৰধান। ধৰ্ম আৰু সামাজিক অনুষ্ঠানত বিশ্বাসত (দেও-ভূত দূৰ কৰা, অমঙ্গল আঁতৰোৱা সতীত্ব আৰু সততাৰ পৰীক্ষাত , শাওপাতত ৰোগ নিৰাময়ত), কৃষি কৰ্মত (যেনে – পথাৰত বন্তি জ্বলোৱা), উৎসৱ আৰু খেল -ধেমালিত অগ্নিৰ বিশেষ ব্যৱহাৰ আছে। এই দিনৰ পৰা চাবলৈ গ’লে মাঘ বিহু প্ৰকৃততে অগ্নি পূজাহে। পৰ্বত-ভৈয়ামৰ মানুহৰ মাজত থকা অগ্নি সম্বন্ধীয় জনশ্ৰুতি এতিয়াও উদ্ধাৰ হোৱা নাই। এইবোৰ সংগ্ৰহ হ’লে অসমৰ অগ্নি পূজাৰ প্ৰাচীনত্বৰ বিষয়ে আলোচনা কৰিবলৈ সুচল হ’ব। 

৯। অসমীয়া জনসমাজত প্ৰচলিত কৃষিকেন্দ্ৰিক লোকাচাৰসমূহৰ ওপৰত এটি আলোচনা যুগুত কৰা। 

উত্তৰঃ অসমীয়া সমাজত কৃষি সম্বন্ধীয় অনেক লোকবিশ্বাস আৰু আচাৰ-অনুষ্ঠান আছে। কাতি বিহুত পথাৰত আৰু ভঁৰালত বন্তি জ্বলোৱা হয়।

চাউল মানুহৰ কেৱল খাদ্যই নহয়, ইয়াক মন্ত্ৰতো ব্যৱহাৰ কৰা হয়। অসমীয়া বিয়াত দৰা যেতিয়া কন্যা ঘৰলৈ আহে তেতিয়া দৰাক মুহিবলৈ অথবা তেওঁৰ পৰা অপদেৱতা দূৰ কৰিবলৈ চাউল ছটিওৱা আৰু চোবোৱাৰ প্ৰথা আছে।

ভঁৰালত শস্য সঞ্চয় কৰা সম্বন্ধেও অনেক বিশ্বাস আছে। কোনো কোনো মাহত আৰু দিনত ভঁৰালৰ পৰা ধান উলিয়াব নাপায়।

বৰষুণ নমাবলৈ আৰু বন্ধ কৰিবলৈ অসমীয়া বহুতো আচাৰ-অনুষ্ঠান আৰু মন্ত্ৰৰ প্ৰচলন মন কৰিবলগীয়া। পানী বিচাৰি নাইবা মাজে মাজে হোৱা বানপানী যাতে বন্ধ হয় তাৰ কাৰণে নিজৰা বা নদীক পূজা কৰে।

ধান দোৱা শেষ হোৱাৰ ঠিক পিছতেই অসমীয়াই ন-খোৱা ভোজ পাতে। এই আনুষ্ঠানিক ভোজ হৈ যোৱাৰ পিছতহে অসমীয়াই ন-খেতিৰ চাউল নিজে খাব পাৰে। মাঘ বিহু হ’ল খেতি চলোৱা উৎসৱ এই উৎসৱত তিল, চাউল, সৰিয়হ আদি ন-শস্য উচৰ্গা কৰি অগ্নিদেৱতাক তুষ্ট কৰা হয়। সেইদৰেই গছত প্ৰথম কল ধৰিলে তাৰে এটা ফল দেৱতালৈ উচৰ্গা কৰা হয়। আকৌ নতুনকৈ পোৱালি জগাই গাই গাখীৰ খীৰায়েই খেতৰ-খেতৰণীলৈ উচৰ্গা কৰা হয়।

কৃষিৰ সা-সঁজুলি বিশেষকৈ লোহাৰ আহিলা-পাতিৰ লগত বহু বিশ্বাস জড়িত। লোহাত ঐন্দ্ৰজালিক গুণ আছে বুলি মানুহৰ ধাৰণা। গতিকে কটাৰী, দা, বেজী আৰু কৃষিকৰ্ম, মাছ মৰা আহিলা , তাঁত শাল আদিত ব্যৱহৃদ অন্যান্য লোৰ চোকা আহিলা-পাতিৰ লগত মানুহৰ কিছুমান ধাৰণা আৰু বিশ্বাস জড়িত আছে। পৰিয়ালৰ কোনো লোকৰ মৃত্যু হ’লে মৃতকৰ সৎকাৰ আৰু শ্ৰাদ্ধ আদি যিজন লোকে কৰে তেওঁ হাতত এখন কটাৰী বা কোনো লোহাৰ চোকা সঁজুলি লগত ৰাখে। সন্তান জন্মৰ পিছত প্ৰসূতিৰ পাটীৰ লগত এখন কটাৰী থৈ দিয়া হয়।

অসমী বিবাহ উৎসৱৰ দিনবোৰত দৰা-কইনাই একোখন কটাৰী সদায় লগত ৰাখিব লাগে। বিধি কৰ্ম শেষ হৈ যোৱাৰ পিছত দৰা-কইনাই টেমী-কটাৰী সলোৱা কৌতুক আচাৰ পালন কৰা হয়। ভূত-প্ৰেতৰ পৰা ৰক্ষা পাবলৈ সাধাৰণতে নিশা গাঁৱলীয়া মানুহে কটাৰী দা সম্পৰ্কেও অনেক বিশ্বাস আছে। পূজাৰ বলি কটা দা মন্ত্ৰ মাৰি পূজা কৰা হয়। কালিকা পুৰাণত এনে মন্ত্ৰৰ উল্লেখ আছে। গাৰোসকলে খেতি-বাতিৰ আৰম্ভৰ আগতে দা-কটাৰী নৃত্য-গীতেৰে পূজা কৰে।

