Assam Jatiya Bidyalay Class 8 Assamese Chapter 10 ভোকেন্দ্ৰ বৰুৱা

Assam Jatiya Bidyalay Class 8 Assamese Chapter 10 ভোকেন্দ্ৰ বৰুৱা, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় অসমীয়া Class 8 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 10 ভোকেন্দ্ৰ বৰুৱা Class 8 Assamese Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 8 Assamese Chapter 10 ভোকেন্দ্ৰ বৰুৱা Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 8 Assamese Chapter 10 ভোকেন্দ্ৰ বৰুৱা provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

ভোকেন্দ্ৰ বৰুৱা

Chapter – 10

অসম জাতীয় বিদ্যালয়

EXERCISE QUESTION ANSWER

১। অৰ্থৰ সৈতে চিনাকি হওঁ আহা।

(ক) বিজুগ = চিঠিৰ খামৰ ওপৰত লিখা নাম ঠিকনা।

(খ) জোঙাল বুধীয়া = তীক্ষ্ণ বুদ্ধিৰ।

(গ) হেদালি  = লতা বজাবলৈ পাতি দিয়া চাং।

(ঘ) এৱা চৰা = অধৈৰ্য হোৱা।

(ঙ) দোপত দোপে = ক্ৰমে এখোপৰা এখোপলৈ।

(চ) হাড় মূৰ ভাঙি = কষ্ট কৰি।

২। চমু উত্তৰ লিখা :

(ক) ভোকেন্দ্ৰ বৰুৱাৰ আচল নাম কি ?

উত্তৰঃ ভোকেন্দ্ৰ বৰুৱাৰ আচল নাম আছিল ভোকোন্দি।

(খ) ভোকেন্দ্ৰ বৰুৱাৰ দেউতাক কি বৃত্তিৰ সৈতে জড়িত আছিল ?

উত্তৰঃ ভোকেন্দ্ৰ বৰুৱাৰ দেউতাক গোৱাল আছিল।

(গ) ভোকেন্দিয়ে উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ কলৈ গৈছিল ?

উত্তৰঃ ভোকোন্দিয়ে উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ কলিকতালৈ গৈছিল।

(ঘ) ভোকেন্দ্ৰ বৰুৱাই ভনীয়েকলৈ জন্মদিনৰ উপহাৰ হিচাপে কি পঠিয়াইছিল ?

উত্তৰঃ জন্মদিনৰ উপহাৰ হিচাপে ভোকেন্দ্ৰ বৰুৱাই সৰু ভনীয়েক ভুৰ্ভুৰী নামটো সলাই ভ্ৰমৰিণী কৰিছিল।

(ঙ) গল্পটোত উল্লেখ থকা ডাকোয়ালটোৰ নাম কি ?

উত্তৰঃ গল্পটোত উল্লেখ থকা ডাকোৱালটোৰ নাম বগীৰাম।

(চ) ভোকোন্দিয়ে নিজৰ মাক -দেউতাকক নতুনকৈ দিয়া নাম দুটা কি কি ?

উত্তৰঃ ভোকোন্দিয়ে নিজৰ মাকৰ নামটো সলাই যতিকেশ্বৰী আৰু দেউতাকৰ নাম গোন্ধেশৰী বৰুৱা দিছিল।

৩। ভোকোন্দিয়ে নিজৰ নামটো সলাই ভোকেন্দ্ৰ কৰাৰ কাৰণ কি ?

উত্তৰঃ ভোকোন্দিযে নিজৰ নামটো সলাই ভোকেন্দ্ৰ বৰুৱা কৰাৰ কাৰণ হল-

(ক) ভোকোন্দি নামটো বৰ অসভ্য নাম বুলি কলিকতাৰ কলেজৰ ল’ৰাই তাক ঠাট্টা কৰে।

(খ) নামৰ পাছত উপাধি নথকাটো বৰ হাঁহিয়াতৰ কথা।

৪। ভোকোন্দিয়ে নিজৰ দেউতাকৰ ‘গোৱাল’ বৃত্তিটো এৰিবলৈ কিয় অনুৰোধ কৰিছিল ?

