Assam Jatiya Bidyalay Class 8 Social Science Chapter 2 ইংৰাজ সাম্ৰাজ্যৰ সম্প্ৰসাৰণ

Assam Jatiya Bidyalay Class 8 Social Science Chapter 2 ইংৰাজ সাম্ৰাজ্যৰ সম্প্ৰসাৰণ, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় সমাজ বিজ্ঞান Class 8 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 2 ইংৰাজ সাম্ৰাজ্যৰ সম্প্ৰসাৰণ Class 8 Social Science Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 8 Social Science Chapter 2 ইংৰাজ সাম্ৰাজ্যৰ সম্প্ৰসাৰণ Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 8 Social Science Chapter 2 ইংৰাজ সাম্ৰাজ্যৰ সম্প্ৰসাৰণ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

ইংৰাজ সাম্ৰাজ্যৰ সম্প্ৰসাৰণ

Chapter – 2

অসম জাতীয় বিদ্যালয়

EXERCISE QUESTION ANSWER

১। প্ৰথম আফগান যুদ্ধ কোনজন গৱৰ্ণৰৰ দিনত হৈছিল ?

উত্তৰঃ প্ৰথম আফগান যুদ্ধ গৱৰ্ণৰৰ লৰ্ড অকলেণ্ডৰ দিনত হৈছিল।

২। 1841 খ্ৰীষ্টাব্দত আফগান সকলে হত্যা কৰা প্ৰধান ইংৰাজ বিষয়া কোন আছিল ?

উত্তৰঃ ইংৰাজ বিষয়া মেকণ গটন আৰু ট্রেভৰক হত্যা কৰিছিল।

৩। ভাৰতত ডাক-টিকটৰ প্ৰচলন কাৰ দিনত হৈছিল ?

উত্তৰঃ লৰ্ড ডেলহাউছিৰ দিনত ভাৰতত ডাক-টিকটৰ প্ৰচলন হৈছিল।

৪। কোনখন নিৰ্দেশ পত্ৰৰ মৰ্মে ব্ৰিটিছসকলে নিম্ন পৰ্যায়ত শিক্ষাৰ মাধ্যম মাতৃভাষা কৰিছিল ?

উত্তৰঃ উদৰ প্ৰেৰণপত্ৰ নামক নিৰ্দেশ পত্ৰৰ মৰ্মে ব্ৰিটিছসকলে নিম্ন পৰ্যায়ত শিক্ষাৰ মাধ্যম মাতৃভাষা কৰিছিল।

৫। ৰঞ্জিত সিঙৰ পুত্ৰৰ নাম কি আছিল ?

উত্তৰঃ ৰঞ্জিত সিঙৰ পুত্ৰৰ নাম দিলীপ সিং আছিল।

৬। স্বত্ব বিলোপ নীতি কোনে প্ৰৱৰ্তন কৰিছিল ?

উত্তৰঃ লৰ্ড ডেলহাউছিয়ে স্বত্ব বিলোপ নীতি প্ৰৱৰ্তন কৰিছিল।

৭। কোন দুখন যুদ্ধৰ বিজয়ে ভাৰতত ইংৰাজ শক্তিৰ প্ৰতিষ্ঠা কৰিছিল ?

উত্তৰঃ পলাচী আৰু বকসাৰ যুদ্ধৰ বিজয়ে ভাৰতত ইংৰাজ শক্তিৰ প্ৰতিষ্ঠা কৰিছিল।

৮। ভাৰতত ইংৰাজ সাম্ৰাজ্যেৰ ভেটি কোনে গঢ়িছিল ?

উত্তৰঃ ৰবাৰ্ট ক্লাইব আৰু ৱাৰেন হেষ্টিংছে ভাৰতত ইংৰাজ সাম্ৰাজ্যেৰ ভেটি গঢ়িছিল।

৯। লৰ্ড অকলেণ্ডৰ কি নীতিয়ে তেওঁক সকলোৰে অপ্ৰিয়ভাজন কৰি তুলিছিল ?

