Assam TET MCQ Process Of Learning – শিক্ষণ প্রক্রিয়া প্ৰশ্নোত্তৰ

Assam TET MCQ Process Of Learning – শিক্ষণ প্রক্রিয়া প্ৰশ্নোত্তৰ is the TET Notes to each chapter is provided in the list so that you can easily browse throughout different TET syllabus wise notes for Assam TET MCQ Process Of Learning – শিক্ষণ প্রক্রিয়া প্ৰশ্নোত্তৰ.

Assam TET MCQ Process Of Learning – শিক্ষণ প্রক্রিয়া প্ৰশ্নোত্তৰ

Join Telegram channel

প্রশ্ন ৭৬:- তলৰ কোনটোৱে সংযোগবাদ বুজায় ? 

(ক) উদ্দীপক প্রতিক্রিয়া তত্ত্ব।

(খ) প্রতিক্রিয়া উদ্দীপক তত্ত্ব।

(গ) সামগ্রিকতাবাদী তত্ত্ব।

(ঘ) অনুবন্ধনবাদ তত্ত্ব।

উত্তৰ : (ক) উদ্দীপক প্রতিক্রিয়া তত্ত্ব।

প্রশ্ন ৭৭:- “গেষ্টলট স্কুল অৱ চাইক’লজী”ৰ প্ৰতিষ্ঠাপক আছিল—

(ক) পেভলভ।

(খ) ৱাৰ্থিমাৰ।

(গ) থর্নডাইক।

(ঘ) কহলাৰ।

উত্তৰ : (ঘ) কহলাৰ ৷

প্রশ্ন ৭৮:- শাস্তি আৰু পুৰস্কাৰৰ নীতিটো শিক্ষণৰ―নীতিৰ ওপৰত প্ৰতিষ্ঠিত।

(ক) প্ৰস্তুতিৰ নীতি।

(খ) অনুশীলন নীতি।

(গ) ফলাফল নীতি।

(ঘ) অব্যাৱহাৰ নীতি।

উত্তৰ : (গ) ফলাফল নীতি ৷

প্রশ্ন ৭৯:- পুনঃ পুনঃ প্রচেষ্টা কৰি, বহু সময়ৰ বিৰতিৰ পিছত শিশু এজনে নিজেই অংক এটা সমাধান কৰিলে। এই ধৰণে শিকাক শিক্ষণৰ– তত্ত্বই সমৰ্থন কৰে।

(ক) অনুবন্ধনবাদ।

(খ) সংযোগবাদ।

(গ) সামগ্রিকতাবাদ।

(ঘ) আটাইকেইটা শুদ্ধ।

উত্তৰ : (খ) সংযোগবাদ ৷

প্রশ্ন ৮০:- পেছাত পেভলভ আছিল এজন

(ক) শিক্ষক।

(খ) উকীল।

(গ) ব্যৱসায়ী।

(ঘ) শৰীৰতত্ত্ববিদ।

উত্তৰ : (ঘ) শৰীৰ্তত্ত্ববিদ।

প্রশ্ন ৮১:- শিক্ষণ তেতিয়াহে সম্ভৱ যেতিয়া―স্তৰপোৱা যায়।

(ক) পৰীক্ষাৰ।

(খ) পৰিপক্কতাৰ।

(গ) অভীক্ষাৰ।

(ঘ) অভিৰোচন।

উত্তৰ : (খ) পৰিপক্কতাৰ ৷

প্রশ্ন ৮২:- অনুবন্ধন হয়―আৰু কৃত্রিম উদ্দীপকৰ মাজত নতুন সংযোগ। 

(ক) স্বাভাৱিক প্রতিক্রিয়া। 

(খ) অস্বাভাৱিক প্রতিক্রিয়া। 

(গ) স্বাভাৱিক উদ্দীপক।

(ঘ) অস্বাভাৱিক উদ্দীপক।

উত্তৰ : (ক) স্বাভাৱিক প্রতিক্রিয়া ৷

প্রশ্ন ৮৩:- অনুবন্ধনে শিক্ষণৰ―সাক্ষৰতাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

(ক) উচ্চ মানসিক।

(খ) নিম্ন মানসিক।

(গ) উচ্চ শাৰীৰিক।

(ঘ) নিম্ন শাৰীৰিক।

উত্তৰ : (ক) উচ্চ মানসিক ৷

প্রশ্ন ৮৪:- পৰিণাম নীতিয়ে শিক্ষণত―ৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

