Assam TET MCQ Pedagogy – শিক্ষণ বিজ্ঞান প্রশ্নোত্তৰ

Assam TET MCQ Pedagogy – শিক্ষণ বিজ্ঞান প্রশ্নোত্তৰ is the TET Notes to each chapter is provided in the list so that you can easily browse throughout different TET syllabus wise notes for Assam TET MCQ Pedagogy – শিক্ষণ বিজ্ঞান প্রশ্নোত্তৰ.

Assam TET MCQ Pedagogy – শিক্ষণ বিজ্ঞান প্রশ্নোত্তৰ

Join Telegram channel

প্ৰশ্ন ১২৬:- অনগ্ৰসৰসকলে শ্ৰেণীত সদায় নিজকে অযোগ্য বুলি বিবেচনা কৰাৰ ফলত–

(ক) উচ্ছাষ্মিকা মনোভাৱত ভোগে৷

(খ) হীনাত্মিকা মনোভাৱত ভোগে৷

(গ) সফলতা লাভ কৰে৷

(ঘ) সুখী অনুভৱ কৰে৷

উত্তৰ : (খ) হীনাত্মিকা মনোভাৱত ভোগে ৷

প্ৰশ্ন ১২৭:- অনগ্ৰসৰ শিক্ষাৰ্থীসকলৰ সাধাৰণতে জন্মগত বয়সতকৈ মানসিক বয়স―

(ক) যথেষ্ট কম৷

(খ) যথেষ্ট বেছি৷

(গ) সম পৰিমাণৰ৷

(ঘ) আটাইকেইটা শুদ্ধ৷ 

উত্তৰ : (ক) যথেষ্ট কম ৷

প্ৰশ্ন ১২৮:- মনোবিদসকলৰ মতে অনগ্ৰসৰসকলৰ বুদ্ধ্যাংক (I.Q.) সাধাৰণতে―

(ক) ১৪০ৰ তলত থাকে৷

(খ) ১০০ৰ তলত থাকে৷

(গ) ৯০ৰ তলত থাকে৷

(ঘ) ৮৫ৰ তলত থাকে৷

উত্তৰ : (ঘ) ৮৫ৰ তলত থাকে ৷

প্ৰশ্ন ১২৯:- তলৰ কোনটো অনগ্ৰসৰতাৰ কাৰণ নহয় ?

(ক) সামাজিক কাৰণ৷

(খ) প্রাকৃতিক কাৰণ৷

(গ) আবেগিক কাৰণ৷

(ঘ) দৈহিক কাৰণ৷

উত্তৰ : (খ) প্রাকৃতিক কাৰণ ৷

প্ৰশ্ন ১৩০:- এজন শিক্ষকে ব্যক্তিগতভাৱে প্রতিজন শিক্ষার্থীকে—

(ক) জানিব লাগে৷

(খ) জানিব নালাগে৷

(গ) অলপ জানিব লাগে৷

(ঘ) আটাইকেইটা শুদ্ধ৷

উত্তৰ : (ক) জানিব লাগে ৷

প্ৰশ্ন ১৩১:- নিজৰ বৌদ্ধিক বিকাশৰ ফলস্বৰূপে প্ৰতিভাবান শিক্ষার্থীসকলে যিকোনো সমস্যা সমাধান―

(ক) কৰিব নোৱাৰে৷ 

(খ) কৰিব পাৰে৷

(গ) লাহে লাহে কৰে৷

(ঘ) দ্ৰুতভাৱে কৰে৷

উত্তৰ : (ঘ) দ্ৰুতভাৱে কৰে ৷

প্ৰশ্ন ১৩২:- চকুৰে কমকৈ দেখা আৰু কাণেৰে কমকৈ শুনা শিক্ষাৰ্থীসকলক শ্ৰেণীকক্ষত বহিব দিব লাগে।

(ক) প্ৰথম শাৰীত৷

(খ) মাজৰ শাৰীত৷

(গ) শেষৰ শাৰীত৷

(ঘ) শেষতকৈ অলপ আগত৷

উত্তৰ : (ক) প্ৰথম শাৰীত।

প্ৰশ্ন ১৩৩:- শিক্ষাদান আৰু শিক্ষাগ্রহণ প্রক্রিয়াক অভিহিত কৰিব পাৰি— 

(ক) আনন্দদায়ক প্রক্রিয়া৷

(খ) বেচা-কিনা প্রক্রিয়া৷

(গ) দুখজনক প্রক্রিয়া৷

(ঘ) বিনিময় প্ৰক্ৰিয়া৷

উত্তৰ : (ঘ) বিনিময় প্ৰক্ৰিয়া ৷

প্ৰশ্ন ১৩৪:- স্কুলক যদি মানুহ গঢ়াৰ কাৰখানা বুলি কোৱা হয় তেন্তে শিক্ষকগৰাকী হ’ব―