উত্তৰঃ লৰ্ড অকলেণ্ডৰ সাম্ৰাজ্যৰ সম্প্ৰসাৰণ নীতিয়ে তেওঁক সকলোৰে অপ্ৰিয়ভাজন কৰি তুলিছিল।

১০। লৰ্ড অকলেণ্ডৰ শাসন কালত কি উল্লেখযোগ্য ঘটনা হৈছিল ?

উত্তৰঃ লৰ্ড অকলেণ্ডৰ শাসন কালত হোৱা উল্লেখযোগ্য ঘটনা হল আফগানৰ লগত হোৱা ইংৰাজ যুদ্ধ ।

১১। লৰ্ড অকলেণ্ডৰ আমোলত ইংৰাজে কিমান চনত আফগানিস্তান আক্ৰমণ কৰে ?

উত্তৰঃ লৰ্ড অকলেণ্ডৰ আমোলত ইংৰাজে 1839 চনত আফগানিস্তান আক্ৰমণ কৰে।

১২। কোনজন গৱৰ্ণৰ জেনেৰেলৰ দিনত 1843 চনত সিন্ধু প্ৰদেশখন ইংৰাজ সাম্ৰাজ্যৰ লগত চামিল হয় ?

উত্তৰঃ 1843 চনত লৰ্ড এলেনবৰোৰআমোলত সিন্ধু প্ৰদেশখন ইংৰাজ সাম্ৰাজ্যৰ লগত চামিল হয়।

১৩। লৰ্ড হাৰ্ডিঞ্জৰ শাসনকালত হোৱা আটাইতকৈ উল্লেখযোগ্য ঘটনা কি আছিল ?

উত্তৰঃ লৰ্ড হাৰ্ডিঞ্জৰ শাসনকালত হোৱা আটাইতকৈ উল্লেখযোগ্য ঘটনা আছিল 1845 চনত হোৱা ইংৰাজ-শিখৰ মাজত হোৱা যুদ্ধ।

১৪। শিখসকলৰ খলচা নামৰ সৈন্যবাহিনীটো কোনে গঠন কৰিছিল ?

উত্তৰঃ মহাৰাজ ৰঞ্জিত সিঙে খলচা নামৰ সৈন্যবাহিনীটো গঠন কৰিছিল।

১৫। মহাৰাজ ৰঞ্জিত সিঙৰ কোন চনত মৃত্যু হয় ?

উত্তৰঃ মহাৰাজ ৰঞ্জিত সিঙৰ 1839 চনৰ 27 জুন তাৰিখে মৃত্যু হয়।

১৬। মহাৰাজ ৰঞ্জিত সিঙৰ পুত্ৰৰ নাম কি আছিল ?

উত্তৰঃ মহাৰাজ ৰঞ্জিত সিঙৰ পুত্ৰৰ নাম দিলীপ সিং আছিল।

১৭। ৰাণী ঝিন্দান কোন আছিল ?

উত্তৰঃ মহাৰাজ ৰঞ্জিত সিঙৰ বিধৱা পত্নী আৰু নাবালক পুত্ৰ দিলীপ সিঙৰ মাতৃ আছিল ৰাণী ঝিন্দান ।

১৮। শিখ আৰু ইংৰাজসকলৰ মাজত হোৱা লাহোৰ চুক্তিখন কোন চনত সম্পন্ন হৈছিল ?

উত্তৰঃ 1846 চনত শিখ আৰু ইংৰাজসকলৰ মাজত লাহোৰ চুক্তিখন সম্পন্ন হৈছিল।

১৯। লৰ্ড ডেলহাউছি কিমান চনত ভাৰতত গৱৰ্ণৰ জেনেৰেল হৈ আহিছিল ?

উত্তৰঃ 1848 চনত লৰ্ড ডেলহাউছি ভাৰতত গৱৰ্ণৰ জেনেৰেল হৈ আহিছিল।

২০। দ্বিতীয় শিখ-ইংগ যুদ্ধখন কিমান চনত হৈছিল ?

