Assam Jatiya Bidyalay Class 7 Science Chapter 7 গতি, ভৰ আৰু ঘৰ্ষণ (১) গতি

Assam Jatiya Bidyalay Class 7 Science Chapter 7 গতি, ভৰ আৰু ঘৰ্ষণ (১) গতি, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় বিজ্ঞান Class 7 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Class 7 Science Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 7 Science Chapter 7 গতি, ভৰ আৰু ঘৰ্ষণ (১) গতি Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The provided here ensures a smooth and easy understanding of all the concepts. Assam Jatiya Bidyalay Class 7 Science Chapter 7 গতি, ভৰ আৰু ঘৰ্ষণ (১) গতি Understand the concepts behind every chapter and score well in the board exams.

(১) গতি

Chapter -7

ASSAM JATIYA VIDYALAYA

অসম জাতীয় বিদ্যালয়

প্রশ্ন ১ l (ক) স্থিৰ বস্তু কিছুমানৰ নাম লিখাঁ।

উত্তৰঃ গছ-গছনি, ঘৰ-দুৱাৰ, পাহাৰ-পৰ্বত ইত্যাদি ।

(খ) গতিশীল বস্তু কাক কয়? কেইটামান উদাহৰণ দিয়াঁ। 

উত্তৰঃ গতিশীল বস্তু : যিবোৰ বস্তুৰ সময়ৰ লগে লগে স্থানৰ পৰিবৰ্ত্তন হৈ থাকে সেইবোৰ বস্তুক গতিশীল বস্তু বোলা হয়।

উদাহৰণ : জীৱ-জন্তু, যান-বাহন, গছৰ ফল, পানী ইত্যাদি।

(গ) গতি সম্পর্কে কোনে পোন প্রথমতে বিস্তৃত অধ্যয়ন কৰিছিল? 

উত্তৰঃ গতি সম্বন্ধে ছাৰ আইজাক নিউটনে পোন প্রথমে বিশদভাৱে অধ্যয়ন কৰিছিল।

প্রশ্ন ২ l সুষম আৰু অসুষম গতি কাক বোলে? প্ৰায় সুষম বেগৰ চাৰিটা আৰু অসুষম বেগৰ চাৰিটা উদাহৰণ দিয়া ।

উত্তৰঃ সুষম গতি : সমান সমান সময়ত সমান সমান দূৰত্ব অতিক্ৰম কৰা গতিক সুষম গতি বোলে। 

উদাহৰণ : (i) ঘড়ীৰ কাটাৰ গতি। 

(ii) পৃথিৱীৰ গতি।

(iii) চন্দ্ৰৰ গতি।

(iv) দোলক ঘড়ীৰ দোলক দণ্ডৰ গতি ।

অসুষম গতি : সমান সমান সময়ত কোনো বস্তুৱে সমান সমান দূৰত্ব অতিক্রম নকৰিলে তেনেকুৱা গতিক অসুষম গতি বোলে।

উদাহৰণ : (i) চৰাইৰ গতি।

(ii) আমাৰ খোজৰ গতি।

(iii) মটৰ গাড়ীৰ গতি।

(iv) ৰেলগাড়ীৰ গতি।

প্রশ্ন ৩l শুদ্ধ/অশুদ্ধ নিৰূপণ কৰা ।

(অ) ঘূৰি থকা বৈদ্যুতিক পাংখা এখনৰ দ্ৰুতি অসুষম। শুদ্ধ/অশুদ্ধ। 

উত্তৰঃ শুদ্ধ।

(আ) কলৰ পৰা ওলাই থকা জলধাৰাৰ বেগ অসুষম। শুদ্ধ/অশুদ্ধ।

উত্তৰঃ অশুদ্ধ।

(ই) বৈ থকা বায়ুৰ গতি সুষম। শুদ্ধ/অশুদ্ধ।

উত্তৰঃ অশুদ্ধ।

(ঈ) পৰ্বতৰ পৰা বৈ অহা জুৰিৰ গতি সুষম। শুদ্ধ/অশুদ্ধ।

উত্তৰঃ অশুদ্ধ।

প্রশ্ন ৪ l দ্রুতি কাক বোলে? ঘূর্ণী বতাহৰ বেগ 50 কিঃমিঃ/ঘ. মানে কি বুজা? 

উত্তৰঃ দ্ৰুতি : কোনো বস্তুৱে একক সময়ত অতিক্ৰম কৰা দূৰত্বক দ্ৰুতি বোলে। ঘূর্ণী বতাহৰ বেগ 50 কিঃমিঃ/ঘণ্টা মানে হ’ল ঘূর্ণী বতাহে এক ঘণ্টাত 50 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰে।

প্রশ্ন ৫l (ক) মটৰ গাড়ী এখনে 4 ঘণ্টাত 185 কি.মি. দূৰত্ব অতিক্ৰম কৰে।গাড়ীখনৰ দ্ৰুতি কিমান?

