Assam Jatiya Bidyalay Class 7 Social Science Chapter 16 শিল আৰু মাটি

Assam Jatiya Bidyalay Class 7 Social Science Chapter 16 শিল আৰু মাটি, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় সমাজ বিজ্ঞান Class 7 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Class 7 Social Science Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 7 Social Science Chapter 16 শিল আৰু মাটি Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

শিল আৰু মাটি

Chapter -16

ASSAM JATIYA VIDYALAYA

অসম জাতীয় বিদ্যালয়

প্রশ্ন ১। শিল বুলিলে কি বুজা?

উত্তৰঃ পৃথিৱীৰ উপৰিভাগৰ কঠিন পদার্থক শিল বুলি কোৱা হয়।

প্রশ্ন ২। শিলৰ ভাগ কেইটা আৰু কি কি? 

উত্তৰঃ শিলৰ ভাগ তিনিটা —

১। আগ্নেয় শিল বা প্রাথমিক শিল।

২। গেদীয় শিল।

৩। ৰূপান্তৰিত শিল।

প্রশ্ন ৩। আগ্নেয় শিলক কিয় প্রাথমিক শিল বুলিও কোৱা হয়? 

উত্তৰঃ পৃথিৱীখন আদিতে উত্তপ্ত আৰু গেছীয় অৱস্থাত আছিল। ৰ’দ, বতাহ আৰু বৰষুণৰ সংস্পৰ্শত ই লাহে লাহে ঠাণ্ডা হৈ কঠিন হৈ এটা সময়ত শিলৰ সৃষ্টি হয়। পৃথিৱীৰ এই প্ৰথম অৱস্থাত সৃষ্টি হোৱা শিলক আগ্নেয় শিল বুলি কোৱা হয়। পৃথিৱীৰ প্ৰথম অৱস্থাত সৃষ্টি হোৱা শিল বাবে ইয়াক প্ৰাথমিক শিল বুলিও কোৱা হয়।

প্রশ্ন ৪। গেদীয় শিলত কিয় জীবাশ্ম পোৱা যায়?

উত্তৰঃ বিভিন্ন কাৰণত আগ্নেয় শিলবোৰ ভাঙি টুকুৰা-টুকুৰ হয়। বৰষুণৰ পানী, নৈ, হিমবাহ আদিয়ে টুকুৰাবোৰ উটুৱাই নি সাগৰ বা হ্ৰদৰ তলিত জমা কৰে। এইদৰে তৰপে তৰপে জমা হৈ পানীত থকা লো, চূণশিলৰ প্ৰভাৱত গেদবোৰ টান হৈ এবিধ নতুন শিলত পৰিণত হয়। ইয়ে গেদীয় শিল। গেদবোৰ বৰষুণ, নৈয়ে উটুৱাই অনা বাবে এনে শিলত গছ-গছনি আৰু মৰা জীৱৰ অৱশিষ্ট সাঁচ হিচাপে থাকে।

প্রশ্ন ৫। ৰূপান্তৰিত শিল কাক বোলে?

উত্তৰঃ আগ্নেয় শিল আৰু গেদীয় শিল ভূত্বকত বহুদিন ধৰি পৰি থাকিলে তাপ আৰু চাপৰ ফলত ভৌতিক আৰু ৰাসায়নিক পৰিবৰ্তন ঘটি এবিধ নতুন শিলৰ সৃষ্টি হয়। এনে শিলক ৰূপান্তৰিত শিল বোলে। 

প্রশ্ন ৬। মাটি বুলিলে কি বুজা?

উত্তৰঃ পৃথিৱীৰ খোলাটোৰ একেবাৰে ওপৰৰ কোমল তৰপটোক মাটি বোলে। তাপ, পানী, বৰফ আৰু বতাহৰ প্ৰভাৱত পৃথিৱীৰ শিল ক্ষয় হৈ মাটি গঠন হয়।

প্রশ্ন ৭। অৱশিষ্ট মাটি কাক বোলে?

উত্তৰঃ শিলবোৰ বিভিন্ন কাৰকৰদ্বাৰা জহি-খহি তাৰ ওচৰ-পাজৰে জমা হৈ সৃষ্টি হোৱা মাটিক অবশিষ্ট মাটি বোলে।

প্রশ্ন ৮। শিলক কি কি কামত ব্যৱহাৰ কৰা হয় লিখা? 

উত্তৰঃ শিলক নানা ধৰণৰ কামত ব্যৱহাৰ কৰা হয়। ঘৰ-দুৱাৰ, নদীৰ বান্ধ, স্মৃতি সৌধ আদি শিলৰছাৰা বনোৱা হয়। চুণ শিলৰপৰা মাৰ্বল, বোকাশিলৰপৰা শ্লেট আৰু পিট শিলৰপৰা লিগনাইট বিটুমিনাছ আদি বনোৱা হয়।

চুণশিল টিনাপাত, চিমেণ্ট আদি প্রস্তুত কৰোঁতে ব্যৱহাৰ কৰা হয়। খনিজ লোণ খাদ্যস্বৰূপে, জিপচাম সাৰ হিচাপে আৰু ডলমাইট টিনপাত নিৰ্মাণ কাৰ্যত ব্যৱহাৰ কৰা হয়।

প্রশ্ন ৯। মাটিৰ লগত জীৱৰ সম্পৰ্কৰ বিষয়ে চমুকৈ লিখা?

