Assam Jatiya Bidyalay Class 8 Assamese Chapter 13 তেজীমলা

Assam Jatiya Bidyalay Class 8 Assamese Chapter 13 তেজীমলা, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় অসমীয়া Class 8 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 13 তেজীমলা Class 8 Assamese Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 8 Assamese Chapter 13 তেজীমলা Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 8 Assamese Chapter 13 তেজীমলা provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

তেজীমলা

Chapter – 13

অসম জাতীয় বিদ্যালয়

EXERCISE QUESTION ANSWER

১। একোটিকৈ বাক্যত উত্তৰ লিখা :

(ক) তেজীমলাক কোনে টোপনিৰ পৰা উঠা বুলি কৈছিল ?

উত্তৰঃ তেজীমলাক পোৱাৰ মলয়াই টোপনিৰ পৰা উঠা বুলি কৈছিল।

(খ) তেজীমলাই মাতিলে কি আহি হাতত পৰিছিল ? 

উত্তৰঃ তেজীমলাই মাতিলে পাৰ জুৰি হাতত পৰিছিল।

(গ) মানুহৰ চোতালত কি ফুলিলে বুলি কবিয়ে কৈছে ?

উত্তৰঃ মানুহৰ চোতালত মধুৰী ফুটিলে বুলি কবিয়ে কৈছে।

(ঘ) তেজীমলাই কি হৈ মানুহৰ পৰা দুৰৈত শিপাই ৰৈছে ? 

উত্তৰঃ তেজীমলাই পাৰিজাত ফুল হৈ মানুহৰ পৰা দুৰৈত শিপাই ৰৈছে।

(ঙ) তেজীমলা সাধুটো কাৰ ৰচনা ? 

উত্তৰঃ তেজীমলা সাধুটো ৰখৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচনা ।

২। কবিতাটোৰ মূলভাব লিখা।

উত্তৰঃ জোনাকী যুগৰ ৰোমাণ্টিক কবি চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ “তেজীমলা” নামৰ কবিতাটোৰ জড়িয়তে মানুহ আৰু প্ৰকৃতিৰ মাজত থকা অনুভূতি পাৰ্থক্য অতি সুন্দৰ ৰূপত তুলি ধৰিছে। মাহীমাকৰ অত্যাচাৰত মানুহৰ ছোৱালী তেজীমলাই পানীত পাৰিজাত ফুল হৈ থাকিব লগা হৈছিল। সেই সময়ত তেজীমলাক প্রকৃতিয়ে অতি সুন্দৰকৈ লালীত-পালিত কৰিছিল। ৰাতিপুৱাৰ মলয়া বতাহে তেজীমলাক জগাই দিছিল। তেজীমলাৰ পোহনীয়া পাৰ চৰাই জুৰি, হৰিণা পোৱালি,  শৰালী পোৱালি, মৰমৰ সখীয়েক এই সকলোৰে পৰা মাহীমাকে আঁতৰ কৰি দিছিল। কবিয়ে সন্দেহ কৰিছে এইবোৰক জানো তেজীমলাই আকৌ লগ পাব। সেয়ে প্ৰকৃতিৰ বুকুতে তেজীমলাই ধুমুহা-বতাহে অপকাৰ কৰিব নোৱাৰাকৈ দকৈ শিপাই লৈ প্ৰকৃতিকে বিশ্বাস কৰি পাৰিজাত ফুল হৈ ফুলি আছিল। কিন্তু এদিন তেজীমলাই দূৰৈত সাউডৰ নাও দেখা পাই মন চঞ্চল কৰিছিল। কিন্তু মানুহৰ মৰমৰ মাজত যে স্বাৰ্থ লুকাই আছে সেই কথা অনুভৱ কৰি পাৰিজাতৰূপী  তেজীমলাই মানুহে ফুলৰ আদৰ নাজানে বুলি কৈ নাৱৰীয়াই লগত যাবলৈ অস্বীকাৰ কৰিছিল।

৩। প্ৰসংগ সংগতি দৰ্খাই বাখ্যা কৰা।

(ক) মৰমৰ পানী         নোহোৱা ঠাইত

               কেনেকৈ বিশ্বাস হয়।

     সেয়ে তেজীমলা      দুৰতে শিপাই

               পাৰিজাত হৈ ৰয়।

উত্তৰঃ প্ৰসংগ :- উদ্ধৃত কবিতা ফাঁকি আমাৰ পাঠ্যপুথি “আপোন পাঠ’ৰ চন্দ্ৰকুমাৰ আগৰৱালাদেৱে ৰচনা কৰা “তেজীমলা” নামৰ কবিতাটোৰ পৰা তুলি অনা হৈছে।

