Assam TET MCQ Process Of Learning – শিক্ষণ প্রক্রিয়া প্ৰশ্নোত্তৰ

Assam TET MCQ Process Of Learning – শিক্ষণ প্রক্রিয়া প্ৰশ্নোত্তৰ is the TET Notes to each chapter is provided in the list so that you can easily browse throughout different TET syllabus wise notes for Assam TET MCQ Process Of Learning – শিক্ষণ প্রক্রিয়া প্ৰশ্নোত্তৰ.

Assam TET MCQ Process Of Learning – শিক্ষণ প্রক্রিয়া প্ৰশ্নোত্তৰ

Join Telegram channel

প্রশ্ন ২৬:- অন্তদর্শন পদ্ধতিৰ মূল ভেটি হ’ল—

(ক) সামগ্রিকতাবাদ তত্ত্ব।

(খ) সংযোগবাদ তত্ত্ব।

(গ) অনুবন্ধনবাদ তত্ত্ব।

(ঘ) এটাও নহয়।

উত্তৰ : (ক) সামগ্রিকতাবাদ তত্ত্ব ৷

প্রশ্ন ২৭:- ইংৰাজী Motivation শব্দটো আহিছিল—

(ক) গ্ৰীক ভাষাৰ পৰা।

(খ) লেটিন ভাষাৰ পৰা।

(গ) ইংৰাজী ভাষাৰ পৰা।

(ঘ) জাৰ্মান ভাষাৰ পৰা।

উত্তৰ : (খ) লেটিন ভাষাৰ পৰা ৷

প্ৰশ্ন ২৮:- শিক্ষণৰ এটা গুৰুত্বপূৰ্ণ চৰ্ত হ’ল―

(ক) অভ্যাস।

(খ) জ্ঞানমূলক শিক্ষণ।

(গ) অভিপ্ৰেৰণা।

(ঘ) বুধমূলক শিক্ষণ।

উত্তৰ : (গ) অভিপ্ৰেৰণা ৷

প্রশ্ন ২৯:- আইভান পেভলভ এগৰাকী প্ৰখ্যাত মনোবিজ্ঞানী আছিল―

(ক) ইংলেণ্ডৰ।

(খ) আমেৰিকাৰ।

(গ) ৰাছিয়াৰ।

(ঘ) জার্মানীৰ।

উত্তৰ : (গ) ৰাছিয়াৰ।

প্রশ্ন ৩০:- গেষ্টাল্ট শব্দৰ অৰ্থ―

(ক) সামগ্ৰিক।

(খ) অর্ধেক।

(গ) ঘূৰণীয়া।

(ঘ) বৰ্গ।

উত্তৰ : (ক) সামগ্ৰিক ৷

প্রশ্ন ৩১: শিক্ষণ প্রক্ৰিয়াটো হ’ল—

(ক) উদ্দেশ্যহীন প্রক্রিয়া।

(খ) উদ্দেশ্যমূলক প্রক্রিয়া।

(গ) অন্ধ প্রক্রিয়া।

(ঘ) বিবেচনাহীন প্রক্রিয়া।

উত্তৰ : (খ) উদ্দেশ্যমূলক প্রক্রিয়া।

প্রশ্ন ৩২:- থৰ্নডাইকৰ প্ৰচেষ্টা আৰু ভুল পদ্ধতিক বুদ্ধিবান মানুহৰ বাবে প্ৰয়োজনীয় নহয় বুলি কৈছিল— 

(ক) সামগ্রিকতাবাদীসকলে।

(খ) পেভলভে।

(গ) অন্তদর্শন পদ্ধতিয়ে।

(ঘ) ছিৰিল বাৰ্টে।

উত্তৰ : (ক) সামগ্রিকতাবাদীসকলে ৷

প্রশ্ন ৩৩:- থর্ণডাইকৰ প্ৰচেষ্টা আৰু ভুল পদ্ধতিত প্ৰচেষ্টাৰ মাত্ৰা যিমানে বাঢ়ি যায়, ভুলৰ মাত্ৰা—