এইদৰে উৎসৱ-পাৰ্ৱণ, লোকগীত-লোকনৃত্য, লোকবিশ্বাস আদি অসমীয়া সংস্কৃতিৰ বিভিন্ন দিশ পৰ্যালোচনা কৰি চালে দেখা যায় অসমীয়া সংস্কৃতি মূলতঃ কৃষিজীৱী জীৱনৰ সংস্কৃতি । কৃষিক কেন্দ্ৰ কৰিয়েই অসমীয়া সংস্কৃতিৰ ভেঁটি প্ৰতিষ্ঠিত হৈছে ।

 ১০। জন্ম সম্বন্ধীয় আচাৰ-অনুষ্ঠান বা লোকবিশ্বাস বিষয়ে উদাহৰণসহ আলোচনা কৰা।

উত্তৰঃ বিবাহিতা নাৰী গৰাকী সন্তান সম্ভাৱা হোৱাৰ পাছৰ পৰাই অসমীয়া সমাজত কিছুমান আচাৰ-অনুষ্ঠান পালন কৰা হয়। নৱজাতক সন্তান সন্ততিৰ আগমনে স্বামী-স্ত্ৰীৰ যুৰিয়া জীৱনলৈ আশাৰ ৰেঙনি কঢ়িয়াই আনে। আনকি কেঁচুৱা বা শিশু নথকা গোটেই পৰিয়ালটোলৈয়ো আনন্দৰ বতৰা কঢ়িয়াই আনে। ঘৰখন আনন্দমুখৰ হৈ পৰে। এহাতে যেনেকৈ আনন্দ ভাঁহি আহে আনহাতেদি ঠিক তেনেকৈয়ে গৰ্ভৱতী নাৰী গৰাকীলৈ ভয়-শংকাও নামি আহে।

নাৰীগৰাকীয়ে গৰ্ভধাৰণ কৰাৰ লগে লগেই তেওঁ আৰু তেওঁৰ স্বামী গৰাকীয়ে কিছুমান নীতি-নিয়ম মানি চলে। বোৱাৰী গৰাকীক জীয়া মাছ বাছিবলৈ দিয়া নহয়,  কিয়নো জীয়া মাছ মাৰিব নাপায় বুলি বিশ্বাস কৰে। swami গৰাকীয়েও চৰাই-পশু আদি নেমাৰে। গৰ্ভৱতী নাৰী গৰাকী যাতে পুষ্টিহীনতা ৰোগত ভুগিব লগা নহয় তাৰ বাবে পুষ্টিকৰ আহাৰ খোৱাব লগা হয়। মানুহৰ মনত ধাৰণা আছে যে গৰ্ভৱতী নাৰী গৰাকীয়ে সন্তান গৰ্ভত থকা সময়ছোৱাত সজ চিন্তা, সজ কথা, সৎ আদৰ্শ পালন কৰিলে সন্তানটিও সজ আৰু আদৰ্শৱান হয়। লোক বিশ্বাস মতে গৰ্ভৱতী নাৰী চন্দ্ৰগ্ৰহণ আৰু সূৰ্য গ্ৰহণ লাগিলে বাহিৰলৈ ওলাব নেপায়।

সন্তান গৰ্ভধাৰণৰ পাঁচ মাহ হ’লে গৰ্ভৱতী নাৰীক পঞ্চামৃত খোৱায়। দধি-দুগ্ধ, ঘৃত, মধু খুওৱা হয়। কিয়নো গৰ্ভস্থ সন্তানে এই মাহৰ পৰাই মাকৰ গাখীৰ খাবলৈ আৰম্ভ কৰে।

গৰ্ভাৱস্থাত সন্তানৰ আঠমাহ বা ন মাহত কিছুমান আচাৰ ৰীতি মানি চলে। এইসময়ছোৱাত গৰ্ভৱতী নাৰীৰ কিছুমান বস্তু বা খাদ্য সামগ্ৰী খাবলৈ বৰ মন যায়। সেয়েহে এই সময়ছোৱাত গৰ্ভৱতীয়ে যি খাবলৈ মন কৰে তাক হেঁপাহ পলুৱাই খাবলৈ দিব লাগে বুলি লোক সমাজত বিশ্বাস প্ৰচলিত আছে।

জন্ম : অসমৰ লোক সমাজত সন্তান জন্ম হ’লে ভালেখিনি আচাৰ-অনুষ্ঠান পালন কৰা হয়। সন্তান প্ৰসৱ হ’বলৈ হ’লে গৰ্ভৱতী তিৰোতা গৰাকীক নিলগাই এটি নিজান কোঠাত শুবলৈ দিয়া হয়। পোৱাতীৰ লগত কেইবাগৰাকীমান বয়স্কা অভিজ্ঞ ধাই সদৃশ তিৰোতা লগত থাকি সন্তান প্ৰসৱ কৰা নীতি-নিয়মবোৰ কৰা হয়।

নবাগত কেঁচুৱাটি প্ৰসৱ হৈ পৃথিৱীত পৰাৰ লগে লগে সি কান্দিবলৈ ধৰে। তেতিয়া যদি সন্তানটি ল’ৰা এ তেন্তে মাতৃ গৰ্ভৰ পৰা জন্ম হৈ পৃথিৱীত পৰাৰ লগে লগেই ঘৰৰ বেৰত ঢকিয়াই দিয়া হয় আৰু বৰ কাঁহ ঘৰত নেথাকিলে কাঁহৰ কাঁহী বা বাটিকে টিং, টিং কৈ বজাই দিয়া হয়। যেন নৱজাতকটি জন্মৰ লগে লগে এফ ঢাক-ঢোলহে বাজি উঠিল; প্ৰতিপক্ষক মেন হুচিয়াৰ কৰি দিয়াহে হৈছে। 

