Assam Jatiya Bidyalay Class 8 Assamese Chapter 5 ধূলিকণা মই

Assam Jatiya Bidyalay Class 8 Assamese Chapter 5 ধূলিকণা মই, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় অসমীয়া Class 8 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 5 ধূলিকণা মই Class 8 Assamese Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 8 Assamese Chapter 5 ধূলিকণা মই Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 8 Assamese Chapter 5 ধূলিকণা মই provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

ধূলিকণা মই

Chapter – 5

অসম জাতীয় বিদ্যালয়

EXERCISE QUESTION ANSWER

১। চমু উত্তৰ লিখা :

(ক) কবি মৰি গলেও জগতত কি নহয় বুলি কৈছে ?

উত্তৰঃ কবি মৰি গলেও জগতৰ সানি নহয় বুলি কৈছে।

(খ) কবিৰ মৃত্যু হলেও কি কাৰণে জগতখন সদায় নিয়ম মতে চলি থাকিব বুলি কৈছে ?

উত্তৰঃ কবিৰ মৃত্যু হলেও এই  বিশ্ব-সংসাৰৰ কোনো নিয়মৰে লৰচৰ নহয় কাৰণে জগতখন সদায় নিয়ম মতে চলি থাকিব বুলি কৈছে।

(গ) এই বিশাল বিশ্বই কবিৰ মৃত্যুৰ কথা কি কাৰণে গম নাপায় ?

উত্তৰঃ কামত বিভোৰ হৈ থকাৰ কাৰণে এই বিশাল বিশ্ব ই কবিৰ মৃত্যুৰ কথা গম নাপাব।

(ঘ) কবিয়ে নিজকে কিহৰ লগত তুলনা কৰিছে ? 

উত্তৰঃ কবিয়ে নিজকে ধূলি-কণাৰ লগত তুলনা কৰিছে।

২। কবিতাটিৰ মূল কথাখিনি তোমাৰ নিজৰ কথাৰে লিখা।

উত্তৰঃ সাহিত্য ৰত্ন কবি চন্দ্ৰধৰ বৰুৱাদেৱৰ ‘ধূলিকণা মই’ নামৰ কবিতাটোৰ জৰিয়তে কবিয়ে নিজকে ধূলি-কণা ৰ লগত তুলনা কৰিছে। অজস্ৰ ধূলিকণৰ মাজৰ পৰা এটি ধূলিকণা নোহোৱা হলে যেনেকৈ কোনেও গম নাপায় তেনেকৈ এই বিশ্ব সংসাৰৰ পৰা কবি যিদিনা নোহোৱা হব সেইদিনাও কোনেও গম নাপাব। কবিয়ে নোহোৱা হলেও প্ৰকৃতিৰ সকোলো বস্তু একেদৰে চলি থাকিব। নিজ নিজ কামত ব্যস্ত এই বিশ্ব সংসাৰৰ অলেখ মানুহে কবিৰ মৃত্যুৰ কথা একো নাজানিব।প্ৰকৃতিয়ে একে দৰেই নিজৰ কাম নিজে কৰি যাব। বিশ্ব খনিকৰৰ এই বিপুল সৃষ্টিৰ কোনেও একো সানি নহয় যদি কবি এই সংসাৰৰ পৰা আঁতৰি যায়।

৩। প্ৰসংগ সংগতি দৰ্শাই বাখ্যা কৰা।

(ক) আজিৰ দৰেই নিজে জগত চলিব

              নাই তাত অকণো সংশয়।

      এই বিশ্ব সংসাৰৰ কোনো নিয়মৰে 

              লৰচৰ অলপো নহয়।

প্ৰসংগ :- উদ্ধৃত কবিতা ফাঁকি আমাৰ পাঠ পুথি আপোন পাঠৰ পৰা তুলি দিয়া হৈছে।

সংগতি :- কবিতা ফাঁকিৰ জৰিয়তে কবিয়ে কব বিচাৰিছে যে তেওঁৰ মৃত্যুও সংসাৰৰ কোনো নিয়মৰে লৰচৰ নহয়।

