Axamiya Godhor Chaneki Unit 3 অৰুনোদই যুগৰ অসমীয়া গদ্যঃ নির্বাচিত পাঠ

Axamiya Godhor Chaneki Unit 3 অৰুনোদই যুগৰ অসমীয়া গদ্যঃ নির্বাচিত পাঠ, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Axamiya Godhor Chaneki Unit 3 অৰুনোদই যুগৰ অসমীয়া গদ্যঃ নির্বাচিত পাঠ Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Axamiya Godhor Chaneki Unit 3 অৰুনোদই যুগৰ অসমীয়া গদ্যঃ নির্বাচিত পাঠ Question Answer can be of great value to excel in the examination.

Axamiya Godhor Chaneki Unit 3 অৰুনোদই যুগৰ অসমীয়া গদ্যঃ নির্বাচিত পাঠ

Join Telegram channel

Table of Contents

Axamiya Godhor Chaneki Unit 3 অৰুনোদই যুগৰ অসমীয়া গদ্যঃ নির্বাচিত পাঠ Notes cover all the exercise questions in UGC Syllabus. Axamiya Godhor Chaneki Unit 3 অৰুনোদই যুগৰ অসমীয়া গদ্যঃ নির্বাচিত পাঠ The provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

অৰুনোদই যুগৰ অসমীয়া গদ্যঃ নির্বাচিত পাঠ

ASSAMESE

অসমীয়া গদ্যৰ চানেকি (ক)

● ‘জাকিৰ জাত্ৰা’ৰ অংশ (অৰুনোদইৰ পৰা)

● অসমীয়া লৰাৰ মিত্ৰ (সোনতকৈ শ্ৰম ভাল’ অংশ) (আনন্দৰাম ঢেকিয়াল ফুকন)

(ক) ‘জাত্ৰিকৰ জাত্ৰাৰ অংশ

(অৰুনোদইৰ পৰা

অতি চমু প্রশ্নোত্তৰঃ

১। ‘অৰুণোদই’ কাকত কিমান চনত প্ৰকাশ হয়?

উত্তৰঃ ১৮৪৬ চনত। 

২। ‘অৰুণোদই’ৰ প্ৰথম সম্পাদক কোন? 

উত্তৰঃ ড° নাথান ব্ৰাউন।

৩। ‘Pilgrim’s Progress’ গ্ৰন্থখন কি নামেৰে অনুবাদ কৰা হয়?

উত্তৰঃ যাত্ৰিকৰ যাত্ৰা।

৪। ‘যাত্ৰিকৰ যাত্ৰা’ কোন শ্ৰেণীৰ ৰচনা?

উত্তৰঃ উপন্যাসধৰ্মী।

৫। নিউটেষ্টামেন্ট কোনে অসমীয়ালৈ ভাঙনি কৰে?

উত্তৰঃ নাথান ব্ৰাউনে।

৬। আধুনিক অসমীয়া গদ্য সাহিত্যৰ প্ৰাৰম্ভিক স্তৰৰ নিদর্শন ক’ত পোৱা যায়?

উত্তৰঃ আত্মাৰাম শৰ্মাৰ ‘ধর্মপুস্তক’ত পোৱা যায়। 

৭। ‘ ধর্মপুস্তক’ পুথিখনি কিমান চনত আৰু ক’ৰ পৰা প্ৰকাশিত হৈছিল?

উত্তৰঃ ১৮১৩ চনত আৰু শিৱসাগৰৰ মিছনেৰী প্ৰেছৰ পৰা।

৮। অৰুণোদই যুগৰ দুজন অদৃষ্টীয়ান লেখকৰ নাম লিখা।

উত্তৰঃ আনন্দৰাম ঢেকিয়াল ফুকন আৰু হেমচন্দ্ৰ বৰুৱা। 

৯। অৰুণোদইৰ প্ৰভাৱমুক্ত দুজন লেখকৰ নাম লিখা।

উত্তৰঃ দ্ৰুতিৰাম হাজৰিকা আৰু দীননাথ বেজবৰুৱা।

১০। অৰুণোদই যুগৰ গদ্যৰীতিৰ দুটা বৈশিষ্ট্য লিখা।

উত্তৰঃ অৰুণোদই যুগৰ গদ্যনীতিৰ দুটা বৈশিষ্ট্য হ’ল—

(ক) ইংৰাজী গদ্যৰ ঠাঁচৰ প্ৰয়োগ। 

(খ) শিথিল আখৰ জোঁটনি আৰু অসমীয়া কথিত গদ্য ৰীতি। 

১১। যোচেফৰ কাহিনী আৰু যীশুখৃষ্টৰ জীৱনী কাৰ ৰচনা?

উত্তৰঃ ব্ৰাউনৰ।

১২। Grammatical Notices of the assamese Language ব্যাকৰণবিষয়ক এইখন কাৰ ৰচনা?

উত্তৰঃ নাথান ব্ৰাউন (১৮৪০)।

১৩। নাথান ব্ৰাউনে ছপাই উলিওৱা দুখন পুথিৰ নাম লিখা।

উত্তৰঃ কাশীনাথ তামুলী ফুকনৰ— অসম বুৰঞ্জী। বকুল কায়স্থ— গণিত পুথি ।

১৪। প্রাচীন অসমীয়া গদ্য নিদর্শন ক’ত পোৱা যায় বুলি পণ্ডিতসকলে মত প্রকাশ কৰিছে?

উত্তৰঃ আমবাৰীৰ খনন কাৰ্যত উদ্ধাৰ হোৱা শিলালিপি (১২০২ খ্রীঃ) আৰু নগাঁও ডবকাৰ ওচৰত ‘গাছতল’ নামে ঠাইত উদ্ধাৰ হোৱা শিলালিপি (১০৬২ খ্রীঃ)ত।

১৫। ১৬১৬ চনত চামধৰা গড়ৰ ফলিতেই পোনপ্ৰথমে সংস্কৃত ভাষাৰ সলনি অসমীয়া গদ্যৰ ব্যৱহাৰ হয় বুলি কোনে মত প্রকাশ কৰিছে?

উত্তৰঃ ড° মহেশ্বৰ নেওগে।

১৬৷ অৰুণোদই যুগৰ সমস্ত সাহিত্যৰাজিক কেইটা উপবিভাগত ভাগ কৰিব পৰা যায়? 

উত্তৰঃ তিনিটা।

১৭। অৰুণোদই যুগৰ সাহিত্যৰাজিৰ ভাগ কেইটা উল্লেখ কৰা। 

উত্তৰঃ অৰুণোদই যুগৰ সাহিত্যৰাজিৰ ভাগ কেইটা হ’ল—

(ক) ১৮২৬ৰ পৰা ১৮৪৬ লৈ প্ৰাক-অৰুণোদই স্তৰ।

(খ) ১৮৪৬ৰ পৰা ১৮৭৩ লৈ অৰুণোদই স্তৰঃ অসমীয়া ভাষা-সাহিত্য প্ৰতিষ্ঠাৰ স্তৰ। 

(গ) ১৮৭৩ৰ পৰা ১৮৮৮ চনলৈ আধুনিক অসমীয়া ভাষা-সাহিত্য প্ৰতিষ্ঠাৰ স্তৰ।

চমু আৰু ৰচনাধর্মী প্রশ্নোত্তৰঃ

১। অৰুণোদয়ৰ গদ্যৰীতি সম্পর্কে এটি আ দাঙি ধৰা। 

উত্তৰঃ অসমীয়া গদ্যৰীতিৰ বিকাশ আৰু পৰিপুষ্ঠিত সামাজিক, ৰাজনৈতিক, সাহিত্যিক আদি আন্দোলনৰ প্ৰভাৱ আৰু যুগ চেতনাই সহায় কৰিছে। খৃঃ ষোড়শ শতিকাৰ পৰা ঊনবিংশ শতিকাৰ আৰম্ভণিলৈকে অসমীয়া গঢ়াৰ এটি অবিচ্ছিন্ন প্রবাহ বৈ আহি ব্ৰিটিছে অসম অধিকাৰ কৰাৰ লগে লগে এই প্ৰৱাহটো বন্ধ হৈ যায়। এই গদ্যৰ প্ৰৱাহ প্ৰধানকৈ দুটা শাখাত প্ৰৱাহিত । এটা ধর্মীয় বিষয়বস্তুৰ বাহনৰূপে আৰু আনটো ৰাজনৈতিক আৰু ব্যৱহাৰিক বিষয়বস্তুৰ প্ৰকাশৰ মাধ্যমৰূপে। প্ৰথমটোত আছিল ছন্দোপম ঠাঁচ আৰু কৃত্ৰিম গাম্ভীর্য। এই গন্যৰীতি গীতা, ভাগৱত, ৰামায়ণ আদি গ্ৰন্থৰ উপযোগী বাহনৰূপে ধৰ্মীয় সমাজত প্ৰতিভাত হৈছিল যদিও জনসাধাৰণৰ কথিত ভাষাৰ পৰা অলপ আঁতৰ আছিল। দ্বিতীয়তো গদ্যৰীতি, বুৰঞ্জী, পেৰাকাকত, ঔষধৰ পুথি আদিত ব্যৱহাৰ হোৱা দেখা যায়। এই গদ্য কথিত ভাষাৰ ওচৰচপা। সেয়ে কৃত্ৰিম গাম্ভীৰ্যই ইয়াৰ গতি আড়ষ্ট কৰা নাই। মানৰ আক্ৰমণৰ পৰা আৰম্ভ কৰি ব্ৰিটিছ ৰাজত্বৰ সময়ছোৱালৈ অসমীয়া মানুহে পোৱা বৰ্বৰতাৰ পৰা অসমীয়াই সকাহ পালে যদিও ৰাজনৈতিক, সামাজিক ক্ষেত্ৰত সুদূৰপ্ৰসাৰী পৰিৱৰ্তনৰ সূচনা হ’ল। 

এনে নতুন পৰিৱেশ আৰু পৰিবৰ্তনত পুৰণি গদ্যই অনুকূল পৰিবেশ নাপাই মৃত্যুমুখলৈ আগবাঢ়িল খৃষ্টৰ বাণীসমূহ লৈ খৃষ্টধৰ্ম প্ৰচাৰ কৰিবলৈ অহা আমেৰিকান খ্ৰীষ্টান বেপ্টিষ্ট মিছনেৰীসকলে অসমীয়া ভাষাৰ দুৰৱস্থা দেখি ‘অৰুণোদয়’ নামে মাহিলী আলোচনী এখন প্ৰকাশ কৰে। এইখনৰ জৰিয়তে অসমৰ স্কুল-আদালতৰ পৰা উঠাই দিয়া অসমীয়া ভাষা পুনৰ প্ৰতিষ্ঠা কৰিবলৈ অহোপুৰুষাৰ্থ কৰে। ১৮৪৬ চনৰ পৰা ১৮৮২ চনলৈকে প্ৰকাশ কৰে। ‘অৰুণোদয়’ প্ৰকাশৰ পৰাই আধুনিক অসমীয়া গদ্যৰ প্ৰকৃত আৰম্ভণি হয় বুলি ক’ব পাৰি। তাৰ আগতেই অৱশ্যে বাইবেলত গদ্য ভাঙনি আৰু দুই এখন গদ্যপুথি ৰচিত হৈছিল। কিন্তু ‘অৰুণোদয় ‘ৰ প্ৰৱন্ধৰ ধাৰাই গদ্যক, ঐহিক আৰু পাৰত্ৰিক, বিজ্ঞান আৰু দৰ্শনৰ স্বাভাৱিক বাহনৰূপে সুপ্রসিদ্ধ কৰে । মিছনেৰীসকলে প্ৰৱৰ্তন কৰা গদ্যৰীতি উজনি অসমৰ কথিত ভাষাক ভেটি কৰিয়েই গঢ় লয়। উজনি অসমতে প্রথমতে জয়পুৰ আৰু তাৰ পিছত শিৱসাগৰ মিছনেৰীসকলৰ প্ৰচাৰৰ কেন্দ্ৰস্থান হোৱাত আৰু তৃতীয়তে আহোম যুগৰ গদ্য বুৰঞ্জীসমূহো উজনি অসমৰ কথিত ভাষাত ৰচিত হোৱা দেখা পাই স্বাভাৱিকতে উজনিৰ কথিত ভাষাকেই গদ্যৰীতিৰ আদৰ্শ হিচাপে গ্ৰহণ কৰে। মিছনেৰীসকলে যি গন্য লিখিছিল সেই গদ্য সৰল আৰু উচ্চাৰণ অনুগামী আছিল। 

তেওঁলোকৰ কাবিন্যাসৰ প্ৰণালী উচ্চাৰণ অনুগামী আছিল। শ, ষ, স এই তিনিটাৰ পৰিবৰ্তে কেৱল দস্তা স ব্যৱহাৰ কৰিছিল। দীর্ঘ ঈ-কাৰ আৰু দীৰ্ঘ ঊ-কাৰ প্ৰয়োগ কৰা নাছিল আৰু চ ছ দুটাৰ পৰিৱৰ্তে কেবল ‘চ’ প্ৰয়োগ কৰিছিল। যুক্ত ব্যঞ্জনবোৰ প্ৰায়ে ভাঙি ভাঙি মাজত একোটি স্বৰবৰ্ণ বহুৱাই সৰল কৰি প্ৰয়োগ কৰিছিল।

মিছনেৰীসকলে যদিও অসমীয়া ভাষ পুনৰ উদ্ধাৰ আৰু প্ৰতিষ্ঠাত আগভাগ লৈছিল, তেওঁলোকে অসমীয়া ভাষাৰ বাহ্যিক ৰূপটোহে আয়ত্ত কৰিছিল। অসমীয়া ভাষাৰ জতুৱা ঠাঁচ, শব্দৰ উপযুক্ত প্রয়োগ আৰু বাক্য বিন্যাস প্ৰণালীৰ আয়ত্ত কৰিব পৰা নাছিল। অসমীয়া ভাষাৰ আত্মাৰ লগত তেওঁলোকৰ ঘনিষ্ঠ পৰিচয় হোৱা নাছিল। তেওঁলোকৰ বাক্য ৰচনাৰ ঠাঁচ ইংৰাজী বাক্যৰীতিৰ দ্বাৰা প্ৰভাৱান্বিত। তেওঁলোকৰ ভাষা বিশুদ্ধ নহ’লেও ভালকৈ মাত নুফুটা সৰু ল’ৰাৰ ঠানাক ঠুনুক মাতৰ ভাষাৰ সৰলতা আৰু মধুৰতা বিদ্যমান এই যুগৰ স্বনামধন্য অসমীয়া লিখক আনন্দৰাম ঢেকিয়াল ফুকনৰ ভাষাত ইংৰাজী গদ্য ঠাঁচৰ প্ৰভাৱ দেখা যায়। তেওঁৰ বাক্য ৰচনাৰ প্ৰণালী ইংৰাজী বাক্যৰ দ্বাৰা প্ৰভাৱান্বিত হ’লেও তেওঁৰ লিখনিত শব্দৰ উপযুক্ত প্রয়োগ আৰু বাক্য বিন্যাস ৰীতিৰ বিশুদ্ধ প্ৰয়োগ দেখা যায়। বর্ণবিন্যাস ৰীতিত ফুকনে মিছনেৰীসকলক অনুসৰণ কৰিছিল। অসমীয়া গদ্যই ঢেকিয়াল ফুকনৰ ৰচনাত শক্তিমত্ত্ব আৰু ওজাম্বিতাৰ পৰিচয় নিবলৈ সক্ষম হয়।

