Assam Jatiya Bidyalay Class 8 Science Chapter 5 ধাতু আৰু ইয়াৰ ব্যৱহাৰ

Assam Jatiya Bidyalay Class 8 Science Chapter 5 ধাতু আৰু ইয়াৰ ব্যৱহাৰ, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় বিজ্ঞান Class 8 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 5 ধাতু আৰু ইয়াৰ ব্যৱহাৰ Class 8 General Science Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 8 Science Chapter 5 ধাতু আৰু ইয়াৰ ব্যৱহাৰ Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 8 Science Chapter 5 ধাতু আৰু ইয়াৰ ব্যৱহাৰ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

ধাতু আৰু ইয়াৰ ব্যৱহাৰ

Chapter – 5

অসম জাতীয় বিদ্যালয়

EXERCISE QUESTION ANSWER

১।প্ৰতিটো প্ৰশ্নৰ চাৰিটাকৈ উত্তৰ দিয়া আছে, শুদ্ধটো বাছি উলিওৱাঁ।

(ক) ধাতু কম্প হ’ল –

(i) আছেনিক। 

(ii) ছ’ডিয়াম। 

(iii) আইৰণ। 

(iv) কপাৰ।

উত্তৰঃ আছেনিক।

(খ) সাধাৰণ উষ্ণতাত থকা জুলীয়া ধাতু হ’ল –

(i) পটাচিয়াম।

(ii) মার্কাৰি।

(iii)জিংক।

(iv) মেগনেচিয়াম।

উত্তৰঃ মার্কাৰি।

(গ) প্রায়বােৰ ধাতু বিদ্যুতৰ –

(i) পৰিবাহী।

(ii) অপৰিবাহী।

(ii) কুপৰিবাহী।

(iv) এটাও নহয়।

উত্তৰঃ পৰিবাহী।

(ঘ) কর্কট ৰােগৰ চিকিৎসাত ব্যৱহাৰ কৰা ধাতু হ’ল –

(i) ক’বাল্ট।

(ii) জিংক।

(iii) কেলচিয়াম।

(iv) ছ’ডিয়াম।

উত্তৰঃ ক’বাল্ট।

(ঙ) এলুমিনিয়াম ধাতুৰ আকৰিকৰনাম হ’ল –

(i) ৰেড হেমেটাইট। 

(ii) গেলেনা।

(iii) বক্সাইট।

(iv) এটাও নহয়।

উত্তৰঃ বক্সাইট।

(চ) মেগনেচিয়ামৰ ফিটা এডাল পুৰিলে উৎপন্ন হােৱা ছাইখিনিৰ ওজন ফিটাডালৰ ওজনতকৈ –

(i) কম।

(ii) বেছি।

(iii) সমান।

(iv) এটাও নহয়।

উত্তৰঃ বেছি।

(ছ) সাধাৰণ উষ্ণতাত পানীৰ লগত বিক্রিয়া কৰিহাইড্রজেন প্রস্তুতকৰা ধাতুটো হ’ল –

(i) ছডিয়াম।

(ii) কেলচিয়াম।

(ii) কপাৰ।

(iv) আইৰণ।

উত্তৰঃ ছডিয়াম।

(জ) পিতল এবিধ –

(i) যৌগ। 

(ii) সংকৰ ধাতু।

(iii) মৌল।

(iv) আকৰিক।

উত্তৰঃ সংকৰ ধাতু।

(ঝ) আইৰণত মামৰে ধৰিবলৈ প্রয়ােজনীয় উপাদান হল –

(i) উতলা পানী।

(ii) অক্সিজেন গেছ।

(iii) শুকান বায়ু।

(iv) সেমেকা বায়ু।

উত্তৰঃ সেমেকা বায়ু।

২। নিউক্লীয় শক্তিৰ উৎস কি ?

