Assam Jatiya Bidyalay Class 8 Science Chapter 1 জীৱ জগত: কোষ

Assam Jatiya Bidyalay Class 8 Science Chapter 1 জীৱ জগত: কোষ, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় বিজ্ঞান Class 8 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 1 জীৱ জগত: কোষ Class 8 General Science Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 8 Science Chapter 1 জীৱ জগত: কোষ Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 8 Science Chapter 1 জীৱ জগত: কোষ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

জীৱ জগত: কোষ

Chapter – 1

অসম জাতীয় বিদ্যালয়

EXERCISE QUESTION ANSWER

১। উত্তৰ দিয়া –

(ক) কোষ নামটো কোনে দিছিল ?

উত্তৰঃ- ৰ’বাৰ্ট হুক নামৰ এজন বৃটিছ বিজ্ঞানীয়ে কোষ বা cell নামটো দিছিল।

(খ) বেক্টেৰিয়া কোনে আৱিষ্কাৰ কৰিছিল ?

উত্তৰঃ- এন্টনী ভান লিউৱেনহ’ক নামৰ হলেণ্ডৰ (নেদাৰলেণ্ড) এজন কাপোৰ আৰু সাজপাৰৰ ব্যৱসায়ীয়ে ১৬৭৬ চনত বেক্টেৰিয়া আৱিষ্কাৰ কৰিছিল।

(গ) জীৱৰ দেহ কোষৰ দ্বাৰা গঠিত বুলি কোনে পৰীক্ষাৰ দ্বাৰা প্ৰতিপন্ন কৰে ?

উত্তৰঃ- মেথিয়াছ স্লেইডেন আৰু থিয়’ডৰ স্খন নামৰ দুগৰাকী জাৰ্মান বিজ্ঞানীয়ে ১৮৩৯ চনত জীৱৰ দেহ কোষৰ দ্বাৰা গঠিত বুলি পৰীক্ষাৰ দ্বাৰা প্ৰতিপন্ন কৰে।

(ঘ) কোষৰ প্ৰধান ভাগ দুটা কি কি ?

উত্তৰঃ- কোষ গঠন কৰা অংগ বোৰৰ সংগঠনৰ ওপৰত ভিত্তি কৰি কোষ বোৰক দুটা ভাগত বিভক্ত কৰা হৈছে। প্ৰ’কেৰিয়াট বা আদিম কোষকেন্দ্ৰ যুক্ত কোষ আৰু ইউকেৰিঅ’ট বা সুকোষকেন্দ্ৰ যুক্ত কোষ।

(ঙ) কলা কি ?

উত্তৰঃ- কলা হল একে বৈশিষ্ট্যৰ কিছুমান কোষৰ সমষ্টি যিবোৰ কোনো বিশেষ কাম সম্পন্ন কৰে বা কিছুমান বিশেষ অংগ গঠন কৰে।

(চ) ক্ৰম’জ’ম কি ?

উত্তৰঃ- কোষ বিভাজনৰ সময়ত কোষ কেন্দ্ৰত থকা ক্ৰ’মাটিন বোৰ সংকুচিত হয় আৰু কোষ কেন্দ্ৰৰ আৱৰণ খন নোহোৱা হয়। এই অৱস্থাত ক্ৰ’মাটিন গঠন কৰা প্ৰতিটো ডি এন এ অনুৱে পাতল, সূতা বা আহৰ দৰে দীঘলীয়া অংশ হিচাবে দেখা যায়। এইবোৰকে ক্ৰম’জ’ম বোলে। ইউকেৰিঅ’ট দেহ কোষত ক্ৰম’জ’ম বোৰ দুটা ভাগত যোৰা হিচাপে থাকে।

(২) কোষ বিভাজন বুলিলে কি বুজা ?

উত্তৰঃ- প্ৰত্যেক কোষতে এক নিৰ্দিষ্ট সংখ্যক ডিঅক্সিৰিব’ নিউক্লিয়িক এছিড বা চমুকৈ ডি এন এ নামৰ জীৱ ৰাসায়নিক অণু থাকে। কোষে ডি এন এৰ অনুৰূপ নতুন ডি এন এ অণু সংশ্লেষণ কৰে। সংশ্লেষণৰ পাছত এই নতুন ডি এন এ অণু বোৰক লৈ নতুন কোষৰ সৃষ্টি হয়। এই প্ৰক্ৰিয়াক কোষৰ বিভাজন বোলে। এই প্ৰক্ৰিয়াত এটা কোষ বিভাজিত হৈ দুটা, দুটাৰ পৰা চাৰিটা, চাৰিটাৰ পৰা আঠোটা এনেদৰে অসংখ্য কোষ সৃষ্টি হয়।

৩। মাইট’কন্দ্ৰিয়াত কোষৰ শক্তি কেন্দ্ৰ বুলি কিয় কোৱা হয় ?

