Assam Jatiya Bidyalay Class 7 Science Chapter 9 শব্দ

Assam Jatiya Bidyalay Class 7 Science Chapter 9 শব্দ, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় বিজ্ঞান Class 7 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Class 7 Science Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 7 Science Chapter 9 শব্দ Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The provided here ensures a smooth and easy understanding of all the concepts. Assam Jatiya Bidyalay Class 7 Science Chapter 9 শব্দ Understand the concepts behind every chapter and score well in the board exams.

শব্দ

Chapter -9

ASSAM JATIYA VIDYALAYA

অসম জাতীয় বিদ্যালয়

প্রশ্ন ১ l কম্পনে শব্দ সৃষ্টি কৰে। এটা উদাহৰণেৰে সৈতে ব্যাখ্যা কৰাঁ। 

উত্তৰঃ কম্পনে শব্দ সৃষ্টি কৰে। এইটো পৰীক্ষা কৰিবলৈ কাঁহৰ বাটি এটাত চামুচ এখনেৰে আঘাত কৰা হয় আৰু আঘাত কৰাত শব্দ হয়। চামুচেৰে আঘাত কৰিলে বাটিটো কঁপিবলৈ ধৰে। কম্পন খুব খৰকৈ হয়। চকুৰে ধৰিব নোৱাৰিলেও লাহেকৈ আঙুলিৰে স্পৰ্শ কৰি কম্পন ধৰিব পাৰি। বাটিটোৰ কাষত ধৰিলে কম্পন নোহোৱা হয়। লগে লগে শব্দও নোহোৱা হয়। 

প্রশ্ন ২l এক হার্টজ কাক বোলে?

উত্তৰঃ কম্পনাংক জোখা একক হ’ল হার্টজ। কোনো বস্তু এক ছেকেণ্ডত এবাৰ কঁপিলে কম্পনাংক এক হার্টজ হয়। 

প্রশ্ন ৩ l অতিশব্দ আৰু অবশ্ৰাব্য শব্দ কি?

উত্তৰঃ ২০,০০০ হার্টজতকৈ বেছি কম্পনাংকৰ শব্দক অতিশব্দ বোলে। ২০ হার্টজতকৈ কম কম্পনাংকৰ শব্দক অবশ্ৰাব্য কম্পন বোলে । 

প্রশ্ন ৪ l বায়ুৰ মাজেৰে শব্দ সঞ্চৰণৰ পদ্ধতিটো ব্যাখ্যা কৰাঁ।

উত্তৰঃ শব্দৰ উৎপত্তি হ’বলৈ কম্পন হৈ থকা বস্তুৰ প্ৰয়োজন। বায়ুত কোনো বস্তু কপিলে ইয়াৰ গাত লাগি থকা বায়ুৰ অণুবোৰো আন্দোলিত হয়। বায়ুৰ অণুবোৰ একদৰে কঁপিবলৈ ধৰে। বস্তুটোৰ এক ছেকেণ্ডত যিমান বাৰ কম্পন হয়, বায়ুৰ অণুও নিজৰ ঠাইত এক ছেকেণ্ডত সিমান বাৰ কঁপে। কম্পনশীল অণুবোৰ নিচেই ওচৰত থকা অণুবোৰক কঁপাবলৈ ধৰে। এনেদৰে কম্পন দূৰৰ বায়ুৰ অণুবোৰলৈ প্ৰসাৰিত হয়।

বায়ুৰ মাজেৰে অহা শব্দ মানুহৰ কাণৰ ভিতৰলৈ সোমায়। কাণৰ ভিতৰত এখন অতি সূক্ষ্ম পর্দা থাকে। শব্দই পর্দাখনক কম্পনশীল কৰি তোলে। তেতিয়া আমি শব্দ শুনা পাওঁ।

