Assam Jatiya Bidyalay Class 8 Social Science Chapter 4 আহোম–ৰাজ্যৰ পৰা সাম্ৰাজ্যেলৈ

Assam Jatiya Bidyalay Class 8 Social Science Chapter 4 আহোম–ৰাজ্যৰ পৰা সাম্ৰাজ্যেলৈ (প্ৰতাপ সিংহৰ পৰা ৰুদ্ৰসিংহৰ ৰাজত্বলৈকে), Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় সমাজ বিজ্ঞান Class 8 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 4 আহোম–ৰাজ্যৰ পৰা সাম্ৰাজ্যেলৈ Class 8 Social Science Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 8 Social Science Chapter 4 আহোম–ৰাজ্যৰ পৰা সাম্ৰাজ্যেলৈ Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 8 Social Science Chapter 4 আহোম–ৰাজ্যৰ পৰা সাম্ৰাজ্যেলৈ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

আহোম–ৰাজ্যৰ পৰা সাম্ৰাজ্যেলৈ (প্ৰতাপ সিংহৰ পৰা ৰুদ্ৰসিংহৰ ৰাজত্বলৈকে)

Chapter – 4

অসম জাতীয় বিদ্যালয়

EXERCISE QUESTION ANSWER

১। প্ৰতাপসিংহই কছাৰী সকলৰ পৰা কোনটো অঞ্চল দখল কৰি লৈছিল ?

উত্তৰঃ প্ৰতাপসিংহই কলং আৰু কপিলীৰ মাজৰ অৱবাহিকা অঞ্চল আহোম ৰাজ্যেৰ ভিতৰুৱা কৰি লয় । এই নতুন অঞ্চল শাসন কৰিবলৈ আৰু কছাৰী ৰজাৰ গতি বিধিত চকু দিবলৈ হাতত এজন ৰহীয়ান বৰুৱা নিযুক্তি দিছিল।

২। দৰং ৰাজবংশৰ প্ৰথম ৰজাজনৰ নাম কি আছিল ?

উত্তৰঃ বলীনাৰায়ন বা ধর্ম নাৰায়ণ দৰং ৰাজবংশৰ প্ৰথম ৰজা আছিল।

৩। লাঙি পানীসিয়া কোন আছিল ?

উত্তৰঃ লাঙি পানীসিয়া আছিল নামনিৰ আহোম ৰাজ্য শাসন কৰিবলৈ গুৱাহাটীত নতুনকৈ সৃষ্টি কৰা প্ৰথমজন বৰফুকন।

৪। বৰবৰুৱা পদবী কোনে সৃষ্টি কৰিছিল ?

উত্তৰঃ উজনিৰ যিবোৰ অঞ্চল তিনিজন আহোম বিষয়াৰ শাসনৰ অন্তৰ্ভুক্ত হোৱা নাছিল সেইবোৰৰ শাসন চলাবলৈ আহোম ৰজা প্ৰতাপসিংহই বৰবৰুৱা উপাধিৰ এজন বিষয়াৰ পদবী সৃষ্টি কৰিছিল।

৫। মীৰজুমলা কোন আছিল ?

উত্তৰঃ মীৰ জুমলা মোগল সম্ৰাটৰ এজন সুদক্ষ আৰু বিশ্বাসী সেনাপতি আছিল। জয়ধ্বজ সিংহই গুৱাহাটীৰ পৰা মোগলক খেদাই পুনৰ গুৱাহাটী দখল কৰাত মোগল সম্ৰাট ঔৰংজেৱে এই মীৰ জুমলাকে অসম আক্ৰমণ কৰিবলৈ পঠাইছিল ।

৬। পুৰণি অসমৰ কোনখন নগৰৰ নাম সাময়িক ভাৱে আলম গীৰ নগৰ হৈছিল ?

উত্তৰঃ কোচবিহাৰ নগৰখন নাম থোৱা হৈছিল অলমগীৰ নগৰ।

৭। ঘিলাঝাৰীঘাটৰ সন্ধি কেতিয়া হৈছিল ?

উত্তৰঃ ১৬৬৩ চনৰ ২২ জানুৱাৰী তাৰিখে আহোম আৰু মোগলৰ মাজত ঘিলাঝাৰীঘাটৰ সন্ধি স্বাক্ষৰিত হৈছিল।

৮। লাচিত বৰফুকন কোন আছিল ? ( চমু টোকা)

উত্তৰঃ আহোম ৰজা স্বৰ্গদেও চক্ৰধ্বজ সিংহ ওৰফে চুপুংমুৰাজ সিংহাসনত আৰোহণ কৰিয়েই অসমৰ পৰা মোগলসকলক বিতাৰিত কৰিবলৈ মনস্থ কৰিলে আৰু সেই উদ্দেশ্যে মোমাই তামুলী বৰবৰুৱাৰ সুযোগ্য পুত্ৰ লাচিত বৰফুকন মোগলসকলক আহোম ৰাজ্যৰ নামনি অংশৰ পৰা উৎখাত কৰিবলৈ গুৰু দায়িত্ব অৰ্পণ কৰিলে । প্ৰথম অৱস্থাত আলাবৈৰ যুদ্ধত আহোম সৈন্যৰ শোকাবহ পৰাজয় ঘটিছিল। এই যুদ্ধৰ পৰাজয়ৰ গ্লানিত ইতিমধ্যে স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ মৃত্যু হয়।

