Assam Jatiya Bidyalay Class 8 Science Chapter 9 চাপ আৰু প্লাবিতা

Assam Jatiya Bidyalay Class 8 Science Chapter 9 চাপ আৰু প্লাবিতা, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় বিজ্ঞান Class 8 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 9 চাপ আৰু প্লাবিতা Class 8 General Science Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 8 Science Chapter 9 চাপ আৰু প্লাবিতা Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 8 Science Chapter 9 চাপ আৰু প্লাবিতা provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

চাপ আৰু প্লাবিতা

Chapter – 9

অসম জাতীয় বিদ্যালয়

EXERCISE QUESTION ANSWER

১। বস্তুৰ ওজন মানে কি ? ওজন এবিধ বল হয়নে ?

উত্তৰঃ কোনাে বস্তুক পৃথিৱীয়ে যি মাধ্যাকর্ষণিক বলেৰে আকর্ষণ কৰে সেয়াই হল বস্তুটোৰ ওজন।ওজন এবিধ বল হয়।

২। এক কিগ্রা. বল বা এক কি.গ্রা. ওজন মানে কি ?

উত্তৰঃ এক কি.গ্রা. বল হ’ল এক কি.গ্রা. ভৰৰ ওপৰত পৃথিৱীয়ে ক্রিয়া কৰা মাধ্যাকর্ষণিক বলৰ পৰিমান।

৩। এখন টেবুলৰ ওপৰত বস্তু এটা ৰাখিলে টেবুলখনৰ ওপৰত কি বল প্রয়ােগ হয় ?

উত্তৰঃ টেবুলখনৰ ওপৰত বস্তুটোৰ ওজনে ক্রিয়া কৰে।

৪। চাপকাক বােলে ?

উত্তৰঃ একক ক্ষেত্রফলৰ ওপৰত প্ৰয়ােগ হােৱা বলকে চাপ বােলে।

৫। চাপ (P), ক্ষেত্রফল (A) আৰু প্রয়ােগ হােৱা বলৰ (F) সম্বন্ধটো লিখা।

উত্তৰঃ চাপ = প্রয়োগ হােৱা বল/ক্ষেত্রফল।

বা, P= F/A

৬। কোনাে বাকচৰ ভৰ 5 কি. গ্রা., ইয়াৰ ডাঙৰ পিঠিখনৰ ক্ষেত্রফল 300 বর্গ ছেমি.আৰু সৰুপিঠিখনৰ ক্ষেত্রফল 200 বর্গ ছেমি.। টেবুলৰ ওপৰত প্ৰথমতে সৰু পিঠিখন আৰু পিছত ডাঙৰ পিঠিখন থলে চাপ কিমান কিমান হব ?

উত্তৰঃ বাকচটোৰ ওজন হ’ল 5 কি.গ্রা. ওজন

200 বর্গ ছেমি. পিঠিখনে প্ৰয়ােগ কৰা চাপ হ’ল 

চাপ = 5 কিগ্রা ওজন/200বর্গ ছেমি ।

=0.025 কি.গ্রা. ওজন/বর্গ ছে.মি. ।

300 বর্গ ছে.মি. পিঠিখনে প্ৰয়ােগ কৰা চাপ হল-

চাপ =5 কিগ্রা ওজন/300 বর্গ ছে.মি.।

– 0.0166 কি.গ্রা. ওজন বর্গ/ছে.মি.।

৭। তুলিতকৈ কাঠত শুলে আমি কিয় বেছি কষ্ট পাও ?