উত্তৰঃ- মাইট’কন্দ্ৰিয়াত শ্বাস – প্ৰক্ৰিয়াৰ লগত জড়িত কিছুমান জটিল বিক্ৰিয়া হয়। এই বিক্রিয়াত উৎপত্তি হােৱা ৰাসায়নিক শক্তি এডিনছাইন ট্রাই-ফছফেট বা চমুকৈএটিপি নামৰ অণুত সঞ্চিত হয়। কোষত চলি থকা বিভিন্ন কার্য বা প্রক্রিয়াৰ বাবে প্রয়ােজনীয় শক্তি এটিপি অণুৱে যােগান ধৰে। মাইট ‘কন্ড্রিয়াত এই শক্তি উদ্ভৱ হয়কাৰণে মাইট’কন্ড্রিয়াক কোষৰ শক্তি কেন্দ্র বােলে।

৪। ডি এন এ সম্পূর্ণ নাম কি?ইয়াক ক’ত পােৱা যায় ?

উত্তৰঃ- ডি এন এৰ সম্পূর্ণ নামটো হ’ল ডিঅক্সিৰিব’ নিউক্লিয়িক এছিড(Deoxyribonucleic acid)।

জীৱকোষৰ কোষকেন্দ্ৰত ডি এন এনামৰ জীৱৰাসায়নিক অণু পােৱা যায়।

৫। নিউক্লিঅলাছ আৰু ৰাইজ’ম কি ?

উত্তৰঃ- কোষকেন্দ্ৰৰ ভিতৰত এক তুলনামূলকভাৱে ডাঠ, বিশেষকোনাে আকৃতি নথকা অংশ থাকে। ইয়াক নিউক্লিঅ’লাছ বােলে। নিউক্লিঅ’লাছতে ৰাইবনিউক্লিয়িক এছিড বা চমুকৈ আৰু এন এ থাকে। আৰু নিউক্লিঅ’লাছত আৰ, এন এ আৰু কিছুমান বিশেষ প্রটিন লগ লাগি সৰু সৰু গােলাকাৰ কিছুমান অংশৰ সৃষ্টি হয় আৰু সেইবােৰেই হ’ল ৰাইব’জম। উৎপত্তিহােৱাৰ পাছত ৰাইব’জমবােৰ কোষকেন্দ্ৰৰপৰা বাহিৰ ওলাই আহে আৰু কোষপ্ৰৰসত ঠাই লয়হি। ৰাইব’জমতে কোষৰ অতি গুৰুত্বপূৰ্ণ জীৱ ৰাসায়নিক পদার্থ প্রটিন সংশ্লেষণ হয়।

৬। প্ৰ’কেৰিঅ’ট আৰু ইউকেৰিঅ’ট কোষৰ পার্থক্য লিখ।

উত্তৰঃ- প্র’কেৰিঅ’ট কোষৰ – ডি এন এ সুসংগঠিতভাৱে নাথাকে। ডি এন এ থকা অংশটোক নিউক্লিয়ড় বােলে। প্র’কেৰিঅ’টিৰ কোষপ্ৰৰসত আৱৰণৰদ্বাৰা গঠিত কোনাে অংশ বা অর্গেনেল নাথাকে।

ইউকেৰিঅ’ট কোষৰ ডি এন এ অণু হিষ্ট’ন নামৰ প্ৰটিনৰ লগত সংযুক্ত হৈ ক্ৰমাটিনৰ সৃষ্টি কৰে। এই ক্ৰমাটিনে কোষকেন্দ্র নামৰ এক বিশেষ গােলাকাৰ অংশ যি কোষৰ কেন্দ্ৰভাগত থাকে এখন জালৰ সৃষ্টি কৰে। ইউকেৰিঅ’টৰ কোষপ্ৰৰসত আৱৰণৰ দ্বাৰা গঠিত কিছুমান অংশ থাকে আৰু এইবােৰক অর্গেনেল বােলে। মাইট’কন্ড্রিয়া, আন্তঃপ্রৰসীয় জালিকা, প্লাষ্টি, গলগি সংঘ, লাইছ’জ’ম ইত্যাদিবােৰ হ’ল অর্গেনেল।