চক্ৰধ্বজ সিংহৰ পিছত স্বৰ্গদেউ চুন্যাতফা ওৰফে উদয়াদিত্য ৰাজপাটত বহে। এওঁৰ দিনতে 1671 চনত গুৱাহাটীৰ ওচৰত শৰাইঘাটৰ বিখ্যাত যুদ্ধখন হৈছিল। যিখন নৌযুদ্ধত লাচিত বৰফুকনে নৰীয়া গাৰে আহোম সৈন্যক নেতৃত্ব দি মোগলক ছেদেলি ভেদেলি কৰি নামনিৰ আহোম ৰাজ্য পুনৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। লাচিত বৰফুকনৰ দেশপ্ৰেমৰ তুলনা নাই যিয়ে কৰ্তব্যৰ  খাটিৰত নিজৰ মোমায়েককো কাটি দুছোৱা কৰিবলৈ কুণ্ঠাবোধ কৰা নাছিল।

৯। লাচিত বৰফুকন কোন আছিল ?

উত্তৰঃ আহোম স্বৰ্গদেউ চক্ৰধ্বজ সিংহ আৰু উদয়াদিত্য দিনত গুৱাহাটীত বৰফুকনৰ দায়িত্ব পালন কৰিছিল ।

১০। শৰাইঘাটৰ যুদ্ধ কোন চনত হৈছিল ?

উত্তৰঃ 1671 চনত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল।

১১। ডেবেৰা বৰবৰুৱা কিয় বিখ্যাত আছিল ?

উত্তৰঃ 1673 চনৰ পৰা 1681 চনলৈ আহোম ৰাজ্যত চৰম অসান্তি আৰু অৰাজকতাই দেখা দিছিল। এনে এক পৰিস্থিতিৰ মূলতে আছিল ডেবেৰা বৰবৰুৱা নামৰ এজন বিষয়া। ডেবেৰা বৰবৰুৱা আৰু লালোকসোলা বৰফুকনে লগ লাগি আহোম ৰাজ্যেত এক আতঙ্কময় পৰিস্থিতি সৃষ্টি কৰিছিল।

১২। গদাধৰ সিংহ কেতিয়া ৰজা হয় ?

উত্তৰঃ চুপাতফা বা গদাধৰ সিংহই 1681 চনত আহোম ৰাজ্যৰ ৰজা হয়।

১৩ আহোম ৰাজ্যেৰ সৰ্বশ্ৰেষ্ঠ ৰজাজনৰ নাম কি ?

উত্তৰঃ আহোম ৰাজ্যেৰ সৰ্বশ্ৰেষ্ঠ ৰজাজনৰ নাম ৰুদ্ৰসিংহ ।

১৪। 1228 চনটো অসমৰ ইতিহাসত কিয় উল্লেখযোগ্য ?

উত্তৰঃ 1228 চনতে চুকাফা নামৰ টাই গোষ্ঠীৰ এজন ডেকাই অসমত প্ৰৱেশ কৰি ছয়শ বছৰীয়া আহোম ৰাজত্ব প্ৰতিষ্ঠা কৰিছিল।

১৫। চুকাফাই প্ৰতিষ্ঠা কৰা অসমৰ ৰাজ্যখন অসমৰ ইতিহাসত কি বুলি জনাজাত ?

উত্তৰঃ চুকাফাই অসমত প্ৰতিষ্ঠা কৰা অসমৰ ৰাজ্যখন আহোম ৰাজ্য হিচাপে ইতিহাসত জনা যায়।

১৬। চুকাফাই পতা আহোম ৰাজ্যৰ ৰাজধানী কি আছিল ?

উত্তৰঃ চুকাফাই পতা আহোম ৰাজ্যৰ ৰাজধানীখন আছিল উজনি অসমৰ চৰাইদেউত।

১৭। স্বৰ্গদেউ চুচেংফা ওৰফে প্ৰতাপ সিংহ কাৰ পুতেক আছিল ?

উত্তৰঃ স্বৰ্গদেউ চুচেংফা ওৰফে প্ৰতাপ সিংহ চুখামফা ওৰফে খোৰা ৰজাৰ পুতেক আছিল ।

১৮। চুচেংফাক বুঢ়া ৰজা বুলি কিয় কোৱা হৈছিল ?

উত্তৰঃ চুচেংফা ওৰফে প্ৰতাপ সিংহই বৃদ্ধ বয়সতে ৰাজপাটত বহিছিল বাবে তেওঁক বুঢ়া ৰজা বুলিও জনা গৈছিল।

১৯। চুচেংফাৰ নাম প্ৰতাপসিংহ কেনেকৈ হৈছিল?

উত্তৰঃ স্বৰ্গদেউ চুচেংফাই যুদ্ধৰ ক্ষেত্ৰত অসীম প্ৰতাপেৰে যুদ্ধ কৰিছিল বাবেই তেওঁক প্ৰতাপসিংহ নাম দিয়া হৈছিল।

২০। প্ৰতাপ সিংহৰ আন এটা নাম কি আছিল?

উত্তৰঃ প্ৰতাপ সিংহৰ আন এটা নাম আছিল বুদ্ধি স্বৰ্গনাৰায়ন।

২১। প্ৰতাপ সিংহক বুদ্ধি স্বৰ্গনাৰায়ন নাম কিয় দিয়া হৈছিল ?

