Assam TET MCQ Child Development – শিশু বিকাশৰ ধাৰণা প্রশ্নোত্তৰ

Assam TET MCQ Child Development – শিশু বিকাশৰ ধাৰণা প্রশ্নোত্তৰ is the TET Notes to each chapter is provided in the list so that you can easily browse throughout different TET syllabus wise notes for Assam TET MCQ Child Development – শিশু বিকাশৰ ধাৰণা প্রশ্নোত্তৰ.

Assam TET MCQ Child Development – শিশু বিকাশৰ ধাৰণা প্রশ্নোত্তৰ

Join Telegram channel

Also, you can read the Assam TET Objective-type questions online notes in these sections as per Assam TET Syllabus guidelines. These notes are part of Assam TET Child Development. Here we have given Assam TET MCQ Child Development – শিশু বিকাশৰ ধাৰণা প্রশ্নোত্তৰ for All Objective type question, You can practice these here.

Assam TET MCQ শিশু বিকাশৰ ধাৰণা

CHILD DEVELOPMENT AND PEDAGOGY


প্রশ্ন ১:- বিকাশ হ’ল এনে প্রক্রিয়া ই– 

(ক) সাময়িকভারে চলে।

(খ) জীৱন ব্যাপী চলে।

(গ) এটা বয়সত স্তব্ধ হয়।

(ঘ) শৈশৱ কালত হয়।

উত্তৰ : (খ) জীৱন ব্যাপী চলে।

প্ৰশ্ন ২:- বিকাশৰ মূল উপাদান হ’ল–

(ক) দুটা।

(খ) তিনিটা।

(গ) চাৰিটা।

(ঘ) পাঁচটা।

উত্তৰ : (গ) চাৰিটা।

প্রশ্ন ৩:- “বিকাশ বুলি ক’লে এনে এক পৈণত অৱস্থা আৰু অভিজ্ঞতাক বুজায় যি বিভিন্ন পৰিৱৰ্তনৰ মাজেৰে ধাৰাবাহিকভাৱে ঘটে”– উক্তিটো আগবঢ়াইছিল-

(ক) ই. বি. হাৰ্ভলক।

(খ) ৰবাৰ্ট এম. লিবার্ট।

(গ) জি. এছ. মাৰমাৰ।

(ঘ) ডব্লিউ পাওলাচ।

উত্তৰ : (ক) ই. বি. হাৰ্ভলক।

প্রশ্ন ৪:- বিভিন্ন দার্শনিক তথা মনোবৈজ্ঞানিকসকলে মানুহৰ জীৱনটোক বিকাশৰ স্তৰ অনুসৰি ভাগ কৰিছে– 

(ক) এটা স্তৰত।

(খ) দুটা স্তৰত।

(গ) তিনিটা স্তৰত।

(ঘ) চাৰিটা স্তৰত।

উত্তৰ : (ঘ) চাৰিটা স্তৰত।

প্রশ্ন ৫:- বিকাশৰ দুটা প্রধান উপাদান হ’ল– 

(ক) বংশগতি আৰু পৰিৱেশ।

(খ) বংশগতি আৰু অভ্যাস।

(গ) পৰিৱেশ আৰু সমাজ।

(ঘ) পৰিয়াল আৰু সমাজ।

উত্তৰ : (ক) বংশগতি আৰু পৰিৱেশ।

প্রশ্ন ৬:- এটা শিশু মাতৃগৰ্ভত থাকে–

(ক) ৩১০ দিন।

(খ) ২৮০ দিন।

(গ) ২৬০ দিন।

(ঘ) ২৫০ দিন।

উত্তৰ : (খ) ২৮০ দিন।

প্রশ্ন ৭:- শিশুৰ বিকাশ আৰম্ভ হয়–

(ক) গৰ্ভাৱস্থাৰ পৰা।

(খ) জন্মৰ পিছৰ পৰা।

(গ) তিনি বছৰৰ পৰা।

(ঘ) ছয় বছৰৰ পৰা।

উত্তৰ :- (ক) গৰ্ভাৱস্থাৰ পৰা।

প্রশ্ন ৮:- জন্মৰ পৰা ৫/৬ বছৰলৈ এই সময়ছোৱাক কোৱা হয়–

(ক) শৈশৱ কাল।

(খ) বাল্য কাল।

(গ) জৈৱন কাল।

(ঘ) বয়: প্ৰাপ্তি কাল।

উত্তৰ : (ক) শৈশৱ কাল।

প্রশ্ন ৯:- পৰনিৰ্ভৰশীলতা এটা বৈশিষ্ট্য–

(ক) বয়: প্রাপ্তি কালৰ।

(খ) বাল্য কালৰ।

(গ) কৈশোৰ কালৰ।

(ঘ) শৈশৱ কালৰ।

উত্তৰ : (ঘ) শৈশৱ কালৰ।

প্ৰশ্ন ১০:- ৭ বছৰৰ পৰা ১২ বছৰলৈ এই সময়ছোৱাক কোৱা হয়–

(ক) শৈশৱ কাল।

(খ) বাল্য কাল।

(গ) কৈশোৰ কাল।

(ঘ) প্ৰাপ্ত বয়স্ক।

উত্তৰ : (খ) বাল্য কাল ৷

প্ৰশ্ন ১১:- তলৰ কোনটো বিকাশৰ উপাদান নহয় ?

