Assam Jatiya Bidyalay Class 8 Assamese Chapter 1 বৰগীত

Assam Jatiya Bidyalay Class 8 Assamese Chapter 1 বৰগীত, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় অসমীয়া Class 8 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 1 বৰগীত Class 8 Assamese Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 8 Assamese Chapter 1 বৰগীত Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 8 Assamese Chapter 1 বৰগীত provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

বৰগীত

Chapter – 1

অসম জাতীয় বিদ্যালয়

EXERCISE QUESTION ANSWER

১ । একোটিকৈ বাক্যত উত্তৰ লিখা-

(ক) যশোদা মায়ে কাক বাৰে বাৰে মাতিছে ?

উত্তৰঃ  যশোদা মায়ে পুত্ৰ কৃষ্ণক বাৰে বাৰে মাতিছে।

(খ)  যশোদাই কৃষ্ণক লগত কি কি লৈ গৰু চৰাবলৈ যাবলৈ কৈছিল ?

উত্তৰঃ যশোদাই কৃষ্ণক লগত দধি, দুগ্ধ, ঘিত, ব্যঞ্জন, ভাত , পাঞ্চনী, শিঙা, বেত,বেণু, আদি লৈ  গৰু চৰাবলৈ যাবলৈ কৈছিল।

(গ) কবি মাধৱদেৱে কাৰ বাহিৰে এই সংসাৰত আন কোনো ত্ৰনকৰ্তা,নাই বুলি কৈছে ?

উত্তৰঃ  কবি মাধৱদেৱে হৰিৰ বাহিৰে এই সংসাৰত আন কোনো ত্ৰনকৰ্তা নাই বুলি কৈছে।

২।  কবিতাটিৰ মূলভাব  লিখা।

উত্তৰঃ এদিনাখন ৰাতিপুৱা চন্দ্ৰৱদন কৃষ্ণই শুই উঠা নাছিল।তেতিয়া মাক যশোদাই তেওঁক বাৰে বাৰে জগাই আছিল।ৰাতিপুৱা সময়ত ধীৰে ধীৰে মলয়া বতাহ বৈ আছিল,সুললিত সুৰত কুলীয়ে মাতি আছিল,সূৰ্যৰ কিৰণ ধৰাত আহি পৰাৰ লগে লগে এন্ধাৰ আঁতৰি গৈছিল।গতিকে মাকে কৃষ্ণক উঠিবলৈ কৈ আছিল।আনহাতে কৃষ্ণৰ লগৰীয়া বিলাক কৃষ্ণৰ লগত গৰু চৰাবলৈ যোৱাৰ কাৰণে তেওঁলোকৰ ঘৰত একগোট হৈছিল।যশোদা মাকে কৃষ্ণক পথাৰত খোৱাৰ বাবে দৈ,গাখীৰ,ঘিউ,ভাত-আঞ্জা,এচাৰি,শিঙা,বেত,বেণু আদি লৈ লগৰিয়াহঁতৰ লগত গৰু চৰাবলৈ যাবলৈ কৈছিল।মাকৰ কথা শুনি কৃষ্ণই লগৰীয়া সকলৰ সৈতে গৰু চৰাবলৈ পথাৰলৈ যাত্রা কৰিছিল।অৱশেষত কবিয়ে কৈছে যে এই সংসাৰত হৰি বিনে ত্ৰনকৰ্তা অন্য কোনো নাই।

৩।  প্ৰসংগ সংগতি দৰ্শাই  ব্যাখ্যা কৰা :

(ক) ৰবি পৰশন তিমিৰ নাশি

সংগহি বালক সব মিলিল আমি।

উত্তৰঃ উদ্বৃত কবিতা ফাঁকি আমাৰ পাঠ্য পুথি ‘আপোন পাঠ’ৰ মহাপুৰুষ মাধৱদেৱে ৰচনা কৰা বৰগীত ‘ নামৰ কবিতাই পৰা তুলি দিয়া লৈছে।

