অসমীয়া সাহিত্যিক – Assamese Literature

অসমীয়া সাহিত্যিক – Assamese Literature is the TET, APSC, PNRD, Assam Police, Post Office, other govt. exam Notes to be provided in the list so that you can easily browse throughout different Assamese Language syllabus wise notes for MCQ of অসমীয়া সাহিত্যিক – Assamese Literature.

অসমীয়া সাহিত্যিক

Join Telegram channel

Table of Contents

Also, you can read the Assam TET, APSC, PNRD, Assam Police, Post Office, other govt. exam Objective-type questions online note in these sections as per Assam Competitive exam Syllabus guidelines. These notes are part of Assam TET Assamese Language also. Here we have given অসমীয়া সাহিত্যিক – Assamese Literature of TET, APSC, PNRD, Assam Police, Post Office, other govt. exam for All Objective type questions, You can practice this here অসমীয়া সাহিত্যিক.

পদ্মনাথ গোহাঞিবৰুৱা

পদ্মনাথ গোহাঞি বৰুৱাৰ জন্ম হয় ১৮৭১ চনত উত্তৰ লক্ষীমপুৰৰ নকাৰি মৌজাৰ নকাৰি গাঁওত । উত্তৰ লক্ষীমপুৰতে প্ৰাথমিক শিক্ষা সাং কৰি তেওঁ ১৮৯০ চনত এণ্ট্ৰেন্স পৰীক্ষাত উত্তীৰ্ণ হয় । পিছত এফ , এ আৰু আইনৰ শিক্ষাৰ বাবে কলিকতালৈ যায় যদিও শিক্ষা সমাপ্ত নকৰাকৈয়ে উলটি  আহি পোনতে কোহিমাৰ হাইস্কুলত , পিছত যোৰহাটৰ নৰ্মাল স্কুলত কিছুদিন আৰু পিছলৈ তেজপুৰৰ স্কুলত শিক্ষকতা কৰে ।

কলিকতাত থকা সময়ছোৱাত তেওঁ অসমীয়া সাহিত্যৰ নৱন্যাস আন্দোলনৰ অন্যতম গুৰি ধৰোতা আছিল । বেণুধৰ ৰাজখোৱা , কৃষ্ণপ্ৰসাদ দুৱৰা আদিৰ সহযোগত ১৮৯০ চনত কলিকতাৰ পৰা প্ৰকাশিত  ‘বিজুলী’ আলোচনীৰ তেওঁ সম্পাদক আছিল । পিছত  ‘জোনাকী’ ৰ লগতে  ‘বিজুলী’য়েও অসমীয়া সাহিত্যলৈ এক উদ্দীপনাৰ ধল অনাত সহায়ক হৈছিল । পদ্মনাথ গোহাঞি বৰুৱাই তেজপুৰৰ পৰা ১৯০৭ চনত  ‘ঊষা’ নামৰ আলোচনীএখন উলিয়ায় আৰু পৰৱৰ্তী কালত তেজপুৰৰ পৰাই প্ৰকাশিত ‘আসাম বন্তি’  নামৰ এখন কাকতৰ ডেৰকুৰীৰো অধিক বছৰ কাল সম্পাদনা কৰে । 

পদ্মনাথ গোহাঞি বৰুৱাদেৱে অসম কাউন্সিলৰ সভ্য , তেজপুৰ পৌৰসভাৰ পৌৰপতি হোৱাৰ উপৰিও নানান সামাজিক তথা ৰাজহুৱা অনুষ্ঠানৰ লগত জড়িত আছিল । ১৯১৭ চনত অসম সাহিত্য সভা গঠন হয় আৰু  তেওঁ সাহিত্য সভাৰ প্ৰথম সভাপতি নিৰ্বাচিত হয় । তেতিয়াৰ ইংৰাজ চৰকাৰৰ পৰা তেওঁ পোনপ্ৰথমে সাহিত্যিক পেঞ্চন লাভ কৰিছিল। ১৯৪৬ চনত তেজপুৰত তেওঁ পৰলোক গমন কৰে ।

