Assam Jatiya Bidyalay Class 8 Science Chapter 12 বিদ্যুৎ

Assam Jatiya Bidyalay Class 8 Science Chapter 12 বিদ্যুৎ, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় বিজ্ঞান Class 8 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 12 বিদ্যুৎ Class 8 General Science Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 8 Science Chapter 12 বিদ্যুৎ Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 8 Science Chapter 12 বিদ্যুৎ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

বিদ্যুৎ

Chapter – 12

অসম জাতীয় বিদ্যালয়

EXERCISE QUESTION ANSWER

১। ঘর্ষণ বিদ্যুৎ কি ?

উত্তৰঃ এবিধ পদার্থই আন এবিধ পদাৰ্থৰ লগত ঘঁহনিৰ ফলত লাভ কৰা বিদ্যুৎ ঘর্ষণ বিদ্যুৎ বােলে।

২। পদার্থ এটা বৈদ্যুতিকভাৱে আহিত হােৱা মানে কি বুজা ?

উত্তৰঃ বিদ্যুযুক্ত হােৱা পদার্থ এটাক বৈদ্যুতিকভাৱে আহিত হােৱা বুলি কোৱা হয়।

৩। কাচৰ দণ্ড এডাল পাটৰ কাপােৰেৰে ঘঁহিলে দুয়ােবিধ পদার্থই আহিত হয়। কথাবাৰ পৰীক্ষাৰ সহায়ত স্থাপন কৰা।

উত্তৰঃ এডাল কাচৰ দণ্ড সূতাৰে ওলােমাই এটা মূৰ পাট কাপােৰেৰে ঘহি বিদ্যুৎযুক্ত কৰা হল। আন এডাল কাচৰ দণ্ডৰ এটা মুৰ একে ধৰণে বিদ্যুযুক্ত কৰি মূৰটো ওলােমাই ৰখা দণ্ডডলিৰ আহিত মূৰটোৰ ওচৰলৈ আনিলে বিকর্ষণ দেখা যায়। অর্থাৎ কাচৰ দণ্ড দুডাল বৈদ্যুতিকভাৱে একে আধানযুক্ত হৈছে। আকৌ ঘঁহা পাটৰ কাপােৰখন দণ্ডডালৰ ওচৰলৈ আনিলে আকর্ষণ কৰা দেখা যাব। অর্থাৎ পাটৰ কাপােৰখনাে আহিত হৈছে।

৪। ঘর্ষণৰ ফলত পদার্থ আধানযুক্ত হােৱাৰ কাৰণ কি ? পদাৰ্থৰ আণৱিক গঠনৰ সহায়ত ব্যাখ্যা কৰা।

উত্তৰঃ স্বাভাৱিক অৱস্থাত পৰমাণু এটাৰ নিউক্লিয়াছত থকা ধনাত্মক আধানৰ পৰিমাণ ইলেকট্রনবােৰৰ ঋণাত্মক আধানৰ সমান হয়। পৰমাণু এটাক বৈদ্যুতিকভাৱে উদাসীন বুলি কোৱা হয়। পৰমাণুৰ ভিতৰত ঋণাত্মক আধানযুক্ত ইলেকট্রনক ধনাত্মক আধানযুক্ত নিউক্লিয়াছৰ আকৰ্ষণী বলে বান্ধি ৰাখে। নিউক্লিয়াছৰপৰা কক্ষপথৰ দূৰত্ব বাঢ়িলে আকর্ষণ কমে। দুটা পদার্থ ঘঁহিলে বৰ্হিতম ইলেকট্রনৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰে। ফলত বাহিৰৰ ইলেকট্রনবােৰ কক্ষচ্যুত হয় আৰু আনবিধ পদার্থলৈ স্থানান্তৰিত হয়। ইয়াৰ ফলত এবিধ পদার্থত ইলেকট্রন সংখ্যা কমে আৰু আনবিধ সম পৰিমাণে বাঢ়ে। অর্থাৎ পদার্থ দুটা সমপৰিমানে, কিন্তু বিপৰীত আধানেৰে আহিত হয়।

৫। দুটা বস্তুৰ ঘৰ্ষণত পদার্থ দুটা সমপৰিমাণে কিন্তু বিপৰীত জাতীয় আধানেৰে আহিত হয়। পদাৰ্থৰ আণৱিক গঠনৰ সহায়ত ব্যাখ্যা কৰা ?

উত্তৰঃ স্বাভাৱিক অৱস্থাত পৰমাণু এটাৰ নিউক্লিয়াছত থকা ধনাত্মক আধানৰ পৰিমাণ ইলেকট্রনবােৰৰ ঋণাত্মক আধানৰ সমান হয়। পৰমাণু এটাক বৈদ্যুতিকভাৱে উদাসীন বুলি কোৱা হয়। পৰমাণুৰ ভিতৰত ঋণাত্মক আধানযুক্ত ইলেকট্রনক ধনাত্মক আধানযুক্ত নিউক্লিয়াছৰ আকৰ্ষণী বলে বান্ধি ৰাখে। নিউক্লিয়াছৰপৰা কক্ষপথৰ দূৰত্ব বাঢ়িলে আকর্ষণ কমে। দুটা পদার্থ ঘঁহিলে বৰ্হিতম ইলেকট্রনৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰে। ফলত বাহিৰৰ ইলেকট্রনবােৰ কক্ষচ্যুত হয় আৰু আনবিধ পদার্থলৈ স্থানান্তৰিত হয়। ইয়াৰ ফলত এবিধ পদার্থত ইলেকট্রন সংখ্যা কমে আৰু আনবিধ সম পৰিমাণে বাঢ়ে। অর্থাৎ পদার্থ দুটা সমপৰিমানে, কিন্তু বিপৰীত আধানেৰে আহিত হয়।

