Axamiya Godhor Chaneki Unit 1 অসমীয়া গদ্যৰ উদ্ভৱ আৰু বিকাশ

Axamiya Godhor Chaneki Unit 1 অসমীয়া গদ্যৰ উদ্ভৱ আৰু বিকাশ, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Axamiya Godhor Chaneki Unit 1 অসমীয়া গদ্যৰ উদ্ভৱ আৰু বিকাশ Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Axamiya Godhor Chaneki Unit 1 অসমীয়া গদ্যৰ উদ্ভৱ আৰু বিকাশ Question Answer can be of great value to excel in the examination.

Axamiya Godhor Chaneki Unit 1 অসমীয়া গদ্যৰ উদ্ভৱ আৰু বিকাশ

Join Telegram channel

Axamiya Godhor Chaneki Unit 1 অসমীয়া গদ্যৰ উদ্ভৱ আৰু বিকাশ Notes cover all the exercise questions in UGC Syllabus. Axamiya Godhor Chaneki Unit 1 অসমীয়া গদ্যৰ উদ্ভৱ আৰু বিকাশ The provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

অসমীয়া গদ্যৰ উদ্ভৱ আৰু বিকাশ

ASSAMESE

অসমীয়া গদ্যৰ চানেকি (ক)

অতি চমু প্রশ্নোত্তৰঃ

১ ৷ অসমীয়া গদ্য সাহিত্যৰ পথ প্ৰদৰ্শক কাক কোৱা হয়? 

উত্তৰঃ ভট্টদেৱক বা বৈকুণ্ঠ নাথ ভাগরত ভট্টাচার্যক।

২। শংকৰোত্তৰ কালত বিকাশ লাভ কৰা সাহিত্য কি কি?

উত্তৰঃ গদ্য সাহিত্য আৰু চৰিত পুথিৰ সাহিত্য।

৩। গদ্য সাহিত্যৰ উদ্ভৱ কেতিয়া হোৱা বুলি ধৰা হয়?

উত্তৰঃ ষোড়শ শতিকাৰ শেষ দশক নাইবা সপ্তদশ শতিকাৰ প্ৰাৰম্ভীত। 

৪। অসমীয়া গদ্যৰ বুৰঞ্জী কোনগৰাকী লিখকৰ লগত আৰম্ভ হয়?

উত্তৰঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ লগত আৰম্ভ হয়।

৫। ভট্টদেৱৰ উপাধিসমূহ কি কি আছিল?

উত্তৰঃ কবিৰত্ন আৰু ভাগৱত ভট্টাচার্য ।

৬। ভট্টদেৱৰ সুপ্রসিদ্ধ গ্রন্থ কেইখন আৰু কি কি?

উত্তৰঃ তিনিখন। সেয়া হ’ল— কথাগীতা, কথা ভাগৱত আৰু কথা ৰত্নাৱলী।

৭। সৰ্বপ্ৰথমে গদ্য সাহিত্যৰ প্ৰথম নিদর্শন ক’ত পোৱা গৈছিল?

উত্তৰঃ শংকৰদেৱৰ অংকীয়া নাটকত। 

৮। গদ্য সাহিত্যৰ উৎপত্তিৰ মূল কাৰণ এটা লিখা। 

উত্তৰঃ গদ্য সাহিত্যৰ উৎপত্তিৰ মূল কাৰণ হ’ল – জনসাধাৰণে গদ্য ভঙ্গীতহে কথা কয়, ছন্দত নহয়। গতিকে কথা কোৱাৰ ভঙ্গীত যদি সাহিত্য ৰচনা কৰা যায়, তেন্তে সেই সাহিত্য বুজাত জনসাধাৰণৰ একো অসুবিধা নহয়। 

৯। গদ্যৰ এটা বৈশিষ্ট্য লিখা। 

উত্তৰঃ গদ্য শ্ৰৱণৰ কাৰণেহে সুবিধাজনক, কীৰ্তনৰ বাবে নহয়। 

১০। ব্যুৎপত্তিমূলক অৰ্থত গদ্য শব্দটোৰ অৰ্থ?

উত্তৰঃ ব্যুৎপত্তিমূলক অৰ্থত গদ্য শব্দটোৰ অৰ্থ ‘উক্তি’। (গদ্— উক্তিকৰণ, য়ৎ— গদ্য) 

১১। সংস্কৃত আলংকৰিক বিশ্বনাথে তেওঁৰ ‘সাহিত্য দর্শন’ নামৰ গ্ৰন্থত গদ্যক কি বুলি অভিহিত কৰিছে?

উত্তৰঃ ‘কৃষ্ণবন্ধোন্বিতং’।

১২। আলংকাৰিক দণ্ডীয়ে ‘কাব্যাদর্শ ত গদ্য ৰচনাক কি বুলি অভিহিত কৰিছে? 

উত্তৰঃ ‘অপাদপদ সন্তানো’ অর্থাৎ ছন্দবিহীন পদৰাশিৰ বিস্তাৰিত প্ৰয়োগ। 

১৩। সংস্কৃত আলংকাৰিকসকলে গদ্যক কেইটা ভাগত ভাগ কৰিছে?

উত্তৰঃ ৪টা।

১৪। সংস্কৃত আলংকাৰিকসকলে বিভক্ত কৰা গদ্যৰ ভাগকেইটা লিখা।

উত্তৰঃ (ক) মুক্তক গদ্য।

(খ) বৃত্তগন্ধী গদ্য।

(গ) উৎকলিকা প্রায় গদ্য।

(ঘ) চূর্ণক গদ্য।

১৫। প্ৰাৰম্ভিক স্তৰৰ গদ্যৰ নিদর্শন ক’ত পোৱা যায়? 

উত্তৰঃ মন্ত্ৰপুথিৰ গদ্য আৰু অংকীয়া নাটৰ গদ্যত। 

১৬। পণ্ডিতসকলৰ মতে, শংকৰদেৱৰ কোনখন নাটত প্ৰথম গদ্যৰ পৰম্পৰা আৰম্ভ হোৱা বুলি কৈছে?

উত্তৰঃ পত্নীপ্ৰসাদ নাটকত।

১৭। বুৰঞ্জীৰ গদ্যৰীতিৰ এটি বৈশিষ্ট্য উল্লেখ কৰা। 

উত্তৰঃ চুটি চুটি বাক্যৰ সহায়ত পোনপটীয়াভাবে ইয়াৰ বিষয়বস্তু উপস্থাপন কৰা। 

চমু আৰু ৰচনাধর্মী প্রশ্নোত্তৰঃ

১। অসমীয়া গদ্য সাহিত্যৰ প্ৰাৰম্ভিক স্বৰূপ সম্পৰ্কে এটি প্রবন্ধ লিখা। 

উত্তৰঃ ষোড়শ শতিকাৰ মহাপুৰুষ শংকৰদেৱ আবিষ্কৃত অংকীয়া নাটৰ মাজেদি গদ্যই অভিব্যক্তি লাভ কৰে। পিছলৈ ভট্টদেৱৰ হাতত এই গদ্যৰ অবিচ্ছিন্ন ধাৰাটিয়ে স্বকীয় ৰূপত বিকশিত হৈ উঠে।

মগ্ন সাহিত্যৰ গদ্য : অসমীয়া গদ্য সাহিত্যৰ ক্ৰমবিকাশৰ অধ্যয়নত মন্ত্ৰ পুথিসমূহৰ গৰাক আদি স্তৰৰ নিদৰ্শন ৰূপে দেখুৱাব পাৰি। প্ৰকৃত অসমীয়া গদ্যৰ আৰম্ভণি শংকৰদেৱ ৰচিত অঙ্কীয়া নাটসমূহতহে হৈছিল। তথাপি ইয়াৰ পূৰ্বস্তৰৰ চানেকি মন্ত্ৰ সাহিত্যৰ গদ্যৰ এক সুকীয়া স্থিতি লক্ষ্য কৰা যায়। এই সন্দৰ্ভত মহেশ্বৰ নেওগে কৰা মন্তব্য প্রণিধানযোগ্য— “মন্ত্ৰ সাহিত্যৰ এটি প্রধান বৈশিষ্ট্য— তাৰ ছন্দধ্বনি আছে যদিও অন্ত্যানুপ্রাস আৰু পদসাম্য সিবোৰত অভিপ্রেত নহয়।”

সত্যেন্দ্ৰনাথ শৰ্মাৰ মতে— “এই মন্ত্ৰবোৰ সৰ্বসাধাৰণৰ কথিত ভাষাৰ ভিত্তিত ৰচনা কৰা হৈছিল। ইয়াত গদ্যৰ স্থান গৌণহে, পদ্যকেই ভাব প্রকাশৰ বাহনৰূপে ব্যৱহাৰ কৰিছে।”

মন্ত্র সাহিত্যত ব্যৱহৃত গদ্যৰ বৈশিষ্ট্য কেইটিমান তলত দিয়া ধৰণে নিৰূপণ কৰিব পাৰি — 

(ক) পদ্যধর্মিতাঃ মন্ত্ৰবোৰ সাধাৰণতে প্ৰয়োগৰ কাৰণে ব্যৱহাৰ কৰা হৈছিল। সেয়ে ইয়াত থকা গদ্যধর্মী অংশখিনিও সুৰ আৰু পদ্যৰ সহযোগত ন ৰূপত পৰিৱেশিত হৈছিল ।