ছাত্ৰ অৱস্থাত পৰাই সাহিত্যিক জীৱনত পাতনি মেলা পদ্মনাথ গোহাঞি বৰুৱাৰ হাততেই প্ৰথম অসমীয়া উপন্যাস  ‘ভানুমতী’য়ে  ( ১৮৯১ চনত) মুক্তি লাভ কৰে আৰু ই ‘বিজুলী’ আলোচনীৰ পাতত প্ৰকাশ পায় । ‘লাহৰী’ ( ১৮৯২ চনত ) তেওঁৰ দ্বিতীয় উপন্যাস ।  ‘বাণৰজা’ তেওঁৰ পৌৰাণিক নাটক ,  ‘সাধনী’ ;  ‘জয়মতী’  ;  ‘গদাধৰ’  ;  ‘লাচিত বৰফুকন’ তেওঁৰ বুৰঞ্জীমূলক নাটক  ‘গাওঁবুঢ়া’  ,  ‘টেটোন তামুলী’ ,  ‘ভূত নে ভ্ৰম’ তেওঁৰ ধেমেলীয়া নাটক । পদ্মনাথ গোহাঞি বৰুৱাৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভস্বৰূপ তিনিখণ্ডত ৰচিত  ‘শ্ৰীকৃষ্ণ’ গ্ৰন্থ ।

পদ্মনাথ গোহাঞি বৰুৱাৰ কবিতাৰ পুথি তিনিখন  ‘লীলাকাব্য’ , ‘ফুলৰ চানেকি’ আৰু ‘জুৰণী’ ।  লীলাকাব্যত প্ৰথমা পত্নী লীলাৱতীৰ বিয়োগজনীত বেদনাৰ সুৰ বিৰাজমান ।  ‘গীতাসাৰ’ অসমীয়া গদ্য সাহিত্যৰ এক উজ্জ্বল চানেকি । ইয়াৰ উপৰিও ‘বুৰঞ্জীবোধ’ , ‘নীতি ―শিক্ষা পৰিদৰ্শন’ ,  ‘জীৱনী সংগ্ৰহ’ আৰু  ‘অনেক পঢ়াশলীয়া পুথি ৰচনাৰে তেখেতে অসমীয়া সাহিত্যৰ ভঁৰাল শুৱনি কৰি থৈ গৈছে ।  ‘মোৰ সোঁৱৰণী’  নামৰ তেখেতৰ  ‘আত্মজীৱনী’খন অসম্পূৰ্ণ অৱস্থাত পোৱা গৈছে ।

চন্দ্ৰকুমাৰ আগৰৱালা  ( ১৮৬৭ ― ১৯৩৭ )

জোনাকী যুগৰ ত্ৰিমূৰ্তিৰ অন্যতম চন্দ্ৰকুমাৰ আগৰৱালাৰ ১৮৬৭ চনত জন্ম হয় শোণিতপুৰ জিলাৰ কলংপুৰ মৌজাৰ ব্ৰহ্মজানত । তেওঁৰ পিতৃ আছিল হৰিবিলাস আগৰৱালা । তেজপুৰ গৱৰ্নমেণ্ট হাইস্কুলৰ পৰা এণ্ট্ৰেন্স পাছ কৰা চন্দ্ৰকুমাৰ আগৰৱালাই কলিকতালৈ বি , এ পঢ়িবলৈ গৈছিল যদিও বি , এ পাছ নকৰাকৈয়ে পঢ়া সামৰি চাহ আৰু ছপাখানৰ ব্যৱসায়ত নামে । তেওঁ লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামীৰ সৈতে লগলাগি ১৮৮৯ চনত জোনাকী  কাকত প্ৰকাশ কৰে ।  ‘জোনাকী’ৰ প্ৰথম সম্পাদক হোৱাৰ উপৰিও ১৯১৮ চনত সাদিনীয়া বাতৰি  ‘অসমীয়া’ত উলিয়ায় । পিছলৈ এই কাকতেই  ‘তিনিদিনীয়া’ আৰু শেষত  ‘দৈনিক অসমীয়া’ত পৰিণত হয় । বেজবৰুৱাৰ ‘বাঁহী’ আলোচনীখনো তেওঁৰ ছপাখানাত নিউপ্ৰেছৰ পৰাই ধাৰাবাহিক ভাবে বহুবছৰ প্ৰকাশ পাইছিল । ১৯৩৮ চনত চন্দ্ৰকুমাৰ আগৰৱালাৰ দেহাৱসান ঘটে ।