প্রশ্ন ৫ l জুলীয়া পদাৰ্থৰ মাজেদি শব্দ সঞ্চৰিত হোৱাৰ এটা পৰীক্ষা বৰ্ণনা কৰা । 

উত্তৰঃ 

এটা বাল্টিত পানী ভৰাই লোৱা হয়। সূতা দুডালেৰে দুটা শিল বান্ধি লৈ পানীৰ ভিতৰত ডুবাই লৈ দুয়োখন হাতেৰে সূতাৰ মূৰ দুটা ধৰি শিল দুটা পানীত খুন্দিয়ালে সেই শব্দ বাহিৰৰ পৰাও শুনা যায়। ইয়াত শব্দ উৎসৰপৰা পানীৰ মাজেৰে গতি কৰি আহে। ইয়াৰ দ্বাৰা এইটো বুজা গ’ল যে জুলীয়া পদার্থ (পানী)ৰ মাজেদি শব্দ সঞ্চৰিত হয়। 

প্রশ্ন ৬ l মাধ্যম নহ’লে শব্দ সঞ্চাৰিত হ’ব নোৱাৰে। তাকে প্রতিপন্ন কৰিবলৈ এটা পৰীক্ষা বৰ্ণনা কৰাঁ।

উত্তৰঃ শব্দ সঞ্চৰিত হ’বলৈ মাধ্যমৰ প্ৰয়োজন। মাধ্যম নহ’লে যে শব্দ সঞ্চৰিত হ’ব নোৱাৰে পৰীক্ষাৰ সহায়ত বৰ্ণনা কৰা হ’ল।

এটা টেবুল ঘড়ী কাচৰ পাত্ৰৰ ভিতৰত ৰখা হয়। ঘড়ীটো বাজি থাকিলে বাহিৰৰ পৰা শুনা যায়। কাচৰ পাত্ৰৰ ভিতৰৰ পৰা পাম্পৰ সহায়েৰে বায়ু উলিয়াই আনিলে ঘড়ীটোৰ শব্দ ক্ৰমান্বয়ে ক্ষীণ হয়। এসময়ত ঘড়ীৰ শব্দ বাহিৰৰ পৰা শুনা নাযায় ৷ পাত্ৰটোৰ ভিতৰত বায়ুশূণ্য অৱস্থা সৃষ্টি হোৱা বাবে শব্দ বাহিৰলৈ ওলাই আহিব নোৱাৰা হয়।

প্রশ্ন ৭ l বিজুলীৰ পোহৰ দেখাৰ অলপ সময়ৰ পিছতহে ঢেৰেকণিৰ শব্দ শুনাৰ কাৰণ লিখাঁ।

উত্তৰঃ আকাশত বিজুলী আৰু ঢেৰেকণিৰ একে স্থানত একে সময়ত সৃষ্টি হয়। পোহৰৰ বেগ অতি বেছি হোৱা বাবে প্ৰায় লগে লগে বিজুলী দেখা পোৱা যায় আৰু তাৰ অলপ সময় পিছতহে ঢেৰেকণিৰ শব্দ শুনা যায়।

প্রশ্ন ৮ l ভালদৰে প্ৰতিফলিত কৰিব পৰা দুবিধ পদাৰ্থৰ নাম লিখাঁ। শব্দ ভালদৰে প্রতিফলন নকৰা আন দুবিধ পদাৰ্থৰ নাম লিখাঁ ।

উত্তৰঃ শব্দ ভালদৰে প্ৰতিফলিত কৰিব পৰা দুবিধ পদাৰ্থ হ’ল—ধাতুৰ পাত, প্লাইউদ। শব্দ ভালদৰে প্ৰতিফলন নকৰা দুবিধ পদাৰ্থ হ’ল—কাপোৰ, থাক’ল।

প্রশ্ন ৯ l ডাঙৰ প্ৰেক্ষাগৃহত শব্দৰ প্ৰতিফলন হ’লে কি অসুবিধা হ’ব? এই অসুবিধা দূৰ কৰিবলৈ কি ব্যৱস্থা কৰা হয়?

