Assam Jatiya Bidyalay Class 8 Assamese Chapter 16 ভূমিকম্পৰ বিষয়ে অধ্যয়ন

Assam Jatiya Bidyalay Class 8 Assamese Chapter 16 ভূমিকম্পৰ বিষয়ে অধ্যয়ন, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় অসমীয়া Class 8 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 16 ভূমিকম্পৰ বিষয়ে অধ্যয়ন Class 8 Assamese Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 8 Assamese Chapter 16 ভূমিকম্পৰ বিষয়ে অধ্যয়ন Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 8 Assamese Chapter 16 ভূমিকম্পৰ বিষয়ে অধ্যয়ন provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

ভূমিকম্পৰ বিষয়ে অধ্যয়ন

Chapter – 16

অসম জাতীয় বিদ্যালয়

EXERCISE QUESTION ANSWER

১। একোটিকৈ বাক্যত উত্তৰ লিখা :

(ক) বৰ্তমান ভূমিকম্পৰ পৰা হোৱা ক্ষয়-ক্ষতিৰ পৰিমাণ বাঢ়ি যোৱাৰ কাৰণ কি ?

উত্তৰঃ বৰ্তমান কালত ডাঙৰ ডাঙৰ নগৰ মহানগৰ, জনসংখ্যা আৰু সুউচ্চ অট্ৰালিকা বাঢ়ি যোৱাৰ বাবে ভূমিকম্পৰ পৰা হোৱা ক্ষয়-ক্ষতিৰ পৰিমাণ বাঢ়িছে।

(খ) চীনৰ জনসাধাৰনে কিদৰে হোৱাৰংহো নদীৰ বানপানী ৰোধ কৰিছিল ?

উত্তৰঃ হোৱাৰংহো নদীৰ চীনৰ জনসাধাৰনে বিশাল আৰু সুদীৰ্ঘ পাৰ বান্ধি বানপানী ৰোধ কৰিছিল।

(গ) ছিজমছ শব্দটো কোন ভাষাৰ পৰা আহিছে ?

উত্তৰঃ ছিজমছ শব্দটো গ্ৰীক ভাষাৰ পৰা আহিছে।

(ঘ) ভূমিকম্পত কি সম্পৰ্কীয় অধ্যয়ন আৰু গৱেষণা চলোৱা হয় ?

উত্তৰঃ ভূকম্প বিদ্যাত ভূমিকম্প সম্পৰ্কীয় নানা প্ৰকাৰৰ চিন্তা, বৈজ্ঞানিক চিন্তাধাৰা কাৰ্য পদ্ধতি সম্পৰ্কে অধ্যয়ন আৰু গৱেষণা চলোৱা হয়।

(ঙ) ছিমজ মিটাৰৰ সহায়ত কি কৰা হয় ?

উত্তৰঃ ছিমজ মিটাৰৰ সহায়ত ভূমিকম্পৰ ফলত সৃষ্টি হোৱা প্ৰাৱল‍্য  জোখা হয়।

(চ) ছিমজ লজি বা ভূকম্পবিদ্যা বিষয়ত কেনেধৰণৰ ব্যক্তিয়ে যোগদান কৰিবহি পাৰে ?

উত্তৰঃ ভূতত্ববিজ্ঞান, ভূ-প্ৰাকৃতিক বিজ্ঞান, প্ৰায়োগিক গণিত, পদাৰ্থ বিজ্ঞান আদি বিষয়ৰ ছাত্ৰ-ছাত্ৰীয়ে ছিমজ’ল’জি বা ভূকম্পবিদ্যা বিষয়ত যোগদান কৰিব পাৰে।

২। চমু উত্তৰ দিয়া :

(ক) ভোকম্পিবিদ্যা বা ছিজম’লজি বুলিলে কি বুজা ? বৰ্তমান কালত এই বিষয়টোৰ ওপৰত গুৰুত্ব কিয় বাঢ়ি গৈছে ।

উত্তৰঃ ভোকম্পবিদ্যা বা ছিজম’ ল ‘জি বুলিলে ভূমিকম্পৰ ফলত ভূ-পৃষ্ঠ বা ভূ-গৰ্ভত সংগঠিত কম্পনৰ তৰংগ , গতি অধ্যয়ন কৰা বুজা যায়। বৰ্তমান কালত নানা ধৰণৰ ভূমিকম্পিত হোৱা ক্ষয়-ক্ষতি পৰিমাণ বাঢ়ি গৈছে সেয়ে এই বিষয়টোৰ ওপৰত গুৰুত্ব বাঢ়ি গৈছে।

(খ) ভোকম্পবিদ্যাই কি কি বিষয় ইয়াৰ অন্তৰ্ভুক্ত কৰি লৈছে ?