(১) নাড়ী কটা : জন্ম হোৱাৰ লগে লগেই সন্তানটি কুহুমীয়া গৰম পানীৰে ধোঁৱাই পখলাই “পকা হয়। নাড়ীডাল কাটিবৰ কাৰণে গঞা ৰাইজে পৰিষ্কাৰ বুঢ়া বাঁহৰ চোঁচ ব্যৱহাৰ কৰে। আগলি কলাপাতত তামোল-পাণ দি নাড়ীডাল ছ আঙুল ৰাখি বাঁহৰ চোঁচনী চটাৰে নাড়ী কটা হয়। নাড়ীৰ কাটি পেলোৱা অৱশিষ্টখিনি দূৰত বাৰীৰ চুকত গাঁত এটা খান্দি পুতি পেলোৱা হয়। লগে লগে পোৱাতি গৰাকীক কুহুমীয়া গৰম পানীৰে গাটো-ধোঁৱাই দি পৰিষ্কাৰ নতুন কাপোৰ পিন্ধোৱা হয়। কেঁচুৱাটিকো কপাহৰ দৰে কোমল নতুন কাপোৰেৰে ঠাণ্ডা নলগাকৈ মেৰিয়াই দিয়া হয়। ঠাণ্ডা কালি বা জাৰ কালি পুঁৱাতীৰ ওচৰতে একুৰা জুই জ্বলাই দিয়া হয়। হঠাতে যেন ঠাণ্ডা নেলাগে।

(২) কচুজাল : সন্তান জন্ম হোৱা দুদিনৰ পাছত মানে তৃতীয়দিনা পোৱাতীৰ গা-লৈ-বল-শক্তি আৰু অগ্নি বল আহিবৰ বাবে বনৰীয়া কচু শাকৰ জোল দিয়া হয়। সন্তানৰ কচুজাল দিওঁতে আহোম, চুতীয়া, মিচিং, কছাৰী সকলে ডাঙৰ মতা কুকুৰা এটা ৰান্ধিবলৈ দিয়ে। ইয়াৰ লগতে বনৰীয়া মানে হাবিৰ কচু বিচাৰি কাটি আনি শাক বা তৰকাৰী হিচাপে মাংসৰ লগত ৰন্ধা হয়। তৰকাৰীত যথেষ্ট পৰিমাণে জালুক খুন্দি দিয়া হয়। তেতিয়া তৰকাৰীখন জ্বলা হয়। সেয়েহে এই খাদ্যক কচুজাল বুলি কোৱা হয়। কচুজাল সাধাৰণতে পোৱাতীৰ মাকক ৰান্ধিবলৈ দিয়া হয়। মাক নেথাকিলে তেনে ওচৰ সম্বন্ধীয় আন তিৰোতাকে ৰান্ধিবলৈ দিয়া হয়। কচুজাল খাবৰ বাবে কেইগৰাকীমান পোৱাতীৰ সৈতে থকা নাইবা আন আন বয়স্ক গোপিনীকো নিমন্ত্ৰণ কৰা হয়। লগতে সেইদিনা ঘৰৰ পৰিয়াল আৰু অঙহী-বঙহীয়েও কচুজালৰ আঞ্জাৰ ভাত খায়।

(৩) সন্তান বৰাজলৈ উলিওৱা : নৱজাতক কেঁচুৱাটিৰ লগত লাগি থকা কেঁচা নাড়ীডাল শুকাই সৰি নপৰালৈকে কেঁচুৱাটি ঘৰৰ ভিতৰতে ৰখা হয়। তাৰ পাছত কেঁচুৱাক বাজলৈ উলিওৱা হয়। এই বাজ বা বাহিৰলৈ উলিওৱাৰ বাবে এক আনুষ্ঠানিকতা আছে। এই অনুষ্ঠানকে বাজ ওলোৱা বোলে। বাজ ওলোৱা অনুষ্ঠানলৈ সাধাৰণতে কেইগৰাকীমান বয়স্ক বা বৃদ্ধা তিৰোতাক নিমন্ত্ৰণ কৰা হয়। তেওঁলোকক সাধাৰণতে গোপিনী বুলি কোৱা হয়। এই অনুষ্ঠান ঘৰৰ বাহিৰত মুকলি চোতালত ঘুৰণীয়াকৈ বৃত্তাকাৰে বহলকৈ, গোপিনী কেইগৰাকী বহে। পিঠাগুৰি, কল আদি প্ৰসাদ হিচাপে আগবঢ়াই দিয়া হয়। এগছি চাকি-বন্তি জ্বলাই ধূপ-ধূনা জ্বলোৱা হয়। বস্তিৰ পাছতে গুৱাপাণ অৰ্থাৎ তামোল-পাণ, দক্ষিণা আদি দিয়া হয়। তাৰ পাছতে প্ৰসাদ আগবঢ়াই আয়তী-গোপিনীসকলে আশীৰ্বাদ দিয়ে। পুত্ৰ-সন্তান হ’লে কেঁচুৱাৰ হাতত এযোৰ ধেনু-কাঁড় দিয়ে; আৰু সূৰ্যৰ ফালে মুখ কৰাই দিয়ে। কন্যা সন্তান হ’লে হাতত এযোৰ ফণি-আর্চি দিয়ে।

