Assam TET MCQ Pedagogy – শিক্ষণ বিজ্ঞান প্রশ্নোত্তৰ

Assam TET MCQ Pedagogy – শিক্ষণ বিজ্ঞান প্রশ্নোত্তৰ is the TET Notes to each chapter is provided in the list so that you can easily browse throughout different TET syllabus wise notes for Assam TET MCQ Pedagogy – শিক্ষণ বিজ্ঞান প্রশ্নোত্তৰ.

Assam TET MCQ Pedagogy – শিক্ষণ বিজ্ঞান প্রশ্নোত্তৰ

Join Telegram channel

Also, you can read the Assam TET Objective-type questions online notes in these sections as per Assam TET Syllabus guidelines. These notes are part of Assam TET Child Development. Here we have given Assam TET MCQ Pedagogy – শিক্ষণ বিজ্ঞান প্রশ্নোত্তৰ for All Objective type question, You can practice these here.

Assam TET MCQ – শিক্ষণ বিজ্ঞান প্রশ্নোত্তৰ

CHILD DEVELOPMENT AND PEDAGOGY

প্রশ্ন ১:- শিশুকেন্দ্রিক শিক্ষাত এগৰাকী দক্ষতাসম্পন্ন শিক্ষক হ’বলৈ আৱশ্যক

(ক) অর্হতা।

(খ) মনোবিজ্ঞানৰ জ্ঞান। 

(গ) চাফ-চিকুশতা।

(ঘ) ধনবান।

উত্তৰ : (খ) মনোবিজ্ঞানৰ জ্ঞান।

প্রশ্ন ২:- শিক্ষাদানৰ ক্ষেত্ৰত এগৰাকী শিক্ষকে বুজি পাব লাগিব—

(ক) ব্যক্তি পার্থক্যৰ বিষয়ে। 

(খ) ব্যক্তিৰ বিষয়ে।

(গ) সাজ-পোছাকৰ বিষয়ে।

(ঘ) বৃত্তিৰ বিষয়ে।

উত্তৰ : (ক) ব্যক্তি পাৰ্থক্যৰ বিষয়ে।

প্রশ্ন ৩:- এজন শিক্ষক ছাত্ৰ-ছাত্ৰীৰ বাবে—

(ক) বন্ধু।

(খ) দার্শনিক।

(গ) পথ প্রদর্শক।

(ঘ) আটাইকেইটা শুদ্ধ।

উত্তৰ : (ঘ) আটাইকেইটা শুদ্ধ।

প্রশ্ন ৪:- নির্দেশনামূলক সঁজুলিসমূহৰ বিষয়ে জ্ঞান থকাটো অতি প্রয়োজন—

(ক) এগৰাকী অভিভাৱকৰ।

(খ) ছাত্ৰ-ছাত্ৰীৰ।

(গ) শিক্ষকৰ।

(ঘ) কৰ্মচাৰীৰ।

উত্তৰ : (গ) শিক্ষকৰ।

প্রশ্ন : শ্ৰেণীকোঠাত পাঠদান কৰোতে এগৰাকী শিক্ষকে বিষয়বস্তুৰ মাজেৰে অগ্ৰসৰ হ’ব লাগিব― 

(ক) সৰলৰ পৰা জটিললৈ।

(খ) জনাৰ পৰা নজনালৈ।

(গ) মৰ্তৰ পৰা বিমূৰ্তলৈ।

(ঘ) আটাইকেইটা শুদ্ধ।

উত্তৰ : (ঘ) আটাইকেইটা শুদ্ধ।

প্রশ্ন ৬:- বর্তমান শিশুকেন্দ্রিক শিক্ষা ব্যৱস্থাত সর্বাধিক গুৰুত্বপূৰ্ণ কথাটো হ’ল 

(ক) শিক্ষাৰ্থীসকলৰ অন্তর্নিহিত সম্ভাৱনীয়তাৰ বিকাশ সাধন।

(খ) পৰীক্ষাত অধিক সফলতা অর্জন।

(গ) কর্মমুখী শিক্ষাৰ দ্বাৰা বৃত্তিগত অৰ্হতা অর্জন।

(ঘ) পুথিগত বিদ্যা অর্জন।

উত্তৰ : (ক) শিক্ষার্থীসকলৰ অন্তর্নিহিত সম্ভাৱনীয়তাৰ বিকাশ সাধন।

প্রশ্ন ৭:- শিক্ষাদান ফলপ্ৰসূ কৰি তোলাৰ ক্ষেত্ৰত শিক্ষকৰ বাবে মনস্তাত্ত্বিক দিশ হ’ল―