ইংৰাজী ঠাঁচ আৰু অসমীয়া বাক্য বিন্যাসৰ সমন্বয়ে ফুকনৰ ভাষাক শক্তিশালী কৰিছে। যুক্তিনিষ্ঠ মনৰ স্বাভাৱিক শৃংখলাই তেওঁৰ বাক্য গঠনত পৰিপাটিতা আৰু স্বদেশ প্ৰেমৰ আবেগ ভাষাক প্রাণময়তা দান কৰিছে। কিন্তু যৌগিক বাক্য ৰচনাৰ ঠাঁচটো ইংৰাজী বাক্য ৰীতিৰ দ্বাৰা প্ৰভাৱান্বিত সেই বিষয়ে সন্দেহ নাই।

মিছনেৰীসকলৰ শিথিল আখৰ জোঁটনি আৰু অসমীয়া কথিত গদ্য ৰীতিত নিহিত থকা ত্ৰুটিবোৰ আঁতৰ কৰি হেমচন্দ্ৰ বৰুৱাই অসমীয়া গণ্যক এটি স্থিৰ ৰূপ দি স্থায়ী ভেটিত প্ৰতিষ্ঠা কৰে। মিছনেৰীসকলে আখৰ জোঁটনিৰ প্ৰধান দোষ, শব্দৰ ব্যুৎপত্তিগত মূল নিৰ্ণয় আৰু লিংগ নিৰ্দ্ধাৰণ আদিৰ ক্ষেত্ৰত এই ৰীতিয়ে অসুবিধাৰ সৃষ্টি কৰিছিল। উচ্চাৰণৰ ওপৰত নিৰ্ভৰ কৰি লিখিবলৈ গ’লৈ শব্দৰ স্থিৰ আৰু স্থায়ী ৰূপ নোহোৱা হৈ পৰে আৰু বহুকেইটা বৰ্ণৰ প্ৰয়োগ নোহোৱা হৈ পৰে। সেয়ে হেমচন্দ্ৰ বৰুৱাই আখৰ জোঁটনিৰ ক্ষেত্ৰত বহুলাংশে সংস্কৃত নিয়ম মানিছিল আৰু সংস্কৃত আৰ্হিত অসমীয়া ভাষাৰ ব্যাকৰণ ৰচনা কৰি বৈজ্ঞানিক ভেটিত অসমীয়া ভাষাক স্থাপন কৰিছিল।

অৰুণোদইৰ গদ্যত স্বৰবৰ্ণ ঈ, উ আৰু ঋ-ৰ ব্যৱহাৰ দেখা পোৱা নাযায়। অৱশ্যে কেতিয়াবা কেতিয়াবা যুক্ত ব্যঞ্জনৰ পিছত ঈ-স্বৰটোৰ প্ৰয়োগ নোহোৱা নহয়। যেনে— শ্ৰীযুত, শ্ৰীমতী ইত্যাদি। ঙ বৰ্ণৰ একাকী প্রয়োগ নাছিল যদিও ৫-ৰ ঠাইত ঙ্গ যুগ্ম ব্যঞ্জনৰ প্ৰচুৰ ব্যৱহাৰ অৰুণোদইত দেখা পোৱা যায়। যেনে— ফৰিঙ্গ, ডিঙ্গি। ছ, ঝ, য-বৰ্ণকেইটাৰ ১৮৬১ চনৰ আগৰ অৰুণোদইৰ সংখ্যাবোৰত ব্যৱহাৰ দেখা পোৱা নাযায়। য-বৰ্ণটোৰ একাকী প্ৰয়োগ নাছিল যদিও য- কাৰ ৰূপে ইয়াৰ যথেষ্ট ব্যৱহাৰ আছিল। যেনে- বিদ্যা, জোগ্য, ইত্যাদি। – ৰ ঠাইত ৰি, ই-ৰ আৰু ৰে-ৰ প্ৰয়োগ হৈছিল। হ্রস্বস্বৰৰ প্ৰয়োগ অধিক আছিল। একেদৰে কেতিয়াবা ঐ-ৰ ঠাইত এ. ও-ৰ ঠাইত অ, ছ-ৰ ঠাইত চ, ণ-ৰ ঠাইত ন প্রয়োগ হৈছিল। যেনে—

আ> এ: আধামৰা > এধামৰা

ঈ > ই : > দীঘল > দিঘল

 ঊ > উ  : সূৰ্য্য > সুজ্য 

ঋ ৰি. ইৰ > ৰেঃ পৃথিবী > প্রিথিবি

ণ > নঃ ৰণ > ৰন

ঋ, য > জঃ মাঝ > মাজ

অৰুণোইতে ব্যবহ্যত গণ্যসমূহত থকা কেতবোৰ ৰূপতাত্ত্বিক বৈশিষ্ট্যও মন কৰিবলগীয়া। এই গদ্যসমূহত নির্দিষ্টতাবাচক প্রত্যয় ৰূপে-ট আৰু টে প্রত্যয় বিচাৰি পোৱা যায়। যেনে— মানুহট, লৰাটে আনি। একেদৰে নিৰ্দিষ্টতাবাচক প্রত্যয় খনৰ ঠাইত-টা আৰু জনীৰ ঠাইত টো ব্যৱহাৰ কৰা দেখা যায়। যেনে— এটা সংবাদপত্র, মাইকীটো আদি। দ্বিতীয় বিভক্তি কৰ ঠাইত প্ৰায়ে সপ্তমী-বিভক্তিৰ-ত ব্যৱহাৰ হোৱা দেখা যায়। যেনে— ৰজাত ক’লৈ৷ অৰুণোদই যুগৰ অসমীয়া গদ্যত তৎসম, অর্ধতৎসম আৰু তদ্ভৱ শব্দৰ লগতে হিন্দী, বাংলা, ইংৰাজী আৰবী, পার্টী আদি বিভিন্ন ভাষাৰ শব্দৰ ব্যৱহাৰ হোৱা দেখা যায়।

২। ‘অৰুণোদই’ যুগৰ ভাষাৰ সম্বন্ধে এটি নিবন্ধ যুগুত কৰা। 

উত্তৰঃ ড° মহেশ্বৰ নেওগদেৱে লিখিছে, “অৰুণোদই যুগ আধুনিক জীৱনৰ নৱ প্রভাত। নতুন জীৱন, নতুন ধাৰণা, নতুন জ্ঞান, নতুন বস্তু-বাহানি, পুৰণি এই সকলোবোৰৰ মাজত সোমাই পৰিছিল। নতুনবোৰে নতুন শব্দ আৰু প্ৰকাশৰ আৱশ্যকতাৰ সৃষ্টি কৰিছিল। এই বিষয়ত নতুনে যিমানে পাৰে পুৰণিৰ লগত আপোছ কৰি লৈছিল।” 

‘অৰুণোদই’ৰ ভাষাত প্ৰাচীন অসমীয়া কথা সাহিত্য আৰু পদ-পুথিৰ শব্দই বিশেষ স্থান লাভ কৰিছে। এয়া নিশ্চয় ‘অৰুণোদই’ৰ গোষ্ঠীৰ লেখকসকলৰ প্ৰাচীন অসমীয়া সাহিত্যৰ পঠন পাঠনৰেই ফল। ‘অৰুণোদই’ৰ বিভিন্ন লেখাত প্ৰয়োগ হোৱা প্ৰাচীন অসমীয়া শব্দ কেতবোৰ হ’ল— আচই, ইচ (ইচ্ছা), এফালি (আফালি), খেমা (ক্ষমা), পহৰ (পোহৰ), বিভিচাৰ (ব্যাভিচাৰ), বুৰা বুঢ়া, কামৰূপী কথা ভাষাত ‘বুৰা’), খুন (বৰফুল), সৰিল (শৰীৰ, কামৰূপীত ‘সৰিল’) মানিশা (মাজনিশা), সম্পত্তি (সম্পত্তি) ইত্যাদি। 

ইংৰাজ চৰকাৰে দেশ লোৱাৰ লগে লগে ইংৰাজী শিক্ষাসভ্যতাই বিস্তাৰ লাভ কৰিবলৈ আৰম্ভ কৰিলে। চিকিৎসালয়, বেংক, অফিচ, আদালত প্রভৃতি নতুনকৈ গঢ়ি উঠিল আৰু সিবোৰৰ লগত সংশ্লিষ্ট ভালেমান বস্তুৰ নামবাচক শব্দও ইয়াত ব্যৱহৃত হ’বলৈ ধৰিলে। ‘অৰুণোদই’ৰ লেখকসকলে ইংৰাজী আদি পশ্চিমীয়া ভাষাৰ শব্দবোৰৰ কিছুমান যথাযথ ৰূপে আৰু কিছুমানৰ সলনি মূল অসমীয়া শব্দ ব্যৱহাৰ কৰিবলৈ লৈছিল। তদুপৰি পুৰণি অসমীয়া শব্দৰ অৰ্থান্তৰ ঘটাইও তেওঁলোকে ব্যৱহাৰ কৰিছিল। যথাযথ ৰূপত ব্যৱহাৰ কৰা ইংৰাজী আদি পশ্চিমীয়া ভাষাৰ শব্দবোৰ হ’ল— গলফ্ (Gulf), কম্পাচ (Compass), বেপ্টিষ্ট (Baptist), আমেন (Amen), বেংক (Bank), কাপ্তান (Coptin), কমিস্যন (Commission), জজ (Judge), গর্বণমেণ্ট (Government), কলেক্টৰ (Collectar), অফিচ (office) মেডিকেল কলেজ (Medical college) ইত্যাদি। সেইদৰে ইংৰাজী আদি পশ্চিমীয়া ভাষাৰ শব্দৰ পৰিৱৰ্তে ব্যৱহাৰ কৰা মূল অসমীয়া শব্দ কেতবোৰ হ’ল— বুৰা ভকত (Elder), নাগমাটি (Coal), মাওবৈচা (Navigator), পানি সিল (Ice ), ভাপৰ নাও (Ship), বিমা (Insurance), কানুন (Law), পহু গঁবাল (Zoo), কাচাবিঘৰ (Court), পুথিসালি (library), দর্শনঘৰ (museum) ইত্যাদি।

অৰুণোদইয়ৰ ভাষাত আৰৱী-ফাৰ্চী আদি ভাষাৰ শব্দৰ লগতে হিন্দী-উর্দু আৰু আন ভাৰতীয় ভাষাৰ শব্দ ব্যৱহৃত হৈছে। যেনে—

আৰবী : মাফ, খাচ, হুকুম, তুফান, কইদি। 

ফাৰ্চী : চাহাব, বজাৰ, বাজি, চিপাই আদি। 

হিন্দী-উর্দু : কিলা, খাঞ্চেমা, চহিচ, চাপ্রাচি, থানা, মহিমা, ফাটক, মাচিয়া, সস্তা, সিধা ইত্যাদি।

মিছনেৰীসকলে শিৱসাগৰৰ কথিত ভাষাটোক মান্য ভাষালৈ উন্নীত কৰি তাৰ সহায়ত ‘অৰুণোদই’ কাকতত গদ্য-পদ্য আদি ৰচনাৰে আধুনিক অসমীয়া ভাষাৰ জন্ম দিয়ে। এওঁলোকৰ ভাষা আছিল সৰল, নিমজ আৰু বৰ্ণ বিন্যাস, লগতে উচ্চাৰণভিত্তিক আছিল। তদুপৰি বাক্যৰচনাত তেওঁলোকে অনুসৰণ কৰিছিল ইংৰাজী ভাষাক।

অসমীয়া ভাষাৰ উচ্চাৰণত হ্রস্ব-দীর্ঘ স্বৰৰ মাজত পাৰ্থক্য নাই বাবে মিছনেৰীসকলে হ্রস্ব স্বৰৰহে ব্যৱহাৰ কৰিছিল। সেইদৰে ‘শ’, ‘য’, ‘স’ৰ ঠাইত কেৱল ‘স’, ‘জ’, ‘ঝ’ আৰু ‘য’ৰ ঠাইত কেৱল ‘জ’; ‘চ’ৰ আৰু ‘ছ’ৰ ঠাইত কেৱল চ’; ‘ণ’ আৰু ‘ন’ৰ ঠাইত মাথোন ‘ন’; আৰু ‘ক্ষ’ৰ ঠাইত ‘খ্য’ ব্যৱহাৰ কৰিছিল। ‘ৱ’ শ্ৰুতি ধ্বনিৰ সলনি ‘অ’ৰ ব্যৱহাৰ অৰুণোদই’ৰ ভাষাৰ অন্যতম বৈশিষ্ট্য।

এই প্ৰসংগত বেণুধৰ শৰ্মাই আগবঢ়োৱা এটি মন্তব্য বিশেষভাৱে উল্লেখযোগ্য : “অৰুণোদয়ৰ কথা সাহিত্যই অসমীয়া সাহিত্য ভঁৰাল শব্দ সম্পদেৰে চহকী কৰিলে। গদ্য লিখাৰ ঠাঁচটোও ইংৰাজী ধৰণলৈ বাগৰ মাৰিলে। কথা সাহিত্যৰ এই স্তৰটোক গজলীয়া স্তৰ বুলিলে ৰজিতা থাই পৰিব।…………বাক্যবিন্যাস, বাক্যৰীতি প্ৰায়েই ইংৰাজী অনুৰূপেই হ’ল ।”

৩। নাথান ব্ৰাউনৰ পৰিচয় দাঙি ধৰি তেওঁৰ গদ্যৰ বিশেষত্ববোৰ উল্লেখ কৰা।  

উত্তৰঃ ড°নাথান ব্ৰাউনে প্রথমে শদিয়ালৈ যায় আৰু তাত খামটি আৰু অসমীয়া ভাষা শিকি লয়। শদিয়াত তেওঁ অসমীয়া আৰু খামটি ভাষাৰ পঢ়াশালি স্থাপন কৰি পাঠ্যপুথি ৰচনা কৰিছিল। শনিয়াত থাকোতে তেওঁৰ জীয়াৰী ডৰখি ছফিয়াৰ মৃত্যু হয়। ১৮৩৯ চনত চিংফৌ আৰু খামটি বিদ্রোহত থাকিব নোৱাৰি শদিয়াৰ পৰা জয়পুৰলৈ গুচি যায়। জয়পুৰত তেওঁ ৰোমান আৰু অসমীয়া লিপিত বিবিধ ভাষাৰ পুথি ছপোৱা কাম আৰম্ভ কৰে। ১৮৪৩ খ্ৰীঃত তেওঁ কাট্টাৰসহ শিৱসাগৰলৈ আহি স্থায়ীভাৱে থাকিবলৈ লয়। শিৱসাগৰত ধৰ্ম প্ৰচাৰৰ লগতে অসমীয়া ভাষা পুনৰ প্ৰচলনৰ কাম হাতত লয়। ১৮৫৫ খ্ৰীঃলৈ ব্ৰাউন চাহাবে খ্ৰীষ্টধৰ্ম প্ৰচাৰ আৰু অসমীয়া ভাষা-সাহিত্য চৰ্চাত ব্ৰতী হয়।