চন্দ্ৰকুমাৰ আগৰৱালাৰ জোনাকী আৰু বাঁহীত প্ৰকাশিত কবিতাৰ সংকলিত পুথি দুখনেই হল প্ৰতিমা  ( ১৯১৩ চন ) আৰু বীণ’বৰাগী ( ১৯১৩ চনত ) । জোনাকীৰ প্ৰথম বছৰ প্ৰথম সংখ্যাত প্ৰকাশিত  ‘প্ৰতিমা’ কাব্যপুথিৰ অন্তৰ্গত  ‘বনকুঁৱৰী’   নামৰ গীতি কবিতাটোৱেই প্ৰথম ৰোমান্টিক কবিতাৰ নিদৰ্শন ।   ‘প্ৰতিমা’ সম্বন্ধে লক্ষ্মীনাথ বেজবৰুৱাই লিখিছে  ― ‘প্ৰতিমাখন সৰু  , কিন্তু নিভাঁজ সোণৰ’ ।  তেওঁৰ দুয়োখন কাব্যপুথিয়েই উচ্চ আৰু সূক্ষ্ম কবি প্ৰতিভাৰ পৰিচয় দিছে । সুগভীৰ মানৱ প্ৰেম চন্দ্ৰকুমাৰৰ কবিতাৰ কেন্দ্ৰবিন্দু স্বৰূপ । ড° সত্যেন্দ্ৰনাথ শৰ্মাৰ ভাষাত ― “তেওঁৰ  ( চন্দ্ৰকুমাৰ ) কবিতাৰ বিষয়বস্তুত দৰ্শনৰ গুৰু ― গাম্ভীৰ্য আৰু প্ৰকাশভংগীত লোকগীতৰ লয়লাস পোৱা যায় । সৌন্দৰ্যৰ সন্ধান , মানৱপ্ৰীতি , বৈদন্তিক প্ৰভাৱ বা অদ্বৈতদৃষ্টি , বৈষম্যপূৰ্ণ পুৰণি পৃথিৱীক ধ্বংস কৰি সাম্যভাৱৰ ওপৰত প্ৰতিষ্ঠিত নতুন সমাজৰ আহ্বান আৰু সবল আশাবাদ চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাৰ বিশেষত্ব । তেওঁৰ দৃষ্টিত সত্য আৰু সুন্দৰৰ প্ৰভেদ নাই । তেওঁৰ দৃষ্টিত মানুহেই দেৱ , মানুহেই সেৱ , মানুহেই পৰাৎপৰ ।”  মানৱৰ নীচতা আৰু স্বাৰ্থপৰতা দেখি ক্ৰোধিত হলেও মানৱৰ অসীম সম্ভাৱনা সম্পৰ্কে তেওঁ আস্থা হেৰুওৱা নাই । দিব্যদৃষ্টিৰে কবিয়ে দেখা পাইছে মুকলি আকাশ , মুকলি বতাহৰ তলত মানৱৰ নিষ্কলংক মাধুৰীমা । কবিৰ মুকলি মনৰ দাপোণত প্ৰতিবিম্বিত হৈছে মানুহৰ মহত্ত্ব আৰু দেৱত্ব ।

