Assam Jatiya Bidyalay Class 8 Social Science Chapter 8 নাগৰিকত্ব

Assam Jatiya Bidyalay Class 8 Social Science Chapter 8 নাগৰিকত্ব, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় সমাজ বিজ্ঞান Class 8 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 8 নাগৰিকত্ব Class 8 Social Science Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 8 Social Science Chapter 8 নাগৰিকত্ব Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 8 Social Science Chapter 8 নাগৰিকত্ব provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

নাগৰিকত্ব

Chapter – 8

অসম জাতীয় বিদ্যালয়

EXERCISE QUESTION ANSWER

১। নাগৰিক কাক বোলে ?

উত্তৰঃ পুৰণি কালত নগৰত বাস কৰা লোককহে নাগৰিক বোলা হৈছিল। বৰ্তমান সময়ত যি সকলে ৰাষ্ট্ৰৰ প্ৰতি আনুগত্য স্বীকাৰ কৰি নিজৰ কৰ্তব্য পালন কৰাৰ বিনিময়ত ৰাষ্ট্রৰ পৰা ৰাজনৈতিক আৰু অন্যান্য অধিকাৰবোৰ ভোগ কৰিব পাৰে তেঁওলোককে নাগৰিক বোলে।

২। অধিবাসী কাক বোলে লিখা।

উত্তৰঃ ৰাষ্ট্ৰৰ ভিতৰত অঙৰাজ্যেৰ বাসিন্দাসকলক অধিবাসী বোলা হয়।

৩। নাগৰিকত্বৰ প্রাথমিক পৰিচয় কি ?

উত্তৰঃ এখন ৰাষ্ট্ৰৰ নাগৰিকত পাবলৈ হ’লে ব্যক্তিজন সেই ৰাষ্ট্ৰৰ নাগৰিক হব লাগিব। কেৱল বৈধ নাগৰিকৰহে নাগৰিকত্ব থাকে।

৪। জন্মগত নাগৰিকত্ব কাক বোলে ?

উত্তৰঃ এজন ব্যক্তিয়ে যি খন ৰাষ্ট্ৰত জন্ম গ্ৰহণ কৰে তেওঁ সেই ৰাষ্ট্ৰৰ নাগৰিকত্ব পায় আৰু তেনে নাগৰীকত্বক জন্মগত নাগৰিকত্ব বোলে।

৫। সুনাগৰিক কাক বোলে ?

উত্তৰঃ যি সকল নাগৰিক বিচাৰ বুদ্ধি থকা,বিবেক সম্পন্ন, আত্ম সংযমী, স্বাধীন মনোভাৱাপন্ন আৰু সমাজৰ স্বাৰ্থৰ প্ৰতি অঙ্গীকাৰ বদ্ধ তেঁওলোককে সুনাগৰিক বোলে।

৬। নাগৰিক আৰু বিদেশীৰ মাজত থকা তিনিটা সাদৃশ্য লিখা।

উত্তৰঃ নাগৰিক আৰু বিদেশীৰ মাজত থকা তিনিটা সাদৃশ্য হ’ল―

(ক) নাগৰিক সকলে অন্যান্য অধিকাৰৰ উপৰিও ৰাজনৈতিক অধিকাৰ ভোগ কৰিব পাৰে। বিদেশীয়েও ৰাজনৈতিক অধিকাৰৰ বাহিৰে নাগৰিকৰ দৰেই অন্যান্য অধিকাৰ ভোগ কৰিব পাৰে।

(খ) নাগৰিক আৰু বিদেশী উভয়েই একেখন ৰাষ্ট্ৰতে বাস কৰে।

(গ) নাগৰিক আৰু বিদেশী উভয়েই বাস কৰা ৰাষ্ট্ৰখনৰ পৰা সকলো ধৰণৰ নিৰাপত্তা দাবী কৰিব পাৰে।