সাহিত্যকৃতি : অসমীয়া সাহিত্যলৈ নাথান ব্ৰাউনৰ যথেষ্ট বৰঙণি আছে। অসমলৈ আহি ব্ৰাউনে প্রথমে অসমীয়া ভাষাত ‘নিউ টেষ্টামেন্ট’ৰ ভাঙনি কৰে। লগতে বাইবেলৰ মাখি (মেথিউ), লুক (লিউক), মার্ক, য়োহান — এই চাৰিখন পুথিৰ পৰা চাৰিটা খণ্ড ভাঙি ‘খ্ৰীষ্টৰ বিৱৰণ আৰু শুভবার্তা’ নাম দি ১৮৫৪ চনত পুথি আকাৰত প্ৰকাশ কৰে। ইয়াৰ লগত তেওঁ প্ৰায় ষাঠি (৬০)টি স্তুতিগীতৰো ভাঙনি কৰে। ১৮৪৮ খ্ৰীঃত তেওঁৰ অসমীয়া ভাষাৰ ব্যাকৰণ (Grammatical Notices of the Assamese Language ) প্রকাশ পায়। অসমীয়া ভাষা পুনঃ প্ৰতিষ্ঠাৰ বাবে এই প্ৰন্থখনৰ যোগেদি এটি প্ৰয়াস কৰিছিল। ৰবিনছন চাহাৰ ব্যাকৰণৰ পিছতে এওঁৰ এইখন দ্বিতীয় ব্যাকৰণ। পুৰণি পুথি সংগ্ৰহ আৰু প্ৰকাশৰ ক্ষেত্ৰতো ব্ৰাউনে আগভাগ লৈছিল। চুতীয়া বুৰঞ্জী, কাশীনাথ তামুলী ফুকনৰ অসম বুৰঞ্জী, বকুল কায়স্থৰ গণিতৰ পুথি তেওঁ প্ৰকাশ কৰে। যোচেফৰ কাহিনী আৰু যীশুখ্ৰীষ্টৰ জীৱনীও তেওঁ ৰচনা কৰে। ব্ৰাউনে অসমীয়া সাহিত্যলৈ আগবঢ়োৱা আন এটা অবদান হ’ল— জন বুনিয়ানৰ The pilgrim’s progress’ৰ অসমীয়া অনুবাদ। ব্ৰাউনে ৰচনা কৰা এইখনেই উপন্যাসধৰ্মী ৰচনা। ওলিভাৰ ও.টি. কাট্টাৰৰ সৈতে লগ লাগি ১৮৪৬ খ্ৰীঃত অসমীয়া ভাষাৰ প্ৰথমখন আলোচনী তথা সংবাদ-পত্ৰ ‘অৰুণোদই’ প্ৰকাশ কৰে। তেওঁ ন বছৰ ইয়াৰ সম্পাদক আছিল।

নাথান ব্ৰাউনৰ গদাৰীতিত ইংৰাজী ভাষাৰ সুস্পষ্ট প্রভাব দেখা পোৱা যায়। তলত উদাহৰণ দিয়া হ’ল—

“এই জগতৰ অৰণ্যৰ মাজত মই ফুৰি যাওঁতে যি এখন ঠাইত এটা গাত আছিল, এনে ঠাই পালোঁহি। তাতে পৰি শুই থাকোতে এক সামাজিক দেখিলোঁ। সেই সামাজিকত গাঁত ফটা চটা কাপোৰ পিন্ধি, আপোনাৰ ঘৰৰ ফাললৈ পিঠি দি, হাতত এখন পুথি ধৰি, পিঠিত বৰ গধুৰ বোকোচা বন্ধা থিয় হৈ থকা এটা মানুহক দেখিলোঁ। তাক চাই থাকোতে পুথি মেলি পহিবৰ দেখিলোঁ আৰু পৰ্হি চাই সি কঁপি কঁপি কান্দিবলৈ ধৰিলে।”

বুৰঞ্জী আৰু চৰিত পুথিত পাচে, তাতে আদি শব্দেৰে বাক্য আৰম্ভ কৰা ৰীতি ব্ৰাউনৰ গদ্যৰীতিতো দেখা পোৱা যায়। উদাহৰণস্বৰূপে— 

“পাচে বিছদিবিলাকৰ পৰ্ব ওচৰ হ’লত, সেই পৰ্বৰ আগৈএ আপোনাক সুচি কৰিবলৈ অনেক মানুহ গাঁৱৰ পৰা য়িচালম নগৰলৈ আহিল ।”

“তাতে য়িচুএ উত্তৰ কৰিলে, এই উপদেশ মোৰ আপোনাৰ নহই, কিন্তু যি জনে মোক পঠাইছে, তেওঁৰহে।”

“আৰু কোন সময়ত ঈশ্বৰৰ ৰাজ্য হ’ব, ফিৰুচিবিলাকে এই কথআ সুধিলত তেওঁ উত্তৰ কৰি নিলে, ঈশ্বৰৰ ৰাজ্য ত্রিস্য ৰূপে অহা নাই, এখেত বা সেই খিস্তে দেখা, এনে নু বুলিব, কিয়নো ঈশ্বৰৰ ৰাজ্য তোমালোকৰ ভিতৰত আচে।” 

নাথান ব্ৰাউনে মানুহে অসমীয়া কওঁতে যিদৰে উচ্চাৰণ কৰে সেইদৰে শব্দবোৰ লিখিছিল। আখৰ জোঁটনি উচ্চাৰণগত হোৱা বাবে ব্ৰাউনৰ ভাষা হৈ পৰিছিল সহজ-সৰল। যেনে—

“জিবিলাক প্ৰথমৰে পৰা দেখি সাথি আৰু বাকাৰ প্ৰচাৰক হৈছিল, সিবিলাক সিখ্যা দিয়াৰ দৰে আমাৰ মাজত প্ৰমাণ ৰূপে প্ৰাজ্য কৰা কথাবিলাকৰ আখ্যান ক্ৰমেৰে লিখিবলৈ অনেক উদাগ কৰিলে এই হেতুকে হে মহা মহিম থিয়ফিল, ময়ো আদিৰে পৰা আটাইতকৈ নিচই ৰূপে জানিলত, তুমি জি জি সিকিলা, তাৰ স্বৰূপ প্ৰমাণ জেন পোআ। এই নিমিতে তোমালৈ ক্ৰমেৰে সেই সকলোকে লিখিবলৈ উচিত দেখিলো ।”

এইদৰে নাথান ব্ৰাউনৰ হাতত অসমীয়া গণ্যৰ মিছনেৰী পৰম্পৰা এটা গঢ় লৈ উঠিছিল নি সমস্ত অৰুণোদই স্তৰত বিকশিত হৈ এটা ধাৰালৈ ৰূপান্তৰিত হৈছিল। এই ধাবা অৰুণোদই কাকতৰ পৃষ্ঠাই পৃষ্ঠাই বিচাৰি পোৱা যায় ৷

৪। জাতিকৰ জাত্ৰা’ৰ আধাৰত পাঠটিত পৰিলক্ষিত হোৱা ‘অৰুণোদই’ৰ যুগৰ সময়ছোৱাত গণ্যৰীতিৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা।

উত্তৰঃ ড’নাথান ব্ৰাউনে ‘জাতিকৰ জাৱা’ৰ অনুবাদ কাৰ্যত মিছনেৰীসকলৰ হাতত গঢ় লৈ উঠা শিৱসাগৰৰ কথিত ৰূপটোক ব্যৱহাৰ কৰিছিল। কথিত অসমীয়া ভাষাক আশ্ৰয় কৰি গঢ় লৈ উঠা গদ্যৰাজিত বর্ণবিন্যাসৰ ভালেমান বৈশিষ্ট্য লক্ষ্য কৰিব পাৰি। অৰুণোদইৰ গদ্যত স্বৰবৰ্ণ ঈ, উ আৰু ঋ-ৰ ব্যৱহাৰ দেখা পোৱা নাযায়। তলত এই বিষয়ে আলোচনা কৰা হ’ল―

(ক) ‘অৰুণোদই’ কালৰ গদ্যৰীতি প্ৰায়েই বর্ণনামূলক (narrative style)। এনে ৰীতিত আৱেগ-উচ্ছ্বাস তথা বাগাড়ম্বৰ নাই বাক্যবোৰ চুটি চুটি আৰু বস্তুনিষ্ঠ। ‘অৰুণোদই’ৰ গদ্যৰ এই বৈশিষ্ট্যটো ‘জাতিকৰ জাৱাত পৰিলক্ষিত হোৱা দেখা যায়। উদাহৰণস্বৰূপে—

“এই জগতৰ অৰণ্যৰ মাজে মই ফুৰি জাওঁতে জি এখন ঠাইত এটা গাঁত আছিল, এনে ঠাই পালোহি। তাতে পৰি সুই থাকোতে এক সামাজিক দেখিলোঁ। সেই সামাজিকত গাত ফটা চট কাপৰ পিন্ধি, আপোনাৰ ঘৰৰ ফাললৈ পিঠি দি, হাতত এখন পুথি ধৰি, পিঠিত বৰ গধুৰ বোকোচা বন্ধা থিয় হৈ থকা এটা মানুহক দেখিলোঁ। তাক চাই থাকোঁতে পুথি মেলি পৰিবৰ দেখিলোঁ; আৰু পৰ্হি চাই সি কঁপি কঁপি কান্দিবলৈ ধৰিলে। পাচে আৰু নিজম দি থাকিব নোআৰাত সি বৰ অসন্তোষ মাতেৰে এটাহ পাৰি বুলিলে, মই কি কৰিম ?”

(খ) ব্যাখ্যাত্মক গদ্যৰীতিও ইয়াৰ আন এটা বৈশিষ্ট্য। সংযত ভাষাৰে বক্তব্যক স্পষ্ট কৰাৰ প্ৰয়াস এই ৰীতিৰ মাজেনি জিলিকি উঠিছে। উদাহৰণস্বৰূপে—

“এনে অৱস্থা হ’লত সেই মানুহ ঘৰলৈ গৈ আপোন ল’ৰা-তিৰোতাই নু বুজিবলৈ জিমানলৈকে পাৰিচিল, আপোনাৰ পেটত দুখ দমনকৈ ৰাখি খৈচিল, কিন্তু অসন্তোষ বাৰ্হি গলত সৰল কাল ৰাখিব নোআৰিলে; এই হেতুকে ক্ৰমে তিৰাতো আৰু ল’ৰাৰ আগত পেট ভাঙ্গি এই ৰূপে ক’বলৈ ধৰিলে, বোলে, অ মোৰ প্ৰিয়া আৰু মোৰ পেটৰ ল’ৰাটিহঁত, তোমালোকৰ অতি ৰেখাৰ মিতিৰ জি ম‍ই, মই সর্বনাস হৈটো, কিয়নো মোৰ ওপৰত এটা বোজাই হেঁচি ধৰি আছে, মই বাতৰা পাই স্বৰুপকৈ জানিচো, আমাৰ এই নগৰ স্বৰ্গৰ জুইৰে পুৰি জাব; সাৰিবলৈ জনি কোনো উপাই নোলাই, সেই ভয়ঙ্কৰ বিন্যাসৰ কালত তুমি মোৰ ঘৈনি, আৰু মোৰ প্ৰিয় লৰাটিহঁত, তোমালোকো মোৰে সৈতে বৰ দুখেৰে সৰ্বনাস হ’বা, এতিয়া হ’লে একো উপাই নে দেখোঁ।”

(গ) মিছনেৰী লেখকসকলৰ দ্বাৰা ৰচিত একাংশ গদ্য অনুবাদমূলক আছিল। অসমীয়া ভাষাৰ গঠনৰীতি সম্পৰ্কে সম্যক ধাৰণাৰ প্ৰভাৱত তেওঁলোকৰ অনুবাদমূলক গদ্য ৰচনাও ত্রুটিমুক্ত নহ’ল। ইংৰাজী গদ্যৰীতিৰ পোনপটীয়া প্ৰভাৱত ‘জাতিকৰ জাত্ৰা’ব গদ্য ৰচনায়ো আচহুৱা ৰূপ লাভ কৰিছে। উদাহৰণস্বৰূপে—

“পাচে এদিনা পথাৰত ফুৰি আপোন আচাৰৰ দৰে পুথি পৰ্হি মনে বৰ অসন্তোষ হোৱা তাক দেখিলোঁ, আৰু পৰ্হি চাওঁতে আগৰ দৰে ফুটাই এটাহ পাৰি বুলিলে, পৰিত্ৰাণ পাবলৈ ম‍ই কি কৰিম? আৰু ইফালে সিফালে চাই লৰ মাৰি জাব খোজা জেন তাক দেখিলো; কিন্তু কোন বাটে জাম, ইয়াক বুজিব নোৱাৰি ৰৈ আচিল।”

(ঘ) বুৰঞ্জী আৰু চৰিত পুথিত পাচে, তাতে আৰু আদি শব্দেৰে বাক্য আৰম্ভ কৰা গদ্যৰীতিৰ বৈশিষ্ট্য ‘জাত্ৰিকৰ জাত্ৰা’ তো পৰিলক্ষিত হৈছে। উদাহৰণস্বৰূপে—

“পাচে এতিয়া পথাৰত ফুৰি আপোন আচাৰৰ দৰে পুথি পৰ্হি মনে বৰ অসন্তোষ হোআ তাক দেখিলোঁ; আৰু পৰ্হি চাওঁতে আগৰ দৰে ফুটাই এটাহ পাৰি বুলিলে, পৰিত্ৰাণ পাবলৈ মই কি কৰিম? আৰু ইফালে সিফালে চাই লৰ মাৰি জাব খোজা জেন তাক দেখিলো”।;

(ঙ) ‘জাত্ৰিকৰ  জাত্ৰা’ৰ ভাষাত সৰলতা আৰু উচ্চাৰণৰ বোধগম্যতা বিদ্যমান। তেওঁলোকৰ বাক্য ৰচনাৰ ঠাঁচ ইংৰাজী বাক্যৰ দ্বাৰা প্ৰভাৱান্বিত যদিও তেওঁলোকৰ ভাষা সকলো ক্ষেত্ৰতে বিশুদ্ধ নহয়; ভালকৈ মাত নুফুটা সৰু ল’ৰাৰ ঠানাক-ঠুনুক মাতৰ ভাষাৰ সৰলতা আৰু মধুৰতা বিদ্যমান।

৫। জাত্ৰিকৰ জাত্ৰা’ পাঠটিৰ গদ্যৰ ভাষাগত বৈশিষ্ট্যবোৰ উল্লেখ কৰা। 

উত্তৰঃ নাথান ব্ৰাউনে জল্ বুলিয়ানৰ The Pilgrim’s progress’ব অসমীয়া ভাঙনি কৰি ‘জাত্ৰিকৰ জাত্রা’ নাম দি খ্ৰীষ্টধৰ্মৰ পুথি ৰচনা কৰে। জাত্ৰিকৰ জাত্ৰাত নাথান ব্ৰাউনৰ ভাষাৰ ক্ষেত্ৰত ধ্বনিগত, ৰূপগত আদি বাক্যৰীতিৰ প্রভাৱ পৰিলক্ষিত হোৱা দেখা যায়।

