Assam Jatiya Bidyalay Class 8 Science Chapter 16 খাদ্য উৎপাদন আৰু ব্যৱস্থাপনা

Assam Jatiya Bidyalay Class 8 Science Chapter 16 খাদ্য উৎপাদন আৰু ব্যৱস্থাপনা, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় বিজ্ঞান Class 8 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 16 খাদ্য উৎপাদন আৰু ব্যৱস্থাপনা Class 8 General Science Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 8 Science Chapter 16 খাদ্য উৎপাদন আৰু ব্যৱস্থাপনা Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 8 Science Chapter 16 খাদ্য উৎপাদন আৰু ব্যৱস্থাপনা provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

প্রকৃতি সম্পদ

Chapter – 16

অসম জাতীয় বিদ্যালয়

EXERCISE QUESTION ANSWER

(ক) কাঠৰ নাঙলৰ সলনি লােহাৰ নাঙল ব্যৱহাৰ কৰিলে কি সুবিধা পােৱা যায় ?

উত্তৰঃ  লােহাৰে তৈয়াৰী নাঙলৰ ওজন বেছি হােৱা বাবে বেছি দলৈ মাটি চহাব পাৰি।

(খ) বীজ ৰােপন বুলিলে কি বুজা ?

উত্তৰঃ মাটি চাহ কৰাৰ পিছত মাটিত শস্যৰ বীজ গজিবলৈ দিয়া হয়। ইয়াকে বীজৰ ৰােপন বুলি কোৱা হয়।

(গ) প্রমাণিত বীজ ব্যৱহাৰৰ সুবিধা কি ?

উত্তৰঃ প্রমাণিত বীজ ব্যৱহাৰৰ সুবিধাসমূহ হ’ল বীজৰপৰা হােৱা শস্যৰ কোনাে ৰােগ হ’ব নােৱাৰে আৰু বীজত আন শস্যৰ বীজ, অপতৃণৰ বীজ বা একেবিধ শস্যৰ আন জাতৰ বীজ মিহলি হৈ নাথাকে।

(ঘ) উদ্ভিদে বায়ুৰ পৰা পােনে পােনে ল’ব পৰা মৌলকেইটা কি কি ?

উত্তৰঃ উদ্ভিদে বায়ুৰ পৰা পােনে পােনে ল’ব পৰ৷ মৌলকেইটা হ’ল – হাইড্রজেন, অক্সিজেন, কার্বন(কার্বন ডাই-অক্সাইড হিচাবে)।

(ঙ) দুটা অনুৰেখ মৌলৰ উদাহৰণ দিয়া।

উত্তৰঃ আইৰণ আৰু মেংগানিজ দুবিধ অনুৰেখ মৌল।

(চ) গছৰ আভ্যন্তৰীণ কাৰ্যকলাপত ভাগ লােৱা মৌল কেইবিধ কি কি ?

উত্তৰঃ গছৰ আভ্যন্তৰীণ কাৰ্যকলাপত ভাগ লােৱা মৌলকেইবিধ হ’ল – ক’বাল্ট, ছ’ডিয়াম, ভেনেডিয়াম আৰু ছিলিকন।

(ছ) জৈৱিক সাৰ কাক বােলে ?

উত্তৰঃ গছ-গছনি আৰু জীৱ-জন্তুৰ পৰা পােৱা সাৰক যেনে, গােবৰ, পচন সাৰ, খলিহৈ, মাছৰ গুৰি, সেউজীয়া সাৰ ইত্যাদিক জৈৱিক সাৰ বােলে।

(জ) অজৈৱিক বা ৰাসায়নিক সাৰ কাক বােলে ?

