300+ Top Assamese Sad Quotes, Status, Captions, Sayeri | অসমীয়া দুখৰ বাণী

Assamese Sad Quotes

Join Telegram channel

Hello, friends, this is the collection of all the best Assamese Sad Love Quotes. These are all new sad Quotes and Status. so please read and share them in your friends’ circle. And if you have any questions then also comment in the comment box below. Here you can find Best Latest Love sad Status in Assamese, Best Assamese Sad Love Quotes about life, Sad Love Shayari in Assamese, Assamese Heart touching quotes, and much more on Assamese life Quotes for Instagram, WhatsApp, and Facebook.

Assamese Sad Quotes

Assamese Sad Quotes and Status

দুখ, বিষাদ, বেদনাৰ সৈতে মানুহৰ গভীৰ সম্পৰ্ক। সুখৰ অবিহনেই দুখ মূল্যহীন আৰু দুখৰ অবিহনে সুখ মূল্যহীন। জীৱনলৈ যদি দুখবোৰ নাহে তেন্তে আমি সুখৰ সোৱাদ কেনেকৈ প্ৰাপ্ত কৰিম। দুখৰ সৈতে আমাৰ এক এৰাব নোৱৰা সম্পৰ্ক। এই পৃথিৱীৰ প্ৰত্যেক জন মানুহে নিজ নিজ জীৱনত ভিন্ন কাৰণত ভিন্ন ধৰণেৰে দুখ, বিষাদ, বেদনা অনুভৱ কৰে। কেতিয়াবা আমাৰ জীৱনলৈ অহা দুখবোৰ অমানিশাৰ দৰে হৈ আমাৰ জীৱন এন্ধাৰ কৰি থৈ যায় যে আমি এনেদৰেই ভাঙি পৰো যে নিজকে পূৰ্বৰ পৰ্যায়ত  ঘূৰাই পোৱাটো কঠিন হৈ পৰে। আকৌ কেতিয়াবা জীৱনলৈ অহা দুখৰ ধুমুহাবোৰে আমাক বহুবোৰ কথা উপলদ্ধি কৰোৱাই আমাক আৰু মজবুত কৰি থৈ যায় যাতে জীৱনলৈ অহা যিকোনো ধুমুহাৰ সৈতে আমি যুঁজ দিবলৈ প্ৰস্তুত হৈ থাকোঁ।

Read Also: Latest Assamese Story

অসমীয়া দুখৰ বাণী

ব্যক্তিবিশেষে সকলোৰে দুখ- বিষাদৰ কাৰণ সমূহ ভিন্ন হয়। কোনোবাই প্ৰেমত অসফল হৈ দুখ কৰে কোনোবাই কৰ্মজীৱনত সংস্থাপনা নাপাই দুখ কৰে, কোনোবাই নিজৰ আপোন জনক হেৰুৱায় দুখ কৰে। এই দুখ সমূহৰ কাৰণ ভিন্ন হ’ব পাৰে কিন্তু এই দুখ বিষাদ সমূহে সকলোকে চূৰ্ণ – বিচূৰ্ণ কৰি থই যায়। কিন্তু জীৱনলৈ যিমানেই দুখ বিষাদ কিয়নো নাহক এটা কথা সদায় মনত ৰাখিব যিদৰে ৰাতিৰ পিছত দিন আহে, সেইদৰে দুখৰ পিছতো জীৱনলৈ সুখ আহে। পৃথিৱীৰ সকলো জীৱই দুখ পায় মাতৃ কুকুৰ এজনীয়ে নিজৰ পোৱালী কেইটাক হেৰুৱায় দুখ পায়, গছবোৰে নিজৰ পাত বোৰ সৰিলে দুখ পায়, মইনা চৰাই কেইটায়ে নিজৰ পোৱালীবোৰ মৰিলে দুখ পায়, পদূলিৰ দুবৰীবোৰে মানুহৰ গচকত দুখ পায় , পৰুৱাবোৰে নিজৰ পৰিয়াললৈ খোৱা বস্তু বিচাৰি নোপোৱাৰ বাবে দুখ পায়। পৃথিৱীৰ প্ৰতিটো জীৱৰ সৈতে দুখৰ সম্পৰ্ক আছে।

আজি আমাৰ এই প্ৰবন্ধত আমি ভিন্ন ধৰণৰ দুখৰ, বেদনাদায়ক নিজস্ব উদ্ধৃতি আৰু লগতে বহু ধৰণৰ Website ৰ পৰা টোকা উদ্ধৃতি সন্নিৱিষ্ট কৰিছোঁ যি সমূহ আপুনি আপোনাৰ মন বেয়া লাগিলে নিজৰ বিষাদ সমূহ প্ৰকাশ কৰিবলৈ নিজৰ আপোনবোৰৰ সৈতে প্ৰেৰণ কৰিব পাৰিব বা আপুনি আপোনাৰ যিকোনো social media platforms ৰ Status, captions ত share কৰিব পাৰিব। আশা কৰোঁ এই দুখ বেদনাদায়ক উদ্ধৃতিবোৰে আপোনালোকৰ মনোযোগ আকৰ্ষণ কৰিব।

Read Also: 110+ Best Mothers Day Assamese Quotes | মাতৃ দিৱসৰ শুভেচ্ছা

Top Assamese Sad Love Quotes

  • অতীতক অতীত হৈ থাকিব দিয়া, বৰ্তমানক হাঁহিৰে উপভোগ কৰা, ভৱিষ্যত কোনে জানে আজি আছোঁ জীয়াই কাইলৈ নেথাকিবও পাৰোঁ। – Mahezubin Saikia
  • জীৱনত কেতিয়াবা দুখ – বিষাদ সমূহ অনুভৱ কৰাটোও খুবেই দৰকাৰ এই সময়বোৰ খুবেই অতুলনীয় কিয়নো জীৱনলৈ অহা এইজাক ধুমুহাত আপোনাৰ আশে পাশে থকা মুখা পিন্ধা সকলৰ মুখা সমূহ খোল খায়। -Mahezubin Saikia 
  • কেতিয়াবা প্ৰেম সঁচা হৈও পাৰিবাৰিক আৰু সামাজিক হেঁচাত অসফল হৈ ৰয়।– Mahezubin Saikia 
  • সময়ৰ সোঁতত যেতিয়া মানুহৰ চৰিত্ৰবোৰ সলনি হয় তেতিয়া বহু মানুহ হৃদয়ৰ পৰা ওলায় পৰে। – Mahezubin Saikia
  • কোমল মনৰ অধিকাৰী তুমি যাকে তাকে তোমাৰ মনৰ সৈতে খেলিবলৈ নিদিবা। – Mahezubin Saikia
  • মিছাকৈ এটা মৃত সম্পৰ্কত থকাতকৈ অকলশৰীয়াকৈ থকায়ে ভাল। – Mahezubin Saikia
  • যদি কেতিয়াবা মই মৰি যাওঁ at least মোৰ কবৰলৈ আহি মোক এষাৰ মাত লগাই যাবাহি এয়াই মোৰ তোমাৰ পৰা অন্তিমটো ইচ্ছা।– Mahezubin Saikia
  • নিশা আকাশৰ তৰবোৰে মোক প্ৰশ্ন কৰে ক’ত আছে তোমাৰ প্ৰিয়জন যাৰ বাবে তুমি মোক চাই চাই ক’তবোৰ কাগজৰ পৃষ্ঠাত নীলা চিয়াঁহীৰ কবিতা লিখিছিলা। – Mahezubin Saikia 
  • ক’ত ৰাতি টোপনি ক্ষতি নিজনতাৰ কবলত সপোন নেদেখা এই মন

   অশ্ৰুৰ ধাৰ নিগৰি পৰে মাজনিশা….

   শুনেনে কোনোবাই ব্যাকুল হৃদয়ৰ বিননি

   ক’ত যে ৰাতি টোপনি ক্ষতি। – Mahezubin Saikia 

  • নীৰৱতাই এতিয়া এক মাত্ৰ পৰিচয় হৈ পৰিছে। – Mahezubin Saikia 
  • ভাৱিছিলো সাজিম ঘৰ এখন তোমাৰ সৈতে  কিয় তুমি মোৰ সপোনবোৰ এইদৰে ভাঙিলা আৰু যেন সপোন নেদেখাই কৰি দিলা। – Mahezubin Saikia
  • হাতৰ তলুৱাত তোমাৰ নাম মচ নোখোৱাকৈ লিখিলো…চাল্লা, এই পাগলে পাহৰি গলো, ভাগ্য হেনো বিধাতাইহে লিখে পামনে মই নে মই পাম তোমাক?
  • মোৰ হৈও কিবা বেলেগৰ যেন লগা হৈছা…তুমি কিবা ভাৰতৰ কাশ্মীৰখন যেন হৈ পৰিছা।
  • মোৰ অসম্পূৰ্ণ আকাংক্ষা হৈ নৰবা তুমি…এই দুনীয়াত পুনৰ্জন্ম লোৱাৰ মোৰ কোনো আশা নাই।
  • মোৰ চহৰত সাংঘাতিক নীৰৱতা…কৰবাত হেনো তেওঁৰ পায়েলযোৰ হেৰাই থাকিল।
  • কাৰোবাক ভালপোৱা দিলে সীমাহীন ভাবে দিয়ক, কাৰণ সীমা আৰু পৰিধি মাটিৰ থাকে, হৃদয়ৰ নহয়।
  • বাধা, ঘাত, প্ৰতিঘাত জীৱিত মানুহৰ জীৱনযাত্ৰাৰ অংশীদাৰ। মৰাশৰ যাত্ৰাততো মানুহে ৰাস্তা এনেয়ে এৰি দিয়ে
  • তুমি পাহৰি গলেও মই স্মৃতি হৈ তোমাক আমনি কৰিম… তুমি পানী পি পি ভাগৰি যাবা, মই হিকটি হৈ আমনি কৰিম।
  • দৰ্জা চাপৰ হৈয়ে থাকক মোৰ কোঠাৰ…যি নিজৰ বুলি ভাবিব, তেওঁ হালি ঘৰ সোমাব।
  • চিতাৰ বগা কাপোৰখন গুচাই জাপ খাই থকা চকুযুৰি ভালদৰে চাই লবা…পুনৰ সেই দুচকু কাহানিও দেখা নাপাবা, যাক জীৱনজুৰি কন্দুৱালা।
  • আৰু কি বৰ্বাদ কৰিব তেওঁ মোক…ছাই হ‌ও মই, জ্বলালেও জ্বলি নাযাওঁ।
  • লুকাভাকুৰ খেল এই চাৰা দুনীয়া। দুৰ্বলতা লুকাই আছে প্ৰতিটো কাৰ্যৰ পাছত। স্বাৰ্থ লুকাই আছে প্ৰতিটো ধন্যবাদৰ পাছত। হায়ৰে
  • তুমি ভগৱানৰ ওচৰত সুখৰ সন্ধান কৰা… মই সুখৰ বাবে তোমাৰ সন্ধান কৰো
  • দেহৰ শেষ পৰিণতি যিদিনা দেখিবলৈ পাম…