উত্তৰঃ দ্বিতীয় শিখ-ইংগ যুদ্ধখন 1848 চনত হৈছিল।

২১। দ্বিতীয় শিখ-ইংগ যুদ্ধখনৰ ফলাফল কি হৈছিল ?

উত্তৰঃ দ্বিতীয় শিখ-ইংগ যুদ্ধত শিকসকলৰ পৰাজয় হৈছিল আৰু ইংৰাজে ৰাণী ঝিন্দান আৰু পুত্ৰ দিলীপ সিঙক পাঁচ লাখ টকাৰ পেন্সণ দি ইংলেণ্ডলৈ পঠিয়াই দিছিল।

২২।ইয়াণ্ডাবু সন্ধি কিমান চনত সম্পাদন কৰা হৈছিল ?

উত্তৰঃ 1826 চনত ইংৰাজ আৰু ব্ৰহ্ম দেশৰ লগত ইয়াণ্ডাবু সন্ধিখন সম্পাদন কৰা হৈছিল।

২৩।মুম্বাইৰ পৰা থানেলৈ প্ৰথম ৰেলপথ কিমান চনত নিৰ্মান কৰা হৈছিল ?

উত্তৰঃ1853 চনত পোন প্ৰথম ৰেলপথ মুম্বাইৰ পৰা থানেলৈ মুঠ এঘাৰ কিলোমিটাৰ নিৰ্মাণ হৈছিল।

২৪।লৰ্ড ডেলহাউছিৰ আমোলত কাৰ্যকৰী হোৱা ‘উদৰ প্ৰেৰণ পত্ৰৰ’ জন্মদাতা কোন আছিল ?

উত্তৰঃ ‘উদৰ প্ৰেৰণ পত্ৰৰ’ জন্মদাতা আছিল ছাৰ চাৰ্লছ উদ।

২৫। লৰ্ড ডেলহাউছিয়ে সমাজ সংস্কাৰত কোন ভাৰতীয়ৰ পৰা সহযোগিতা পাইছিল ?

উত্তৰঃ ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰৰ পৰা লৰ্ড ডেলহাউছিয়ে সমাজ সংস্কাৰত সহযোগিতা পাইছিল।

২৬। স্বত্ব বিলোপ নীতি কি ? ইয়াৰ চৰ্ত কেইটা কি কি লিখা ?

উত্তৰঃ কোনো দেশীয় ৰজা অপুত্ৰক হৈ মৃত্যু বৰণ কৰিলে তেওঁৰ কোনো তুলনীয়া পুত্ৰই মৃতকৰ সিংহাসনত বহাৰ স্বত্ব বিলোপ কৰাৰ যি নীতি লৰ্ড ডেলাউছিয়ে প্ৰৱৰ্তন কৰিছিল তাকে স্বত্ব বিলোপ নীতি বোলা হয়।

স্বত্ব বিলোপ নীতিৰ চৰ্ত কেইটা হল―

(১) দেশীয় ৰজা অপুত্ৰক হৈ মৃত্যু বৰণ কৰিলে তেওঁৰ কোনো তুলনীয়া পুত্ৰই মৃতকৰ সিংহাসনত বহিব নোৱাৰিব।

(২) কোনো অপুত্ৰক দেশীয় ৰজাই ইংৰাজ কৰ্তৃপক্ষইৰ আগতীয়া অনুমোদন নোলোৱাকৈ কোনো পুত্ৰ তুলি লব  নোৱাৰিব।

(৩) তুলনীয়া পুত্ৰ থাকিলেও ভৱিষ্যতে তেনে পুত্ৰই সিংহাসনৰ দাবী কৰিব নোৱাৰিব।

২৭। আফগান নেতা চাহ চুজাই কেনেকৈ সিংহাসন লাভ কৰিছিল ?

