Assam Jatiya Bidyalay Class 8 Social Science Chapter 10 অৰ্থনৈতিক বা আর্থিক ব্যৱস্থা

Assam Jatiya Bidyalay Class 8 Social Science Chapter 10 অৰ্থনৈতিক বা আর্থিক ব্যৱস্থা, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় সমাজ বিজ্ঞান Class 8 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 10 অৰ্থনৈতিক বা আর্থিক ব্যৱস্থা Class 8 Social Science Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 8 Social Science Chapter 10 অৰ্থনৈতিক বা আর্থিক ব্যৱস্থা Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 8 Social Science Chapter 10 অৰ্থনৈতিক বা আর্থিক ব্যৱস্থা provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

অৰ্থনৈতিক বা আর্থিক ব্যৱস্থা

Chapter – 10

অসম জাতীয় বিদ্যালয়

EXERCISE QUESTION ANSWER

১। অৰ্থনৈতিক ব্যবস্থা কি ?

উত্তৰঃ এখন দেশৰ অৰ্থনৈতিক ক্ৰিয়াকলাপবোৰ যিটো প্ৰক্ৰিয়াৰে পৰিচালিত হয় তাৰ সামগ্ৰীক ৰূপটোকে অৰ্থনৈতিক ব্যৱস্থা বোলা হয়। যেনে–এখন দেশৰ উৎপাদন ক্ষেত্ৰ,বিতৰণ ব্যবস্থা আৰু উপভোক্তাৰ স্বাৰ্থৰক্ষা আদি সকলোবোৰ দিশ-সামৰি এখন দেশৰ অৰ্থনৈতিক ব্যৱস্থা গঢ়ি উঠে।

২। দেশ এখনৰ অৰ্থ ব্যৱস্থাই কেনে ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰে ?

উত্তৰঃ দেশ এখনে নিজকে অৰ্থনৈতিক ভাবে টনকিয়াল হ’বলৈ দেশখনে কি উৎপাদন কৰিব, কেনেকৈ উৎপাদন কৰিব, উৎপাদিত সামগ্ৰী কিদৰে বিতৰণ কৰিব আৰু ভৱিষ্যতে কি ব্যবস্থা ল’ব– ইত্যাদি মূল বিষয়ত দেশৰ অর্থ ব্যৱস্থাই সিদ্ধান্ত গ্ৰহণ কৰে।

৩। অৰ্থনৈতিক ব্যৱস্থাসমূহক কেইটা ভাগত ভগাব পাৰি আৰু কি কি ?

উত্তৰঃ প্ৰত্যেক ৰাষ্ট্ৰই এটা নিৰ্দিষ্ট অৰ্থনৈতিক ব্যৱস্থাৰ দ্বাৰা পৰিচালিত হয় আৰু সেইমতে ৰাষ্ট্ৰখন জনাজাত হয়। যেনে, আমেৰিকা যুক্তৰাষ্ট্ৰ পুঁজিবাদী ৰাষ্ট্ৰ আৰু চীন সমাজবাদী ৰাষ্ট্ৰ।

এনেদৰে অৰ্থনৈতিক ব্যৱস্থাসমূহক আৰু এই ব্যৱস্থাসমূহ গ্ৰহণ কৰা ৰাষ্ট্ৰসমূহকো তিনিটা ভাগত ভগাব পাৰি। যেনে–

(১) পুঁজিবাদ আৰু পুঁজিবাদী ৰাষ্ট্ৰ।

(২) সমাজবাদ আৰু সমাজবাদী ৰাষ্ট্ৰ।

(৩) মিশ্ৰ অৰ্থনীতি অৰ্থাৎ য’ত পুঁজিবাদ আৰু সমাজবাদ ব্যৱস্থাৰ বুজাপৰাৰে ৰাষ্ট্ৰৰ অৰ্থনৈতিক ব্যৱস্থা পৰিচালিত হয়। যেনে– ভাৰতবৰ্ষত মিশ্ৰ অৰ্থনীতি চলি আহিছে।