(খ) গড় দ্রুতি কাক বোলে? দুটা মটৰ ষ্টেচনৰ মাজৰ দূৰত্ব 15 কি.মি.। মটৰ গাড়ী এখনে এটা ষ্টেচনৰ পৰা যাত্ৰা আৰম্ভ কৰি 5 মিনিট আনটো ষ্টেচনত থাকি পুনৰ আগৰ ষ্টেচনলৈ ঘূৰি আহে। যাত্ৰাৰ মুঠ সময় আধা ঘণ্টা হ’লে গাড়ীখনৰ গড় দ্রুতি কিমান?

উত্তৰঃ গড় দ্রুতি : অসুষম দ্ৰুতিত গতি কৰা বস্তু এটাই অতিক্ৰম কৰা মুঠ দূৰত্বক মুঠ সময়ৰে হৰণ কৰিলে যি ৰাশি পোৱা যায় তাকে গড় দ্রুতি বোলে। 

প্ৰথম ষ্টেচনৰ পৰা দ্বিতীয় ষ্টেচনৰ দূৰত্ব = 15 কিঃমিঃ । 

এবাৰ গ’ল আৰু পুনৰ ঘূৰি আহিল, গতিকে অতিক্ৰম কৰা 

মুঠ দূৰত্ব = (15 +15) কিঃমিঃ 

              = 30 কিঃমিঃ

গতিকে, মটৰ গাড়ীখনে অতিক্রম কৰা দুৰত্ব = (15+15) কিঃমিঃ

                                                                  = 30 কিঃমিঃ

গাড়ীখনে যাত্রা কৰোতে লোৱা মুঠ সময় ঘণ্টা = 1/2 ঘণ্টা

(গ) এখন মটৰ গাড়ীৰ দ্ৰুতি 40 কি.মি./ঘণ্টা হ’লে-

(ক) প্রতি মিনিটত।

(খ) প্রতি ছেকেণ্ডত দ্রুতি নির্ণয় কৰাঁ।

(ঘ) এডাল লতা গছৰ আগটো বৃদ্ধি হৈ 24 ঘণ্টাত 3 ছে.মি. ওপৰলৈ উঠে। প্ৰতি ঘণ্টাত আগটোৰ বৃদ্ধিৰ বেগ উলিওৱা । 

উত্তৰঃ লতা গছৰ আগটোৰ প্ৰতি ঘণ্টাত বৃদ্ধিৰ বেগ =

প্রশ্ন ৬ l এখন ঠাইৰ পৰা আন এখন ঠাইৰ দূৰত্ব 180 কিঃমিঃ। চৰকাৰী বাছ এখন ষ্টেচনবোৰত ৰৈ ৰৈ অসুষম বেগেৰে যাওঁতে 5 ঘণ্টা লাগিল। বাছখনৰ গড় বেগ কিমান?

প্রশ্ন ৭ l এখন ঠাইৰ পৰা আন এখন ঠাইলৈ যাওঁতে গাড়ীৰ স্পিটমিটাৰে 45 কিঃমিঃ ঘণ্টা দ্রুতি দেখুৱালে। যাত্ৰাৰ বাবে 15 মিনিট সময়ৰ প্ৰয়োজন হ’লে ঠাই দুখনৰ মাজৰ দূৰত্ব গণনা কৰাঁ ।

উত্তৰঃ 

প্রশ্ন ৮ l (ক) সাধাৰণতে ব্যৱহাৰ কৰা শ্ৰুতিৰ একক হ’ল—

1. ছেঃমিঃ/মিনিট।    

2. মিঃ/ছে।

3. কিঃমিঃ/ঘণ্টা।      

4. মিটাৰ / মিনিট।

উত্তৰঃ 3. কিঃমিঃ/ঘণ্টা।

(খ) সাধাৰণতে ব্যৱহাৰ কৰা অসুষম বেগৰ একক হ’ল-

1. ছেঃমিঃ/মিনিট।    

2. মিটাৰ ছেকেণ্ড।     

3. কিঃমিঃ/ঘণ্টা।

4. মিঃ/মিনিট।

উত্তৰঃ 3. কিঃমিঃ/ঘণ্টা।

প্রশ্ন ৯ l চিত্ৰটো চোৱাঁ ।

AB য়ে প্ৰথম চোৱা আৰু BC য়ে দ্বিতীয় চোৱা দূৰত্ব সূচাইছে। প্রত্যেক অংশত বন্ধনীৰ ভিতৰৰ প্ৰথম ৰাশিটোৱে (যেনে, X, 2X, আদি) দূৰত্ব আৰু দ্বিতীয় ৰাশিয়ে (যেনে, T, 2T আদিয়ে) সময় সূচাইছে। ক, খ, গৰ কোনটো/ কোনবোৰ অসুষম? 