হেম বৰুৱা

একেধাৰে কবি , শিক্ষাবিদ আৰু ৰাজনীতিবিদ হেম বৰুৱাৰ জন্ম ১৯১৫ চনত তেজপুৰত । তেওঁৰ প্ৰাথমিক শিক্ষা আৰম্ভ হয় যোৰহাটত । তাৰ পাছত কটন কলেজৰ পৰা বি , এ আৰু কলিকতাৰ পৰা ইংৰাজী সাহিত্যত এম , এ পাছ কৰে । সন্দিকৈ ছোৱালী কলেজ , যোৰহাটৰ জে, বি কলেজ আৰু গুৱাহাটীৰ বি , বৰুৱা কলেজত অধ্যাপনা কৰা হেম বৰুৱাই পিছত বি , বৰুৱা কলেজতে উপাধ্যক্ষ আৰু অধ্যক্ষ হিচাপে কাৰ্যকাল অতিবাহিত কৰি অৱসৰ গ্ৰহণ কৰে । বিয়াল্লিছৰ গণ আন্দোলনত তেওঁ কাৰাবাস খাটিছিল । হেম বৰুৱা আছিল এজন সুবক্তা আৰু কৃতি সাংসদ । তেওঁ প্ৰজা ছ’চিয়েলিষ্ট  পাৰ্টিৰ প্ৰাৰ্থী হিচাপে তিনিবাৰ লোকসভালৈ নিৰ্বাচিত হয় । তেওঁ  ‘পছোৱা’ আলোচনী আৰু ‘আসাম এক্সপ্ৰেছ’ নামৰ দৈনিক ইংৰাজী কাকতৰ সম্পাদক আছিল । আধুনিক অসমীয়া কাব্য আন্দোলনৰ গুৰি ধৰোঁতা হেম বৰুৱাৰ কাব্যপুথিকেইখন হৈছে ―  ‘বালিছন্দা’ , ‘মনময়ুৰী’ আৰু ‘হেম বৰুৱাৰ কবিতা’ ।  ‘আৱাহন’ , ‘জয়ন্তী’ , ‘ৰামধেনু’ আদি আলোচনীৰ  জৰিয়তে তেওঁৰ সাহিত্য চৰ্চাই বিস্তৃতি লাভ কৰে । তেওঁ  ‘আধুনিক সাহিত্য’  ,  ‘অসমীয়া সাহিত্য’ , ‘The Red River and The Blue Hill’ , Folk Songs of Indiya’ আৰু অন্যান্য বহুতো গ্ৰন্থ ৰচনা কৰি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে । ‘ কন্নকী’ , ,কিউপিড আৰু চাইকী’ তেওঁৰ অনুদিত গ্ৰন্থ । সাংসদ হৈ থকা কালত তেওঁৰ ভাৰতৰ প্ৰতিনিধিৰূপে পৃথিৱীৰ বিভিন্ন ৰাষ্ট্ৰ ভ্ৰমণ কৰিছিল । ইয়াৰ ফলশ্ৰুতিত তেওঁ  ‘সাগৰ দেখিছা ‘ ,  ‘ৰঙা কৰবীৰ ফুল’ , ‘ইজৰাইল’ আদি ভ্ৰমণ কাহিনী লিখে ।  ১৯৬৬ চনত হেম বৰুৱাই ভাৰত চৰকাৰৰ উদ্যোগত প্ৰেৰিত এটা সংসদী দলত দক্ষিণ পূব এছিয়াৰ পাঁচখন ৰাষ্ট্ৰ ভ্ৰমণ কৰি মেকং নৈ দেখিলোঁ নামৰ এখন ভ্ৰমণ কাহিনী লিখে । অসম সাহিত্য সভাৰ ধুবুৰী অধিৱেশনৰ তেওঁ সভাপতি আছিল ।  ১৯৭৭ চনত হেম বৰুৱাৰ মৃত্যু হয় । 

ড° ভবেন্দ্ৰ নাথ শইকীয়া

১৯৩২ চনত নগাওঁত  ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ জন্ম হয় । ১৯৪৮ চনত সুখ্যাতিৰে প্ৰথম বিভাগত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ তেওঁ ১৯৬৫০ চনত কটন কলেজত ৰ পৰা বিজ্ঞান শাখাত ইণ্টাৰমিডিয়েট পৰীক্ষা পাছ কৰে আৰু ১৯৫২ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত বিজ্ঞান শাখাত স্নাতক ডিগ্ৰী লাভ কৰে । কলিকতাৰ প্ৰেচিডেন্সী কলেজৰ পৰা ১৯৫৬ চনত তেওঁ পদাৰ্থ বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে আৰু  ১৯৬১  চনত লণ্ডন বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞানত পি, এইচ ডিৰে সন্মানিত হয় ।

শিক্ষা সমাপ্ত কৰি তেওঁ প্ৰথমে শিৱসাগৰ কলেজত শিক্ষকতা আৰম্ভ কৰে আৰু পিছত ক্ৰমে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ ৰীডাৰ আৰু বিশ্ববিদ্যালয়ৰ পাঠ্যপুথি প্ৰস্তুতি সমন্বয় সমিতিৰ সচিব হয়। পৰৱৰ্তী কালত তেওঁ গুৱাহাটী ৰেলসেৱা আয়োগৰ অধ্যক্ষ আৰু অৱশেষত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ উপসভাপতি পদত কাৰ্যনিৰ্বাহ কৰে ।

ড° ভবেন্দ্ৰ নাথ শইকীয়াই পষেকীয়া আলোচনী  ‘প্ৰান্তিক’ আৰু শিশু আলোচনী ‘সঁফুৰা’ সম্পাদনা কৰিছিল । তেওঁ সংগীত নাটক একাডেমী , সাহিত্য একাডেমী , পুনেৰ চলচ্চিত্ৰ আৰু টেলিভিছন ইনষ্টিটিউট সমাজৰো সদস্য আছিল আৰু জ্যোতি চিত্ৰবন’  সমাজৰ সভাপতি আছিল।

