Assam TET MCQ Pedagogy – শিক্ষণ বিজ্ঞান প্রশ্নোত্তৰ

Assam TET MCQ Pedagogy – শিক্ষণ বিজ্ঞান প্রশ্নোত্তৰ is the TET Notes to each chapter is provided in the list so that you can easily browse throughout different TET syllabus wise notes for Assam TET MCQ Pedagogy – শিক্ষণ বিজ্ঞান প্রশ্নোত্তৰ.

Assam TET MCQ Pedagogy – শিক্ষণ বিজ্ঞান প্রশ্নোত্তৰ

Join Telegram channel

প্রশ্ন ৭৬:- শিক্ষা গ্ৰহণৰ বৈশিষ্ট্য হ’ল–

(ক) শিক্ষা গ্রহণ এবিধ বিকাশৰ প্ৰক্ৰিয়া।

(খ) শিক্ষা গ্রহণ এবিধ সমাযোজন প্রক্রিয়া।

(গ) শিক্ষা গ্রহণ অভিজ্ঞতা সংগঠনৰ প্ৰক্ৰিয়া।

(ঘ) আটাইকেইটা শুদ্ধ।

উত্তৰ : (ঘ) আটাইকেইটা শুদ্ধ।

প্রশ্ন ৭৭:- এজন প্ৰাৰম্ভিক শিক্ষকৰ ক্ষেত্ৰত উদ্ভৱ হ’ব পৰা সমস্যাক ভাগ কৰিব পাৰি―

(ক) দুটা ভাগত।

(খ) তিনিটা ভাগত।

(গ) চাৰিটা ভাগত।

(ঘ) পাঁচটা ভাগত।

উত্তৰ : (ক) দুটা ভাগত।

প্রশ্ন ৭৮:- ব্ৰেইলী পদ্ধতিত শিক্ষা প্ৰদান কৰা হয়―

(ক) অন্ধসকলক।

(খ) মুকসকলক।

(গ) বধিৰসকল।

(ঘ) বিকলাঙ্গসকলক।

উত্তৰ : (ক) অন্ধসকলক।

প্রশ্ন ৭৯:- অনগ্ৰসৰ ছাত্ৰ-ছাত্ৰী সকলৰ প্ৰকৃত বয়সতকৈ মানসিক বয়স―

(ক) অধিক।

(খ) কম।

(গ) সমান।

(ঘ) এটাও নহয়।

উত্তৰ : (খ) কম।

প্রশ্ন ৮০:- অনগ্ৰসৰ ছাত্ৰ-ছাত্ৰীয়ে শ্রেণীকক্ষত প্ৰদান কৰা সঁহাৰি―

(ক) উত্তম।

(খ) অতি উত্তম।

(গ) পুতৌজনক।

(ঘ) ভাল।

উত্তৰ : (গ) পুতৌজনক।

প্রশ্ন ৮১:- এগৰাকী শিক্ষকৰ অনগ্ৰসৰ ছাত্ৰৰ ক্ষেত্ৰত প্ৰথম কাম হ’ল―

(ক) তেওঁলোকক চিনাক্ত কৰা।

(খ) তেওঁলোকক সহায় কৰা।

(গ) তেওঁলোকক চিকিৎসা কৰা।

(ঘ) পৰামর্শ প্রদান কৰা।

উত্তৰ : (ক) তেওঁলোকক চিনাক্ত কৰা।

প্রশ্ন ৮২:- অনগ্ৰসৰ সকলৰ বাবে প্ৰস্তুত কৰা শিক্ষা ব্যৱস্থা হ’ব লাগে—

(ক) শাৰীৰিক শিক্ষা।

(খ) মনোবৈজ্ঞানিক বিধৰ। 

(গ) তাত্ত্বিক বিধৰ।

(ঘ) পুথিকেন্দ্রিক।

উত্তৰ : (খ) মনোবৈজ্ঞানিক বিধৰ।

প্রশ্ন ৮৩:- সৰ্বসাধাৰণৰ বাবে প্ৰস্তুত কৰা সাধাৰণ শিক্ষাই অনগ্ৰসৰসকলক―

(ক) বিশেষ সহায় নকৰে।