উত্তৰঃ ভোকেন্দ্ৰই দেউতাকক গোৱাল বৃত্তিটো এৰিবলৈ কৈছিল এই কাৰণে যে সেই বৃত্তিটো ভোকেন্দ্ৰই shameful বা লজ্জাজনক বুলি ভাবিছিল। ভোকেন্দ্ৰৰ দেউতাক হিচাপে ভদ্ৰলোকৰ দৰে চলাটো ভোকেন্দ্ৰই বিচাৰিছিল।

৫। ভোকেন্দ্ৰৰ চিঠিখন পাই মাক দেউতাকৰ মনত কেনে প্ৰতিক্ৰিয়া হৈছিল ?

উত্তৰঃ ভোকেন্দ্ৰৰ পৰা চিঠি আহিছে বুলি মাক আনন্দত আত্মহাৰা হৈ পৰিছিল।মনৰ  উচ্চাহ দমাই ৰাখিব নোৱাৰি একে উশাহঁতে দুটা প্ৰশ্ন সুধিছিল। আনহাতে চিঠিখনতো পুতেকে কি বাৰ্তা পঠিয়াইছে সেই কথা জনাৰ আগ্ৰহ দেউতাক গোন্ধই গোৱালৰো আছিল। সেই চিঠিখন পঢ়াই শুনাবৰ বাবে বেথাৰম ভাগৱতীৰ ওচৰলৈ লৰ মাৰিছিল। পিছে চিঠিত লিখা কথাখিনিহে গোন্ধোই গোৱালৰ মনঃপুত হোৱা নাছিল।

৬। ভোকোন্দিয়ে দেউতাকলৈ লিখা চিঠিখনৰ মূল কথাখিনি নিজৰ ভাষাত লিখা।

উত্তৰঃ দেউতাকলৈ লিখা চিঠিখনত ভোকোন্দিয়ে নিজৰ নাম টো সলাই ভোকেন্দ্ৰ কৰা বুলি জনাইছিল। দেউতাককো গোন্ধাই নামটো সলনি কৰি গোন্ধেশৰ কৰিবলৈ কৈছিল আৰু বৰুৱা উপাধি লিখিবলৈ দিহা দিছিল। মাকৰ নামটো জেতুকীৰ ঠাইত যতিকেশ্বৰী আৰু  ভনীয়েকৰ নাম ভুৰ্ভুৰীৰ পৰিবৰ্তে ভ্ৰমৰাণী কৰিবলৈ নিৰ্দেশ দিছিল। গাঁৱৰ নামটোও সলনি কৰিবলৈ ভোকোন্দিৰ ইচ্ছা থকাৰ কথা জনাইছিল। দেউতাকৰ জীৱন পুথি এখন লিখি ছপা কৰি উলিওৱাৰ যো-জা কৰাৰ কথা চিঠিত লিখিছিল। বেটুপাতত দিয়াৰ বাবে যোৰহাট বা ডিব্ৰুগড়লৈ গৈ ফটো এখন তোলাৰ কথাও লিখিছিল। তাৰ খৰচটো উলিয়াবলৈ এজনী বা দুজনী ম’হ বিক্ৰী কৰিবলৈ কৈছিল । দেউতাকৰ গোৱালৰ বৃত্তিটো এৰি দিবলৈ দিহা দিছিল ভোকোন্দিয়ে।

৭ । ভোকোন্দিয়ে দেউতাকক কিয় এখন ফটো তোলাৰ কথা কৈছিল ? ফটো তোলাৰ খৰচ উলিয়াবৰ বাবে দেউতাকক কি উপদেশ দিছিল।?

উত্তৰঃ ভোকোন্দিয়ে দেউতাকৰ জীৱন চৰিত্ৰ লিখাৰ যো-জা কৰিছিল। তাঁতৰ বেটুপাতত ছপাবৰ বাবে দেউতাকৰ ফটো এখন দৰ্কাৰ হৈছিল। সেই বাবে দেউতাকক ফটো এখন তুলিবলৈ দিহা দিছিল। ফটো তুলাৰ খৰচ উলিয়াবলৈ প্ৰথমতে গাখীৰতী ম’হ জনী বেছি দিবলৈ কৈছিল। যদি ধন কম হোৱা যেন দেখে তেন্তে আন এজনী ম’হ বেচি হলেও ফটো তোলাৰ খৰচ উলিয়াবলৈ কৈছিল।