উত্তৰঃ স্বৰ্গদেউ প্ৰতাপসিংহ অত্যন্ত বুধিয়ক আছিল বাবে তেওঁ বুদ্ধি স্বৰ্গনাৰায়ন নাম পাইছিল।

২২। প্ৰতাপসিংহৰ দিনত জয়ন্তীয়া ৰজা কোন আছিল ?

উত্তৰঃ প্ৰতাপসিংহৰ দিনত জয়ন্তীয়া ৰজা আছিল যশ মাণিক।

২৩। ৰহীয়াল বৰুৱা কোন আছিল ?

উত্তৰঃ কছাৰী ৰজাৰ গতি বিধি চাবলৈ আহোম ৰজাই ৰহাত যিজন আহোম বিষয়া নিযুক্তি দিছিল তেওঁৰ নাম ৰহীয়ান বৰুৱা।

২৪। প্ৰথম ৰহীয়াল বৰুৱা কোন আছিল ?

উত্তৰঃ প্ৰথম ৰহীয়াল বৰুৱা আছিল সুন্দৰ গোহাঁই।

২৫। কোচ ৰজা ৰঘুনাৰায়নৰ জ‍্যেষ্ঠ পুত্ৰৰ নাম কি আছিল ?

উত্তৰঃ কোচ ৰজা ৰঘুনাৰায়নৰ জ‍্যেষ্ঠ পুত্ৰৰ নাম পৰীক্ষিত নাৰায়ণ আছিল।

২৬। পৰীক্ষিত নাৰায়ণ ক’ৰ ৰজা আছিল ?

উত্তৰঃ পৰীক্ষিত নাৰায়ণ কোচহাজোৰ ৰজা আছিল।

২৭। পৰীক্ষিত নাৰায়ণৰ কোচহাজোখন কোনে দখল কৰিছিল ?

উত্তৰঃ পৰীক্ষিত নাৰায়ণৰ ভাতৃ কোচ বিহাৰৰ ৰজা লক্ষ্মীনাৰায়ণে মোগলৰ সহায়ত কোচহাজোখন দখল কৰি লৈছিল।

২৮। পৰীক্ষিত নাৰায়ণৰক বন্দী কৰি কলৈ নিয়া হৈছিল ?

উত্তৰঃ ৰজা পৰীক্ষিত নাৰায়ণক বন্দী কৰি মোগলে দিল্লীলৈ লৈ গৈছিল।

২৯। পৰীক্ষিত নাৰায়ণৰ মৃত্যু ক’ত কেনেকৈ হৈছিল ?

উত্তৰঃ দিল্লীৰ পৰা উভতি আহোঁতে গঙ্গাৰ পাৰত বসন্ত ৰোগত আক্রান্ত হৈ পৰীক্ষিত নাৰায়ণৰ মৃত্যু হৈছিল।

৩০। পৰীক্ষিত নাৰায়ণৰ কোনজন ভায়েক আহোম ৰজা প্ৰতাপসিংহৰ আশ্ৰয় লৈছিল ?

উত্তৰঃ পৰীক্ষিত নাৰায়ণৰ ভাতৃ বলীনাৰায়নে পলাই গৈ আহোম ৰজা প্ৰতাপসিংহৰ আশ্ৰয় লৈছিল।

৩১। বলীনাৰায়ন কৰ ৰজা আছিল ?

উত্তৰঃ বলীনাৰায়ন দৰংৰ ৰজা আছিল।

৩২। বলীনাৰায়নৰ আন এটা নাম কি আছিল ?

উত্তৰঃ বলীনাৰায়নৰ আন এটা নাম আছিল ধর্ম নাৰায়ণ।

৩৩। স্বৰ্গদেউ প্ৰতাপসিংহৰ ৰাজত্ব কালত বঙ্গৰ মোগল শাসন কৰ্তা কোন আছিল ?

উত্তৰঃ স্বৰ্গদেউ প্ৰতাপসিংহৰ ৰাজত্ব কালত বঙ্গৰ মোগল শাসন কৰ্তা আছিল শ‍্যেখ কাছিম ।

৩৪। কোন দুজন মোগল সেনাপতিক আহোম ৰাজ্য আক্ৰমণ কৰিবলৈ শ‍্যেখ কাছিমে আদেশ দিছিল ?

উত্তৰঃ চৈয়দ হাকিম আৰু চৈয়দ আবুবকৰ নামৰ সেনাপতি দুজনক শ‍্যেখ কাছিমে আহোম ৰাজ্য আক্ৰমণ কৰিবলৈ আদেশ দিছিল।

৩৫। সুন্দৰ গোহাঁইৰ পুতেকৰ নাম কি আছিল ?

উত্তৰঃ সুন্দৰ গোহাঁইৰ পুতেকৰ নাম আছিল আখেক গোহাঁই।

৩৬। প্ৰতাপ সিংহই নতুনকৈ দখল কৰা অঞ্চলবোৰ শাসন কৰিবলৈ কি কি নতুন বিষয়াৰ পদবী সৃষ্টি কৰিছিল ?

উত্তৰঃ প্ৰতাপ সিংহই সৃষ্টি কৰা নতুন বিষয়াৰ পদবী দুটা আছিল বৰবৰুৱা আৰু বৰফুকন।

৩৭। প্ৰথম বৰবৰুৱা আৰু প্ৰথম বৰফুকন হিচাবে কোনে নিযুক্তি পাইছিল ?