(খ) সহায় কৰে।

(গ) বহুত সহায় কৰে।

(ঘ) এটাও নহয়।

উত্তৰ : (ক) বিশেষ সহায় নকৰে।

প্রশ্ন ৮৪:- সম্পূর্ণ সাক্ষৰতা অভিযান আৰম্ভ কৰা হৈছিল—

(ক) ১৯৭৫ চনত।

(খ) ১৯৮০ চনত।

(গ) ১৯৮৮ চনত।

(ঘ) ১৯৯০ চনত।

উত্তৰ : (গ) ১৯৮৮ চনত।

প্রশ্ন ৮৫:- সম্পূর্ণ সাক্ষৰতা অভিযান আঁচনিৰ মূল উদ্দেশ্য আছিল—

(ক) দেশৰ পৰা নিৰক্ষৰতা আঁতৰ কৰা।

(খ) নিৰক্ষৰতাৰ হাৰ বৃদ্ধি কৰা।

(গ) শিক্ষা বিস্তাৰ কৰা।

(ঘ) এটাও নহয়।

উত্তৰ : (ক) দেশৰ পৰা নিৰক্ষৰতা আঁতৰ কৰা ৷

প্রশ্ন ৮৬:- সম্পূর্ণ সাক্ষৰতা অভিযান আঁচনিখন প্ৰৱৰ্তন কৰিছিল―

(ক) অসম চৰকাৰে।

(খ) কেন্দ্ৰীয় চৰকাৰে।

(গ) ৰাষ্ট্ৰীয় সাক্ষৰতা মিছনে।

(ঘ) সর্বশিক্ষা আঁচনিয়ে।

উত্তৰ : (গ) ৰাষ্ট্ৰীয় সাক্ষৰতা মিছনে।

প্রশ্ন ৮৭:- আঁচনিখন প্রৱৰ্তন হোৱাৰ কিমান বছৰৰ ভিতৰত সম্পূৰ্ণ সাক্ষৰতা প্রাপ্তি ইয়াৰ লক্ষ্য আছিল ?

(ক) ২০০০ চনৰ ভিতৰত।

(খ) ২০০২ চনৰ ভিতৰত।

(গ) ২০০৫ চনৰ ভিতৰত।

(ঘ) ২০১০ চনৰ ভিতৰত।

উত্তৰ : (গ) ২০০৫ চনৰ ভিতৰত।

প্রশ্ন ৮৮:- সম্পূর্ণ সাক্ষৰতা অভিযানে প্রথমতে সামৰি লৈছিল—

(ক) ৪৪২ খন জিলাক।

(খ) ২০০ খন জিলাক।

(গ) ৩৬২ খন জিলাক।

(ঘ) ৫০২ খন জিলাক।

উত্তৰ : (ক) ৪৪২ খন জিলাক ৷

প্রশ্ন ৮৯:- সম্পূর্ণ সাক্ষৰতা অভিযান আছিল—

(ক) শিক্ষককেন্দ্রিক।

(খ) বিদ্যালয়কেন্দ্রিক।

(গ) পুথিকেন্দ্ৰিক।

(ঘ) শিক্ষার্থীকেন্দ্রিক।

উত্তৰ : (ঘ) শিক্ষার্থীকেন্দ্রিক।

প্রশ্ন ৯০:- লোক কৃষ্টি, যাত্রা, বাটৰ নাট, ভজন, কীৰ্তন আদি প্ৰয়োগ কৰিব পৰা যায়—

(ক) পাঠ্যক্ৰমত।

(খ) বিদ্যালয়ত।

(গ) সম্পূর্ণ সাক্ষৰতা অভিযানত। 

(ঘ) এটাও নহয়।

উত্তৰ : (গ) সম্পূৰ্ণ সাক্ষৰতা অভিযানত।

প্ৰশ্ন ৯১:- শিক্ষাদান প্ৰক্ৰিয়াৰ পৰ্যায়কেইটা হ’ল—

(ক) পৰিকল্পনা পর্যায়।

(গ) মূল্যায়ন পর্যায়।

(গ) মূল্যায়ন পর্যায়।

(ঘ) আটাইকেইটা শুদ্ধ।

উত্তৰ : (ঘ) আটাইকেইটা শুদ্ধ ৷

প্ৰশ্ন ৯২:- শ্রেণীকোঠাত শিক্ষকে শিক্ষাদান কৰিবলৈ যোৱাৰ আগতে যিবোৰ পদক্ষেপ হাতত লয় সেইবোৰই হ’ল―

