Assam Jatiya Bidyalay Class 7 Social Science Chapter 13 বিশ্বশান্তি আৰু আন্তর্জাতিক সহযোগিতা

Assam Jatiya Bidyalay Class 7 Social Science Chapter 13 বিশ্বশান্তি আৰু আন্তর্জাতিক সহযোগিতা, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় সমাজ বিজ্ঞান Class 7 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Class 7 Social Science Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 7 Social Science Chapter 13 বিশ্বশান্তি আৰু আন্তর্জাতিক সহযোগিতা Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

বিশ্বশান্তি আৰু আন্তর্জাতিক সহযোগিতা

Chapter -13

ASSAM JATIYA VIDYALAYA

অসম জাতীয় বিদ্যালয়

প্রশ্ন ১। কোন চনত প্ৰথম বিশ্বযুদ্ধ হৈছিল?

উত্তৰঃ ১৯১৪ চনত।

প্রশ্ন ২। জাতিসংঘ কেতিয়া স্থাপন কৰা হৈছিল? 

উত্তৰঃ ১৯২০ চনত।

প্রশ্ন ৩। ‘ৰাষ্ট্ৰসংঘ দিৱস’ কোন তাৰিখে পালন কৰা হয়?

উত্তৰঃ ২৪ অক্টোবৰৰ দিনটো ৰাষ্ট্ৰসংঘ দিৱস হিচাপে পালন কৰা হয়।

প্রশ্ন ৪। ৰাষ্ট্ৰসংঘৰ কোনটো অংগক ‘সদস্য ৰাষ্ট্ৰসমূহৰ সংসদ’ বুলি কোৱা হয়? 

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ সকলো সদস্য ৰাষ্ট্ৰ সাধাৰণ সভাৰ সদস্য। সেয়েহে সাধাৰণ সভাক সদস্য ৰাষ্ট্ৰ সমূহৰ’ সংসদ আখ্যা দিব পাৰি।

প্রশ্ন ৫। নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰকেইখন কি কি? 

উত্তৰঃ ইংলেণ্ড, আমেৰিকা, ফ্ৰান্স, ৰাছিয়া আৰু চীন নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য।

প্রশ্ন ৬। ভেট’ কি?

উত্তৰঃ যিকোনো এখন স্থায়ী সদস্য ৰাষ্ট্ৰই যিকোনো সিদ্ধান্তক বাধা দিব পাৰে। এনে ক্ষমতাক ইংৰাজীত ভেট’ বুলি কোৱা হয়। 

প্রশ্ন ৭। আন্তৰাষ্ট্ৰীয় ন্যায়ালয়ৰ ন্যায়াধীশসকলৰ কার্যকাল কিমান বছৰ?

উত্তৰঃ ৯ বছৰ।

প্রশ্ন ৮। আন্তঃৰাষ্ট্ৰীয় শিক্ষা, বিজ্ঞান আৰু সাংস্কৃতিক সংস্থা কেতিয়া স্থাপন হৈছিল?

উত্তৰঃ ১৯৪৫ চনত

প্রশ্ন ৯। আন্তঃৰাষ্ট্ৰীয় শিশু জৰুৰী পুঁজিৰ প্ৰধান কাৰ্যালয় ক’ত? 

উত্তৰঃ নিউইয়র্কত।

প্রশ্ন ১০। ‘বিশ্ব স্বাস্থ্য দিৱস’ কোন তাৰিখে পালন কৰা হয়?

উত্তৰঃ ৭ এপ্রিল।

প্রশ্ন ১১। ‘ছাৰ্কৰ মুখ্য কাৰ্যালয় ক’ত অৱস্থিত?

