Axamiya Godhor Chaneki Unit 2 প্রাচীন অসমীয়া গদ্য : নির্বাচিত পাঠ

Axamiya Godhor Chaneki Unit 2 প্রাচীন অসমীয়া গদ্য : নির্বাচিত পাঠ, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Axamiya Godhor Chaneki Unit 2 প্রাচীন অসমীয়া গদ্য : নির্বাচিত পাঠ Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Axamiya Godhor Chaneki Unit 2 প্রাচীন অসমীয়া গদ্য : নির্বাচিত পাঠ Question Answer can be of great value to excel in the examination.

Axamiya Godhor Chaneki Unit 2 প্রাচীন অসমীয়া গদ্য : নির্বাচিত পাঠ

Join Telegram channel

Table of Contents

Axamiya Godhor Chaneki Unit 2 প্রাচীন অসমীয়া গদ্য : নির্বাচিত পাঠ Notes cover all the exercise questions in UGC Syllabus. Axamiya Godhor Chaneki Unit 2 প্রাচীন অসমীয়া গদ্য : নির্বাচিত পাঠ The provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

প্রাচীন অসমীয়া গদ্য : নির্বাচিত পাঠ

ASSAMESE

অসমীয়া গদ্যৰ চানেকি (ক)

• কথা গীতা (ভট্টদেৱ) : ‘কর্মযোগ’ অংশ

• তুংমুঙীয়া বুৰঞ্জী : ‘স্বৰ্গদেউ ৰুদ্ৰসিংহ’ অংশ (সূৰ্য্যকুমাৰ ভূঞা সম্পাদিত) 

• গুৰু চৰিত কথা : ‘শঙ্কৰ-মাধৱৰ মিলন’ অংশ (মহেশ্বৰ নেওগ সম্পাদিত)

(ক) কথা গীতা (ভট্টদেৱ )

(‘কর্মযোগ’ অংশ)

অতি চমু প্রশ্নোত্তৰঃ

১। ভট্টদেৱৰ প্ৰকৃত নাম কি? 

উত্তৰঃ বৈকুণ্ঠনাথ ভাগৱত ভট্টাচার্য।

২। ভট্টদেৱৰ পিতৃৰ নাম কি?

উত্তৰঃ চন্দ্ৰভাৰতী।

৩। ভট্টদেৱে কাৰ ওচৰত শৰণ লৈছিল?

উত্তৰঃ দামোদৰদেৱৰ ওচৰত।

৪। ভট্টদেৱে কেতিয়া ইহলীলা সম্বৰণ কৰে?

উত্তৰঃ ১৬৩৮ খ্ৰীঃত।

৫ ৷ কথা ভাগৱত কোন শতাব্দীৰ ৰচনা?

উত্তৰঃ ষোড়শ শতাব্দীৰ শেষ দশকৰ ৰচনা।

৬। ভট্টদেৱৰ ভক্তিবিবেক গ্রন্থ কি ভাষাত লিখা?

উত্তৰঃ সংস্কৃত ভাষাত।

৭। ভট্টদেৱৰ জন্ম কেতিয়া হৈছিল? 

উত্তৰঃ ১৫৮৮ খ্ৰীঃত।

৮। ভট্টাচার্য উপাধিটো ভট্টদেৱক কোনে দিছিল?

উত্তৰঃ দামোদৰদেৱে তেওঁৰ ভক্তি আৰু পাণ্ডিত্যত মুগ্ধ হৈ ভট্টাচাৰ্য উপাধিটো প্ৰদান কৰিছিল।

৯। কবিৰত্ন উপাধিটো কাক দিয়া হৈছিল?

উত্তৰঃ ভট্টদেৱক ৷ ভাগৱত শাস্ত্ৰত ব্যুৎপত্তি থকাৰ বাবে এই উপাধি লাভ কৰিছিল।

১০। কাৰ আদেশ মতে ভট্টদেৱে ভাগৱত গদ্যত ভাঙনি কৰিছিল? 

উত্তৰঃ দামোদৰদেৱৰ আজ্ঞা মতে স্ত্রী-শূদ্র সর্বলোকে ভালদৰে বুজিব পৰাকৈ ভাগৱত গদ্যত ভাঙনি কৰে ।

১১। অসমীয়া গদ্য-সাহিত্যৰ পথ প্ৰদৰ্শক বুলি কাক কোৱা হয়?

উত্তৰঃ ভট্টদেৱক।

১২। ভাগৰত আচাৰ্য বা ভাগৱত ভট্টাচার্য উপাধিটো কোনে ভট্টদেৱক প্ৰদান কৰিছিল? 

উত্তৰঃ গোপাল মিশ্ৰই।

১৩। গীতা কি?

উত্তৰঃ গীতা হিন্দু ধৰ্মৰ পবিত্র গ্রন্থ।

১৪। কথা-গীতাৰ তৃতীয় অধ্যায়ত কি পোৱা যায়?

উত্তৰঃ কথা-গীতাৰ তৃতীয় অধ্যায়ত কৰ্মযোগৰ কথা পোৱা যায়।

১৫। কথা-গীতাৰ কৰ্মযোগৰ খণ্ডত কাৰ কাৰ মাজত কথোপ কথনৰ কথা উল্লেখ কৰা হৈছে? 

উত্তৰঃ অর্জুন আৰু গ্ৰীকৃষ্ণৰ মাজত।

১৬। ভট্টদেৱৰ প্ৰসিদ্ধ গ্রন্থ কেইখন আৰু কি কি?

উত্তৰঃ তিনিখন। সেইয়া হ’ল— কথা-ভাগবত, কথা-গীতা আৰু কথা-ৰত্নাবলী।

১৭। ভট্টদেবে কথা-গীতাত কেইটা টীকাৰ আলোচনা কৰিছিল?

উত্তৰঃ চাৰিটা।

১৮। কথা-গীতাত আলোচনা কৰা চাৰিটা টীকা কি কি? 

উত্তৰঃ শংকৰী ভাস্কৰী, দামোদৰী আৰু শ্ৰী শ্ৰী টীকা।

১৯। ভট্টদেৱে স্থাপন কৰা সত্ৰ দুখন কি কি?

উত্তৰঃ পাটবাউসী আৰু ব্যাসকুছি সত্ৰ। 

২০৷ ভট্টদেৱে সংস্কৃত ভাষাত লিখা গ্ৰন্থ দুখনৰ নাম লিখা। 

উত্তৰঃ ভক্তিসাৰ আৰু ভক্তি প্রদীপ।

২১। ভট্টদেৱৰ গদাৰ দুটা বৈশিষ্ট্য লিখা। 

উত্তৰঃ ভট্টদেৱৰ গদ্যৰ দুটা বৈশিষ্ট্য হ’ল—

(ক) তৎসম, তদ্ভৱ শব্দৰ অধিক প্রয়োগ।

(খ) ভট্টদেৱৰ গদ্যত ব্যৱহৃত বাক্যবোৰ চুটি চুটি।

২২। ভট্টদেৱে অসমীয়াত ৰচনা কৰা তিনিখন গ্রন্থ কি কি?

উত্তৰঃ শৰণমালিকা, গুরুবংশাৱলী আৰু প্ৰসঙ্গমালা।

২৩। ব্যাসৰ অৱতাৰ বুলি কাক কোৱা হয়?

উত্তৰঃ ভট্টদেৱক।

চমু আৰু ৰচনাধৰ্মী প্ৰশ্নোত্তৰঃ

১। ভট্টদেৱৰ কথা-গীতাৰ গদ্যশৈলীৰ বিষয়ে এটি টোকা লিখা। 

উত্তৰঃ কথা-গীতা অতি প্ৰসিদ্ধ আৰু তত্ত্বপ্ৰধান সংস্কৃত শাস্ত্ৰৰ অসমীয়া গদ্যলৈ ৰূপান্তৰ কৰি ভট্টদেৱে অসমীয়া ভাষাক উচ্চ মর্যাদা দান কৰাৰ লগে লগে তত্ত্বগধুৰ ভাৱ প্ৰকাশৰ সহজ বাহনৰূপে অসমীয়া গদ্যভাষাক থিয় কৰায়। 

দৈনন্দিন কথ্য ভাষাক তেওঁ গ্ৰহণ কৰা নাই। কথ্য ভাষাৰে এটা সাধু আৰু গম্ভীৰ ৰূপ গদ্যত ব্যৱহাৰ কৰিছে। ভট্টদেৱৰ বাক্যত শব্দ বিন্যাসৰ প্ৰণালী নিখুঁত আৰু ব্যাকৰণ প্ৰয়োগ বিশুদ্ধ।

বাক্যবোৰ সাধাৰণতে ছুটি ছুটি, কিন্তু স্থানবিশেষে সংস্কৃতীয়া প্ৰভাৱৰ পৰা মুক্ত হ’ব নোৱাৰি সীমাবদ্ধ বাক্যও প্রয়োগ কৰা দেখা যায়। তৎসম আৰু তদ্ভৱৰ প্ৰয়োগৰ সমতা ৰক্ষা কৰি তেওঁ বাক্যবোৰ ৰচনা কৰিছে। কথা-ভাগৱত প্ৰণয়ন কৰাৰ পাছত ভট্টদেৱে ভাৰতীয়সকলৰ প্রাণস্বৰূপ ভগৱান শ্ৰীকৃষ্ণৰ মুখ নিসৃত উপনিষদৰ সাৰতত্ত্ব, অষ্টাদশ অধ্যায়ত সম্পূর্ণ সংস্কৃত গীতা শাস্ত্ৰৰ অসমীয়া গালৈ ভাঙনি কৰিলে। প্রকৃতপক্ষে ভট্টদেৱে বিষ্ণু ভক্তিৰ মূল তত্ত্ব সংস্কৃত ভাষাৰ পৰা অসমীয়া গদ্যৰ মাজেদি সৰ্বসাধাৰণৰ মাজত যথাযথভাৱে বিতৰণ কৰিবলৈ সক্ষম হ’ল—

পণ্ডিত হেমচন্দ্ৰ গোস্বামীয়ে কথা ভাগবত গন্যতকৈ কথা গীতাৰ গন্য বেছি কোমল আৰু সৰল বুলি উল্লেখ কৰিছে। পুৰণি অপ্রচলিত শব্দৰ প্ৰয়োগ তেনেই কম, ৰচনাশৈলী বেছি প্রাঞ্জল আৰু মধুৰ। চুটি চুটি বাক্যৰে ব্যাপকভাৱে প্ৰকাশ কৰিব পৰা কৌশল কথা-গীতাত আছে। মূল তত্বপূর্ণ দার্শনিকভাৱে ভট্টদেৱে সুন্দৰকৈ নিজৰ ভাষাৰে ব্যক্ত কৰিছে।

চিত্ৰধৰ্মিতা তেওঁৰ কথাশৈলীৰ এটি বিশেষ লক্ষণ। বহু ক্ষেত্ৰত তেওঁ দুটা শব্দ এনেকৈ চুটি কৰিছে। যেনে—নসম্বরে (সম্ভৱ নহয়), নিয়মি (নিয়ম কৰি); অনুসৰিব (অনুসৰণ কৰিব )। চুটি বাক্যবোৰৰ চমৎকাৰ অৰ্থ আৰু গঠনৰীতি বিশেষভাৱে মন কৰিবলগীয়া। যেনে— যুধিষ্ঠিৰৰ আগে ভীষ্মে কহিছা, অৰ্থৰ দাস পুৰুষ, অৰ্থ কাৰো দাস নহে, আক তুমি সত্য জানিবা সংস্কৃত শব্দৰ প্ৰয়োগ তেওঁৰ গদ্যশৈলীৰ এক বৈশিষ্ট্য। যেনে— সম, জলাঞ্জলি, শৃগাল ইত্যাদি।

ভট্টদেৱৰ শব্দ চয়ন, বাক্য গঠন তথা গদ্যৰীতি কামৰূপী উপভাষাৰ কথিত ৰূপৰ ভালেখিনি নিকটবর্তী। যেনে— শিখোৱা (শিকোৱা), নহে (নহয়), পুৰাণ (পুৰণি), নপোৱা নোপোৱা)। ঘৰুৱা উপমা প্রয়োগ, যেনে— যেন বাপী কুপ তড়াগত যিমান স্থান পানাদি কার্য হয়, সিমান কাৰ্য মহাহ্ৰদত একে ঠাই হয়। ভট্টদেৱৰ গদ্যত তিনিটা কালৰ প্ৰভাৱ দেখা যায়। ভট্টদেৱৰ কথা-গীতাৰ গদ্যত বিসৰ্গৰ ঠাইত মূর্ধন্য ষ ব্যৱহাৰ কৰিছে। যেনে— দুখ (দুঃখ)। কেতিয়াবা দ্বিত আখৰৰ ব্যৱহাৰ নকৰাকৈ ব্যৱহাৰ আছে। যেনে— ইচ (ইচ্ছা); আসন (আসন্ন)। অব্যয় পদৰ ব্যৱহাৰ ভট্টদেৱৰ কথা-গীতাত দেখা যায়। যেনে— আউৰ, আবো, তথাপি ইত্যাদি কেতিয়াবা অব্যয় শব্দ ব্যৱহাৰ নকৰাকৈ দুটা শব্দ সংযোগ কৰিছে। যেনে— মাৰে মৰে। ইয়াত সংযোগ অব্যয় আৰু লুপ্ত হৈছে। ভট্টদেৱে বচন বুজাবলৈ ব্যৱহাৰ কৰা প্ৰত্যয়বোৰ হ’ল সৱ, সকল, গণ, বিস্তৰ ইত্যাদি। খদিবোলা, যি বুলিছা, এতেকে, পাড়ে আদি খণ্ডবাক্যবোৰে বিৰোধ নিবাৰণ সংশয়াত্মক প্ৰশ্নৰ অৱতাৰণা কৰি সংশয় নিবৃত্তি আৰু উপসংহাৰ আদিৰ বিস্তাৰ বানাত্মক গতি নিৰ্দেশ কৰিছে। এই ৰীতিয়ে ভট্টদেৱৰ কথা শৈলীত নাটকীয় পৰশ ঢালি বিষয়বস্তু আকষর্ণীয় কৰি তুলিছে।

ভট্টদেৱৰ গদ্যত সাতোটা বিভক্তিৰে প্ৰয়োগ দেখা যায়। প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰুষৰ ব্যৱহাৰ হয়। অসমাপিকা ক্ৰিয়াৰ ৰূপত হুয়া, দিয়া, বুলি, ধৰিতে আদি ব্যৱহাৰ হয় । 

গতিকে, ভট্টদেৱৰ কথাশৈলী নিবন্ধনে বৰ্তমানৰ অসমীয়া গদ্য সাহিত্যৰ পথ নির্দেশক বুলি ক’ব পাৰি।

২। ভট্টদেৱৰ কথা-সীতাৰ তৃতীয় অধ্যায়ত কৰ্মযোগৰ কথাখিনি শ্ৰীকৃষ্ণই অৰ্জুনৰ আগত কেনেদৰে বৰ্ণনা কৰিছে।

উত্তৰঃ অৰ্জুনক বিমান দূৰ কৰিবলৈ আত্মা শৰীৰ, স্থিত প্ৰজ্ঞ, জ্ঞান মাৰ্গৰ কথা কৈ শ্ৰীকৃষ্ণ‍ই অৰ্জুনক কর্মযোগৰ কথাখিনি ক’বলৈ আৰম্ভ কৰিলে।

গীতাত শ্ৰীকৃষ্ণই অৰ্জুনক কৈছে যিজনৰ মনৰ সহায়ত ইন্দ্ৰিয় সংযত কৰি কৰ্মোন্দ্ৰিয়বোৰৰ সহায়ত অনাসক্ত হৈ কৰ্ম কৰে তেওঁৱেই শ্রেষ্ঠ। তোমাৰ নিৰ্দিষ্ট কৰ্ম কৰা, কাৰণ কৰ্ম নকৰাতকৈ কৰ্ম কৰা উত্তম। কৰ্ম নকৰিলে শৰীৰ ধাৰণো সম্ভৱ নহয়। যজ্ঞ কর্ম ব্যতীত অন্য কর্ম অনুষ্ঠানত লোকসকল কৰ্মৰ দ্বাৰা আৱদ্ধ হয়। গতিকে হে কৌন্তেয়, তুমি অনাসক্ত হৈ ঈশ্বৰৰ প্ৰীতিৰ কাৰণে কৰ্ম কৰা।

চিত্তশুদ্ধি অবিহনে জ্ঞান প্রাপ্ত নহয়। বৰষুণৰ পৰা অন্ন জন্মে, অন্নৰ পৰা জীৱ আকৌ যজ্ঞৰ পৰা মেঘৰ উৎপত্তি আৰু কৰ্মৰ পৰা যজ্ঞৰ সৃষ্টি হয়। কৰ্মৰ পৰা বেদৰে সৃষ্টি আৰু বেদ পৰমব্ৰহ্ম সৃষ্ট। সেই কাৰণে সৰ্বব্যাপ্ত ব্ৰহ্ম সদায় যজ্ঞত অধিষ্ঠিত। যিজন ইন্দ্ৰিয়াসক্ত পাপীয়ে এইদৰে প্ৰৱৰ্তিত কৰ্মচক্ৰৰ অনুষ্ঠান নকৰে তেওঁৰ জীৱনেই বৃথা। বিজনৰ আত্মাতেই প্রীতি, আত্মাতেই যি তৃপ্ত আৰু সন্তুষ্ট তেনে আত্মবান পুৰুষৰ একো নাই। এনে আত্মবান পুৰুষৰ জগতত কোনো কৰ্মৰ প্ৰয়োজন নাই। কর্ম ত্যাগতো তেওঁৰ পাপ-পুণ্য নাই। মুক্তিৰ লাভৰ আশাত কাৰো আশ্ৰয় ল’বলগীয়া নহয়

