Assam Jatiya Bidyalay Class 8 Assamese Chapter 8 নিশাচৰ প্ৰাণীবোৰ

Assam Jatiya Bidyalay Class 8 Assamese Chapter 8 নিশাচৰ প্ৰাণীবোৰ, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় অসমীয়া Class 8 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 8 নিশাচৰ প্ৰাণীবোৰ Class 8 Assamese Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 8 Assamese Chapter 8 নিশাচৰ প্ৰাণীবোৰ Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 8 Assamese Chapter 8 নিশাচৰ প্ৰাণীবোৰ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

নিশাচৰ প্ৰাণীবোৰ

Chapter – 8

অসম জাতীয় বিদ্যালয়

EXERCISE QUESTION ANSWER

১। একোটিকৈ বাক্যত উত্তৰ লিখা।

(ক) চকুৰ কোনটো অংশত পতিবিম্ব গঠন হয় ?

উত্তৰঃ চকুৰ ৰেটিনা নামৰ অংশত প্ৰতিবিম্ব গঠন হয়।

(খ) স্তন‍্যপায়ী  প্রাণী কাক বোলে ? 

উত্তৰঃ পোৱালি জন্ম দিয়া প্ৰাণীবোৰক স্তনপায়ী প্ৰাণী বোলে।

(গ) বাদুলিক আকাশলৈ উৰি যোৱাত কিহে সহায় কৰে ? 

উত্তৰঃ দুখন পাতলীয়া ধৰণৰ ছালে বাদুলিক আকাশলৈ উৰি যোৱাত সহায় কৰে।

(ঘ) পৃথিৱীত কিমানবিধ প্ৰজাতিৰ বাদুলি আছে ?

উত্তৰঃ পৃথিৱীত প্ৰায় এঘাৰ বিধ প্ৰজাতিৰ বাদুলি আছে।

(ঙ) অসমত কেই জাতৰ বাদুলি আছে আৰু কি কি ?

উত্তৰঃ  অসমত সাধাৰণতে দুটা জাতৰ বাদুলি আছে। সেই দুটা হল- এবিধ চুঙা বাদুলি আৰু আনবিধ বৰ বাদুলি।

(চ) জোনাকী পৰুৱাৰ দেহত পোহৰ উৎপন্ন কৰিব পৰা কি পদাৰ্থ থাকে ?

উত্তৰঃ জোনাকী পৰুৱাৰ দেহত পোহৰ উৎপন্ন কৰিব পৰা লুচীফেৰীন নামৰ পদাৰ্থ থাকে।

২। মেকুৰীৰ শ্ৰৱণ শক্তি আৰু দৃষ্টিশক্তিৰ বিষয়ে লিখা।

উত্তৰঃ মেকুৰীৰ শ্ৰৱণ শক্তি বৰ প্ৰবল। ইহঁতৰ কাষেদি যোৱা যিকোনো প্ৰাণীৰ শব্দ ইহঁতৰ কাণত পৰে। লগে লগে মেকুৰী সজাগ হয় আৰু চিকাৰ কৰিবলগীয়া প্ৰাণী হলে ধৰিবলৈ সাজু হয়। শ্ৰৱণ শক্তিৰ নিচিনা দৃষ্টি শক্তিয়ো অতি প্ৰবল। কম পোহৰত মেকুৰীৰ দৃষ্টি শক্তি বেছি প্ৰবল হৈ উঠে। সাধাৰণতে মানুহৰ চকুৱে যিমান পোহৰত এটা বস্তু মানিব পাৰে তাৰ ছয় ভাগৰ এভাগ পোহৰতো মেকুৰীয়ে দেখা পায়।

৩। মেকুৰীৰ চকু কম পোহৰত দেখাৰ বাবে কিয় উপযোগী হয় ?

উত্তৰঃ চকুৰ ৰেটিনাৰ সহায়ত দেখা বস্তুৰ প্ৰতিবিম্ব গঠন হয় আৰু দেখা পোৱা যায়। মেকুৰীৰ চকুৰ ৰেটিনাত ‘ৰ’ড ছেল’ নামৰ কোষ বেছিকৈ থাকে। আকৌ ৰেটিনাৰ পিছফালে থকা এটা স্তৰত  এখন প্ৰতিফলক পৃষ্ঠ থাকে। যিবোৰ পৃষ্ঠত পোহৰ খুন্দা খাই ঘূৰি আহে তাক প্ৰতিফলক পৃষ্ঠ বোলে। প্ৰতিফলক পৃষ্ঠৰ নাম টাপেটাম লুচীডাম। এই পৃষ্ঠাখনে আইনাৰ দৰে কাম কৰে। মেকুৰীৰ চকুত পোহৰ পৰিলে প্ৰথমে এই পোহৰ ৰেটিনাত পৰে । ৰেটিনাই শোষণ নকৰা পুহৰখিনি প্ৰতিফলক পৃষ্ঠখনত পৰে। প্ৰতিফলক পৃষ্ঠখনে পোহৰ প্ৰতিফলিত কৰি ৰ’ড চেলৰ যোগেদি বাহিৰলৈ পঠিয়াই। ফলত ৰেটিনাৰ পৰা পোহৰৰ পাৰিনাম বাঢ়ে। সেইবাবে মেকুৰীৰ চকু কম পোহৰত দেখাৰ বাবে উপযোগী হয়।