(ক) পূৰ্বকাৰ্যকৰী বা পৰিকল্পনা পর্যায়।

(খ) কার্যকৰী পৰ্যায়।

(গ) মূল্যায়ন পর্যায়ত।

(ঘ) এটাও নহয়।

উত্তৰ : (ক) পূৰ্বকাৰ্যকৰী বা পৰিকল্পনা পৰ্যায়

প্ৰশ্ন ৯৩:- পাঠদানকার্য শিক্ষাৰ্থীৰ বোধগমা হোৱাকৈ শিক্ষকে বিষয়সূচী সজাই ল’ব লাগে—

(ক) পূর্বকাৰ্যকৰী পৰ্যায়ত।

(খ) কার্যকৰী পৰ্যায়ত।

(গ) মূল্যায়ন পর্যায়ত।

(ঘ) আটাইকেইটা শুদ্ধ।

প্ৰশ্ন ৯৪:- শ্রেণীকক্ষত প্রকৃত পাঠদানৰ পৰ্যায় বুলি কোৱা হয়—

(ক) পূৰ্বকাৰ্যকৰী পৰ্যায়ক।

(খ) কার্যকৰী পর্যায়ক।

(গ) মূল্যায়ন পর্যায়ক।

(ঘ) পাঠদান পর্যায়ক।

উত্তৰ : (খ) কার্যকৰী পর্যায়ক ৷

প্ৰশ্ন ৯৫:- শিক্ষকে শিক্ষার্থীসকলৰ সমস্যাসমূহ চিনাক্তকৰণ কৰিব পাৰে–

(ক) পৰিকল্পনা পৰ্যায়ত।

(খ) মূল্যায়ন পর্যায়ত।

(গ) কাৰ্যকৰী পৰ্যায়ত।

(ঘ) পূৰ্বকাৰ্যকৰী পৰ্যায়ত।

উত্তৰ : (গ) কাৰ্যকৰী পৰ্যায়ত ৷

প্ৰশ্ন ৯৬:- শিক্ষাদান প্রক্ৰিয়াৰ অন্তিম স্তৰটো হ’ল—

(ক) পৰিকল্পনা পৰ্যায়।

(খ) কাৰ্যকৰী পৰ্যায়।

(গ) মূল্যায়ন বা উত্তৰ ক্ৰিয়াশীল পৰ্যায়।

(ঘ) এটাও নহয়।

উত্তৰ : (গ) মূল্যায়ন বা উত্তৰ ক্ৰিয়াশীল পৰ্যায় ৷

প্ৰশ্ন ৯৭:- শিক্ষকে লিখিত বা মৌখিক প্ৰশ্নৰ অৱতাৰণা কৰিব পাৰে—

(ক) পৰিকল্পনা পৰ্যায়ত।

(খ) মূল্যায়ন পর্যায়ত।

(গ) কাৰ্যকৰী পৰ্যায়ত।

(ঘ) পাঠদান পৰ্যায়ত।

উত্তৰ : (খ) মূল্যায়ন পর্যায়ত ৷

প্ৰশ্ন ৯৮:- পৰীক্ষাৰ বাবে উপযুক্ত কৌশলসমূহ নিৰ্বাচন কৰাত শিক্ষকক সহায় কৰিব পাৰে―

(ক) মূল্যায়ন স্তৰে। 

(খ) কাৰ্য্যকৰী স্তৰে।

(গ) পৰিকল্পনা স্তৰে।

(ঘ) এটাও নহয়।

উত্তৰ : (ক) মূল্যায়ন স্তৰে ৷

প্ৰশ্ন ৯৯:- শিক্ষাবিদ Jackson ৰ মতে শিক্ষকে শিক্ষাৰ্থীক বিভিন্ন ধৰণৰ মৌখিক উদ্দীপনা যোগাব পাৰে―

(ক) পৰিকল্পনা পৰ্যায়ত।

(খ) কাৰ্যকৰী পৰ্যায়ত।

(গ) মূল্যায়ন পর্যায়ত।

(ঘ) আটাইকেইটা শুদ্ধ।

উত্তৰ : (খ) কাৰ্যকৰী পৰ্যায়ত ৷

প্ৰশ্ন ১০০:- শিক্ষাদান ব্যৱস্থাটোক ফলপ্ৰসু কৰি তুলিবলৈ এক স্থিৰ—

(ক) পৰিকল্পনাৰ প্ৰয়োজন।

(খ) সিদ্ধান্তৰ প্ৰয়োজন।

(গ) মূল্যায়নৰ প্ৰয়োজন।

(ঘ) এটাইকেইটা শুদ্ধ।

উত্তৰ : (ক) পৰিকল্পনাৰ প্ৰয়োজন ৷

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top