নীতি-নিয়মেৰে গোপিনীসকলে আশীৰ্বাদ দিয়ে। কিছুমানে কেঁচুৱাটি বাজলৈ উলিয়াওঁতে উৰুলি এজুকাও দিয়ে। গোপিনীসকলে বহাৰ পূবলৈ এখন পীৰা পাৰি তাত গামোচা এখন দি তাৰ ওপৰতে এটা শিলগুটি, এবাটি পানী, এগছ চাকি আৰু খেবৰ জুমুঠি এটাও থোৱা হয়।

সেইদিনা ঘৰ কেঁচা মাটিৰে মুচি পৰিস্কাৰ কৰা হয়। ঘৰৰ চৰু-কেৰাহী, বাচন-বৰ্ত্তন আদি চুচি মাজি-ধুই পৰিষ্কাৰ কৰা হয়। কাপোৰ-কানিবোৰ ধুই পৰিষ্কাৰ কৰা হয়। সেইদিনা পৰিষ্কাৰকৈ মাকে গা-পা ধোৱ আৰু কেঁচুৱাটিকো ধুৱাই-পখলাই মাক আৰু কেঁচুৱাক নতুন চোলা কাপোৰ পিন্ধোৱা হয়। মাকে কেঁচুৱাটিক লৈ পীৰাখনৰ চাৰিওফালে ঘূৰে। তাৰ পাছত কেঁচুৱাটিক তিনিবাৰ সূৰ্যটোলৈ চোৱায়। তাৰ পাছত পীৰাখনত মাকে শিল গুটিটোৰে খুন্দা এটা মাৰি শিলটো লাহেকৈ ওপৰত তিনিবাৰ ঘূৰাই দিয়ে। জুই লগাই দিয়া খেৰৰ জুমুঠিটোৰ ওপৰতো তিনিবাৰ ঘূৰাই দিয়ে। হয়তো এই প্ৰক্ৰিয়াৰ লগত জুইত পুৰি নমৰিবলৈ আৰু পানীত পৰি নমৰাৰ কল্পনা হয়তো জড়িত হৈ থাকিব পাৰে।

(৪) বিধিৰ লিখন : সন্তান জন্ম হোৱাৰ ছদিনৰ দিনা সন্তানটিৰ ভাগ্য বিধিয়ে বা বিধাতাই ৰচনা কৰে বুলি বিশ্বাস আছে। সেয়েহে সন্তান জন্মৰ ছদিনৰ দিনা পুৱাতীয়ে শুৱা কোঠাটো সুন্দৰকৈ কেঁচা-গোবৰ মাটিৰে মচি-কাচি পৰিষ্কাৰ কৰে। সেইদিনা কেঁচুৱাটিক শুৱনা মূৰ শিতানত এখন ডাঙৰ তামুলি পীৰা পাৰি তাৰ ওপৰত এখন নতুন গামোচা পাৰি দিয়া হয়। তাৰ ওপৰত এগছি চাকি জ্বলাই পীৰাখনৰ ওপৰত এখন নিলিখা বগা কাগজ আৰু এটা লিখিব পৰা কলম ৰখা হয়। লগতে এটা ঘট বা মাটি টেকেলিত এটেকেলি চাউল ভোজনী হিচাপে ৰখা হয়।

লোক সমাজত বিশ্বাস আছে বোলে সেইদিনাই হেনো কেঁচুৱা নৱজাতকৰ ভাগ্য বিধিয়ে লিখি দিয়ে। পাছদিনা সেই কাগজখন কলম ডাল লৈ গৈ দৈৱজ্ঞক দিয়েগৈ আৰু গণকে পঞ্জিকা চাই গণনা কৰি কেঁচুৱাটিৰ নামকৰণ কৰে।

(৫) পোৱাতীৰ পথ্যা-পথ্য : পোৱাতীৰ কোঠাটোত কেঁচুৱা  জন্মৰ দিনাৰে পৰা একুৰা কাঠ খৰিৰ জুই বা তুঁহ জুই লগাই থোৱা হয়। জুইৰ মাজে মাজে সৰিয়হ ছটিয়াই দিয়া হয়। সৰিয়হ জুইত পৰি ফুটিলে ভূত-পিশাচ আহিব নোৱাৰে বুলি বিশ্বাস আছে। পোৱাটিক কেঁচুৱা জন্মৰ পাছৰে পৰা জালুক পাতত দি শুকান ভাত খুওৱা হয়। ঔষধি জাতীয় ভেদাই লতা, দোৰোণবন, বনজালুক, মানিমুনি আদি পাতত দি তাৰে সৈতে ভাত খাবলৈ দিয়া হয়। ৰচুন খাবলৈও দিয়া হয়। কেঁচুৱাৰ গাত বা বচ গছৰ টুকুৰা এটা ৰখা হয়; কিছুমানে জেটুলি পকা কাঁইটৰ ডাল আনিও দুৱাৰ মুখত গুজি থয়; যাতে ভূত-প্ৰেত, আলষণী আদি আহিব নোৱাৰে। কেঁচুৱাৰ মূৰটো এঢলীয়া হৈ নাযাবৰ বাবে সৰিয়হৰ গুটিৰে গাৰু দিয়া হয়। 