ইয়াক তলত উদ্ধৃত কৰা হ’ল—

(১) কৰতী মন্ত্ৰ : “চন্দ্ৰমাখি, সূৰ্য্য মাখি, অমুকাৰ মুখ ৰাখি অন্তচুৰ মেলো। দাচুৰ মেলো। পাতালি চুৰ মেলো। স্বৰ্ণচুৰ মেলো। জলচুৰ মেলো।”

(খ) আচহুৱা শব্দৰ প্ৰয়োগ : আচহুৱা ধৰণৰ শব্দৰ প্ৰয়োগ মন্ত্ৰ সাহিত্যৰ অন্যতম লক্ষণ ৷ মন্ত্রোচ্চাবকে এনে ধ্বনি প্রয়োগ কৰাৰ ব্যৱহাৰিক কাৰণ আছে। সত্যেন্দ্ৰনাথ শৰ্মাৰ মতে, “এই ধ্বনিসমূহৰ প্ৰয়োগৰ দ্বাৰা যাদুকৰী পৰিৱেশ এটা সৃষ্টি কৰিবলৈ বিচৰা হৈছে”। বিৰিঞ্চি কুমাৰ বৰুৱাৰ মতে, “মন্ত্ৰসমূহক বেদসম্মত কৰিবৰ বাবে ‘ওঁ’; ‘স্বাহা” আদি মংগল বচন হ’লেও ‘উৎ’, ‘আং’, ‘উম’, ‘হ্রীং’আদি গুপ্তার্থ নিহিত থাকে।”

(গ) অবিন্যস্ত বাক্যৰীতি : গদ্য সদায় যথাৰ্থ আৰু অনুবন্ধনযুক্ত বাক্যৰীতিৰ ওপৰত নির্ভরশীল। নিতাঙ্গ বাক্যবিন্যাস প্রকৰণেহে গদ্যৰ প্ৰকৃত পৰিচয় দাঙি ধৰে। ব্যাকৰণৰ মতেও শব্দ কেতবোৰৰ সমাহাৰেই বাক্য নহয়। পদৰ যথোচিত প্ৰয়োগ, যোগ্যতা, আকাংক্ষা আৰু আসক্তিৰ ব্যৱহাৰহে বাক্যৰ প্ৰকৃত লক্ষণ। মন্ত্রপুথিৰ গদ্যত ইয়াৰ এটিৰো সুষম প্রয়োগ দেখা নাযায়। বিৰিঞ্চি কুমাৰ বৰুৱাই মন্ত্ৰৰ বাক্য বিন্যাস পদ্ধতিৰ বিষয়ে এনেদৰে কৈছে— “বাক্য গঠন পদ্ধতি চঞ্চল আৰু ব্যাকৰণ বন্ধনবিহীন। বহুত মন্ত্ৰতে বাক্যৰ যি প্ৰকৃত গুণ, অর্থাৎ যুক্তিসংলগ্নভাৱে ভাব প্রকাশ কৰিবৰ ক্ষমতা তাৰে অভাৱ। কিছুমান দুর্বোধ্য শব্দ আৰু অস্পষ্ট বাক্যাশংৰ সমষ্টিহে মাথোন।” ধৰা— “ৰামৰ শৰ, পিঙ্গলিয়া শৰ দেৱ শৰ, ইন্দ্ৰ শৰ চত্তা শৰ’ ইতাদি।

প্রকৃত গদ্যৰ লক্ষণবিশিষ্ট নহ’লেও অসমীয়া মন্ত্ৰ সাহিত্যই উদ্ভৱ কালৰ অসমীয়া গদ্যক এক বিশিষ্ট মাত্ৰা প্ৰদান কৰিছে। প্ৰকৃত গদ্য নহ’লেও অসমীয়া গদ্য সাহিত্যৰ পৰিক্ৰমাৰ প্ৰথমাৱস্থাৰ ই এক সুন্দৰ আভাসৰূপে গণ্য হৈ ৰ’ব ।

২। অংকীয়া নাটত গদ্যৰ সমল কিমান পৰিমাণে পৰিলক্ষিত হৈছে বহলাই আলোচনা কৰা। 

উত্তৰঃ অংকীয়া নাট মহাপুৰুষ শংকৰদেৱৰ অপ্ৰতিম সৃষ্টি। ভাৰতবৰ্ষত মধ্যযুগত আৰম্ভ হোৱা বৈষ্ণৱ আন্দোলনসমূহে বিভিন্ন ভাষাত গীত-কবিতাৰ জন্ম দিয়ে। অসম প্রদেশতো শংকৰদেৱ প্ৰচাৰিত বৈষ্ণৱ আন্দোলন সৃষ্টিশীল হৈ উঠে আৰু তাৰ ফলস্বৰূপে বৰগীত আৰু ভটিমা নামৰ এক শ্ৰেণীৰ অনুপম আধ্যাত্মিক গীতৰ ৰচনা হয়। 

এই পৰিৱেশ্য কলাৰ দ্বিতীয় ধাৰাটি হ’ল অংকীয়া নাটক। শংকৰদেৱৰ অংকীয়া নাটক ছয়খন— পত্নীপ্রসাদ কালিদমন, কেলিগোপাল, পাৰিজাত হৰণ, ৰুক্মিণীহৰণ আৰু ৰামবিজয়। অংকীয়া নাটৰ সৃষ্টিৰ অনুপ্ৰেৰণা সংস্কৃত নাট যদিও স্থানীয় লোককলা ওজাপালি আৰু পুতলা নাচৰ। সমল থকাৰ কথা পণ্ডিতসকলে অনুমান কৰিছে। অংকীয়া নাট গীত-পদ প্রধান যদিও ইয়াত সংস্কৃত শ্লোক আৰু পূর্বে লিখিত পৰম্পৰাত নথকা এক প্ৰকাৰৰ গদ্যৰ স্থিতি আছে। পণ্ডিতসকলৰ মতে, পত্নীপ্রসাদখনি শংকৰদেৱৰ প্ৰথম নাট। সেয়ে হ’লে এইখন নাটতে প্রথম অসমীয়া গণ্য পৰম্পৰা আৰম্ভ হৈছে বুলি ক’ব পাৰি। শংকৰদেৱৰ বৰগীতৰ নিচিনাকৈ অংকীয়া নাটত ব্যৱহৃত ভাষাটোৰ নাম ব্ৰজাৱলী।

শংকৰদেৱৰ অংকীয়া নাটত ব্যৱহৃত ভাষাৰ কেইটিমান বৈশিষ্ট্য তলত উল্লেখ কৰা হ’ল— 

(ক) সংস্কৃতৰ প্ৰভাৱ শংকৰদেৱৰ অংকীয়া নাটসমূহ সংস্কৃত নাটকৰ আৰ্হি-আদৰ্শৰ ৰচিত হোৱা কাৰণে ইয়াৰ সৰ্বৱতে সংস্কৃতৰ প্ৰভাৱ পৰিলক্ষিত হয়। নান্দী শ্লোককে ধৰি প্ৰায়বোৰ শ্লোকেই সংস্কৃত ভাষাত ৰচিত। ইয়াৰ উপৰি অসমীয়া ভাষা ৰূপৰ সাদৃশ্য বহন কৰা নাটকীয় গদ্যতো বহুলাংশে সংস্কৃত বাক্য আৰু তৎসম শব্দৰ প্ৰয়োগ দেখা যায়। মহেশ্বৰ নেওগে শব্দাৱলী, বাক্য আৰু খণ্ডবাক্যৰ ওপৰতো সংস্কৃতৰ যথেষ্ট প্রভাৱ আছে বুলি উল্লেখ কৰিছে। এনে প্ৰভাৱৰ উদাহৰণ নাট্য-নিদর্শনাত অধিক। যেনে— ‘তদন্তৰম’, ‘সূত্ৰধাৰ’, ‘অপিচ’ ইত্যাদি ।

(খ) সুৰৰ প্ৰাধান্য : অংকীয়া নাট প্ৰধানকৈ গীতিকাব্য। সেয়েহে ইয়াত সুৰৰ পয়োভৰ লক্ষ্য কৰা যায়। বচনৰ ক্ষেত্ৰত কঠিন শব্দবোৰ ভাঙি, স্বভক্তিৰ সহায়ত কোমল আৰু শুৱলা কৰিবলৈ যত্ন কৰা হৈছে। ফলস্বৰূপে গদ্যৰ মাজতো এটা সুৰৰ প্ৰবাহ ঘটিছে।