৬। কোনবােৰ ইলেকট্রনক মুক্ত ইলেকট্রন বােলা হয়।

উত্তৰঃ কিছুমান পৰমাণুৰ নিউক্লিয়াছৰ লগত বৰ্হিতম ইলেকট্রনবোৰৰ বান্ধোন বৰ দূর্বল। এনে বান্ধোনমুক্ত ইলেকট্রনে সহজে ইফাল-সিফাল কৰিব পাৰে। নিউক্লিয়াছ পৰা প্রায় বান্ধোনমুক্ত ইলেকট্রনবােৰক মুক্ত ইলেকট্রন বােলে।

৭। পৰিবাহী আৰু অপৰিবাহী পদার্থ কেনেদৰে চিনাক্ত কৰিব পাৰি লিখা।

উত্তৰঃ এটা বৈদ্যুতিক কোষৰ লগত বালু এটা তাৰেৰে সংযােগ কৰি এটা বৈদ্যুতিক বর্তনী বনাই লােৱা হ’ল। বর্তনীৰ মুক্ত মূৰ দুটা ভােলা থাকিলে বালুটো জ্বলি নুঠে। এতিয়া চিনাক্ত কৰিবলগীয়া পদার্থটো বর্তনীৰ মুক্ত মূৰ দুটাৰ লগত সংযােগ কৰা হ’ল। পদার্থটো পৰিবাহী হ’লে তাৰ মাজেৰে বিদ্যুৎ প্রবাহিত হব আৰু বালুটো জ্বলি উঠে। আনহাতে পদার্থটো অপৰিবাহী হ’লে তাৰ মাজেৰে বিদ্যুৎ প্রবাহিত হব নােৱাৰে আৰু বালুটো জ্বলি নুঠে।

৮। মাটি কিয় বৰ ভাল পৰিবাহী ?

উত্তৰঃ  ভূখণ্ডত প্ৰচুৰ পৰিমাণে মুক্ত ইলেকট্রন থাকে। ইচ্ছা অনুসৰি এই মুক্ত ইলেকট্রন আহৰণ কৰিব পাৰি বা ভূখণ্ডত জমা থ’ব পাৰি। সেইবাবে মাটি বৰ ভাল পৰিবাহী।

৯। লােহা এটুকুৰা পৰিবহণ পদ্ধতিৰে কেনেকৈ আহিত কৰিব পাৰি ব্যাখ্যা কৰা।

উত্তৰঃ অনাহিত লােহা এটুকুৰা আহিত কৰিবলৈ আন এটুকুৰা আহিত লােৰ টুকুৰা অনাহিত টুকুৰাৰ সংযােগত ৰখা হয়।অনাহিত টুকুৰাটো ধনাত্মকভাৱে আহিত টুকুৰাৰ লগ লগালে ধনাত্মক টুকুৰাই কিছু মুক্ত ইলেকট্রন অনাহিত টুকুৰাৰ পৰা আকর্ষণ কৰি দুয়াে টুকুৰাই সামগ্ৰীকভাৱে ধনাত্মক হৈ পৰে।অনাহিত টুকুৰাটো আঁতৰাই নিলেও ধনাত্মক হৈয়ে থাকে।

আহিত টুকুৰাটো ঋণাত্মক হলে সংযােগ স্থলেদি কিছু ইলেকট্রন অনাহিত টুকুৰালৈ যায়। ফলত অনাহিত টুকুৰাটো ঋণাত্মকভাৱে আহিত হৈ পৰে। এইদৰে, অনাহিত পৰিবাহী আহিত কৰিব পাৰি।

১০। বৈদ্যুতিক আৱেশ কি ?

উত্তৰঃ বাহ্যিক আধানৰ সহায়ত এডাল পৰিবাহীৰ ওচৰৰ মূৰটোত বিপৰীত প্ৰকৃতিৰ আধান আৰু দূৰৰ মূৰটোত একে প্রকৃতিৰ আধান গােট খুওৱা প্রক্রিয়াকে বৈদ্যুতিক আৱেশ বােলা হয়।

১১। বৈদ্যুতিক আৱেশৰদ্বাৰা পৰিবাহীৰ দুই মূৰত জমা হােৱা আধানৰ পৰিমাণ সমান কিয় ? ব্যাখ্যা কৰা৷

উত্তৰঃ যদি ধনাত্মক আহিত টুকুৰা এটা আন এডাল পৰিবাহীৰ ওচৰলৈ অনা হয়, ধনাত্মক অধানবােৰে পৰিবাহীৰ মুক্ত ইলেকট্রনবােৰ ওচৰলৈ আকর্ষণ কৰিব। ফলত ওচৰৰ মূৰটোত ইলেকট্রন থুপ খায়।

যিমান সংখ্যক ইলেকট্রন আকর্ষিত হয় আনটো মূৰত সিমান সংখ্যক ধনাত্মক আধানৰ প্রাধান্য ঘটে । ফলত দুয়ােটা মুৰত জমা হােৱা আধানৰ পৰিমাণ সমান হয়।

১২। এটা পৰিবাহী আৱেশ প্ৰক্ৰিয়াৰে কেনেকৈ আহিত কৰিব পাৰিবর্ণনা কৰা।

উত্তৰঃ

এটা পৰিবাহী আৱেশ প্ৰক্ৰিয়াৰে কেনেকৈ আহিত কৰিব পাৰিবর্ণনা কৰা

পৰিবাহী এটা ঋণাত্মকভাৱে আহিত কৰিবলৈ ধনাত্মক আধানযুক্ত টুকুৰা এটা পৰ্বিাহীৰ ওচৰলৈ অনা হয়। এতিয়া পৰিবাহীৰ ওচৰৰ মূৰত ঋনাত্মক আধান আৰু দূৰৰ মূৰত ধনাত্মক আধান কূপ খায়। পৰিবাহীৰ দূৰৰ মূৰটো ভূমি সংযোেগ কৰিলে পৃথিৱীৰ পৰা মুক্ত ইলেকট্রন ধনাত্মক মূৰটোলৈ উঠি আহি মূৰটো বৈদ্যুতিকভাৱে উদাসীন হয়। এতিয়া আবেশকাৰী ধনাত্মক আধান আতৰালে অবিষ্ট হােৱা ঋনাত্মক আধানখিনি বিয়পি পৰি পৰিবাহী টুকুৰা ঋনাত্মকভাৱে আহিত হৈপৰে। সেইদৰে ধনাত্মক আধানযুক্ত টুকুৰা এটা ওচৰলৈ আনি পৰিবাহী এটা ধনাত্মকভাৱে আহিত কৰিব পাৰি।

১৩। মেঘ কেনেকৈজাধানযুক্ত হয় ?

