Assam Jatiya Bidyalay Class 8 Assamese Chapter 6 হেতুবন্ধন

Assam Jatiya Bidyalay Class 8 Assamese Chapter 6 হেতুবন্ধন, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় অসমীয়া Class 8 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 6 হেতুবন্ধন Class 8 Assamese Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 8 Assamese Chapter 6 হেতুবন্ধন Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 8 Assamese Chapter 6 হেতুবন্ধন provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

হেতুবন্ধন

Chapter – 6

অসম জাতীয় বিদ্যালয়

EXERCISE QUESTION ANSWER

১। (ক)  ৰাৱনে সীতাক কত বন্ধী কৰি ৰাখিছিল ?

উত্তৰঃ ৰাৱনে সীতাক তেওঁৰ ৰাজ্যৰ অশোক বাটিকাত বন্ধী কৰি ৰাখিছিল।

(খ) বানৰ বাহিনী কিয় গৃহাভিমুখে পলাব খুজিছিল ?

উত্তৰঃ মহাসমুদ্ৰৰ ঘন ঘন অকাশচুম্বী যোৱাৰ উত্তোলনত ভীতিগ্ৰস্ত হৈ বানৰ বাহিনী গৃহাভিমুখে পলাব খুজিছিল।

(গ) সুগ্ৰীৱে বানৰ সেনাক কি বুলি বুজালে ?

উত্তৰঃ সুগ্ৰীবে বানৰ সেনাক এই বুলি বুজালে যে যি বীৰত্বৰ খ্যাতিযে বানৰ সকলক চিৰকাল গৌৰবান্ধিত কৰিব সেই সশসা লাভৰ পৰা বানৰ সকল বিমুখ হব নালাগে। কাৰণ ৰাক্ষস কুল নিধন কৰা আৰু সাগৰ লঙঘন কৰা সহজ সাধ্য নহলেও শ্ৰীৰামচন্দ্ৰৰ সান্নিধ্যত সকলো সম্ভৱ।

(ঘ) বান্দৰবোৰ কিয় লজ্জিত হৈছিল ?

উত্তৰঃ সুগ্ৰীৱৰ গুৰু-গম্ভীৰ ঘোষণা বান্দৰ সকল উত্তেজিত হৈছিল আৰু পূৰ্বৰ বিবুদ্ধি আচৰণৰ বাবে লজ্জিত হৈছিল।

(ঙ) বান্দৰ সেনাহতে কিদৰে ৰণৰ অনুশীলন কৰিছিল ?

উত্তৰঃ কোনোৱাই পৰ্বতৰ শৃংগ এটা ভাঙি আনি  নিজৰ কান্ধত থেকেচি ভাঙিলে,কোনোবাই গছ উভালিলে, কোনোবাই কান-তাল মৰা চিঞৰ মাৰিলে,কাৰোবাৰ চকুৰে অগ্নিৰ দৰে জুই ওলাই আহিল।এনেদৰে বানৰ সেনাহঁতে ৰনৰ অনুশীলন কৰিছিল।

(চ) ৰামে কিয় অগ্নিবান নিক্ষেপ কৰিছিল আৰু তাৰ ফলাফল কি হৈছিল ?

উত্তৰঃ ৰামে সাগৰৰ গর্জন তল পেলাবলৈ অগ্নিবান নিক্ষেপ কৰিছিল। তাৰফলত সাগৰত আলোড়নৰ সৃষ্টি হৈছিল। জলজ জীৱ জন্তুবোৰ ভয়ত ছিটিকি পৰিছিল। মাছ মগৰ বোৰ সিঁচৰতি সজ পৰিছিল। আধাছিঙা সাপবোৰে বিষ উদ্গীৰণ কৰিছিল। মনি-মৰকবোৰ প্ৰবল জোৱাৰত উটি আহিছিল। লগতে ৰামৰ পৰাক্ৰমত ধীৰে ধীৰে সমুদ্ৰজল পিছুৱাই গৈছিল।

(ছ) নলে কিদৰে হেতুবন্ধনৰ কামত দক্ষতা দেখুৱাইছিল ?