    সিদিনা আত্মাৰ প্ৰতি মোহ বেচি জাগিব, কিন্তু হায়, সময় নাথাকিব

  • কলিজাটো তোমাৰ ফালে সদায় হালে অলপ ঠিক বেইমান বেপাৰীৰ তুলাচনীখনৰ দৰে।
  • জীৱনৰ সকলোতকৈ ডাঙৰ ভুল হৈছে , নিজেই ভালে থকাৰ দায়িত্ববোৰ আনৰ হাতত তুলি দিয়াটো।
  • সৰু সৰু কথাবোৰক লৈ আমাক সেইজনেহে খং কৰে যিজনে আমাক হৃদয়েৰে ভাল পায়।
  • য়োজনত আপোনজনৰ সুখৰ বাবে তেওঁৰ পৰা আঁতৰি অহাটোও প্ৰকৃত ভালপোৱাৰ উদাহৰণ।
  • যাৰ বাবে ইমান পোষ্ট বা ষ্টেটাছ শ্বেয়াৰ কৰি আছা, তেওঁ হয়তো আন কাৰোবাৰ পোষ্ট আৰু ষ্টেটাছলৈ অপেক্ষা কৰি আছে।
  • প্ৰেম কৰাটো অপৰাধ, এতিয়া এনেদৰেই নিজকে সান্তনা দিওঁ।
  • অপমান কৰাটো কাৰোবাৰ স্বভাৱ হব পাৰে, কিন্তু সন্মান কৰাটো আমাৰ সংস্কাৰ।
  • কিমান যে নিশা পাৰ কৰিলোঁ তোমাক কাষত পোৱাৰ আশাত, তোমাক তো নাপালোঁ কিন্তু মইহে হেৰাই গলো তোমাৰ অপেক্ষাত।
  • অলেখ ভালপোৱা আছে তোমালৈ কিন্তু প্ৰতিদান নিদিওঁ, ছাঁ টোৰ দৰে থাকিম তোমাৰ সতে অথচ দেখুৱাই নিদিওঁ।
  • যদি সঁচাকৈ ভালপোৱা আছে প্ৰকাশ কৰি দিয়া, যদি সঁচাকৈ মৰম আছে মৰম যাচি দিয়া, লাজ নতুবা অভীমানত যদি সাঁচি থোৱা মৰমবোৰ সুখী হব কোনদিনা?
  • এজনে আনজনৰ বাবে জীয়াই থকাটোও জীৱন, গতিকে সেইজনক সময় দিয়ক যিজনে আপোনাৰ হৃদয়েৰে ভালপায়।
  • জীৱন মানুহে হৃদয়ত অভিমান আৰু মুখত অভিযোগ কমকৈ ৰাখে, সেইজন মানুহে সকলো ধৰণৰ সম্পৰ্ক পালন কৰিবও জানে।
  • সেই জনক আপােন কৰি লওক যিয়ে সমাজত আপােনাক চিনাকি কৰি দিবলৈ লাজ নকৰে।
  • প্ৰয়োজনত অতি বিশ্বাসীও অতি নিৰ্ভৰযোগ্য ব্যক্তি হিচাপে পৰিচিত, আৰু শেষত অৱহেলিত ব্যক্তিলৈ ৰূপান্তৰিত।
  • কোনোবাই আপোনাৰ অধিকাৰ কাঢ়ি ল’ব পাৰে কিন্তু অধিকাৰৰ কোনো কাঢ়ি ল’ব নোৱাৰে।
  • সপোনবোৰ আশাৰে নহয় জেদেৰ পূৰ্ণ কৰিব পাৰি।
  • জীৱনে সকলো সময়তে আপোনাৰ লগত কথা পাতে কেৱল আপুনি শুনি পোৱাটো প্ৰয়োজন।
  • টকা উপাৰ্জন কৰিবলৈ ইমানো সময় নষ্ট নকৰিব উপাৰ্জন কৰা টকাখিনি খৰচ কৰিবলৈ জীৱনত সময় নোজোৰা হয়গৈ।
  • চেষ্টা নকৰাকৈ তুমি কেনেকৈ বুজিবা যে তুমি এই কামটো কৰিব পাৰিবা নে নোৱাৰা।
  • যি প্ৰাপ্তি নহয় সেইয়াই মনত ৰৈ যায় বাকী জীৱনেতো আমাক বহুত কিবা কিবি দিয়ে।
  • জীৱনত নিশ্চয়কৈ প্ৰতিটো সুযোগৰ লাভ লওক কিন্তু কাৰোবাৰ অসহায় আৰু সৰলতাৰ সুযোগ নল’ব।
  • জীৱনত যদি কেতিয়াবা বেয়া দিন আএ তেন্তে ইমানকণ বিশ্বাস মনত ৰাখিব যে দিনবোৰ বেয়া হ’ব পাৰে; গোটেই জীৱনটো নহয়।
  • যিদৰে আমি আমাৰ দৃষ্টিগংগীৰে বস্তুবোৰ দেখি পাওঁ তেনেকৈয়ে ভাল বেয়া নিৰ্ণয় কৰো গতিকে আমি আমাৰ দৃষ্টিভংগীক সলনি কৰাৰহে প্ৰয়োজন আছে।

*সত্য সদায় মৌন হৈ থাকিব পৰা মানুহৰ মাজতে পোৱা যায় মিছা কোৱাবোৰে তো সকলো সময়তে হুলস্থল লগাই থাকে।

  • চেষ্টাবোৰে তো সদায় কয় সময়ৰ লগত চুক্তি কৰি লোৱা কিন্তু হৃদয়ৰ কোণত সংগোপনে থকা আশাবোৰেহে মান্তি নহয়