৮।  তলত দিয়া চৰিত্ৰ কেইটাৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰঃ (ক) গোন্ধাই :- গোন্ধাই গোৱালৰ ঘৰ মাজুলীত। ম’হ আৰু গৰু ৰাখি , গাখীৰৰ ব্যৱসায় কৰি সি লাহে লাহে চহকী হৈ পৰিছিল। তাৰ একমাত্ৰ পুতেক ভোকোন্দিক কলিকতালৈ উচ্চ শিক্ষাৰ বাবে পঠিয়াই দিলে। নগৰীয়া বতাহ পাই ভোকোন্দিয়ে বাপেকৰ গোৱাল বৃত্তিটো অসন্মানজনক বুলি ভাবিবলৈ ধৰিলে। সেয়ে পৰিয়ালৰ আটাইবোৰৰে নাম সলনি কৰিবলৈ দেহা দিলে। লগতে নামৰ পাছত বৰুৱা উপাধি লগাবলৈ আৰু গোৱালৰ বৃত্তি ত্যাগ কৰিবলৈ পৰামৰ্শ দিলে। কিন্তু গোন্ধাই গোৱালে পুতেকৰ পৰামৰ্শ মানি লবলৈ অস্বীকাৰ কৰিলে। 

(খ) জেতুকা :- জেতুকী গোন্ধাই গোৱালৰ ঘৈণীয়েক। সহজ-সৰল গাঁৱলীয়া তিৰোতা। পুতেকৰ প্ৰতি অত্যাধিক স্নেহ । পুতেকৰ ওপৰত আস্থা অসীম। পুতেকে চিঠিত লিখা প্ৰতিটো কথাই সত্য আৰু যুক্তিসংগত বুলি মানি লয়। তাৰ বাবে গিৰিয়েকৰ ৰোষত পৰিবলৈকো প্ৰস্তুত।

(গ) ভোকোন্দি :- ভোকোন্দিৰ জন্ম গাঁৱত। গাঁৱলীয়া পৰিৱেশত থাকিয়েই এন্ট্ৰেন্স (মেট্ৰিক) পৰীক্ষা পাছ কৰে। উচ্চ শিক্ষাৰ বাবে কলিকতালৈ যায়। মহানগৰীত এবছৰ কটাই ভোকোন্দিয়ে এৰি থৈ যোৱা গাঁৱখনৰ আটাইবোৰ বস্তু আও পুৰণি আৰু অসন্মানজনক বুলি ভাবিবলৈ ধৰে। সেয়ে নিজৰ নাম সলনি কৰে ।মাক,বাপেক, ভনীয়েকৰ নাম পৰিৱৰ্তন কৰিবলৈ দিহা দিয়ে। বাপেকৰ গোৱালবৃত্তি ত্যাগ কৰিবলৈ পৰামৰ্শ দিয়ে।

৯। কোনে ,কাক, কি প্ৰসংগত কৈছিল ?

(ক) “ৰাইজে তোৰ মুখত চুন সানি মূৰত ঘোল ঢালিব চাবি।”

উত্তৰঃ এই কথাষাৰি গোন্ধাই গোৱালে ঘৈণীয়েক জেতুকীক কৈছিল। কলিকতাত পঢ়ি থকা পুতেক ভোকোন্দিৰ নাম সলনি কৰি ভোকেন্দ্ৰ বৰুৱা হোৱা বুলি গোন্ধায়ে জানিব পাৰিলে। লগতে গোন্ধাইকো বৰুৱা উপাধি লবলৈ ক’লে। গোয়ালৰ বৃত্তিটো ত্যাগ কৰিবলৈ পৰামৰ্শ দিলে। এই কথাত গোন্ধাইৰ বৰ খং উঠিল। কিন্তু ঘৈণীয়েকে পুতেকৰ পক্ষ লোৱাত গোন্ধায়ে গালি দি উক্ত কথাষাৰ কৈছিল।

(খ) “আমাৰ কলিকতীয়া ল’ৰাটোৰ পৰা এই চিঠিখন আহিছে, আমাৰ তাইক এবাৰ কৃপা কৰি চিঠিখন পঢ়ি শুনাই দিয়কচোন”