ব্যাখ্যা :- এই সংসাৰৰ পৰা কবি যেতিয়া আঁতৰি যাব নীৰৱে তেতিয়া কবি জীয়াই থাকোতে সংসাৰখন যেনেকৈ চলিছিল ঠেক তেনেদৰেই চলি থাকিব। কবি অবিহনে কতো একো সানি নহব। এই বিষয়ে কবিৰ অকণো সংশয় নাই যে তেওঁৰ মৃত্যুত সংসাৰ আগৰ দৰেই চলি থাকিব। এই বিশাল পৃথিৱীত মানুহ নিগন্য প্ৰাণী। এই প্ৰাণীবোৰ আহি আছে গৈ আছে। অনাদি কালৰে পৰাই এই সংসাৰ চলি আছে। মানুহ যিমানেই গুৰুত্বপূৰ্ণ নহওক কিয় কোনো মানুহৰে মৃত্যুত বিশ্ব প্ৰকৃতিৰ নিয়মৰ একো লৰচৰ নহয়। ধূলিকণা এটি উৰি গৈ অন্য ঠাইত থিতাপি ললে যেনেকৈ আগতে থকা ঠাইখিনিয়ে একো অভাৱ অনুভৱ নকৰে ঠিক তেনেকৈ মানুহৰ মৃত্যুতো প্ৰকৃতিয়ে একো অভাৱ অনুভৱ নকৰে।

(খ) অনন্ত বিশ্ব         অসংখ্য ধূলিৰ 

               এটি মাত্ৰ ধূলিকণা মই;

      মোৰ অবিহনে    এই বিপুল সৃষ্টিৰ 

               কোনেও অকণো সানি নাই।

প্ৰসংগ :- এই কবিতা ফাঁকি আমাৰ পাঠ্য পুথি ‘আপোন পাঠ ৰ সাহিত্যৰত্ন কবি ‘চন্দ্ৰধৰ বৰুৱা’ দেৱে ৰচনা কৰা ‘ধূলিকণা মই ‘ নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে।

সংগতি :- কবি অবিহনে যে এই বিশাল বিশ্বৰ বিপুল সৃষ্টিৰ কতো একো সানি নহয় এই কথাষাৰ কব বিচাৰিছে।

ব্যাখ্যা :- এই বিশ্বখন অনাদি অনন্ত । ইয়াৰ প্ৰকৃতিৰ বুকুত অলেখ উদ্ভিদ, প্ৰাণী থকাৰ নিচিনা অসংখ্য কণ কণ ধূলিকণা আছে। সামগ্ৰিক ভাৱে ধূলিকণাসমূহ যদিও অতি দৰকাৰী, এটি মাত্ৰ ধূলিকণাৰ একো দৰকাৰ নাই। ধূলিকণা এটি অপ্ৰয়োজনীয় অতি নগন্য বস্তু । অটি ধূলিকণা অবিহনে পৃথিৱীত একো সানি বিঘিনি নহয়। কবিয়ে নিজকে অটি ধূলিকণাৰ লগত তুলনা কৰিছে। কবিয়ে যেন এটা মূল্য হীন ধূলিকণাৰ নিচিনা মূল্য নথকা এটি প্ৰাণী। সেয়েহে তেওঁৰ যেতিয়া মৃত্যু হব তেতিয়া এই বিশাল বিশ্ব ৰ বিপুল সৃষ্টিৰ কতো একো সানি নহব। কবিৰ অৱৰ্তমানত আগৰ দৰেই এই সংসাৰ কোনো নিয়মৰ লৰচৰ নোহোৱাকৈ চলি থাকিব।

৪। ভাব বহলাই লিখা : 