৭। উদ্ভিদ কোষত থকা কিন্তু প্রাণীকোষত নথকা আৰু প্রাণীকোষত থকা কিন্তু উদ্ভিদকোষত নথকা অতিৰিক্ত গঠনসমূহ উল্লেখ কৰা।

উত্তৰঃ- উদ্ভিদ কোষত থকা কিন্তু প্রাণীকোষত নথকা অতিৰিক্ত গঠনসমূহ হৈছে –

(ক) কোষাবৰণৰ বাহিৰফালে কোষবেৰ থাকে।

(খ) এটা বা তাততকৈ অধিক ৰসধানী বা ৰিক্তিকা থাকে।

(গ) প্লাষ্টিড থাকে।

(ঘ) ক্ল’ৰফিল, কেটিন, জেফিল, এন্থ’ছায়নিন আদি ৰঞ্জক পদার্থ থাকে।

(ঙ) কেতবােৰ নিৰ্জীৱ পদার্থও থাকে।

প্রাণীকোষত থকা কিন্তু উদ্ভিদকোষত থকা অতিৰিক্ত গঠনসমূহ হৈছে –

(ক) লাইছ’জম নামৰ কিছুমান সৰু সৰু ঘূৰণীয়া অর্গেনেল থাকে।

(খ) ছেট্রজ ম নামৰ এক সৰু অংশ কোষকেন্দ্ৰৰ ওপৰত থাকে ।

৮।উদ্ভিদ কোষ আৰু প্রাণীকোষৰ মাজত পার্থক্য বর্ণনা কৰাঁ।

উত্তৰঃ- উদ্ভিদ কোষ আৰু প্ৰাণী কোষৰ মাজত পাৰ্থক্য হল –

(ক) উদ্ভিদ কোষৰ কোষাধৰণৰ বাহিৰফালে কোষবেৰ থাকে আনহাতে প্ৰাণী কোষৰ কোষবেৰ নাথাকে।

(খ) উদ্ভিদ কোষত কোষাবৰণ আৰু কোষবেৰ মিলি কোষৰ বহিঃসীমা গঠিত হয় আনহাতে প্ৰাণী কোষত একমাত্র কোষাবৰণেই কোষৰ বহিঃসীমা গঠন কৰে।

(গ) উদ্ভিদ কোষত এটা বা তাতােকৈ অধিক ৰসধানী বা ৰিক্তিকা থাকে আনহাতে সাধাৰণতে ৰসধানীবা ৰিক্তিকনাথাকে।

(ঘ) উদ্ভিদ কোষত প্লাষ্টিড থাকে আনহাতে প্ৰাণী কোষত প্লাষ্টিড নাথাকে।

(ঙ) উদ্ভিদ কোষৰ গলগি সংঘৰ সংখ্যা কম আনহাতে প্ৰাণী কোষৰ গলগি সংঘৰ সংখ্যা অধিক।

(চ) উদ্ভিদ কোষত ক্লফিল, কেৰটিন আদি ৰঞ্জক পদাৰ্থ থাকে আনহাতে প্ৰাণী কোষত কোনাে ৰঞ্জক পদার্থ নাথাকে।

৯। চমুকৈ লিখা।

(ক) প্লাষ্টিড।

(খ) গনগি সংঘ।

(গ) লাইছ’জম।

(ঘ) ছেণ্ট’জম।

(ও)ৰসধানী।

(চ) কোষপ্রস।

উত্তৰঃ- (ক) প্লাষ্টিড :- উদ্ভিদকোষৰ কোষপ্ৰৰসত প্লাষ্টি নামৰ কিছুমান সৰু সৰু লেন্স বা ঘূৰণীয়া আকৃতিৰ অংশ থাকে। কিছুমান প্লাষ্টিত ৰঙীন জীৱ ৰাসায়নিক পদাৰ্থৰ অণু থাকে। এই ৰঙীন পদার্থবােৰকৰঞ্জক পদার্থ বােলে। এই ৰঞ্জক পদার্থ প্লাষ্টিডত থকা বা নথকা অনুযায়ী প্লাষ্টিড তিনি প্ৰকাৰৰ-