উত্তৰঃ কাঠমাণ্ডুত।

খালী ঠাই পূৰ কৰা—

(ক) ৰাষ্ট্ৰসংঘৰ বৰ্তমান সদস্য ৰাষ্ট্ৰৰ সংখ্যা _________

(খ) ৰাষ্ট্ৰসংঘৰ _________ টা প্রধান অংগ আছে।

(গ) সাধাৰণ সভাত প্ৰত্যেক সদস্য-ৰাষ্ট্ৰৰ ভোটৰ পৰিমাণ _________।

(ঘ) মুঠ _________ “খন সদস্য ৰাষ্ট্ৰৰে নিৰাপত্তা পৰিষদ গঠিত।

(ঙ) নিৰাপত্তা পৰিষদক ৰাষ্ট্ৰসংঘৰ _________ সমিতি বুলি কোৱা হয়।

(চ) আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ মুখ্য কাৰ্যালয় _________ চহৰত অৱস্থিত। 

উত্তৰঃ (ক) ৰাষ্ট্ৰসংঘৰ বৰ্তমান সদস্য ৰাষ্ট্ৰৰ সংখ্যা ১৯২

(খ) ৰাষ্ট্ৰসংঘৰ টা প্রধান অংগ আছে। 

(গ) সাধাৰণ সভাত প্ৰত্যেক সদস্য-ৰাষ্ট্ৰৰ ভোটৰ পৰিমাণ সমান

(ঘ) মুঠ পোন্ধৰ খন সদস্য ৰাষ্ট্ৰৰে নিৰাপত্তা পৰিষদ গঠিত।

(ঙ) নিৰাপত্তা পৰিষদক ৰাষ্ট্ৰসংঘৰ কাৰ্যনিৰ্বাহক সমিতি বুলি কোৱা হয়।

(চ) আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ মুখ্য কাৰ্যালয় ডি-হেগ চহৰত অৱস্থিত।

প্র শ্ন ১২। ৰাষ্ট্ৰসংঘৰ উদ্দেশ্যসমূহ লিখা-

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ উদ্দেশ্যসমূহ হ’ল—

১। আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা ৰক্ষা কৰা।

২। সমান অধিকাৰ আৰু আত্ম নিয়ন্ত্ৰণৰ ভিত্তিত দেশসমূহৰ মাজত বন্ধুত্বপূৰ্ণ সম্পর্ক গঢ়ি তোলা আৰু বিশ্ব-শান্তি ৰক্ষাৰ বাবে দৰকাৰী ব্যৱস্থা গ্ৰহণ কৰা।

৩। অর্থনৈতিক, সামাজিক, সাংস্কৃতিক আৰু মানৱীয় সমস্যা সমাধানৰ বাবে আঃৰাষ্ট্ৰীয় সহযোগিতাৰ সৃষ্টি কৰা আৰু জাতি-বর্ণ-ধৰ্ম-ভাষা নির্বিশেষে সকলো লোকে যাতে মানৱ অধিকাৰ ভোগ কৰিব পাৰে, তাৰ সুব্যৱস্থা কৰা।

৪। ওপৰত উল্লেখ কৰা উদ্দেশ্যবোৰ সাধনৰ বাবে দেশসমূহৰ মাজত সমন্বয়ৰক্ষী কেন্দ্ৰ হিচাপে কাম কৰা।

প্রশ্ন ১৩। ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰবোৰে পালন কৰিবলগীয়া যিকোনো চাৰিটা নীতি লিখা।

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰবোৰে পালন কৰিবলগীয়া চাৰিটা নীতি হ’ল-

১। সার্বভৌম সকলো ৰাষ্ট্ৰকে ৰাষ্ট্ৰসংঘৰ সদস্য হিচাপে সমান জ্ঞান কৰিব লাগিব।

২। ৰাষ্ট্ৰসংঘৰ সদস্য হিচাপে পাব লগা অধিকাৰ আৰু সুবিধাৰ বাবে সকলো ৰাষ্ট্ৰই ৰাষ্ট্ৰসংঘৰ চনদত থকা দায়িত্ব আৰু কৰ্তব্য পালন কৰিব লাগিব।

