Assam Jatiya Bidyalay Class 8 Assamese Chapter 11 শিশুৰ বাবে ৰচিত সাহিত্য

Assam Jatiya Bidyalay Class 8 Assamese Chapter 11 শিশুৰ বাবে ৰচিত সাহিত্য, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় অসমীয়া Class 8 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 11 শিশুৰ বাবে ৰচিত সাহিত্য Class 8 Assamese Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 8 Assamese Chapter 11 শিশুৰ বাবে ৰচিত সাহিত্য Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 8 Assamese Chapter 11 শিশুৰ বাবে ৰচিত সাহিত্য provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

শিশুৰ বাবে ৰচিত সাহিত্য

Chapter – 11

অসম জাতীয় বিদ্যালয়

EXERCISE QUESTION ANSWER

১। চমু উত্তৰ দিয়া :

(ক) লিখিত সাহিত্য-চৰ্চাৰ পৰম্পৰা আৰম্ভ হোৱাৰ আগতেই কোনবোৰ সাহিত্যই অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিছিল ?

উত্তৰঃ লিখিত সাহিত্য চৰ্চাৰ পৰম্পৰা আৰম্ভ হোৱাৰ আগতেই অনাখৰী,অনামী চহা ৰচকৰ শিশুৰ বাবে গোৱা নিচুকনি গীত, সাধুকথা, সাঁথৰ আদি অসমীয়া  মৌখিক সাহিত্যই অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিছিল।

(খ) নিচুকনি গীত কিহৰ কেন্দ্ৰ কৰি ৰচিত হৈছে ?

উত্তৰঃ নিচুকনি গীত কান্দি কান্দি আমনি কৰি থকা শিশুৰ মাক , ধাইমাক বা অন্য কোনোবা ডাঙৰে নিচুকাব লোৱা শিশুক কেন্দ্ৰ কৰি ৰচিত হৈছে।

(গ) অসমীয়া ভাষাত চলি থকা সাঁথৰ সমূহ কিয় অসমীয়া মৌখিক শিশু সাহিত্যৰ এক গুৰুত্বপূৰ্ণ অংগ হৈ পৰিছে ?

উত্তৰঃ অসমীয়া ভাষাত চলি থকা সাঁথৰ সমূহ শিশুৰ বাবে ৰসৰ ৰহঘৰা । সেইবাবে এই সাঁথৰসমূহৰ অসমীয়া শিশু সাহিত্যৰ এক গুৰুত্বপূৰ্ণ অংগ হৈ পৰিছে।

(ঘ) বৈষ্ণৱ যুগৰ সৃষ্টি হোৱা শিশু-উপযোগী গ্ৰন্থৰ ভিতৰত পোনতেই কোনখন গ্ৰন্থৰ নাম লব পাৰি ?

উত্তৰঃ বৈষ্ণৱ যুগত সৃষ্টি হোৱা শিশু উপযোগী গ্ৰন্থৰ ভিতৰত পোনতেই শ্ৰীধৰ কন্দলিৰ ‘কাণখোৱা’ পুঠিখনৰ নাম লব পাৰে।

(ঙ) ‘কাণখোৱা’ পুথিখন কি গীতৰ আৰ্হিত ৰচনা কৰা হৈছে ?

উত্তৰঃ ‘কাণখোৱা’ পুথিখন নিচুকনি গীতৰ আৰ্হিত ৰচনা কৰা হৈছে।

(চ) আনন্দৰাম ঢেকীয়ালফুকনৰ দ্বাৰা ৰচিত শিশু-পাঠ্যপুথি খনৰ নাম কি ?

উত্তৰঃ আনন্দৰাম ঢেকিয়াল ফুকনৰ দ্বাৰা ৰচিত শিশু-পাঠ্যপুথিখনৰ নাম “অসমীয়া ল’ৰাৰ মিত্ৰ”।

(ছ) মাধৱদেৱৰ ঝুমুৰ কেইখনিক বাদ দি প্ৰথম অসমীয়া শিশু নাট কোনখন আৰু ইয়াৰ নাট্য কাৰ কোন ?