উত্তৰঃ সুগ্ৰীৱৰ অনুৰোধ ৰক্ষা কৰি নলে আত্মবিশ্বাস আৰু ভক্তিভাৱে সেতু নিৰ্মাণৰ কাম কান্ধপাতি লৈছিল। তাৰ পাছত সমুদ্ৰজলত স্নান কৰি পিতৃ বিশ্বকৰ্মালৈ প্ৰণাম জনাইছিল। ৰামৰ চৰণ কান্ধপাতি মূৰ দুৱাই সুগ্ৰীৱৰ সন্মুখতো মূৰ দেখুৱাইছিল। তাৰ পাছত কঁপিগনৰ হাতৰ পৰা পৰ্বতবোৰ আনি একান্ত মনে দক্ষতাৰে সেতু বান্ধিছেল।

২। সমাস নিৰ্ণয় কৰা :

দশানন্, মহাসাগৰ, কপিৰাজ, ৰনতৃষ্ণা, সিংহাসন, ৰঘুপতি, নিৰবোধ, অগ্নিবান, কুম্ভকৰ্ণ, মেঘনাথ, দ্বৈৰথ।

উত্তৰঃ 

ব্যাস বাক্যসমাসৰ নাম
দশানন্ : দশ আনন্দ যাৰবহুব্ৰিহি সমাস।
মহাসাগৰ : মহা যি সাগৰকৰ্মধাৰয় সমাস।
কপিৰাজ : কপিৰ ৰজাষষ্ঠী তৎপুৰুষ সমাস।
ৰত্নতৃষ্ণা : ৰনৰ তৃষ্ণাষষ্ঠী তৎপুৰুষ সমাস।
সিংহাসন : সিংহ  অঙ্কিত আসনকৰ্মধাৰয় সমাস ।
নিৰবোধ : বোধৰ অভাৱঅব্যয়ীভাৱ সমাস।
অগ্নিবান: অগ্নিৰ বানষষ্ঠী তৎপুৰুষ সমাস।
কুম্ভকৰ্ণ : কুম্ভৰ কৰ্ণউপমান কৰ্মধাৰয় সমাস।
মেঘনাথ : মেঘৰ দৰে নাদউপমান কৰ্মধাৰয় সমাস।

৩। সন্ধি ভঙা :

দশানন্, উদ্ধাৰ , দুৰ্বৃত্ত, উদ্যোগ, উচ্ছল, উদ্গীৰণ, অত্যন্ত, সংলগ্ন, জোয়োল্লাস, মোহাচ্ছন্ন।

উত্তৰঃ (ক ) দশানন্ :- দশ+ আনন।

(খ ) উদ্ধাৰ :- উৎ + হাৰ।

(গ ) দুৰ্বৃত্ত :- দু + বৃত্ত ।

(ঘ) উদ্যোগ :- উৎ+  যোগ।

(ঙ )উচ্ছল : উৎ + চল।

(চ ) উদ্গীৰণ :- উৎ + গীৰণ।

(ছ ) অত্যন্ত :- অতি+  অন্ত।

(জ ) সংলগ্ন :- সম  +লগ্ন।

(ঝ )জয়োল্লাস :- জয় +উল্লাস।

(ঞ) মোহাচ্ছন্ন :- মোহ + আচ্ছন্ন।

৪। প্ৰত্যেয় ভাঙি দেখুৱা: ম্ৰিয়মান, ভাষণ, ভাগৰুৱা, পৰাক্ৰমী, স্বৰ্ণময়ী, গৰীয়সী।

উত্তৰঃ (ক) ম্ৰিয়মান :- মৃ +মান ।

(খ) ভাষণ :- ভাষ + আন।

(গ ) ভাগৰুৱা :- ভাগৰ +উৱা।

(ঘ) পৰাক্ৰমী :- পৰাক্ৰম  + ঈ।

(ঙ ) স্বৰ্ণময়ী :- স্বৰ্ণময় + ঈ ।

(চ) গৰীয়সী :- গৰীয়স +ঈ ।

৫। তলৰ শব্দবোৰত ‘নত্ব’ বিধি আৰু ‘ষত্ব’ বিধিৰ কোনটো নিয়ম প্ৰয়োগ কৰা হৈছে লিখা।

ৰাৱণ, লক্ষ্মণ, হৰণ, প্ৰাণ, ভাষণ, পূৰ্ণ, ৰণ, সুষেন, তৃষ্ণা, ঋষভ, নিষধ, কান, সংঘৰ্ষ নিৰ্মাণ, কৰ্ণ, বাৰিষা।