(৬) শুদ্ধি সবাহ : কেঁচুৱাৰ নাড়ী সৰাৰ পাছত শুদ্ধি সবাহ আয়োজন কৰা হয়। কন্যা সন্তানৰ নাড়ী পোন্ধৰ দিনমানৰ  পাছতে সৰে। পুত্ৰ কেঁচুৱা হ’লে নাড়ী হসৰিবলৈ বিশ দিন মান লাগে। নাড়ী সৰিলে জন্মৰ পাছত বিশ একৈশ দিনমান পাছত শুদ্ধি সবাহ ঘৰৰ পৰিয়ালে ডাঙৰকৈ পাতে। গুৰ-গাখীৰ, কোমল চাউলৰ জলপানৰ আয়োজন কৰা হয়। পকাপন্থীৰ ভিতৰপকীয়া সকলে আকৌ সাঁজ-পানী বা লাওপানীৰ কলহ আৰু কুকুৰা মাংস গোটায়। মাহ-প্ৰসাদৰ শৰাই পাতি নাম কীৰ্ত্তন পতা হয়। মাহ-প্ৰসাদৰ শৰাই ভাঙি গাঁৱৰ ভকতসকলে আশীৰ্বাদ দি জলপান খাব। পকা পন্থীসকলে লাওপানী, কুকুৰাৰ মাংস খায়। কিছুমানে হাঁহ বা ৰাজহাঁহ মাৰি ভকতক চাউল মুঠিও খোৱায়। ভকত সাধু বা সাতোলাই শান্তি পানী দি শুদ্ধি কৰে।

সেইদিনা কেঁচুৱাৰ চুলি কটা হয়। চুলি কটা নাপিতক এটা ভোজনী দিয়া হয়। ভোজনীৰ লগত দান -দক্ষিণাও নাপিতক দিয়া হয়। এই কাৰ্যক কিছুমানে চুড়াকৰণ কৰাও বোলে। গাঁৱৰ কিছুমান লোকে কেঁচুৱাৰ সৰা নাড়ীৰ টুকুৰাটো বাকচত ভৰাই ৰাখে। এই শুকান  নাড়ীটো বিভিন্ন বেমাৰৰ সময়ত লাগে বুলি বিশ্বাস কৰে। আন কিছুমান আকৌ প্ৰথম খুড়াই পোলোৱা চুলিখিনি বেৰত মাটিৰ লগত মচি লিপিত খোৱাই ৰাখি দিয়ে। তেতিয়াহেনো ল’ৰা-ছোৱালীৰ চুলি ডাঠ কিচকিচীয়া ক’লা হয়গৈ। কিয়নো ডাঠ ক’লা চুলিকোহা সৌন্দৰ্যৰো প্ৰতীক।

এনেদৰেই কেঁচুৱাৰ জন্ম হ’লে অসমীয়া সমাজত আচাৰ-অনুষ্ঠান আদিম কালৰে পৰা প্ৰচলিত হৈ আহিছে।

শিশুৰ অন্নপ্ৰাসন : শিশু জন্মৰ পাছত অসমীয়া লোক সমাজত নামকৰণ, প্ৰথম চুলিকটা বা চুড়াকৰণ আদি অনুষ্ঠান অনুষ্ঠিত কৰে। এইবোৰ অনুষ্ঠানত শালে নীতি-নিয়ম পালন কৰা হয়। এই দুটা আচাৰ অনুষ্ঠানৰ  উপৰিও শিশুৰ অন্নপ্ৰাসন এটি লেখৰ অনুষ্ঠান। শিশুক পাঁচ-ছয় মাহৰ পৰাই মাকৰ গাখীৰৰ উপৰিও জুলীয়া বা পাতলীয়া আহাৰ খোৱায়; অৰ্থাৎ গাখীৰ, হৰলিকচ আদি খুওৱা হয়। সাত-আঠ মাহত চাণু, পিঠাগুৰি সিজোৱা বা লুথুৰী পিঠা আদি খুওৱা হয়।

ন-মাহত শিশুটিৱে গোটা আহাৰ বা ভাত খাব পৰা হয়। শিশুৰ ন-মাহ কাল হ’লে শিশুটিক প্ৰথম ভাত মুখত দিয়া কার্য আনুষ্ঠানিকভাৱে পতা হয়; ইয়াকে শিশুৰ অন্নপ্ৰাসন অনুষ্ঠান বোলে। শিশুৰ অন্নপ্ৰাসনত পঞ্চ-অমৃত (ঘিউ, মৌ, গাখীৰ, দৈ আৰু চেনি বা গুড়) মুখত দি ভাত মুখত দিয়া হয়। গাঁৱৰ কেইজনমান ভকত গোটাই আশীৰ্বাদ বা হৰিধ্বনি দিয়া হয়। শিশুৰ মুখত পোন প্ৰথম ভাত গৰাহ শিশুৰ মোমায়েকেই মুখত দিয়াৰ নিয়ম। অন্যান্য সকলেও শিশুৰ মুখত এতেপাকৈ ভাত দিয়ে। সেইদিনা হাঁহ-কুকুৰা, মাছ আদিৰে কেইবাখনো তৰকাৰী বা আঞ্জা ৰন্ধা হয়। মিতিৰ কুটুম, অঙহী-বঙহী, বন্ধু-বান্ধৱ আদিকো অন্নপ্ৰাসন অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰা হয়। অসমীয়া লোক সমাজত এইদৰেই অন্নপ্ৰাসনঅনুষ্ঠান অনুষ্ঠিত কৰা হয়।

১১। অসমীয়া লোক সমাজত প্ৰচলিত নোৱাই তোলনী বিয়াৰ লোকাচাৰসমূহৰ বিষয়ে আলোচনা কৰা ? 