উত্তৰঃ নিউক্লীয় শক্তিৰ উৎস হ’ল তেজস্ক্রিয়তা।

৩। মেগনেচিয়াম ধাতুৰঅক্সাইডাৰকীয়বুলি সাব্যস্ত কৰিবলৈ এটা পৰীক্ষা বর্ণনা কৰা।

উত্তৰঃ এটুকুৰা মেগনেচিয়ামৰ ফিটা এডাল চেপেনাৰে ধৰি জ্বলালে মেগনেচিয়াম অক্সাইড (Mgo) প্রস্তুত হয়।

2Mg +O₂ (বায়ুত থকা) → 2Mgo

এই Mgo ৰ বগা ছাইখিনি পানীত মিহলাই ভালদৰে লৰাই দিলে মেগনেচিয়াম হাইড্রক্সাইড [Mg(OH)₂] উৎপন্ন হয়।

Mgo + H₂O → Mg(OH)₂

এই Mg(OH)₂ৰ দ্ৰৱত ৰঙা লিটমাছ যােগ কৰিলে নীলা হয়। যিহেতু ক্ষাৰে ৰঙা লিটমাছ নীলা কৰে, গতিকে মেগনেচিয়াম ধাতুৰ অক্সাইড ক্ষাৰকীয় ।

৪। আইৰণত মামৰে ধৰিবলৈ যে সেমেকা ৰায়ুৰ প্ৰয়ােজন তা দেখুৱাবলৈ এটা পৰীক্ষা বর্ণনা কৰা।

উত্তৰঃ  তিনিটা পৰীক্ষা নলী লৈ তাত তিনিটা নতুন গজাল (মামৰে নধৰা) লাৱা হ’ল। প্রথম পৰীক্ষা নলীটোত অনাদ্ৰ কেলচিয়াম ক্লৰাইড (CaCl₂) ,দ্বিতীয়টোত উতলা পানী আৰু তৃতীয়টোত সাধাৰণ পানী লােৱা হ’ল।

CaCl₂ এ পৰীক্ষানলীত থকা জলীয় বাষ্প শােষণ কৰে গতিকে। পৰীক্ষানলীটো পানীশূণ্য বা অনাদ্র হৈ পৰিব, দ্বিতীয়টোত উতলা পানী লােৱা বাবে । পানীখিনি অক্সিজেন হীন হৈ পৰিব, তৃতীয় নলীত থকা গজালটোৱে পানী আৰু । অক্সিজেন দুয়ােটা পাব, গতিকে তিনি-চাৰিদিনৰ পিচত সেই গজালটোত মামকে ধৰিব। অর্থাৎ লােত মামৰে ধৰিবলৈ সেমেকা বায়ুৰ প্ৰয়ােজন।

৫। শুদ্ধ অংশ বাছি উলিওৱা –

(ক) পটেছিয়াম দহন কৰিলে উৎপন্ন হােৱা অক্সাইড হ’ল আম্লিক অক্সাইড/ক্ষাৰকীয়অক্সাইড।

(খ) ছ’ডিয়াম মেগনেছিয়ামতকৈ বেছি সক্রিয় হয় /নহয়।

(গ) মেগনেচিয়ামে চেৰ্চা পানীৰ বিক্রিয়া কৰে/ নকৰে।

(ঘ) সকলােবােৰ ধাতু সাধাৰণ উষ্ণতাত কঠিন হয় /নহয়।

(ঙ) নিষ্কলংক তীখাত থকা মৌলসমূহহ’ল আইৰণ, নিকেল, ক্রমিয়াম আৰু কার্বন হয় /নহয়।

(চ) সক্রিয়তাৰ ভিত্তিত ধাতুসমূহৰ ক্ৰম হ’ল – K<Mg<Cu<An শুদ্ধ/অশুদ্ধ।

(ছ) কপাৰৰ তাঁৰ এডাল ছিলভাৰ নাইট্রেটৰ দ্ৰৱত ডুবাই ৰাখিলে তাঁৰডালত উজ্জ্বল বৰণৰ ছিলভাৰৰ টোপাল লাগি ধৰে শুদ্ধ/অশুদ্ধ।

(জ) সকলাে আকৰিকে মণিক, কিন্তু সকলাে মণিকে আকৰিক হব পাৰে/ নােৱাৰে।

(ঝ) আদিম কালত মানুহে আইৰণ বা লােৰ ব্যৱহাৰ প্রথমে কৰিছিল, তাৰ পিচতহে গল্ড, ছিলভাৰৰ বিষয়ে জানিছিল শুদ্ধ/অশুদ্ধ।