উত্তৰঃ বায়ুমণ্ডলত বিভিন্ন কাৰণত আধানযুক্ত কণিকা থাকে। এইবােৰত পানীৰ বাম্প জমা হৈ সৰু সৰু টোপালৰ সৃষ্টি কৰে। এনে অসংখ্য টোপাল লগ লাগি মেঘৰ সৃষ্টি হয় আৰু মেঘ আধানযুক্ত হৈ পৰে।

১৪।বিজুলী আৰু ঢেকেনিৰ সৃষ্টি কেনেকৈ হয় ব্যাখ্যা কৰা।

উত্তৰঃ আধানযুক্ত মেঘ বায়ুৰ লগত হােৱা ঘৰ্ষণৰ ফলটো’অতিৰিক্ত আধানৰ সৃষ্টি হয়। এনেদৰে প্ৰচুৰ পৰিমানে বিপৰীত আধানযুক্ত দুচপৰা মেঘ ওচৰা ওচৰি হ’লে মাজৰ বায়ুৰ স্তৰ পৰিবাহী হৈ পৰে। বায়ুৰ স্তৰ পৰিবাহী হৈ পৰা বাবে প্ৰচুৰ পৰিমাণৰ আধান এচপৰা মেঘৰপৰা আন চপৰালৈ সঞ্চালিত হয় আৰু স্ফুলিংগৰ সৃষ্টি হয়। এই স্ফুলিংগইহ’ল বিজুলী।

স্ফুলিংগই মেঘ দুচপৰাৰ মাজৰ বায়ু অতিশয় উত্তপ্ত কৰি তােলে আৰু বায়ু অকস্মাৎ প্ৰসাৰিত হৈ প্রচণ্ড শব্দৰ সৃষ্টি কৰে।এয়েই হ’ল ঢেৰেকনি।

১৫। বজ্ৰতৰ সৃষ্টি কেনেকৈ হয় ?

উত্তৰঃ কেতিয়াবা ভূ-পৃষ্ঠৰ ওপৰতে থকা মেঘৰ চপৰাত অতি বেছি আধান জমা হয়। তাৰ ফলত ভূপৃষ্ঠ আৰু ইয়াৰ ওপৰত থকা বিভিন্ন বস্তুৰ ওপৰত বিপৰীত জাতীয় আধান অৱিষ্ট হয়। অৱিষ্ট আধান অতি বেছি হ’লে মেঘৰ পৰা ভূ-পৃষ্ঠলৈ আধানৰ সঞ্চালন ঘটে। ইয়াকে বজ্রপাত বোেলা হয়।

১৬। বিজুলী পৰিবহন দণ্ডক কিয় আৰু কেনেকৈ স্থাপন কৰা হয় ?

উত্তৰঃ বজ্ৰপাতৰ পৰা ৰক্ষা পৰিবলৈ বিজুলী পৰিবহন দণ্ড ব্যৱহাৰ কৰা হয়। অট্টালিকা বা ঘৰৰ আটাইতকৈ ওখ অংশত দণ্ড এডালৰ জোঙা মূৰটো আকাশৰ ফালে কৰি স্থাপন কৰা হয়। আনটো মূৰ ঘৰৰ বেৰৰ বাহিৰেদি নি মাটিত পুতি থােৱা হয়। মেঘৰ পৰা আধান আহিলে দণ্ডডালেৰে ভু-পৃষ্ঠ পায়গৈ আৰু বজ্ৰপাতৰ পৰা ৰক্ষা পৰে।

প্রবাহী বিদ্যুৎ 

১।বিদ্যুৎপ্রবাহ কি ?

উত্তৰঃ বিদ্যুৎপ্রবাহ হ’ল ইলেকট্রনৰ সোঁত।

২। ধাতুৰ মাজেৰে কিহৰ প্ৰবাহে বিদ্যুৎপ্রবাহ সৃষ্টিকৰে ?

উত্তৰ ইলেকট্রন।

৩। জুলীয়া পদাৰ্থৰ মাজেৰে বিদ্যুৎপ্রবাহ কিহৰ কাৰণে হয় ?

উত্তৰঃ আয়ন কোনাে দিশত গতি কৰিলে জুলীয়া পদাৰ্থৰ মাজেৰে বিদ্যুৎ প্রবাহ চালিত হয়।

৪। পৰিবাহীৰ মাজেৰে বিদ্যুৎ প্রবাহ পঠিয়াবলৈ কি ব্যৱহাৰ কৰিব লাগিব ?

উত্তৰঃ পৰিবাহীৰ মাজেৰে বিদ্যুৎ প্রবাহ চালিত কৰিবলৈ হ’লে পৰিবাহীৰ দুইমুৰে বৈদ্যুতিক বিভব প্রয়ােগ কৰিব লাগে।

৫।বিভবভেদৰ এটা উৎসৰ নাম লিখা

উত্তৰঃ বিদ্যুৎ কোষ।

৬। সৰল বিদ্যুৎ কোষ আৰু বেটেৰিৰ মাজত পার্থক্য কি ?

