Assam Jatiya Bidyalay Class 8 Social Science Chapter 14 ভূ-আন্দোলন

Assam Jatiya Bidyalay Class 8 Social Science Chapter 14 ভূ-আন্দোলন, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় সমাজ বিজ্ঞান Class 8 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 14 ভূ-আন্দোলন Class 8 Social Science Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 8 Social Science Chapter 14 ভূ-আন্দোলন Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 8 Social Science Chapter 14 ভূ-আন্দোলন provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

ভূ-আন্দোলন

Chapter – 14

অসম জাতীয় বিদ্যালয়

EXERCISE QUESTION ANSWER

১। আভ্যন্তৰীণ কাৰক আৰু বাহ্যিক কাৰক বুলিলে কি বুজা ?

উত্তৰঃ পৃথিৱীৰ অন্তৰ ভাগত অহৰহ পৰিৱৰ্তন ঘটি আছে। বিভিন্ন কাৰকৰ দ্বাৰা পৃথিৱীৰ অন্তৰ্ভাগত পৰিৱৰ্তন সংঘঠিত হৈ আছে। পৃথিৱীৰ অন্তৰ্ভাগ এতিয়াও অশান্ত অৱস্থাত আছে। গতিকে পৃথিৱীৰ অন্তৰ ভাগত পৰিৱৰ্তন ঘটোৱা আভ্যন্তৰীণ কাৰক বুলি ক’লে আমি যিবোৰ কাৰকৰ কথা বুজোঁ সেইবোৰ হ’ল ভূমিকম্প, আগ্নেয়গিৰি আদিৰ দৰে আভ্যন্তৰীণ কাৰক। এইবোৰ কাৰকৰ দ্বাৰা পৃথিৱীৰ অন্তৰ্গত অহৰহ পৰিৱৰ্তন ঘটি আছে।

আনহাতে, বাহ্যিক কাৰক বোৰ হ’ল পৃথিৱীৰ বহিঃ ভাগত যিবোৰ কাৰকে ক্ৰিয়া কৰে আৰু পৃথিৱীৰ বহিঃভাগতপৰিৱৰ্তন ঘটায় সেইবোৰক বাহ্যিক কাৰক বোলা হয়। উদাহৰণ স্বৰূপে নদী, বতাহ, বৰষুণ, হিমবাহ আদি ব্যাহিক কাৰকে পৃথিৱীৰ ওপৰিভাগত বাহ্যিক ভাবে অহৰহ ক্ৰিয়া কৰি বহিঃ ভাগত পৰিৱৰ্তন ঘটাই আছে।

২। সংবহন সোঁত বুলিলে কি বুজা? ই ক’ত আৰু কিয় সংঘটিত হয় ?

উত্তৰঃ পৃথিৱীৰ অন্তৰ ভাগত প্ৰাবাৰ আৰু শাহ নামৰ যি দুটা স্তৰ পৃথিৱীৰ ভূত্বক বা খোলাটোৰ তলত আছে, সেই স্তৰ দুটাত থকা পদাৰ্থবোৰ গলিত অৱস্থাত লপথপীয়া অৱস্থাত আছে। পৃথিৱীৰ গতিৰ বাবে আৰু ভূত্বকৰ চাপৰ বাবে অন্তৰ্ভাগৰ এই উত্তপ্ত পদাৰ্থবোৰ ভূত্বকৰ বাহিৰলৈ ওলাই আহিব নোৱাৰে। সেয়েহে ভোগৰ্ভৰ  তলে তলে এই গলিত পদাৰ্থবোৰ দুইমুৰে গতি কৰে। ইয়াকে সংবহন সোঁত বোলে।

৩। ভূ- আন্দোলন বুলিলে কি বুজা ?

