Assam TET MCQ Process Of Learning – শিক্ষণ প্রক্রিয়া প্ৰশ্নোত্তৰ

Assam TET MCQ Process Of Learning – শিক্ষণ প্রক্রিয়া প্ৰশ্নোত্তৰ is the TET Notes to each chapter is provided in the list so that you can easily browse throughout different TET syllabus wise notes for Assam TET MCQ Process Of Learning – শিক্ষণ প্রক্রিয়া প্ৰশ্নোত্তৰ.

Assam TET MCQ Process Of Learning – শিক্ষণ প্রক্রিয়া প্ৰশ্নোত্তৰ

Join Telegram channel

প্রশ্ন ৫১:- থর্নডাইকৰ মতে শিকা কথাবোৰ ব্যৱহাৰ কৰি থাকিলেহে স্থায়ী হৈ ৰয়, অব্যৱহাৰৰ ফলত শিকা কথাবোৰ মনৰ পৰা—

(ক) স্থায়ী হয়।

(খ) অভ্যাসত পৰিণত হয়। 

(গ) মনোযোগ কমি আহে।

(ঘ) বিস্মৃতিৰ গৰ্ভত পৰে।

উত্তৰ : (ঘ) বিস্মৃতিৰ গৰ্ভত পৰে।

প্রশ্ন ৫২:- মানুহে শিকা কথাবোৰৰ স্থায়িত্ব নিৰ্ভৰ কৰে―

(ক) অনুবন্ধনৰ ওপৰত।

(খ) অনুশীলনৰ ওপৰত।

(গ) ফলাফলৰ ওপৰত।

(ঘ) এটাও নহয়।

উত্তৰ : (খ) অনুশীলনৰ ওপৰত।

প্রশ্ন ৫৩:- শিকিবলৈ শাৰৰিক-মানসিকভাৱে সাজু হৈ থকাজনে সহজে শিকিব পাৰে– কথাষাৰে নিৰ্ভৰ কৰে—

(ক) ফলাফলৰ নীতিক।

(খ) অনুশীলনৰ নীতিক।

(গ) প্রস্তুতিৰ নীতিক।

(ঘ) ব্যৱহাৰৰ নীতিক।

উত্তৰ : (গ) প্রস্তুতিৰ নীতিক।

প্রশ্ন ৫৪:- অনিচ্ছুকসকলৰ মাজত ইচ্ছা জগাই তোলা, আগ্ৰহী কৰি তোলা, শিক্ষাৰ প্ৰয়োজনীয়তা উপলব্ধি কৰিব নোৱৰা জনৰ মনত উপলব্ধিৰ সৃষ্টি কৰা আদি কামবোৰক কোৱা হয়—

(ক) প্ৰেৰণা।

(খ) প্রয়োজন।

(গ) অভিৰোচন।

(ঘ) শিক্ষণ।

উত্তৰ : (গ) অভিৰোচন।

প্রশ্ন ৫৫:- শিক্ষাৰ ক্ষেত্ৰত শিক্ষক সকলক কোৱা হয়―

(ক) অভিৰোচক।

(খ) অভিপ্ৰায়।

(গ) প্ৰেৰক।

(ঘ) এটাও নহয়। 

উত্তৰ : (ক) অভিৰোচক।

প্রশ্ন ৫৬:- শিক্ষকে শিক্ষাৰ্থীসকলক অভিৰোচিত কৰিবলৈ ব্যৱহাৰ কৰিব পৰা পদ্ধতি হ’ল—

(ক) ভবিষ্যৎ জীৱনৰ আশা প্ৰদ ছবি এখন দাঙি ধৰা।

(খ) ডাঙৰ মানুহৰ ধাৰণা দিয়া।

(গ) পুৰস্কাৰ আৰু শাস্তিৰ ব্যৱহাৰ কৰা।

(ঘ) আটাইকেইটা শুদ্ধ।

উত্তৰ : (ঘ) আটাইকেইটা শুদ্ধ ৷

প্রশ্ন ৫৭:- শিক্ষকে ছাত্ৰ-ছাত্ৰীসকলক অভিৰোচিত কৰাৰ সময়ত মন কৰিব লাগে―

(ক) মানসিক পৰিপক্কতাৰ ওপৰত।

(খ) ব্যক্তি পার্থক্যৰ ওপৰত।

(গ) ছাত্ৰ-ছাত্ৰীৰ বয়সৰ ওপৰত।

(ঘ) আটাইকেইটা শুদ্ধ।

উত্তৰ : (ঘ) আটাইকেইটা শুদ্ধ।

প্রশ্ন ৫৮:- শিক্ষার্থীসকলে এটা বিষয় শিকাৰ পিছতেই আন এটা বিষয় শিকিলে প্রথমে শিকা বিষয়ৰ বহুখিনি কথা পাহৰি যায়—