উত্তৰঃ ভোকম্পবিদ্যাই বৰ্তমান কালত সাগৰীয় ভূমিকম্প, অগ্নিয়গিৰিৰ উদ্গীৰণ ফলত উৎপত্তি হোৱা শক্তি তৰংগ , পৃথিৱীৰ বিভিন্ন মহাদেশসমূহ অৱস্থিত মহাদেশীয় ‘ প্লেট’সমূহৰ চলাচলৰ ফলত হব পৰা ভূ-প্ৰাকৃতিক পৰিবৰ্তন আদি বিষয় ইয়াৰ অন্তৰ্ভুক্ত কৰি লৈছে।

(গ) ভোকম্পবিদ্যাৰ ক্ষেত্ৰখনত কেনেধৰণৰ ক্ষেত্ৰ আৰু পেছাৰ ব্যক্তিয়ে সেয়া আগবঢ়াই আহিছে তোমাৰ ভাষাত লিখা।

উত্তৰঃ ভোকম্পবিদ্যাৰ ক্ষেত্ৰখনত বিশেষকৈ ভূ-বিজ্ঞানী আৰু কাৰিকৰী পেছাৰ সৈতে জড়িত ব্যক্তিয়ে সেৱা আগবঢ়াই আহিছে। ইয়াৰ উপৰিও কম্পিউটাৰ বিশেষজ্ঞ , পদাৰ্থ বিজ্ঞানৰ সৈতে জড়িত ব্যক্তি, বৈদ্যুতিক কৰ্মী আৰু তাৎক্ষণিক সেৱাৰ সৈতে জড়িত ব্যক্তিয়ে নিজৰ নিজৰ সেৱা আগবঢ়াই আহিছে।

(ঘ) ছিজম ‘ গ্ৰাফৰ কাৰ্য পদ্ধতি সম্পৰ্কে চমুকৈ লিখা ।

উত্তৰঃ ছিজম’গ্ৰাফৰ কাৰ্য পদ্ধতি এনেধৰণৰ ভূমিকম্প হলে ছিজম’ গ্ৰাফৰ জৰিয়তে কম্পনৰ ফলত সৃষ্টি হোৱা প্ৰৱল‍্য জোখা হয়।

৩। ভকম্প বিদ্যাই মানৱ জাতিৰ অপকাৰৰ অৰ্থে কিদৰে কাম কৰিব পাৰে সেই বিষয়ে নিজৰ ভাষাত বুজাই লিখা।

উত্তৰঃ ভূকম্পবিদ্যাই মানৱ জাতিৰ উপকাৰৰ অৰ্থে নানা ধৰণৰ কাম কৰিব পাৰে। এই বিদ্যাৰ সহায়ত পৃথিৱীৰ কোনবিলাক ঠাইত সঘনে ভূমিকম্প হব পাৰে সেই বিষয়ে অধ্যয়ন কৰি মানুহবোৰক ভূমিকম্প সম্পৰ্কে সজাগ কৰি তুলিব পাৰে। ভূমিকম্প আহিলে লবলগীয়া সাৱধানতা সম্পৰ্কে আগতীয়াকৈ জনাই থব পাৰে। ভূমিকম্প বিধ্বংসী গ্ৰাসৰ পৰা উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিব পাৰে।

৪। প্ৰসংগ সংগতি দৰ্খাই বাখ্যা কৰা।

(ক) সেয়েহে কব পাৰি ছিজম ‘লজি হৈছে নানা ক্ষেত্ৰ আৰু বিষয়ৰ সমম্বয়ত গঢ়ি উঠা এক অধ্যয়ন, গৱেষণা তথা ব্যৱস্থাপনা প্ৰক্ৰিয়া।

উত্তৰঃ এই কথাষাৰি আমাৰ পাঠ্যপুথি ‘ আপোন পাঠৰ হোমেন গগৈ দেৱ ৰচনা কৰা “ভূমিকম্প বিষয়ে অধ্যয়ন” নামৰ পাঠৰ পৰা উদ্ধৃত কৰা হৈছে।

সংগতি :- বাক্যটোৰ দ্বাৰা ছিমজ ‘লজি ৰ জৰিয়তে অধ্যয়ন আৰু গৱেষণা কৰি মানৱ জাতিক ধ্বংসৰ মুখৰ পৰা ৰক্ষা কৰাৰ ব্যৱস্থা কৰিব খুজিছে বুলি কবলৈ বিচাৰিছে।