Read Also: 200+ Top Assamese Love Quotes, Status, Captions

New Assamese Sad Status for Facebook 

  • অকলশৰীয়া হৈ যায় সেই সকল লােক  যি নিজতকৈ বেছি আনৰ কেয়াৰ কৰে।
  • কাৰোবাৰ জীৱনেই হওক বা কাৰোবাৰ হৃদয় য’ত থাকি তুমি অশান্তি পোৱা তাত নাথাকি আঁতৰি আহিব।
  • জীৱনৰ যিকোনো বিপদ অথবা দুখত সমভাগী হোৱাজনতকৈ ডাঙৰ সহায় আৰু ডাঙৰ আপোন কোনো নাই ।
  • জীৱনৰ লক্ষ্য যে কেৱল এটাই লৈ আগবাঢ়ি যাব লাগিব তেনে কোনো নিয়ম নাই লক্ষ্যৰ বিকল্প বহতো থওক কিন্তু উদ্দেশ্য এটাই – আমি সুখী আৰু সফল হ’ব বিচাৰোঁ।
  • কেতিয়াবা সকলোৰে পৰা আঁতৰি গৈ  একান্তভাৱে আত্মকেন্দ্ৰিক হৈ জীয়াই থাকিবলৈ মন যায়।
  • যিটো সম্পৰ্ক পালন কৰাৰ প্ৰবল ইচ্ছা দুয়োজনৰে থাকে সেইটো সম্পৰ্ক কেতিয়াও কোনোদিনে শেষ হৈ নাযায় অথবা সেইটো সম্পৰ্কত বিচ্ছেদৰ স্থান নাই।
  • যিমানেই আপুনি কাৰোবাক বাৰে বাৰে সুযোগ দি থাকিব সিমানেই তেওঁ আপোনাক হাৰ্ট কৰি থাকিবলৈ কুণ্ঠাবোধ নকৰিব।
  • সম্পৰ্ক যিয়েই নহওক কিয় আপোনাৰ জন্মদিনৰ শুভেচ্ছা জনাম বুলি ৰাতি বাৰ বজালৈ উজাগৰে থকাজন সঁচাকৈয়ে বিশেষ।
  • কোনোবাই যদি আপোনাক উপেক্ষা কৰিছে বুলি আপোনাৰ অনুভৱ হয় তেন্তে ভুল তেওঁৰ নহয়; ভুল আপোনাৰ কাৰণ আপুনিহে প্ৰয়োজনতকৈ বেছি  তেওঁৰ পৰা আশা কৰি আছে।
  • জীৱনলৈ অহা ভুল কোনোবা এজনেই জীৱনৰ সঠিক পাঠ এটা শিকাই থৈ যাব সেইকাৰণে অন্ধভাবে আৰু সহজতে কাকো বিশ্বাস নকৰিব।
  • ভগৱানে আমাৰ সকলোকে একেই মাটিৰে সৃষ্টি কৰিছে পাৰ্থক্য মাথো ইমানেই যে কোনোবা ভিতৰৰ পৰা সুন্দৰ আৰু কোনোবা বাহিৰৰ পৰা দেখাত সুন্দৰ।
  • ভাল পাবই যদি লাগে তেন্তে জীৱনত এনে এজনক ভাল পাওক যিজনৰ কথাত আপোনাৰ তেতিয়াও হাঁহি উঠে যেতিয়া আপোনাৰ হাঁহিবলৈ অলপো ইচ্ছা নাথাকে।
  • অপ্ৰিয় যদিও সত্য এইয়াই যে আপোনবোৰ কেতিয়া পৰ আৰু পৰ কেতিয়া আপোন হৈ যায় জীৱনৰ একো ঠিকনা নাই
  • সমস্যা মোৰ এটাই, বেলেগৰ আগত কান্দিব নোৱাৰোঁ, আৰু নিজানত অকলে হাঁহিব নোৱাৰো।
  • আজিকালি মিছা কথাতকৈ সঁচা কথা কলে সম্পৰ্ক বেছি নষ্ট হয়।
  • সকলো ঘাঁ শৰীৰত নালাগে, কিছু ঘাঁ মনৰ ভিতৰতো লাগে ।
  • মানুহে পৃথিৱীত সকলো বস্তুৱেই বিচাৰি পায়, নিজৰ ভুলৰ বাহিৰে।
  • সম্পৰ্কৰ ভাঙিবলৈ কাৰণৰ প্ৰয়োজন নাই আচৰণেই যথেষ্ট।
  • যত বিশ্বাস আৰু আস্থা নাই তাত ভালপোৱা কেতিয়াও হব নোৱাৰে।
  • হেৰাই যোৱাজন ঘূৰি আহিব পাৰে কিন্তু সলনি হৈ যোৱাজন কেতিয়াও ঘূৰি নাহে।
  • সকলোৰে জীৱনত এনেকুৱা এজন মানুহ থাকে, যাক পাহৰিবও নোৱাৰি আৰু নিজৰ কৰাৰো অধিকাৰ নাথাকে।
  • দুখৰ অভাৱ নাই বাবেই সুখৰ দাম বেছি মায়া বজাৰত।
  • এটা সম্পৰ্ক গঢ়িবলৈ বহু সময় প্ৰয়োজন হয়, কিন্তু সেই সম্পৰ্ক শেষ হবলৈ সময়ৰ প্ৰয়োজন নাই মুহূৰ্ততে শেষ হৈ যায়।
  • সম্বন্ধবোৰ ইমান ঠুনুকা হৈ গৈছে, অলপ সময় দিব নোৱাৰিলে ভাঙি যায়
  • এটা সম্পৰ্ক কৰিবলৈ দুজনৰ প্ৰয়োজন আৰু ভাঙিবলৈ এজনে যথেষ্ট।
  • সুখ হাজাৰ বিচাৰিলেও নাপাওঁ কিন্তু দুখ বোৰ নিবিচাৰাকৈয়ে বহুত পাওঁ।
  • অসম্পূৰ্ণ প্ৰেম মানে সম্পূৰ্ণ যন্ত্ৰণা।
  • মানুহ কেতিয়াও বেয়াহৈ জন্ম নহয়, এই পৃথিৱীখনে মানুহক বেয়া হবলৈ বাধ্য কৰে।
  • বটলৰ পানীৰ দাম আছে কিন্তু চকুপানীৰ দাম নাই।
  • মই নহয় সময়ে বুজাব তোমাক, আচলতে মোৰ মূল্য কিমান?
  • অলপতে কান্দি পেলোৱা মানুহবোৰ সৰল মনৰ হয়, আৰু এই সৰল মনৰ মানুহে জীৱনত কষ্টও বহুত পাব লগা হয়।
  • আমি বৰ্তমান কিদৰে আছো সেইটো নাজানো কিন্তু আমি কি আছিলোঁ সেইয়াক খুব মিচ কৰোঁ৷
  • অভিমানবোৰ এৰি আকৌ আহা এবাৰ দুচকুৰ চকুলো মোহাৰি প্ৰেৰণাৰে মেৰিয়াই সাবটি লোৱাহি৷
  • মোৰ প্ৰায়েই অনুভৱ হয় যেন মই এতিয়াও কাৰোবালৈ অপেক্ষা কৰি আছোঁ কিন্তু মই জানো মোৰ এই অপেক্ষা কোনোদিনেই পূৰ্ণ নহয়৷
  • তোমাৰ মই গঢ়িলোঁ আৰু বিনিময়ত তুমি মোক ভাঙি থৈ গ’লা৷
  • আমি আগতে কিদৰে কথা পাতিছিলোঁ কেনেকৈ আছিলোঁ তাক বৰ্তমানত সদায়েই মিছ কৰোঁ 
  • মোৰ ভুল এটাই আছিল যে জীৱনত মই তোমাক সকলোতকৈ বেছি গুৰুত্ব দিছিলোঁ যেতিয়া নেকি মই তোমাৰ বাবে মাত্ৰ এক বিকল্পহে আছিলোঁ৷
  • কিছুমান সময়ত জীৱনৰ কিছুমান স্মৃতিয়ে মোৰ দুচকুৰ উপত্যকাৰ সেমেকাই থৈ যায়৷
  • যেতিয়া মই সুখী হৈ থাকো মোৰ কথাৰ অন্তই নোহোৱা হৈ পৰে আৰু যেতিয়া মই মৌন হৈ পৰোঁ বুজিবা যে মই সুখী নহয়৷
  • হয় মই প্ৰয়োজনতকৈ বেছি চিন্তা কৰোঁ কাৰণ মই সকলোকে কেয়াৰ কৰোঁ 
  • মই তোমাক তেতিয়াও ভাল পাই আছিলোঁ যেতিয়া তুমি আঁতৰি যাবলৈ হাজাৰটা কাৰণ দিছিলা৷
  • মই তোমাৰ সেই আগৰজনক এতিয়াও মিচ কৰি থাকো যেতিয়া তুমি মোৰ প্ৰতিটো কথাক কেয়াৰ কৰিছিলা৷
  • যিজনৰ ওচৰত সকলো দুখৰ কথা ক’বলৈ মন যায় তেওঁৰ পৰাই আঘাত পোৱাটো খুবেই কষ্টকৰ৷
  • মানসিকভাৱে মই কেতিয়াবাই ভাগৰি পৰিলোঁ আৰু শাৰীৰিকভাবে মই সদায় হাঁহি থাকোঁ 
  • আপুনি সকলো সময়তে সবল হৈ থাকিব নোৱাৰো কিছুমান সময়ত অকলশৰে থাকিবলৈ মন যায় আৰু চকুপানীবোৰক স্বাধীনভাবে বৈ যাবলৈ৷
  • এবাৰ আঁতৰি যোৱাজনৰ আশাত বৰ্তমানৰ সুখখিনিক কষ্ট নিদিব কাৰণ উভটি যোৱাজন আকৌ আহিলেও হেৰুৱাখিনি উভটাই আনিব নোৱাৰে৷
  • মই গোটেই পৃথিৱীৰ পৰা মৰম ভালপোৱাৰ আশা কৰা নাছিলো মই আশা কৰিছিলো কেৱল এজনৰ সঁচা মৰম আৰু সেইজন তুমি৷
  • মই হৃদয়ৰ পৰা বেয়া নহয় মাথোঁ শব্দবোৰত কিছু চঞ্চ লতা কঢ়িয়াই ফুৰোঁ৷
  • মানুহে কোলাহলত অশান্তি পাই কিন্তু মই তোমাৰ মৌনতাত শুবই নোৱাৰোঁ ৷