উত্তৰঃ (ক) অসুষম।

(খ) সুষম।

(গ) অসুষম।

(২) জড়তা আৰু জড়

প্রশ্ন ১ l বস্তুৰ জড়তা কি? জড়তা কেই প্ৰকাৰৰ?

উত্তৰঃ বস্তুৱে নিজৰ স্থিতিশীল বা গতিশীল অৱস্থা একে ৰাখিব বিচাৰে। এই ধৰ্মটোৰ নাম জড়তা।

জড়তা দুই প্ৰকাৰৰ – 

(ক) স্থিতি জড়তা। আৰু 

(খ) গতি জড়তা। 

প্রশ্ন ২ l স্থিতি জড়তা আৰু গতি জড়তা কাক বোলে? প্রত্যেকৰে দুটাকৈ উদাহৰণ দিয়াঁ।

উত্তৰঃ স্থিতি জড়তা – স্থিতিশীল বস্তুৰ একে ঠাইতে ৰৈ থাকিব বিচৰা ধৰ্মটোক স্থিতি জড়তা বোলে।

উদাহৰণ : (i) বাছ এখন হঠাৎ চলাই দিলে আৰোহী এজনৰ মূৰটো পিছপিনে হালি যায়। আৰোহীজনৰ শৰীৰৰ তল অংশ বাছত লাগি থাকে। বাছখন চলিলে তলৰ অংশটোৱে গতি লাভ কৰে। কিন্তু ওপৰৰ অংশটো স্থিতি জড়তাৰ কাৰণে আগৰ ঠাইতে থাকিবলৈ বিচাৰে। সেইবাবে মূৰটো পিছপিনে হানি যায়।

(ii) মাৰি এডালেৰে কোট এটা কোবালে কোটটো আঁতৰি যায়। কিন্তু ধূলিৰ কণিকাবোৰ নিজৰ ঠাইতে থাকিব বিচৰা বাবে কোটৰ পৰা বিচ্ছিন্ন হৈ তললৈ সৰি পৰে।

গতি জড়তা : গতিশীল বস্তু এটা একেদৰে গৈ থাকিব বিচৰা ধৰ্মটোক গতি জড়তা বোলে।

উদাহৰণ : (i) গৈ থকা গাড়ী এখন তৎক্ষণাৎ বৈ গ’লে আৰোহীজন আগফালে হালি যায়। শৰীৰৰ তলৰ অংশটো গাড়ীৰ লগতে ৰৈ যায় আৰু গতি জড়তাৰ বাবে ওপৰ অংশ আগফালে হালি যায়।

(ii) গৈ থকা মটৰ গাড়ী এখনৰ ইঞ্জিনটো বন্ধ কৰি দিলে গাড়ীখন অলপ দূৰ গৈ থাকে। গতি জড়তাৰ কাৰণে এনে হয়।

প্রশ্ন ৩ l বাছ এখন হঠাৎ চলাই দিলে আৰোহী এজনৰ মূৰটো কিয় পিছপিনে হালি যায় ব্যাখ্যা কৰা। 

উত্তৰঃ আৰোহীজনৰ শৰীৰৰ তলৰ অংশ বাছত লাগি থাকে। বাছখন চলিলে তলৰ অংশটোৱে গতি লাভ কৰে। কিন্তু ওপৰৰ অংশটো স্থিতি জড়তাৰ কাৰণে আগৰ ঠাইতে থাকিবলৈ বিচাৰে। সেইবাবে মূৰটো পিছপিনে হালি যায় । 

প্রশ্ন ৪ l গৈ থকা বাছ এখন হঠাৎ ৰখাই দিলে আৰোহী এজন কিয় আগফালে হালি যায় ব্যাখ্যা কৰা।

উত্তৰঃ 

গৈ থকা বাছ এখন হঠাৎ ৰখাই দিলে আৰোহীজন আগফালে হালি যায়। কাৰণ তলৰ অংশটো গাড়ীৰ লগতে ৰৈ যায় আৰু গতি জড়তাৰ বাবে ওপৰ অংশ আগফালে হালি যায়।

প্রশ্ন ৫ l স্থিতি জড়তাৰ পৰীক্ষা এটা বৰ্ণনা কৰাঁ। 

উত্তৰঃ এটা গিলাচৰ ওপৰত মুখখনতকৈ অলপ ডাঙৰ কাৰ্ড ব’ৰ্ড এখন থৈ তাৰ সোঁমাজত এটা মুদ্রা থোৱা হয়। কাগজখনত টোকৰ এটা মাৰিলে কাৰ্ড ব’ৰ্ডখন আঁতৰি যাব আৰু মুদ্ৰাটো গিলাচৰ ভিতৰত সোমাই পৰিব । বল প্রয়োগ কৰাত কাগজখন আঁতৰি যায়। স্থিতি জড়তাৰ কাৰণে মুদ্ৰাটো নিজৰ ঠাইতে থাকিব বিচাৰে। তদুপৰি মুদ্ৰাটো দৃঢ়ভাৱে কাগজত লাগি নাথাকে। স্থিতি জড়তাৰ বাবে মুদ্ৰাটো কাগজৰ পৰা বিচ্ছিন্ন হৈ গিলাচটোত সোমাই পৰে।

প্রশ্ন ৬ l পদাৰ্থৰ ভৰ মানে কি? সমান ব্যাসৰ লোহাৰ বল এটাৰ ভৰ কিয় কাঠৰ বল এটাতকৈ বেছি?