(ক) পশ্চাদমুখী অৱৰোধৰ বাবে।

(খ) বিস্মৃতিৰ বাবে।

(গ) অতিশিক্ষণৰ বাবে।

(গ) এটাও নহয়।

উত্তৰ : (ক) পশ্চাদমুখী অৱৰোধৰ বাবে।

প্রশ্ন ৫৯:- অতি শিক্ষণো―

(ক) পাহৰণিৰ কাৰণ।

(খ) প্রয়োজনৰ কাৰণ।

(গ) মনোযোগৰ কাৰণ।

(ঘ) অভিৰোচনৰ কাৰণ।

উত্তৰ : (ক) পাহৰণিৰ কাৰণ ৷

প্রশ্ন ৬০:- “শিক্ষণ হৈছে এটা বিশেষ সম্পর্ক যিয়ে এগৰাকী শিশুৰ ক্ষমতাসমূহৰ পূৰ্ণাংগ বিকাশত সহায় কৰে”– মতবাদটো আছিল– 

(ক) জন লকৰ।

(খ) জন ডিউইৰ।

(গ) ৰাইবাৰ্ণৰ।

(ঘ) আডাম স্মিথৰ।

উত্তৰ: (গ) ৰাইবাৰ্ণৰ।

প্রশ্ন ৬১:- শিক্ষণ আৰু পৰিপ্পকতাৰ এটা উমৈহতীয়া বৈশিষ্ট্য হ’ল— 

(ক) দুয়োটা ব্যক্তিকেন্দ্রিক ক্ষমতা। 

(খ) দুয়োটা সামাজিক ক্ষমতা।

(গ) দুয়োটা নেতিবাচক ক্ষমতা।

(ঘ) আটাইকেইটা শুদ্ধ।

উত্তৰ :- (ক) দুয়োটা ব্যক্তিকেন্দ্রিক ক্ষমতা।

প্রশ্ন ৬২:- পেভলভৰ অনুবন্ধনবাদৰ পৰীক্ষাত অনুবন্ধিত প্রতিক্রিয়াটো আছিল—

(ক) কুকুৰটো।

(খ) ঘণ্টাৰ শব্দটো।

(গ) মাংসখিনি।

(ঘ) শিকলি ডাল। 

উত্তৰ : (খ) ঘণ্টাৰ শব্দটো।

প্রশ্ন ৬৩:- অনুবন্ধনৰ দ্বাৰা শিক্ষণৰ উদ্ভাৱক ৰাছিয়াৰ শৰীৰতত্ত্ববিদ গৰাকীৰ নাম আছিল―

(ক) কহলাৰ।

(খ) কাফকা।

(গ) থর্নডাইক।

(ঘ) আইভান পেভলভ।

উত্তৰ : (ঘ) আইভান পেভলভ।

প্রশ্ন ৬৪:- শিক্ষণৰ ক্ষেত্ৰত প্ৰথম ‘অন্তদর্শন’ শব্দটো ব্যৱহাৰ কৰা মনোবিদগৰাকী আছিল—

(ক) থর্নডাইক।

(খ) কাফকা।

(গ) কহলাৰ।

(ঘ) ৱাৰ্থীমাৰ।

উত্তৰ : (গ) ক’হলাৰ।

প্রশ্ন ৬৫:- এজন শিশুৱে কলমেৰে লিখিবলৈ শিকাটো এটা উদাহৰণ—

(ক) অনুবন্ধনৰ।

(খ) প্রচেষ্টা আৰু ভুল পদ্ধতিৰ।

(গ) সংযোগবাদ।

(ঘ) এটাও নহয়।

উত্তৰ : (খ) প্রচেষ্টা আৰু ভুল পদ্ধতিৰ।

প্রশ্ন ৬৬:- প্রচেষ্টা আৰু ভুল পদ্ধতিৰ সৈতে শিক্ষণৰ জড়িত তত্ত্বটো হ’ল—

(ক) সামগ্রিকতাবাদ।

(খ) অনুবন্ধনবাদ।

(গ) সংযোগবাদ।

(ঘ) আটাইকেইটা।

উত্তৰ : (গ) সংযোগবাদ।

প্রশ্ন ৬৭:- অন্তদর্শন শিক্ষণৰ সৈতে জড়িত শিক্ষণৰ তত্ত্বটো হ’ল–

(ক) সামগ্রিকতাবাদ।

(খ) সংযোগবাদ।

(গ) অনুবন্ধনবাদ।

(ঘ) এটাও নহয়।

উত্তৰ : (ক) সামগ্রিকতাবাদ ৷

প্রশ্ন ৬৮:- “চাৰি বছৰীয়া ৰামক ব্যাকৰণ শিকোৱা নহয়”― ইয়াত শিক্ষণৰ কোনটো নীতি জড়িত আছে ?