উত্তৰঃ মাধৱদেৱৰ ঝুমুৰ কেইখন বাদ দি প্ৰথম অসমীয়া শিশু নাট হল ” টেটোন তামুলী” । ইয়াৰ নাট্যকাৰ পদ্মনাথ গোহাঞি বৰুৱাৰ।

(জ) কাৰ সম্পাদনাত প্ৰকাশ পোৱা কোনখন শিশু আলোচনীয়ে অসমীয়া সাহিত্যৰ বাটত সবল খোজ পেলাইছিল ?

উত্তৰঃ কৰুনাভিৰাম বৰুৱাৰ সম্পাদনাত প্ৰকাশ পোৱা ‘ল’ৰা বন্ধু নামৰ শিশু আলোচনীয়ে অসমীয়া সাহিত্যৰ বাটত সবল খোজ পেলাইছিল।

২। তুমি জনা কেইটামান নিচুকনি গীত সংগ্ৰহ কৰা।

উত্তৰঃ আমাৰে মইনা শুব এ ।

বাৰীতে বগৰী ৰুব এ ।।

বাৰীৰে বগৰী পকী সৰি যাব।

আমাৰে মইনা বুটলি খাব।।

৩। বৈষ্ণৱ যুগত সৃষ্টি হোৱা শিশু উপযোগী গ্ৰন্থৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ বৈষ্ণৱ যুগৰ শিশু উপযোগী কেবাখনো গ্ৰন্থৰ সৃষ্টি হৈছিল। তাৰ ভিতৰত আমি প্ৰথমে নাম লব পাৰো শ্ৰীধৰ কন্দলি ৰ ৰচিত ‘কাণখোৱা’ নামৰ পুথিখনৰ। এই পুথিখন নিচুকনি গীতৰ আৰ্হিত ৰচনা কৰা হৈছে যদিও প্ৰধান উদ্দেশ্য হল শ্ৰীকৃষ্ণই ঐশ্বৰিকত্ব ফুটাই তোলা। ৰাম সৰস্বতীৰ ‘ ভীম চৰিত’ পুথিখনো এখন শিশুৰ উপযোগী গ্ৰন্থ। ভীমৰ চৰিত্ৰ অসমীয়া শিশু মাত্ৰৰে আমোদৰ বস্তু। শিশুৰ মনত ৰং লগাব পৰাকৈ ৰচনা কৰা ‘ ভীম চৰিত’ ৰাম সৰস্বতীৰ এখন অপূৰ্ব পুথি। পুথিখনত থকা পঞ্চপাণ্ডৱৰ ল’বাকলিৰ মনোৰম বৰ্ণনাই সকলো শিশুকে আকৰ্ষিত কৰে। মাধৱদেৱে ৰচনা কৰা চোৰ ধৰা,পিম্পৰা-গুচোৱা, ভূমি লেটোয়া আদি ঝুমুৰ আৰু বৰগীত শিশুৰ বাবে ৰচিত নহলেও শিশু কৃষ্ণৰ চৰিত্ৰ বৰ আকৰ্ষণীয়কৈ বৰ্ণনা কৰিছে। সেইদৰে শংকৰদেৱৰ ‘কীৰ্ত্তন ‘ পুথিত শিশু-লীলা, প্ৰহ্লাদ চৰিত্ৰ আদি বৰ মনোৰম ভাবে চিত্ৰিত কৰিছে।

৪। অৰুনোদই ত বাস্তৱবানুপ সাহিত্য ৰচনা প্ৰকাশ হলেও ই আছিল বিশেষ ধৰ্মীয় উদ্দেশ্য সাধাৰণ বাবে ৰচিত সাহিত্য। কথাষাৰৰ তাৎপৰ্য ব্যাখ্যা কৰা।

উত্তৰঃ ‘ অৰুনোদই’ আমাৰ অসমীয়া ভাষাৰ প্ৰথম বাতৰি কাকত প্ৰকাশ কৰিছিল। আমেৰিকাৰ পৰা অসমত খ্ৰীষ্টান ধৰ্ম প্ৰচাৰ কৰিবলৈ অহা মিছনাৰীসকলে তেওঁলোকৰ প্ৰদান উদ্দেশ্য আছিল অসমীয়া মানুহৰ মাজত খ্ৰীষ্টান ধৰ্ম প্ৰচাৰ কৰা। সেই সময়ত অসমৰ পঢ়াশালিত অসমীয়া ভাষাৰ সলনি বঙালী ভাষা চলিছিল বাবে খ্ৰীষ্টান ধৰ্ম প্ৰচাৰত বহুতো অসুবিধা হৈছিল। গতিকে ধৰ্ম প্ৰচাৰত সুচল হবৰ বাবে ‘অৰুনোদই ‘ প্ৰকাশ কৰিছিল। সেইবাবে অৰুনোদইত বাস্তৱাবানুপ সাহিত্য ৰচনা প্ৰকাশ হলেও ই খ্ৰীষ্টান ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে ৰচিত সাহিত্য বুলি কব পাৰি।