(ক) নিৰ্দেশনাৰ দিশ। 

(খ) অভিৰোচনৰ দিশ। 

(গ) কৌশলৰ দিশ।

(ঘ) আটাইকেইটা শুদ্ধ।

উত্তৰ : (ঘ) আটাইকেইটা শুদ্ধ।

প্রশ্ন ৮:- শিক্ষাদান আৰু গ্ৰহণ কাৰ্য ফলপ্ৰসু কৰিবলৈ হ’লে শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজত— 

(ক) চিনাকি থাকিব লাগে।

(খ) সহযোগিতা থাকিব লাগে। 

(গ) অচিনাকি হ’ব লাগে।

(ঘ) বৈৰিতা থাকিব লাগে।

উত্তৰ : (খ) সহযোগিতা থাকিব লাগে।

প্রশ্ন ৯:- শ্রেণীকক্ষত পাঠদান কৰোতে শিক্ষকে বিৰত থাকিব লাগে—

(ক) গণতান্ত্রিক পদ্ধতিৰে শিক্ষাদান।

(খ) আমোদ-প্রমোদ।

(গ) অত্যধিক পুনৰাবৃত্তি।

(ঘ) পৰিকল্পিত শিক্ষাদান।

উত্তৰ : (গ) অত্যধিক পুনৰাবৃত্তি।

প্রশ্ন ১০:- শ্রেণীকক্ষৰ পৰিস্থিতি নিয়ন্ত্ৰণত সহায় কৰে—

(ক) শিক্ষকৰ ব্যক্তিত্বই। 

(খ) ছাত্ৰৰ ব্যক্তিত্বই।

(গ) অভিভাৱকৰ ব্যক্তিত্বই।

(ঘ) কৰ্মচাৰীয়ে ব্যক্তিত্বই।

উত্তৰ : (ক) শিক্ষকৰ ব্যক্তিত্বই।

প্রশ্ন ১১:- মণ্টেশ্বৰী স্থূলত এগৰাকী শিক্ষকক কোৱা হয়―

(ক) নির্দেশিকা।

(খ) প্রদর্শিকা।

(গ) বন্ধু।

(ঘ) দার্শনিক।

উত্তৰ : (ক) নির্দেশিকা ৷

প্রশ্ন ১২:- আধুনিক শিক্ষা ব্যৱস্থাত এগৰাকী শিক্ষকৰ প্ৰধান কৰ্তব্য হল—

(ক)সাহিত্য চৰ্চা কৰা।

(খ) সমাজ সেৱা কৰা।

(গ) শিক্ষার্থীক জ্ঞান দান কৰা। 

(ঘ) ৰাজনীতি কৰা।

উত্তৰ : (গ) শিক্ষাৰ্থীক জ্ঞান দান কৰা।

প্রশ্ন ১৩:- শ্রেণীকক্ষত শিক্ষকে শিক্ষার্থীক মনোনিৱেশ কৰিবলৈ—

(ক) শাস্তি প্রদান কৰিব লাগে।

(খ) পুৰস্কাৰ প্ৰদান কৰিব লাগে।

(গ) আনন্দ আৰু বেদনা নীতি প্ৰয়োগ কৰিব লাগে।

(ঘ) সময়ানুবর্তিতা পালন কৰিব লাগে।

উত্তৰ : (গ) আনন্দ আৰু বেদনা নীতি প্ৰয়োগ কৰিব লাগে ৷

প্রশ্ন ১৪:- সুচলকাৰী আৰু অভিপ্ৰেৰক হিচাপে মুখ্য ভূমিকা শিক্ষানুষ্ঠানত পালন কৰিব লাগে―

(ক) শিক্ষকে।

(খ) শিক্ষার্থীয়ে। 

(গ) কৰ্মচাৰীয়ে।

(ঘ) অভিভাৱকে।

উত্তৰ : (ক) শিক্ষকে।

প্রশ্ন ১৫:- শিক্ষার্থীক অভিৰোচিত কৰি তোলাৰ ক্ষেত্ৰত তিৰস্কাৰতকৈ প্ৰশংসাৰ প্ৰভাৱ অধিক বুলি মতামত পোষণ কৰিছিল— 

(ক) ছিলি বার্টে।

(খ) হাৰলকে।

(গ) জন লকে।

(ঘ) ৰচে।

উত্তৰ : (খ) হাৰলকে।

প্রশ্ন ১৬:- শ্রেণীকক্ষৰ বাহিৰেও বাহিৰৰ পৰিৱেশতো এজন শিক্ষকে ছাত্ৰ-ছাত্ৰীক নেতৃত্ব প্ৰদান কৰিব পাৰিব লাগিব– কথাষাৰ―