উত্তৰঃ যিবিলাক সাৰ ৰসায়নাগাৰত ৰাসায়নিক পদার্থ হিচাপে তৈয়াৰ কৰা হয়, সেইবােৰক ৰাসায়নিক সাৰ বা অজৈৱিক সাৰ বােলে।

(ঝ) জৈৱিক সাৰৰ দুটা উদাহৰণ দিয়া।

উত্তৰঃ  জৈৱিক সাৰৰ দুটা উদাহৰণ হ’ল – গােব, পচন সাৰ।

(ঞ) অজৈৱিক বা ৰাসায়নিক সাৰৰ দুটা উদাহৰণ দিয়া।

উত্তৰঃ  দুবিধ অজৈৱিক বা ৰাসায়নিক সাৰ হ’ল –

(ক) ইউৰিয়া।আৰু

(খ) ছুপাৰ ফছফেট।

(ট) জীৱাণুসাৰৰ মূল উৎস কি ?

উত্তৰঃ জীৱাণুসাৰৰ মূল উৎস কিছুমান ক্ষুদ্র ক্ষুদ্র বীজাণু।

(ঠ) জীৱাণুসাৰৰ ভাগ তিনিটা কি কি ?

উত্তৰঃ জীৱাণুসাৰৰ ভাগ তিনিটা হ’ল- 

(i) শেলাই জাতীয়।

(ii) ভেকুৰ জাতীয়।আৰু 

(iii) বেক্টেৰিয়াজাতীয়।

(ড) কোনবিধ সাৰক ভেৰে মাটিত দ্রবীভূত কৰে ?

উত্তৰঃ শৈল ফছফেট সাৰক ভেঁকুৰে মাটিত দ্রবীভূত কৰে।

(ট) অপতৃণ কি ?

উত্তৰঃ শস্যৰ মাজত গজা অলাগতিয়াল ঘাঁহ-বন যিবােৰে খেতিৰ অনিষ্ট কৰে সেইবােৰকে অপতৃণ বােলে। যেনে – মেটেকা, টেঙেচী, পার্থেনিয়াম ইত্যাদি।

(ণ) দুবিধ অপতৃণৰ উদাহৰণ দিয়া।

উত্তৰঃ দুবিধ অপতৃণ হ’ল- মেটেকা, পার্থেনিয়াম।

(ত) অপতৃণ নিয়ন্ত্রণকৰা কাৰ্যত ব্যৱহাৰ কৰা দুবিধ ৰাসায়নিক পদার্থৰ নাম লিখ।

উত্তৰঃ  অপতৃণ নিয়ন্ত্রণ কৰা কাৰ্যত ব্যৱহাৰ কৰা দুবিধ ৰাসায়নিক পদার্থ হ’ল-

(i) কনতেল।

(ii) এক্র লিন।

(থ) ব্লাইট কি ?

উত্তৰঃ ব্লাইট হ’ল আলুত হােৱা এবিধ ভেকুৰজনিত বেমাৰ।

(দ) দুবিধ উদ্যান শস্যৰ উদাহৰণ দিয়া।

উত্তৰঃ দুবিধ উদ্যান শস্যৰ নাম হ’ল –

(i) মাটি কঠাল (আনাৰস)।আৰু

(ii) সুমথিৰা।

(ধ) নিম গছৰ পৰা উৎপাদন কৰা কীটনাশক দ্ৰব্যবিধৰ নাম কি ?

উত্তৰঃ এজাডিৰাটিন নামৰ কীটনাশক দ্ৰব্যবিধ নিমগছৰ পৰা উৎপাদন কৰা হয়।

(ন) কাঠফুলা কি ?

উত্তৰঃ ভেকুৰৰ মঙহাল অংগকে কাঠফুল বুলি কোৱা হয়।

(প) দুবিধ উন্নত জাতৰ গাহৰিৰ নাম লিখ।

উত্তৰঃ দুবিধ উন্নত জাতৰ গাহৰিৰ নাম হ’ল –

(i) হেম্পছায়াৰ।আৰু 

(i) ছেডলবে।

(ফ) শস্যাৰ্তন কি ?

