Assam Jatiya Bidyalay Class 8 Assamese Chapter 12 তৰুণৰাম ফুকন

Assam Jatiya Bidyalay Class 8 Assamese Chapter 12 তৰুণৰাম ফুকন, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় অসমীয়া Class 8 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 12 তৰুণৰাম ফুকন Class 8 Assamese Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 8 Assamese Chapter 12 তৰুণৰাম ফুকন Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 8 Assamese Chapter 12 তৰুণৰাম ফুকন provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

তৰুণৰাম ফুকন

Chapter – 12

অসম জাতীয় বিদ্যালয়

EXERCISE QUESTION ANSWER

১। একোটিকৈ বাক্যত উত্তৰ লিখা :

(ক) তৰুণৰাম ফুকনে কাৰ পৰা চিকাৰৰ বিষয়ে সবিশেষ কথা আয়ত্ত কৰিছিল ?

উত্তৰঃ তৰুণৰাম ফুকনে ককায়েকৰ পৰা চিকাৰৰ বিষয়ে সবিশেষ আয়ত্ত কৰিছিল।

(খ) তৰুণৰাম ফুকনৰ পিতৃ-মাতৃ কেনে আছিল ? 

উত্তৰঃ তৰুণৰাম ফুকনৰ পিতৃ এগৰাকী সুদক্ষ চিকাৰী আৰু মাতৃ এগৰাকী অতিকে ধৰ্ম পৰায়না নাৰী আছিল।

(গ) তৰুণৰামে কেনেদৰে সংস্কৃত শিক্ষা আৰম্ভ কৰিছিল ?

উত্তৰঃ তৰুণ ৰামে ঘৰতে শিক্ষাক অধ্যাপকৰ জৰিয়তে সংস্কৃত শিক্ষা আৰম্ভ কৰিছিল।

(ঘ) তৰুণৰামে কত আনুষ্ঠানিক  শিক্ষা আৰম্ভ কৰিছিল ?

উত্তৰঃ তৰুণৰামে গুৱাহাটী হাইস্কুলত  আনুষ্ঠানিক শিক্ষা আৰম্ভ কৰিছিল।

(ঙ) তৰুণৰামে উচ্চ শিক্ষাৰ বাবে কলৈ গৈছিল ? আৰু কত নাম ভৰ্তি কৰিছিল ?

উত্তৰঃ তৰুণৰামে উচ্চ শিক্ষাৰ বাবে কলিকতালৈ গৈছিল আৰু তাৰ প্ৰেছিডেন্সি কলেজত নাম ভৰ্তি কৰিছিল।

(চ) লণ্ডনত পঢ়ি থকা সময়ছোৱাত তেওঁৰ অন্তৰংগ বন্ধু কোন আছিল ?

উত্তৰঃ লণ্ডনত পঢ়ি থকা সময়ছোৱাত জ্ঞানদাভিৰাম বৰুৱা তেওঁৰ অন্তৰংগ বন্ধু আছিল।

(ছ) অসমৰ প্ৰথম আৰু দ্বিতীয় গৰাকী বেৰিষ্টাৰ কোন কোন ? 

উত্তৰঃ অসমৰ প্ৰথম গৰাকী বেৰিষ্টাৰ আনন্দৰাম বৰুৱা আৰু দ্বিতীয় গৰাকী তৰুণৰাম ফুকন।

(জ) তৰুণৰাম ফুকনে কাক বিয়া কৰাইছিল ?

উত্তৰঃ তৰুণৰাম ফুকনে ৰায়বাহাদুৰ পৰশুৰাম খাউণ্ডৰ তৃতীয় জীয়ৰী বিদ্যুত প্ৰভা দেৱীক বিয়া কৰাইছিল।

(ঝ) ফুকনদেৱক কোনে ৰাজনীতিৰ ক্ষেত্ৰখনলৈ আদৰি আনিছিল ?

উত্তৰঃ ফুকনদেৱক কৰ্মবীৰ নবিনচন্দ্ৰ বৰদলৈয়ে ৰাজনীতি ক্ষেত্ৰ খনলৈ আদৰি আনিছিল।

(ঞ) তেওঁৰ প্ৰথম কবিতা পুথি কি ?