উত্তৰঃ কেবাটাও বিদ্যুৎ কোষ লগ লগাই এটা বেটেৰি সজা হয়।

৭। এটা সৰল বৈদ্যুতিক বর্তনী আঁকা।

উত্তৰঃ

এটা সৰল বৈদ্যুতিক বর্তনী আঁকা

৮।বিভব ভেদৰ একক কি ? এটা টর্চাইটত ব্যৱহাৰ কৰা বিদ্যুৎকোষৰ ভল্টেজ কিমান ?

উত্তৰঃ বিভব ভেদৰ একক হ’ল ভল্ট।সাধাৰণ টর্চলাইটত ব্যৱহাৰ কৰা বিদ্যুৎকোষৰ ভ’ল্টেজ হ’ল 1.5 ভল্ট।

৯। চাৰিটা কোষ শ্রেণীবদ্ধভাৱেসংযােগ কৰি দেখুওঁৱা।

উত্তৰঃ 

চাৰিটা কোষ শ্রেণীবদ্ধভাৱেসংযােগ কৰি দেখুওঁৱা

১১। চাৰিটা কোষ সমান্তৰালভাৱে সংযােগ কৰি দেখুওঁৱা।

উত্তরঃ

চাৰিটা কোষ সমান্তৰালভাৱে সংযােগ কৰি দেখুওঁৱা

১১। মটৰ গাড়ীত ব্যৱহাৰকৰা বেটেৰিত কোষবােৰ কি সজ্জাত থাকে ?

উত্তৰঃ মটৰ গাড়ীত ব্যৱহাৰকৰা বেটেৰিত কোষবােৰ শ্রেণীবদ্ধ সজ্জা থাকে।

১২।ভ’ল্টৰ চাৰিটা কোষ শ্রেণীবদ্ধভাৱে সজালে সজ্জাটোৰ মুঠ ভল্টেজ কিমান হব? কোষকেইটা সমান্তৰালভাৱেসজালে কিমান হব ?

উত্তৰঃ ২ ভল্টৰ চাৰিটা কোষ শ্রেণীবদ্ধভাৱে সজালে মুঠভ’ল্টেজ হব(২+২+২+২) ভল্ট = ৮ ভল্ট।কোষকেইটা সমান্তৰালকৈ সজালে ভল্টেজ হব ২ ভল্ট।

১৩।বিদ্যুৎ কোষ সমান্তৰাল সজ্জাত সজালে কি সুবিধা হয় ?

উত্তৰঃ সমান্তৰাল সজ্জাৰপৰা বহু সময়লৈ বর্তনীত বিদ্যুৎ প্রবাহ চালিত কৰিব পাৰি।

১৪। বেটেৰি আহিতকৰণ মানে কি ?

উত্তৰঃ কোষ এটা বেছি সময় ব্যৱহাৰ কৰিলে ৰাসায়নিক বিক্রিয়াৰ পৰিমাণ কমি যায় আৰু এটা সময়ত বন্ধ হয়। কিছুমান কোষত ৰাসায়নিক বিক্রিয়া কমিলেও পুনৰ সক্রিয় কৰিব পাৰি।ইয়াক আহিতকৰণ বােলে।

১৫। বিদ্যুৎ প্রবাহ কি এককত জোখা হয় ?

উত্তৰঃ বিদ্যুৎ প্রবাহ জুখিবলৈ ব্যৱহাৰ কৰাএকক হ’ল এম্পিয়াৰ।

১৬। এক মাইক্ৰ’এম্পিয়াৰ কিমান এম্পিয়াৰৰ সমান ?

উত্তৰঃ 1 মাইক্ৰ’এম্পিয়াৰ = 10⁻⁶এম্পিয়াৰ।

১৭। বিদ্যুৎপ্রবাহ আৰু বিভবভেদ জুখিবলৈ ব্যৱহাৰ কৰা সজুলিৰ নাম কি ?

উত্তৰঃ বৈদ্যুতিক বর্তনীত প্রবাহৰ মান জুখিবলৈ এম্মিটাৰ আৰু দুই বিন্দুৰ মাজৰ বিভৱভেদ জুখিবলৈ ভল্টমিটাৰ ব্যৱহাৰ কৰা হয়।

১৮। এটা বৈদ্যুতিক বর্তনীত এম্মিটাৰ আৰু ভল্টমিটাৰ সংযােগ কৰি দেখুওৱা।

উত্তৰঃ 

এটা বৈদ্যুতিক বর্তনীত এম্মিটাৰ আৰু ভল্টমিটাৰ সংযােগ কৰি দেখুওৱা

১৯। অমৰ বিধিটো কি ?

উত্তৰঃ অমৰ বিধিটো হ’ল -“নির্দিষ্ট উষ্ণতাত পৰিবাহীৰ মাজেৰে চালিত প্ৰহৰ (I) মান পৰিবাহীৰ দুইমূৰত প্ৰয়ােগ কৰা বিভেদ (V) ৰসমানুপাতিক”।

২০। পৰিবাহীৰ মাজেৰেচালিত প্রবাহ কিহৰ কিহৰ ওপৰত নিৰ্ভৰ কৰে ?

উত্তৰঃ পৰিবাহীৰ মাজেৰে চালিত প্রবাহৰ মান পৰিবাহীৰ দুইমূৰৰ বিভেদ আৰু ৰােধৰ ওপৰত নিৰ্ভৰ কৰে।

২১। বৈদ্যুতিক বােধৰ কাৰণ কি?ইয়াৰ একক কি ?