উত্তৰঃ একেড় মাটিত পৰিকল্পিতভাৱে বছৰি বৈলেগ বেলেগ শস্যৰ খেতি এটাৰ পিছত এটাকৈ কৰাকে শস্যাৱৰ্তন বােলে।

(ব) উন্নত জাতৰ দুবিধ ছাগলীৰ নাম লিখ।

উত্তৰঃ দুবিধ উন্নত জাতৰ ছাগলীৰ নাম হ’ল – 

(i) বাৰবাৰী।আৰু 

(ii) যমুনা পাৰী।

(ভ) ব্রাউন ছুইছকি ?

উত্তৰঃ “ব্রাউন ছুইছ” এবিধ অধিক গাখীৰ উৎপাদনকাৰী গাইগৰু।

২। (ক) কৃষি ব্যৱস্থাপনাৰ লগত জড়িত কার্যকেইটা কিকি ?

উত্তৰঃ কৃষি ব্যৱস্থাপনাৰ লগত জড়িত কার্যকেইটা হ’ল –

১। শস্যৰ বীজৰােপনৰ। বাবে মাটিৰ প্রস্তুতি।

২। বীজ ৰােপন।

৩। জলসিঞ্চন আৰু জলনির্গমন।

৪। সাৰ প্ৰয়োগ।

৫। অপতৃণৰ নিয়ন্ত্রণ।

৬। ৰােগ আৰু কীট-পতঙ্গৰ নিয়ন্ত্রণ।

৭। ফচল সংগ্ৰহ আৰু ফচল সংৰক্ষণ।

(খ) মাটি চহােৱাৰ ৪ টা সুবিধা লিখা।

উত্তৰঃ মাটি চহােৱাৰ চাৰিটা সুবিধা হল –

১। মাটিৰ উপৰিভাগ কিছু তললৈ কোমল হৈ পৰে। সেইবাবে শস্যৰ শিপা গভীৰলৈ বাঢ়িব পাৰে।

২। মাটিত থকা ঘাহঁ বন আদি মাটিৰ তলত সােমাই পৰি গেলি-পঁচি সাৰ হয়।

৩। মাটিৰ মাজেৰে বায়ু চলাচল কৰিবলৈ সহজ হয়।

৪। মাটিয়ে অধিক পানী আৰু জলীয় বাষ্প শুহি ল’ব পৰা হয়।

(গ) পাৱাৰ টিলাৰ বা ট্রেক্টৰ ব্যৱহাৰ কৰাৰ সুবিধাসমূহ আলােচনা কৰাঁ।

উত্তৰঃ পাৱাৰ টিলাৰ বা ট্ৰেক্টৰ ব্যৱহাৰ কৰাৰ সুবিধাসমূহ হ’ল-

১। পাৱাৰ টিলাৰ বা ট্রেক্টৰেৰে অতি টান হৈ থকা বা চন পৰি থকা মাটিও সহজেnচহাব পাৰি। এনে মাটি গৰু-মহেৰে চহাবলৈ যথেষ্ট অসুবিধা পােৱা যায়।

২। পাৱাৰ টিলাৰ বা ট্রেক্টৰেৰে মাটি বেছি দলৈ চহাব পাৰি। ফলত অলাগতিয়াল অপতৃণ উভালি সেইবােৰ ভালদৰে নাশ কৰিব পাৰি।

৩। শাৰীৰিক পৰিশ্ৰম লাঘৱ হয়। কম সময়ত অধিক মাটি চহাব পাৰি।

(ঘ) বীজ ৰােপনৰ বাবে উন্নত মানৰ বীজ নির্বাচন কৰাটো কিয় প্রয়োজন ?

