Assam Jatiya Bidyalay Class 8 Science Chapter 7 দ্ৰব্য আৰু আমাৰ দৈনন্দিন জীৱন

Assam Jatiya Bidyalay Class 8 Science Chapter 7 দ্ৰব্য আৰু আমাৰ দৈনন্দিন জীৱন, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় বিজ্ঞান Class 8 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 7 দ্ৰব্য আৰু আমাৰ দৈনন্দিন জীৱন Class 8 General Science Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 8 Science Chapter 7 দ্ৰব্য আৰু আমাৰ দৈনন্দিন জীৱন Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 8 Science Chapter 7 দ্ৰব্য আৰু আমাৰ দৈনন্দিন জীৱন provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

দ্ৰব্য আৰু আমাৰ দৈনন্দিন জীৱন

Chapter – 7

অসম জাতীয় বিদ্যালয়

EXERCISE QUESTION ANSWER

১। শুদ্ধ উত্তৰটো বাছি উলিওৱা –

(ক) তাপস্থাপিত প্লাষ্টিক হল-

(i) বেকেলাইট।

(ii) পলিথিন।

(ii) ছেলুলয়ড।

(iv) পিভিছি।

উত্তৰঃ (i) বেকেলাইট।

(খ) ভিনাইল ক্লৰাইডৰ বহুযযাগীকৰণ ফলত উৎপন্ন হােৱা বহুযযাগী যৌগটো-

(i) পলিথিন।

(ii) পলিভিনাইল ক্লৰাইড।

(iii) প্লাষ্টিক।

(iv) বেকেলাইট।

উত্তৰঃ (ii) পলিভিনাইল ক্লৰাইড।

(গ) তলৰ কোনটো প্লাষ্টিক নহয় ?

(i) পিভিছি।

(ii) থায়কল।

(i) পলিথিন।

(iv) বেকেলাইট।

উত্তৰঃ (ii) থায়কল।

(ঘ) তলৰ কোনটো সাংশ্লেষিক ৰবৰ ?

(i) নিঅপ্রিন।

(ii) পিভিছি।

(ii) পলিষ্টাইৰিণ।

(iv) পলিথিন।

উত্তৰঃ (i) নিঅপ্রিন।

(ঙ) কৃত্রিম পাটসূতা বুলি তলৰ কোনটোক কোৱা হয় ?

(i) পলিইউৰেথন।

(ii) ৰেয়ন।

(iii) নাইলন।

(iv) টেৰিলিন।

উত্তৰঃ (ii) ৰেয়ন।

২। খালী ঠাই পূৰ কৰাঁ।

(ক) ইথিলিনৰ বহুযােগীকৰণৰ ফলত উৎপন্ন হােৱা পদার্থটো…………।

(খ) বেকেলাইট ………… প্লাষ্টিক।

(গ) প্রাকৃতিক বহুযযাগী …………. ৰেয়ন প্রস্তুত কৰা হয়।

(ঘ) ছেলুলজ নাইট্রেটৰ পৰা …………..উৎপন্ন কৰা হয় ।

(ঙ) …………..আৰু ফৰমেলডিহাইডৰ মাজত বিক্রিয়া ঘটাই বেকেলাইট প্রস্তুত কৰা হয়।

উত্তৰঃ (ক) পলিথিন।

(খ) তাপস্থাপিত।

(গ) ছেলুল ‘জ।

(ঘ) ছেলুলইড।

(ঙ) ফিনল।

৩। চাৰিবিধ প্রাকৃতিক বহুযােগীৰ নাম লিখা।

উত্তৰঃ কপাহ, মৰাপাট, প্ৰটিন, শ্বেতসাৰ।

৪। সাংশ্লেষিক বহুযযাগী কাক বােলে?ই কেইপ্ৰকাৰৰ আৰু কি কি ?