উত্তৰঃ তুলিতকৈ কাঠত আমাৰ শৰীৰৰ লাগি থকা অংশৰ ক্ষেত্রফল কম বাবে চাপ বেছি হয় তাৰ ফলত আমি বেছি কষ্ট অনুভৱ কৰে।

৮। অধ্যায়টোত থকা বালিৰ পৰীক্ষাটোত বহল টেমাতকৈ দীঘল নলীডালৰ তল পিনে বালিখিনি টান হৈ পৰে।ইয়াৰ কাৰণ ব্যাখ্যা কৰা।

উত্তৰঃ ইয়াৰ কাৰণ হ’ল দীঘল নলীলত থকা বালিখিনিয়ে কম ক্ষেত্রফলৰ ওপৰত বল প্রয়ােগ কৰে। ফলত চাপ বেছি হয় আৰু তলপিনে বালিখিনি টান হৈ পৰে।

৯। 5 কি.গ্রা.ৰ বাকচ এটা (ক) টেবুলৰ বা চকীৰ ওপৰত আৰু (খ) মাটিৰ ওপৰত হলে কিমান বল প্রয়ােগ হ’ব ?

উত্তৰঃ বাকচটোৰ ওজন হল ১কি.গ্রা, ওজন বা 5 কি গ্রা, বল গতিকে বাকচটোৱে প্রয়ােগ কৰা বল হব 5 কি.গ্রা. বল।

১০৷ এটা 1 কি.গ্রা, ওজনৰ বাকচ আৰু এটা 10 কিগ্রা. ওজনৰ বাকচে এখন টেবুলৰ ওপৰত সমান চাপ দিয়ে। এই উক্তিটো শুদ্ধ হ’ব পাৰেনে ?

উত্তৰঃ উক্তিটো শুদ্ধ হ’ব পাৰে।কাৰণ চাপ বস্তুটোৰ ওজন আৰু ক্ষেত্রফলৰ ওপৰত নিৰ্ভৰ কৰে। যদি 1 কি.গ্রা, ওজনৰ বাকচটোৱে 10 বর্গ ছে.মি. ক্ষেত্রফলৰ ওপৰত আৰু 10 কি.গ্রা, ওজনৰ বাকচটোৱে 10 বর্গ ছেমি. ক্ষেত্রফলৰ ওপৰত বল প্রয়ােগ কৰে তেন্তে চাপ সমান হব।

১১। এটা বাকচৰ সকলাে কেইখন পিঠি এখন এখনকৈ টেবুলত থােৱাত সমান চাপ দিয়ে। ইয়াৰপৰা আমি কি বুজিব পাৰোঁ।

উত্তৰঃ যিহেতু একেটা বাকচৰে বেলেগ বেলেগ পিঠি টেবুলত ৰখা হৈছে গতিকে ওজন সমান হব। সকলাে কেইখন পিঠিয়ে সমান চাপ দিয়ে গতিকে সকলাে পিঠিৰে ক্ষেত্রফল সমান হব।

১২।(ক) তলৰ ……… কাৰণে পাত্ৰৰ বেৰত ই…………. দিয়ে।

উত্তৰঃ পার্শ্বচাপৰ, হেঁচা।

(খ) চাপ………… প্ৰকাৰৰ…………, …………. আৰু ………..।

উত্তৰঃ তিনি, নিম্নচাপ, পার্শ্বচাপ আৰু উধচাপ।

১৩। জুলীয়া পদাৰ্থৰ নিম্নচাপকাক বােলে ? নিম্নচাপ প্রদর্শন কৰিবলৈ এটা সৰল পৰীক্ষা বর্ণনা কৰা।

উত্তৰঃ জুলীয়া পদার্থই তললৈ প্ৰয়ােগ কৰা চাপক নিম্নচাপ বােলে। জুলীয়া পদার্থই যে নিম্নচাপ প্রয়ােগ কৰে তাক তলৰ পৰীক্ষাৰ পৰা বুজিব পাৰি।

তলিত দুটা ফুটা থকা ওপৰে তলে সমান এটা প্লাষ্টিকৰ বটলৰ ফুটাটো আঙুলিৰে বন্ধ কৰি পানীৰে পুৰােৱা হ’ল৷ এতিয়া আঙুলিটো এৰি দি বটলটোৰ প্ৰথমতে ওপৰৰ আধা আৰু পিছত তলৰ আধা পানী পৰিবলৈ কিমান সময় লাগে চাই উলিওৱা হ’ল। দেখা গ’ল যে তলৰ আধা পানী পৰিবলৈ বেছি সময় লাগিছে। ইয়াৰ পৰা বুজা গ’ল যে জুলীয়া পদার্থই তলিত চাপ দিয়ে আৰু এই চাপ উচ্চতা কমিলে কমি যায়।

