অসমীয়া সাহিত্যিক – Assamese Literature

অসমীয়া সাহিত্যিক – Assamese Literature is the TET, APSC, PNRD, Assam Police, Post Office, other govt. exam Notes to be provided in the list so that you can easily browse throughout different Assamese Language syllabus wise notes for MCQ of অসমীয়া সাহিত্যিক – Assamese Literature.

অসমীয়া সাহিত্যিক

Join Telegram channel

Table of Contents

Also, you can read the Assam TET, APSC, PNRD, Assam Police, Post Office, other govt. exam Objective-type questions online note in these sections as per Assam Competitive exam Syllabus guidelines. These notes are part of Assam TET Assamese Language also. Here we have given অসমীয়া সাহিত্যিক – Assamese Literature of TET, APSC, PNRD, Assam Police, Post Office, other govt. exam for All Objective type questions, You can practice these here.

অসমীয়া সাহিত্যিক

ASSAMESE LANGUAGE


শ্ৰীমন্তশংকৰদেৱ

সৰ্ব গুণাকৰ মহাপুৰুষ শংকৰদেৱৰ জন্ম হয় ১৪৪৯ চনত । তেওঁৰ পিতৃৰ নাম কুসুম্বৰ ভূঞা আৰু মাতৃৰ নাম সত্যসন্ধ্যা । শংকৰদেৱ সৰুতে ঘাট মাউৰা হয় আৰু বুঢ়ীমাক খেৰসূতীয়ে তেওঁক লালন ― পালন কৰে । বাৰবছৰ সময়ত বুঢ়ীমাক খেৰাসুতীয়ে তেওঁক মহেন্দ্ৰ কন্দলি নামৰ অধ্যাপক এজনৰ টোলত পঢ়িবলৈ পঠিয়ায় । তাতে তেওঁ বিভিন্ন শাস্ত্ৰ অধ্যয়ন কৰি সেইবোৰত পাৰ্গত হৈ উঠে । শিক্ষা সমাপ্ত কৰি সূৰ্যৱতীক বিবাহ কৰাই তেওঁ গৃহাশ্ৰম ধৰ্ম পালন কৰে ।  এটা কন্যা সন্তান জন্ম দিয়াৰ পাছত সূৰ্যৱতীৰ মৃত্যু হয় । পত্নী মৃত্যুৰ পাছত তেওঁ বাৰবছৰ ধৰি ভাৰতৰ তীৰ্থসমূহ পৰ্যটন কৰে আৰু ভাৰতৰ বিভিন্ন প্ৰান্তৰ সাধু সন্তবিলাকৰ সংস্পশলৈ আহে । ইয়ে শংকৰদেৱৰ জীৱনত এক গভীৰ প্ৰভাৱ পেলায় ।

তীৰ্থভ্রমনৰ অভিজ্ঞতাৰে ভক্তিধর্মৰ প্ৰৱৰ্তন আৰু এয়ে তেওঁক মনোযোগ দি শংকৰদেৱে কৰ্ম জীৱন আৰম্ভ কৰে । বৰদোৱাত থাকোতেই জগদীশ মিশ্ৰই টীকাসহ ভাগৱত গ্ৰন্থ তেওঁক অৰ্পণ কৰে আৰু এয়ে তেওঁক ধৰ্ম আৰু সাহিত্যৰ ক্ষেত্ৰত নতুন পদক্ষেপ লবলৈ প্ৰেৰণা যোগায় । 

ষোড়শ শতাব্দীৰ দ্বিতীয় দশকৰ কছাৰীৰ উপদ্ৰৱ সহিব নোৱাৰি তেওঁ ভূঞা সকলৰ সৈতে পলাই আহি আহোম ৰাজ্যৰ উত্তৰ পাৰে গাংমৌ আৰু তাৰ পাছত ধুৱাহাট বেলগুড়িত বসতি কৰিবলৈব লয় । ইয়াতে মাধৱদেৱৰ লগত তেওঁৰ মিলন হয় আৰু দুয়োৰে সহযোগত অসমৰ আধ্যাত্মিক আৰু সাংস্কৃতিক জীৱন সমুজ্জ্বল হৈ উঠে ।