উত্তৰঃ পৃথিৱীৰ অন্তৰ্ভাগ বিশেষকৈ ভূত্বকৰ তলত অত্যন্ত গলিত অৱস্থাত লপথপীয়া হৈ পদাৰ্থবোৰ জমা হৈ আছে। ভূত্বকৰ টান খোলাটোৰ কাৰণে এই পদাৰ্থবোৰ ওলাই আহিব নোৱাৰি ভূত্বকৰ তললৈ পৃথিৱীৰ দুই মূৰে গতি কৰে। এই গতিটোক সংবহন সোঁত বোলে আৰু এই সোঁতৰ বাবে পৃথিৱীৰ অন্তৰ আৰু বাহিৰ ভাগতো পৰিৱৰ্তন দেখা দিয়ে। বিশেষকৈ পৃথিৱীৰ বাহিৰ ভাগৰ চাপৰ ফলত অন্তৰ ভাগৰ গলিত পদাৰ্থ বোৰ বাহিৰলৈ ওলাই আহিবলৈ চেষ্টা কৰে। এই প্ৰচেষ্টাকে ভূ-আন্দোলন বোলা হয়।

৪। ফলক বুলিলে কি বুজা ? ফলক কেইখন ক’ত ভাহি আছে ?

উত্তৰঃ পৃথিৱীৰ ওপৰি ভাগত থকা খোলাটো দেখাত এটা আৰু অভগ্ন যেন অনুমান হয়। দৰাচলতে ই তেনে নহয়। কেইবাটাও টুকুৰা লগ-লাগিহে এই খোলাটো সম্পূৰ্ণ হৈছে। এই টুকুৰাবোৰকে ফলক বোলা হয়। এনে ফলক মুঠতে সাত খন আছে।

এই ফলকবোৰ ভূ-গর্ভৰ মেগমাৰ  ওপৰত ওপঙি বা ভাঁহি আছে। তদুপৰি সংবহন সোঁতৰ বাবে এই ফলকবোৰে এঠাইত নাথাকি ধীৰ গতিৰে লৰ-চৰ কৰে।

৫। পৃথিৱীৰ মুখ্য ফলক কেইখন নাম লিখা।

উত্তৰঃ পৃথিৱীৰ ভূ-গৰ্ভত সম্পূৰ্ণ উত্তপ্ত আৰু গলিত মেগমা নামৰ পদাৰ্থৰ ওপৰত পৃথিৱীৰ খোলাটো যি কেইটা টুকুৰা বা ফলকৰ দ্বাৰা গঠিত তাৰ মুঠ সংখ্যা হ’ল সাতোটা। সেইকেইটা হ’ল ― 

(১) প্ৰশান্ত মহাসাগৰীয় ফলক।

(২) ইউৰেছিও ফলক।

(৩) ইন্দো-অষ্ট্ৰেলীয় ফলক।

(৪) আফ্ৰিকীয় ফলক।

(৫) উত্তৰ আমেৰিকীয় ফলক।

(৬) দক্ষিণ আমেৰিকীয় ফলক আৰু এণ্টাৰ্কটিকা ফলক।

৬। পৃথিৱীৰ ভূমিকম্প আৰু আগ্নেয়বলয় কেইটাৰ নাম লিখা।

উত্তৰঃ পৃথিৱীৰ ভূ-গৰ্ভত অৱস্থান কৰা ফলক বা টুকুৰা বোৰে লৰচৰ কৰা বাবে কেতিয়াবা ভূমিকম্প আৰু আগ্নেয়গিৰিৰ উদ্গীৰণ হয়। সেইবাবে ভূগোলবিদসকলে ভূমিকম্প বা আগ্নেয়গিৰি  উৎপত্তি স্থানৰ ওপৰত ভিত্তি কৰি পৃথিৱীত দুটা প্ৰধান বলয় চিনাক্ত কৰি উলিয়াইছে।

সেই দুটা বলয় হৈছে― 

(১) প্ৰশান্ত মহাসাগৰীয় বলয়।আৰু

(২) আল্পছ হিমালয় বলয় ।

প্ৰশান্ত মহাসাগৰীয় বলযত কেলিফৰ্ণিয়া, চিলি, আলাস্ক, জাপান, ফিলিপাইনচ, নিউজিলেণ্ড আদি ঠাই অন্তৰ্ভুক্ত। এই অঞ্চলতে পৃথিৱীৰ প্ৰায় ৬৮% ভূমিকম্প অনুভূত হয়।

