Assam Jatiya Bidyalay Class 8 Science Chapter 2 অণুজীৱ

Assam Jatiya Bidyalay Class 8 Science Chapter 2 অণুজীৱ, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় বিজ্ঞান Class 8 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 2 অণুজীৱ Class 8 General Science Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 8 Science Chapter 2 অণুজীৱ Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 8 Science Chapter 2 অণুজীৱ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

জীৱ জগত: কোষ

Chapter – 2

অসম জাতীয় বিদ্যালয়

EXERCISE QUESTION ANSWER

১। তলত দিয়া প্রশ্নবােৰৰ উত্তৰ দিয়া-

(ক) অণুজীৱ কাক বােলে ?

উত্তৰঃ- অণুজীৱঃ এই জীৱসমূহ আকাৰত ইমান ক্ষুদ্র যে উচ্চ শক্তিসম্পন্ন অণুবীক্ষণ যন্ত্ৰৰ সহায় নল’লে সিহঁতক গাইগুটীয়াভারে খালী চকুৰে মনিব নােৱাৰি। এনেকুৱা ক্ষুদ্রাতিক্ষুদ্র অণুবীক্ষণিক জীৱক অণুজীৱ বুলি কোৱা হয়।

(খ) অণুজীৱক কি কি প্রধান ভাগত বিভক্ত কৰা হয় ?

উত্তৰঃ- অণুজীৱৰ প্ৰধান ভাগ কেইটা হৈছে-

(ক) ভাইৰাছ।

(খ) বেক্টেৰিয়া।

(গ) প্রট’জ’ৱা।

(ঘ) ভেকুৰ।

(ঙ) শেলাই।

(গ) কোনজনা বিজ্ঞানীয়ে পােনপ্রথমে অণুজীৱ আৱিস্কাৰকৰে ?

উত্তৰঃ- 1676 চনত এণ্টনী ভান লিউৱেনহ’কে পােন প্রথমে অণুজীৱ আৱিস্কাৰ কৰে।

(ঘ) ক্ষুদ্রতম অণুজীৱ কি ?

উত্তৰঃ- ক্ষুদ্রতম অণুজীৱ বিধ হ’ল ভাইৰাছ।

(ঙ) মাইক্ৰমিটাৰৰ হিচাবত বেক্টেৰিয়া আৰু নেনমিটাৰৰ হিচাবতভাইৰাছৰ আকাৰ কি সীমাৰ ভিতৰত থাকে উল্লেখ কৰা।

উত্তৰঃ- বেক্টেৰিয়াবােৰৰ আকাৰ বেলেগ বেলেগ। এছকাৰিছিয়া কলাই নামৰ বেক্টেৰিয়াৰ ব্যাস 1,1-1.5 মাইক্ৰ’মিটাৰ আৰু দীঘে 2:0-6.0 মাইক্ৰ’মিটাৰ। আনহাতে মাইকপ্লাজমা নামৰ আটাইতকৈ সৰু বেক্টেৰিয়াৰ ব্যাস 0.3 মাইক্ৰ’মিটাৰ। 

ভাইৰাছৰ ব্যাস 10 ৰ পৰা 300-400 নেন ‘ মিটাৰসীমাৰ ভিতৰত থাকে।

(চ) বেক্টেৰিয়াৰ পৰা হােৱা উপকাৰিতাৰ বিষয়ে লিখা।

উত্তৰঃ- বেক্টেৰিয়াৰ পৰা হােৱা উপকাৰিতা – ক’ছট্রিজিয়াম, এজট’বোৰ ইত্যাদি বেক্টেৰিয়াই বায়ুমণ্ডলৰ নাইট্রজেন গেছ শােষণ কৰি উদ্ভিদ কোষৰ ব্যৱহাৰ উপযােগী যৌগলৈ (যেনে এমনিয়া, নাইট্রেট ইত্যাদি) পৰিবর্তন কৰে। ৰাইজ বিয়ামে মাহ জাতীয় গছৰ শিপাত সৰু সৰু টেমুনাত আশ্ৰয় লৈ নাইট্রজেন গেছ শােষণ কৰি । উদ্ভিদৰ দ্বাৰা ব্যৱহাৰ উপযােগী যৌগলৈ ৰূপান্তৰ কৰে।