অসমীয়া জাতিলৈ শংকৰদেৱৰ অৱদান অপৰিসীম । পুৰণি অসমৰ ইমূৰৰ পৰা সিমূৰ পৰিভ্ৰমণ কৰি বৈষ্ণৱ ধৰ্মৰ ডোলেৰে তেওঁ বিভিন্ন জাতি সত্তাৰ মাজত ঐক্য আৰু সংহতি স্থাপন কৰে । বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ কাৰণে শঙ্কৰদেৱে নানা বিপৰ্যয়ৰ সন্মুখীন লবলগীয়া হৈছিল । তেওঁৰ জীৱনৰ প্ৰথমছোৱা বাৰ ভূঞা ৰাজ্যত , দ্বিতীয়ছোৱা অসম ৰাজ্যৰ সংযোগত ধুৱাহাট , বেলগুৰি আদিত , আৰু শেষছোৱা কোচ ৰাজ্যেত কটায় । এই তিনি ছোৱা কালৰ ভিতৰত গুৰুজনাই অমূল্য গ্ৰন্থৰাজি ৰচনা কৰে । ৰচনাৰীতি বা ৰূপ অনুসৰি শংকৰদেৱৰ ৰচনাৱলীক ছটা ভাগত বিভক্ত কৰিব পাৰি । সেই বোৰ হল ―

ক)  অনুবাদ মূলক :- ইয়াৰ ভিতৰত দশম খনেই সৰ্বশ্ৰেষ্ঠ । ইয়াৰ বাহিৰেও তেওঁ ভাগৱতৰ প্ৰথম , দ্বিতীয় , একাদশ আৰু দ্বাদশ স্কন্ধ অনুবাদ কৰে । মাধৱ কন্দলিৰ আধাৰুৱা হৈ থকা ৰামায়ণৰ উত্তৰকাণ্ড তেওঁ অনুবাদ কৰে ।

খ)  কাব্য :- শংকৰদেৱৰ ৰচিত কাব্য হল হৰিশ্চন্দ্ৰ উপাখ্যান , ৰুক্মিণী হৰণ , অজামিল উপাখ্যান , গ্ৰাহ গজেন্দ্ৰৰ যুদ্ধ , অমৃত মন্থন , বলিছলন আৰু কুৰুক্ষেত্ৰ ।

গ)  নাট :- শঙ্কৰদেৱ অসমীয়া নাট্য সাহিত্যৰ জন্মদাতা । সংস্কৃত নাট আৰু প্ৰাচীন অসমীয়া ওজাপালি অনুষ্ঠানৰ আৰ্হিত এক অংকযুক্ত নাট ছয়খন ৰচনা কৰে । নাটবোৰ হল পত্নীপ্ৰসাদ , কালীয় দমন , কেলি গোপাল , ৰুক্মিণী হৰণ , পাৰিজাত হৰণ আৰু ৰামবিজয় ।

ঘ) গীত ― ভটিমা :- শংকৰদেৱে দুই ধৰণৰ গীত ৰচনা কৰিছিল । বৰগীতবোৰ ব্ৰজাৱলী ভাষাত ৰচিত এবিধ অতি গাম্ভীৰ্যপূৰ্ণ ভাৱৰ গীত । ভটিমাবোৰো স্তুতি আৰু প্ৰশস্তিমূলক গীত ।

ঙ)  নাম ― প্ৰসঙ্গ সম্পৰ্কীয় গ্ৰন্থ :- কীৰ্ত্তনঘোষা এই ধৰণৰ এখন সুন্দৰ গ্ৰন্থ । আকৰ্ষণীয় বিষয়বস্তু আৰু শুৱলা বৰ্ণনাৰ বাবে কীৰ্ত্তনখন লৰাৰ পৰা বুঢ়া লৈকে সকলোৰে বাবে অতি প্ৰিয় । লালিত্য , ছন্দৰ ঝংকাৰ , সৌন্দৰ্য , লাৱণ্য , ভাৱৰ মাধুৰ্য , ভক্তিৰ দৃঢ়তা , চিন্তাৰ উচ্চতা আদিৰ সমষ্টিৰে কীৰ্ত্তন ৰচিত ।

‘ গুণমালা ‘  ভাগৱতৰ সাৰ সংগ্ৰহ কৰি ছয় আখৰীয়া কুসুম মালা ছন্দত ৰচা এখন মনোৰম পুথি ।