উত্তৰঃ ধাতুৰ মাজেৰেপ্ৰবাহচালিত হােৱা মানেইয়াৰ মাজেৰে একেদিগত ইলেকট্রন সেঁত বােৱা। ইলেকট্রন গতি কৰােতে ধাতুৰ আয়নৰ লগত খুন্দা খায় গতিত বাধা দিয়ে। ইলেকট্রনে পােৱা বাধাকে ৰােধ বােলে।

ৰােধৰ একক হল ওম।

২২। কোনাে এভাল ধাতুৰ তাৰৰ দুইমূৰে 2 ভন্ট বিভৱভেদ প্রয়ােগকৰাত 0.5 এম্পিয়াৰপ্ৰবাহচালিত হল। তাঁৰডালৰ ৰােধ কিমান ?

উত্তৰঃ ইয়াত, বিভেদ V = 2 ভল্ট

প্রবাহ I = 0.5 এম্পিয়াৰ

গতিকে, ৰােধ R = V/I

 = 2 ভল্ট/ 0.5 এম্পিয়াৰ।

= 4 ওম।

২৩। তাৰডালৰ দুয়ােমূৰে 1.5 ডবিভৱভেদ প্রয়ােগ কৰিলে আৰু ৰােধ 4 ওম হ’লে কিমান প্রবাহ চালিত হব ?

উত্তৰঃ ইয়াত, V=1.5ভল্ট

R = 4 ওম

গতিকে, প্রবাহ I = V/R এম্পিয়াৰ

= 1.5/ 4 এম্পিয়াৰ

= 0.375 এম্পিয়াৰ।

২৪। ঘৰত ব্যৱহাৰ কৰা বৈদ্যুতিক বাল এটাৰ কুণ্ডলীটোৰ ৰােধ 440 ওম। ইয়াৰ দুয়ােমূৰে 220 ভল্ট বিডবভেদ প্রয়োেগ কৰিলে বালুটোৰ মাজেৰে কিমান প্রবাহ চালিত হব ?

উত্তৰঃ  দিয়া আছে, R = 440 ওম

V=220 ভল্ট

গতিকে, প্রবাহ I = V/R

= 220 ভল্ট/ 440 ওম।

=1/2 এম্পিয়াৰ

= 0.5 এম্পিয়াৰ।

২৫। কোনাে এডাল পৰিবাহী 10 ভল্ট বিভৱভেদ প্রয়ােগ কৰাত 0.5 এম্পিয়াৰ প্রবাহবয়। একে দৈর্ঘ্য আৰু ব্যাসার্ধৰ আন ধাতুৰ পৰিবাহৰ দুইমূৰত একে বিভৱভেদ প্রয়ােগ কৰাত 0.4 এম্পিয়াৰ প্ৰবাহ চলে। একে বিভভেদ প্রয়ােগ কৰা সত্বেও তাঁৰদুডালৰ মাজেৰে প্ৰবাহ কিয় বেলেগ হয় ?

উত্তৰঃ প্রথম ডাল পৰিবাহীত

V = 10 ভল্ট

I = 0.4 এম্পিয়াৰ

গতিকে ৰােধ R₁ = V/1

= 10 ভল্ট/ 0.5 এম্পিয়াৰ

=20 ওম

দ্বিতীয়ডাল পৰিবাহীত,

V= 10 ভল্ট

I= 0.5 এম্পিয়াৰ

ৰােধ R₂ =V/I

= 10 ভল্ট/ 0.4 এম্পিয়াৰ

= 22.5 ওম।

অর্থাৎ পৰিবাহী দুডালৰ ৰােধ বেলেগ বেলেগ। ৰােধ বেলেগ হােৱা বাবে প্রবাহ মাননা বেলেগ হয়।

২৬। অ’মৰ বিধিৰ গাণিতিক ৰূপটো লিখা।

উত্তৰঃ  অ’মৰ বিধিৰ গাণিতিক ৰূপটো হ’ল যদি কোনাে পৰিবাহীৰ দুই মূৰে ভল্ট বিভবভেদ প্রয়ােগ কৰাৰ ফলত I এম্পিয়াৰ’ প্রবাহ চালিত হলে V = IR, R হল পৰিবাহীৰ ৰােধ।

২৭। পৰিবাহীৰ ৰােধ ইয়াৰ দৈৰ্ঘ্যৰ ওপৰত কেনেদৰে নিৰ্ভৰ কৰে ? ৰােধ নিৰ্ভৰ কৰা আনটো ৰাশি কি ?

উত্তৰঃ পৰিবাহীৰ দৈর্ঘ্য বাঢ়িলে ইয়াৰ ৰােধ বাঢ়ে। ‘

পৰিবাহীৰ ৰােধ তাঁৰডালৰ ব্যাসার্ধৰ ওপৰত নিৰ্ভৰ কৰে। মােটা তাঁৰৰ ৰােধ মিহি তাঁৰৰ ৰােধতকৈ কম।

২৮। পৰিবাহীত বিদ্যুৎ প্রবাহৰ ফলত উৎপন্ন হােৱা তাপকিহৰ ওপৰত নিৰ্ভৰ কৰে ?

উত্তৰঃ পৰিবাহীত বিদ্যুৎ প্রবাহৰ ফলত উৎপন্ন হােৱা তাপ চালিত বিদ্যুৎ প্রবাহৰ মানৰ ওপৰত, পৰিবাহীৰ ৰােধৰ ওপৰত আৰু বিদ্যুৎ প্রবাহ চালিত সময়ৰ ওপৰত নিৰ্ভৰ কৰে।

২৯। একে দৈৰ্ঘ্যৰ এডাল মিহি আৰু এডাল মােটা তাঁৰৰ দুয়ােমূৰে একে বিভবভেদ একে সময়ৰ বাৰে প্ৰয়ােগ কৰা হ’ল। কোনডাল তাঁৰত বেছি তাপ উৎপন্ন হ’ব ? ইয়াৰ কাৰণ উল্লেখ কৰা।

উত্তৰঃ মােটা তাঁৰডালৰ ৰােধ মিহি তাঁৰডালৰ ৰােধতকৈ কম বাবে মােটা তাঁৰডালৰ মাজেৰে বেছি বিদ্যুৎ প্রবাহ চালিত হব। বেছি বিদ্যুৎ প্রবাহ চালিত হােৱা বাবে মােটা তাঁৰডালত বেছি তাপ উৎপন্ন হব।

৩০। প্রবাহচালিত পৰিবাহীত তাপ উৎপন্ন হােৱা ঘটনাৰ ওপৰত ভিত্তিকৰি সজা কেইবিধমান সঁজুলিৰ নাম্ লিখা।

উত্তৰঃ বৈদ্যুতিক বাল্ব, বৈদ্যুতিক ইষ্ট্রি, হিটাৰ, অভেন ইত্যাদি।

বিদুৎ চুম্বকত্ব 

১। বিদ্যুৎপ্রবাহে যে চুম্বকত্বসৃষ্টি কৰে সেইঘটনা প্রথমে কোনে আৱিস্কাৰ কৰিছিল ?