উত্তৰঃ তেওঁৰ প্ৰথম কবিতা পুথি হল ‘স্তুতি মালা’।

২। তৰুণৰাম ফুকনৰ ল’ৰাকালৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ ১৮৭৭ চনত গুৱাহাটীত জন্ম গ্ৰহণ কৰা তৰুণৰাম ফুকনৰ ল’ৰাকাল এটা সাংস্কৃতিক পৰিৱেশত অতিবাহিত হৈছিল। তেওঁলোকৰ ঘৰত বংশ পৰম্পৰা স্বৰূপে শিল্প-সাহিত্য চৰ্চা হৈছিল। অসমীয়া ৰীতি-নীতি , আচাৰ পদ্ধতি পুৰুখানুক্ৰমক পৰিবেশৰ মাজত তেওঁ ডাঙৰ দীঘল হৈছিল। শৈশৱৰ পৰাই তেওঁ স্বাস্থ্য বান, সুশ্ৰী,সাহসী আৰু অতিকে প্ৰাণৱন্ত আছিল। জ্ঞান-বুদ্ধিৰ ক্ষেত্ৰতো তেওঁ অতি প্ৰখৰ আছিল। সমনীয়াৰ লগত ৰং-ধেমালি কৰি , লুইতত বৰশী বাই, গছে ডালে বগাই ফল-মূল খাই, প্ৰকৃতিৰ বুকুত উমলি-জামুলি তেওঁ ল’ৰা কাল কটাইছিল।

৩। তৰুণৰাম ফুকনৰ শৈশৱৰ শিক্ষা জীৱনৰ বিষয়ে লিখা।

উত্তৰঃ তৰুণৰাম ফুকনে ঘৰতে শিক্ষক অধ্যাপকৰ জড়িয়তে সংস্কৃত শিক্ষা আৰম্ভ কৰিছিল। দেউতাকেও পূৰ্বতে ঘৰতে শিক্ষা আৰম্ভ কৰিছিল। অনুষ্ঠানিক শিক্ষা আৰম্ভ হৈছিল গুৱাহাটী হাইস্কুলত। ১৯৯৫ চনত এই স্কুলৰ পৰা তেওঁ তৃতীয় বিভাগত এন্ট্ৰেন্স পৰীক্ষাত উত্তীৰ্ণ হৈছিল। 

৪। তৰুণৰাম ফুকনৰ উচ্চ শিক্ষা কিদৰে আৰম্ভ হৈছিল? তেওঁৰ উচ্চ শিক্ষাৰ জীৱনৰ বিষয়ে লিখা

উত্তৰঃ ১৮৯৫ চনত গুৱাহাটী হাইস্কুলৰ পৰা এন্ট্ৰেন্স পৰীক্ষাত উত্তীৰ্ণ হৈ দহ টকাৰ জলপানী লৈ কলিকতাৰ প্ৰেছিডেন্সি কলেজত কলা শাখাত নাম ভৰ্তি কৰে। কলিকতাৰ পৰা অসমীয়া ছাত্ৰসকলৰ ভিতৰত নবিনচন্দ্ৰ বৰদলৈ , ৰাধানাথ ফুকন, যোগেন্দ্ৰ নাথ বৰুৱা, জগন্নাথ বেজবৰুৱা, কালিৰাম মেধি অন্যতম আছিল।শিক্ষা জীৱনৰ কোনো পৰীক্ষাতে বিশেষ পাৰদৰ্শিতা দেখুৱাব নোৱাৰিলেও ইংৰাজী ভাষাৰ জ্ঞান তেওঁৰ অতি উচ্চ আছিল। কলিকতাত পঢ়ি থাকোতে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ, মহান বিজ্ঞানী ছাৰ জগদীশ চন্দ্ৰ বসু আৰু আচাৰ্য প্ৰফুল্ল চন্দ্ৰ বসুৰ দৰে  ব্যক্তিৰ সান্নিধ্য লাভ কৰি সাহিত্য চৰ্চা কৰিবলৈ তেওঁ আগ্ৰহী হৈছিল। 

১৯০১ চনত বিলাতলৈ বেৰিষ্টাৰ পঢ়াৰ উদ্দেশ্যে যাত্ৰা কৰিছিল। লণ্ডনত পঢ়ি থাকোতে জ্ঞানদাভিৰাম বৰুৱা তেওঁৰ অন্তৰংগ বন্ধু আছিল। বিলাতত বেৰিষ্টাৰ পৰীক্ষাত উত্তীৰ্ণ হৈ ১৯০৫ চনত তৰুণৰাম ফুকনে স্বদেশলৈ প্ৰত্যাবৰ্তন কৰিছিল।