উত্তৰঃ ডাঙৰ প্ৰেক্ষাগৃহত শ্ৰোতাৰ কাণলৈ কোনো উৎসৰ পৰা পোনে পোনে অহা শব্দ আৰু হলৰ বেৰৰ পৰা প্ৰতিফলিত হৈ অহা শব্দৰ মাজত অলপ সময়ৰ ব্যৱধান থাকে। পোনে পোনে অহা শব্দ আৰু প্ৰতিফলিত হৈ অহা শব্দবোৰ লগ লাগি প্ৰেক্ষাগৃহটোত এক প্ৰকাৰ গুমগুমনিৰ সৃষ্টি কৰে।

এই অসুবিধা দূৰ কৰিবলৈ প্ৰেক্ষাগৃহৰ বেৰ, চাল আদিত শব্দ শোষণ কৰিব পৰা পদাৰ্থৰ আৱৰণ দিয়া থাকে। এনে আৱৰণে বেৰ আৰু ছালৰপৰা শব্দৰ প্রতিফলন হ্রাস করে। প্রেক্ষগৃহৰ শ্ৰোতাই শব্দৰ উৎসৰ পৰা পোনে পোনে অহা শব্দহে শুনে। প্রতিফলিত শব্দই শ্রোতাক আমনি নকৰে।

প্রশ্ন ১০l এটা চূজাৰ মাজেদি পঠিওৱা শব্দ প্রতিফলকে কোনটো দিশত উভতাই পরিমামা নিৰ্ণয় কৰিবলৈ এটা পৰীক্ষা বর্ণনা কৰাঁ।

উত্তৰঃ 

ডাঠ কাগজেৰে দুটা চুঙা সাজি লোৱা হয়। বগা কাগজৰ ওপৰত এটা চুঙাৰ মুখত টেবুল খড়ী এটা থোৱা হয়। ঘড়ীৰ টিকটিক্ শব্দটো চুঙাটোৰে গৈ তিনি ‘ইঞ্চিমান শুথ’ কাঠৰ মিহি পিঠিত পৰেগৈ। আনটো চুঙাৰে প্ৰতিফলিত শব্দটোৰ অনুসন্ধান কৰা হয়। দুই নম্বৰ চুঙাটোৰ এটা নিৰ্দিষ্ট অৱস্থানত টিকটিক শব্দটে স্পষ্টভাৱে শুনা যায়। চুত্তাটোৰ এই দিশতে শব্দটো উভতি আহে অর্থাৎ প্রতিফলিত হয়। 

প্রশ্ন ১১ l বাদুলিয়ে ৰাতি কোনো বস্তুত খুন্দা-নোখোৱাকৈ কেনেকৈ উৰি ফুৰিব পাৰে লিখাঁ।

উত্তৰঃ বাদুলিয়ে আন্ধাৰ ৰাতি বৰ বেগেৰে ঘৰৰ ভিতৰ বা বাহিৰত ক’তো খুন্দা নোখোৱাকৈ উৰি ফুৰিব পাৰে। বাদুলিয়ে উচ্চ কম্পনাংকৰ অতিশব্দ নিৰ্গত কৰে। সেই শব্দ কোঠালিকে বা কোনো বস্তুৰ পৰা প্ৰতিফলত হৈ আহি আকৌ বাদুলিৰ কাণত সোমায়। এনেদৰে বাদুলিয়ে প্ৰতিফলন কৰা বস্তুৰ উপস্থিতি ধৰিব পাৰে আৰু সেইবাবে আন্ধাৰ ৰাতিও কোনো বস্তু খুন্দা নোখোৱাকৈ উৰি ফুৰিব পাৰে।

প্রশ্ন ১২ l এখন ঠাইত এটা ফটকা ফুটিল ফটকা ফুটাৰ শব্দ 990 মিটাৰ দূৰ পাবলৈ কিমান সময় লাগিব? (বায়ুত শব্দৰ বেগ = 330 মি. / ছে.)।

উত্তৰঃ আমি জানো, দূৰত্ব = শব্দৰ বেগ x সময়

প্রশ্ন ১৩ l সাগৰত ভাঁহি থকা এখন জাহাজৰ পৰা পানীৰ তললৈ পঠিওৱা এটা শব্দ 2 ছে. পিছত জাহাজলৈ প্ৰতিফলিত হৈ আহিল।সেই ঠাইত সাগৰৰ গভীৰতা কিমান?