তলত এই বিষয়ে আলোচনা কৰা হ’ল―

(ক) কথিত অসমীয়া ভাষাৰ আশ্ৰয়ত গঢ়ি উঠা সাহিত্যত বর্ণবিন্যাসৰ ভালেমান ভাষাগত বৈশিষ্ট্য লক্ষ্য কৰিব পাৰি। স্বৰবৰ্ণ ঈ, ঊ আৰু ঋ ৰ ব্যৱহাৰ ইয়াত দেখিবলৈ পোৱা নাযায়। অৱশ্যে কেতিয়াবা কেতিয়াবা যুক্ত ব্যঞ্জনৰ পাছত ঈ-স্বৰটোৰ প্ৰয়োগ নোহোৱা হয়, উদাহৰণস্বৰূপে— জিয়াই, শ্রীজুত আদি।

(খ) ‘ঙ’ বৰ্ণৰ একাকী প্রয়োগ নাছিল যদিও ও ৰ ঠাইত ‘ঙ্গ’ যুগ্ম ব্যঞ্জনৰ প্ৰচুৰ ব্যৱহাৰ জান্তিকৰ জান্নাত দেখা যায়। যেনে— ‘পাঙ্গিলে’, আঙ্গুলি, ৰিঙ্গিয়াই ইত্যাদি ।

(গ) ‘য’-বৰ্ণটোৰ একাকী প্ৰয়োগ নাছিল যদিও ‘য’-কাৰ ৰূপে ইয়াৰ যথেষ্ট ব্যৱহাৰ আছিল। যেনে— বিদ্যা, জোগ্য, অৰণ্য, আগ্যা। ছ, ঝ, য-বৰ্ণকেইটাৰ ১৮৬১ চনৰ আগৰ অৰুণোদই সংখ্যাবোৰত ব্যৱহাৰ দেখা পোৱা নাযায়।

(ঘ) শ, ষ, স বৰ্ণকেইটাৰ ভিতৰত কেৱল স-বৰ্ণটোৰে সঘন প্ৰয়োগ হৈছিল, যদিও অন্য বৰ্ণৰ সৈতে যুক্ত অৱস্থাত শ আৰু য বৰ্ণ দুটাৰ প্ৰয়োগ আছিল। যেনে— ব্যাপ্তিষ্ট, উপদেস, অসন্তোস, নিস্বাস, সোক।

(ঙ) অসমীয়াৰ ভাষাৰ কথিত ৰূপত হ্রস্ব-দীর্ঘ স্বৰৰ পাৰ্থক্য নাই বাবে এই পুথিৰ ভাষাতো হ্রস্বস্বৰৰ প্ৰয়োগেই অধিক আছিল। যেনে— পাৰিছিল, হৈচো, এধামৰা, সুনি, জি, আচে, দন্য।

(চ) ঋ-ৰ ঠাইৰ ৰি, ই আৰু ৰে-ৰ প্ৰয়োগ অন্যতম ভাষাগত গদ্যৰ বৈশিষ্ট্য। একেদৰে কেতিয়াবা ঐ-ৰ ঠাইত এ, ওৰ ঠাইত অ, ছ-ৰ ঠাইত চ, ণ-ৰ ঠাইত ন আৰু য, ঝ-ৰ ঠাইত জ, শ, য-ৰ ঠাইত স-ৰ প্ৰচুৰ প্ৰয়োগ হৈছিল। তলত কিছুমান উদাহৰণ দাঙি ধৰা হ’ল―

আ > এঃ আটাহ > এটাহ

ঈ  > ই: ঘৈণী > ঘৈনি, দীঘল > দিঘল

ঊ > উঃ গধুলি > গধুলি

ঋ, ৰি, ই > ৰে : স্বৰূপ > স্বৰূপ, দৃঢ় > প্রিয়, নাজানো > নেজানো, ব্যথা > বেথা

ঐ > অঃ দৈন্য > দন্য, ভৈয়াম > ভঁয়াম

‘ও > অঃ নোৱাৰা > নোঅৰাত, মৰাটোৰ > মৰাটৰ

ছ > চঃ আছে > আচে, বছৰ > বচৰ, পাছে > পাচে। 

ণ > ন : অৰণ্য > অৰন্য, পৰিত্ৰাণ > পৰিত্ৰান

ঝ, য > জঃ মাঝ > মাজ, যাৰ > জাৰ, যি > জি, যোৱা > জোআ।

শ, ষ > সঃ দেশ > দেস, শুই > সুই, উপদেশ > উপদেশ । 

জ্ঞ, হা যুক্তাক্ষৰবোৰ একানিক্ৰমে গ্য আৰুজা ৰূপে লিখা হৈছিল । যেনে— আজ্ঞা > আগ্যা হষ > হস।

(জ) ‘জাত্ৰীকৰ জাত্ৰা’ৰ গদ্যত কেতবোৰ ৰূপতাত্ত্বিক বৈশিষ্ট্যও মন কৰিবলগীয়া। ইয়াত নির্দিষ্টতাবাচক প্রাত্যয় ৰূপ ট আৰু টে প্রতায় বিচাৰি পোৱা যায়। যেনে- মানুহটি, লৰাটি।

একেদৰে নিৰ্দিষ্টতাবাচক প্ৰত্যয়-খনৰ ঠাইত-টা আৰুজনীৰ ঠাইত টো ব্যৱহাৰ কৰা দেখা যায়। যেনে— মাইকীটো।

(ঝ) দ্বিতীয় বিভক্তি কৰ ঠাইত প্ৰায়ে সপ্তমী বিভক্তি ত-ৰ প্ৰয়োগ দেখা পোৱা যায় যেনে— তেতিয়া উপদেশত ক’লে ।

(ঞ) চন্দ্রবিন্দুৰ ব্যৱহাৰ ইয়াত বাৰুকৈয়ে পৰিলক্ষিত হৈছে। যেনে— গীত, জাঁগুতে, পালোঁহি, দেখোঁ ।

(ট) ‘ব’ৰ ব্যৱহাৰ অৰুণোদই সাহিত্যত নাছিল। এই বৈশিষ্ট্যটো ‘জাৱিকৰ জাত্ৰা’ত দেখা যায়। যেনে— নোঅৰাত, সুৱাই, হোআত, পুৱালত । 

(ঠ) ‘ঢ’ৰ ঠাইত ‘হ’ৰ ব্যৱহাৰ এই গদ্যৰ উল্লেখযোগ্য ভাষাগত বৈশিষ্ট্য। যেনে— পৰ্হি।

(ড) আন আন ভাষাৰ শব্দৰ ব্যৱহাৰ ইয়াৰ অন্যতম ভাষাগত বৈশিষ্ট্য। এই অভ্যাসৰ ফলস্বৰূপে অসমীয়া ভাষাৰ শব্দ সম্ভাৰলৈ নতুন শব্দৰ আমদানি কৰাৰ লগতে ভাষাটোৰ প্রকাশিক শক্তি সবল কৰাত অৰিহণা যোগাইছে। উপেন্দ্ৰনাথ গোস্বামীৰ মতে, “অৰুণোদই যুগতে বিভিন্ন দেশী-বিদেশী ভাষাৰ শব্দ-গ্ৰহণ আৰু আৱশ্যকতা অনুযায়ী শব্দ-নিৰ্মাণৰীতিৰ যি ব্যৱস্থা লোৱা হ’ল, সিয়ে ভৱিষ্যতৰ অসমীয়া ভাষাৰ সু-প্ৰতিষ্ঠাৰ বাট মুকলি কৰি তুলিলে”। শব্দসম্ভাৰৰ সামান্য উদাহৰণ তলত উল্লেখ কৰা হ’ল―

কামৰূপী কথিত অসমীয়াৰ শব্দ : ঘৈণী, আতা

তৎসম শব্দ : মগ্ন, সুন্দৰ, ঈশ্বৰ।

অর্ধ তৎসম : মিতিৰ, ধৰম, গিয়ান।

তদ্ভৱ : ইচা।

আহোম : মৈদাম।

৬। প্ৰাক-অৰুণোদই স্তৰৰ গদ্য সম্পর্কে এটি টোকা লিখা। 

উত্তৰঃ অসমীয়া সাহিত্যৰ বুৰঞ্জী প্ৰণেতাসকলে ১৮২৬ চনৰ পৰা ১৮৪৬ চনলৈ অৰ্থাৎ ব্ৰিটিছসকল অসমলৈ প্ৰৱেশ কৰা পৰ্যটোৰ পৰা অৰুণোদই’ আলোচনী প্ৰকাশ হোৱা সময়লৈকে এই সময়ছোৱাত ৰচিত সাহিত্যক প্ৰাক্- অৰুণোদই স্তৰৰ সাহিত্য বুলি কোৱা হয়। ঊনবিংশ শতিকাৰ প্ৰথম তিনিটা দশকত কোনো ধৰণৰ গুৰুত্বপূৰ্ণ সাহিত্য ৰচনা হোৱা নাছিল। মাথোন ১৮১৩ চনত মিছনেৰীসকলৰ সহায়ত শ্ৰীৰামপুৰৰ প্ৰেছৰ পৰা আত্মাৰাম শৰ্মাই কৰা বাইবেলৰ অসমীয়া ভাঙণি ‘ধর্মপুস্তক’ পুথিখন প্ৰকাশ পায়। তৃতীয় দশকৰ পিছত ১৮৩৯ চনত ৰবিনছন চাহাবৰ ইংৰাজী ভাষাত লিখা ‘অসমীয়া ব্যাকৰণ’ পুথিখন প্ৰকাশ পাইছিল। একেদৰে ১৮৩) চনত যদুৰাম ডেকা বৰুৱাৰ অসমীয়া বঙলা অভিধান। ১৮৪০ত শ্ৰীমতী কাট্টাৰৰ অসমীয় শব্দাবলী আৰু খণ্ডবাক্য প্ৰকাশিত হৈছিল। ১৮৩৩ চনত বিশ্বেশ্বৰ বৈদ্যাধিপৰ ‘বেলিমা বুৰঞ্জী’, ১৮৩৮ চনত মগ্ৰিাম দেৱানৰ ‘বুৰঞ্জী বিবেক ৰত্ন’, ১৮৪৪ত কাশীনাথ তামুলী ফুকনৰ ‘অসম বুৰঞ্জী’আদি উল্লেখযোগ্য। তলত এই স্তৰৰ সাহিত্যিকসকলৰ গদ্যৰীতিৰ চমু পৰিচয় দিয়া হৈছে―

আত্মাৰাম শৰ্মা : আত্মাৰাম শৰ্মই উলিয়াম কেৰীৰ নিৰ্দেশ মৰ্মে ১৮১৩ত ইংৰাজী বাইবেল (নিউ টেষ্টামেন্ট) অসমীয়া ভাঙণি কৰিছিল। উল্লেখযোগ্য যে এইখনেই প্রথম অসমীয়া মুদ্রিত পুথি য’ত আধুনিক অসমীয়া গদ্যৰ প্ৰথমাৱস্থাৰ নিদৰ্শন বিচাৰি পোৱা যায়। এই পুথিখন শ্ৰীৰামপুৰৰ মিছনেৰী প্ৰেছৰ পৰা প্ৰকাশ পাইছিল। এইদৰে শ্ৰী ৰামপুৰৰ পৰাই বাইবেলৰ ওণ্ড টেষ্টামেণ্টৰ অনুবাদখন ১৮৩৩ চনত প্ৰকাশ পাইছিল । এইখন অসমীয়া ভাষাৰ দ্বিতীয় মুদ্রিত গ্ৰন্থ তথা গদ্যৰ নিদৰ্শন। দুয়োখন গ্ৰন্থৰ নাম দিয়া হৈছিল ধর্মপুস্তক।

আত্মাৰাম শৰ্মাৰ ধৰ্মপুস্তকৰ আখৰৰ গঢ় অসমীয়া সাঁচিপতীয়া পুথিৰ আখৰৰ নিচিনা। আখৰ জোটনি আধুনিক অসমীয়াৰ যথেষ্ট ওচৰ চপা। অসমীয়া তৎসম আৰু তদ্ভৱ শব্দৰ প্ৰচুৰ ব্যৱহাৰ থকা এই পুথিত উ আৰু উ, চ আৰু ছ, ন আৰু ণ, শ, ষ আৰু স বৰ্ণসমূহৰ প্ৰয়োগ দেখা পোৱা যায়। ধর্মপুস্তকৰ গৰ্যত ঊনবিংশ শতিকাৰ প্ৰথমাৰ্ধৰ অসমীয়া কথিত ৰূপৰ উমান পাব পাৰি। অৱশ্যে কথিত ভাষাৰ কাষ চপা হ’লেও এই গদ্য বুৰঞ্জী আৰু ভট্টদেৱৰ গদ্যৰ সম্পূৰ্ণ প্ৰভাৱমুক্ত নহয়। বুৰঞ্জী আৰু ভট্টদেৱৰ গদ্যত ‘পাছে’ অব্যয় বাক্যৰ আদিত প্রয়োগ কৰি বাক্য আৰম্ভ কৰা নীতি আত্মাৰাম শৰ্মায়ো ব্যৱহাৰ কৰিছে।

আত্মাৰাম শৰ্মাৰ গদ্য মিছনেৰীসকলৰ গদ্যততকৈ কিছু ভিন্ন আছিল। তেওঁৰ গদ্যত অসমীয়া গদ্যৰ কাৰক আৰু বিভক্তিৰ সুন্দৰ প্ৰয়োগ দেখা পোৱা যায়। একেদৰে নঞর্থক প্রাকৃতিৰো আসোঁৱাহীন প্ৰয়োগ তেওঁৰ গদ্যত বিচাৰি পোৱা যায়। অসমীয়া জতুৱা-ঠাঁচৰ সুন্দৰ প্ৰয়োগে আত্মাৰাম শৰ্মাৰ গদ্যৰ মন কৰিবলগীয়া বৈশিষ্ট্য। যেনে— হেঁচাহেঁটী, মন কৰ, কাবৌ কৰি আদি।

মণিৰাম দেৱানঃ প্ৰাক্‌-অৰুণোদই যুগৰ অন্যতম গদ্য লেখক হ’ল মণিৰাম দেৱান। মণিৰামে ১৮৩৮ত ৰচনা কৰা বুৰঞ্জী বিবেকৰত্ন নামৰ অসমৰ বুৰঞ্জী বিষয়ক গ্ৰন্থখনত অসমীয়া বাংলা মিশ্ৰিত গণৰ দৃষ্টান্ত বিচাৰি পোৱা যায়। ইয়াত সংস্কৃত, অসমীয়া মিশ্ৰিত বাংলা আৰু অসমীয়া এই তিনিওটা ভাষাৰ প্ৰয়োগ আছে। অসমীয়া মিশ্ৰিত বঙলাৰ উদাহৰণ তলত দাঙি ধৰা হ’ল―