১৪। জুলীয়া পদার্থ পার্শ্বচাপকাক বােলে ? পার্শ্বচাপ প্ৰদৰ্শন কৰিবলৈ এটা পৰীক্ষা বর্ণনা কৰা।

উত্তৰঃ জুলীয়া পদার্থই পাত্ৰৰ বেৰত দিয়া চাপক পার্শ্বচাপ বােলে। এই চাপ প্রদর্শন কৰিবলৈ ফুলৰ পৰীক্ষাটো লিখা হল।পৰীক্ষা ও প্লাষ্টিকৰ বটল এটাত তলত, মাজত আৰু ওপৰত ফুটা কৰি পানীৰে পুৰােৱা হ’ল। তিনিওটা ফুটাৰে পানী ওলােৱা দেখা গ’ল। ইয়াৰপৰা বুজা যায় যে পানীৰ পাৰ্শ্বচাপ আছে। আকৌ তলৰ ফুটাটোৰে পানী আটাইতকৈ দূৰত আৰু ওপৰৰটোৰে|আটাইতকৈ ওচৰত পৰেগৈ। অর্থাৎ তলৰ ফুটাটোত চাপ আটাইতকৈ বেছি আৰু ওপৰৰটোত আটাইতকৈ কম। ইয়াৰ পৰা বুজা গ’ল যে জুলীয়া পদাৰ্থৰ চাপ গভীৰতাৰ ওপৰত নিৰ্ভৰ কৰে।

১৫। একে গভীৰতাত জুলীয়া পদাৰ্থৰ চাপ সকলাে দিশতে যে সমান তাৰ প্রদর্শনমূলক পৰীক্ষা এটা বর্ণনা কৰা।

উত্তৰঃ 

একে গভীৰতাত জুলীয়া পদাৰ্থৰ চাপ যে সকলাে দিশতে সমান তাৰ প্ৰদৰ্শন কৰিবলৈ এটা প্লাষ্টিকৰবলৈ লােৱা হ’ল।বটলটোৰ একে গভীৰতাত বেৰত চাৰিওপিনে 3 টা বা 4 টা ফুটা কৰি বটলটোত পানী ভৰােৱা হ’ল। দেখা গ’ল যে ফুটা কেইটাৰে পানী লম্বভাৱে ওলায় সমান সমান দূৰত্বত পৰিছে। ইয়াৰ পৰা বুজা গ’ল যে একে গভীৰতাত জুলীয়া পদার্থৰ চাপ পাত্ৰৰ চাৰিওপিনে সমান।

১৬। জুলীয়া পদাৰ্থৰ চাপৰ দুটা ব্যৱহাৰ উল্লেখ কৰা।

উত্তৰঃ  জুলীয়া পদাৰ্থৰ চাপৰ ব্যৱহাৰ হ’ল –

(ক) আমাৰ ঘৰুৱা পানী যােগান ব্যৱস্থা পানীৰ চাপৰ কাৰণে সম্ভৱ হয়।

(খ) নৈৰ পানী ব্যৱহাৰ কৰিবলৈ ওখ বান্ধ দি পানী জমা কৰা হয়। বান্ধৰ  তলৰ পিনে বেছি ডাঠ কৰা হয়, যাতে গভীবতা বাঢ়িলেও পানীৰ বর্ধিত চাপ বান্ধটোৱে সহ্য কৰিব পাৰে।

১৭। এটা পাত্র বা বেলুনত গেছ আৱদ্ধ কবিলে কি কাৰণত চাপৰ সৃষ্টি হয় ?