উত্তৰঃ এই কথাষাৰ গোন্ধাই গোৱালে বগীৰাম ডাকবাবুক কৈছিল। প্ৰসংগটো আছিল এনেকুৱা- গোন্ধোয়ে কলিকতাত পঢ়ি থকা পুতেক ভোকোন্দিৰ পৰা ডাকত এখন চিঠি পাইছে। তাত কি আছে বেথাৰাম ভাগৱতীয়ে গোন্ধাইক পঢ়ি শুনিছিল। ঘৰলৈ আদি ঘৈণীয়েক জেতুকীক চিঠিখনত লিখা মূল কথাখিনি কলে। কিন্তু জেতুকীয়ে ওলোটা বুজিলে। সেয়ে সেই সময়ত ঘৰৰ আগেদি যোৱা ডাকবাবুক মাতি আনি উক্ত কথাখিনিৰে চিঠিখন পঢ়ি শুনাবলৈ অনুৰোধ কৰিলে।

(গ) “মোৰ বোপাই ভালে আছেনে ? মোৰ বোপাই ভালে আছে বুলি শুনিলেই মোৰ বুকুখন শীতল পৰি যায়।”

উত্তৰঃ  এই কথাষাৰ জেতুকীয়ে গিৰিয়েক গোন্ধাই গোৱালক কৈছিল। জেতুকীৰ পুতেক ভোকোন্দি কলিকতাত পঢ়ি আছিল। তাৰ পৰা দেউতাক গোন্ধাই গুৱাললৈ এখন চিঠি আহিছিল। পুতেকৰ পৰা চিঠি অহা বুলি শুনি জেতুকী উধাতু খাই লৰি আহি পুতেকৰ মংগল বাতৰি সুধিবলৈ উক্ত প্ৰশ্ন কৰিছিল।

(ঘ) ” বুজিছা মোৰ বোপায়ে হাড়-মূৰ ভাঙি দুখকৈ পৰিছে দেখি মহাৰাণীয়ে তাক বৰুৱা পাতিছে।”

উত্তৰঃ এইষাৰ কথা জেতুকীয়ে গিৰিয়েক গোন্ধাইক কৈছিল। কলিকতাত পঢ়ি থকা গোন্ধাই আৰু জেতুকীৰ পুতেক ভোকোন্দিযে নিজৰ নামটো সলনি কৰি ভোকেন্দ্ৰ বৰুৱা কৰিছিল। চিঠিযোগে জনোৱা এই খবৰটো গোন্ধায়ে জেতুকীক জনাইছিল। জেতুকীয়ে ধৰি লৈছিল, পুতেকে ভালদৰে পঢ়া-শুনা কৰাত সন্তুষ্ট হৈ মহাৰাণীয়ে ভোকোন্দি বৰুৱা পাতিছিল। সেই প্ৰসংগত জেতুকীয়ে উক্ত কথাষাৰ কৈছিল।

(ঙ) “তুমি আজিৰ পৰা তোমাৰ নামটোৰ উন্নতি বিধান কৰি তাক গোন্ধেশ্চৰ কৰিবা আৰু তাত বৰুৱা কথাষাৰ লগাই দিবা।

উত্তৰঃ এই কথাষাৰ ভোকোন্দিয়ে তাৰ দেউতাক গোন্ধাইক চিঠিযোগে কৈছিল। ভোকোন্দিয়ে নিজৰ নামটো সলাই ভোকেন্দ্ৰ বৰুৱা কৰিছিল। কাৰণ ভোকোন্দি নামটো লৈ সি কলেজীয়া বন্ধুবোৰৰ আগত লাজ পাইছিল। সেইবাবে এনে অসভ্য নামটো সভ্য কৰি ভোকেন্দ্ৰ বৰুৱা হৈছিল। দেউতাকেও তেনে কৰাটো ভোকোন্দিয়ে বিচাৰিছিল। সেই প্ৰসংগতে ভোকোন্দিয়ে উক্ত কথাখিনি চিঠিযোগে দেউতাকক জনাইছিল।

