Assam Jatiya Bidyalay Class 8 Science Chapter 10 পোহৰ: প্ৰতিফলন, প্ৰতিসৰণ আৰু বৰণ

Assam Jatiya Bidyalay Class 8 Science Chapter 10 পোহৰ: প্ৰতিফলন, প্ৰতিসৰণ আৰু বৰণ, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় বিজ্ঞান Class 8 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 10 পোহৰ: প্ৰতিফলন, প্ৰতিসৰণ আৰু বৰণ Class 8 General Science Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 8 Science Chapter 10 পোহৰ: প্ৰতিফলন, প্ৰতিসৰণ আৰু বৰণ Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 8 Science Chapter 10 পোহৰ: প্ৰতিফলন, প্ৰতিসৰণ আৰু বৰণ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

পোহৰ: প্ৰতিফলন, প্ৰতিসৰণ আৰু বৰণ

Chapter – 10

অসম জাতীয় বিদ্যালয়

EXERCISE QUESTION ANSWER

১। আমি পােহৰ দেখা পাওঁনে?আমি বস্তুবিলাক কেতিয়া দেখা পাওঁ ?

উত্তৰঃ পােহৰ আমি দেখা নাপাওঁ।কোনাে বস্তুত পােহৰ পৰিলে কম বেছি পৰিমানে পােহৰ প্ৰতিফলি হয়। পােহৰ প্রতিফলিত কৰা বস্তুবােৰ আমি দেখা পাওঁ।

২।দীপ্তিমান আৰু অদ্বীপ্তিমান বস্তু কাক বােলে ?

উত্তৰঃ নিজস্ব পােৰ থকা বস্তুবােৰক দ্বীপ্তিমান বস্তু বােলে আৰু নিজস্ব পােহৰ নথকা বস্তুবােৰক অদীপ্তিমান বস্তু বােলে।

৩। অদীপ্তিমান বস্তুক আমি কেতিয়া দেখা পাওঁ ?

উত্তৰঃ অদীপ্তিমানবস্তুত পােহৰ পৰিলে তাৰপৰা পােহৰ উভতি আহে বা প্রতিফলিত হােৱাৰ ফলত আমি বস্তুটো দেখা পাওঁ।

৪। বিন্দুভকাক বােলে ?

উত্তৰঃ বিন্দুসম পােহৰৰ উৎসক বিন্দু প্রভৱ বােলে।

৫। পোহৰৰ স্বাভাৱিক আৰু কৃত্রিম উৎসৰ তিনিটাকৈ নাম লিখা।

উত্তৰঃ পােহৰৰ স্বাভাৱিক উৎসঃ সূর্য , তৰা, জোনাকী পৰুৱা।

পােহৰৰ কৃত্রিম উৎস- মমশিখা, লেম্প, বৈদ্যুতিক বাল্ব ইত্যাদি।

৬। আলােকীয় মাধ্যম কাক বােলে ?

উত্তৰঃ যিবােৰ স্বচ্ছ পদাৰ্থৰ মাজেৰে পােহৰ পাৰ হৈ যায়, সেইবােৰক আলােকীয় পদার্থ বা মাধ্যম বােলে।

৭। সূত্র লিখা।

(ক) পােহৰৰ বিম বা ৰশ্মিপুঞ্জ আৰু পােহৰৰ পেঞ্চিল।

উত্তৰঃ পােহৰৰ সমান্তৰাল ৰশ্মিৰ গৃপক পােহৰৰ বিম বাৰশ্মিপুঞ্জ বােলে।পােহৰৰ ঠেক ৰশ্মিপুঞ্জক পােহৰৰ পেঞ্চিল বােলে।

(খ) অভিসাৰী আৰু অপসাৰী বিম বা পােহৰ।

উত্তৰঃ পােহৰৰ ৰশ্মিবােৰ এটা বিন্দুত মিলিত হলে বা মিলিত হােৱা যেন লাগিলে, তেনে পােহৰক অভিসাৰী ৰশ্মি বােলে।

আকৌ পােহৰৰ ৰশ্মিবােৰ পৰস্পৰৰ পৰা আঁতৰি গলে, তেনে পােহৰক অপসাৰী ৰশ্মি বােলে।

৮। পােহৰ পাতল মাধ্যমৰ পৰা ঘন মাধ্যমত পৰিলে কি কি হয় চিত্র আঁকা।

উত্তৰঃ 

পােহৰ পাতল মাধ্যমৰ পৰা ঘন মাধ্যমত পৰিলে কি কি হয় চিত্র আঁকা

পােহৰ ৰশ্মি পাতল মাধ্যমৰ পৰা ঘন মাধ্যমত পৰিলে – দুই মাধ্যমৰ সন্ধিস্থলৰ পৰা কিছু পােহৰ পুনৰ প্ৰথম মাধ্যমলৈ ঘূৰি যায়, আন একাংশ দ্বিতীয় মাধ্যমত প্ৰৱেশ কৰে আৰু নতৰ মাধ্যম পােহৰৰ কিছুশক্তি শােষিত হয়। তাক তলৰ চিত্ৰত দেখুওৱা হল-

৯। এটা চিত্র আঁকি আপতিত ৰশ্মি, প্রতিফলিত ৰশ্মি, অভিলম্ব, আপতন কোণ, প্রতিফলিত কোণ আৰু প্ৰতিসৰণ কোণ দেখুওৱা।

উত্তৰঃ

এটা চিত্র আঁকি আপতিত ৰশ্মি, প্রতিফলিত ৰশ্মি, অভিলম্ব, আপতন কোণ, প্রতিফলিত কোণ আৰু প্ৰতিসৰণ কোণ দেখুওৱা

চিত্ৰত –

(i) আপতিত ৰশ্মি।

(ii) প্রতিফলিত ৰশ্মি।

(iii) অভিলম্ব।

(iv) আপতন কোণ।

(v) প্রতিফলন কোণ।

(vi) প্রতিসৰণ কোণ।

১০।(ক) স্বচ্ছ পদার্থত পােহৰ পৰিলে প্রতিফলন আৰুপ্রতিসৰণ এইদুটা পৰিঘটনাৰ কোনটো বেছি হয় ?

উত্তৰঃ স্বচ্ছ মাধ্যমত পােহৰ পৰিলে অধিকাংশ পােহৰ প্রতিসৰণ হয়।

(খ) প্রতিফলনৰ নিয়ম দুটা লিখা।

উত্তৰঃ পােহৰৰ প্ৰতিফলনৰ নিয়ম দুটা হ’ল –

(ক) আপতিত ৰশ্মি, প্রতিফলিত ৰশ্মি আৰু আপতন বিন্দুত টনা অভিলম্ব একেখন সমতলত থাকে।

(খ) আপতন কোণ আৰু প্রতিফলন কোণ সমান।

(গ) চিত্ৰ আঁকি প্রতিফলনৰ বিধি দুটা ব্যাখ্যা কৰা।

উত্তৰঃ 

 চিত্ৰ আঁকি প্রতিফলনৰ বিধি দুটা ব্যাখ্যা কৰা

চিত্ৰত TS এখন প্রতিফলক পৃষ্ঠ। ইয়াৰ B বিন্দুত AB ৰশ্মি আপতিত হৈ BC দিশত প্রতিফলিত হৈছে। B বিন্দুত BN হ’ল অভিলম্ব।