উত্তৰঃ বিবাহ মানৱ জাতিৰ যুৰিয়া জীৱনৰ স্বপন জন্ম, মৃত্যু আৰু বিবাহ জীৱনৰ আটাইতকৈ ডাঙৰ ঘটনা। হিন্দু সমাজত বিবাহ কেইবা প্ৰকাৰৰ থাকে। সেইয়া হৈছে ৰাক্ষস বিবাহ, পৈশাচিক বিবাহ, গন্ধৰ্ব বিবাহ, আসুৰিক বিবাহ, ব্ৰাক্ষ বিবাহ, দৈৱ বিবাহ, আৰ্য বিবাহ, কাৰ্য্য বা প্ৰজাপতেয় বিবাহ।ব্ৰাক্ষ বিবাহত নানা জনপ্ৰিয় আচাৰ অনুষ্ঠান, পৰম্পৰা লোক বিশ্বাস জড়িত হৈ আছে। অসমত প্ৰচলিত এই ব্ৰাক্ষ বিবাহত বৈদিক পৰম্পৰাৰ উপৰিও নানান লোক পৰম্পৰা পালন কৰা দেখা যায়।

নোৱাই তোলনী বিয়া : 

চাওঁতে চাওঁতে ঘৰৰ কন্যা শিশুটি এদিন পাটগাভৰু  হয়গৈ। পাট গাভৰু ছোৱালীজনীৰ গাত যৌৱন কালৰ তেজ , বল আৰু সৌন্দৰ্য ফুটি উঠে। এদিন হঠাতে পাটগাভৰু ছোৱালীজনী প্ৰথম পুষ্পিতা হয়; মানে কন্যাকাল হয়।

ছোৱালীজনী প্ৰথম কন্যাকাল অৰ্থাৎ প্ৰথম ঋতুমতী হ’লে তাই ভয় আৰু বিস্ময়ত কান্দে; অৰ্থাৎ কি হ’ব কি নহ’ব বুলি অবাক হৈ পৰে। তেতিয়া ঘৰৰ মাক বা আন গম পালে লগে লগেই ওচৰৰে কেইগৰাকীমান আয়তী বা তিৰোতাক ঘৰলৈ মাতি আনে। কিয়নো কন্যাকাল হোৱা ছোৱালীয়ে চন্দ্ৰ-সূৰ্য্য দেখিব নেপায়। সেয়েহে লগে লগেই আছুতীয়াকে কোঠা এটা মচি লৈ তাত চাউল চিতা মাৰি ধান খেৰৰ বিছনা এখন পাৰে। ঘৰৰ খুড়ীয়েক, নবৌয়েক বা মাহীয়েক- পেহীয়েকহঁতে উৰুলি দি কন্যাকাল হোৱা ছোৱালীটিক উক্ত বিচনাত বহুৱাই থয়। লগে লগে এধাৰি মণি গোঁঠে। কোনোবাই পালে এটা ডালিম নাইবা তিনিটা ডিমৰু গুটি আৰু যদি তাকো নেপাল থাপতে পোৱা তামোল তিনিটাকে ঠানিৰে সৈতে আনে তাৰ পাছত মূৰৰ ছিগা চুলি দুডালমান আৰু ৰঙা-বগা এঁৱা সূতা মেৰিয়াই লৈ তাৰে মালাধাৰী পিন্ধাই দিয়ে। 

তাতো গামোচা এখনেৰে টোপোলা কৰি কনাই সাজে। ইতিমধ্যে এটা দিনত চাউল দি তাতে তামোল-পাণ দিয়ে আৰু মিঠা তেলৰ চাকি এগজ জ্বলাই দি কন্যাজনী শোৱা বিছনাখনৰ পূৱ মূৰত  ‘দুণৰি’ ঢৌ থয়। কন্যাজনীৰ হাতত  ‘কনাই’ ঢৌ ল’বলৈ দিয়ে। দুণৰিত চাকি গজ জ্বলি থাকে। আৰু মূৰ শিতানৰ দুণৰিৰ ওচৰতে এটা কাঁহৰ লোটাত পানী ভৰাই ডিঙিত এঁৱা সূতা মেৰিয়াই দি দুণৰিৰ কাষতে ৰাখে। কইনাজনী শোৱা বিছনাৰ তলতে এখন দা বা কটাৰী থৈ দিয়ে। লোটাটোত আমডালি দিয়ে। বিছনাখনত চাৰিওফালে চাৰিখুটি মাৰি দিয়ে। আয়তীসকলে পুষ্পিতা হোৱা ছোৱালীজনী আৰু কইনাজনীৰ হাতত  ‘কনাই’ ঢৌ হাতত লৈ থাকিবলৈ দি সকলো ঘৰাঘৰি যায়গৈ।

মাক-বাপেকে নাইবা মোমায়েক বা দদায়েক কোনোবাই কইনাকাল হোৱাৰ সময়টো জানি লৈ তামোল-পাণ আৰু দক্ষিণালৈ দৈৱজ্ঞৰ ওচৰত পুঞ্জিকা চোৱাবলৈ যায়গৈ। জ্যোতিষী বা দৈৱজ্ঞই ছোৱালীটিৰ কন্যাকালৰ সময়ৰ ওপৰত ভিত্তি কৰি ছোৱালীটিয়ে কি যোগ পালে তাক কৈ দিয়ে। কন্যাকালৰ যোগবোৰ হ’ল– ‘সুভগা’,’পতিব্ৰতা’,’দুৰ্ভগা’,পতিহিনা ইত্যাদি। ‘সুভগা’ আৰু ‘পতিব্ৰতা’ যোগ পালে ভাল বুলি ভাবে। যদি দুৰ্ভগা বা পতিহিনা যোগ পায় তেন্তে কিছু দোষ থাকিলে কন্যাটিয়ে সাতদিন, পোন্ধৰ দিন, এমাহ-ডেৰমাহ পৰ্য্যন্ত ব্ৰত পালন কৰিব লগা হয়।