উত্তৰঃ এটা পাত্র বা বেলুনত গেছ আৱদ্ধ কৰিলে গেছৰ অনুবােৰে চাৰিওপিনে গতি কৰি পাত্ৰৰ সকলাে ঠাই দখল কৰে। অনুবােৰে পাত্ৰৰ বেৰত খুন্দিয়াই আৰু তাৰ ফলত চাপৰ সৃষ্টি হয়।

১৮।শুদ্ধ নে অশুদ্ধ লিখা।

(ক) আৱদ্ধ পাত্ৰৰ বেৰত গেছে একক ক্ষেত্রফলত প্রয়ােগ কৰা বলকৈই গেছৰ চাপ বােলে।

উত্তৰঃ শুদ্ধ।

(খ) বেলুন এটাৰ ভিতৰত গেছখিনিৰ ওজনৰ কাৰণে চাপ সৃষ্টি নহয়।

উত্তৰঃ শুদ্ধ।

১৯। খালি ঠাই পূৰণ কৰা।

(ক) বেলুন এটাৰ ভিতৰৰ বেৰত অণুৱে …………… কাৰণে গেছৰ চাপ সৃষ্টি হয়।

উত্তৰঃ খুন্দিয়াই।

(খ) আৱদ্ধ গেছৰ চাপ ……….. আৰু ………..বাঢ়িলে বাড়ে।

উত্তৰঃ ঘনত্ব, উষ্ণতা।

(গ) চাইকেল পাম্প পিষ্টন ভিতৰলৈ ঠেলিলে চাইকেলৰ টিউবত গেছৰ চাপ……….. অণুৰ ……….. বৃদ্ধি হােৱাৰ কাৰণেও চাপ বাড়ে।

উত্তৰঃ বাঢ়ে, সংখ্যা।

২০। এটা বায়ুপূর্ণ বেলুনত 1000 টা মাখি ভৰােৱাত দেখা গ’ল মাখিয়ে বেলুনৰ বেৰত সঘনাই খুন্দিয়াৰ ধৰিছে। বেলুনৰ ভিতৰত মুঠ চাপ = গেছখিনিৰ চাপ + …………. খুন্দা  মৰাৰ ফলত হােৱা চাপ।

উত্তৰঃ মাখিয়ে।

২১। এটা অতি ক্ষুদ্র বেলুনৰ ভিতৰত 1000 কোটি গেহৰ অণু আছে। নতুনকৈ 2000 কোটি অণুভৰােৱা হ’ল। আগতে গেছৰ চাপ Pহলে নতুন চাপহ’ব ………….।

উত্তৰঃ 3P।

২২।এটা বেলুন ৰ’দত থলে………….. বৃদ্ধি হয় কাৰণে…………..  বাঢ়ে আৰু বেলুনটো অলপ ডাঙৰ হয়।

উত্তৰঃ উষ্ণতা, চাপ।

২৩। এটা বায়ুপূর্ণ বেলুন পানীৰ তললৈ নিলে পানীৰ…………… চাপে বেলুনটো হেঁচি ধৰে, বেলুনৰ আয়তন ……………. আৰু গেছৰ………….. বাঢে।

উত্তৰঃ নিম্নচাপে, কমে, চাপ।

২৪/ গেছে পাত্ৰৰ বেৰত লম্বভারে চাপ দিয়াৰ প্রদর্শনমূলক পৰীক্ষা এটা বর্ণনা কৰা।

উত্তৰঃ 

এটা সৰু প্লাষ্টিকৰ বটলৰ বেৰত বেজীৰে ফুটা কৰি বটলটো মুখেৰে জোৰেৰে বায়ু সুমুৱাই দিয়া হ’ল। সৰু ফুটাটোৰে বায়ু লম্বভাৱে পােনে পােনে ওলাই আহে। ফুটাটোৰ ওচৰত মমশিখা এটা থলে ওলাই অহা বায়ুৱে তাক বেকা কৰি দিয়ে। কেবাটাও গম শিখা বেলেগ বেলেগ উচ্চতাত ৰাখিলে, পােনে পােনে থকাটোহে বেকা হয়। অর্থাৎ বায়ু লম্বভাৱে পােনে পােনে ওলাই আহে।

২৫। বায়ুমণ্ডলৰ বায়ু আবদ্ধনহয়। তথাপিভূ-পৃষ্ঠত কেনেকৈ চাপ সৃষ্টি হয় ?