উত্তৰঃ বহুতাে সুক্ষ্ম অণুৰ ৰাসায়নিক সংযােগ ঘটাই বৃহৎ অণুৰ সৃষ্টি কৰাকে সাংশ্লেষিক বহুযযাগী বা পলিমাৰ বােলে। সুক্ষ্ম অণুবােৰক একযােগী বা মনমাৰ বােলে।

সাংশ্লেষিক বহুযযাগী তিনি প্ৰকাৰৰ –

(ক) প্লাষ্টিক।

(খ) সাংশ্লেষিক তন্ত্র বা আঁহ।

(গ) সাংশ্লেষিক ৰবৰ।

৫। প্লাষ্টিক কি ? ই কেই প্ৰকাৰৰ ? প্রত্যেক বিধৰ এটাকৈ উদাহৰণ দিয়া।

উত্তৰঃ  তাপ আৰু চাপ প্রয়ােগ কৰি যিবােৰ বহুযােগীক যিকোনাে আকৃতিলৈ স্থায়ীভাৱে ৰূপান্তৰিত কৰিব পাৰি তেনেবােৰ বহুযােগীকে প্লাষ্টিক বােলে।

প্লাষ্টিক দুই প্রকাৰৰ-

(i) তাপ-প্লাষ্টীয় প্লাষ্টিক আৰু

(ii) তাপ স্থাপিতৃ প্লাষ্টিক।

তাপ প্লাষ্টীয় প্লাষ্টিক ভাঙি গলে পুনৰ গলাই নতুন সামগ্রী বনাব পাৰি। উদাহৰণঃ পিভিছি।

তাপ স্থাপিত প্লাষ্টিক নির্দিষ্ট ৰূপ দিয়াৰ পিচত পুনৰ ব্যৱহাৰ কৰিব নােৱাৰি। উদাহৰণ – বেকেলাইট।

৬। ভিনাইল ক্লাইডৰ বহুযযাগীকৰণৰ দ্বাৰা প্ৰস্তুত কৰা প্লাষ্টিক বিধ কি ? এই প্লাষ্টিকৰ ব্যৱহাৰ লিখা।

উত্তৰঃ ভিনাইল ক্লৰাইডৰ বহুযােগীকৰণৰ দ্বাৰা প্ৰস্তুত কৰা প্লাষ্টিক বিধ তাপ প্লাষ্টীয় প্লাষ্টিক । বহুযযাগীটোৰ নাম পলিভিনাইল ক্লইড (PVC) ইয়াক ৰেক্সিন বুলিও জনা যায়।

বর্তমান পিভিছিৰ ব্যৱহাৰ অতি বেছি, বৈদ্যুতিক চুইচ ব’র্ড, বিদ্যুৎ পৰিবাহী তাঁৰৰ আৱৰণ, পানীৰ পাইপ চিকিৎসালয়ত ব্যৱহাৰ কৰা হাতমােজা, চেণ্ডেল, গামবুট, চুটকেছ, চকী, মেজ আদি পিভিচিৰ পৰাই তৈয়াৰ কৰা হয়।

৭। ভালকেনাইজেচন কি ? দুবিধ সাংশ্লেষিক ৰবৰৰ নাম লিখা।

উত্তৰঃ গছৰ পৰা উৎপাদিত কেষ্টা ৰবৰৰ লগত গন্ধক (ছালফাৰ)ৰ গুড়ি মিহলাই উত্তাপিত কৰাকে ভালকেনাইজেচন বােলে।সাংশ্লেষিক ৰবৰৰ উদাহৰণ নিঅপ্রিন, থায়ল।

৮। তন্তু কি ? চাৰিবিধ সাংশ্লেষিক তন্তুৰ নাম লিখা।

উত্তৰঃ একযােগী অণুৰ পৰা বহুযযাগীকৰণ পদ্ধতিৰে উৎপাদিত এবিধ সূতাসদৃশ দ্রব্যকে সাংশ্লেষিক তন্তু বা আই (Fibre) বােলে।

চাৰিবিধ সাংশ্লেষিক তন্তু – বেয়ন, নাইলন, টেৰিলিন, অৰলন।

৯। বহুযোগীকৰণ কি ?