“মান সমুদ্র হৈতে জে এতদ্দেশীকে উদ্ধাৰ কৰেন এই পুন্যেৰ ফল ঈশ্বৰে আকল্পাৱাচ্ছিন্ন অখণ্ডৰাজলক্ষ্মি বৰ্দ্ধমান কৰন, ওঁ অশ্রাৱতি পূৰ পূৰন্দৰেৰ ন্যায় প্রবল প্রতাপ সত্তা করুন । সন ১৮২৫ ইংরেজি পৰে আসাম দেশ ৰঙ্গপুৰ কিলা দখল হওঁ। ৰেপট পঠাই ডেবিড ইস্কাট সাহাবে ভাটি হৈতে আসীয় বঙ্গপুৰ পহুচি তিনি চাৰি দিন থাকি দিখৌনদিৰ মহনাতে জাইয়া মলুকেৰ বন্দবস্ত কৰেন।”

মণিৰামৰ গদ্য বস্তুনিষ্ঠ, সহজ, সৰল আৰু পোনপটীয়া বুৰঞ্জী বিবেকত্বত বুৰঞ্জীৰ বিষয়বস্তু থকা হেতুকে ইয়াৰ ভাষা অনাড়ম্বপূৰ্ণ আৰু মাজে মাজে কথিত ভাষাৰ ঠাঁচ বিচাৰি পোৱা যায়। পালনীয় আৰু কৰণীয় কৰ্ম কিছুমান নির্দেশ তথা বর্ণিত হোৱা বাবে হৰিনাথ শৰ্মাদলৈয়ে এই গদ্যক ব্যৱস্থাপক গদ্যৰ শাৰীত অন্তৰ্ভুক্ত কৰিছে।

কাশীনাথ তামুলী ফুকন : প্রাক-অৰুণোদই কালৰ আন এগৰাকী গদ্য লিখক হ’ল— কাশীনাথ তামুলী ফুকন। ১৮৪৪ চনত তেওঁ প্ৰণয়ন কৰা ‘আসাম বুৰঞ্জী’ পুথিখন শিৱসাগৰৰ পৰা প্রকাশ পায়। এইখনেই অসমীয়া ভাষাত ৰচিত প্ৰথম মুদ্রিত বুৰঞ্জী । ঐতিহাসিক বিষয়বস্তুৰে ৰচিত তামুলী ফুকনৰ গদ্যৰীতিত পৰম্পৰাগত ঠাঁচ দেখা পোৱা যায়। অতি সামান্য সংখ্যক তৎসম শব্দৰ প্ৰয়োগ হোৱা এই গদ্যত প্ৰচুৰ পৰিমাণৰ আহোম শব্দ বিচাৰি পোৱা যায়। যেনে— নিচাও, পুথাও ইত্যাদি। খুব সম্ভৱ আহোমৰ ইতিহাস সন্নিৱিষ্ট হোৱা বাবে পুথিখনৰ গদ্যত এই বৈশিষ্ট্য দেখা পোৱা গৈছে। ফুকনৰ গদ্যত কম বেছি পৰিমাণে বাংলা শব্দৰ ব্যৱহাৰো দেখা পোৱা যায়। যেনে— তাবে, এবং, অতএব আদি।

হৰকান্ত শৰ্মা মজিন্দাৰ বৰুৱা : অসমীয়া গদ্যৰ ইতিহাসত হৰকান্ত শৰ্মা মজিন্দাৰ বৰুৱাৰ এক বিশেষ স্থান আছে। ‘অৰুণোদই’ যুগৰ ৰচক হৈয়ো তেওঁ অৰুণোদই গোষ্ঠীৰ পৰা ফালৰি কাটি আহি অৰুণোদইৰ প্ৰভাৱমুক্ত হৈ থাকে। তেওঁৰ আত্মজীৱনীৰ অসমীয়া ভাষা-সাহিত্য আৰু – ইতিহাসত এক গুৰুত্বপূর্ণ স্থান আছে। প্রফুল্ল কটকীৰ মতে অসমত ইংৰাজ শাসন সলনি – হোৱাৰ ফলত অসমীয়া গদ্যই ব্যক্তিবিশেষৰ ৰচনাত কি গঢ় লৈছিল তাৰ প্ৰমাণ সদৰামীন – আত্মজীবনীয়ে যোগায়।

তেওঁৰ আত্মজীৱনীখনৰ ভাষা আৰু গদ্যৰীতি অসমীয়া ভাষাৰ ক্ৰান্তিকালৰ ফলত সৃষ্টি হোৱা উল্লেখযোগ্য দৃষ্টাস্ত বুলি অভিহিত কৰিব পাৰি ।

এইদৰে প্ৰাক্-অৰুণোদই যুগত মুষ্টিমেয় সাহিত্যিকৰ হাতত অসমীয়া গদ্যৰ আধুনিক ৰূপ এটাৰ উকমুকনি দেখা গৈছিল যদিও এই গদ্যসমূহে পূৰঠ হোৱা নাছিল বা পৰৱৰ্তী কালত এই গদ্য অনুসৰণ নোহোৱা বাবে এই গদ্যবোৰে বিশেষ একোটা ধাৰাৰ সৃষ্টি কৰিব পৰা নাছিল।

(খ) অসমীয়া লৰাৰ মিত্র (‘সোনতকৈ শ্ৰম ভাল’ অংশ) 

অতি চমু প্রশ্নোত্তৰঃ

১। আধুনিক অসমৰ প্ৰথম স্বপ্নদ্ৰষ্টা পুৰুষ কোন আছিল? 

উত্তৰঃ আনন্দৰাম ঢেকিয়াল ফুকন।

২। আনন্দৰাম ঢেকিয়াল ফুকনৰ জন্ম কেতিয়া হৈছিল? 

উত্তৰঃ ১৮২৯ চনৰ ২৪ ছেপ্টেম্বৰত।

৩। আনন্দৰাম ঢেকিয়াল ফুকনৰ পিতৃৰ নাম কি আছিল?

উত্তৰঃ হলিৰাম ঢেকিয়াল ফুকন। 

৪। হলিৰাম ঢেকিয়াল ফুকনে বঙলা ভাষাত কোন দুখন পুথি ৰচনা কৰিছিল? 

উত্তৰঃ হলিৰাম ঢেকিয়াল ফুকনে বঙলা ভাষাত ৰচনা কৰা পুথি দুখন হ’ল — 

(ক) অসম বুৰঞ্জী।

(খ) কামাখ্যা যাত্রা পদ্ধতি।

৫। ‘অৰুণোদই ত প্ৰকাশিত আনন্দৰাম ঢেকিয়াল ফুকনৰ প্ৰথম লেখাটি কি আছিল? 

উত্তৰঃ ‘ইংলেণ্ডৰ বিৱৰণ’।

৬। আনন্দৰাম ঢেকিয়াল ফুকনৰ দুখন অনুবাদমূলক ৰচনাৰ নাম লিখা। 

উত্তৰঃ (ক) ফুকন দেৱান কায়দা বন্দি (১৮৪৯-৫০), (খ) সদৰ দেৱানী নিষ্পত্তি (১৯৫০)।

৭। আনন্দৰাম ঢেকিয়াল ফুকনে ১৮৫৩ চনত অসমৰ অৱস্থা সম্পৰ্কে অধ্যয়ন কৰি অহা মোফাট মিল্‌ছক কি প্রতিবেদন প্রদান কৰিছিল?

উত্তৰঃ অসমৰ ৰাজনৈতিক, শৈক্ষিক ভাষিক, অর্থনৈতিক সকলো দিশ সামৰি “Observations on the Administration of the province of Assam.”

৮। আনন্দৰাম ফুকনে কিমান চনত অসমীয়া ভাষা যে বঙলা ভাষাৰ পৰা পৃথক, তাকে দেখুৱাবলৈ গ্ৰন্থ প্রণয়ন কৰিছিল? 

উত্তৰঃ ১৮৫৫ চনত “A few Remarks on Assamese language” খন প্রকাশ কৰিছিল।

৯। আনন্দৰাম ঢেকিয়াল ফুকনৰ অভিধানখনৰ নাম কি? 

উত্তৰঃ “ইংৰাজী অসমীয়া আৰু অসমীয়া ইংৰাজী” অভিধান।

১০। আধুনিক অসমীয়া গদ্যৰ পথ প্ৰদৰ্শক কোন?

উত্তৰঃ আনন্দৰাম ঢেকিয়াল ফুকন।

১১। আধুনিক অসমীয়া গদ্যই পোনপ্ৰথমে কোনখন কাকতত জন্ম লাভ কৰে?

উত্তৰঃ ‘অৰুণোদই’ত।

১২৷ আনন্দৰাম ঢেকিয়াল ফুকনৰ গদ্যৰ এটা বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰঃ বর্ণনামূলক ৰীতি।

১৩। আনন্দৰাম ঢেকিয়াল ফুকনে কি ছদ্মনামেৰে গ্ৰন্থ ৰচনা কৰিছিল?

উত্তৰঃ ‘A Native’.

১৪। অসমৰ গৱৰ্ণৰ জেনেৰেল আৰু কমিচনাৰ কৰ্ণেল হকিন্‌চন্‌ চাহাবে আনন্দৰাম ঢেকিয়াল ফুকনক কাৰ লগত তুলনা কৰিছিল? 

উত্তৰঃ বঙ্গদেশৰ ৰামমোহন ৰায়ৰ লগত ।

১৫। “বঙ্গদেশৰ ৰামমোহন ৰায় যেনে আসামত আনন্দৰাম ফুকনো তেনে আছিল, কিন্তু সেই দুই দেশৰ অৱস্থাৰ প্ৰভেদ আৰু আনন্দৰাম ফুকনৰ নিজৰ উন্নতিৰ নিমিত্তে যিমান সুচল আছিল, তালৈ চাই তেওঁক ৰামমোহন ৰায়তকৈও অসাধাৰণ লোক বোলা উচিত।” কথাষাৰ কোনে কৈছিল?

উত্তৰঃ জেনেৰেল হপকিন্‌চন চাহাবে।

১৬। বিষয়বস্তু অনুসৰি আনন্দৰাম ঢেকিয়াল ফুকনৰ ৰচনাক কেইটা ভাগত ভাগ কৰিব পাৰি আৰু কি কি?

উত্তৰঃ  চাৰিটা ভাগত ভাগ কৰিব পাৰি। সেয়া হ’ল-

(ক) ইতিহাস সম্বন্ধীয়।

(খ) ভূগোল সম্বন্ধীয়।

(গ) নীতি উপদেশমূলক।

(ঘ) ঈশ্বৰ সম্বন্ধীয়।

১৭। আনন্দৰাম ঢেকিয়াল ফুকনৰ গদ্যৰীতিত দেখিবলৈ পোৱা তৎসম আৰু অৰ্ধতৎসম শব্দৰ উদাহৰণ দিয়া ৷

উত্তৰঃ তৎসম : কৰ্ম্ম, জ্ঞান, বিদ্যা, পূৰ্ব্ব, ধৰ্ম্ম ইত্যাদি। 

অর্ধতৎসম : বুৰঞ্জী।

১৮। আনন্দৰাম ঢেকিয়াল ফুকনৰ গদ্যত দেখিবলৈ পোৱা ইংৰাজীৰ পৰা স্ব-অনুদিত শব্দ লিখা।

উত্তৰঃ ভাপৰ ৰথ, ভাপ কল, ভাপ নাও, ইংৰাজী যন্ত্ৰ ইত্যাদি। 

১৯। উচ্চাৰণভিত্তিক আখৰ জোঁটনিৰ পৃষ্ঠপোষক কোন আছিল?

উত্তৰঃ মিছনেৰীসকল।

চমু আৰু ৰচনাধৰ্মী প্রশ্নোত্তৰঃ

১। অসমীয়া ভাষা পুনঃ প্ৰতিষ্ঠাৰ স্তৰৰ গদ্যৰ বিষয়ে আলোচনা কৰা ৷ 

উত্তৰঃ মিছনেৰীসকলৰ উদ্যোগত ১৮৪৬ চনৰ জানুৱাৰী মাহত শিৱসাগৰৰ পৰা প্ৰথম অসমীয়া সংবাদ-পত্র, আলোচনী অৰুণোদই প্রকাশ পায়। অসমীয়া মানুহৰ মনৰ মাজত সোমাই খ্ৰীষ্টিয়ান। ধর্ম প্রচাৰ কৰাটোৱেই আলোচনীখনৰ মুখ্য উদ্দেশ্য আছিল। যদিও আলোচনীখনে খ্ৰীষ্টিয়ান ধৰ্ম প্ৰচাৰ কৰাত বৰ সফল হ’ব পৰা নাছিল। তথাপি দিনে দিনে বাঢ়ি যোৱা পাঠকৰ সংখ্যাই মিছনেৰীসকলক যথেষ্ট উৎসাহিত কৰিছিল। অসমীয়া ভাষাৰ পুনৰ উদ্ধাৰৰ ক্ষেত্ৰত ‘অৰুণোদই’ কাকতে বহু পৰিমাণে সহায় কৰিছিল। বিশেষকৈ দেশ-বিদেশৰ জ্ঞান, বিজ্ঞান, খ্ৰীষ্ট ধর্ম সম্পৰ্কীয় অনেক বিষয়, বিভিন্ন দেশৰ সংবাদ, নৈতিক শিক্ষা, বুৰঞ্জী বিষয়ক লিখনী, জীৱনী আৰু নানা সাৰুৱা কথা ভাঙনি কৰি গদ্যৰ মাধ্যমত ‘অৰুণোদই’ কাকতত প্ৰকাশ পাইছিল। ‘অৰুণোদই ত বিবিধ বিষয়ক ৰচনা গদ্য আৰু পদ্য উভয় মাধ্যমত প্ৰকাশ পাইছিল; অৱশ্যে পদতকৈ গদ্যৰ সংখ্যা বেছি আছিল। মিছনেৰী লেখক বেভাৰেও নাথান ব্ৰাউন, ও.টি. কাটাৰ, মাইলছ বলন, এ. এইচ. ডেনফোর্ড, এ. কে. গাণী আদি আৰু অসমীয়া লেখকসকলৰ ভিতৰত আনন্দৰাম চোকিয়াল ফুকন, নিধিলেবি ফাৰবেল, হেমচন্দ্ৰ বৰুৱা, গুণাভিৰাম বৰুৱা আদি অসমীয়া গদ্যৰ ভেঁটি নির্মাতাসকলৰ ভিতৰত অন্যতম। ‘অৰুণোদই’কাকতে আধুনিক অসমীয়া গদ্যৰ বিকাশৰ সুঁতিটোত এক উল্লেখযোগ্য বৰঙণি আগবঢ়ালে।

‘অৰুণোদই’ কাকতৰ জৰিয়তে আধুনিক অসমীয়া গদ্য প্রাঞ্জল, সহজ-সৰল আৰু সাৱলীল ৰূপত আত্মপ্ৰকাশ কৰিলে। ‘অৰুণোদই’ গণ্য উজনি অসমৰ প্ৰচলিত তদানীন কথিত ভাষাৰ ভেঁটিত গঢ় লৈ উঠিছিল। জনসাধাৰণৰ বোধগম্যতাৰ কাৰণেই মিছনেৰীসকলৰ সৰলীকৃত গদ্যৰ প্ৰসাৰত অধিক গুৰুত্ব দিছিল। উদাহৰণস্বৰূপে―