উত্তৰঃ বায়ুৰ ভৰ, অর্থাৎ ওজন আছে। এই ওজনৰ কাৰণে ভূ-পৃষ্ঠৰ কোনাে ঠাইৰ পােন পােনে ওপৰত থকা বায়ুমণ্ডলে সেই ঠাইত চাপৰ সৃষ্টি কৰে।

২৬। এক বায়ুমণ্ডলীয় চাপকিমান ?

উত্তৰঃ ভূ-পৃষ্ঠৰ প্রতি বর্গ ছে.মি. ক্ষেত্রফুলৰ ওপৰত বায়ুৰ প্ৰায় । কি.গ্রা. ওজনৰ চাপে ক্রিয়া কৰে। এই চাপক এক বায়ুমণ্ডলীয় চাপ বােলে।

২৭। বায়ুৰ চাপেজুলীয়া পদার্থ স্তম্ভ জাঙি ৰাখিব পৰা পৰীক্ষা এটা বর্ণনা কৰা।

উত্তৰঃ বায়ুৰ চাপে জুলীয়া পদাৰ্থৰ ঔঙ দাঙি ৰাখিব পাৰে তাক দেখুৱাবলৈ তলৰ পৰীক্ষটৈা লিখা হল।

এটা দুয়ােমূৰ খােলা দীঘল নলী লৈ এটা মূৰ আঙুলিৰে বন্ধ কৰি নলীডাল পানীৰে পূৰােৱা হ’ল। নলীডাল ওলােটাই এটা পানীৰ পাত্ৰত খােলা মূৰটো সুমুৱাই দিয়া হ’ল। দেখা গল যে আঙুলিৰ টিপাটো থকালৈকে পানীখিনি নলীডালত ৰৈ থাকে অর্থাৎ বায়ুমণ্ডলীয় চাপে পাত্ৰটোৰ পানীত হেঁচা দিয়ে কাৰণে পানী ঔটো ধৰি ৰাখিব পাৰে। কিন্তু আঙুলিটো এৰি দিলে ওজনৰ কাৰণে নলীটোৰে পানীখিনি অলপ তললৈ নামি আহে।

২৮। বায়ুচাপ 76 ছে.মি. পাৰা মানে কি ?

উত্তরঃ বায়ুমণ্ডলৰ চাপে 76 ছে.মি, উচ্চতাৰ পাৰাক্তম্ভ থিয়কৈ ধৰি ৰাখিব স্যাৰে। সেই কাৰণে এই উচ্চতাক বায়ুমণ্ডলীয় চাপৰ জোখ হিচাপে লােৱা হয় অর্থাৎ চাপ 76 ছে.মি. পাৰা বুলি কোৱা হয়।

২৯। শােষক পাম্প লেবেলযুক্ত চিত্ৰ আকি বর্ণনা কৰা।

উত্তৰঃ 

যিকোনাে ওখ ঠাইলৈ পানী উঠাবলৈ হাতেৰে চলােৱা সাধাৰণ পাম্প ব্যৱহাৰ কৰা হয়। ইয়াক শােষক পাম্প বােলে।এই পাম্পত এটা মজবুত লােহাৰ বেবেল, পিষ্টন, ভালভ, আগম নলী আৰু নির্গমনলী থাকে। আগমনলী মাটিৰ তললৈ পানী পােৱা ঠাইলৈকে পােতা হয়। বেৰেলৰ তলপিনে ফুট ভালভ V₁ আৰু ওপৰৰ পিনে পিষ্টন ভালভ V₂ থাকে। ভালভ দুটা ওপৰপিনে খােল যায়। নির্গমনলীৰে পানী ওলাই আহে।

