Assam Jatiya Bidyalay Class 8 Social Science Chapter 6 ৰাজনীতি বিজ্ঞানৰ ধাৰণা

Assam Jatiya Bidyalay Class 8 Social Science Chapter 6 ৰাজনীতি বিজ্ঞানৰ ধাৰণা, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় সমাজ বিজ্ঞান Class 8 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 6 ৰাজনীতি বিজ্ঞানৰ ধাৰণা Class 8 Social Science Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 8 Social Science Chapter 6 ৰাজনীতি বিজ্ঞানৰ ধাৰণা Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 8 Social Science Chapter 6 ৰাজনীতি বিজ্ঞানৰ ধাৰণা provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

ৰাজনীতি বিজ্ঞানৰ ধাৰণা

Chapter – 6

অসম জাতীয় বিদ্যালয়

EXERCISE QUESTION ANSWER

১। পলিটিক্স শব্দটো কি ভাষাৰ কোনটো শব্দৰ পৰা সৃষ্টি হৈছে ?

উত্তৰঃ পলিটিক্স politics শব্দটো গ্ৰীক্ ভাষাৰ শব্দ পলিছ্ polis ৰ পৰা সৃষ্টি হৈছে।

২। ৰাজনীতি শব্দটো কোনে প্ৰথমে ব্যৱহাৰ কৰিছিল ?

উত্তৰঃ গ্ৰীক দাৰ্শনিক এৰিষ্টটলে পোন প্ৰথমে পলিটিক্স বা ৰাজনীতি শব্দটো ব্যৱহাৰ কৰিছিল।

৩। অৰ্থশাস্ত্রৰ ৰচয়িতা কোন ?

উত্তৰঃ চাণক্য ওৰফে কৌটিল্যই অৰ্থশাস্ত্রৰ ৰচনা কৰিছিল।

৪। দ্য লজ The laws নামৰ গ্ৰন্থখনৰ ৰচয়িতাজনৰ নাম কি ?

উত্তৰঃ দ্য লজ The laws নামৰ গ্ৰন্থখনৰ ৰচক আছিল গ্ৰীক্ দাৰ্শনিক প্লেটো।

৫। ৰাজনীতি বিজ্ঞান সম্পৰ্কে গেটেল আগবঢ়োৱা সংজ্ঞাটো লিখা।

উত্তৰঃ গেটেলৰ মতে ৰাজনীতি বিজ্ঞান হ’ল ৰাষ্ট্ৰৰ অতীত,বৰ্তমান আৰু ভৱিষ্যতৰ বিষয়ে অধ্যয়ন, ৰাজনৈতিক সন্থা, অনুষ্ঠানবোৰৰ গঠন আৰু কাৰ্যাৱলী তথা ৰাজনৈতিক তত্ববোৰৰ বিষয়ে অধ্যয়ন কৰা।

৬। হেৰল্ড লাস্কিয়ে আগবঢ়োৱা ৰাজনীতি বিজ্ঞানৰ সংজ্ঞাটো কি ?

উত্তৰঃ হেৰল্ড লাস্কিৰ মতে ৰাজনীতি বিজ্ঞান হ’ল ৰাষ্ট্ৰ আৰু চৰকাৰৰ অধ্যয়ন কৰা এবিধ বিজ্ঞান।

৭। ৰাজনীতি বিজ্ঞানৰ ধাৰণা আৰু ইয়াৰ ইতিহাস সম্পৰ্কে এটা আলোচনা আগবঢ়োৱা।

উত্তৰঃ ৰাজনীতি বিজ্ঞানক ইংৰাজীত political science বোলে। politics শব্দটো গ্ৰীক্ ভাষাৰ শব্দ পলিছ্ polis ৰ পৰা উদ্ভৱ হৈছে। ইয়াৰ অৰ্থ হ’ল নগৰ ৰাষ্ট্ৰ বা city state। প্ৰাচীন গ্ৰীচত একোখন নগৰক লৈয়ে একোখন ৰাষ্ট্ৰৰ সৃষ্টি হৈছিল আৰু নগৰ ৰাষ্ট্ৰবোৰৰ লগত জনসাধাৰণৰ সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক জীৱনৰ ওতপ্ৰোত সম্পৰ্ক গঢ়ি উঠিছিল। গতিকে ৰাজনীতি বিজ্ঞান বিষয়টো ৰাষ্ট্রক কেন্দ্ৰ কৰিয়ে সৃষ্টি হৈছে। সেয়েহে গাৰ্ণাৰে একে আষাৰে কব পাৰিছিল যে ৰাজনীতি বিজ্ঞানৰ অধ্যায়ন ৰাষ্ট্ৰতেই আৰম্ভ আৰু ৰাষ্ট্ৰতেই শেষ।