গতিকে অনাসক্ত হৈ কাম কৰিব লাগে, কিয়নো অনাসক্ত হৈ কাম কৰিলে পৰমপদ লাভ কৰে। মহাত্মাসকলে কৰ্মৰ মাজেদি সিদ্ধি লাভ কৰিছিল। সেইবাবে লোক শিক্ষাৰ প্ৰয়োজনতো তুমি কৰ্ম কৰা উচিত। শ্রেষ্ঠজনে যি কৰ্ম কৰে প্ৰাকৃত জনে তাকে আচৰে, শ্রেষ্ঠই যি প্ৰমাণ মানে অন্যসকলেও তাকে অনুসৰণ কৰে। মই তিনিও লোকত থাকিও কৰ্ম কৰোঁ। এলাহত যদি কোনো দিন কৰ্ম নকৰিলো হয় তেন্তে মোৰ পথিকসকলে সেইটোকে অনুসৰণ কৰিব আৰু তেনে কৰ্মই সকলোকে নষ্ট কৰিব। 

হে অর্জুন বেদ তিনিওটা গুণৰ কৰ্মৰূপ সকলো ভোগ আৰু সাধনৰ প্ৰতি আসক্তিহীন। হর্ষ বিষাদ আৰু দ্বন্দ্বৰ অতীত নিত্য সত্ত্বা পৰমাত্মাত স্থিত যোগ আৰু ক্ষেমক বাসনা নকৰা আৰু স্বাধীন অন্তঃকৰণমুক্ত হোৱা । ইয়াত যোগ মানে অপ্রাপ্ত বস্তু পোৱা আৰু ক্ষেম মানে প্রাপ্ত বস্তু সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে। সমবুদ্ধিসম্পন্ন জ্ঞানী পুৰুষে কৰ্মৰ পৰা উৎপন্ন হোৱা ফলক ত্যাগ কৰি জন্মৰূপ বন্ধনৰ পৰা মুক্ত হৈ বিকাৰৰহিত পৰম পদ লাভ কৰে। এই প্রসঙ্গত স্থিতপ্রজ্ঞ লক্ষণৰ বিষয়ে কোৱা হয়। যেতিয়া এজন পুৰুষে মনত থকা সকলো কামনা-বাসনাক সম্পূৰ্ণৰূপে ত্যাগ কৰিব আৰু আত্মাৰ দ্বাৰাই আত্মাত সন্তুষ্ট থাকিব তেতিয়া সেই পুৰুষজনেই স্থিতপ্রজ্ঞ। স্থিতপ্রজ্ঞ ব্যক্তি দুখতো ভাঙি নপৰে আৰু সুখতো আত্মহাৰা নহয়; তেওঁৰ আসক্তি, ক্ৰোধ আৰু ভয় নাথাকে। এনে পুৰুষে কামনা ত্যাগ কৰি মমতাৰহিত, অহংকাৰৰহিত আৰু স্পৃহাৰহিত হৈ বিচৰণ কৰে আৰু তেৱেই পৰম শক্তি লাভ কৰে। এয়ে হ’ল ব্ৰহ্মাস্থিতি। ইয়াৰ মূল হ’ল নিষ্কাম কর্ম সাধনা। ইয়ে পৰিপূৰ্ণ অৱস্থা পালে মানুহে স্থিত প্রশ্ন অৰ্জন কৰে। কামক জয় কৰিলে ক্রোধকো জয় কৰিব পাৰি। সত্ত্ববুদ্ধিৰ উদয়ৰ দ্বাৰা আৰু ৰজ গুণ নোহোৱা হ’লেও কামক জয় কৰিব পাৰি। অজ্ঞানী মানুহৰ কামনা প্ৰথমতে সুখকৰ হয়, কিন্তু পিছত দুখকৰ হয়। গতিকে ইন্দ্ৰিয়, মনবুদ্ধি আৰু কামৰ স্থান বুজি তাক দৰ্শন শ্ৰৱণাদিৰ দ্বাৰা কামনাক আগুৰি পাপৰূপক কামক নষ্ট কৰা।

এইদৰে শ্ৰীকৃষ্ণই অৰ্জুনক সাওনা বাক্যৰে উৎসাহিত কৰি অৱশেষত যুদ্ধৰ বাবে সাজু কৰি তুলিছে।

৩। স্থিতপ্রজ্ঞৰ লক্ষণসমূহ কথা গীতাত কেনেদৰে প্ৰতিফলিত হৈছে, আলোচনা কৰা। 

উত্তৰঃ ভট্টদেৱে কথা-গীতাৰ আৰম্ভণিতে শ্ৰীকৃষ্ণৰ গুণ গান গাই তেওঁ যে বিশাল ব্যক্তিত্বৰ অধিকাৰী তাৰ এটি সুন্দৰ আভাস দি তেৰাৰ চৰণত নিজকে আত্মসমৰ্পণ কৰিছে। ইয়াৰ পাছত কথাগীতাৰ মূল কি তাৰ সুন্দৰ আভাস দাঙি ধৰাৰ লগতে শ্ৰীধৰ স্বামীৰ টীকাৰ সহায় লৈ যে অনুবাদ কাৰ্য সম্পাদন কৰিছে তাৰ আভাস দাঙি ধৰিছে। ইয়াৰ কাৰণ হ’ল— শ্ৰীধৰ স্বামীৰ টীকা ভক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। শ্ৰীধৰী টীকাত আৰম্ভণিতে ইষ্ট দেৱতাক স্মৰণ কৰা হৈছে। ইষ্ট দেৱতা মাধৱক বন্দনা কৰাৰ উপৰিও উমাপতি বিশ্বনাথকো প্রণাম জনাইছে। তেওঁৰ এই গীতাৰ নাম হ’ল — সুবোধিনী টীকা।

যুদ্ধক্ষেত্ৰত অৱতীৰ্ণ হৈ আত্মীয়সকলক প্রতিপক্ষক দেখি অর্জুন বিষাদগ্ৰস্ত হোৱাত অৰ্জুনৰ এই হতবুদ্ধি অৱস্থাৰ অৱসান ঘটাবলৈ ভগৱান শ্ৰীকৃষ্ণই তেওঁৰ মানৱীয় কৰ্তব্য সম্পর্কে বুজনি দিব লগা হৈছিল। কৃষ্ণ নানা বুজনিৰ মাজত অৰ্জুনে স্থিতপ্রজ্ঞৰ লক্ষণৰ বিষয়ে প্রশ্ন কৰিছিল। শ্ৰীকৃষ্ণই স্থিতপ্রজ্ঞৰ লক্ষণসমূহ বৰ্ণনা কৰিছে এইদৰে যেতিয়া পুৰুষে মনৰ সমস্ত কামনা-বাসনা ত্যাগ কৰি আত্মসুখত তুষ্ট হৈ থাকে, তেতিয়া তেওঁকেই স্থিতপ্রজ্ঞ বোলা হয়। স্থিতপ্রজ্ঞ ব্যক্তি দুখতো ভাগি নপৰে আৰু সুখতো আত্মহাৰা নহয়, তেওঁৰ আসক্তি, ক্ৰোধ আৰু ভয় নাথাকে ৷ এনে পুৰুষে কামনা ত্যাগ কৰি মমতা, অহংকাৰৰহিত আৰু স্পৃহাৰহিত হৈ বিচৰণ কৰে আৰু তেৱেঁ পৰমশান্তি লাভ কৰে। এয়ে হ’ল — ব্ৰহ্মস্থিতি। ইয়াৰ মূল হ’ল নিষ্কাম ভক্তি সাধন। ইয়ে পৰিপূৰ্ণ অৱস্থা পালে মানুহে স্থিতপ্রজ্ঞ অর্জন কৰে। যি জনৰ মন দুখতো উদ্বিগ্ন নহয় আৰু সুখৰো স্পৃহা নকৰে, কালৈকো প্ৰীতি, ভয়, ক্রোধ নকৰে সেইজনেই স্থিতপ্রজ্ঞ। 

যিজন শুভ ফল প্রাপ্তিত আনন্দিত নহয়, অশুভ ফল প্রাপ্তিত অসন্তুষ্ট নহয়; কাকো নিন্দা নকৰে অৰ্থাৎ অনাসক্ত, তেওঁৰেই প্ৰজ্ঞা প্রতিষ্ঠিত হৈছে। কাছই যেনেকৈ ঠেং, হাত সংকুচিত কৰি দেহত লুকাই ৰাখে তেনেকৈ প্ৰজা প্ৰতিষ্ঠিত জ্ঞানীয়ে বিষয়সমূহৰ পৰা ইন্দ্ৰিয়সব আঁতৰাই ৰাখে। আতুৰ উপবাসী কিছুমানে ইন্দ্রিয় বিষয় সুখ ভোগ নকৰে হয়; কিন্তু তেওঁলোকৰ ভোগস্পৃহা আঁতৰি যায়।

ভগৱান পীকৃষ্ণই অর্জুনক স্থিতপ্রজ্ঞৰ কথা পুনৰ ক’বলৈ আৰম্ভ কৰিছে— হে কৌন্তেয়, জ্ঞানীসকলে মোক্ষৰ কাৰণে যত্ন কৰিলেও বহুক্ষেত্ৰত ইন্দ্ৰিয়সমূহে মন হৰণ কৰে। সেইবাবে যোগী পুৰুষে ইন্দ্রিয়সমূহে নিয়মি মোৰ অধীন হৈ থাকে। এনেকৈ যিজনে ইন্দ্রিয়ক বশীভূত কৰিছে তেৱেঁই স্থিতপ্রজ্ঞ। চিত্ত প্রশান্ত আৰু স্থিৰ হ’লৈ পুৰুষৰ সকলো দুখ নিবৃত্তি হয়; কিয়নো প্রশান্ত চিত্ত পুৰুষৰ শীঘ্ৰে বুদ্ধি স্থিৰ হয়। বাৰে বাৰে বিষয়ৰ চিন্তা কৰি থকাৰ ফলত পুৰুষৰ আসক্তিৰ লগতে কামনাৰ জন্ম হয়। এই কামনাৰ পৰাই ক্রোধ, ক্ৰোধৰ পৰা মোহ আৰু মোহৰ পৰা স্মৃতিভ্ৰম হয়; স্মৃতিভ্ৰম হ’লে বুদ্ধিৰ বিনাশ হয়। যি পুৰুষৰ মন সংযত সেই পুৰুষে বিষয় ভোগ কৰিলেও শান্তি পায় ।

বিষয় সুখৰ বাবে ইন্দ্ৰিয়সমূহ সনার উতলা। মনে যদি ইন্দ্রিয় প্ৰবৃত্তিৰ কোনো বিষয়ক অনুসৰণ কৰে, তেনেহ’লে জলধি বুকুত উটি ফুৰা নাওঁ বতাহে যেনেকৈ বুৰাই দিয়ে, তেনেকৈ এয়ে পুৰুষৰ প্ৰজ্ঞা হৰণ কৰে।

সেইবাবে ইন্দ্রিয়সমূহ বিষয় ভোগৰ পৰা সকলো প্ৰকাৰে নিবৃত্ত হ’লে, তেওঁৰ প্ৰজ্ঞা প্রতিষ্ঠিত হয়। সাধারণ শ্রেণীৰ বিষয়ী মানুহ আত্মনিষ্ঠাত যেতিয়া শুই থাকে, আত্মদর্শন জিতেন্দ্ৰিয় পুৰুষে সেই ৰাতি জাগি থাকে, আকৌ বিষয় চিন্তাত যেতিয়া সাধাৰণ প্ৰাণীবিলাক জাগি থাকে, আত্মদর্শীসকলৰ বাবে তেতিয়া ৰাতি হয়। নদ-নদীৰ ধাৰা প্ৰৱাহিত হৈ যেনেকৈ বিশাল সাগৰত বিলীন হয়, অথচ কোনো পৰিবৰ্তন নহয় তেনেকৈ তত্ত্বদর্শী জ্ঞানীপুৰুষে ভোগ-সুখত থাকিলেও শাস্তি পায় হে পার্থ, ইয়াকে ব্ৰহ্ম নিষ্ঠাত থকা বোলে। নিষ্ঠা লাভ হ’লে কোনো জীৱ সংসাৰ মোহত নপৰে। অস্তিম কালতো এই নিষ্ঠাত থাকিলে মানুহ ব্রহ্ম নির্বাণ লাভ কৰে।

৪। বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্যৰ এটি পৰিচয়মূলক টোকা আগবঢ়াই কথা গীতাৰ অনুবাদ ৰীতি উপস্থাপন কৰা।

উত্তৰঃ মহাপুৰুষত্ৰয়ৰ অব্যৱহৃত পৰৱৰ্তী লেখকসকলৰ ভিতৰত ভট্টদেৱ মুখ্যতম। এওঁ অসমীয়া গণ্য-সাহিত্যৰ জন্মদাতা। উত্তৰ ভাৰতৰ বিভিন্ন প্রান্তীয় সাহিত্যত ইমান প্রাচীন গদ্য সাহিত্য নাই। সেই যুগটো আছিল ছন্দ যুগ, ছন্দৰ একাধিপত্য।

ভট্টদেৱৰ প্ৰকৃত নাম বৈকুণ্ঠনাথ ভাগৱত ভট্টাচার্য। এওঁৰ পিতৃৰ নাম চন্দ্ৰভাৰতী। তেওঁৰ ঘৰ কামৰূপৰ বৰনগৰ অঞ্চলৰ ভেৰা গ্ৰামত। চন্দ্ৰ ভাৰতীৰ দ্বিতীয় পুত্ৰই বৈকুণ্ঠনাথ; জন্ম হৈছিল খ্ৰীষ্টীয় ১৬ শতাব্দীৰ মাজভাগত (১৫৫৮)। তেওঁৰ গুৰু আছিল দামোদৰদেৱ। দামোদৰদেৱে যেতিয়া পৰীক্ষিত নাৰায়ণৰ ৰোষত পৰি কামৰূপ এৰি কোচবেহাৰলৈ যাব লগা হয়, তেতিয়া ভট্টদেৱক আন আন উপদেশৰ লগতে কথাৰূপে এখন ভাগৱত ৰচনা কৰিবলৈ কয়। সেই মতেই ভট্টদেৱে টীকাভাষ্য অনুসৰণ কৰি প্ৰথম স্কন্ধ ৰচনা কৰি দামোদৰদেৱক দেখুওৱাত দামোদৰদেৱে ভাগৱতৰ চমু আৰু সৰল কথাৰূপ দিবলৈহে কয়। ফলস্বৰূপে ভট্টদেৱে দ্বিতীয়বাৰ প্রত্যেক অধ্যায়ৰ এটি চমু আৰু সৰল ৰচনা কৰি দ্বাদশ স্কন্ধ ভাগৱত ৰচনা কৰে।

ভট্টদেৱৰ ভাগৱত ব্যুৎপত্তি আৰু ব্যাখ্যাত অসাধাৰণ ক্ষমতা দেখি পণ্ডিত সমাজে তেওঁক কবিৰত্ন উপাধি আৰু ভাগৱত ভট্টাচার্য উপাধিৰে বিভূষিত কৰিছিল। ভট্টদেৱে পাটবাউসীত ধৰ্ম প্ৰচাৰ কৰাৰ উপৰিও শ শ ছাত্ৰ পঢ়াই শিক্ষা প্ৰচাৰো কৰিছিল। সেই কালৰ মানুহে তেওঁক ব্যাসৰ অৱতাৰ যেন জ্ঞান কৰিছিল। পাটবাউসীৰ উপৰিও তেওঁ ব্যাসকুছি সত্ৰ স্থাপন কৰে। ইয়াতেই ১৫৬০ শক ইং ১৬৩৮ খ্ৰীষ্টাব্দমানত ভট্টদেৱে ইহলীলা সম্বৰণ কৰে।

কথা-গীতা, কথা-ভাগৱত আৰু কথা ৰত্নাৱলী এই তিনিখনৰ উপৰিও আৰু কেইবাখনো উল্লেখযোগ্য গ্রন্থ ভট্টদেৱে ৰচনা কৰা বুলি প্ৰমাণ পোৱা যায়। শৰণমালিকা, গুরু বংশাৱলী, প্রসঙ্গমালা এই কেইখন অসমীয়া আৰু ভক্তিসাৰ আৰু ভক্তিবিবেক সংস্কৃত ভাষাত ৰচনা কৰে। ইয়াৰে কথা-গীতাত লেখকে শত্ৰুৰী, ভাস্কৰী, দামোদৰী আৰু বীৰী এই চাৰিটা টীকা আলোচনা কৰি গীতাৰ তত্ত্বগধুৰ বিষয়বস্তু প্রকাশ কৰিবলৈ চেষ্টা কৰিছে। উপৰোক্ত চাৰিটা টীকাৰ ভিতৰত ভক্তিপ্ৰধান শ্ৰীবৰী টীকাৰ প্ৰভাৱেই অতি বেছি। টীকাত যেনেদৰে পূৰ্ব পক্ষৰ প্রশ্ন তুলি বা সন্দেহ সৃষ্টি কৰি তাৰে উত্তৰ দি ক্ৰমে বক্তব্য প্ৰকাশ কৰি যোৱা হয়, ভট্টদেৱেও গীতাত তাকে অনুসৰণ কৰিছে। ইয়াৰ ফলত পাঠকৰ বা শ্ৰোতাৰ পক্ষে বক্তব্য বুজাত সুবিধা হৈছে।