“এইদৰে ঈশ্বৰৰ সৰু হৈ তেওঁক নষ্ট ন কৰি আপোনাক তুষ্ট কৰিবলৈ ধৰিলে। আপোনাৰ সুখৰ জন্যে পৰম ঈশ্বৰক নিবিচাৰি, সাংসাৰিক বিসয়ৰ বিচাৰ কৰিলে, এনে দৃষ্ট স্বভাৱেৰে, আমি সকলো জন্মি আচো”।

‘অৰুণোদই’ৰ গদ্য ভাব প্রকাশৰ বাহকস্বৰূপ; সেয়ে ইয়াত চুটি চুটি গহীন ভাব প্রকাশক বাক্যৰ প্রয়োগ পোৱা যায়। তদুপৰি ‘অৰুণোদই’ৰ গণ্যত মিছনেৰীসকলৰ আয়ত্ত কৰা জতুৱা ঠাঁচটো ভালদৰে পৰিলক্ষিত হোৱা নাছিল। ‘অৰুণোদই’ৰ গদ্য ভাষাৰ লগত জনসাধাৰণৰ কথিত ভাষাৰ মিল আছে যদিও বাক্যগঠন ৰীতিত নিভাঁজ অসমীয়া ঠাঁচটোৰ পৰিবৰ্তে ইংৰাজী সাহিত্যৰ মাজেৰে প্ৰৱেশ ঘটা এক সহজ-সৰল ভাব প্রকাশক ৰীতি পোৱা যায়।

আনহাতে, ‘অৰুণোদই’ৰ গদ্যৰীতিৰ মাজে মাজে অসমীয়া ঘৰৱা শব্দৰ ব্যৱহাৰ, একাধিক যুৰীয়া শব্দ আৰু মাজে মাজে উপমা আদিৰ প্ৰয়োগো মন কৰিবলগীয়া। ‘অৰুণোদই’ৰ যি কোনো পাততে এনে গদ্যৰীতিৰ নিদৰ্শন পোৱা যায়। তলত এনে ৰীতি প্ৰকাশক গদ্যৰ নমুনা দাঙি ধৰা হৈছে—

“অসম দেসত জেনে হিম, তেনে হিম ন হই। ওপৰৰ পানী গোট খাই, জাৰত হিম হৈ ৰখলা বখলে পৰে। তুলাৰ নিচিনা লঘু, বগাও, বৰ চেচা, দেস খনতে পৰে, মাটি পোত জাই । তাৰ ওপৰে ওপৰে খোজ কাহিলে বালিত সোমোআৰ দূৰে ভৰি সোমাই।”

মিছনেৰীসকলৰ গদা ৰচনাৰ বৰ্ণবিন্যাস ৰীতি আছিল উচ্চাৰণভিত্তিক। জনসাধাৰণৰ কথিত ভাষাৰ ভিত্তিত গদ্য ৰূপ নিৰ বাবে অসমীয়া ভাষাৰ শব্দবোৰ উচ্চাৰণ ভিত্তিক বানান লিখিবলৈ যত্ন কৰিছিল। উদাহৰণস্বৰূপে মিছনেৰীসকলে অসমীয়া উচ্চাৰণত হ্রস্বস্বৰ আৰু দীর্ঘস্বৰৰ পার্থক্য নথকাৰ বাবে কেৱল ‘ই’ ব্যৱহাৰ কৰিছিল। ‘শ’, ষ, স উচ্চাৰণত পাৰ্থক্য পৰিলক্ষিত নহয় বাবে কেৱল ‘স’ আৰু ‘ন’ আৰু ‘ণ’ৰ ক্ষেত্ৰত ‘ন’ ব্যৱহাৰ কৰিছিল। ক্ষ আৰু খ ৰ মাজত উচ্চাৰণৰ প্ৰভেদ পোৱা নাছিল বাবে কেৱল খ, চ আৰু ছ ব ঠাইত ‘চ’ ৰ ব্যৱহাৰ কৰিছিল। একেদৰে উচ্চাৰণ হোৱা কৰ্ণযুক্ত শব্দবোৰ লিখোঁতে মিছনেৰীসকলে এটা ৰূপেই ব্যৱহাৰ কৰিছিল। যেনে— ৰাত্রি, ভাসা, সব্দ, গ্যান।

‘অৰুণোদই’ৰ জৰিয়তে পাতনি মেলা গদ্য ৰচকসকলৰ ভিতৰত আনন্দৰাম ঢেকিয়াল ফুকন, হেমচন্দ্ৰ বৰুৱা আৰু গুণাভিৰাম বৰুৱা আদি অন্যতম। ‘অৰুণোদই’ৰ কালত ডাঙৰ-দীঘল হোৱা থুনুক-থানাক অসমীয়া গদ্যই আনন্দৰাম ঢেকিয়াল ফুকন, গুণাভিৰাম বৰুৱা আৰু হেমচন্দ্ৰ বৰুৱা আদিৰ হাতত বিশুদ্ধ অসমীয়া গদ্যৰ চানেকি ৰূপে প্রতিষ্ঠিত হয়। প্রত্যেক গৰাকী লেখকৰ ৰচনাত প্রতিফলিত হোৱা তেওঁলোকৰ বিশিষ্ট ৰীতিয়ে আধুনিক অসমীয়া গদ্যক সমৃদ্ধি কৰি তোলে।

আধুনিক গদ্যৰ প্ৰাৰম্ভিক স্তৰত অসমীয়া গদ্যক এক সুনির্দিষ্ট ৰূপ দিবলৈ যত্ন কৰা ব্যক্তিসকলৰ ভিতৰত আনন্দৰাম ঢেকিয়াল ফুকনৰ নাম বিশেষভাবে উল্লেখযোগ্য। দুটা খণ্ডত ৰচিত ‘অসমীয়া ল’ৰাৰ মিত্ৰ’ আৰু ‘অৰুণোদই ত প্ৰকাশিত প্ৰৱন্ধসমূহত তেওঁৰ গদ্যৰ পৰিচয় পোৱা যায় এই ৰচনাৰাজিৰ মাজেৰে ঢেকিয়াল ফুকনে ৰচনা কৰা গদ্যই পূর্ণতা লাভ কৰিছিল বুলি ক’ব নোৱাৰি যদিও তেওঁক আধুনিক অসমীয়া গদ্য সৃষ্টিৰ পথ প্ৰদৰ্শক বুলি ক’ব পাৰি। অৰুণোদইৰ গদ্য আৰু ঢেকিয়াল ফুকনৰ গদ্য সমান্তৰাল গতিত আগবাঢ়িছিল যদিও দুয়োবিধ গদ্যৰ মাজত পার্থক্য পৰিলক্ষিত হয়। মিছনেৰীসকলৰ সৃষ্ট গদ্যত আনন্দৰাম ঢেকিয়াল ফুকনে সাৰ-পানী যোগাই নতুন ৰূপত প্ৰতিষ্ঠা কৰিলে। ডিম্বেশ্বৰ নেওগে ‘অৰুণোদই’ গদ্য সম্পর্কে দাঙি ধৰা তলৰ মন্তব্যটি প্রণিধানযোগ্য। যেনে—

“মিছনেৰী গদ্যৰ ভাষা কেঁচৱাৰ থুনুক-থানাক মাতৰ দৰে মিঠা আৰু স্বাভাৱিক, কিন্তু ইংৰাজী ভাব ভাষা যেতিয়াই কোনোজনে গোটে-পাতে অসমীয়াত ভৰাবলৈ গৈছে, তেতিয়াই সেই সাহিত্যৰ পৰা এটা অঁহীয়া গোন্ধ উলাইছে।”

ঢেকিয়াল ফুকনে ‘অৰুণোদই’ কাকতৰ জৰিয়তে সাহিত্যক ৰূপে আত্মপ্ৰকাশ কৰিছিল যদিও তেৱোঁ ‘অৰুণোদই’ৰ বৰ্ণ বিন্যাস নীতি মানি চলা নাছিল। তেওঁৰ গদ্যৰ বাক্যবিন্যাস পদ্ধতিয়ে আধুনিক অসমীয়া গণ্যৰ আত্ম প্রতিষ্ঠাত বিশেষভাৱে অৰিহণা যোগাইছে। ফুকনৰ হাতত নতুন ভাব আৰু কখনৰীতিৰ সমন্বয়ত নতুন সাহিত্যৰ সৃষ্টি হৈছিল। উদাহৰণস্বৰূপে— “কিন্তু যদি শিশুকালৰে পৰা বিদ্যা নিশিকা ডাঙৰ হ’লেও নিশিকা, কিন্তু তুমি নিজেই জানিবা জে ঈশ্বৰে তেনে বুদ্ধি দিয়ক নিদিয়ক শ্ৰম কৰিলে তাৰ পৰা একো গুণ নহয়।”

২। আনন্দৰাম ঢেকিয়াল ফুকনৰ ভাষাৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা। 

উত্তৰঃ ‘অৰুণোদই’ৰ যোগেদি মিছনেৰী লেখকসকলে যি আধুনিক অসমীয়া গদ্যৰ জন্ম দিছিল, সি ঢেকিয়ালৰ হাতত এটা সুদৃঢ় লয়। এইবাবেই তেওঁক অসমীয়া আধুনিক গদ্যৰ জনক বোলা হয়। মিছনেৰীসকলে শিৱসাগৰৰ কথিত ভাষা কি মান্য ভাষালৈ উন্নীত কৰি তাৰ সহায়ত ‘অৰুণোদই’ কাকতত নানান প্রবন্ধ-পাতি ৰচনাৰে আধুনিক অসমীয়া গদ্যৰ জন্ম দিয়ে। তেওঁলোকৰ এই গদ্যৰ ভাষা আছিল সৰল আৰু বর্ণবিন্যাস আছিল উচ্চাৰণভিত্তিক। তদুপৰি বাক্য গঠনত তেওঁলোকে অনুসৰণ কৰিছিল ইংৰাজী ভাষাক।

অসমীয়া ভাষাৰ উচ্চাৰণত হ্ৰস্থ আৰু দীর্ঘ স্বৰৰ মাজত পাৰ্থক্য নাই বাবে মিছনেৰীসকলে কেবল হ্রস্ব স্বৰ ব্যৱহাৰ কৰিছিল। সেইদৰে ‘শ’, ‘ষ’ আৰু ‘স’-ৰ ঠাইত কেৱল ‘স’, ‘অ’, ‘খ’ তাৰু ‘য’ৰ ঠাইত ‘জ’, ‘চ’ আৰু ‘ছ’ৰ ঠাইত কেৱল ‘চ’; ‘ন’ আৰু ‘ণ’ৰ ঠাইত প্ৰায়েই ‘ন’ আৰু ‘ক্ষ’ৰ ঠাইত ‘খা’ ব্যৱহাৰ কৰিছিল। ৰেফৰ লগত তেওঁলোকে দ্বিত্বব্যঞ্জন ব্যৱহাৰ কৰা নাছিল । ব’শ্ৰুতি ধ্বনিৰ ঠাইত ‘অ’ৰ ব্যৱহাৰ মিছনেৰীৰ ভাষাৰ আন এটা বৈশিষ্ট্য আছিল।

আনন্দৰাম ঢেকিয়াল ফুকনৰ ভাষাও আছিল মিছনেৰীসকলৰ দৰে সৰল আৰু বাক্যৰীতিও  তেওঁ গঢ়ি তুলিছিল ইংৰাজী ভাষাৰ বাক্য বিন্যাস ৰীতিৰ আদৰ্শত। অৱশ্যে তেওঁৰ ভাষা যে ন মিছনেৰীসকলৰ লগত হুবহু একে নাছিল। সেই কথা জানিব পাৰি ১৮৫২ চনত ‘অৰুণোদই’ৰ দ্বাদশ সংখ্যাত ঢেকিয়াল ফুকনৰ ইংৰাজি-অসমিয়া আৰু অসমিয়া-ইংৰাজী অভিধান’ প্ৰসংগত ‘অৰুণোদই’ৰ সম্পাদক ও এইচ. ডেনফোর্থে লিখা নিম্নোক্ত কথাখিনিৰ পৰাই ……………….  “শ্ৰীযুত আনন্দৰাম ঢেকিয়াল ফুকনে ইংৰাজী অসমিয়া আৰু অসমিয়া-ইংৰাজী এই ৰূপে দুইখণ্ড অভিধান লিখিচে। এই অভিধানৰ আখৰ জোঁতোৱা আমাতকৈ কিছু বেলেগ হয়।” ইয়াৰ পৰা অনুমান কৰিব পাৰি যে ঢেকিয়াল ফুকনে মিছনেৰীৰ বর্ণবিন্যাস ৰীতি পৰিশালিত আৰু মাৰ্জিত কৰিব বিচাৰিছিল।

মিছনেৰীসকলৰ দৰে, ঢেকিয়াল ফুকনৰ দৰে ঢেকিয়াল ফুকনৰ ভাষাও আছিল সৰল আৰু তেওঁৰ বৰ্ণবিন্যাস ৰীতিৰ উচ্চাৰণত ভিত্তি কৰিয়েই গঢ় লৈ উঠিছিল। ড° মহেশ্বৰ নেওগে ‘অৰুণোদই’ৰ ভাষাত স্বীকৃত ধ্বনিতাত্ত্বিক পৰিৱৰ্তিত ৰূপৰ দীঘলীয়া তালিকা দাঙি ধৰিছে।

ধ্বনিতাত্ত্বিক বিশিষ্টতা

এ > আ, যেনে, এলাহ > আলাহ।

ঋ > ৰি, যেনে, পৃথিৱী > প্রিথিবি।

ঐ > অই, যেনে, গৈ > গই।

ক > খ, যেনে, শিকিবা > শিখিবা।

ষ > খ, যেনে, আষাৰ > আখৰ।

ঠ > ট, যেনে, নাঈঠ > নাঈট।

ঢ় > হ, যেনে, বাঢ়ি > বাহি।

য়ং > ঙ্গ, যেনে, খং > খঙ্গ।

জ্ঞ > গ্য, যেনে, প্রতিজ্ঞা > প্রতিগ্যা।

শ্চ > চ, যেনে, নিশ্চয় > নিচই।

ৎ > ত, যেনে, চিকিৎসালয় > চিকিতসালই।

ক্ষ > খ, যেনে, সাক্ষী > সাখি।

য় > ই, যেনে, সদায় > সদাই।

ৱ > অ, যেনে, মোৱামৰিয়া > মোঅমৰিআ।

ঢেকিয়াল ফুকনৰ ৰচনাত উপদেস সকল’ কিছুমান ভ্রম আদিৰ প্ৰয়োগ আচহুৱা। ‘তোমালোকৰ’ ৰ ঠাইত ‘তমালোক’লিখাটো ‘অৰুণোদই’ৰ লগতে ঢেকিয়াল ফুকনৰো বৈশিষ্ট্য।