(ক) সত্য।

(খ) অসত্য।

(গ) আংশিক সত্য। 

(ঘ) আংশিক অসত্য। 

উত্তৰ : (ক) সত্য।

প্রশ্ন ১৭:- শিক্ষকে অত্যধিক মৰম-চেনেহ আৰু আত্মবিশ্বাসৰ মাজেৰে শিক্ষা প্ৰদান কৰিব লাগে— 

(ক) সাধাৰণ শিশুসকলক। 

(খ) প্রতিভাসম্পন্ন সকলক।

(গ) পিছপৰা শিশুসকলক।

(ঘ) হিনধীসকলক।

উত্তৰ : (গ) পিছপৰা শিশু সকলক।

প্রশ্ন ১৮:- শিশুৰ জ্ঞানমূলক, আনুভূতিক আৰু সংক্ৰিয়াত্মক দিশৰ বিকাশত বিশেষ ভূমিকা পালন কৰিব পাৰে–

(ক) মাকে।

(খ) দেউতাকে।

(গ) পৰিৱেশে।

(ঘ) শিক্ষকে।

উত্তৰ : (ঘ) শিক্ষকে ৷

প্রশ্ন ১৯:- ১৪০ ৰ ওপৰৰ বুদ্ধ্যাংক থকা শিক্ষার্থীসকলক কোৱা হয়—

(ক) সাধাৰণ বুদ্ধিৰ। 

(খ) উচ্চ বুদ্ধিসম্পন্ন।

(গ) প্রতিভাশালী।

(ঘ) জঢ়ধী।

উত্তৰ : (গ) প্ৰতিভাশালী।

প্রশ্ন ২০:- ৯০–১১০ৰ ভিতৰত বুদ্ধ্যাংক থকা সকলক কোৱা হয়—

(ক) সাধাৰণ বুদ্ধিসম্পন্ন। 

(খ) উচ্চ বুদ্ধিসম্পন্ন।

(গ) ক্ষীণ বুদ্ধিসম্পন্ন।

(ঘ) হীনধী।

উত্তৰ : (ক) সাধাৰণ বুদ্ধিসম্পন্ন।

প্রশ্ন ২১:- এখন সমাজৰ সিকিৎসক তথ্য শিক্ষকৰো শিক্ষক বুলি কোৱা হয়―

(ক) সহকাৰী শিক্ষকক।

(খ) মাক-দেউতাকক।

(গ) গ্রন্থাগাৰিকক।

(ঘ) প্ৰধান শিক্ষকক।

উত্তৰ : (ঘ) প্ৰধান শিক্ষকক ৷

প্ৰশ্ন ২২:- এখন বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ দায়িত্ব হ’ল– 

(ক) বিদ্যালয়ৰ তত্ত্বাৱধান।

(খ) প্ৰশাসন ৰক্ষা।

(গ) সমন্বয় সাধন।

(ঘ) এটাইকেইটা শুদ্ধ।

উত্তৰ : (ঘ) এটাইকেইটা শুদ্ধ ৷

প্ৰশ্ন ২৩:- আমাৰ দেশত শিশুক আনুষ্ঠানিক শিক্ষা প্রদান কৰা হয়–

(ক) ৬ বছৰত।

(খ) ৭ বছৰত।

(গ) ৮ বছৰত।

(ঘ) ১০ বছৰত।

উত্তৰ : (ক) ৬ বছৰত ৷

প্রশ্ন ২৪:- প্রাক-প্রাথমিক শিক্ষা হ’ল—

(ক) আনুষ্ঠানিক শিক্ষা।

(খ) অনানুষ্ঠানিক শিক্ষা।

(গ) অগতানুগতিক শিক্ষা।

(ঘ) এটাও নহয়।

উত্তৰ : (খ) অনানুষ্ঠানিক শিক্ষা।

প্রশ্ন ২৫:- প্রাক্‌-প্রাথমিক শিক্ষা প্ৰদান কৰা হয়― 

(ক) জন্মৰ পৰা দুই বছৰীয়া শিশুক।

(খ) আঢ়ৈ বছৰৰ পৰা চাৰে পাঁচ বছৰীয়া শিশুক।

(গ) চাৰি বছৰৰ পৰা ছয় বছৰীয়া শিশুক।

(ঘ) পাঁচ পছৰৰ পৰা আঠ বছৰীয়া শিশুক।

উত্তৰ : (খ) আঢ়ৈ বছৰৰ পৰা চাৰে পাঁচ বছৰীয়া শিশুক।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top