উত্তৰঃ (ক) ক্ষাৰকীয় অক্সাইড।

(খ) বেছিসক্রিয় হব।

(গ) Mg এ চেঁচা পানীৰ লগত বিক্রিয়া নকৰে।

(ঘ) সকলােবােৰ ধাতু সাধাৰণ উষ্ণতাত কঠিন নহয়।

(ঙ) হয়।

(চ) অশুদ্ধ।

(ছ) শুদ্ধ।

(জ) নােৱাৰে।

(ঝ) অশুদ্ধ।

৬। তলত বর্ণনা কৰা বিক্রিয়া সমূহৰ ৰাসায়নিক সমতুল সমীকৰণ লিখা।

(ক) ৰঙাকৈ গৰম কৰা আইৰণৰ গুড়িৰ ওপৰেৰে পানীৰ ভাপ যাব দিয়া হয়।

(খ) কপাৰ ছালফেটৰ দ্ৰৱত জিংকৰ গুড়ি যােগ কৰা হ’ল।

(গ) এলুমিনিয়ামৰ লগত লঘু হাইড্রক্লৰিক এছিড যােগ কৰিলে।

উত্তৰঃ (ক) 3Fe + 4H₂O → Fe₃O+ 4H₂

(খ) Zn + CuSo₄ → ZnSO₄+ Cu

(গ) 2AI+ 6Hcl → 2AICI₃+3H₂

৭। ধাতু কি ? ছটা ধাতুৰ নাম আৰু চিহ্নলিখা।

উত্তৰঃ যিবােৰ মৌল তাপ আৰু বিদ্যুতৰ সুপৰিবাহী, যাক হাতুৰীৰে কোবালে টিং টিং শব্দ হয় আৰু পাতল পাতল, পাতলৈ নিব পৰি, যাৰ চিকমিকনি আছে তেনে মৌলকে ধাতু বােলে।

ধাতুৰ নামচিহ্ন
১ কেলচিয়ামCa
২। পটাচিয়ামK
৩। ছডিয়াম Na
৪।এলুমিনিয়ামAl
৫।মার্কাৰিHg
৬। গল্ডAn

৮। মাণিক কি ? কোনবােৰ মাণিকক আকৰিক বােলে ?

উত্তৰঃ প্ৰকৃতিত মাটি, শিল আদিৰ লগত ধাতুৰ যৌগ মিহলি হৈ থাকে, এই খনিজ পদার্থবােৰুকে মণিক বােলে।

যিবােৰ খনিজ পদার্থ বা মণিকৰ পৰা সহজে, সুবিধাজনক ভাৱে, কম খচতে ধাতু নিষ্কাশন কৰিব পাৰি সেইবােৰক আকৰিক বােলে।

৯। আইৰণ, জিংক, কপাৰ আৰু এলুমিনিয়ামৰ এটাকৈ আকৰিকৰ নাম আৰু সংকেত লিখা।

উত্তৰঃ 

ধাতুৰ নামআকৰিকৰ নামসংকেত
আইৰণৰেড হেমেটাইটFe₂O₃
জিংকজিংক ব্লেন্ডZnS
কপাৰকপাৰ পাইৰাইটিজCu₂S.Fe₂S₃
এলুমিনিয়ামবক্সাইটAl₂O₃.2H₂O

১০। অক্সাইডচ্চিাবে আৰু ছালফাইড হিচাপে পােৱা দুটা ধাতুৰ আকৰিকৰ নাম লিখা।

উত্তৰঃ অক্সাইড় হিচাবে পােৱা আকৰিক –

(ক) ৰেড হেমেটাইট (আইৰণৰ)।

(খ)বক্সাইট(এলুমিনিয়াম)।

ছালফাইড হিচাবে পােৱা আকৰিক –

(ক) জিংরেণ্ড (জিংক)।

(খ) গেলেনা (লেড)।

১১। সংকৰ ধাতুকি ? কপাৰৰ তিনিটা সংকৰ ধাতুৰ ব্যৱহাৰ লিখা।

উত্তৰঃ দুটা বা ততােধিক ধাতু বা ধাতু আৰু অধাতুৰ গােটা সমসত্ব মিশ্রক সংকৰ ধাতু বােলে। কপাৰৰ সংকৰ ধাতু-

(ক) ব্ৰঞ্জ :- ব্যৱহাৰ- মূর্তি, মুদ্রা, অলংকাৰ, পদক আদি নির্মাণত।

(খ) পিতল :- ব্যৱহাৰ- বাচনব, মূর্তি, অলংকাৰ, বাদ্যযন্ত্রত, গজাল, বল্টো আদি নির্মাণত।

(গ) কাঁহ :- ব্যৱহাৰ- বাচন বর্জ,ৰতাল আদি নির্মাণত।

১২। সংকৰ ধাতুকিয় প্রয়ােজন হয় ?