ভট্টদেৱে গীতাৰ অনুবাদ কার্যত কেৱল মূল গীতাৰ শ্লোকবোৰ ভাঙি যোৱা নাই। য’তেই সুবিধা পাইছে তাতেই তেওঁ ভক্তিৰ তাৎপৰ্য প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছে। দৈনন্দিন কথাভাষাক ভট্টদেৱে গ্ৰহণ কৰা নাই। কথাভাষাৰে এটা সাধু আৰু গম্ভীৰ ৰূপ গদ্যত ব্যৱহাৰ কৰিছে। পদ্য পৃথিত ব্যৱহাৰ কৰা শব্দাৱলী আৰু বৈয়াকৰণিক গঢ়সমূহ তেওঁ গ্ৰহণ কৰি কথিত ভাষাৰ বাক্য ৰচনা প্ৰণালীত সেইবোৰ প্ৰয়োগ কৰিছে। গদ্য বা কথাৰীতিক প্ৰকাশৰ মাধ্যমৰূপে গ্ৰহণ কৰিলেও ‘পদবন্ধ’ৰ মোহ একেবাৰে এৰিব পৰা নাছিল। বিশেষকৈ ‘কথা-ভাগৱতৰ ঠায়ে ঠায়ে তেওঁৰ ৰীতি ছন্দগন্ধী হৈ পৰিছে। এনে ঠাইত বাক্যবোধ অন্ত্যানুপ্রাসমুক্ত আৰু শব্দবিন্যাস ৰীতি লয়প্ৰসাৰী হৈছে। বিশেষকৈ কোনো ধর্ম সমাজত শাস্ত্ৰ ব্যাখ্যা কৰোঁতে যি ৰীতিত প্রশ্ন উত্থাপন কৰি তাৰ উত্তৰ দি যায়, সেই ৰীতিতো গীতা আৰু ভাগৱত ৰচনা কৰিছে। তেওঁৰ ভাগৱত পুৰাণৰ টীকা ভাবাৰ্থ দীপিকাৰ মত শংকৰদেৱকে প্ৰমুখ্য কৰি অসমীয়া বৈষ্ণৱ সম্ভসকলে সাদৰেৰে গ্ৰহণ কৰিছে।

ভট্টদেৱৰ বাক্যত শব্দ বিন্যাসৰ প্ৰণালী নিখুঁত আৰু ব্যাকৰণ প্ৰয়োগ বিশুদ্ধ। বাক্যবোৰ সাধাৰণতে চুটি চুটি; কিন্তু স্থানবিশেষে সংস্কৃতীয়া প্ৰভাৱৰ পৰা মুক্ত হ’ব নোৱাৰি সীমাবদ্ধ বাক্যও প্রয়োগ কৰা দেখা যায়। তৎসম আৰু তদ্ভৱ শব্দৰ প্ৰয়োগৰ সমতা ৰক্ষা কৰি তেওঁ বাক্যবোৰ ৰচনা কৰিছে। ছন্দোবদ্ধ ৰচনাত প্ৰয়োগ নোহোৱা উত্তৰ পুৰুষৰ ব’ প্রত্যয়ৰ প্ৰয়োগ ভট্টদেৱৰ গদ্যৰ বিশেষত্ব। তদুপৰি কাৰক বিভক্তি ‘পৰা’ প্রত্যয়ৰো ব্যৱহাৰ দুই এঠাইত লক্ষ্য কৰা যায়। মাজে মাজে ঘৰুৱা উপমা বা চিত্র প্রয়োগ কৰি বক্তব্য বিষয় পৰিস্ফুট কৰাৰ এটা ক্ষীণ চেষ্টা দেখা যায়। একোটি ছুটি চুটি বাক্যত ভালেখিনি কথা সুমুৱাই ৰাখিব পৰা ক্ষমতা ভট্টদেৱৰ দেখা যায়।

গীতা ঈশ্বৰবাদী শাস্ত্ৰ। নিগুণ ব্ৰহ্মৰ উপাসনা আৰু ধাৰণাৰ উল্লেখ থাকিলেও তাৰ ওপৰত গীতাই গুৰুত্ব দিয়া নাই। ভক্তিবাদী ভট্টদেৱে গীতাক সেয়ে তেওঁৰ মত অনুকূলে অনুবাদ কৰাত সুবিধা হৈছে। তেনে সগুণ উপাসনাৰ ওপৰত গুৰুত্ব দিয়া কথাবোৰ ভট্টদেৱে বিস্তৃতভাৱে ব্যাখ্যা কৰিছে।

কথা-গীতাৰ অনুবাদ ৰীতি সম্পর্কে ড° সত্যেন্দ্ৰ নাথ শৰ্মাদেৱৰ এষাৰ উক্তি উল্লেখ কৰা হ’ল—“কথা-গীতাৰ ভাষা ঠায়ে ঠায়ে অলপ দুর্বোধ্যও হৈছে। টীকাৰ ভাষাক সততে অনুসৰণ কৰিবলৈ যোৱাৰ ফলত এনে হৈছে। শ্ৰীধৰৰ ভাষা, বিশ্লেষণ আৰু বিচাৰ প্ৰণালীয়ে তেওঁক ঠাই বিশেষে এনেকৈ আমনি কৰিছিল যে স্বকীয়ভাৱে ভাষাক ৰূপ দিবলৈ প্ৰয়োজন বোধ নকৰিলে। এনে ত্রুটি দুই এটা থকা সত্ত্বেও ভট্টদেৱৰ ৰচনাশৈলী অসমীয়া গদ্য সাহিত্যৰ বিকাশৰ পথত প্ৰথম উল্লেখযোগ্য স্তম্ভ। উচ্চ আধ্যাত্মিক চিন্তা আৰু দার্শনিক তত্ত্ব কথাৰ মাধ্যম ৰূপে গদ্যক ব্যৱহাৰ কৰি গদ্য সাহিত্যৰ পৰম্পৰাৰ পথ নিৰ্মাণ কৰাৰ কাৰণে ভট্টদেৱক অসমীয়া গদ্য সাহিত্যৰ জনক বুলি ক’লেও অত্যুক্তি নহ’ব।”

(খ) তুংখুঙীয়া বুৰঞ্জী (“স্বৰ্গদেউ ৰুদ্ৰসিংহ’ অংশ)

অতি চমু প্রশ্নোত্তৰঃ

১। ডঃ সূৰ্য্যকুমাৰ ভূঞাদেৱে সম্পাদনা কৰা এখন বুৰঞ্জীমূলক গ্ৰন্থৰ নাম কি?

উত্তৰঃ তুংখুঙীয়া বুৰঞ্জী।

২। গদাধৰ সিংহৰ পুত্ৰৰ নাম কি? 

উত্তৰঃ ৰুদ্ৰসিংহ।

৩। ৰুদ্ৰসিংহই কিমান শকত মহাৰাজ হৈছিল?

উত্তৰঃ ১৬১৭ শকৰ ফাগুনত। 

৪। বৰভূঁইকঁপ কিমান শকত হৈছিল?

উত্তৰঃ ১৬১৮ শকত ।

৫। নামদাং শিলৰ সাঁকো কোনে নিৰ্মাণ কৰিছিল? 

উত্তৰঃ ৰুদ্ৰসিংহই।

৬। ৰুদ্ৰসিংহই শিঙৰি ঘৰত উঠি কি নাম লৈছিল?

উত্তৰঃ চাও চুংফা।

৭। কিমান শকত ৰুদ্ৰসিংহই শিঙৰি ঘৰত উঠিছিল? 

উত্তৰঃ ১৬১৮ শকৰ আহিন মাহত।

৮। জয়সাগৰ আৰু জয়দল কোনে নিৰ্মাণ কৰিছিল? 

উত্তৰঃ ৰুদ্ৰসিংহই।

৯। গড় গঞাত মহাজন সম্মিলন কিমান চনত হৈছিল? 

উত্তৰঃ ১৬২৪ শকৰ জেঠ মাহত।

১০। কিমান চনত লেচাই ৰুদ্ৰসিংহৰ বিৰুদ্ধে বিদ্ৰোহৰ সূচনা কৰিছিল?

উত্তৰঃ ১৬২২ শকৰ চ’ত মাহত।

১১। জয়সাগৰ পুখুৰী কিমান চনত কিমান দিন ধৰি খান্দিছিল? 

উত্তৰঃ ১৬১৯ শকত আঘোন মাহত ৪৫ দিন ধৰি খান্দিছিল।

১২। লেচাইৰ লগত কোন কোন বিষয়াই ৰুদ্ৰসিংহৰ বিৰুদ্ধে বিদ্ৰোহৰ সূচনা কৰিছিল? 

উত্তৰঃ লেচাইৰ লগত সন্দিকৈ ভিতৰুৱাল ফুকন, নাওবৈচা ফুকন, লানমাখৰৰ বন্দৰ, বাইলুং ডেকা ফুকন, ভদকৱা হিলৈদাৰীৰ চেখাম হাজৰিকা, ঘোঁৰাচোৱাৰ লোচন বৰা আদিয়ে বিদ্ৰোহৰ সূচনা কৰিছিল।

১৩। কোৱৰক কাৰ ঘৰত পোহপাল দিছিল?

উত্তৰঃ পাপংগঞা লাহইৰ ঘৰত।

১৪। ‘ তুংখুঙীয়া বুৰঞ্জীৰ আচল নাম কি? 

উত্তৰঃ “শ্ৰী শ্ৰী ৰেীয়াৰ বংশাৱলী”।

১৫। বুৰঞ্জীসমূহ কোনটো বিভাগৰ উদ্যোগত সংকলিত হৈছিল আৰু প্ৰকাশ পাইছিল? 

উত্তৰঃ ‘বুৰঞ্জী আৰু পুৰাতত্ব’ বিভাগৰ উদ্যোগত।

১৬। ড° সূৰ্য্যকুমাৰ ভূঞাই সম্পাদনা কৰা আন এখন বুৰঞ্জী কি? 

উত্তৰঃ ‘অসম বুৰঞ্জী’।

১৭। ড° সূৰ্য্যকুমাৰ ভূঞাদেৰে সম্পাদনা কৰা বুৰঞ্জীসমূহৰ বিষয়বস্তুসমূহ কি?

উত্তৰঃ সত্য ঘটনাৰ আলম লৈ লিখা এই বুৰঞ্জীত ৰজা ৰাজ বিষয়াসকলৰ আৱেগ-অনুভূতি প্রকাশক, দেশপ্ৰেমৰ নিদৰ্শন সূচক, বীৰত্বসূচক আদি কথাৰ নমুনা পোৱা যায়।

১৮। শ্রীনাথ সুৱৰা বৰুৱাই ‘ভূংযুতীয়া বুৰঞ্জী খন কেতিয়াৰ পৰা লিখিবলৈ আৰম্ভ কৰিছিল?

উত্তৰঃ ১৭২৫ শকৰ (১৮০৩ খ্রীঃ) ফাগুন মাহৰ পৰা। 

১৯। অসমীয়া ভাষাত বুৰঞ্জীসমূহ কেতিয়াৰ পৰা ৰচনা কৰিবলৈ আৰম্ভ কৰিছিল? 

উত্তৰঃ সপ্তদশ শতিকাৰ মাজভাগৰ পৰা অষ্টাদশ শতিকালৈকে আহোম ৰাজ পৃষ্ঠপোষকতাত অসমীয়া ভাষাত বুৰঞ্জীসমূহ ৰচনা কৰা হৈছিল।

২০। বুৰঞ্জীৰ গাৰ দুটা বৈশিষ্ট্য লিখা ।

উত্তৰঃ বুৰঞ্জীৰ গদ্যৰ দুটা বৈশিষ্ট্য হ’ল— 

(ক) ইয়াৰ ভাষাত খণ্ডবাক্য, প্রবাদ-প্রবচন, জতুৱা ঠাঁচ আদিৰে পৰিপূৰ্ণ কথা-ভংগীৰ ঠাঁচ এটা বিদ্যমান।

(খ) ইয়াৰ ভাষা সৰল আৰু আৰ নলগা ।

২১। স্বৰ্গদেউ চুকাফাই পাটকাই পাৰ হৈ অসমলৈ আহোঁতে বাটত ঘটা ঘটনাৱলীসমূহ লিখি ৰাখিবলৈ কাক নিৰ্দেশ দিছিল?

উত্তৰঃ পণ্ডিত চিৰিং, মহুং লাওত আৰু বাইলুং পণ্ডিতক।

২২। “ইয়াৰ বুৰঞ্জীসমূহৰ লিখাত কতো বাহুল্য নাই। কতো অতিৰঞ্জনৰ চেষ্টা কৰা নাই। ভাষা যেনে সৰল, তেনে আঁৰ নলগা। কোনো সঁচা কথাও গোপনে ৰাখিবলৈ চেষ্টা কৰা নাই ৰজাঘৰৰ অনেক চেকা লগা কথাও বুৰঞ্জীত খোলা-খুলিভাবে আছে।” কথাষাৰ কোনে কৈছিল?

উত্তৰঃ হেমচন্দ্ৰ গোস্বামীয়ে।

২৩। আহোমসকলে বিবাহ উৎসৱত কোন ৰীতিক প্রয়োজনীয় কাৰ্য হিচাপে মানি লৈছিল?

উত্তৰঃ বুৰঞ্জী কোৱা ৰীতিক। 

২৪। ‘বুৰঞ্জী’ কোন ভাষাৰ পৰা আহিছে?

উত্তৰঃ আহোম ভাষাৰ পৰা ।

২৫। ‘বুৰঞ্জী’ শব্দৰ অৰ্থ কি?

উত্তৰঃ ‘বু’ মানে ‘মুখ’, ‘বা’ মানে ‘শিক্ষা’ আৰু ‘জী’ মানে ‘ভঁৰাল’ অর্থাৎ মূৰ্খৰ শিক্ষাৰ ভঁৰাল বা নজনা কথাৰ ভঁৰাল।

২৬। ‘বুৰঞ্জী’ শব্দৰ ইংৰাজী প্রতিশব্দ কি?

উত্তৰঃ ‘হিষ্টৰী’। ইয়াৰ অৰ্থ হৈছে— জন্য।

২৭। ‘হিষ্টৰী শব্দটো ক’ৰ পৰা আহিছে?

উত্তৰঃ গ্ৰীক ভাষাৰ পৰা ।

২৮। অসমীয়া ভাষাত ইয়াৰ সমাৰ্থক শব্দ ‘ইতিহাস’টো মূলতঃ কি শব্দ? 

উত্তৰঃ সংস্কৃত।

২৯। ইতিহাস’ শব্দটোৰ সংস্কৃত ধাতুগত অৰ্থ কি? 

উত্তৰঃ ইতিহ + আস + মঞ অর্থাৎ ইতিহাস শব্দৰ ব্যুৎপত্তিগত অৰ্থ হ’ল– পৰম্পৰাৰ অনুৰূপতাৰ লগত খাপ খোৱা।

৩০। বিষয়বস্তু অনুসৰি বুৰঞ্জীসমূহক ডঃ সূৰ্য্যকুমাৰ ভূঞাদেৰে কেইটা ভাগত ভগাইছে? 

উত্তৰঃ তিনিটা ভাগত ভগাইছে। ভাগকেইটা হ’ল—

(ক) ৰজা ভগদত্ত দিনৰে আহোম ৰাজত্বৰ আৰম্ভণিলৈকে (১২২৮) খ্রীষ্টাব্দ প্রাচীন কামৰূপৰ হিন্দু ৰজাসকলৰ অসংলগ্ন ইতিহাস।

(খ) আহোম ৰজাসকলৰ ১২২৮ খ্রীঃ পৰা তেওঁলোকৰ ৰাজত্বৰ শেষ কাললৈকে বা ১৮২৬ খ্ৰীঃ বা তাৰো পিছলৈকে থকা আহোম ৰাজত্বৰ বুৰঞ্জী।

(গ) অসমৰ বাহিৰৰ ওচৰ-চুবুৰীয়া অন্য দেশৰ বুৰঞ্জী।

৩১। ‘বুৰঞ্জী’সাহিত্য কাৰ অৱদান?

উত্তৰঃ আহোমসকলৰ।

৩২। ‘বুৰঞ্জী’ শব্দ কি ভাষাৰ শব্দ? 

উত্তৰঃ টাই ভাষাৰ।

৩৩। ‘বুৰঞ্জী’ সাহিত্য সাহিত্যিক গুণ বিবর্জিত নেকি?

উত্তৰঃ নহয়।

৩৪। ড° লীলা গগৈয়ে আহোম যুগৰ বুৰঞ্জীসমূহক কেইটা ভাগত ভাগ কৰিছে?

উত্তৰঃ সাতটা।

৩৫। বুৰঞ্জীৰ প্ৰধান ভাগ কেইটা?

উত্তৰঃ দুটা।

৩৬। পোনপ্ৰথমে বুৰঞ্জী কি ভাষাত ৰচনা কৰা হৈছিল? 

উত্তৰঃ টাই ভাষাত।

৩৭। ‘দেওধাই অসম বুৰঞ্জী’ কেইখন বুৰঞ্জীৰ সমষ্টি আৰু কি কি? 

উত্তৰঃ চাৰিখন। সেইয়া হ’ল-

(ক) দেওধাই অসম বুৰঞ্জী। 

(খ) বাহগড়ীয়া বুৰঞ্জী। 

(গ) দাতিয়লীয়া বুৰঞ্জী।

(ঘ) বিবিধ খণ্ড বুৰঞ্জী।

৩৮। ‘পুৰণি অসম বুৰঞ্জী’ কোনে সম্পাদনা কৰিছিল?

উত্তৰঃ স্বৰ্গীয় হেমচন্দ্ৰ গোস্বামীয়ে।

৩৯। ‘দেওধাই অসম বুৰঞ্জী’ কিমান চনত প্ৰকাশ হয়? 

উত্তৰঃ ১৯৩২ চনত ।

৪০। এতিয়ালৈকে প্ৰকাশিত প্রাচীন বুৰঞ্জীখনৰ নাম কি? 

