Assam TET MCQ Process Of Learning – শিক্ষণ প্রক্রিয়া প্ৰশ্নোত্তৰ

Assam TET MCQ Process Of Learning – শিক্ষণ প্রক্রিয়া প্ৰশ্নোত্তৰ is the TET Notes to each chapter is provided in the list so that you can easily browse throughout different TET syllabus wise notes for Assam TET MCQ Process Of Learning – শিক্ষণ প্রক্রিয়া প্ৰশ্নোত্তৰ.

Assam TET MCQ Process Of Learning – শিক্ষণ প্রক্রিয়া প্ৰশ্নোত্তৰ

Join Telegram channel

প্রশ্ন ১০১:- অখণ্ড শিক্ষণ পদ্ধতি খণ্ড শিক্ষণ পদ্ধতিতকৈ―

(ক) অধিক ক্ষতিকাৰক৷

(খ) কম ক্ষতিকাৰক৷

(গ) অধিক কাৰ্যকৰী৷

(ঘ) কম কাৰ্যকৰী৷

উত্তৰ : (গ) অধিক কাৰ্যকৰী ৷

প্রশ্ন ১০২:- শিক্ষণৰ চাপ দেহ-মনত সজীৱ কৰি ৰাখিবলৈ ক্ৰিয়াৰ পুনৰাবৃত্তিৰ—

(ক) প্রয়োজন আছে৷ 

(খ) প্রয়োজন নাই৷

(গ) অদৰ্কাৰী৷

(ঘ) এটাও নহয়৷

উত্তৰ : (ক) প্ৰয়োজন আছে।

প্রশ্ন ১০৩:- শিক্ষণক প্রভাৱিত কৰা চৰ্ত হ’ল―

(ক) দৈহিক উপযুক্ততা৷

(খ) ক্লান্তি আৰু অৱসাদমুক্ততা৷

(গ) আগ্রহ আৰু অভিৰোচন৷

(ঘ) আটাইকেইটা শুদ্ধ৷

উত্তৰ : (ঘ) আটাইকেইটা শুদ্ধ ।

প্রশ্ন ১০৪:- “পৰিপক্কতা হ’ল বয়সৰ লগে লগে ব্যক্তিৰ শিক্ষা আহৰণৰ ক্ষেত্ৰত সংঘটিত হোৱা যিকোনো পৰিৱৰ্তন, যি মূলতে দৈহিক বিকাশৰ ওপৰত নিৰ্ভৰশীল”– সংজ্ঞাটো আগবঢ়াইছিল―

(ক) গেইট৷

(খ) ৰাইবৰ্ণ৷

(গ) মেক গ’চ৷

(ঘ) থমচন৷

উত্তৰ : (গ) মেক গ’চ ৷

প্রশ্ন ১০৫:- আন মানুহক দেখি-শুনি, নকল কৰি শিকাক―

(ক) প্রচেষ্টা আৰু ভুল পদ্ধতিৰে শিকা বোলে৷

(খ) অনুকৰণ পদ্ধতিৰে শিকা বোলে৷

(গ) অনুবন্ধনৰ সহায়ত শিকা বোলে৷

(ঘ) অস্তদৰ্শনৰ সহায়ত শিকা বোলে৷

উত্তৰ : (খ) অনুকৰণ পদ্ধতিৰে শিকা বোলে।

প্রশ্ন ১০৬:- অনুকৰণ প্ৰক্ৰিয়াক বহলভাৱে ভাগ কৰিব পাৰি—

(ক) দুটা ভাগত৷

(খ) তিনিটা ভাগত৷

(গ) চাৰিটা ভাগত৷

(ঘ) পাঁচটা ভাগত৷

উত্তৰ : (ক) দুটা ভাগত।

প্রশ্ন ১০৭:- Mimesis এটা গ্ৰীক ভাষাৰ শব্দ; ইয়াৰ অৰ্থ হ’ল―

(ক) আহৰণ কৰা৷

(খ) অভিৰোচিত কৰা৷

(গ) অনুমান কৰা৷

(ঘ) অনুকৰণ কৰা৷

উত্তৰ : (ঘ) অনুকৰণ কৰা ৷

প্রশ্ন ১০৮:- তলৰ অমিলটো বাছি উলিওৱা―

(ক) থৰ্নডাইক–মেকুৰী৷

(খ) পেভলভ–কুকুৰ৷

(গ) ক’হলাৰ–চিম্পাঞ্জী৷

(ঘ) ক্ৰেথৱল–নিগনি৷

উত্তৰ : (ঘ) ক্ৰেথৱল–নিগনি ৷

প্রশ্ন ১০৯:- প্রচেষ্টা আৰু ভুল পদ্ধতিৰে শিকিবলৈ সময় কিছু বেছি লাগে, কিন্তু এনে পদ্ধতিৰে শিকা কথা―

