Assam Jatiya Bidyalay Class 8 Assamese Chapter 4 অসমৰ অয়-অলংকাৰ

Assam Jatiya Bidyalay Class 8 Assamese Chapter 4 অসমৰ অয়-অলংকাৰ, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় অসমীয়া Class 8 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 4 অসমৰ অয়-অলংকাৰ Class 8 Assamese Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 8 Assamese Chapter 4 অসমৰ অয়-অলংকাৰ Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 8 Assamese Chapter 4 অসমৰ অয়-অলংকাৰ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

অসমৰ অয়-অলংকাৰ

Chapter – 4

অসম জাতীয় বিদ্যালয়

EXERCISE QUESTION ANSWER

১। একোটিকৈ বাক্যত উত্তৰ লিখা :

(ক) খনন কাৰ্যত অলংকাৰৰ নমুনা উদ্ধাৰ হোৱা প্ৰাচীন সভ্যতা দুটাৰ নাম কি ?

উত্তৰঃ খনন কাৰ্য্যত অলংকাৰৰ নমুনা উদ্ধাৰ হোৱা প্ৰাচীন সভ্যতা দুটাৰ নাম মহেঞ্জোদাৰোৰ সভ্যতা আৰু হৰপ্পাৰ সভ্যতা।

(খ) পুৰণি অসমৰ অলংকাৰৰ চানেকি ক’ত খোদিত আছে ?

উত্তৰঃ পুৰণি অসমৰ অলংকাৰৰ চানেকি বিভিন্ন মঠ-মন্দিৰ , অট্টালিকা, মূৰ্ত্তি আদিত খোদিত আছে।

(গ) কোনখন পুৰণি সচিত্ৰ কৃষ্ণ, গন্ধৰ্ব আদিৰ চিত্ৰ অংকিত কৰা হৈছে ?

উত্তৰঃ চিত্ৰ ভাগৱত নামৰ সচিত্র পুথিত কৃষ্ণ , গন্ধৰ্ব আদিৰ চিত্ৰ অংকিত কৰা হৈছে।

(ঘ) মাধৱ কন্দলী কোন শতিকাৰ কবি ?

উত্তৰঃ মাধৱ কন্দলী চতুদৰ্শ শতিকাৰ কবি।

(ঙ) হিউয়েন চাং কোন শতিকাত অসমলৈ আহিছিল ?

উত্তৰঃ হিউয়েন চাং খ্ৰীষ্টিয় সপ্তম শতিকাত অসমলৈ আহিছিল।

(চ) অসমৰ কোনখন নদীৰ বালিত সোণৰ চেঁকুৰা পোৱা গৈছিল ?

উত্তৰঃ অসমৰ সোৱণশিৰী নদীৰ বালিত সোণৰ চেঁকুৰা পোৱা গৈছিল।

২। চমু উত্তৰ লিখা : 

(ক) অসমীয়া অয়-অলংকাৰসমূহ বিচিত্র আৰু চালে চকুৰুৱা হোৱাৰ কাৰণ কি ?

উত্তৰঃ অসমলৈ বিভিন্ন সময়ত নানাধৰণৰ জাতি-জনগোষ্ঠী আহি বসতি স্থাপন কৰিছিল। প্ৰত্যেক জাতি বা গোষ্ঠীৰে নিজা নিজা অলংকাৰ আছিল,গতিকে অয় অলংকাৰ সমূহ বিচিত্ৰ আৰু চকুৰোৱা আছিল।

(খ) কি কি মাধ্যমৰ সহায়ত পুৰনি অসমৰ অয়-অলংকাৰ সমূহৰ বিষয়ে জানিব পাৰি ?

