Assam TET MCQ Child Development – শিশু বিকাশৰ ধাৰণা প্রশ্নোত্তৰ

Assam TET MCQ Child Development – শিশু বিকাশৰ ধাৰণা প্রশ্নোত্তৰ is the TET Notes to each chapter is provided in the list so that you can easily browse throughout different TET syllabus wise notes for Assam TET MCQ Child Development – শিশু বিকাশৰ ধাৰণা প্রশ্নোত্তৰ.

Join Telegram channel

প্ৰশ্ন ১০১:- আৱেগৰ স্থায়িত্বহীনতা এটা উল্লেখযোগ্য বৈশিষ্ট্য–

(ক) বাল্যকালৰ৷

(খ) নৱজাতকৰ৷

(গ) শৈশৱ কালৰ৷

(ঘ) প্রাপ্তবয়স্কৰ৷

উত্তৰ : (গ) শৈশৱকালৰ ।

প্ৰশ্ন ১০২:- শিশুৰ শিক্ষাৰ ক্ষেত্ৰত স্বাধীনতাৰ প্ৰয়োজন–

(ক) নাই৷

(খ) আছে৷

(গ) মুঠেই নাই৷

(ঘ) আংশিক আছে৷

উত্তৰ : (খ) আছে ৷

প্রশ্ন ১০৩:- শিশু ব্যক্তিত্বত আত্মবিশ্বাস আৰু আত্মপ্রত্যয়ৰ ভাব জগাই তুলিবলৈ–

(ক) শাসনৰ প্ৰয়োজন৷

(খ) মাৰধৰৰ প্ৰয়োজন৷

(গ) গালি-শপনিৰ প্ৰয়োজন৷

(ঘ) মৰমৰ প্ৰয়োজন৷

উত্তৰ : (ঘ) মৰমৰ প্ৰয়োজন ৷

প্রশ্ন ১০৪:- শিশুক আৱেগিক নিৰাপত্তা প্রদানত বিশেষভাৱে সহায় কৰে–

(ক) মাকে৷

(খ) দেউতাকে৷

(গ) শিক্ষকে৷

(ঘ) আটাইকেইটা শুদ্ধ৷

উত্তৰ : (ঘ) আটাইকেইটা শুদ্ধ ৷

প্রশ্ন ১০৫:- শিশুৰ উপযুক্ত বিকাশ সাধনেৰে সৱল ব্যক্তিত্ব গঠনত পৰিয়ালৰ ভূমিকা– 

(ক) আংশিক থাকে৷

(খ) সর্বাধিক থাকে৷

(গ) অলপো নাথাকে৷

(ঘ) এটাও নহয়৷

উত্তৰ : (খ) সর্বাধিক থাকে ৷

প্রশ্ন ১০৬:- শৈশৱকালত প্ৰদান কৰা শিক্ষাৰ এটা প্রধান উদ্দেশ্য হ’ল–

(ক) সামাজিক মনোভাৱ গঢ়ি তোলা৷

(খ) আত্মকেন্দ্রিক মনোভাৱ গঢ়ি তোলা৷

(গ) হীনাত্মিকা মনোভাৱ গঢ়ি তোলা৷

(ঘ) ব্যক্তিকেন্দ্ৰিক কৰি গঢ়ি তোলা৷

উত্তৰ : (ক) সামাজিক মনোভাৱ গঢ়ি তোলা ৷

প্রশ্ন ১০৭:- মণ্টেশ্বৰী শিক্ষা ব্যৱস্থাত “শিক্ষক” অভিহিত কৰা হয়–

(ক) শিক্ষক হিচাপে৷ 

(খ) অধীক্ষক হিচাপে৷

(গ) মৌলৱী হিচাপে৷

(ঘ) নির্দেশিকা হিচাপে৷

উত্তৰ : (ঘ) নির্দেশিকা হিচাপে।

প্ৰশ্ন ১০৮:- প্রাক্‌-প্রাথমিক শিক্ষা ব্যৱস্থাত শিক্ষাদান পদ্ধতি হ’ল–

(ক) ব্যৱহাৰিক বিধৰ৷

(খ) ক্ৰিয়াত্মক বিধৰ৷

(গ) আত্মকেন্দ্ৰিক বিধৰ৷

(ঘ) আটাইকেইটা শুদ্ধ৷

উত্তৰ : (ঘ) আটাইকেইটা শুদ্ধ ।

প্রশ্ন ১০৯:- প্রাক্‌-প্রাথমিক শিক্ষাক প্ৰাথমিক শিক্ষাৰ পৰা পৃথক কৰাৰ পৰামর্শ দিয়ে–