(ক) দুই নাৱত দুই ভৰি

উত্তৰঃ নদীত যদি দুখন নাও থাকে এজন যাত্ৰীয়ে যদি দুয়োখন নাওতে দুখন ভৰি দি থয় নাও চলিবৰ সময়ত কি অৱস্থা হব ? নাওদুখন একেলগে একে সমানে কেতিয়াও নাযায়। নাও চলিবলৈ আৰম্ভ কৰাৰ লগে লগে যদি যাত্ৰী জনে নিৰ্দিষ্ট এখন নাওঁলৈ নাহে তেতিয়া হলে যাত্ৰীজন পানীত পৰি যাব নাওৰ ওপৰতে পৰি আঘাত প্ৰাপ্ত হব। সেইকাৰণে কোনটো নাওতে যাব সেইটো আগতে স্থিৰ কৰি নিৰ্দিষ্ট নাওতে উঠিব লাগে। ঠিক তেনেকৈ মানুহে সিদ্ধান্ত বিলাক কৰোঁতে ভাল দৰে বিচাৰ কৰি চাই এটা স্থিৰ সিদ্ধান্ত কৰিব লাগে। এতাতকৈ অধিক সিদ্ধান্ত কৰি সময়ত কি কৰিব কি নকৰিব তাকে ভাবি বিমোৰত পৰিব লাগে। গতিকে সময় থাকোতে যি কোনো ক্ষেত্ৰতে সমুচিত সিদ্ধান্ত ৰ দ্বাৰা কাম কৰিব লাগে।

(খ) তুলসীৰ লগত কলপটুৱাৰ মুক্তি।

উত্তৰঃ হিন্দু সমাজত তুলসীক অতি পবিত্ৰ গছ হিচাপে ধৰা হয়।  ভগৱান শ্ৰীকৃষ্ণৰ সকলো পূজাতে তুলসী ব্যৱহাৰ কৰা হয়। কাৰণ ভগৱান শ্ৰীকৃষ্ণৰ অতি প্ৰিয়। আমাৰ পূজা পাতল কৰিলে কলপাতো ব্যৱহাৰ কৰা হয়। পূজাৰ অন্তত তুলসীপাতৰে সৈতে কলপাত কোনো ভাল  ঠাইত থৈ দিয়া হয়। তুলসী পাতৰ লগত কলপাত একেলগে থাকে বাবে তুলসীৰ লগত কলপাতৰো মুক্তি হোৱা বুলি মানুহে কয়। ঠিক তেনেদৰে কিছুমান বিখ্যাত মানুহৰ লগত সদায় একেলগে থাকি কোনোবা অখ্যাত লোককো বিখ্যাত হোৱা দেখা যায়।

৫। সমৰ্থক শব্দ লিখা : 

(ক) জোন = চন্দ্ৰ, শশী, হিন্দু , শশধৰ।

(খ) সংসাৰ = জগত , ব্ৰহ্মাণ্ড।

(গ) অসংখ্য = অলেখ, অধীৰ, বিস্তৰ।

(ঘ) হানি =  ক্ষতি , নাশ।

(ঙ) গছ = বৃক্ষ, বিৰিখ।

(চ) ফুল = পুষ্প, কুসুম, সুমন।

(ছ) বিশাল = বৃহৎ, অতিকায়।

৫। বাক্য ৰচনা কৰা।

(ক) ভাতঘৰ।

(খ) ভৰিৰ ধূলি। 

(গ) চকুত লগা।

(ঘ) কান বাগৰা।

(ক) ভাতঘৰ :- ৰবিনৰ এসময়ৰ ভাতঘৰ তাৰ বন্ধুৰ ঘৰখনত এতিয়া সি নাযায়।

(খ) ভৰিৰ ধূলি :- কিছুমান মানুহে নিজকে ভগৱানৰ ভৰিৰ ধূলি বুলি গণ্য কৰে।

(গ) চকুত লগা :- দুৰ্গা পূজাৰ সময়ত অনেক চকুত লগা পোছাক দেখিবলৈ পোৱা যায়।

(ঘ) কাণ -বাগৰা :- কেতিয়াও কান বাগৰা কথা বিশ্বাস কৰিব নালাগে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top