(গ) পদ্যধৰ্মিতা : ইয়াৰ গদ্য স্বভাৱতে গদ্য-পদ্যধৰ্মী হৈছে। মহেশ্বৰ নেওগৰ মতে এই গদ্যক প্রকৃত গদ্য আখ্যা দিব নোৱাৰি। সি ছন্দযুক্ত কাব্যভাষাৰ এক অগ্ৰৰূপ মাথোন। বিৰিঞ্চি কুমাৰ বৰুৱাৰ মতে— ভালেমান ক্ষেত্ৰত নাটত ব্যৱহাৰ কৰা কথাভাগ পূর্বকৃত পদৰচনাৰ অনুবাদ হোৱা হেতুকে ই পদ্যধৰ্মী হৈ পৰিছে। আনহাতে অনুপ্রাস আদি শব্দালংকাৰৰ বহুল প্রয়োগে ভাৱৰীয়াৰ বচন আৰু কথাশেক লয়যুক্ত বৃত্তগন্ধী গন্যলৈ পৰ্যবসিত কৰিছে। উদাহৰণস্বৰূপে— “জগতক পৰম গুৰু পৰম পুৰুষ পুৰুষোত্তম সনাতন ব্ৰহ্ম মহেশ সেৱিত চৰণ পঙ্কজ নাৰায়ণ শ্ৰীকৃষ্ণঃ আপদ ঔষধি পাই সৰ্প দৰ্প ভেল।”

(ঘ) বাক্যবিন্যাস পদ্ধতি : যিকোনো ৰচনাই বিশেষ গদ্যৰীতিক অনুসৰণ কৰিবলৈ হ’লে প্রকৃত বাক্যবিন্যাস ৰীতিৰ নিয়মৰ মাজেদি গঢ় লৈ উঠিব লাগে। অসমীয়া গদ্যৰ বাক্যত কর্তা-কৰ্ম আৰু ক্ৰিয়াপদৰ ব্যৱহাৰৰ সুনিৰ্দিষ্ট প্ৰকৰণ আছে। শংকৰদেৱৰ অংকীয়া নাটৰ গদ্যত ঠায়ে ঠায়ে এনে গদ্যৰীতি মানি চলা গদ্যৰ প্ৰয়োগ দেখা যায়।

(ঙ) ঘৰুৱা কথাৰীতিৰ ব্যৱহাৰ শংকৰদেৱৰ পদ ৰচনাত জৱা গঢ়ৰ প্ৰাচুৰ্য অধিক, নাটকীয় গদ্যত তেনেধৰণৰ সমানুপাতিক জতুৱা প্রয়োগ নাথাকিলেও সংস্কৃতীয়া আৱেশৰ ভাষাৰ মাজতো জতুৱা ঠাঁচ বিৰিঙি উঠাটো লক্ষনীয়। ই নির্ভাজ অসমীয়া ভাষাৰ চানেকি নহয়, তৎসত্বেও শংকৰদেৱৰ কুশলহস্তৰ বাবে সংস্কৃত ভাৰাক্ৰান্ত অংকীয়া গদ্যই কথা ভঙ্গিমাৰ ৰূপ পৰিগ্ৰহ কৰিছে। এই সন্দৰ্ভত বিৰিঞ্চি কুমাৰ বৰুৱাৰ উদাহৰণসহ এনেধৰণৰ “অংকীয়া নাটৰ গদ্যত কথ্য ভাষাৰীতিৰো পৰিচয় আছে। কথা-ভংগিমাৰ লগত ৰজিতা খুৱাই সাধাৰণ প্ৰচলিত শব্দ, উপমা খণ্ডবাক্য আদি অলংকাৰ ব্যৱহাৰ কৰা হৈছে।

ওপৰত উল্লিখিত বৈশিষ্ট্যসমূহৰ উপৰি বাই ব্ৰজাৱলী আৰ্হিৰ অসমীয়া নাটৰ গদ্যত প্ৰাকৃতৰ চাপা পৰা বুলি উল্লেখ কৰিছে।

অসমীয়া নাটৰ গদ্যই অসমীয়া গদ্য সাহিত্যৰ এটি দীঘল পৰিক্ৰমাক সামৰে। শংকৰদেৱৰ অংকীয়া নাটত থকা গদ্যৰীতি মাধৱদেৱৰ গদ্যতো বিৰাজমান। অৱশ্যে মাধৱদেৱৰ গদাই কিঞ্চিৎ ফালৰি কাটি আহি বেছি ঘৱা ৰূপ পৰিগ্ৰহ কৰিছে। পিছৰ কালৰ যিসকল নাট্যকাৰে এই গদ্যৰীতিৰ প্ৰয়োগ কৰিছিল, তেওঁলোকে স্বাভাবিকতা অক্ষুণ্ণ ৰাখিলেও ভালেমান ক্ষেত্ৰত শিথিলতা দেখুৱাইছিল। যি সময়ত সাহিত্য চৰ্চাৰ মাধ্যম পদ ৰচনাতে মাত্র সীমাবদ্ধ হৈ আছিল, সেই সময়তে কথা ৰূপক গদ্য ৰূপে ব্যৱহাৰ কৰি মহাপুৰুষজনাই এক প্ৰকাৰ অসাধ্য সাধ কৰিছিল। সেই অৰ্থতে অংকীয়া নাটৰ গণাৰীতি অসমীয়া গদ্যৰ প্ৰথম আৰ্হিৰূপে পৰিগণিত হৈ ৰ’ব ।

বিৰিঞ্চি কুমাৰ বৰুৱাৰ মতে, ভাৰতীয় আর্যভাষাসমূহৰ ভিতৰত অসমীয়াতে পদাৰ ব্যৱহাৰ হৈছিল। বাংলা গদ্যতকৈও ই প্ৰাচীন, কাৰণ প্ৰাপ্ত তথ্য মতে প্রতিবেশী ৰাজ্যখনত ১৬৮১-৮২ খ্ৰীষ্টাব্দৰ ভিতৰতহে বৈষ্ণৱ সন্তসকলৰ ‘কড়চা’ পুথিৰ ৰচনাৰ মাধ্যম, গদ্যৰ প্ৰকাশ ঘটে ৷

স্বাভাৱিকতে অসমীয়া গদ্যৰ প্ৰথমাৱস্থাৰ নিদৰ্শন হোৱা কাৰণে এইবোৰত আজিৰ গদ্যৰ তুলনাত জুখিব পৰা পৰিশীলিত আৰু শুদ্ধ ৰূপ এটি পোৱা নাযায়। তৎসত্বেও, ভাব প্রকাশৰ মাধ্যমৰূপে আৰু পিছলৈ লিখিতৰূপে এই যুগৰ গণ্যই অসমীয়া ভাষাটোক এক নিটোল ৰূপ দিবলৈ সমর্থ হৈছিল । ভট্টদেৱৰ গদাৰ মাজেনি এই রূপটিৰ যথাৰ্থ বিকাশ ঘটে আৰু পিছলৈ বুৰঞ্জীৰ গদ্য, ব্যৱহাৰিক পুথিৰ গদ্য, চৰিত পুথিৰ গদ্য বুলি নামাঙ্কিত কৰিব পৰা গদ্যৰ সুকীয়া সুকীয়া ৰূপৰ সৃষ্টি হয়। 

৩। প্ৰাচীন অসমীয়া গদ্যৰ বৈশিষ্ট্যসমূহ ভট্টদেৱৰ গদ্যত কেনেদৰে ফুটি উঠিছে, এটি আলোচনা আগবঢ়োৱা।

অথবা

অসমীয়া গদ্য সাহিত্যৰ ক্ৰমবিকাশত ভট্টদেৱৰ গদ্যৰ স্থান নিৰূপণ কৰা। 

উত্তৰঃ মহাপুৰুষ শংকৰদেৱে ৰচনা কৰা অংকীয়া নাটতেই আমি অসমীয়া গণ্যৰ প্ৰথম নিদৰ্শন। পাওঁ। সেয়ে শংকৰদেৱক অসমীয়া গদ্য সাহিত্যৰ জনক বুলি কোৱা হয়। অসমীয়া গদ্যৰ চানেকি পোৱা যায় যদিও এই দুই শ্ৰেণীৰ গণ্যত প্ৰকৃত গদ্য সাহিত্যৰ আটাইবোৰ লক্ষণ দেখা নাযায়। অংকীয়া নাট আৰু মন্ত্ৰ সাহিত্যত গদ্যৰ স্থান গৌণ, পদ্যইহে গুৰুত্ব লাভ কৰিছে। কিন্তু শংকৰদেৱৰ পৰৱৰ্তী ভট্টদেৱৰ হাততহে প্ৰকৃত গদ্যৰ সৃষ্টি হয়।

গুৰু দামোদৰদেৱে ভট্টদেৱক স্ত্ৰীসূদ্ৰে বুজিব পৰাকৈ কথাত ভাগৱত ৰচনা কৰিবলৈ উপদেশ নিছিল । ইয়াৰ প্ৰধান কাৰণ আছিল সৰ্বসাধাৰণে গদ্য ভংগীতহে কথা কয়। গতিকে কখন ভঙ্গী অনুসৰি সাহিত্য সৃষ্টি কৰিলেহে সকলোৱে বুজাত সুবিধা হ’ব। ভট্টদেৱৰ আগতে উত্তৰ ভাৰতৰ প্রান্তীয় ভাষাত গদ্য সাহিত্যৰ সৃষ্টি হোৱা নাছিল। পূর্ববর্তী কবিসকলৰ ছন্দেৰে ভাব প্ৰকাশ কৰা ৰীতি পৰিহাৰ কৰি নিৰ্ভাঁজ গদ্যৰে ভট্টদেৱে মনৰ ভাব প্ৰকাশ কৰিছিল। সেয়ে ভট্টদেৱক অসমীয়া গদ্য সাহিত্যৰ পথ প্ৰদৰ্শক বুলি ক’ব পাৰি।