(ক) কোঠাৰী আয়োগে৷

(খ) জাতীয় শিক্ষানীতিয়ে৷ 

(গ) মুডালিয়াৰ আয়োগে৷

(ঘ) উডৰ নিৰ্দেশাৱলীয়ে৷

উত্তৰ : (ক) কোঠাৰী আয়োগে ।

প্রশ্ন ১১০:- দেশৰ অনুন্নত, পিছপৰা, দুখীয়া শ্ৰেণীৰ লোকে প্ৰাক্‌-প্রাথমিক শিক্ষাৰ পৰা উপকৃত হ’ব পৰাকৈ কোঠাৰী আয়োগৰ পৰামৰ্শক্রমে প্রামাঞ্চলত স্থাপন কৰা স্কুলবিধ হ’ল–

(ক) কিণ্ডাগার্টেন স্কুল। 

(খ) নাৰ্চাৰী স্কুল।

(গ) বালৱাড়ী স্কুল। 

(ঘ) পাব্লিক স্কুল।

উত্তৰ : (গ) বালৱাড়ী স্কুল ৷

প্ৰশ্ন ১১১:- দার্শনিক ফ্রৱেলে কিণ্ডাৰগার্টেন স্কুল প্রতিষ্ঠা কৰিছিল–

(ক) ১৮ শতিকাত।

(খ) ১৯ শতিকাত।

(গ) ২০ শতিকাত।

(ঘ) ২১ শতিকাত।

উত্তৰ : (খ) ১৯ শতিকাত ।

প্রশ্ন ১১২:- লিখা-পঢ়াৰ সময় বা ‘Schooling age’ বুলি কোৱা সময়ছোৱা হ’ল

(ক) কেঁচুৱাকাল।

(খ) শৈশৱকাল।

(গ) বাল্যকাল।

(ঘ) যৌবনকাল।

উত্তৰ : (গ) বাল্যকাল ।

প্রশ্ন ১১৩:- “ভাষাৰ বিকাশে শিশুৰ বৌদ্ধিক বিকল্পৰ পথো মুকলি কৰে”–কথাষাৰ–

(ক) অসত্য।

(খ) সত্য।

(গ) আংশিক সত্য।

(ঘ) এটাও নহয়।

উত্তৰ : (খ) সত্য ।

প্রশ্ন ১১৪:- শিশুৱে প্ৰথম উচ্চাৰণ কৰিবলৈ শিকে–

(ক) নামবাচক শব্দ।

(খ) বক্তবাচক শব্দ।

(গ) ক্রিয়াত্মক শব্দ।

(ঘ) আটাইকেইটা শুদ্ধ।

উত্তৰ : (ক) নামবাচক শব্দ ৷

প্রশ্ন ১১৫:- নৱজাত শিশুৰ ভয়, ক্ৰোধ আৰু ভালপোৱাকেই প্রাথমিক আৱেগ বুলি বর্ণনা কৰিছে–

(ক) ৱাটচনে।

(খ) ৰাইবাৰ্নে।

(গ) ৰুছোৱে।

(ঘ) ফ্ৰৱেলে।

উত্তৰ : (ক) ৱাটচনে ৷

প্রশ্ন ১১৬:- শিশুৰ ঈর্ষা, ভয়, ক্রোধ আদি প্ৰকাশৰ সময়ত ডাঙৰে তাক–

(ক) অৱদমন কৰিব লাগে।

(খ) শাসন কৰিব লাগে।

(গ) হাক দিব লাগে।

(ঘ) ধৈৰ্যৰে শুনিব লাগে।

উত্তৰ : (ঘ) ধৈৰ্যৰে শুনিব লাগে ৷

প্রশ্ন ১১৭:- চৰিত্ৰ গঠনৰ শিক্ষা প্ৰদান কৰাটো অধিক উপযুক্ত–

(ক) প্ৰাপ্তবয়স্ক কালত।

(খ) বৃদ্ধাৱস্থাত।

(গ) কেঁচুৱা অৱস্থাত।

(ঘ) বাল্যকালত।

উত্তৰ : (ঘ) বাল্যকালত ৷

প্রশ্ন ১১৮:- ব্যক্তিয়ে দৈহিকভাৱে জন্মৰ লগতে কঢ়িয়াই অনা দেহ–মানসিক গুণ বা ধর্মসমূহেই হ’ল–