ঢেকিয়াল ফুকনৰ ৰচনাত তৎসম (খণ্ড, মধ্য, বিদ্যা, মিত্ৰ, ৰত্ন আদি), অর্ধতৎসম (গিয়ান, জতন, কম, সৱদ আদি) তদ্ভৱ আৰু কামৰূপী উপভাষাৰ (বুৰা, দুতিয়) শব্দৰাজিৰ লগতে অন্যান্য ভাৰতীয় ভাষা আৰু ইংৰাজী আদি বিদেশী ভাষাৰো শব্দৰ প্ৰয়োগ ঘটিছে। এই প্ৰসংগত ‘অৰুণোদই’ গোষ্ঠীৰ মিছনেৰী লেখকসকলে ব্যৱহাৰ কৰা ভাষা সম্বন্ধে ড° মহেশ্বৰ নেওগে কৰা মন্তব্য বিশেষভাৱে প্ৰণিধানযোগ্য : “নতুনকৈ অহা মহাসাগৰৰ সিপাৰৰ আমেৰিকান পাদুৰি ছাহাবসকলে বৈজ্ঞানিকভাৱে অসমীয়া ভাষা আয়ত্ত কৰিবৰ কাৰণে যত্নৰ ত্ৰুটি কৰা নাছিল। পৰাপক্ষত তেওঁলোকে আৰু তেওঁলোকৰ অনুগামী স্থানীয়সকলে ইংৰাজী আদি ইউৰোপীয় ভাষাৰ শব্দৰ পৰিবৰ্তে অসমীয়া মূলৰ পৰা নতুন অসমীয়া শব্দৰ সৃষ্টি কৰি লৈছিল, পুৰণি শব্দ নতুন অৰ্থত প্ৰয়োগ কৰিছিল, কিন্তু নোৱাৰা পক্ষত বিদেশী শব্দ ব্যৱহাৰ কৰিবলৈ সংকোচ নকৰিছিল। কোনো কোনো ঠাইত বিদেশী শব্দ দি অসমীয়াত তাৰ অৰ্থ বহলাই দিয়া হৈছিল ।”

মিছনেৰীসকলৰ দৰে ঢেকিয়াল ফুকনৰ ৰচনাতো বিদেশী শব্দই অসমীয়া ৰূপ লৈ ব্যৱহৃত হৈছে৷ তেনে কেতবোৰ শব্দ হল : ইংৰাজী, ইংৰাজ (English-man), পার্লিমেন্ট (Parliament), ৰেল ৰদ (Rail Road), ভাপৰ ৰথ (Railway car), ফ্রাঞ্চি (French man), কাপ্তান (Captain) কোম্পানি (Company), আছিয়া (Asia), দাক্তৰ (Doctor) |

৩। আনন্দৰাম ঢেকিয়াল ফুকনৰ গদ্যৰীতি সম্পর্কে এটি আলোচনা আগবঢ়োৱা। 

উত্তৰঃ সংস্কৃত গদ্‌ ধাতুৰ লগত যৎ প্রত্যয় লগ লাগি গদ্য শব্দ সাধিত হৈছে। ইয়াৰ অৰ্থ “উক্তি”। ভাবানুভূতিৰ প্ৰকাশিত ৰূপেই গদ্য। ‘কাব্যাদর্শ’ গ্ৰন্থত গদ্যৰ সূত্ৰ দিছে এনেদৰে — ‘অপান পনসন্তানো গদ্যম্।’ অর্থাৎ ছন্দহীন পদৰ ব্যৱহাৰেই গদ্য।

ঢেকিয়াল ফুকন আধুনিক অসমীয়া গদ্যৰ জনক। অসমৰ অফিচ আদালত আৰু স্কুলত বঙলা ভাষা চলি থকা সময়তে মিছনেৰীসকলে আধুনিক অসমীয়া গদ্যৰ জন্ম দি তাৰ বিকাশৰ বাবে যিটো পথ মুকলি কৰি দিছিল, ঢেকিয়াল ফুকনে সেই পথটোৰ জাবৰ-জোঁথৰ আঁতৰাই তাক পৰিষ্কাৰ কৰি তুলিছিল। সেই সময়ত অসমীয়া গদ্যৰ প্ৰকাশিক শক্তি আছিল তেনেই সীমিত । তদুপৰি, বঙলা ভাষাৰ প্ৰভাৱ হেতু বঙলা ঠাঁচ এটিও ইয়াৰ ওপৰত নপৰাকৈ থকা নাছিল ৷ তথাপি তাৰ মাজেদি ঢেকিয়াল ফুকনে অসমীয়া গদ্যক সৌষ্ঠবপূৰ্ণ কৰি তুলিৰ যি চেষ্টা কৰিছিল, সি নিঃসন্দেহে তাৎপর্যপূর্ণ।

ঢেকিয়াল ফুকনৰ গদ্য ক তো ক’তো বিবৃতিমূলক, ক’তো ক’তো চিন্তাশীল আৰু ৰসাশ্রয়ী। তেওঁৰ ভূগোল আৰু বুৰঞ্জী বিষয়ক ৰচনাখিনি বিবৃতিমূলক। যেনে—

(ক) “অতিপূর্বে গোটেই অসমদেসক কামৰূপ বুলিছিল, আৰু তাক চাৰিপিঠ কৰি ভাগ কৰা হৈছিল। অর্থাৎ কামপিঠ, ৰত্নপিঠ, স্বর্ণপিঠ আৰু সৌমাৰপিঠ। এই কামৰূপত পূৰ্ব্বৰে পৰা অনেক ৰাজবংশ ৰাজত্ব কৰি আহিছে। সকলোৰে আদিতে মহীৰঙ্গ দানৱ ৰজা আছিল। তেওঁৰ পিছত বংসৰে চাৰিজনা ৰজা হ’লত। নৰকাসুৰ, ভগদত্ত প্রভৃতি নৰকৰ বংসৰে অনেকে ৰজা হৈ কামৰূপ ক্ৰমে সাসন কৰে।” – এই বৰ্ণনাৰ কলাত্মক মূল্য নাই। ই মাথোন বিবৃতিৰে অতীত অসমৰ ব্যাখ্যা কৰোৱাটোৱেই ইয়াৰ উদ্দেশ্য।

(খ) “হে প্রিয় মিত্ৰসকল, যদি সভ্য আৰু জ্ঞানি আৰু সুখি হ’বৰ বাঞ্ছা কৰা, তেন্তে টোপনিৰ পৰা উঠা। ল’ৰাসকল, তোমালোক আটায়ে একে বাক্য হৈ কাৰো হাক নুশুনি বিদ্যাত আটায়ে চিত আৰু শক্তি দিয়া। যিহেতুকে ধনে, সোনে গিয়ান দিব নোৱাৰে। পিত্ৰি মাত্রিসকল, আটাই কথাকে কাতি কৰি থোৱা। সন্তানক ধন আর্জিব নিদি, বিদ্যা আৰ্জিৰ দিআ, কিয়নো সিহঁত অজ্ঞানি হৈ জি পাপ কৰে তাৰ দোষে তোমালোককো ধৰিব আৰু তাৰ সলনি ঈশ্বৰৰ সোধত তোমালোক দণ্ড নাপাওঁ বুলি নাভাবিবা। ধনৱন্ত লোকসকল, তোমালোকও আজিৰে পৰা উঠা, পূৰ্বৰ প্রতিগ্যা এৰা, তোমালোকৰ ধন মাটিৰ তলত মামৰে নষ্ট কৰিব নিদিবা; কিন্তু দেশত বিদ্যা বিধিলে ধনভাঙ্গা। এই উপাই লোৱা, দেস অৱশ্যে সভ্য আৰু গিয়ানি হ’ব।” (ইংলণ্ডৰ বিৱৰণ) — এই অনুচ্ছেদটোৱে ঢেকিয়াল ফুকনৰ চিন্তাশীল গদ্যশৈলীৰ স্বাক্ষৰ বহন কৰিছে। অনুচ্ছেদটো ব্যাখ্যাত্মক আৰু বিশ্লেষণাত্মক। যুক্তিৰ স্পষ্টতা আৰু ভাবৰ আন্তৰিকতাৰ চাপ অনুচ্ছেনটোত সুস্পষ্ট। লেখকৰ সংযমশীলতাও ইয়াত ফুটি উঠিছে। ভাষাৰ সাৱলীলতা ইয়াৰ অন্যতম বৈশিষ্ট্য।

(গ) “জি সময়ত অসম হাবি গুচি ফুলবাৰি হ’ব, গাঁৱে গাঁৱে হাজাৰ হাজাৰ পহাসালি, জ্ঞানৰ সভা, চিকিৎসালয়, সুখিয়া দৰিদ্ৰ পৰিত্ৰাণৰ আলই হ’ব আৰু জি কালত লোকসকলে পৰম্পৰ হিংসা নকৰি আটায়ে আটাইক ভাৱিত চেনেহ কৰিব; কেৱে দুটকা কানিৰ সলনি মিচা সাখি নিদি লাখ টকাকো কাঠি কৰি থ’ব, কোটি টকা ভেটি পাইও কাৰো অন্যায় নকৰিব বেস্যা কানি আৰু সুৰা এই কথা দেশত লোকে ভাল নোপোৱা হ’ব, সেই সমই হে পৰমপিতা জগদিশ্বৰ সিয়ে ঘটোৱা।”

― এই অনুচ্ছেদটো ঢেকিয়াল ফুকনৰ ৰসাশ্রয়ী গদ্যৰ নিদৰ্শন। কল্যাণবোধ আৰু নৈতিক চেতনাৰে উদ্দীপ্ত লেখকৰ মনৰ অকৃত্রিম অনুভুতিৰ প্ৰকাশ ঘটিছে এই অনুচ্ছেদটোত। লেখকৰ ভাষা প্ৰাঞ্জল আৰু সৰস তদ্ভৱ আৰু দেশী শব্দৰ যথাযথ প্রয়োগে অনুচ্ছেদটো সংবেদনশীল হোৱাত সহায়ত কৰিছে। ইয়াৰ বিৱৰণ আত্মনিষ্ঠ আৰু আৱেগগ্রথিত।

ঢেকিয়াল ফুকনৰ ৰচনাসমূহৰ, বিশেষকৈ নীতি উপদেশমূলক ৰচনাসমূহৰ প্ৰধান উদ্দেশ্য আছিল— অসমীয়া জাতিৰ মংগল সাধন। ঢেকিয়াল ফুকনৰ জীৱন কাল আছিল তেনেই চুটি। কিন্তু ইমান কম দিনৰ ভিতৰতে তেওঁ অসমীয়া ভাষা-সাহিত্য তথা জাতিৰ উন্নতি কল্পে যিখিনি অৱদান আগবঢ়াই থৈ গ’ল, সেইখিনি অকল তাৎপর্যপূর্ণই নহয়, লেখকৰ উন্মেষশালিনী প্ৰতিভাৰ পৰিচায়কো। 

৪। আনন্দৰাম ঢেকিয়াল ফুকনৰ গদ্যৰ আখৰ জোটনি সম্পর্কে লিখা। 

উত্তৰঃ আনন্দৰাম ঢেকিয়াল ফুকনে মিছনেৰীসকলৰ প্ৰচেষ্টাত ওলোৱা অৰুণোদই কাকতত নিজৰ লেখা প্রকাশ কৰিছিল যদিও মিছনেৰীসকলৰ সম্পূৰ্ণ আখৰ জোঁটনি সম্পূৰ্ণ ৰূপে মানি চলা নাছিল। মিছনেৰীসকল আছিল উচ্চাৰণভিত্তিক আনৰ জোঁটনিৰ পৃষ্ঠপোষক। তেওঁলোকৰ মত আছিল – “তাসা লিখোঁতে আখৰৰ জিমান জাতি তিমানহে লিখিব লাগে, একে জাতিৰ দুই-তিনি প্রভেদৰ সকাম নাই। সেয়েহে মিছনেৰীসকলে জ, যৰ ঠাইত য় বা জ; শ, ষ, স-ব ঠাইত কেৱল স; ন, ণ-ৰ ঠাইত কেৱল ন, চ, ছ-ৰ ঠাইত চ; ই, ঈ-কাৰৰ ঠাইত ই কাৰ, উ, ঊ-কাৰৰ ঠাইত উ-কাৰ লিখাৰহে পক্ষপাতি আছিল। তদুপৰি তেওঁলোকে ৰেফৰ পাছত যুক্ত ব্যঞ্জনৰ ঠাইত একক ব্যঞ্জন আৰু শব্দৰ যুক্তাক্ষৰসমূহ সৰলীকৰণ কৰি ব্যৱহাৰ কৰিছিল। আনন্দৰাম ঢেকিয়াল ফুকনে অনেক ঠাইত যি, যদি, যত্ন, যেনে, যিমান মনোযোগী আদি শব্দত ‘য’হে লিখিছে। ‘অৰুণোদই’ এ কেৱল ‘স’ লিখাৰ পৰিৱৰ্তে বিভিন্ন শব্দত শ, ষ, স প্ৰয়োগ কৰিছে। দীর্ঘ স্বৰৰ ব্যৱহাৰো পোৱা যায়। যেনে— পানী, পাপী, পৃথিৱী, নিবাসী ইত্যাদি। ৰেফৰ পাছত দ্বিত্ব ব্যঞ্জনৰ ব্যৱহাৰো আনন্দৰামৰ গদ্যত পৰিলক্ষিত হয়। যেনে— পর্বত, ধৰ্ম্ম, পূৰ্ব্ব ইত্যীদি। যুক্তাক্ষৰৰ ব্যৱহাৰো ফুকনৰ গদ্যত সুলভ। যেনে— জ্ঞানী, বুৰঞ্জী, ইংগ্ৰণ্ড, স্বতন্ত্র ইত্যাদি। সেয়েহে ক’ব পাৰি যে ‘অৰুণোদই’ যুগৰ লেখক হ’লেও আনন্দৰামৰ গদাৰ ঠাঁচ আৰু বৰ্ণবিন্যাস ৰীতি আছিল মিছনেৰীসকলতকৈ পৃথক। “অসমীয়া ল’ৰাৰ মিত্ৰ’ৰ মাজেদি বিকাশ লাভ কৰা ফুকনৰ গদ্যই অসমীয়া গদ্যক আধুনিক ৰূপ প্ৰদান কৰিলে। তেওঁ প্ৰদৰ্শন কৰি যোৱা বাটেৰেই পৰৱৰ্তী অসমীয়া গদ্যলেখকসকলৰ হাতত অসমীয়া গদ্যই নিটোল আৰু পৰিশীলিত ৰূপ ল’বলৈ সক্ষম হ’ল।

আনন্দৰাম ঢেকিয়াল ফুকন আধুনিক অসমীয়া গদ্যৰ আৰ্হি প্রতিষ্ঠাতাই নাছিল, ইংৰাজী শিক্ষাৰ গ্রহণ, পাঠ্যপুথি প্রণয়ন, আধুনিক জীৱনধাৰা আদিৰো পথ প্ৰদৰ্শক আছিল। তেওঁ আছিল অসমীয়া জাতীয়তাবাদবো জন্মদাতা। সেয়ে আনন্দৰাম ঢেকিয়াল ফুকনক আধুনিক অসম আৰু অসমীয়া ভাষাৰ প্ৰাণ প্রতিষ্ঠাতা আখ্যা দিব পাৰি।