পিষ্টনৰ উৰ্ধৰ্ঘতত বেৰেলত বায়ুৰ আয়তন বাঢ়ে আৰু চাপ কমে। ফলত V₁ বন্ধ হয় আৰু V₂ খােল খায়। তেতিয়া আগম নলীৰে বায়ু বেৰেলত সােমায়। আকৌ পিষ্টনৰ নিম্নঘাতত বেৰেলৰ বায়ুৰ আয়তন কমে আৰু চাপ বাড়ে।ফলত V₁ বন্ধ হয় আৰু V₂ খােলখাই বেৰেলৰবায়ু নির্গমনলীৰে ওলাই যায়।এইদৰে কেইটামান উর্ধঘাত আৰু নিম্নঘাতৰ পিছত আগম নলীৰ বায়ুৰ ঠাই তলৰ পানীয়ে লয় আৰুপানী একে প্রক্রিয়াৰে ওলাই আহে।

৩০। ছইফ’নৰ লেবেলযুক্তচিত্র আঁকি বর্ণনা কৰা।

উত্তৰঃ

ছাইফ’নেৰে পানী ওপৰত থকা পাত্ৰ এটাৰ পৰা তলত থকা আন এটা পাত্রলৈ নিয়া হয়।ইহ’ল এটা U আকৃতিৰ এটা চুটি আৰু আনটো দীঘল বাহুৰ কাঁচ, ৰবৰ বা প্লাষ্টিকৰ নলী। প্ৰথমতে নলীটোত অপসৰণ কৰিবলগীয়া জুলীয়া পদার্থবিধ সম্পূর্ণকৈ ভৰাই লােৱা হয়। এতিয়া বাহুদুটাৰ মূৰ দুটা আঙুলিৰে বন্ধ কৰি বন্ধ অৱস্থাতে চুটি বাহুৰ মুৰটো ওপৰৰ পাত্ৰটোত জুলীয়া পদার্থ বিধত ডুব যােৱাকৈ আৰু দীঘল বাহুটো তলৰ খালি পাত্ৰটোত থােৱা হয়। আঙুলি আতৰালে পানী ওপৰৰ পাত্ৰৰ পৰা তলৰটোত পৰে। এই পানীৰ সোঁতটো স্বয়ংক্রিয়ভাৱে চলি থাকে।

৩১। খালি ঠাই পূৰ কৰা।

(ক) পৃথিৱীৰ ওপৰলৈ বায়ুৰ…………… আৰু ………….. ক্ৰমে কমি আহে।

উত্তৰঃ ঘনত্ব, চাপ।

(খ) ওপৰৰ বায়ুৰ ……………. কম আৰু সেইবাবে ……………. লােৱাত আমাৰ কষ্ট হয়।

উত্তৰঃ চাপ, উশাহ-নিশাহ।

৩২। পাস্কেলৰ বিধিটো লিখা। ইয়াক প্ৰদৰ্শনৰ এটা সৰল পৰীক্ষা বর্ণনা কৰা।

উত্তৰঃ পাস্কেলৰ বিধিটো হ’ল – “আৱদ্ধ জুলীয়া পদার্থ বা গেছীয় পদাৰ্থৰ কোনাে অংশত চাপ প্রয়ােগ কৰিলে, সেই চাপ অপৰিৱৰ্তিতভাৱে সকলাে দিশতে সঞ্চালিত হয়। সঞ্চালিত চাপে আঁধাৰৰ বেৰত লম্বভাৱে ক্রিয়া কৰে।”