৭। দেশীয়কৰণৰ দ্বাৰা নাগৰিকত্ব লাভৰ সাধাৰণ নিয়ম তিনিটা লিখা।

উত্তৰঃ যি সকল ব্যক্তিয়ে কোনো বিশেষ ৰাষ্ট্ৰৰ নাগৰীকত্ব বিচাৰি কৰ্তৃপক্ষৰ ওচৰত আৱেদন জনায় আৰু আবেদন মঞ্জুৰ হলে সেই ৰাষ্ট্ৰৰ নাগৰিকত্ব পায়, এনে ধৰণে লাভ কৰা নাগৰিকত্বকে দেশীয়কৰণৰ দ্বাৰা লাভ কৰা নাগৰীকত্ব বোলে। এনে নাগৰিকত্ব লাভ কৰাৰ তিনিটা সাধাৰণ নিয়ম হ’ল―

(১) দেশীয়কৰন পদ্ধতিৰে নাগৰিক হব খোজা ব্যক্তিজনৰ স্বভাৱ চৰিত্ৰ ভাল বুলি ৰাষ্ট্ৰখনে আশ্বস্ত হব লাগিব।

(২) ব্যক্তিজনে যি খন ৰাষ্ট্ৰৰ নাগৰিক হব খোজে তেওঁ সেই ৰাষ্ট্ৰখনত কিছু বছৰ ধৰি স্থায়ীভাৱে বাস কৰিব লাগিব।

(৩) ব্যক্তিজনে উক্ত ৰাষ্ট্ৰখনৰ যি কোনো ভাষাৰ লগত পৰিচিত হব লাগিব।

৮। বৈধ বিদেশী আৰু অবৈধ বিদেশী কাক বোলে লিখা।

উত্তৰঃ এখন ৰাষ্ট্ৰত নাগৰিক আৰু বিদেশী দুই ধৰণৰ অধিবাসী বাস কৰা দেখা যায়। বিদেশী আৰু অধিবাসী সকলক 

(১) বৈধ । আৰু 

(২) অবৈধ এই দুটা ভাগত ভগোৱা হয়।

যিসকল বিদেশীয়ে বৈধ কাগজ আৰু অনুমতি পত্ৰ লৈ ৰাষ্ট্ৰখনৰ সন্মতিত বিধিগত ভাবে প্ৰৱেশ কৰে বা থাকিবলৈ লয় তেনে বিদেশীক বৈধ বিদেশী বোলা হয়।

আনহাতে যিসকল বিদেশীয়ে ৰাষ্ট্ৰৰ বিনা অনুমতিত আৰু কোনো বৈধ পাৰপত্ৰ, অনুমতি পত্ৰ নোহোৱালৈকে গোপনে বা চোৰাং ভাবে ৰাষ্ট্ৰখনত প্ৰৱেশ কৰি বাস কৰিবলৈ লয় তেনে বিদেশী ব্যক্তিক অবৈধ বিদেশী বোলা হয়।

৯। নাগৰিক আৰু বিদেশীৰ মাজত পাঁচোটা পাৰ্থক্য লিখা।

উত্তৰঃ নাগৰিক আৰু বিদেশীৰ মাজত পাঁচোটা পাৰ্থক্য হ’ল―

(১) নাগৰিক সকল ৰাষ্ট্ৰৰ স্থায়ী বাসিন্দা, বিদেশী সকল অস্থায়ী।

(২) নাগৰিক সকলে ৰাজনৈতিক অধিকাৰ লাভ কৰিব পাৰে কিন্তু বিদেশী সকলে ৰাজনৈতিক অধিকাৰ লাভ কৰিব নোৱাৰে।

(৩) নাগৰিক সকলে ৰাষ্ট্ৰৰ প্ৰতি আনুগত্য প্রকাশ কৰিবলৈ বাধ্য থাকে, কিন্তু বিদেশীয়ে ৰাষ্ট্ৰৰ প্ৰতি আনুগত্য প্রকাশ নকৰিবও পাৰে।

(৪) সাধাৰণতে ৰাষ্ট্ৰই নিজৰ নাগৰিকক বহিঃস্কাৰ নকৰে, কিন্তু বিদেশী এজনক ৰাষ্ট্ৰই ইচ্ছা কৰিলে বহিঃস্কাৰ কৰিব পাৰে।

(৫) নাগৰিকে নিজৰ ৰাষ্ট্ৰৰ বাবে প্ৰাণ আহুতি দিব পাৰে, কিন্তু বিদেশীয়ে আত্মবলিদান দিয়া দেখা নাযায়।