স্কুলীয়া অৱস্থাৰ পৰাই সাহিত্য চৰ্চাৰ হাত দিয়া ড° ভবেন্দ্ৰ নাথ শইকীয়াই চুটি গল্প লেখক হিচাপে এক বিশেষ আসন অধিকাৰ কৰি আছে । তেওঁৰ  ‘প্ৰহৰী’ , ‘বৃন্দাবন’  ,  ‘গহ্বৰ’  ,  ‘সেন্দুৰ’  ,  ‘শৃংখল’  , ‘ ভবেন্দ্ৰ নাথ শইকীয়াৰ শ্ৰেষ্ঠ গল্প’  ,  ‘তৰংগ’  ,  ‘উপকন্ঠ’  আদি গল্পসংগ্ৰহৰ পুথিসমূহে অসমীয়া সাহিত্যৰ ভঁৰাল শুৱনি কৰিছে । ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ দুখন উপন্যাস হল  ‘অন্তৰীপ’  আৰু ‘ৰম্যভূমি’  । ইয়াৰ উপৰিও ‘আতংকৰ শেষত’ নামৰ এখন ডিটেকটিভ উপন্যাস আৰু ‘মৰমৰ দেউতা’  নামৰ এখন শিশু উপন্যাসো তেওঁ ৰচনা কৰে ।  ‘আকাশবাণী গুৱাহাটী কেন্দ্ৰ ‘  আৰু ভ্ৰাম্যমান থিয়েটাৰৰ বাবে তেওঁ ভালেমান নাটক লিখি থৈ গৈছে । তাৰ ভিতৰত  ‘কোলাহল’  ,  ‘দুৰ্ভিক্ষ’,  ‘ইতিহাস’ , ‘স্বৰ্ণজয়ন্তী’  আৰু  ‘দীনবন্ধু’  উল্লেখযোগ্য । তেওঁ  ‘জোনাকীৰ বিয়া’ , ‘আগন্তুক’ , ‘দেউতা’ , ‘শান্ত ― শিষ্ট ― হৃষ্ট ― মহাদুষ্ট’  নামৰ ধাৰাবাহিক নাটকো ৰচনা কৰি গৈছে ।  ২০০৩ চনত তেওঁ পৰলোক প্ৰাপ্তি হয় ।

ড° নিৰ্মলপ্ৰভা বৰদলৈ

আধুনিক অসমীয়া গীত সাহিত্যত এখন সুকীয়া আসন দখল কৰা ড° নিৰ্মলপ্ৰভা বৰদলৈ এগৰাকী বিশিষ্টা কবি । এওঁৰ জন্ম শিৱসাগৰত । ড° নিৰ্মলপ্ৰভা বৰদলৈয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি ১৯৫৮ চনত বি, বৰুৱা মহাবিদ্যালয়ত অধ্যাপক পদত যোগদান কৰে । ১৯৭৬ চনত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক হিচাপে নিযুক্তি লাভ কৰে আৰু এই বিশ্ববিদ্যালয়ৰ পৰা জৱাহৰলাল নেহৰু অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰে ।

ড° নিৰ্মলপ্ৰভা বৰদলৈৰ প্ৰথম কবিতা পুথি  ‘বনফৰিঙৰ ৰং ‘  । ইয়াৰ পিছত তেওঁৰ  ‘দিনৰ পাছত দিন’  ,  ‘সমীপেষু’  ,  ‘অন্তৰংগ’  ,  ‘সুদীৰ্ঘ দিন আৰু ঋতু’ আদি কবিতাপুথি প্ৰকাশ পায় । তেওঁৰ গীতৰ পুথি দুখনি হল  ‘সোণবৰণীয়া আই’  ,  আৰু  ‘সুৰীয়া মাত’ ।  ‘দেৱী’  ,  ‘শিৱ’  আৰু  ‘সূৰ্য’  তেওঁৰ উল্লেখযোগ্য গৱেষণা গ্ৰন্থ । ১৯৮৩ চনত  ‘সুদীৰ্ঘ দিন আৰু ঋতু’  কাব্যগ্ৰন্থৰ বাবে তেওঁ সাহিত্য অকাডেমী বঁটা লাভ কৰে । তেওঁ  ১৯৯১ চনত হোৱা অসম সাহিত্য সভাৰ দুধনৈ অধিবেশনৰ সভাপতি আছিল ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top