প্রথম নিয়ম মতে আপতিত ৰশ্মি AB, প্রতিফলিত ৰশ্মি BC আৰু অভিলম্ব BN একেখন সমতলত অর্থাৎ কাগজৰ পৃষ্ঠাতেই আছে।

দ্বিতীয় নিয়মমতে আপতন কোন ABN = প্রতিফলন কোণ  CBN |

১১। পিন পদ্ধতিৰদ্বাৰা পােহৰৰ প্ৰতিফলনৰ নিয়ম দুটা প্রমাণ কৰাঁ।

উত্তৰঃ  

পিন পদ্ধতিৰদ্বাৰা পােহৰৰ প্ৰতিফলনৰ নিয়ম দুটা প্রমাণ কৰাঁ

পােহৰৰ প্রতিফলনৰ নিয়ম দুটা প্রমাণ কৰিবলৈ কাঠৰ মিহি তক্তা বা পীৰা এখনত (MNOP) বগা কাগজ এখন আঠাৰে লগাই লােৱা হ’ল। তাৰ ওপৰত । এখন সমতল দাপোন (QRST) থিয় কৰাইৰখা হ’ল এতিয়া ব’র্ডখনৰ বাওঁপিনে হেলনীয়াকৈ পেঞ্চিলেৰে AB ৰেখা টানি-লােৱা হ’ল। AB ৰ ওপৰত দুটা পিন (1,2) থিয়কৈ পুতি সোঁপিনৰ পৰা চালে পিন দুটাৰ প্রতিবিম্ব (1¹,2¹) পিছপিনে দেখা যাব আন দুটা পিন (3,4) প্রতিবিম্ব পিন দুটাৰ লগত একে ৰেখাত মিলাকৈ পােতা হ’ল এই পিন দুটাৰ স্থানক BC ৰেখাৰে সংযােগ কৰিলে ই প্রতিফলিত ৰশ্মি সূচাব। B বিন্দুত BL অভিলম্ব অকা হ’ল।

প্রতিফলনৰ নিয়মমতে আপতিত ৰশ্মি AB, প্রতিফলিত ৰশ্মি BC আৰু অভিলম্ব BL একে সমতলতে আছে। দ্বিতীয় নিয়ম মতে, কোণমাপক যন্ত্ৰৰে জুখিলে আপতন কোণ ABL = প্রতিফলন কোণ CBL পােৱা যাব।

১২। প্রতিবিম্ব কি ?

উত্তৰঃ প্রতিফলিত পােহৰে দাপােনত প্রতিচ্ছবি গঠন কৰে। এনে প্রতিচ্ছবিক প্রতিবিম্ব বােলে।

১৩। দিনৰ ভাগত অদীপ্তিমান বস্তুবােৰে প্রতিবিম্ব দাপােনত গঠন হবলৈ পােহৰ কৰ পৰা পায় ?

উত্তৰঃ সূৰ্য্যৰ পােহৰ অদীপ্তিমান বস্তুবােৰত পৰি তাৰপৰা দাপােনত প্রতিবিম্ব গঠন হয়।

১৪। এখন সমতলীয় দাপােনত বিন্দু-প্রভৱ এটা প্রতিবিম্ব কেনেকৈ গঠন হয় চিত্র আকি ব্যাখ্যা কৰা।

উত্তৰঃ 

এখন সমতলীয় দাপােনত বিন্দু-প্রভৱ এটা প্রতিবিম্ব কেনেকৈ গঠন হয় চিত্র আকি ব্যাখ্যা কৰা

ধৰাহ’ল MM¹ সমতল দাপােন সন্মুখত A এটা বিন্দু প্রভৱ। A ৰ পৰা AO আৰু AO¹ আপতিত ৰশ্মি যথাক্রমে OB আৰু O¹B¹ দিশত প্রতিফালত হৈছে। ON আৰু O¹N¹ ক্রমে O আৰু O¹ বিন্দুত টনা অভিলম্ব। প্রতিফলিত ৰশ্মি OB আৰু O¹B আমাৰ চকুত অপসাৰী হৈ সােমায় আৰু পিছপিনে বঢ়াই দিলে A¹ বিন্দুতলগ লাগে।

দাপােনখন নাথাকিলে ৰশ্মি দুডাল A বিন্দুৰ পৰা আহে কিন্তু দাপােনত প্রতিফলিত হােৱাৰ ফলত A¹ ৰ পৰা অহা যেন লাগে। অর্থাৎ A¹ বিন্দু A ৰ প্রতিবিম্ব হৈ পৰে।

১৫।সমতলীয় দাপােনত গঠন হােৱা প্রতিবিম্বৰ বৈশিষ্ট্যসমূহ কি কি ?

উত্তৰঃ সমতল দাপােনত গঠন হােৱা প্রতিবিম্বৰ বৈশিষ্ট্যসমূহ হ’ল-

(ক) প্রতিবিম্ব থিয় হয়।

(খ) প্রতিবিম্ব সদায় অসৎ হয়।

(গ) দাপােণৰ পৰা লক্ষ্যবস্তুৰ দূৰত্ব আৰু প্ৰতিবিম্বৰ দূৰত্ব সমান হয়।

(ঘ) প্রতিবিম্বৰ আকাৰ আৰু লক্ষ্যবস্তুৰ আকাৰ সমান হয়।

১৬। পার্শ্বীয় বিলম্বন কি ?

উত্তৰঃ সমতল দাপােনত আমি সোঁহাত লৰালে প্রতিবিম্বই বাওঁহাত, আমি বাওঁহাত লৰালে প্রতিবিম্বৰ সোঁহাত লৰােৱা যেন লাগে। ইয়াকে পার্শ্বীয় বিলম্বন বােলে।

অতিৰিক্ত প্ৰশ্নোত্তৰ

১। শূন্যত পােহৰৰ বেগ কিমান ?

উত্তৰঃ প্রতি ছেকেণ্ডত তিনি লাখ কিলমিটাৰ।

২। সমসত্ব মাধ্যম কাক বােলে ?

উত্তৰঃ যিবােৰ মাধ্যমত পােহৰে সকলাে দিশতে সমান বেগেৰে গতি কৰে, তেনে মাধ্যমক সমসত্ব মাধ্যম বোলে।

৩। দাপােণ কি ?

উত্তৰঃ দাপােণ হ’ল পােহৰৰ উত্তম প্রতিফলক।

গােলাকাৰ দাপােণ 

১।(ক) গােলাকাৰ দাপােণ কি ?

উত্তৰঃ গােলাকাৰ দাপােণ হ’ল পােহৰ প্রতিফলিত কৰিব পৰা এটা গােলকৰ অংশ।

(খ) উত্তল আৰু অবতল দাপোণ কাক বােলে ? গােলাকাৰ দাপােণ কি কামত ব্যৱহাৰ হয় ?