আনহাতে আল্পছ হিমালয় বলয়ত হিমালয়ৰ কাষৰীয়া অঞ্চলত, ভূমধ্যসাগৰীয় অঞ্চল, আল্পছ ককেছাছ, পশ্চিম ভাৰতীয় দ্বীপপুঞ্জ আৰু মধ্য আমেৰিকা অন্তৰ্ভুক্ত। এই বলয়ৰ ভূমিকম্পৰ পৰিমাণ হ’ল মুঠ ২১ শতাংশ।

৭। ভূ-আন্দোলনৰ ফলাফল বোৰ লিখা।

উত্তৰঃ ভূ-আন্দোলনৰ ফলত পৃথিৱীৰ উপৰিভাগত কেতবোৰ পৰিৱৰ্তনে দেখা দিয়ে। বিশেষকৈ ভূ-আন্দোলনৰ ফলস্বৰূপে ভূমিকম্প  আগ্নেয়গিৰিৰ উদ্গীৰণ, চ্যুটি আদিৰ সৃষ্টি হব পাৰে।

ভূমিকম্পৰ ফলত কেতিয়াবা ফাট মেলিব পাৰে, পাহাৰ পৰ্বতত থকা নদীৰ গতি পথ বন্ধ হৈ যাব পাৰে। নদীৰ গতিপথ সলনি হ’ব পাৰে।

কিছুমান ঠাইৰ পৰ্বত পাহাৰ ভূ-পৃষ্ঠত ডুবি ডাঙৰ হ্ৰদৰ সৃষ্টি কৰিব পাৰে। সমূদ্ৰত হোৱা ভূমিকম্পৰ ফল স্বৰূপে চুনামিৰ দৰে বিধ্বংসী সাগৰীয় তাণ্ডৱ লীলাৰ সৃষ্টি কৰিব পাৰে।

ভূ-আন্দোলনৰ ফলত সৃষ্টি হোৱা আগ্নেয়গিৰিৰ  ফলত একোটা অঞ্চল লাভাৰে পোত যাব পাৰে। এই লাভাবোৰ এঠাইত গোট খাই খাই আগ্নেয় পৰ্বতৰো সৃষ্টি কৰিব পাৰে।

৮। ফলকে কেনেদৰে গতি কৰিব পাৰে বুজাই লিখা।

উত্তৰঃ পৃথিৱীৰ ভূগৰ্ভত মেগমা নামৰ উত্তপ্ত আৰু গলিত পদাৰ্থৰ ওপৰত ভেজা দি যি ফলক বা টুকুৰাবোৰে ভাঁহি আছে সেইবোৰ প্ৰকৃততে স্থিৰ নহয়; বৰং সেইবোৰ গতিশীল আৰু ধীৰে ধীৰে সেইবোৰ গতিশীল আৰু ধীৰে ধীৰে সেইবোৰে গতি কৰে। কিন্তু সেইবোৰৰ গতি ইমান ধীৰ যে পৃথিৱীবাসীয়ে তাৰ উমান নাপায়। যিহেতু বছৰি ২ ছেন্টিমিটাৰৰ পৰা এই গতি ৪ ছেন্টিমিটাৰ মানহে হ’ব পাৰে।

ফলকবোৰে গতি কৰিলে এখন ফলক আন এখন ফলকৰ ওচৰলৈ চাপ খাব পাৰে। এনে চাপৰ ফলত দুখন ফলকৰ সংঘৰ্ষ হৈ এটা অংশ ওপৰলৈ উঠি আহি পৰ্বতৰ আকাৰ ল’ব পাৰে। নাইবা ফলকৰ এটা অংশ ভূগৰ্ভত সোমাই যাব পাৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top