বাখ্যা :- ছিমজ’লজি বা ভোকম্পবিদ্যা এনে এটা বিষয় যাক অধ্যয়ন আৰু গৱেষণা কৰি ভূমিকম্পৰ বিষয়ে তথা জানিব পাৰি। দক্ষ লোকসকলে ভূকম্পবিদ্যা শিকিবলৈ আগ্ৰহী হৈ ইয়াত যোগদান কৰি ভূকম্পবিদ্যাৰ বিভিন্ন দিশৰ অধ্যয়ন আৰু গৱেষণা কৰিব লাগে। ভূমিকম্পৰ কাৰণ তৰংগৰ গতি প্ৰকৃতি ভূ-গৰ্বস্থিত পদাৰ্থৰ ৰূপ পৰিবৰ্তন আদিৰ বিষয়ে অধ্যয়ন কৰি ভালদৰে জানিব পাৰিলে মানৱ জাতিৰ অশেষ উপকাৰ হব। এই অধ্যয়ন আৰু গৱেষণাৰ জৰিয়তে কিছু পৰিমাণে হলেও ভূমিকম্পৰ ফলত হোৱা ক্ষয়-ক্ষতি ৰোধ কৰিব পৰা যাব।

৫। বিপৰীত অৰ্থবোধক শব্দ লিখা :

(ক) বুদ্ধিমান – বুদ্ধিহীন।

(খ) বৃদ্ধি – নিববুদ্ধি ।

(গ) বিশালাকায় – ক্ষিণকায় ।

(ঘ) সুৰক্ষিত  – অসুৰক্ষিত ।

(ঙ) দক্ষ  –  অদক্ষ ।

(চ) কুখ্যাত  – সুখ্যাত ।

৬। বাক্য ৰচনা কৰা :

চিন্তা-চৰ্চা, চ্যুতি-বিচ্যুতি, বিপদ – বিঘিনি।

উত্তৰঃ (ক) চিন্তা-চৰ্চা :- মানুহে ভূমিকম্পৰ কৰাল গ্ৰাসৰ পৰা মুক্তি পাবলৈ চিন্তা -চৰ্চা কৰি আছে।

(খ) চ্যুতি- বিচ্যুতি :- ভূ-পৃষ্ঠৰ চ্যুতি-বিচ্যুতিৰ ফলত পৃথিৱীৰ উপৰিভাগত ভূমিকম্প হয়।

(গ) বিপদ-বিঘিনি :- ভূমিকম্পৰ পৰা হব পৰা বিপদ বিঘিনিৰ পৰা আগতীয়াকৈ সজাগ হোৱা উচিত।

৭। (ক) সীমাৰ ভিতৰত যি আবদ্ধ = সীমাবদ্ধ ।

(খ) বৃত্তি যিয়ে ধাৰণ কৰে = বৃত্তিধাৰী ।

(গ)ভুতত্ব বিদ্যা যিয়ে অধ্যয়ন কৰে = ভূতাত্বিক ।

(ঘ) সাৱধান হৈ থাকে যিয়ে = সাৱধানী ।

৮। প্ৰত্যয় ভাঙি দেখুৱা ।

(ক) প্ৰাকৃতিক = প্ৰকৃতি + ইক ।

(খ)  বিজ্ঞানী = বিজ্ঞান +ই ।

(গ) বৈদ্যুতিক = বিদ্যুৎ +ইক ।

(ঘ) কাৰিকৰী = কৰিকৰ +ই ।

(ঙ) প্ৰয়োগিক  = প্ৰয়োগ  + ইক

(চ) গাণিতিক  = গণিত +ইক ।

৯। ভাবাৰ্থ লিখা ।

মন কৰিলেই ছন 

উত্তৰঃ মানুহৰ পাঁচটা ইন্দ্ৰিয়ৰ ভিতৰত মন এটা শক্তিশালী ইন্দ্ৰিয়। প্ৰায় ভাগ মানুহ মনৰ দ্বাৰাই পৰিচালিত হয়। গতিকে মনক সংযত ৰাখি মানুহে ভাল কাম কৰিবলৈ আগবাঢ়ি গলে মানুহৰ উন্নতি হয়। মানুহে মনৰ বশৱৰ্তী হৈ হাত সাৱতি বহি থাকিলে ভাল ফল আশা কৰাটো মিছা। পৰীক্ষাত ভাল ফল দেখুৱাবলৈ যত্ন সহকাৰে মনক দমন কৰি লিখা পঢ়াৰ দ্বাৰা প্ৰস্তুতি চলালেহে ভাল ফল পাব পাৰি। এতেকে ভাল-কাম কৰিবলৈ মন কৰিব লাগে, তেতিয়া বাকৰি মাটিতো ধন পাব পাৰি।

১০। সন্ধি ভাঙা :

(ক) গৱেষণা = গব +এষনা ।

(খ) অন্বেষণ = অনু + এষণ ।

(গ) দুৰ্যোগ = দঃ+যোগ ।

(ঘ) সঞ্চয় = সম + চয় ।

(ঙ) নিৰ্গত  = নিঃ + গত ।

(চ) সীমাবদ্ধ = সীমা + আবদ্ধ ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top