উত্তৰঃ একেবাৰে শুদ্ধ অৱস্থাত থকা ধাতু বহুক্ষেত্ৰত ব্যৱহাৰ কৰিব নােৱাৰি। তেনে ক্ষেত্ৰত সংকৰ ধাতুব্যৱহাৰ কৰিবলৈ সহজ আৰু সুবিধাজনক হয়।

১৩।প্ৰকৃতিত মুক্ত অৱস্থাত পােৱা দুটা ধাতুৰ নাম লিখা।

উত্তৰঃ প্ৰকৃতিত মুক্ত অৱস্থাত পােৱা দুটা ধাতুৰ নাম হল – সােণ 

(গল্ড),ৰূপ (ছিলভাৰ)।

১৪। ক্ষয়ীভৱণ প্রক্রিয়া কেনেদৰে সংঘটিত হয় বুজাই লিখা।

উত্তৰঃ ধাতুৰ পৃষ্ঠভাগত বায়ু আৰু জলীয় বাষ্পৰ উপস্থিতিত ৰপে তৰপে ধাতুৰ যৌগ (যেনে-মামৰ) উৎপন্ন হৈ ধাতুবিধ ক্ষয় নিয়ায়,ইয়াকে ধাতুৰ ক্ষয়ীভৱন বােলে।

জলীয় বাষ্পৰ উপস্থিতিত আইৰণে বায়ুৰ লগত বিক্রিয়া কৰি জলযুক্ত আইৰণ অক্সাইড উৎপন্ন কৰে। ইয়াকে মামৰ বােলে। কপাৰৰ ক্ষেত্ৰতত বায়ু আৰু জলীয় বাষ্পৰ দ্বাৰা কিছুদিনৰ পিচত কপাৰৰ ওপৰত এটা সেউজীয়া আৱৰণৰ সৃষ্টি হয়। এনেদৰে ধাতুৰ ক্ষয়ীভৱণ হয়।

গেচীয় পদার্থ, এছিড, খাৰ আদিৰ সংস্পর্শতাে ধাতুৰ ক্ষয়ীভৱণ হয়।

১৫। দস্তালেপন কি ? ‘ইয়াৰু কেনেকৈ প্ৰয়ােগ কৰা হয় ?

উত্তৰঃ আইৰণৰ ওপৰত জিংকৰ লেপন দি মামৰ ৰােধ কৰিব পাৰি, ইয়াকে দস্তালেপন বােলে ।

প্রথমে সামগ্রীবােৰ লঘু এচিড বা পানীৰে পৰিস্কাৰকৈ ধুই, গলিত অৱস্থাত থকা জিংক বা দস্তাত ডুবালে সামগ্ৰীবােৰৰ পৃষ্ঠভাগত জিংকৰ প্ৰলেপ পৰে পানীৰ বাল্টি, নলী, গজাল, তাঁৰ আদি আইৰণেৰে নির্মিত সামগ্রীত এই পদ্ধতিৰে দস্তালেপন কৰি মামৰ ৰােধ কৰা হয়।

১৬। দস্তালেপন পদ্ধতি কেতিয়া প্রয়ােগকৰা হয় ?

উত্তৰঃ আইৰণেৰে নির্মিত পদার্থ যেতিয়া মুকলিকৈ ব্যৱহাৰ কৰিব লগা হয়, অর্থাৎ বায়ু (য’ত জলীয় বাষ্পও থাকে) ত ব্যৱহাৰ কৰা হয়। যেনে, বন্টু, গজাল, তাঁৰ আদি।

১৭। ধাতু ক্ষয়ৰােধৰ দুটা পদ্ধতি বর্ণনা কৰা।

উত্তৰঃ অক্সিজেন আৰু জলীয় বাষ্পৰ সংস্পৰ্শৰ পৰা ধাতুক আতৰাই ৰাখিব পাৰিলেই ধাতুৰ ক্ষয়ীভৱণ ৰােধ হয়, তাৰ বাবে বিভিন্ন পদ্ধতি ব্যৱহাৰ কৰা হয়।

(ক) ধাতু পৃষ্ঠত ৰং দি ক্ষয়ীভৱণ ৰােধ কৰিব পাৰি। ষ্টিলৰ আছৱাব, দলং, ৰেলৰ দবা, বাছ আদিত ৰং দি ক্ষয়ীভৱণ ৰােধ কৰা হয়।