এছাকাৰিয়া কলাই নামৰ বেক্টেৰিয়া বিধে ইনচুলিন নামৰ প্ৰটিন সৃষ্টি কৰিবলৈ সক্ষম হৈছিল। ইনচুলিন ‘ডায়েবেটিছ’ বা মধুমেহ ৰােগীৰ শৰীৰত প্রয়ােগ কৰি তেজত থাকিবলগীয়া শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্রণ কৰি ৰাখিব পাৰে।

(ছ) ভাইৰাছৰ বৈশিষ্ট্য কি ?

উত্তৰঃ- ভাইৰাছৰ বৈশিষ্ট্য হৈছে যে ইয়াৰ কেতবােৰ বৈশিষ্ট্য জীৱিত পদাৰ্থৰ দৰে আৰু কেতবােৰ বৈশিষ্ট্য নির্জীৱ পদাৰ্থৰ দৰে। জীৱদেহৰ সান্নিধ্যলৈ আহিলে ই জীৱিত পদাৰ্থৰ দৰে আচৰণ দেখুৱায় আৰু বংশ বৃদ্ধি কৰে।

(জ) মানুহৰ শৰীৰত বেক্টেৰিয়া,প্ৰট’জৱা আৰু ভাইৰাছৰপৰা হােৱা দুটাকৈ ৰােগৰ নাম লিখা।

উত্তৰঃ- মানুহৰ শৰীৰত বেক্টেৰিয়াৰ পৰা হােৱা ৰােগ হল –

(ক) যক্ষ্মা।

(খ) কলেৰা ।

মানুহৰ শৰীৰত প্ৰট’জৱাৰ পৰা হােৱা ৰােগ হ’ল –

(ক) মেলেৰিয়া।

(খ) এমিবায়’ছিছ।

মানুহৰ শৰীৰত ভাইৰাছৰ পৰা হােৱা ৰােগ হ’ল –

(ক) পলিঅ’।

(খ) এইডছ।

(ঝ) পেনিছিলিন কিহৰ পৰা প্ৰস্তুত কৰা হয় ?

উত্তৰঃ- পেনিছিলিন নামৰ ঔষধবিধ পেনিছিলিয়াম নামৰ ভেঁকুৰবিধৰ পৰা প্রস্তুত কৰা হয়।

(ঞ) কোনবিধ প্রট জ’ৱাৰ দেহৰ কোনাে নির্দিষ্টআকৃতি নাই ?

উত্তৰঃ- এমিবাৰ দেহৰ কোনাে নির্দিষ্ট আকৃতি নাই।

(ট) লাইকেন বুলিলে কি বুজা ?

উত্তৰঃ- শেলাই আৰু ভেঁকুৰ সহজীৱী হিচাবে একেলগে থাকি এবিধ জীৱৰ সৃষ্টি কৰে। এইবিধ জীৱই হ’ল লাইকেন।