৪। পুঁজিবাদ কি ? পুঁজিবাদৰ চাৰিটা বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰঃ যি অৰ্থনৈতিক ব্যৱস্থাত  ব্যক্তিগত খণ্ডত উৎপাদন কাৰ্য্য পৰিচালিত হয় আৰু ব্যক্তিগত লাভালাভৰ ওপৰত অৰ্থনৈতিক ব্যবস্থাবোৰ পৰিচালিত হয় তেনে ব্যৱস্থাক পুঁজিবাদ বোলে।

পুঁজিবাদৰ চাৰিটা বৈশিষ্ট্য হ’ল–

(১) এই ব্যৱস্থাত উৎপাদনৰ আহিলাবোৰৰ মালিক হ’ল উৎপাদনকাৰী পুঁজিপতিসকল, ৰাষ্ট্ৰ নহয়।

(২) পুঁজিবাদত উৎপাদনৰ মূল লক্ষ্য হ’ল অধিক মুনাফা বা লাভ অৰ্জন কৰা।

(৩) পুঁজিবাদত ব্যক্তিগত ভাবে চলোৱা উৎপাদন নাইবা আন কোনো অৰ্থনৈতিক কার্যকলাপত বাধা আৰোপ কৰা নহয়।

(৪) পুঁজিবাদৰ মূল চালিকা শক্তি হ’ল বজাৰৰ চাহিদা আৰু যোগান।

৫। সমাজবাদ কি ? সমাজবাদৰ চাৰিটা বৈশিষ্ট্য লিখা।

উত্তৰঃ যি অৰ্থনৈতিক ব্যৱস্থাত ব্যক্তিগত মালিকীসত্বক অনুমতি দিয়া নহয় আৰু উৎপাদন কৰা আহিলা বোৰ ৰাষ্ট্ৰৰ দ্বাৰা নিয়ন্ত্ৰিত হয় তেনে অৰ্থনৈতিক ব্যৱস্থাক সমাজবাদ বোলে।

সমাজবাদৰ চাৰিটা বৈশিষ্ট্য হ’ল–

(১) সমাজবাদত উৎপাদনৰ আহিলাবোৰৰ ৰাষ্ট্ৰৰ দ্বাৰা নিয়ন্ত্ৰিত হয়, ব্যক্তিগত মালিকীসত্বত উৎপাদনৰ আহিলা নাথাকে।

(২) সমাজবাদত ব্যক্তিগত মুনাফাৰ কথা জড়িত

নাথাকে। ৰাষ্ট্ৰই জনসাধাৰণৰ সমূহীয়া লাভালাভৰ বাবেহে উৎপাদন কৰে।

(৩) সমাজবাদত এখন শ্ৰেণীবিহীন,শোষণ মুক্ত সমাজ নিৰ্মাণৰ পোষকতা কৰে।

(৪) সমাজবাদী অৰ্থনৈতিক ব্যৱস্থাত দেশৰ সম্পদৰাজিৰ মালিকীসত্বক ৰাষ্ট্ৰই লাভ কৰে।

৬। মিশ্ৰ অৰ্থনীতি কি ? মিশ্ৰ অৰ্থনীতিৰ চাৰিটা বৈশিষ্ট্য লিখা।

উত্তৰঃ যি অৰ্থনৈতিক ব্যৱস্থাত পুঁজিবাদ আৰু সমাজবাদ এই দুয়োটাৰ আধাৰত অৰ্থনৈতিক উৎপাদন, উন্নয়ন আৰু কার্যকলাপ চলে তেনে ব্যৱস্থাক মিশ্ৰ অৰ্থনীতি বোলে। মিশ্ৰ অৰ্থনীতিয়ে ব্যক্তিগত খণ্ড আৰু চৰকাৰী বা ৰাজহুৱা খণ্ড এই দুয়োটা খণ্ডকে সমান প্ৰাধান্য দিয়ে।