৩। আন্তঃৰাষ্ট্ৰীয় শান্তি, নিৰাপত্তা আৰু ন্যায় যাতে বিপদাপন্ন নহয় তাৰ বাবে সদস্য ৰাষ্ট্ৰবোৰে শান্তিপূর্ণ উপায়ে বিবাদ মীমাংসা কৰিব লাগিব।

৪। আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক ৰক্ষাৰ ক্ষেত্ৰত কোনো ৰাষ্ট্ৰৰ অখণ্ডতা বা ৰাজনৈতিক স্বাধীনতা বিপন্ন কৰা হ’ব বুলি কোনো সদস্য ৰাষ্ট্ৰই ভাবুকি দেখুৱাব নোৱাৰিব আৰু শক্তি প্ৰয়োগৰপৰা নিজে বিৰত থাকিব লাগিব।

প্রশ্ন ১৪। অর্থনৈতিক আৰু সামাজিক পৰিষদৰ যিকোনো চাৰিটা উদ্দেশ্য লিখা। 

উত্তৰঃ অর্থনৈতিক আৰু সামাজিক পৰিষদৰ চাৰিটা উদ্দেশ্য হ’ল —

১। জনসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নত কৰা।

২। নিবনুৱা সমস্যা দূৰ কৰা। 

৩। সামাজিক আৰু অৰ্থনৈতিক উন্নয়নৰ পথ সুগম কৰা।

৪। আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত সামাজিক, অর্থনৈতিক, স্বাস্থ্য আৰু আন আনুষংগিক সমস্যা সমাধান কৰা।

প্রশ্ন ১৫। ৰাষ্ট্ৰসংঘৰ সদস্যপদ কেনেকৈ পাব পাৰি আৰু কেতিয়া হেৰুৱাবলগীয়া হ’ব লিখা।

উত্তৰঃ সদস্যপদ পাব খোজা ৰাষ্ট্ৰসমূহৰ আবেদন প্রথমে ৰাষ্ট্ৰসংঘৰ এটা গুৰুত্বপূর্ণ অংগ নিৰাপত্তা পৰিষদত আলোচনা কৰা হয়। নিৰাপত্তা পৰিষদে চালি-জাৰি চাই অনুমোদন জনোৱাৰ পাছত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভালৈ পঠোৱা হয়। সাধাৰণ সভাত ২/৩ অংশ ভোটত গৃহীত হ’লে আবেদনকাৰী ৰাষ্ট্ৰক সদস্য ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰা হয়। ৰাষ্ট্ৰসংঘৰ নীতি-নিয়ম উলংঘা কৰা ৰাষ্ট্ৰক সদস্য পদৰপৰা পদচ্যুত কৰা হয়। বহিষ্কাৰ সম্পৰ্কে নিৰাপত্তা পৰিষদে লোৱা সিদ্ধান্তক সাধাৰণ সভাই ২/৩ অংশ ভোটত অনুমোদন কৰিলে ৰাষ্ট্ৰখনে ৰাষ্ট্ৰসংঘৰ সদস্যপদ হেৰুৱায়।

প্রশ্ন ১৬। সাধাৰণ সভাৰ ক্ষমতা আৰু কাৰ্যাৱলী বর্ণনা কৰা। 

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ চনদত থকা বিষয়ৰ ওপৰত আলোচনা কৰি সাধাৰণ সভাই সদস্য ৰাষ্ট্ৰ আৰু নিৰাপত্তা পৰিষদলৈ পৰামৰ্শ আগবঢ়াব পাৰে।

ৰাষ্ট্ৰসংঘৰ উদ্দেশ্যসমূহ সাধনৰ বাবে সাধাৰণ সভাই বিভিন্ন ধৰণৰ নীতি-নিয়ম প্ৰস্তুত কৰিব পাৰে। আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা, সদস্যৰাষ্ট্ৰবোৰৰ মাজত সহযোগিতা সৃষ্টি আদি ক্ষেত্ৰত সাধাৰণ সভাই নীতি-নিয়ম প্রস্তুত কৰে।