(ক) বৃদ্ধি।

(খ) পৰিপক্কতা।

(গ) অভিজ্ঞতা।

(ঘ) ওজন।

উত্তৰ : (ঘ) ওজন ৷

প্ৰশ্ন ১২:- এটা শিশুক নওজাতক পর্যায়ত ধৰা হয়–

(ক) জন্মৰ পৰা এমাহলৈ। 

(খ) জন্মৰ পৰা দুমাহলৈ।

(গ) জন্মৰ পৰা তিনিমাহলৈ।

(ঘ) জন্মৰ পৰা চাৰিমাহলৈ।

উত্তৰ : (খ) জন্মৰ পৰা দুমাহলৈ ৷

প্রশ্ন ১৩:- প্ৰশ্ন সোধা কালছোৱাকেই বোলা হয়–

(ক) শৈশৱ কাল।

(খ) বাল্য কাল।

(গ) কৈশোৰ কাল।

(ঘ) বয়: প্ৰাপ্তি কাল।

উত্তৰ : (ক) শৈশৱ কাল ৷

প্ৰশ্ন ১৪:- এটা শিশুক দৈহিক প্রতিবর্ত ক্রিয়াই পৰিচালনা কৰে–

(ক) জন্মৰ পৰা দুই সপ্তাহলৈ।

(খ) জন্মৰ পৰা চাৰি সপ্তাহলৈ।

(গ) জন্মৰ পৰা ছয় সপ্তাহলৈ।

(ঘ) জন্মৰ পৰা আঠ সপ্তাহলৈ।

উত্তৰ : (ক) জন্মৰ পৰা দুই সপ্তাহলৈ ৷

প্রশ্ন ১৫:- ফ্ৰয়েডৰ মতে– শৈশৱ কালত শিশুৰ যৌন চেতনা–

(ক) থাকে।

(খ) নাথাকে।

(গ) আংশিক থাকে।

(ঘ) এটাও নহয়।

উত্তৰ : (ক) থাকে ৷

প্রশ্ন ১৬:- শৈশৱ কালৰ শিশুৰ যৌন চেতনা হ’ল–

(ক) আত্মকামমূলক।

(খ) সমকামমূলক।

(গ) বিপৰীত লিংগ কামমূলক।

(ঘ) এটাও নহয়।

উত্তৰ : (ক) আত্মকামমূলক ৷

প্রশ্ন ১৭:- সমকামিতা এটা প্রধান বৈশিষ্ট্য–

(ক) শৈশৱ কালৰ।

(খ) বাল্য-কালৰ।

(গ) কৈশোৰ কালৰ।

(ঘ) বয়: প্ৰাপ্তিৰ।

উত্তৰ : (খ) বাল্য-কালৰ ৷

প্রশ্ন ১৮:- বাল্য কালৰ ল’ৰা এজনে খেলি ভাল পায়–

(ক) সমনীয়া ল’ৰাৰ লগত। 

(খ) সমনীয়া ছোৱালীৰ লগত। 

(গ) মাক-দেউতাকৰ লগত।

(ঘ) ডাঙৰৰ লগত।

উত্তৰ : (ক) সমনীয়া ল’ৰাৰ লগত ৷

প্রশ্ন ১৯:- এটা সাধাৰণ শিশুৱে অর্থপূর্ণ শব্দ ক’বলৈ শিকে–

(ক) জন্মৰ ছয় মাহ পিছত।

(খ) জন্মৰ এবছৰ পিছত।

(গ) জন্মৰ ডেৰ বছৰ পিছত।

(ঘ) জন্মৰ দুবছৰ বছৰ পিছত।

উত্তৰ : (খ) জন্মৰ এবছৰ পিছত ৷

প্রশ্ন ২০:- অনুকৰণপ্রিয়তা এটা বৈশিষ্ট্য–

(ক) শৈশৱ কালৰ।

(খ) বাল্য-কালৰ।

(গ) কৈশোৰ কালৰ।

(ঘ) বয়: প্ৰাপ্তিৰ।

উত্তৰ : (ক) শৈশৱ কালৰ ৷

প্ৰশ্ন ২১:- বিদ্যালয় শিক্ষাৰ স্তৰ বুলি কোৱা হয়–

(ক) শৈশৱ কালক।

(খ) বাল্য-কালক।

(গ) কৈশোৰ কালক।

(ঘ) বয়: প্ৰাপ্তি কালক।

উত্তৰ : (খ) বাল্য-কালক ৷

প্ৰশ্ন ২২:- শৈশৱ কালৰ ল’ৰা-ছোৱালীক প্ৰদান কৰা শিক্ষাক

(ক) প্রাক্‌-প্রাথমিক শিক্ষা বোলে। 

(খ) প্ৰাথমিক শিক্ষা বোলে।

(গ) মাধ্যমিক শিক্ষা বোলে।

(ঘ) উচ্চ শিক্ষা বোলে।

উত্তৰ : (ক) প্রাক্‌-প্রাথমিক শিক্ষা বোলে ৷

প্রশ্ন ২৩:- ‘কিণ্ডাৰগার্টেন’ স্কুলৰ প্ৰতিষ্ঠাপক আছিল–

(ক) ফুলৰ বাগিচা।

(খ) ফলৰ বাগিচা।

(গ) শিক্ষকৰ বাগিচা।

(ঘ) শিশুৰ বাগিচা।

উত্তৰ : (ঘ) শিশুৰ বাগিচা৷

প্রশ্ন ২৫:- শিশু শিক্ষাত ইন্দ্রিয় প্ৰশিক্ষণৰ পক্ষপাতী আছিল–

(ক) মাৰিয়া মণ্টেশ্বৰী৷ 

(খ) মার্গাৰেট মেক্‌মিলান৷

(গ) ৰুছো৷

(ঘ) এৰিষ্টটল৷

উত্তৰ : (ক) মাৰিয়া মণ্টেশ্বৰী ৷

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top