উত্তৰঃ পানীত শব্দৰ বেগ = 1400 মি / ছেকেণ্ড

শব্দটো তললৈ গৈ উভতি আহোঁতে সময় লাগে = 2 ছেকেণ্ড

∴ শব্দটো তললৈ যাওঁতে সময় লাগে = 1 ছেকেণ্ড

1 ছেকেণ্ডত পানীত শব্দ এটা 1400 মিটাৰ যাব পাৰে

 ∴ সাগৰৰ গভীৰতা = 1400 মিটাৰ উত্তৰ

প্রশ্ন ১৪ l কোনো এটা উৎসৰ পৰা ওলোৱা শব্দ ডাঙৰ বাধা এটাত প্ৰতিফলিত হৈ আকৌ উৎস পাওঁতে 10 ছে. সময়ৰ প্ৰয়োজন। শব্দৰ উৎস আৰু বাধাটোৰ মাজত দূৰত্ব কিমান?

উত্তৰঃ প্ৰশ্নৰ পৰা আমি পাওঁ যে,

উৎসৰ পৰা ওলোৱা শব্দ এটা ডাঙৰ বাধা এটাত প্ৰতিফলিত হৈ আকৌ উৎস পাওঁতে সময় লাগে = 10 ছেকেণ্ড

প্রশ্ন ১৫ l 1/15 ছে. ব্যৱধানত দুটা শব্দ কাণত পৰিলেহে মানুহে শব্দ দুটাৰ পাৰ্থক্য ধৰিব পাৰে। প্ৰতিধ্বনি শুনিবলৈ এজন মানুহ আৰু এখন পাহাৰৰ মাজত সৰ্বনিম্ন দূৰত্ব কিমান হ’ব লাগিব? 

উত্তৰঃ প্ৰতিধ্বনি শুনিবলৈ এজন মানুহ আৰু এখন পাহাৰৰ মাজৰ দূৰত্ব কমেও 16.5 মিটাৰ হ’ব লাগিব ।

প্রশ্ন ১৬ l শুদ্ধ উত্তৰটো বাছি উলিওৱাঁ ।

(ক) বায়ুত শব্দৰ বেগ

1. 330 মি / ছে.। 

2. 360 মি / ছে.।

3. 380 মি / ছে.।

4. 390 মি / ছে.।

উত্তৰঃ 1. 330 মি / ছে.।

(খ) পানীত শব্দৰ বেগ

1. 1200 মি / ছে.। 

2. 1300 মি / ছে.।

3. 1400 মি / ছে.।

4. 1450 মি / ছে.।

উত্তৰঃ 3. 1400 মি /ছে.।

(গ) মানুহৰ শ্ৰাব্য কম্পনাংকৰ পৰিসৰ

1. 20-2000 হার্টজ।    

2. 200 – 200,000 হার্টজ।

3. 20- 20,000 হার্টজ।

4. 20-200,000 হার্টজ।

উত্তৰঃ 20-20,000 হার্টজ।

(ঘ) অশুদ্ধ বাক্যটো হ’ল

1. চেঁচা বায়ুত শব্দৰ বেগ গৰম বায়ুতকৈ বেছি।

2. ঘনত্ব বাঢ়িলে শব্দৰ বেগ বাঢ়ে । 

3. পানীতকৈ পাৰাত শব্দৰ বেগ বেছি।

4. উচ্চ কম্পনাংকৰ শব্দই তীক্ষ্ণ শব্দ সৃষ্টি কৰে।

উত্তৰঃ 1. চেঁচা বায়ুত শব্দৰ বেগ গৰম বায়ুতকৈ বেছি।

প্রশ্ন ১৭ l শুদ্ধ/অশুদ্ধ নিৰ্ণয় কৰাঁ।

(ক) বাদুলিয়ে সৃষ্টি কৰা শব্দ মানুহে শুনে। শুদ্ধ/অশুদ্ধ।

উত্তৰঃ অশুদ্ধ।

(খ) ডাঙৰ বাধাত পৰি প্ৰতিফলিত হোৱা শব্দই প্রতিধ্বনি সৃষ্টি কৰে। শুদ্ধ/অশুদ্ধ।

উত্তৰঃ শুদ্ধ।

(গ) চন্দ্ৰ পৃষ্ঠতো দুজন মানুহে কথা পাতিব পাৰে। শুদ্ধ/অশুদ্ধ

উত্তৰঃ অশুদ্ধ।

(ঘ) সকলো বস্তুৱে কম-বেছি পৰিমাণে শব্দ প্রতিফলিত কৰে। শুদ্ধ/অশুদ্ধ। 

উত্তৰঃ অশুদ্ধ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top