Assam Jatiya Bidyalay Class 8 Science Chapter 14 প্রকৃতি সম্পদ

Assam Jatiya Bidyalay Class 8 Science Chapter 14 প্রকৃতি সম্পদ, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় বিজ্ঞান Class 8 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 14 প্রকৃতি সম্পদ Class 8 General Science Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 8 Science Chapter 14 প্রকৃতি সম্পদ Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 8 Science Chapter 14 প্রকৃতি সম্পদ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

প্রকৃতি সম্পদ

Chapter – 14

অসম জাতীয় বিদ্যালয়

EXERCISE QUESTION ANSWER

১। প্রাকৃতিক সম্পদ বুলিলে কি বুজা ? প্রাকৃতিক সম্পদবােক কেইভাগত ভগাব পাৰি ?

উত্তৰঃ পৃথিৱীত জীৱজগত প্ৰকৃতিৰ কিছুমান অৱদানৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই থাকে। এই প্রাকৃতিক অৱদানবােৰক প্রাকৃতিক সম্পদ বােলে। মাটি, পানী, বায়ু, খনিজাত পদার্থ, পেট্ৰ’লিয়াম, বনাঞ্চল, বন্যপ্রাণী আদি সকলােবােৰেই প্রাকৃতিক সম্পদ।

উৎসআৰু ৰাসায়নিক গঠনৰ ওপৰত নিৰ্ভৰ কৰি প্ৰাকৃতিক সম্পদবােৰক, তিনি ভাগত ভাগ কৰিব পাৰি – অজৈৱ, জৈৱ আৰু মিশ্র।

আনহাতে পুনঃরুদ্ধাৰ কৰিব পৰা আৰু নােৱাৰাৰ ওপৰত নিৰ্ভৰ কৰি প্রাকৃতিক সম্পদবােৰক দুটা ভাগত ভগাব পাৰি :- নৱীকৰণযােগ্য আৰু অনীকৰণযােগ্য সম্পদ।

২। নৱীকৰণযােগ্য আৰু অৰ্নৱীকৰণযােগ্য প্রাকৃতিক সম্পদ বুলিলে কি বুজা ? প্রত্যেকৰে দুটাকৈ উদাহৰণ দিয়া।

উত্তৰঃ নৱীকৰণযােগ্য সম্পদ – যিবােৰ সম্পদ শেষ হৈ নাযায় আৰু নির্দিষ্ট সময়ৰ ভিতৰত পুনঃৰুন্ধাৰ বা পুনঃউৎপাদন কৰিব পাৰি, তেনে সম্পদবােৰক নৱীকৰণযােগ্য সম্পদ বােলে।

অনৱীকৰণযােগ্য সম্পদ :- প্রকৃতিৰ বুকুত জমা হৈ থকা যিবােৰ সম্পদ পুনঃউৎপাদন কৰিব নােৱাৰি, তেনে সম্পদবােৰক অনবীকৰণষােগ্য সম্পদ বােলা হয়।

নৱীকৰণযােগ্য সম্পদৰ উদাহৰণ :- পানী, বায়ু।

অনৱীকৰণযােগ্য সম্পদৰ উদাহৰণ :- প্রাকৃতিক গেছ, খনিজ তেল।

৩। প্রাকৃতিক ভাৰসাম্যতা ৰক্ষা কৰাত বনাঞ্চলৰ গুৰুত্ব আলােচনা কৰা।

উত্তৰঃ প্রাকৃতিক ভাৰসাম্যতা ৰক্ষা কৰাত বনাঞ্চলৰ গুৰুত্ব বিষয়ে তলত আলােচনা কৰা হ’ল – 

(ক) গছ-গছনিয়ে বায়ুমণ্ডলত অক্সিজেন আৰু কার্বন-ডাই-অক্সাইড সমতা ৰক্ষা কৰে। গােলকীয় উত্তাপনত অৰিহণা যােগােৱা, সেউজ-গৃহ গেছ কার্বন- ডাই- অক্সাইড উদ্ভিদে সালােকসংশ্লেষণত শোষণ কৰে। গতিকে বনাঞ্চলসমূহে গােলকীয় উত্তাপন নিয়ন্ত্রণ কৰাত সহায় কৰে।