উত্তৰঃ পুৰণি অসম বুৰঞ্জী।

চমু আৰু বচনাধর্মী প্রশ্নোত্তৰঃ

১। ৰুদ্ৰসিংহৰ দিনত সংঘটিত হোৱা বিদ্ৰোহৰ ঘটনাবোৰ লিখা। 

উত্তৰঃ স্বৰ্গদেউ ৰুদ্ৰসিংহই ১৬১৭ শকৰ ফাগুন মাহত ৰাজপাটত উঠে। ৰজা হোৱাৰ পিছত ৰজাৰ বিৰুদ্ধে কেইবাটাও বিদ্ৰোহ হৈছিল। ১৬১৯ শকৰ ভাদ মাহত মহাৰাজৰ লুংত্যাৱেক চাৰিং ৰজাই তুংখুঙীয়া মানুহৰ লগত যুক্ত হৈ স্বৰ্গদেউৰ বিৰুদ্ধে দ্ৰোহ কৰে। তেওঁলোকৰ লগত চঙ্গচকৰ কাষৰ চুঙ্গিৰ বৰুৱাও আছিল। সেই সময়ত মহাৰাজ ৰুদ্ৰসিংহই চৰাইদেউ পৰ্বতত চৰাই উৰুৱাই আছিল। চৰাই উৰুৱাই ঘৰলৈ উভতি আহোতে তেওঁক আক্ৰমণ কৰিবলৈ বিদ্রোহীসকলে খাপ পিটি আছিল। ৰজাই চাৰিং ৰজাৰ হাঁহচোৱা ডোমৰ পৰাই এই কথা আগতীয়াকৈ জানিব পাৰিলে। ৰজাই লগে লগে মানুহ পঠাই চাৰিং ৰজা আৰু চুঙ্গিৰ বৰুৱাক বন্দী কৰিলে। চাৰিং ৰজাক নামৰূপলৈ নি তাতে আঠুৰ ঘিলা কঢ়ালে আৰু চুঙ্গিৰ বৰুৱাক বধ কৰিলে। এই শকৰ বহাগ মাহতে হিলৈদাৰী হাজৰিকীয়া চেওখাম ১, ত্যাওৰাৰি বঙ্গহ ৰামজয় ১, আৰু ভাইপো দুটা, নঙ্গুমীয়া দেওধাই লাঙ্গুৰ বাপেক-পুতেক ২, কাকজনীয়া আংক ঘোঁৰাচোৱা ১, নামতিয়াল বামুণ ১, বকৰা খনিকৰৰ ফৈদীয়া ২, এইসকলে আলোচনা কৰি পাপংগঞা লাহইৰ ঘৰত কোঁৱৰ এজন পোহপাল দি ৰাখিছিল। 

ৰজাৰ মানুহসকলে এই কথা গম পাই ৰজাক জনালেহি। ৰজাই এই কথা গম পাই কোঁৱৰৰ লগতে লাহইব দুই বাপেক পুতেককো ধৰাই আনি তেওঁলোকক সুধিলে যে— “এই কথা কোনে কোনে আলোচনা কৰিছে”। কোৱৰ আৰু লাহইয়ে ক’লে— “যিবোৰ নাম কোৱা হৈছে সকলোৱে জানে আৰু পোহ পালো দিছে”। তেতিয়া স্বৰ্গদেৱে কোৱৰ সহিতে সকলোকে মাৰিলে। দুই দেওধাইৰ চক্ষু কাঢ়িলে। এইদৰে ৰজাই বিদ্রোহ দমন কৰিলে।

১৬২২ শকৰ চ’ত মাহত স্বৰ্গদেউ ৰুদ্ৰসিংহৰ সৰুজন ভাই গোঁহাইদেৱে স্বৰ্গদেৱক বিদ্রোহ কৰিব খুজিছিল। সন্দিকৈ ভিতৰুৱাল ফুকন, লানিমাখকৰ নাওবৈচা ফুবন, বাওলুং ডেকাফুকন, ভদকা হিলৈদাৰীৰ চেখাম হাজৰিকীয়া, ঘোঁৰা চোৱাৰ লোচন বৰা, এইসকলে লগ হৈ ৰাজদ্ৰোহ কৰিব বিচাৰিছিল। এই কথা গোঁহাইৰ ফলিৰ মেচাঘৰীয়া দামোদৰ ফুকনে চাঙ্গ ভৰিত পইজাৰ দিওতে মহাৰাজক ক’লে। ৰজাই এই কথাটোৰ প্ৰমাণ পাই সকলোকে মাৰিবলৈ দিলে। তিনি ফুকনক মাৰিব ইচ্ছা নকৰি তিনিওজনা ডাঙৰীয়াক কুকুৰা যুঁজাৰ চলেৰে আঁতৰাই নিয়ালে। তিনি ফুকনক ৰাখি বাকী ঘোঁৰা চোৱা বৰা, হিলৈদাৰী হাজৰিকাক ধৰি বাকীখিনি মাৰিলে। ফুকনবোৰক ভাঙ্গি ঘৰলৈ খেদিলে সৰুজনা গোঁহাইক নামৰুকলৈ নিলে। লগৰ মানুহ দুই চাৰিক কাটিলে, দুই চাৰিক নাক কাণ কাঢ়ি খেদিলে। পিছত চেৰেগুৱাল ঘচাম পাঁচনিক পঠাই সৰুজনা গোঁহাঞিৰ চক্ষু কঢ়ালে।

২। স্বৰ্গদেউ ৰুদ্ৰসিংহৰ গাৰীতিৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা। 

উত্তৰঃ আহোম ৰজাসকলৰ পৃষ্ঠপোষকতাত অসমীয়া ভাষাত বুৰঞ্জীসমূহ প্রায় ষোড়শ শতিকাৰ পৰা ঊনবিংশ শতিকালৈ ৰচনা কৰা হয়। বুৰঞ্জীসমূহ গদ্য আৰু পদ্য উভয় মাধ্যমত লিখা হৈছিল যদিও পদ্যৰ মাধ্যমত লিখা বুৰঞ্জীৰ সংখ্যা তাকৰ। বুৰঞ্জীসমূহত আহোম ৰাজচ’ৰাৰ প্রশাসনীয় কাম কাজ, যুদ্ধ-বিগ্ৰহ, সন্ধি আদি বৰ্ণনাৰ উপৰি মধ্যযুগৰ অসমৰ সামাজিক, সাংস্কৃতিক, অর্থনৈতিক, ধর্মীয় আদি কৰ্ণনাৰ উপৰিও মধ্যযুগৰ অসমৰ সামাজিক, সাংস্কৃতিক, অর্থনৈতিক, ধর্মীয় আদি দিশৰ একোখন ছবি পৰিস্ফুট হৈ উঠে।

‘স্বৰ্গদেউ ৰুদ্ৰসিংহৰ গাৰীতিৰ অন্যতম বৈশিষ্ট্যসমূহ হৈছে—

(ক) এটি চুটি বাক্যৰ সহায়ত পোনপটীয়াভাৱে ইয়াৰ বিষয়বস্তু উপস্থাপন কৰা। কিন্তু সকলো  বুৰঞ্জীৰ গদ্যৰীতি সমপৰ্যায়ৰ নহয়। উদাহৰণস্বৰূপে— “আতপাচে “দেৱৰ আজ্ঞাৰে ১৬১৮ শকত পুহত চেটিয়াৰ বন্দৰ ফুকনে পুংডাঙ্গত গঢ় বান্ধিলেগৈ দুমাহে। এই শকতে ফাগুনৰ পৰা শাওণলৈ ছয়মাহ ভূমিকম্প গ’ল। শদিয়াত মাটি ফাটি মাণ্ডৰ কাৱৈ মাছ ওলাল। পানীও, বালিও ওলাওঁতে তাতো পৰ্বতো খহিল।”

(খ) বুৰঞ্জীসমূহ ঘৰুৱা ভাষাত ৰচিত হ’লেও ঠায়ে ঠায়ে সংস্কৃতীয়াশব্দাৱলী আৰু প্ৰকাশ ৰীতিৰো প্ৰয়োগ ঘটিছে। ইয়াৰ পৰা বুৰঞ্জী লেখকৰ বিষয়বস্তু উপযোগী ভাষা নিপুণতাৰ পৰিচয় পোৱা যায়। আনহাতে বুৰঞ্জীত সন্নিবিষ্ট চিঠি-পত্ৰ আদিৰ ভাষা সংস্কৃতগন্ধী। উদাহৰণস্বৰূপে ―

“তাতে আৰু এক দিনা ৰজাদেৱে দীর্ঘেশ্বৰী পৰ্বতত পহু মাৰিবলৈ যাওঁতে বাটত ম’হ এটা আহি হাতী-ঘোঁৰাৰ, কাড়ী-বাৰুৱর্তীৰ  পালি ভাঙ্গি মানুহ এটা মাৰি দোলাকাষৰীয়াৰো পালী ভাঙ্গি ৰাজাদেৱৰে, সুজনা গোহাঞিদেৱৰে দোলাৰ মাজত সোমালেহি। আগেই মানুহ এটা মাৰি উত্তৰৰ পৰা দক্ষিণলৈ দীর্ঘেশ্বৰী পৰ্বতৰ কাষেৰে সেই ম’হ আহিল। পহু কটাই যারি এপটি লৈ খোঁচ মাৰিলে, লৰ মাৰি দীর্ঘেশ্বৰীত উঠিলগৈ। পাচে ৰজাদের গৈ খাজিখোৱ সোমাই কিছুমান থাকি ওলাগৈ দীৰ্ঘেশ্বৰীৰ পহুচোঙ্গৰ টঙ্গিত উঠি পহু মাৰিছে। এনেতে বহুত বান্দৰ আহি টঙ্গি ঘৰৰ ওপৰত উঠিলহি । …….. তাৰ দাঁতৰ মাজত সোমাল, দাস্ত গাত নৰহিল।”

(গ) অসমাপিকা ক্ৰিয়াৰ প্ৰচুৰ ব্যৱহাৰ গদ্যৰীতিত অন্য এক মন কৰিবলগীয়া বৈশিষ্ট্য। ইয়াৰ ফলত বুৰঞ্জীৰ গদ্যই মাধুৰ্য গুণ লাভ কৰিছে। উদাহৰণস্বৰূপে— “দেৱো কলীয়াবৰৰ পৰা আহি বিশ্বনাথত থাকোঁতে এই নগায়ে মানুহ কাটিবৰ কথা জনালেগৈ।”

(ঘ) ‘স্বৰ্গদেউ ৰুদ্ৰসিংহ’ গদ্যৰীতিৰ আন এটি উল্লেখনীয় বৈশিষ্ট্য হ’ল — একাধিক দীঘল বাক্যৰে কোনো এটা ভাৱ প্ৰকাশ কৰাৰ পাছত চুটি বাক্যৰে তাৰ সামৰণি মৰা । তদুপৰি একেটা কৰ্তাৰ লগত একাধিক ক্ৰিয়াৰ সম্বন্ধ থাকিলে, সেই কৰ্তাটো বাৰে বাৰে ব্যৱহাৰ নকৰি কেৱল ক্ৰিয়াৰে বাক্য গঠন কৰা ৰীতি বুৰঞ্জীৰ গদ্যৰ অন্যতম উল্লেখনীয় দিশ। উদাহৰণস্বৰূপে— “আৰু পূৰ্ব্বে ৰজাদেৱে ঢকা মাৰিবলৈ ভাদৰ দিনত লাই থপনা গোহাঞিৰ পুতেক বৰগোহাঞি, কুৱৈ গঞর ফুকন বুঢ়াগোহাঞি, কেন্দুগুৰীয়া, ডেকা বৰপাত্ৰ-গোহাঞি, এই তিনিজনা ডাঙৰীয়া। প্ৰমুখ্যে বৰুৱা, ফুকন সমস্ততো সুধিলে, বোলে— “মঞি ঢকা সীমাকৈ ৰঙ্গা গড়াৰ পৰা এই ৰাজ্যখানি মাৰিবলৈ মন কৰো তোমালোকে কি বোলা?” কেন্দুগুৰীয়া বৰপাত্ৰ— গোঁহায়ে মহাৰাজাৰ কথাতে ভৰ দি বোলে, – “স্বৰ্গদেৱে উত্তমহে সুধিছে। ?”

(ঙ) বুৰঞ্জীৰ গদ্যৰীতিৰ আন এটি লেখত ল’বলগীয়া বিশেষত্ব হ’ল— চন্দ্ৰবিন্দুৰ ব্যৱহাৰৰ ৰীতি। এইটো বৈশিষ্ট্য ‘ৰুদ্ৰসিংহ’টো ফুটি উঠিছে। উদাহৰণস্বৰূপে— ”দেৱৰ আজ্ঞামতে হ’লে তাক মৰা যাব?” কুঁৱৈ গঞা ফুকন বৰগোহাঞে বোলে— “ “দেৱে উত্তমহে সুধিছে, বৰপাত্ৰ গোহীয়ে উত্তমহে কৈছে।

(চ) বুৰঞ্জীৰ গদ্যনীতিক প্রাঞ্জল আৰু সৰস কৰিবৰ বাবে উপমা, উপকথা, সাদৃশ্য আদি নান্দনিক সমলৰ ব্যৱহাৰ কৰা হৈছে। ‘ৰুদ্ৰসিংহ’ গদ্যটিৰ ই এক অন্যতম বৈশিষ্ট্য। যেনে “আতেপাচে “দেৱৰ আজ্ঞাবে ১৬১৮ শকত পুহত চেটিয়াৰ বন্দৰ ফুকনে পুংডাঙ্গত গড় বান্ধিলেগৈ দুমাহে। এই শকতে ফাগুনৰ পৰা শাওণলৈ ছয় মাস ভূমিকম্প গ’ল। শদিয়াত মাটি-ফাটি মাণ্ডৰ কাৱৈ মাছ গুলাল। পানীও, বালিও ওলাওঁতে তাতো পর্বতো খসিল।”

(ছ) পাচে বোলে, যদি আদিৰে আৰম্ভ হোৱা বাক্যৰীতি “স্বৰ্গদেউ ৰুদ্ৰসিংহৰ অন্যতম বৈশিষ্ট্য। উদাহৰণস্বৰূপে— “পাছে, “ দেৱে বোলে, – “এই যে পুস্তকসকলত পায় ফেন বচন নাই, সিহঁতে কোন পুথিত পাইছে তাকে দেখুৱক।” পাচে পাঞ্চো মেধিয়ে পুথিও দেখুৱাব নোৱাৰিলে, বচনো দিব নোৱাৰিলে, কিছু বুলিবো নোৱাৰিলে।”

(জ) ‘ স্বৰ্গদেউ ৰুদ্ৰসিংহৰ গদ্যৰীতিৰ আন এটা উল্লেখনীয় বৈশিষ্ট্য— যুৰীয়া শব্দৰ ব্যৱহাৰ। যেনে— নাক-কাণ, দুই-চাৰি ইত্যাদি।

(ঝ) আনকি প্রশ্নবোধক ৰূপৰ প্ৰয়োগো ইয়াত পৰিলক্ষিত হৈছে। যেনে— জানে? নেকি,  নে ইত্যাদি।

৩। স্বৰ্গদেউ ৰুদ্ৰসিংহৰ কছাৰী আৰু জয়ন্তীয়া অভিযানৰ বিষয়ে আলোচনা কৰা। 

উত্তৰঃ কছাৰী ৰজা জয়সিংহই স্বৰ্গদেউ ৰুদ্ৰসিংহলৈ কটকী পঠাই পৰ দিছিল যে পূৰ্বৰ ল তেওঁলোকৰ অৰ্থাৎ আগৰ কছাৰী ৰাজ্যৰ মহঙ্গলৈ সীমা এৰি দিব লাগে। এই কথাত স্বৰ্গদেউ চা ৰুদ্ৰসিংহ অসন্তুষ্ট হ’ল আৰু ক’লে যে – “বন্দী কছাৰীয়ে, এনে কথা ক’ব পায় নেকি?” বন্দী ল কছাৰী ৰজাৰ মুখত এনে কথা কাৰো সহ্য নহ’লে। বৰগোহাঞিয়ে কছাৰী কটকীক গতিয়াবলৈ – আদেশ দিলে। পিছত ৰজাই তিনিজনা ডাঙৰীয়াৰ লগতে বৰুৱা, ফুকন আদি সকলোৰে লগত  আলোচনা কৰি কছাৰী ৰজাক দমন কৰিবলৈ বিশ্বনাথ পালেগৈ। তাৰ পৰাই ফুৰনহঁতক মাইবঙলৈ না পঠিয়ালে। 

আহোমৰ সৈন্য দেখি কছাৰী ৰজাই পলাই গৈ জয়ন্তীয়া ৰাজ্যত আশ্ৰয় ল’লে। ই তেতিয়া আহোম ৰজাই জয়ন্তীয়া ৰজাক কৈ পঠিয়ালে যে কছাৰী ৰজাক তেওঁৰ ওচৰত ✉ দিবলৈ। জয়ন্তীয়া ৰজাই আহোম ৰজাৰ এনে আদেশ প্রত্যাখান কৰিলে আৰু ক’লে যে কছাৰী ৰজা তেওঁৰ শৰণাগত। গতিকে শৰণাগতক এৰি দিব নোৱাৰে। এই সময়তে যুদ্ধলৈ – যোৱা বৰুৱা মাইবঙত অসুস্থ হৈ পৰাত ৰজাই কছাৰী ৰাজ্যৰ পৰা সকলোকে ওলাই আহিবলৈ ত আদেশ দিলে। কিন্তু বৰুৱা গেলেমু কোঠাতে ঢুকাই থাকিল। আহোম সৈন্যই ওলটি আহোঁতে কছাৰী ৰাজ্যৰ পৰা লুটপাত কৰি অনা সকলো সামগ্ৰী ৰজাৰ আগত দিলে ।

এবছৰৰ পাছত পুনৰবাৰ মিছাত বাহৰ পাতি কপিলীৰ বাটেদি বৰবৰুৱা প্ৰমুখ্যে গড়গঞা দি সকলকো পঠিয়ালে। এইদৰে তেওঁলোকে জয়ন্তীয়া ৰাজ্য জয় কৰিবলৈ গ’ল আৰু জয়ন্তাপুৰত উপস্থিত হ’ল। জয়ন্তাৰ ৰামসিংহই বৰবৰুৱাক বষিলেহি আৰু ক’লে— তোমালোকে জয়ন্তা  ৰজাক উপায় কৰি মহাৰাজৰ ওচৰলৈ পঠিওৱাৰ ব্যৱস্থা কৰা। যদি এনেকুৱা নকৰা তেতিয়া হ’লে তোমালোকৰ গা সাৰিবলৈ টান হ’ব। এই কথা শুনি বৰবৰুৱা, বৰফুকনে যুক্তি হৈ, বুদ্ধিকৈ মাতি আনি বন্দী কৰিলে। শেষত ৰুদ্ৰসিংহই যেতিয়া আহি ফাকুমাত্ৰা আৰম্ভ কৰে তেতিয়া কছাৰী ৰজা আৰু জয়ন্তীয়া ৰজাক ফাকুমাত্ৰা কৰি ৰং দেখুৱালে। অৱশেষত দুয়ো ৰজাই মহাৰাজ ৰুদ্ৰসিংহক বিশ্বনাথৰ দৰবাৰলৈ আহি ৰজাক প্ৰণাম কৰি শৰণাগত হোৱাত দুয়ো ৰাজ্যৰ বিবাদৰ অন্ত পৰে।