৫। তৰুণৰাম ফুকনে ৰাজনীতিৰ ক্ষেত্ৰখনত কিদৰে সোমাই পৰিছিল আৰু কি হৈছিল বহলাই লিখা।

উত্তৰঃ মহাত্মা গান্ধীৰ নেতৃত্বত যেতিয়া গোটেই দেশজুৰি অসহযোগ আন্দোলন চলিছিল তেতিয়া অসমতো কৰ্মবীৰ  নবিনচন্দ্ৰ বৰদলৈয়ে তৰুণৰাম ফুকনক ৰাজনীতি ক্ষেত্ৰখনলৈ আদৰি আনিছিল। অসমৰ ৰাজনৈতিক জীৱনত নবিনচন্দ্ৰ বৰদলৈ আৰু তৰুণৰাম ফুকন এটা মুদ্ৰাৰ ইপিঠি-শিপিঠিৰ দৰে আছিল। বৰদলৈৰ লৌহকঠিন সিদ্ধান্ত তৰুণৰাম ফুকনৰ ৰসাল বাণীত অনুপ্ৰাণিত হৈ দলে দলে অসমীয়া সংগ্ৰামী ৰাইজ আন্দোলনত জপিয়াই পৰিছিল। ১৯২১ চনত মুম্বাইত বহা নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ অধিবেশনত অসমৰ প্ৰতিনিধি হিচাপে ফুকনে অংশ গ্ৰহণ কৰিছিল। সুদীৰ্ঘ এটা দশক কাল কংগ্ৰেছত থাকি  স্বাধীনতা আন্দোলনৰ নেতৃত্ব বহন কৰিও কিন্তু অতি দুৰ্ভাগ্যজনক ভাবে ফুকনৰ কংগ্ৰেছৰ সৈতে বিচ্ছেদ ঘটিছিল। এনেদৰে কৰ্মবীৰ নবিনচন্দ্ৰ বৰদলৈৰ সহযোগত ৰাজনীতিৰ ক্ষেত্ৰখনত সোমাই পৰিছিল আৰু কংগ্ৰেছৰ লগত বিচ্ছেদ ঘটিছিল।

৬। তৰুণৰাম ফুকনৰ সাহিত্য-কৰ্মৰ বিষয়ে লিখা।

উত্তৰঃ কলিকতা পঢ়ি থকা কালত কবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰ ,মহান বিজ্ঞানী ছাৰ জগদীশ চন্দ্ৰ বসু আৰু আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰয়ৰ সান্নিধ্যলৈ আহে তৰুণৰাম ফুকন আৰু তেতিয়াৰ পৰাই তেওঁ সাহিত্য চৰ্চাৰ আগ্ৰহী হৈ উঠে। ফলস্বৰূপে বঙালী ভদ্ৰলোকৰ এখন সভাত বাংলা কবিতা পাঠ কৰি শুনাই। ১৯২০ চনত আন্দোলনৰ নেতা হিচাপে শিলচৰ জেলত কাৰাবাস খটাৰ সময়ত ” স্তুতি মালা” নামৰ এখনি কবিতা লিখে। পাছত ১৯২৬ চনত এইখন কবিতা পুথি হিচাপে প্ৰকাশ পাই। ‘এপাহী ফুল ‘নামৰ তেখেতৰ এখন অনুপম কাব্য গ্ৰন্থ আছে। “মোৰ চিকাৰৰ কাবিনি” তেখেতৰ উল্লেখযোগ্য কীৰ্তিস্তম্ভ। ৰাজনৈতিক ব্যস্ততাৰ মাজত থাকিও যি সাহিত্য তেখেতে ৰচি থৈ গল সেয়া অসমীয়াত তুলনাবিহীন অৱদান।

৭। প্ৰসংগ সংগতি দৰ্খাই বাখ্যা কৰা।

(ক) অসমীয়া ৰীতি-নীতি আচাৰ পদ্ধতিৰ পুৰুখানুক্ৰমক পৰিৱেশৰ মাজত তেওঁ লালীত-পালিত হৈছিল।

উত্তৰঃ প্ৰসংগ :- উদ্ধৃত কথাষাৰি আমাৰ পাঠ্যপুথি’আপোন পাঠ’ৰ তৰুণৰাম ফুকন” নামৰ জীৱনীমূলক পাঠৰ পৰা তুলি দিয়া হৈছে।

সংগতি :- ইয়াত লেখিকা তৰুণৰাম ফুকন যে এটা ঐতিহ্যপূৰ্ণ  পৰিৱেশৰ মাজত ডাঙৰ দীঘল হৈছিল সেই কথা প্ৰকাশ কৰিছে।