অসমীয়া আৰু সংস্কৃতি মূলত ৰাজনীতি শব্দটো ৰাজন শব্দৰ পৰা আহিছে। ৰাজন মানে হ’ল ৰজা। ৰজাৰ ৰাজ্য শাসন কৰা নীতিয়েই হ’ল ৰাজনীতি। সেই ৰাজনীতিক কেন্দ্ৰ কৰিয়েই ৰাজনীতি বিজ্ঞানৰ সূত্ৰপাত হৈছে।

৮। ৰাজনীতি বিজ্ঞানৰ পৰিসৰ সম্পৰ্কে আলোচনা কৰা।

উত্তৰঃ যিটো সীমা ৰেখাৰ ভিতৰত ৰাজনীতি বিজ্ঞান অধ্যয়ন কৰা হয় সেই পৰিসৰটো হ’ল―

(ক) ৰাষ্ট্ৰৰ উৎপত্তি, প্ৰকৃতিৰ, ক্ৰমবিকাশ আৰু কাৰ্যপদ্ধতিৰ বিষয়ে আলোচনা কৰা হয়।

(খ) ৰাষ্ট্ৰৰ শাসন প্ৰণালীৰ বিষয়ে আলোচনা কৰা হয়।

(গ) চৰকাৰৰ প্ৰকৃতি, গঠন প্ৰণালী আৰু কামকাজৰ বিষয়ে আলোচনা কৰা হয়।

(ঘ) ৰাষ্ট্ৰৰ চৰকাৰে যিবোৰ আইন প্ৰণয়ন কৰে সেইবোৰো আলোচনাৰ ভিতৰত পৰে ।

(ঙ) ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বিষয় আৰু সমস্যাবোৰৰ বিষয়ে আলোচনা কৰা হয়।

(চ) ৰাজনীতি বিজ্ঞানে ব্যক্তি আৰু সমাজৰ ৰাজনৈতিক, অৰ্থনৈতিক জীৱনৰ সম্পৰ্কৰ বিষয়েও আলোচনা কৰে।

(ছ) ৰাজনৈতিক জীৱনে মানৱ সমাজৰ অতীত আৰু বৰ্তমান বিষয়ে আলোচনা কৰে।

৯। ৰাজনীতি বিজ্ঞানক প্রকৃত বিজ্ঞানৰ আখ্যা দিব পাৰিনে বুজাই লিখা।

উত্তৰঃ যিটো অৰ্থত পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, জীৱ বিজ্ঞান আদি বিজ্ঞান সেই অৰ্থত ৰাজনীতি বিজ্ঞান, বিজ্ঞান নহয়। এইবোৰে প্ৰাকৃতিক বিজ্ঞান আনহাতে ৰাজনীতি বিজ্ঞান এবিধ সমাজ বিজ্ঞানহে। সেয়েহে বিজ্ঞ সমাজত এই লৈ দ্বিমত দেখা যায়। প্ৰাকৃতিক বিজ্ঞানবোৰৰ ক্ষেত্ৰত পৰ্যবেক্ষণ বিশ্লেষণ আৰু সিদ্ধান্ত গ্ৰহণৰ দ্বাৰা একোটা সত্য নিৰূপন কৰা হয়। ঠিক তেনেদৰে ৰাজনীতি বিষয়বস্তুবোৰ অধ্যয়ন কৰোঁতেও এই পদ্ধতিবোৰৰ উচিত ব্যৱহাৰ কৰিব পৰা যায়। বৰ্তমান সময়ত যিকোনো ৰাজনৈতিক সমস্যা সমাধানৰ ক্ষেত্ৰত বৈজ্ঞানিক পদ্ধতিৰে প্ৰণালীবদ্ধভাবে বিশ্লেষণ কৰা হয়।  তদুপৰি যিবোৰ ৰাজনৈতিক সত্য আছে যেনে ন্যায়ালয়ৰ নিৰপেক্ষতা, গণতন্ত্ৰৰ সফলতাৰ চৰ্তবোৰ সকলো সময়তে আৰু ঠাইতে সত্য বুলি গৃহীত হ’য়।

ওপৰৰ আলোচনাৰ পৰা বোজা যায় যে ৰাজনীতি বিজ্ঞান সমাজ বিজ্ঞান হিচাপে ইও এবিধ বিজ্ঞান।