(ক) পৰিৱেশ।

(খ) বংশগতি।

(গ) মানসিক অবস্থা।

(ঘ) আটাইকেইটা শুদ্ধ। 

উত্তৰ : (খ) বংশগতি ৷

প্রশ্ন ১১৯:- “প্রত্যেক ব্যক্তিৰ ক্ষেত্ৰত প্ৰকৃত পৰিবেশৰ (Nature-Nurture) পাৰস্পৰিক প্রভাৱ এক প্রকাৰ অসাধাৰণ আৰু অন্যান্য”–উক্তিটো আগবঢ়াইছিল–

(ক) গডার্ডে (Goddard)।

(খ) লেমার্কে (Lamarck)।

(গ) পিয়েৰচনে (Pearson)।

(ঘ) গডার্ড মার্ফিয়ে (Goddard Murphy)।

উত্তৰ : (ঘ) গডার্ড মার্ফিয়ে (Goddard Murphy)।

প্রশ্ন ১২০:- আগ্রহৰ ক্ষেত্ৰত শিশুৰ লিংগভেদৰ প্রশ্ন জড়িত–

(ক) থাকে।

(খ) নাথাকে।

(গ) আংশিক থাকে।

(ঘ) এটাও নহয়।

উত্তৰ : (ক) থাকে ৷

প্রশ্ন ১২১:- শিশুৱে শব্দ উচ্চাৰণৰ সামৰ্থ্য লাভ কৰে–

(ক) পঢ়ি।

(খ) প্ৰশিক্ষণ লৈ।

(গ) অনুকৰণ কৰি।

(ঘ) লিখি।

উত্তৰ : (গ) অনুকৰণ কৰি ৷

প্ৰশ্ন ১২২:- প্ৰজননৰ জৰিয়তে সংলক্ষশ এক পুৰুষৰ পৰা পিছৰ পুৰুষলৈ সঞ্চাৰণ হোৱা প্ৰক্ৰিয়াকে কোৱা হয়–

(ক) পৰিৱেশ।

(খ) জৈৱিক বংশগতি। 

(গ) ক্ৰ’ম’জ’ম।

(ঘ) আটাইকেইটা শুদ্ধ।

উত্তৰ : (খ) জৈৱিক বংশগতি ৷

প্রশ্ন ১২৩:- এজন মানুহৰ শৰীৰৰ গঠন, আচৰণৰ প্ৰকৃতি, বিভিন্ন দিশত থকা প্ৰৱণতা, আগ্রহ, মনোভাৱ, সামৰ্থ্য, সমযোজন আদি সংলক্ষনসমূহ একগোট হোৱা ধাৰণাটোৱেই হ’ল–

(ক) বুদ্ধি।

(খ) অভিক্ষা।

(গ) আগ্রহ।

(ঘ) ব্যক্তিত্ব।

উত্তৰ : (ঘ) ব্যক্তিত্ব ৷

প্ৰশ্ন ১২৪:- ব্যক্তিত্বৰ প্ৰধান উপাদান হ’ল–

(ক) বুদ্ধি।

(খ) আগ্ৰহ।

(গ) প্ৰৱণতা।

(ঘ) আটাইকেইটা শুদ্ধ।

উত্তৰ : (ঘ) আটাইকেইটা শুদ্ধ ৷

প্ৰশ্ন ১২৫:- “বংশগতি আৰু পৰিৱেশৰ দ্বাৰা নিৰ্ধাৰিত হোৱা ব্যক্তিৰ প্ৰকৃত আৰু সম্ভাব্য সকলোবোৰ ব্যৱহাৰ চানেকিৰ মুল গোটটোৱেই হ’ল ব্যক্তিত্ব”– উক্তিটো আগবঢ়াইছিল–

(ক) আই জেঙ্ক।

(খ) কেটেল।

(গ) আলপোর্ট।

(ঘ) ৰবেক।

উত্তৰ : (ক) আই জেঙ্ক ৷

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top