চৰিত সাহিত্য উদ্ভৱ হোৱা ২০/২৫ বছৰমান আগতে গদ্য সাহিত্যৰ উদ্ভৱ সপ্তদশ শতিকাৰ দ্বিতীয়-তৃতীয় দশক মানত বুলি ধৰি লোৱা হয় আৰু সেই হিচাপত গদ্য-সাহিত্যৰ উদ্ভৱ ষোড়শ শতিকাৰ শেষ দশকত নাইবা সপ্তদশ শতিকাৰ প্ৰাৰম্ভত হোৱা বুলি ক’ব পাৰি। মহাপুৰুষ শংকৰদেৱৰ অংকীয়া নাটত গদ্যৰ প্ৰথম নিদর্শন পালেও সেই গদ্যক প্রকৃত গদ্যৰ চানেকি বুলি ক’ব নোৱাৰি। প্ৰথমতে অংকীয়া নাটৰ গদ্যত মৈথিলীৰ আধিপত্য আৰু দ্বিতীয়তে গদ্য ৰচনাৰ বাক্যবিন্যাস প্রণালী তাত ৰক্ষিত হোৱা নাই। প্রকৃত গদ্য সাহিত্যৰ জন্ম হয় ভট্টদেৱৰ হাতত। এই গদ্যৰ উৎপত্তিৰ মূলতে কেইটামান কাৰণ নিৰ্দেশ কৰিব পাৰি। প্ৰথমটো হ’ল— এই যে জনসাধাৰণে গদ্য ভঙ্গীতহে কথা কয়, ছন্দত নহয়। গতিকে কথা কোৱাৰ ভঙ্গীত যদি সাহিত্য ৰচনা কৰা যায় তেন্তে সেই সাহিত্য বুজাত সহজ হয়। সেইবাবেই দামোদৰদেৱে ভট্টদেৱক স্ত্ৰীসূত্ৰে বুজিব পৰাকৈ কথাবন্ধে ভাগৱত ৰচনা কৰিবলৈ কৈছিল। বৰনগৰত থাকি ভাগৱত গদ্যত ভাঙনি আৰম্ভ কৰে। তেওঁৰ ৰচনাৰাজি হ’ল— কথা ভাগৱত, কথা গীতা, কথা ৰত্নাৱলী । এই তিনিখন অতি প্রসিদ্ধ, পবিত্ৰ আৰু তত্ত্বপ্রধান সংস্কৃত শাস্ত্ৰ অসমীয়া গদ্যলৈ ৰূপান্তৰ কৰি ভট্টদেৱে অসমীয়া ভাষাক উচ্চ মর্যাদা দান কৰাৰ লগে লগে তত্ত্বগধুৰ ভাব প্ৰকাৰৰ সহজ বাহনৰূপে অসমীয়া গদ্য ভাষাক থিয় কৰায়। তিনিওখন ভাব গধুৰ গ্ৰন্থৰ অসমীয়া অনুবাদ কৰি ভাইদেৱে অসমীয়া গদ্য ভাষাত প্ৰকাশিকা শক্তিৰ পৰিচয় দিছে।

দৈনন্দিন কথা ভাষাক তেওঁ গ্ৰহণ কৰা নাই কথা ভাষাৰে এটা সাধু আৰু গম্ভীৰ ৰূপ গদ্যত ব্যৱহাৰ কৰিছে। পদ পুথিত ব্যৱহাৰ কৰা শব্দাৱলী আৰু বৈয়াকৰণিক গঢ়সমূহ তেওঁ গ্ৰহণ কৰি কথিত ভাষাৰ বাক্য ৰচনাৰ প্ৰণালীত সেইবোৰ প্ৰয়োগ কৰিছে। গদ্য বা কথ্যৰীতিক প্ৰকাশৰ মাধ্যমৰূপে গ্ৰহণ কৰিলেও ‘কথা ভাগবত’ৰ ঠায়ে ঠায়ে তেওঁৰ ৰীতি ছন্দগন্ধী হৈ পৰিছে। এনে ঠাইত বাক্যবোৰ অগ্ৰানুপ্রাসযুক্ত আৰু শব্দবিন্যাস ৰীতি লয়প্ৰসাৰী হৈছে। বিশেষকৈ কোনো ধৰ্মীয় সমাজত শাস্ত্ৰ ব্যাখ্যা কৰোঁতে যি ৰীতিত প্রশ্ন উত্থাপন কৰি তাৰ উত্তৰ দি যায়, সেই ৰীতিতো গীতা আৰু ভাগৱত ৰচনা কৰিছে।

ভট্টদেৱৰ বাক্যত শব্দ বিন্যাসৰ প্ৰণালী নিখুঁত আৰু ব্যাকৰণ প্ৰয়োগ বিশুদ্ধ। বাক্যবোৰ সাধাৰণতে দুটি ছুটি। কিন্তু স্থানবিশেষে সংস্কৃতীয়া প্ৰভাৱৰ পৰা মুক্ত হ’ব নোৱাৰি সীমাবদ্ধ বাক্যও প্রয়োগ কৰা দেখা যায়। তৎসম আৰু তদ্ভৱ শব্দ প্ৰয়োগৰ সমতা ৰক্ষা কৰি তেওঁ বাক্যবোৰ ৰচনা কৰিছে। ছন্দোৱন্ধ ৰচনাত প্ৰয়োগ নোহোৱা উত্তৰ পুৰুষৰ “ব” প্রত্যয়ৰ প্ৰয়োগ ভট্টদেৱৰ গদ্যৰ বিশেষত্ব। তদুপৰি কাৰক বিভক্তি ‘পৰা প্ৰত্যয়ৰো ব্যৱহাৰ দুই এঠাইত লক্ষ্য কৰা যায়। মাজে মাজে ঘৰুৱা উপমা বা চিত্ৰ প্ৰয়োগ কৰি বক্তব্য বিষয় পৰিস্ফুট কৰাৰ এটা ক্ষীণ চেষ্টা দেখা যায় একোটি চুটি চুটি বাক্যত ভালেখিনি কথা সুমুৱাই ৰাখিব পৰা ক্ষমতা ভট্টদেৱৰ দেখা যায়। গদ্যক গধুৰ ভাব প্রকাশক বাহনৰূপে প্ৰয়োগ কৰি ভট্টদেৱে অসমীয়া ভাষাক যি মর্যাদা দান কৰিলে তাৰ কাৰণে অসমীয়া সাহিত্যৰ বুৰঞ্জীত তেওঁৰ বিশেষ স্থান থাকিব।

৪। বুৰঞ্জীত গদ্যৰীতি সম্পৰ্কে এটি আলোচনা দাঙি ধৰা।

উত্তৰঃ অসমীয়া গদ্য সাহিত্যৰ সুদীৰ্ঘ পৰিক্ৰমাত অংকীয়া নাটৰ গদ্য, মন্ত্ৰ পুথিৰ গদ্য আৰু ভট্টদেৱৰ গদ্য সাহিত্যৰ পিছতেই বুৰঞ্জীসমূহেই হ’ল উল্লেখযোগ্য গদ্য সাহিত্যৰ নিদৰ্শন। প্রাচীন অসমীয়া গদ্য সাহিত্যৰ ইতিহাসৰ আপুৰুগীয়া সম্পদবিধেই হৈছে বুৰঞ্জী সাহিত্যৰ গণ্য। কথিত ভাষাৰ ওপৰত ভিত্তি কৰি ৰচনা কৰা হেতুকে বুৰঞ্জীৰ গদ্যই ভট্টদেৱৰ কথা গীতা আৰু কথা ভাগৱতৰ গদ্যতকৈ সুকীয়া ৰূপ লাভ কৰিছে। ই বাস্তৱধৰ্মী, সৰল আৰু পোনপটীয়া। ঐতিক জীৱনৰ ঘটনাৱলী ৰূপায়িত কৰিবলৈ যাওঁতে বুৰঞ্জী লেখকসকলে ভাষাৰো ব্যৱহাৰিক ৰূপটোকেই গ্ৰহণ কৰিছে। গদ্যত ৰচিত বুৰঞ্জীসমূহৰ অসমীয়া ভাষাতাত্ত্বিক বৈশিষ্ট্যও মন কৰিবলগীয়া।

তলত বুৰঞ্জীৰ কেইটামান বৈশিষ্ট্য উল্লেখ কৰা হ’ল—

(ক) বুৰঞ্জীসমূহ ঘৰুৱা ভাষাত ৰচিত হ’লেও ঠায়ে ঠায়ে সংস্কৃতীয়া শব্দাৱলী আৰু প্ৰকাশ ৰীতিৰো প্ৰয়োগ ঘটিছে। ইয়াৰ পৰা বুৰঞ্জী লেখকৰ বিষয়বস্তু, উপযোগী ভাষা নিপুণতাৰ পৰিচয় পোৱা যায়। আনহাতে বুৰঞ্জীত সন্নিবিষ্ট চিঠি-পত্ৰ আদিৰ ভাষা সংস্কৃতগান্ধী। যেনে— 