উত্তৰঃ অসংখ্য সৰু সৰু অণুৰ মাজত ৰাসায়নিক বিক্রিয়া ঘটি উচ্চ আণবিক ভৰৰ বৃহৎ অণু গঠন হােৱা প্রক্রিয়াকে বহুযাগীকৰণ বােলে।একোটা সৰু অণুক একযােগী বা মন মাৰ বােলে। কেতিয়াবা একেই একযােগীৰ পৰা বহুযােগী পােৱা যায়। যেনে ইথিলিন (একযােগী)ৰ ৰা পলিথিন। কেতিয়াবা দুটা একযােগীৰ পৰাও বহুযােগীকৰণ প্রক্রিয়াৰে বহুযােগী পােৱা যায়। যেনে ফিনল আৰু ফর্মেলডিহাইডৰ পৰা বেকেলাইট উৎপন্ন হয়।

১০। সাংশ্লেষিক তন্তুৰ তিনিটা প্রধান বৈশিষ্ট্য লিখ।

উত্তৰঃ ব্যৱহাৰ বােগ্য তন্তুৰ কিছুমান বৈশিষ্ট্য থকা দৰকাৰ। প্রধান তিনিটা হলঃ

(ক) টান প্ৰতিৰােধী ক্ষমতা বেছি হব লাগে।

(খ) বয়নৰ উপযােগী হব লাগে।

(গ) সহজাত আৰু স্থায়ীভাৱে ৰং কৰিব পৰা হ’ব লাগে।

১১। পলিথিন কি?ইয়াক কিদৰে প্ৰস্তুত কৰা হয় ?

উত্তৰঃ পলিথিন তাপ প্লাষ্ট্রীয় প্লাষ্টিক।অনুঘটক (Catalyst)ৰ উপস্থিতিত উচ্চ চাপ আৰু উষ্ণতাত ইথিলিনৰ পৰা পলিথিন প্রস্তুত কৰা হয়।

১২। বেকেলাইট কি ? বেকেলাইট প্রস্তুতকৰণৰ বাবে কি কি দ্ৰব্যৰ প্রয়ােজন ? বেকেলাইটৰ দুটা ব্যৱহাৰ লিখা।

উত্তৰঃ বেকেলাইট এবিধ তাপস্থাপিত প্লাষ্টিক।

বেকেলাইট প্রস্তুতকৰণৰ বাবে লগা একযােগী দ্ৰৱ দুবিধ হ’ল – ফিনল আৰু ফর্মেলডিহাইড।

বেকেলাইটৰ ব্যৱহাৰ :- যিহেতু বেকেলাইট বিদ্যুত আৰুতাপৰ অপৰিবাহী গতিকে টেলিভিছনৰ বাকচ, প্ৰেছাৰ কুকাৰৰ হেণ্ডেলত ব্যৱহাৰ কৰা হয়।

১৩। প্লাষ্টিক ব্যৱহাৰৰ পৰা হােৱা সমস্যা সমূহ লিখা।

উত্তৰঃ প্লাষ্টিক মাটিৰ সৈতে মিহলি হৈ নেযায়, গতিকে

(ক) পৰিবেশ প্ৰদূষিত কৰে।

(খ) প্রাকৃতিক ভাৰসাম্যতাত ব্যাঘাত কৰে।

(গ) প্লাষ্টিক মিহলি হৈ থকা মাটিত বায়ু আৰু পানী চলাচল কৰিব নােৱাৰে, ফলত মাটিৰ উৰ্বৰতা হ্রাস পায়।

১৪। পলিথিনৰ প্ৰধান ৰূপ দুটা কিকি ? প্রত্যেকটো ৰূপৰে এটাকৈ ব্যৱহাৰ লিখা।

উত্তৰঃ পলিথিনৰ প্ৰধান ৰূপ দুটা হল –

(ক) নিম্ন ঘনত্ব পলিথিন আৰু 

(খ) উচ্চ ঘনত্বৰ পলিথিন।

ব্যৱহাৰ- 

(ক) বস্তু বান্ধিবলৈ আৰু বিভিন্ন সামগ্রী কঢ়িয়াবলৈ নিম্ন ঘনত্বৰ পলিথিন ব্যৱহাৰ কৰা হয়।