(ক) সিমানে বাঢ়ে।

(খ) সিমানে কমে।

(গ) একে থাকে।

(ঘ) এটাও নহয়।

উত্তৰ : (খ) সিমানে কমে।

প্রশ্ন ৩৪:- চাইকেল চলাবলৈ শিকা, সাঁতুৰিবলৈ শিকা আদিৰ লগত ব্যৱহাৰ প্ৰণিধানযোগ্য—

(ক) অনুবন্ধনবাদৰ।

(খ) সামগ্রিকতাবাদৰ।

(গ) প্রচেষ্টা আৰু ভুল পদ্ধতিৰ।

(ঘ) এটাও নহয়।

উত্তৰ : (গ) প্রচেষ্টা আৰু ভুল পদ্ধতিৰ।

প্রশ্ন ৩৫:- শিক্ষণক এটা সমস্যা সমাধানৰ প্ৰক্ৰিয়া বুলি বিবেচনা কৰে আৰু ইয়াৰ অংশ বিশেষতকৈ সামগ্ৰিক অৱস্থাটোৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰে―

(ক) অনুবন্ধনবাদে।

(খ) সামগ্রিকতাবাদে।

(গ) সংযোগবাদে।

(ঘ) এটাও নহয়।

উত্তৰ : (খ) সামগ্ৰিকতাবাদে।

প্রশ্ন ৩৬:- সামগ্রিকতাবাদীসকলে উদ্ভাৱন কৰা শিক্ষাৰ পদ্ধতিটো হ’ল—

(ক) প্রচেষ্টা আৰু ভুল পদ্ধতি।

(খ) অন্তদর্শন পদ্ধতি।

(গ) মৌলিক অনুবন্ধন। 

(ঘ) ব্যৱহাৰিক অনুবন্ধন।

উত্তৰ : (খ) অন্তদর্শন পদ্ধতি।

প্রশ্ন ৩৭:- সামগ্রিকতাবাদীসকলে তেওঁলোকৰ ধাৰণাক প্ৰমাণ কৰিবৰ বাবে পৰীক্ষা-নিৰীক্ষা চলোৱা চিম্পাঞ্জীটোৰ নাম আছিল—