(ক) ক্ষণস্থায়ী হয়৷ 

(খ) দীর্ঘস্থায়ী হয়৷

(গ) কামত নাহে৷

(ঘ) এটাও নহয়৷

উত্তৰ : (খ) দীর্ঘস্থায়ী হয় ৷

প্রশ্ন ১১০:- শ্রেণীকক্ষত পুৰস্কাৰ আৰু শাস্তিৰ নীতিৰ অপপ্রয়োগে শিক্ষাৰ্থীৰ―

(ক) ক্ষতি কৰে৷

(খ) কামত আহে৷

(গ) অভিৰোচিত কৰে৷

(ঘ) আগ্ৰহী কৰে৷

উত্তৰ : (ক) ক্ষতি কৰে ৷

প্রশ্ন ১১১:- অনুশীলন নীতিৰ দুটা উপভাগ হ’ল―

(ক) শাস্তি আৰু পুৰস্কাৰৰ নীতি৷

(খ) ব্যৱহাৰ আৰু অব্যৱহাৰৰ নীতি৷

(গ) ফলাফল আৰু প্ৰস্তুতিৰ নীতি৷

(ঘ) ব্যৱহাৰ আৰু শাস্তিৰ নীতি৷

উত্তৰ : (খ) ব্যৱহাৰ আৰু অব্যৱহাৰৰ নীতি ।

প্রশ্ন ১১২:- এজন ভলীবল খেলিবলৈ শিকা ল’ৰাই অংক কৰিবলৈ শিকোতে ভলীবলৰ ক্ষেত্ৰত আয়ত্ত কৰা জ্ঞান, কৌশল, অভ্যাস, মনোভাৱ আদিয়ে অংক শিকাৰ ক্ষেত্ৰত কোনো শুভ বা অশুভ প্ৰভাৱ নেপেলায়। ইয়াৰ কাৰণ—

(ক) ধনাত্মক স্থানান্তৰকৰণ৷

(খ) ঋণাত্মক স্থানান্তৰকৰণ৷

(গ) শূন্য স্থানাস্তৰকৰণ৷

(ঘ) আটাইকেইটা শুদ্ধ৷

উত্তৰ : (গ) শূন্য স্থানান্তৰকৰণ।

প্রশ্ন ১১৩:- অসমীয়া ব্যাকৰণৰ জ্ঞানে, হিন্দী ব্যাকৰণ শিকাত সহায় কৰে; স্কুটাৰ চলাবলৈ শিকা অভ্যাসে মটৰ গাড়ী চলোৱাত সহায় কৰে―ইহ’ল―

