Assam Jatiya Bidyalay Class 8 Science Chapter 3 জীৱৰ বৃদ্ধি আৰু বিকাশ

Assam Jatiya Bidyalay Class 8 Science Chapter 3 জীৱৰ বৃদ্ধি আৰু বিকাশ, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় বিজ্ঞান Class 8 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 3 জীৱৰ বৃদ্ধি আৰু বিকাশ Class 8 General Science Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 8 Science Chapter 3 জীৱৰ বৃদ্ধি আৰু বিকাশ Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 8 Science Chapter 3 জীৱৰ বৃদ্ধি আৰু বিকাশ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

জীৱৰ বৃদ্ধি আৰু বিকাশ

Chapter – 3

অসম জাতীয় বিদ্যালয়

EXERCISE QUESTION ANSWER

১। তলত দিয়া প্রশ্নবােৰৰ উত্তৰ দিয়া –

(ক) জীৱৰ বৃদ্ধি বুলিলে কি বুজা ?

উত্তৰঃ- যি প্রক্রিয়াৰ দ্বাৰা প্ৰট প্লাজমৰ আয়তন বাঢ়ে আৰু কোষ বিভাজনৰ ফলত জীৱই নির্দিষ্ট আকাৰ আৰু আকৃতি ধাৰণ কৰে তাকেই বৃদ্ধি বােলে। ই এক স্বাভাবিক প্রক্রিয়া। বৃদ্ধিৰ লগে লগে জীৱদেহৰ বিভিন্ন অংশৰ পৰিবর্তন হয়। বৃদ্ধি জুখিব পাৰি।

(খ) এককোষী জীৱৰ বৃদ্ধি কি ধৰণে হয় ?

উত্তৰঃ- এককোষী জীৱৰ বৃদ্ধি কোষৰ আকাৰ আৰু আয়তন বৃদ্ধিৰ জড়িয়তে সম্পন্ন হয়। এক নির্দিষ্ট পর্যায়লৈকে বৃদ্ধিৰ পিছত কোষ বিভাজন হয় আৰু দুটা নতুন কোষৰ সৃষ্টি হয়। কোষৰ বৃদ্ধিৰ লগে লগে প্রট’প্লাজমৰ পৰিমাণ আৰু আয়তন বাঢ়ে।

(গ) বহুকোষী জীৱৰ বৃদ্ধি কি ধৰণে হয় ?

উত্তৰঃ- বহুকোষী জীৱৰ কোষ বৃদ্ধিৰ লগে লগে কোষৰ সংখ্যা বাঢ়ি দেহৰ আকাৰ, আয়তন আৰু ওজন অধিক হােৱাকে বৃদ্ধি বালে। ইহঁতৰ দেহ অসংখ্য কোষেৰে গঠিত। কোষবােৰ বিভাজিত হৈ নতুন নতুন কোষৰ সৃষ্টি হয়। কোষৰ সংখ্যা বাঢ়ি থাকে। ইয়াৰ ফলত শৰীৰৰ আকাৰ আৰু আয়তন বৃদ্ধি পায় আৰু এটা সময়ত পূর্ণাংগ ৰূপ পায়।

(ঘ) বিকাশ বুলিলে কি বুজা ?