(ক) চুলতান।

(খ) ছলমান।

(গ) চিম্পাঞ্জী।

(ঘ) চনম।

উত্তৰ : (ক) চুলতান।

প্রশ্ন ৩৮:- অনুবন্ধনবাদৰ জন্মদাতা আছিল―

(ক) থর্নডাইক।

(খ) কহলাৰ।

(গ) কাফকা।

(ঘ) পেভলভ।

উত্তৰ : (ঘ) পেভলভ।

প্রশ্ন ৩৯:- শিক্ষণৰ অনুবন্ধনবাদৰ প্ৰক্ৰিয়া হ’ল—

(ক) দুই প্ৰকাৰৰ।

(খ) তিনি প্ৰকাৰৰ।

(গ) চাৰি প্ৰকাৰৰ।

(ঘ) পাঁচ প্ৰকাৰৰ।

উত্তৰ : (ক) দুই প্ৰকাৰৰ ৷

প্রশ্ন ৪০:- মৌলিক অনুবন্ধনবাদৰ আৱিষ্কাৰক আছিল—

(ক) কহলাৰ।

(খ) কাফকা।

(গ) কলভিন।

(ঘ) পেভলভ।

উত্তৰ : (ঘ) পেভলভ ৷

প্রশ্ন ৪১:- ব্যৱহাৰিক অনুবন্ধনবাদৰ আৱিষ্কাৰক আছিল—

(ক) থর্নডাইক।

(খ) স্কীনাৰ।

(গ) ৱাটচন।

(ঘ) জন লক।

উত্তৰ : (খ) স্কীনাৰ ৷

প্রশ্ন ৪২:- পেভলভে অনুবন্ধনবাদৰ প্ৰমাণৰ বাবে পৰীক্ষা চলাইছিল―

(ক) মেকুৰীৰ ওপৰত।

(খ) চিম্পাঞ্জীৰ ওপৰত।

(গ) কুকুৰৰ ওপৰত।

(ঘ) বান্দৰৰ ওপৰত।

উত্তৰ : (গ) কুকুৰৰ ওপৰত।

প্রশ্ন ৪৩: বি. এফ. স্কীনাৰ আছিল এগৰাকী প্ৰখ্যাত মনোবিজ্ঞানী― 

(ক) অক্সফোর্ড বিশ্ববিদ্যালয়ৰ।

(খ) এডিনবৰা বিশ্ববিদ্যালয়ৰ।

(গ) হার্ভার্ড বিশ্ববিদ্যালয়ৰ।

(ঘ) দিল্লী বিশ্ববিদ্যালয়ৰ।

উত্তৰ : (গ) হার্ভার্ড বিশ্ববিদ্যালয়ৰ।

প্রশ্ন ৪৪:- উদ্দীপকৰ স্থানতকৈ প্ৰতিক্ৰিয়াৰ স্থানক অগ্ৰাধিকাৰ দি S-R সংযোগসূত্র অধিক কার্যকৰী বুলি কৈছিল― 

(ক) থর্নডাইকে।

(খ) পেভলভে।

(গ) কহলাৰে।

(ঘ) স্কীনাৰে।

উত্তৰ : (ঘ) স্কীনাৰে ৷

প্রশ্ন৪৫:- স্কীণাৰে ব্যৱহাৰিক অনুবন্ধনবাদৰ প্ৰমাণ দাঙি ধৰিবলৈ পৰীক্ষা চলাইছিল–

(ক) কুকুৰৰ ওপৰত।

(খ) মেকুৰীৰ ওপৰত।

(গ) নিগনিৰ ওপৰত।

(ঘ) বান্দৰৰ ওপৰত।

উত্তৰ : (গ) নিগনিৰ ওপৰত ৷

প্রশ্ন ৪৬:- আনক দেখি বা আনক অনুসৰণ কৰি শিক্ষণ আহৰণ কৰা পদ্ধতিটো হ’ল–

(ক) প্ৰচেষ্টা আৰু ভুল পদ্ধতি।

(খ) অন্তদর্শন পদ্ধতি।

(গ) অনুকৰণ পদ্ধতি।

(ঘ) এটাও নহয়।

উত্তৰ : (গ) অনুকৰণ পদ্ধতি ৷

প্রশ্ন ৪৭:- অনুকৰণ পদ্ধতিক ভাগ কৰিব পাৰি―

(ক) দুটা ভাগত।

(খ) তিনিটা ভাগত।

(গ) চাৰিটা ভাগত।

(ঘ) পাঁচটা ভাগত।

উত্তৰ : (ক) দুটা ভাগত ৷

প্রশ্ন ৪৮:- অনুকৰণ পদ্ধতিৰ ভাগ দুটা হ’ল—

(ক) সজ্ঞান আৰু অজ্ঞান অনুকৰণ।

(খ) মূৰ্ত আৰু বিমূৰ্ত অনুকৰণ।

(গ) ইচ্ছা আৰু ইচ্ছাবিৰোধী অনুকৰণ।

(ঘ) আটাইকেইটা শুদ্ধ।

উত্তৰ : (ক) সজ্ঞান আৰু অজ্ঞান অনুকৰণ ৷

প্রশ্ন ৪৯:- শিক্ষণৰ ক্ষেত্ৰত সন্তুষ্টি বা অসন্তুষ্টিৰ নীতি বুলি কোৱা হয়— 

(ক) প্রস্তুতিৰ নীতিক।

(খ) অনুশীলনৰ নীতিক।

(গ) ফলাফলৰ নীতিক।

(ঘ) সাদৃশ্যৰ নীতিক।

উত্তৰ : (গ) ফলাফলৰ নীতিক।

প্রশ্ন ৫০:- শাস্তি আৰু পুৰস্কাৰৰ নীতি বুলিও অভিহিত কৰিব পাৰি—

(ক) প্রস্তুতিৰ নীতক।

(খ) ফলাফলৰ নীতিক।

(গ) ফলাফলৰ নীতিক।

(ঘ) অব্যৱহাৰৰ নীতিক।

উত্তৰ : (খ) ফলাফলৰ নীতিক।

1 thought on “Assam TET MCQ Process Of Learning – শিক্ষণ প্রক্রিয়া প্ৰশ্নোত্তৰ”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top