৪। স্বৰ্গদেউ ৰুদ্ৰসিংহৰ ৰাজনৈতিক বিচক্ষণতাৰ লগতে সমাজ-সংস্কৃতি বিষয়ক গঠনমূলক অৰিহণা আজিও বিদ্যমান আলোচনা কৰা। 

উত্তৰঃ আহোম ৰজা গদাধৰ সিংহৰ জ্যেষ্ঠপুত্ৰ স্বৰ্গদেউ কাংসিংহ অতি বিচক্ষণ আৰু কৰ্মপট আছিল। সমাজ- সংস্কৃতিৰ দিশত তেওঁৰ অৱদান অনস্বীকার্য। ৰুদ্ৰসিংহ স্বৰ্গদেৱে ৰাজপাটত বহাৰ পাছত চেতিয়াৰ ফুকনৰ দ্বাৰা দুটা পুং ডাঙ্গ গঢ় বহালে। ১৬১৯ শকৰ আঘোন মাহত ৪৫ দিন ধৰি এটা পুখুৰী খন্দাইছিল। নাম থৈছিল জয়সাগৰ। ১৬২০ শকত সেই পুখুৰীৰ পাৰত তিনিটা দল নিৰ্মাণ কৰিছিল আৰু নাম দিছিল জয়দল। দৌল তিনিটাৰ ভিতৰত বিষ্ণু, কেশৱ, শিব, দুর্গা, গণেশ, সূর্যা আদিৰ মূৰ্তি স্থাপন কৰিছিল।

স্বৰ্গদেউ ৰুদ্ৰসিংহৰ ৰাজত্বকাল অসম বুৰঞ্জীৰ এক সোণালী অধ্যায়। আহোম ৰাজত্বৰ কালছোৱাত অসমৰ ৰাজনৈতিক আৰু সাংস্কৃতিক দিশ এওঁলোকৰ পৃষ্ঠপোষকতাৰে জিলিকি উঠে। তাৰ ভিতৰত স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনত অধিক সমুজ্জ্বল হয়। তেওঁৰ ৰাজনৈতিক বিচক্ষণতাৰ বাবে ওচৰ-চুবুৰীয়া ৰাজ্যবোৰে ৰজাৰ অনুগত হৈ বঙ্গ আক্ৰমণৰ বাবে সাজু হৈছিল। ৰাজ্যৰ ভিতৰত গঢ় লৈ উঠা সকলো বিদ্রোহ তেওঁ কঠোৰ হাতেৰে দমন কৰিবলৈ। -সক্ষম হৈছিল।

স্বৰ্গদেউ ৰুদ্ৰসিংহৰ ৰাজত্বকালত কছাৰীসকলে আহোমৰ লগত ৰাজনৈতিক সম্পর্ক শেষ কৰিছিল। ৰুদ্ৰসিংহই নিজে বিশ্বনাথলৈ গৈ তাৰ পৰা বৰবৰুৱা আৰু পানী ফুকনক দুটি ভিন্ন পথেৰে মাইবঙলৈ পঠিয়ায়। কছাৰী ৰজা পলাই গৈ জয়ন্তী ৰাজ্যত আশ্ৰয় লয়। আহোম ৰজাই কছাৰী ৰজাক গতাই দিবলৈ জয়ন্তীয়া ৰজাক আদেশ দিয়াত তেওঁ ক’লে যে শৰণাগতক এৰি দিব নোৱাৰে। ৰজাই তেতিয়া জয়ন্তীয়া ৰাজ্য আক্ৰমণ কৰিবলৈ বৰবৰুৱা, শৰাইঘটীয়া পানীফুকন আদিক পঠালে। তেওঁলোক গৈ জয়ন্তীয়াপুৰ পালেগৈ। ভয়তে জয়ন্তীয়া ৰজাই বৰবৰুৱাক বৰিলেহি। কছাৰী ৰজাকো আহোম ৰজাৰ ওচৰলৈ পঠিয়াই দিলে। বৰবৰুৱা আৰু বৰফুকনে চল কৰি জয়ন্তীয়া ৰজাকো বন্দী কৰিলে। তাৰ পাছত তেওঁলোকক আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহক ভেটিলে।

বাহিৰা ৰাজ্যৰ লগতে ৰাজ্যৰ ভিতৰতো বহুবিদ্রোহ হৈছিল। ১৬১৯ শকৰ ভাদ মাহত চাৰিং ৰজাই তুংগুডীয় মানুহৰ লগত মলো কৰি স্বৰ্গদেউৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল। তেওঁক বিশেষভাবে সহায় কৰিছিল চঙ্গটকৰ কাষৰ চুঙ্গিৰ বৰুৱাই। সেই সময়ত স্বৰ্গদেউ চৰাইদেউ পাহাৰত চৰাই উৰুৱাই আছিল। এই খবৰটো দিছিল চাৰিং ৰজাৰ হাঁহচোৱা ডোমে। ৰজাই চাৰিং ৰজা আৰু চুঙ্গিৰ বৰুৱাক বন্দী কৰি চাৰি বজাৰ আঠুৰ ঘিলা কঢ়ালে আৰু চুঙ্গিৰ বৰুৱাক হত্যা কৰিলে। ঠিক তেনেদৰে ৰজা কৰিবৰ বাবে কোৱৰ এজনক পাৰাং গঞা লাহইৰ ঘৰত পোহপাল দি ৰাখিছিল কেইবাজনো বিষয়াই। বজাই গম পাই সকলোকে হত্যা কৰিলে।

১৬২২ শকত ৰজাৰ সৰু ভায়েক লেচাই বিদ্ৰোহ আচৰণ কৰিলে। এই ষড়যন্ত্রত জড়িত আছিল সন্দিকৈ ভিতৰৱাল ফুকন, লানমাথৰৰ বন্দৰ নাওবৈচা ফুকন, বাইলুং ডেকা ফুকন। আদি। স্বৰ্গদেউৱে গম পাই ফুকন কেইজনক প্রাণে নামাৰি বিষয়বাব কাঢ়ি ল’লে আৰু সৰু গোঁহাইৰ চক্ষু কঢ়ালে।

ৰুদ্ৰসিংহই মোগলৰ সেনাক কৰতোৱা নদীৰ সিপাৰ কৰি থ’বলৈ বৃহৎ আঁচনি লৈছিল। এই উদ্দেশ্যৰে তেওঁ ত্ৰিপুৰা, কছাৰী-জয়ন্তীয়া, দফলা, মিচিমি আদি আহোম ৰাজ্যৰ তলতীয়া ৰাজ্যসমূহক একগোট কৰি মোগলৰ বিৰুদ্ধে ৰণোদ্যমৰ আয়োজন কৰিছিল। পিছে আহোম মন্ত্রী বুঢ়াগোহাঞি অস্ত্ৰ-শস্ত্ৰ, নাও নাওৰীয়া থাকিলেই যুদ্ধ সফল হ’ব নোৱাৰে যদি তাক বিচক্ষণতাৰে ব্যৱহাৰ কৰা নহয়। ৰজা এই কথাত ক্ষুণ্ণ হৈছিল যদিও বৰুৱা, ফুকন আদিয়ে ৰজাক ঢাকা আক্ৰমণ কৰিবলৈ সকলো আয়োজন সম্পূৰ্ণ কৰিবলৈ ক’লে। গোহাঞিসকলৰ সহায় নোলোৱাকৈ তেওঁলোকেই যুদ্ধ পৰিচালনা কৰিব বুলি ৰজাক কথা দিলে । ৰজাই সেই উদ্দেশ্য অজস্র সৈন্য গোটাই বৰদুৱাৰৰ পৰা লুইতলৈ আলিৰ দুয়োকাষে ৰাখিলে। নগৰখন বহল কৰাৰ উদ্দেশ্য হোৱালী পৰ্বতখন খহালে । ইয়াৰ পাছত ৰজা অসুস্থ হ’ল আৰু আঠদিনৰ মূৰত ৰজাৰ মৃত্যু হয়।

ইয়াৰ লগতে সাংস্কৃতিক দিশত স্বৰ্গদেউ ৰুদ্ৰসিংহৰ অনবদ্য অৱদান আছে। ৰাজপাটত উঠিয়েই ৰুদ্ৰসিংহই প্রথমে পিতৃ গদাধৰ সিংহৰ দিনত প্ৰচলিত বৈষ্ণৱ গুৰুসকলৰ প্ৰতি থকা অনুদানৰ নীতি উঠাই দিলে। এওঁলোকক মাজুলীত সত্ৰ পাতি দি বৈষ্ণৱ সংস্কৃতিৰ উত্তৰোত্তৰ উন্নতিৰ পথ প্রশস্ত কৰিলে । সত্ৰবোৰৰ উন্নতিৰ অৰ্থে সত্ৰীয়া বৰুৱা নামৰ এক শ্ৰেণীৰ বিষয়াক নিযুক্তি দি সত্ৰবোৰৰ উন্নতিৰ হকে কাম কৰিবলৈ দিলে। ব্ৰাহ্মণসকলৰ সত্ৰৰ মহন্তসকলে শৰণ দিব নোৱাৰা ব্যৱস্থা কৰি তেওঁলোকক ধৰ্ম নিজ ইচ্ছাৰে পালন কৰিবলৈ সুচল কৰি দিলে। এওঁৰ দিনত অসমীয়া সাজ-পোছাকত বিদেশী প্ৰভাৱ পৰিলক্ষিত হয়। ফাকু যাত্ৰাৰ সময়ত ৰজাইও জামা পাইজামা পিঙ্কিলে আৰু পাত্র-মন্ত্রী বিষয়াসকলকো উপহাৰ স্বৰূপে দিলে।

স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনত বিহু উৎসৱক বিশেষ মান্যতা প্ৰদান কৰিলে। ৰাজপৃষ্ঠপোষকতাত বিহু, ফাকুৱা উৎসৱ আদি অনুষ্ঠিত হ’বলৈ ধৰে। তেওঁৰ ৰাজত্ব কালতেই বিহুগীত, বনগীত আদি ৰচিত হৈ অসমীয়া সাহিত্যৰ শ্ৰীবৃদ্ধি হ’বলৈ ধৰে। বিভিন্ন সম্প্ৰদায়ৰ মাজত সমন্বয় আৰু সাংস্কৃতিক বিনিময়ৰ ওপৰত বিশেষ গুৰুত্ব দিছিল। শৈব, শাক্ত, বৈষ্ণৱ দিনত বহুতো জনহিতক কাম হৈছিল। তেওঁ জয়সাগৰ পুখুৰী খান্দি জনহিতকৰৰ কাম কৰাৰ লগতে তাৰ পাৰত তিনিটা দৌল বান্ধি ধর্মীয় নিশ বিকাশত গুৰুত্ব দিয়ে। যাতায়াতৰ সুবিধাৰ বাবে বিভিন্ন আলি পলি, সাকোঁ আদি নিৰ্মাণ কৰিছিল। নামদাং নৈৰ ওপৰত শিলৰ সাকো নিৰ্মাণ কৰিছিল আৰু ৰংপুৰত হেৱালী ঘৰ সজাৰ উপৰিও তলাতল ঘৰ সজাই তেওঁ সাংস্কৃতিক মনৰ পৰিচয় দাঙি ধৰে।

৫। সূৰ্য্যকুমাৰ ভূঞাৰ এটি পৰিচয় দাঙি ধৰি তেওঁৰ গদ্যমূলক বৈশিষ্ট্যসমূহ উল্লেখ কৰা। 

উত্তৰঃ অসমীয়া সাহিত্য জগতত প্রখ্যাত ইতিহাসবিদ ড° সূৰ্য্যকুমাৰ ভূঞাই কবি হিচাপে প্রথমতে আত্ম-প্রকাশ কৰিছিল। যদিও ইতিহাসবিদ হিচাপেহে খ্যাতি অৰ্জন কৰে। তেওঁ কেইবাখনো মূল্যবান গ্রন্থ ৰচনা কৰি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিছে। তেওঁৰ একমাত্ৰ কবিতা পুথিখনৰ নাম হ’ল— ‘নির্যালি’। চুটিগল্পৰ পুথিখনৰ নাম হৈছে — ‘পঞ্চমী’। উল্লেখযোগ্য প্রবন্ধ সংকলন হ’ল – ত্রিপদী। সূৰ্য্যকুমাৰ ভূঞাদেৱৰ বিবিধ প্ৰৱন্ধ তথা তেখেতৰ জীৱনীমূলক গ্রন্থসমূহ হ’ল— ‘গোপাল কৃষ্ণ গোখলে, জোনাকী, চানেকী, আনন্দৰাম বৰুৱা, অসম জীয়ৰী, ঐতিহাসিক তথ্য-পূর্ণ পুথি কোঁৱৰ বিদ্ৰোহ, বুৰঞ্জীৰ বাণী, ৰমণী গাভৰু, মীৰজুমলাৰ অসম আক্ৰমণ আৰু লাচিত বৰফুকন। ইয়াৰ উপৰিও তেওঁ কেইবাখনো বুৰঞ্জী সম্পাদনা কৰিছিল। যেনে— কামৰূপ বুৰঞ্জী, অসম বুৰঞ্জী, সাতসৰী অসম বুৰঞ্জী, তুংখুঙীয়া বুৰঞ্জী ইত্যাদি । ড° সূৰ্য্যকুমাৰ ভূঞাই বুৰঞ্জীসমূহক তিনিটা ভাগত ভাগ কৰি দেখুৱাইছে। সেইবোৰ হ’ল—

(ক) ভগদত্তৰ পৰা চুকাফাৰ অসম আগমনৰ মূহূৰ্তলৈকে হিন্দু ৰজাসকলৰ বিক্ষিপ্ত ৰূপৰ বিৱৰণ।

(খ) ১২২৮ অৰ্থাৎ আহোমৰ আগমনৰ পৰা ১৮২৬ চনলৈকে অর্থাৎ আহোম শাসনৰ পৰিসমাপ্তিলৈকে।

(গ) অন্য দেশসমূহৰ বুৰঞ্জী।

সূৰ্য্যকুমাৰ ভূঞাৰ গদ্যয়েও অসমীয়া সাহিত্যত এখন স্বকীয় আসন দখল কৰি আছে। বুৰঞ্জীৰ আধাৰত প্ৰৱন্ধ ৰচনা কৰা ভূঞাৰ গদ্য সম্ভাৰত ওজস্বী ভাষাৰ প্ৰত্যক্ষ কৰা যায়। চুটি চুটি বাকাৰে স্পষ্ট, সংযত আৰু বলিষ্ঠ প্রকাশভংগীৰে পোনপটীয়াকৈ বক্তব্য দাঙি ধৰিব পৰাটো তেওঁৰ গদ্যৰ অন্যতম বৈশিষ্ট্য। জতৱা ঠাঁচ, খণ্ডবাক্যৰ প্ৰয়োগৰ লগতে উপমা, অনুপ্রাস আদি অলংকাৰৰ প্ৰয়োগে তেওঁৰ গদ্যক মধুৰতা প্ৰদান কৰিছে। তেওঁৰ সকলো ৰচনাৰ বিশিষ্ট কেন্দুবিন্দু হৈছে স্বদেশপ্রেম।

তেওঁৰ কেইটিমান গদ্যৰ বৈশিষ্ট্য:

(ক) আন বুৰঞ্জীসমূহৰ দৰে সূৰ্য্যকুমাৰ ভূঞাৰ বুৰঞ্জীৰ ভাষাও কথিত ভাষাৰ ওচৰ চপা অস্পষ্ট, জটিলতা আৰু দ্বার্থকতা তেওঁৰ বুৰঞ্জীত নাই বুলিলেই হয়। যাৰ বাবে বর্ণনীয় বিষয় বোধগম্য হোৱাত তেনেই সহজ হৈ পৰিছে। যেনে—পাচে ইন্দ্ৰদেৱে আপোনাৰ দুই নাতি গুলো সুনলাইক পৃথিৱীলৈ নমাই পঠালে। সোণ-ৰূপৰ জখলাৰে নমাই পঠালে”। (সাতসৰী অসম বুৰঞ্জী)।

(খ) বুৰঞ্জীৰ গদ্য এফালে যিদৰে সৰল আৰু অনাড়ম্বৰ আনফালে সেই অনাড়ম্বৰাক আৰু অধিক ঘৰুৱা ভাষাৰ ওচৰ চপাবলৈ যাওঁতে তুৱা ঠাঁচ আৰু সৰল শব্দৰ যোজনা প্ৰায়ে প্রয়োগ কৰা দেখা যায়। 

(গ) ছুটি ছুটি বাক্যৰ প্ৰয়োগ বুৰঞ্জীৰ গদ্যৰ এটি উল্লেখনীয় বৈশিষ্ট্য তেওঁৰ গদ্যৰীতিত দেখা যায়। যেনে—“গোভাৰ বাটে শৰাইঘটীয়া বৰফুকন প্ৰমুখ্যে সকলোকে পাঁচিলে। এইৰূপে সমস্তো গৈ জয়ন্তাপুৰ পালেগৈ।”