উত্তৰঃ বিজ্ঞানী অ’ৰেষ্টেড়ে আৱিস্কাৰ কৰিছিল।

২। এডাল লােৰ টুকুৰা বা গজাল কেনেকৈ বিদ্যুৎ চুম্বক কৰিব পাৰি তাৰ এটা বর্তনী চিত্র আঁকা।

উত্তৰঃ 

৩।বিদ্যুৎ চুম্বক এডালৰ চুম্বকত্ব কেনেকৈ বঢ়াব পাৰি ?

উত্তৰঃ কুণ্ডলীৰ মাজেৰে চালিত প্রবাহ বঢ়াই বা কুণ্ডলীৰ তাঁৰৰ পাকৰ সংখ্যা বঢ়াই চুম্বকত্ব বঢ়াব পাৰি।

৪। বিশুদ্ধ পানী বিদ্যুৎ পৰািহীনে ? ইয়াক কেনেকৈ পৰিবাহী কৰিব পাৰি ?

উত্তৰঃ বিশুদ্ধ পানী বিদ্যুত্তৰ অপৰিবাহী।বিশুদ্ধ পানীৰ লগত ধাতুৰ লৱণ মিহলি কৰিলে বিদ্যুতৰ পৰিবাহী হৈ পৰে।

৫। পানীত কপাৰ ছালফেট মিহলালেকিয় বিদ্যুৎ পৰিবাহী হয় ?

উত্তৰঃ পানীত কপাৰ ছালফেট মিহলালেকপাৰ ছালফেটৰ (CuSo₄) প্ৰতিটো অনুৰ বিভাজন ঘটি Cu⁺⁺ আৰু So₄¹¹ আয়নৰ সৃষ্টি হয়। ধনাত্মক Cu⁺⁺ আয়নবােৰ ঋনাত্মক মেৰুৰ ফালে আৰু ঋণাত্মক So₄¹¹ আয়নবােৰ ধনাত্মক মেৰুৰফালে তৰলৰ মাজেৰে গতি কৰে আৰুই বিদ্যুতৰ পৰিবাহী হৈ পৰে।

৬। এটা বর্তনী চিত্র আঁকি কপাৰ ছালফেটৰ দ্ৰৱৰ মাজেৰে চালিত আয়নৰ দিশ দেখুৱা।

উত্তৰঃ

৭। তড়িৎ লেপন কি ?

উত্তৰঃ দ্ৰৱৰ মাজেৰে চালিত বিদ্যুৎ প্রবাহৰ সহায়েৰে কোনাে ধাতুৰ ওপৰত আন ধাতুৰ প্ৰলেপ দিয়া প্রক্রিয়াক তড়িৎ লেপন  বোলে।

৮। এখন লােৰ চামুচত তামৰ প্রলেপ দিব লাগে।এই প্রলেপ কেনেকৈ পৰিব বর্তনী চিত্ৰৰে দেখুৱা।

উত্তৰঃ 

ওপৰৰ চিত্ৰত ঋনাত্মক বিদ্যদ্বাৰ হিচাবে ব্যৱহাৰ কৰা লােৰ চামুচত তামৰ প্রলেপ পৰিব।

ঘৰুৱা কামত বৈদ্যুতিক শক্তিৰ ব্যৱহাৰ 

১। বৈদ্যুতিক ক্ষমতা কি ?

উত্তৰঃ একক সময়ত এটা যন্ত্র বা সঁজুলিয়ে যি পৰিমাণৰ কাৰ্য্য কৰিব পাৰে, তাৰ যন্ত্ৰটোৰ ক্ষমতা বোলে।

২। ভল্টেজ আৰু বিদ্যুৎপ্রবাহৰ লগত বৈদ্যুতিক ক্ষমতাৰ সম্বন্ধ কি ?

উত্তৰঃ কোনাে সঁজুলিত প্রয়ােগ কৰাভল্টেজ Vআৰু ইয়াৰ মাজেৰে চালিত প্রবাহ I হলে বৈদ্যুতিক ক্ষমতা P=VI ।

৩। ক্ষমতা জুখিবলৈ কি একক ব্যৱহাৰ কৰা হয় ?

উত্তৰঃ ক্ষমতা জুখিবলৈ ব্যৱহাৰ কৰা একক হ’লট।

৪। বৈদ্যুতিক শক্তিৰ লগত ক্ষমতৰ সম্বন্ধ কি ?

উত্তৰঃ বৈদ্যুতিক শক্তিৰ লগত ক্ষমতাৰ সম্বন্ধ হ’ল –

বৈদ্যুতিক শক্তি = ক্ষমতা × সময়।

৫। বৈদ্যুতিক শক্তি কি এককত জোখা হয় ?

উত্তৰঃ বৈদ্যুতিক শক্তিৰ একক হ’ল ৱাট ছেকেণ্ড।

৬৷ 1কিল’ৱাট কিমান মাইক্ৰটৰ সমান হব ?