(খ) গছ-গছনিৰ শিপাই মাটি খামােচ মাৰি ধৰি থাকে।গতিকে বনাঞ্চলে ভূমিস্খলন আৰু খহনীয়া ৰােধত সহায় কৰে।

(গ) বনাঞ্চল হ’ল বন্যপ্রাণীৰ আবাসভূমি। বনাঞ্চল অবিহনে বন্যপ্রাণীয়ে স্বাভাৱিক বিৱর্তন লাভ কৰিব নােৱাৰে।

(ঘ) বনাঞ্চলসমূহে বৰ্তাহৰ গতি নিয়ন্ত্রণ কৰে, শব্দ শােষণদ্বাৰা শব্দদূষণ নিয়ন্ত্রণ কৰে।

৪। বনাঞ্চলৰ বাণিজ্যিক গুৰুত্ব সম্পর্কে চমুকৈ লিখা।

উত্তৰঃ বাণিজ্যিক দিশৰপৰা বনাঞ্চলৰ গুৰুত্ব সম্পর্কে তলত আলােচনা করা হল-

(ক) বিভিন্ন গছৰপৰা পােৱা কাঠ খৰি আমি ইন্ধন হিচাবে ব্যৱহাৰ কৰোঁ।

(খ) বিভিন্ন গছৰ ফল-মূল, গা-গছ আমি খাদ্য হিচাবে ব্যৱহাৰ কৰোঁ।

(গ) বাঁহ, বেত, টকৌ আদি গছৰ পৰা বিভিন্ন সামগ্রী তৈয়াৰ কৰা হয়।

(ঘ) বনাঞ্চলত পােৱা বিভিন্ন গছৰ পৰা গম, ৰেজিন, সুগন্ধি তেল, ৰং, আঁহ আদি তৈয়াৰ কৰা হয়।

(ঙ) আচবাব, ঘৰ-দুৱাৰ, প্লাইউড, জুইশলা উদ্যোগ, কাগজ উদ্যোগ আদিত বিভিন্ন গছ-গছনিৰ অৱদান অপৰিসীম।

৫। বনানীকৰণ বুলিলে কি বুজা ? 

উত্তৰঃ বনাঞ্চল ধ্বংস ৰােধ কৰাৰ একমাত্র সুমাধান হ’ল বৃক্ষৰােপন। অনুৰ্বৰ আৰু এনেয়ে পৰি থকা মাটি বৃক্ষৰােপণৰ দ্বাৰা সেউজীয়া বনাঞ্চললৈ ৰূপান্তৰিত কৰি বনাঞ্চলৰ উন্নতি কৰাকে বনানীকৰণ বােলে।

৬। বনাঞ্চল ধবংসই গােলকীয় উষ্ণতা বৃদ্ধিত অৰিহণা যােগাইছে। কাৰণ দশোৱা।

উত্তৰঃ গােলকীয় উষ্ণতাৰ অন্যতম কাৰণ হৈছে বনাঞ্চল ধ্বংস। অবাধ গতিত হােৱা বনাঞ্চল ধ্বংসৰ ফলত গছ-গছনিৰ সংখ্যা দ্রুতহাৰত কমি যােৱাত সালােক সংশ্লেষণৰ হাৰ কমি গৈছে। ফলস্বৰূপে বায়ুমণ্ডলৰ পৰা কার্বন-ডাই-অক্সাইড গেছ শোষণৰৰ হাৰ কমি গৈছে আৰু ইয়াৰ ফলত সেউজ গৃহ প্রক্রিয়াৰ দ্বাৰা বায়ুমণ্ডলৰ উষ্ণতা ক্রমে বৃদ্ধি হােৱাত গােলকীয় উত্তাপনৰ দৰে পৰিবেশ সম্পর্কীয় সমস্যাৰ উদ্ভৱ হৈছে।