উত্তৰঃ গােলাকাৰ দাপােণৰ প্রতিফলক পিঠিখন উঠা হলে তাক উত্তল দাপােণ বােলে আৰু প্ৰতিফলক পিঠিখন দ হলে তাক অবতল দাপােণ বােলে।

গােলাকাৰ দাপােণ মুখ চাবলৈ, দূৰবীণ সাজিবলৈ, মটৰ গাড়ীত আৰু আন বৈজ্ঞানিক যন্ত্রপাতি সাজিবলৈ ব্যৱহাৰ কৰা হয়।

২। সূত্র লিখা –

১। ভাঁজকেন্দ্র।

২। ভাঁজ ব্যাসাদ্ধ।

৩।ধ্ৰুৱ বিন্দু বা মেৰু।

৪। মুখ্য অক্ষ।

৫। ফ’কাছ বা নাভিবিন্দু।

৬। ফ’কাছ দৈর্ঘ্য।

৭। অসীম দূৰত্ব।

উত্তৰঃ ১।ভাঁজকেন্দ্র :- গােলাকাৰ দাপােণখন যিটো গােলকৰ অংশ, সেই গােলকটোৰ কেন্দ্র বিন্দুটোক দাপােনখনৰ ভাজকেন্দ্র বোলে। 

২। ভাঁজ ব্যাসার্জ :- গােলাকাৰ দাপােনখন যিটো গােলকৰ অংশ, সেই গােলকটোৰ ব্যাসার্ধক দাপােনখনৰ ভাজ ব্যাস’ বােলে।

৩। ধ্রুব বিন্দু বা মেৰু :- গােলাকাৰ দাপােনৰ মধ্যবিন্দুটোক দাপােনৰ মেৰু বােলে।

৪। মুখ্য অক্ষ :- গেলাকাৰ দাপােণৰ মেৰু আৰু ভাজকেন্দ্ৰৰ মাজেদি যােৱা ৰেখাডালক দাপােণৰ মুখ্য অক্ষ বােলে।

৫। ফ’কাছ বা নাভিবিন্দু :- দাপােৰ মুখ্য অক্ষৰ সমান্তৰালকৈ অহা ৰশ্মি দাপােনত প্রতিফলনৰ পিছত মুখ্য অক্ষৰ যি বিন্দুত লগ লাগে বা লগ লগা যেন লাগে, সেই বিন্দুটোক ফ’কাছ বিন্দু বােলে।

৬। ফ’কাছ দৈর্ঘ্য :- গােলাকাৰ দাপােনৰ ফ’কাছ আৰু নাভিৰ মাজৰ দূৰত্বক ফ’কাছ দৈর্ঘ্য বােলে।

৭। অসীম দূৰত্ব :- দাপােনৰ ফ’কাছ দূৰত্বতকৈ বহুগুণ ডাঙৰ দূৰত্বক অসীম দূৰত্ব বুলি কোৱা হয়।

(খ) মুখ্য অক্ষৰ সমান্তৰালভবে অবতল আৰু উত্তল দাপােণত পোহৰ আপতিত হলে ক’ত ফ’কাছ হয় বা হােৱা যেন লাগে চিত্র আকি দেখুওৱা।

উত্তৰঃ 

মুখ্য অক্ষৰ সমান্তৰালভবে অবতল আৰু উত্তল দাপােণত পোহৰ আপতিত হলে ক’ত ফ'কাছ হয় বা হােৱা যেন লাগে চিত্র আকি দেখুওৱা

৩। (ক) উত্তল বা অবতল দাপােণৰ ক্ষেত্ৰত ফকাছ দৈর্ঘ্য আৰু ভাঁজ ব্যাসার্ধৰ সম্বন্ধটো লিখা।

উত্তৰঃ ফ’কাছ দৈর্ঘ্য f আৰু ভাজ ব্যাসার্ধ R হলে f= R/2।

(খ) উত্তল বা অবতল দাপােণৰ ক্ষেত্ৰত প্রমাণ কৰা যে f = R/২।

উত্তৰঃ 

উত্তল বা অবতল দাপােণৰ ক্ষেত্ৰত প্রমাণ কৰা যে f = R/২

MM¹ দাপােণৰ মুখ্য অক্ষ CP ৰ সমান্তৰালকৈ AN আপতিত ৰশ্মি আৰু NF প্রতিফলিতৰশ্মি।C আৰু F ক্রমে দাপােণৰ

ভাজকেন্দ্ৰ আৰু ফ’কাছ। CN হ’ল N বিন্দুত টনা অভিলম্ব।

প্রতিফলনৰ বিধিমতে N বিন্দুত ANC = CNF আকৌ AN IICP আৰু

CN ছেদক, গতিকে জ্যামিতিৰ নিয়ম মতে NCF = ANC

এতেকে, NCF= CNF

গণিকে ত্রিভূজৰ ধৰ্ম মতে, CF= NF

দাপােনৰ মুখখন সৰু হলে N বিন্দুটো P বিন্দুৰ ওচৰত থাকে, গতিকে FN = FP

এতেকে  CF + FN = CF + FP = FP + FP = 2FP =2f

আকৌ CF + FN = CF + FP = R

এতেকে R=2f

বা f = R/২।

৪। সূৰ্যৰ পােহৰ ব্যৱহাৰ কৰি অবতল দাপােণ এখনৰ ফ’কাছ দৈর্ঘ্য কেনেকৈ জুখিব পাৰিবর্ণনা কৰা।

উত্তৰঃ অবতল দাপোনখন সুৰ্য্যৰ পোহৰত ধৰিলে বহু আতৰত থকা সূৰ্যৰ ৰশ্মিবােৰ প্রায় সমান্তৰালকৈ দাপোনত পৰিব। দপােনখন এনেভাবে ধৰা হ’ল যাতে সূৰ্যৰ পোহৰ মুখ্য অক্ষৰ সমাৰাল হয়। এতিয়া এখন কাগজত প্রতিফলিত পােহৰখিনি যিমান সৰু কৈ পাৰি থুপ খোৱা হ’ল। পােহৰৰ থুপ খোৱা  ঠাইখিনিয়ে হ’ল ফ’কাছ বিন্দু। এই উচ্ছন্ন বিন্দু টোৰ পৰা দাপােনখনৰ মধ্যবিন্দুলৈ দূৰত্বই হ’ল দাপােণখনৰ ফ’কাছ দৈর্ঘ্য ।

৫। অবতল দাপােনত এটা বিন্দুসম দীপ্তিমান লক্ষ্যবস্তু ৰাখিলে প্রতিফলিত ৰশ্মি আঁকা।

উত্তৰঃ

অবতল দাপােনত এটা বিন্দুসম দীপ্তিমান লক্ষ্যবস্তু ৰাখিলে প্রতিফলিত ৰশ্মি আঁকা

৬। তবতা দাপাত এটা থিয় লক্ষ্যবস্তু ৰাখি প্রতিবিম্ব কেনেকৈ গঠন হয় আকি দেখুওৱা।

উত্তৰঃ 

তবতা দাপাত এটা থিয় লক্ষ্যবস্তু ৰাখি প্রতিবিম্ব কেনেকৈ গঠন হয় আকি দেখুওৱা

AB লক্ষ্য বস্তুৰ A¹B¹ সৎ প্ৰতিবিম্ব।

৭। সৎ আৰু অসৎ প্রতিবিম্ব কাক বােলে ?