উত্তৰঃ 1কিল’ৱাট = 10³ ৱাট = 10³ x 10⁶ মাইক্ৰ’ৱাট = 10⁹ মাইক্ৰ’ৱাট ( এতেকে 1 মাইক্ৰ’ৱাট = 10⁻⁶ ৱাট)।

৭। টর্চলাইট বালব এটাৰ ক্ষমতা আনুমানিক কিমান হ’ব পাৰে ?

উত্তৰঃ প্রায় 1 ৱাট। 

৮। 220 ভ’ল্ট বিভৱভেদ প্রয়ােগ কৰাত এটা বাৰ মাজেৰে 0.1 এম্পিয়াৰ প্রবাহ চালিত হ’ল। বালুটোৰ ব্যয় কৰা ক্ষমতাৰ মান কিমান ?

উত্তৰঃ বালুটোৱে ব্যয় কৰা ক্ষমতা P VI

= 220 ভ’ল্ট x 0.1 এম্পিয়াৰ

=22 ৱাট।

৯। 100 বাট ক্ষমতাৰ বা এটাত 220 ভ’ল্ট বিভৱভেদ প্রয়ােগ কৰা হ’ল । বালবটোৰে কিমান প্রবাহ চালিত হব ?

উত্তৰঃ ক্ষমতা P=VI

এতেকে I = P/V

= 100 ৱাট/ 220 ভ’ল্ট

=5/11 এম্পিয়াৰ

= 0.45 এম্পিয়াৰ।

১০।এক কিল’ৱাট ক্ষমতাৰ বৈদ্যুতিক হটাৰ এটাত 200 ভ’ল্ট বিভবভেদ প্রয়ােগ কৰা হ’ল। মিটাৰটোৰে কিমান প্রবাহ চালিত হব ?

উত্তৰঃ ক্ষমতা  P=VI

এতেকে I = P/V

= 1 কিল’ৱাট/200 ভল্ট

= 1000 ৱাট/ 200 ভল্ট

= 5 এম্পিয়াৰ।

১১। ভল্টেজ, বিদ্যুৎ প্রবাহ আৰু প্ৰৱাহ চালিত সময় জনা থাকিলে ব্যয় হােৱা বৈদ্যুতিক শক্তিমান কেনেকৈ উলিয়াব পাৰি ?

উত্তৰঃ আমি জানাে যে,

বৈদ্যুতিক শক্তি = ক্ষমতা x সময়

আৰু ক্ষমতা = ভল্টেজ x প্রবাহ

গতিকে বৈদ্যুতিক শক্তি = ভল্টেজ x প্রবাহ x সময়

এই সম্পর্কৰ পৰাই বৈদ্যুতিক শক্তিৰ মান উলিয়াব পাৰি।

১২। এটা বৈদ্যুতিক ইষ্ট্রি ক্ষমতা 0.6 ৱাট। 1.5ঘণ্টাতই কিমান বৈদ্যুতিক শক্তি ব্যয় কৰিৰ ?

উত্তৰঃ ক্ষমতা = 0.6 ৱাট

সময় = 1.5 ঘণ্টা 

= 1.5 x 60 x 60 ছে 

= 5400 ছে

এতেকে বৈদ্যুতিক শক্তি = 0.6 ৱাট x 5400 ছে.

= 3240 ৱাট ছেকেণ্ড |

১৩। দুটা 60 ৱাটৰ বা ৪ ঘন্টা একেৰাহে জলিল। বালু দুটাই ব্যয় কৰা মুঠ শক্তি কিমান হব ?

উত্তৰঃ বালবৰ ক্ষমতা = 60 ৱাট

সময় = 5 ঘণ্টা

2 টা বাল্বে ব্যয় কৰা মুঠ শক্তি =2 x 60 × 5 ৱাট -ঘণ্টা

= 600 ৱাট-ঘণ্টা

= 0.6 কিল’ৱাট-ঘন্টা।

১৪। দুটা 40 ৰাটৰ বা দিনে 5 ঘণ্টাকৈ জ্বলিলে 30 দিনত মুঠ কিমান বৈদ্যুতিক শক্তি ব্যয় হব ? এক ইউনিট বৈদ্যুতিক শক্তিৰ বাবে খৰচ 2.50 টকাহ’লেৰা দুটা জলা বাবে কিমান খৰছভৰিব লাগিব ?

উত্তৰঃ ক্ষমতা = 40 ৱাট

সময় = 5 x 30 ঘণ্টা = 150 ঘণ্টা

1 টা বালবৰ বৈদ্যুতিক শক্তি = 40 x150 ৱাট-ঘণ্টা

= 6000 ৱাট-ঘণ্টা

এতেকে 2 টা বাৰ বৈদ্যুতিক শক্তি = 2 x 6000 ৱাট-ঘণ্টা

= 12000 বাট-ঘণ্টা

= 12 কিলবাট ঘণ্টা

= 12 ইউনিট

এক ইউনিটৰ বাবে খৰচহয় 2.50 টকা

এতেকে 12 ইউনিটৰ বাবে খৰচ হব 12 x 2.50 টকা

= 30.00 টকা।

১৫। এটা টর্চলাইটৰত 2 ভল্ট বিভৱভেদ প্রয়ােগৰুৰাত 0.2 এম্পিয়াৰ প্ৰবাহ 10 ছেকেণ্ডৰ বাবে চালিত হল। টর্চলাইটটোত কিমান কিল’ৱাট ঘন্টা বৈদ্যুতিক শক্তি খৰচ হব ?

উত্তৰঃ টর্চলাইটটোৱে খৰচ কৰা বৈদ্যুতিক শক্তি = ক্ষমতা ×  সময়

= বিভৱভেদ x প্রবাহ x সময়

= 2 ভ’ল্ট x 0.2 এম্পিয়াৰ × 10 ছে.

= 4 ৱাট – ছে.