উত্তৰঃ আফগানিস্থানৰ গৃহ বিবাদৰ ফলস্বৰূপে দুৰানী বংশৰ আমীৰ চাহ চুজাই খেদা খাই আহি ভাৰতত ইংৰাজ শৰণাপন্ন হৈছিল।তেওঁৰ ঠাইতে বৰকজাই বংশৰ দুষ্ট মহম্মদ আমীৰ আছিল।তেওঁলৈ ইংৰাজ গৱৰ্ণৰ জেনেৰেল অকলেণ্ডে বশ্যতামূলক মিত্ৰতাৰ প্ৰস্তাৱ দিছিল।কিন্তু তেওঁ তেনে প্ৰস্তাৱ প্ৰত্যাখান কৰি ৰুছিয়াৰ সাহায্য বিচাৰিলে । ইয়াতে অকলেণ্ড অসন্তুষ্ট হৈ দুষ্ট মহম্মদক আঁতৰাই চাহ চুজাক আফগানিস্থানৰ আমীৰ পাতে।এনেকৈয়ে চাহ চুজাই আফগানিস্থানৰ সিংহাসন লাভ কৰে।

২৮। লৰ্ড এলেনবৰোৱে কেনেকৈ সিন্ধু প্ৰদেশ দখল কৰিছিল ?

উত্তৰঃ লৰ্ড এলেনবৰো ভাৰতত গৱৰ্ণৰ জেনেৰেল হৈ আহিয়ে ভাৰতত সাম্ৰাজ্যে বিস্তাৰৰ বাবে যত্নপৰ হল।সেয়েহে তেওঁ প্রথম পদক্ষেপ সিন্ধু নদীৰ নামনি অঞ্চলৰ সিন্ধুৰাজ্যে ইংৰাজ সাম্ৰাজ্যৰ লগত চামিল কৰিবলৈ মন মেলিলে। তেওঁ ছাৰ চাৰ্লছ নিপিয়াৰৰ নেতৃত্বত 1842 চনত সিন্ধুৰাজ্য দখল কৰিবলৈ এদল ইংৰাজ সৈন্য পঠিয়ায়। ইংৰাজ সৈন্যই সিন্ধু ৰাজ্যেৰ বাসিন্ধা বেলুচীসকলৰ ওপৰত নানা প্ৰকাৰে অত্যাচাৰ চলাই 1843 চনত নেপিয়াৰ যুদ্ধত পৰাস্ত কৰি সিন্ধু প্ৰদেশ ইংৰাজ সাম্ৰাজ্যেৰ লগত চামিল কৰে।

২৯। উডৰ প্ৰেৰণ পত্ৰ ( চমুটোকা)―

উত্তৰঃ গৱৰ্ণৰ জেনেৰেল লৰ্ড ডেলাউছিৰ দিনত ভাৰতৰ শিক্ষা ব্যৱস্থাত কিছুমান পৰিৱৰ্তন ঘটোৱা হয়। এই ক্ষেত্ৰত ইংৰাজ বিষয়া চাৰ চাৰ্লছ উডে বহুতখিনি কাম কৰিছিল। ভাৰতত শিক্ষা-নীতিৰ  আমূল পৰিবৰ্তন ঘটাবলৈ উডে এখন নীতি-নিৰ্দেশনা জাৰি কৰিছিল।সেই নিৰ্দেশনাকে ‘উডৰ প্ৰেৰণ পত্ৰ বা উডছ ডেছপাছ’ বুলি জনা যায়।উডৰ নিৰ্দেশনা মৰ্মে ভাৰতৰ সকলো প্ৰদেশত এটাকৈ শিক্ষা-বিভাগ, এজনকৈ ডি.পি.আই. আৰু কলকাতা,মুম্বাই আৰু চেন্নাইত তিনিখনকৈ বিশ্ববিদ্যালয় স্থাপন কৰা হয়।তদুপৰি চৰকাৰী সাহায্যৰ প্ৰাথমিক, মাধ্যমিক অৰু উচ্চ শিক্ষাৰ বাবে কলেজ স্থাপন কৰাৰ ব্যৱস্থা কৰা হয়।আনহাতে উক্ত নিৰ্দেশনা মতে নিম্ন পৰ্যায়ত শিক্ষাৰ মাধ্যম মাতৃভাষা কৰা হয়।