উত্তৰঃ যিবােৰ প্রতিবিম্ব পােহৰৰ প্রতিফলিত (বা প্রতিসৰিত) বশ্বিবােৰ প্ৰকৃততে কটাকটি কৰাৰ ফলত গঠন হয় তেনে প্রতিবিম্বক সৎ প্রতিবিম্ব বােলে।

যিবােৰ প্রতিফতি (বা প্রতিসৰিত) ৰশ্মি বঢ়াই দিলেহেকটাকটি কৰা যেন লাগে, তে নবােৰ ৰশ্মিয়ে গঠন কৰা প্রতিবিম্বক অসৎ প্রতিবিম্ব বােলে।

৮। অৰতল দাপােন এখনত মুখ্য অক্ষৰ সমান্তৰালভাৱে আৰু ভাঁজকেন্দ্ৰৰ মাজেৰে যােৱা এড়াল ৰশ্মি আঁকি প্রতিবিম্বৰ গঠন দেখুওৱা।

উত্তৰঃ 

অৰতল দাপােন এখনত মুখ্য অক্ষৰ সমান্তৰালভাৱে আৰু ভাঁজকেন্দ্ৰৰ মাজেৰে যােৱা এড়াল ৰশ্মি আঁকি প্রতিবিম্বৰ গঠন দেখুওৱা

৯। অবতল দাণে এখনত কি এটা প্রতিবিম্ব কেনেকৈ পদার্থ ধৰিব পাৰি বর্ণনা কৰা।

উত্তৰঃ

অবতল দাণে এখনত কি এটা প্রতিবিম্ব কেনেকৈ পদার্থ ধৰিব পাৰি বর্ণনা কৰা

অবতল দাপােণখন টেকুল এখনৰওপৰত থিয়কৈ ধৰা হ’ল। মমৰ শিখা এটা দাপােনৰ সন্মুখতএনেকৈ থােৱা হ’ল যাতে ইভাজকেন্দ্ৰৰ বাহিৰত আৰু মুখ্য অক্ষৰ একে ৰেখাত থাকে। কিছু আতৰত বগা কাগজ এখন ধৰিলে মম শিখাটোৰ এটা ওলােটা প্রতিবিম্ব দেখা যায়।

১০। তলত দিয়া অৱস্থাত অবতল দাপােণৰ ক্ষেত্ৰত চিত্র আঁকি প্রতিবিম্বৰ গঠন দেখুওৱা।

(ক) লক্ষ্যবস্তু অসীম দূৰত্ব আৰু ভাঁজকেৰ মাজত থাকিলে।

উত্তৰঃ প্রতিবিম্ব সৎ, ওলােটা আৰু সংকুচিত

লক্ষ্যবস্তু অসীম দূৰত্ব আৰু ভাঁজকেৰ মাজত থাকিলে

(খ) লক্ষ্যবস্তু ভাঁজকেন্দ্ৰত থাকিলে।

উত্তৰ প্রতিবিম্ব সৎ, ওলােটা আৰু সমান আকাৰৰ

লক্ষ্যবস্তু ভাঁজকেন্দ্ৰত থাকিলে

(গ) লক্ষ্যবস্তু ভাঁজকেন্দ্ৰ আৰু ফ’কাছৰ মাজত থাকিলে।

উত্তৰঃ প্রতিবিম্ব সৎ, ওলােটা আৰু পৰিবর্ধিত

লক্ষ্যবস্তু ভাঁজকেন্দ্ৰ আৰু ফ'কাছৰ মাজত থাকিলে

(ঘ) লক্ষবস্তু ফকাছত থাকিলে।

উত্তৰঃ প্রতিবিম্ব সৎ, ওলােটা, আকাৰত লক্ষ্যবস্তুতকৈ বহুগুণ ডাঙৰ।

লক্ষবস্তু ফকাছত থাকিলে

(ঙ) লক্ষ্যবস্তু মেৰু আৰু ফকাছৰ মাজত থাকিলে।

উত্তৰঃ প্রতিবিম্ব অসৎ, থিয় আৰু পৰিবর্ধিত ।

লক্ষ্যবস্তু মেৰু আৰু ফকাছৰ মাজত থাকিলে

১১। অবতল দাপােণ এখনৰ ফ’কাছ দৈর্ঘ্য মােটামুটিভাৱে কেনেদৰে নির্ণয় কৰিব পাৰি বর্ণনা কৰা।

উত্তৰঃ  অবতল দাপােণখন আতৰৰ পৰা ক্ৰমে নাকটোৰ পিনে অনা হ’ল। প্রথমে অস্পষ্ট হৈ থকা নাকৰ আগটো এটা সময়ত হঠাৎ স্পষ্ট হৈ পৰে। এই অৱস্থাত নাকৰ আগটো আৰু দাপােণৰ মেৰুৰ মাজৰ দূৰত্বই হ’ল দাপােণখনৰ ফ’কাছ দৈর্ঘ্য।

১২। এখন উত্তল দাপােণত থিয় বস্তু এটা প্রতিবিম্ব কেনেকৈ গঠন হয় আঁকি দেখুওৱা।

উত্তৰঃ 

প্রতিবিম্ব অসৎ, থিয় আৰু লক্ষ্যবস্তুতকৈ সৰু।

১৩। অৱতল আৰু উত্তল দাপােণৰ প্রতিবিম্বৰ পার্থক্য লিখা।

উত্তৰঃ  উত্তল দাপােণৰ সকলাে অৱস্থানেৰে দাপােণৰ পিছপিনে অসৎ প্রতিবিম্ব গঠন হয়।ইথিয় আৰু আকাৰত লক্ষ্য বস্তুতকৈ সৰু হয়।

কিন্তু অবতল দাপােণত লক্ষ্যবস্তু মেৰু আৰু ফ’কাছৰ মাজত থাকিলেহে অসৎ আৰু পৰিবৰ্ধিত প্রতিবিম্ব গঠন হয়। লক্ষ্যবস্তুৰ আন অৱস্থানত সদায় সৎপ্রতিবিম্ব গঠন হয়।

পােহৰৰ প্ৰতিসৰণ 

১।(ক) পােহৰৰ প্ৰতিসৰণ কি ?

উত্তৰঃ  পােহৰ এটা স্বচ্ছ মাধ্যমৰ পৰা আন এটা স্বচ্ছ মাধ্যমলৈ গতি কৰিলে, দুই মাধ্যমৰ সংযােগ তলত পােহৰৰ গতিৰ দিশৰ পৰিবৰ্তন ঘটে।এই পৰিঘটনাক পােহৰৰ প্ৰতিসৰণ বোলে।

(খ) বায়ুৰ পৰা এটা ঘন মাধ্যমলৈ আৰু এটা ঘন মাধ্যমৰ পৰা বায়ুলৈ পােহৰ কেনেকৈ প্রতিসৰিত হয় চিত্রসহ ব্যাখ্যা কৰা।

উত্তৰঃ 

AO আপতিত ৰশ্মি লঘু মাধ্যম বায়ুৰ মাজেদি ঘনতৰ মাধ্যম কাচত প্রবেশ কৰিছে। কাচত O বিন্দুত AO আপতিত ৰশ্মিৰ দিশ সলনি হৈছে। অর্থাৎ AO ৰশ্মি OB দিশত প্রতিসৰিত হৈছে। প্রতিসৰিত ৰশ্মি OB অভিলম্বৰ ওচৰ চাপে (চিত্র ক)।

আকৌ ঘন মাধ্যম কাচৰপৰা লঘুমাধ্যম বায়ুত প্ৰৱেশ কৰােতে (চিত্র খ) প্রতিসৰিত ৰশ্মি অভিলম্বৰ পৰা আতৰি যায়। 

২। পানীত আংশিকভাৱে নিমজ্জিত দণ্ড এডাল কিয় বেকা যেন দেখি চিত্রসহ ব্যাখ্যা কৰাঁ৷ ইয়াৰ পৰা পানীৰ তলত থকা বিন্দু এটাৰ আপাত গভীৰতা কম যেন লাগেনে ?