মিশ্ৰ অৰ্থনীতি চাৰিটা বৈশিষ্ট্য হ’ল–

(১) মিশ্ৰ অৰ্থনীতিত চৰকাৰী বা ৰাজহুৱা খণ্ডৰ প্ৰাধান্য বেছি বাবে চৰকাৰে গুৰুত্বপূৰ্ণ অৰ্থনৈতিক সিদ্ধান্তবোৰ গ্ৰহণ কৰে।

(২) মিশ্ৰ অৰ্থনীতিৰ আন এক অপৰিহাৰ্য অঙ্গ হ’ল অৰ্থনৈতিক পৰিকল্পনা।

(৩) মিশ্ৰ অৰ্থনীতিৰ ভেটি হ’ল গণতান্ত্ৰিক পৰিকল্পনা।

(৪) মিশ্ৰ অৰ্থনীতিত ব্যক্তিগত লাভালাভৰ পৰিবৰ্তে সমাজকল্যানৰ বিষয়টোৱে অধিক গুৰুত্ব পায়। 

৭। ভাৰতত কি অৰ্থব্যৱস্থা প্ৰচলিত? সেই অৰ্থব্যবস্থাত কি অসুবিধাৰ কথা আহিব পাৰে ?

উত্তৰঃ ভাৰতত মিশ্ৰ অৰ্থনৈতিক ব্যৱস্থা প্ৰচলিত য’ত পুঁজিবাদ আৰু সমাজবাদ এই দুয়োটাৰে সংমিশ্ৰণ হিচাপে ব্যক্তিগত খণ্ড আৰু ৰাজহুৱা বা চৰকাৰী খণ্ডৰ আধাৰত উৎপাদন আৰু বিতৰণ পৰিচালিত হয়।

মিশ্ৰ অৰ্থনীতি যিহেতু দুটা পৰস্পৰ বিপৰীত অৰ্থনৈতিক ব্যৱস্থাই একেলগে অৰ্থনৈতিক কামকাজত জড়িত থাকে গতিকে দুয়োটাৰ মাজত সময় নাথাকিলে দুয়োটা ৰমাজত বিশৃঙ্খলতাৰ সৃষ্টি হব পাৰে আৰু চৰকাৰী আৰু ব্যক্তিগত অৰ্থনৈতিক ব্যবস্থাৰ পৰিচালনাত জটিলতাৰ উদ্ভৱ হ’ব পাৰে।

৮। চমুটোকা লিখা―

অৰ্থনৈতিক ব্যৱস্থা।

উত্তৰঃ মানুহৰ সমাজ জীৱনত আৱশ্যক হোৱা বিভিন্ন অৰ্থনৈতিক কার্যকলাপ আৰু অৰ্থনৈতিক উৎপাদন বিতৰণ, উপভোগ, আদি বিভিন্ন দিশবোৰ যি ব্যৱস্থাই সাঙুৰি লয় তাকে অৰ্থনৈতিক ব্যৱস্থা বোলে। প্ৰত্যেক মানৱ সমাজৰে বা প্ৰত্যেক ৰাষ্ট্ৰৰে অৰ্থনৈতিক ব্যৱস্থা বেলেগ বেলেগ হোৱা দেখা যায় । বৰ্ত্তমান আমেৰিকা যুক্তৰাষ্ট্ৰ, ইংলেণ্ড আদি ৰাষ্ট্ৰত পুঁজিবাদী অৰ্থনৈতিক ব্যৱস্থা প্ৰচলিত য’ত ব্যক্তিগত খণ্ডৰ প্ৰভাৱ দেখিবলৈ পোৱা যায়। আনহাতে ৰাছিয়া আৰু চীন দেশত সমাজবাদী অৰ্থনৈতিক ব্যৱস্থা প্ৰচলিত য’ত চৰকাৰী বা ৰাজহুৱা খণ্ডৰ প্ৰাধান্য দেখা যায়। আমাৰ ভাৰতত পুঁজিবাদ সমাজবাদৰ মিশ্ৰণ হিচাপে মিশ্ৰ অৰ্থনৈতিক ব্যৱস্থা পৰিলক্ষিত হয় য’ত ব্যক্তিগত আৰু ৰাজহুৱা বা চৰকাৰী খণ্ডৰ অধীনত বিভিন্ন অৰ্থনৈতিক কার্যকলাপ পৰিচালিত হয়।