Latest Assamese Sad Status for WhatsApp

  • যিজনে আপোনাৰ অনুভৱখিনিক সন্মান কৰিব নাজানে তেওঁৰ কাষত অভিমান অভিযোগ কৰি লাভ নাই তেনে কৰিলে কেৱল মনত কষ্টহে পাব৷
  • সুন্দৰ মুখেৰে ভৰি থকা এই পৃথিৱীত  মই এখন সুন্দৰ হৃদয় বিচাৰি পালোঁ সেইকাৰণেই আমি লাকী৷
  • সমন্ধ এটা তেতিয়াহে জীয়াই থাকে, যেতিয়া সমন্ধটো হৃদয়ৰ পৰা আৰম্ভ হয়, প্ৰয়োজনৰ পৰা নহয়।
  • বেলেগক দিয়া কষ্টবোৰ এদিন যেতিয়া  নিজে অনুভৱ কৰিবা, তেতিয়া বুজিবা কিমান বিৰক্তিকৰ হ’ব পাৰে সময় বোৰ।
  • সময় বোৰে সদায় একেই হৈ নাথাকে, কান্দিব সেই জনেও লাগে যি  সদায় আনক কন্দুয়াই।
  • গুৰুত্ব দিবলৈ শিকি লোৱা, কিয়নো জীৱনলৈ অহা কিছুমান মানুহ এবাৰ আঁতৰি গ’লে পুনৰ উভটি নাহে।
  • জীৱনলৈ সফলতা অহাৰ আগতে কিছুমান সাধাৰণ পৰাজয় আহিবই, কিন্তু সেই পৰাজয়কে শেষ বুলি নাভাৱি সংঘৰ্ষ কৰি গলেহে সফলতা আহে।
  • সময়ৰ সোঁতত কিমান পৰ হ’ল আৰু কিমান আপোন, বাস্তৱ আৰু কৰ্তব্যৰ মাজত কৰোৱাৰ হেৰাই গ’ল এসময়ৰ সৰল সপোন।
  • খং দেখুৱাই BYE কোৱাৰ পিছতো REPLY পোৱাৰ বাবে অপেক্ষা কৰা মানেই ভালপোৱা।
  • যিয়ে এসময়ত নকলেই সকলো কথা বুজি পাইছিল, তেওঁ আজি বুজাই কলেও বুজিব নিবিচাৰে।
  • গাঁৱৰ সেই কেঁচা অলিটোৰে শীতৰ পুৱা কুঁৱলী ফালি, গৰম অনুভৱ কৰিবলৈ গৈছিলোঁ চাইকেল মাৰি, সেইবোৰ এতিয়া স্মৃতি।
  • সদায় সত্যবাদী মানুহৰ লগত বন্ধুত্ব কৰা উচিত, কিয়নো সেই সকলে ভাল দিনত মূল্যৱান সম্পদ। আৰু বেয়া দিনত পতিৰক্ষক হৈ থিয় দিয়ে।
  • তর্কতকৈ নীৰৱতা ভাল। প্রতিশোধ লোৱাতকৈ বাট সলাই চলা ভাল। আৰু স্বর্থপৰ মানুহৰ লগত দূৰত্ব বজাই ৰাখি অকলে চলা অনেক গুনে ভাল।
  • যেতিয়া তোমাৰ ওচৰত অজস্র ধন-সম্পত্তি থাকিব তেতিয়া তুমি পাহৰি যাবা, তুমি কোন? আৰু যেতিয়া তোমাৰ ওচৰত ধন-সম্পত্তি নাথকিব তেতিয়া এই পৃথিৱীখনে পাহৰি যাব, তুমি কোন?
  • আৱেগৰ পথত নচলি বিবেকৰ পথেৰে চলিবলৈ শিকা, দেখিবা তুমি তোমাৰ জীৱনটো সুন্দৰকৈ গঢ় দিবলৈ পাৰিছা। কাৰণ পৃথিৱীৰ শ্রেষ্ঠ আদালত হৈছে মানুহৰ বিবেক।
  • আপোন হ’বলৈ কোনো তেজৰ সম্পর্ক নালাগে, দুখৰ সময়ত যিজন আপোনাৰ কাষত থাকে সেইজনেই প্রকৃত আপোন।
  • দুখ বোৰ সদায় চকুপানী হৈ প্রকাশ নাপাই, কেতিয়াবা কেতিয়াবা এটা মিঠা হাঁহিৰেও প্রকাশ পাই।
  • জীৱনৰ পৰা আঁতৰি যোৱাজনৰ প্ৰতি যদি হৃদয়ত ভালপোৱা আৰু সন্মান থাকে তেন্তে এদিন তেওঁক পাহৰি যাব পাৰি কিন্তু যদি তেওঁৰ প্ৰতি হৃদয়ত ঘৃণাৰ ভাৱ থাকে তেন্তে কেতিয়াও পাহৰি যাব নোৱাৰি কিন্তু তোমাৰ ইগ আৰু অহংকাৰৰ বাবে নহয়৷
  • নিজকে সলনি নকৰাকৈ ক্ষমা বিচৰাটো অভিনয়হে মাথোঁ৷
  • কাৰোবাক তেতিয়াহে ভালপাব যেতিয়া গোটেই পৃথিৱীখনৰ সন্মুখত আপুনি তেওঁক গ্ৰহণ কৰিব পাৰিব৷
  • এদিন নহয় এদিন আমি সকলো হেৰুৱাব লাগিব সেয়েহে আমি পাবলৈ একো নাই৷
  • যাক জীৱন বুলি ভাবিছিলো এতিয়া সেইজন জীৱনতে নাই ৷
  • কোনোবাই আপোনাক ভালপাবলৈ এৰি দিলে বুলিয়েই আপুনি আনক ভালপাবলৈ এৰি নিদিব
  • পৰিস্থিতিয়েহে বাধ্য কৰাই মৌন হৈ থাকিবলৈ অন্যথা ক’বলৈতো সকলোৱেই জানে৷
  • জীৱনে এটা কথা শিকাই থৈ গ’ল আপুনি কাৰোবাৰ কাৰণে আৱশ্যক হ’ব পাৰে কিন্তু সকলো সময়তে নহয়৷
  • সময় আহিবলৈ দিয়া দেখিবলৈ তো বাদেই দিয়া লগ পাবলৈ বিচাৰিয়েই বাউলীজনী হ’বা৷
  • আশা কৰা বন্ধ কৰি জীৱনৰ বৰ্তমানক গ্ৰহণ কৰি ল’বলৈ শিকক জীৱনটো বহুগুণে সহজ হৈ পৰিব৷
  • জীৱনৰ চিনাকি মানুহবোৰৰ লগত যেতিয়া কথা পাতো তেতিয়া তেওঁলোকৰ কথাবোৰ শুনি এনেকুৱা লাগে যেন তেওঁলোক আমাৰ আপোন কিন্তু যেতিয়া সঁচাকৈয়ে প্ৰয়োজন হয় তেতিয়া সেই আপোন মানুহবোৰ কাষত নাথাকে।
  • এটা কথা সদায় মনত ৰাখিব জীৱনত আপুনি যাক  প্ৰয়োজনতকৈ বেছি সময় দিব এদিন তেওঁৱেই সময়ৰ দৰে  সলনি হৈ পৰিব।
  • ফুলেৰে সজোৱা এখনি গামোচা তোমাৰে মোৰে মিলনৰে গামোচা ৰাখিছিলোঁ কিমান যে মৰমত সেই মৰম পাহৰি গ’লা এখনি নতুন সংসাৰ ল’লা
  • এই পৃথিৱীত সেইজন মানুহেই বেছি কষ্ট পাই যিজনে মানুহক নিসন্দেহে অন্ধৰ দৰে বিশ্বাস কৰি পেলাই।
  • সম্পৰ্ক কেতিয়াও দূৰত্বৰ কাৰণে শেষ নহয়, সম্পৰ্ক শেষ হয় অহংকাৰ, অসন্মান, স্বাৰ্থপৰতা আৰু বিশ্বাসঘাটকতাৰ বাবে।
  • জীৱনত যাৰ লগত সুখ-দুখবোৰ ভগাই লোৱাৰ কথা আছিল, তেঁওৱেই চোন মোক দুখ দি আঁতৰি গুচি গল ।
  • ত্যাগ আগতে কৰিছিলোঁ আনৰ সুখৰ বাবে, এতিয়া কৰি আছো নিজৰ সুখৰ বাবে।
  • প্ৰয়োজন শেষ হলে, এদিন সকলোৰে ব্যৱহাৰ সলনি হৈ যায়।
  • কিছুমান মানুহ আছে, যি ভাগ্যত নাথাকিলেও, হৃদয়ত থাকে আজীৱন
  • মানুহৰ জীৱনটোৰ, জন্মৰ সময়খিনি আনন্দময়। মৃত্যুৰ সময়খিনি শান্তিময়, মাজত থকা বাকী সময়খিনি অকলে নথকাৰ এক অভিনয়।
  • এদিন ডাঙৰ হোৱাৰ সপোন দেখি দিনবোৰ পাৰ হৈছিল, এতিয়া এটাই দুখ শৈশৱ কিয় হেৰাল
  • আশা হল এনে এটা শব্দ যিটোৱে মানুহক হয়তো জীয়াই থাকিবলৈ শিকায়, নহলে জীয়াই থাকিবলৈ বাধ্য কৰায়।
  • কষ্ট তেতিয়া হয় যেতিয়া সকলোতকৈ কাষৰ মানুহজনে অবিশ্বাস কৰে।
  • বিশ্বাসঘাটকতা কৰিলেও মনত ইমান কষ্ট নহয়, যিমান কষ্ট আনৰ বিশ্বাস ৰাখিব নোৱাৰিলে অনুভৱ হয়।
  • বিষতকৈও বেছি বিষাক্ত এজন মানুহে কৰা মিছা অভিনয়।
  • নিজৰ দুৰ্বলতাৰ কথা কেতিয়াও আনৰ আগত প্ৰকাশ নকৰিবা, কাৰণ মানুহে তোমাৰ দুৰ্বলতাৰ সুযোগ লব ভালকৈ জানে।
  • বন্ধুত্বৰ পিছত ভালপোৱা বহুত সুন্দৰ হয়, কিন্তু ভালপোৱা হেৰাই যোৱা পিছত বন্ধুত্ব কৰাটো অসম্ভৱ হয়।
  • দুখ তেতিয়াই আহে যেতিয়া দুইজন ONLINE থাকো অথচ ইজনে সিজনক Message নকৰো।
  • তোমাৰ পৰা আশা কৰিবলৈ এৰি দিছোঁ কিন্তু তোমাক ভাল পাবলৈ এৰি দিয়া নাই।
  • মোতকৈ ধুনীয়া এজন তো পাই যাবা কিন্তু যেতিয়া এখন সঁচা হৃদয়ৰ কথা আহি পৰিব তেতিয়া তুমি হাৰি যাবা।
  • সময়ৰ লগত স্বভাৱো সলনি কৰিছোঁ সেয়েহে চাগে আজিকালি কাৰো লগত দুখবোৰ ভগাই ল’ব নোৱাৰোঁ।
  • জটিলতাৰে আৱৰা কি ক’ম জীৱন তোক সাবতি তোৰেই অভিযোগ কৰিম।
  • সফলতা অসফলতা মাথো দুটা শব্দ,  প্ৰকৃত প্ৰাপ্তি কাম কৰাতে থাকে।