উত্তৰঃ মোমাই তামুলী বৰবৰুৱাই প্ৰথম বৰবৰুৱা আৰু লাঙি পানী সিয়া প্ৰথম বৰফুকনৰ আছিল।

৩৮। জাগীয়াল বৰুৱা আৰু কাজলীমুখীয়া গোহাঁই ক’ৰ শাসন চলাইছিল ?

উত্তৰঃ জাগীয়াল বৰুৱা জাগী অঞ্চলৰ আৰু কাজলীমুখীয়া গোহাঁই কাজলীমুখ অঞ্চলৰ শাসন চলাইছিল।

৩৯। সলাল গোঁহাইএ ক’ৰ শাসন চলিছিল ?

উত্তৰঃ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে থকা সলা বা বৰ্তমান সময়ৰ চতিয়া জামুগুৰি অঞ্চলৰ শাসন সলাল গোঁহাইএ চলাইছিল।

৪০। স্বৰ্গদেউ জয়ধ্বজ সিংহৰ আন এটা নাম কি আছিল ?

উত্তৰঃ স্বৰ্গদেউ জয়ধ্বজ সিংহৰ আন এটা নাম চুতাম্লা আছিল।

৪১। স্বৰ্গদেউ জয়ধ্বজ সিংহৰ দিনত মোগল সম্ৰাট কোন আছিল ?

উত্তৰঃ স্বৰ্গদেউ জয়ধ্বজ সিংহৰ দিনত মোগল সম্ৰাট আছিল ঔৰংজেৱ।

৪২। জয়ধ্বজ সিংহৰ ৰাজত্ব কালত ঔৰংজেৱে কোন সেনাপতিক আহোম ৰাজ্য আক্ৰমণ কৰিবলৈ পঠাইছিল ?

উত্তৰঃ জয়ধ্বজ সিংহৰ ৰাজত্ব কালত ঔৰংজেৱে মিৰজুমলাক আহোম ৰাজ্য আক্ৰমণ কৰিবলৈ পঠাইছিল।

৪৩। মিৰজুমলাই কিমান চনত গুৱাহাটী পুনৰ উদ্ধাৰ কৰিছিল ?

উত্তৰঃ 1662 চনৰ 4 ফেব্ৰুৱাৰীত মিৰজুমলাই বিনা বাধাই গুৱাহাটী দখল কৰিবলৈ সক্ষম হয়।

৪৪। মিৰজুমলাই কিমান চনত আহোম ৰাজ্যেৰ ৰাজধানী গড়গাঁও দখল কৰি লয় ?

উত্তৰঃ 1662 চনৰ 17 মাৰ্চ তাৰিখে মিৰজুমলাই আহোম ৰাজ্যৰ ৰাজধানী গড়গাঁও দখল কৰি লয়।

৪৫। ঘিলাঝাৰী ঘাটৰ সন্ধি কিমান চনত হৈছিল?

উত্তৰঃ 1663 চনৰ 22 জানুৱাৰী তাৰিখে আহোম স্বৰ্গদেউ আৰু মোগল সেনাপতি মিৰজুমলাৰ লগত ঘিলাঝাৰী ঘাটৰ সন্ধি স্বাক্ষৰিত হৈছিল।

৪৬। ঘিলাঝাৰী ঘাটৰ সন্ধিৰ চৰ্তমতে আহোম স্বৰ্গদেৱে মোগল সম্ৰাটক বছৰি কিমানটা হাতী আৰু টকা দিবলগীয়া হৈছিল ?

উত্তৰঃ ঘিলাঝাৰী ঘাটৰ সন্ধিৰ চৰ্তমতে আহোম স্বৰ্গদেৱে মোগল সম্ৰাটক বছৰি 20 টাকৈ মুঠ 90 টা হাতী আৰু নগদ 3 লাখ টকা দিবলগীয়া হৈছিল।

৪৭। মোগল সম্ৰাটৰ দৰবাৰত পনবন্দী হিচাবে কিমামজন আহোম বিষয়াৰ পুত্ৰক পঠিয়াব লগাত পৰিছিল ?

উত্তৰঃ ছয়জন বিষয়াৰ পুত্ৰক পঠিয়াব লগাত পৰিছিল ।

৪৮। জয়ধ্বজ সিংহই কোনজনী জীয়েকক মোগল সম্ৰাটৰ হেৰেমলৈ পঠাব লগীয়া হৈছিল ?

উত্তৰঃ মোগলৰ লগত পৰাস্ত হোৱাত সন্ধিৰ চৰ্ত অনুসৰি জয়ধ্বজ সিংহই নিজ কন্যা ৰমণী গাভৰুক মোগল সম্ৰাটৰ হেৰেমলৈ পঠাব লগীয়া হৈছিল।

৪৯। জয়ধ্বজ সিংহৰ মৃত্যুৰ পিছত আহোম ৰাজ্যৰ ৰাজপাটত কোনে আৰোহণ কৰিছিল ?

উত্তৰঃ জয়ধ্বজ সিংহৰ মৃত্যুৰ পিছত চুপুংমুঙে চক্ৰধ্বজ সিংহ নামলৈ আহোম ৰাজ্যৰ ৰাজপাটত আৰোহণ কৰিছিল।

৫০। লাচিত বৰফুকনে কিমান চনত মোগলৰ পৰা গুৱাহাটী উদ্ধাৰ কৰিছিল ?

উত্তৰঃ 1667 চনত লাচিত বৰফুকনে মোগলক খেদি গুৱাহাটীখন উদ্ধাৰ কৰিছিল।

৫১। মোগল সৈন্যৰ লগত হোৱা আহোম সৈন্যৰ মুখামুখি ৰণত কোন ঠাইত আহোম সৈন্যৰ পৰাস্ত হৈছিল ?