উত্তৰঃ ঋ,ৰ,ষৰ, পিছত,থকা, দন্ত‍্য, ‘ন’ মৰ্দ্ধন‍্য’ণ’ হয় আৰু ঋৰ পিছত থকা দন্ত‍্য ‘স’ মুৰ্দ্ধন‍্য’ ষ হয় এই নিয়মটো প্ৰয়োগ কৰা হৈছে।

৬। সমাৰ্থক শব্দ লিখা।

(ক ) সাগৰ :- অৰ্ণব সমুদ্ৰ।      

(খ ) মূৰ :- শিৰ।

(গ) বান্দৰ :- কঁপি।               

(ঘ) জননী :- মাতৃ।

(ঙ) পানী :- জল।                

(চ ) পৰিনয় :- বিয়া।

(ছ)  আকাশ :- গগনা, অম্বৰ।  

(জ) ভাৰ্য্যা :- পত্নী।

(ঝ) ৰজা :- নৰপতি, ভূপতি, ৰাজন। 

(ঞ ) পতি :- স্বামী।            

( ট ) সঙ্গম :- মিলন।     

(ঠ ) পৰ্বত :- গিৰী।            

(ড ) তীৰ :- কূল, পাৰ ।      

( ঢ) সেতু :- বান্ধ।

৭। ভাব বহলাই লিখা।

(ক) জননী জন্মভূমিচ্ছ স্বৰ্গদপি গৰীয়সী ।

উত্তৰঃ জননী অৰ্থাৎ মাতৃ আৰু জনম ভূমি এই দুয়োটা বস্তু স্বৰ্গতকৈ বেছি শ্ৰেষ্ঠ। কিয়নো জননীয়ে আমাক জন্ম দিছে আৰু তাৰ পিছত তেওঁৰ বুকুৰ গাখীৰ খুৱাই আলপৈচান ধৰি ক ত কষ্ট কৰি ডাঙৰ দীঘল কৰিছে।জননী গাখীৰ খাব এৰাৰ পিছত জনম ভূমিৰ বুকুৰ পৰা আমি খাদ্য আহৰণ কৰি খাইছোঁ। গতিকে জননী আৰু জনমভূমিযে আমাক যি দিছে ।সেইবোৰ আমি কেতিয়াও সুজিব নোৱাৰো। সেইবাবে স্বৰ্গতকৈ ও জননী আৰু জন্মভূমিক শ্ৰেষ্ঠ স্থান দি আমি তাৰ বাবে নিজৰ কৰ্তব্য পালন কৰিব লাগে।

(খ) অতি দৰপে হত লঙ্কা।

উত্তৰঃ লঙ্কাৰ ৰজা আছিল ৰাৱণ। ৰাৱণ এজন বৰ অহংকাৰী ৰজা আছিল। ৰাৱণৰ সমান বলৱন্ত কোনো নাই বুলি যি ইচ্ছা যায় তাকে কৰি ফুৰিছিল। মানুহ আৰু বান্দৰক তেওঁ প্ৰাণী বুলি গণ্যই নকৰিছিল। কিন্তু সেই মানুহ আৰু বান্দৰৰ হাততেই সোণৰ লঙ্কাৰ ৰজা ৰাৱণ পৰাজিত হৈছিল। ৰামৰ হাতত তেওঁৰ মৃত্যু হৈছিল আৰু দৰ্প অহংকাৰ ধূলিস‍্যৎ হৈ গৈছিল। সেইবাবে কেতিয়াও অহংকাৰ কৰিব নালাগে।