(ক) শিক্ষ৷

(খ) দর্শক৷

(গ) পৰিচালক৷

(ঘ) মালিক৷

উত্তৰ : (গ) পৰিচালক ৷

প্রশ্ন ১৩৫:- বাক্-অস্বাভাৱিকতা শিশুৰ এক সমস্যা—

(ক) আচৰণজনিত৷

(খ) মনোৰোগজনিত৷

(গ) দৈহিকৰোগজনিত৷

(ঘ) জৈৱিক ৰোগজনিত৷

উত্তৰ : (ক) আচৰণজনিত ৷

প্ৰশ্ন ১৩৬:- শিক্ষা দানৰ ক্ষেত্ৰত মনোবিজ্ঞানসম্মত নহয়— 

(ক) শাস্তি প্রদান কৰি দিয়া শিক্ষা৷

(খ) গণতান্ত্রিক পদ্ধতিৰে দিয়া শিক্ষা৷

(গ) শিশুকেন্দ্রিক শিক্ষা প্ৰদান কৰা৷

(ঘ) সহানুভূতিৰে প্ৰদান কৰা শিক্ষা৷

উত্তৰ : (ক) শাস্তি প্রদান কৰি দিয়া শিক্ষা ৷

প্ৰশ্ন ১৩৭:- শিক্ষণ ব্যবস্থা নেতিবাচক হ’লে— 

(ক) শিক্ষাৰ্থীৰ লাভ হয়৷ 

(খ) শিক্ষাৰ্থীৰ ক্ষতি হয়।

(গ) শিক্ষকৰ লাভ হয়৷

(ঘ) শিক্ষকৰ ক্ষতি হয়৷

উত্তৰ : (খ) শিক্ষাৰ্থীৰ ক্ষতি হয় ৷

প্ৰশ্ন ১৩৮:- শ্রেণীকক্ষত শিক্ষকৰ উদাসীনতা, ব্যক্তিত্বহীনতাই—

(ক) শিক্ষকৰ মনত বিৰূপ প্ৰভাৱ পেলায়৷

(খ) শিক্ষাৰ্থীৰ মনত বিৰূপ প্ৰভাৱ পেলায়৷

(গ) অভিভাৱকৰ মনত বিৰূপ প্ৰভাৱ পেলায়৷

(ঘ) কৰ্মচাৰীৰ মনত বিৰূপ প্ৰভাৱ পেলায়৷

উত্তৰ : (খ) শিক্ষাৰ্থীৰ মনত বিৰূপ প্ৰভাৱ পেলায় ৷

প্ৰশ্ন ১৩৯:- এগৰাকী শিক্ষকৰ মনোবিজ্ঞানৰ জ্ঞান খুবেই প্রয়োজন—

(ক) অনগ্ৰসৰসকলক চিনিবলৈ৷ 

(খ) শিক্ষাৰ্থীৰ আচৰণ বুজিবলৈ৷

(গ) প্ৰতিভাশালীসকলক চিনিবলৈ৷ 

(ঘ) আটাইকেইটা শুদ্ধ৷

উত্তৰ : (ঘ) আটাইকেইটা শুদ্ধ ৷

প্ৰশ্ন ১৪০:- শিশুৰ অনগ্ৰসৰতাৰ এটা প্ৰধান কাৰণ হ’ব পাৰে―

(ক) সমাজ আৰু বংশগতি৷

(খ) বংশগতি আৰু পৰিবেশ৷

(গ) বংশগতি আৰু অনুষ্ঠান৷

(ঘ) সমাজ আৰু পৰিবেশ৷

উত্তৰ : (খ) বংশগতি আৰু পৰিবেশ ৷

প্ৰশ্ন ১৪১:- শিশুসকলক বুজি পোৱাত এগৰাকী শিক্ষকক বিশেষভাৱে সহায় কৰিব পাৰে–

(ক) নৈদানিক মনোবিজ্ঞানৰ জ্ঞানে৷

(খ) শিক্ষা মনোবিজ্ঞানৰ জ্ঞানে৷

(গ) শিশু মনোবিজ্ঞানৰ জ্ঞানে৷

(ঘ) অস্বাভাৱিক মনোবিজ্ঞানৰ জ্ঞানে৷

উত্তৰ : (গ) শিশু মনোবিজ্ঞানৰ জ্ঞানে ৷

প্ৰশ্ন ১৪২:- “বেটডাল দলিয়াই পেলাই শিশুক আকোৱালি লোৱা”― উক্তিটো আছিল ?