১০। প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা।

(ক) ভোকোন্দিৰ অদৃশ্য সুপ্ৰসন্ন; গতিকে বুদ্ধিৰ সুবতাহ তেওঁৰ বিদ্যাৰ পালত লাগি, পাল ফুলি উঠি দোপত দোপে স্কুলীয়া জীৱন নাও আগবাঢ়ি এন্ট্ৰেন্স পৰীক্ষা পাৰ হৈ গ’ল।

উত্তৰঃ এই কথাখিনি লক্ষ্মীনাথ বেজবৰুৱা ৰচিত ভোকেন্দ্ৰ বৰুৱা নামৰ চুটি গল্পটোৰ পৰা লোৱা হৈছে। গল্পটোৰ মূল চৰিত্ৰ ভোকোন্দি ৰ ল’ৰালী কালৰ কথা বৰ্ণনা কৰিবলৈ গৈ এই কথা কোৱা হৈছে। ভোকোন্দিৰ স্কুলীয়া জীৱনক এখন পালতৰা নাওৰ সৈতে তুলনা কৰা হৈছে। সেই নাওখনৰ পাল হৈছে বিদ্যা নাওৰ পাল যেনেকৈ বতাহ পালেহে ফুলি উঠে, তেনেদৰে বুদ্ধিৰ সুৱতাহ লাগি বিদ্যাৰ পাল ফুলি উঠা বুলি কোৱা হৈছে। ফলত নাওঁখনে গতি লাভ কৰিছে আৰু আগবাঢ়ি গৈ এন্ট্ৰেন্স পৰীক্ষা পাৰ হৈছে।

(খ) তাৰ হেনো ভোকোন্দি নামটো কিবা অসভ্য হৈছিল, সেই দেখি সি সেইটো নাম ঘঁহি-মাজি সইভ কৰিলে।

উত্তৰঃ এই কথাখিনি লক্ষ্মীনাথ বেজবৰুৱা ৰচিত ভোকেন্দ্ৰ বৰুৱা নামৰ চুটি গল্পটোৰ পৰা লোৱা হৈছে। গোন্ধায় গুৱাল আৰু ঘৈণীয়েক জেতুকীৰ মাজত হোৱা কথোপকথনৰ এয়া অংশ বিশেষ। কলিকতা মহানগৰীত পৰিবলৈ গৈ আধুনিকতাৰ বতাহ লাগি গোন্ধাই আৰু জেতুকীৰ পুতেক ভোকোন্দিৰ এৰি থৈ যোৱা গাঁও খনৰ একোৱে ভাল নলগা হৈছিল। আনকি নিজৰ নামটোও। সেই কথাকে চিঠিযোগে ভোকোন্দিয়ে দেউতাকক জনাইছিল। নিজৰ নামটো সলাই তাৰ পাছত বৰুৱা উপাধি লগাই লোৱাত গোন্ধাইৰ খং উঠিছিল। সেই কাৰণে ব্যংগাত্মকভাৱে উক্ত কথাখিনি কৈছিল।

১১। ভাব বহলাই লিখা।

(ক) সাত পুৰুষত নহ’ল গাই, কৰীয়া লৈ খিৰাবলৈ যায়।

উত্তৰঃ এইটো এটা অসমীয়া ফকৰা। অযোগ্য লোকে কোনো এটা লোভনীয় বস্তু পাবলৈ হাত মেলিলে এই কথাষাৰ কোৱা হয়। ভোকেন্দ্ৰ বৰুৱা গল্পটোত গোন্ধাই গুৱালে পুতেক ভোকোন্দিৰ প্ৰসংগত এই কথা কৈছে। আহোম ৰজাৰ দিনত বৰুৱা এটা সন্মানীয় পদবী আছিল। যোগ্য ব্যক্তিকেই এই পদ সঁচা হৈছিল। ভোকোন্দিয়ে নিজে নিজে বৰুৱা উপাধি গ্ৰহণ কৰাত গোন্ধাই অসন্তুষ্ট হৈছিল। যাৰ পূৰ্বপুৰুষতো গাই নাছিলেই, সি কৰীয়া অৰ্থাৎ গাখীৰ খিৰোৱা পাত্ৰ লৈ গলেই গাখীৰ নাপায়। তেনেদৰে নামটো সলাই তাৰ পাছত বৰুৱা উপাধিটো লগাই ললেই বৰুৱা হব নোৱাৰে।