৭। বৃক্ষৰােপণৰ দ্বাৰা আমি কি কি সমস্যা সমাধান কৰিব পাৰোঁ।

উত্তৰঃ বৃক্ষৰােপণৰ দ্বাৰা কিছুমান সমস্যা সমাধানত সহায় কৰিব পাৰে। যেনে –

(ক) প্ৰদূষণ নিয়ন্ত্ৰণত সহায় কৰিব পাৰে।

(খ) গােলকীয় উষ্ণতা বৃদ্ধি হ্রাস কৰিব পাৰে।

(গ) বন্যপ্রাণীক সুৰক্ষা প্রদান কৰি প্রাকৃতিক ভাৰসাম্যতা ৰক্ষা কৰিব পাৰে।

(ঘ) দিনক দিনে বাঢ়ি অহা খৰি, ঘাঁহ আদিৰ অভাৱ পূৰণ কৰিব পাৰে।

(ঙ) মাটিৰ তলৰ পানীৰ ভাণ্ডাৰ বৃদ্ধি কৰিব পাৰে আৰু জলাশয় সংৰক্ষণ কৰিব পাৰে।

(চ) বিভিন্ন ঔষধি আৰু ফল-মুলৰ গছ ৰােপনদ্বাৰা স্বাৱলম্বী হ’ব পৰা যায়।

৮। ইন্ধন কাক বােলে ? প্রাকৃতিক ইন্ধনৰবাৰৰ মূল উপাদান কি ?

উত্তৰঃ যিবিলাক পদার্থ (কঠিন, তৰল বা গেছীয়) জ্বলালে সহজে ব্যৱহাৰ কৰিব পৰাকৈ যথেষ্ট তাপ উৎপন্ন হয়, সেইবােবক ইন্ধন বােলে।

প্রাকৃতিক ইন্ধনবােৰৰ মূল উপাদান হৈছে কার্বন। এই কার্বন মুক্ত অৱস্থাত বা হাইড্রজেনৰ সৈতে যৌগিক অৱস্থাত থাকে।

৯। উৎকৃষ্ট ইন্ধনৰ বৈশিষ্ট্যবােৰ লিখা।

উত্তৰঃ উৎকৃষ্ট ইন্ধনৰ বৈশিষ্ট্যবাৰ তলত উল্লেখ কৰা হ’ল-

(ক) ইন্ধন এটা উচ্চ কেলৰি মানৰ হ’ব লাগিব।

(খ) ইন্ধন হ’বলৈ ইয়াৰ এটা জ্বলন বিন্দু থাকিব লাগিব। জ্বলন বিন্দু কম হলে ইন্ধনটো সহজে জ্বলে।

(গ) ইন্ধন এটাৰ দহন অতি দ্রুত বা অতি মন্থৰ হ’ব নালাগে

(ঘ) ইন্ধনৰ দহনত বিষাক্ত গেছ আৰু বেছি ধোঁৱা উৎপন্ন হ’ব নালাগে ।

(ঙ) ইন্ধন এটা সহজে পৰিৱহন আৰু সঞ্চয় কৰিব পৰা হ’ব লাগে ।

১০। কয়লা আৰু পেট্র লিয়ামৰ উৎপত্তি সম্পর্কে চমুকৈ লিখা।

উত্তৰঃ কয়লাৰ উৎপত্তি :- এতিয়াৰ পৰা প্ৰায় 25 – 40 কোটি বছৰ আগেয়ে পৃথিবীৰ উপৰিভাগ গভীৰ অৰণ্যৰে ভৰা আছিল। কালক্ৰমত আগ্নেয়গিৰিৰ উদগিৰণ আৰু ভূমিকম্পৰ ফলত গছ-গছনি আৰু হাবি-বন মাটিৰ তলত পােত গৈছিল। ভূগৰ্ভত তাপ, চাপ আৰু বিভিন্ন অণুজীৱৰ ক্ৰিয়াৰ ফলত এই উদ্ভিদবােৰৰ বিৱৰ্তন ঘটি কলাৰ সৃষ্টি হৈছিল। উদ্ভিদৰপৰা কয়লাৰ সৃষ্টি হােৱা গােটেই প্রক্রিয়াটো এটা খুব ধীৰ গতিত হােৱা প্রক্রিয়া। গােটেই প্রক্রিয়াটোক তাংৰীকৰণ বুলি কোৱা হয়।