উত্তৰঃ বীজ ৰােপনৰ বাবে উন্নত মানৰ বীজ নির্বাচন কৰাটো অতি প্রয়ােজন কাৰণ বীজবােৰ নিৰােগী হলে বীজৰপৰা হােৱা শষ্যৰ কোনাে ৰােগ হ’ব নােৱাৰে। আনহাতে আন শস্যৰ বীজ, অপতৃণৰ বীজ বা একেবিধ শস্যৰে আন জাতৰ বীজ মিহলি হৈ থাকিব নােৱাৰে ।

(ঙ) নির্দিষ্টনিয়ম মানি বীজ সিচাৰ সুফলসমূহ ব্যাখ্যা কৰাঁ।

উত্তৰঃ নির্দিষ্ট নিয়ম মানি বীজ সিৰ্চাৰ সুফলসমূহ হ’ল –

১। বীজৰ অপচয় নহয়। পুলিবােৰ সুষমভাৱে বাঢ়ে।

২। শস্যত পানী যােগান ধৰাত সুবিধা হয়।

৩। ৰােগাক্রান্ত পুলিবােৰ আৰু অপতৃণবােৰ উভালি পেলাবলৈ, অর্থাৎ নিৰণি কৰিবলৈ সুবিধা হয়।

৩। চমুটোকা লিখা।

(ক) জলসিঞ্চন আৰু জলনির্গমন।

(খ) জীৱাণু সাৰ।

(গ) কাঠফুলা।

উত্তৰঃ (ক) জলসিঞ্চন আৰু জলনির্গমন :- জলসিঞ্চন বা পানী যােগান আধুনিক কৃষি পদ্ধতিৰ এক গুৰুত্বপূর্ণ অংশ। 

জলসিঞ্চনৰ দ্বাৰা –

১। সঠিক সময়ত সঠিক জোখত শস্যত পানী যােগান ধৰিব পাৰি।

২। এই পদ্ধতিৰ দ্বাৰা বতৰৰ ওপৰত নিৰ্ভৰ নকৰাকৈ ইচ্ছানুযায়ী একেডৰা মাটিতে একাধিক খেতি কৰিব পাৰি।

৩। খৰাং বতৰৰ দৰে প্রতিকূল অৱস্থাতে খেতি কৰিব পাৰি।

অধিক পানীয়ে শস্যৰ ক্ষতি কৰে। সেইবাবে জল নির্গমন ব্যৱস্থাৰে খেতি পথাৰৰপৰা অতিৰিক্ত পানীভাগ উলিয়াই অনাৰ ব্যৱস্থা কৰিব লাগে। কাৰণ অধিক পানীত শস্যডৰা ডুবি থাকিলে মাটিৰ ছিদ্ৰবােৰত বায়ু সােমাব নােৱাৰে। ফলত শস্যৰ শিপাৰ বৃদ্ধি বাধাগ্রস্ত হয়। আনহাতে মাটিত থকা উপকাৰী অণুজীৱ ধ্বংস হয়।

(খ) জীৱাণু সাৰ :- জীৱাণু সাৰৰ মূল উৎস হ’ল কিছুমান ক্ষুদ্র ক্ষুদ্র বীজাণু। উৎস হিচাপে জীৱাণুসাৰক তিনিভাগত ভগাব পাৰি – শেলাইজাতীয়, ভেঁকুৰজাতীয় আৰু বেক্টেৰিয়া জাতীয়।

জীৱাণু সাৰ ব্যৱহাৰৰ বহুতাে সুবিধা আছে! ই মাটিত নাইট্রজেন সাৰ দিয়াৰ উপৰিও মাটি সংগঠনত বিশেষ ভূমিকা লয়, কম পৰিমাণৰ সাৰ বহু ঠাইত দিব পাৰি, খৰচো কম আৰু প্রয়ােগ পদ্ধতিও উজু। জীৱাণুয়ে মাটিত থকা বহুত অদ্ৰৱণীয় পদার্থ দ্ররীভূত কৰি মাটি সাৰুৱা কৰে।