(ক) ব্যৱহাৰ আৰু অব্যৱহাৰ।

(খ) শাস্তি আৰু পুৰস্কাৰ।

(গ) ব্যৱহাৰ আৰু পুৰস্কাৰ।

(ঘ) অব্যৱহাৰ আৰু পুৰস্কাৰ।

উত্তৰ : (খ) শাস্তি আৰু পুৰস্কাৰ ৷

প্রশ্ন ৮৫:- যদি স্বাভাৱিক প্রতিক্রিয়া, কৃত্রিম উদ্দীপকৰ দ্বাৰা সৃষ্টি কৰা হয় তেন্তে তাক―বুলি কোৱা হয়।

(ক) সংযোগবাদ।

(খ) সামগ্রিকতাবাদ।

(গ) অনুবন্ধনবাদ।

(ঘ) গেষ্টলটবাদ।

উত্তৰ : (গ) অনুবন্ধনবাদ ৷

প্রশ্ন ৮৬:- চালকজনে ৰঙা লাইট জ্বলা দেখাৰ লগে লগেই গাড়ীখন ৰখাই দিলে। ইয়াৰ কাৰণ―

(ক) সংযোগবাদ।

(খ) সামগ্রিকতাবাদ। 

(গ) গেষ্টাল্টবাদ।

(ঘ) অনুৱন্ধনবাদ।

উত্তৰ : (ক) সংযোগবাদ ৷

প্রশ্ন ৮৭:- শিক্ষণ হ’ল সমস্যা―কৰিব পৰা কাৰ্যবিশেষ।

(ক) সৃষ্টি।

(খ) সমাধান।

(গ) পৰিপক্কতা।

(ঘ) বুদ্ধি।

উত্তৰ : (খ) সমাধান ৷

প্রশ্ন ৮৮:- তলৰ কোনটো শিক্ষণৰ বৈশিষ্ট্য নহয় ? 

(ক) শিক্ষণ হ’ল আচৰণ সংশোধন কৰা কাৰ্যবিশেষ।

(খ) শিক্ষণৰ ওপৰত জৈৱিক বংশগতি আৰু পৰিৱেশৰ যথেষ্ট প্রভাৱ থাকে।

(গ) শিক্ষণে আচৰণ সংশোধন কৰে ভাল ক্ষেত্ৰতহে বেয়াৰ ক্ষেত্ৰত নহয়।

(ঘ) শিক্ষণ সদায় এক নির্দিষ্ট লক্ষ্য আৰু উদ্দেশাৰ দিশত পৰিচালিত হয়।

উত্তৰ : (গ) শিক্ষণে আচৰণ সংশোধন কৰে ভাল ক্ষেত্ৰতহে, বেয়াৰ ক্ষেত্ৰত নহয়।

প্রশ্ন ৮৯:- জীৱ বিজ্ঞানৰ মতে পৰিপক্কতাৰ (Maturation) অৰ্থ হ’ল―

(ক) শিশুৰ দৈহিক বিকাশ সাধন হোৱা।

(খ) শিশুৰ মানসিক বিকাশ সাধন হোৱা।

(গ) শিশুৰ আৱেগিক বিকাশ সাধন হোৱা।

(ঘ) শিশুৰ আধ্যাত্মিক বিকাশ সাধন হোৱা।

উত্তৰ : (ক) শিশুৰ দৈহিক বিকাশ সাধন হোৱা ৷

প্রশ্ন ৯০:-অন্তদর্শন পদ্ধতিয়ে বিশেষভাৱে সহায় কৰিব পাৰে―

(ক) কম বুদ্ধিসম্পন্নসকলক। 

(খ) শিশুসকলক।

(গ) বুদ্ধিবানসকলক।

(ঘ) আটাইকেইটা শুদ্ধ।

উত্তৰ : (গ) বুদ্ধিবান সকলক ৷

প্রশ্ন ৯১:- শিক্ষণৰ স্থানাস্তৰকৰণ (Transfer of learning) ৰ বিষয়ে প্লেটোৰ কোনখন গ্ৰন্থত উল্লেখ আছে ?