কবিতা ফাঁকিৰ দ্বাৰা কবিয়ে ৰাতিপুৱাৰ এটি সুন্দৰ বৰ্ণনা দাঙি ধৰিছে।

ৰাতিপুৱা সূৰ্য্য উদয়ৰ লগে লগে এন্ধাৰ আঁতৰি যায় । গোটেই ৰাতি আন্ধাৰে সূৰ্য্যৰ অবিহনে পৃথিৱীৰ গ্ৰাস কৰে। আন্ধাৰত কোনো একো নেদেখি,সেইবাবে সকলো পশু-পক্ষী বাহত সোমাই থাকে। মানুহেও নিজৰ ঘৰত আশ্ৰয় লয়। কিন্তু সূৰ্য্যৰ পৰশ পৰাৰ লগে লগে সকলো আন্ধাৰ আঁতৰি যায়। পুনৰ সকলোৱে নিজৰ কৰ্ম কৰিবলৈ ওলাই আহে। কৃষ্ণৰ লগৰীয়া সকলো আন্ধাৰ নাইকিয়া হোৱাৰ লগে লগে বিছনাৰ পৰা উঠিল আৰু কৃষ্ণৰ লগত গৰু চৰাবৰ বাবে সাজু হৈ আহি যশোদাৰ গৃহত লগ লাগিবহি। সেই বাবে যশোদাই কৃষ্ণক বাৰে বাৰে মাতি আছে।

(খ) দিন মাধবে কহয় পৰমান।

হৰি বিনে নাহি তাৰক আন।

উত্তৰঃ উদ্ধৃত কবিতা ফাঁকি আমাৰ পাঠ্যপুথি ‘আপোন পাঠ’ৰ মহাপুৰুষ মাধৱদেবে ৰচনা কৰা ‘বৰগীত’ কবিতাৰ পৰা তুলি দিয়া হৈছে।

এই কবিতাফাঁকিৰ জৰিয়তে কবিয়ে নিজকে অতি নিঃকিন বুলি পৰিচয় দি হৰি বিনে সংসাৰত যে তৰিবৰ অন্য উপায় নাই সেইকথা প্ৰকাশ পাইছে।

এই পৃথিৱী মেয়াৰে আবৃত। জীৱই জন্ম লাভ কৰাৰ পাছত মায়াৰ দ্বাৰা মোহিত হৈ বিভিন্ন পাপ কাৰ্যত নিমগ্ন হয়। বিষয় -বাসনাৰে প্ৰনুব্ধ হৈ অন্যায় কাম কৰিবলৈ মনৰ দ্বাৰা দুখ-কষ্ট কৰিব লগা হয়। কবি গুৰুজনাই মানুহক মুক্তিৰ পথ দেখুৱাই দিবলে যত্ন কৰিছে। নিজকে এজন অতি নিঃকিন মানৱ  বুলি পৰিচয় দি ভগৱানৰ চৰণত নিজেও শৰণ লৈছে আৰু আনকো মুক্তিৰ পথ পাবলৈ ভগৱানৰ নাম লৈ তেওঁৰ চৰণত শৰণ লবলৈ অনুৰোধ জনাইছে। সমস্ত জগতৰ একমাত্ৰ গুৰু হল ভগবানেই আৰু তেৱেঁই মানুহক মুক্তিৰ পথ দেখুৱাব পাৰে ।ভগৱানৰ বাহিৰে এই সংসাৰৰ পৰা ত্ৰনকৰ্তা আন কোনো নাই।

৪। চমুটোকা লিখা :