(গ) কাঠফুলা :- ভেঁকুৰৰ মঙহাল অংগকে সাধাৰণতে কাঠফুলা বুলি কোৱা হয়। প্রায় ১০০০০ বিধ প্রজাতিৰ কাঠফুলাৰ ২০০ বিধ মানহে খােৱাৰ বাবে উপযুক্ত। বিভিন্ন প্রজাতিৰ কাঠফুলাৰ ভিতৰত অসমত অয়ষ্টাৰ প্রজাৰি কাঠফুলাবিধেই সর্বাধিক জনপ্রিয়। অয়ষ্টাৰ প্ৰজাতিৰ কাঠফুলা হ’ল অতি সুমিষ্ট আৰু আৱশ্যকীয় খাদ্যপ্রাণ তথা খনিজ পদার্থ মিহলি প্রটিনেৰে সমৃদ্ধ এবিধ মঙহাল ভেঁকুৰ। কাঠফুলা বহুমূত্র ৰোগ, হৃদৰােগ, উচ্চৰক্তচাপ, কর্কটৰােগ, এইড়ছ, ৰক্তহীনতা, যক্ষ্মা আদি ৰােগত ভুগি থকা বৰাগীৰ বাবে অতি উত্তম খাদ্য।

৪। মাটিত কিয় সাৰ প্ৰয়ােগ কৰিব লাগে ? জৈৱিক সাৰ ব্যৱহাৰ কৰাৰ সুবিধাসমূহ আলােচনা কৰা।

উত্তৰঃ পৃথিৱীত পােৱা বিছটামান মৌল গছৰ বাবে লাগতিয়াল। একেডৰা মাটিত খেতি কৰি থাকিলে মাটিত এই মৌলবাৰৰ পৰিমাণ কমি যায়। তেতিয়া সাৰ হিচাবে এইবােৰ মাটিত যােগান ধৰা হয় ।

জৈৱিক সাৰ ব্যৱহাৰ কৰাৰ সুবিধাসমূহ হল –

(ক) পইচা খৰচ নকৰাকৈ এই সাৰ নিজেই তৈয়াৰ কৰি ল’ব পাৰি ।

(খ) ই মাটিৰ গঠন ভাল কৰে।

(গ) জৈৱিক সাৰ থাকিলে মাটিৰ ভিতৰত বতাহ সুচল হয় আৰু গুছিৰ শিপাৰ শ্বখন ক্রিয়া ভালদৰে চলে ।

(ঘ) জৈৱিক সাৰে মাটিত গছৰ কাৰণে প্রয়ােজনীয় পানী সংৰক্ষণ কৰে ।

(ঙ) জৈৱিক সাৰ গছৰ আহাৰৰ ভৰালাইয়াত উদ্ভিদৰ বাবে প্রয়ােত্তী। আটাইকেইটা উপাদান থাকে।

৫।  ৰাসায়নিক সাৰৰ ভাগ তিনিটা কি কি ? প্রত্যেকৰে নাম লিখি একোটাকৈ উদাহৰণ দিয়া।

উত্তৰঃ ৰাসায়নিক সাৰৰ ভাগ তিনিটা হল –

(ক) নাইট্রজেনযুক্ত সাৰ। উদাহৰণ – ইউৰিয়া।

(খ) ফছফৰাছযুক্ত সাৰ। উদাহৰণ – ছুপাৰ ফছফেট।

(গ) পটেছিয়ামযুক্ত সাৰ। উদাহৰণ – পটেছিয়াম ছালফেট।

৬। মিশ্রিত সাৰ কি ? এবিধ মিশ্রিত সাৰৰ উদাহৰণ দিয়া।

উত্তৰঃ ব্যৱহাৰৰ সুবিধাৰ কাৰণে মুল সাৰবােৰ (নাইট্রজেনযুক্ত, ফছফৰাছযুক্ত আৰু পটেছিয়ামযুক্ত) শস্যৰ আৱশ্যকতা অনুসৰি বিভিন্ন পৰিমাণত মিহলাই মিশ্রিত সাৰ প্রস্তুত কৰা হয়। এবিধ মিশ্রিত সাৰৰ নাম হ’ল ‘অমৃত।

৭। মাটিত ৰাসায়নিক সাৰ ব্যৱহাৰ কৰাৰ সুবিধাসমূহ কি কি ? ৰাসায়নিক সাৰ সদায় সঠিক জোখত প্রয়ােগ কৰিব লাগে কিয় ?