Assamese Sad Captions for Instagram

  • সোনকালে জাগি উঠাটো সদায় লাভদায়ক লাগিলে সেইয়া টোপনিৰ পৰাই হওক বা অহংকাৰৰ পৰাই হওঁক।
  • জীৱনত এটা কথা সদায় মনত ৰাখিবা নিজেই উপাৰ্জ কৰিব পাৰা যেতিয়া আনৰ ওচৰত হাত পতা বন্ধ কৰা।ৱ
  • লাগিলে জীৱনটো নতুনকৈ আৰম্ভ কৰক যিবোৰ আশা আনক লৈ কৰিছিল সেইবোৰ নিজক লৈ কৰক।
  • ঘৰৰ দূৱাৰখন সৰুকৈয়ে ৰাখক যিজন হাউলি সেই দূৱাৰেদি ঘৰলৈ সোমাব সেইজনেই প্ৰকৃত আপোন।
  • পোহৰ লাগিলে বেলিৰেই হওক বা আশাৰেই হওক জীৱনৰ এন্ধাৰক নাইকীয়া কৰিব দুয়োটাই পাৰে।
  • কেৱল বছৰবোৰ অতিক্ৰম কৰাটোৱেই জীৱন নহয়

দুচকুত সপোন আৰু হৃদয়ত আশা সজীৱ হৈ থাকিব লাগিব।

  • মুক্তমনেৰে উৰিবলৈ মন মোৰো আছে কিন্তু ঘৰৰ দায়িত্বখিনিয়ে খামুচি ধৰি ৰাখিছে।
  • ব্যক্তি তেতিয়াহে সফল হ’বলৈ আৰম্ভ কৰে যেতিয়া তেওঁ নিজক সলনি কৰিবলৈ আৰম্ভ কৰে।
  • কিছুমান বিষাদ জীৱনত এনেকুৱাও থাকে যিবোৰ আমি সহ্য কৰিবতো পাৰো কিন্তু কাৰো আগত প্ৰকাশ কৰিব নোৱাৰো
  • খং ইমান তোমাৰ যে মেচেজ এটা কৰিবলৈও কুণ্ঠাবোধ কৰা কিন্তু ইমানেই মোক ভালপোৱা যে বাৰে বাৰে লাষ্ট চিন চেক কৰি থাকা।
  • জীৱনৰ আটাইতকৈ অসহ্যকৰ সময় সেইখিনি যেতিয়া আপোনাৰ আপোনজনৰ বাবেই দুচকু সেমেকি পৰে আৰু তেওঁ সুধে, “কি হ’ল?”
  • প্ৰথমতে দিনবোৰ পাৰ হৈ গৈছিল কিন্তু কথাবোৰ শেষ হোৱা নাছিল কিন্তু আজিকালি দিনবোৰ শেষ হৈ যায় আৰু কথাবোৰ আৰম্ভই নহয়।
  • এটা কথা মনত ৰাখিব যে, কিছুমান সবল সম্পৰ্কও কোনোবা এজনৰ মৌনতাৰ বাবেই শেষ হৈ যায়।
  • তোমাৰ মুখৰ পৰা কিবা এটা শুনিবলৈ ভাগৰি পৰিছোঁ ভালপোৱাৰ কথা ক’ব নালাগে অন্ততঃ অগিযোগকে কৰা।
  • আজিও তোমাক সিমানেই ভালপাওঁ কিন্তু বুজিও নুবুজা আৰু মই বুজাবলৈ এৰি দিছোঁ।
  • তুমি হাজাৰবাৰ অভিমান কৰিলেও তোমাৰ অভিমান ভাঙিম কিন্তু মনত ৰাখিবা যাতে তোমাৰ হৃদয়ত আন কোনো সোমাব নোৱাৰে।
  • তুমি আটাইতকৈ বিশেষ মোৰ বাবে কিন্তু প্ৰতিবাৰে প্ৰকাশ কৰি দিয়াটো প্ৰয়োজন বুলি নাভাবোঁ।
  • কাৰোবাক জীৱনত কাষত পালেই ভালপোৱা বুলি ক’ব নোৱাৰি তেওঁ তেওঁৰ পৰা দূৰৈত থাকি তেওঁক হৃদয়ত ৰখাটোও ভালপোৱা
  • সময় বোৰে হেৰাই যোৱাৰ পাছত, এটা কথা প্রায় অনুভৱ হয় দেউতাই প্রতিটো কথাই সঁচাকৈ কৈছিল।
  • জীৱনত আপুনি কিমান সুখী সেইটো আচল কথা নহয় কিন্তু আচল কথাটো হ’ল আপোনাৰ বাবে কিমানজন সুখী।
  • মই স্বৰ্গ দেখা নাই কিন্তু মই আইৰ মুখত হাঁ‌হি দেখিছো।
  • বাস্তৱত বিজয়ী সেইজন মানুহ, যিজনে জয় আৰু পৰাজয় দুয়োটাই সাদৰে গ্ৰহণ কৰে
  • ধনীৰ খং বেছি, দুখীয়াৰ ভোক বেছি , মধ্যবিত্তৰ সপোন বেছি।
  • তোমাৰ কৰ্মৰ ওপৰত বিশ্বাস ৰাখিবা। ৰাশিৰ ওপৰত নহয়, কিয়নো ৰাম আৰু ৰাবনৰ ৰাশি একে আছিল, কিন্তু ভাগ্যই কৰ্মৰ ওপৰতে দুয়োজনক ফল দিছিল, ৰাশিৰ ওপৰত নহয়।
  • আজিও যেতিয়া স্কুলখনৰ সম্মুখেদি যাওঁ‌, স্কলখনে হাত বাউলী দি মাতে “আহ অলপ পঢ়ি যা, লগৰ লৰাবোৰৰ লগত অলপখেলি যা” সচাকৈ স্কুলৰ দিনবোৰ বহুত মধুৰ আছিল।
  • মই এই সেই জন ভাগ্যবান মানুহ, যাক কাৰোবাৰ দৰকাৰ হলেহে  মনত পৰে।
  • মৌনতা যেতিয়া শ্রেষ্ঠ হৈ পৰে  কোনোবা খিনিত হৃদয়খনে  ফেঁকুৰী উঠে।
  • আত্মসন্মান সকলো সম্পৰ্কতকৈ উৰ্ধত গতিকে আত্মসন্মানৰ সৈতে কম্প্ৰমাইজ কৰি কোনো সম্পৰ্ক ৰক্ষা কৰাৰ প্ৰয়োজন নাই৷
  • এখন ভাল হৃদয়ৰ সঁচা মানুহবোৰ সম্পৰ্ক এটাৰ ক্ষেত্ৰত সদায়েই আনলাকী৷
  • এটা হাঁহি মাৰি কওক ‘ভালেই আছোঁ কাৰণ আপোনাৰ কথা কোনেও কেয়াৰ নকৰে 
  • কিছুমান মানুহ কাহিনীটোৰহে এটা চৰিত্ৰ হয় কিন্তু সামৰণিলৈকে থকাজনহে আমাৰ প্ৰকৃত সংগী৷
  • অকলশৰে থকাই ভাল  কোনোৱেই দুখ দিব নোৱাৰে।
  • ভাল বুলি সকলোৱে লগ দিয়ে, কিন্তু বেয়া বুলি জানিও ভাল কৰিবলৈ চেষ্টা কৰা জনহে আঁচল বন্ধু।
  • কেতিয়াও নিজৰ স্বার্থৰ কাৰণে অন্যৰ সজোৱা সপোন নাভাঙিব!
  • হ্রদয়ৰ, অনুভূতি স্বার্থ শেষ হ’লে হয়তো আপুনি গুচি যাব   
  • কিন্ত সেই মানুহজনৰ সপোন বোৰ আৰু  নতুনকৈ সজাবলৈ নোৱাৰিব।
  • নিজকে তেতিয়াই বৰ অকলশৰীয়া  অনুভৱ হয়, যেতিয়া বিপদৰ সময়ত প্রিয়জনে সংগ এৰি দিয়ে।
  • আমি মধ্যবিত্ত, নিজৰ সপোনটো ভাঙি, আনৰ সপোনবোৰ সজোৱাৰ চেষ্টাৰেই পাৰ হয় আমাৰ জীৱন।
  • গছৰ পাত সৰাৰ আগতে ৰং সলনি হৈ যায়, আৰু মানুহ সলনি হৈ যোৱাৰ আগতে তেওঁৰ কথাবোৰ ৰস নোহোৱা হৈ যায়।
  • যি হুলস্তূল কৰি ভিৰ কৰে তেওঁ ভিৰৰ মাজতে হেৰাই যাই সফল তেওঁহে হয় যি মনে মনে থাকিও নিজৰ কাম কৰি যাই
  • আপুনি সঁচাকৈয়ে যি কৰিব বিচাৰে সেয়া কৰিবলৈ চেষ্টা কৰাটো এৰি নিদিব। য’ত প্ৰেম আৰু অনুপ্ৰেৰণা আছে, মই নাভাবো যে আপুনি ভুল হ’ব পাৰে।
  • পৰিস্থিতি লাগিলে যিমানেই কঠিন নহওঁক মনৰ পৰা যদি সহজ বুলি ভাবি লোৱা সহজ হৈ পৰিব
  • প্ৰতিটো শিক্ষা কিতাপত পোৱা নাযায় কিছুমান শিক্ষা জীৱনেও দি যায়।
  • জীৱনে এটা সুযোগ সদায় দিয়ে সেইটোক আমি সৰল ভাষাত কাইলৈ বুলি কওঁ।
  • যিদিনা তুমি মোক বুজিবা যে মোতকৈ বেছি আৰু তোমাক কোনেও ভাল পোৱা নাছিল। সেইদিনা তুমি মোতকৈও বেছি কান্দিবা।
  • সকলো ব্যক্তিয়ে ভাল পাব জানে, কিন্তুু কিছুমানহে এনে ব্যক্তি আছে যিয়ে ভালপোৱাবোৰ এজনৰ মাজতে সীমিত ৰাখে
  • জীৱনত নিজৰ লেখীয়া মানুহ কতো নোপোৱা। আৰু যদিও বিচাৰি ফুৰা লাভ নহ’ব। পিছলৈ অকলশৰীয়া হৈ যাবা। ইয়াত যিজন মানুহ যেনেকৈ আছে তেনেকৈ মানি লোৱাই ভাল ।
  • দুখীয়াৰ জীৱন মানেই সংগ্ৰাম বন্ধু আমাৰ জীৱন তোমালোকৰ দৰে এটা দামী বাইক, ম’বাইলৰ মাজত নাথাকে আমাৰ জীৱন দুশ টকা হাজিৰাৰ মাজতেই সীমিত
  • তোমাৰ সুখৰ বাবে যদি তোমাক পাহৰি যাব লগা হয়, তেন্তে মই পাহৰিবলৈ ৰাজি আছো।
  • পাহৰিব হয়তো কোনো দিনেও নোৱাৰিম, কিন্তু পাহৰি থকাৰ অভিনয় কৰিব পাৰিম ঠিকেই। 