(গ) ৰাইজে নখ জোকাৰিলে নৈ বয়।

উত্তৰঃ মানুহৰ নখত কিমান পানী থাকে ? হাত বোৱাৰ পিছত নখৰ আগত অটুপামান পানী থাকে তাকে যদি বহুত মানুহ লগ হৈ জোকাৰি দিয়া যায় হয়তো কিছু পানী গোট খাব। তেনেকৈ ৰাজহুৱা কামবোৰ অকলশৰীয়া প্ৰচেষ্টাত কৰিব নোৱাৰি। কিন্তু গোটেই ৰাইজ মিলি যদি কাম এটা কৰিবলৈ আৰম্ভ কৰে তাক শেষ কৰাটো একো টান কাম নহয়। ৰাইজৰ নখৰ আগত এটোপা পানীয়ে যেনেকৈ নৈ বোৱাব পাৰে ঠিক তেনেকৈ ৰাইজ লগ হৈ এটকা দুটকাকৈ উঠাই ৰাইজৰ পইচাৰে একোখন ডাঙৰ অনুষ্ঠান গঢ়িব পাৰি।

৮। প্ৰসংগঃ সংগতি দৰ্শাই ব্যাখ্যা কৰা।

(ক) যুদ্ধ বিজয়ৰ খ্যাতিযে উৎসাহ বঢ়াই;  উদ‍্যমহীন  লোকে তাৰ মোল বুজি নাপায়।

উত্তৰঃ এই কথাশাৰী আমাৰ পাঠ্য পুথি ‘আপোন পাথৰ ‘ পল্লৱী গোস্বামী যে ৰচনা কৰা” সেতু বন্ধন ” নামৰ পাঠৰ পৰা তুলি দিয়া হৈছে। 

সুগ্ৰীৱে বান্দৰ সকলৰ পৰা ভয় আঁতৰাই যুদ্ধ কৰা ইচ্ছাটো জাগ্ৰত কৰিবলৈ এই কথাষাৰ কৈছে। 

ৰামৰ লগত সীতা উদ্ধাৰৰ বাবে অহা বান্দৰ  সৈন্যবোৰে যেতিয়া বিশাল সমুদ্ৰত আকাশ চুম্বী যোৱাৰ দেখিলে তেতিয়া সিহঁতে পলাবলৈ উদ্যত হৈছিল। তেতিয়া সিহঁতৰ ৰজা সুগ্ৰীৱে সিহঁতৰ মনলৈ মনোবল ফিৰাই আনিবলৈ চেষ্টা কৰিছিল। সুগ্ৰীৱে কৈছিল যে যদিও ৰাক্ষসকুল নিধন কৰা নহয় তথাপিও যাৰ লগত শ্ৰী ৰাম আছে সফল নোহোৱা কথাই নাই। যুদ্ধ এখন জয় কৰি আহিলে। তাৰ খ্যাতিয়ে মনলৈ বহুত উৎসাহ আনে। বান্দৰ সকলে যদি ৰাক্ষস কুল ধ্বংস কৰি সীতাক উদ্ধাৰ কৰিব পাৰে তেনেহলে এই বিজয়ৰ খ্যাতি বহু যোগলৈ ৰৈ যাব। কিন্তু যিবিলাক উদ্যমহীন লোক তেওঁলোকে এই বিজয়ৰ খ্যাতিটো অনুভৱ কৰিব নোৱাৰে আনকি তাৰ মূল্যও বুজি নাপায়। এইদৰে সুগ্ৰীৱে উৎসা দিয়াৰ পাছতো বান্দৰ সেনাই যুদ্ধ কৰিবলৈ সাহস গোটাব পৰা নাছিল কিন্তু সুগ্ৰীৱৰ সকলো কথা শুনাৰ পাছত যুদ্ধ কৰিবলৈ উত্তেজিত হৈ পৰিছিল।

(খ) ‘ভাইহঁত। শৰীৰত অন্তিম ৰক্তবিন্দু থাকে মানে প্ৰাণে পনে যুঁজি মই ৰণ তৃষ্ণা পূৰ্ণ কৰিম।

উত্তৰঃ উদ্ধৃত  বাক্যশাৰী আমাৰ পাঠ্য পুথি ‘আপোন পাঠ’ৰ পল্লৱী গোস্বামীয়ে ৰচনা কৰা “সেঁতুবন্ধন” নামৰ পাঠৰ পৰা তুলি দিয়া হৈছে।