উত্তৰঃ মাটিত ৰাসায়নিক সাৰ ব্যৱহাৰ কৰাৰ সুবিধাসমূহ হ’ল-

(ক) ৰাসায়নিক সাৰত শস্যৰ বাবে লাগতিয়াল উপাদানবােৰ বেছিকৈ থাকে।

(খ) ৰাসায়নিক সাৰ পানীৰ লগত সহজে মিহলি হয় আৰু শস্যই সহজে আহৰণ কৰিব পাৰে।

(গ) আয়তন কম হােৱা বাবে পৰিবহন সহজসাধ্য হয়।

(ঘ) সাৰবােৰ গছৰ প্রয়ােজন অনুসৰি বিভিন্ন অনুপাতত প্রয়ােগ কৰিব পাৰি।

৮। অপতৃণে শস্যৰ কি কি অপকাৰ সাধন কৰে বুজাই লিখা।

উত্তৰঃ অপতৃণে শস্যৰ বিভিন্ন অপকাৰ কৰে। যেনে –

(ক) শস্যৰ পুলিয়ে ডাল বা পােখা.মেলাত অপতৃণে বাধা দিয়ে।

(খ) মাটিৰ পৰা শস্যৰ লাগতিয়াল সাৰ-পানী শােষণ কৰি শস্যডক প্রয়ােজনীয় উপাদানৰ অভাৱত ভােগায়।

(গ) অপতৃণ ওখ হৈ শস্যৰ ওপৰত ৰ’দ পৰাত বাধা দি সালােক সংশ্লেষণত ব্যাঘাত জন্মায়।

(ঘ) বিষাক্ত অপতৃণৰ বীজ শস্যৰ লগত মিহলি হৈ খাদ্যত বিষক্রিয়া সৃষ্টি কৰে।

(ঙ) কিছুমান অপতৃণই শস্যৰ ক্ষতিকাৰক কীট-পতংগক আশ্রয় দি খেতিৰ অনিষ্ট সাধন কৰে।

৯। ৰাসায়নিক কীটনাশক ব্যৱহাৰ কৰাটো অপকাৰী কিয় ? দুবিধ জৈৱিককীটনাশক উদাহৰণ দিয়া।ইহঁতকক’ৰপৰা আহৰণ কৰা হয় ?

উত্তৰঃ ৰাসায়নিক কীটনাশক ব্যৱহাৰ কৰাটো অপকাৰী কাৰণ ৰাসায়নিক কীটনাশক প্রয়ােগৰ ফলত মানুহ, পশুধন আৰু পৰিৱেশৰ বিত্তৰ ক্ষতিসাধন হয়।