১০। নাগৰীকত্ব অৱসান হ’ব পৰা যিকোনো পাঁচটা কাৰণ লিখা।

উত্তৰঃ নাগৰীকত্ব অৱসান হ’ব পৰা যিকোনো পাঁচটা কাৰণ হ’ল―

(১) এগৰাকী মহিলাই কোনো বিদেশীৰ লগত বিবাহ পাশত আবদ্ধ হলে মহিলা গৰাকীয়ে নিজৰ নাগৰীকত্ব হেৰুৱাব।

(২) নিজৰ ৰাষ্ট্ৰৰ বিনা অনুমতিত বিদেশী ৰাষ্ট্ৰৰ সৈন্য দলত যোগদান কৰিলে এজন নাগৰিকে নাগৰীকত্ব হেৰুৱায়।

(৩) সৈন্য বাহিনীৰ পৰা বা যুদ্ধ ক্ষেত্ৰত পৰা পলায়ন কৰা নাইবা নিজৰ দেশক বিশ্বাসঘাতকথা কৰি শত্ৰু দেশৰ লগত হাত মিলোৱা নাগৰিকৰ নাগৰীকত্ব অৱসান হয়।

(৪) গুৰুতৰ অপৰাধ আৰু ৰাষ্ট্ৰদ্ৰোহৰ অপৰাধত লিপ্ত হোৱা নাগৰিকৰ নাগৰীকত্ব অৱসান হ’ব পৰে।

(৫) এজন নাগৰিকে ৰাষ্ট্ৰৰ বিনা অনুমতিত বিদেশী ৰাষ্ট্ৰৰ উপাধি আদি গ্ৰহণ কৰিলেও নাগৰীকত্ব অৱসান ঘটাব পাৰে।

১১। জন্মসত্বৰ দ্বাৰা কেনেকৈ নাগৰীকত্ব পাব পাৰি বুজাই লিখা।

উত্তৰঃ এটা শিশুৱে যিদেশত জন্মগ্ৰহণ কৰে সেই ৰাষ্ট্ৰৰ নাগৰীকত্ব লাভ কৰে আৰু এনে ধৰনে লাভ কৰা নাগৰীকত্বক জন্মস্বত্বৰ দ্বাৰা লাভ কৰা নাগৰীকত্ব বোলা হয়।

এনে ধৰণৰ জন্মসত্বৰ দ্বাৰা নাগৰীকত্ব পোৱাৰ দুটা প্ৰধান নীতি আছে। এটা হল ৰক্ত বা তেজৰ সম্পৰ্কীয় নীতি আৰু আনটো হ’ল জন্মস্থান সম্পৰ্কীয় নীতি।

ৰক্ত বা তেজৰ সম্পৰ্কীয় নীতিটোৰ মতে এটা শিশুই জন্মৰ মুহূৰ্ততে নিজৰ পিতৃ মাতৃ যি নাগৰীকত্ব, সেই নাগৰীকত্বে লাভ কৰে। অৰ্থাৎ এহাল ভাৰতীয় স্বামী-স্ত্ৰীৰ ভাৰতীয় নাগৰীকত্ব তেওঁ লোকৰ সন্তানেও লাভ কৰিব।

আনহাতে জন্মস্থান অনুসৰি পোৱা নাগৰীকত্বৰ নিয়ম মতে এটা শিশুৰ জন্মস্থান অনুসৰি নাগৰীকত্ব নিৰূপণ কৰা হয়। অৰ্থাৎ এহাল ভাৰতীয় সম্পতিয়ে যদি বিদেশত সন্তান জন্ম দিয়ে তেনেহলে শিশুটো যি ৰাষ্ট্ৰত জন্ম লাভ কৰে, সেই ৰাষ্ট্ৰখনৰ নাগৰীকত্ব পাব পাৰে।