তৎসম : দধি, দুগ্ধ ইত্যাদি।

তদ্ভৱ : হাতী, দাঁত, বামুণ, কলিতা ইত্যাদি। 

অর্ধ-তৎসম : মুকুতা, জনম ইত্যাদি। 

(খ) কথোপকথনমূলক ৰীতি বুৰঞ্জীৰ গদ্যৰীতিৰ অন্যতম বৈশিষ্ট্য। ইয়ে বুৰঞ্জীৰ গদ্যক নাটকীয় গুণবিশিষ্ট কৰি তুলিছে।

(গ) বুৰঞ্জীৰ গদ্যৰীতিৰ এটা অন্যতম বৈশিষ্ট্য হৈছে— চুটি চুটি বাক্যৰ সহায়ত পোনপটীয়াভাৱে ইয়াৰ বিষয়বস্তু উপস্থাপন কৰা।

(ঘ) বুৰঞ্জীৰ গদ্য জনজীৱনৰ ভাষাৰ ওচৰ চপা। ইয়াত অহেতুক কৃত্রিমতা নাই। মানুহৰ মুখৰ ভাষাৰ দৰে ইয়াৰ ভাষাও সৰল। আনহাতে সৰল বা বস্তুনিষ্ঠ হ’লেও আকৌ ইয়াৰ ভাষাত সাহিত্যিক সৌন্দৰ্য আৰু মাধুৰ্য বিদ্যমান।

(ঙ) বুৰঞ্জীৰ ভাষাত ঠায়ে ঠায়ে কেতবোৰ অতি সাধগত কথাৰ সন্নিবেশ পোৱা যায়। এনে কথাই লেখকৰ বুদ্ধিমত্তা আৰু চিন্তাৰ স্বাক্ষৰ বহন কৰাৰ লগতে বুৰঞ্জীৰ গদ্যকো মর্যাদা আৰু গাম্ভীৰ্য লাভত সহায় কৰে।

(চ) বুৰঞ্জীৰ গণ্যত প্ৰাচীন অসমীয়া ভাষাৰ ৰূপ কিছুমান সংরক্ষিত হোৱা দেখা যায়। উদাহৰণস্বৰূপে— কহিল, বোলন্ত, কৈক, কৈত।

(ছ) বুৰঞ্জীৰ গণ্যত পশ্চিম অসমৰ ভাষাৰ কথিত ৰূপ কিছুমান সংৰক্ষিত হৈ থকা দেখা যায়। যেনে— আঘণ (মাহ), দিছি, গেল, দামাল (দলং) ইত্যাদি।

(জ) বুৰঞ্জীৰ গদ্যৰ আন এটা উল্লেখযোগ্য বৈশিষ্টা হ’ল— একাধিক দীঘল বাক্যৰে কোনো এটা ভাব প্রকাশ কৰাৰ পাছত চুটি বাক্যৰে তাৰ সামৰণি মৰা। তদুপৰি একেটা কৰ্তাৰ লগত একাধিক ক্ৰিয়াৰ সম্বন্ধ থাকিলে, সেই কৰ্তাটো বাৰে বাৰে ব্যৱহাৰ নকৰি কেৱল ক্ৰিয়াৰে বাক্য গঠন কৰা ৰীতি বুৰঞ্জীৰ গদ্যৰ অন্যতম উল্লেখনীয় দিশ ।

(ঝ) অসমাপিকা ক্ৰিয়াৰ প্ৰচুৰ ব্যৱহাৰ গদাৰীতিৰ অন্য এক মন কৰিবলগীয়া বৈশিষ্ট্য। ইয়াৰ ফলত বুৰঞ্জীৰ গদ্যই মাধুর্য গুণ লাভ কৰিছে। যেনে— পাছে বঙালে হিলৈ কাড় মাৰি ঘোঁৰা মেলি, কোঠাত দুই-চাৰি মানুহক চোৰাং কৰি খালি যাৰ দেখি চুক্লেনফা তিপাম ৰজা কোঠাৰ পৰা ওলাই পানী পাৰ হৈ খেদি গৈ কচোৱাত যুদ্ধ ধৰিলে গৈ।”

(ঞ) বুৰঞ্জীৰ ভাষাৰ শব্দ আৰু ধাতু ৰূপবোৰ আধুনিক অসমীয়াৰ লগত মিলিলেও কোনো কোনো ক্ষেত্ৰত বুৰঞ্জীত আধুনিক অসমীয়া ভাষাত অপ্ৰচলিত ৰূপৰো প্ৰয়োগ হোৱা দেখা যায়। উদাহৰণস্বৰূপে পঞ্চমী বিভক্তিৰ চিনৰূপে ব্যৱহাত ‘হান্তলৈ আঙুলিয়াব পৰা যায়। ‘পৰা’ পৰসৰ্গ বুৰঞ্জীত ‘পিচত’ অৰ্থত ব্যৱহাৰ কৰা হৈছে। বুৰঞ্জীত ব্যৱহৃত মুৰীয়া শব্দ যেনে— হাট-বাট, কৰ-কাটল আদি তদানীন্তন কথ্য ভাষাৰ নমুনা দাঙি ধৰে।

৫। অৰুণোদই যুগৰ গদ্যৰীতিৰ বিষয়ে এটি প্রবন্ধ যুগুত কৰা ৷ 

উত্তৰঃ অৰুণোদই কালটো আছিল আধুনিক অসমীয়া ভাষা আৰু সাহিত্যৰ প্ৰথমটো খোজ।

অসমীয়া জন-জীৱনলৈ অৰুণোদইৰ সকলোবোৰ অৱদানৰ ভিতৰত অন্যতম অবদান হ’ল অসমীয়া ভাষাৰ নতুন প্রয়োগ আৰু গদ্যশৈলী। অৰুণোদই যুগত ইংৰাজী শিক্ষা গ্ৰহণ কৰা অসমীয়া ডেকা আৰু মিছনেৰীসকলৰ হাতত যি গদ্য গঢ় লৈ উঠিছিল সেই গদ্যৰ বুকুতেই বিশুদ্ধ আধুনিক গদ্যৰ বীজটো নিহিত হৈ আছিল কিয়নো অৰুণোদই যুগতেই অসমীয়া গদ্যই পূৰ্বৰ ধৰ্মীয় ভাবাপন্ন অনুভূতি পৰিত্যাগ কৰি জটিল ভাব-বিষয় প্রকাশক যুক্তিনিষ্ঠ গদ্যৰ আকাৰ লাভ কৰিবলৈ সক্ষম হৈছিল।

অৰুণোদই যুগত মিছনেৰীসকলৰ হাতত গঢ় লৈ অসমীয়া গণ্য শিৱসাগৰৰ কথিত ৰূপটোৰ আলমতেই গঢ় লৈ উঠিছিল। কথিত অসমীয়া ভাষাক আশ্ৰয় কৰি গঢ় লৈ উঠা গদ্যৰাজিত কবিন্যাসৰ ভালেমান বৈশিষ্ট্য লক্ষ্য কৰিব পাৰি। অৰুণোদইৰ গদ্যত স্বৰবৰ্ণ ঈ, ঊ আৰু ঋ ৰ ব্যৱহাৰ দেখা পোৱা নাযায়। অৱশ্যে কেতিয়াবা কেতিয়াবা যুক্ত ব্যঞ্জনৰ পিছত ঈ-স্বৰটোৰ প্রয়োগ নোহোৱা নহয়। যেনে— শ্রীভুত, শ্ৰীমতি ইত্যাদি। ঙ বৰ্ণৰ একাকী প্রয়োগ নাছিল। যদিও গু-ৰ ঠাইত ঙ্গ যুগ্ম ব্যঞ্জনৰ প্ৰচুৰ ব্যৱহাৰ অৰুণোদইত দেখা পোৱা যায়। যেনে— ফৰিঙ্গ, ডিঙি।

আ> এ  : আধামৰ > এধামৰা।

ঈ> ই  : দীঘল > দিঘল।

উ> উ  : সূর্য মূর্ছ।

ঐ > অ  : দৈন্য > দন্য।

ও > অ  : মৰাটোৰ > মৰাটৰ।

ছ> চ  : আছে > আচে।

অৰুণোদই যুগৰ গদ্যসমূহত থকা কেতবোৰ ৰূপতাত্ত্বিক বৈশিষ্ট্যও মন কৰিবলগীয়া। এই গদ্যসমূহত নির্দিষ্টতাবাচক প্রত্যয়ৰূপে- ট আৰু টে প্রত্যয় বিচাৰি পোৱা যায়। যেনে মানুহট, লৰাটে আদি। একেদৰে নিৰ্দিষ্টতাবাচক প্রত্যয় খনৰ ঠাইত টা আৰু জনীৰ ঠাইত – টো ব্যৱহাৰ কৰা দেখা যায়। যেনে— এটা সংবাদ-পত্ৰ, মাইকীটো আদি। এই যুগৰ গদ্যত তৎসম, অর্ধ-তৎসম আৰু তদ্ভৱ শব্দৰ লগতে হিন্দী, বাংলা, ইংৰাজী, আৰবী, পাৰ্চী, পর্তুগীজ আদি বিভিন্ন ভাষাৰ শব্দৰ ব্যৱহাৰ হোৱা দেখা যায়। অৰুণোদইৰ গদ্যকাৰসকলৰ এই অভ্যাসে অসমীয়া ভাষাৰ শব্দ সম্ভাৰলৈ নতুন শব্দৰ আমদানি কৰাৰ লগতে ভাষাটোৰ প্ৰকাশিকা শক্তি সবল কৰাত অৰিহণা যোগালে।