৫। ‘জোনাকী যুগৰ’ শিশু-উপযোগী ৰচনাৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰমুখ্য কৰি সেই যুগৰ সাহিত্যিক  সকলে শিশুৰ বাবে উপযোগী হোৱাকৈ বিভিন্ন ৰচনা কৰিছিল। কবিতা , নাট, কাহিনী, গীত নাট , সাধুকথা, জীৱনী, আদি ভিন ভিন শাখাৰ বহুতো সাৰ্থক সৃষ্টি কৰি অসমীয়া শিশু সাহিত্যৰ নিশকশীয়া সুঁতিটোক শক্তি প্ৰদান কৰিছিল। 

৬। প্ৰসংগ সংগতি দর্শাই বাখ্যা কৰা। 

(ক) উদ্ভট কল্পনা আৰু সংগতিক লয় এই গীতবোৰৰ দুটি উল্লেখনীয় বৈশিষ্ট্য।

উত্তৰঃ প্ৰসংগ :- এই কথাষাৰি আমাৰ পাঠ্য পুথি ‘আপোন পাঠ’ৰ শিশুৰ বাবে ৰচিত সাহিত্য’ নামৰ পাঠৰ পৰা তুলি দিয়া হৈছে।

সংগতি :- নিচুকনি গীত বোৰত থকা অলৌকিক কল্পনা আৰু সাংগীতি লয়ৰ কথা উল্লেখ কৰি এই কথাষাৰ কৈছে। 

ব্যাখ্যা :- নিচুকনি গীত বোৰত নানা তৰহৰ ফল-ফুল, চৰাই-চিৰিকটি, জীৱ-জন্তু, জুন-বেলি আদিক কেন্দ্ৰ কৰি বহুতো অলৌকিক বৰ্ণনা বিশেষ ভাৱে দিয়া দেখা যায়। যাতে সেইবোৰ শুনি সৰু লৰা-ছোৱালীয়ে মনত আমোদ পোৱাৰ উপৰিও এটা বেলেগ ভাবৰ সৃষ্টি কৰিব পাৰি। শুনিবলৈ শুৱলা হবৰ বাবে তাত সাংগীতিক লয়ৰ সৃষ্টি কৰে। শিশু অৱস্থাত সিহঁতৰ মনবোৰ অতি সহজ সৰল আৰু কোমল হৈ থাকে। যিকোনো কথাতে অতি সহজে বিশ্বাস কৰে। গতিকে টোপনি নিয়াবলৈ কিছুমান মিছা কথাত অনেক জোৰা তাপলি দি ৰহণ সানি সিহঁতক অলৌকিক কাহিনী কিছুমান সংগতিৰ জৰিয়তে শুনোৱা যায়। এইবোৰ শুনি সিহঁতে অলৌকিক ৰাজ্য এখনলৈ গুচি যাব বিচাৰে আৰু টোপনি আহি যায়। সেইবোৰ উদ্ভট কল্পনা আৰু সাংগীতিক লয় নিচুকনি গীতৰ দুটা বৈশিষ্ট্য বুলি উল্লেখ কৰিছে।

(খ) অসমীয়া ভাষাত চলি থকা সাঁথৰসমূহো অসমৰ শিশু সকলৰ বাবে ৰসৰ ৰহঘৰা।

উত্তৰঃ উদ্ধৃত বাক্যশাৰী আমাৰ পাঠ্য পুথি ‘আপোন পাঠ”ৰ শিশুৰ বাবে ৰচিত সাহিত্য’ নামৰ পাঠৰ পৰা তুলি দিয়া হৈছে। 

অসমীয়া ভাষাত চলি থকা সাঁথৰ সমূহ সৰু সৰু লৰা-ছোৱালীৰ বাবে যে অতি আনন্দদায়ক সেই কথা লেখকে উল্লেখ কৰিছে।

