Assam Jatiya Bidyalay Class 7 Social Science Chapter 18 উত্তৰ-পূব ভাৰতৰ ভূগোল

Assam Jatiya Bidyalay Class 7 Social Science Chapter 18 উত্তৰ-পূব ভাৰতৰ ভূগোল, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় সমাজ বিজ্ঞান Class 7 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Class 7 Social Science Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 7 Social Science Chapter 18 উত্তৰ-পূব ভাৰতৰ ভূগোল Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The provided here ensures a smooth and easy understanding of all the concepts. Assam Jatiya Bidyalay Class 7 Social Science Chapter 18 উত্তৰ-পূব ভাৰতৰ ভূগোল Understand the concepts behind every chapter and score well in the board exams.

উত্তৰ-পূব ভাৰতৰ ভূগোল

Chapter -18

ASSAM JATIYA VIDYALAYA

অসম জাতীয় বিদ্যালয়

প্রশ্ন ১। উত্তৰ-পূব ভাৰতৰ অৱস্থিতি লিখা।

উত্তৰঃ উত্তৰ-পূব ভাৰত ছিকিমকে ধৰি ৮ খন ৰাজ্যৰে গঠিত। একেলগে থকা সাতখন ৰাজ্য হ’ল অসম, অৰুণাচল, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা আৰু মেঘালয়। উত্তৰ-পূব ভাৰত ২০° উত্তৰ অক্ষাংশৰ পৰা ২৯°৩০′ উত্তৰ আক্ষাংশলৈ আৰু ৮৯°৪৬ পূর্ব দ্রাঘিমাংশৰ পৰা ৯৭৩০ পূর দ্রাঘিমাংশলৈ বিস্তৃত।

প্রশ্ন ২। উত্তৰ-পূব ভাৰতৰ চৰিসীমা লিখা।

উত্তৰঃ উত্তৰ-পূব ভাৰতৰ চাৰিসীমা হ’ল– উত্তৰে ভূটান আৰু তিবৃত্ত। পূরে ম্যানমাৰ। দক্ষিণে বাংলাদেশ আৰু পশ্চিমে বাংলাদেশ আৰু পশ্চিমবংগ।

প্রশ্ন ৩। কি কি ৰাজ্যৰে উত্তৰ-পূব ভাৰত গঠিত?

উত্তৰঃ অসম, অৰুণাচল, মিজোৰাম, মেঘালয়, নাগালেণ্ড, মণিপুৰ আৰু ত্ৰিপুৰা।

প্রশ্ন ৪। উত্তৰ-পূব ভাৰতক আগুৰি থকা বিদেশী ৰাষ্ট্ৰকেইখনৰ নাম লিখা। 

উত্তৰঃ ভূটান, ম্যানমাৰ, বাংলাদেশ আৰু চীন।

প্রশ্ন ৫। অসমৰ সমভূমিৰ মাজেৰে বৈ যোৱা নৈ দুখনৰ নাম লিখা। 

উত্তৰঃ ব্ৰহ্মপুত্ৰ, বৰাক নদী।

প্রশ্ন ৬। মণিপুৰত থকা প্ৰধান হ্ৰদটোৰ নাম লিখা। 

উত্তৰঃ লগটক।

প্রশ্ন ৭। উত্তৰ-পূব ভাৰতক প্রধানতঃ ভূ-প্রাকৃতিক অৱয়ৱত কি কি ভাগ কৰিব পাৰি?

উত্তৰঃ ভূ-প্রাকৃতিক অৱয়ৱৰ ভিত্তিত এই অঞ্চলটো প্ৰধানত দুটা ভাগত ভাগকৰিব পাৰি 

১) পাহাৰীয়া অঞ্চল। আৰু 

২) সমভূমি অঞ্চল।

খালী ঠাই পূৰ কৰা—

ক) উত্তৰ-পূব ভাৰতৰ কেৱল ________ অংশই ভাৰতৰ লগত সংযোগ হৈ আছে।

খ) অৰুণাচল প্ৰদেশৰ সৰ্বোচ্চ শৃংগটোৰ নাম ________।

গ) নাগালেণ্ডৰ পূব সীমাত ________ পর্বত আছে।

ঘ) অসমৰ শুৱালকুছি ________শিল্পৰ বাবে বিখ্যাত। 

ঙ) ঝুম কৃষিক  ________ কৃষি বুলিও কোৱা হয়।

উত্তৰঃ ক) উত্তৰ-পূব ভাৰতৰ কেৱল ৪০ কিঃমিঃ বহল অংশই ভাৰতৰ লগত সংযোগ হৈ আছে।

খ) অৰুণাচল প্ৰদেশৰ সৰ্বোচ্চ শৃংগটোৰ নাম নামছা বাওবা,

গ) নাগালেণ্ডৰ পূব সীমাত পাটকাই পর্বত আছে। 

ঘ) অসমৰ শুৱালকুছি বয়ন শিল্পৰ বাবে বিখ্যাত।

ঙ) ঝুম কৃষিক স্থানান্তৰিত কৃষি বুলিও কোৱা হয়।

প্রশ্ন ৮। উত্তৰ-পূব ভাৰতৰ কৃষিৰ বিষয়ে লিখা। 

উত্তৰঃ অসমৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকা, মণিপুৰ আৰু ত্ৰিপুৰাৰ সমভূমি অঞ্চলত ধান, মাহ, সৰিয়হ, কুঁহিয়াৰ আদিৰ খেতি কৰা হয়। আনহাতে, মেঘালয়, মিজোৰাম, অৰুণাচল, নাগালেণ্ডত ঝুম পদ্ধতিৰে ফল-মূল, আলু, কচু, মাকৈ, কল আদিৰ খেতি কৰা হয়। কোনো কোনো ৰাজ্যত বেদিকা পদ্ধতিৰে ধান আৰু শাক-পাচলিৰ খেতিও কৰা হয়।