তৎসম শব্দ  : ৰাজ্য, সুন্দৰ, মগ্ন।

অর্থ তৎসম  : গিয়ান, ধৰম। 

তদ্ভব  : দখিন, পশ্চিম।

পাৰ্চী  : আন্দাজ, চৰম, কাৰ্বাৰ চহৰ। 

পতুগীজ  : পাদুৰী, গির্জা।

অৰুণোদইৰ গদ্যকাৰসকলৰ সবাতোকৈ মন কৰিবলগীয়া দিশটো হ’ল তেওঁলোকে প্রয়োজন সাপেক্ষে কেতবোৰ নতুন শব্দ নিৰ্মাণ কৰি লৈছিল। ইংৰাজীৰ সমান্তৰাল অৰ্থ বুজাবলৈ অসমীয়া শব্দগোট তৈয়াৰ কৰি নতুন ভাব বুজাবলৈ সেই শব্দবোৰ নিজৰ গদ্যত ব্যৱহাৰ কৰিছিল। তেনে কেতবোৰ শব্দ হ’ল — ধৰম পুথি (Bible), ভাপৰ নাও (Steam Bout), মাজুলী (Island) আদি।

অৰুণোদইৰ খ্ৰীষ্টীয়ান গণ্যকাৰসকলৰ অধিকাংশই মাতৃভাষা ইংৰাজী আছিল। সেয়েহে তেওঁলোকে ৰচনা কৰা অসমীয়া বাক্যত ইংৰাজী বাক্যৰীতিৰ সুস্পষ্ট প্ৰভাৱ দেখা পোৱা যায়।

অৰুণোদইৰ অধিকাংশ বাক্যই চুটি চুটি সরল বাক্য যদিও স্থানবিশেষে যৌগিক আৰু মিশ্ৰবাকাৰ ব্যৱহাৰো গদ্যকাৰসকলে নকৰাকৈ থকা নাই। যেনে— “নুজিলেও মাজুলিত ইংৰেজি লোকে জি নগৰত নিবাস কৰে, তাতে আদিবাসী আবৰ লোকে মেই মাহৰ ৮ তাৰিখত ৰন কৰি ১৫/২০ মানুহ মাৰিলে।”

অৰুণোদইৰ ভাষা সংযত, প্রাঞ্জল আৰু প্ৰকাশভংগী সহজ-সৰল। বৰ্ণনাধর্মিতা এই গদ্যৰ উল্লেখযোগ্য বৈশিষ্ট্য। ফকৰা-যোজনা, জুটুৱা-ঠাঁচ, প্রবাদ-প্রবচনেৰে সমৃদ্ধ অৰুণোদই যুগৰ গদ্যৰ অন্যতম বৈশিষ্ট্য হ’ল সংবাদধর্মিতা। এই ক্ষেত্ৰত হৰিনাথ শৰ্মা দলৈৰ মন্তব্য প্ৰণিধানযোগ্য— “মিছনেৰীসকলৰ অধিকাংশ সাহিত্যকৃতিয়েই আছিল সাংবাদিক ৰচনা, সেইবোৰ সৃষ্টি হৈছিল অৰুণোনই সংবাদ-পত্ৰ চলাই ৰখাৰ কাৰণে। বিষয়বস্তু ভেদে ভাষা আৰু ৰচনাৰীতি যিহেতু বেলেগ হয়, সাংবাদিকতাৰ ভাষা আৰু ৰচনাৰীতিও আন ৰস-সাহিত্যৰ এই সুবিধতকৈ কিছু বেলেগ।”

অৰুণোদই যুগৰ মিছনেৰী আৰু অন্যান্য লেখকসকলৰ হাততেই আধুনিক অসমীয়া গদ্যৰ ধাৰা মুকলি হৈছিল যদিও এই গদ্যৰীতিত অসমীয়া ভাষাৰ মূল কালিকাটো বিচাৰি পোৱা নাযায় । “ভাসা লিখোতে আখৰৰ জিমান জাতি, তিমানহে লিখিব লাগে’— এই উদ্দেশ্য আগত লৈ গদ্য ৰচনা কৰাৰ বাবে ভাষা ব্যৱহাৰত বিভিন্ন বেমেজালিৰ সৃষ্টি হৈছিল আৰু সেই গদ্যত অসমীয়া ভাষাৰ অৱয়ব আৰু স্বৰূপ অপ্ৰকাশিত হৈয়ে ৰৈছিল। ফলস্বৰূপে, অৰুণোদইৰ যোগেদিহে আধুনিক অসমীয়া গণ্যৰ শুভাৰম্ভ হয় যদিও এই গদ্যশৈলীয়ে পৰৱৰ্তী কালত বিকাশ লাভ আৰু স্থায়িত্ব দুয়োটাই হেৰুৱালে। অৱশ্যে আধুনিক গদ্যৰ প্ৰথম আৰ্হিৰূপে এই গদ্যৰ মূল্য চিৰকলীয়া। সেয়েহে হয়তো অৰুণোদইৰ গদ্য সন্দৰ্ভত প্রফুল্ল কটকীয়ে মত পোষণ কৰিছে যে অৰুণোদইৰ গদ্য আধুনিক অসমীয়া গদ্যৰ বিকাশত এক উল্লেখযোগ্য পর্যায়। অৰুণোদয়ে অসমীয়া ভাষা আৰু চিন্তাৰ নতুন দিগন্তৰ সূচনা কৰিলে। অৰুণোদই স্তৰৰ সাহিত্যিকসকলক খ্ৰীষ্টীয়ান আৰু অখ্ৰীষ্টীয়ান তথা অসমীয়া আৰু অনা-অসমীয়া এই দুই ভাগত ভাগ কৰিব পাৰে। গদ্যৰাজিৰ বিশ্লেষণ কৰিলে অনুমান কৰিব পাৰি যে খ্ৰীষ্টীয়ান আৰু অনা অসমীয়া শ্ৰেণীৰ লেখকসকলতকৈ অসমীয়া লেখকসকলৰ গদ্যশৈলী কিছু পৰিমাণে উন্নত আৰু স্বাভাৱিক ধৰণৰ। মূলতঃ মাতৃভাষা অসমীয়া হোৱা বাবেই অসমীয়া লেখকসকলৰ গদ্যৰাজিত এই বিশিষ্টতা স্বাভাবিক ৰূপেই আহিছিল বুলি ক’ব পাৰি। অৰুণোদই স্তৰৰ অসমীয়া গদ্য লেখকৰ গদ্যৰ নমুনা তলত উল্লেখ কৰা হ’ল- “ সিহঁতে খেতি কৰিব নে জানে, সিহঁতৰ ঘৰবোৰ পজাৰ নিচিনা মাটি, বঁঅ গচৰ চাল ইত্যাদিৰে সাজে, থাবিলৈ অতি অসুখ।” (আনন্দৰাম ঢেকিয়াল ফুকন)।

৬। আধুনিক অসমীয়া গদ্যৰ স্বৰূপ বিকাশত হেমচন্দ্ৰ বৰুৱা আৰু গুণাভিৰাম বৰুৱাৰ অৱদানৰ বিষয়ে লিখা।

উত্তৰঃ আনন্দৰাম ঢেকিয়াল ফুকনে যি গদ্যৰ নিদর্শন দাঙি ধৰিছিল সেই গদ্যত সুপ্ত হৈ থকা আধুনিক অসমীয়া গণ্যৰ কিশলয় স্বৰূপটোক পূৰ্ণ পত্ৰলৈ বিকশাই তুলি সেউজ কৰি তুলিলে অৰুণোদইৰ শেষ স্তৰৰ দুজন স্বনামধন্য সাহিত্যিক। সেই দুগৰাকী অসম প্ৰাণ সাহিত্যিক হ’ল— গুণাভিৰাম বৰুৱা আৰু হেমচন্দ্ৰ বৰুৱা। এই দুজনা গদ্যকাৰৰ ৰচনাৰ মাজেৰেহে অসমীয়া গদ্যই প্ৰকৃততে পৰিপূৰ্ণতা লাভ কৰে