(ঘ) বুৰঞ্জীখনত যিদৰে চুটি বাক্যৰ প্ৰয়োগ আছে, সেইদৰে দীঘল বাক্যৰ প্ৰয়োগো আছে। যেনে— “পূর্ব্বে চুকাফায়ে যি বৰাহী মৰাণ পালে থামিথুমা, থাকুনথা, থাকুনখুন, এতিয়া তাৰ নাতি-পুষ্ঠিক চৰওৱা, পাইলোত, দিহিঙ্গত, কাঁজিত, বাঘটৌত, কতোক লক্ষককত পাতিলে।”

(ঙ) একেটি বাক্যতে মাথোন সৰু সৰু একাধিক বাক্যৰ সমাৱেশ বুৰঞ্জীখনৰ গদ্যৰীতিৰ অন্যতম বিশেষত্ব। উদাহৰণস্বৰূপে— “আত পাচে কছাৰীৰ জয়সিংহ ৰজা কটকী পঠাই, পত্ৰ-সন্দেশ দি কৈ আহিল, বোলে, – পূৰ্ব্বৰ আমাৰ মহঙ্গ সীমা কৰি ৰাজা, স্বৰ্গমহাৰাজা মোক এৰি দিয়োক।”

(চ) বুৰঞ্জী সাহিত্যৰ অন্তৰ্ভুক্তকৰণত কিছু বাদ-বিবাদ দেখা যায়। অর্থাৎ বুৰঞ্জীক সাহিত্যৰ অন্তৰ্ভুক্তত বহুতৰে প্ৰশ্ন থাকিলেও ‘পাদশাহ বুৰঞ্জীৰ প্ৰসংগত সূৰ্য্যকুমাৰ ভূঞাই ক’বৰ দৰে — “বুৰঞ্জীৰ কথাখিনি শুকান হাড়-চাল নহয়, তাত ভাবৰ সমাৱেশ আৰু আৱেগৰ সৌৰভ লক্ষ্য কৰিব পাৰি। অৰ্থাৎ ভূঞাদেৱৰ মন্তব্যৰ সাৰমৰ্ম এয়ে যে বিচাৰিব জানিলে বা আয়ত্ত কৰিব জানিলে বুৰঞ্জীৰ ভাষাতো সাহিত্যিক গুণ পাব পাৰি। কাৰণ তাতো প্রবাদ, উপমা, উপকথা, দৃষ্টান্ত আদিৰ সমাৱেশ প্ৰচুৰ পৰিমাণে আছে। উদাহৰণস্বৰূপে—

উপমাঃ “ই আহম। আক আনৰে সম নহয়।”

প্রবাদ : ‘ব্রাহ্মণক শূদ্ৰে শৰণ লগাব পাই যেন একো শাস্ত্ৰত বচন পোৱা নাই’। “তয়ো খোৰা ময়ো খোৰা। লেফেৰা বৰবৰা সিও খোৰা।”

(ছ) বুৰঞ্জীৰ লিখনশৈলী বা কখনশৈলীৰ এটা অন্যতম প্রধান বৈশিষ্ট্য— পাচে, আত পাচে, পূৰ্ব্বে, বোলে আৰু আদি শব্দৰে বাক্য আৰম্ভ কৰা ৰীতি। যেনে— 

“পাচে সেইবেলা চোমদেৱ পূজা হ’ল”। 

“আত পাড়ে কছাৰীৰ জয়সিংহ ৰজা কটকী পঠাই পত্র-সন্দেশ নি কৈ আহিল”।

(গ) গুৰু চৰিত কথা (“শঙ্কৰ-মাধৱৰ মিলন’ অংশ)

অতি চমু প্রশ্নোত্তৰঃ

১। চৰিত সাহিত্য কেতিয়া সৃষ্টি হয়? 

উত্তৰঃ খৃঃ সপ্তদশ শতিকাত ।

২। চৰিত পুথি কিমান ধৰণৰ পোৱা যায়?

উত্তৰঃ দুই ধৰণৰ।

৩। চৰিত পুথিসমূহ সাহিত্যিক গুণেৰে সমৃদ্ধ হয় নে? 

উত্তৰঃ হয়।

৪। চৰিত পুথিৰ এটা সাহিত্যিক গুণ লিখা।

উত্তৰঃ চৰিত পুথিসমূহত কাব্যৰ দৰে উপযুক্ত ঠাইত পদ, দুলড়ী, ছবি, ঝুনা, ঝুমুৰী আদিৰ প্ৰয়োগ দেখা যায়। তদুপৰি মধ্যযুগীয় অসমীয়া গদ্য সাহিত্যৰ উৎকৃষ্টতম নিদর্শন হোৱাৰ উপৰিও গদ্য সাহিত্যৰ বুৰঞ্জীত এই চৰিত্ৰবোৰে যথেষ্ট সমল যোগাইছে। 

৫। ‘চৰিত তোলা’ প্রথা প্রথমে কোনে প্ৰৱৰ্তন কৰে?

উত্তৰঃ মাধৱদেৱে।

৬। ‘চৰিত তোলা প্ৰথা কাক বোলে?

উত্তৰঃ বৈষ্ণৱ ভক্তসকলে মহাপুৰুষ শংকৰদেৱ-মাধৱদেৱ প্ৰমুখো অন্যান্য গুৰুসকলক ঈশ্বৰৰ অংশৰূপে গণ্য কৰি সত্ৰসমূহত তেৰাসৱৰ জীৱনী আৰু কাৰ্যকলাপসমূহৰ বৰ্ণনা কৰিছিল। পৰম্পৰাগতভাৱে প্ৰচলিত এই কাৰ্যক ‘চৰিত তোলা’ প্রথা বোলে।

৭। ‘কথা গুৰ-চৰিত’ৰ প্ৰথম সম্পাদক জনৰ নাম কি?

উত্তৰঃ উপেন্দ্ৰ চন্দ্ৰ লেখাৰু।

৮। চৰিত পুথি কেইপ্ৰকাৰৰ আৰু কি কি? 

উত্তৰঃ দুই প্ৰকাৰৰ। পদ্য চৰিত আৰু গদ্য চৰিত।

৯। অসমীয়া চৰিত পুথিসমূহৰ লগত কোন ভাষাৰ নাটকৰ মিল দেখা যায়?

উত্তৰঃ  ইংৰাজী সাহিত্যত Miracle নাট বিলাকৰ মাজেদি সন্ত-মহন্তসকলৰ জীৱনালেখ্য প্ৰচাৰ কৰি জনসাধাৰণক ধৰ্মৰ প্ৰতি আকৃষ্ট কৰিবলৈ প্ৰচেষ্টা চলোৱাৰ দৰে অসমীয়া সাহিত্যতো সন্ত-মহস্তসকলৰ জীৱনালেখ্য চৰিত পুথিসমূহৰ মাজেদি প্ৰচাৰ কৰি তাৰ দ্বাৰা জনসাধাৰণক আৰু বিশেষকৈ ভক্তসমাজক বৈষ্ণৱ ধৰ্মৰ প্ৰতি বিশেষভাৱে আকৃষ্ট কৰাই আছিল চৰিত পুথিৰ মূল লক্ষ্য। 

১০। প্ৰথম চৰিতকাৰ কোন বুলি পণ্ডিতসকলে মত প্ৰকাশ কৰিছে?

উত্তৰঃ ৰামচৰণ ঠাকুৰক (মাধৱদেৱৰ ভাগিনীয়েক) 

১১। মাধৱদেৱৰ ভনীজোৱায়েক কোন?

উত্তৰঃ ৰামদাস আতা।

১২। শংকৰদেউ-মাধৱদেউ’ চৰিত পুথি কোনে ৰচনা কৰে?

উত্তৰঃ ৰামচৰণ ঠাকুৰৰ পুতেক দৈত্যাৰি ঠাকুৰেও 

১৩৷ ‘গুৰুচৰিত’ কোনে ৰচনা কৰিছিল?

উত্তৰঃ ৰামানন্দ দ্বিজে।

১৪। লক্ষ্মীনাথ বেজবৰুৱাই বাঁহীত প্ৰকাশ কৰা চৰিত পুথিখনৰ নাম কি? 

উত্তৰঃ ‘বৰদোৱা চৰিত’। 

১৫৷ অসমীয়া মধ্যযুগৰ গদ্য সাহিত্যৰ উৎকৃষ্টতম নিদর্শন দাঙি ধৰা চৰিত পুথিৰ নাম। 

উত্তৰঃ কথা-গুৰু-চৰিত, বৰদোৱা চৰিত, সম্ভ সম্প্রদা ।

১৬। ‘সন্তু সম্প্রদা’ৰ চৰিত্ৰকাৰ কোন?

উত্তৰঃ গোবিন্দ দাস।

১৭। অসমীয়া গদ্যৰ ধাৰক আৰু বাহক ৰূপে কোনখন পুথিক কোৱা হয়?

উত্তৰঃ ‘গুৰুচৰিত কথা’ পুথিৰ গদ্যক । 

১৮। ‘গুৰ-চৰিত-কথা’ পুথিৰ গদ্যই কোন শতিকাৰ অসমীয়া গদ্যৰ নিদৰ্শন দাঙি ধৰে?

উত্তৰঃ খৃষ্টীয়-সপ্তদশ-অষ্টাদশ শতিকাৰ ।

১৯। গোবিন্দ প্ৰসাদ শৰ্মাই অসমীয়া চৰিও সাহিত্যক কোন শ্ৰেণীৰ ৰচনাৰ অন্তৰ্ভুক্ত কৰিছে?

উত্তৰঃ Hagiography. 

২০। উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৱে ‘কথা গুৰু চৰিত খন কেতিয়া ছপা কৰি উলিয়ায়?

উত্তৰঃ ১৯৫২ খ্ৰীষ্টাব্দত। 

২১। ড° মহেশ্বৰ নেওগে কথা-গুৰুচৰিত সম্পাদনা কৰি কি নামেৰে প্ৰকাশ কৰে?

উত্তৰঃ গুৰ-চৰিত-কথা নামেৰে (১৯৮৭)। 

২২। উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৱে ‘কথা-গুৰু চৰিত’ৰ মূল পুথিখনি কেতিয়া ৰচনা কৰা হৈছে বুলি অনুমান কৰিছে?

উত্তৰঃ খ্ৰীষ্টীয় অষ্টাদশ শতিকাৰ আগভাগত অৰ্থাৎ ১৭১৬ খ্ৰীঃৰ পিছত ৰচিত বুলি কৈছে।

চক্ষু আৰু ৰচনাধৰ্মী প্রশ্নোত্তৰঃ

১। মহেশ্বৰ নেওগে পুৰণি অসমীয়া কেইটা  ভাগত ভাগ কৰিছে ? ভাগকেইটা কি কি?

উত্তৰঃ দুটা ভাগত ভাগ কৰিছে। সেয়া হ’ল – 

(ক) আদর্শবাদী সাহিত্য। আৰু

(খ) বাস্তববাদী সাহিত্য।

২। হৰিনাথ শৰ্মা দলৈয়ে ‘অসমীয়া গদ্য সাহিত্যৰ গতিপথ’ত পুৰণি অসমীয়া গদ্য উন্মেষ আৰু বিকাশৰ কেইটা স্তৰৰ কথা কৈছে? 

উত্তৰঃ দুটা স্তৰৰ কথা কৈছে – 

(ক) প্ৰাৰম্ভিক স্তৰ। 

(খ) বদ্ধমান স্তৰ।

৩। চৰিত পুথিৰ গদ্যৰ চাৰিটা বৈশিষ্ট্য লিখা। 

উত্তৰঃ চৰিত পুথিৰ গদ্যৰ চাৰিটা বৈশিষ্ট্য হ’ল—

(ক) ইয়াৰ কথিত ভাষাত এটা মাৰ্জিত ৰূপ পোৱা যায়।

(খ) এইবোৰ ভকতীয়া ঠাঁচত ৰচিত।

(গ) চৰিত পুথিবোৰ সত্ৰীয়া পৰিৱেশত ৰচনা কৰা হয় ৷ 

(ঘ) কথোপকথনমূলক ৰীতি ইয়াৰ অন্যতম বৈশিষ্ট্য।

৪। অসমীয়া গদ্যৰ বিকাশৰ স্তৰক কেনেদৰে ভাগ কৰিব পাৰি?

উত্তৰঃ অসমীয়া গদ্যৰ ইতিহাস অধ্যয়ন কৰিলে দেখা যায় যে, ষোড়শ শতিকাৰ আদিভাগত মহাপুৰুষ শংকৰদেৱে অংকীয়া নাট ৰচনা কৰি অসমীয়া গদ্যক সাহিত্যিক মর্যাদা প্রদান কৰে, তাৰ পাছৰ পৰা অৰ্থাৎ ষোড়শ শতিকাৰ শেষ দশকৰ পৰা অষ্টাদশ শতিকালৈকে এই সময়ছোৱাত বিভিন্নজন লেখকৰ হাতত সৃষ্টি হোৱা অসমীয়া গদ্যক বিভিন্নজন আলোচকে ভিন্ন ধৰণে শ্রেণী বিভাজন কৰিছে। বিৰিঞ্চি কুমাৰ বৰুৱাই অসমীয়া কথা সাহিত্য’ (পুৰণি ভাগ)ৰ সামৰণিত বিষয়বস্তু অনুসৰি আৰু আলোচনা সুচলৰ অৰ্থে পুৰণি অসমীয়া গদ্যক চাৰিটা ভাগত ভাগ কৰিছে। তেওঁৰ পুথিত আধুনিক গদ্যৰ আলোচনা কৰা নাই। বিৰিঞ্চি কুমাৰ বৰুৱাই উল্লেখ কৰা অসমীয়া গদ্যৰ (পুৰণি ভাগ) ভাগকেইটা হৈছে— ধৰ্ম পুথিৰ গদ্য, বুৰঞ্জী পুথিৰ গদ্য, ব্যৱহাৰিক পুথিৰ গদ্য, দলিল পত্ৰৰ গদ্য।

মহেশ্বৰ নেওগে পুৰণি অসমীয়া কথা সাহিত্যক দুটা ভাগত ভাগ কৰিছে। যেনে— 

আদর্শবাদী সাহিত্য : ভাগৱত কথা, গীতা কথা, ৰত্নাকৰ কথা, ৰামায়ণ কথা, ক্রিয়া যোগসাৰ কথা আদি ধৰ্মপুথিৰ অনুবাদ ইত্যাদি।

বাস্তৱবাদী সাহিত্য : কথা গুৰু চৰিত্ৰসমূহ, হস্তবিদ্যানৱ আদি ব্যৱহাৰিক বিষয়ৰ পুথি, শ্ৰীহস্তমুক্তাৱলী আৰু বুৰঞ্জীসমূহ ইত্যাদি। আৰম্ভণিৰ পৰা বৰ্তমানলৈকে বিকাশ ঘটা অসমীয়া গদ্যক বিভিন্নজন গদ্যৰ আলোচকে ভিন্ন ধৰণে বিভাজন কৰি আলোচনা আগবঢ়াইছে।

হৰিনাথ শৰ্মানলৈয়ে ‘অসমীয়া গদ্য সাহিত্যৰ গতিপথ ত পুৰণি অসমীয়া গদ্যৰ উন্মেষ আৰু বিকাশৰ দুটা প্ৰধান স্তৰৰ কথা কৈছে।

এই দুটা স্তৰ হৈছে—

প্ৰাৰম্ভিক স্তৰ : মন্ত্ৰ সাহিত্যৰ গদ্য আৰু অংকীয়া নাটৰ গদ্য। 

বৰ্দ্ধমান স্তৰ : ভট্টদেৱী গদ্য, ভট্টদেৱৰ আদৰ্শত সৃষ্ট গদ্য, বুৰঞ্জীৰ গদ্য, চৰিত পুথিৰ গদ্য, তাম্র শাসন, প্ৰস্তৰ শাসন, ৰজাঘৰীয়া কাকত পত্ৰৰ গদ্য। আধুনিক গদ্যৰ উন্মেষ আৰু বিকাশৰ চাৰিটা স্তৰৰ কথাও শৰ্মাদলৈয়ে উল্লেখ কৰিছে। এই স্তৰকেইটা হৈছে—

প্ৰাৰম্ভিক স্তৰ : মিছনেৰীৰ হাতত সৃষ্ট গদ্য আৰু মিছনেৰী যুগৰ অসমীয়া লেখকৰ হাতত সৃষ্টি গদ্য। 

মাৰ্জিত স্তৰ : হেমচন্দ্ৰ গুণাভিৰাম বৰুৱা স্তৰ।

উন্নত স্তৰ : জোনাকী যুগৰ লেখক লক্ষ্মীনাথ বেজবৰুৱা, পদ্মনাথ গোহাঞি বৰুৱা, সত্যনাথ বৰা, ৰজনীকান্ত বৰদলৈ আদিৰ হাতত সৃষ্ট গদ্য ৰচনা ।

বৰ্তমান স্তৰ : আৱাহন যুগৰ আৰু মহাযুদ্ধৰ পাছৰ লেখকসকলৰ হাতত সৃষ্ট গদ্য।

সাহিত্য ৰূপ প্ৰকাশ পোৱা অংকীয়া নাটৰ গদ্যকে অসমীয়া গদ্যৰ প্ৰথম নিদর্শন বুলি কোৱা হয়। অসমীয়া গদ্যৰ আৰম্ভণিৰ পৰা বৰ্তমানলৈকে যিবোৰ গদ্যই অসমীয়া গদ্যৰ বিকাশত অৰিহণা যোগাইছে আৰু অসমীয়া গদ্যৰীতিৰ স্বাক্ষৰ বহন কৰিছে, তেনেবোৰ গণ্যক একাদিক্রমে সজাই অসমীয়া গদ্যৰ আলোচনা দাঙি ধৰা হৈছে। অসমীয়া গদ্যৰ আলোচনাৰ সুবিধাৰ বাবে বিকাশৰ ক্ৰম অনুসৰি দুটা বহল স্তৰত ভাগ কৰি লোৱা হৈছে। এই স্তৰ দুটাৰ অন্তৰ্গত গদ্যসমূহক তলত উল্লেখ কৰা হৈছে—