কন্যাকাল হোৱা ছোৱালীটিয়ে প্ৰথম তিনিদিন মাত্ৰ সন্ধিয়া ভাগত ফলাহাৰহে গ্ৰহণ কৰিব পাৰে। ভাত নেখায়, অনাহাৰে থাকিব লাগে। গাখীৰ, ফল-মূল, মগু, বুট আদি ফলাহাৰ খাব পাৰে।

তিনিদিনৰ দিনা ৰাতি সধৱা তিৰোতাই ছোৱালীজনীৰ নাম কৈ আখৈ লাগে। সেইবাবে চাৰিদিনৰ দিনা কন্যাকাল হোৱা ছোৱালীটিৰ লগৰ-সমনীয়া ছোৱালী আৰু আয়তীসকল সেইদিনা পুৱাই আহি গোট খাইহি। বাৰীৰ পূবফালে পূৱ মুৱাকৈ তিনিডাল ইকৰাৰে এখন বেই সাজে; বেইৰ কাষতে আলুৰে সৈতে খান্দি অনা এটা লহপহীয়া কলপুলি ৰুই দিয়ে। বেইৰ তলত তামুলী পীৰা এখন পাৰি দিয়া হয়। বাটি থৈ দিয়া মাহ-হালধিৰ বাটিটোৰ লগত মিঠাতেলৰ বটল এটাও কাষতে থৈ দিয়ে। মাকে ছোৱালীজনীক ভিতৰৰ পৰা আচলত ধৰি উলিয়াই আনি বেইৰ তলত বহুৱাই দিয়ে। কন্যাকাল হোৱা ছোৱালীজনীক ঔবীজেৰে মূৰটো ধুৱাই দিয়ে।

তাৰ পাছত পুষ্পিতাৰ গাত মাহ-হালধি সানি দিয়ে। মূৰত তেল দিয়ে। আৰু তেতিয়াই আয়তীসকলে উৰুলি দিয়ে। তাৰ পাছত তেওঁক পাঁচ বা সাত কলহ পানী ঢালি গাটো ধুৱাই দিয়ে। মাহ-হালধি সানি পুষ্পিতাৰ লগতে ‘কানাই’ টোকো ধুওৱা হয়। বেইত তলতে গা-ধুই উঠি কন্যাই সূৰ্য্যলৈ চাই সেৱা কৰে, যাতে ওলোৱা-সোমোৱা দোষ খণ্ডন হয়। তাৰ পাছত পুষ্পিতাই বাৰীৰ তামোল এথোক লৈ চায়। তাৰ পাছত মাক আৰু আয়তীলৈ চায় আৰু সেৱা কৰে। কন্যাই দৰা সজোৱা কলপুলিটোক এধাৰ মণি পিন্ধাই দিয়ে। তাৰ পিছত কলপুলিৰ গাত মাহ-হালধি কলপুলিটোৰ গুৰিত পানী ঢালি দিয়ে।

‘হৰগৌৰী বসতি হওক’ বুলি কৈ আয়তীসকলে কন্যাক আশীৰ্বাদ দিয়ে। পুষ্পিতা কন্যাটিক মুগাৰ ৰিহা-মেখেলা পিন্ধাই দি বেইৰ তলৰ পৰা ভিতৰৰ কোঠা এটাত চাউল ছটিয়াই পাটী এখন পাৰি বহুৱাই দিয়ে।

সাতদিন, নদিন বা এঘাৰ দিনৰ দিনা নোৱাই তোলনি বিয়া পাতে। যদি শনি বাৰ বা মঙ্গলবাৰে বিয়াৰ দিন পৰে তেন্তে অমঙ্গলীয়া বাৰত নেপাতি আন আন বাৰত পতা হয়। সাত দিন বা ন দিনৰ দিনা তোলনি বিয়াৰ দিন মাকে ৰাতিপুৱাই কন্যাকাল হোৱা ছোৱালীটিক গা-ধুৱায়। ঘৰ-দুৱাৰ মচি-কাছি পৰিস্কাৰ কৰে। চাৰিদিনীয়া গা-ধুওৱাৰ পাছত পাৰি দিয়া বিছনা-কাপোৰ তিয়াই- বোৱাই পৰিষ্কাৰ কৰা হয়।

ঘৰৰ চোতালত এখন সৰুকৈ ৰভাও দিয়া হয়। বৰষুণ পৰিব নোৱাৰাকৈ এখন টিৰপালো ৰভাখনত তৰি দিয়া হয়। বাৰীৰ চৌহদত ঘৰৰ পূৱ মূৰত চাৰিটা কলপুলি পুতি কল পটুৱাৰে দৌলটোৰ দৰে ওপৰলৈ জোঙাকৈ এখন ৱেই দিয়া হয়। বেইখন কলগছৰ টুকুৰা আৰু বাঁহ দি বেইৰ তলত এখন চাং, মাটি ঢাকি পতা হয়। বেইখনৰ তলত এযোৰ তামোল-পান আৰু এটা কণীও পুতি দিয়া হয়; কিয়নো কণী হ’ল প্ৰজননৰ প্ৰতীক। বেইখনৰ চাৰিওফালে কলপুলিত আমডালি আঁৰি দিয়া হয়। বেইখনৰ পূবলৈ এটা লহপহীয়া হৃষ্ট-পুষ্ট কলপুলি পোতা হয়।

নোৱাই তোলনি বিয়াৰ আগদিনা ৰাতি গাঁৱৰ লগ-সমনীয়া জীয়ৰী আৰু বোৱাৰীহঁতে আহি কইনাক ৰখে। দুই-তিনিদিনৰ আগৰ পৰাও কন্যাক ৰখাৰ নিয়ম আছে। আগৰাতি নিশা-দুপৰলৈকে জীয়ৰী -বোৱাৰীসকলে বিয়া ৰখি বিয়া নাম গায়; নাচে আৰু ফুৰ্তি কৰে।