উত্তৰঃ মাটিৰ লগত জীৱৰ ওতঃপ্রোত সম্পর্ক আছে। মাটি থকা বাবে জীৱ জন্তু, গছ-গছনি আদিয়ে মাটিৰপৰা প্ৰত্যক্ষভাৱে খাদ্য সংগ্ৰহ কৰিব পাৰিছে। আৰু পৰোক্ষভাৱে বংশ বৃদ্ধি কৰি পৃথিৱীত বৰ্তি আছে। গতিকে মাটিৰ লগত জীৱৰ এক নিবিড় সম্পর্ক আছে।

প্রশ্ন ১০। মাটিৰ শ্ৰেণী বিভাগ কৰি প্ৰত্যেকৰ বিষয়ে চমুকৈ লিখা? 

উত্তৰঃ মাটিক তিনি ভাগত ভগাব পাৰি।

১। বালীয়া মাটি।

২। পলসুৱা মাটি। আৰু 

৩। আলতীয়া মাটি।

১। বালীয়া মাটি : বালিয়া মাটিৰ দানাবোৰ ডাঙৰ।

২। আলতীয়া বা বোকা মাটি : আলতীয়া বা বোকা মাটিৰ দানাবোৰ অতি মিহি।

৩। পলসুৱা মাটি : মিহি আৰু ডাঙৰ দানা মিহলি হৈ থাকিলে তাক পলসুৱা মাটি বোলে।

উৎপত্তি আৰু গঠন অনুযায়ীও মাটিক দুভাগত ভগাব পাৰি।

১। অৱশিষ্ট মাটি। আৰু 

২। অপসৃত মাটি।

গঠন অনুসৰি মাটিৰ ভাগ তিনিটা হ’ল —

১। পৈণত আঞ্চলিক মাটি।

২। আন্তঃআঞ্চলিক মাটি। আৰু 

৩। অপৈণত মাটি।

অৱশিষ্ট মাটি : শিলবোৰ বিভিন্ন কাৰকৰ দ্বাৰা জহি-খহি তাৰ ওচৰে-পাজৰে জমা হৈ সৃষ্টি হোৱা মাটিক অৱশিষ্ট মাটি বোলে।

অপসৃত মাটি : শিল এটা বিভিন্ন কাৰকৰ প্ৰভাৱত জহি-খহি যি মাটি হয়, সেই মাটিক নদীৰ সোঁত, বতাহ বৰষুণে নি আন ঠাইত জমা কৰিলে তাক অপসৃত মাটি বোলে।

পৈণত আঞ্চলিক মাটি : কোনো অঞ্চলত জলবায়ুৰ কাৰকবোৰৰ প্ৰভাৱত সৃষ্টি হোৱা মাটিক পৈণত আঞ্চলিক মাটি বোলে।

আন্ত আঞ্চলিক মাটি : পৃথিৱীৰ কোনো কোনো অঞ্চলৰ মাটি বিশেষ ৰাসায়নিক গুণবিশিষ্ট শিলৰপৰা গঠিত হয়। এনে মাটিক আন্তঃআঞ্চলিক মাটি বোলে।

অপৈণত মাটি : অপৈণত মাটি হ’ল একেবাৰেই সম্পূর্ণকৈ গঠন হোৱা মাটি। ইয়াক পৰ্বত-পাহাৰৰ নামনি অঞ্চলত, নদীৰ তলত, মৰুভূমি আৰু হিমবাহৰ নামনি অঞ্চলত পোৱা যায়। অপৈণত মাটি অজৈৱিক পদাৰ্থৰ সংমিশ্ৰণত সৃষ্টি হয়।

প্রশ্ন ১১। বহিভেদী আগ্নেয় শিল কাক বোলে?

উত্তৰঃ আগ্নেয়গিৰি উদ্‌গিৰণত লাভা ওলাই ঠাণ্ডা হৈ যি আগ্নেয় শিলৰ সৃষ্টি হয় তাক বহির্ভেদী আগ্নেয় শিল বোলে।

প্রশ্ন ১২। অন্তভেদী আগ্নেয় শিল কাক বোলে?

উত্তৰঃ পৃথিৱীৰ ফাটেৰে মেগ্‌গ্না ওলাই আহোঁতে সেই ফাটটোত মেগ্‌গ্না বৈ যায়। মেগ্‌গ্লা ঠাণ্ডা হৈ এটা সময়ত সৃষ্টি হোৱা শিলক অন্তর্ভেদী আগ্নেয় শিল বোলে।

প্রশ্ন ১৩। ৰিগাৰ মাটি কি?

উত্তৰঃ পৈণত আঞ্চলিক মাটিক ৰিগাৰ মাটি বুলি কোৱা হয়।

প্রশ্ন ১৪। অপৈণত মাটি কাক বোলে? 

উত্তৰঃ অজৈৱিক পদাৰ্থৰ সংমিশ্ৰণত একেবাৰেই সম্পূৰ্ণকৈ গঠন হোৱা মাটিক অপৈণত মাটি বোলা হয়।

প্রশ্ন ১৫। ল’বেছ বুলিলে কি বুজা? 

উত্তৰঃ শিল এটা বিভিন্ন কাৰকৰ প্ৰভাৱত জহি-খহি যি মাটি হয়, সেইখিনিক নদীৰ সোঁতে, বতাহ বৰষুণে নি আন ঠাইত জমা কৰিলে তেনে মাটিক অপসৃত মাটি বোলে। এনে মাটিৰ আন এটা নাম হ’ল ল’ৱেছ।

প্রশ্ন ১৬। মাটিৰ গঠন প্ৰক্ৰিয়া কেনেকৈ আৰম্ভ হৈছিল? 

উত্তৰঃ তাপ, পানী, বৰফ আৰু বতাহৰ প্ৰভাৱত পৃথিৱীত শিল ক্ষয় হৈ মাটি গঠন প্ৰক্ৰিয়া আৰম্ভ হৈছিল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top