ৰাজনৈতিক সমস্যা সমাধানৰ ক্ষেত্ৰতো সাধাৰণ সভাই এক বিশেষ ভূমিকা গ্ৰহণ কৰে। নিৰাপত্তা পৰিষদে সিদ্ধান্ত ল’ব নোৱৰা বিষয়তো সাধাৰণ সভাই পৰামৰ্শ আগবঢ়ায়। নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰবোৰকো শান্তিৰ কাৰণে ঐক্য প্ৰস্তাৱৰ জৰিয়তে সাধাৰণ সভাই পৰামৰ্শ দিব পাৰে।

ৰাষ্ট্ৰসংঘৰ সহযোগী অংগবোৰৰ কাম-কাজ সাধাৰণ সভাই চোৱা চিতা কৰে। ৰাষ্ট্ৰসংঘৰ বাজেট প্রস্তুত কৰা দায়িত্ব সাধাৰণ সভাৰ ওপৰতে সাধাৰণ সভাই সচিব প্রধান আৰু আন্তঃৰাষ্ট্ৰীয় আদালতৰ ন্যায়াধীশৰ নির্বাচন কৰে। সামাজিক আৰু অৰ্থনৈতিক পৰিষদ আৰু ন্যাসৰক্ষী পৰিষদৰ সদস্য নির্বাচনো সাধাৰণ সভাই কৰে।

সাধাৰণ সভাৰ আন এটা গুৰুত্বপূর্ণ ক্ষমতা হ’ল ৰাষ্ট্ৰসংঘৰ চনদ সংশোধন। চনদ সংশোধনৰ ক্ষেত্ৰত সাধাৰণ সভাৰ ২/৩ অংশ সদস্যৰ মতামতৰ প্ৰয়োজন।

প্রশ্ন ১৮। সচিব প্রধানক কেনেকৈ নিয়োগ কৰা হয়? সচিব প্ৰধানৰ দায়িত্ব আৰু কৰ্তব্যবোৰ উল্লেখ কৰা? 

উত্তৰঃ সচিব প্রধান সাধাৰণ সভাই নিৰ্বাচন কৰে। কিন্তু সচিব প্ৰধানৰ নিযুক্তিত নিৰাপত্তা পৰিষদৰ সন্মতি প্ৰয়োজনীয়। সচিব প্ৰধানৰ দায়িত্ব আৰু কৰ্তব্যবোৰ হ’ল—

১। ৰাষ্ট্ৰসংঘৰ পৰিষদবোৰৰ সভাত উপস্থিত থাকিব লাগে আৰু পৰিষদে ন্যস্ত কৰা দায়িত্ব পালন কৰিব লাগে।

২। সাধাৰণ সভাৰ বাৰ্ষিক অধিৱেশনত কাম-কাজৰ প্ৰতিবেদন দাখিল কৰিব লাগে আৰু বিভিন্ন সমস্যা সম্পর্কে নিজৰ মত দাঙি ধৰিব লাগে। 

৩। ৰাষ্ট্ৰসংঘৰ কৰ্মকৰ্তাসকলে যাতে নিৰপেক্ষভাৱে কাৰ্যনিৰ্বাহ কৰে তাৰ প্রতি সচেতন থাকিব লাগে।

৪। ৰাষ্ট্ৰসংঘৰ বছৰেকীয়া বাজেট প্রস্তুত কৰে।

প্রশ্ন ১৯। আন্তঃৰাষ্ট্ৰীয় বুজাপৰা বৃদ্ধিত যোগাযোগ আঞ্চলিক সহযোগিতাই কেনেকৈ সহায় কৰে লিখা।

উত্তৰঃ উন্নত যোগাযোগ ব্যৱস্থাই পৃথিৱীৰ বিভিন্ন দেশৰ মাজত সহজ আদান-প্রদান আৰু সহযোগিতা বৃদ্ধি কৰিছে। সাগৰ, মহাসাগৰ আৰু জলভাগ, পৃথিৱীৰ ওপৰৰ বায়ুমণ্ডল, মহাশূন্য আদিৰ উমৈহতীয়া ব্যৱহাৰৰ বাবে দেশবোৰৰ মাজত সহযোগিতাৰ প্ৰয়োজন।