১২। সু নাগৰিকৰ যিকোনো পাঁচটা গুণ লিখা।

উত্তৰঃ সু নাগৰিকৰ পাঁচটা গুণ হ’ল―

(১) বিচাৰ,বুদ্ধি, বিবেক আৰু আত্মসংযৰ গুণবোৰ থাকিব লাগিব।

(২) সুনাগৰিক সকলে সু শিক্ষাৰ অধিকাৰী হ’ব লাগিব।

(৩) সুনাগৰিক ৰাজনৈতিক চেতনা থকা অত্যন্ত দৰকাৰ।

(৪) সুনাগৰিকে ৰাষ্ট্ৰ আৰু সংবিধানৰ প্ৰতি আনুগত্য প্রকাশ কৰিব লাগিব।

(৫) ৰাষ্ট্ৰৰ আইন কানুন প্ৰতিজন সুনাগৰিকে মানি চলিব লাগিব।

১৩। নাগৰিকত্বৰ  প্ৰধান ভাগ কেইটা আৰু কি কি ? দুটা ভাগৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ নাগৰিকত্বৰ  প্ৰধান ভাগ তিনিটা।

ভাগ তিনিটা হ’ল―

(১) জন্ম সম্পৰ্কীয়।

(২) দেশীয় কৰণ।আৰু 

(৩) কোনো ভূ-খণ্ড ৰাষ্ট্ৰত চামিল কৰণৰ দ্বাৰা।

(১) জন্ম সম্পৰ্কীয় নীতিৰ দ্বাৰা এজন ব্যক্তিয়ে এখন ৰাষ্ট্ৰৰ নাগৰীকত্ব লাভ কৰিব পাৰে। এনে জন্ম সম্পৰ্কীয় নীতিৰ দুটা পদ্ধতি আছে―

(ক) তেজ বা ৰক্ত সম্পৰ্কীয়।

খ) জন্মৰ স্থান সম্পৰ্কীয় পদ্ধতি। 

প্ৰথম পদ্ধতি অনুসৰি পিতৃ-মাতৃৰ যি নাগৰীকত্ব, তেওঁলোকৰ সন্তানেও সেই নাগৰীকত্ব লাভ কৰে।আনহাতে এটা শিশুৱে যি ৰাষ্ট্ৰত জন্মলাভ কৰে তেওঁ সেই ৰাষ্ট্ৰৰ নাগৰীকত্ব লাভ কৰিব পাৰে।

(২) দেশীয় কৰণৰ পদ্ধতিৰ দ্বাৰা এজন ব্যক্তিয়ে নাগৰীকত্ব লাভ কৰিব হ’লে তেওঁ বিচৰা ৰাষ্ট্ৰখনক আবেদন জনাব লাগিব। আৰু কেইটামান চৰ্ত পালন কৰিব লাগিব যেনে―

(ক) আবেদনকাৰীয়ে বিবাহৰ সূত্ৰে স্বামীৰ নাগৰীকত্ব লাভ কৰিব বিচাৰিছে। 

(খ) আবেদনকাৰীয়ে কৰ্মসূত্ৰে যিখন ৰাষ্ট্ৰত থাকে তেওঁ সেই ৰাষ্ট্ৰৰ নাগৰিকত্ব পাব খোজে। 

(গ) আবেদনকাৰীয়ে যি ৰাষ্ট্ৰৰ সৈন্য দলত যোগদান কৰিছে সেই ৰাষ্ট্ৰৰ নাগৰীকত্ব পাব খোজে। 

(ঘ) আবেদিনকাৰীয়ে যি ৰাষ্ট্ৰৰ ঘৰ, মাটি আদি স্থাৱৰ সম্পত্তি গঢ়ি তুলিছে আৰু ব্যৱসায় বাণিজ্য আদি চলাই আছে তেনে ৰাষ্ট্ৰৰ নাগৰীকত্ব বাবে আবেদন কৰিব পাৰে।

(৩) কেতিয়াবা কোনো ভূখণ্ড এখন ৰাষ্ট্ৰত চামিল হ’লে সেই ৰাষ্ট্ৰৰ নাগৰীকত্ব প্ৰদান কৰা হয়। উদাহৰণস্বৰূপে ভাৰত ৰাষ্ট্ৰৰ সতে চিকিমখন চামিল হোৱাৰ পিছত চিকিমৰ জনসাধাৰনে ভাৰতীয় নাগৰীকত্ব লাভ কৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top