সংগতি :- ইয়াত কবিয়ে মাহীমাকৰ অত্যাচাৰত মানুহৰ প্ৰতি বিশ্বাস নাইকীয়া হৈ যোৱা তেজীমলা বিষয়ে এইদৰে কৈছে।

বাখ্যা :- তেজীমলাক মাহীমাকৰ ইমানেই বেয়া পাইছিল যে দেউতাকৰ অৱৰ্তমানত তেজীমলাৰ নিচিনা এজনী সহজ-সৰল ছোৱালীক মাহীমাকৰ মাৰি পেলাবলৈ চেষ্টা কৰিছিল। মাহীমাকৰ অন্তৰত তেজীমলাৰ প্ৰতি অলপো মৰম নাছিল। ফলস্বৰূপে তেজীমলাক ধান বঢ়াবলৈ লগাই দি নিজে ঢেঁকী দি তেজীমরার হাত-ভৰি মূৰ সকলোতে ঢেকীৰে খুন্দি তেজীমলাক মৃত প্ৰায় কৰিলে আৰু গাত পুতি থলে। তেজীমলাই বুজি পালে যে’ মাহীমাকে তাইক অকণো মৰম নকৰে। সুবিধা বুজি দেউতাকৰ চকুৰ আগৰ পৰা আঁতৰি কৰিবলৈ চেষ্টা চলাই আছে। গতিকে তেজীমলাই মানুহৰ মাজত পৰা আঁতৰি আহি প্ৰকৃতিৰ বুকুত  আশ্ৰয় গ্ৰহণ কৰিছে। নদীৰ বুকুত পাৰিজাত ফুল হৈ থাকি প্ৰকৃতিৰ মৰমৰ মাজত আনন্দ লভিছে। যাতে ধুমুহা বতাহে উভালি দিব নোৱাৰে তাৰ বাবে নদীৰ তলৰ সৈতে শিপাই ভালদৰে খামুচি ধৰিছে। পুনৰ আকৌ তেজীমলাৰ মানুহৰ মাজলৈ উভতি যোৱাৰ অকণো ইচ্ছা নাই।

(খ) হাতো নেৰিবি     ফুলো নিছিঙিবি

              কৰে নাৱৰীয়া তই

      মানুহে ফুলৰ       কি জানে আদৰ

              তেজীমলা হে মই।

উত্তৰঃ উদ্ধৃত কবিতাফাঁকি আমাৰ পাঠ্যপুথি “আপোন পাঠ’ ৰ চন্দ্ৰকুমাৰ আগৰৱালাই ৰচনা কৰা ” তেজীমলা” নামৰ কবিতাৰ পৰা তুলি দিয়া হৈছে। 

সংগতি :- ইয়াত কবিয়ে তেজীমলা নদীত পাৰিজাত ফুল হৈ ফুলি থাকোতে তেতিয়া নাৱৰীয়া জনে ফুল চিঙিবলৈ  হাত মেলিছিল তেতিয়া তেজীমলাই এই কথাখিনি কৈছিল।

ব্যাখ্যা :- তেজীমলাক ঘৰত মাহীমাকৰ সৈতে ৰাখি দেউতাক আৰু তেজীমলাৰ ভাবি স্বামী বাণিজ্য কৰিবলৈ নদীৰে বহু দূৰলৈ গৈছিল। মাহীমাকে , তেজীমলাক অকলে পাই তাইৰ মনৰ কামনা পূৰ্ণ কৰিবলৈ ঠিক কৰিছিল। তেজীমলা আছিল মাহীমাকৰ চকুৰ কটা দাঁতৰ শাল। কেনেকৈ তাইক  চকুৰ আগৰ পৰা আঁতৰি কৰিব পাৰে সদায় সেই চিন্তাত মগ্ন আছিল। দেউতা নোহোৱা হোৱাত সেই সুযোগ ওলাল। ধান বন্ধাৰ বুদ্ধি কৰি তেজীমলাক মাৰি নদীত পেলাই দিলে আৰু তেজীমলা পাৰিজাত ফুল হৈ ফুলি থাকিল। যেতিয়া ফুলৰূপী তেজীমলাক নাৱৰীয়াই শিঙিবলৈ গৈছিল তেতিয়া মানুহৰ ওপৰত বিশ্বাস হেৰুৱাই তেজীমলাই নাৱৰীয়াক ফুল শিঙিবলৈ বাধা দিছিল। কাৰণ মানুহে ফুলৰ আদৰ নাজানে। ফুল ছিঙি আনি তাৰ হাতেৰে মোহাৰি পেলাই দিয়ে আৰু মানুহে গচকী ৰাস্তাত পেলাই থৈ যায়।