উত্তৰঃ বস্তুত থকা পদাৰ্থৰ পৰিমাণকে ভৰ বোলে।

সমান ব্যাসৰ এটা লোহাৰ বল আৰু এটা কাঠৰ বলৰ আয়তন সমান। আয়তন একে হ’লেও লোহাৰ বলটো কাঠৰ বলটোতকৈ বেছি গধূৰ। তাৰ অৰ্থ হ’ল যে লোহাৰ বলটোত বেছি পদার্থ আছে।

প্রশ্ন ৭ l ব্যাখ্যা কৰা : জড়তা ভৰৰ সমানুপাতিক। 

উত্তৰঃ একে আয়তনৰ লোহাৰ টুকুৰা আৰু কাঠৰ টুকুৰা দুটাৰ লোহাৰ টুকুৰাটোক গতি দিবলৈ বেছি বলৰ প্ৰয়োজন হয়। লোহা টুকুৰাৰ ভৰ বেছি আৰু সেইবাবে স্থিতি জড়তা বেছি। স্থিতি জড়তা বেছি আৰু সেইবাবে অধিক বলব প্ৰয়োজন হৈছে। কাঠ টুকুৰাৰ ভৰ কম বাবে স্থিতি জড়তা কম।

সেইদৰে, ক্ৰিকেট খলত বেটেৰে কোবোৱা বলটো তুলনামূলকভাৱে সহজে ৰখাব পাৰি। আনহাতে, ইঞ্জিনে চলোৱা ট্রাক এখন ৰখাবলৈ বহুত বলৰ প্ৰয়োজন। ক্রিকেট বলটোৰ ভৰ কম, গতিকে জড়তা কম। গতি জড়তা কম বাবে সহজে ধৰিব পাৰি। চলিত ট্ৰাকখনৰ ভৰ যথেষ্ট বেছি হোৱা কাৰণে গতি জড়তাও যথেষ্ট। সেইবাবে ট্রাকখন ৰখাবলৈ বিপৰীত দিশত যথেষ্ট বলৰ প্রয়োজন।

ওপৰত দিয়া উদাহৰণবোৰে দেখুৱায় যে, কম ভৰৰ স্থিতি জড়তা আৰু গতি জড়তা কম হয়। বেছি ভৰৰ স্থিতি জড়তা আৰু গতি জড়তা বেছি হয় অর্থাৎ জড়তা ভৰৰ সমানুপাতিক। বেছি ভৰৰ জড়তা বেছি, কম ভৰৰ জড়তা কম। 

প্রশ্ন ৮ l ভৰ জোখা তুলাচনী এখনৰ সাধাৰণ চিত্র আঁকি বৰ্ণনা কৰা।

উত্তৰঃ 

ভৰ জোখা তুলাচনী : দণ্ড তুলা এখনত ধাতুৰ দৃঢ় গোটা দণ্ড এডালৰ দুই মূৰত সমান ওজনৰ দুখন তুলাপাত দুডাল হেঙাৰৰ দ্বাৰা ওলোমোৱা থাকে। দণ্ডডালৰ সোঁমাজত এটা শিৰ থাকে। থিয়ভাৱে এটা খুঁটিৰ ওপৰত থকা টান শিলৰ সৰু প্লেট এখনৰ ওপৰত শিৰটো ৰৈ থাকে। দণ্ডডালৰ সোঁমাজত এডাল দীঘলীয়া সূচকশলা আটক কৰি ৰখা হয়। শলাডালৰ তলপিনৰ জোঙাল মূৰটো এডাল সৰু ঘৰ থকা স্কেলৰ ওপৰেৰে অহা-যোৱা কৰিব পাৰে।

তুলাপাতত কোনো বস্তু নথকা অৱস্থাত শলাডালৰ মূৰটো স্কেলডালৰ সোঁমাজত থাকে। দণ্ডডালৰ সোঁমাজৰ পৰা দুয়ো মূৰলৈ দূৰত্ব সমান। দণ্ড তুলাচনীখন ব্যৱহাৰ নকৰা অৱস্থাত তলপিনে থকা হেণ্ডেল আৰু লিভাৰ ব্যৱস্থাৰে দণ্ডডাল প্লেটফ মৰ পৰা ওপৰলৈ উঠাই থ’ব পাৰি যাতে শিল টুকুৰা ভোটা নহয়। 

প্রশ্ন ৯ l (ক) পদার্থ এবিধৰ ঘনত্ব কাক বোলে? ঘনত্বৰ এটা একক উল্লেখ কৰা । 

উত্তৰঃ ঘনত্ব : কোনো পদাৰ্থৰ একক আয়তনৰ ভৰক ঘনত্ব বোলে।

(খ) পাৰাৰ ঘনত্ব 13.6 গ্রা/ঘন ছেমি মানে কি?