আনন্দৰাম ঢেকিয়াল ফুকনৰ সমগ্ৰ ৰচনাৰ লক্ষ্যই আছিল অসম আৰু অসমীয়াৰ উন্নতি সেয়েহে আনন্দৰামৰ গদ্যৰ মাজত মিছনেৰীসকলৰ গদ্যত নথকা কাব্যিকতা গুণ পৰিলক্ষিত হয়। ফুকনৰ নীতিবচন জাতীয় ৰচনাত এনে কাব্যিকতা পৰিস্ফুট হয়।

৫। আনন্দৰাম ঢেকিয়াল ফুকনৰ ৰচনাৰাজি সম্পৰ্কে এটি নিবন্ধ যুগুত কৰা। 

উত্তৰঃ সোতৰ বছৰ বয়সৰ পৰা লিখিবলৈ আৰম্ভ কৰা আনন্দৰাম ঢেকিয়াল ফুকনে নিচেই চুটি জীৱনকালৰ সময়ছোৱাতে অসমীয়া ভাষা-সাহিত্য তথা সমাজলৈ গুৰুত্বপূৰ্ণ বৰঙণি আগবঢ়াই থৈ গৈছে।

তেওঁৰ দ্বাৰা ৰচিত ৰচনাৰাজি বা কৃতিসমূহক তলত দেখুওৱা হ’ল—

(ক) পাঠ্যপুথি প্রণয়ন : ঔপনিবেশিক আমোলত ১৮৩৫ চনত কেপ্তেইন জেনকিন্সে গুৱাহাটীত ‘গুৱাহাটী ছেমিনাৰী’ নামেৰে অসমৰ প্ৰথমখন আধুনিক শিক্ষাৰ স্কুল স্থাপন অৱশ্যে ইয়াৰ পিছৰ বছৰতেই ব্ৰিটিছ প্ৰশাসনে অসমৰ স্কুল, আদালত আদিৰ পৰা অসমীয়া ভাষা বিতাড়িত কৰি বঙলা ভাষা প্ৰচলন কৰিছিল। আনন্দৰাম ঢেকিয়াল ফুকনে এই কথা মুঠেই সহ্য কৰিব পৰা নাছিল। তেওঁ ভালদৰে উপলব্ধি কৰিছিল যে মাতৃভাষাৰ জ্ঞান অর্জন যিমান সহজ আৰু বিদেশী ভাষাত জ্ঞান লাভ কৰাটো সিমান সহজ নহয়। তদুপৰি দেশীয় ভাষাৰ উন্নতি অবিহনে অসমীয়া মানুহ তথা জাতীয় জীৱনৰ উন্নতি অসম্ভব। সেয়েহে অসমীয়া ভাষাত পাঠ্যপুথিৰ অভাৱৰ প্ৰতি লক্ষ্য ৰাখি ইংৰাজী পাঠ্যপুথিৰ আৰ্হিৰে অসমীয়া অসমীয়া ল’ৰাৰ মিত্ৰ, দ্বিতীয় আৰু তৃতীয় কাণ্ড নামেৰে দুখন পাঠ্যপুথি ১৮৪৯ চনত প্ৰকাশ কি উলিয়াইছিল। অসমীয়া ল’ৰাৰ মিত্ৰ দ্বিতীয় কাণ্ডৰ সৰহখিনি ৰচনাই উপদেশমূলক। অৱশে ইয়াৰ উপৰি দেশী-বিদেশী বিভিন্ন নগৰৰ বিৱৰণ, খ্ৰীষ্টিয়ান আৰু মুছলমান ধৰ্মৰ বিৰ বৈজ্ঞানিক আৱিষ্কাৰ, যেনে— ‘সূক্ষ্ম দর্শন যন্ত্ৰ’, ‘দূৰদৰ্শন যন্ত্র’, ‘বাষ্পীয় অর্থাৎ ভাপৰ কল’ ‘বাষ্পীয় নাও’ অর্থাৎ ‘নিগ নিৰূপণ যন্ত্র’ ইত্যাদিৰ বিৱৰণ আদি বিষয়েও ঠাই পাইছে। অসমীয়া ল’ৰাৰ মিত্ৰ তৃতীয় কাণ্ডটো ঘাইকৈ ভূগোল বিষয়ক। পুথিখনৰ পৰিচয় পৃষ্ঠাটোত এনেদৰে পোৱা যায়— ‘ভূগোল প্ৰকৰণ, অর্থাৎ প্ৰকৰণ যিসকল দেশ আছে তাৰ নদী, পৰ্বত, নগৰ, অদ্ভুত, বস্তু, ৰাজ্য শাসন, উৎপন্ন দ্রব্য, বাণিজ্য আৰু লোকসকলৰ ৰীতি, চৰিত্ৰ, ধৰ্ম ইত্যাদিব। বিৱৰণ। ইয়াৰ মাজতে আসিয়াৰ বুৰঞ্জি’, ‘ইউৰোপৰ বুৰঞ্জী’, ‘ইউৰোপৰ বুৰঞ্জী’, ‘আমেৰিকাৰ বুৰঞ্জী’ শীৰ্ষক বুৰঞ্জীমূলক ৰচনায়ো ঠাই পাইছে।

(খ) অনুবাদমূলক ৰচনা : অসমীয়া ভাষাত ব্যৱহাৰিক পুথিৰ অভাৱৰ প্ৰতি লক্ষ্য ৰাখি আনন্দৰাম ঢেকিয়াল ফুকনে কেইবাখনো আইন সংক্রান্তীয় পুথি বঙলা ভাষাৰ পৰা অনুবাদ কৰিছিল। পুথিকেইখন হৈছে— ফুকন দেৱান কায়দা বন্দি (১৮৪৯-৫০), সদৰ দেৱানী নিষ্পত্তি (১৮৫০), আইন আৰু ব্যৱস্থা সংগ্ৰহ (১৮৫৫)।

(গ) প্রকাশিত প্রতিবেদন আৰু পুস্তিকা : গভীৰ জাতীয়তাবাদী আনন্দৰাম ঢেকিয়াল। ফুকনে ১৮৫৩ চনত অসমৰ অৱস্থা সম্পর্কে অধ্যয়ন কৰি অহা মোফাট মিল্‌ছক অসমৰ ৰাজনৈতিক, সামাজিক, অর্থনৈতিক, শৈক্ষিক ভাষিক আদি সকলো দিশ সামৰি ইংৰাজীতে ‘Observations on the Administration of the province of Assam.’ এখন প্রতিবেদন প্ৰদান কৰিছিল। এই প্ৰতিবেদন অসমৰ ৰাজনৈতিক আৰু প্ৰশাসনিক অৱস্থা আৰু সমস্যাৰ গভীৰ উপলব্ধি আৰু সমালোচনা, অসমীয়া ভাষা আৰু শিক্ষাৰ সমস্যাৰ বিশ্লেষণ । অসমীয়া মানুহৰ অৰ্থনৈতিক সুৰৱস্থাৰ কাৰণ আৰু ইয়াৰ প্ৰতিকাৰৰ উপায়। অসমৰ উৎপন্ন বস্তু আৰু এইবোৰৰ উন্নতি সম্পর্কে ঢেকিয়াল ফুকনে ইংৰাজীতে নিখুঁত ৰূপত তুলি ধৰিছিল। অসমৰ বিভিন্ন দিশৰ সন্দৰ্ভত প্ৰস্তুত কৰা প্ৰতিবেদনখনে ফুকনৰ গভীৰ জ্ঞান আৰু বিচক্ষণ বুদ্ধিৰ পৰিচয় দিয়ে।

১৮৫৫ চনত আনন্দৰাম ঢেকিয়াল ফুকনে ইংৰাজীত A few Remarks on Assamese Language নামেৰে এখন পুস্তিকা প্রকাশ করে। এই পুস্তিকাখনত নাটকৰ নাম উল্লেখ কৰি অসমীয়া ভাষাৰ স্বকীয়তা প্ৰতিষ্ঠা কৰিব পাৰিছিল আৰু অসমত বঙলা ভাষা জাপি দিয়াৰ বিষময় ফল আলোচনা কৰিছিল।

(ঘ) অভিধান প্রণয়ন : আনন্দৰাম ঢেকিয়াল ফুকনে অভিধান প্রণয়নৰ কামতো হাত দিছিল । তেওঁ ইংৰাজী- অসমীয়া আৰু অসমীয়া-ইংৰাজী নামেৰে এখন অভিধান প্ৰণয়ন কৰিবলৈ লৈ অৰুণোদইত A-ৰ পৰা Ablution পর্যন্ত ইয়াৰ নতুনা প্ৰকাশ কৰিছিল। কিন্তু তেওঁৰ অকাল বিয়োগত এই অভিধান সম্পূৰ্ণ কৰিব নোৱাৰিলে।

৬। আনন্দৰাম ঢেকিয়াল ফুকনৰ গদ্যৰ লগত মিছনেৰীসকলৰ গদ্যৰীতি আৰু আখৰ জোটনিৰ পাৰ্থক্য আলোচনা কৰা।

উত্তৰঃ ১৮৪৬ চনত জন্ম গ্ৰহণ কৰা অৰুণোদই কাকততে আধুনিক অসমীয়া গদ্যই জন্মলাভ কৰে। অৰুণোদইৰ গদ্যৰ বাবে বিদেশী মিছনেৰীসকলে আৰ্হি হিচাপে লৈছিল পুৰণি অসমীয়া বুৰঞ্জীৰ গদ্য আৰু জনসাধাৰণৰ মুখৰ কথনভঙ্গীক। মিছনেৰীসকলে অসমীয়া ভাষাটো আন্তৰিকতাৰে শিকিবলৈ চেষ্টা কৰিছিল যদিও অসমীয়া ভাষাৰ দৰে সমৃদ্ধিশালী ভাষাটো অতি কম সময়তে আয়ত্ত কৰাটো তেওঁলোকৰ বাবে সহজ নাছিল। তদুপৰি অসমীয়া লিখাৰ সময়তো অজ্ঞাতসাৰে ইংৰাজী বাক্যৰীতিৰ প্ৰভাৱ পৰিছিল। ফলস্বৰূপে মিছনেৰীসকলে জনসাধাৰণৰ কথিত ভাষাৰ আধাৰত সহজ-সৰল গদ্যৰ সৃষ্টি কৰিছিল যদিও বাক্য গঠন ৰীতি সকলো সময়তে নিভাঁজ অসমীয়া ঠাঁচ নাছিল। সেয়েহে মিছনেৰীসকলৰ গদ্যক ডিম্বেশ্বৰ নেওগে কেঁচুৱাৰ থুনুক থানাক মাতৰ লগত তুলনা কৰিছিল। মিছনেৰীসকলৰ গদ্যক আনন্দৰাম ঢেকিয়াল ফুকনে এক নতুন মাত্রা দান কৰিলে। সেয়েহে আনন্দৰাম ঢেকিয়াল ফুকনক আধুনিক অসমীয়া গদ্যৰ পথ প্ৰদৰ্শক বুলি কোৱা হয়। 

আনন্দৰাম ঢেকিয়াল ফুকনৰ ৰচনাৰাজিৰ মাজত প্ৰধানকৈ বৰ্ণনামূলৰ ৰীতি পৰিলক্ষিত হয়। তেওঁৰ গদ্যৰ ভাষাও সহজ-সৰল অনাড়ম্বৰ। আনন্দৰামৰ গদ্যত মিছনেৰীসকলৰ গদ্যত নথকা কাধিক্যতা গুণ পৰিলক্ষিত হয়। ফুকনৰ নীতিবচন জাতীয় ৰচনাত এনে কাবিক্যতা পৰিস্ফুট হয়।

আনন্দৰাম ঢেকিয়াল ফুকনে মিছনেৰীসকলৰ আখৰ জোঁটনি সম্পূৰ্ণৰূপে মানি চলা নাছিল। মিছনেৰীসকল আছিল উচ্চাৰণভিত্তিক আখ-জোঁটনিৰ পৃষ্ঠপোষক। তেওঁলোকৰ মত আছিল “তাসা লিখোঁতে আখৰৰ জিমান জাতি তিমানহে লিখিব লাগে, একে জাতিৰ দুই-তিনি প্রভেদৰ সকাম নাই।”

সেয়েহে মিছনেৰীসকলে জ, য-ৰ ঠাইত য় বা জ; শ, ষ, স-ৰ ঠাইত কেৱল স; ন, ণ-ৰ ঠাইত ন; চ, ছ-ৰ ঠাইত চ; ই, ঈ-ৰ কাৰৰ ঠাইত ই-কাৰ, উ, ঊ-কাৰৰ ঠাইত উ-কাৰ লিখাৰহে পক্ষপাতি আছিল তদুপৰি তেওঁলোকে ৰেফৰ পাছত যুক্ত ব্যঞ্জনৰ ঠাইত একক ব্যঞ্জন আৰু শব্দৰ যুক্তাক্ষৰসমূহ সৰলীকৰণ কৰি ব্যৱহাৰ কৰিছিল।

আনন্দৰাম ঢেকিয়াল ফুকনে অনেক ঠাইত যি, যদি, যেনে, যত্ন, যিমান, মনোযোগী আদি শব্দত “য’হে লিখিছে। ‘অৰুণোদই’, কেৱল ‘স’ লিখাৰ পৰিৱর্তে বিভিন্ন শব্দত শ, ষ, স প্রয়োগ কৰিছে। দীর্ঘ স্বৰৰ ব্যৱহাৰো তাত পৰিলক্ষিত হয়। যেমে— ‘পৰ্ব্বত’, ‘ধৰ্ম্ম’, ‘পূৰ্ব্ব’ ইত্যাদি। যুক্তাক্ষৰৰ ব্যৱহাৰ ফুকনৰ গদ্যত সুলভৰূপে পোৱা যায়। যেনে— জ্ঞানী, বুৰঞ্জী, স্বতন্ত্র ইত্যাদি। সেইবাবে লক্ষ্য কৰিব পাৰি যে— ‘অৰুণোদই’ৰ লেখক হ’লেও আনন্দৰাম ঢেকিয়াল ফুকনৰ -গনাৰ ঠাঁচ আৰু বর্ণবিন্যাস ৰীতি আছিল মিছনেৰীসকলতকৈ পৃথক।

আনন্দৰাম ঢেকিয়াল ফুকন আধুনিক অসমীয়া গদ্যৰ আৰ্হি প্ৰতিষ্ঠাতাই নাছিল ইংৰাজী শিক্ষাৰ গ্রহণ, পাঠ্যপুথি প্রণয়ন, আধুনিক জীৱনধাৰা আদিৰো পথ প্ৰদৰ্শক আছিল। তেওঁ প্ৰদৰ্শন কৰি যোৱা বাটেৰেই পৰৱৰ্তী অসমীয়া গদ্যলেখকৰ হাতত অসমীয়া গদ্যই নিটোল আৰু পৰিশালিত ৰূপ লাভ কৰিবলৈ সক্ষম হ’ল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top