৩০। ডেলাহাউছিৰ অযোধ্যা দখল(চমু টোকা)-

উত্তৰঃ লৰ্ড ডেলাউছিয় ভাৰতৰ গৱৰ্ণৰ জেনেৰেল হৈ আহি কেনেকৈ পাকে প্ৰকাৰে বিভিন্ন আজুহাতত দেশীয় ৰাজ্যে দখল কৰি ব্ৰিটিছ সাম্ৰাজ্যৰ পৰিসৰ বৃদ্ধি কৰিব পাৰে tat মনোনিবেশ কৰিছিল।সেই মৰ্মে তেওঁ ইংৰাজ আশ্ৰিত দেশীয় ৰাজ্য অযোধ্যা খন কুশাসন আৰু অৰাজকতাৰ অজুহাতত দাখিল কৰি লয়। প্ৰকৃততে অযোধ্যা খন আছিল সেই সময়ত বাণিজ্যৰ সম্ভাৱনাপূর্ণ ৰাজ্য ।গতিকে সেই সময়ৰ অযোধ্যাৰ শাসনকৰ্তা ৱাজিদ আলিয়ে শাসন চলাব নোৱাৰাৰ অজুহাত অযোধ্যা দখল কৰিছিল।

৩১। লাহোৰ চুক্তি (চমু টোকা)-

উত্তৰঃ শিক আৰু ইংৰাজ সৈন্যৰ মাজত হোৱা প্ৰথম ইংগ শিখ যুদ্ধৰ ফলশ্ৰুতি 1846 চনত লাহোৰত যিখন চুক্তি শিখ আৰু ইংৰাজৰ মাজত হৈছিল সেইখনকে লাহোৰ চুক্তি বুলি জনা যায়। শতদ্রু নদীৰ পাৰত থকা ইংৰাজ সৈন্যৰ ছাউনীত ৰাণী ঝিন্দানৰ সৈন্যই আক্ৰমণ চলোৱাত শিখ আৰু ইংৰাজৰ প্ৰথম যুদ্ধখন হৈছিল। এই যুদ্ধত শিখ সকল পৰাস্ত হৈ ইংৰাজৰ লগত লাহোৰ চুক্তি সম্পাদন কৰিবলগীয়া হৈছিল।এই চুক্তি অনুসৰি দিলীপ সিঙে পঞ্জাৱৰ ৰজা হিচাবে স্বীকৃতি পালে আৰু শিখসকলে শতদ্রু নদীৰ দক্ষিণ ফালৰ সকলো অঞ্চল আৰু দোৱাব অঞ্চল ইংৰাজক এৰি দিব লগীয়া হয়।তদুপৰি যুদ্ধৰ ক্ষতিপূৰণ হিচাবে শিখে 50 লাখ টকা দিবলগীয়া হয়।

৩২। লৰ্ড ডেলাহাউছিৰ কাৰ্য্যালয় বৰ্ণনা কৰা।

উত্তৰঃ লৰ্ড ডেলাহাউছিয়ে 1848 চনত ভাৰতৰ গৱৰ্ণৰ জেনেৰেল হৈ আহিয়েই ভাৰতত সাম্ৰাজ্য বিস্তাৰ আঁচনি গ্ৰহণ কৰে।ইয়াৰ বাবে তেওঁ তিনিটা সুপৰিকল্পিত। নীতি গ্ৰহণ কৰিছিল যেনে―