উত্তৰঃ- কলা আৰু বিভিন্ন ধৰণৰ কলাৰ সমষ্টিৰে অংগ গঠন হােৱা অৱস্থাকেই বিকাশ বােলে। অর্থাৎ বৃদ্ধিৰ লগে লগে দেহত হােৱা পৰিৱৰ্তনকে বিকাশ বােলে। প্ৰাণীৰ ভ্ৰণৰ পৰাই ভৌতিক আৰু জৈৱিক পৰিৱৰ্তন হৈ বিভিন্ন অংগ প্রত্যংগৰ সৃষ্টি হয় আৰু এটা পূর্ণাংগ প্রাণীলৈ পৰিৱৰ্তন বিকাশৰ দ্বাৰাই হয়। সেইদৰে উদ্ভিদৰাে ভ্ৰণটো লাগি থকা যােজন কোষটোৰ বৃদ্ধিৰ লগে লগে বিভেদন প্রক্রিয়া আৰম্ভ হয় আৰু বিভিন্ন কোষ সমষ্টি লগ হৈ কণাৰ সৃষ্টি হয়। কণাবােৰ উদ্ভিদজোপাৰ বিভিন্ন অংশ হৈ পৰে আৰু এইদৰেই উদ্ভিদৰ বিকাশ হয়। বৃদ্ধিৰ লগে লগে বিকাশাে হয় । বিকাশ কেৱল চকুতহে পৰে। ইয়াক জুখিব নােৱাৰি।

(ঙ) বৃদ্ধি আৰু বিকাশৰ তাৎপৰ্য্য কি ?

উত্তৰঃ- বৃদ্ধি আৰু বিকাশৰ তাৎপৰ্য্য ও উচ্চ শ্ৰেণীৰ জীৱৰ যােজনকোষ বিভাজন আৰু বৃদ্ধিৰ ফলত এটা জ্বণৰ সৃষ্টি হয়। বৃদ্ধি আৰু বিকাশৰ শিশু জীৱটিক ভ্রণ বােলে। বৃদ্ধি আৰু বিকাশৰ ফলত ভ্ৰণটোৰ জৈৱিক আৰু ৰাসায়নিক পৰিবৰ্তন হয় আৰু পূর্ণাংগৰূপ লয়। প্রাণীদেহৰ একোটা অংগত বৃদ্ধি আৰু বিকাশ একেলগে ঘটে। উদ্ভিদৰৰ বৃদ্ধি আৰু বিকাশ একেলগে ঘটে। বৃদ্ধি জুখিব পাৰি। কিন্তু বিকাশ চকুতহে পৰে। বিকাশ জুখিবলৈ কোনাে মাপকাঠি নাই। বৃদ্ধি আৰু বিকাশ দুয়ােটা পৰস্পৰ নিৰ্ভৰশীল।

(চ) ভ্রণ কি ? ড্ৰণৰ সৃষ্টি কেনেকৈ হয় ?

উত্তৰঃ- পুংজননকোষ আৰু স্ত্রীজননকোষব নিষেচনৰ ফলত যােজন কোষৰ সৃষ্টি হয়। এই যােজনকোষ বিভাজন আৰু বৃদ্ধিৰ ফলত শূণৰ সৃষ্টি হয়। অর্থাৎ বৃদ্ধি আৰু বিকাশৰ শিশু জীৱটোক জ্বণ বােলে।

সপুষ্পক উদ্ভিদৰ পুংজননকোষ আৰু স্ত্রীজননকোষৰ মিলনৰ ফলত এটা যােজনকোষৰ সৃষ্টি হয়। এই যােজনকোষ বিভাজন, প্ৰৱজন আৰু বিভেদনৰ ফলত ভ্ৰণৰ সৃষ্টি হয়।

স্তন্যপায়ী প্রাণীৰ যোজনকোষ বিভাজন আৰু বিকাশৰ ফলত ক্ৰণৰ সৃষ্টি হয়।

(ছ) ভ্ৰণীয় বিকাশ কি দৰে হয় ?