চ) ভক্তি আৰু তত্ত্বমূলক গ্ৰন্থ :- শংকৰদেৱৰ এনে গ্ৰন্থবোৰ হল ভক্তি প্ৰদীপ , ভক্তি ৰত্নাকৰ , অনাদি পাতন , নিমি নৱসিদ্ধ সংবাদ ।

মাধৱদেৱ

উত্তৰ লক্ষ্মীমপুৰৰ নাৰায়্ণপুৰ অঞ্চলৰ কাঁচিকটা নদীৰ পাৰৰ হৰিশিঙা বৰাৰ ঘৰত মাধৱদেৱৰ জন্ম হয় ১৪৮৯ চনত । তেওঁৰ পিতৃৰ নাম আছিল গোবিন্দগিৰি ভূঞা আৰু মাকৰ নাম মনোৰমা । তেওঁৰ সৰুতে বন্দুকালৈ গৈ ৰাজেন্দ্ৰ অধ্যাপকৰ টোলত শিক্ষা লাভ কৰে আৰু কালত সৰ্বস্বাস্ত্ৰ বিশাৰদ হৈ উঠে । তেওঁ ঘোৰ শাক্ত আছিল আৰু পূজাত বলি ― বিধানৰ  পোষকতা কৰিছিল ।

মাধৱদেৱে তেওঁৰ বৈনায়েকে ৰামদাসৰ মুখে শংকৰদেৱৰ বৈষ্ণৱ ধৰ্মৰ মহিমা শুনি শংকৰদেৱৰ সৈতে চিনাকি হোৱাৰ মানসেৰে তেওঁৰ ওচৰ চাপে । সেই সময়ত শংকৰদেৱ ধুৱাহাট নামৰ ঠাইত আছিল । তেওঁ গৈ বাৰভূঞা বিষয়ৰ শংকৰদেৱক দেখা কৰাৰ সময়ত প্ৰণাম জনালে । তাৰ পাছত দুয়োৰে মাজত শাস্ত্ৰ আলোচনা হল আৰু শংকৰদেৱে ভাগৱতৰ শ্লোক মাতি নিৰ্গুন ভাগৱতী ধৰ্মৰ শ্ৰেষ্ঠত্ব প্ৰতিপাদক কৰিলে । মাধৱদেৱে শংকৰদেৱৰ যুক্তিত হাৰ মানি তেওঁক সেৱা জনালে । ইয়াৰ পাছত মাধৱদেৱে শংকৰদেৱৰ একান্ত অনুৰক্ত শিষ্য হৈ পৰে আৰু নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰত তেওঁ গুৰুৰ সোহাত স্বৰূপ হৈ পৰে । 

শংকৰদেৱৰ শিষ্যত্ব গ্ৰহণ কৰাৰ পাছত মাধৱদেৱে তেওঁৰ কবি প্ৰতিভাৰ সম্যক প্ৰতিভা গুৰুৰ আগত দাঙি ধৰিছিল । এবাৰ শংকৰদেৱৰ সৈতে নাৰায়ণ দাস ঠাকুৰ , জন্তীৰ মধাই আৰু মাধৱদেৱ ফুৰিবলৈ গৈছিল । এজন গৰখীয়া লৰাই কৃষ্ণ নাম গোৱাত সেই ঠাইডোখৰ বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ উপযুক্ত ঠাই হব বুলি শংকৰদেৱে বিবেচনা কৰি তাতে তিনিওজনকে কবিতা লিখিব দিলে । মহাপুৰুষ মাধৱদেৱে লেখা  ‘ জয় গুৰু শংকৰ ‘  কবিতাটো পঢ়ি শংকৰদেৱ বিমুগ্ধ হৈ যায় আৰু তেওঁক কবিতা লেখাৰ বাবে অনুপ্ৰাণিত কৰে । গুৰুৰ অনুপ্ৰেৰণা লাভ কৰি তেওঁ কাব্য ৰচনাত প্ৰবৃত্ত হয় । আদিকাণ্ড ৰামায়ণ , ৰাজসূয় কাব্য , নামঘোষা আদি অনুপম কাব্য ৰচনা কৰাৰ উপৰি তেওঁ অতি জনপ্ৰিয় বৰগীত সমূহ ৰচনা কৰে । দাস্য  আৰু বাৎসল্য ৰসৰ শ্ৰেষ্ঠ প্ৰকাশক হিচাপে বৰগীত সমূহৰ মূল্য অপৰিসীম । নামঘোষাতো দাস্য ভাবৰ অফুৰন্ত প্ৰকাশ কাব্যিক সুষমাৰে প্ৰকাশিত হৈছিল । মাধৱদেৱৰ আধ্যাত্মিক জীৱনৰ ভাবৰ গভীৰতা , দাস্যভাবত আত্মসমৰ্পন , আত্মলঘিমা আৰু গুৰুৰ প্ৰতি অবিচল ভক্তি এই গ্ৰন্থত সুন্দৰভাৱে প্ৰকাশ পাইছে ।