২। খালী ঠাই পূৰকৰাঁ।

(ক) গাখীৰক দৈত পৰিণত কৰা অণুজীৱৰ নাম …………..।

উত্তৰঃ- গাখীৰক দৈত পৰিণত কৰা অণুজীৱৰ নাম লেক্টবেছিলাছ।

(খ) যক্ষ্মাৰােগৰ সৃষ্টি কৰা অণুজীৱ হ’ল …………….।

উত্তৰঃ- যক্ষ্মাৰােগৰ সৃষ্টি কৰা অণুজীৱ হ’ল মাইকবেক্টেৰিয়াম টিউবাৰ কিউল’ছিছ।

(গ) কলেৰা ৰােগ এবিধ ……………. পৰা হয়।

উত্তৰঃ- কলেৰা ৰােগ এবিধ বেক্টেৰিয়াৰ পৰা হয়।

(ঘ) এইডছ ৰােগ এবিধ …………… জৰিত ৰােগ।

উত্তৰঃ- এইডছ ৰােগ এবিধ ভাইৰাছ জৰিত ৰােগ।

(ঙ) শেলাই আৰু ভেঁকুৰৰ সহজীৱিতাক …………….. বুলি কোৱা হয়।

উত্তৰঃ- শেলাই আৰু ভেঁকুৰৰ সহজীৱিতাক লাইকেন বুলি কোৱা হয়।

৩। বিজ্ঞানসম্মত কাৰণ দিয়া –

(ক) ভাইৰাছক জীৱ আৰু জড়ৰ মধ্যাৱস্থা বুলি কোৱা হয় ।

উত্তৰঃ- (ক) ভাইৰাছক জীৱ আৰু জড় পদাৰ্থৰ মাজতে ধৰা হয়। কিয়নাে ইয়াৰ কিছুমান বৈশিষ্ট্য জীৱিত পদাৰ্থৰ দৰে আৰু আন কিছুমান বৈশিষ্ট্য নির্জীৱ পদার্থ দৰে। কিয়নাে ই যেতিয়া জীৱদেহৰ সান্নিধ্যলৈ আহে জীৱিত পদাৰ্থৰ দৰে আচৰণ দেখুৱায় আৰু বংশ বৃদ্ধি কৰে। আনহাতে ভাইৰাছৰ দেহ আন জীৱৰ দৰে কোষেৰে গঠিত নহয়, কিছুমান ৰাসায়নিক অণুৰ সমষ্টিৰে গঠিত কণিকা।

(খ) কিছুমান ভেকুৰ সহজীৱী হিচাবে বাস কৰে।

উত্তৰঃ- কিছুমান বিশেষ ভেঁকুৰ বেছিভাগ ডাঙৰ গছৰে শিপাৰ ভিতৰত সহজীৱী হিচাবে থাকে। এইবােৰক মাইক’বাইজা বােলে। মাইক’ৰাইজাবােৰে মাটিৰপৰা বিভিন্ন পুষ্টিকৰ ৰাসায়নিক পদার্থ, বিশেষকৈ ফছফৰাছ শােষণ কৰাত আৰুগছৰ আন কিছুমান প্রক্রিয়াত সহায় কৰে। আনহাতে গছৰপৰা ইহঁতে প্রয়ােজনীয় শৰ্কৰা জাতীয় খাদ্য আহৰণ কৰে। তাৰােপৰি শেলাই আৰু ভেঁকুৰ সহজীৱী হিচাবে থাকি লাইকেন নামৰ জীৱ সৃষ্টি কৰে।

৪। চমুটোকা লিখ।

(ক) কৃষিকাৰ্য্যত বেক্টেৰিয়াৰ গুৰুত্ব।

(খ) ভেঁকুৰৰপৰা মানুহৰ উপকাৰ।

(গ) প্ৰকৃতিত শেলাইৰ গুৰুত্ব।

(ঘ) বেক্টেৰিয়াৰপৰা হােরা অপকাৰ।

উত্তৰঃ- (ক)কৃষিকাৰ্য্যত বেক্টেৰিয়াৰ গুৰুত্ব :- খেতিপথাৰত কৃষি উদ্ভিদৰ (যেনে ধান, ঘেহু ইত্যাদি) খেতি কৰি থাকিলে মাটিত নাইট্রজেনৰ পৰিমাণ কমি যায়। সেয়েহে মাটিত ৰাসায়নিক সাৰ প্ৰয়ােগ কৰা হয় যিবােৰত নাইট্রজেন আৰু আন আন মৌল থাকে। এই ৰাসায়নিক সাৰে মাটিৰ গুণাগুণ নষ্ট কৰাৰ লগতে মাটিৰপৰা পানীৰ লগত মিহলি হৈ পানীৰ উৎসও প্ৰদূষিত কৰে। আধুনিক কৃষিবিজ্ঞান অনুসৰি মাজে মাজে মাহজাতীয় উদ্ভিদৰ খেতি কৰিলে মাটিত জৈৱিকভাৱে নাইট্রজেনৰ যৌগীকৰণ হয়। কিয়নাে মাহজাতীয় উদ্ভিদৰ টেমুনাত থকা ৰাইজ’বিয়ামেনাইট্রজেন গেছ শােষণ কৰি ইয়াৰ যৌগীকৰণ সম্পন্ন কৰে।