উত্তৰঃ 1669 চনৰ 5 আগষ্ট তাৰিখে হাজোৰ ওচৰৰ আলাবৈত হোৱা ৰণত মোগলৰ হাতত আহোম সৈন্যৰ শোচনীয় ভাৱে পৰাস্ত হৈছিল।

৫২। মহাৰাজ ৰুদ্ৰ সিংহৰ আন এটা নাম কি আছিল ?

উত্তৰঃ মহাৰাজ ৰুদ্ৰ সিংহৰ আন এটা নাম আছিল লাই।

৫৩। স্বৰ্গদেউ প্ৰতাপসিংহৰ দিনত আহোম ৰাজ্যেৰ বিস্তাৰ বৰ্ণনা কৰা।

উত্তৰঃ আহোম স্বৰ্গদেউ চুচেংফা বা প্ৰতাপসিংহৰ ৰাজত্ব কালত আহোম ৰাজ্যেৰ বিস্তৃতি বৃদ্ধি পাইছিল। প্ৰতাপসিংহই পোন প্ৰথমে 1606 চনত কছাৰী ৰাজ্যে দখল কৰে

আৰু কছাৰী ৰজাৰ গতিবিধি লক্ষ্য কৰিবলৈ ৰহাত এজন ৰহীয়াল বৰুৱা নিযুক্তি দিছিল।

ইয়াৰ পিছত প্ৰতাপসিংহই ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে মোগল ৰাজ্য অধিকাৰ কৰিবলৈ মন মেলে আৰু সেই মৰ্মে ভৰলীৰ পৰা বৰনদীলৈকে মোগলৰ শাসনৰ পৰা বৰ্তমান।শোণিতপুৰ আৰু দৰং জিলা দখল কৰি লয়। দৰঙৰ অঞ্চলত কোচৰজা বলীনাৰায়নক ধৰ্মনাৰায়ণ নাম দি ৰজা পাতে।

প্ৰতাপসিংহৰ ৰাজত্ব কালত আহোম ৰাজ্যৰ দাঁতি কাষৰীয়া ৰাজ্যবোৰে  আহোম ৰজাৰ প্ৰতি আনুগত্য প্ৰকাশ কৰিছিল। সেই সকলৰ ভিতৰত নেলী,গোভা, ডিমৰীয়া,বেলতলা আদি ক্ষুদ্র ৰাজ্যবোৰে আহোম ৰাজ্যক পূৰ্ণ সমৰ্থন জনাইছিল। এইদৰে প্ৰতাপসিংহৰ ৰাজত্বত আহোম ৰাজ্যই পূৰ্ণ বিস্তৃতি লাভ কৰিছিল।

৫৪। মিৰজুমলাৰ অসম আক্ৰমণ আৰু ইয়াৰ ফলাফল লিখা।

উত্তৰঃ দিল্লীত মোগল সিংহাসন লৈ কাজিয়া লাগি থকাৰ সুবিধা লৈ আহোম স্বৰ্গদেউ জয়ধ্বজ সিংহই গুৱাহাটীৰ মোগলক খেদি দখল কৰি লয়। ইতিমধ্যে ঔৰংজেৱে মোগল সিংহাসনত বহি এই পৰাজয়ৰ খবৰ পায়েই তেঁওৰ বিশ্বাসী আৰু দক্ষ সেনাপতি মিৰজুমলাক আহোম ৰাজ্য আক্ৰমণ কৰিবলৈ পঠায়।

মিৰজুমলাই প্ৰথমে 1661 চনত কোচবিহাৰ দখল কৰে আৰু ক্ৰমান্বয়ে গুৱাহাটী দখল কৰিবলৈ অগ্ৰসৰ হয়। সেই সময়ত আহোম বিষয়া বৰ্গৰ মাজত কন্দল লাগি থকাৰ সুবিধাতে সহজেই যোগীঘোপা, শ্ৰীঘাট,পাণ্ডু আদি দুৰ্গ জয় কৰি গুৱাহাটীও হস্তগত কৰি লয়।

ইয়াৰ পিচতো মিৰজুমলাই ক্ষান্ত নাথাকি সৈন্য দল লৈ উজনিমুৱা হ’ল। অতি সহজেই তেওঁ কাজলি দুর্গ শিমলাগড়,চামধৰা গড়, শলাগড়, লখৌগড় দখল কৰে । জয়ধ্বজ সিংহই উপায়হীন হৈ নামৰূপলৈ পলাই পত্ৰং দিয়ে। ইফালে মিৰজুমলাই অনায়াসে 1662 চনৰ 17 মাৰ্চত আহোম ৰাজধানী গড়গাঁও দখল কৰি লয়। ইতিমধ্যে বাৰিষাৰ আগমন হোৱাত মোগল সৈন্য দলৰ অসুখ-বিসুখত ভুগি নাজল নাথল অৱস্থা হয়। মিৰজুমলাও অসুস্থ হৈ পৰে।