মাধৱদেৱৰ বৰগীতসমূহত ভক্তৰ ভক্তিভাৱ মৰ্মস্পৰ্শী আৰু সংযত ভাষাৰে প্ৰকাশিত হৈছে । বাৎসল্য আৰু বিৰহৰ ভাবেই ইয়াত মুখ্য স্থান পাইছে । তেওঁৰ বৰগীত সমূহৰ বিষয়ে ড° বাণীকান্ত কাকতিয়ে অতি চমু কথাত এনেদৰে কৈছে , ‘তেওঁৰ বেছি ভাগ গীততেই শিশু কৃষ্ণৰ বাল্য জীৱনৰ ৰং ― বিৰঙৰ চিত্ৰ ফুটি ওলাইছে । বাৎসল্য প্ৰেম মাধৱদেৱৰ ভক্ত জীৱনৰ সৰ্বস্ব । গীত , পদ , নাট সকলোতেই তেওঁ শ্ৰীকৃষ্ণৰ শিশু চৰিত্ৰ সজীৱ কৰি তুলিছে ।’

নাট্যকাৰ হিচাপেও মাধৱদেৱে নিজস্ব প্ৰতিভাৰ স্বাক্ষৰ দাঙি ধৰিছে । শংকৰদেৱৰ দৰে অতি প্ৰতিভাশালী নাট্য কাৰক অনুকৰণ নকৰি তেওঁ নিজস্ব দৃষ্টিভংগীৰে নাটসমূহ ৰচনা কৰাত সেইবোৰৰ বিষয়বস্তু আৰু কলা কৌশল বৈশিষ্ট্য পূৰ্ণ হৈ উঠিছে  । তেওঁৰ নাটসমূহ হল চোৰধৰা , পিম্পৰা গুচোৱা , দধিমথন , ভূমিলেটোৱা , ভোজন বিহাৰ আদি নাটকবোৰত শিশু কৃষ্ণৰ যোগেদি  বাৎসল্য ৰসৰ সৃষ্টি কৰি পাঠক আৰু দৰ্শকৰ অন্তৰ বিগলীত কৰিছে । সৰ্বসাধাৰণ দৰ্শকে বুজি পাবলৈ তেওঁ নাটকত সংস্কৃত শ্লোকৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব দিয়া নাছিল । 

মাধৱদেৱে তত্ত্বমূলক গ্ৰন্থ ৰচনা কৰি বৈষ্ণৱ ধৰ্মৰ দাৰ্শনিক তথা তাত্ত্বিক ভেটিক সুদৃঢ় কৰি তোলে । এই ক্ষেত্ৰত নামঘোষা তেওঁৰ বিষয়ে উল্লেখযোগ্য গ্ৰন্থ । ইয়াত তেওঁ দাস্য ভক্তিৰ পৰাকাষ্ঠা প্ৰকাশ কৰিছে । জন্মৰহস্য , ভক্তি ৰত্নাৱলী , নাম মালিকা আদি তেওঁৰ আন আন তত্ত্বমূলক গ্ৰন্থ । সেইবোৰ উপৰি গুপ্তমনি , অমূল্যৰত্ন , গুপ্তসাৰ আদি গ্ৰন্থ তেওঁৰ দ্বাৰা ৰচিত বুলি উল্লেখ কৰা হৈছে যদিও গ্ৰন্থৰ জনপ্ৰিয়তা বৃদ্ধিৰ কাৰণেই তেওঁৰ নাম তাত সংযুক্ত কৰা বুলি অনুমান কৰিব পাৰি।