দুবিধ জৈৱিক কীটনাশক হ’ল – নিক’টিন আৰু এজাডিৰচিটনি।

নিক’টিন ধপাত গছৰপৰা আৰু এজাডিৰাচিটনৈনিম গছৰপৰা আহৰণ কৰা হয়।

১০। ৰােগ আৰু কীট-পতংগ নিয়ন্ত্রণত ঔষধৰ ভূমিকা আলােচনা কৰাঁ।

উত্তৰঃ পােক-পৰুৱা আৰু ৰােগৰ পৰা শস্য ৰক্ষা কৰিবলৈ ঔষধ ব্যৱহাৰ কৰাৰ প্রয়ােজন। শস্য ৰক্ষাৰ কাৰণে ব্যৱহাৰ কৰা জৈৱিক বা ৰাসায়নিক ঔষধবােৰ বিভিন্ন প্ৰকৃতিৰ হয়। পােক-পৰুৱা বা ভেকুৰ আদিৰ গাত কিছুমান ঔষধ লাগিলেই সেইবােৰ মৰি যায়। কিছুমান ঔষধ পােক-পৰুৱা আদিৰ দেহত সােমাই সিহঁতৰ মৃত্যু ঘটায়। কিছুমানে শস্যৰ ভিতৰত সােমাই শস্যক পােক-পৰুৱা বা বেমাৰ আজাৰৰ পৰা ৰক্ষা পাবলৈ শক্তি প্রদান কৰে। ৰগৰ, এলড্রিন, বি এইচ ছি (গেমেক্সিন), ডি ডি টি, মালাথিয়ান, ডাইমিন, কার্ক টেট্রাক্ল’ৰাইড, ইথিলিন, ডাইব্র’মাইড আদি ঔষধ ৰােগ নিবাৰণ আৰু প্ৰতিৰােধৰ কাৰণে ব্যৱহাৰ কৰা হয়। কেপটান, কেফটাফন আদি দৰব ভেঁকুৰ ধৰা বেমাৰত ব্যৱহাৰ কৰা হয়। কিছুমান এন্টিবায়টিক ঔষধ ভেকুৰ আৰু বেক্টেৰিয়া ঘটিত বেমাৰ নােহােৱা কৰিবলৈ ব্যৱহাৰ কৰা হয়। যেনে এন্টিমাইছিন এ আলুৰ ব্লাইট নামৰ ভেঁকুৰজনিত বেমাৰ নিৰাময় কৰে।

১১। ৰাসায়নিক সাৰ ব্যৱহাৰ কৰোঁতে কি কি সাৱধানতা অবলম্বন কৰিব লাগে ?

উত্তৰঃ ৰাসায়নিক সাৰ ব্যৱহাৰ কৰোতে কিছু সাৱধানতা অৱলম্বন কৰিব লাগেযেনে-

(ক) মাটিত ৰাসায়নিক সাৰ সদায় সঠিক জোখত আৱশ্যক অনুসৰিহে প্রয়ােগ কৰা উচিত।

(খ) জধে-মধে মাত্রাধিক হাৰত ইয়াক প্ৰয়ােগ কৰিলে শস্যৰ উৎপাদন ব্যাহত হয় মাটিৰ ভৌতিক গুণাগুণ নষ্ট হয় আৰু পৰিৱেশ প্ৰদূষিত হয়।

১২। ৰাসায়নিক কীটনাশক ব্যৱহাৰ কৰোঁতে কি কি সাৱধানতা অৱলম্বন কৰিব লাগে ?

উত্তৰঃ সকলােবােৰ ৰাসায়নিক কীটনাশকেই কম-বেছি পৰিমাণে বিষাক্ত।গতিকে এইবােৰৰ ব্যৱহাৰ কৰোতে যথেষ্ট সাৱধানতা অৱলম্বন কৰিব লাগে। যেনে –

(ক) ঔষধবােৰ হাতেৰে চুব নালাগে।

(খ) পথাৰত ছটিয়াওঁতে নাক-মুখত কাপােৰ বান্ধি ল’ব লাগে।

(গ) বতাহৰ বিপৰীতে থিয় হৈ ছটিয়াব নালাগে।

(ঘ) ছটিওৱাৰ পিছত হাত-ভৰি, মুখ আদি ভালদৰে চাবােনেৰে ধুব লাগে।

(ঙ) ঔষধবােৰ ল’ৰা-ছােৱালীৰপৰা আঁতৰাই ৰাখিব লাগে।

(চ) অনুমােদিত ঔষধহে নির্দিষ্ট জোখমতে ছটিয়াব লাগে। ঔষধবােৰ টেমা বা বাকচেৰে পুতি পেলাব লাগে।