উত্তৰঃ পাৰাৰ ঘনত্ব 13.6 গ্রাম/ঘন ছেমি মানে হ’ল এক ঘন ছেমি আয়তনত 13.6 গ্ৰাম পাৰা থাকে।

(গ) দুবিধ বস্তুৰ ঘনত্ব উল্লেখ কৰা ।

উত্তৰঃ লোৰ ঘনত্ব = 7.5 গ্রাম / ঘন ছেমি.।

পাৰাৰ ঘনত্ব = 13.6 গ্রাম/ঘন ছেমি.।

প্রশ্ন ১০ l একে ব্যাসৰ এটা এলুমিনিয়াম বলতকৈ এটা লোহাৰ বল 3 গুণে বেছি গধূৰ। লোহাৰ বলটোতকৈ একে ব্যাসৰ সোণৰ বল এটা 7 গুণে বেছি গধূৰ । 

এলুমিনিয়াম, লোহা আৰু সোণৰ বলকেইটাৰ ভৰৰ মাজত সম্পর্ক কেনে হ’ব?

উত্তৰঃ এলুমিনিয়াম বলটোৰ ভৰ আটাইতকৈ কম অর্থাৎ 1 গুণ। লোহাৰ বলটোৰ ভৰ হ’ব 3 গুণ ।

প্রশ্ন ১১ l কাচৰ ঘনত্ব 2.5 গ্রাম / ঘন ছেমি.। ইয়াক এছ আই এককত (কিগ্রা/ ঘন মি.এককত) প্ৰকাশ কৰা।

উত্তৰঃ কাঁচৰ ঘনত্ব = 2.5 গ্রাম/ঘন ছেমিঃ

প্রশ্ন ১২ l ভুল/শুদ্ধ নিৰূপণ কৰাঁ ।

(ক) এটা ৰঙালাউৰ স্থিতি জড়তা এটা অণুৰ স্থিতি জড়তাতকৈ কম। ভুল/শুদ্ধ।

উত্তৰঃ ভুল।

(খ) এটা শগুণৰ গতি জড়তা এটা কাউৰীৰ গতি জড়তাতকৈ বেছি। ভুল/শুদ্ধ।

উত্তৰঃ শুদ্ধ ।

(গ) 2 কি.গ্ৰা. চাউলত থকা পদাৰ্থৰ পৰিমাণ 2 কিগ্রা. লোহাত থকা পদাৰ্থৰ পৰিমাণতকৈ কম। ভুল/শুদ্ধ।

উত্তৰঃ ভুল।

(ঘ) ৰৈ থকা বস্তু কেতিয়াবা নিজে নিজে গতিশীল হ’ব পাৰে। ভুল শুদ্ধ।

উত্তৰঃ ভুল।

(ঙ) বল প্রয়োগ কৰিলেহে গতিৰ অৱস্থাৰ সলনি হয়। ভুল/শুদ্ধ।

উত্তৰঃ শুদ্ধ।

(৩) ঘর্ষণ

প্রশ্ন ১ l মজিয়াৰ ওপৰেদি বগৰাই দিয়া মাৰ্বল এটা কিছু দূৰ গৈ ৰৈ যায় কিয় ব্যাখ্যা কৰা।

উত্তৰঃ মজিয়াৰ ওপৰেদি মাৰ্বল এটা বগৰাই দিলে মাৰ্বলটোৱে গতি জড়তা লাভ কৰে। কিন্তু কিছুদূৰ গৈ ৰৈ যায়। কাৰণ মজিয়াখন ওখোৰা-মোখোৰা। কমকৈ হ’লেও মাৰ্বলৰ পিঠিখনো ওখোৰা-মোখোৰা। ওখোবা মোখোৰা পিঠিয়ে ঘইনিৰ সৃষ্টি কৰে। ঘৰ্ষণৰ ফলত ঘর্ষণ বলৰ সৃষ্টি হয়।

মাৰ্বলটোৱে মজিয়াখনৰ চুই থকা ঠাইত ঘঁহনি খায়। ঘৰ্ষণে মাৰ্বলটোৰ গতিৰ বিৰোধিতা কৰে। তাৰ ফলত ইয়াৰ গতি কমে আৰু অৱশেষত মাৰ্বলটো ৰৈ যায়।

প্রশ্ন ২ l (ক) আৱৰ্তন বা ঘূর্ণী ঘর্ষণ কাক বোলে?