উত্তৰঃ পুৰণি অসমৰ অয়-অলংকাৰসমূহৰ বিষয়ে জানিব পৰা মাধ্যম সমূহৰ নাম তলত উল্লেখ কৰা হল ।

(ক) পুৰণি অসমৰ স্থাপত্য-ভাস্কৰ্য ।

(খ) বিভিন্ন ৰজাৰ বিভিন্ন সময়ৰ দানপত্ৰ সমূহ।

(গ) সাঁচি পাতৰ সচিত্র উঠি ।

(ঘ) প্ৰাচীন কাহিনী, মৌখিক বা লোক সাহিত্য আদি।

(ঙ) বিভিন্ন সময়ৰ অসমীয়া লিখিত সাহিত্য।

(চ) বিদেশীৰ ভ্ৰমনকাৰীৰ বৰ্ণনা।

(গ) আহোমৰজাসকলৰ দিনত অসমৰ অলংকাৰ শিল্পই অধিক প্ৰাণ পাই উঠাৰ উমান আমি কিদৰে পাব পাৰো ?

উত্তৰঃ আহোম ৰজা সকলৰ দিনত ৰচনা কৰা বুৰঞ্জী সমূহৰ পৰা তেওঁলোকৰ দিনত অসমৰ অলংকাৰ শিল্পই অধিক প্ৰাণ পাই উঠাৰ উমান পাব পাৰে। বুৰঞ্জীৰ সমূহত বিবিধ অলংকাৰৰ নাম পোৱা যায়। এখন বুৰঞ্জীত আহোম ৰজা ৰুদ্ৰসিংহই কছাৰী ৰোজালৈ মিত্ৰতাৰ হাত আগবঢ়াই উপকাৰ স্বৰূপে দিয়া বিভিন্ন ধৰণৰ অলংকাৰৰ নাম পোৱা যায়। এইবোৰ সেই সময়ৰ বুৰঞ্জীৰ পাতে পাতে উল্লেখ আছে।

(ঘ) আমাৰ পুৰণি অজয় অলংকাৰ সমূহৰ বিষয়ে আমি কিয় জনা উচিত ?

উত্তৰঃ অসমৰ বাৰে বৰণীয়া সংস্কৃতিৰ এটা অংগ হৈছে অসমীয়াৰ অয়-অলংকাৰ। অলংকাৰ মানুহৰ সামাজিক মৰ্যাদা, ৰুচিবোধ , আৰ্থিক আদিৰ পৰিচয় ডাঙি ধৰে। আমি পুৰণি অসমৰ সংস্কৃতি ভালদৰে জানিবলৈ হলে অয়-অলংকাৰ সমূহৰ বিষয়ে জনা উচিত।

৩। পুৰণি অসমৰ  স্বাপত্য-ভাস্কৰ্য, হাঁচিপাত পুথি আৰু বিভিন্ন সময়ৰ অসমীয়া লিখিত সাহিত্যৰ দ্বাৰা আমি অসমৰ পুৰণি অয়-অলংকাৰৰ বিষয়ে কিদৰে জানিব পাৰো ।

উত্তৰঃ পুৰণি অসমৰ মঠ-মন্দিৰ, অষ্টালিকা, মূৰ্তি আদিত নানা ধৰণৰ অলংকাৰ খোদিত কৰা আছে। উদাহৰণ স্বৰূপে কাৰেংঘৰ, তলাতলঘৰ, জয়ঢৌল আদিত কটা ভাস্কৰ্যৰ গাঁও থকা অলংকাৰৰ পৰা আমি পুৰণি অসমৰ অলংকাৰৰ বিষয়ে জানিব পাৰো। কামাখ্যা, উগ্রতৰা, ভুবেনেশ্বৰী, হাজোৰ হয়গ্ৰীৱ মাধৱ আদি মন্দিৰৰ বিগ্ৰহতো বিবিধ অলংকাৰ দেখা যায়।

পুৰণি অসমৰ হাঁচিপাতৰ পুথি হস্তী-বিদ্যাৰ্ণব, চিত্ৰভাগবত আদিত থকা চিত্ৰত বিবিধ অলংকাৰ দেখা যায়। 