*কেতিয়াবা কিবা এটা স্পিচিয়াল পাবলৈ গৈ পিচত বহুত ইম্পর্টেন্ট কিবা হেৰাৱ লগা হয়।

Read Also: Assam LP TET Study Materials

Best Assamese Sad Massages 

  • জীৱন বাটত আপোন বুলিবলৈ  কোনো নাই, মাথোঁ স্বার্থ পূৰণৰ বাবেহে কিছুমান মানুহ আপোন হোৱাৰ অভিনয় কৰে।
  • জীৱনটো শুদ্ধ পথতেই আছিল, ভুল আছিল জীৱন পথৰ লগৰী।
  • এদিন তোমাৰ এনেকুৱা এটা সময় আহিব যিদিনা মোলৈ নহয় মই দিয়া মৰমবোৰৰলৈ বহুত মনত পৰিব।
  • সেইদিনা মোক বহুত Miss কৰিবা আৰু  বিচাৰিলেও কাষত নাপাবা।
  • কাৰোবাক পাহৰি যোৱাটো কঠিন নহয়, কঠিন হৈছে তেওঁৰ সৈতে কটোৱা প্রতিটো মুহৰ্তৰ অনুভতি বিলাক পাহৰি যোৱাটো। 
  • প্রেম নামৰ কিতাপখন হাঁহিৰে আৰাম্ভ হয়, আৰু চকুলোৱে সমাপ্ত হয়।
  • তেতিয়া বৰষুণজাক আহিলেই তোমালে মনত পৰিছিল,

*এতিয়া তোমালে মনত পৰিলেই বৰষুণ এজাক সৰি পৰে।

  • পার্থক্য মাথোঁ ইমানেই সেইজাক বৰষুণ বাৰিষাৰ এইজাক মোৰ দুচকুৰ।
  • জীৱনটোয়ে ইমান কষ্ট দিয়ে! তথাপিওঁ মনত বহুত আশা থাকে,
  • মনটোৱে কয় একো নহয় চেষ্টা কৰি আগুৱই যা, এদিন নহয় এদিন সফল হ’ব পাৰিবি। 
  • জীৱনলৈ মানুহ আহিব আৰু যাব, কিন্তু মনত ৰিখিবা আপোনাৰ বাবে যোগ্যজন সদায় থাকি যাব।
  • কাৰোবাক কথা দি যদি কথা ৰাখিব নোৱাৰে, তেন্তে সেই কথা নিদিয়াই ভাল।
  • জীৱনটো শুদ্ধ পথতেই আছিল,ভুল আছিল জীৱন পথৰ লগৰী।
  • আনক ঠগি নাভাবিবা যে তুমি জয়ী হৈছা।মনত ৰাখিা, বিশ্বাসৰ মর্যাদা ৰাখিব নোৱাৰাটোৱেই জীৱনৰ ডাঙৰ পৰাজয়।
  • সময় খুব ৰহস্যময়, জানুৱাৰীত থকা প্রিয় মানুহ বিলাক ডিচেম্বৰ আহোঁতে আহোঁতে হেৰাই যায়। 
  • সময় কটাবলৈ নতুন এজনক পোৱাটো সহজ, কিন্তু জীৱনটো কটাবলৈ সচাঁ এজনক পোৱাটোহে কঠিন।
  • মুখৰ কথাৰে বহুতে আপোন বুলিয়ে কয়, কিন্তু সময়ত হে বুজা যায় কোন আপোন আৰু কোন পৰ।
  • আপোনবোৰ পৰ হৈ আঁতৰি যায়, কিন্তু যিবোৰ স্মৃতি দি যায় সেইবোৰ গোটেই জীৱন কান্দুৱাই।
  • দুখ মোৰো লাগে কিন্তু আনৰ দৰে দেখোওৱাই কান্দিব নাজানো, মনে মনে সকলো সহ্য কৰো।
  • এটা মিছা সম্পর্ক ধৰি ৰখাতকৈ সন্মুখত বেয়া পাও বুলি কৈ দিয়াইন ভাল।
  • এবাৰ সুখৰ হাঁহি মাৰি দিয়া, কান্দুৱাববলৈ মানুহৰ লাইন লাগি যাব।
  • অৱহেলাশব্দ টি বহুত সৰু, কিন্তু ই হ’ল সকলোতকৈ বেছি যন্ত্রণাদায়ক।
  • জীৱনত কিছুমান প্রশ্ন থাকে যাৰ উত্তৰ কেতিয়াও পােৱা নাযায়,
  • কিছুমান ভুল থাকে যিবোৰ কেতিয়াও শুদ্ধৰাব নাৱাৰি, আৰু কিছুমান কষ্ট থাকে যিবোৰ কাকো ক’ব নোৱাৰি…।
  • অৱহেলা যত ৰাজত্ব কৰে, ভালপোৱা তাতে মূল্যহীন হৈ পৰে। আৰু লাহে লাহে ভালপোৱাবোৰ হেৰাই গৈ থাকে।
  • এই পৃথিৱীত সেইজন মানুহেই বেছি কষ্ট পাই, যিজনে মানুহক নিসন্দেহে অন্ধৰ দৰে বিশ্বাস কৰি পেলাই।
  • মোবাইলটো বাজিলেই তুমি বুলি ভাবি দৌৰি যোৱা অভ্যাসটো মোৰ এতিয়াও থাকিলেই।
  • জীৱনত এনেকুৱা এজন মানুহৰ প্রয়োজন, যিয়ে স্বার্থ নোহোৱাকৈ ভাল পাব আৰু প্রযয়োজন নোহোৱাকৈ খবৰ ল’ব।
  • চাকৰি পোৱা পাছত লগ দিয়া জনী নালাগে বেকাৰ অৱস্থাৰ পৰা চাকৰি পােৱালৈকে হাতে হাত ধৰি আগুৱাই যোৱা এগৰাকীৰ প্রয়োজন।
  • আপোন হ’বলৈ কোনো তেজৰ সম্পর্ক নালাগে দুখৰ সময়ত যিজন আপোনাৰ কাষত থাকে সেইজনেই প্রকৃত আপোন।
  • যিটো সম্পর্ক দুয়োজনে মিলি ৰাখিবলৈ চেষ্টা কৰে,  ভগৱানেও তেওঁলোকক সহায় কৰে।
  • নাজানো কিয়।তুমি মোৰ নোহোৱা বুলি জানিও তোমাক হেৰুৱাবলৈ ভয় কৰো।
  • চিকিৎসা কেৱল বেমাৰৰ হে কৰিব পাৰি, সন্দেহৰ নহয়।
  • ভালপোৱা জনে তোমাক দূৰৰ পৰা চিঞৰি হ’লেও  মাতিব আৰু বেয়া পোৱা জনে কাষেৰে পাৰ হৈ গলেও নেদেখাৰ ভাও জুৰিব।
  • খবৰ সকলোৱে সোধে, কিন্তু তেওঁ নোসোধে যাক ক’ব বিছাৰো।
  • কি পালা তুমি মোৰ পৰা আতৰি। মানুহে দেখোন আজিও তোমাক মোৰ ভালপোৱা বুলিয়ে কয়।
  • সময়ে শিকাব সময়ে বুজাব সময়ক পাৰি জানো দুহাতে ৰাখিব।ম‌ই নহলেও তগৰ ফুলিব আহিব জোনাকী ৰাতি, আবিৰ সানিব।
  • শব্দ‌ই কেৱল আঘাট দিয়ে কিন্তু মৌনতাই যন্ত্ৰণা।
  • কাৰোবাক ভালপাবলৈ মাত্ৰ কেইটামান ক্ষণৰ প্ৰয়োজন কিন্তু পাহৰিবলৈ গোটেই জীৱনৰ।
  • হয়, ম‌ই হাঁহিছো কিন্তু এতিয়া আৰু মোৰ হাঁহিৰ আঁৰৰ কাৰণ তুমি নহয়।
  • কাৰোবাক সন্দেহ কৰি শেষ হোৱাতকৈ, বিশ্বাস কৰি শেষ হোৱাতো বহুগুণে উত্তম
  • সম্পৰ্ক সদায় হৃদয়ৰে হ’ব লাগে শব্দৰে নহয় আৰু অভিমান সদায় শব্দৰে হ’ব লাগে হৃদয়ৰে নহয়।
  • আপুনি চকু মুদি বিশ্বাস কৰা মানুহবোৰেই এদিন চকুত ধূলি দি আঁতৰি যাব।
  • দুখৰ মূল্য কি ম‌ই কোনোদিন বুজি নাপাম। কাৰণ সকলোৱে মোক ফ্ৰীতে দি থৈ যায়।
  • কেতিয়াবা মন বেয়া লাগিলে, ম‌ই এতিয়াও তোমাৰ পুৰণি মেছেজবোৰ পঢ়ো।
  • আমাৰ প্ৰত্যেকৰে মোবাইলত এনেকুৱা কিছুমান নম্বৰ আছে। যিবোৰ কেতিয়াও ডায়েলো কৰা নহয় আৰু ডিলিটো।
  • যদি সঁচাকৈ চকুপানীৰ মূল্য থাকিলহেঁতেন, মোৰ বিছনাৰ গাৰুটোত লাখ টকা পালোহেঁতেন।