উত্তৰঃ 

 পানীপূর্ণ পাত্ৰ এটাত AB দণ্ড এডাল ৰখা হৈছে। দণ্ডডালৰ A বিন্দুৰ পৰা পানী মাধ্যমেদি অহা দুডাল, পােহৰৰ ৰশ্মি (AO, AO¹) প্রতিসৰণ ঘটি OC.আৰু O¹D ৰশ্মি অভিলম্বৰ পৰা আতৰি গৈ আমাৰ চকুত পৰে। এই ৰশ্মি দুটা বঢ়াই দিলে A¹ বিন্দুত লগ লগা যেন দেখি। অর্থাৎ A বিন্দুটো A¹ ত থকা যেন লাগে। ফলত পানীত নিমজ্জিত।অংশ বেঁকা যেন লাগে।

ইয়াৰপৰা পানীৰ তলত থকা বিন্দু এটাৰ আপাত গভীৰতা কম যেন লাগে।

৩। (ক) এটা প্রিজম আকি এখন পিঠি, প্রতিসাৰক ধাৰ, ভূমি, অতিসাৰ পিঠি আৰু কোণৰ নাম লিখা।

উত্তৰঃ

ABC পিঠি, BD, AE, CF প্রতিসাৰক ধাৰ, EFCA ভূমি, ABDE আৰু BCFD প্রতিসাৰক পিঠি আৰু ABC প্রিজম কোণ।

(খ) এটা প্রিজমত পােহৰ দুবাৰ প্ৰতিসৰিত হয়। চিত্ৰ আঁকি দেখুওঁ।

উত্তৰঃ 

এটা প্রিজমত পােহৰ দুবাৰ প্ৰতিসৰিত হয়

ABC প্রিজমত বায়ু মাধ্যমৰ পৰা পােহৰ ৰশ্মি সােমাওঁতে O বিন্দুত অভিলম্বৰ কাষ চাপে আৰু দ্বিতীয় পিঠিত O¹ বিন্দু বায়ুলৈ প্রতিসৰিত হওতে অভিলম্বৰ পৰা আতৰি যায় ।

৪।ক) প্রিজমত পােহৰ পৰিলে কেনেকৈ সাতােটা ৰঙলৈ ভাঙি যায় চিত্র আঁকি দেখুওঁৱা।

উত্তৰঃ 

প্রিজমত পােহৰ পৰিলে কেনেকৈ সাতােটা ৰঙলৈ ভাঙি যায় চিত্র আঁকি দেখুওঁৱা

(খ) দুটা প্রিজমেৰে সমান্তৰাল ৰশ্মিক কেনেকৈ অভিসাৰী আৰু অপসাৰ কৰিব পাৰি চিত্ৰ আঁকি দেখুওৱা।

উত্তৰঃ 

 দুটা প্রিজমেৰে সমান্তৰাল ৰশ্মিক কেনেকৈ অভিসাৰী আৰু অপসাৰ কৰিব পাৰি চিত্ৰ আঁকি দেখুওৱা

লেন্স 

১। লেন্স কাক কয় ? ভিন ভিন প্ৰকাৰৰ 6 বিধ লেন্সৰ নাম লিখা ?

উত্তৰঃ লেন্স হ’ল কাচ বা অন্য স্বচ্ছ পদার্থৰ সাধাৰণতে দুখন বক্র পিঠি থকা গঠন। 

পিঠিৰ গঠন অনুযায়ী লেন্স কেইবা প্ৰকাৰৰ আছে যেনে –

১। দ্বি-উত্তল।

২। দ্বিঅবতল।

৩। সমতল-উত্তল।

৪। অবতল-উত্তল।

৫। সমতল-অবতল।আৰু

৬। উত্তল-অবতল।

২। এখন উত্তল লেন্স বা অবতল লেন্সৰ ভাঁজকেন্দ্র, ভাঁজ ব্যাসার্ধ আৰু মুখ্য অক্ষ বুলিলে কি বুজা ?

উত্তৰঃ ভাঁজকেন্দ্র – লেন্সৰ পিঠি দুখন যি দুটা গােলকৰ অংশ সেই গােলকৰ কেন্দ্র দুটাক লেন্সৰ ভাঁজকে বােলে।

ভাঁজব্যাসার্জ :- লেন্সৰ পিঠি দুখন যি দুটা গােলকৰ অংশ সেই গােলকৰ ব্যাসার্ধক লেন্সৰ ভাঁজ ব্যাসার্ধ বােলে।

মুখ্য অক্ষ :- ভাঁজকেন্দ্র দুটাৰ মাজেৰে যােৱা ৰেখােলক ভাঁজ ব্যাসার্ধ বােলে।

৩। এখন উত্তল লেন্সৰ মাজেৰে পােহৰৰশ্মি এডাল আঁকা।

উত্তৰঃ

এখন উত্তল লেন্সৰ মাজেৰে পােহৰৰশ্মি এডাল আঁকা

৪। কাক বােলে চিত্র আকি লিখা।

উত্তৰঃ (ক) লেন্সৰফকাছ :- 

লেন্সৰফকাছ

লেন্সত মুখ্য অক্ষৰ সমান্তৰালকৈ আপতিতু পােহৰৰ ৰশ্মি প্ৰকৃততে যি বিন্দুত লগ লাগে (উত্তল লেন্সত) বা যি বিন্দুৰ পৰা অপসাৰী হােৱা যেন লাগে (অবতল লেন্সত), তাকে ফ’কাছ (F) বােলে।

(খ) লেন্সৰ ফকাছ দৈর্ঘ্য :- লেন্সৰ মধ্যবিন্দুৰ পৰা ফ’কাছলৈ দূৰত্বক ফ’কাছ দৈর্ঘ্য (f) বােলে। চিত্ৰত OF হ’ল ফ’কাছ দৈর্ঘ্য ।

(গ) লেন্সৰ আলােক কেন্দ্র :- 

লেন্সৰ আলােক কেন্দ্র

আলােক কেন্দ্র হল মুখ্যঅক্ষৰ ওপৰত এনে এটা বিন্দু যাৰ মাজেদি পােহৰৰ ৰশ্মি অতিক্রম কৰিলে দিশৰসলনিয়। চিত্ৰত হ’ল লেআলােক কেন্দ্র।

৫। এখন উত্তল লেন্স আৰু অবতল লেন্স কেনেকৈ চিনাক্ত কৰিব পাৰি ?

উত্তৰঃ লেন্স এখনে পােৰ অভিসাৰী কৰে নে অপসাৰী কৰে, তাৰ পৰাই লেখন চিনাক্ত কৰির পাৰি।

লেন্সখন সূৰ্য্যৰ পােহৰত এনেভাৱে ধৰা হয় যাতে পোহৰ মুখ্য অক্ষৰ সমান্তৰালকৈ পৰে। লেন্সখন উত্তল হ’লে পিছপিনে বগা কাগজ এখন ধৰিলে পােহৰখিনি এটা ঠেক অঞ্চলত কেন্দ্রীভূত হব। আনহাতে লেন্সখন অবতল হ’লে পােহৰ কেন্দ্রীভূত নহৈ অপসাৰী হৈ কাগজখনত বহল হৈ পৰিব।

৬। উত্তল লেন্স এখনত কেইবাড়াল ৰশ্মি লৈ কেনেকৈ পােহৰ প্ৰতিসৰণত ভাঁজ লাগে দেখুৱাই লক্ষ্যবস্তুৰ প্রতিবিম্ব আঁকা।