উত্তৰঃ- ক্ৰণৰ বিকাশক জন্মপূর্বক বা ভ্ৰণীয় বিকাশ বােলা হয়, অর্থাৎ ভূমিষ্ঠ হােৱাৰ আগলৈকে পৰিবৰ্তনৰ জৰিয়তে ভ্ৰণটো যিখিনি বিকশিত হয় সেয়ে প্ৰণীয় বিকাশ । অণ্ডপ্ৰসৱী প্রাণী অর্থাৎ যিবােৰ প্ৰাণীৰ কণীৰপৰা পােৱালী জগে যেনে সৰীসৃপ, পক্ষী আদি শ্ৰেণীৰ প্ৰাণীৰ ক্ষেত্ৰত কণীটোৰ ভিতৰতেই ভ্ৰণৰ বিকাশ হয়। আনহাতে পােৱালী জন্ম দিয়া অর্থাৎ সন্তানপ্ৰসৱী প্ৰাণীৰ মাতৃৰ গৰ্ভত ভ্ৰণীয় বিকাশ সম্পন্ন হয়।

(জ) অণ্ডপ্ৰসৱী আৰু সন্তানপ্ৰসৱী জ্বণৰ বিকাশৰ মাজত পার্থক্য কি ?

উত্তৰঃ- অণ্ডপ্ৰসৱী আৰু সন্তানপ্ৰসৱী ভ্ৰণৰ বিকাশৰ মাজত পার্থক্য হল- অণ্ডপ্ৰসৱী অর্থাৎ যিবােৰ প্ৰাণীৰ কণীৰ পৰা পােৱালী জগে, তেনে প্রাণীৰ ক্ষেত্ৰত কণীটোৰ ভিতৰতেই ভ্ৰণীয় বিকাশ হয়। সন্তান প্রসবী বা পােৱালী জন্ম দিয়া স্তন্যপায়ী প্রাণীৰ মাতৃৰ গৰ্ভত জ্বণীয় বিকাশ সম্পন্ন হয়।

(ঝ) শাৰীৰিক আৰু মানসিক বিকাশৰ ওপৰত নিৰ্ভৰ কৰি মানৱ জীৱনক কি কি প্রধান স্তৰত ভগােৱা হৈছে ?

উত্তৰঃ- শাৰীৰিক আৰু মানসিক বিকাশৰ ওপৰত নিৰ্ভৰ কৰি মানৱ জীৱনক –

(ক) কেঁচুৱাকাল – জন্মৰ পৰা ২ বছৰ বয়সলৈ।

(খ) শৈশৱকাল – ৩ বছৰৰপৰা ৯ বছৰ বয়সলৈ।

(গ) কৈশােৰকাল – ১০ বছৰ বয়সৰপৰা ১৯ বছৰ বয়সলৈ।

(ঘ) প্রাপ্তবয়স্ক কাল – ১৯বছৰ বয়সৰ পাছত।

২। তলত দিয়া প্রশ্নবােৰৰ উত্তৰ দিয়া –

(ক) ভ্ৰণৰ জন্মােত্তৰ বিকাশ বুলিলে কি বুজা ?

উত্তৰঃ- উচ্চ স্তৰৰ প্ৰাণীৰ ক্ষেত্ৰত জন্মৰ পিছত পােৱালী অৱস্থাৰ শাৰীৰিক আৰু মানসিক বিকাশক জন্মােত্তৰ বিকাশ বােলে। জন্মােত্তৰ বিকাশৰ স্তৰবােৰ শাৰীৰিক আৰু মানসিক অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰি বিভিন্ন স্তৰত ভাগ কৰা হয়।

(খ) জন্মােত্তৰ বিকাশৰ স্তৰ কেইটা আৰু কি কি ?