এনে অৱস্থাত আহোম ৰজাৰ লগত 1663 চনৰ 22 জানুৱাৰী তাৰিখে মিৰজুমলাই ঘিলাঝাৰী ঘাটৰ সন্ধি কৰে। এই সন্ধিৰ চৰ্তবোৰ আহোম ৰজাৰ পক্ষে বৰ দু‌‍:খ লগা আছিল। কিয়নো চৰ্ত মতে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে  ভৰলী নৈ আৰু দক্ষিণ পাৰে কলং নৈলৈকে সমূহ ৰাজ্য খণ্ড মোগলক এৰি দিবলৈ বাধ্য হয় । তদুপৰি ক্ষতি পূৰণ হিচাবে 3 লাখ টকা ,90 তা হাতী আৰু দুগৰাকীকৈ ৰাজকন্যা মোগল সাম্ৰাটৰ হেৰেমলৈ পঠাবলগীয়া হৈছিল।

৫৫। প্ৰতাপসিংহৰ দিনৰ আহোম মোগলৰ দ্বন্দ্ব বৰ্ণনা কৰা।

উত্তৰঃ আহোম স্বৰ্গদেউ প্ৰতাপসিংহৰ দিনত মোগলৰ মাজত ৰাজ্য দখলক কেন্দ্ৰ কৰি যুদ্ধৰ সূত্ৰপাত হৈছিল। কিয়নো দিল্লীৰ মোগলৰ সিংহাসনক লৈ অৰিয়াঅৰিৰ সৃষ্টি হোৱাৰ সুযোগতে স্বৰ্গদেউ প্ৰতাপসিংহই মোগলৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে আৰু 1615 চনত মোগলক পৰাস্ত কৰি ভৰলীৰ পৰা বৰনদলৈ আহোম ৰাজ্য বিস্তাৰ কৰিলে। কিন্তু মোগলে বেছি দিন অপেক্ষা নকৰিলে। সেয়েহে বঙ্গৰ মোগল শাসনকৰ্তা শেখ কাছিমে আহোম ৰাজ্য দখল কৰিবলৈ চৈয়দ হাকিম আৰু চৈয়দ আবুবকৰ নামৰ দুজন সেনাপতি পঠিয়ালে। আখেক গোহাঁই আৰু সত্ৰাজিতৰ বিশ্বাসঘাতকতাৰ ফলস্বৰূপে ভৰলীমুখৰ যুদ্ধত আহোম সৈন্য মোগলৰ হাতত পৰাস্ত হয়। কিন্তু স্বৰ্গদেউ প্ৰতাপসিংহই ক্ষান্ত নাথাকি পুনৰ মোগল সৈন্যৰ লগত যুদ্ধত লিপ্ত হ’ল আৰু দ্বিতীয় বাৰৰ যুদ্ধত মোগল সৈন্যক ধ্বংস কৰি আহোম সৈন্যই জয়লাভ কৰে। এইদৰে সুদীৰ্ঘকাল আহোম স্বৰ্গদেউ প্ৰতাপসিংহই আৰু মোগলৰ লগত ৰাজ্য অধিকাৰকলৈ দ্বন্দ্ব চলি আছিল।

৫৬। আহোম ৰাজ্যেৰ সংকটকালৰ বিষয়ে এটি টোকা লিখা।

উত্তৰঃ 1673 চনত চক্ৰধ্বজ সিংহৰ মৃত্যুৰ পিছৰ পৰাই 19681 চনত স্বৰ্গদেউ গদাধৰ সিংহ আহোম ৰাজপাটত নৱহালৈকে এই সুদীৰ্ঘ আঠবছৰ আহোম ৰাজ্যৰ সংকটকাল বুলি জনা যায়। আহোম স্বৰ্গদেউক হাতৰ পুতলাৰ দৰে ৰাখি আহোম বিষয়াসকলে ৰাজ্যেৰ শাসন কাৰ্য্যত অশান্তিৰ সৃষ্টি কৰিছিল যাৰ ফলত আহোম ৰাজ্যত ঘোৰ সংকটে দেখা দিছিল। বিষয়াবোৰৰ ষড়যন্ত্ৰৰ ফলত ৰামধ্বজ সিংহ, চহুং গোৱৰ ৰজা, চুজিনফা,চুদৈফা,চুলিকফা আদি কেইবাজনো আহোম স্বৰ্গদেউৱে প্ৰাণ হেৰুৱাব লগা হৈছিল।ডেবেৰা বৰবৰুৱা আৰু লালুক সোলা বৰফুকনৰ দৰে অত্যাচাৰী বিষয়াৰ হাতত ৰাজপৰিয়ালৰ যুৱৰাজসকল পলাই ফুৰিব লগা হৈছিল। গদাপাণি নামৰ এজন ৰাজকোঁৱৰে সুদীৰ্ঘকাল নগাপাহাৰত পলাই থাকি পিচত গদাধৰ সিংহ নাম লৈ আহোম ৰাজ্যৰ ৰাজপাটত আৰোহণ কৰাতহে আহোম ৰাজ্যলৈ সুস্থিৰতা আহে।

৫৭। চক্ৰধ্বজ সিংহৰ দিনত আহোম মুগোলৰ দ্বন্দ্বৰ বিষয়ে লিখা ।

উত্তৰঃ চক্ৰধ্বজ সিংহৰ দিনত মোগল সেনাপতি মীৰ জুমলাই আহোম ৰাজ্য আক্ৰমণ কৰিবলৈ আহি 1662 চনৰ 17 মাৰ্চত গড়গাঁও দখল কৰিবলৈ সক্ষম হৈছিল। আনকি স্বৰ্গদেউ চক্ৰধ্বজ সিংহ ৰাজধানী এৰি পেলাইছিল। এইদৰে 1663 চনৰ 22 জানুৱাৰীত আহোম ৰজাই ঘিলাঝাৰি ঘাটৰ সন্ধিকৰি অপমানিত হব লগা হৈছিল।