৪। ” সাৰি তুলি ছিঙি      মোহাৰি পেলালে

                 মানুহৰ মৰমো নাই” 

– কোনে কাক মাৰি তুলি ছিঙি মোহাৰি পেলালে বুলি কবিয়ে কৈছে লিখা।

উত্তৰঃ তেজীমলাৰ মাহীমাকে তেজীমলাক সাৰি তুলি ছিঙি মোহাৰি পেলালে বুলি কবিয়ে কৈছে।

৫। তেজীমলাক কোনে কেনেদৰে ৰাখিছিল কবিতাটোৰ সহায়ত লিখা।

উত্তৰঃ তেজীমলা এগৰাকী মাক নোহোৱা দুৰ্ভগীয়া ছোৱালী। দেউতাকে দ্বিতীয় বিবাহ কৰোৱাত তেজীমলাৰ মহীমাক আছিল আৰু মহীমাকে তাইক এনেদৰে অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰিলে যে তেজীমলাৰ শান্তি নোহোৱা হল। অৱশেষত দেউতাকৰ অনুপস্থিতত তেজীমলাক মাৰি সাৰি তুলি, ছিঙি মোহাৰি পানীত পেলাই দিলে। তাত তেজীমলাই এপাহী ধুনীয়া পাৰিজাত ফুল হৈ থাকিল আৰু প্ৰকৃতিৰ বুকুত থকা নানা বস্তু তেজীমলাক মৰমেৰে আৱৰি ৰাখিছিল। পানীত থকা পানীৰ লতা,পানীৰ চৰাই, পোৱাল পোক, সোণালী- ৰূপালী মাছ, মলয়া বতাহ আদি সকলোয়ে তেজীমলাৰ লগত উমলি জামলি মৰমেৰে আৱৰি ৰাখিছিল।

৬। সমাৰ্থক শব্দ লিখা।

(ক) বেথা – মৰম, চেনেহ।  

(খ) বায়ু – পৱন।

(গ) বাতৰি – খবৰ।            

(গ) সখী  –  মিত্ৰ।

(ঘ) চকুলো – চকুপানী।      

(ঙ) স্বপ্ন  – সপোন।

(চ) হাঁহি  – হাস্য।               

(ছ) ফুল – পুষ্প।

(জ) ভাও – অভিনয়।

৭। বিপৰীত শব্দ লিখা।

(ক) বিসৰ্জন  –  আৱাহন।  

(খ) শকত – ক্ষীণ।

(গ) সন্ধিয়া – প্ৰভাত।          

(ঘ)  আশা – নিৰাশা।

(ঙ) বিশ্বাস – অবিশ্বাস।      

(চ) বন্দন – খোলা।

৮। চন্দ্ৰকুমাৰ আগৰৱালাক ” প্ৰতিমাৰ খনিকৰ” বুলি কোৱা হয়। কিয় কোৱা হয় শিক্ষকক সুধি জানি লোৱা।

উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালাই “প্ৰতিমা” নামৰ এখন বৰ সুন্দৰ কবিতা পুথি ৰচনা কৰিছিল। সেইবাবে তেওঁক ‘প্ৰতিমাৰ খনিকৰ ‘বুলি কোৱা হয়।

৯। বাক্য ৰচনা কৰা।

বুকুৰ কুটুম, মাটিৰ মানুহ, বিধিৰ লিখন,  বিনা মেঘে বজ্ৰপাত।

উত্তৰঃ (ক) বুকুৰ কুটুম :- তেজীমলাৰ বুকুৰ কুটুম নদীয়েদি নাওবাই অহা দেখি মনত শংকা ভাব হৈছিল।

(খ) মাটিৰ মানুহ :- মাটিৰ মানুহ  হৈ থাকিলে বৰ্তমান সুগত ঠগোৱা মানুহৰ অভাৱ নহ’ল।

(গ) বিধিৰ লিখন :- প্ৰায় সকলো মানুহে বিধিৰ  লিখন বিশ্বাস কৰে।

(ঘ) বিনা মেঘে ব্ৰজপাত :- একালতে দেউতাৰ মৃত্যু হোৱাত ঘৰখনত বেনা মেঘে ব্ৰজপাত পৰিল।

১১। এটা শব্দত  প্ৰকাশ কৰা।

(ক) আকাশ চুব পৰা – অকাশলঙঘী।

(খ) একে মাকৰ সন্তান – সহোদৰ।

(গ) কাৰো নাম নধৰাকৈ পৰা গালি – গুয়ালগালি।

(ঘ) নাৱেৰে বেপাৰ কৰা বেপাৰী – সাউড।

(ঙ) বেলি উঠাৰ আগৰ সময় – প্ৰভাত।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top