উত্তৰঃ- জন্মােত্তৰ বিকাশৰ স্তৰ চাৰিভাগত ভাগ কৰা হৈছে আৰু স্তৰকেইটা হৈছে –

(ক) কেঁচুৱাকাল – (জন্মৰ পৰা ২ বছৰ বয়সলৈ)।

(খ) শৈশৱকাল – (৩ বছৰৰপৰা ৯ বছৰ বয়সলৈ)।

(গ) কৈশােৰকাল -{১০ বছৰ বয়সৰপৰা ১৯ বছৰ বয়সলৈ)।

(ঘ) প্রাপ্তবয়স্ক কাল – (১৯ বছৰ বয়সৰ পাছত)। 

(গ) শৈশৱ কাল কাক বােলে ? শৈশব কালৰ লক্ষণসমূহ লিখা

উত্তৰঃ- সাধাৰণতে ৩ বছৰৰ পৰা ৯ বছৰ বয়সলৈকে শৈশৱকাল বুলি ধৰা হয়।

শৈশৱকালত শৰীৰ বাঢ়িবলৈ ধৰে গাখীৰ দাঁত সৰি স্থায়ী দাঁত গজিবলৈ ধৰে। শিশু বিভিন্ন দিশত আগ্রহী হয়। খেলা-ধুলাৰ প্রতি আগ্রহ আৰু বাক্য সজোৱাৰ ক্ষমতা দেখুৱায়। অনা-আনুষ্ঠানিক শিক্ষা আহৰণৰ বাবে যােগ্য হয়। এই সময়ছােৱাত শিশুৰ সৃষ্টিশীল প্রতিভা বিকাশাে পৰিলক্ষিত হয়। নিজা শৈলীৰে খেল-ধেমালি কৰি সময় কটাবলৈ ভাল পায়।

(ঘ) কৈশােৰ কাল কাক বােলে ? কৈশােৰকাৰ লক্ষণসমূহৰ বিষয়ে লিখা।

উত্তৰঃ- ১০ বছৰ বয়সৰ পৰা ১৯ বছৰ বয়সলৈ এই কালছােৱাক কৈশােৰ কাল বােলে।

এই সময়ছােৱাত শাৰীৰিক আৰু মানসিক বিকাশ হয়। ল’ৰাই পুৰুষত্ব আৰু নাৰীয়ে নাৰীত্ব লাভ কৰে। দেহৰ জৈৱ ৰাসায়নিক পৰিবৰ্তনৰ ফলত দেহৰ আন্তশ্ৰাবী গ্রন্থিসমূহ পূৰঠ হয়। এই সময়ছােৱাতেই আৱেগিক আৰু বৌদ্ধিক বিকাশ ঘটে। কল্পনা প্রৱণতা, ইচ্ছা, হেঁপাহ, খং, আনন্দ এইবােৰে আমনি কৰিবলৈ ধৰে। এই সময়ছােৱাত বুদ্ধিবৃত্তিৰাে প্রকাশ ঘটিবলৈ ধৰে।

৩। চমুটোকা লিখা –

(ক) কেঁচুৱাকাল।

(খ) শৈশৱ কাল।

(গ) কৈশােৰ কাল।

উত্তৰঃ- (ক) কেঁচুৱা কাল :- জন্মৰপৰা ৩০ দিনলৈকে সন্তানকনৱজাত অৱস্থাত থকা বুলি কোৱা হয়। আকৌ জন্মৰপৰা ২ বছৰ বয়সলৈকে কেচুৱাকাল হিচাবে বিবেচনা কৰা হয়। জন্মৰ প্ৰায় লগে লগেই শিশুৰ জ্ঞানেন্দ্ৰিয়ৰ (চকু, কাণ, নাক, জিভা আৰু ছালৰ) ক্ষমতা সক্রিয় হৈ উঠে৷ সেয়েহে প্রায়বােৰ কেচুৱাই জন্মৰ মূহুৰ্ততেই চিঞৰি কান্দিবলৈ দৰে । এইদৰে জ্ঞানেন্দ্ৰিয়ৰ ক্ষমতা সজাগ আৰু সক্রিয় হ’বলৈ আৰম্ভ কৰে।