প্রাচীন স্তৰ : মন্ত্ৰপুথিৰ গদ্য, অংকীয়া নাটৰ গদ্য, ভট্টদেৱৰ গদ্য, চৰিত পুথিৰ গদ্য, ভট্টদেৱৰ গদ্য ৰচনাৰ আদৰ্শত সৃষ্ট গদ্য আৰু অন্যান্য গদ্য (ব্যৱহাৰিক পুথিৰ গদ্য, ৰজাঘৰীয়া কাকত পত্র, চিঠি-পত্র, তাম্র শাসন আৰু প্ৰস্তৰ শাসন আদিৰ গদ্য)। 

৫। চৰিত পুথিৰ গদ্যৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা। 

উত্তৰঃ সপ্তদশ শতিকামানত অর্থাৎ শংকৰোত্তৰ কালত সত্ৰীয়া পৰিৱেশত কথন আৰু শ্ৰৱণৰ নিত্য-নৈমিত্তিক প্ৰসংগৰ লগতে গুৰুসকলৰ চৰিত চৰ্চাৰ আলমতে চৰিত পুথিসমূহ ৰচনা কৰা হৈছিল। চৰিত পুথিসমূহ গদ্য আৰু পদ্য উভয় মাধ্যমত ৰচনা কৰা হৈছিল গদ্যৰ মাধ্যমত লিখা দুখন চৰিত পুথি হৈছে— ‘গুৰুচৰিত কথা’ আৰু বৰদোৱা চৰিত’। এই চৰিত পুথিসমূহত মহাপুৰুষ শংকৰদেৱকে প্ৰমুখ্যে কৰি বৈষ্ণৱ আন্দোলনৰ লগত জড়িত ভালেসংখ্যক গুরু শিষ্য-প্রশিষ্যৰ জীৱন আৰু কাৰ্যাৱলীৰ বিৱৰণ দাঙি ধৰাৰ উপৰি পঞ্চদশ শতিকামানৰ পৰা অষ্টাদশ শতিকালৈকে মধ্যযুগীয় অসমৰ সামাজিক, ৰাজনৈতিক, অর্থনৈতিক আৰু ধৰ্মীয় জীৱনৰ নানা কথাৰ সম্ভেদ পোৱা যায়। সাহিত্যিক ৰূপৰ ফালৰ পৰাও গদ্যত লিখা চৰিত পুথি বিশেষকৈ ‘গুৰু চৰিত কথা’ পুথিখনিয়ে অসমীয়া গদ্যৰ ধাৰক আৰু বাহক ৰূপে এখন বিশিষ্ট আসন অধিকাৰ কৰিছে। চৰিত পুথিসমূহ সাধাৰণতে সত্ৰীয়া পৰিৱেশত ৰচনা কৰা হয়, সেইবাবে ইয়াত বৈষয়িক ভাব নাই। নিষ্কাম ভাবনাই চৰিত সাহিত্যৰ বিষয়বস্তু আৰু ই সাধাৰণতে আত্মনিষ্ঠ।

‘গুৰু চৰিত কথা’ পুথিৰ গদাই সপ্তদশ-অষ্টাদশ শতিকাৰ অসমীয়া গদ্যৰ নিদৰ্শন দাঙি ধৰে। অসমীয়া গদ্যৰ ক্ৰমবিকাশত চৰিত পুথিৰ গণ্য নিঃসন্দেহে এক বিশিষ্ট মাইলৰ খুঁটি। এইক্ষেত্ৰত সত্যেন্দ্ৰনাথ শৰ্মাই দাঙি ধৰা এটা মন্তব্য উল্লেখ কৰিব পাৰি —

“গদ্য চৰিত পুথিৰ ভাষা ভট্টদেৱ বা ৰঘুনাথ মহন্তৰ পৰা পৃথক যদিও বুৰঞ্জীৰ লগতো একে নহয়। কথিত ভাষাৰ এটা অতিশয় পৰিমাৰ্জিত ৰূপ ইয়াত পোৱা যায়। এই গদ্য সত্ৰীয়া ভকত সমাজত প্ৰচলিত গম্ভীৰ ভকতীয়া ঠাঁচৰ ওপৰত প্ৰতিষ্ঠিত। এই হিচাপে ভট্টদেৱৰ সাহিত্যিক গদ্য আৰু বুৰঞ্জীৰ দৈনন্দিন কথিত গদ্যৰ মাজতে এই গদ্যৰীতিক স্থাপন কৰিব পাৰি। ইয়াত হুবহু কথিত ৰূপ যেনেকৈ আছে ঠাই বিশেষে পদপুথিৰ ভাষাও ব্যৱহাৰ কৰিছে।”

তদুপৰি ‘গুৰুচৰিত কথা’ৰ গদ্যত আদিৰ পৰা অন্তলৈকে ঠাহ খাই থকা জতুৱা ঠাঁচ, প্ৰবাদ বাক্য আৰু ফকৰা-যোজনা আদিৰ প্ৰয়োগে চৰিত পুথিৰ গদ্যক সাৱলীল কৰি তুলিছে। এইবোৰে অসমীয়া কথ্যৰূপৰ নিদৰ্শন দাঙি ধৰে। মুঠতে, ‘গুৰু চৰিত কথা’ৰ গদ্যই অসমীয়া বিকাশত অৰিহণা যোগাইছে। ই প্ৰাচীন অসমীয়া আৰু আধুনিক অসমীয়া গদ্যৰ মাজত সার্কো স্বৰূপ। চৰিত পুথিৰ গদ্যৰীতিৰ এটা সুকীয়া বৈশিষ্ট্য আছে। চৰিত পুথিত গুৰুসকলৰ ধৰ্মীয় জীৱন সকলোবোৰ খুতি নাতি, অনুকূল প্রতিকূল অবস্থা বৈষম্য অনুষ্ঠানৰ প্ৰসাৰণৰ ইতিহাস, সামাজিক ব্যৱস্থা, ৰজাসকলৰ প্ৰভাৱ আৰু প্ৰতিক্ৰিয়া, সত্রানুষ্ঠানৰ বিকাশ, বিভিন্ন গ্ৰন্থৰ উৎপত্তি আৰু বৈষ্ণৱ আচাৰ নীতিৰ আৰ্হিকে আদি কৰি বহুতো সামাজিক আৰু সাংস্কৃতিক ইতিহাসৰ উপাদান পোৱা যায়।

সাহিত্যিক মূল্যৰ ফালৰ পৰা যিদৰে চৰিত পুথিসমূহ সমুজ্জ্বল ঠিক সেইদৰে গদাৰ ফালৰ পৰাও অতুলনীয়। গদ্য সাহিত্যৰ ফালৰ পৰাও ‘কথা গুৰু চৰিত’‘বৰদোৱা চৰিত’ সন্তসম্প্ৰদা আদিৰ মূল্য অধিক। এইবোৰ অসমীয়া মধ্যযুগৰ গদ্য সাহিত্যৰ উৎকৃষ্ট নিদৰ্শন। চৰিত পুথিৰ গদ্য সমসাময়িক বুৰঞ্জীৰ গদ্য নাইবা ভট্টদেৱৰ গদ্য আৰু কথা ৰামায়ণৰ গদ্যতকৈ কিছু পৃথক হ’লেও কথিত ভাষাৰ এটি মাৰ্জিত ৰূপ এই গদ্যত পোৱা যায়। এই গদ্য সত্ৰীয়া ভকতসকলৰ কথিত ভাষাক ভেঁটি কৰি ৰচিত। ইয়াৰ উপৰিও উপমা, ৰূপক, ফকৰা-যোজনা, খণ্ড বাক্য, দৃষ্টান্ত, পদ্ম-পুথিৰ উদ্ধৃতি আদিৰ ব্যৱহাৰো পুথিকেইখনক বেছি ৰসাল কৰি তুলিছে। পুথিসমূহত ব্যৱহৃত চুটি চুটি বাক্য আৰু প্ৰত্যক্ষ উক্তিৰ ব্যৱহাৰে নাটকীয় গুণ বৃদ্ধি কৰিছে। আকৌ কেতিয়াবা একোটি চুটি বাক্যৰ যোগেদি গভীৰ অৰ্থব্যঞ্জক ভাব প্রকাশ কৰা দেখা যায়। যেনে—

‘নিশ্চয় পাৰ অনিশ্চয়ে সংসাৰ।

ভাও পৰশি লৱণু থবা, শিষ্য পৰশি তত্ত্ব কবা।

এইবোৰ বৈশিষ্ট্যই চৰিত পুথিৰ গদ্যৰ ভাষাক এক অন্যবদ্য ৰচনাৰ উল্লেখতম সৃষ্টি বুলি জিলিকাই ৰাখিছে।

৬। ‘গুৰুচৰিত কথা’ৰ গদ্যৰীতি সম্বন্ধে এটি নিবন্ধ প্ৰস্তুত কৰা। 

উত্তৰঃ মহাপুৰুষ দুজনাকে ধৰি অন্যান্য ধৰ্মগুৰুসকলৰ গুণানুকীৰ্তন কৰি চৰিত্ৰ বৰ্ণনা কৰাটোৱেই হ’ল চৰিত পুথিৰ অন্যতম উদ্দেশ্য। সেয়ে চৰিত পুথিৰ ভাষা আন আন সাহিত্যৰ পৰা ভালেখিনি পৃথক। কিন্তু ইয়াৰ মাজতো সমসাময়িক অসমীয়া সমাজ-সংস্কৃতিৰ ছবি প্ৰতিফলিত হৈছে। সেয়েহে ইয়াত কর্ণনীয় বিষয় ধৰ্মপ্ৰাণ ৰাইজৰ হৃদয়গ্ৰাহী কৰি তুলিবলৈ প্ৰয়াস কৰা দেখা যায়। আৰু ভাষাইও ঘৰুৱা কথ্য-ৰীতিৰ ওচৰ চপা। গুৰু চৰিত কথাত বক্তা আৰু শ্ৰোতাৰ মাজত শ্ৰৱণ-কথন প্ৰক্ৰিয়াৰ দ্বাৰা বিষয়বস্তু বর্ণিত হৈছে। সেয়ে ইয়াত এনে এক কথন ভংগী ফুটি উঠিছে য’ত বক্তা আৰু শ্ৰোতাৰ মাজত নাটকীয় বাক্যৰীতিৰ দৃষ্টান্ত দেখা যায়। 

যেনে— “ পালেহি দিন বোলে বৈনাই জোৱা আজি তাৰা গৈ গুৰুসৈৱাকৈ গুচি আহিলো নাপালো বুলি : সুনি গুৰু ৰাজি বোলে মৰ মৰঃ নামত হোঙ্কোৰা বুদ্ধিত পাগলঃ বিহানে টকা দিলো নানিলি ছাগল।। : তেঞ বোলে (অঃ) কি পাঠা পাঠা কৰা আক জি বাধা কৰ্ম্ম কৰে নৰক‍ হে খানঃ” গুৰু চৰিত কথাৰ ভাষাত এটি গুৰু গম্ভীৰ ভকতীয়া ঠাঁচ পৰিলক্ষিত হয়। ধর্মীয় পৰিৱেশত সত্ৰীয়া পৰম্পৰাৰ ঐতিহ্যপূৰ্ণ চৰিত্ৰ তোলা প্ৰথাৰ পৰাই এইবিধ চৰিত-সাহিত্যৰ সৃষ্টি। স্বাভাবিক কথন-ৰীতিৰ ফলস্বৰূপে সৃষ্টি হোৱা এইবিধ চৰিত-সাহিত্যত সাধাৰণতে নিৰ্দেশক, আস্থাসূচক, প্রশ্নবোধক, বিবৃতিমূলক বাক্যৰ সুপ্রয়োগ ঘটিছে। আনহাতে বিষয়বস্তুৰ উপযোগীকৈ সৰল, মিশ্ৰ আৰু যৌগিক বাক্যৰো যথোচিত সমাহাৰ ইয়াত লক্ষ্য কৰিব পাৰি। সাধাৰণতে চুটি চুটি বাক্যৰ ব্যৱহাৰৰ দ্বাৰা কথোপকথন ৰীতিৰ ক্ষিপ্ৰতা প্ৰতিপন্ন কৰা হৈছে; কিন্তু ঠায়ে ঠায়ে এটি দুটি সমাসবদ্ধ দীঘলীয়া বাক্যৰ ব্যৱহাৰো ঘটিছে। এনে বৈচিত্ৰ্যপূৰ্ণ বাক্যৰীতিয়ে গুৰু-চৰিত কথাৰ বাক্যশৈলীক এক বিশেষ মাত্ৰা প্ৰদান কৰিছে। উল্লেখনীয় যে বাক্যৰ এনে ব্যৱহাৰ সুস্পষ্ট কৰিবলৈ যতি চিহ্নৰো উপযুক্ত প্ৰয়োগ কৰা হৈছে।

বুৰঞ্জীৰ গদ্যত বাক্যবোৰ ‘পাচে’, ‘এই বুলি’ দ্বাৰা আৰম্ভ হোৱাৰ নিচিনাকৈ গুৰু চৰিত কথাৰো বাক্যবোৰ ‘পাচে’কৰি আৰম্ভ কৰা হৈছে। উদাহৰণস্বৰূপে—

“পাচে গুৰুজনে বোলে আই চোন পঢ়িব পাৰো নাপাৰো পঢ়াসালিতে থোৱানি।” 

“পাচে ৰামদাস আতৈক বোলে বৈনাই আই নপৰা সুনি পাঠা এজোৰ মানিলো গোসানিক আনি দিয়া পূজাতে কটাঞ”।

ইয়াৰ উপৰি বৰ্ণিত বিষয়সমূহৰ পাৰস্পৰিক প্ৰসঙ্গ আৰু সম্পৰ্ক ৰক্ষা কৰিবলৈ ‘এই মতে, “আৰু’,‘তেহে’, ‘বোলে’ আদিৰ দ্বাৰা বাক্য আৰম্ভ কৰাৰ এক ৰীতি ইয়াত দেখা যায়। পাঠ্যাংশৰ পৰাই ইয়াৰ উদাহৰণ দাঙি ধৰিব পাৰি ―

আৰু ৰা সুস্তিএ লোহিত গৈচিলঃ।

বোলে তই ভালেহে নান কোনে কৈছেঃ।

গুৰু চৰিত কথাৰ গদ্যশৈলীৰ আন এক বৈশিষ্ট্যপূৰ্ণ দিশ হৈছে— অনিয়মিত বাক্যৰ ব্যৱহাৰ । ইয়াত কর্তা, কৰ্ম আৰু ক্ৰিয়া পদৰ স্বাভাৱিক স্থানৰ প্ৰয়োগ নাথাকে। কেতিয়াবা কর্তা পদ উহাও হৈ থাকে। চৰিত পুথিৰ ভাষা লোকজীৱনৰ ভাষাৰীতিৰ পৰা আহৰিত হোৱা বাবেই এনে ৰীতিৰ প্ৰয়োগ হোৱা বুলি নিঃসন্দেহে ক’ব পাৰি।

গুৰ-চৰিত-কথাত অসমীয়া জনজীৱনত ব্যৱহৃত নীতিবচন, প্রবাদ, যোজনা-পটস্ত, খণ্ডবাক্য ইত্যাদি জতুৱা প্ৰয়োগৰ নমুনা আছে।

ৰাজ্যক স্বদেশেহে পূজে : বিদ্যাৱম্ভ সর্বদেশে পূজা ।।

গোপালে কি গতি কৈলে ।।

পাচে আত্ৰ বোলে জৰ বস্তু তলৈ গলঃ

এনেদৰে দেখা যায় যে গুৰ-চৰিত কথাৰ ভাষাৰীতিৰ বুলি অসমীয়া গদ্য সাহিত্যৰ এক বিশিষ্ট ধাৰা সূচিত হৈছে ।

৭। মহেশ্বৰ নেওগে সম্পাদনা কৰা ‘গুৰুচৰিত কথা’ অন্তৰ্গত ‘শংকৰ মাধৱৰ মিলন’ অংশটিৰ গদ্যশৈলী বিচাৰ কৰা।

উত্তৰঃ  কথা চৰিত্ৰৰ উৎসৰ সৈতে ভক্তসকলৰ চৰিত তোলা প্রথা জড়িত হৈ থকা বাবে ইয়াৰ গদ্যৰীতিত কথোপকথনৰ ঠাঁচ লক্ষণীয়ভাৱে পৰিছে। আনহাতে ভক্তি-প্ৰম্পৰাৰ পৰা উদ্ধৃত হোৱা হেতুকে ইয়াত ভকতীয়া সুৰো দেখা যায়। গুৰুসকলৰ প্ৰতি থকা একনিষ্ঠ দায়বদ্ধতাৰ ভাবৰ কাৰণে ইয়াত তেওঁলোকৰ আদৰ্শবাদী কথাবোৰহে বেছিকৈ উল্লেখিত হৈছে। তৎসত্ত্বেও ক’ব লাগিব যে এই চৰিত সাহিত্যৰ মাজেৰে অসমীয়া সামাজিক, ৰাজনৈতিক, আর্থিক আৰু সাংস্কৃতিক জীৱনৰ সুন্দৰ প্ৰতিচ্ছবি ফুটি উঠিছে।

মহেশ্বৰ নেওগৰ ভাষাত—“চৰিতখনি আমাৰ এটা সুদীৰ্ঘ যুগৰ সাংস্কৃতিক বুৰঞ্জী আৰু উচ্চাঙ্গৰ সু-সাহিত্যৰ এটি অংগ হৈ পৰিছে।”

তলত শংকৰ-মাধৱৰ মিলন’ অংশটিৰ গদ্যনীতি উল্লেখ কৰা হ’ল ―

(ক) কথোপকথনমূলক ৰীতি ইয়াৰ অন্যতম বৈশিষ্ট্য। ইয়াত বক্তা আৰু শ্ৰোতাৰ মাজৰ শ্রবণ-কথন প্ৰক্ৰিয়াৰ দ্বাৰা বিষয়বস্তু বর্ণিত হৈছে। সেয়ে ইয়াত এনে এক কথনভংগী ফুটি উঠিছে য’ত বক্তা আৰু শ্ৰোতাৰ মাজত নাটকীয় বাক্ৰীতিৰ দৃষ্টান্ত দেখা যায়। উদাহৰণস্বৰূপে—