পৃথিৱীত যিমানবোৰ ভাষা প্ৰচলিত আছে, সেই প্ৰতিটো ভাষাৰে কিছুমান ভাষা আছে। এই সাঁথৰ সমূহে বিশেষকৈ শিশুৰ বৰ আমোদ দিয়ে। সাঁথৰৰ জৰিয়তে শিশুৰ বুদ্ধিৰ বিকাশ ঘটে। সাঁথৰৰ উত্তৰ উলিয়াবলৈ সিহঁতে মগজুৰ ব্যৱহাৰ কৰিব লগা হয়। এই সাঁথৰ সমূহ যি সকলে ৰচনা কৰিছিল তেওঁলোকেও মগজু খটুৱাই শিশুৰ মনক আমোদ দিব পৰাকৈ সৃষ্টি কৰিছিল। শিশুসকলে ককাক-আইতাক নাইবা অন্য কোনো মানুহৰ মুখত এই সাঁথৰ সমূহ শুনিলে সিহঁতে বৰ ৰস পায় আৰু উত্তৰ উলিয়াবলৈ যত্ন কৰে। কোনে প্ৰথম সাঁথৰৰ উত্তৰ দিব পাৰিব তাকে লৈ সিহঁতৰ মাজত প্ৰতিযোগিতা হয়। এই কথাটোৱে সিহঁতৰ মনত বৰ আনন্দ প্ৰদান কৰে। সাঁথৰৰ জৰিয়তে শিশুক বহুতো শিক্ষা প্ৰদান কৰিব পাৰি। সাঁথৰৰ মাজত ৰস আছে বাবে সিহঁতে কথাবোৰৰ পৰা আমনি নাপায়। শিশুক আনন্দ প্ৰদান কৰা এই অতি উত্তম বহুমূলীয়া সাঁথৰৰ জৰিয়তে আনন্দ প্ৰদান কৰাৰ লগতে সু-শিক্ষা প্ৰদান কৰিব পাৰি।

(গ) বেজবৰুৱাৰ হাততেই বহু সাধুকথাই ন ভাষাৰ ন সাজেৰে সাজি কাঁচি ওলাই।

উত্তৰঃ প্ৰসংগ :- এই কথাষাৰ আমাৰ পাঠ্যপুথি “আপোন পাঠৰ ৰাজীৱ শৰ্মাই ৰচনা কৰা ‘শিশুৰ বাবে ৰচিত সাহিত্য’ নামৰ পাঠৰ পৰা তুলি দিয়া হৈছে।

সংগতি :- ৰখৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ হাতত যে অসমীয়া সাধুকথাই প্ৰথম লিখিত ৰূপ পাইছিল আধুনিক অসমীয়া ভাষাত সেই কথাটোকে লিখকে কব বিচাৰিছে।

ব্যাখ্যা :- অসমীয়া ভাষাত সাধুকথা আগতে মৌখিক ৰূপত প্ৰচলিত আছিল। মানুহৰ মুখে মুখে ইটোৰ পৰা সিটোলৈ এই সাধুকথা বিলাক বাগৰি ফুৰিছিল।এইদৰে চলি থাকোতে মূল কাহিনীয়ে সময়ে সময়ে ৰূপ সলনি কৰিব লগা হৈছিল।কিন্তু বিংশ শতিকাৰ আৰম্ভণিতে এই মুখে মুখে চলি থকা সাধুকথাৰ জুমুঠিটো সংগ্ৰহ কৰি বাকী সকলোখিনি নিজে সজাই পৰাই লৈ ৰহণ সানি সুন্দৰকৈ অসমীয়া মানুহৰ আগত দাঙি ধৰে। “বুঢ়ী আইৰ সাধু”, “ককাদেউতা আৰু নাতি লৰা”, আৰু “জুনুকা” এই তিনিখন বেজবৰুৱাৰদেৱৰ অতি সুন্দৰ নজনা-নপমা সাধুকথা বুলি কব পাৰি।

৭। বৰ্তমান প্ৰকাশিত হৈ থকা শিশু আলোচনীবোৰৰ ভিতৰত তোমাৰ প্রিয় অসমীয়া আলোচনীৰ নাম লিখা। সেইখন প্রিয় হোৱাৰ কাৰণ উল্লেখ কৰা।