(ক)  বৰগীত।        

(খ) ব্ৰজাৱলী ভাষা।

উত্তৰঃ (ক) বৰগীত :- এক শৰণ নাম ধৰ্ম বা নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ অৰ্থে মহাপুৰুষ শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেবে ব্ৰজাৱলী ভাষাও ৰচনা কৰা এক শ্রেণীৰ ৰাগ-তাল সম্বন্ধিত গীতক বৰগীত বোলা হয়। বৰগীত সমূহ সত্ৰৰ চৈধ্য প্ৰসংগৰ অন্তৰ্গত। মহাপুৰুষ শংকৰদেৱে বাৰকুৰী আৰু মাধৱদেবে ন কুৰি এঘাৰটা বৰগীত ৰচনা কৰিছিল। কিন্তু শংকৰদেৱৰ বেছিভাগ বৰগীতেই নষ্ট হৈ যোৱাত তেওঁ মনত আঘাত পাই আৰু নতুনকৈ বৰগীত ৰচনা নকৰি প্ৰিয় শিষ্য মাধৱদেৱক বৰগীত ৰচনা কৰিবলৈ নিৰ্দেশ দিয়ে। শংকৰদেৱৰ বৰগীত সমূহ শস্য ভাৱেৰে সিক্ত আৰু মাধৱদেৱৰ বৰগীত সমূহ শ্রী কৃষ্ণৰ কালৰ খেলা-ধূলা ,মান-অভিমান, শিশুৰ ছল-চতুৰী আদিৰ মাজেৰে ভগৱানৰ ঐশ্বৰিক মহাত্মা প্ৰকাশ পাইছে। বৰগীত সমূহত ইয়াৰ বিষয় বস্তুৰ গাম্ভীৰ্য, ভাষা,ভাৱ, সুৰ আদি বৈশিষ্ট্য সমূহৰ কাৰণেই আন বৰগীত সমূহ গুৰু দুজনাৰ এক অনুপম সৃষ্টি।

(খ) ব্ৰজাৱলী ভাষা :- ব্ৰজাৱলী ভাষা সৰ্বভাৰতীয় আৰ্যভাষা। ই কোনো বিশেষ অঞ্চলত প্ৰচলিত ভাষা নহয়। অসমীয়া, ভোজপুৰী, মৈথিলী,মাগধী,উৰিয়া আদি ভাষাত সংমিশ্ৰণত সৃষ্টি হোৱা এক প্ৰকাৰ কৃত্ৰিম ভাষা। মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেব সৰ্বভাৰতীয় আবেদন লাভ কৰিবলৈ নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ অৰ্থে ৰচিত নাট আৰু গীতত ব্ৰজাৱলী ভাষা প্ৰয়োগ কৰিছিল। গুৰু দুজনাৰ নাট আৰু গীতৰ বিষয়বস্তু হৈছে বিশেষকৈ ত্ৰে তাযুগৰ অৱতাৰ ৰাম আৰু দ্বাপৰৰ শ্ৰীকৃষ্ণ। গতিকে সৰ্বসাধাৰণ মানুহৰ মুখৰ ভাষাত ভগৱানৰ কথা বৰ্ণনা নকৰি ব্ৰজাৱলী নামৰ ভাষাত বৰ্ণনা কৰিছে। এই ব্ৰজাৱলী ভাষাই নিশ্চন্দেহে গুৰু দুজনাৰ নাট আৰু গীতক যথেষ্ট  গম্ভীৰ্য প্ৰদান কৰিছে।

৫। একে অর্থ বুজোৱা অর্থ লিখা।

উত্তৰঃ  ৰবি –  সূৰ্য , ভানু, ভাসুৰ, বেলি, তপন।

দধি –  দৈ।

বাণী –  কথা, উক্তি, বচন।

দিন –  দৰিদ্ৰ, দুখীয়া, নিঃকিন।

৬। বিপৰীত শব্দ লিখা।

উত্তৰঃ  কোমল – কঠিন, টান।

বাধ্য – অবাধ্য।      

বিদ্যা – অবিদ্যা।

জিকা – হৰা ।

ক্ষমা – পুতিশোধ।

৭। ভাবাৰ্থ লিখা 

আঠুয়া চাই ঠেং মেলা

উত্তৰঃ আঠুয়া মানুহে বিচনাত ব্যৱহাৰৰ কৰে মহৰ কামবোৰৰ পৰা ৰক্ষা পাবলৈ । কাপোৰেৰে তৈয়াৰী আঠুয়া সৰু ডাঙৰ নানা ধৰণৰ আছে। যদি আঠুয়া খনৰ আকৃতি সৰু হয় তেনেহলে তাৰ তলত যিজনে শুয়ে তেওঁ বেছি বহল কৈ ভৰি মেলিব নোৱাৰিব । কাৰণ বেছি বহল কৈ ভৰি মেলিব খুজিলে হয়   আঠুয়া দাং খাই মহ সোমাই কামুৰিব।  গতিকে আঠুয়া অনুযায়ী কাম কৰিব লাগে ।

Leave a Reply

error: Content is protected !!
Scroll to Top
Scroll to Top
adplus-dvertising