৪। বাদুলিৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ বাদুলি এবিধ নিশাচৰ প্ৰাণী। বাদুলি চৰাইৰ দৰে উৰে যদিও ইহঁতে কণী নাপাৰে, পোৱালি জন্ম দিয়ে। বাদুলিৰ ডেউকা আৰু পাখি নাই । দুখন পাতলীয়া ধৰণৰ ছালে ইহঁতক আকাশত উৰি যোৱাত সহায় কৰে। পৃথিৱীত প্ৰায় এঘাৰ হাজাৰ বিধ প্ৰজাতিৰ বাদুলি আছে। এইবোৰৰ সত্তৰ শতাংশই পতংগ ভোজী।  বাকী খিনিয়ে গছৰ ফল-মূল খাই জীৱন-ধাৰণ কৰে। অসমৰ চুঙা বাদুলি আৰু বৰ বাদুলি নামৰ দুইজাতৰ বাদুলি আছে।

৫। বাদুলিৰ দৃষ্টিশক্তি প্ৰবল নোহোৱাৰ পিছতো ইহঁতে আন্ধাৰত কেনেকৈ উৰিব পাৰে ? 

উত্তৰঃ বাদুলিয়ে ঘোৰ অন্ধকাৰত চলা- ফিৰা কৰিবৰ বাবে চকু নহয় কাণহে ব্যৱহাৰ কৰে। ইহঁতে উৰি ফুৰোঁতে অনবৰতে কিছুমান শব্দ সৃষ্টি কৰে যিবোৰ ইহঁতে শুনা পায়। শব্দটো আগে আগে গৈ থাকিলে বাদুলি পিছে পিছে গৈ থাকে। যদি সমুখত কিবা বাধা থাকে শব্দটো তাত খুন্দা খাই ঘুৰি আহি বাদুলিৰ কাণত পৰে। তেতিয়া সি সমুখৰ বাধা থকাৰ কথা গম পাই। সেই কাৰণে প্ৰবল দৃষ্টিশক্তি নোহোৱাৰ পিছতো বাদুলিয়ে আন্ধাৰত এনেকৈ উৰিব পাৰে।

৬। জোনাকী পৰুৱাৰ গাৰ পৰা পোহৰ ওলাই কেনেকৈ ?

উত্তৰঃ জোনাকী পৰুৱাৰ দেহৰ পিছফালৰ অংশৰ তলৰ ফালে হালধীয়া আৰু কমলা ৰঙৰ চিহ্নি আৰু পোহৰ নিৰ্গত কৰিব পৰা গ্ৰন্থি থাকে। ইহঁতৰ দেহত থুচিফিৰিন নামৰ অবিধ পদাৰ্থ থাকে। এইবিধ পদাৰ্থৰ লগত অক্সিজেন লগ লাগিলে পোহৰ উৎপন্ন হয় । এইদৰে জোনাকী পৰুৱাৰ গাৰ পৰা পোহৰ ওলায়।

৭। জোনাকী পৰুৱাই কিয় গাৰ পৰা পোহৰ নিৰ্গত কৰে ?

উত্তৰঃ সংগিক আকৰ্ষণ কৰাৰ উপৰিও  পোক-পৰুৱা চিকাৰ কৰিবলৈ জোনাকী পৰুৱাই গাৰ পৰা পোহৰ নিৰ্গত কৰে।

৮। সমৰ্থক শব্দ লিখা।

(ক) পাখি :- ডেউকা।    

(খ) সন্ধান :- শুংসূত্ৰ।

(গ) চিহ্ন :- চিন, নিদৰ্শন।   

(ঘ) প্ৰবল :- পৰাক্ৰম।

(ঙ) সংগী :- লগৰী।   

(চ) চকু :- নয়ন, অক্ষি,লোচন।

৯। উদাহৰণৰ দৰে লিখা:

(ক) বিশ্বৰ সদৃশ = প্ৰতিবিম্ব।

(খ) গ্ৰহৰ সদৃশ = উপগ্ৰহ।

(গ) নদীৰ সদৃশ = উপনদী।

(ঘ) কথাৰ সদৃশ = উপকথা।

Leave a Reply

error: Content is protected !!
Scroll to Top
Scroll to Top
adplus-dvertising