(ক) গছৰ পাত বা আন ক্ল’ৰফিল থকা অংশ সেউজীয়া হয় আৰু ইয়েই ক্ল’ৰপ্লাষ্ট বা হৰিৎকণা।

(খ) ৰঞ্জক পদার্থহীন প্লাষ্টিক নিউক’প্লাষ্ট বা অবর্ণকণা বােলে।

(গ) ক্ল’ৰফিলৰ বাহিৰে আনৰঞ্জক পদার্থপ্লাষ্টিডত থাকিলে ইয়াকমপ্লাষ্ট বােলে।

(খ) গগি সংঘ :-  কোষকেন্দ্ৰৰ ওচৰত কিছুমান চেপেটা, থালি সদৃশ অংশ থাকে। এইবােৰৰ কেইবাটাও লগলাগি’এটাৰ ওপৰত আন এটা জাগ খাই থাকে। প্রতিটো এনে অংশকে ছিষ্টার্নি বলে। ছিক্টার্নিৰ একোটা সমষ্টিক গলগি সংঘ বােলে। 1898 চনত ইটালিৰ জীৱবিজ্ঞানী কেমিল গলগিয়ে এইবিধ অর্গেনেল আৱিস্কাৰ কৰিছিল। এই অর্গেনেলত বিভিন্ন প্রটিন অণুৰ ৰাসায়নিক ৰূপান্তৰ সম্পন্ন হয় একোটা কোষত কেইটামানৰ কেইবাহেজাৰ পর্যন্ত গলগি সংঘ থাকে ।

(গ) লাইছ’জ’ম :- সাধাৰণতে প্রাণীকোষত লাইছ’জমনামৰ কিছুমান সৰু সৰু ঘূৰণীয়া অর্গেনেল থাকে। লাইছ’জ’মবােৰ কিছুমান বিশেষ ধৰণৰ এঞ্জাইমেৰে পূৰ্ণ সৰু মােনা। বাহিৰৰপৰা কোষৰ ভিতৰলৈ সােমােৱা ৰাসায়নিক পদার্থ, অণুজীৱ বা কোষত উৎপত্তি হােৱা অদৰকাৰী অংশক এই এঞ্জাইমে ভাঙি আঁতৰায়। উদ্ভিদকোষত লাইছ’জমনাথাকে।

(ঘ) ছেণ্টজম :- প্রাণীকোষত কোষকেন্দ্ৰৰ ওপৰত এক সৰু অংশ থাকে। এই অংশক ছেণ্ট’জম বােলে। কোষবিভাজনৰ সময়ত ছেন্ট্র ‘জমবােৰে ক্ৰ’ম’জ’মৰ বিতৰণ প্রক্রিয়াত গুৰুত্বপূর্ণ ভূমিকা লয়। এবােৰ কেন্দ্ৰকণা একেলগ হৈ ছেণ্ট’জমৰ সৃষ্টি কৰে। ইয়াক উদ্ভিদকোষত সাধাৰণতে দেখা নাযায়।

(ঙ) ৰসধানী :- উদ্ভিদকোষৰ মুঠ আয়তন প্রায় ৩০ শতাংশ এক বিশেষ আৱৰণৰদ্বাৰা আবৃত হৈ অর্ধজুলীয়া পদাৰ্থৰে পূৰ হৈ থাকে। এই অংশক ৰসধানী বােলে।ৰসধানীৰ চাৰিওফালে থকা আৱৰণক টনপ্লাষ্ট বােলে। ৰসধানীত থকা অর্ধজুলীয়া পদার্থই কোষক স্ফীত অৱস্থাত ৰাখে। ৰসধানীৰ এই জুলীয়া পদাৰ্থত বিভিন্ন লৱণ, শৰ্কৰা, এমিন’এছিড আদি পদার্থ দ্ৰৱীভূত হৈ থাকে। কোষত উৎপত্তি হােরা বর্জিত পদার্থও এই ৰসধানীত জমা হৈ থাকে।

(চ) কোষপ্রস :- কোষৰ ভিতৰভাগ এক ডাঠ অধজুলীয়া পদাৰ্থৰে গঠিত। ইয়াক কোষপ্রস বােলে। কোষকেন্দ্ৰৰে সৈতে কোষ প্রৰসক প্ৰ’টপ্লাজম বােলে। কোষপ্ৰৰসৰ ৰাসায়নিক গঠন অতি জটিল। কোষৰসৰ চাৰিওফালে এখন পাতল

আৱৰণ থাকে। ইউকেৰিঅ’টৰ কোষপ্রৰসত আৱৰণদ্বাৰা গঠিত কিছুমান অংশ থাকে। এইবােৰক অর্গেনেল বােলে।

১। “কোষবােৰ জীৱদেহ গঠনৰ একক”। কোনে এই কথা পােনপ্ৰথমবাৰৰ বাবে উল্লেখকৰে ?