গুণাভিৰাম বৰুৱা : অষ্টাদশ শতিকাৰ ইংৰাজী গদ্যত ৰচনাৰ তিনিটা ৰীতি বিচাৰি পোৱা যায় । এই তিনি ৰীতি হ’ল— সৰল, মধ্যগ আৰু অলংকৃত। এই তিনিও ৰীতিৰ ভিতৰত মধ্যগ ৰীতিকেই সমালোচকসকলে শ্রেষ্ঠতাৰ মৰ্যাদা দিযে, কিয়নো এই ৰীতিত ৰচিত গদ্য সৰল, যথাযথ আৰু সুসঙ্গত হয়। এই প্ৰসংগত অসমীয়া গদ্য সাহিত্যৰ গতি পথ পুথিৰ প্ৰণেতা হৰিনাথ শৰ্মা দলৈয়ে উল্লেখ কৰিছে যে “এডিনাৰ গদা যে এই ৰীতিৰ অন্তৰ্গত আছিল এই কথা জনছনে কৈ গৈছে। হেমচন্দ্ৰ বৰুৱা (কোৱা ভাতুৰীত বাহিৰে) আৰু গুণাভিৰাম বৰুৱাৰ প্ৰায়বোৰ ৰচনাই আতিশয্যবিহীন যথার্থ আৰু বহু পৰিমাণে সুবিন্যস্ত। সেয়েহে তেওঁলোকৰ ৰচনা বিশেষৰ মাজত উক্ত ধৰণৰ মধ্যগ ষ্টাইল লক্ষ্য কৰা যায়।” গুণাভিৰামৰ যথাযথ সহজ সৰল আৰু সুসংহত গদ্যৰ মাজেৰেই অসমীয়া গদ্যই আধুনিকতাৰ প্ৰথম সাজ পৰিধান কৰিছিল বুলি ক’ব পাৰি। গুণাভিৰাম গদ্যত তৎসম, তদ্ভৱ আৰু অৰ্ধ তৎসম শব্দৰ প্ৰয়োগ তেওঁৰ গদ্যৰ অন্যতম বৈশিষ্ট্য। প্রয়োজন সাপেক্ষে তেওঁ নিজৰ গদ্যত ইংৰাজী, আৰবী ফাৰ্চী শব্দৰো সঘন প্রয়োগ কৰিছিল।

তেনে কিছুমান শব্দ হ’ল ―

তৎসম শব্দ : সূৰ্য্য, কাৰ্য্য ইত্যাদি)

ইংৰাজী : এজেন্ট, গবর্ণমেণ্ট, ৰিপোৰ্ট আদি ।

আৰবী ফাৰ্চী : আৰজী, দৰখাস্ত, মোকাদমা ইত্যাদি। গুণাভিৰামৰ গদাত বৰ ঠাইত য় আৰু ই-ৰ ঠাইত -এ প্রয়োগ হোৱা দেখা পোৱা যায়। কেতিয়াবা ডৰ ঠাইত ও – আৰু য-ৰ ঠাইত এ প্রয়োগ হোৱা দেখা যায়। যেনে—

ছোৱালী    ―   চোয়ালী।

খোৱা    ―    খোয়া।

মই        ―    ময়।

তই       ―    তয়।

গুণাভিৰাম নিজৰ গদ্যত নির্দিষ্টতাবাচক প্রত্যয় খনৰ ঠাইত খান ব্যৱহাৰ কৰিছে। যেনে— এ খান নকল, সেই খান আনি। আকৌ ক্ষুদ্ৰাৰ্থত খানি প্রত্যয়ৰ প্ৰয়োগ কৰিছে। যেনে— এখানি পুস্তক আমি ।

গুণাভিৰামৰ গদ্যৰ এটি মন কৰিবলগীয়া দিশ হ’ল উৰু প্ৰত্যয়ৰ প্ৰয়োগ। তেওঁৰ সমসাময়িক কোনো গদ্যকাৰেই বহুবচন বুজাবলৈ উৰু প্ৰত্যয়ৰ ব্যৱহাৰ কৰা নাই। যেনে― 

সখীসকল – সখী উৰু। 

আইহঁত ― আই উৰু আদি।

এইদৰে গুণাভিৰামৰ গদ্য ৰচনাই অসমীয়া গদ্যক বহু দূৰলৈ পূৰ্ণতা প্ৰদান কৰি গদ্যকাৰসকলক আধুনিক অসমীয়া গদ্যৰ ভেঁটি নিৰ্মাণ কৰি দিয়ে আৰু গদ্য সৃষ্টিৰ অনুপ্ৰেৰণাৰ উৎস ৰূপে পৰৱৰ্তী সাহিত্যিকসকলক উৎসাহিত কৰি অসমীয়া ভাষা-সাহিত্য সুস্থ-সবল কৰি তোলে।

হেমচন্দ্ৰ বৰুৱা : প্রকৃতপক্ষে অসমীয়া বর্ণবিন্যাসক এটা সুস্থিৰ, নিটোল আৰু ভৱিষ্যত মুখী ৰূপ দি আধুনিক গদ্যৰ পকী বাটটো হেমচন্দ্ৰ বৰুৱাইহে সাজি উলিয়াইছিল। আনন্দৰাম ঢেকিয়াল ফুকনৰ সময়ত অসমীয়া গদ্য সন্দৰ্ভত যি অস্থিৰতাই বিৰাজ কৰিছিল, সেই অস্থিৰতা হেমচন্দ্ৰ বৰুৱাই ৰচনা কৰা ব্যাকৰণ আৰু অভিধানৰ মাজেৰেহে একপ্ৰকাৰ দূৰ হ’ল বুলি ক’ব পাৰি অৰুণোদই আৰু মিছনেৰীসকলৰ হাতত হেৰাই যাব খোজা অসমীয়া গদ্যৰ প্ৰকৃত স্বৰূপটো যেন হেমচন্দ্ৰইহে উদ্ধাৰ কৰি প্ৰাণৰ সঞ্চাৰ কৰিলে।

হেমচন্দ্ৰ বৰুৱাৰ গদ্যসমূহক দুটা দিশেৰে স্পষ্ট ৰূপত দুভাগ কৰিব পাৰি। য’ত তেওঁ ৰচনা কৰা ব্যাকৰণ, অভিধান আৰু অসম্পূৰ্ণ আৰু জীৱন চৰিত্ৰত গুৰু-গান্ধীৰ, সংযত আৰু বাহুল্যবর্জিত গদ্যই অসমীয়া ভাষা-সাহিত্যক সুষমামণ্ডিত কৰি তুলিছে। আনফালে “বাহিৰে ৰং চং ভিতৰে কোৱা ভাতুৰী’ বা ‘কানীয়াৰ কীৰ্তনৰ দৰে ৰচনাত থকা গদ্যই অসমীয়া ভাষাৰ হাস্যমধুৰ ব্যঙ্গাত্মক স্বৰূপটোৰ সামৰ্থ উদঙাই দিছে। হেমচন্দ্ৰই নিজৰ গদ্যত তৎসম, তদ্ভব, অর্ধতৎসম, কামৰূপী,প্রয়োজন সাপেক্ষে হিন্দী-বঙলা, ইংৰাজী ভাষাৰ শব্দও ব্যৱহাৰ কৰিছিল। লগতে অসমীয়া জুটুৱা ঠাঁচৰ প্ৰয়োগ, যোজনা-পটন্তৰৰ সম্যক প্রয়োগে তেওঁৰ গদ্যৰ এটি নির্দশন দাঙি ধৰিছিল। যেনে ―

তৎসম শব্দ : অগ্নি, স্বর্গ।

তদ্ভব : সাজ, শৰাধ।

অর্ধ তৎসম : ধৰম, কৰম।

কামৰূপী শব্দ : এখান, পেৰা ইত্যাদি।

উল্লেখযোগ্য যে, কেৱল হাস্যমধুৰ কৰি ব্যঙ্গ-বিদ্রূপ কৰাৰ নিমিত্তিহে হেমচন্দ্ৰই নিজৰ গদ্যত হিন্দী আৰু বঙলা শব্দৰ প্ৰয়োগ কৰিছিল। হেমচন্দ্ৰৰ গদ্যশৈলীৰ আন এক মন কৰিবলগীয়া দিশ হ’ল—ইংৰাজী খণ্ডবাক্য, প্রবাদ-প্রবচনৰ অসমীয়ালৈ আক্ষৰিক অনুবাদ। যেনে— “Paid debt to the nature – স্বভাৱৰ ধাৰৰ পৰা মুক্ত হ’ল।”

হেমচন্দ্ৰই নিজৰ গদ্যত প্ৰয়োজন সাপেক্ষে কেতবোৰ উপহাসসূচক শব্দ নিজেও তৈয়াৰ কৰি

প্রয়োগ কৰিছে। যেনে— তিৰিলগীয়া, পলায় ধ্বং।

আনহাতে, হেমচন্দ্ৰ বৰুৱাৰ গম্ভীৰ গদ্যত চিন্তাৰ বিশুদ্ধতা আৰু ভাবৰ পৰিপূৰ্ণতা বিচাৰি পোৱা যায়। অতি ঘৰুৱা ভাষাৰেও তেওঁৰ গদ্যই পাঠকক আকৰ্ষণ কৰাত সক্ষম ভাববস্তুৰ সহজ-সৰল গতি আৰু প্ৰাঞ্জলতা তেওঁৰ গদ্যৰ অন্যতম বৈশিষ্ট্য।

আকৰ্ষণীয় গদ্য ৰচনাৰে হেমচন্দ্ৰ বৰুৱাই অসমীয়া গদ্যক সুজলা আৰু সুফলা কৰি তুলিছিল। যদিও আনন্দৰাম ঢেকিয়াল ফুকনৰ গদ্যৰ মাজতেই অসমীয়া গদ্যৰ আধুনিক স্বৰূপটোৱে গা কৰিছিল, সেই ৰূপ তেজলি মঙহ আৰু তেজেৰে জীপাল হৈ উঠিছিল হেমচন্দ্ৰৰ গদ্য মাজেৰেহে হেমচন্দ্ৰ বৰুৱাই উচিত মন্তব্য কৰিছে যে— তেওঁৰ গদ্যশৈলীৰ সাৱলীলতা আৰু ক্রিয়াশীলতাই আধুনিক অসমীয়া গদ্যৰীতিক বৈচিত্র্যপূৰ্ণ আৰু সমৃদ্ধিশালী কৰি তুলিছিল। এইদৰে প্ৰাক-অৰুণোদই স্তৰৰ পৰা আৰম্ভ কৰি আধুনিক অসমীয়া ভাষা-সাহিত্যই হেমচন্দ্ৰ গুণাভিৰামৰ হাতত পূৰ্ণতা লাভ কৰি এক নতুন ধাৰাৰ সৃষ্টি কৰিবলৈ সক্ষম হয়।

৭। অসমীয়া গদ্যৰ বিকাশৰ ধাৰাটোত গদ্যৰ কোনসমূহ বৈশিষ্ট্য চৰিত পুথিৰ গন্যত পৰিলক্ষিত হোৱা দেখা যায়?