Assamese Sad Sayeri 

  • যেতিয়া নিথৰ হব মোৰ শৰীৰ, তেতিয়া হয়তো তুমি কান্দিবা, দুখ লাগে সেইকাৰণে যে তোমাৰ চকুলো মচি দিয়াৰ বাবে মই তোমাৰ উচৰত নাথাকিম।।
  • আপনি যিমানেই সততা আৰু আন্তরিকতােৰ সম্পৰ্ক এটা পালন নকৰক কিয়, সলনি হব বিচৰাজন সলনি হবই।
  • পুৰণি অনুভৱ বোৰ সচাকৈয়ে বহুত আমনি দিয়ে। পাহৰিব খোজা I স্মৃতিবোৰ বাৰে বাৰে চকুত ভাঁহি উঠে।
  • তোমাক মই বহুত ভাল পাইছিলো সেই কাৰণে যাব দিছো, তোমাৰ পতাৰণাও মানিলৈছো, যদি মোৰ জিদ হলে হয়, তেন্তে আজি তুমি কেবল আৰু কেবল মোৰ লগত থাকিলা হয়।।
  • আস্থা হেৰুৱালে এদিন বিশ্বাস ও হেৰাই যায়, আৰু তেতিয়াই লাহে লাহে বান্ধোনৰ এনাজৰী ডালো ছিঙি যায়।। 
  • হৃদয়ৰ এক কোনত থকা পুৰণি কথাবোৰ আকৌ এবাৰ সজীৱ হৈ উঠিল, নিবিচৰা এক সপোন  জীৱনৰ বাট আগুৰি ধৰিলে, পোহৰৰ বাবে হাবাথুৰি খাই এন্ধাৰ নামি আহিল, নিস্তদ্ধে থকা মৰমবোৰ আকৌ এবাৰ গজি উঠিল, পাহৰিব নোৱাৰা স্মৃতিৰ মাজত যেন সকলো হেৰাবলৈ ধৰিছো।
  • এই সৰু জীৱনটোত সকলোৱে সুখী হৈ থাকিব বিচাৰে। কিন্তু ভাগ্যই সকলোকে সেইখিনি সুযোগ নিদিয়ে।।
  • হেজাৰটা সুখৰ স্মৃতিয়ে এটা বেদনাক মুছিব নোৱাৰে কিন্তু এটা বেদনাই হেজাৰটা সুখৰ স্মৃতিক মুছিদিব পাৰে। এইটোৱেই জীৱনৰ নিষ্ঠুৰ সত্য।।
  • খোজিছিলো অলপ ভাল পাবলৈ, খোজিছিলো অলপ কাহত আহিবলৈ। ভবা নাছিলো ইমান দুৰলৈ যাবাগৈ বুলি, ভবা নাছিলো ইমান কান্দাবা বুলি।।
  • মন গৈছে আজি তোমাক ভাল পাব, মনগৈছে আজি  তোমাৰ লগত মনখোলি হাহিব, মনগৈছে আজি আকাশৰ তৰাবোৰ গুনিব, মনগৈছে আজি বহি বহি তোমাৰ কথা শুনিব।। 
  • পৃথিৱীত সবাতোকৈ ডাঙৰ অন্নাই হল, কাৰোবাক সত্যিকাৰৰ ভালপোৱা আৰু যি উভতি নাহিব জানিও তাৰ বাবে অপেক্ষা কৰা।। 
  • দিন যায়, দিন আসে, সময় বদলি যায়, অবুঝ পাখি বহি থাকে পুৰনি দিনৰ স্মৃতিৰ মাজত, সময়ৰ ভাজে ভাজে হেৰাই যায় কিমান সপোন কিমান আসা, পাখিৰ মনৰ পৰা হেৰাই নাজাই পুৰনি দিনৰ ভালপোৱা। 
  •  বিশ্বাসতো এক মাত্ৰ তাকেই কৰা যায়, যাৰ বিশ্বাসৰ যোগ্য আছে। তাক কেনেকৈ বিশ্বাস কৰিম, যাৰ বিশ্বাসৰ যোগ্যই নাই।
  • আজি আৰু মনত নপৰে তোমাৰ কথা, আজি জীবনত সুখী আছো, পাহৰি পুৰণি সব কষ্ট। আৰু কেতিয়াও ঘুৰি নাযাও পুৰণি সেই জীবনত। নতুন কৰি চিনিব পাৰিছো আজি মই নিজকে। 
  • মোৰ কি ভুল আছিল এবাৰ কোৱা মোক। যাৰ কাৰণে ইমান ডাঙৰ শাস্তি দি আছা মোক। আজিও তুমি চিনিব নোৱাৰিলা নিজকে। তেনেহলে মোক তুমি কেনেকৈ চিনিবা। 
  • কোনে কয় লৰা সকলে নেকান্দে। কোনে কয় লৰা সকলে কষ্ট নেপায়।
  • মানুহ মাত্রই কষ্ট। সেই কষ্টেৰে সকলোৱে কান্দে, মইয়ো তো এজন মানুহ।
  • এটা সময় হেৰাই যায়, বহু সময়ৰ মাজত, এটা সম্পৰ্ক শেষ হৈ যায় এটা ভুলৰ ফলত, এটা মন ভাঙি যায় সৰু এটা অপমানৰ ফলত, এটা জীৱন শেষ হৈ যায় অলপ অভিমানৰ ফলত।। 
  • যি হৃদয়ত কালি আছিল হাজাৰ সপোন, আছিল ভালপোৱা, সেই হৃদয় আজি ভাঙি গৈছে নাই কোনো আহা, যি হৃদয়ত কালি জমা আছিল বহুতো কবলগীয়া কথা, সেই হৃদয়ত আজি আছে মাথো দুখ আৰু বেদনা।। 
  • যিয়ে তোমাক কষ্ট দিয়ে, তাকেই তুমি ভালপোৱা, কাৰ ণ এনেকুৱা দিন আহিব যে তেওঁ তোমাক বহুত বেছি ভাল পাব।। 
  •  জীৱনত সুযোগ তেওলোকেই পাই। যিসকলে সুযোগৰ মূল্যটো বুজি পায়।যিসকলে সুযোগ পাই গুৰুত্ব নিদিয়ে। সেই সকলে সুযোগৰ মূল্য বুজি নাপাই। 
  • আজি মই নাজানো তুমি কত আছা। খুজিলেও হয়তো তোমাক খুঁজি নাপাম।যতেই আছা আশা কৰো ভালেই আছা। দোৱা কৰো সুখ সুখতে জীৱন কটাবা আৰু কেতিয়াও মই তোমাক Miss নকৰো। 
  • তুমি কি সত্যি মোক পাহৰি গৈছা। নে এটো তোমাৰ অভিনয়। তুমি কি সত্যি মোক কোনো দিন ভালপাইছিলা। নে অভিনয় কৰি মোক ভালপোৱাৰ সপোন দেখুৱাই ছিলা। 
  • কষ্টই আৰু দুখই মানুহক নেকান্দাই, নিৰব কৰি ৰাখে, সুখে মানুহক কান্দাই, সুখ মানুহৰ জীৱনত মাজে মাজে আহে আৰু যায়, দিথৈ যায় মাথো পাহৰিব নোৱাৰা কিছুমান সময় আৰু স্মৃতি।। 
  • মোৰ আকর্ষণ বাঢ়িব ধৰিছে, মোৰ প্রেমে আকাশ চুব ধৰিছে, তুমি মোৰ হৈ যাবলৈ মনে আনুৰোধ কৰিছে, এবাৰ মাথোঁ মোৰ দুবাহুৰ মাজলৈ আহা, তোমাক মোৰ কৰাৰ যি হাবিয়াহ, জানোচা কিছু সময় তুমি দূৰত থাকিলেও মনক বুজাব পাৰো মই।
  • মনৰ বজাৰত ধনৰ মূল্য জোখা নহয়, প্ৰেম হৈ গলে ৰূপৰ মূল্য জোখা নহয়, মাথোঁ এজনকে সপি দিয়া জীৱনৰ সমস্ত, কিয়নো পচন্দ হোৱা কোনো বস্তুৰ মূল্য জোখা নহয়।
  • সকলোতে তোমাক দেখো, কিন্তু কি কৰিম। সকলোতে তোমাৰ মনত পৰে, কিন্তু কি কৰিম। মোৰতো গোটেই ৰাতি জাগি থকাৰ অভ্যাস নাই, তোমাৰ স্মৃতিয়েহে জগায় ৰাখে, কি কৰিম?
  • ভালপোৱাতকৈ ভাল লাগি থকা ভাল, কাৰণ তাত হেৰুৱাৰ ভয় নাথাকে।
  • কিছুমান সপোন থাকে যি কেতিয়াওঁ সঁচা নহয়, কিছুমান আশা থাকে যি কেতিয়াওঁ  পূৰণ নহয়, কিছুমান কথা থাকে যি কেতিয়াওঁ কোৱা নহয়,আৰু কিছুমান স্মৃতি থাকে যি কেতিয়াওঁ পাহৰিব পৰা নাযায়।
  • এবাৰ মাথোঁ মোৰ মনৰ কিতাপখন মেলি চোৱা, প্ৰথম পৃষ্ঠাৰ পৰা শেষলৈ কেৱল তুমি, তুমি আৰু তোমাৰ নামেই পাবা।
  • ভাল বন্ধু এজনক ভালপোৱা যায়, কিন্তু ভালপোৱা মানুহ জনক বন্ধু বনাব নেযায়। কাৰণ বন্ধু হল মনৰ সাথী আৰু ভালপোৱাৰ মানুহ জন হল জীৱন সাথী।
  • বহু আঘাত আৰু বহু অপমান সহ্য কৰাৰ পাছতো কোনোবাই যদি কয় মই তোমাক ভাল পাওঁ। তেন্তে জানিবা পৃথিৱীত সবতকৈ ভাগ্যৱান মানুহৰ মাজত তুমি এজন।। 
  • ভুল তোমাৰ আছিল সেইটো তুমি বুজি পোৱা নাই। খংতো মোৰো আছিল কিন্তু মই দেখোৱা নাই। মইও পাহৰি যাব পাৰিলো হেতেন, কিন্তু মই চেষ্টাকৰা নাই। কাৰণ মই তোমাক পাহৰি যোয়াৰ বাবে ভালপোৱা নাই।। 
  • যাক মই miss কৰো সেই জন তুমি। যাক মই বন্ধু বুলি ভাবো সেই জন তুমি। যাক মই ভাল পাওঁ সেই জন তুমি। মই যাৰ সপোন দেখো সেই জন তুমি। কিন্তু তুমি যাৰ সপোন দেখা সেই জন কোন?
  • প্ৰিয় মানুহজনে এৰি থৈ গলেও ইমান কষ্ট নহয়, যিমান কষ্ট আপোন মানুহজন সলনি হ’লে হয়।
  • হেৰুৱাবলৈ একোৱেই নাই… কিন্তু হেৰাবলৈ বহুত ৰাস্তাই আছে আচল প্ৰেমিক তেওঁহে যিয়ে বিয়াৰ ১০ বছৰ পিছতো নিজৰ ঘৈণিয়েকক উদ্দেশ্যী প্ৰেমৰ কবিতা লিখিব পাৰে।
  • মোৰো মন যায়…… সুৰুজৰ প্ৰভাতি কিৰণত…  তোমাৰ দুবাহুৰ মাজত, জীৱনৰ মধুৰ সপোন ৰচিবলৈ।
  • নোৱাৰিলো তোমাক পাহৰি থাকিব, নোৱাৰিলো তোমাৰ কাষত আহিব, নোৱাৰিলো তোমাক ভাল পাব, পাৰিছো মাথো তোমাৰ কথা ভাবি ভাবি চকুলো সৰাব।। 
  • হৃদয়ত আপোন বুলি ভবাজন  কেতিয়াও আমাৰ ভাগ্যত নাথাকে।
  • জীৱনসংগী লাগিলে দুখীয়াই হওক চৰিত্ৰহীন হ’ব নালাগে।
  • ইচ্ছা কৰিলেই কিবা এটা কিনি ল’ব পৰাকৈ ধনী নহ’ব পাৰো কিন্তু ইমানো দুখীয়া নহয় যে নিজেই বিক্ৰী হৈ যাম
  • জীৱনৰ সত্যক বুজি পাবলৈ বহুত কঠিনো নহয় মাত্ৰ যিখন তুলাচনীৰে আনক জুখি চায় সেইখন তুলাচনীত কেতিয়াবা নিজেও বহি চাওক
  • কোনোবা এজন আঁতৰি গ’লেই জীৱনটো শেষ হৈ নাযায় কিন্তু হৃদয়ৰ বাবে বিশেষ হৈ পৰা এজনক হেৰুৱাৰ পাছত জীৱনলৈ অহা হাজাৰ জনেও তেওঁৰ বাবে হৃদয়ত থকা ঠাইখিনি দখল কৰিব নোৱাৰে।
  • মাজে সময়ে জীৱনলৈ অহা ধুমুহাই সেই মানুহবোৰক আঁতৰাই লৈ যায় যিবোৰে আমাৰ জীৱনত  আপোন হোৱাৰ অভিনয় কৰি থাকে
  • যদি মোক আপোনি বেয়া পাই পাওক কিন্তু মোৰ বিষয়ে আনৰ বেয়াকৈ কৈ তেওঁলোককো বেয়া পাবলৈ সুযোগ নিদিব
  • জীৱন আৰু জীৱনৰ আপোন মানুহবোৰক গুৰুত্ব দিবলৈ শিকি লওক কিয়নো এবাৰ হেৰাই যোৱাৰ পিছত জীৱনো উভটি নাহে, মানুহবোৰো এভটি নাহে
  • বেলেগৰ দৰে মোৰ প্ৰেম কাহিনী ইমান দীঘলীয়া নহয়, তেওঁ মোক কেতিয়াও ভাল পোৱা নাছিল আৰু মই তেওঁক কেতিয়াওঁ বেয়া পোৱা নাছিলোঁ।
  • জীৱনৰ সত্যক বুজি পাবলৈ বহুত কঠিনো নহয় মাত্ৰ যিখন তুলাচনীৰে আনক জুখি চায় সেইখন তুলাচনীত কেতিয়াবা নিজেও বহি চাওক।