(খ) শৈশৱকাল :- মানৱ শিশুৰ বিকাশৰ দ্বিতীয় পর্যায় হ’ল শৈশৱকাল। সাধাৰণতে ৩ বছৰৰ পৰা ৯ বছৰ বয়সলৈকে এই কালছােৱাক শৈশৱকাল বুলি ধৰা হয়। এই সময়ছােৱাত দেহৰ দৈৰ্ঘ্য বৃদ্ধি হয়। গাখীৰ দাঁত সৰি স্থায়ী দাঁত গজি উঠে। শিশুক খেল-ধেমালিৰ প্রতি আগ্রহী হােৱা দেখা যায়। এই সময়তে শিশুৱে বাক্য প্রয়ােগকৰণ ক্ষমতা আৰু শিক্ষা আহৰণৰ বাবে যােগ্যতা অর্জন কৰে। এই সময়ছােৱাত শিশুৰ সৃষ্টিশীল প্রতিভা বিকাশাে পৰিলক্ষিত হয়। লগত সমনীয়াৰ সৈতে কাগজৰ নাও সজা, কাঠ বাঁহৰ সৰু-সুৰা বস্তুৰে ওমলা, ধূলিবালিৰে ভাত ৰন্ধা-বঢ়া কৰা আদি কাৰ্যকৰা দেখা যায়।

(গ) কৈশােৰকাল :- মানৱ শিশুৰ বিকাশৰ তৃতীয় পর্যায় হ’ল কৈশােৰকা- ১০ বছৰ বয়সৰ পৰা ১৯ বছৰ বয়সলৈকে এই কালছােৱা কৈশােৰ কালত পৰে। এই সময়খিনিত শাৰীৰিক আৰু মানসিক বিকাশ দ্ৰতভাৱে হয়। কৈশােৰ কাল গঠনাত্মক বিকাশৰ সময়। আনহাতে এই সময়ছােৱাত বিভিন্ন মানসিক সংঘা সম্মুখীন হ’বলগীয়া হয়। ল’ৰাই পুৰুষত্ব আৰু ছােৱালীয়ে নাৰীত্ব লাভ কৰে পৰিৱর্তনে কিশােৰ-কিশােৰীক আত্মসচেতন কৰি তােলে। দেহৰ জৈৱ ৰাসায়নিক পৰিৱর্তনৰ ফলত দেহৰ অনঃশ্ৰাৱী গ্রন্থিসমূহ পূৰঠ হয় বাবে ল’ৰা ছােৱালীৰ মনলৈ উৎকণ্ঠা, লাজ, সংকোচ আদি ভাব আহে।

পাঠভিক্তিক অতিৰিক্ত প্ৰশ্নোত্তৰ

১। উদ্ভিদৰ বৃদ্ধিৰ কেইটামান উদাহৰণ দিয়া –

উত্তৰঃ- উদ্ভিদ বৃদ্ধিৰ কেইটামান উদাহৰণ হ’ল :-

(ক) পর্যাপ্ত পৰিমাণে পানী, উপযুক্ত উষ্ণতা আৰু অন্যান্য পাৰিৱেশিক অৱস্থাত উদ্ভিদৰ বীজ বা গুটিৰ অংকুৰণ হয়। অংকুৰণত বীজ ফালি বীজৰ ভিতৰৰ ড্ৰণটো বাঢ়ি গজালি ওলায় । গজালিটোৰ পৰা ওলােৱা শিপা আৰু কাণ্ড বা গা-গছডাল বাঢ়ি নতুন গছ হয়। উদ্ভিদৰ বৃদ্ধিৰ এক উদাহৰণ।

(খ) গছ এজোপা বাঢ়ি পৈণত অৱস্থা পালে ফুলৰ কলি ওলায়। ফুলৰ কলি একোটাৰ পৰা এপাহ ফুল ফুলে।

(গ) বসন্তকালৰ লগে লগে ঠৰঙা গছবােৰত ডাল-পাত ওলায়। ইও উদ্ভিদৰ বৃদ্ধি এক উদাহৰণ।

২। ভাজক কলা কাক বােলে ? ই কেইপ্ৰকাৰ আৰু ইয়াৰ কাম কি?