“গুৰজনৰ প্ৰাতসে দখিন ভুজ ফন্দি সুহৃদসখাদর্শন জানি সন্তোষে আছে: দেখি মেঘৰ গম্ভীৰে মহাপুৰুষ গুৰু মধুৰ বাক্যে সুধিলে ৰামদাস আৰা কোন বোলে বাপ বকনা কাথৰ বেটা : তেহে গুৰু বোলে অ মনোহৰি বাইৰ বেটা : এমান মধ হলনে বাটেপন্থে লগ পালেও নিচিনো নেপা” ।।

(খ) ‘শংকৰ-মাধৱ মিলন’ পাঠনিৰ আন এটি গুৰুত্বপূৰ্ণ বৈশিষ্ট্যটো হ’ল— ইয়াৰ বিষয়বস্তুসমূহৰ লগত অসমীয়া সমাজ জীৱনৰ সম্বন্ধ নিগূঢ়ভাবে জড়িত। সেয়েহে ইয়াত অসমীয়া সমাজ জীৱনৰ কথিত ভাষাৰ ব্যৱহাৰ হোৱাটো স্বাভাৱিক।

(গ) এই পাঠটিত ড° বিৰিঞ্চি কুমাৰ বৰুৱাই উল্লেখ কৰাৰ দৰে তিনিটা দিশৰ প্ৰকাশ লক্ষ্য কৰিব পাৰি। সেইকেইটা হ’ল— “কথা-বতৰাৰ বাক্য-ভঙ্গিমাৰ প্ৰয়োগ, চলিত সর্বনাম ক্রিয়াপদৰ ব্যৱহাৰ আৰু ঘৰৱা শব্দৰ প্ৰাচুৰ্যৰ দিশৰ প্ৰকাশ”।

(ঘ) গুৰু চৰিত-কথাৰ ভাষাৰ ঘৰুৱা শব্দৰ প্ৰয়োগ প্ৰচুৰ পৰিমাণে দেখা যায়। যেনে— নামিলি, ভোজন, জাকি, তিলফুল।

(ঙ) ‘শংকৰ-মাধৱৰ মিলন’ পাঠটিত কামৰূপী ভাষাৰে সমাবেশ দেখা যায়। যেনে— এমান, আতা, আতৈ, পাঠা, নেপা।

(চ) ইয়াৰ ভাষাত এটি গুৰু-গম্ভীৰ ভকতীয়া ঠচ পৰিলক্ষিত হয়। ধর্মীয় পৰিবেশত সত্ৰীয়া পৰম্পৰাৰ ঐতিহ্যপূৰ্ণ চৰিত তোলা প্ৰথাৰ পৰাই ইয়াৰ উদ্ভৱ হৈছিল।

(ছ) ইয়াৰ ভাষাত ‘পাচে’, ‘বোলে’, আদিৰ দ্বাৰা আৰম্ভ হৈছে। যেনে— 

“পাচে ৰামদাস আতৈক বোলে বৈনাই আই নপৰা সুনি পাঠা এজোৰ মানিলো গোসানিক আনি দিয়া পূজাতে কটাঞ”। 

“বোলে মোৰ আগতহে বৰ ৰাগ গোট”।

(জ) এই পাঠটিৰ গদ্যশৈলীৰ আন এক বৈশিষ্ট্যপূর্ণ দিশ হৈছে— অনিয়মিত বাকাৰ ব্যৱহাৰ। ইয়াত কৰ্তা, কৰ্ম আৰু ক্রিয়াপদৰ স্বাভাৱিক স্থানৰ প্ৰয়োগ নাথাকে। 

(ঝ) অসমীয়া জনজীৱনত ব্যৱহৃত নীতিবচন, প্রবাদ বাক্য, যোজনা-পটন্তৰ খণ্ডবাক্য ইত্যাদি জতুৱা প্ৰয়োগৰ নমুনা আছে। যেনে— 

“বোলে মোৰ আগতহে বৰ ৰাগ গোট।। শংকৰ গুৰি পালে তুমি হ’বা সোটলোট”।।

“প্ৰাণৰ ভোজনে ইন্দ্ৰিয় তুষ্টঃ”

(ঞ) উপমাৰ ব্যৱহাৰ এই গদ্যৰীতিৰ উল্লেখযোগ্য বৈশিষ্ট্য। যেনে— 

“কোটি সূৰ্যৰ সদৃশ জ্যৌতি : গৌৰবৰ্ণে : নীল আকুঞ্চিত কেশ :” 

“বুদ্ধি বহস্পতি”।।

“পমপাষিসদৃশ আয়ত লোচন”।

৮। চৰিত পুথি আৰু বুৰঞ্জী গদ্য সাহিত্যৰ বিষয়বস্তু, ৰচনাশৈলীৰ মাজৰ মিল আৰু অমিলবোৰ বিচাৰ কৰা। 

উত্তৰঃ বুৰঞ্জী সাহিত্য ৰচিত হয় কোনো এক ৰাজকীয় পৰিৱেশত, আনহাতে চৰিত সাহিত্য ৰাজকীয় পৃষ্ঠপোষকতাৰ পৰা মুক্ত কোনো সত্ৰৰ নিভৃত কোনত অৰ্থাৎ চৰিত্ৰ সাহিত্য ৰচনা হয় এক সত্ৰীয়া পৰিৱেশত। বিষয়বস্তুৰ পিনে লক্ষ্য কৰিলে দেখা যায় বুৰঞ্জী সাহিত্য হ’ল ৰাজকীয় পৰিয়ালৰ ঘৰুৱা বৃত্তান্ত। এই ঘৰুৱা বৃত্তান্ত হোৱা বাবে বুৰঞ্জী সাহিত্যত প্ৰেমৰ বৰ্ণনাই ঠাই পাইছে। পুৰণি বুৰঞ্জীসমূহ বৈষয়িক ব্যক্তিৰ ঐহ্যিক বিষয়ৰ উক্তি ইয়াৰ বিপৰীতে চৰিত সাহিত্যৰ বিষয়বস্তু হ’ল — শংকৰ-মাধৱ আৰু সন্ত-মহস্ত জীৱনী আৰু কাৰ্যাৱলী। সত্ৰীয়া পৰিৱেশত চৰিত সাহিত্য ৰচনা কৰা বাবে ইয়াত বৈষয়িক ভাব নাই। নিষ্কাম ভাৱনাই চৰিত সাহিত্যৰ বিষয়বস্তু। বুৰঞ্জী সাহিত্য নৈর্ব্যক্তিক, আনহাতে চৰিত পুথি আত্মনিষ্ঠ।

বুৰঞ্জীত ঠায়ে ঠায়ে সংস্কৃত গন্ধী শব্দাৱলী আৰু প্ৰকাশ ভঙ্গীত পৰিচয় আছে। বুৰঞ্জীৰ বাক্যৰীতি হ’ল চুটি বাক্যৰে বৃহত্তম ভাৱ প্ৰকাশ। চৰিত পুথিত চুটি-দীঘল অনেক বাক্যৰ পয়োভৰ দেখা যায়।

সাধাৰণতে পাচে, বোলে, পূর্বে আদি শব্দেৰে বাক্য আৰম্ভ কৰা হয়। বুৰঞ্জীত পঞ্চমী বিভক্তি ‘হস্তে ঠায়ে ঠায়ে ‘পৰা’ পৰসৰ্গ ব্যৱহাৰ কৰা দেখা যায়। বর্তমানে অসমীয়াত অপ্ৰচলিত কিছুমান শব্দ আৰু আহোম শব্দৰ প্ৰয়োগ বুৰঞ্জী সাহিত্যত দেখা যায়। নাটকীয় গঢ়ৰ কথা-ৰীতিৰ মনোমোহা নিদর্শন চৰিত পুথিত আছে যিটো বুৰঞ্জী সাহিত্যত দেখা নাযায়

আদৰ্শৰ ক্ষেত্ৰত দেখা যায় যে বুৰঞ্জী সাহিত্য আৰু চৰিত সাহিত্যৰ মাজত অমিল আছে। চৰিত সাহিত্যৰ মূল উদ্দেশ্য হ’ল — গুৰুসকলৰ জীৱন বুৰঞ্জী উত্তৰ পুৰুষৰ হাতত দিয়া মানে তেওঁলোকক গুৰুৰ আদৰ্শৰে অনুপ্ৰাণিত কৰা। আনহাতে বুৰঞ্জী সাহিত্য হ’ল আমাৰ অতীতক জীয়াই ৰখা। 

চৰিত সাহিত্য সত্ৰীয়া পৰিৱেশত ৰচিত বাবে তাত এটা ভকতীয়া ঠাঁচ পৰিলক্ষিত হয়। বুৰঞ্জী সাহিত্যত এই ঠাঁচ নাই। বুৰঞ্জী সাহিত্য জনসাধাৰণৰ কথ্য ভাষা। চৰিত্ৰ সাহিত্য ভকতীয়া ঠাঁচত ৰচিত বাবে তাত পৰোক্ষ উক্তিৰ প্ৰভাৱ দেখা যায়। আনহাতে বুৰঞ্জী সাহিত্যত প্ৰত্যক্ষ উক্তিৰ ব্যৱহাৰ দেখা যায়।

চৰিত সাহিত্য আৰু বুৰঞ্জীৰ গদ্য সাহিত্যৰ পাৰ্থক্যৰ বিপৰীতে বিষয়বস্তু, ৰচনা-ৰীতিৰ ভালেখিনি সাদৃশ্য দেখা যায়। দুয়োবিধ সাহিত্যৰ ৰচনাৰ বিষয়বস্তু বেলেগ হ’লেও কিন্তু উভয়বিধেই সত্য ঘটনাৰ ওপৰত প্ৰতিষ্ঠিত। বুৰঞ্জীসমূহৰ সত্যবাদিতাৰ উদাহৰণ এইটোৱে যে ইখন বুৰঞ্জীৰ লগত সিখনৰ বিৰোধ নাই। ঠিক তেনেদৰে চৰিত পুথিসমূহতো গুৰুসবৰ জীৱন আৰু কাৰ্যাৱলীৰ বাস্তব চিত্ৰ দাঙি ধৰা হয়। উভয়বিধেই সামাজিক, ধাৰ্মিক, ৰাজনৈতিক বাতাবৰণৰ বৰ্ণনাও দাঙি ধৰে।

দুয়োবিধ ৰচনাৰে ভাষা সহজ-সৰল আৰু আবেগময়ী কথ্য ভাষা। চৰিত পুথিসমূহৰ ভাষা ভট্টদেৱী অসমীয়া হোৱা হেতুকে তাতো দুই এক সংস্কৃত শব্দৰ প্ৰয়োগ দেখা যায়। ঠিক তেনেদৰে, পুৰণি বুৰঞ্জীতো ঠায়ে ঠায়ে সংস্কৃতগন্ধী শব্দাৱলী আৰু প্ৰকাশ ভঙ্গিমাৰ পৰিচয় আছে। দুয়োবিধ সাহিত্যতে জতুৱা ঠাঁচৰ সুন্দৰ প্ৰয়োগ দেখা যায়। বুৰঞ্জী সাহিত্যত পোৱা জতুৱা ঠাঁচৰ উদাহৰণ হ’ল— দগা দি গঢ় মাৰিলে, বঙালে কাহি দি মাৰিলে, আহোমক ধান চোৰ পাই ৪ টকা ৰূপ দাৰিলে ইত্যাদি।

এই ধৰণৰ ৰচনা ৰীতিয়ে সাহিত্য আৰু বুৰঞ্জী সাহিত্যৰ গদ্যৰ নিভাঁজ অসমীয়া ভাষাক অধিক প্রাণৱন্ত কৰি তুলিছে। ব্যাকৰণৰ দিশৰ পৰা চালেও উভয়বিধ সাহিত্যতে সর্বনাম শব্দৰ প্ৰথমা বিভক্তি, শব্দৰূপ আদিৰ প্ৰয়োগ দেখা যায়। চুটি চুটি বাক্যৰ প্ৰয়োগ উভয়বিধ সাহিত্যৰ গদ্যৰীতিৰ এক বৈশিষ্ট্য।

বুৰঞ্জী আৰু চৰিত সাহিত্যৰ মনোৰম প্ৰকাশভংগী আৰু বাক্যৰীতি অসমীয়া লিখনিৰ আদৰ্শ দুয়োবিধ সাহিত্যৰ মাজৰে ষোড়শ-সপ্তদশ শতিকাৰ অসমীয়া গণ্যৰ নিদৰ্শন পাওঁ। এই দুয়োবিধ সাহিত্যই একে সময়ৰে ৰচনা ।

৯। ‘শংকৰ-মাধৱৰ মিলন’ পাঠটি তোমাৰ নিজৰ ভাষাত লিখা। 

উত্তৰঃ ১৪৪৪ শকৰ (১৫২২) খ্ৰীষ্টাব্দ সময়খিনি সমগ্ৰ অসমৰ বাবে আৰু সমগ্ৰ ভক্তি আন্দোলনৰ বাবে অতি স্মৰণীয় আৰু গুৰুত্বপূৰ্ণ আছিল। কাৰণ শংকৰদেৱে ধোৱাহাটিত থাকোতেই অসমৰ আন এজন মহাপুৰুষ মাধৱদেৱক লগ পায়। মাধবদের শাক্তধর্মী আছিল। কিছুদিন পূর্বেই পিতৃৰ বিয়োগ ঘটিছিল। গতিকে পিতৃৰ বিয়োগৰ শোক মাৰ নাযাওঁতেই মাতৃৰ মৰিয়া হোৱাৰ খবৰ শুনি মাতৃ আৰু পৰিয়ালৰ আগুআৰোগ্য কামনাৰ অৰ্থে আগন্তক দুর্গা পূজাত এযোৰ বগা পাঠা ছাগলী আগবঢ়োৱাৰ কথা মনতে ভাবি থয়। পাচে বৈনায়ক ৰামদাসক যথাসময়ত ছাগলী আনিবলৈ পঠালে। কিন্তু ৰামদাসে ইতিমধ্যে শংকৰদেৱৰ ওচৰত শৰণ লৈছিল। সেয়ে তেওঁ মাধৱক দেৱীৰ আগত জন্তু বলি দিয়া কাৰ্য ধর্মমতৰ পৰিপন্থী বুলি জনালে। তাকে শুনি মাধৱৰ খং উঠিল আৰু দুয়োৰে মাজত তৰ্ক আৰম্ভ হ’ল। সৰুৰে পৰাই অসাধাৰণ প্ৰতিভাৰ গৰাকী মাধৱৰ নিজৰ ওপৰত আছিল অতল বিশ্বাস । তেওঁ আছিল ঘোৰ শাক্ত। শক্তিৰ উপাসনাত ঘোৰ অধ্যয়ন আৰু শাস্ত্ৰ জ্ঞান নথকা হ’লে গভীৰ আত্মবিশ্বাসেই তেৰাক লৈ গৈছিল শ্ৰীমন্ত শংকৰদেৱৰ ওচৰত প্ৰত্যাহ্বান জনাবলৈ, তর্ক যুদ্ধত অৱতীৰ্ণ হ’বলৈ।

এদিন ধোৱাহাটত ঐতিহাসিক তর্ক যুদ্ধ আৰম্ভ হৈছিল। সেই যুদ্ধ উলা মূলা বিধৰ নাছিল। “প্রভাতৰে পৰা তিনিপৰ বেলি গৈল দুই হাস্তৰো কথা সাঙ্গ তথাপি নভৈল”। 

তিনিপৰ বেলি বিভিন্ন শাস্ত্ৰ মন্থন কৰা সেই বাকযুদ্ধৰ সামৰণি পৰিছিল গুৰুজনাৰ কথাবে “বুদ্ধৰ মূলত যেন আনি দিলে জল। হোৱয় তৃপিতি জানা পাত পুষ্প ফল”।

গুৰুজনে নিবৃত্তি, ভক্তি মাৰ্গ আৰু প্ৰবৃত্তি মাৰ্গৰ প্ৰমাণ দি যিহেতু তৰ্ক কৰিছিল, তথাপিও এই তৰ্কত কাৰো হাৰ-জিত সম্ভৱ হৈ উঠা নাছিল। সুদীর্ঘ ন ঘণ্টা ধৰি দুয়োৰে মাজত যুক্তি-তৰ্কৰ পাছত শংকৰদেৱে ভাগৱতৰ চতুৰ্থ স্বন্ধৰ পৰা এটি সুন্দৰ শ্লোক উল্লেখ কৰি নিবৃত্তি পথ আৰু ভক্তিমাৰ্গৰ শ্ৰেষ্ঠতা প্ৰমাণ কৰিলে আৰু বিতৰ্কৰ অন্ত পেলালে। শ্লোকটি হ’ল— যথাতৰোমূল নিষচনেন,

তুপ্যন্তি তস্কন্ধ — বুজোপশাখাঃ

প্ৰাণোপহাৰাচ্চ যথেন্দ্ৰিয়াণাং

তথা চ সর্বাচনমচ্যতেঙ্গ্যা।”

একেজন ঈশ্বৰ কৃষ্ণক পৰম আৰাধ্যা দেৱতা বুলি গ্ৰহণ কৰি সেইদিনাৰ পৰা শাক্তপন্থী মহাতান্ত্রিক মাধৱ হ’ল — বৈষ্ণৱসকলৰ শিৰোমণি মহাপুৰুষ শ্ৰীমন্ত মাধৱদেৱ। মাধৱদেৱে শংকৰদেৱৰ ওচৰত শৰণ ল’লে। ‘শংকৰ-মাধৱ’ এই গুৰু-শিষ্যৰ সম্পৰ্ক হৈ পৰিল অভিন্ন আৰু তুলনাবিহীন। শংকৰ-মাধৱৰ এই মহামিলনক মণি কাঞ্চন সংযোগ বুলি কোৱা হয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top