(খ) ভেঁকুৰৰ পৰা মানুহৰ উপকাৰ :- বিভিন্ন ধৰণৰ ইষ্ট প্রয়ােগ কৰি ৰুটি বা ব্রেড আৰু ফটিকা প্রস্তুত কৰা হয়। কিছুমান পনিৰ, ছয় ছছ প্রস্তুত কৰোতেও ভেকুৰ ব্যৱহাৰ কৰা হয়। কিছুমান ভেঁকুৰৰ পৰাই ছাইট্রিক এছিড, গেলিক এছিড আদি জৈৱিক এছিড উৎপাদন কৰা হয়। পেনিছিলিন, গ্রিছিঅফালড্রিন, প্টেমাইছিন ইত্যাদি এন্টিবায়টিক, কর্টিছন, ভিটামিন ইত্যাদি ঔষধবােৰ কিছুমান ভেঁকুৰৰ সহায়তে উৎপাদন কৰা হয়। এইদৰেই ভেকুৰৰ পৰা মানুহৰ বহুত উপকাৰ হয়।

(গ) প্ৰকৃতিত শেলাইৰ গুৰুত্ব :- শেলায়ে সালােক সংশ্লেষণ প্রক্রিয়াত বায়ুৰ পৰা কার্বন-ডাই-অক্সাইড শােষণ কৰি সুৰ্য্যৰ পােহৰ শক্তিৰ সহায়ত প্রয়ােজনীয় ক্ষুক’জৰ লগতে অক্সিজেন গেছ উৎপন্ন কৰি বায়ুমণ্ডলৰ অক্সিজেনৰ ভাৰসাম্যতা ৰক্ষা কৰাত সহায় কৰে। ইয়াৰ উপৰিও শেলাইবােৰ পানীত থকা মাছ, ভেকুলী, পােক-পৰুৱা ইত্যাদিৰৰ খাদ্য। তাৰােপৰি পানীত থকা জীৱৰ খাদ্য শৃংখলত শেলাইৰ গুৰুত্ব অতি বেছি।

(ঘ) বেক্টেৰিয়াৰ পৰা হােৱা অপকাৰ :- কিছুমান বেক্টেৰিয়াই জীৱদেহত ভালেমান ৰােগৰ সৃষ্টি কৰে। ইহঁতক. ৰােগ সৃষ্টিকাৰী বেক্টেৰিয়া বা পেথ’জেন বােলে। মানুহৰ কলেৰা, নিউমনিয়া, যক্ষ্মা, টাইফয়েড, ধনুষ্টংকাৰ, কুষ্ঠ ডিফথেৰিয়া, গন’ৰিয়া, গ্রহণী, প্লেগ, মেনিনজাইটিছইত্যাদি। উদ্ভিদৰ ভিতৰত ধান, আলু, বেঙেনা, বাদাম, নাৰিকল আদিৰ পচন ৰােগ আৰু পাত শুকুৱা ৰােগ বেক্টেৰিয়াৰ সংক্ৰমণৰ বাবেই হয়। ইয়াৰ উপৰিও বেক্টেৰিয়াই আমাৰ বিবিধ খাদ্য বস্তু আৰু ফলমূলৰ পচন ঘটায় আৰু খাদ্যৰ ওপৰত বিষক্রিয়া কৰে।

১। প্র’টজ’ৰাই সৃষ্টি কৰা দুবিধ ৰােগৰ নাম লিখা।

উত্তৰঃ- প্র’টজ’ৰাই সৃষ্টি কৰা দুবিধ ৰােগৰ নাম হল :- 

(ক)মেলেৰিয়া।

(খ) এমিবায় ‘ছিছ।

২। কোনজনা বিজ্ঞানীয়ে গাখীৰক দৈত পৰিণত কৰা অণুজীৱবিধ আৱিষ্কাৰ কৰে ?

উত্তৰঃ- লুই পেষ্টুৰে (1857) চনত এই অণুজীৱ (লেক্ট’বেছিলাছ) বিধ আৱিষ্কাৰ কৰে।

৩। ভাইৰাছআৰু আন অণুজীৱৰ কি পার্থক্য ?