ইয়াত বান্দৰৰ ৰজা সুগ্ৰীৱে নিজৰ যুদ্ধ তৃষ্ণা ৰ কথা প্ৰকাশ কৰিবলৈ গৈ এইখিনি কথা উল্লেখ কৰিছে।

বালিৰ ভাতৃ সুগ্ৰীৱ মহাযোদ্ধা আছিল। যুদ্ধ কৰিবলৈ অলপো হেলা নকৰিছিল। ৰামৰ সহায়ত সুগ্ৰীৱে নিজৰ ৰাজ্য ঘূৰাই পাই সীতাক উদ্ধাৰৰ বাবে বান্দৰ সেনালৈ সাগৰৰ পাৰ পাইছিল। কিন্তু সাগৰৰ ঢৌ দেখি বান্দৰ সেনাবোৰে ভয় খোৱা দেখি ৰজা সুগ্ৰীৱে সিহঁতৰ মনোবল ঘূৰাই অনা বাবে নানা ধৰণৰ চেষ্টা কৰিছিল। কিন্তু বান্দৰ সেনাৰ মনত ভয় ভাব নুগুচাত তেওঁ নিজে ঘোষণা কৰে যে শৰীৰত ৰক্ত বিন্দু থাকে মানে তেওঁ যুদ্ধ কৰিব আৰু মনৰ ৰনতৃষ্ণা পূৰ্ণ কৰিব। ৰজাৰ এই গুৰু গম্ভীৰ বাক্য শুনি বান্দৰ সেনাবোৰ যুদ্ধ কৰিবলৈ উত্তেজিত হৈ পৰিছিল।

৯। বাক্য ৰচনা কৰা।

(ক) চকুৰে সৰিয়হ ফুল দেখা :- ৰামৰ লগত যুদ্ধ কৰোঁতে ৰাৱনে চকুৰে সৰিয়হ ফুল দেখিছিল।

(খ) খাই পাত ফলা :- খাই পাত ফলা মানুহক কেতিয়াও বিশ্বাস কৰিব নালাগে।

(গ) কানে কান মাৰি :- আজি কালি হাইস্কুল শিক্ষান্ত পৰীক্ষাত কানে কান মাৰি উত্তীৰ্ণ হলে একো লাভ নহয়।

(ঘ) বগলী ভকত :- আজিৰ সমাজত বগলী ভকতৰ অভাৱ নাই।

(ঙ) কান তাল মাৰ :- মেঘৰ কাণ তাল মৰা শব্দই সৰু লৰা ছোৱালী এজনীয়ে ভয় খাই উঠে।

(চ) চকুৰ কূটা দাঁতৰ শাল :- কাকো চকুৰ কূটা দাঁতৰ শাল বুলি ভাবিব নালাগে।

(ছ) পানীত হাঁহ নচৰা :- মা দেউতাকৰ দুৰ্ঘটনাত মৃত্যু হোৱাত লৰা ছোৱালী দুটাৰ পানীত হাঁহ নচৰা অৱস্থা হৈছিল। 

১০। উদাহৰণ দৰে লিখা।

উত্তৰঃ (ক) বনত  বাস  = বনবাস।

(খ) বনত জাত = বনজাত।

(গ)  ঘৰত  ওপজা  = ঘৰওপজা।

(ঘ) কথাত  চহকী  = কথাচহকী।

(ঙ) মৌ সনা  = মৌসনা।

(চ) দিনত কণা =  দিনকনা।

(ছ ) গছত পকা  = গছপকা।

সপ্তমী তৎপুৰুষ সমাস :- প্ৰথম ব্যস্তপদৰ অধিকৰণৰ সপ্তমী বিভক্তি লোপ হৈ সমাস হলে সপ্তমী তৎপুৰুষ সমাস হয়। শেষৰ পদটো সাধাৰণ তে কৃদন্ত সংজ্ঞা বিশেষণ হয়। যথা

দিনত কণা  = দিন কণা।

সত‍্যত আগ্ৰহ = হত্যাগ্ৰহ।

মাতৃত ভক্তি  = মাতৃভক্তি।

ৰণত পণ্ডিত  = ৰণপণ্ডিত।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top