ব্যাখ্যা :- সুদক্ষ চিকাৰী, ৰাজনীতিবিধ,  সু-সাহিত্যিক তৰুণৰামৰ জন্ম হৈছিল এটা আহোম ৰজা ঘৰৰ খাৰঘৰীয়া ফুকনৰ বংশত। এনে এটা ঐতিহ্যপূৰ্ণ পৰম্পৰা থকা বংশত জন্ম গ্ৰহণ কৰি সৰুৰে পৰা অসমীয়া ৰীতি-নীতি , আচাৰ পদ্ধতিৰ মাজত থাকি তেওঁ লালীত-পালিত হৈছিল। শৈশৱৰ পৰাই তেওঁ অসমীয়া ৰীতি-নীতিবোৰ ভালদৰে আয়ত্ত কৰিছিল। সম্ভ্ৰান্ত অসমীয়া পৰিয়ালত জন্ম গ্ৰহণ কৰি তেওঁৰ হিদয়ত জাতীয় চেতনাভুধ সৰুৰে পৰা ভালদৰে অনুভৱ কৰিছিল। অভিজাত পৰম্পৰা ঐতিহ্য ৰক্ষা কৰিয়েই তেওঁ ঘৰতেই শিক্ষক অধ্যাপকৰ জড়িয়তে সংস্কৃত ভাষাৰ শিক্ষা আৰম্ভ কৰিছিল। দেউতাক আৰু বায়েকহতৰ  মুখত শুনা গীত-মাত, পদ পয়াৰ, শ্লোক আদি শুনি শুনিয়ে কণ্ঠস্ত কৰি সুন্দৰকৈ আবৃত্তি কৰিব পাৰিছিল।মুঠতে তৰুণৰাম ফুকন সৰু কালৰ পৰাই এজন নিভাঁজ অসমীয়া লোক হিচাপে নিজকে চিনাকি দিব পাৰিছিল।

(খ) অসমৰ ৰাজনৈতিক জীৱনত নবিনচন্দ্ৰ বৰদলৈ  আৰু তৰুণৰাম ফুকন এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি হৈ পৰিছিল ?

উত্তৰঃ প্ৰসংগ :- উক্ত কথাষাৰি আমাৰ পাঠ্যপুথি ‘আপোন পাঠৰ ‘ “তৰুণৰাম ফুকন” নামৰ পাঠৰ পৰা তুলি দিয়া হৈছে।

সংগতি :- ইয়াত লেখিকাই কব বিচাৰিছে যে তৰুণৰাম ফুকন আৰু নবিনচন্দ্ৰ বৰদলৈ এজনে আনজনৰ পৰিপূৰক আছিল বিশেষকৈ ৰাজনৈতিক জীৱনত।

বাখ্যা :- বিলাতত বেৰিষ্টাৰ পৰীক্ষাত উত্তীৰ্ণ হৈ অহাৰ পিছত তেওঁ গুৱাহাটীত ওকালতি কৰিবলৈ আৰম্ভ কৰিছিল। সেই সময়ত মহাত্মা গান্ধীৰ নেতৃত্বত গোটেই ভাৰতবৰ্ষতে স্বাধীনতা লাভৰ বাবে অসহযোগ আন্দোলন আৰম্ভ হৈছিল। অসমতো এই আন্দোলন বিয়পি পৰিছিল। আন্দোলনৰ গুৰি ধৰিছিল কৰ্মবীৰ নবিনচন্দ্ৰ বৰদলৈ , লোকপ্ৰিয় গোপীনাথ বৰদলৈ আদিয়ে। কৰ্মবীৰ নবিনচন্দ্ৰ বৰদলৈয়ে তৰুণৰাম ফুকনকো ৰাজনীতিৰ ক্ষেত্ৰখনলৈ আদৰি আনিছিল। বৰদলৈৰ লৌহকঠিন সিদ্ধান্তবোৰ তৰুণৰাম ফুকনে অতি ৰসাল বাণীৰে ৰাইজক বুজাই দিছিল আৰু দলে দলে অসমীয়া সংগ্ৰামী ৰাইজ স্বাধীনতা সংগ্ৰামত জঁপিয়াই পৰিছিল। এজনৰ অভিহনে আনজনে কোনো স্থিৰ সিদ্ধান্তত উপনীত নহৈছিল। এটা মুদ্ৰাৰ যেনেকৈ দুয়োটা পিঠি সদায় একেলগে থাকে ৰাজনিতিক্ষেত্ৰ খনটো তেনেকৈ নবিনচন্দ্ৰ বৰদলৈ আৰু তৰুণৰাম ফুকন সদায়ে একেলগে আছিল।