উত্তৰঃ

উত্তল লেন্স এখনত কেইবাড়াল ৰশ্মি লৈ কেনেকৈ পােহৰ প্ৰতিসৰণত ভাঁজ লাগে দেখুৱাই লক্ষ্যবস্তুৰ প্রতিবিম্ব আঁকা

৭। উত্তল লেন্স এখনৰ ক্ষেত্ৰত চিত্র আঁকি প্রতিবিম্বৰ গঠন দেখুওঁৱা, যেতিয়া –

(ক) লক্ষ্যবস্তু অসীম দূৰত্বত থাকে।

উত্তৰঃ লক্ষ্যবস্তু অসীমত থাকিলে প্রতিবিম্ব ফ’কাছত হয়। ই সৎ, আকাৰত সৰু আৰু ওলােটা হয়।

লক্ষ্যবস্তু অসীম দূৰত্বত থাকে

(খ) লক্ষ্যবস্তু অসীম আৰু দুগুণফকাছ দৈৰ্ঘ্যৰ মাজত থাকে।

উত্তৰঃ প্রতিবিম্ব ফ’কাছ আৰু ভাজকেন্দ্ৰৰ মাজত গঠন হয়। ই সৎ, আকাৰত সৰু আৰু ওলােটা হয়।

লক্ষ্যবস্তু অসীম আৰু দুগুণফকাছ দৈৰ্ঘ্যৰ মাজত থাকে

(গ) লক্ষ্যবস্তু দুগুণ ফ’কাছ দৈৰ্ষত থাকে।

উত্তৰঃ প্রতিবিম্ব দুগুণ ফ’কাছ দৈর্ঘ্যত ইসৎ, ওলােটা আৰু আকাৰত সমান হয়।

লক্ষ্যবস্তু দুগুণ ফ'কাছ দৈৰ্ষত থাকে

(ঘ) লক্ষ্যবস্তু ফকাছ আৰুদুগুণ ফকাছৰ মাজত।

উত্তৰঃ  প্রতিবিম্ব ভাঁজকেন্দ্ৰৰ বাহিৰত। ইসৎ, ওলােটা আৰু পৰিবর্ধিত ।

লক্ষ্যবস্তু ফকাছ আৰুদুগুণ ফকাছৰ মাজত

(ঙ) লক্ষ্যবস্তু ফকাহত।

উত্তৰঃ প্রতিবিম্ব অসীমতই সৎ আৰু আকাৰত বহুগুণে ডাঙৰ হয় ।

লক্ষ্যবস্তু ফকাহত

(চ) লক্ষ্যবস্তু নাভি আৰু আলোেক কেন্দ্ৰৰ মাজত।

উত্তৰঃ প্রতিবিম্ব একেফালে হয়।ই অসৎ, থিয় আৰু পৰিবর্ধিত।

(চ) লক্ষ্যবস্তু নাভি আৰু আলোেক কেন্দ্ৰৰ মাজত।

৮। অবতল দাপােণত ধিয় বস্তু এটা প্রতিবিম্ব কেনেকৈ গঠন হয় চিত্র আঁকি দেখুওৱা।

উত্তৰঃ 

AB লক্ষ্যবস্তু আৰু A¹B¹ তাৰ প্ৰতিবিম্ব। অবতল লেন্সৰ ক্ষেত্ৰত লক্ষ্যবস্তুৰ সকলাে অৱস্থানৰ কাৰণে প্রতিবিম্ব সদায় থিয়, অসৎ আৰু লক্ষ্যবস্তুতকৈ আকাৰত সৰু হয়।

৯।(ক) তােমাক এখন উত্তল লেন্স দিলে তাৰদ্বাৰা কেনেকৈ পৰ্দাত প্রতিবিম্ব গঠন কৰিব পাৰিবৰ্ণনা কৰা।

উত্তৰঃ 

(খ) এখন উত্তল লেন্স কেনেকৈ পৰিবৰ্ধক কাচ হিচাপে ব্যৱহাৰ কৰিব পাৰিবর্ণনা কৰা।

উত্তৰঃ উত্তল লেন্স এখন কিতাপ বা বাতৰি কাকতৰ আখৰৰ ওচৰত ধৰি লাহে লাহে চকুৰ পিনে আনিলে এটা সময়ত আখৰবােৰ ডাঙৰ স্পষ্ট হৈ পৰে। এনেদৰে লেন্সখনক এখন পৰিবর্ধক কাচ হিচাবে ব্যৱহাৰ কৰিব পাৰি ।

(গ) এখন অবতল লেন্সৰ সহায়ত কৰিব পৰা এটা সৰল পৰীক্ষা বর্ণনা কৰা।

উত্তৰঃ  এখন অবতল লেন্স চকুৰ আগত ধৰি এটা মমৰ শিখা বা জ্বলি থকা বাল লেন্সখন ইফাল সিফাল কৰি লক্ষ্য কৰিলে যিকোনাে অৱস্থানতে শিখাটো সংকুচিত আৰু থিয় প্রতিবিম্ব দেখা যায়। অর্থাৎ অবতল লেন্সে সদায় অসৎ, থিয় আৰু সংকুচিত প্রতিবিম্ব গঠন কৰে।

আলােকীয় যন্ত্র 

১। সৰল অনুবীক্ষণ কাক বােলে ? সৰল অনুবীক্ষণে কেনেকৈ লক্ষ্যবস্তু পৰিৱন কৰে চিত্ৰ আঁকি ব্যাখ্যা কৰা।

উত্তৰঃ এখন উত্তল লেন্স ব্যৱহাৰ কৰি ওচৰৰ বস্তু ডাঙৰ আৰু স্পষ্টকৈ চাব পৰা আলােকীয় যন্ত্রক অনুবীক্ষণ বােলে।

সৰল অনুবীক্ষণত উত্তল লেন্স (L) এখন ব্যৱহাৰ কৰা হয়। চাবলগীয়া বস্তুটো লেন্সৰ ফ’কাছৰ ভিতৰত ৰখা হয় আৰু বিপৰীত পিনৰপৰা চোৱা হয়। AB লক্ষ্যবস্তুৰ অসৎ, পৰিবৰ্ধিত আৰু থিয় প্রতিবিম্ব A¹B¹ দেখা যায়। অনুবীক্ষণেৰে চাবলগীয়া বস্তুটো এখন কাচৰ ঘূৰণীয়া থালৰ ওপৰত ৰখা হয়। লেন্সখনক নলী এডালৰ এটা মূৰত খুৱাই তল ওপৰ কৰি বস্তুটো ফ’কাছৰ ভিতৰত অনা হয়। লেন্সখনৰ ফ’কাছ দৈর্ঘ্য অনুপাতে, লক্ষ্যবস্তুৰ পৰিবর্ধন পােৱা যায়।

২। যৌগিক অণুবীক্ষণ কাক বােলে ? যৌগিক অনুবীক্ষণে কেনেকৈ পৰিৱর্ধিত প্রতিবিম্ব গঠন কৰেচিত্র আঁকি বর্ণনা কৰা।

উত্তৰঃ 

দুখন বা ততােধিক লেন্স ব্যৱহাৰ কৰা অনুবীক্ষণক যৌগিক অনুবীক্ষণ বােলে।ইয়াত চকুৰ পিনে থকা লেন্সখনক অভিনেত্ৰ আৰু লক্ষ্যবস্তুৰ পিনে থকা খনক অভিলক্ষ্য বােলে। অভিনেত্ৰৰ ফ’কাছ দৈর্ঘ্য অভিলক্ষ্যতকৈ কম। লক্ষ্যবস্তুক (AB) অভিলক্ষ্যৰ ফ’কাছৰ বাহিৰত ৰখা হয়। ইয়াৰ সৎ আৰু ওলােটা প্রতিবিম্ব (A¹B¹) অভিনেত্ৰৰ ফ’কাছৰ ভিতৰত গঠিত হয়। অভিনেত্রই সৰল অনুবীক্ষণৰ দৰে কাম কৰি পুনৰ একেপিনে পৰিবর্ধিত প্রতিবিম্ব PQ গঠন কৰে। লেন্স দুখন এডাল নলীৰ দুই মূৰে লগােৱা থাকে। লেন্স দুখন উঠা নমা কৰি স্পষ্ট প্রতিবিম্ব চাব পাৰি।

৩। (ক) দূৰবীণ কাক বােলে ? দূৰবীণ প্ৰথমতে কোনে আৱিস্কাৰ কৰিছিল ?