উত্তৰঃ আৱৰ্তন বা ঘূর্ণী ঘৰ্ষণ : বাগৰি যোৱা বস্তুৰ ওপৰত যি ঘৰ্ষণ বলে ক্ৰিয়া কৰে তাকে আৱৰ্তন বা ঘূর্ণী ঘর্ষণ বোলে ।

(খ) পিছলা ঘৰ্ষণ কাক বোলে? 

উত্তৰঃ পিছলা ঘৰ্ষণ : এটা বস্তু আন এটাৰ ওপৰেদি পিছলি যাওঁতে উদ্ভৱ হোৱা ঘৰ্ষণক পিছলা ঘৰ্ষণ বুলি কোৱা হয় ।

প্রশ্ন ৩ l কাঠৰ টুকুৰা, যেনে, ডাষ্টাৰ এপাত মেজ এখনত থৈ লাহে লাহে টনা হৈছে। টনা বল লাহে লাহে বঢ়ালে কি হয় ব্যাখ্যা কৰাঁ । 

উত্তৰঃ 

কাঠৰ টুকুৰা, যেনে, ডাষ্টাৰ এপাত সূতাৰে বান্ধি মেজৰ ওপৰত থৈ F₁ বলেৰে লাহে লাহে টনা হৈছে। F₁ বল প্রয়োগ কৰা বাবে টুকুৰাটো পিছলিব বিচাৰে। তেতিয়া মেজখনৰ পিঠি আৰু কাঠৰ পিঠিৰ মাজত ঘৰ্ষণৰ সৃষ্টি হয় F₂ ঘর্ষণ বল। F₁ বলে টানে, F₂ বলে টুকুৰাটো যোৱাত বাধা দিয়ে। টনা বল বাঢ়িলে ঘর্ষণ বল বাঢ়ে। অর্থাৎ জোৰে টানিলে প্রথম অৱস্থাত ঘৰ্ষণ বলেও বেছি বাধা দিয়ে। তাৰ পিছত প্ৰয়োগ বল বাঢ়িলেও ঘর্ষণ বল নাবাঢ়ে। ফলত ডাষ্টাৰ পাত পিছলিবলৈ আৰম্ভ কৰে। 

প্রশ্ন ৪ l সীমান্ত ঘর্ষণ বল কি? স্প্রিং তুলা এখনেৰে কেনেকৈ সীমান্ত ঘর্ষণ বল জুখিব পাৰি পৰীক্ষা এটা বৰ্ণনা কৰাঁ।

উত্তৰঃ 

ঘর্ষণ বলৰ সৰ্বোচ্চ মানক সীমান্ত ঘর্ষণ বল বোলে ।

এটা এক কেজি, ভৰৰ দগা সূতাৰে বন্ধা হয়। সূতাডালৰ আনটো মূব এখন স্প্রিং তুলাচনীত বন্ধা হয়। তুলাচনীৰ আনটো মূৰ লাহে লাহে টানিলে স্কেলৰ ওপৰেদি কাঁটাডালৰ স্থান সলনি হয়। প্রয়োগ বল বঢ়াব লগে লগে ঘর্ষণ বল বৃদ্ধি হয়। দগাটো প্ৰথমতে লৰচৰ নকৰে। প্ৰয়োগ | বল বৃদ্ধি কৰিলে এটা অৱস্থাত কাঁটাডালে গতি নকৰা অৱস্থাৰ সৃষ্টি হয়। তেতিয়া ক্ৰিয়া কৰা ঘৰ্ষণ বলৰ মান সর্ব্বোচ্চ হয়। প্রয়োগ কৰা বল বাঢ়ি থাকিলে এসময়ত সীমান্ত ঘর্ষণ বলতকৈ বেছি হয় আৰু দগাটো পিছলিবলৈ আৰম্ভ কৰে। অৰ্থাৎ প্ৰয়োগ কৰা বল সীমান্ত বলতকৈ বেছি হলে বস্তুটো পিছলিবলৈ আৰম্ভ কৰে।

প্রশ্ন ৫ l ঘর্ষণ বল কিহৰ ওপৰত নিৰ্ভৰ কৰে লিখাঁ ।

উত্তৰঃ (ক) বস্তুৰ ভৰৰ ওপৰত ঘৰ্ষণ বল নিৰ্ভৰ কৰে। 

(খ) পৃষ্ঠ দুখনৰ প্ৰকৃতিৰ ওপৰত ধৰ্ষণ বল নির্ভৰ কৰে। 

প্রশ্ন ৬ l চমু উত্তৰ দিয়াঁ।

(ক) ব্ৰেকৰ ব্যৱহাৰ কেনেকৈ ঘৰ্ষণৰ ওপৰত নিৰ্ভৰ কৰে?