(খ) উচ্চ ঘনত্বৰ পলিথিনৰ পৰা বটল, পানীৰ ধাৰক আদি তৈয়াৰ কৰা হয়।

১৫। তলত উল্লেখ কৰা বহুযযাগীসমূহৰ প্ৰতিটোৰে এটাকৈ ব্যৱহাৰ উল্লেখ কৰা।

চেলুলইড, টেৰিলিন, পলি’প্রপিন, পিভিছি, নাইলন, পলিষ্টাইৰিণ, টেফলন, পলিইডৰেথেন।

উত্তৰঃ ছেলুলইড :- ছিনেমা উদ্যোগত ফটফিল্ম প্রস্তুত কৰাত ব্যৱহাৰ কৰা হয় ।

টেৰিলিন :- কপাহী সূতাৰ লগত মিহলাই টেকিটন তৈয়াৰ কৰাত ব্যৱহাৰ কৰা হয়।

পলি’প্রপিন :- চকী, মেজ, বাল্টি আদি প্ৰস্তুত কৰাত ব্যৱহাৰ কৰা হয়।

পিভিছি :- বিদ্যুৎ পৰিবাহী তাঁৰৰ আৱৰণত।

নাইলন :- মাছমৰা জাল, পেৰাছুট আদিত।

পলিষ্টাইৰিণ :- ফণি, খাদ্য সংৰক্ষণ কৰা টেমা আদিত।

টেফ’লন :- ৰন্ধা-বঢ়া কৰা ধাতুৰ বাচনৰ ওপৰত ইয়াৰ প্রলেপ দিয়া হয়।

পলিইউৰেথেন :- ছেফাৰ গাদী, বিচনাৰ তুলি তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয় ।

১৬। তলৰ কোনবােৰ জৈৱিক বিভংগনীয় আৰু কোনবােৰ জৈৱিক অবিভংগনীয় দ্ৰব্য ? 

কাগজ পলিথিন বেগ,ঘাঁহ-বন, মৰাশ, নাইলন।

উত্তৰঃ জৈৱিক বিভংগনীয় পদার্থ – কাগজ, ঘাহঁ-বন, মৰাশ।

জৈৱিক অবিভংগনীয় পদার্থ – পলিথিন বেগ, নাইলন।

১৭। জৈৱিক বিভংগনীয় পদার্থ বুলিলে কি বুজা ?

উত্তৰঃ যিবােৰ পদার্থ গেলি-পচি এটা সময়ত মাটিৰ লগত মিহলি হৈ পৰে তেনে পদার্থকে জৈৱিক বিভংগনীয় পদার্থ বােলে।

১৮। প্লাষ্টিক জ্বলালে কি কি গেছ নির্গত হয় ?

উত্তৰঃ প্লাষ্টিক জ্বলালে ছায়েনাইড, ছালফাৰ ডাই অক্সাইড, ক্লৰিণ, হাইড্রজেন ক্লৰাইড আদি গেছ নির্গত হয়।

১৯। ডাই অক্টাইল থেলেটক কি ৰােগৰ সৃষ্টিকাৰক বুলি সন্দেহ কৰা হয় ?

উত্তৰঃ ডাই-অক্টাইল থেলেটক কৰ্কট ৰােগৰ সৃষ্টি কাৰক বুলি সন্দেহ কৰা হয়।

২০। কাচৰ বিকল্প হিচাবে কোনবিধ সামগ্রী ব্যৱহাৰ কৰিব পাৰি ?

উত্তৰঃ পলিমিথাইল মিথাক্রাইলেটক কাচৰ বিকল্প হিচাবে ব্যৱহাৰ কৰিব পাৰি ।

২১। উণসূতাতকৈ বেছি উমাল এবিধ আহৰ নাম লিখা।

উত্তৰঃ অৰলন ঊণসূতাতকৈ বেছি উমাল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top