(১) প্ৰত্যক্ষ যুদ্ধৰ দ্বাৰা ৰাজ্য জয়,

(২)স্বত্ববিলোপ নীতিৰ দ্বাৰা পৰ-ৰাজ্য গ্ৰাস আৰু

(৩)অৰাজকতা বা কুশাসন অজুহাতত পৰ ৰাজ্যে অধিগ্ৰহণ ।

এই তিনিটা নীতিৰ জৰিয়তে ডেলাহাউছিয়ে পঞ্জাৱ,চাতৰা আৰু অযোধ্যা-এই তিনিখন দেশীয় ৰাজ্য ব্ৰিটিছ সাম্ৰাজ্যেৰ লগত চামিল কৰিছিল।পঞ্জাৱ দাখিল কৰিছিল প্ৰত্যক্ষ যুদ্ধৰ জৰিয়তে। চাতৰা দখল কৰিছিল স্বত্ব বিলোপ নীতিৰ আধাৰত আৰু অযোধ্যা দখল কৰিছিল কুশাসনৰ আজুহাতত।

এইদৰে ডেলাহাউছিৰ কাৰ্যকালত ছলে-বলে-কৌশলে দেশীয় ৰাজ্য ব্ৰিটিছ সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত কৰা হৈছিল।

৩৩। প্ৰথম ইংগ-শিখ যুদ্ধৰ কাৰণ আৰু ফলাফল ব্যাখ্যা কৰা।

উত্তৰঃ পঞ্জাৱক কেন্দ্ৰ কৰি মহাৰাজ ৰঞ্জিত সিঙৰ নেতৃত্বত এখন শক্তিশালী শিখ সাম্ৰাজ্য গড়ি উঠিছিল । তেওঁ খালচা নামৰ শক্তিশালী সৈন্য বাহিনী গঠন কৰিছিল। কিন্তু তেওঁৰ মৃত্যুৰ পিছতে সিংহাসনকলৈ উত্তৰাধিকাৰীসকল মাজত সংঘর্ষ আৰু ষড়যন্ত্ৰ লিপ্ত হৈছিল।অৱশেষত ৰঞ্জিত সিঙৰ নাবালক পুত্ৰই সিংহাসনত বহুৱাই পত্নী ৰাণী ঝিন্দানক অভিভাৱক পাতি খালচাসকলে ৰাজ্য চলাবলৈ ধৰিলে। কিন্তু খালচাসকলৰ মাজত একতা নথকা হেতু আকৌ কিছুমানে ষড়যন্ত্ৰত লিপ্ত হল আৰু গোপনে ইংৰাজৰ লগত হাত মিলালে।যিহেতু লৰ্ড ডেলাহাউছিয়ে ছেগ চাইয়ে আছিল, গতিকে হাতত অহা এনে সুবৰ্ণ সুযোগ এৰি নিদিলে। ইতিমধ্যে খালচা সৈন্যই শতদ্রু নদীৰ পাৰত ছাউনি পাতি থকা ইংৰাজ সৈন্যক আক্ৰমণ কৰাত প্রথম ইংগ-শিখ যুদ্ধখনৰ সূত্ৰপাত হল।

ইংৰাজসকলে প্ৰথম ইংগ-শিখ ৰণত জয়লাভ কৰি শিক্ষসকলক কেতবোৰ চৰ্ত মানিবলৈ বাধ্য কৰায়। 1846 চনৰ লাহোৰ চুক্তি অনুসৰি ইংৰাজে দলিপ সিঙক পঞ্জাৱৰ roja বুলি স্বীকৃতি দিলে যদিও শিখ সকলে ইংৰাজক শতদ্রু নদীৰ দক্ষিণৰ সমগ্ৰ অঞ্চল আৰু শতদ্রু বিপাশা নদীৰ মাজৰ জলন্ধৰ আৰু দোৱাব অঞ্চল ইংৰাজক এৰি দিব লগীয়া হয়।তদুপৰি যুদ্ধৰ ক্ষতিপূৰণৰ বাবদ শিখসকলে ইংৰাজক নগদ 50 লাখ টকা দিবলগীয়া হয়।