অসমৰ পুৰণি লিখিত সাহিত্যসমূহতো নানা ধৰণৰ অয়-অলংকাৰৰ বর্ণনা পোৱা যায়। কালিকা পুৰাণ, যোগিনীতন্ত্ৰ আদি শাস্ত্ৰত ত্ৰিছবিধ মান অলংকাৰৰ নাম আছে। মাধৱ কন্দলি, মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ ৰচনা সমূহতো নানাবিধ অলংকাৰৰ নাম পোৱা যায়। বিদেশী ভ্রমনকাৰী আৰু লিখক সকলৰ ৰচনাতো পুৰণি অসমত প্রচলিত অলংকাৰৰ উল্লেখ আছে। আহোম যুগৰ বুৰঞ্জীসমূহতো বিবিধ অলংকাৰৰ নাম আছে। এই দৰে আমি পুৰণি অসমৰ স্থাপত্য ভাস্কৰ্য, সাঁচিপাতৰ পুথি আৰু বিভিন্ন সময়ৰ অসমীয়া লিখিত সাহিত্যৰ দ্বাৰা অসমৰ পুৰণি অয়-অলংকাৰৰ বিষয়ে জানিব পাৰো।

৫। তলৰ শব্দবোৰ জোৰা লগোৱা । 

(ক) তল + অতল = তলাতল।

(খ)অলম্ + কাৰ = অলংকাৰ ।

(গ) সম্ + কৃতি = সংস্কৃতি ।

৬। চমুটোকা লিখা ।

(ক) অলংকাৰ 

(খ) সোৱণশিৰী নদী ।

(গ) হস্তী বিদ্যাৰ্ণব ।

অলংকাৰ :- দেহৰ বিভিন্ন অংগৰ শোভা বঢ়াবৰ বাবে ব্যৱহাৰ কৰা বিবিধ প্ৰকাৰৰ ধাতু নাইবা অন্য বস্তুৰে তৈয়াৰী সামগ্ৰী । প্ৰাচীন কালৰে পৰা মানুহে অলংকাৰ ব্যৱহাৰ কৰি আহিছে। মানুহে নিজকে সজাই পৰাই সুন্দৰ কৰি ৰাখিবলৈ এই অলংকাৰ ব্যৱহাৰ কৰে । তদুপৰি অলংকাৰে মানুহৰ সামাজিক মৰ্যাদা, ৰুচিবোধ, আৰ্থিক অৱস্থা আদিৰো পৰিচয় দিয়ে। সোণ-ৰূপ, হীৰা মণি -মুকুতা বিভিন্ন জন্তুৰ হাড়, নখ, চৰাইৰ পাখি , গছৰ গুটি, আদিৰে অলংকাৰ তৈয়াৰী কৰা হয়। মানুহে মূৰৰ পৰা ভৰিৰ আঙুলি লৈকে অলংকাৰ পিন্ধে।

সোৱণশিৰী নদী :- সোৱণশিৰী অসমৰ এখন ডাঙৰ নদী। এই নদীখন অসমৰ লখিমপুৰ জিলাৰ মাজেদি বৈ গৈছে। বৰ্তমান এই নদীখনৰ গেৰুকামুখত নদীবান্ধ বান্ধি আছে। এই নৈখনৰ বালিত এটা সময়ত সোণ চেকুৰা পোৱা গৈছিল বুলি মানুহৰ মনত এটা বিষশাস আছে।

হস্তী বিদ্যাৰ্ণব :- হস্তী বিদ্যাৰ্ণব অসমৰ এখন আপুৰুগীয়া পুথি । এই পুথিখনত হাতীৰ বিভিন্ন কথা লিখা আছে আৰু ইয়াত হাতীৰ বেমাৰৰ বিভিন্ন চিকিৎসা পদ্ধতি উল্লেখ আছে। এই পুথিখন অসম প্ৰকাশন পৰিষদে প্ৰকাশ কৰি উলিয়াইছে। এই পুথিখন বৃটিছ মিউজিয়ামত সংৰক্ষিত হৈ আছিল।

৭। বিপৰীত অৰ্থবোধক শব্দ লিখা : 