উত্তৰঃ বৰ্তমান প্ৰকাশিত হৈ থকা শিশু আলোচনী বোৰৰ ভিতৰত মোৰ প্ৰিয় অসমীয়া আলোচনী কেবাখনো আছে। তাৰ ভিতৰত আটাইতকৈ প্রিয় হল সঁফুৰা । এই আলোচনীখনৰ প্ৰতিষ্ঠাপক সম্পাদক ডঃ ভবেন্দ্ৰ নাথ শইকীয়া। এই আলোচনী খন মোৰ প্ৰিয় হোৱাৰ বহুতো কাৰণ আছে।

প্ৰথমতে এই আলোচনীখনত অসমীয়া ভাষাতো সম্পূৰ্ণ শুদ্ধ ৰূপত লিখা যায়। বানৰ ওচৰত বিশেষ গুৰুত্ব দিয়া হয় আৰু যিবিলাক শব্দ সাধাৰণতে প্ৰায় সকলোৱে ভুল কৰিব খোজে তেনে শব্দত বিশেষ গুৰুত্ব দিয়া হয়। সাধুকথাৰ পৰা আৰম্ভ কৰি কবিতা, গল্প, শিশু-উপন্যাস, ভ্ৰমণ কাহিনী, বিজ্ঞান-বিচিত্রা, খেল-ধেমালি আদি সকলো দিশ এই আলোচনী খনে সামৰি লয়। ডঃ ভবেন্দ্ৰ নাথ শইকীয়াৰ নিচিনা এখন অভিজ্ঞ শিক্ষাবিদে এই আলোচনীখনৰ সম্পাদনা কৰি এখন আগশাৰীৰ শিশু আলোচনী ৰূপত ইয়াক প্ৰতিষ্ঠা কৰি থৈ গৈছে।

৮। বিপৰীত শব্দ লিখা :

উত্তৰঃ (ক) উৎকৃষ্ট = নিকৃষ্ট।

(খ) আকৰ্ষণ = বিকৰ্ষণ।

(গ) আশা = নিৰাশা।

(ঘ) উপযোগী = অনুপযোগী।

৯। লিংগ পৰিৱৰ্তন কৰা।

উত্তৰঃ বাঘ = বাঘিনি।

শিয়াল = শিয়ালনি।

বান্দৰ = বান্দৰী।

ৰজা = ৰাণী।

ৰাক্ষক = ৰাক্ষসী।

কাউৰী = কোৱা।

অজলা = আজলী।

দমৰা = কাঢ়লী।

কজলা = কাজলী।

ঘৰীয়াল = গুই।

ভালুক = ভালুকী।

দঁতাল = মখুন্দি।

যি চিনৰ দ্বাৰা মতা মাইকী প্ৰভেদ বুজোৱা শব্দ চিনাক্ত কৰিব পাৰি তাকে লিংগ বোলে।

লিংগ চাৰিবিধ।

১। পুলিংগ ২ । স্ত্ৰী লিংগ ৩। ক্লীৱ লিংগ ৪। উভয় লিংগ ।

১। পুলিংগ :- যিবোৰ শব্দই পুৰুষ  শ্ৰেণীক বুজাই  সেইবোৰ শব্দকে পুলিংগ বোলে।উদাহৰণ :- পিতা,মামা, খুৰা, ল’ৰা, দেউতা, সি ইত্যাদি।

২। স্ত্ৰী লিংগ :- যিবোৰ শব্দই স্ত্ৰী জাতিক বুজাই , সেইবোৰ শব্দকে স্ত্ৰী লিংগ বোলে।উদাহৰণ :- আইতা, মামী, মাহী, বাইদেউ, ভনী, পেহী, বুঢ়ী, মা ইত্যাদি।

৩। ক্লীৱ লিংগ :- স্ত্ৰী পুৰুষ একো নুবুজোঁৱা শব্দকে ক্লীৱ লিংগ বোলে।

উদাহৰণ :- কাগজ, কলম, ফুল, চকী, ঘৰ, মেজ, ঘড়ী ইত্যাদি।

৪। উভয় লিংগ :- যিবোৰ শব্দই মতা-মাইকী উভয়কে বুজাই, সেইবোৰ শব্দকে উভয় লিংগ বোলে।উদাহৰণ :- শিশু, তেওঁ, তই,মই,আমি, গৰু, মানুহ, কেঁচুৱা ইত্যাদি।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top