নোৱাই তোলনি বিয়ালৈ কন্যা ঘৰৰ পৰিয়ালে গাঁৱৰ ওচৰ-চুবৰীয়া প্ৰতিঘৰৰ আই সকলক আৰু জীয়ৰী-বোৱাৰীসকলক ঘৰে ঘৰে একোটাকৈ তামোল-পাণ দি মাতে। বিয়াৰ দিনা গাঁৱৰ আয়তীসকল আৰু জীয়ৰী-বোৱাৰী সকলেৰে বম্যাৰ ঘৰ ভৰি পৰে। মিতিৰ-কুটুম, মাহী, পেহী-মামী আদি সকলোৱে আহি কন্যা ঘৰৰ ৰভাতল নধৰা হয়। এক উৎসৱ মুখৰ পৰিবেশৰ সৃষ্টি হয়।

সেইদিনা দিনত আয়তীসকলে আৰু জীয়ৰী-বোৱাৰী সকলে বিয়া নাম গাই ওচৰৰে নদী বা পুখুৰীৰ পৰা কন্যায় গা-ধোৱাবলৈ নাম – গুণ গাই পানী তুলি আনে। লগত দুলনী-কলচি লৈ যায়। পানী তুলি অনাৰ পাছত কণ্যাটিক মাকে আঁচলত ধৰি ঘৰৰ ভিতৰত পৰা আনি গা-ধোৱাবলৈ বেইৰ তলত বহুৱাই দিয়ে; মূৰত তেল দিয়ে, কইনাক ঢালি কইনাক গা-ধোঁৱায়। কন্যা নোৱাওঁতে বেইৰ চাৰি কাষে বেৰিলৈ আয়তীসকলে জাত-পাত বিয়া নাম গায়। গা-ধোৱা হ’লে কইনাই তিতা তিয়নীয়ে গা-ধোঁৱাৰ পাছত সূৰ্য্যলৈ চাই সেৱা কৰে। তাৰ পাছত কইনাই বেইৰ সন্মুখত থকা কল পুলিটোক মাহ-হালধি সানি ধোঁৱাই দিয়ে। আৰু কলপুলিটোক সেৱা কৰি আখৈ এমলা আৰু পিঠাগুৰি এমলা দি মাকৰ হতুৱাই  ‘আমসাৰ’, ‘চাকিসাৰ’ দিয়াই প্ৰমাণ কৰে। তাৰ পাছত নতুন পাটৰ বা মুগাৰ কাপোৰ এজোৰ পিন্ধাই কইনাক ৰভাতললৈ লৈ অনা হয়।

ৰাভাৰ তলত মড়লৰ কাষত নতুন পাটী-পাৰি বহুৱাই দিয়া হয়। নতুন মুগাৰ বনকৰা কাপোৰেৰে সজাই পৰাই তেল-সেন্দুৰৰ ৰেখাৰে কইনা সজোৱা হয়। কইনাৰ হাতত আখৈ এবাটিত কানাইটো বহুৱাই ছোৱালীৰ কোচত দিয়া হয়। প্ৰথমে মাকে সোণৰ আঙুঠি বা ৰূপৰ টকা এটা কইনাৰ হাতত দি  ‘কানাইটো’ নিজৰ কোচলৈ লয় আৰু আকৌ কইনাৰ কোচত দিয়ে। এইদৰে তিনিবাৰ কৰে। আখৈখিনি মাকৰ কোচত দিয়ে। তাৰ পাছত এইবাৰ পিঠাগুৰিৰ মলাটোত কানাইটো থৈ মলাটো কইনাৰ হাতত দিয়ে। এইবাৰ কানাইটো ল’বলৈ নবৌয়েক, খুড়ীয়েক, মাহীয়েকহঁত এগৰাকীৰ পাছত এগৰাকী কৈ আহে। প্ৰত্যেকেই এটকা-দুটকা দি কানাইটো তিনিবাৰ লৈ শেষত আখৈ আৰু পিঠাগুৰি কানাইৰে সৈতে কোচত বাকি দিয়ে। কানাইটো প্ৰত্যেকেই লওঁতে পিছফালৰ পৰা আন এজনীয়ে পিঠাগুৰি সানি ধেমালি কৰি হাঁহে। কোচত লৈ অনা আকৈ আৰু পিঠাগুৰিখিনি নেখাই দুখীয়া দৰিদ্ৰক দান দিয়া হয়। 

কন্যা গৰাকীয়ে তিনিজনী বা পাঁচজনী আয়তীৰ কপালত সেন্দুৰৰ ফোট দিয়ে। সকলোৱে কানাই লৈ অতোৱাৰ পাছত কন্যাকাল হোৱা ছোৱালীটিয়ে কোচত কেঁচুৱাটিৰ দৰে কানাই লৈ চুমা খাই তেওঁৰ হাতত পিঠাৰ লাভূ এটা দিয়ে। তাৰ পাছত কন্যাই আয়তীসকলৰ ওচৰত মূৰ দৌৱাই আশীৰ্বাদ ল’লে। ৰাইজেও কুশল -মঙ্গল কামনা কৰি আশীৰ্বাদ লয়। ৰাতিলৈ গাঁৱৰ কেইজনমান ভকত মাতি আনি খোৱা-খোৱনী ভাঙে জীয়ৰীসকলে ৰাতি লগ লাগি ভোজ ভাত খায়। আনন্দ কৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top