(খ) কিছুমান ধাতুৰ বস্তুত তেল বা গ্রিজ সানিও ক্ষয়ীভৱণ ৰােধ কৰা হয়। যেনে চাইকেলৰ চেইন, ছুৰী আদি।

দস্তালেপন, বিদ্যুৎলেপন পদ্ধতিৰে আন ধাতুৰ প্রলেপ দিও ক্ষয়ীভৱণ ৰােধ কৰিব পাৰি।

১৮। কপাৰৰ পাত এখনত ছিলভাৰৰ প্ৰলেপ বিদ্যুৎলেপন পদ্ধতিৰে দিব পাৰি। চিত্রসহ বর্ণনা কৰা।

উত্তরঃ প্রথমে এটা বিদ্যুৎকোষ লােৱা হয়। কোষটোত ছিলভাৰ নাইট্রেট (AgNo₃) ৰ দ্ৰৱ লােৱা হয়। কেথড হিচাবে প্রলেপ দিব লগা কপাৰৰ পাতখন লােৱা হয়। ছিলভাৰৰ দণ্ড এডাল এন’ড হিচাবে লৈ বেটাৰিৰ সহায়ত বিদ্যুৎ প্রবাহ যাব দিলে এনডৰ পৰা ছিলভাৰ দ্ৰৱ (AgNo₃) লৈ আহিব। দ্ৰৱৰ পৰা কেথডত থকা কপাৰৰ পাতখনলৈ আহিব। এনেদৰে কপাৰৰ পাতৰ ওপৰত ছিলভাৰৰ প্রলেপ পৰিব। এনেদৰে কপাৰৰ ক্ষয়ীভৱণ ৰােধ হােৱাৰ ওপৰিও উজ্জ্বলতা বাঢ়িব।

১৯। অনুৰাজ কি ?

উত্তৰঃ অম্নৰাজ হৈছে এক আয়তন গাঢ় নাইট্রিক এচিড (HNo₃) আৰু তিনি আয়তন গাঢ় হাইড্রক্লৰিক এচিড (HCl)ৰ মিশ্র।

1HNo₃ + 3HCl = অম্লৰাজ।

২০। জিংকে হাইড্রক্লৰিক এচিডৰ লগত বিক্রিয়া কৰি হাইড্রজেন উৎপন্ন কৰে। বিক্রিয়াটো সমীকৰণত লিখা।

উত্তৰঃ Zn + 2HCl – ZnCl₂ +H₂ (জিংক ক্লৰাইড)।

২১। কাপােৰ ধােৱা চডা আৰু খােৱা ছডা যৌগ দুটাৰ ৰাসায়নিক নাম আৰু সংকেত লিখা।

উত্তৰঃ (ক) কাপােৰ ধােৱা ছ’ডা- ছ’ডিয়াম কার্বনেট ডেকা হাইড্রেট, Na₂Co₃.10H₃O

(খ) খােৱা ছড়া :- ছডিয়াম বাই কার্বনেট NaHCo₃।

২২। দৈনন্দিন জীৱনত ব্যৱহৃত হােৱা দুটা সামগ্ৰীৰ নাম লিখা যত কপাৰৰ বিশুদ্ধ ধাতু ব্যৱহাৰ কৰা হয়।

উত্তৰঃ (ক) থার্মামিটাৰ য’ত বিশুদ্ধ মার্কাৰি ব্যৱহাৰ কৰা হয়।পাৰৰ ওপৰত লিজাৰৰ বিদ্যুৎলেপন

(খ) বিদ্যুতৰ তাঁৰ যত কপাৰ ব্যৱহাৰ কৰা হয়। কেতিয়াবা এলুমিনিয়ামাে ব্যৱহাৰ কৰা হয়।

২৩। তীখাত (Steel) প্ৰধানকৈ কি কি ধাতু বা অধাতু থাকে ?

উত্তৰঃ  তীখাত আইৰণৰ। সামান্য পৰিমাণৰ কার্বন থাকে, বিভিন্ন তীখাত এই দুটাৰ ওপৰিও আন ধাতু থাকে।

1 thought on “Assam Jatiya Bidyalay Class 8 Science Chapter 5 ধাতু আৰু ইয়াৰ ব্যৱহাৰ”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top