এই বিধিটো প্রদর্শন কৰিবলৈ তলৰ পৰীক্ষাটো লিখা হল-

এটা ৰবৰৰ বলত সৰু ফুটা এটা কৰি পানীৰে পূৰ কৰা হ’ল। ফুটাটো আঙুলিৰে বন্ধ কৰি বেজীৰে বলটোৰ চাৰিওপিনে আন কেইটামান ফুটা কৰা হ’ল। বলটো সামান্য হেচি দিলে ফুটাকেইটাৰে পানীৰ প্রবাহ বেৰৰ লম্বভাৱে চাৰিওপিনে সমান জোৰেৰে ওলাই আহে। অর্থাৎ প্রয়ােগ কৰা চাপ বলটোৰ ভিতৰত চাৰিওপিনে সমানে সঞ্চালিত হয়।

৩৩। এট, বেলুনত গেছ ভৰাই থাকিলে কি কি ৰাশি সলনি হ’ব? চাপৰ সঞ্চালন কেনে হব ?

উত্তৰঃ বেলুনত গেছ ভৰাই থাকিলে বেলুনৰ আয়তন বাঢ়ে। বেলুনৰ ভিতৰত । গেছৰ অণুৰ ঘনত্ব বাঢ়ে ফলত গেছৰ চাপ বৃদ্ধি হয়।

পাম্প দি থাকিলে বেলুনৰ ভিতৰত বায়ুৰ চাপ সকলাে অংশতে সমানে সঞ্চালিত হয়।

৩৪। প্লাৱিতা কাক কয় ? এই বলৰ অস্তিত্ব বুজাবলৈ এটা নিৰীক্ষণ বর্ণনা কৰা।

উত্তৰঃ তলত ভাঁহি থকা বা ডুবি থকা যি কোনাে বস্তুৰ ওপৰত তৰলবিধৰ সদায় এটা উর্ধমুখী বল থাকে। তৰলৰ এই উর্ধমুখী বলক প্লাৱিতা বােলে।

কাঠ এটুকুৰা পানীত ওপঙে। ইয়াক তললৈ ডুবাবলৈ হ’লে আমি তললৈ হেচিব লাগে। ইয়াৰ কাৰণ হ’ল কাঠ টুকুৰাৰ ওপৰত তৰলে এটা উর্ধমুখী বল প্রয়ােগ কৰে।এই উর্ধমুখী বলে তললৈ যােত বাধা দিয়ে।

৩৫। খালি ঠাই পূর্ণ কৰা ।

(ক) প্লাবিতাৰ দিশ……………..।

উত্তৰঃ উর্ধমুখী।

(খ) প্লাবিতাৰ কাৰণে তৰলত নিমগ্ন বস্তুৰ……………… কমে ।

উত্তৰঃ ওজন।

৩৬। আর্কিমিডিছৰ নীতিটো লিখা।ইয়াৰ প্ৰমাণ কৰিবলৈ এটা পৰীক্ষা বর্ণনা কৰা। আর্কিমিডিছৰ নীতিৰ এটা ব্যৱহাৰ লিখা।

উত্তৰঃ আর্কিমিডিছৰনীতিটোহ’ল-“তৰল পদার্থত কোনাে কঠিন বস্তু আংশিকভাৱে বা সম্পূর্ণভাৱে ডুবালে ইয়াৰ ওজন কমে আৰু এই হ্রাস ৱাে ওজন বস্তুটোৱে অপসাৰিত কৰা তৰলৰ ওজনৰ সমান”।