১২। বাক্য ৰচনা কৰা।

(ক) উছাঁহত = পুতেকে প্ৰথম বিভাগত পাছ কৰা খবৰটো পাই মাক উছাঁহত উতলি উঠিল।

(খ) এঁৱা চৰা = কথাই কথাই এঁৱা চৰিলে অশান্তি বাঢ়ে।

(গ) চুপতা-চুপতি= গিৰিয়েক ঘৈণীয়েকৰ চুপতা- চুপতি শুনি থকা উচিত নহয়।

(ঘ) হাড়-মূৰ ভাঙ = হাড়-মূৰ ভাঙি পৰিশ্ৰম কৰিহে সিহঁত সফল হল।

(ঙ) মুখত চুন সনা = মুখত চূণ সনা কাম কৰিও  তেওঁ লজ্জিত হোৱা নাই।

(চ) ৰাও জোৰা = অপৰাধ কৰি পিছত ৰাও জুৰি কান্দিলে সমাজে এৰি নিদিয়ে নহয়।

১৩। গল্পটোৰ মাজেৰে উচ্চশিক্ষিত লোকৰ ফোঁপোলা মানসিকতা কিদৰে প্ৰকাশ ঘটিছে বুজাই লিখা :

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱা সমাজ সচেতন লিখক। সমাজ সংস্কাৰক বুলি ক’লেও  বৰাই কোৱা নহয়। ভোকেন্দ্ৰ বৰুৱা গল্পটোৰ যোগেদি একাংশ উচ্চ শিক্ষিত লোকৰ মাজত নিজৰ মূলৰ পৰা বিচ্ছিন্ন হোৱাৰ প্ৰৱণতা প্ৰকাশ পাইছে। অলপ অচৰপ ইংৰাজী শিকি লৈ মহাজ্ঞানী হোৱা বুলি ভাবি লৈ নিজৰ দেউতাকক ignorant বা অজ্ঞানী বুলি কৈছে গল্পটোৰ মূল চৰিত্ৰ ভোকোন্দিয়ে । সেই সময়ত কিছুমান উচ্চ শিক্ষিত লোকে সৎভাৱে কায়িক শ্ৰম কৰি জীৱিকা নিৰ্ভৰ কৰা লোকক তেনেকৈ তুচ্ছজ্ঞান কৰিছিল, সেই কথা গল্পটোৰ যোগেদি ফুটি উঠিছে।

১৪। গল্পকাৰ হিচাপে বেজবৰুৱাদেৱৰ  সম্যক আলোচনা দাঙি ধৰা।

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাক গল্পকাৰ হিচাপে আধুনিক অসমীয়া সাহিত্যত যুগনায়ক, যুগস্ৰষ্টাকাৰী হিচাপে আখ্যা দিয়া হয়। অসমীয়া সাহিত্যৰ লক্ষ্মীনাথ বেজবৰুৱাক চুটিগল্পৰ জনক বুলিও কয়। তেওঁ বিভিন্ন ধৰণৰ খুহুটিয়া গল্পৰ জৰিয়তে সেই সময়ৰ অসমৰ সমাজ জীৱনৰ প্ৰতিছবি খুব সুন্দৰভাবে দাঙি ধৰিছিল। আনহাতে ব্যঙ্গাত্মক ৰচনাৰে সেই সময়ৰ অসমীয়া মানুহৰ মাজত চলি থকা কু-অভ্যাসবোৰ যাতে আঁতৰ হয় তাৰ বাবে  অহৰহ চেষ্টা চলাইছিল। আনকি দুই এটা গল্পৰ ৰচনাত তেওঁ নিজৰ চৰিত্ৰ হিচাপে সোমাই পৰিছিল। তেওঁৰ উল্লেখযোগ্য চুটি গল্প -সুৰভি, সাধুকথাৰ কুকি, জোনবিৰি, কেহোকলী। সাধুকথাৰ সংকলন জুনুকা, বুঢ়ী আইৰ সাধু।