দেশবোৰৰ মাজত দ্বিপাক্ষিক আৰু আঞ্চলিক ভিত্তিত সহযোগিতাৰ ব্যৱস্থা গঢ়ি উঠিছে। বিভিন্ন দেশ আর্থিক আৰু কাৰিকৰী সহযোগিতাৰ বাবে নিজ সুবিধা বা প্রয়োজন অনুসৰি চুক্তিবদ্ধ হয়।

আঞ্চলিক সহযোগিতাৰ বাবে পৃথিৱীৰ বিভিন্ন অঞ্চলৰ দেশবোৰে কিছু সংগঠন গঢ়ি তুলিছে। তাৰ ভিতৰত কলম্ব’ পৰিকল্পনা, এছীয় উন্নয়ন বেংক, দক্ষিণ-পূব এছীয় ৰাষ্ট্ৰপুঞ্জ, ইউৰোপীয় আর্থিক সম্প্রদায় আদিয়ে প্রধান। ভাৰতকে ধৰি এছিয়াৰ দক্ষিণত অৱস্থিত চুবুৰীয়া ৰাষ্ট্ৰকেইখনে আঞ্চলিক সংগঠন দক্ষিণ এছীয় মাঙ্গলিক সহযোগিতা বা ছাৰ্ক বুলি জনা যায়। এই আঞ্চলিক সহযোগিতাৰ ফলত দেশবোৰৰ মাজত বিভিন্ন ধৰণৰ সুবিধা আদান-প্রদান হয় আৰু আঞ্চলিক সহযোগিতাৰ মূল লক্ষ্য হ’ল ৰাষ্ট্ৰসমূহৰ সৰ্বাতো প্ৰকাৰৰ মংগল সাধন কৰা।

প্রশ্ন ২০। তলৰ সংক্ষিপ্ত ৰূপকেইটাৰ সম্পূৰ্ণ ৰূপত লিখা।

(ক) UNO 

(খ) UNESCO 

(গ) UNICEF 

(ঘ) WHO 

(ঙ) ILO 

(চ) FAO 

(ছ) IMF 

(জ) ASEAN 

(ঝ) SAARC

উত্তৰঃ ক) UNO- The United Nations Organisations. 

খ) UNESCO – United Nations Educational,

Scientific and Cultural Organisation.

গ) UNICEF United Nations of International Children Emergency Fund.

ঘ) WHO-World Health Organisation. 

ঙ) ILO – International Labour Union.

চ) FAO – Food and Agriculture Organisation. 

ছ) IMF – International Monetary Fund.

জ) ASEAN – Association of South East Asian Nations. 

ঝ) SAARC South Asia Association for Regional Co-operation.

(খালী ঠাই পূৰ কৰা)

ক) _______ ৰাষ্ট্ৰসংঘৰ প্ৰধান প্ৰশাসনীয় কেন্দ্র।

(খ) বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰধান কাৰ্যালয় _______ ত অৱস্থিত।

(গ) সাধাৰণ সভাৰ অধিৱেশন বছৰত _______ বাৰ অনুষ্ঠিত  হয়।

(ঘ) ছাক _______ চনত স্থাপিত হৈছিল।

উত্তৰঃ (ক) নিউইয়র্ক ৰাষ্ট্ৰসংঘৰ প্ৰধান প্ৰশাসনীয় কেন্দ্র।

(খ) বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰধান কাৰ্যালয় জেনেভাত অৱস্থিত।

(গ) সাধাৰণ সভাৰ অধিৱেশন বছৰত এবাৰ অনুষ্ঠিত হয়। 

(ঘ) ছার্ক ১৯৮৫ চনত স্থাপিত হৈছিল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top