উত্তৰঃ- জার্মান বিজ্ঞানী মেথিয়াছ সুেইডেন্ আৰু থিঅ’ড’ৰ স্বনে 1839 চনত এই কথাটি পােনপ্ৰথমে উল্লেখ কৰে।

২। “ডেনেটিক কড”কি ?

উত্তৰঃ- প্রত্যেক কোষতে এক নির্দিষ্ট সংখ্যক ডিঅক্সিৰিব নিউক্লিয়িক এছিড (ডি এন এ) নামক জীৱ ৰাসায়নিক অণু থাকে। জীৱৰ বৈশিষ্ট্যবােৰ ঠাৱৰ কৰা তথ্যবােৰ সংকেত হিচাবে এইবিধ জীৱ ৰাসায়নিক পদার্থ থাকে। এই সংকেতবােৰেই আনুবংশিক সংকেত বা “জেনেটিক কড”।

৩। ক্ৰমাটিন বুলিলে কি বুজা ?

উত্তৰঃ- ইউকেৰিঅ’ট কোষত ডি এন এ অণু হিষ্টননামৰ এক শ্রেণীৰ প্ৰটিনৰ লগত সংযুক্ত হৈ থাকে। এই অৱস্থাত থকা ডি এন এক ক্ৰমাটিন বােলে। ক্র মাটিনে কোষকেন্দ্ৰত এখন জালৰ সৃষ্টি কৰে।

৪। এটাতকৈ অধিক কোষকেন্দ্ৰ থকা এটা জীৱৰ নাম লিখা।

উত্তৰঃ- ভেকুৰৰ কোষত এটাতকৈ অধিক কোষকেন্দ্র থাকে।

৫। “জিন’ কি ? মানুহৰ দেহকোষত কিমান যােৰ ক্ৰ’ম’জ’ম আৰু কিমান জিন আছে ?

উত্তৰঃ- ডি এন এ অণুত জীৱৰ প্ৰতিটো বৈশিষ্ট্য সাংকেতিক ৰূপত থাকে। এই সংকেতবােৰ পুৰুষানুক্রমে পিতৃ-মাতৃৰ পৰা সন্তানলৈ যায়। ডি এন এত থকা আনুবংশিক সংকেতবােৰৰ একক হল ‘জিন’! মানুহৰ দেহকোষত থকা 23 যােৰ ক্ৰমজমত 35000 জিন আছে।

৬। এটা কোষৰ আকাৰ কিমান হয় ?

উত্তৰঃ- বেক্টেৰিয়াৰ (প্র’কেৰিঅ’ট) কোষৰ দৈর্ঘ্য প্রায় 1-5 মাইক্ৰ’মিটাৰ। ইউকেৰিঅ’টৰ কোষৰ আকাৰ সাধাৰণতে 10-30 মাইক্ৰ’মিটাৰ।

৭। আৰ এন এ কত থাকে ?

উত্তৰঃ- কোষকেন্দ্ৰৰ ভিতৰত থকা নিউক্লিঅ’লাছত ৰাইব’নিউক্লিয়িক এছিড বা চমুকৈ আৰু এন এ থাকে।

৮। দুটা এককোষী জীৱৰ নাম লিখা।

উত্তৰঃ- দুটা এককোষী জীৱৰ নাম হল-

(ক) বেক্টেৰিয়া।

(খ) আর্কিবেক্টেৰিয়া ।

৯। প্রটিন সংশ্লেষণ ক’ত হয় ?

উত্তৰঃ- কোষৰ ভিতৰত থকা অর্গেনেল ৰাইব ‘জ’মত প্রটিন সংশ্লেষণ হয়।

১০। কোষৰ কোবৰণখন কি পদাৰ্থৰ দ্বাৰা গঠিত ?