উত্তৰঃ যান-বাহনত ব্ৰেক ব্যৱহাৰ কৰা হয়। ব্ৰেক মাৰিলে চকাৰ ওপৰত ধৰ্ষণ বলৰ উৎপন্ন হয় আৰু চকা ৰৈ যায় ।

(খ) যান-বাহনত চকা ব্যৱহাৰ কৰাৰ পৰা কি সুবিধা পোৱা যায়? 

উত্তৰঃ যান-বাহনত চকা ব্যৱহাৰ কৰা হয়। ৰাস্তাৰ ওপৰেদি চকা চলি যাওঁতে ঘূর্ণী ঘৰ্ষণৰ সৃষ্টি হয়। ঘূৰ্ণী ঘৰ্ষণৰ পৰিমাণ কম কাৰণে চকা সহজে ঘূৰিব পাৰে। 

(গ) মজিয়াত তেল পৰিলে তাৰ ওপৰেদি কিয় খোজ কাঢ়িব নোৱাৰি?

উত্তৰঃ মজিয়াত তেল পৰিলে তাৰ ওপৰেদি খোজ কাঢ়িব নোৱাৰি কাৰণ মজিয়াত তেল পৰিলে মজিয়াখন পিছল হৈ পৰে আৰু তাৰ ওপৰেদি খোজ কাঢ়িলে ভৰি আৰু মজিয়াৰ মাজত ঘৰ্ষণ বলৰ পৰিমাণ কমি যায় ফলত খোজ কাঢ়োতে ভৰিখনৰ পিছফালে প্ৰয়োগ হোৱা বলে পাছলৈ পিছলাই লৈ যায়।

(ঘ) লুব্রিকেটিং বা পিছলকাৰী তেলৰ কাম কি?

উত্তৰঃ লুব্রিকেটিং বা পিছলকাৰী তেলে ঘর্ষণ বল কমায় যাতে যন্ত্ৰপাতিৰ আৰু যান বাহনৰ ক্ষয়-ক্ষতি হ্রাস পায় ।

প্রশ্ন ৭ l বল বিয়াৰিং আৰু ৰ’লাৰ বিয়াৰিং; কাক কয় ব্যাখ্যা কৰা।

উত্তৰঃ বল বিয়াৰিং : স্থিৰভাৱে ৰখা বিয়েৰিং আৰু ঘূৰিব পৰা ধৰাৰ মাজত খাজ কাটি শাৰীকৈ কিছুমান সৰু সৰু তীখাৰ বল সুমুৱাই গ্রিজ সানি দিয়া হয়। ঘূৰণীয়া বলবোৰৰ ওপৰেদি ধুৰা ঘূৰিবলৈ ধৰে। পিছলা ঘর্ষণ ঘূর্ণী ঘর্ষণলৈ ৰূপান্তৰিত হয়। ঘর্ষণ বল নিচেই কম হৈ পৰে। এনে বিয়েৰিঙক বল বিয়েৰিঙ বোলে। ৰ’লাৰ বিয়েৰিংঃ দীঘল ধুৰাৰ ক্ষেত্ৰত বলৰ সলনি দীঘল সৰু সৰু কিছুমান তীখাৰ দণ্ড ব্যৱহাৰ কৰা হয় । এনে বিয়েৰিওক ৰ’লাৰ বিয়েৰিং বোলে।

প্রশ্ন ৮ l বল বিয়েৰিং আৰু ৰ’লাৰ বিয়োৰিঙৰ বিষয়ে দুটা সৰল পৰীক্ষা বৰ্ণনা কৰা । 

উত্তৰঃ বল বিয়েৰিঙৰ পৰীক্ষা : এখন মেজ আৰু এখন গধূৰ কিতাপৰ মাজত চাৰিটা মাৰ্বল থৈ কিতাপখন লাহেকৈ ঠেলি দিয়া হ’ল। কম বলতে কিতাপখনৰ গতি আৰম্ভ হয়। ইয়াত তীখাৰ বলৰ সলনি মাৰ্বল ব্যৱহাৰ কৰা হয়। ঘূৰণীয়া মাৰ্বলবোৰৰ ওপৰেদি কিতাপখন পিছলিবলৈ আৰম্ভ কৰে। পিছলা ধৰ্ষণ ঘূর্ণী ঘৰ্ষণলৈ ৰূপান্তৰিত হয়।

ৰ’লাৰ বিয়েৰিঙৰ পৰীক্ষা : এখন মেজ আৰু এখন গধূৰ কিতাপৰ মাজত দুডাল দীঘল পেঞ্চিল দিয়া হ’ল। ইয়াতো কম বলতে কিতাপখনৰ গতি আৰম্ভ হয়। ইয়াত পেঞ্চিল ডালে ৰ’লাৰ বিয়োৰিঙৰ কাম কৰে। পেঞ্চিলডালৰ ওপৰেদি কিতাপখন পিছলিবলৈ আৰম্ভ কৰে আৰু পিছলা ধৰ্ষণ ঘূর্ণী ঘৰ্ষণলৈ ৰূপান্তৰিত হয়। 