(ক) শূন্য স্থানান্তৰকৰণ৷

(খ) ধনাত্মক স্থানান্তৰকৰণ৷

(গ) ঋণাত্মক স্থানান্তৰকৰণ৷

(ঘ) স্থবিৰ স্থানান্তৰকৰণ৷

উত্তৰ : (ঘ) ধনাত্মক স্থানান্তৰকৰণ।

প্রশ্ন ১১৪:- শিক্ষণ কার্যক স্থায়ীৰূপ প্ৰদানত সহায় কৰে―

(ক) মনোযোগে৷

(খ) আগ্রহে৷

(গ) অভিৰোচনে৷

(ঘ) অভ্যাসে৷

উত্তৰ : (ঘ) অভ্যাসে।

প্রশ্ন ১১৫:- নিজৰ অজানিতেই শিকি থকাখিনিক কোৱা হয়—

(ক) সচেতন শিক্ষণ৷

(খ) অসচেতন শিক্ষণ৷

(গ) বিমূর্ত শিক্ষণ৷

(ঘ) প্রজ্ঞাত্মক শিক্ষণ৷ 

উত্তৰ : (খ) অসচেতন শিক্ষণ।

প্রশ্ন ১১৬:- শিকাৰ প্ৰতি থকা আগ্রহে সম্ভৱ কৰি তোলে—

(ক) অলপ শিক্ষণ৷

(খ) আধা শিক্ষণ৷

(গ) সম্পূর্ণ শিক্ষণ৷

(ঘ) আটাইকেইটা শুদ্ধ৷

উত্তৰ : (খ) আধা শিক্ষণ।

প্রশ্ন ১১৭:- কেতবোৰ মানুহৰ অন্ধকাৰৰ প্ৰতি থকা ভয়, বাঘৰ প্ৰতি থকা ভয়ৰ পৰিণতি—

(ক) অনুবন্ধনবাদ৷

(খ) অনুকৰণ পদ্ধতি৷ 

(গ) সংযোগবাদ৷

(ঘ) সামগ্রিকতাবাদ৷

উত্তৰ : (ক) অনুবন্ধনবাদ।

প্রশ্ন ১১৮:- আৱেগিক অনুবন্ধনবাদৰ জন্মদাতা হ’ল―

(ক) কহলাৰ৷

(খ) থর্নডাইক৷

(গ) ৱাটচন৷

(ঘ) পেভলভ৷

উত্তৰ : (গ) ৱাটচন।

প্রশ্ন ১১৯:- অনুকৰণ পদ্ধতিৰ প্ৰকাৰ দুটা হ’ল— 

(ক) ভাল আৰু বেয়া অনুকৰণ৷

(খ) সুস্থ আৰু অসুস্থ অনুকৰণ৷

(গ) গতিশীল আৰু স্থিতিশীল অনুকৰণ৷

(ঘ) সজ্ঞান আৰু অজ্ঞান অনুকৰণ৷

উত্তৰ : (ঘ) সজ্ঞান আৰু অজ্ঞান অনুকৰণ ৷

প্রশ্ন ১২০:- ব্যক্তিয়ে নিজৰ অজানিতেই আনক অনুকৰণ কৰা কাৰ্যকেই কোৱা হয়—

(ক) সজ্ঞান অনুকৰণ৷

(খ) অজ্ঞান অনুকৰণ৷

(গ) সচেতন অনুকৰণ৷

(ঘ) অসুস্থ অনুকৰণ৷

উত্তৰ : (খ) অজ্ঞান অনুকৰণ।

প্ৰশ্ন ১২১:- পেভলভৰ দ্বাৰা আৱিষ্কৃত অনুবন্ধনবাদক কোৱা হয়― 

(ক) মৌলিক অনুবন্ধনবাদ।

(খ) আৱেগিক অনুবন্ধনবাদ।

(গ) ব্যৱহাৰিক অনুবন্ধনবাদ।

(ঘ) যৌগিক অনুবন্ধনবাদ।

উত্তৰ : (ক) মৌলিক অনুবন্ধনবাদ।

প্রশ্ন ১২২:- ব্যৱহাৰিক অনুবন্ধনবাদৰ জন্মদাতা আছিল—

(ক) পেভলভ।

(খ) কহলাৰ।

(গ) ৱাটচন।

(ঘ) স্কীনাৰ।

উত্তৰ : (ঘ) স্কীনাৰ ৷

প্রশ্ন ১২৩:- “যিটো উদ্দীপকে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে পিছলৈ সেই উদ্দীপক নাথাকিলেও তাৰ বিকল্প উদ্দীপকেও একে প্রতিক্রিয়া আদায় কৰিবলৈ সমর্থ হয়”–মতামতটো—

(ক) সামগ্ৰিকতাবাদৰ।

(খ) অনুবন্ধনবাদৰ।

(গ) মৌলিক অনুবন্ধনবাদৰ।

(ঘ) ব্যৱহাৰিক অনুবন্ধনবাদৰ।

উত্তৰ : (ঘ) ব্যৱহাৰিক অনুবন্ধনবাদৰ।

প্রশ্ন ১২৪:- বিদ্যালয়ত শিশুৰ প্ৰধান অনুকৰণীয় ব্যক্তি হ’ল—

(ক) শিক্ষক।

(খ) সহপাঠী।

(গ) জ্যেষ্ঠ শিক্ষার্থী।

(ঘ) কৰ্মচাৰী।

উত্তৰ : (ক) শিক্ষক।

প্রশ্ন ১২৫:- কাৰ্যকৰী শিক্ষণৰ বাবে শিক্ষকে শিশুৰ শাৰীৰিক বা মানসিক সুস্থতা সম্বন্ধে নিশ্চিত হোৱাটো—

(ক) বাধ্যতামূলক।

(খ) অপ্রয়োজনীয়।

(গ) আৱশ্যকীয়।

(ঘ) অদৰ্কাৰী।

উত্তৰ :(গ) আৱশ্যকীয়।

1 thought on “Assam TET MCQ Process Of Learning – শিক্ষণ প্রক্রিয়া প্ৰশ্নোত্তৰ”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top