তেওঁৰ বেছিভাগ ৰচনা হাস্য- ৰক্ষাত্মক বাবে বেজবৰুৱাক ‘ৰখৰাজ’ উপাধি প্ৰদান কৰা হৈছিল।

১৫। চুটি গল্পৰ সাধাৰণ লখনবোৰৰ চমু আভাস দিয়া।

উত্তৰঃ চুটি গল্প হল মানুহৰ বাস্তৱ জীৱনৰ কোনো এটা মুহূৰ্তৰ ঘটনাৰ বৰ্ণনা । চুটিগল্পৰ সাধাৰণ লক্ষণবোৰ হৈছে – চুটিগল্পৰ আৰম্ভণি আৰু পৰিসমাপ্তি আকস্মিক ধৰণে হয়। চুটিগল্পত সাধাৰণ কেন্দ্ৰীয় চৰিত্ৰ এটা থাকে, আন জটিল বাহুল্য চৰিত্ৰ থাকিব নালাগে। আনহাতে চুটি গল্পৰ বিষয়বস্তু এটাই হব লাগিব আৰু বিষয়বস্তুটোক সীমাবদ্ধ পৰিসৰৰ ভিতৰতে যথেষ্ট সফলভাবে ফুটাই তুলিব লাগিব।

১৬। গল্পটোৰ কাহিনীভাগ তোমাৰ নিজৰ ভাষাৰে চমুকৈ বৰ্ণনা কৰা।

উত্তৰঃ গোন্ধাই গুৱালৰ ঘৰ মাজুলীত। ঘৈণীয়েক জেতুকী, পুতেক ভোকোন্দি আৰু জীয়েক ভুৰ্ভুৰীক লৈ গোন্ধাইৰ সংসাৰ । গৰু-মহ ৰাখি গাখীৰৰ ব্যৱসায় কৰি তেওঁ লাহে লাহে চহকী হৈ পৰিল। ভোকোন্দি চোকা বুদ্ধিৰ ল’ৰা আছিল। এন্ট্ৰেন্স পৰীক্ষাত কুৰি টকীয়া বৃত্তি লাভ কৰাত গোন্ধায়ে ভোকোন্দিক উচ্চ শিক্ষাৰ বাবে পঠিয়াই দিলে। ভোকোন্দিয়ে কলিকতাৰ মেট্ৰপলিটান ইনষ্টিটিউচনৰ প্ৰথম বাৰ্ষিকত ভৰ্তি হল।

কলিকতাত কিছুদিন থাকি ভোকোন্দিয়ে অনুভৱ কৰিলে যে , তেওঁৰ নিজৰ লগতে মাক-বাপেক আৰু ভনীয়েকৰ লগতে গাঁওৰ নামটোও আওপুৰণি। সেয়ে ভোকোন্দিয়ে নিজৰ নামটো সলাই ভোকেন্দ্ৰ কৰিলে আৰু বৰুৱা উপাধি গ্ৰহণ কৰিলে। মাক-বাপেক আৰু ভনীয়েকৰ নামো সলনি কৰিবলৈ দিহা দিলে। গোন্ধোইক গুৱালৰ বৃত্তিটো এৰি দিবলে কলে। লগতে গোন্ধাইৰ জীৱন চৰিত্ৰ এখন লিখাৰ বাবে যো-জা কৰাৰ কথাও জনালে। সেই পুথিখনৰ বেটুপাতত ছপোৱাৰ বাবে গোন্ধাইৰ  ফটো এখনৰ দৰকাৰ। গতিকে দুই এজনী গাখীৰতী ম’হ বিক্ৰী কৰি ফটো তুলাৰ খৰচ উলিয়াবলৈ পৰামৰ্শ দিলে। এই  আটাইবোৰ কথা ভোকোন্দিয়ে চিঠিৰে জনালে। বগীৰাম ডাকবাবুৱে পঢ়ি দিয়া চিঠিখনৰ কথাখিনি শুনি মহাৰাণীয়ে ভোকোন্দিক বৰুৱা পতা বুলি ভাবিলে মাক জেতুকীয়ে । তেওঁ আনন্দত উত্ৰাৱল হৈ পৰিল। কিন্তু গোন্ধাইয়ে পুতেকৰ কথা মানি লবলৈ মান্তি নহ’ল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top