মহাপুৰুষ শংকৰদেৱৰ একশৰণ নামধৰ্ম মাধৱদেৱে যত্ন সহকাৰে পালন ― পালন কৰে যদিও তেওঁৰ দিনতে এই ধৰ্মত ভিন্ন সম্প্ৰদায়ৰ সৃষ্টি হৈ ইয়াত ফাট মেলিবলৈ আৰম্ভ কৰে । কিন্তু  মাধৱদেৱে গুৰুৰ বাক্য সুঁৱৰি তাক ৰক্ষা কৰিবলৈ সচেষ্ট হয় ।

গতিকে অসমৰ বৈষ্ণৱ ধৰ্মৰ প্ৰসাৰত শংকৰদেৱৰ যিমান অৱদান মাধৱদেৱৰো সিমানে অৱদান । সেয়ে ইজনক সিজনক পৰিপূৰক বুলি কব পাৰি । 

লক্ষ্মীনাথ বেজবৰুৱা

সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা একেধাৰে কবি , নাট্যকাৰ , ঔপন্যাসিক , জীৱনিলেখন , সমালোচক আৰু আধুনিক অসমীয়া গল্প সাহিত্যৰ জন্মদাতা । তেওঁৰ জন্ম হয় ১৮৬৪ চনত অবিভক্ত নগাঁও জিলাৰ আঁহতগুৰিৰ ওচৰৰ লুইতৰ বুকুত । নাৱৰ ওপৰত জন্মগ্ৰহণ কৰা বাবেই লক্ষ্মীনাথ বেজবৰুৱাৰ মতে তেওঁ ভূমিষ্ট নহৈ নৌকাস্থলে হল। তেওঁৰ পিতৃৰ নাম দীননাথ বেজবৰুৱা আৰু মাতৃ থানেশ্বৰী বেজবৰুৱা । শিৱসাগৰৰ চৰকাৰী হাইস্কুলৰ পৰা  ১৮৮৬ চনত এণ্ট্ৰেন্স পৰীক্ষাত উত্তীৰ্ণ হৈ কলিকতাৰপৰা তেওঁ বি , এ পাছ কৰে । পিছত কলিকতাৰ ৰিপন কলেজত বি , এ আৰু প্ৰেচিডেন্সী কলেজত এম , এ পৰিছিল যদিও আধৰুৱাকৈ এৰি তেওঁ ব্যৱসায়ৰ লগত জড়িত হৈ পৰে । বংদেশৰ বিখ্যাত ঠাকুৰ পৰিয়ালৰ কন্যা প্ৰজ্ঞাসুন্দৰীৰ লগত তেওঁ ১৮৯১ চনত প্ৰাণয়সূত্ৰে বিবাহ পাশত আবদ্ধ হয় ।

কলিকতাত থাকোতে তেওঁ চন্দ্ৰকুমাৰ আগৰৱালা , হেমচন্দ্ৰ গোস্বামী আৰু কলিকতা নিবাসী অসমীয়া ছাত্ৰৰ প্ৰষ্ঠপোষকতাত ১৮৮৮ চনত প্ৰতিষ্ঠা লাভ কৰা অসমীয়া ভাষাৰ উন্নতি সাধনী সভাত যোগ দিয়ে আৰু পাছলৈ ইয়াৰ সম্পাদক হয় । এই সভাৰ মুখপত্ৰ  ‘জোনাকী’  কাকতৰ গুৰি ধৰোঁতে আছিল অসমীয়া সাহিত্যৰ ত্ৰিমূৰ্তি বেজবৰুৱা , চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামী । অসমীয়া সাহিত্য জগতলৈ ৰমন্যাসিক ভাবধাৰা কঢ়িয়াই অনা  ‘জোনাকী’ ৰ  তৃতীয় চতুৰ্থ বছৰৰ সম্পাদক আছিল লক্ষ্মীনাথ বেজবৰুৱা । জোনাকী কাকত বন্ধ হোৱাত ১৯১০ চনত প্ৰকাশ পোৱা বাঁহী আলোচনীৰ সম্পাদনাৰ দায়িত্ব লৈ অসমীয়া সাহিত্যৰ বিকাশৰ তেওঁ যোগোৱা অৱদান অবিস্মৰণীয় ।