(ক) গণতন্ত্র।

(খ) ৰিপাব্লিক।

(গ) এমিল।

(ঘ) পেৰাডাইজ লষ্ট। 

উত্তৰ : (খ) ৰিপাব্লিকত (Republic)

প্রশ্ন ৯২:- শিক্ষণৰ স্থানান্তৰকৰণ তত্ত্বৰ সত্যাসত্য প্রমাণ কৰাৰ বাবে প্ৰথমে পদক্ষেপ গ্ৰহণ কৰা মনোবিজ্ঞানী আছিল—

(ক)ৱাৰ্থিমাৰ।

(খ) প্লেটো।

(গ) উদৱৰ্থ।

(ঘ) উইলিয়াম জেমছ।

উত্তৰ : (ঘ) উইলিয়াম জেমছ।

প্রশ্ন ৯৩:- থৰ্নডাইক আৰু উদৱৰ্থে যুটীয়াভাৱে শিক্ষণৰ স্থানান্তৰকৰণ সম্বন্ধে পৰীক্ষা কাৰ্য চলায়―

(ক) ১৮০৩ চনত।

(খ) ১৯০৩ চনত)।

(গ) ১৮১২ চনত।

(ঘ) ১৯১২ চনত।

উত্তৰ : (খ) ১৯০৩ চনত ৷

প্রশ্ন ৯৪:- উদ্দেশ্যবিহীন, যন্ত্রচালিত, গতানুগতিক আৰু অন্ধ শিক্ষা ব্যৱস্থাপনাৰ পৰা―আশা কৰিব নোৱাৰি ৷

(ক) শিক্ষণ।

(খ) অভিৰোচন।

(গ) মনোযোগ।

(ঘ) শিক্ষণৰ স্থানান্তৰকণৰ।

উত্তৰ : (ঘ) শিক্ষণৰ স্থানান্তৰকণৰ ৷

প্ৰশ্ন ৯৫:- শিক্ষণৰ স্থানান্তৰকণৰ দ্বি-তত্ত্বৰ উদ্ভাৱক আছিল— 

(ক) স্পিয়েৰমেন।

(খ) চাৰ্লছ জুড।

(গ) থৰ্নডাইক।

(ঘ) লেংডন।

উত্তৰ : (ক) স্পিয়েৰমেন ৷

প্রশ্ন ৯৬:- শিকনৰ ধনাত্মক স্থানান্তৰকৰণ সংঘটিত হয়―

(ক) বিপৰীত ধৰণৰ কামৰ ক্ষেত্ৰত৷ 

(খ) একে ধৰণৰ কামৰ ক্ষেত্ৰত৷

(গ) এটা ভাষিক আৰু এটা দৈহিক কামৰ ক্ষেত্ৰত৷

(ঘ) এটাও নহয়৷

উত্তৰ : (খ) একেধৰণৰ কামৰ ক্ষেত্ৰত।

প্রশ্ন ৯৭:- শিক্ষণৰ উদ্দীপকৰ সংযোগ সাধন হয়― 

(ক) অতীত অভিজ্ঞতাৰ লগত৷

(খ) আচৰণৰ লগত৷

(গ) প্ৰতিক্ৰিয়াৰ লগত৷

(ঘ) এটাও নহয়৷

উত্তৰ : (গ) প্ৰতিক্ৰিয়াৰ লগত।

প্রশ্ন ৯৮:- শ্রেণীকক্ষত অভিৰোচন সৃষ্টি কৰিব পাৰি—

(ক) পুৰস্কাৰৰ যোগেদি৷

(খ) উদগনিৰ যোগেদি৷

(গ) মৰম আৰু সহানুভূতিৰ যোগেদি৷ 

(ঘ) আটাইকেইটা শুদ্ধ৷

উত্তৰ : (ঘ) আটাইকেইটা শুদ্ধ।

প্রশ্ন ৯৯:- উদ্দেশ্য পূৰণৰ বাবে অথবা অভিপ্ৰায়ক বাস্তৱ ৰূপ দিবৰ বাবে ব্যক্তিৰ মনত উৎসাহ উদ্দীপনা আৰু কৰ্মস্পৃহা জগাই তোলা এই মনোবৈজ্ঞানিক প্রচেষ্টাকেই― বোলা হয়।

(ক) মনোযোগ৷

(খ) অভিৰোচন৷

(গ) আগ্রহ৷

(ঘ) প্রতিবর্ত ক্রিয়া৷

উত্তৰ : (খ) অভিৰোচন।

প্রশ্ন ১০০:- ছাত্ৰ-ছাত্ৰীৰ মনত শিক্ষকে অভিৰোচন সৃষ্টি কৰিব পাৰে শ্ৰেণীকোঠাত―

(ক) গালি-শপনি পাৰি৷

(খ) শাৰীৰিক শাস্তি দি৷

(গ) শ্ৰেণীৰ পৰা বাহিৰ কৰি দি৷

(ঘ) সহযোগিতা কৰি৷

উত্তৰ : (ঘ) সহযোগিতা কৰি ৷

1 thought on “Assam TET MCQ Process Of Learning – শিক্ষণ প্রক্রিয়া প্ৰশ্নোত্তৰ”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top