FAQ

1. What are the best Assamese Sad Love Quotes?

Ans: The best Assamese sad love quotes are – 

  • অতীতক অতীত হৈ থাকিব দিয়া ,বৰ্তমানক হাঁহিৰে উপভোগ কৰা,  ভৱিষ্যত কোনে জানে আজি আছোঁ জীয়াই কাইলৈ নেথাকিবও পাৰোঁ। – Mahezubin Saikia
  • কেতিয়াবা প্ৰেম সঁচা হৈও পাৰিবাৰিক আৰু সামাজিক হেঁচাত অসফল হৈ ৰয়।– Mahezubin Saikia 
  • সময়ৰ সোঁতত যেতিয়া মানুহৰ চৰিত্ৰবোৰ সলনি হয় তেতিয়া বহু মানুহ হৃদয়ৰ পৰা ওলায় পৰে। – Mahezubin Saikia

2. What are the best Assamese sad sayeri?

Ans: The best Assamese sad sayeri are – 

  • যেতিয়া নিথৰ হব মোৰ শৰীৰ, তেতিয়া হয়তো তুমি কান্দিবা, দুখ লাগে সেইকাৰণে যে তোমাৰ চকুলো মচি দিয়াৰ বাবে মই  তোমাৰ উচৰত নাথাকিম।।
  • আপনি যিমানেই সততা আৰু আন্তরিকতােৰ সম্পৰ্ক এটা পালন নকৰক কিয়, সলনি হব বিচৰাজন সলনি হবই।
  • পুৰণি অনুভৱ বোৰ সচাকৈয়ে বহুত আমনি দিয়ে। পাহৰিব খোজা I স্মৃতিবোৰ বাৰে বাৰে চকুত ভাঁহি উঠে।

3. What are the best Assamese sad captions for Instagram?

Ans: The best Assamese sad captions for Instagram are –

  • সোনকালে জাগি উঠাটো সদায় লাভদায়ক লাগিলে সেইয়া টোপনিৰ পৰাই হওক বা অহংকাৰৰ পৰাই হওঁক।
  • জীৱনত এটা কথা সদায় মনত ৰাখিবা নিজেই উপাৰ্জ কৰিব পাৰা যেতিয়া আনৰ ওচৰত হাত পতা বন্ধ কৰা।
  • লাগিলে জীৱনটো নতুনকৈ আৰম্ভ কৰক

যিবোৰ আশা আনক লৈ কৰিছিল

সেইবোৰ নিজক লৈ কৰক।

4. What are the best Assamese sad status for WhatsApp?

Ans: The best Assamese sad status for WhatsApp are 

  • যিজনে আপোনাৰ অনুভৱখিনিক সন্মান কৰিব নাজানে তেওঁৰ কাষত অভিমান অভিযোগ কৰি লাভ নাই তেনে কৰিলে কেৱল মনত কষ্টহে পাব৷
  • সুন্দৰ মুখেৰে ভৰি থকা এই পৃথিৱীত  মই এখন সুন্দৰ হৃদয় বিচাৰি পালোঁ সেইকাৰণেই আমি লাকী৷
  • সমন্ধ এটা তেতিয়াহে জীয়াই থাকে, যেতিয়া সমন্ধটো হৃদয়ৰ পৰা আৰম্ভ হয়, প্ৰয়োজনৰ পৰা নহয়।

5. What are the best Assamese sad status for Facebook?

Ans: The best Assamese sad status for Facebook are-

  • অকলশৰীয়া হৈ যায় সেই সকল লোকে যি নিজতকৈ বেছি আনৰ  কেয়াৰ কৰে।
  • কাৰোবাৰ জীৱনেই হওক বা কাৰোবাৰ হৃদয় য’ত থাকি তুমি অশান্তি পোৱা তাত নাথাকি আঁতৰি আহিব।
  • জীৱনৰ যিকোনো বিপদ অথবা দুখত সমভাগী হোৱাজনতকৈ ডাঙৰ সহায় আৰু ডাঙৰ আপোন কোনো নাই ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top