(ক) ফলাফল নীতি।

(খ) অনুশীলন নীতি।

(গ) প্রস্তুতিৰ নীতি।

(ঘ) ব্যৱহাৰ নীতি।

উত্তৰ : (গ) প্রস্তুতিৰ নীতি ৷

প্ৰশ্ন ৬৯:- গেষ্টাল্ট বা সামগ্রিকতাবাদ মনোবিজ্ঞানৰ মতে সম্পূর্ণতা বেছি গুৰুত্বপূৰ্ণ ইয়াৰ― 

(ক) সম্পূর্ণতাতকৈ।

(খ) অংশবোৰতকৈ।

(গ) দুয়োটা শুদ্ধ।

(ঘ) দুয়োটা অশুদ্ধ।

উত্তৰ : (খ) অংশবোৰতকৈ ৷

প্রশ্ন ৭০:- উদ্দীপকৰ সলনিকৰণ হ’ল শিক্ষণৰ তত্ত্বৰ মূল বিষয়বস্তু। 

(ক) সামগ্রিকতাবাদ।

(খ) সংযোগবাদ।

(গ) অনুৱন্ধনবাদ।

(ঘ) অনুকৰণ পদ্ধতি।

উত্তৰ : (গ) অনুৱন্ধনবাদ ৷

প্রশ্ন ৭১:- টেনিৰিফ দ্বীপত কহলাৰে সৰ্বাধিক পৰীক্ষা-নিৰীক্ষা চলোৱা জন্তুবিধ আছিল–

(ক) কুকুৰ।

(খ) মেকুৰী।

(গ) নিগনি।

(ঘ) চিম্পাঞ্জী।

উত্তৰ :(ঘ) চিম্পাঞ্জী।

প্রশ্ন ৭২:- শিশু মনোবিজ্ঞানৰ জ্ঞান প্ৰাথমিক শিক্ষকৰ বাবে অতি আৱশ্যকীয়, কাৰণ—

(ক) ই শিশুক নিয়মানুবর্তী কৰি তোলাত সহায় কৰে।

(খ) শিশুৰ পৰীক্ষাৰ ফলাফল উন্নত কৰিব পাৰে।

(গ) ই শিশুক অভিৰোচিত কৰাত সহায় কৰে।

(ঘ) ই শিক্ষকক শিশুৰ আচৰণ বুজিপোৱাত সহায় কৰে।

উত্তৰ : (ঘ) ই শিক্ষকক শিশুৰ আচৰণ বুজিপোৱাত সহায় কৰে।

প্রশ্ন ৭৩:- কোনটোৰ ওপৰত অন্তদৰ্শন নিৰ্ভৰশীল ?

(ক) প্ৰচেষ্টা আৰু ভুল।

(খ) জ্ঞান আৰু বুদ্ধি।

(গ) বৃদ্ধি।

(ঘ) আগ্ৰহ।

উত্তৰ : (খ) জ্ঞান আৰু বুদ্ধি ৷

প্রশ্ন ৭৪:- গেইটছৰ মতে শিকন হৈছে―ৰ দ্বাৰা আচৰণৰ সংশোধন কার্য।

(ক) অভিজ্ঞতা আৰু প্ৰশিক্ষণ।

(খ) জ্ঞান আৰু কৌশল।

(গ) ৰীতি-নীতি আৰু আচাৰ-ব্যৱহাৰ।

(ঘ) আগ্রহ আৰু অভিৰোচন।

উত্তৰ : (ক) অভিজ্ঞতা আৰু প্ৰশিক্ষণ।

প্রশ্ন ৭৫:- শিকন তত্ত্বত প্রাকৃতিক প্রতিক্রিয়াক জনা যায়—

(ক) অনুবন্ধিত উদ্দীপক।

(খ) অনুবন্ধিত প্রতিক্রিয়া।

(গ) অনুবন্ধনহীন উদ্দীপক।

(ঘ) অনুবন্ধনহীন প্রতিক্রিয়া। 

উত্তৰ : (ঘ) অনুবন্ধনহীন প্রতিক্রিয়া।

1 thought on “Assam TET MCQ Process Of Learning – শিক্ষণ প্রক্রিয়া প্ৰশ্নোত্তৰ”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top