৯। চমুটোকা লিখা – 

পুঁজিবাদ ।

উত্তৰঃ পুঁজিবাদ এবিধ অৰ্থনৈতিক ব্যৱস্থা। এই ব্যৱস্থাত উৎপাদনৰ আহিলাবোৰ মালিকাধীনত পৰিচালিত হয় আৰু উৎপাদনৰ লাভালাভ ব্যক্তিগত উদ্যোগক্তাই উপভোগ কৰে। এনে পুঁজিবাদী অৰ্থনৈতিক ব্যৱস্থা আমেৰিকা যুক্তৰাষ্ট্ৰ, ইংলেণ্ড আদি ৰাষ্ট্ৰত দেখিবলৈ পোৱা যায়। পুঁজিবাদত যিবোৰ অৰ্থনৈতিক বকার্যকলাপ চলে সেইবোৰত চৰকাৰী নিয়ন্ত্ৰণ বিশেষ নাথাকে।

১০ চমুটোকা লিখা।

সমাজবাদ–

উত্তৰঃ সমাজবাদ এবিধ অৰ্থনৈতিক ব্যৱস্থা। এই ধৰণৰ সমাজবাদ ৰুচিয়া আৰু চীনত দেখিবলৈ পোৱা যায়। এই ব্যৱস্থাত উৎপাদনৰ আহিলাবোৰ ৰাষ্ট্ৰৰ চৰকাৰৰ দ্বাৰা পৰিচালিত হয় আৰু নিন্ত্ৰণাধীন হয়। সমাজত কেৱল ৰাজহুৱা বা চৰকাৰী খণ্ডহে দেখিবলৈ পোৱা যায় য’ত ব্যক্তিগত মালিকাধীন কোনো উদ্যোগ গঢ়ি উঠিব নোৱাৰে। সমাজবাদত জনসাধাৰণৰ মঙ্গলৰ বাবে আৰু উপভোগৰ বাবে কেৱল উৎপাদন কৰা হয়, কোনো ব্যক্তিগত লাভালাভৰ বাবে নহয়।

১১। চমুটোকা লিখা।

মিশ্ৰ অৰ্থনীতি–

উত্তৰঃ যি অৰ্থনৈতিক ব্যবস্থাত, পুঁজিবাদ আৰু সমাজবাদৰ সংমিশ্ৰণ ঘটে তেনে ব্যবস্থাক মিশ্ৰ অৰ্থনীতি বোলে। উদাহৰণস্বৰূপে ভাৰতত এনে ধৰণৰ মিশ্ৰ অৰ্থনীতি পৰিলক্ষিত হয়। ইয়াত উৎপাদনৰ আহিলাবোৰ ৰাজহুৱা বা চৰকাৰী আৰু ব্যক্তিগত–এই দুয়োটা খণ্ডৰ দ্বাৰা পৰিচালিত আৰু নিয়ন্ত্ৰিত হয়। ৰাজহুৱা খণ্ডই সমাজৰ জনসাধাৰণৰ উপকাৰৰ অৰ্থে অৰ্থনৈতিক বকার্যকলাপ পৰিচালনা কৰে। আনহাতে ব্যক্তিগত খণ্ডই ব্যক্তিগত মালিকনাত উদ্যোগ আদি স্থাপন আৰু পৰিচালনা কৰে,য’ৰ পৰা লাভালাভৰ অংশ ব্যক্তিগত মালিকহে লাভ কৰে, সৰ্বসাধাৰণ ৰাইজে ইয়াৰ প্ৰত্যক্ষ ফল উপভোগ নকৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top