উত্তৰঃ- উদ্ভিদৰ শিপা, কাণ্ডৰ আগলি অংশ, কাগুৰ কেওকাষে (পার্শ্বীয়ভাৱে) থকা কোষ আৰু কাণ্ডৰ মাজৰ বিশেষ অংশ গঠন কৰা কোষ বিভাজনৰ ক্ষমতা গছৰ গােটেই জীৱনকালতে থাকে। কোষ বিভাজনৰ ক্ষমতা থকা কোষবােৰে গঠন কৰা সমষ্টি বা কলাক ভাজক কলা বােলে।

ভাজক কলা তিনি প্ৰকাৰৰ –

(ক) অগ্রজ ভাজক কলা -কাণ্ড আৰু শিপাৰ অগ্রজ ভাগত থাকে।

(খ) পার্শ্বীয় ভাজক কলা – কাণ্ডৰ কেওকাষে থাকে।

(গ) অন্তর্বিষ্ট ভাজক কলা – কাণ্ডৰ মাজে মাজে থাকে।

ভাজক কলাৰ কোষবােৰত কোষবিভাজন চলি থাকে।নতুন কোষৰ উৎপত্তি হৈ থাকে। গছজোপাৰ বৃদ্ধি আজীৱন অব্যাহত ৰাখে। উদ্ভিদৰ বৃদ্ধিৰ প্রক্রিয়া এক অন্তহীন প্রক্রিয়া।

৩। উদ্ভিদ বৃদ্ধি কেইপ্ৰকাৰ আৰু কি কি আৰু এই বৃদ্ধি কাক বােলে ?

উত্তৰঃ- উদ্ভিদৰ বৃদ্ধি দুই প্ৰকাৰ –

(ক) প্রাথমিক বৃদ্ধি।আৰু

(খ) গৌণ বৃদ্ধি।

(ক) উদ্ভিদৰ প্ৰাথমিক বৃদ্ধি :- অগ্রজ ভাত ক কল৷ আৰু অন্তবিষ্ট ভাজক কলাত হােৱা কোষ বিভাজনৰ বাবে গছজোপাৰ উচ্চতাও বাঢ়ি থাকে। এনে বৃদ্ধিক প্রাথমিক বৃদ্ধি বােলে।

(খ) উদ্ভিদৰ গৌণ বৃদ্ধি :- আনহাতে পার্শ্বীয় ভাজক কলাৰ কোষবিভাজন গছৰ কাণ্ড আৰু শিপাৰ বেধ বঢ়ায়। এই বৃদ্ধিক গৌণ বৃদ্ধি বােলে।

৪। মানৱ জীৱনৰ প্রাপ্ত বয়স্ক কাল কাক বােলে ?

উত্তৰ:- প্রাপ্তবয়স্ক কাল -১৯ বছৰ বয়সৰ পৰা প্রাপ্তবয়স্ককাল আৰম্ভ হয়। এই কালছােৱাত ব্যক্তিৰ সকলাে দিশেই পূর্ণতা লাভ কৰে। সেয়ে বিবাহৰ বয়সে ১৮/১৯ বছৰৰ পিছত বান্ধি দিয়া হৈছে। প্রাপ্তবয়স্কই যুক্তিৰে সকলাে ঘটনা বিচাৰ কৰিব পৰা হয়। সমাজৰ বিভিন্ন দিশত উপযুক্তভাৱে নিজকে প্রতিষ্ঠিত কৰিবলৈ সক্ষম হয়। উপযুক্ত পৰিবেশত উপযুক্তভাৱে পৰিচালিত হ’ব পাৰিলে সুব্যক্তিৰূপে নিজকে প্রতিষ্ঠিত কৰিব পাৰে। উপযুক্ত খাদ্য অভ্যাস গঠন, বৌদ্ধিক চর্চা, প্ৰকৃতিৰ লগত ভাৰসাম্য ৰক্ষা কৰিবলৈ প্রাপ্তবয়স্কই চেষ্টা চলালে সমাজ উপকৃত হয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top