পেট্র ‘লিয়ামৰ উৎপত্তি :- পেট্রলিয়ামৰ উৎপত্তি সম্পর্কে বিভিন্ন বিজ্ঞানীয়ে বিভিন্ন সময়ত বিভিন্ন মতবাদ আগবঢ়াইছে। এই মতবাদবােৰৰ ভিতৰত 1900 চনত এংলাৰ নামৰ বিজ্ঞানীজনে অংগবঢ়োৱা মতবালাটো আটাইতকৈ গ্রহণযােগ্য। এই মতবাদমতে কেইবা নিখুত বছৰ আগতে বিভিন্ন প্রাকৃতিক পৰিঘটনাৰ ফলত অসংখ্য সাগৰীয় জীৱ-জন্তু, উদ্ভিদ, অণুজীৱ আদি সাগৰৰ তলিত পপাত গৈছিল। প্ৰচুৰ চাপ আৰু তাপৰ প্ৰভাৱত অক্সিজেনহীন পৰিৱেশত বেক্টেৰিয়াই ক্রিয়া কৰাৰ ফলত এইবােৰ তেলজাতীয় পদার্থলৈ পৰিণত হৈছিল।

১১। কয়লা আৰু পেট্র ‘লিয়াম নৱীকৰণযােগ্য ইন্ধন। কাৰণ দশোৱা।

উত্তৰঃ কয়লা আৰু পেট্র’লিয়াম আদি সম্পদবােৰ যুগ যুগ ধৰি প্ৰকৃতিৰ বুকুত জমা হয়। এই সম্পদবােৰ পুণঃ উৎপাদন কৰিব নােৱাৰি। যিহেতু কয়লা আৰু পেট্রলিয়াম পুনঃৰুদ্ধাৰ বা পুনঃউৎপাদন কৰিব নােৱাৰি সেয়েহে ইহঁত অনৱীকৰণযােগ্য সম্পদহে, নৱীকৰণযােগ্য সম্পদ নহয়।

১২। কয়লা কেই প্রকাৰৰ আৰু কি কি ? কোন প্রকাৰৰ কয়লা ইন্ধন হিচাবে ব্যৱহাৰৰ বাবে উত্তম।

উত্তৰঃ অশুদ্ধিৰ পৰিমাণ আৰু গুণাগুণৰ ওপৰত ভিত্তি কৰি কয়লাক মূতঃ চাৰিভাগত ভগােৱা হৈছে। যেনে –

(ক) পিট কয়লা।

(খ) লিগনাইট কয়লা।

(গ) বিটুমিনাছ কয়লা।আৰু

(ঘ) এনথ্রাছাইট কয়লা।

এনথ্রাছাইট কয়লা ইন্ধন হিচাবে ব্যৱহাৰৰ বাবে উত্তম।

১৩। পেট্রলিয়ামৰ আংশিক পাতন কৰি পােৱা দ্রব্যবােৰৰ নাম আৰু ব্যৱহাৰ উল্লেখ কৰাঁ।

উত্তৰঃ পেট্রলিয়ামৰ আংশিক পাতন কৰি পােরা দ্রব্যবােৰৰ নামবােৰ হ’ল গেছলি। পেট্রল, ডিজেল, কেৰাচিন, ইন্ধন তেল, তৰলীকৃত পেট্রলিয়াম গেছ (এল পি জি), এছফাল্ট পেট্ৰ’লিয়ামৰ আংশিক পাতন কৰি পােৱা দ্রব্যবােৰৰ ব্যৱহাৰ-