উত্তৰ-পূব ভাৰতত সকলো শস্যৰ ভিতৰত ধানৰ উৎপাদনেই বেছি। অসমত বাকীকেইখন ৰাজ্যৰ তুলনাত ধান, মৰাপাট, ঘেহু আদিৰ খেতি বেছি হয়। আনহাতে, মেঘালয় আৰু ত্ৰিপুৰা কপাহ আৰু ৰবৰ উৎপাদনত আগবঢ়া।

প্রশ্ন ৯। উত্তৰ-পূব ভাৰতৰ উদ্যোগৰ ক্ষেত্ৰত পিছপৰা কিয়? 

উত্তৰঃ উত্তৰ-পূব ভাৰত উদ্যোগৰ ক্ষেত্ৰত পিছপৰাৰ প্ৰধান কাৰণ হ’ল ইয়াৰ ভৌগোলিক অৱস্থান আৰু অনুন্নত যাতায়ত ব্যৱস্থা। এই অঞ্চলত যথেষ্ট পৰিমাণৰ প্ৰাকৃতিক সম্পদ থকা স্বত্বেও ইয়াত যথেষ্ট পৰিমাণে উদ্যোগ গঢ়ি উঠা নাই।

ওপৰত উল্লেখ কৰা কাৰণবোৰৰ উপৰিও ইয়াত উদ্যোগ গঢ়িবলৈ যথেষ্ট পৰিমাণৰ মূলধন বিনিয়োগ কৰা হোৱা নাই। দক্ষ শ্রমিকৰ অভাৱ আৰু উন্নত বজাৰ ব্যৱস্থা গঢ়ি নুঠা বাবেও ইয়াত উদ্যোগ গঢ়ি উঠা নাই।

চমুটোকা লিখা—

ক) বেদিকা খেতি।

খ) ঝুম খেতি।

ক) বেদিকা কৃষি : বেদিকা খেতি পাহাৰীয়া অঞ্চলত কৰা হয়। পাহাৰীয়া অঞ্চলৰ মানুহে পাহাৰৰ গাঁত খাঁজ কাটি কাটি খেতি কৰে। খাঁজ কাটি খেতি কৰা পদ্ধতিকে বেদিকা কৃষি বুলি কোৱা হয়। উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত কহিমা বেদিকা কৃষিৰ বাবে বিখ্যাত। এইধৰণৰ পদ্ধতিৰে কম পৰিমাণে ধান, মাকৈ, শাক-পাচলিৰ খেতি কৰিব পাৰি।

খ) ঝুম খেতি : ঝুমখেতি সাধাৰণতে পাহাৰীয়া অঞ্চলত কৰা হয়। পাহাৰৰ হাবি জংঘল কাটি জুইৰে পুৰি মাটি মোকলাই লয়। তাৰ পিছত জোঙা সঁজুলিৰে গাঁত কৰি তাত আলু, কচু, অনাৰস আদিৰ খেতি কৰা হয়। এইদৰে ২/৩ বছৰ খেতি কৰাৰ পিছত মাটিখিনিৰ উৰ্বৰতা কমি যায় কাৰণে খেতিয়কসকলে আকৌ পাহাৰৰ নতুন ঠাই মোকলাই লয়। পাহাৰত এনেদৰে হাবি-জংঘল কাটি খেতি কৰা পদ্ধতিকে জুম খেতি বোলে। ঠাই সলনি কৰা হয় কাৰণে ইয়াক স্থানান্তৰিত কৃষি বুলিও কোৱা হয়।

চমুটোকা লিখা—

ব্রহ্মপুত্র উপত্যকা : ব্রহ্মপুত্র উপত্যকা ৫০০ কিলোমিটাৰ দীঘল আৰু গড় হিচাপে ৬০ কিলোমিটাৰ বহল। অঞ্চলটো উত্তৰে হিমালয়ৰ পৰা দক্ষিণে নাগাপাহাৰ আৰু মেঘালয়ৰ মালভূমিলৈকে বিস্তৃত। ব্ৰহ্মপুত্র উপত্যকাৰ সৰহভাগ অঞ্চলেই সমতল আৰু অসংখ্য উপনৈৰে ভৰপূৰ। বাৰিষাকালত সকলোবোৰ নৈয়ে ফেনে-ফোটোকাৰে বাঢ়ি প্ৰলয়ৰ সৃষ্টি কৰে। এই অঞ্চলত খেতি-বাতি ভাল হয়। ইয়াত জনবসতি ঘন আৰু জনসংখ্যাও অধিক।

ব্ৰহ্মপুত্ৰ নদীৰ প্ৰধান উপনৈবোৰ হ’ল — লোহিত, সোঁৱনশিৰি, জীয়া ভৰলী, জীয়া ধনশিৰি, মানাহ, সোণকোষ, বুঢ়ীদিহিং, দিখৌ, ধনশিৰি, কপিলী আদি।

1 thought on “Assam Jatiya Bidyalay Class 7 Social Science Chapter 18 উত্তৰ-পূব ভাৰতৰ ভূগোল”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top