৮। চমুটোকা লিখা :

(ক) নবিনচন্দ্ৰ বৰদলৈ। 

(খ) ৰবীন্দ্ৰনাথ ঠাকুৰ।

উত্তৰঃ (ক) নবিনচন্দ্ৰ বৰদলৈ :- ১৮৭৫ চনত ৩ নৱেম্বৰত কৰ্মবীৰ নবিনচন্দ্ৰ বৰদলৈ দেৱৰ জন্ম হয়। তেই এজন বিচক্ষণ ৰাজনীতি বিদ আৰু স্বাধীনতা সংগ্ৰামী আছিল। ১৯১৫ চনত আসাম এছোচিয়েচনৰ সভাপতি হৈছিল। ১৯২৫  চনত অসম ছাত্ৰ সন্মিলনৰ সভাপতি হৈছিল। ১৯২৬ চনত পাণ্ডুত বহা কংগ্ৰেছ মহাসভাৰ সম্পাদক আছিল। তেওঁ ৰচনা কৰা সাহিত্যসমূহ হল অনিতা গেৰিণ্ডৰ জীৱনী, গৃহলক্ষী, কৃষ্ণলীলা আৰু ছেক্সপীয়েৰৰ তিনিখন নাটক অসমীয়ালৈ অনুবাদ।

(খ) ৰবীন্দ্ৰনাথ ঠাকুৰ :- কবি আৰু দাৰ্শনিক। গিতাঞ্জলীৰ কবিতা পুথিৰ বাবে ১৯১৩ চনত সাহিত্যৰ “নবেল বঁটা” লাভ কৰে। ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত আৰু “শান্তিনিকেটন” ৰ জন্মদাতা। ভাৰতীয় সাহিত্যক বিশ্বদৰবাৰলৈ তেখেতে লৈ যায়। ৰচনা কৰা পুথি : গোৰা, গিতাঞ্জলী, সোনাৰ গুৰি, পেটৰ কলিজা ইত্যাদি।

৯। সমাৰ্থক শব্দ লিখা :

(ক) হেঁপা  = আগ্ৰহ।   

(খ) সুশ্ৰী = সুন্দৰ ।

(গ) প্ৰখৰ  = তীক্ষ্ণ ।    

(ঘ) সম্ভ্ৰান্ত =আভিজাত‍্য ।

(ঙ) ৰক্ষণশীল = গোড়া ।

১০। উদাহৰণটো চাই নতুন শব্দ লিখা ।

উদাহৰণ :-  

(ক) উপকাৰী   =  উপকাৰীতা।

(খ) উপযোগী  =   উপযোগীতা।

(গ) অপকাৰী  =  অপকাৰীতা।

(ঘ) প্ৰতিযোগী  =  প্ৰতিযোগিতা।

(ঙ) মনযোগী  =  মনযোগিতা ।

(চ) সাহসী  =  সাহসিক।

১১। প্ৰত্যেয় ভাঙি দেখুৱা : 

চিকাৰী, ব্যৱসায়ী, পশ্চিমীয়া, আগ্ৰহী, উৎসাহী, বঙালী, দোকানী।

উত্তৰঃ (ক) চিকাৰ  + ঈ  = চিকাৰী।

(খ) ব্যৱসায় + ঈ  = ব্যৱসায়ী ।

(গ) পশ্চিম + ঈয়া  = পশ্চিমীয়া।

(ঘ) আগ্ৰহ + ঈ = আগ্ৰহী।

(ঙ) উৎসাহ + ঈ  = উৎসাহী।

(চ) বঙাল + ঈ  = বঙালী।

(ছ) দোকান + ঈ  =  দোকানী।

১২। বাক্য ৰচনা কৰা ।

উমলি-জামলী, উলহ- মালহ,  থৌকি- বাথৌ, মাটিৰ -মানুহ।

উত্তৰঃ (ক) উমলি- জামলি :- সৰু ল’ৰা-ছোৱালীক উমলি-জামলি ডাঙৰ হব দিব লাগে।

(খ) উলহ- মালহ :- বহাগ বিহুৰ সময়ত অসমীয়া মানুহে উলহ-মালহেৰে নতুন বছৰত আদৰে।

(গ)  থৌকি-বাথৌ :- ছোৱালীজনীয়ে নতুন আলহীজনৰ ওচৰত থৌকি-বাথৌ কৰি আছিল।

(ঘ) মাটিৰ-মানুহ :- বৰ্তমান যুগত মাটিৰ মানুহ হলে সকলোৰে লগত চলিব নোৱাৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top