১০। “ৰাজনীতি বিজ্ঞান যিমান বিজ্ঞান, তাতোকৈ অধিক কলাহে” কথাষাৰৰ অর্থ বুজাই লিখা।

উত্তৰঃ ৰাজনীতি বিজ্ঞান প্ৰকৃততে বিজ্ঞান নে কলা এই লৈয়ো এক বিতৰ্ক অব্যাহত আছে। ইয়াৰ মাজত ৰাজনীতি বিজ্ঞানক যিমান খিনি বিজ্ঞান বোলা যুগুত তাতোকৈ ইয়াক অধিক কলা বুলি বিবেচনা কৰা উচিত বুলি মত পোষণ কৰে।

মুঠতে ৰাজনীতি বিজ্ঞান অধিক বিজ্ঞান নে অধিক কলা সেইটো একে আষাৰে কব পৰা নাযায়। সেইটো মানুহৰ ব্যক্তিগত ধাৰণাৰ ওপৰত নিৰ্ভৰ কৰে। বিজ্ঞানে উদ্ভাৱন কৰে আৰু কলাই তাক কাৰ্যকৰী কৰে। ৰাজনীতি বিজ্ঞানতো এইটো খাটে। গতিকে ই বিজ্ঞান আৰু কলা এই দুয়োৰে সংমিশ্ৰণ বুলিব পাৰি।

১১। ৰাজনীতি বিজ্ঞানৰ অধ্যয়নৰ আৱশ্যকতাৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ প্ৰতিটো বিষয় অধ্যয়ন কৰাৰ সুকীয়া সুকীয়া আৱশ্যকতা থাকে। ৰাজনীতি বিজ্ঞান অধ্যয়নৰো সেয়েহে নিজস্ব আৱশ্যকতা আছে। তলত এইবোৰ আলোচনা কৰা হ’ল।

(১) প্ৰত্যেক ব্যক্তিয়ে নিজৰ সমাজ আৰু ৰাষ্ট্ৰখনৰ লগত কি সম্পৰ্ক সেই বিষয়ে জানিবলৈ হ’লে ৰাজনীতি বিজ্ঞান অধ্যয়ন কৰা প্ৰয়োজন।

(২) প্ৰত্যেক ব্যক্তিয়ে নিজৰ অধিকাৰ আৰু কৰ্তব্যৰ প্ৰতি সচেতন হ’বলৈ ৰাজনীতি বিজ্ঞান অধ্যয়ন দ্বাৰা প্ৰকৃত জ্ঞান পাব পাৰে।

(৩) ৰাজনীতি বিজ্ঞান অধ্যয়নৰ দ্বাৰা বিশ্বৰ সমকালীন ৰাজনীতিৰ বিষয়ে জ্ঞান লাভ কৰিব পাৰি।

(৪) ৰাজনীতি বিজ্ঞানৰ অধ্যয়নে ব্যক্তিক ৰাজনৈতিক ভাবে সজাগ কৰি ৰাখে। আৰু সেয়েহে চৰকাৰৰ প্ৰতিটো কামকাজকে সুক্ষ্মভাবে বিচাৰ কৰিব পাৰে।

(৫) ৰাজনীতি বিজ্ঞানৰ অধ্যয়নে সুনাগৰিক হিচাপে গঢ়াত ব্যক্তিক সহায় কৰে।

১২। চাণক্য বা কৌটিল্য কোনজন মৌৰ্য্য সম্ৰাটৰ মন্ত্ৰী আছিল ?

উত্তৰঃ ৪ৰ্থ শতিকাৰ মৌৰ্য্য সম্ৰাট চন্দ্ৰগুপ্ত মৌৰ্য্যৰ প্ৰধানমন্ত্ৰী আছিল চাণক্য ওৰফে কৌটিল্য।

১৩। কোন ফৰাচী ৰাজনীতিবিদ পোন প্রথমে ৰাজনীতি বিজ্ঞান শব্দটো ব্যৱহাৰ কৰিছিল ?

উত্তৰঃ ১৬ শতিকাত ফৰাচী ৰাজনীতিবিদ জাঁ বদাই ৰাজনীতি বিজ্ঞান শব্দটো পোন প্রথম বাৰৰ বাবে ব্যৱহাৰ কৰিছিল।

১৪। ‘পলিটিকাচ’ কোন ভাষাৰ শব্দ ?

উত্তৰঃ ‘পলিটিকাচ’ লেটিন ভাষাৰ শব্দ।

১৫। প্ৰাচীন কালত নগৰ ৰাষ্ট্ৰ ক’ত প্ৰচলন আছিল ?

উত্তৰঃ গ্ৰীচ দেশত নগৰ ৰাষ্ট্ৰ প্ৰচলন আছিল ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top