প্রশ্ন ৯ l ৰৈ থকা মাৰ্বল এটালৈ আন এটা মাৰ্বল মাৰি পঠিওৱা হৈছে। 

(ক) মাৰ্বল দুটাৰ কি হয় লিখাঁ।

উত্তৰঃ ৰৈ থকা মাৰ্বলটোক আন এটা মার্কলে খুন্দিওৱাৰ ফলত পিছৰ মাৰ্বলটোৱে গতি পাইছে। ইয়াৰ কাৰণ হ’ল ৰৈ থকা মাৰ্বলটোৰ ওপৰত আনটো মাৰ্বলে দিয়া হেঁচা। খুদা খোৱাৰ পিছত প্ৰথম মালটোৰ গতিও সলনি হয়। বৈ থকা মাৰ্বলটোৱে খুন্দিওৱা মালটোৰ ওপৰত দিয়া প্ৰতি হেঁচাৰ বাবে প্ৰথম মাৰ্বলটোৰ গতি সলনি হয়।

(খ) ক্ৰিয়া আৰু প্ৰতিক্ৰিয়াই ক’ত ক্ৰিয়া কৰে?

উত্তৰঃ বৈ থকা মাৰ্বলটোৰ ওপৰত মাৰি পঠিওৱা মাৰ্বলটোৱে ক্ৰিয়া কৰে আৰু মাৰি পঠিওৱা মাৰ্বলটোৱে অর্থাৎ দ্বিতীয় মাৰ্বলটোৱে প্ৰথমটোৰ ওপৰত প্ৰতিক্ৰিয়া কৰে।

(গ) ক্ৰিয়া আৰু প্ৰতিক্ৰিয়া বলৰ সম্বন্ধ কি?

উত্তৰঃ এটা বস্তুৱে দ্বিতীয় এটা বস্তুৰ ওপৰত বল প্রয়োগ কৰিলে, দ্বিতীয়টোৱেও প্ৰথমটোৰ ওপৰত এটা বল প্রয়োগ কৰে। প্ৰথম বলটোক ক্ৰিয়া আৰু দ্বিতীয় বলটোক প্রতিক্রিয়া বোলা হয়।

প্রশ্ন ১০ l ব্যাখ্যা কৰা।

(ক) বঠা মাৰিলে কিয় নাও চলে?

উত্তৰঃ নাৱৰীয়াই পানীক যিটো দিশত হেঁচে, নাওখন তাৰ বিপৰীত দিশত যায়,বঠাই পানী যিটো দিশত হেঁচে, পানীয়ে বঠা আৰু নাওখনক তাৰ বিপৰীত . দিশত হেঁচে। হেঁচা আৰু প্ৰতি হেঁচাৰ বাবে নাও চলাব পাৰি। 

(খ) আমি খোজ কঢ়া কিয় সম্ভৱ হয়?

উত্তৰঃ খোজ কাঢ়োতে আমি পৃথিৱীক পিছলৈ ঠেলি দিওঁ। এয়া হ’ল ক্রিয়া। পৃথিৱীয়ে আমাক সমান বলেৰে আগলৈ ঠেলি দিয়ে। এইটো প্ৰতিক্ৰিয়া। এই ক্রিয়া আৰু প্ৰতিক্ৰিয়াৰ বাবে আমি খোজ কঢ়া সম্ভৱ হয়।

(গ) ৰকেট মহাকাশলৈ নিক্ষেপ কৰা কিয় সম্ভৱ হয়? বায়ুহীন ঠাইতো জেট বিমান কিয় চলিব পাৰে?

উত্তৰঃ ক্ৰিয়া আৰু প্ৰতিক্ৰিয়াৰ বাবে ৰকেট ওপৰলৈ উঠে। ৰকেটৰ ইঞ্জিনে প্ৰচণ্ড বেগেৰে গেছখিনি তললৈ উলিয়াই দিয়াটো ক্রিয়া। গেছখিনিয়ে বটেটোক ওপৰলৈ ঠেলি দিয়াটো প্রতিক্রিয়া।

জেট বিমানো ক্ৰিয়া আৰু প্ৰতিক্ৰিয়াৰ বাবে ওপৰলৈ উঠে। ওপৰলৈ উঠি যাওঁতে জেট বিমানখনে বায়ুৰ বাধা পায়। বায়ুহীন অৱস্থাত বাধা কম পায় আৰু সেই বাবে বায়ুহীন অৱস্থাত বেছি সুকলমে চলিব পাৰে ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top