৩৪। কোম্পেনীৰ শাসন কালত 1835 চনৰ পৰা 1854 চনলৈ ভাৰতত হোৱা অৰ্থনৈতিক আৰু সামাজিক পৰিৱৰ্তন ওপৰত এটা চমু মূল্যায়ন  আগবঢ়োৱা।

উত্তৰঃ বৃটিছ ইষ্ট-ইণ্ডিয়া কোম্পানীয়ে ভাৰতত বেপাৰ কৰিবলৈ আহি ইংৰাজ শাসন প্ৰৱৰ্তন কৰাৰ সময়ত সমগ্ৰ ইউৰোপত শিল্প বিপ্লৱৰ প্ৰভাৱ পৰিছিল। ইয়াৰ প্ৰভাৱ ভাৰততো পৰিল আৰু ইয়াৰ সামাজিক, অৰ্থনৈতিক ক্ষেত্ৰত আমূল পৰিবৰ্তন দেখা দিলে।ব্ৰিটিছ শাসনে ভাৰতৰ সামাজিক আৰু অৰ্থনৈতিক জীৱন কোঙা কৰি পেলালে। অৰ্থনৈতিক ভাৱে স্বাৱলম্বী ভাৰতক এখন ব্ৰিটিছৰ নিৰ্ভৰশীল কৰি পেলালে। ইংলেণ্ডৰ কল-কাৰখানাত উৎপাদিত হোৱা সামগ্ৰী বোৰ ভাৰতলৈ আমদানি হোৱাত ভাৰতৰ কুটিৰ শিল্পবোৰ ধ্বংস হোৱাৰ উপক্ৰম হৈছিল। ফলত বেছি দাম দি ভাৰতীয় লোকে ইংলেণ্ডত নিৰ্মিত হোৱা সামগ্ৰী ক্ৰয় কৰিব লাগিছিল।

তদুপৰি ভাৰতত উৎপাদিত হোৱা কৃষি জাত সামগ্ৰীবোৰৰ নামমাত্ৰ মূল্য দি ইংৰাজে ইংলেণ্ডৰ মিলবোৰত ব্যৱহাৰ কৰিবলৈ লৈ গৈছিল। ফলস্বৰূপে ইংলেণ্ডৰ বাবে কেঁচামাল উৎপাদন কৰা দেশলৈ ৰূপান্তৰিত হৈছিল।

সামাজিক ক্ষেত্ৰত অৱশ্যে কিছু উল্লেখনীয় কাম কৰিছিল, বিশেষকৈ সমাজ সংস্কাৰ ক্ষেত্ৰত। অন্ধ-বিশ্বাসে আগুৰা ভাৰতীয় সমাজত ইংৰাজ শাসনে ভালেমান সমাজ সংস্কাৰ ব্যৱস্থা হাতত লৈছিল যেনে― বাল্য বিবাহ আৰু শিশু বধ প্ৰথা বন্ধ কৰা, বিধৱা বিবাহ প্ৰচলন কৰা, ঠগবোৰক দমন কৰা আদি ভালেমান সমাজ সংস্কাৰৰ কাম কৰিছিল। এই ক্ষেত্ৰত শিক্ষিত ভাৰতীয় বিজ্ঞলোক যেনে,ৰাজা ৰামমোহন ৰায়,ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ আদিয়ে ইংৰাজক সহায় কৰিছিল।

শিক্ষাৰ ক্ষেত্ৰতো ভাৰতত কোম্পানীৰ দিনত ভালেমান পৰিৱৰ্তন ঘটিছিল। ইংৰাজী শিক্ষা প্ৰৱৰ্তন কৰি ভাৰতীয়ক পশ্চিমীয়া সভ্যতা, শিক্ষা সংস্কৃতিৰ লগত পৰিচয় কৰাই দিছিল। মুঠতে কোম্পানীৰ দিনত ভাৰতৰ সামাজিক, অৰ্থনৈতিক আৰু শৈক্ষিক দিশত আমূল পৰিবৰ্তন দেখা গৈছিল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top