জয়ধ্বজৰ মৃত্যুৰ পিচতে 1663 চনত আহোম স্বৰ্গদেউ হৈ সেয়েহে মোগলৰ লগত যুঁজিবলৈ মন মেলিলে। আহোম স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ মোমাই তামুলী বৰবৰুৱাৰ সৰু পুত্ৰ লাচিত বৰফুকনক গুৱাহাটীত বৰফুকনৰ পদবীত বহুৱাই মোগলৰ পৰা আহোম ৰাজ্য পুনৰ উদ্ধাৰ কৰিবলৈ দায়িত্ব দিলে। 1669 চনত হাজোৰ ওচৰত হোৱা আলাবৈৰ যুদ্ধত আহোম সৈন্যৰ শোচনীয় পৰাজয় হয়। এই দুঃখতে আহোম স্বৰ্গদেউ চক্ৰধ্বজসিংহৰ মৃত্যু হয়। এইখনেই চক্ৰধ্বজ সিংহৰ ৰাজত্ব কালত মোগলৰ লগত হোৱা একমাত্ৰ ৰণ আছিল।

ইয়াৰ পিছত স্বৰ্গদেউ উদয়াদিত্য সিংহৰ দিনতহে লাচিত বৰফুকনে শৰাইঘাটৰ যুদ্ধত মোগলক পৰাস্ত কৰিবলৈ সক্ষম হৈছিল।

৫৮। প্ৰতাপসিংহ ( চমুটোকা)–

উত্তৰঃ আহোম স্বৰ্গদেউ চুখামফা ওৰফে খোৰা ৰজাৰ পুতেক চুচেংফা 1603 চনত আহোম ৰাজ্যৰ সিংহাসনত আৰোহণ কৰে। ৰজা হৈয়ো তেঁও প্ৰতাপসিংহ নাম লয়। তেওঁৰ আন এটা নাম আছিল বুদ্ধি স্বৰ্গনাৰায়ণ ।

প্ৰতাপ সিংহৰ ৰাজত্ব কালত বহুতো ঘটনাবহুল আছিল। 1606 চনৰ কছাৰী সৈন্যক পৰাস্ত কৰি আহোম ৰাজ্যৰ সীমা কলং আৰু কপিলী পৰ্যন্ত বিস্তাৰ কৰে ।

ইয়াৰ পিছত 1615  চনত মগোলক পৰাস্ত কৰি আহোম ৰাজ্যৰ উত্তৰফালে সীমা ভৰলীৰ পৰা বৰনদীলৈ বিস্তাৰ কৰি দৰংত বলীনাৰায়ন ওৰফে ধৰ্মনাৰায়ণক আহোম স্বৰ্গদেউৰ আশ্ৰিত ৰজা পাতে।

প্ৰতাপ সিংহৰ ৰাজত্ব কালত মোগলৰ লগত দীঘলীয়া যুদ্ধ হৈছিল। যেতিয়া বঙ্গৰ শাসনকৰ্তা শেখ কাছিমে চৈয়দ হাকিম আৰু আবুকৰ নাম সৈন্যৰ সেনাপতি পঠিয়ায় আহোম ৰাজ্য দখল কৰিবলৈ। এই যুদ্ধত ( ভৰলীমুখৰ ) আহোমৰ শোচনীয় পৰাজয় হয়। অৱশ্যে ইয়াৰ  হোৱা আন এখন যুদ্ধত পুৱতি নিশা আক্ৰমণ কৰি আহোম সৈন্যই মোগলক পৰাস্ত কৰে। ইয়াৰ পিছতো আহোম আৰু মোগলৰ যুদ্ধখন চলিয়েই আছিল। 1641 চনত প্ৰতাপ সিংহৰ মৃত্যু হয়।

৫৯। লাচিত বৰফুকন ( চমুটোকা)–

উত্তৰঃ লাচিত বৰফুকন এজন আহোম সেনাপতি আছিল। মোমাই তামুলী বৰবৰুৱাৰ সৰু পুতেক লাচিতক আহোম স্বৰ্গদেউ চক্রধ্বজ সিংহই গুৱাহাটীৰ বৰফুকন পাতি নামনি অসম শাসন কৰিবলৈ দায়িত্ব অৰ্পণ কৰিছিল। স্বৰ্গদেউ চক্রধ্বজ সিংহৰ আদেশমৰ্মে লাচিতে  মোগল সৈন্যক হাজোৰ ওচৰৰ আলাবৈত আক্ৰমণ কৰিছিল। এই যুদ্ধত আহোমৰ শোচনীও পৰাজয় হয় আৰু দহ হাজাৰতকৈ বেছি আহোম সৈন্যৰ মৃত্যু হয়।

চক্রধ্বজ সিংহৰ মৃত্যুৰ পিছত উদয়াদিত্য সিংহ আহোম স্বৰ্গদেউ হয়। এইজন ৰজাৰ দিনতে শৰাইঘাটৰ বিখ্যাত যুদ্ধখন হৈছিল যিখন ৰণত আগমুহূৰ্তত লাচিতে নিজৰ মোমায়েককো দেশতকৈ মোমাই ডাঙৰ নহয় বুলি কাটি দুছোৱা কৰিছিল। এই বিজয়ৰ পিছতে 1672 চনত লাচিতৰ মৃত্যু হয়।