উত্তৰঃ দূৰৰ বস্তু ওচৰত আৰু স্পষ্টকৈ চাব পৰা আলােকীয় যন্ত্রক দূৰবীণ বােলে ।

লেন্স নির্মাতা লিপ্সাৰছিয়ে 160৪ চনত প্রথমে দূৰবীণ সাজিছিল।

(খ) কেপলাৰৰ দূৰবীণ বর্ণনা কৰা।দূৰবীণৰ পৰিবর্ধন ক্ষমতা মানে কি ?

উত্তৰঃ 

কেপলাৰৰ দূৰবীণত এখন বেছিফ’কাছ দৈর্ঘ্যৰ উত্তল লেন্স অভিলক্ষ্য হিচাবে আৰু কম ফ’কাছ দৈর্ঘ্যৰ উত্তল লেন্স অভিনেত্ৰ হিচাবে ব্যৱহাৰ কৰা হয়। দূৰৈৰ পৰা অহা লক্ষ্যবস্তুৰ সমান্তৰাল পােহৰ অভিলক্ষ্যৰ ফ’কাছত (F) থুপ খায়। অভিনেত্ৰৰ ফ’কাছ অভিলক্ষ্যৰ ফ’কাছৰ লগত মিলি যােৱাকৈ ৰখা হয়।ইয়াৰ ফলত ধূপখােৱা পােহৰখিনি অভিনেত্ৰৰ মাজেৰে পাৰ হৈ পুনৰ সমান্তৰাল হয়।

অভিনেত্রৰ ব্যাস সৰু আৰু চকুৰ ওচৰতে আছে বাবে আটাইখিনি পােহৰ চকুত সােমায় আৰু চকুৱে বস্তুটোৰ এটা উজ্জ্বল, অসৎ, পৰিৱর্ধিত প্রতিবিম্ব দেখা যায়।

অভিলক্ষ্যৰ ফ’কাছ দৈর্ঘ্যক (fo) অভিনেত্ৰৰ ফ’কাছ দৈর্ঘ্যৰে (fo) হৰণ (fe) হৰণ কৰিলে দূৰবীণটোৰ পৰিৱর্ধন ক্ষমতা পােৱা যায় । অর্থাৎ m = fo/fe

(গ) গেলিলিঅ’ৰ দূৰবীণ বর্ণনা কৰা।

উত্তৰঃ 

গেলিলিঅ’ৰ দূৰবীণত অভিলক্ষ্যৰূপে (O) এখন দীঘল ফ’কাছ দৈর্ঘ্যৰ উত্তল লেন্স আৰু অভিনেত্ৰৰূপে (E) এখন চুটি ফ’কাছ দৈৰ্ঘ্যৰ অবতল লেন্স ব্যৱহাৰ কৰা হয়।

অভিনেত্ৰ নাথাকিলে দূৰৈৰ লক্ষ্যবস্তুৰপৰা অহা ৰশ্মি ফ’কাছত থুপ খালে হেতেন। কিন্তু অভিনেত্ৰ থকা বাবে প্রতিসৰিত ৰশ্মি আকৌ মুখ্য অক্ষৰ সমান্তৰাল হয়। ইয়াৰ ফলত চকুৰে দূৰৈৰ বস্তুৰ এটা অসৎ, থিয় আৰু পৰিৱর্ধিত প্রতিবিম্ব দেখা পায়।

৪। দুখন লেন্স হাতত লৈ কেনেকৈ দূৰৰীণৰ দৰে চাব পাৰি ?

উত্তৰঃ এখন বেছি ফ’কাছ দৈর্ঘ্যৰ (অভিলক্ষ্য) আৰু এখন কম ফ’কাছ দৈৰ্ঘ্যৰ (অভিনেত্র) উত্তল লেন্স লােৱা হ’ল। বাওঁহাতেৰে অভিলক্ষ্য আৰু সোঁহাতেৰে অভিনেত্র চকুৰ ওচৰত ধৰি লেন্স দুখনৰ মাজেৰে দূৰৈৰ বস্তু চাব পাৰি। স্পষ্ট প্রতিবিম্ব চাবলৈ অভিলক্ষ্যৰ অৱস্থান অলপ ইফাল-সিফাল কৰিব লাগে।

৫।কেমেৰা এটাৰ কাৰ্যনীতি বর্ণনা কৰা।

উত্তৰঃ  উত্তল লেন্সৰ ভাঁজকেন্দ্ৰ আৰু অসীমৰ মাজত লক্ষ্যবস্তু থাকিলে পিছপিনে এটা ওলােটা, সৎ আৰু সৰু প্রতিবিম্বৰ সৃষ্টি হয়। এই নীতি কেমেৰাত ব্যৱহাৰ হয়। কেমেৰাৰ সন্মুখত উত্তল লেন্সখন (L) লগােৱা থাকে। লেন্সত পােহৰ সােমাব নােৱাৰাকৈ এখন ছাটাৰ থাকে। বাকচৰ ভিতৰফালে ক’লা ৰং দিয়া থাকে আৰু লেন্সৰ পিছফালে বাকচৰ বেৰত এখন ফিল্ম লগােৱা থাকে। লক্ষ্যবস্তুৰ পৰা পােহৰৰ ৰশ্মি লেন্সৰ মাজেৰে গৈ ফিল্মত প্রতিবিম্ব গঠন কৰে। ফিল্মখন সলাইনতুন প্রতিবিম্ব তুলিব পাৰি ।

৬। মানুহৰ চকুৰ গঠন আৰু চকুত কেনেকৈ প্রতিবিম্ব গঠন হয় বর্ণনা কৰা।

উত্তৰঃ 

মানুহৰ চকুত এটা জৈৱিক আলােকীয় যন্ত্র আৰু ইয়াৰ কাৰ্যপ্রণালী কেমেৰা সদৃশ।

চকুৰ আকৃতি প্রায় গােলাকাৰ। সম্মুখ ভাগত থকা অর্ধগােলাকাৰ লেন্স আকৃতিৰ আইবিহু তৰপটোক কর্ণিয়া বােলে। কর্ণিয়াই চকুত সােমােৱা পােহৰক কিছু পৰিমাণে ভাঁজ লগাই ভিতৰলৈ সােমােৱাত সহায় কৰে।এই পােহৰ পনীয়া একুৱাছ হিউমাৰ থকা কক্ষত প্ৰৱেশ কৰে। আকাৰ সলনি হ’ব পৰা আইছি। নামৰ পৰ্দা এখনে চকুত সােমােৱা পােহৰ নিয়ন্ত্রণ কৰে। আইছিৰ সোঁমাজত পােহৰ সােমােৱা ছিদ্রই হ’ল চকুৰ মণি। আইৰিছ আৰু চকুৰ মণিৰ পিছপিনে এখন জৈবিক স্বচ্ছ উত্তল লেন্স থাকে। পােহৰ মণিৰে সােমাই চকু লেন্সত পৰি বস্তুৰ সৎ, ওলােটা আৰু সৰু প্রতিবিম্ব এটা ৰেটিনাত গঠন হয়। ৰেটিনাত পােহৰ সংবেদনশীল স্নায়ু থাকে। এইবােবাৰে প্রতিবিম্বৰ সংকেট মগজুলৈ পঠিয়াই। মগজুৰ প্রতিবিম্ব বিশ্লেষণ কৰিলে চকুয়ে দেখা পায়।