বেজবৰুৱাই সাহিত্যিক জীৱনৰ পাতনি মেলে  ‘জোনাকী’  কাকতৰ মাজতেই । প্ৰথম সংখ্যা জোনাকীৰ পাছতেই তেওঁৰ ধেমেলীয়া নাট লিতিকাই  ( ১৮৯০  চনত ) খণ্ড খণ্ডকৈ প্ৰকাশ পায় । বেজবৰুৱাৰ অন্যান্য ধেমেলীয়া নাট হৈছে ― নোমল  ( ১৯১৩ চনত ) পাঁচনি  ( ১৯১৩ চনত  ) চিকৰপতি নিকৰপতি  ( ১৯১৩ চনত ) । তদুপৰি ,  ‘চক্ৰধ্বজ সিংহ’  ( ১৯১৫ চনত ) , জয়মতী কুঁৱৰী  ( ১৯১৫ চনত ) , বেলিমাৰ  ( ১৯১৫ চনত )  এই তিনিখন তেওঁৰ বুৰঞ্জীমূলক  নাটক । পদুম কুঁৱৰী  ( ১৮৯৫ চনত ) তেওঁৰ একমাত্ৰ উপন্যাস ।  ‘বুঢ়ী আইৰ সাধু’  ( ১৯১১ চনত ) আৰু  ‘ককাদেউতা আৰু নাতি ল’ৰা’  ( ১৯১২ চনত ) তেওঁৰ সাধুকথাৰ পুথি ।  ‘হাঁহি ― ধেমালি’  আৰু ‘জুনুকা’ তেওঁৰ শিশুসাহিত্য ।  ‘সুৰভি’ ,  ( ১৯০৯ চনত ) , সাধুকথাৰ কুকি  ( ১৯১০ চনত ) ,  জোনবিৰি  ( ১৯১৩ চনত ) আৰু কেহোকলি বেজবৰুৱাৰ চাৰিখন চুটিগল্প পুথি । 

হাস্যৰস সৃষ্টিৰ ক্ষেত্ৰত বেজবৰুৱাই অসমীয়া সাহিত্যত এক সুকীয়া আসন দখল কৰি আছে ।  ‘কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা’  ( ১৯০৪ চনত ) , কৃপাবৰ বৰুৱাৰ উভতনি ( ১৯০৯ চনত ) , কৃপাবৰ বৰুৱাৰ ভাবৰ বুৰবুৰণী আৰু কৃপাবৰ বৰুৱাৰ বুলনি তেওঁৰ হাস্যৰসাত্মক ৰচনা । হাস্যৰস সৃষ্টিৰ ক্ষেত্ৰত থকা সিদ্ধহস্ততাৰ বাবেই গল্পকাৰ নগেন্দ্ৰ নাৰায়ণ চৌধুৰীয়ে তেওঁক শিৱসাগত বহা অসম সাহিত্য সভাৰ ইয়োদশ অধিৱেশনত  ‘ৰসৰাজ’ উপাধি দিছিল ।

ডাঙৰীয়া দীননাথ বেজবৰুৱাৰ জীৱনী , বেজবৰুৱা বংশাৱলী , মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱ , মোৰ জীৱন সোঁৱৰণ , পত্ৰলেখা , চিত্ৰলেখা , ভাগৱত কথা , তত্ত্বকথা , শ্ৰীকৃষ্ণ কথা , বাখৰ , ভাৰতবৰ্ষৰ বুৰঞ্জী , কামত কৃতিত্ব লাভিবৰ সংকেত , The Religion of love and Devotion , Rasalila and Sri Krishna আৰু অসমীয়া ভাষা আৰু সাহিত্য ইত্যাদি তেওঁৰ আন আন ৰচিত গ্ৰন্থ ।

জোনাকী কাকতত কাব্য জীৱনৰ পাতনি মেলা কদমকলি  ( ১৯১৩ চনত ) তেওঁৰ কাব্য সংকলন । তেওঁৰ নিজৰ কথামতে  ,  ‘কবিতা হয় যদি হওঁক নহয় যদি নহওঁক’ বুলিয়ে কবিতা ৰচনা কৰিছিল । তেওঁৰ প্ৰায় ভাগ কবিতাতে নিজস্ব শৈলী প্ৰকাশ পোৱাত সেইবোৰ হৈ পৰিছে বৈশিষ্ট্য পূৰ্ণ  । 

১৯২৪ চনত অসম সাহিত্য সভাৰ সপ্তম গুৱাহাটী অধিবেশনত সভাপতিৰ আসন অলংকৃত কৰা এইজনা মহান সাহিত্যিক ১৯৩৮ চনত ডিব্ৰুগড়ত ইহলীলা সম্বৰণ কৰে ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top