৬০। গদাধৰ সিংহ ( চমুটোকা)―

উত্তৰঃ আহোম বুৰঞ্জীত গদাধৰ সিংহৰ ৰাজত্ব কাল বিশেষ তাৎপৰ্যপূৰ্ণ। কিয়নো তেওঁ ৰাজপাটত বহাৰ পূৰ্বে আহোম ৰাজ্যত সম্পূৰ্ণ অৰাজকতাই বিৰাজ কৰিছিল। ডেবেৰা আৰু লালুক সোলা বৰফুকনৰ অকথনীও অত্যাচাৰ সহিব নোৱাৰি গদাধৰ প্ৰমুখ্যে ৰাজকোঁৱৰবোৰ পলাই থাকিব লগীয়া হৈছিল। গদাধৰ সিংহৰ পূৰ্বৰ নাম আছিল চুপাতফা আৰু তেওঁ নগাপাহাৰত আত্মগোপন কৰিছিল। 1681 চনত আহোম স্বৰ্গদেউ হৈহে গদাধৰ সিংহ নাম লয়।

৬১। ৰুদ্ৰসিংহ ( চমুটোকা)―

উত্তৰঃ গদাধৰ সিংহৰ মৃত্যুৰ পিছত তেওঁৰ জ্যেষ্ঠ পুত্ৰ লাই চুখ্ৰংফা ওৰফে ৰুদ্ৰসিংহ নাম লৈ 1696 চনত আহোম ৰাজ্যৰ সিংহাসনত আৰোহণ কৰে। স্বৰ্গদেউ ৰুদ্ৰসিংহকে আহোম ৰাজ্যৰ সৰ্বশ্রেষ্ঠ ৰজা বুলি বিবেচনা কৰা হয়। ৰুদ্ৰসিংহৰ দিনত শান্তি-শৃংখলা বৰ্তি থকা বাবে মানুহে শান্তিত বাস কৰিব পাৰিছিল। তেওঁৰ দিনত যুদ্ধ বিগ্ৰহ হোৱা নাছিল বাবে ৰুদ্ৰসিংহই ৰাজ্যেৰ বহুতো গঠনমূলক কামত আত্মনিয়োগ কৰিব পাৰিছিল। সামাজিক, অৰ্থনৈতিক, সংস্কৃতিক ইত্যাদি সকলো দিশতে আগবাঢ়ি গৈছিল। 1714 চনৰ 29 আগষ্টত এইজন ৰজাৰ উত্তৰ গুৱাহাটীত মৃত্যু হয়।

৬২। শৰাইঘাটৰ যুদ্ধ ( চমুটোকা)―

উত্তৰঃ শৰাইঘাটৰ যুদ্ধখন 1671 চনত আহোম সৈন্য আৰু মোগল সৈন্যৰ মাজত ব্ৰহ্মপুত্ৰৰ বুকুত হৈছিল।  এই যুদ্ধখন অসম বুৰঞ্জীৰ এখন উল্লেখযোগ্য যুদ্ধ। ইয়াত আহোম সৈন্যৰ জয়লাভ হয়। আহোম সৈন্যৰ নেতৃত্ব বহন কৰিছিল লাচিত বৰফুকনে, যিজন লাচিতে কৰ্তব্যৰ খাটিৰতে নিজৰ মোমায়েক ‘দেশতকৈ ডাঙৰ নহয়’ বুলি দুছোৱা কৰি ইতিহাসৰ পৃষ্ঠাত চিৰযুগমীয়া কৰি গৈছে। শৰাইঘাটৰ যুদ্ধত আহোম সৈন্যৰ পৰাক্ৰম দেখি স্বয়ং মোগল সৈন্যয়ো তবধ মানি গৈছিল।

৬৩। দৰং ৰাজবংশৰ উৎপত্তি ( চমুটোকা)―

উত্তৰঃ কোচবিহাৰৰ ৰজা মহাৰাজ নৰনাৰায়ণ মৃত্যুৰ পিছত পুত্ৰবোৰৰ মাজত কাজিয়াৰ সূত্ৰপাত হয়। জ্যেষ্ঠ পুত্ৰ পৰীক্ষিত ৰজা হলেও মোগলৰ হাতত বন্দী হ’ব লগাত পৰে আৰু তেওঁৰ ঠাইত লক্ষ্মীনাৰায়ন ৰজা হৈয়ো মোগলৰ সহায়ত কোচ হাজো দখল কৰি লয়। ইতিমধ্যে তেওঁৰ এজন ভাতৃ বলী নাৰায়ণে আহোম স্বৰ্গদেউ প্ৰতাপসিংহৰ আশ্ৰয় লয়গৈ। স্বৰ্গদেউ প্ৰতাপসিংহই মোগলৰ বিৰূদ্ধে যুদ্ধ ঘোষণা কৰি 1615 চনত পৰাস্ত কৰি ভৰলীৰ পৰা বৰনদীলৈকে এই বিস্তৃত অঞ্চল নিজৰ দখললৈ আনে। তেওঁ এই নতুন অঞ্চলৰ শাসনভাৰ নিজে হাতত নাৰাখি বলীনাৰায়নক ধৰ্মনাৰায়ণ নাম দৰঙৰ আহোম ৰজাৰ আশ্ৰিত ৰজা পাতে আৰু তেতিয়াৰে পৰা দৰং ৰাজবংশৰ উৎপত্তি হয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top