Assam Jatiya Bidyalay Class 8 Social Science Chapter 17 সময় গণনা – স্থানীয় সময়, মান সময় আৰু আন্তৰ্জাতিক তাৰিখ ৰেখা

Assam Jatiya Bidyalay Class 8 Social Science Chapter 17 সময় গণনা – স্থানীয় সময়, মান সময় আৰু আন্তৰ্জাতিক তাৰিখ ৰেখা, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় সমাজ বিজ্ঞান Class 8 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 17 সময় গণনা – স্থানীয় সময়, মান সময় আৰু আন্তৰ্জাতিক তাৰিখ ৰেখা Class 8 Social Science Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 8 Social Science Chapter 17 সময় গণনা – স্থানীয় সময়, মান সময় আৰু আন্তৰ্জাতিক তাৰিখ ৰেখা Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 8 Social Science Chapter 17 সময় গণনা – স্থানীয় সময়, মান সময় আৰু আন্তৰ্জাতিক তাৰিখ ৰেখা provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

সময় গণনা – স্থানীয় সময়, মান সময় আৰু আন্তৰ্জাতিক তাৰিখ ৰেখা

Chapter – 17

অসম জাতীয় বিদ্যালয়

EXERCISE QUESTION ANSWER

১। স্থানীয় সময় আৰু মান সময় বুলিলে কি বুজা ?

উত্তৰঃ সূৰ্য্যৰ অৱস্থিতিৰ ওপৰত ভিত্তি কৰি বিশ্ববাসীয়ে সময় নিৰূপণ কৰিব পাৰে। সূৰ্য্যৰ পোহৰত এজন মানুহৰ ছাঁটো যি ধৰণে পৰে তাৰ ওপৰত ভিত্তি কৰি এক নিৰ্দিষ্ট সময়ত কেইটা  বাজিব পাৰে সেয়া জনাটো সম্ভৱ হয়।

স্থানীয় সময় বুলিলে সেয়েহে কোনো এখন ঠাইত যেতিয়া দুপুৰীয়া বা মধ্যান্হ হয়, সেই মধ্যান্হ সূৰ্য্যৰ অৱস্থানৰ ভিত্তিত যি সময় গণনা কৰা হয় তাকেই সেই ঠাই খনৰ স্থানীয় সময় বোলে।

আনহাতে কোনো এখন দেশৰ মান সময় হ’ল দেশখনৰ সোঁমাজেদি পাৰ হৈ যোৱা দ্ৰাঘিমা ৰেখাডালত যেতিয়া মধ্যান্হ হয়, সেই সময়টোক গোটেই দেশখনৰ “মান সময়” হিচাপে মানি সময় গণনা কৰে।

২। ভাৰতৰ মান সময় কোনডাল দ্ৰাঘিমাৰ ওপৰত ভিত্তি কৰি উলিওৱা হৈছে ? ইয়াৰ ফলত ভাৰতৰ দুয়োটা দিশত অৱস্থিত ঠাই দুখনত কিমান সময়ৰ পাৰ্থক্য হয় ?

উত্তৰঃ ভাৰতৰ সোঁমাজেৰে পাৰ হৈ যোৱা ৪২/০৹ ডিগ্ৰী পূৱ দ্ৰাঘিমা ৰেখা ডালত হোৱা মধ্যান্হকে মান সময় বুলি মানি লোৱা হয়। এই দ্ৰাঘিমা ডাল ভাৰতত এলাহাবাদ চহৰৰ ওপৰেদি পাৰ হৈ যোৱা বুলি গ্ৰহণ কৰা হৈছে। 

ভাৰতত মুঠ ২৯ ডাল দ্ৰাঘিমাৰেখা আছে। গতিকে দেশৰ এটা মূৰৰ পৰা আনটো মূৰত সূৰ্য্য উদয় হ’বলৈ প্ৰায় ১ ঘণ্টা আৰু ৫৬ মিনিট সময় লাগে।

৩। গ্ৰীণ হাউচ মান সময় বুলিলে কি বুজা ? ভাৰতীয় মান সময়ৰ লগত গ্ৰীণ হাউচৰ মান সময়ৰ পাৰ্থক্য বুজাই লিখা।