৭। (ক) কেমেৰা আৰু মানুহৰ চকুৰ তিনিটা সাদৃশ্য লিখা।

উত্তৰঃ  কেমেৰা আৰু মানুহৰ চকুৰ তিনিটা সাদৃশ্য হল –

(i) কেমেৰাৰ স্বচ্ছ লেন্সৰ দৰে চকুততা স্বচ্ছ জৈৱিক লেন্স থাকে।

(ii) কেমেৰাৰ ছাটাৰৰ দৰে চকুৰ মণিটো সৰু-ডাঙৰ কৰিব পাৰি।

(iii) কেমেৰাত এখন মুখ থকাৰ দৰে চকুৰ কর্ণিয়াৰ পিছফালে এটা মণি বা ছিদ্র থাকে।

(খ) কেমেৰা আৰু মানুহৰ চকুৰ দুটা বৈসাদৃশ্য লিখা।

উত্তৰঃ (i) কেমেৰাৰ লেন্সৰ ফ’কাছ দৈর্ঘ্য স্থিৰ, কিন্তু চকুৰ লেন্সৰ ফ’কাছ দৈর্ঘ্য পৰিবৰ্তন কৰিব পাৰি।

(ii) কেমেৰাৰ ফিল্মখনে প্রতিবিম্ব ধৰি ৰাখে, কিন্তু ৰেটিনাত উঠা প্রতিবিম্ব স্থায়ী নহয়।

৮। দৃষ্টিকোষ বা দৃষ্টিবিকাৰ কাক বােলে ?

উত্তৰঃ  মানুহৰ বয়স বাঢ়ি অহাৰ লগে লগে বা আন কিবা কাৰণত ওচৰৰ পৰা বা আতৰৰ পৰা অহা পােহৰ ৰেটিনাত ফকাছ নহয়। এনে অৱস্থাত প্রতিবিম্ব স্পষ্ট নহয়। চকুৰ এনে সমস্যাক দৃষ্টিকোষ বা দৃষ্টিবিকাৰ বােলে।

৯। মায় পিয়া বা নিকটদৃষ্টি কাক বােলে ? ইয়াৰ উৎপত্তিৰ কাৰণ কি ? এই বিকাৰ কেনেকৈ আঁতৰাব পাৰি চিত্র আঁকি বর্ণনা কৰা।

উত্তৰঃ মায় পিয়া বা নিকটদৃষ্টিৰ চকুৱে ওচৰৰ বস্তু ভালদৰে দেখে, কিন্তু দূৰৰ বস্তু ভালদৰে দেখা নাপায়। চকু লেন্সৰ ফ’কাছ দৈর্ঘ্য হ্রাস হােৱা বা অক্ষিগােলক দীঘলীয়া হৈ পৰাৰ বাবে এনে দৃষ্টিদোষ হয়।

 এনে হ’লে আতৰৰ পৰা অহা পােহৰ ৰেটিনাৰ সন্মুখত ফ’কাছ হয়। উপযুক্ত ফ’কাছ দৈৰ্ঘ্যৰ অবতল লেন্স পৰিধান কৰিলে পােহৰ পুনৰ ৰেটিনাত ফকাছ হয়।

১০। হাইপাৰমেট্ৰ’পিয়া বা দূৰদৃষ্টি কাক বােলে ? ইয়াৰ উৎপত্তিৰ কাৰণ কি ? এই বিকাৰ কেনেকৈ আঁতৰাব পাৰি চিত্ৰ আঁকি বর্ণনা কৰা।

উত্তৰঃ হাইপাৰমেট্ৰ’পিয়া বা দূৰদৃষ্টিৰ চকুৱে আঁতৰৰ বস্তু ভালদৰে দেখে, কিন্তু ওচৰৰ বস্তু ভালদৰে নেদেখে।

ইয়াৰ কাৰণ হ’ল চকু লেন্সৰ ফ’কাছ দৈর্ঘ্য বাঢ়ি যােৱা বা অক্ষিগােলক চুটি হৈ পৰা।

এনে দোষ হলে ওচৰৰ পৰা অহা পােহৰ ৰােটনাৰ পিছপিনে ফ’কাছ হয়। বাবে স্পষ্ট প্রতিবিম্ব গঠননহয়। উপযুক্ত ফ’কাছ দৈর্ঘ্যৰ উত্তল লেন্স ব্যৱহাৰ কৰিলে পােহৰ চকুত অভিসাৰী হৈ পুনৰ ৰেটিনাত স্পষ্ট প্রতিবিম্ব গঠন হয়।

১০। (ক) সূৰ্যৰ বগা পােহৰত কি কি ৰঙৰ পােহৰ থাকে ?

উত্তৰঃ সূৰ্যৰ বগা পােহৰ সাতােটা ৰঙৰ সমষ্টি-বেঙুনীয়া, গাঢ়নীলা, নীলা, সেউজীয়া, হালধীয়া, সুমথিৰা আৰু ৰঙা।

(খ) বগা পােহৰৰবৰ্ণালী কাক বােলে ?

উত্তৰঃ বগা পােহৰৰ সাতােটা ৰঙৰ সমষ্টিক বর্ণালী বােলে।

(গ) এটা প্রিজমৰদ্বাৰা বৰ্ণালী কেনেকৈ পাব পাৰিচিত্র আঁকি দেখুওৱা।

উত্তৰঃ 

(ঘ) প্রিজম এটাৰ মাজেৰে পােৰ গলে কিয় পােহৰ ভিন ভিনৰঙলৈ ভাঙি যায় ?

উত্তৰঃ পােহৰৰ ভিন ভিন ৰঙৰ প্ৰতিসৰণৰ মান ভিন ভিন। সেইবাবে প্রিজমৰ মাজেৰে প্ৰতিসৰণ হলে বগা পােহৰ ভিন ভিন ৰঙলৈ ভাঙি যায়।

১২। নিউটনৰকাঁহী কেনেকৈ সজা হয় ?

উত্তৰঃ এখন ডাঠ বৃত্তাকাৰ কাগজত কর্ণালীৰ সাতােটা ৰং সানি দিয়া হয়। কাঁহীখনৰ সোঁমাজেৰে জোঙা পেঞ্চিল এডাল সুমুৱাই লাটুমৰ দৰে ঘূৰালে সাতােটা ৰঙৰ পােহৰ মিলি কাঁহীখন বগা হৈ পৰে। এই কাঁহীখনক নিউটনৰ কাঁহী বুলি কোৱা হয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top