উত্তৰঃ- ভাইৰাছৰ বাহিৰে আন সকলাে অণুজীৱ কোষেৰে গঠিত। ভাইৰাছবােৰ প্ৰটিন আৰু নিউক্লিয়িক এছিডৰে গঠিত কণিকা।

৪। কোনজনা বিজ্ঞানীয়ে প্রথমে প্রমাণ কৰে যে বেক্টেৰিয়া, ভেঁকুৰ আদি অণুজীৱই ৰোগ সৃষ্টিৰ মূল কাৰণ।

উত্তৰঃ- ৰবাৰ্ট কখনামৰ এজন জামান চিকিৎসকে 1884 চনত প্রথমে প্রমাণ কৰে যে বেক্টেৰিয়া, ভেঁকুৰ আদি অণুজীৱই ৰােগ সৃষ্টিৰ মূল কাৰণ।

৫। “ভাইৰাছ”শব্দৰ অর্থ কি ?

উত্তৰঃ- “ভাইৰাছ” শব্দটো লেটিন ভাষাৰ শব্দ “ভাইৰিয়ন”ৰ পৰা অহা আৰু এই শব্দৰ অৰ্থ হ’ল ‘বিহ।

৬। এন্টিবডি কাকু বােলে ?

উত্তৰঃ- ভাইৰাছকিছুমানৰ পৰা সুৰক্ষিত থাকিবলৈ ছিটা প্রয়ােগকৰা হয়। ৰােগ সৃষ্টি কাৰী ভাইৰাছ বােৰ সম্পূৰ্ণ ৰূপে নিষ্ক্রিয় (মৃত) আৰু নিশকতীয়া (ৰােগ সৃষ্টি কৰিব নােৱাৰা অৱস্থা কৰি এইবােৰ মানুহৰ শৰীৰত প্ৰয়ােগ কৰা হয় । আজিকালি ভাইৰাছবিধৰ কণিকাত থকা প্ৰটিন ছিটা হিচাবে দিয়া হয়। শৰীৰে ভাইৰাছবিধৰ বিৰুদ্ধে প্রটিন অণুৰ সৃষ্টি কৰে আৰু এইবােৰ প্ৰটিনক “এন্টিবডি” বােলে।

৭। ভেকুৰৰ কোষবেৰত থকা জীৱৰাসায়নিক পদার্থ বিধৰ নাম লিখা।

উত্তৰঃ- ভেঁকুৰৰ কোষবেঁৰত “কাইটিন” নামৰ জীৱ ৰাসায়নিক পদার্থ থাকে।

৮। ছিষ্ট বুলিলে কি বুজা ?

উত্তৰঃ- বহুত পৰজীৱী প্রট’জ’ৱাই পৰিৱেশৰ প্রতিকূল অৱস্থাৰ পৰা ৰক্ষা পাবলৈ কোষৰ চাৰিওফালে এক অস্থায়ী আৱৰণৰ সৃষ্টি কৰে। এই অৱস্থাত থকা প্ৰ’টজ’ৱাক “ছিষ্ট” বােলে। ছিষ্টত জীৱ ৰাসায়নিক বিক্রিয়াবােৰ অতি কম মাত্ৰাত চলি থাকে। তেতিয়া প্ৰট’জ’ৱা কোষটো সুপ্ত অৱস্থাত থাকে।

৯।দুবিধ এককোষী শেলাইৰ নাম লিখা।

উত্তৰঃ- দুবিধ এককোষী শেলাইৰ নাম হল – 

(ক) ক্ল’ৰেলা।

(খ) ইউগ্লেনা।

১০। উদ্ভিদৰ শৰীৰত সহজীৱী হিচাপে থকা দুবিধ শেলাইৰ নাম লিখা।

উত্তৰঃ- উদ্ভিদৰ শৰীৰত সহজীৱী হিচাপে থকা দুবিধ শেলাইৰ নাম হল-

(ক) এনাবিনা।

(খ) নষ্টক।

১১। ছাগাছাম’ শেলাইৰ নাম অনুসৰি হােৱা সাগৰখনৰ নাম কি ?

উত্তৰঃ- ছাগাছামনামৰ শেলাইবিধ প্ৰচুৰ পৰিমাণে পােৱা সাগৰখনৰনাম “ছাৰাগাছ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top