= 4 x 10⁻³ কিল’ৱাট × 1/ 60 x 60 ঘণ্টা

= 4 x 10⁻³ / 3600 কিল’ৱাট ঘণ্টা

= 1/ 9 × 10⁻⁵ কিল’ৱাট ঘণ্টা

১৬। জেনেৰেটৰৰ মূল নীতিটো কি ?

উত্তৰঃ জেনেৰেটৰৰ মূল নীতিটো হ’ল – “চুম্বকত্ব থকা কোনাে অঞ্চলত এটা ধাতুৰ তাৰৰ কুণ্ডলী ঘূৰালে কুণ্ডলীৰ দুইমূৰত বিভৱভেদৰ সৃষ্টি হয়। এনেদৰে বিভৱভেদ প্রয়ােগ কৰি বিদ্যুৎ প্রবাহ পাব পাৰি।”ইয়াত যান্ত্রিক শক্তিক বিদ্যুৎ শক্তিলৈ ৰূপান্তৰ কৰা হয়।

১৭। তিনি ধৰণৰ বিদ্যুৎ উৎপাদন কেন্দ্র কি কি ?

উত্তৰঃ তিনি ধৰণৰ বিদ্যুৎ উৎপাদন কেন্দ্র হল –

(ক) জলবিদ্যুৎ কেন্দ্র (ইয়াত পানী জোৰেৰে পৰিবলৈ দি টার্বাইন ঘূৰােৱা হয়)।

(খ) তাপবিদ্যুৎ কেন্দ্র (ইয়াত পানীৰ বাৰে টার্বাইন ঘূৰােৱা হয়)।

(গ) পাৰমাণৱিক শক্তিকেন্দ্র (পাৰমাণৱিক শক্তিৰ সহায়ত বিদ্যুৎ উৎপাদন কৰা হয়)।

১৮। জলবৈদ্যুতিক কেন্দ্ৰত কি শক্তি ব্যৱহাৰ কৰি টার্বাইন ঘূৰােৱা হয় ?

উত্তৰঃ জলবৈদ্যুতিক কেন্দ্ৰত নদী বা হূদত বান্ধ দি পানী জমা কৰি তাক জোৰেৰে পৰিবলৈ দি টার্বাইন ঘূৰােৱা হয়।

১৯। ফিউজ  তাৰডাল ক’ত লগােৱা থাকে ? যি কোনাে তাঁৰকেই ফিউজ হিচাবে সংযােগ কৰিব পাৰিনে ?

উত্তৰঃ ঘৰুৱা বৈদ্যুতিক বর্তনীত শ্রেণীবদ্ধভাৱে ফিউজ তাৰডাল লগােৱা থাকে। কিবা কাৰণত বর্তনীত বেছিকৈ প্রবাহ চালিত হ’লে ফিউজডাল উত্তপ্ত হৈ গলি যায় ফলত বর্তনীৰে প্রবাহ চালিত নহয় আৰু ঘৰৰ সঁজুলি বা তাৰ নষ্ট হােৱাৰ পৰা ৰক্ষা পৰে।

তাৰকেই ফিউজ হিচাবে সংযােগ কৰিব নােৱাৰি। সদায় এটা নির্দিষ্ট মানৰ ফিউজহে ব্যৱহাৰ কৰিব লাগে।

অতিৰিক্ত প্ৰশ্নোত্তৰ

১। চর্ট ছার্কিট হােৱা মানে কি বুজা ?

উত্তৰঃ বিদ্যুৎ বর্তনীত পৰিবাহী তাঁৰ দুডাল অপৰিবাহী তৰপৰ ভিতৰত থাকে । কেতিয়াবা কিবা কাৰণত ভিতৰৰ তাঁৰ দুডাল মুক্ত হলে তাঁৰৰ মুক্ত অংশ লগ লাগিলে স্ফুলিংগৰ সৃষ্টি হয়। এই অৱস্থাটোক চৰ্ট ছার্কিট বুলি কোৱা হয়।

২৷ 1 কিল’ৱাট ঘণ্টা বুলিলে কি বুজা ?

উত্তৰঃ কোনাে বৈদ্যুতিক সজুলিয়ে 1 ঘণ্টাত 1 কিল’ৱাট পৰিমাণৰ কাম কৰিলে বৈদ্যুতিক শক্তিৰ পৰিমাণক 1 কিল’ৱাট ঘণ্টা বােলে।

৩। বিদ্যুৎ চুম্বক কি কি কামত ব্যৱহাৰ কৰা হয় ?

উত্তৰঃ ডাঙৰ ডাঙৰ কাৰখানাত বিদ্যুৎ চুম্বকৰ সহায়েৰে গধুৰ বস্তু ওপৰলৈ উঠোৱা নমােৱা কৰা হয়। কিছুমান বৈদ্যুতিক যন্ত্র পাতিও বিদ্যুৎ চুম্বক ব্যৱহাৰ কৰা হয়। মিশ্র পদাৰ্থৰপৰা লাে-জাতীয় বস্তু আতৰাবলৈও ইয়াক ব্যৱহাৰ কৰিব পাৰি।

৪। সৰল ভন্টীয় কোষ কোনে প্রথমতে সাজিছিল ? ইয়াত কি শক্তিৰ ৰূপান্তৰ হয় ?

উত্তৰঃ ইটালিৰ পদার্থবিজ্ঞানী ভ’ল্টাই প্রথমে সৰল কোষ সাজি উলিয়াইছিল। সৰল ভ’ল্টীয় কোষত ৰাসায়নিক শক্তি বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰ হয়।

৫। বৈদ্যুতিক উত্তেজক জুলীয়া পদার্থ বুলিলে কি বুজা ?

উত্তৰঃ যি দ্ৰৱৰ মাজেৰে বিদ্যুৎ প্রবাহ চালিত হয় তাক বৈদ্যুতিক উত্তেজক জুলীয়া পদার্থ বােলে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top