উত্তৰঃ পৃথিৱীৰ ওপৰিভাগত ৩৬০ ডাল দ্ৰাঘিমা ৰেখা উত্তৰ দক্ষিণাকৈ কল্পনা কৰি লোৱা হৈছে। ইয়াৰে ০৹ ডিগ্ৰী দ্ৰাঘিমা ৰেখাডালক লণ্ডনৰ ওচৰত থকা গ্ৰীণ হাউচ মান মন্দিৰৰ ওপৰেৰে যোৱা বুলি কল্পনা কৰি লোৱা হৈছে। যিহেতু এই দ্ৰাঘিমাৰেখা ডালক মুখ্য দ্ৰাঘিমা ৰেখা বুলি কোৱা হৈছে গতিকে এই ঠাইৰ সময়ক মান সময় বুলি ধৰি লৈ পৃথিৱীৰ বিভিন্ন ঠাইৰ সময় আগবঢ়া বা পিছপৰা বুলি হিচাপ কৰা হয়।

ভাৰতত ২৯ ডাল দ্ৰাঘিমা ৰেখা আছে আৰু এটা মূৰৰ পৰা আনটো মূৰত সূৰ্য্য উদয় হবলৈ প্ৰায় ১ ঘণ্টা ৫৬ মিনিট সময় লাগে। আনহাতে ভাৰত আৰু লণ্ডনৰ মাজত ৮২.৫ ডাল দ্ৰাঘিমা ৰেখাৰ ব্যৱধান থকাত এই দুই ঠাইৰ সময়ৰ ব্যৱধান হ’ব ৫ ঘণ্টা ৩০ মিনিট। লণ্ডনৰ গ্ৰীণ হাউচ সময়তকৈ ভাৰতৰ মান সময় ৫ ঘণ্টা ৩০ মিনিট আগবঢ়া হ’ব যিহেতু ভাৰত পূব গোলাৰ্ধত অৱস্থিত।

৪। আন্তৰ্জাতিক তাৰিখ ৰেখা বুলিলে কি বুজা? ইয়াৰ প্ৰয়োজন কি ?

উত্তৰঃ পৃথিৱীৰ দেশবোৰৰ অৱস্থানৰ বেলেগ বেলেগ হোৱা বাবে সময় আৰু বাৰ, তাৰিখ আদিৰো তাৰতম্য হোৱা দেখা যায়। উদাহৰণ স্বৰূপে জাপান পূৱ গোলাৰ্দ্ধৰ একেবাৰে পূৱত থকা বাবে ইয়াত সূৰ্য্য আগতে উদয় হ’ব। আনহাতে আলাস্কা পশ্চিম গোলাৰ্দ্ধৰ একেবাৰে পশ্চিমত হোৱা বাবে ২৪ ঘণ্টাৰ পিছতহে সূৰ্য্য উদয় হয়। ইয়াৰ ফলত জাপান আৰু আলাস্কাৰ বাৰ আৰু তাৰিখৰ ব্যৱধানো ২৪ ঘণ্টা বা এদিন হ’ব। অর্থাৎ জাপানৰ পৰা এজন মানুহে আলাস্কালৈ ফোন সোমবাৰে কৰিলে সিদিনা আলাস্কাত দেওবাৰহে চলি থাকিব। এনে কাৰণত আন্তৰ্জাতিক কামকাজ চলোৱাৰ ক্ষেত্ৰত ভিষণ অসুবিধাৰ সৃষ্টি হয়।

সেয়েহে ১৮৮৬ চনত হোৱা আন্তৰ্জাতিক সন্মিলনত ভূগোলবিদ সকলে ০৹ ডিগ্ৰী দ্ৰাঘিমাৰেখাৰ বিপৰীতে থকা ১৮০ ডিগ্ৰী ৰেখাডালক আন্তৰ্জাতিক তাৰিখ ৰেখা হিচাপে মানি ললে আৰু ইয়াৰ ভিত্তিত বিশ্ববাসীয়ে নিজৰ নিজৰ তাৰিখ আৰু বাৰ নিৰ্ণয় কৰি ল’ব পাৰিব। এয়ে হ’ল আন্তৰ্জাতিক তাৰিখ ৰেখা

1 thought on “Assam Jatiya Bidyalay Class 8 Social Science Chapter 17 সময় গণনা – স্থানীয় সময়, মান সময় আৰু আন্তৰ্জাতিক তাৰিখ ৰেখা”

Leave a Reply

error: Content is protected !!
Scroll to Top
Scroll to Top
adplus-dvertising