(ক) চহকী :- দুখীয়া ।

(খ) গৌৰৱ :- কুযশ ।

(গ) মিত্ৰতা :- শত্ৰুতা ।

৮। বাক্য ৰচনা কৰা।

(ক) বাৰে বৰণীয়া :- অসমৰ বাৰে বৰণীয়া সংগস্কৃতি অতুলনীয়।

(খ) অয়-অলংকাৰ :- অসমৰ পুৰণি অয়-অলংকাৰৰ বেছিভাগেই পাহৰণিৰ গৰ্ভত লুকাই পৰিল।

(গ) প্ৰাণ পাই উঠ :- শিল্পীৰ নিপুন হাতৰ পৰশত মূৰ্তিবোৰ যেন প্ৰাণ পাই উঠিছে।

(ঘ) তমুময় :- এইবাৰ অসমত আহিনমাহত তমুময় বানপানী হৈ খেতি পথাৰ বুৰাই পেলাইছিল।

(ঙ) জয়দেও কাকুতি :- মানুজনে জয়দেও কাকূতি কৰিও নিজৰ কামটো কৰিব পৰা নাই।

৯। প্ৰসংগ সংগতি দৰ্শাই বাখ্যা কৰা।

(গতিকে স্বাভাৱিকভাবেই অসমীয়া সাজ-পাৰ, অয়-অলংকাৰ আদিও বিচিত্ৰ আৰু চালে চকুৰোৱা।

প্ৰসংগ :- এই কথাষাৰি আমাৰ পাঠপুটি ‘আপোন পাঠ’ৰ হোমেন গগৈদেৱে ৰচনা কৰা “অসমৰ অয়-অলংকাৰ” নামৰ পাঠৰ পৰা উদ্ধৃত কৰা হৈছে।

সংগতি :- ইয়াত লেখকে অসমীয়া সাঁজ-পাৰ, অয় – অলংকাৰৰ বিচিত্ৰতাৰ বিষয়ে উল্লেখ কৰিছে।

বাখ্যা :- অসমলৈ প্ৰাচীন কালৰ পৰা নানা দিশৰ পৰা নানা ধৰণৰ জাতি-জনগোষ্ঠীৰ লোক আহি ইয়াত স্থায়ীভাৱে বসতি স্থাপন কৰিছিল। এই লোকসকলৰ প্ৰত্যেক জাতিৰে নিজা নিজা সংস্কৃতি আছিল। এই সকল লোকৰ সংস্কৃতিৰ প্ৰভাৱ অসমীয়াৰ সংগস্কৃতিত পৰিছিল। একে ভৌগোলিক পৰিবেষ্টনীত থাকি ওচৰ উচৰিকৈ এটা জাতি আনটো জাতিৰ দ্বাৰা প্ৰভাৱিত হৈছিল। বাহিৰৰ পৰা অহা মানুহ বোৰে যি ঠাইৰ পৰা আহিছিল সেই ঠাইৰ লগল সম্বন্ধ নাইকীয়া কৰি লাহে লাহে অসমৰ ভাষা সংস্কৃতি গ্ৰহণ কৰিবলৈ ধৰিলে। এই সম্প্ৰদায়ৰ ভাল লগা সাঁজ-পাৰ, অয়-অলংকাৰ আন এটা সম্প্ৰদায়ে গ্ৰহণ কৰিবলৈ ধৰিলে। নতুন সাঁজ-সজ্জা, অলংকাৰ আহিল ফলত স্বাভাৱিকতেই অসমীয়া সাঁজ পাৰ আৰু অয় -অলংকাৰ আদিও বৈচিত্ৰতাৰে ভৰি পৰিল লগতে সেইবোৰ অতি সুন্দৰ হল।

১০। উদাহৰণৰ দৰে লিখা :

(ক) সাতসৰীৰ সমাহাৰ = সাতসৰী ।

(খ) পঞ্চ নদীৰ সমাহাৰ = পঞ্চনদী ।

(গ) বাৰ মাহৰ সমাহাৰ = বাৰমাহী।

 (ঘ) সপ্ত অন্তৰ সমাহাৰ= সপ্তাহ।

(ঙ) তিনি কালৰ সমাহাৰ=ত্রিকাল ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top