তলৰ পৰীক্ষাটোৰ দ্বাৰা ইয়াৰ প্ৰমাণ কৰিব পাৰি –

এখন 1 কি.গ্রা. মান ওজন জুখিব পৰা প্ৰিং তুলা আৰু এটা নির্গমন নলীযুক্ত পাত্র লােৱা হ’ল। এটা শিলগুটি স্প্রিং তুলাখনত বান্ধি তাৰ ওজন লােৱা হ’ল৷ ধৰাহ’ল বায়ুত ইয়াৰ ওজন W₁ গ্রাম। এতিয়া নির্গমন নলীৰ মুখলৈ পাত্ৰটো পানীৰে পূৰ্ণ কৰা হ’ল। পানীত শিলটো সম্পূর্ণ ডুবাই দিয়াত ই অপসৰণ কৰা পানী  নির্গমন নলীৰে ওলাই আহিল। ওলাই অহা পানীখিনি এটা পাত্ৰত সংগ্রহ কৰা হ’ল। শিলটো পানীত ডুবাই দি ওজন লােৱাত ওজন কিছু কম পােৱা গ’ল। ধৰাহ’ল এই ওজন W₂ গ্রাম। গতিকে শিলটোৱে হেৰুওরা ওজন হ’ল (w₁-W₂) গ্রাম। এতিয়া অপসাৰিত পানীখিনি এটা সৰু পলিথিনত ভৰাই সাৱধানে ওজন লােৱা হ’ল। ইয়াৰ ওজন প্রায় (W₁-W₂) ৰ সমান পােৱা গ’ল। অর্থাৎ বস্তুটোৱে হেৰুওৱা ওজন ই অপসাৰিত কৰা পানীৰ ওজনৰ সমান আর্কিমিডিছৰ নীতিটো ব্যৱহাৰ কৰি পদাৰ্থৰ ঘনত্ব উলিয়াব পাৰি।

৩৭। কোনো এটা বস্তু এবিধ তৰলত পঙি থকা, তৰলৰ ভিতৰত ওপঙি থকা আৰু ডুবি যােৱাৰ চৰ্তবোেৰ লিখা।

উত্তৰঃ কোনাে এটা বস্তু তৰলত উপঙি থকা, তৰলৰ ভিতৰত ওপঙি থকা আৰু ডুবি যােৱাৰ চৰ্তবােৰ হ’ল –

(ক) বস্তুটোৰ ওজন প্লাবিতাতকৈ কম হলে বস্তুটো তৰলত ওপঙি থাকে।

(খ) ওজন আৰু প্লাৱিতা সমান হলেতলৰ যিকোনাে ঠাইতেবস্তুটো ওপঙি থাকিলপাৰে।

(গ) ওজন প্লাবিতাতকৈ বেছি হ’লে বস্তুটো তৰলত ডুব যায়।

৩৮।বন্ধুৰ ঘনত্বতলৰঘনত্বতকৈকমহলে,সমানহ’লে আৰু বেছি হ’লে কি হব লিখা।

উত্তৰঃ কোনাে বস্তুৰ ঘনত্ব তৰলৰ ঘনত্বতকৈ কম হলে বা সমান হলে বস্তুটো তৰলত ওপঙি থাকিব। বস্তুটোৰ ঘনত্ব তৰলৰ ঘনত্বতকৈ বেছি হ’লে ই পানীত ভুব যাব।

৩৯। কিয় হয় লিখা।

(ক) বৰফ পানীত ওপঙে।

উত্তৰঃ একেখিনি পানীৰ আয়তন জুলীয়া অৱস্থাতকৈ গােট মাৰি বৰফ হ’লে কিছু বাঢ়ি যায়! তথাৎ বৰফৰ ঘনত্ব পানীৰ ঘনতৃতকৈ কম হয় বাবে বৰ পানীত ওপঙে।

(খ) জাহাজ পানীত ওপঙে।

উত্তৰঃ জাহাজৰ তলি ৰ ডাঙৰ হােৱা বাবে ই অপসাৰিত কৰা পানীৰ ওজন জাহাজখনৰ ওজনতকৈ বেছি হয়। সেই কাৰণে জাহাজখন পানীত ওপঙি থাকিব পাৰে।

(গ) পানীত ছাবমেৰিন ওপৰত, মাজত আৰুতলিত থাকিব পাৰে।

উত্তৰঃ ছাবমেৰিনত পানী ভৰাবলৈ বা উলিয়াবলৈ ব্যৱস্থা থাকে। ভৰােৱা পানী কম-বেছি কৰি ছাবমেৰিন খন পানীৰ ওপৰত, মাজত আৰু তলিত থাকিব পাৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top