উত্তৰঃ- কোষাৱৰণখন লিপিড’ আৰু প্ৰটিন নামৰ দুটা শ্ৰেণীৰ জীৱৰাসায়নিক পদার্থ দ্বাৰা গঠিত।

১১। মাইট কন্ড্রিয়া আৰু বেক্টেৰিয়াৰ কি মিল আছে উল্লেখ কৰা।

উত্তৰঃ- মনাট’ কন্ড্রিয়া আৰু বেক্টেৰিয়াৰ আকাৰ প্ৰায় একে। বেক্টেৰিয়াৰ দৰে মাইট’কন্ড্রিয়াতে কিছু পৰিমাণে ডি এন এ থাকে।

১২। চমুটোকা লিখা-

(ক) আন্তঃপ্রবসীয় জালিকা।

(খ) কোষবেৰ।

(গ) মাইটকন্ড্রিয়া।

উত্তৰঃ- (ক) আন্তঃপ্ৰৰসীয় জালিকা :- ইউকেৰিঅ’টৰ কোষপ্রৰসত পাতল নলী আকাৰৰ অংশ বিস্তৃত হৈ এখন জালৰ সৃষ্টি হয়। এই জালখনকে আন্তঃপ্রবসীয় জালিকা বােলে। কিছুমান আন্তঃপ্রৰসীয় জালিকাৰ বাহিৰফালে ৰাইব ‘জ’ম সংযুক্ত হৈ থাকে আৰু ইয়াক এক খহটা ৰূপ দিয়ে। আন্তঃপ্ৰৰসীয় জালিকাৰ জৰিয়তে কোষৰ ভিতৰত বিভিন্ন ৰাসায়নিক পদার্থৰ চলাচল, সঞ্চয় আৰু ৰূপান্তৰ হয়।

(খ) কোষবেৰ :- উদ্ভিদ কোষৰ কোষাৱৰণৰ চাৰিওফালে আন এখন ডাঠ আৱৰণ থাকে। ইয়াক কোষবােৰ বােলে! ছেলুলজ, হেমিছেলুল’জ ইত্যাদি বৃহৎ কার্বহাইড্রেট অণুৱে কোষবেৰ গঠন কৰে। কোষবেৰে উদ্ভিদ কোষবােৰ লগ লগাই ধৰি ৰাখিবলৈ প্রয়ােজনীয় শক্তি প্রদান কৰে।

(গ) মাইটকন্ড্রিয়া :- মাইট’কন্ড্রিয়া হ’ল কোষৰ ভিতৰৰ এক আর্গেনেল। ইয়াৰ আকৃতি চেপেটা, দণ্ডাকৃতিৰ বা ঘূৰণীয়া।ইহঁতৰ আকাৰ সৰুআৰু ইয়াৰ সংখ্যা কোষাভেদে বেলেগ বেলেগ। মাইট’কন্ড্রিয়াত শ্বাস-প্রক্রিয়াৰ লগত জড়িত কিছুমান জটিল বিক্রিয়া হয়। এই বিক্রিয়াত উৎপত্তি হােৱা ৰাসায়নিক শক্তি এটিপি নামৰ অণুত সঞ্চিত হয়। কোষত চলি থকা বিভিন্ন কাৰ্য্য বা প্রক্রিয়াৰ বাবে প্রয়ােজনীয় শক্তি এটিপি অণুৱে যােগান ধৰে। মাইট’কন্ড্রিয়াত এইশক্তি উদ্ভৱ হয় বাবে মাইট’কন্ড্রিয়াক কোয়ৰ শক্তি কেন্দ্র বােলে।

১৩। খালী ঠাই পূৰ কৰা –

(ক) জীৱ দেহ…….. গঠিত।

(খ) প্রত্যেক কোষতে সাধাৰণতে …….… কোষাকেন্দ্র থাকে।

(গ)ৰাইব’জমত কোষৰ অতি গুৰুত্বপূৰ্ণ ৰাসায়নিক পদার্থ……….. সংশ্লেষণ হয়।

(ঘ) ……… কোষৰ শক্তি কেন্দ্র বােলে।

উত্তৰঃ (ক) কোষৰদ্বাৰা, (খ) একোটাকৈ, (গ) প্ৰটিন, (ঘ) মাইট’কন্ড্রিয়াক ।

১৪। চিত্র আঁকি চিহ্নত কৰা । 

( ক ) প্ৰ’কেৰিয়ট কোষ ।

( খ ) উদ্ভিদ কোষ ।

( গ ) প্রাণীকোষ ।

উত্তৰঃ

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top