উত্তৰঃ অসমীয়া সাহিত্যৰ বুৰঞ্জীত চৰিত পুথিসমূহে এক বিশেষ স্থান অধিকাৰ কৰিছে। মহাপুৰুষদ্বয়ৰ মৃত্যুৰ পিছত তেওঁলোকৰ অনুগামীসকলে গুৰুসকলৰ চৰিত লিখা কার্য এক প্ৰকাৰ বাধ্যতামূলক কৰিছিল। এই ৰীতিক চৰিত্ৰ তোলা প্রথা বুলি কোৱা হয়। এনে পুথিসমূহ গদ্য আৰু পদ্যত লিখা হৈছিল।

এতিয়ালৈকে যিমানবোৰ পুথি পোৱা গৈছে তাৰ সৰহ সংখ্যকেই পদাত ৰচিত। গদ্যত ৰচিত চৰিত পুথিৰ সংখ্যা কম। গদ্যত ৰচিত যি দুই এখন চৰিত পুথি পোৱা হৈছে তাৰ ভিতৰত অষ্টাদশ শতিকাৰ দ্বিতীয়, তৃতীয় দশমানত লিখা ‘কথা-গুৰুচৰিত’ খনেই পৰিবৰ্দ্ধিত ৰূপত পোৱা গৈছে। চৰিত পুথিৰ গদ্য সমসাময়িক কালৰ বুৰঞ্জী গদ্যৰ দৰে বৈষয়িক নহৈ কিছু পৰিমাণে ধৰ্মীয় হৈ পৰিছে। ৰূপকৰ মাজেৰে ভক্তিতত্ত্ব আৰু সাধনৰ পথ দেখুওৱা হৈছে। যেনে—

“গুৰুভূমি, শৰণ ধাৰ্য্য বিধান, সঙ্গমাৰ্গে চহোৱা, ইৰিধা অসুয়া নল হেজেবা, মৰম প্ৰীতিয়ে দলিমূৰা, জবকা, খেদ অনুৰাগে বাৰুহি, শ্ৰৱণ-কীৰ্ত্তন বিন্ধামৈ, হিংসা পৈশলা টোকবল বিলে কহুৱা স্নেহ শ্ৰদ্ধা, নিৰল, গচল, চিত্তবুদ্ধি কোৰখস্তি, মনে নাল, কায়বাক্যেমনে সেৱা সুখ সন্তোষ, কাম, ক্রোধ, লোভ, মোহ, সঙ্গে দোষ, গুৰুত ভ্ৰম, খৰবান, নিশ্চয় কাচিৰে দাই প্ৰেমৰ সূত্ৰ বান্ধি ভক্তি ভাণ্ডাৰত থই, ধৰ্ম, অর্থ, উদ্ধাৰ কাম মোক্ষ ভাং মাৰি থই খাই থাকা সুখে । এই খেত নকৰা কিয় ?” (পাতনি : কথা গুৰু চৰিত)

ইয়াত চৰিত বৰ্ণিত বিষয়ৰ লগত সমসাময়িক সমাজৰ আচাৰ-বিচাৰ, ধৰ্মীয়-অনুষ্ঠান, তীর্থযাত্ৰাৰ কাহিনী, গুৰুসকলে বিভিন্ন ঠাইত কৰা ভ্ৰমণৰ পৰা পোৱা অভিজ্ঞতাৰ অভিলেখ আদি সন্নিৱিষ্ট থকা বাবে ইয়াৰ গদ্যত কথিত ভাষাৰ প্ৰচুৰ শব্দ সোমাই পৰিছে। চৰিত পুথিৰ গদ্যত উজনি অসমৰ ভাষাতকৈ নামনি অসমৰ কথিত শব্দৰ প্ৰভাৱ বেছি। যেনে—“ তেনেকৈ বুলিলতো আই মাতৃৰ আপীক দিবৰ প্ৰবীণ চিত। পৰিচাৰ্য্যখানি কৰাই কণ্ঠ পৰাই দিত্ৰ, গুৱাখানি দিয়ায়।” (কথা গুৰু চৰিত)

ইয়াৰ উপৰি কামৰূপত ব্যৱহাৰ কৰা আতা, বেটি, গোহানী, দাউৰ আদি শব্দ গ্ৰন্থখনত প্ৰচুৰ পৰিমাণে পোৱা যায়।

কথাগুৰু চৰিত্ৰৰ ভাষাত ভট্টদেৱ আৰু ৰঘুনাথ মহন্তৰ ৰামায়নী গদ্যৰ দৰে এটা নাটকীয় কথনভঙ্গী আছে। চুটি চুটি বাক্যৰ দ্বাৰা মানুহে স্বাভাবিকভাবে কথা কোৱা ৰীতি এটা দেখা যায়। ফলত সাধাৰণ মানুহে চৰিত পুথি পঢ়ি আমেজ পায়। বাক্যবোৰ চুটি হোৱাৰ ফলত ভাষাৰ সৌন্দৰ্য হ্ৰাস পোৱা নাই। চৰিত সাহিত্যৰ এনে চুটি চুটি অথচ সহজবোধ্য বাক্য-ৰীতি সম্বন্ধে সমালোচক ডঃ প্রফুল্ল কটকীৰ মন্তব্য হ’ল— “কথোপকথনৰ কালত যিবোৰ কথা পোনপটীয়াকৈ উল্লেখ নকৰিলেও সহজবোধ্যতা হ্রাস নাপায় তেনেবোৰ কথা এই পুথিৰ বাক্যবোৰত সাধাৰণতে উক্ত ৰখা হয়। 

উদাহৰণস্বৰূপে— কর্তা– পদটো প্ৰায়ে উহ্য থাকে। যতি চিহ্নৰ প্ৰয়োগ শিথিল, পূৰ্ণ-যতিৰ প্ৰয়োগ প্ৰায়ে কৰা নহয়। কেতিয়াবা কেতিয়াবা দুটা বাক্য গোটাই একেটা কৰা হয়। বাক্য বিন্যাসৰ ক্ষেত্ৰতো কোনো নির্দিষ্ট ৰীতি ৰক্ষা কৰা নহয়।” (ক্রমবিকাশত অসমীয়া গদ্যশৈলী) চৰিত পুথিৰ গদ্যৰীতিৰ আন এটা দিশ হ’ল— লিখকৰ অপূৰ্ব সাহিত্যিক নিপুণতা। এটা ছেদতে আশ্চার্য্যবোধক, নঞর্থক, নির্দেশাত্মক, প্রশ্নবোধক আদি বিভিন্ন ভাবমূলক শব্দৰ প্ৰয়োগ কৰি ভাষাৰ চমৎকাৰিতা বৃদ্ধি কৰাৰ উপৰি ভাষাত থাকিব পৰা অভাৱ দূৰ হৈছে। যেনে— “আৰু এদিন আই গোসাঁনীয়ে বোলে তোমাৰ বৰাপোত বিশ্বাস, স্নেহ, আদৰ-সাদৰ । আমাত, পুত্র, ভাতৃ কতো নাই, চালো। আৰু বিত্ত খনিও দি থই ভাঙি চিঙি ঢুকাই নিছে।”

কথা গুৰুচৰিত্ৰৰ গদ্যত স্বাভাৱিকভাৱে কথা কোৱা ৰীতি এটা ব্যৱহাৰ কৰি তোলা সহজ কৰা দেখা যায়। এনে ভাষাৰীতিক অলংকাৰ বৰ্জিত অথচ স্বাভাৱিক গদ্যৰীতি বুলি ক’ব পাৰি। যেনে— “ভোজন আছে নাই, স্মান আছে নাই” ইত্যাদি। চৰিত পুথিৰ গদ্যক দাস্যভাবপূর্ণ এক মৃদু, বলিষ্ঠ, লোকখ্যাতি সম্পন্ন ভাষা বুলি ক’ব পাৰি।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top