(ক) গেছ’লিনক উৰাজাহাজৰ ইন্ধন হিচাবে ব্যৱহাৰ কৰা হয়।

(খ) পেট্র’লক সাধাৰণতে গাড়ী, মটৰ, স্কুটাৰ, মটৰ চাইকেল আদি যানবাহনবােৰৰ ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়।

(গ) ডিজেলক বাছ, ট্রাক, জীপ, ৰেলগাড়ী আদি গধুৰ যানবাহনত ব্যৱহাৰ কৰা হয়।

(ঘ) কেৰাচিন তেল, লেম্প, চাকি জলােৱাত, ঈ’ভৰ ইন্ধন, জেনেৰেটৰ চলােৱা আদি কামত ব্যৱহাৰ কৰা হয়।

(ঙ) তেল, গ্রীজ আদিক মেচিনৰ অংশ আৰু সূক্ষ্ম যন্ত্রপাতিত পিচ্ছলকাৰী হিচাপে ব্যৱহাৰ কৰা হয়।

(চ) এছফাল্ট ব্যৱহাৰ কৰা হয় ৰাস্তা পকী কৰা কামত।

(ছ) এল পি জি ৰন্ধনকাৰ্য্যৰ ইন্ধন হিচাবে ব্যৱহাৰ কৰা হয়। বর্তমান ইয়াক মটৰ গাড়ীৰ ইন্ধন হিচাবেও ব্যৱহাৰ ৰা হয়।

১৪।  শুদ্ধ উত্তৰটো বাছি উলিওৱা।

১। তলৰ কোনটো গেছসেউজ গৃহ গেছ নহয় ?

(ক) হাইড্রজেন।

(খ) মিথেন।

(গ) কার্বন-ডাই-অক্সাইড।

(ঘ) নাইট্রজেন অক্সাইড।

উত্তৰঃ (ক) হাইড্রজেন।

২। কয়লাৰ প্ৰধান উপাদানটো হৈছে –

(ক) কার্বন।

(খ) হাইড্র’জেন।

(গ) ছালফাৰ।

(ঘ) রনাঞ্চল।

উত্তৰঃ (ক) কার্বন।

৩। কয়লা সৃষ্টিৰ শেষ স্তৰটো হৈছে –

(ক) পিট

(খ) লিন্নাইট

(গ) এনথ্রাছাইট

(ঘ) বিটুমিনাছ।

উত্তৰঃ (গ) এনথ্রাছাইট।

৪। তাৰ কোনবিধ দ্রব্য বনাঞ্চলৰ পৰা পাব নােৱাৰি ?

(ক) ৰবৰ।

(খ) মম।

(গ) ঔষধ।

(ঘ) লা।

উত্তৰঃ (খ) মম।

৫। ভাৰতবৰ্ষৰ শক্তিৰ প্ৰধান উৎস হৈছে-

(ক) প্রাকৃতিক গেছ।

(খ) কাঠখৰি।

(গ) কয়লা।

(ঘ) পেট্রলিয়াম।

উত্তৰঃ (গ) কয়লা।

১৫। খালী ঠাই পূৰ কৰাঁ।

(ক) উদ্ভদে ………. গেছ শশাষণৰ দ্বাৰা গােলকীয় উত্তাপন নিয়ন্ত্রণ কৰে।

(খ) পেট্ৰলিয়াম কেইবাবিধাে ………….. মিশ্ৰ।

(গ) …………… উৰাজাহাজৰ ইন্ধন হিচাবে ব্যৱহাৰ কৰা হয়।

(ঘ) কয়লৰ পৰা প্ৰস্তুত কৰা এবিধ গােটা ইন্ধন হ’ল…………….।

(ঙ) কুইনাইন …………. গছৰপৰা তৈয়াৰ কৰা হয়।

উত্তৰঃ (ক) কার্বন-ডাই-অক্সাইড।

(খ) হাইড্রকার্বনৰ।

(গ) গেছ’লিনক।

(ঘ) কক।

(ঙ) চিনবােনা।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top