(ক) ৰুছোৰ৷

(খ) প্লেটোৰ৷

(গ) এৰিষ্টটলৰ৷

(ঘ) চক্ৰেটিছৰ৷

উত্তৰ: (ক) ৰুছোৰ ৷

প্ৰশ্ন ১৪৩:- শিশুক সম্পূর্ণ স্বাধীনতাৰে শিক্ষা প্ৰদান কৰাৰ ওপৰত গুৰুত্ব দিছিল—

(ক) প্লেটোৱে৷

(খ) চক্ৰেটিছে৷

(গ) স্পেনচাৰে৷

(ঘ) ৰুছোৱে৷

উত্তৰ : (ঘ) ৰুছোৱে ৷

প্ৰশ্ন ১৪৪:- শিশুসকলৰ উদ্ভাৱনী ক্ষমতাৰ বিকাশ সাধন কৰি অধিক সৃষ্টিশীল কৰিবলৈ হ’লে— 

(ক) স্কুলৰ পৰিবেশ অনুকূল হ’ব লাগিব৷

(খ) স্কুলৰ পৰিবেশ প্রতিকূল হ’ব লাগিব৷

(গ) স্কুলৰ প্ৰয়োজন নাই৷

(ঘ) এটাও নহয়৷

উত্তৰ : (ক) স্কুলৰ পৰিবেশ অনুকূল হ’ব লাগিব।

প্ৰশ্ন ১৪৫:- এজন অন্ধ শিশুৱে সুন্দৰকৈ গান গাব পাৰে, এখন হাত নোহোৱাজনেও এখন হাতেৰে সকলো কাম সুকলমে কৰিব পাৰে—

এনেবোৰকেই কোৱা হয়― 

(ক) অনগ্ৰসৰ শিশু৷

(খ) প্রতিভাশালী শিশু৷

(গ) সৃষ্টিশীল শিশু৷

(ঘ) বিশেষ দক্ষতাসম্পন্ন শিশু৷

উত্তৰ : (ঘ) বিশেষ দক্ষতাসম্পন্ন শিশু ৷

প্ৰশ্ন ১৪৬:- তলৰ কোনটো শিশুৰ সমস্যা জড়িত আচৰণৰ ভিতৰত নপৰে ?

(ক) খোৱাৰ সমস্যা৷

(খ) বিছনাত পেচাব কৰা৷

(গ) চোৰ কৰা৷

(ঘ) টোপনি মৰা৷

উত্তৰ : (ঘ) টোপনি মৰা ৷

প্রশ্ন ১৪৭:- বক্তৃতা পদ্ধতিৰ সুবিধা নহয়—

(ক) কম খৰচী৷

(খ) একেলগে বহুতক শিক্ষা দিব পাৰি৷

(গ) নমনীয় পদ্ধতি৷

(ঘ) কম সংখ্যক শিক্ষা দিব পাৰি৷

উত্তৰ : (ঘ) কম সংখ্যকক শিক্ষা দিব পাৰি ৷

প্ৰশ্ন ১৪৮:- শিক্ষক-শিক্ষাৰ্থীৰ মাজৰ সম্পৰ্ক সদায় হ’ব লাগে—

(ক) পিতা-পুত্ৰৰ লেখীয়া৷

(খ) সহপাঠীৰ লেখীয়া৷

(গ) বন্ধুৰ লেখীয়া৷

(ঘ) শত্ৰুৰ লেখীয়া৷

উত্তৰ : (ক) পিতা-পুত্ৰৰ লেখীয়া ৷

প্ৰশ্ন ১৪৯:- তলৰ কোনটো শিক্ষকৰ গুণাৱলী নহয় ?

(ক) বিনম্রতা৷

(খ) সময়ানুবর্তিতা৷

(গ) আবেগিক অনিয়ন্ত্রণ৷

(ঘ) চাফ-চিকুণতা৷

উত্তৰ : (গ) আবেগিক অনিয়ন্ত্রণ ৷

প্ৰশ্ন ১৫০:- শিক্ষণ বা শিকোৱা প্ৰক্ৰিয়াটো হ’ল―

(ক) প্রণালীবদ্ধ৷

(খ) গৱেষণামূলক৷

(গ) যুক্তিগতভাৱে সমস্যা সমাধান৷ 

(ঘ) আটাইকেইটা শুদ্ধ৷

উত্তৰ : (ঘ) আটাইকেইটা শুদ্ধ ৷

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top