(ছ) ঔষধ ছটিওরাল কিছুদিন পিছলৈকে শস্য খাব নালাগে ।

১৩। উদ্যান শস্যৰ অর্থনৈতিক গুৰুত্বৰ বিষয়ে বিশদভাবে আলােচনা কৰা।

উত্তৰঃ সামাজিক পণিওঁৰ লগে লগে কিছুমান উদ্যান শস্যৰ চাহিদা যথেষ্ট বৃদ্ধি পাইছে। উদাহৰণ স্বৰূৰে বিয়া-সবাহ, পূজা-পার্বণ, মেল-মিটিং আদি সামাজিক অনুষ্ঠানৰ বাবে ফুল আৰু ফুলজাত সামগ্ৰীৰ বর্তমান বৰ চাহিদা। ফুলৰ খেতিয়ে বহু লােকৰ আত্মসংস্থানৰ পথ মুকলি কৰিব পাৰে। আমাৰ ৰাজ্যত বিভিন্ন ফলৰৰ খেতি কৰিব পাৰি। যেনে- নাৰিকল, কন্স, আনাৰস, নেমু, আম, লিচু, মধুৰীআম, কঁঠাল, অমিতা, আমােল ইত্যাদি।ফ-মুশ সংৰক্ষণ উদ্যোগেও যথেষ্ট আত্ম সংস্থানৰ পথ মুকলি কৰিব পাৰে।শীতকালি হোৱা শাক-পাচলি যেনে – ফুলকবি, বন্ধাকবি, ওলকবি, ফ্রেন্সবিন, গাজৰ, জলকীয়া, কেপচিকাম, মূলা আদি আৰু গ্রীষ্মকালি হােৱা শাক-পাচলি যেনে- জিকা, তিয়ঁহ, ৰঙালাউ, জাতিলাউ, চিৰাল, কোমােৰা, তিতাকেৰেলা, লেচেৰা মাহ, ভােল; পটল, ভেন্দি, ভাতকেৰেলা আদিৰ খেতি কৰি আর্থিকভাৱে যথেষ্ট টনকিয়াল হ’ব পাৰি।

১৪। অসমত সর্বাধিক জনপ্রিয় কাঠফুলাবিধৰ নাম কি ? ই এবিধ উত্তম খাদ্য কিয় ?

উত্তৰঃ বিভিন্ন প্রজাতিৰ কাঠফুলাৰ ভিতৰত অসমত “অয়ষ্টাৰ” প্ৰজাতিৰ কাঠফুলা বিধেই সর্বাধিক জনপ্রিয়। ই এবিধ অতি উত্তম খাদ্য কাৰণ ই অতি সুমিষ্ট আৰু আৱশ্যকীয় খাদ্যপ্রাণ তথা খনিজ পদার্থ মিহলি প্রটিনেৰে সমৃদ্ধ এবিধ মঙহাল ভেঁকুৰ।

১৫। সমন্বিত কৃষি ব্যৱস্থা বুলিলে কি বুজা লিখা।

উত্তৰঃ সমন্বিত কৃষি ব্যৱস্থা অধিক উৎপাদন আৰু আয়ৰ বাবে একেলগে কেইবিধাে খেতি যুটীয়াকৈ কৰা হয়। ইয়াকে সমম্বিত কৃষি ব্যৱস্থা বােলে। উদাহৰণ স্বৰূপে, মাছৰ লগত যুটীয়াভাৱে কুকুৰা হাহঁ, গাহৰি আদি পুহিব পাৰি। ইহঁতৰ পৰা কণী আৰু মাংস পােৱাৰ উপৰিও ইহঁতৰ মল-মূত্রবােৰ মাছৰ আহাৰ হয় আৰু পুখুৰীৰ উৰ্বৰতা বাড়ে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top